নতুন দিল্লী, ২৪ অক্টোবৰ: নিজৰ পাৰমাণৱিক শক্তি শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ’ল ভাৰত। খবৰ অনুসৰি বিশাখাপট্টনমৰ উপকূলত নৌসেনাই দেশৰ চতুৰ্থখন পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলিষ্টিক মিছাইল ছাবমেৰিন (SSBN) উন্মোচন কৰে(Nuclear Powered Ballistic Missile Submarine)। ছাবমেৰিনখনৰ উন্মোচন উপলক্ষ্যে বিশাখাপট্টনমৰ জাহাজ নিৰ্মাণ কেন্দ্ৰত(Shipbuilding Centre) এক কাৰ্যসূচীৰো আয়োজন কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, তেলেংগানাৰ বিকাৰবাদ জিলাৰ দমাগুণ্ডামত ভিএলএফ ৰাডাৰ ষ্টেচনৰ আধাৰশিলা স্থাপনৰ এদিন পিছতে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। চলিত বৰ্ষৰ আগষ্ট মাহত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defense Minister Rajnath Singh) এছ এছ বি এন আৰিঘাট(INS Arighat)ক নৌসেনাক গতাই দিছিল।
শত্ৰুৰ সৈতে মোকাবিলা কৰাত ছাবমেৰিনে বিশেষ ভূমিকা পালন কৰে বুলি উল্লেখ কৰি নৌসেনাৰ এগৰাকী বিষয়াই কয় যে এই ছিৰিজৰ চতুৰ্থখন চাবমেৰিন আই এন এছ অৰিধমান অহা বছৰৰ ভিতৰত সাজু হৈ উঠিব। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শত্ৰুপক্ষক প্ৰতিহত কৰাত ছাবমেৰিনখনে শক্তিশালী ভূমিকা পালন কৰিব বুলিও বিষয়াগৰাকীয়ে কয়।
নিৰাপত্তাৰ বাবে পাৰমাণৱিক ছাবমেৰিনক সাধাৰণতে ইয়াৰ প্ৰাৰম্ভিক ক’ডত দিয়া নামেৰেহে নামাকৰণ কৰা হয়। এই ক্ৰমত আই এন এছ চক্ৰৰ নাম ‘S1’, অৰিহন্তক S2, অৰিঘাটক S3 আৰু অৰিধমানক S4 হিচাপে ক’ড দিয়া হৈছে। শেহতীয়াকৈ উৎক্ষেপণ কৰা ছাবমেৰিনখনক S4 ক’ডেৰে নাম দিয়া হৈছে(INS S4)। অৱশ্যে অতি সোনকালে এইখন ছাবমেৰিনৰ চৰকাৰী নাম দিয়া হ’ব।
এই বিলাক কথাৰ আঁৰত খৃষ্টান বেপটিষ্ট মিছনেৰীসকলৰ অৱদান অনস্বীকাৰ্য ।সেই ইতিহাস বিলাকো পাহৰিলে নচলিব। ইংৰাজ সকলেই অসমীয়া ভাষাৰ ব্যাকৰণো ৰচনা কৰিছিল(Six Indian Languages)। সেইটোও আমি কব লাগিব। আমেৰিকান বেপ্তিষ্ট মিছনেৰী মাইলছ ব্ৰনছনৰ অসমীয়া অভিধান প্ৰস্তুত কৰাৰ কথা সৰ্বজনবিদিত। এই বিলাক কথা সকলোৱেই স্বীকাৰ কৰিব। কিন্তু সেইখিনি আছিল পৰাধীন ভাৰতৰ ইতিহাসৰ টুকুৰা খবৰ।
স্বাধীনতাৰ পিছত অসমৰ ভাষা সাহিত্যৰ বিকাশৰ কথা অলপ পৃথক। ১৯৬০ চনত অসমৰ ৰাজ্য ভাষা আইন তৈয়াৰ হ’ল।কিন্তু দুৰ্ভাগ্যজনকভাবে আজিও ৰাজ্যৰ সকলো ক্ষেত্ৰতে সৰ্বান্তৰে ৰাজ্য ভাষা অসমীয়াৰ প্ৰয়োগ দেখা নাই। পূৰ্বতে কৈছো ভাষা আন্দোলনৰ কথা, শ্বহীদৰ কথা। স্কুল- কলেজ,অফিচ-আদালতত অথবা ৰাজহুৱা জীৱনৰ বিভিন্ন স্তৰৰ বিভিন্ন ক্ষেত্ৰত অসমীয়া(Assames) ভাষাৰ ব্যৱহাৰ বৰ দুৰ্ভাগ্যজনক ভাবে অৱহেলিত।
১৯৭২চনত মাধ্যম আন্দোলন হৈছিল আৰু অসমৰ জনগণে ভাবিছিল অসমৰ সকলোতেই অসমীয়া ভাষা মাধ্যম ৰূপে ব্যৱহৃত হব।কিন্তু নহ’ল(Sanskrit)।অসমৰ মুখ্যমন্ত্ৰীৰ গাদীত সৰ্বানন্দ সোণোৱাল থাকোতেই অসমৰ ৰাজ্য ভাষা আইন সংশোধন কৰি অসমীয়াৰ ৰাজ্য ভাষাৰ মৰ্যাদা অৱনমিত হ’ল।
এটা কথা সকলোৱেই জানে যে মাতৃভাষাই হৈছে উত্তৰণৰ উত্তম পন্থা।সংস্কৃত ভাষা, পালি- প্ৰাকৃত ভাষাক আমি ব্যৱহাৰ কৰিবলৈ এৰিলোঁ। মহাপুৰুষ শংকৰদেৱৰ দিনতে গুৰুজনাই অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বোধগম্য হোৱাকৈ সংস্কৃত ভাষাৰ পৰিবৰ্তে ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছিল বুলি কোৱা হয়, তবে মাগধী অপভ্ৰংশৰ কথা বা আৰ্য মংগোলীয় বা দ্ৰাবিড়, তীব্বত বাৰ্মী ভাষাৰ কথা এতিয়া আমি যেনেকৈ নাভাবো।
কাৰণ আমাৰ কাৰণে ই বুৰঞ্জী বা ইতিহাস। আমি ইহঁতক মৃত ভাষা বুলি কওঁ। কাৰণ আমি এই বিলাক ভাষা সাৰ্বজনীন ভাবে সৰ্বান্তৰে প্ৰয়োগ নকৰো। অসমীয়া ভাষাটো আমি তেনেকুৱাই হওক বুলি কামনা নকৰো। আমি কৈছো অসমীয়া ভাষা দীৰ্ঘজীৱী হওক।
যেনেকৈ মৃত্যুৰ সময়তো ফৰাচী ভাষাৰ শিক্ষক এম হেমেলে ছাত্ৰ-ছাত্ৰীসকলক কৈছিল ক’লা বৰ্ড খনত লিখি দিছিল- “Vive la france.” Alphonse Daudetএ তেওঁৰ The Last Lesson টোত এই কথা উল্লেখ কৰিছে। জাতীয় আবেগৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে।জাতীয় আবেগক আঘাত কৰি জাতিক ভাল পাওঁ, ভাষাক ভাল পাওঁ বুলি কোৱা মানুহৰ পৰা সাৱধান নহলে অসমীয়া ভাষাৰ অথবা অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষিত নহব। ই ইতিহাসৰ আহ্বান।
অসমৰ অসমীয়া জাতিৰ অসমীয়া ভাষাৰ কাৰণে প্ৰাণ হেৰুৱাইছিল বহুতেই, আমি কি কৰিছো তেওঁলোকৰ কাৰণে! মহাপুৰুষ শংকৰদেৱৰ কাৰণে মহাপুৰুষ মাধৱদেৱৰ কাৰণে, বিষ্ণুপ্ৰসাদ ৰাভাৰ কাৰণে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰণে, পাৰ্বতী প্ৰসাদ বৰুৱাৰ কাৰণে, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, আনন্দ ৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা, আনন্দ চন্দ্ৰ বৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা ইত্যাদিৰ অসমৰ অসমীয়াৰ অসমীয়া ভাষাৰ কাৰণে আমি কি কৰিছো! অসমৰ সকলো জাতি-জনগোষ্ঠীৰ উত্তৰণৰ মান ৰক্ষা কৰি অসম সাহিত্য সভাই কি কৰিছে! অসম চৰকাৰৰ এই ক্ষেত্ৰত দায়িত্বশীল ভাবে জাতিৰ বাবে ভাষাৰ বাবে দায়বদ্ধতাৰে কাম কৰিছো বুলি বুকুত হাতথৈ কব পাৰিবনে!
স্বাধীনতাৰ পিছত আজিও অসমত অসমীয়া ৰাজ্য ভাষাক পূৰ্ণ মৰ্যাদা দিব নোৱাৰিলে! আজিও অসমত অসমীয়া ভাষাক মাধ্যম ৰূপে প্ৰতিষ্ঠিত কৰিব নোৱাৰিলে! অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে অসমীয়া ভাষাৰ লিপি এৰি অন্য লিপি গ্ৰহণ কৰিছে এই ক্ষেত্ৰত অসম চৰকাৰৰ বা অসম সাহিত্য সভাৰ দায় দায়িত্ব একোৱেই নাই নেকি! আজিলৈকে অসমীয়া জাতিৰ এটা সংজ্ঞা নিৰূপণ কৰিব নোৱাৰিলে! অসমৰ চৰকাৰ ,অসম সাহিত্য সভাই ঠেলা-ঠেলি কৰি আছে, কোনেও কান্ধপাতি নলয় দায়িত্ব! কেৱল ক্ষমতা ৰক্ষাৰ বাবে ৰাজনীতিত দেশপ্ৰেম, জাতি প্ৰেম বা ভাষা প্ৰেম নাথাকে।
অসম সাহিত্য সভাৰ জাতি প্ৰেম, দেশ প্ৰেম বা ভাষা প্ৰেম কিমান গম্ভীৰ সেই কথা অসম সাহিত্য সভাৰ শিৱসাগৰৰ ৰংপুৰ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ ভাষণত ড৹ ভূপেন হাজৰিকাৰ দুটামান কথা প্ৰণিধানযোগ্য। তেওঁ কৈছিল- আমি কৰবাত ভুল কৰিলোনেকি যাৰ বাবে আমাৰ পৰা নগালেণ্ড গ’ল,মণিপুৰ গ’ল,ত্ৰিপুৰা গ’ল, অৰুণাচল গ’ল, মিজোৰাম গ’ল আৰু মেঘালয় গুচি গ’ল! তেওঁ আৰু কৈছিল- অসম সাহিত্য সভাৰ জন্ম হৈছিল এই ৰংপুৰ ক্ষেত্ৰতেই ১৯১৭ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ সভাপতিত্বত ।সেই সভাতেই গ্ৰহণ কৰা প্ৰস্তাৱবোৰ আজিও জীয়া জীয়া যেন লাগি আছে।
এই কথাবোৰ কিন্তু অসম সাহিত্য সভাই বিশ্লেষণ কৰা নাই যেন লাগে। অসমৰ চাৰিসীমা অসমীয়া জাতিৰ দুৰ্গ। আজিও নহল নিৰ্মাণ। এই এনেকুৱাই অৱহেলাৰ কাৰণে শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি পৰ্বত আহোম স্বৰ্গদেউৰ সেনাপতি লাচিত বৰফুকনে মোমাইক কাটিছিল বুলি কোৱা হয়। অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ তেজেৰে ৰাঙলী অসম চুক্তিখন প্ৰায় ৪০ বছৰ অসম চৰকাৰে অৱহেলা কৰিলে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে ন্যায্যতা দিব লগা হ’ল।
Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ;আহত এজন
শ্ৰীনগৰ, ২৪ অক্টোবৰ: জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত বৃহস্পতিবাৰে পুৱা সন্ত্ৰাসবাদীৰ দ্বাৰা এটা আক্ৰমণৰ ঘটনা সংঘটিত হয়(Terror attack in Jammu and Kashmir) । সন্ত্ৰাসবাদীৰ এটা দলে কৰা গুলীচালনাত উত্তৰ প্ৰদেশৰ এজন শ্ৰমিক আহত হোৱা বুলি চৰকাৰী সূত্ৰে জানিব পৰা গৈছে।
যোৱা দেওবাৰে জম্মু কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ এটা নিৰ্মাণস্থলীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ছয়জন প্ৰব্ৰজিত শ্ৰমিক আৰু এজন স্থানীয় চিকিৎসক নিহত(Doctor killed in JK terror attack) হোৱাৰ বিপৰীতে ১৮ অক্টোবৰত শ্বোপিয়ান জিলাত বিহাৰৰ আন এজন শ্ৰমিকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল।
(Cyclone Dana)পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলত ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ‘হাই এলাৰ্ট’ জাৰিছে। সাগৰত যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জাহাজ আৰু বিমান নিয়োগ কৰিছে। ঘূৰ্ণীবতাহৰ ধুমুহা ‘ডানা’ৰ বাবে ইষ্টাৰ্ণ ৰে’লৱেই বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা শুকুৰবাৰে পুৱা ১০ বজালৈ ছিলডা সংমণ্ডলৰ ১৯০খন স্থানীয় ৰে’ল বন্ধ কৰি দিছে।(trains cancelled)বুধবাৰে সন্ধিয়ালৈকে ওড়িশাৰ ১০ লাখ লোকৰ ৩০%তকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। পশ্চিম বংগত ৰাজ্যপালৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। ‘ডানা’ ঘূৰ্ণীবতাহ ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে, যাৰ ফলত ৰাজ্যখনৰ প্ৰায় আধা জনসংখ্যাই ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে।(flights suspended)
ঘূৰ্ণীবতাহ ধুমুহা ডানাৰ আগমনৰ পৰিপ্ৰেক্ষিতত বংগৰ ৰাজ্যপালগৰাকীয়ে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰি কয় যে আমি বৰ্তমান সংকটৰ সময়ত আছো। ঘূৰ্ণীবতাহৰ ধুমুহা ডানা ওচৰ চাপিছে, বংগত আমি বহু ধুমুহাৰ সন্মুখীন হৈছো। আমিও আত্মবিশ্বাস আৰু ধৈৰ্য্যৰে ডানাৰ মুখামুখি হ’ম। (odisha and bengal)
ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কয় যে ঘূৰ্ণীবতাহ ডানাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে সন্ধিয়ালৈকে ১০ লাখ লোকৰ ৩০ শতাংশতকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। মঙলবাৰে চৰকাৰে ১৪খন জিলাৰ পৰা ১০,৬০,৩৩৬ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।(Odisha Chief Minister Mohan Charan Manjhi)
পশ্চিম বংগৰ বতৰ বিজ্ঞান বিভাগে অহা ২৪ আৰু ২৫ অক্টোবৰত উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা, পূৰবা আৰু পশ্চিম মেদিনীপুৰ, ঝাৰগ্ৰাম, কলকাতা, হাওৰা আৰু হুগলী জিলাৰ বিচ্ছিন্ন স্থানত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে।
আই এম ডিয়ে জনোৱা মতে, ২৪ অক্টোবৰৰ নিশাৰ পৰা আৰম্ভ হ’ব এই ঘূৰ্ণীবতাহৰ স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়া আৰু ২৫ অক্টোবৰৰ পুৱালৈকে চলিব। আই এম ডিৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে ঘূৰ্ণীবতাহৰ স্থলভাগৰ সময়ত সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ঘূৰ্ণীবতাহৰ স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়াটো লেহেমীয়া, যিটো সাধাৰণতে ৫-৬ ঘণ্টা সময় লাগে। সেয়ে ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে যেতিয়া ঘূৰ্ণীবতাহটোৱে স্থলভাগত প্ৰৱেশ কৰিব তেতিয়া প্ৰচণ্ড বৰষুণ, বতাহ আৰু ধুমুহাৰ ঢৌৰ শিখৰত উপনীত হ’ব বুলিও তেওঁ কয়।
(yellow alert issued in 14 districts of assam)অসমতো ডানাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা। অসমৰ ১৪খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিনকিনীয়া বৰষুণৰ আৰম্ভ। আনহাতে গুৱাহাটী, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।
BRICS Summit : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ডৰ কোনো স্থান নাই: প্ৰধানমন্ত্ৰী মোদী
নতুন দিল্লী, ২৩ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিকছ সন্মিলনত ভাষণ প্ৰদান কৰে(PM Modi addressed BRICS Summit)। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সমালোচনা কৰি কয় যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই। ১৬ সংখ্যক ব্ৰিকছ সন্মিলন(16th BRICS Summit)ত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পুঁজিৰ বিৰুদ্ধে সবলভাৱে যুঁজিব লাগিব(BRICS Summit)।
#WATCH | Kazan, Russia: At the 16th BRICS Summit, PM Narendra Modi says, "…The BRICS Vaccine R&D Centre launched in 2022 is helping in enhancing the health security of all countries. We will be happy to share India's successful experience in digital health with BRICS partners.… pic.twitter.com/0gYG7TSXsP
ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) কয়, “যুৱক-যুৱতীসকলক উগ্ৰবাদৰ দিশে যোৱাত আমি বাধা দিব লাগিব। ভাৰতে যুদ্ধ নহয়, আলোচনা আৰু কূটনীতিক সমৰ্থন কৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সকলোৰে ঐক্যবদ্ধ আৰু দৃঢ় সমৰ্থনৰ প্ৰয়োজন। এই গুৰুত্বপূৰ্ণ বিষয়টোত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই। বিশ্বই যুদ্ধ, অৰ্থনৈতিক অনিশ্চয়তা, জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ দৰে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সময়ত ব্ৰিকছৰ বৈঠকখন অনুষ্ঠিত হৈছে বুলিও তেওঁ কয়।
#WATCH | 16th BRICS Summit in Kazan, Russia | Prime Minister Narendra Modi says "Special emphasis is being laid on infrastructure in all the BRICS countries. To rapidly increase multimodal connectivity in India, we have created the 'Gatishakti' portal. This has helped in… pic.twitter.com/y4YNKI9ZrM
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত কলে, বিশ্বই এতিয়া উত্তৰ-দক্ষিণ বিভাজন আৰু পূব-পশ্চিম বিভাজনৰ বিষয়ে আলোচনা কৰি আছে। ইয়াৰ ওৰপিও মোদীয়ে কলে, “মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা, খাদ্য সুৰক্ষা, শক্তি সুৰক্ষা, স্বাস্থ্য সুৰক্ষা আৰু জল সুৰক্ষা নিশ্চিত কৰাটো বিশ্বৰ সকলো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। আৰু প্ৰযুক্তিৰ এই যুগত চাইবাৰ ডিপফেক, ভুল তথ্যৰ দৰে নতুন প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছে। এনে সময়ত ব্ৰিকছৰ পৰা সকলোৰে বহু আশা আছে।”
“মই বিশ্বাস কৰোঁ যে ব্ৰিকছে বৈচিত্ৰ্যপূৰ্ণ আৰু সৰ্বাংগীন মঞ্চ হিচাপে সকলো ক্ষেত্ৰতে ইতিবাচক ভূমিকা পালন কৰিব পাৰে। এই ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী জনকেন্দ্ৰিক হ’ব লাগে। আমি বিশ্ববাসীক এটা বাৰ্তা দিব লাগিব যে ব্ৰিকছ এক বিভাজনকাৰী সংগঠন নহয়, বৰঞ্চ ই মানৱতাৰ স্বাৰ্থত কাম কৰে।” ভাষণত এইদৰে কৈ প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধৰ পৰিৱৰ্তে আলোচনা আৰু কূটনীতিৰ প্ৰতি ভাৰতৰ সমৰ্থনক পুনৰবাৰ উল্লেখ কৰে।
#WATCH | 16th BRICS Summit in Kazan, Russia | Prime Minister Narendra Modi says "I want to thank President Putin for the successful organisation of the 16th BRICS Summit. I once again heartily welcome the new colleagues associated with BRICS. In its new form, BRICS represents 40%… pic.twitter.com/ixaZtQWGIe
#WATCH | Kazan, Russia: At the 16th BRICS Summit, PM Narendra Modi says, "In its new form, BRICS is an economy bigger than 30 trillion dollars. BRICS Business Council and BRICS Women Business Alliance have played a special role in increasing our economic cooperation. The… pic.twitter.com/tqURcGvIvH