Home Blog Page 491

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়
12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

কিন্তু তাৰ বাবে পঠনযোগ্য কিতাপও নিয়মীয়াকৈ অসমীয়া ভাষাত প্রকাশ হ’ব লাগিব আৰু সেই কিতাপবোৰ পাঠকৰ হাতত পৰাও ব্যৱস্থা গ্রহণ কৰিব লাগিব প্রকাশকসকলে। তাৰোপৰি, পঠনযোগ্য কিতাপবোৰৰ সমালোচনা বাতৰি কাকত আৰু আলোচনীত প্রকাশ হ’ব লাগিব। বাতৰি কাকত আৰু আলোচনীবোৰত কিতাপৰ সমালোচনা প্রকাশ কৰা দেখা যায়।

এনেধৰণৰ সমালোচনাৰ যোগেদি পাঠকসকলে কিতাপখনৰ বিষয় বস্তুৰ সম্পৰ্কে জানিব পাৰে আৰু কিতাপখন ক্রয় কৰা বা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে। এখন গ্রন্থৰ কথা উল্লেখ কৰিব বিচাৰিছো। গ্রন্থখন নাম হ’ল-ৰাগিণী পূবালী বৰাৰ অনূদিত উপন্যাস “টুৱেলফথ্ ফেইল”(Biographical Drama Film)।

এই গ্রন্থখন অনুৰাগ পাঠকে হিন্দী ভাষাত লিখা গ্রন্থখনৰ পৰা অসমীয়া ভাষালৈ অনুবাদ। অনুৰাগ_পাঠকৰ বহুপঠিত উপন্যাস “টুৱেলফথ্ ফেইল”ৰ আধাৰত বিধু বিনোদ চোপ্ৰাই “টুৱেলফথ্ ফেইল” নামৰ এখন চিনেমাও ২০২৩ চনত নিৰ্মাণ কৰিছিল। লেখকে উপন্যাসখনৰ ‘অনুবাদ কথা’ত উল্লেখ কৰিছে– “…আমি জীবন যুদ্ধৰ পৰাজিত সৈনিক হ’ব খোজা নাই। আমাৰ প্ৰজন্মৰ প্রতিজন যুবক-যুবতীয়েই নিজক যুঁজাৰু সৈনিক হিচাপে চাব খোজোঁ।

প্রয়োজন মাথোন ইতিবাচক পৰিবেশ-পৰিস্থিতিৰ। ইতিবাচক জীৱনৰ সপক্ষে থিয় দিয়া এই উপন্যাসখন আমাৰ বোধেৰে প্ৰতিজন অসমীয়া যুবক-যুবতীয়ে পঢ়া উচিত। কঠোৰ সংগ্রাম, সংঘাত আৰু সংঘৰ্ষৰ মাজত তিষ্ঠি থাকিবলৈ হ’লে মানসিকভাবে আমি কিমানখিনি শক্তিশালী হৈ থাকিব লাগিব- উপন্যাসখনৰ কাহিনীয়ে সেয়া আমাক উপলব্ধি কৰাইছে। উপন্যাসখনৰ কাহিনীয়ে হাজাৰ হতাশাই আরবি ধৰিলেও আপোনাক জীয়াই থকাৰ প্ৰেৰণা দিব।

আশাবাদী হৈ জীয়াই থাকি সপোনক সাকাৰ ৰূপ দিব খোজা প্রতিজন অসমীয়া যুৱক-যুৱতীৰ প্রতি লক্ষ্য বাখিয়েই এই উপন্যাসখন অনুবাদ কৰাৰ কথা ভবা হৈছিল।…” লেখকৰ সৈতে আমিও একমত।

সচাঁকৈ “টুৱেলফথ্ ফেইল” এখন অনুপ্ৰেৰণামূলক উপন্যাস(Indian Police Service Officer)। এই উপন্যাসখন পঢ়ি অনুভৱ কৰিছো যে শিক্ষাৰ্থীসকলে এনেধৰণৰ উপন্যাস পঢ়া উচিত। উপন্যাসখনত বৰ্ণিত মনোজ কুমাৰ শৰ্মা আৰু শ্রদ্ধা যোশীৰ কাহিনীৰ যোগেদি যিসকলে বিফলতাক নেওচি ধৈর্য্য, সাহস, নিষ্ঠা আৰু সততাৰে আগুৱাই যায় সেইসকল এদিন নহয় এদিন সফল হ’বই তেনেধৰণৰ ইংগিত দিছে।

উপন্যাসখনৰ কাহিনীৰ পৰা ক’ব পাৰি যে যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়। এই গ্রন্থখনৰ প্ৰকাশক হ’ল- প্রদ্যুৎ হাজৰিকা, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়– ১, শাখা: পাণবজাৰ, গুৱাহাটী- ১; নিউ বালিবাট, যোৰহাট;অ’ল্ড টেক্সি ষ্টেণ্ড, ক’ৰ্ট তিনিআলি, লখিমপুৰ। প্রথম সংস্কৰণঃ অক্টোবৰ, ২০২৪। গ্রন্থখনত মুঠ ২৪০ পৃষ্ঠা আৰু মূল্য ৪৩০ টকা। এখন সুন্দৰ গ্রন্থ অসমীয়া ভাষাত পাঠক সমাজলৈ আগবঢ়োৱা বাবে লেখক ৰাগিণী পূবালী বৰা আৰু প্ৰকাশক প্রদ্যুৎ হাজৰিকাক ধন্যবাদ জনাইছো।

লেখক: ড° বুলজিৎ বুঢ়াগোহাঁই (Dr. Buljit Buragohain)

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানটোৱে ৰেচম উদ্যোগ, বিশেষকৈ মুগা আৰু এড়ী ৰেচমসূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক চিহ্নিত কৰে।প্ৰতিষ্ঠানটোৰ চৌহদত আয়োজিত অনুষ্ঠানত এক উদ্বোধনী অধিৱেশন অনুষ্ঠিত হ’ব, ইয়াৰ পিছতে অনুষ্ঠিত হ’ব লগা বিশেষ অনুষ্ঠানসমূহৰ ভিতৰত আছে প্ৰদৰ্শনীৰ বিপনীসমূহৰ পৰিদৰ্শন, ‘চিএছবি-চিএমইআৰ এণ্ড টিআই’ৰ ইতিহাস দেৱাল’ উন্মোচন, ‘চিএছবি-চিএমইআৰ এণ্ড টিআই’ৰ ২৫ বছৰীয়া সাফল্য প্ৰতিফলিত কৰা তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, প্ৰতিষ্ঠানটোৱে বিকশিত কৰা শেহতীয়া প্ৰযুক্তি আৰু গ্ৰন্থ উন্মোচন।

মন্ত্ৰীগৰাকীয়ে কাইলৈ কঁহৰাত ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত প্ৰকল্প’ত ‘সমৰ্থ’ৰ শুভাৰম্ভণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষণ প্ৰকল্প’ৰ সহযোগত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডে ‘কাজিৰঙা বন প্ৰান্তীয় সম্প্ৰদায়’ৰ ৰেচম হস্ততাঁত শিপিনীসকলৰ বাবে ‘সমৰ্থ’ আঁচনিৰ অধীনত দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিব।ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে বস্ত্ৰ উদ্যোগখণ্ডত বহনক্ষম নিযুক্তিৰ বাবে যুৱপ্ৰজন্মৰ দক্ষতা বৰ্দ্ধন কৰাৰ বাবে ২০১৮ চনত বস্ত্ৰ উদ্যোগখণ্ডত সামৰ্থ্য বৰ্দ্ধন আঁচনি আৰম্ভ কৰিছিল, যাক ‘সমৰ্থ’ নামেৰে জনা যায়।চি.এছ.বি.-চি.এম.ই.আৰ.এণ্ড.টি.আই.-ৰ বিষয়ে:যোৱা ২৫টা বছৰত, চি.এছ.বি.-চি.এম.ই.আৰ.এণ্ড.টি.আই.-য়ে ৰেচম উৎপাদনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। মুগাসূতাৰ উৎপাদন ১৯৯৯ চনৰ ৮২ মেট্ৰিক টনৰ পৰা ২০২৪ চনত ২৫২ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। একেদৰে, একেছোৱা সময়তে এড়ীসূতাৰ উৎপাদন ৯৭০ মেট্ৰিক টনৰ পৰা ৭,১৮৩ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৱে মুগা আৰু এড়ী পলু পালনৰ জৰিয়তে সূতা উত্পাদনৰ বাবে ২৫টাতকৈয়ো অধিক প্ৰমাণিত প্ৰযুক্তি সফলতাৰে বিকশিত কৰিছে।

এই ৰূপালী জয়ন্তী উদযাপনে কেৱল অতীতৰ সাফল্য স্মৰণ কৰাই নহয় ৰেচম উদ্যোগত ভৱিষ্যতৰ উদ্ভাৱনৰ মঞ্চও নিৰ্মাণ কৰিছে। এই অনুষ্ঠানটোৱে ভাৰতৰ ৰেচম উৎপাদন, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা অনন্য মুগা আৰু এড়ীৰ প্ৰকাৰৰ বৃদ্ধিৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে ।‘সমৰ্থ’ আঁচনিৰ অধীনত, বস্ত্ৰ উদ্যোগ/উদ্যোগ সংস্থা, কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ সংস্থা, আৰু কেন্দ্ৰীয় ৰেচম বোৰ্ড, ডিচি-হস্ততাঁত, ডিচি-হস্তশিল্প আৰু কেন্দ্ৰীয় উল বোৰ্ড আদিৰ দৰে খণ্ডগত সংগঠনসমূহে ১৯৫টা কাৰ্যকৰী অংশীদাৰৰ জৰিয়তে বস্ত্ৰ মন্ত্ৰালয়ে ৩.৪৩ লাখ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে, যাৰ ভিতৰত ২.৭২ লাখ (৭৯.৪%)ক নিযুক্তি দিয়া হৈছে। আঁচনিখনৰ অধীনত, কেন্দ্ৰীয় ৰেচম বৰ্ডে মুঠ ১০,৫০০ হিতাধিকাৰীক ৰেচম শিল্পৰ প্ৰশিক্ষণ দিছে।
কেন্দ্ৰীয় ৰেচম বোৰ্ড-য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰিৱেশ-উন্নয়ন সমিতিৰ বাবে ব্যঘ্ৰ সংৰক্ষণৰ সৈতে প্ৰায় ১০০ গৰাকী ৰেচম হস্ততাঁত শিপিনীৰ বাবে প্ৰশিক্ষণ পৰিচালনাৰ দিশত সহযোগিতা কৰিছে। অহা ২৪ অক্টোবৰৰ পৰা ৩ ডিচেম্বৰ, ২০২৪ লৈ ৪০ দিনৰ বাবে এই চলিব লগা এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে বৈকল্পিক জীৱিকাৰ সুযোগ বৃদ্ধি কৰাৰ আৰু লগতে কাজিৰঙা বন প্ৰান্তীয় সম্প্ৰদায়ৰ উপাৰ্জনক এক গুৰুত্বপূৰ্ণ স্তৰলৈ উন্নত কৰাৰ উপৰিও বিপণনৰ মঞ্চ প্ৰদান কৰিব। প্ৰশিক্ষিত ৰেচম শিপিনীসকলক চিএছবি-ৰ চিল্ক মাৰ্ক অৰ্গেনাইজেশ্যন অব ইণ্ডিয়া (এছএমঅ’আই) আৰু অন্যান্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হ’ব।

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Noranra Modi । জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
Noranra Modi । জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

এয়া দুয়োখন দেশৰ মাজত উত্তেজনা লাঘৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-চীন সীমান্ত অঞ্চলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে শেহতীয়াকৈ হোৱা চুক্তিক ‘আদৰণি’ জনায়।’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে- বিবাদ দূৰ কৰি শান্তি ঘূৰাই আনিবলৈ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “দুয়োগৰাকী নেতাই এই কথাত একমত হৈছে যে সীমান্ত অঞ্চলত শান্তি বজাই ৰাখিবলৈ আৰু চলি থকা সীমা সম্পৰ্কীয় প্ৰশ্নৰ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ সন্ধান কৰিবলৈ ভাৰত-চীনৰ বিশেষ প্ৰতিনিধিয়ে শীঘ্ৰে বৈঠকত মিলিত হ’ব।” দুয়োখন দেশৰ মাজত তিক্ত হৈ পৰা সম্পৰ্ক সুস্থিৰ কৰিবলৈ বৈদেশিক মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে জড়িত আলোচনাৰ প্ৰক্ৰিয়াও চলোৱা হ’ব বুলি কয়। এই বৈঠকে এছিয়াৰ দুয়োখন দেশৰ মাজত উত্তেজনা লাঘৱ কৰিব পাৰে।ভাৰত আৰু চীনে পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সামৰিক টহল দিয়াৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱাৰ দুদিন পিছতে এই বৈঠক অনুষ্ঠিত হয়। যোৱা বছৰৰ আগষ্ট মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত জোহান্সবাৰ্গত চমু আৰু অনানুষ্ঠানিক কথা-বতৰা হৈছিল ।

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে
Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi) ।

ৱায়ানাড সমষ্টিৰ আগন্তুক লোকসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বুধবাৰে প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে ।তেওঁৰ সৈতে আছিল ৰাহুল গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰুবহু কেইগৰাকী কংগ্ৰেছ নেতা। প্ৰিয়ংকাই জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁৰ মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ অন্তত প্ৰিয়ংকা গান্ধীয়ে সমষ্টিটোত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । এই ৰোড শ্ব’ কালপেট্টাৰ পৰা থাংকলৈকে কৰা হয় বুলি জানিব পৰা গৈছে। মনোনয়ন দাখিলৰ বাবে প্ৰিয়ংকা মঙলবাৰে নিশা তেওঁৰ মাতৃ তথা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে পাহাৰীয়া জিলাখনত উপস্থিত হয় । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগা ৱায়ানাড উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ । প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰ । ভোটগণনা অনুষ্ঠিত হ’ব ২৩ নৱেম্বৰত ।

এইবাৰ সমষ্টিটোৰ উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে এলডিএফৰ সত্যন ম’কেৰী আৰু বিজেপিৰ নব্যা হৰিদাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে । উল্লেখ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত ৱায়ানাড সমষ্টিৰ পৰা জয়ী হৈছিল ৰাহুল গান্ধী । সমান্তৰালভাৱে তেওঁ ৰায়বৰেলী সমষ্টিৰ পৰাও জয়লাভ কৰে । অৱশ্যে ভাৰতীয় সংসদীয় নীতি অনুসৰি তেওঁ ৱায়ানাড সমষ্টিটো খালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰায়বৰেলী সমষ্টিটোৰ সাংসদ হিচাপে সংসদক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লয় । যাৰ বাবে ৱায়ানাড লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছিল । অৱশেষত গান্ধী পৰিয়ালৰে আন এগৰাকী সদস্যাই সেই আসন খন ধৰি ৰখাৰ প্ৰয়াস কৰিছে।

Mission Basundhara 3.0 :মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কোচ ৰাজবংশী জাতীয় পৰিষদৰ

Mission Basundhara 3.0 :মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কোচ ৰাজবংশী জাতীয় পৰিষদৰ
Mission Basundhara 3.0 :মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কোচ ৰাজবংশী জাতীয় পৰিষদৰ

বঙাইগাঁও, ২৩ অক্টোবৰঃ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অনুসূচিত জনজাতি, অনুসূচিত জাতি, নেপালী (গোৰ্খা), চাহ জনগোষ্ঠী, প্ৰাক্তন চাহ জনগোষ্ঠী আৰু আদিবাসী সকলে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা প্ৰমাণিকৰণ নথি প্ৰদান কৰিব নলগাৰ বিপৰীতে আন আন জনগোষ্ঠী সমূহে তিনিটা প্ৰজন্মৰ প্ৰমাণিক নথি দিলেহে ভূমি মালিকীস্বত্ব লাভ কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰাৰ অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে। (Mission Basundhara 3.0 )

বুধবাৰে চিৰাং জিলডাৰ বিজনীত অনুষ্ঠিত কৰা এখন সংবাদ মেলত বিশ্বজিৎ ৰায়ে কয় য়ে অসম চৰকাৰে জাৰি কৰা মিছন বসুন্ধৰা ৩.০ জৰিয়তে আওপকীয়াকৈ ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক বিদেশী আৰু প্ৰৱজনকাৰী সজালে। কোচ- ৰাজবংশী জনগোষ্ঠীৰ ৰজা-মহাৰজা সকলে ১৯৫১ চনৰ আগলৈকে বিজনী, চিদলী, কোচ বিহাৰ ৰাজ্য শাসন কৰাৰ লগতে দৰঙীয়া, কোচ হাজো, ডিমৰীয়া, বেলতলা (গুৱাহাটী) ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৷ আনকি লক্ষীপুৰ আৰু গৌৰীপুৰ কোচ ৰজাৰ অধিনস্থ জমিদাৰী সকলে পৰিচালনা কৰিছিল৷

কিন্তু কোচ ৰাজবংশী সকলে অসীম ত্যাগ কৰি ভাৰতবৰ্ষৰ সতে চামিল হোৱাৰ পিছতে ভাৰত চৰকাৰে কৌশল কৰি কোচ ৰাজবংশী সকলোক অসম, পশ্চিম বংগ, বিহাৰ, মেঘালয় আৰু বাংলাদেশত ভাগ ভাগ কৰি কোচ ৰাজবংশী জনগোষ্ঠীক মেৰুদণ্ড ভাগি পেলায়। যাৰ বাবে কোচ ৰাজবংশী সকলে অস্তিত্বৰ সংকটত পৰি সুদীৰ্ঘদিন ধৰি পৃথক কমতাপুৰ ৰাজ্য আৰু অনুসূচিত জনজাতিকৰণ দাবী কৰি আহিছে ৷ বৰ্তমান কেন্দ্ৰ আৰু অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে কমতাপুৰ ৰাজ্যৰ দাবী ৰাজনৈতিকভাবে সমাধা কৰা দূৰৰ কথা, বৰং জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰতো বোকা চতিওৱা ৰাজনীতি কৰি কোচ ৰাজবংশী সকলক চৰম ভাবে প্ৰতাৰণা কৰিলে।

ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আগন্তুক বিধান সভা নিৰ্বাচনত দিয়াৰ হুংকাৰ দি বিশ্বজিৎ ৰায়ে কয় যে জাতি, মাটি আৰু ভেঁটি সুৰক্ষাৰ শ্লোগান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়া ভূমিপুত্ৰ কোচ ৰাজবংশী সকলোক কৌশলৰে ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে৷ অসম চৰকাৰে যদি ভূমি পট্টা প্ৰদানৰ বাবে তিনিটা প্ৰজন্মৰ প্ৰমাণিক নথি প্ৰদানৰ সিদ্ধান্ত কোচ ৰাজবংশী সকলোৰ ক্ষেত্ৰত ৰেহাই নিদিয়ে তেতিয়াহলে গণতান্ত্ৰিক আন্দোলন কৰাৰ লগতে অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি অসম চৰকাৰক সকীয়াই দিয়ে। আনহাতে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত কোচ ৰাজবংশী জাতীয় পৰিষদে কাক সমৰ্থন কৰিব সেই সম্পৰ্কে দুই এদিনতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদমেল যোগে জনায়। সংবাদমেলত কোচ ৰাজবংশী সচেতন নাগৰিক মঞ্চৰ অন্যতম আহ্বায়ক ধনজিৎ ৰায়ো উপস্থিত থাকে ৷

Bihali By Election 2024: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ মনোনয়ন দাখিল

Bihali By Election 2024: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ মনোনয়ন দাখিল
Bihali By Election 2024: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ মনোনয়ন দাখিল

বিশ্বনাথ চাৰিআলি, ২৩ অক্টোবৰ : ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী পিযূষ হাজৰিকা, সঞ্জয় কিষানৰ সংগদানেৰে বুধবাৰে প্ৰায় পাচ শহস্ৰাধিক বিজেপি নেতা-কৰ্মীক লগত লৈ বিহালী উপ-নিৰ্বাচনৰ (Bihali By Election 2024) বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটৈৱাৰে মনোনয়ন দাখিল কৰে।

বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া(District Election Officer’s Office) মুনিন্দ্ৰ নাথ ঙাটেৰ হাতত বিজেপি প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী পিযূষ হাজৰিকাই কয়, উপ-নিৰ্বাচনত যিমান সংখ্যক মানুহ ওলাই আহিছে, ইয়ে প্ৰমাণ কৰে যে বিহালী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ(Diganta Ghatwaar) প্ৰায় ৪০,০০০ হাজাৰ ভোটত বিজয়ী হ’ব।

ইফালে বিহালী বিধানসভা সমষ্টিৰ বাবে বৰ্তমানলৈকে বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থীত্ব ঘোষণা নকৰা সন্দৰ্ভত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়, বৰ্তমান বিহালীত বিৰোধী শূণ্য।

কংগ্ৰেছত প্ৰাৰ্থীৰ অভাৱ ঘটিছে, যাৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সাহস গোটাব পৰা নাই (Bishwanath By Elections 2024)।

Thyroid Symptoms: শৰীৰৰ এই ৫টা অংশ বিষৰ পৰা সাৱধান হওক!

Thyroid Symptoms: শৰীৰৰ এই ৫টা অংশ বিষৰ পৰা সাৱধান হওক
Thyroid Symptoms: শৰীৰৰ এই ৫টা অংশ বিষৰ পৰা সাৱধান হওক!

থাইৰয়ড হৈছে ডিঙিত থকা গ্ৰন্থি, যিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া থাইৰয়ড গ্ৰন্থিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে তেতিয়া ই শৰীৰত বহুতো সমস্যাৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা বিষো হ’ব পাৰে।(Thyroid Symptoms)

(women) থাইৰয়ড ৰোগ বেছিকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়ে, কাৰণ মাহেকীয়া, গৰ্ভাৱস্থা আৰু ৰজোনিবৃত্তিৰ বাবে তেওঁলোকৰ শৰীৰত হৰম’নৰ উঠা-নমা হয়। থাইৰয়ডৰ সমস্যাই মহিলাৰ প্ৰজনন ক্ষমতাতো প্ৰভাৱ পেলায়, এনে পৰিস্থিতিত ইয়াক নিৰ্ণয় কৰি সময়মতে ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয়। যদি আপুনি শৰীৰৰ এই অংশবোৰত বিষ অনুভৱ কৰি আছে তেন্তে এই বিষ আওকাণ নকৰিব।(pain in these 5 parts of the body is not normal)

থাইৰয়ড গ্ৰন্থি ডিঙিত থাকে আৰু যেতিয়া ই সঠিকভাৱে কাম নকৰে তেতিয়া ডিঙিত ফুলা আৰু বিষ হ’ব পাৰে। থাইৰয়ডৰ সমস্যাৰ বাবে কোনোবাই পেশীত বিষ আৰু জঠৰতা অনুভৱ কৰিব পাৰে। ফুলিলে ডিঙিৰ বিষ আৰু কান্ধতও বিষ হ’ব পাৰে।(Neck and Shoulders pain)

থাইৰয়ডৰ সমস্যাৰ ফলতো কঁকালৰ বিষ হ’ব পাৰে। হাইপোথাইৰয়ডিজমৰ ফলত পেশী দুৰ্বল হৈ পৰে, যাৰ ফলত কঁকালৰ বিষ আৰু অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও ই ভংগীমাৰ সমস্যাও সৃষ্টি কৰিব পাৰে।(back pain)

থাইৰয়ডৰ মাত্ৰা বৃদ্ধি বা হ্ৰাস পালে গাঁঠি আৰু পেশীতো প্ৰভাৱ পৰে। হাইপোথাইৰয়ডিজমৰ ফলত পেশীবোৰ জঠৰ হৈ পৰে আৰু বিষ হয়। একে সময়তে হাইপাৰথাইৰয়ডিজমত পেশীবোৰত দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ হয়, যাৰ ফলত গাঁঠিৰ বিষ হ’ব পাৰে।(Joints and muscles pain)

থাইৰয়ড ৰোগত হাত-ভৰি বিষ আৰু অজ্ঞানতাও হ’ব পাৰে। আচলতে থাইৰয়ড গ্ৰন্থিৰ ভাৰসাম্যহীনতাৰ বাবে স্নায়ুত চাপ বৃদ্ধি পায় যাৰ ফলত জ্বলা-পোৰা আৰু বিষ অনুভৱ কৰিব পাৰে।

হাইপাৰথাইৰয়ডিজমৰ বাবে হৃদস্পন্দন বাঢ়িব পাৰে, যাৰ ফলত বুকুত চাপ আৰু বিষ অনুভৱ কৰিব পাৰি। এই অস্বস্তিয়ে কেতিয়াবা উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টিও কৰিব পাৰে।

BTR Pramod Boro: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ফকিৰাগ্ৰাম মডেল হস্পিটেল উদ্বোধন

BTR Pramod Boro: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ফকিৰাগ্ৰাম মডেল হস্পিটেল উদ্বোধন
BTR Pramod Boro: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ফকিৰাগ্ৰাম মডেল হস্পিটেল উদ্বোধন

কোকৰাঝাৰ, ২৩ অক্টোবৰঃ বিটিআৰ চিইএম প্ৰমোদ বড়োৱে আজি মেনাৰতালত ফকিৰাগ্ৰাম মডেল চিকিৎসালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে, এই চিকিৎসালয় খনে অঞ্চলটোৰ চিকিৎসা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।
বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ সকলো নাগৰিকৰ বাবে সহজ, সুলভ, উচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে । (BTR Pramod Boro)

উদ্বোধনী ভাষণত চিইএম প্ৰমোদ বড়োৱে কয়, “ফকিৰাগ্ৰাম মডেল হস্পিটেলৰ উদ্বোধন বিটিআৰত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ আন এক পদক্ষেপ। আমি বিশ্বাস কৰোঁ যে প্ৰতিজন নাগৰিকে মানদণ্ডৰ চিকিৎসা সেৱা প্ৰাপ্ত কৰাৰ যোগ্য, আৰু এই সুবিধাই আমাৰ লোকসকলৰ বাবে এক স্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”

তেওঁ লগতে গুৰুত্ব আৰোপ কৰে, “ফকিৰাগ্ৰাম মডেল হস্পিটেলে স্থানীয় সম্প্ৰদায়ৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে কাম কৰিব, অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদান কৰিব আৰু সমগ্ৰ অঞ্চলটোত স্বাস্থ্যৰ ফলাফল উন্নত কৰিব।” প্ৰমোদ বড়োৱে লগতে আহ্বান জনাইছিল, “বিটিআৰত আমি সকলোৱে একেলগে থাকি কাম কৰিব লাগিব।”

Canada Policy: কানাডা হ’ব পাৰে পৰৱৰ্তী… দ্ৰুতগতিত হেৰুৱাইছে ভোটাৰৰ সমৰ্থন

Justin Trudeau's Canada Policy: কানাডা হ'ব পাৰে পৰৱৰ্তী... দ্ৰুতগতিত হেৰুৱাইছে ভোটাৰৰ সমৰ্থন
'কানাডাৰ লিবাৰেল পাৰ্টি'য়ে দ্ৰুতগতিত হেৰুৱাইছে কানাডাৰ ভোটাৰৰ সমৰ্থন

কানাডা, ২৩ অক্টোবৰঃ সকলোৱে জানে যে পাকিস্তানে আল কায়দা আৰু লস্কাৰ-ই-টয়বাৰ দৰে সন্ত্ৰাসবাদী গোটক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ সমৰ্থন আৰু লালন-পালন কৰিছিল, সেই কথা সকলোৱে জানে(Justin Trudeau’s Canada Policy)। তেওঁলোকৰ প্ৰতি পাকিস্তানৰ ইমানেই মৰম আছিল যে এই সন্ত্ৰাসবাদী সংগঠনবোৰৰ বাবে ধন আগবঢ়োৱাই নহয়, নিজৰ মাটিক তেওঁলোকৰ বাবে নিৰাপদ আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিছিল। আজি পাকিস্তানত বহু সক্ৰিয় সন্ত্ৰাসবাদী সংগঠন আছে যিয়ে ইছলামিক ৰিপাব্লিকৰ নিৰাপত্তা বিপন্ন কৰি নিজৰ জনসাধাৰণৰ জীৱন বিপদত পেলাইছে। (Canada Policy )

এটা কথা আছে- ‘আপুনি যি খেতি কৰে তাকেই চপাবলৈ পাব’। পাকিস্তানৰ সৈতে এনেকুৱাই হৈছে যদিও ই এতিয়াও নিজৰ ভুল উপলব্ধি কৰিব পৰা নাই আৰু ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা অব্যাহত ৰাখিছে।কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱেও নিৰ্বাচনী লাভৰ বাবে খালিস্তানী সমৰ্থকক আশ্ৰয় দি একেধৰণৰ ভুল কৰিছে। ট্ৰুডোৰ দল ‘কানাডাৰ লিবাৰেল পাৰ্টি’য়ে(Liberal Party of Canada) কানাডাৰ ভোটাৰৰ মাজত দ্ৰুতগতিত সমৰ্থন হেৰুৱাইছে আৰু এইদৰে, ট্ৰুডোৱে প্ৰায় সাত লাখ শিখ জনসংখ্যাক সন্তুষ্ট কৰিবলৈ বিচাৰিছে। কানাডা চৰকাৰে লৰেন্স বিষ্ণোই গেঙক খালিস্তানী সমৰ্থক বুলি ভাৰতৰ বিৰুদ্ধে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে। অৱশ্যে, এই অভিযোগৰ কোনো সঠিক প্ৰমাণ দিবলৈ এতিয়ালৈকে সমৰ্থ হোৱা নাই।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডা চৰকাৰৰ এই অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ট্ৰুডো চৰকাৰে লৰেন্স বিষ্ণয়ৰ কথা উল্লেখ কৰি ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থকাৰ সময়তে লৰেন্স বিষ্ণয় গেঙৰ সৈতে জড়িত অপৰাধীৰ প্ৰতি নম্ৰতা প্ৰদৰ্শন কৰিছে। ভাৰতে কানাডা চৰকাৰলৈ ২৬টা প্ৰত্যাৰ্পণৰ অনুৰোধ প্ৰেৰণ কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তদুপৰি ভাৰতেও ২৯টা গোচৰৰ বিৰুদ্ধে আবেদন জনাইছে য’ত ৱাণ্টেড অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগিছিল যদিও সেইবোৰৰ ক্ষেত্ৰতো কানাডাই ব্যৱস্থা গ্ৰহণ কৰা নাই। আশ্চৰ্যজনকভাৱে কানাডা খালিস্তানী সন্ত্ৰাসবাদীৰ বাবে ভাৰতৰ সৈতে থকা কূটনৈতিক সম্পৰ্কক ত্যাগ কৰিবলৈ সাজু(Sikh Population)।

এই সন্ত্ৰাসবাদীয়ে প্ৰায়ে সমগ্ৰ কানাডাতে ভাৰতৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিগত সময়ত সমগ্ৰ দেশৰ হিন্দু মন্দিৰত আনকি আমেৰিকা, যুক্তৰাজ্য আৰু অষ্ট্ৰেলিয়াতো আক্ৰমণ চলাই আহিছে(United Kingdom)। খালিস্তানী সন্ত্ৰাসবাদীৰ প্ৰতিবাদে প্ৰায়ে বিশৃংখলতাৰ সৃষ্টি কৰে আৰু নিৰাপত্তাজনিত পৰিস্থিতিৰ সৃষ্টি কৰে। কিন্তু সত্যৰ পিছতো যে কানাডাই এই ঘোষিত সন্ত্ৰাসবাদীসকলক ক্ষুদ্ৰ লাভৰ বাবে আশ্ৰয় দিছে। খালিস্তানী সন্ত্ৰাসবাদীৰ বিষয়টোক লৈ কানাডাৰ কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰাৰ সংকল্পই প্ৰতিফলিত কৰে যে জাষ্টিন ট্ৰুডোৰ নীতিসমূহ বিশুদ্ধভাৱে ভোট-বেংক ৰাজনীতিৰ দ্বাৰা পৰিচালিত। কিছুমান বিশেষ গোটক সন্তুষ্ট কৰাৰ প্ৰয়াসত ট্ৰুডোৱে পুনৰ ভাৰতক লক্ষ্য কৰি লৈছে।

ট্ৰুডোৱে জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া বুলি দাবী কৰিলেও তেওঁৰ চৰকাৰৰ কাৰ্যই বেলেগ কাহিনী কয়। উল্লেখ্য, ২০২৪ চনৰ ১৭ মে’ত এটা সংবাদ প্ৰতিষ্ঠানে কানাডাত খালিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৱেশৰ সন্দৰ্ভত কানাডা চৰকাৰৰ পৰা তথ্য বিচাৰিছিল আৰু কানাডা চৰকাৰে আচৰিত ধৰণৰ তথ্য শ্বেয়াৰ কৰিছিল। ২০২১ চনত খালিস্তানী সন্ত্ৰাসবাদৰ সৈতে সম্পৰ্ক থকা ১৪১জন ব্যক্তিয়ে কানাডাত আশ্ৰয় বিচাৰিছিল, আৰু ইয়াৰে ৩৬জন ব্যক্তিক প্ৰৱেশৰ অনুমতি দিয়া হৈছিল। ২০২২ চনত এনে আবেদনকাৰীৰ সংখ্যা ৮০১জনলৈ বৃদ্ধি পাই ৪২৮গৰাকীয়ে অনুমোদন লাভ কৰে। ২০২৩ চনত খালিস্তানী সন্ত্ৰাসবাদৰ সমৰ্থন স্পষ্টভাৱে উল্লেখ কৰি ৬১৮খন আবেদন দাখিল কৰা হৈছিল আৰু ৩৬৪ জন ব্যক্তিক প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।

২০২৪ চনৰ মাৰ্চ মাহলৈকে ১১৯খন আবেদন দাখিল কৰা হৈছিল আৰু কানাডাই খালিস্তানী সন্ত্ৰাসবাদৰ সৈতে জড়িত ৭৮জন লোকৰ প্ৰৱেশত অনুমোদন জনাইছিল। এই তথ্যই ট্ৰুডোৰ তুষ্টিকৰণৰ নীতিসমূহক উজ্জ্বল কৰি তুলিছে, সন্ত্ৰাসবাদী সম্পৰ্ক থকা ব্যক্তিসকলক দেশখনত প্ৰৱেশৰ অনুমতি দিয়াৰ লগতে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। জাষ্টিন ট্ৰুডোৱে নিজৰ দেশৰ খালিস্তানী সন্ত্ৰাসবাদীৰ নিৰাপত্তাৰ বাবে যুক্তি আগবঢ়াইছে যদিও খালিস্তানী সন্ত্ৰাসবাদীক আশ্ৰয় দি ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই পৰিসংখ্যাই কানাডাৰ প্ৰধানমন্ত্ৰীৰ দ্বৈত মানদণ্ড উদঙাই দিয়ে।

খালিস্তানী সন্ত্ৰাসবাদী আৰু লৰেন্স বিষ্ণোই গেংৰ সদস্যসকলৰ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ সৈতে গভীৰ সম্পৰ্ক আছে বুলিও ট্ৰুডোৱে বুজিব পৰা নাই(Ministry of External Affairs)। সোনকালে বা পিছত যদি ট্ৰুডোৱে তেওঁলোকৰ ওপৰত লিছ লগোৱাত ব্যৰ্থ হয় আৰু নতুন দিল্লীৰ প্ৰত্যাৰ্পণৰ অনুৰোধক লৈ ভাৰতৰ সৈতে সহযোগিতা আগবঢ়াব নোৱাৰে তেন্তে ই কেৱল কানাডাৰ বাবে আভ্যন্তৰীণ অৰাজকতাৰ সৃষ্টি কৰিব।

ইফালে কানাডিয়ানসকলে মাথো আশা কৰিব পাৰে যে, ট্ৰুডো সময়ৰ লগে লগে বাস্তৱলৈ ঘূৰি আহিব, নহ’লে কানাডা একাধিক সন্ত্ৰাসবাদী সংগঠনৰ ঘৰ হৈ আন এখন পাকিস্তানলৈ ৰূপান্তৰিত হোৱাৰ দিনটোলৈ বহু বেছি দিন নাই। এনে দৰে গৈ ঘাকিলে পিছত সময়ক দুখ দিয়াৰ বাহিৰে আন উপায় নাথাকিব।