Home Blog Page 494

PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২২ অক্টোবৰ: মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বিশ্বৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী সম্পৰ্কীয় একাধিক মূল বিষয়ৰ(Global issues and fostering bilateral relations) ওপৰত আলোচনাৰ বাবে ব্ৰিকছ সন্মিলনে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে । ১৬ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া ভ্ৰমণ(PM Modi Russia Visit)ৰ কাৰ্যসূচীৰে ৰাছিয়াৰ কাজান চহৰলৈ যাত্ৰাৰ পূৰ্বে মোদীয়ে এক বিবৃতিৰ জড়ডিয়তে এইদৰে উল্লেখ কৰে।

বিগত বছৰত নতুন সদস্যৰাষ্ট্ৰ সংযোজনৰ ফলত হোৱা ব্ৰিকছৰ সম্প্ৰসাৰণে বিশ্ব উন্নয়নৰ বাবে ইয়াৰ সৰ্বাংগীনতা আৰু এজেণ্ডাক অধিক শক্তিশালী কৰা বুলিও তেওঁ উল্লেখ কৰে।

ৰাছিয়াই আয়োজন কৰা এই সন্মিলন(BRICS Summit in Kazan)ক​ইউক্ৰেইনৰ সংঘাত আৰু পশ্চিম এছিয়াৰ পৰিস্থিতি বৃদ্ধি পোৱাৰ মাজতে অপশ্চিমীয়া শক্তিসমূহে নিজৰ প্ৰভাৱ প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস হিচাপে গণ্য কৰা হৈছে।

ব্ৰিকছ (ব্ৰাজিল-ৰাছিয়া-ভাৰত-চীন-দক্ষিণ আফ্ৰিকা)ৰ মাধ্যমেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈকো সাজু হৈছে মোদী।

যোৱা বছৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনত গোটটোৰ সম্প্ৰসাৰণৰ পিছত এইখন হ’ব এই গোটৰ প্ৰথমখন শীৰ্ষ সন্মিলন।

‘ভাৰতে বিশ্ব উন্নয়নমূলক কাৰ্যসূচী, সংস্কাৰিত বহুপক্ষীয়তাবাদ, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখল নিৰ্মাণ, সংস্কৃতি আৰু জনসাধাৰণৰ সংযোগ প্ৰসাৰিত কৰা আদি বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এই সন্মিলনে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে’- ৰাচিা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী(Prime Minister Narendra Modi)য়ে নিজৰ বিবৃতিটোত এইদৰে উল্লেখ কৰে।

মোদীয়ে লগতে কয় যে, তেওঁৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ‘বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ক আৰু অধিক শক্তিশালী কৰিব। উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মস্কো ভ্ৰমণৰ সময়ত ৰাচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে তেওঁ শীৰ্ষ আলোচনাত মিলিত হৈছিল।

মোদীয়ে বিবৃটিটোত উল্লেখ কৰে যে ২০২৪ চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত হোৱা বাৰ্ষিক শীৰ্ষ সন্মিলনৰ ওপৰত নিৰ্ভৰ কৰি মোৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব। ব্ৰিকছৰ আন নেতাসকলকো লগ পাবলৈ আগ্ৰহী বুলিও তেওঁ কয়।

‘এক্স’ৰ এটা পোষ্টত মোদীয়ে উল্লেখ কৰিছিল, শীৰ্ষ সন্মিলনত বিস্তৃত বিষয়ৰ ওপৰত ব্যাপৰ আলোচনা কৰিবলৈ তেওঁ আগ্ৰহী।

২০০৬ চনত চেণ্ট পিটাৰ্ছবাৰ্গত ৰাছিয়া, ভাৰত আৰু চীনৰ নেতাসকলৰ বৈঠকৰ পিছত আনুষ্ঠানিক গোট হিচাপে ব্ৰিক আৰম্ভ হৈছিল।২০১০ চনত দক্ষিণ আফ্ৰিকাক অন্তৰ্ভুক্ত কৰি ব্ৰিকক ব্ৰিকছলৈ সম্প্ৰসাৰণ কৰিবলৈ সন্মত হৈছিল।

যোৱাটো বছৰৰ অন্তৰ্ভুক্তি আছিল ২০১০ চনৰ পিছত সদস্য সম্প্ৰসাৰণৰ প্ৰথমটো প্ৰয়াস।ইয়াৰ নতুন সদস্যসকলৰ ভিতৰত আছিল ইজিপ্ত, ইথিওপিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰেট।

Dhanteras: ধনতেৰাছত সলনি হ’ব মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য! প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব অগ্ৰগতি

Dhanteras: ধনতেৰাছত সলনি হ’ব মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য
Dhanteras: ধনতেৰাছত সলনি হ’ব মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য

ধনতেৰাছৰ দিনা বুধ গ্ৰহৰ ৰাশিৰ ভাগ্য সলনি হ’ব, মিথুন সিংহ ৰাশিকে ধৰি এই ৪টা ৰাশিৰ ভাগ্য সলনি হ’ব, প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে অগ্ৰগতি লাভ কৰিব! ২৯ অক্টোবৰ অৰ্থাৎ ধনতেৰাচত গ্ৰহবোৰে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিত প্ৰৱেশ কৰাৰ পিছত বুধ আৰু শুক্ৰৰ সংযোগ হ’ব যিয়ে লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব।(dhanteras)

(Mercury Transit 2024 Horoscope) জ্যোতিষৰ মতে এইবাৰ ধনতেৰাছৰ উৎসৱ অতি শুভ হ’বলৈ গৈ আছে। ২৯ অক্টোবৰ অৰ্থাৎ ধনতেৰাচত গ্ৰহৰ ৰাজকুমাৰে বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশিত বুধে প্ৰৱেশ কৰি শুক্ৰৰ সৈতে সংযুক্ত হৈ লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব।(Budh Gochar 2024)বুধ ট্ৰেনজিটে ১২ টা ৰাশিৰ সকলো লোকক প্ৰভাৱিত কৰিব যদিও ৪ টা ৰাশিৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়।(mithun singh tula kumbh rashi can get success of dhanteras)এই ৪ ৰাশিৰ বিষয়ে জানো আহক…

১/ মিথুন ৰাশি
বুধ ৰাশিৰ পৰিৱৰ্তন মিথুন ৰাশিৰ লোকৰ বাবে উপকাৰী হ’ব। ব্যৱসায় কৰা মানুহৰ বাবে সময় অনুকূল হ’ব। দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব আৰু আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিও দেখিব। পাৰিবাৰিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব।

২/ সিংহ ৰাশি
বুধ গ্ৰহে সিংহ ৰাশিৰ লোকৰ বাবে কঢ়িয়াই আনিব ভাল খবৰ। যিসকলে বিনিয়োগ কৰাৰ কথা ভাবিছে তেওঁলোকে কৰিব পাৰে। অর্থনৈতিক পৰিস্থিতি আগতকৈ ভাল হ’ব৷ এই সময়ত বাহনৰ সুখো পাব পাৰে। কাম কৰা মানুহৰ বাবে সময় ভাল হ’বলৈ গৈ আছে। আপোনাৰ বছ আপোনাৰ কামত সুখী হ’ব আৰু আপোনাৰ কামৰ প্ৰশংসাও কৰিব।

৩/ তুলা ৰাশি
তুলা ৰাশিৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে অগ্ৰগতিৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকৰ দৰমহা বৃদ্ধি হ’ব পাৰে আৰু পদোন্নতিও হ’ব পাৰে। প্ৰেম জীৱন উন্নত হ’ব। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্ৰসাৰণ হ’ব পাৰে।

৪) কুম্ভ ৰাশি
এই সময়ত কুম্ভ ৰাশিৰ লোকৰ আত্মবিশ্বাস বাঢ়িব পাৰে। যদি কোনো কাম বহুদিন ধৰি বাকী আছিল তেন্তে সেয়া সফল হ’ব। চাকৰিৰ সমস্যাও নাইকিয়া হৈ যাব। নতুন চাকৰি বিচৰা লোকসকলে হয়তো নিজৰ আকাংক্ষিত চাকৰিৰ অফাৰ পাব।(dhanteras will shine luck of mithun singh tula kumbh rashi)

covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ! শেহতীয়া এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য

covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ
covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ

সচাকৈয়ে কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা দুগুণ হয় নেকি? শেহতীয়াকৈ এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে! কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে আগুৰি ধৰিছিল আৰু এতিয়া ইয়াৰ প্ৰভাৱক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিছে।(covid 19)

শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা দুগুণ হ’ব পাৰে। আমেৰিকাৰ বিজ্ঞানীসকলে কৰা এই অধ্যয়নটো যোৱা সপ্তাহত প্ৰকাশ পাইছিল।(A study revealed sensational facts)

(American scientists)যোৱা সপ্তাহত আমেৰিকাৰ বিজ্ঞানীসকলে শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত কৰ’নাৰ প্ৰথম ঢৌত সংক্ৰমণ হোৱা ১০ হাজাৰ লোকৰ ওপৰত গৱেষণা কৰা হৈছিল। এই লোকসকলক তিনিবছৰ ধৰি অনুসৰণ কৰি দেখা গ’ল যে যিসকল লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল তেওঁলোকৰ হাৰ্ট এটেক, ষ্ট্ৰোক বা মৃত্যুৰ সম্ভাৱনা দুগুণ, তেওঁলোকৰ সংক্ৰমণ ইমানেই ভয়াৱহ আছিল যে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল, এই আশংকা চাৰিগুণলৈ বৃদ্ধি পাইছিল। (people recovered from covid 19 have the risk of heart attack and stroke)

এই বিপদ কেৱল ভেকচিন নোলোৱাসকলৰ বাবে নেকি-
কিন্তু এই অধ্যয়ন ক’ৰ’নাৰ ভেকচিন উপলব্ধ নোহোৱা সময়ৰ পৰাই কৰা হৈছে। কিন্তু তথাপিও ভেকচিনৰ পিছতো কৰ’নাৰ দীৰ্ঘম্যাদী প্ৰভাৱ শৰীৰত কি হ’ব সেই লৈ বিশেষজ্ঞসকলৰ মাজত গুৰুতৰ উদ্বেগ প্ৰকাশ পাইছে। ৰিডিং বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এঞ্জেলা ক্লাৰ্কৰ মতে, ‘হৃদযন্ত্ৰই নিজকে ঠিক কৰিব নোৱাৰে, গতিকে এবাৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত ক্ষতিসাধন কৰাটো প্ৰায় অসম্ভৱ।’ লগতে তেওঁ কয় যে হৃদযন্ত্ৰ এটা শক্তিশালী অংগ, যাৰ অৱস্থা অতি বেয়া নোহোৱালৈকে কোনো সংকেত নিদিয়ে।

কৰ’না ভাইৰাছে হৃদযন্ত্ৰত বহু ধৰণে প্ৰভাৱিত কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছে তেজ জমা হোৱাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও মায়োকাৰ্ডিটিছ অৰ্থাৎ হৃদযন্ত্ৰৰ প্ৰদাহও কিছুমান ক্ষেত্ৰত দেখা গৈছে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

(how to take care of your heart)নিজৰ হৃদয়ৰ যত্ন কেনেকৈ লব জানেনে-
কিন্তু কৰ’না সংক্ৰমণৰ বেছিভাগ ক্ষেত্ৰতে সামান্য আৰু দীৰ্ঘম্যাদী কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ অধ্যাপক ক্লাৰ্কে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে আপোনাৰ এটা হাৰ্ট আছে যিয়ে আপোনাৰ জীৱনজোৰা কাম কৰিব লাগে, গতিকে ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

Pappu Yadav Attacks Himanta Biswa Sarma: দেওঘৰত হিমন্ত বিশ্ব শৰ্মাক এইয়া কি কলে পাপ্পু যাদৱে ?

pappu-yadav-attacks-himanta-biswa-sarma-deoghar-jharkhand
Pappu Yadav Attacks Himanta Biswa Sarma: দেওঘৰত হিমন্ত বিশ্ব শৰ্মাক এইয়া কি কলে পাপ্পু যাদৱে ?

দেওঘৰ, ২২অক্টোবৰ: সমাগত ঝাৰখণ্ড বিধানসভা নিৰ্বাচন (Jharkhand Assembly elections)। অহা ১৩ আৰু ২০ নবেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন । তাৰ পূৰ্বে শাসক-বিৰোধী দুয়োটা শিবিৰেই বৃদ্ধি কৰিছে ৰাজনৈতিক তৎপৰতা । ইফালে ঝাৰখণ্ডৰ ৰাজনীতিত এইসময়ত চৰ্চিত এটা নাম হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) । ঝাৰখণ্ড নিৰ্বাচনৰ বাবে বিজেপিৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দ্বায়িত্ব দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । সেয়েহে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত অসমৰ মুখ্যমন্ত্ৰীগৰাকী ।

ৰাজ্যখনত শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতাৰ মাজতে বিহাৰৰ পূৰ্ণিয়াৰ সাংসদ পাপ্পু যাদৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কৰিলে আক্ৰমণ (Pappu Yadav Attacks Himanta Biswa Sarma)। হিমন্ত বিশ্ব শৰ্মাক গুণ্ডা বুলি অভিহিত কৰি পাপ্পু যাদৱে কলে, হিমন্তই ঝাৰখণ্ডলৈ আহি গুণ্ডাগিৰি কৰিছে । দেওবাৰে সন্ধিয়া ঋাৰখণ্ডৰ দেওঘৰত উপস্থিত হোৱা পাপ্পু যাদৱে বিজেপিক আক্ৰমণ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য কৰা পৰিলক্ষিত হ’ল ।

পাপ্পু যাদৱে বিজেপিক আক্ৰমণ কৰি কয় যে ঝাৰখণ্ডত ঝাৰখণ্ডৰ চৰকাৰ গঠন হ’লেহে ইয়াৰ জনসাধাৰণৰ বিকাশ সম্ভৱ হ’ব, দিল্লী আৰু অসমৰ মানুহে ইয়াৰ স্থানীয় ৰাইজৰ সমস্যা কেতিয়াও বুজিব নোৱাৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তেওঁ ইয়ালৈ আহি গুণ্ডাগিৰি কৰিছে বুলিও উল্লেখ কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰি কলে, তেওঁ নিজৰ গুণ্ডাবোৰৰ জৰিয়তে ঝাৰখণ্ডত যিধৰণে চৰকাৰ গঠন কৰিব বিচাৰিছে, সেইয়া কেতিয়াও সম্ভৱ নহয়।

দেওঘৰত উপস্থিত হৈ পাপ্পু যাদৱে প্ৰথমে বাবা মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছতে জেএমএমৰ কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে এইবাৰ ঝাৰখণ্ডত হেমন্ত সোৰেনৰ(Hemant Soren) চৰকাৰ গঠন হোৱাটো নিশ্চিত । কাৰণ ঝাৰখণ্ডৰ ৰাইজে উপলব্ধি কৰিছে, যদি কোনোবাই ঝাৰখণ্ডৰ কল্যাণৰ হকে কাম কৰিব পাৰে, তেন্তে সেয়া কেৱল হেমন্ত সোৰেনেহে পাৰিব ।

Guwahati News: অন্ধকাৰ কোঠাত মাতৃৰ কংকালৰ সৈতে ৩ মাহ কি কৰিছিল পুত্ৰই?

Son Lives With Mother's Skeleton, Offers Food Daily Believing She Will Return to Life
Guwahati skeleton incident: মাতৃৰ কংকালৰ সৈতে দিনৰ পিছত দিন অতিবাহিত পুত্ৰৰ; কাষত শিৱৰ ফটো ৰাখি মৃত মাতৃক নিতৌ খাবলৈ দিছিল ৰুটি!

গুৱাহাটী, ২১ অক্টোবৰ: গুৱাহাটী মহানগৰীত শিহৰণকাৰী ঘটনা। ঠিক চিনেমাৰ শিহৰণকাৰী ঘটনাৰ দৰেই গুৱাহাটী মহানগৰীৰ জ্যোতিকুচিত এগৰাকী মাতৃৰ কংকালৰ সৈতে মানসিকভাবে অস্থিৰ পু্ত্ৰই মাহৰ পিছত মাহ কটোৱাৰ কথাই বহুতৰে হৃদয় কঁপাই তুলিছে(Guwahati News)। জ্যোতিকুচিৰ বাসিন্দা ৬৫ বছৰীয়া পূৰ্ণিমা দেৰ কংকাল দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়(shocking news Guwahati)। সন্দেহ কৰা অনুসৰি প্ৰায় ২-৩ মাহ পূৰ্বেই মহিলাগৰাকীৰ মৃত্যু ঘটিছিল আৰু তেওঁৰ মানসিৰভাবে অস্তিৰ পুত্ৰই মাতৃৰ মৃতদেহৰ কাষতে দিনৰ পিছত দিন ধৰি কটাইছিল(Guwahati man lives with skeleton)।

ওচৰ- চুবুৰীয়াই জানিবলৈ দিয়া অনুসৰি জয়দ্বীপৰ আক্ৰমণাত্মক আচৰণৰ বাবে তেওঁলোকৰ ঘৰলৈ নগৈছিল কোনো লোক। তাৰোপৰি তেওঁলোকৰ আত্মীয়- স্বজ্বনেই ঘৰখনলৈ অহা বন্ধ কৰিছিল। সেয়েহে ঘৰৰ ভিতৰত কি ঘটি আছে সেয়া জানিবলৈকো আগ্ৰহী নাছিল ওচৰ- চুবুৰীয়া কিম্বা আত্মীয়- স্বজ্বন । অৱশ্যে তাৰ মাজতে ওচৰ- চুবুৰীয়াই জয়দ্বীপক দেখিলে তেওঁৰ মাতৃৰ খা খবৰ লৈছিল। তেনে প্ৰশ্নৰ মুখামুখী হ’লে জয়দ্বীপেও তেওঁৰ মাতৃ ভালে থকা বুলিয়ে কৈ আহে যদিও যোৱা কিছুদিন ধৰি ওচৰ- চুবুৰীয়া লোকসকলৰ মনতো কিছু সন্দেহৰ সৃষ্টি হৈছিল । কিয়নো বিগত প্ৰায় ৩-৪ মাহে মহিলাগৰাকীক কোনোৱে প্ৰত্যক্ষ কৰা নাছিল আৰু তেওঁলোকৰ ঘৰৰ চৌপাশটোও জংঘলেৰে আঁৱৰি ধৰিছিল।

মাজতে ঘৰখনৰ কাষৰে এজন লোকে জয়দ্বীপক তেওঁলোকৰ ঘৰখনৰ চৌপাশটো পৰিস্কাৰ কৰাৰ কথা কৈছিল যদিও তেওঁঅকলে চাফা কৰিবলৈ অপাৰগ বুলি কয়। সেই সময়তে লোকজনে জয়দ্বীপৰ মাতৃৰ বিষয়ে সোধাত তেওঁৰ মাতৃ দেউতাকৰ ওচৰলৈ যোৱা বুলি লোকজনক জনাইছিল । কিন্তু কেইবছৰমানৰ পূৰ্বেই জয়দ্বীপৰ পিতৃৰ মৃত্যু হৈছিল। জয়দ্বীপৰ এই ভাষ্যৰ পাছতেই তেওঁৰ ওপৰত ওচৰ- চুবুৰীয়াৰ অধিক সন্দেহ ঘনীভূত হ’ল(Jyotikuchi Guwahati incident)।

দেওবাৰে ওচৰ চুবুৰীয়াৰ একাংশ লোকে পূৰ্ণিমা দে’ৰ খবৰ লোৱাৰ উদ্দেশ্যে ঘৰটোত বলপূৰ্বকভাৱে সোমাব বিচাৰিছিল যদিও জয়দ্বীপে ঘৰটোত সোমোৱাত বাধা দিয়ে(Mental illness and crime ) । ইয়াৰ পাছতে ওচৰ-চুবুৰীয়া লোকসকলে সমগ্ৰ ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ পাই সেই স্থানত আৰক্ষী উপস্থিত হৈ কোঠাটোত প্ৰবেশ কৰি নৰকংকালটো প্ৰত্যক্ষ কৰে(Jyotikuchi woman found dead) । লগে লগে সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

ইয়াৰ পাছতে ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া, CID দলৰ উপৰিও ফৰেন্সিকৰ এটা দল উপস্থিত হৈ নৰকংকালটো পৰীক্ষা কৰে । লগতে মানসিকভাৱে বিকাৰগ্ৰস্ত পুত্ৰ জয়দ্বীপক আৰক্ষীয়ে আটক কৰি সোধা-পোছাৰ বাবে থানলৈ লৈ যায় ।

ইফালে মাতৃৰ কংকালৰ সৈতে একেলগে বাস কৰা পুত্ৰৰ কথা বতৰাক লৈ এতিয়া বহুতৰে সন্দেহ হৈছে। বহুতে সন্দেহ কৰা অনুসৰি কোনো দুষ্ট চক্ৰই হয়তো সম্পত্তিৰ লোভতে মানসিকভাবে অস্থিৰ পুত্ৰৰ(mentally unstable son) হতুৱাই মহিলাগৰাকীক হত্যা কৰিছে। ইপিনে মৃত মহিলাগৰাকীৰ পুত্ৰ জয়দ্বীপে আৰক্ষীৰ ওচৰত কৰিছে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য। দেওবাৰে আৰক্ষীয়ে কংকালটো উদ্ধাৰ হোৱাৰ সময়ত কংকালৰ কাষতে উদ্ধাৰ হৈছিল এখন শিৱৰ ফটো, কিছু পূজাৰ সামগ্ৰী আৰু ৰুটিৰ টুকুৰা। আৰক্ষীৰ জেৰাত পূৰ্ণিমা দে’ৰ মানসিকভাৱে অস্থিৰ পুত্ৰই দিছে কেতবোৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। মাকৰ কংকালৰ সন্মুখত সদায়ে পূজা কৰিছিল জয়দ্বীপে। মাক জীয়াই উঠিব বুলি মৃতা মাকক ৰুটিও দিছিল পুত্ৰই। ইতিমধ্যে গড়চুক আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা ঘটনাটোৰ তদন্ত কৰি আছে। তদন্তৰ পিছতহে স্পষ্ট হ’ব ঘটনাৰ প্ৰকৃত ৰহস্য কি।

Behali Congress । বিহালীত কংগ্ৰেছ দলত সংঘাত :: জয়ন্ত বৰাক কংগ্ৰেছ দলীয় টিকট নিদিবলৈ আহ্বান তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদ…

Behali Congress । বিহালীত কংগ্ৰেছ দলত সংঘাত :: জয়ন্ত বৰাক কংগ্ৰেছ দলীয় টিকট নিদিবলৈ আহ্বান তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদ...
Behali Congress । বিহালীত কংগ্ৰেছ দলত সংঘাত :: জয়ন্ত বৰাক কংগ্ৰেছ দলীয় টিকট নিদিবলৈ আহ্বান তৃণমুল কংগ্ৰেছৰ প্ৰতিবাদ...


গুৱাহাটী, ২১ অক্টোবৰ:  প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত অব্যাহত আছে বিহালীত, কোনোৱে বিচাৰে জয়ন্ত বৰাক আন কোনোৱে বিচাৰে চি পি আই এম এলৰ প্ৰাৰ্থীক । বিহালী সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ ক্ষেত্ৰত বিপাঙত পৰিছে কংগ্ৰেছ দল। (Behali Congress)

ইফালে ১৩ নৱেম্বৰ অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে চলাই আছে মাৰাথান প্ৰচাৰ । ইফালে, বিৰোধী অসম সন্মিলিত মঞ্চৰ মিত্ৰদল সমুহৰ মাজত দেখা গৈছে প্ৰাৰ্থীত্বকেন্দ্ৰীক টনা আজোৰা । এফালে, চি.পি.আই.এম.এল দলে আসন এৰি দিয়াৰ বাবে হেচা প্ৰয়োগ কৰিছে আনফালে একাংশ কংগ্ৰেছ কৰ্মীয়ে সমষ্টিটো আন দলক নিদি নিজা প্ৰাৰ্থী প্ৰদান কৰিবলৈ দাবী কৰিছে ।

শেহতীয়াকৈ কংগ্ৰেছ দলে সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক টিকট প্ৰদান কৰাৰ চৰ্চা চলাৰ লগে লগে বিশ্বনাথ জিলা কংগ্ৰেছত দেখা গৈচে তীব্ৰ বিসম্বাদ।জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই জয়ন্ত বৰাক টিকট প্ৰদান কৰিলে মুণ্ডন প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়াৰ বিপৰীতে বিহালী সমষ্টিৰ তৃণমুল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী সকলে জয়ন্ত বৰাক মুকলি সমৰ্থন আগবঢ়াই জিলা কংগ্ৰেছৰ সভাপতি গৰাকীক ভৱিষ্যতে বিহালীত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।

ইফালে, তৃণমুল পৰ্যায়ৰ কৰ্মী সকলে জিলা সভাপতি গৰাকীৰ নিজৰ মূৰতে চুলি নাই তেওঁ কি মুণ্ডন প্ৰতিবাদ কৰিব বুলি কটাক্ষ কৰে। আনহাতে, জয়ন্ত বৰাক যদিহে টিকট প্ৰদান নকৰে তেন্তে সমষ্টিৰ সকলো সংখ্যালঘু লোকে আগন্তুক উপ নিৰ্বাচনত ক‌ংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰাৰ হুংকাৰ দিয়ে। সদ্য বিজেপি ত্যাগী নেতা জয়ন্ত বৰাক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ চৰ্চা চলাৰ লগে লগে আজি বিয়লি ৪ মান বজাত বিহালী বিধানসভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ চাপৰিত একাংশ কংগ্ৰেছ কৰ্মীয়ে জয়ন্ত বৰাক প্ৰাৰ্থীত্ব প্ৰদান নকৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Bhaona Performance: কলাক্ষেŽত্ৰত ‘কুৰ্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শন

Bhaona Performance: কলাক্ষেŽত্ৰত ‘কুৰ্ম অৱতাৰ’ ভাওনা প্ৰদৰ্শন
যুৱ-অভিনেতা ৰূপজিৎ কলিতাক লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা’ ›প্ৰদান

গুৱাহাটী, ২১ অক্টোবৰ: দেৱবাদ্যৰ শব্দ, দোহাৰ, ভাওনাৰ বচনৰে মুখৰিত হৈ পৰিল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। শনিবাৰে মঞ্চস্থ হয় কুৰ্ম অৱতাৰ(Kurma Avatar) শীৰ্ষক এখন ভাওনা(Bhaona Performance)।সমাজ সচেতক এগৰাকী ব্যক্তি তথা সাংস্কৃতিক কৰ্মী প্ৰয়াত লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত তেওঁৰ পৰিবাৰ নিবেদিতা হাজৰিকা আৰু পৰিয়ালবৰ্গৰ লগতে বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’-এ(Spandan… Shabdar Para Hridaylai) এইভাগ ভাওনা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত যোৰহাটৰ ‘পাঞ্চজন্য নাট্যগোষ্ঠী’ৰ ‘‘কুৰ্ম অৱতাৰ’’ ভাওনা ›প্ৰদৰ্শন

১৯ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৰ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহৰ মঞ্চত সম্পূৰ্ণ মহাপুৰুষীয়া নীতি-নিয়মেৰে প্ৰদৰ্শন কৰা হ’ল ‘কুৰ্ম অৱতাৰ’ শীৰ্ষক ভাওনাভাগি। ‘লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণী মঞ্চ’ৰ উদ্যোগত আৰু ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সহযোগত আয়োজিত ভাওনা পৰিৱেশনৰ অনুষ্ঠানটোত সাংস্কৃতিক নগৰী যোৰহাটৰ মাজ-মজিয়াৰ মালৌআলি, কমলাবৰীয়াৰ ‘পাঞ্চজন্য নাট্যগোষ্ঠী’য়ে সুন্দৰকৈ পৰিবেশন কৰিলে ‘কুৰ্ম অৱতাৰ’ শীৰ্ষক ভাওনাভাগি।

ভাওনাভাগৰ পৰিচালনা পূৰ্ণানন্দ দত্তৰ। দোহাৰ মনোৰঞ্জন বৰা, ৰক্তিম শংকু বৰা আৰু সংগীবৃন্দৰ। ২০০৪তে প্ৰতিষ্ঠা হোৱা যোৰহাটৰ পাঞ্চজন্য নাট্যগোষ্ঠী অসমৰ বিভিন্ন স্থানত ভাওনা প্ৰদৰ্শন কৰি সমাদৃত হোৱাৰ লগতে প্ৰতিযোগিতামূলক ভাওনাত বহুবাৰ শ্ৰেষ্ঠ আসন লাভ কৰিবলৈ সক্ষম হৈছে।

মাজুলীৰ আউনীআটী সত্ৰৰ ভাওনা সমাৰোহতো দুবাৰকৈ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আধ্যাত্মিক আৰু সাত্ত্বিক ভাবাদৰ্শৰে সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰ কৰি সমাজত এক সুস্থ সাংস্কৃতিক পৰিবেশ সূচনাৰ ক্ষেত্ৰত দলটোৱে উল্লেখযোগ্য ভূমিকা লৈ আহিছে।

জন্ম লগ্নৰে পৰা দলটিৰ শিল্পীসকলে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অনুশীলন অব্যাহত ৰাখি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগুৱাই গৈছে। শিল্পীসকলৰ অভিনয়ৰ লগতে মুখা, সাজ-সজ্জা আদি ‘গুৱাহাটীবাসীৰ বাবে আছিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ১৯ অক্টোবৰে পুৱা ভকতসকলৰ দ্বাৰা মাহ-প্ৰসাদ আগবঢ়াই নাম-প্ৰসংগৰে মঞ্চত অস্থায়ীভাবে প্ৰতিষ্ঠা কৰা হয় গুৰুআসন।

দুপৰীয়া নাট তথা ভাওনাৰ মুখা আদৰণি। ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানটিত সন্ধিয়া প্ৰদৰ্শিত হোৱা ‘কুৰ্ম অৱতাৰ’ ভাওনা উদ্বোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু বিশিষ্ট অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে। ভাওনা ভাগ উপভোগ কৰি উপস্থিত দৰ্শক ৰাইজ আপ্লুত হৈ পৰে।

ভাওনা পৰিৱেশনৰ আগতে এই অনুষ্ঠানতে যোৰহাটৰ যুৱ-অভিনেতা ৰূপজিৎ কলিতাক প্ৰদান কৰা হয় ‘লক্ষেশ্বৰ হাজৰিকা যুৱ অনুপ্ৰেৰণা বঁটা ২০২৪’। লগতে যোৰহাটৰে জ্যেষ্ঠ লোকশিল্পী উজ্জ্বল কুমাৰ দত্তক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বঁটাসমূহ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে।

Guwahati City Chess Championship 2024: গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপতভৌমিক, আমেয়া, সাৰস্বত আৰু চাৰ্ভীশ্ৰী বৰ্মন চেম্পিয়ন

Guwahati City Chess Championship 2024: গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপতভৌমিক, আমেয়া, সাৰস্বত আৰু চাৰ্ভীশ্ৰী বৰ্মন চেম্পিয়ন
Guwahati City Chess Championship 2024: গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপতভৌমিক, আমেয়া, সাৰস্বত আৰু চাৰ্ভীশ্ৰী বৰ্মন চেম্পিয়ন

গুৱাহাটী, ২১ অক্টোবৰ: গুৱাহাটী চিটি দবা সন্থাৰ উদ্যোগত ১৯-২০ অক্টোবৰত গুৱাহাটী-২১ৰ আৰজি বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত হোৱা অনুৰ্দ্ধ ৯ বছৰ আৰু অনুৰ্দ্ধ বছৰ ১৩ বছৰ শাখাৰ গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপৰ(Guwahati City Chess Championship 2024) সামৰণি পৰে শ্ৰেণী। ১৩ বছৰ অনুৰ্দ্ধ ল’ৰা শাখাত ভৌমিক কিশোৰ দাস, ১৩ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাত আমেয়া গুপ্তা, ৯ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰস্বত ডেকা আৰু ৯ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত চাৰ্ভি বৰ্মন চেম্পিয়ন হয়।


১৩ বছৰ অনুৰ্দ্ধ শাখাত ভৌমিক কিশোৰ ডেকাই ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট লাভ কৰি আনিশ গোস্বামীয়ে দ্বিতীয় স্থান লাভ কৰে। হৰ্ষ দীপ ডেকা আৰু আৰহান ৰহমান বৰাইও ৫ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান ঘোষণা কৰে। নীহাৰ দাসে ৪.৫ পইণ্ট লাভ কৰি ১১ বছৰ অনুৰ্দ্ধ শাখাত প্ৰথম স্থান লাভ কৰে আৰু চাণক্য মেধিয়ে ১১ বছৰ অনুৰ্ধ শাখাত ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।


৫ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি ১৩ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত খিতাপ দখল কৰিবলৈ সক্ষম হয় আমেয়া গুপ্তাই। ঋতিশা মায়ৰা ৰাজবংশীয়ে ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। নিষ্ঠা শইকীয়াইও ৪ পইণ্ট লাভ কৰিছিল যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত তৃতীয় স্থানত ঘোষণা কৰে। প্ৰতিধ্বনি সন্দিকৈ ৩ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। ১১ বছৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত ৩ আৰু ২.৫ পইণ্ট লাভ কৰি প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে আৰিয়ানা কাশ্যপ আৰু হৰিপ্ৰিয়া বৰাই।


অনূৰ্ধ্ব-৯ বছৰ লৰা শাখাত সৰস্বত ডেকাই অপৰাজিত হৈ থাকি ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে প্ৰাচুৰ্য্য চাংমাই। মাহিৰ জৈন আৰু হ্ৰেয়াশ ডেকাইও ৫ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান ঘোষণা কৰে। ৭ বছৰ অনুৰ্ধৰ শাখাত ৪ পইণ্টকৈ লাভ কৰি ৰেয়ান নোবিছ আৰু সূৰ্য্যংশু শইকীয়াই প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে।


৯ বছৰ অনুৰ্ধ ছোৱালী শাখাত ৫ ৰাউণ্ডৰ পৰা ৪.৫ পইণ্ট লাভ কৰি চেম্পিয়ন হয় চাৰ্ভি শ্ৰী বৰ্মন। ধান্যতা গোস্বামী আৰু ধানীক্ষা দাস দুয়োজনে ৪ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। আব্ৰি নাইলা বৰাই ৩.৫ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে।
চানভি কাশ্যপ আৰু ধান্যতা শৰ্মাই ৩ পইণ্টকৈ লাভ কৰি ৭ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে।


মুঠ ১২১গৰাকী খেলুৱৈয়ে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ল’ৰা আৰু ছোৱালী উভয় শাখাৰ ১৩ বছৰ অনুৰ্ধ আৰু ৯ বছৰ অনুৰ্ধ শাখাৰ শীৰ্ষ চাৰিগৰাকী খেলুৱৈক আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত ১৩ বছৰ অনুৰ্ধ আৰু ৯ বছৰ অনুৰ্ধ শাখাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হৈছে।(World Chess Champion)

ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰা প্ৰতিযোগিতাখনত তেওঁক সহায় কৰে আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ মনিমালা সিনহা, জ্যেষ্ঠ ৰাষ্ট্ৰীয় আৰ্বিটাৰ খনিন্দ্ৰ বৰ্মন, ৰাষ্ট্ৰীয় আৰ্বিটাৰ শংকৰ বৰুৱা আৰু প্ৰয়াগ হাজৰিকাই। (Grandmaster)
কামৰূপ মেট্ৰ’ৰ জিলা ক্ৰীড়া বিষয়া পুষ্পন্দু দাসে মুখ্য অতিথি হিচাপে পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

পুৰস্কাৰ বিতৰণ কৰে জিএমডিএৰ উপাধ্যক্ষ তথা গুৱাহাটী চিটি দবা সন্থাৰ সভাপতি মুকুটা ডেকা, গুৱাহাটী চিটি দবা সন্থাৰ কাৰ্যকৰী সভাপতি ড০ শিবেন দত্ত, অনন্ত গোস্বামী আৰু ড০ দেৱজিৎ শৰ্মা, গুৱাহাটী চিটি দবা সন্থাৰ উপ-সভাপতি আৰু সুজা উল ইছলাম হাজৰিকা, গুৱাহাটী চিটি দবা সন্থাৰ কোষাধ্যক্ষ।(Singapore Chess Federation)

Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে

Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে
Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ, ২১ অক্টোবৰ : ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত টিকিক নেপাই শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰা অমিয় কান্তি দাসে ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।(Dholai)

নিশা ধলাইৰ নৰসিংপুৰত অনুষ্ঠিত হোৱা বৈঠকত তেওঁ এই কথা ঘোষণা কৰে । অমিয় কান্তি দাসে কয়, “মই দীৰ্ঘদিন ধৰি মানুহৰ বাবে কাম কৰি আহিছো। দলটোৰ বাবে কাম কৰাৰ পিছতো দলটোৱে মোৰ অৱদানক উপযুক্ত স্বীকৃতি নিদিলে। গতিকে দল এৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছি। মোৰ উদ্দেশ্য ধলাইবাসীৰ সেৱা কৰা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰা।” তেওঁ কয়, সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তৰ সৈতে একমত নহয় । সেই কাৰণেই তেওঁ দলৰ সকলো পদ আৰু সদস্যপদৰ পৰা পদত্যাগ কৰে। অমিয় কান্তি দাসৰ এই সিদ্ধান্তই ধলাই সমষ্টিত ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে , বিজেপিৰ প্ৰাক্তন নেতাগৰাকীৰ এই পদক্ষেপে উপ-নিৰ্বাচনত নতুন সমীকৰণৰ সৃষ্টি কৰিব পাৰে। ধলাইৰ সাধাৰণ ৰাইজেও এই বিষয়ত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কোনো কোনোৱে অমিয় কান্তি দাসৰ এই সাহসী পদক্ষেপক সমৰ্থন কৰাৰ বিপৰীতে আন কোনোৱে তেওঁৰ সিদ্ধান্তক সমালোচনা কৰে। তেওঁৰ এই নতুন ভূমিকাই আগন্তুক উপ-নিৰ্বাচনত কি প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয়।

Side Effects Of Newspaper: সাৱধান! বাতৰি কাকতত পকৰি খাই নেকি? ডাক্তৰে দিলে সতৰ্কবাণী

Side Effects Of Newspaper: সাৱধান! বাতৰি কাকতত পকৰি খাই নেকি
Side Effects Of Newspaper: সাৱধান! বাতৰি কাকতত পকৰি খাই নেকি

বাতৰি কাকতত ৰখা গৰম পকৰি খোৱাৰ আনন্দই সুকীয়া। কিন্তু এটা কথা জানেনে বাতৰি কাকতত পকৰি খাই আপুনি আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিছে।(Side Effects Of Newspaper)

(Health Tips)আমি প্ৰায়ে গৰম খাদ্য প্লাষ্টিকৰ বেগত ৰখাৰ পৰা বিৰত থাকোঁ কাৰণ ইয়াৰ মাজেৰে মেক্ৰ’প্লাষ্টিক আমাৰ পেটত প্ৰৱেশ কৰি কেন্সাৰৰ দৰে বিপজ্জনক ৰোগৰ সৃষ্টি কৰে। (can be a cause of cancer)বেছিভাগ মানুহেই পলিথিনতকৈ বাতৰি কাকতক ভাল বুলি গণ্য কৰে, কিন্তু আপুনি জানি আচৰিত হ’ব যে বাতৰি কাকতত মেৰিয়াই থোৱা খাদ্যই স্বাস্থ্য যথেষ্ট ক্ষতি কৰে। বাতৰি কাকতে বহু ৰোগক আমন্ত্ৰণ জনায়। ইয়াৰ কাৰণ কি সেয়া জানো আহক।(Food Packing Tips)

(side effects of food packing in newspaper)বাতৰি কাকতত মেৰিয়াই থোৱা খাদ্য খোৱাৰ অসুবিধা-

হেমেট’লজিষ্ট তথা অংক’লজিষ্ট ডাঃ ৰবি কে গুপ্তাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা চকু মুদা কুলিৰ ভাও ধৰা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে “ৰাস্তাত বাতৰি কাকতত মেৰিয়াই থোৱা ভজা পকৰিত উপস্থিত ৰাসায়নিক পদাৰ্থ।

এই বাতৰি কাকতবোৰত অস্বাভাৱিক জৈৱ যৌগ থাকে, যিয়ে আপোনাৰ বহু ক্ষতি কৰিব পাৰে। আৰু আপুনি কেতিয়াবা ভাবিছেনে বাতৰি কাকত কেনেকৈ তৈয়াৰ কৰা হয়? ইয়াত ধূলি, বেক্টেৰিয়া আৰু অন্যান্য মলি থাকিব পাৰে, যাৰ ফলত খাদ্যজনিত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ডাঃ ৰবি কে গুপ্তাই কয়, “কাকত কাকতৰ সলনি আপুনি আপোনাৰ খাদ্য টিছু পেপাৰত পেক কৰি ল’ব পাৰে, বৰ্তমান টিছু পেপাৰ সকলোতে উপলব্ধ। এনে সৰু সৰু বস্তু গ্ৰহণ কৰিলে আপুনি ১০০ বছৰ জীয়াই থাকিব পাৰে। আপুনি নিজকে আৰু আপোনাৰ পৰিয়ালক সুৰক্ষিত কৰিব পাৰে।” নিজৰ যত্ন লোৱা লগতে ঘৰখনকো বচাই ৰাখক।

আমি বহুতেই আমাৰ খাদ্য আৰু স্বাস্থ্য প্ৰতি গুৰুত্ব নিদিও। যিটো অতি বেয়া কথা। আমি সকলোৱে আমাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। খাদ্যৰ প্ৰতি গুৰুত্ব দিলেহে আমাৰ স্বাস্থ্য ভালে থাকিব।