Home Blog Page 495

Bangagaon AGP By Election 2024: অগপৰ দুৰ্গখ্যাত বঙাইগাঁৱত দিপ্তীময়ী চৌধুৰীক টিকট

Bangagaon AGP By Election 2024: অগপৰ দুৰ্গখ্যাত বঙাইগাঁৱত দিপ্তীময়ী চৌধুৰীক টিকট
যিমানে ধুমুহা নাহক কিয় এনডিএৰ প্ৰাৰ্থীগৰাকী জয়ী হ'বই

বঙাইগাঁও, ২১ অক্টোবৰঃ অগপই সোমবাৰে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangagaon AGP By Election 2024) বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক(Candidate Diptimoy Chowdhury) টিকট প্ৰদান কৰা হয়। দলৰ কৰ্মীৰ মাজত বিৰূপ ভাব সৃষ্টি হৈছিল যদিও ইমান দিনে বিধায়ক হৈ থকা সমষ্টিটো পুনৰ নিজৰ পৰিয়ালৰ সদস্যৰ হাততেই সুৰক্ষিত হৈ থাকিব।

ইতিমধ্যেই আন তিনিটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে নাম ঘোষণা কৰিছে। বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পূৰ্বে সাংসদপত্নীক উপ-নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপৰ বিৰোধিতা কৰি জিলা সমিতিৰ সভাপতি-সম্পাদককে ধৰি বহু নেতা-কৰ্মীয়ে দলত্যাগ কৰে। এতিয়া দুৰ্গখ্যাত বঙাইগাঁও অগপ দলত ফাঁট মেলা পৰিলক্ষিত হৈছে। অৱশেষত, আঞ্চলিক ৰাজনীতিৰ অন্যতম দুৰ্গখ্যাত বঙাইগাঁৱত দলটোত মেলেলে ফাঁট৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আঞ্চলিক দল অগপৰ ভিতৰ চৰাত চলি থকা প্ৰাৰ্থিত্বকেন্দ্ৰিক আভ্যন্তৰীণ সংঘাতে লৈছিল চূড়ান্ত ৰূপ৷

প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফনীভূষণ চৌধুৰীৰপত্নী দীপ্তিময়ী চৌধুৰীৰ নাম আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নিশ্চিত হোৱাৰ সম্ভেদ পাই অগপৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি বিজয় সিংহ আৰু সম্পাদক তথা সমষ্টিটোৰ পৰা এই বাৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্বৰ প্ৰৱল দাবীদাৰ শৈলেন্দ্ৰ সৰকাৰৰ লগতে বহু নেতা তথা বিষয়ববীয়াই দলীয় পদবী আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰি আনুষ্ঠানিকভাৱে শনিবাৰে দলত্যাগ কৰিছিল৷ জিলা সমিতিৰ সভাপতি আৰু খোদ সম্পাদকে পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলত্যাগ কৰাত ভংগ হৈছিল অগপৰ বঙাইগাঁও জিলা সমিতি।

অগপৰ দুৰ্গ বুলি খ্যাত বঙাইগাঁৱত উপ-নিৰ্বাচনৰ পূৰ্বে দলটোৰ বাবে এয়া এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে৷ লগতে এয়া অগপ দলৰ বাবে এক অহনি সংকেট আৰু আগলৈ যে দলটোৰ সাংগঠনিক ভেঁটি দুৰ্বল হৈ পৰিব তাৰ আৰম্ভণি বুলি একাংশ দলীয় নেতা-কৰ্মী আৰু শুভাকাংক্ষীয়ে মন্তব্য কৰিছে৷ উল্লেখ্য, বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে জিলা অগপৰ সম্পাদক তথা বঙাইগাঁও পৌৰসভাৰ উপ পৌৰপতি শৈলেন্দ্ৰ সৰকাৰ এইবাৰ প্ৰথমৰ পৰাই প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল৷

সমষ্টিবাসীৰ মাজতো পৰিচিত শৈলেন্দ্ৰ সৰকাৰক দলটোৰ বহু নেতা-কৰ্মীয়ে প্ৰাক্তন বিধায়ক ফনীভূষণ চৌধুৰীৰ বিকল্প প্ৰাৰ্থী হিচাপে বিচাৰিছিল৷ কিন্তু তেওঁক মনে প্ৰাণে প্ৰাৰ্থিত্ব প্ৰদানৰ সপক্ষে নাছিল প্ৰাক্তন বিধায়ক তথা সাংসদ চৌধুৰী৷ এই কথা শৈলেন্দ্ৰ সৰকাৰে নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল৷

অগপৰ জ্যেষ্ঠ নেতা চৌধুৰীৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ আছে যে দলটোত তেওঁৰ সমকক্ষ হ’বলৈ কোনো নেতা-কৰ্মীকে সুবিধা নিদিয়ে৷ যাৰ বাবে এটা সময়ত দলটোৰ লগত জড়িত তথা অগপ নেতাগৰাকীৰ বিশ্বস্ত বুলি পৰিচিত প্ৰভাত বৈষ্ণৱেও দল ত্যাগ কৰিবলগীয়া হৈছিল৷ তাৰ পিছত দল ত্যাগ কৰিছিল আন এগৰাকী অগপ নেতা তথা প্ৰাক্তন পৌৰপতি দীপু চৌধুৰীয়ে৷ দলত যাৰ প্ৰভাৱ ক্ৰমাৎ শক্তিশালী হৈ উঠে তেওঁকেই যেন দল ত্যাগ কৰিবলৈ কূট কৌশল ৰচনা কৰা হয় আৰু এটা সময়ত লাঞ্চনা, বঞ্চনা সহিব নোৱাৰি দল ত্যাগ কৰিবলৈ বাথ্য হৈ পৰে তেওঁলোক৷

পিছে এইবাৰ প্ৰাক্তন বিধাকগৰাকীয়ে সাংসদ নিৰ্বাচিত হোৱাৰ পিছত বঙাইগাঁও অগপৰ লগতে সমষ্টিবাসীয়ে এগৰাকী বিকল্প নেতাক বিধায়ক হিচাপে পাব বুলি তথা একঘেমিয়া পৰিৱেশৰ অন্ত পৰিব বুলি আশা কৰিছিল৷ অন্তত নতুন মুখৰ ব্যক্তিক তথা পৰিয়ালৰ বাহিৰৰ লোকক অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলিয়ে ভাবিছিল৷ পিছে বিধায়ক পদ যোৱাৰ পিছতো পদটো যেন প্ৰাক্তন বিধায়কগৰাকীয়ে নিজৰ ঘৰতে ৰাখিব বিচাৰিলে৷ বিধায়কৰ ক্ষমতাৰ লোভ পোৱা অগপ নেতা চৌধুৰীয়ে সাংসদৰ পদ লাভ কৰাৰ পিছতো যেন সন্তুষ্ট নহ’ল আৰু অধিক ক্ষমতা ধৰি ৰখাৰ চেষ্টাত এইবাৰ নিজৰ পত্নীকে উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আগবঢ়াই দিলে৷ নিজে আন্ধাৰত থাকি আনৰ দ্বাৰা নিজ পত্নীৰ নাম প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে আগবঢ়াই দিলে যদিও সততে সকলোৰে আগত তথা সংবাদ মাধ্যমৰ আগত প্ৰাৰ্থিত্ব প্ৰদান আৰু প্ৰাৰ্থী নিৰ্বাচনৰ বিষয়ত তেওঁ জড়িত নহয় বুলি মন্তব্য কৰি আহিছে৷

ইপিনে প্ৰাৰ্থিত্বক লৈ বঙাইগাঁও অগপ দুটা ভাগত বিভক্ত হৈ পৰে৷ এটা ভাগে সাংসদ পত্নীক সমৰ্থন কৰাৰ বিপৰীতে আনটো ভাগে জিলা অগপৰ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ পক্ষত ঠিয় দিয়ে৷ লগতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক কোনো পধ্যে সমৰ্থন কৰে বুলি ৰাজহুৱাভাৱে শৈলেন্দ্ৰ সৰকাৰে মন্তব্য কৰে৷ আনকি সাংসদ চৌধুৰীয়ে নিজ পত্নীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে ভিতৰেদি উঠি পৰি লগাৰ অভিযোগ কৰি তেওঁক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰা নহয় তেতিয়া হ’লে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ঘোষণা কৰাত বঙাইগাঁও জিলা অগপৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ মাজতো হাহাকাৰ লাগে৷ যাৰ বাবে অগপ দলত সৃষ্টি হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ মষিমূৰ কৰাৰ লগতে দলটোৰ নেতা-কৰ্মীসকলৰ বিসম্বাদৰ পৰিসমাপ্তিৰ বাবে কেন্দ্ৰীয় নেতৃত্বই চেষ্টা চলায়৷

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আঁতৰাই দুয়োটা গোটক একত্ৰিত কৰি দলটোক শক্তিশালী ৰূপত ৰখাৰ বাবে যোৱা বুধবাৰে বঙাইগাঁৱত কেন্দ্ৰীয় সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তসহ কেইগৰাকীও নেতা উপস্থিত হৈ দুয়ো পক্ষৰ সৈতে আলোচাত মিলিত হৈ সংঘাতৰ অৱসানৰ চেষ্টা চলায়৷ লগতে অগপত কোনো বিসম্বাদ নাই বুলি কৈ সকলো ঠিক হৈ যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷ কিন্তু সেই প্ৰচেষ্টা যে কোনো কামত নাহিল তাৰ শেহতীয়া প্ৰমাণ জিলা সমিতিৰ সভাপতি- সম্পাদককে আদি কৰি দলটোৰ বিভিন্ন পৰ্যায়ৰ ৩৬গৰাকী বিষয়ববীয়াই নিজ পদবী তথা প্ৰাথমিক সদস্য পদৰ পৰা কৰা পদত্যাগ৷ জিলা অগপৰ সভাপতি আৰু সম্পাদক শৈলেন্দ্ৰ সৰকাৰে কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা নিজৰ পদত্যাগ পত্ৰত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সাংসদ ফনীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিৰোধিতা কৰি দলীয় পদবী তথা প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে৷ সেইদৰে পদত্যাগ কৰা দলৰ বিভিন্ন পৰ্যায়ৰ আন ‌‌৩৪গৰাকী দলীয় নেতা-কৰ্মীয়েও একেই কাৰণ উল্লেখ কৰিছে৷ পদত্যাগ কৰাসকলৰ মাজত অগপৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি তিলক নাৰায়ণ দেৱ, বঙাইগাঁও টাউন (দক্ষিণফাল) সমিতিৰ সভাপতি খৰ্গেশ্বৰ ৰায়, সম্পাদক মতীন সৰকাৰ, ঢালিগাঁও আঞ্চলিক সমিতিৰ সভাপতি গৌৰীশংকৰ বৰ্মন, ছিপছিলা আঞ্চলিক সমিতিৰ সভাপতি বিষ্ণু ৰাম মেধি, সম্পাদক বিষ্টু ৰাম নাৰ্জাৰী, চোকাপাৰা আঞ্চলিক সমিতিৰ সম্পাদক বিনয় ৰায়, কান্দুলিমাৰী সমিতিৰ সম্পাদক তৰণী কান্ত ৰায়, ২৪নং ৱাৰ্ডৰ হীৰু বাগদী আদি আছে৷

ইপিনে এই পদত্যাগ সন্দৰ্ভত শনিবাৰে বঙাইগাঁও অগপ কৰ্য্যালয়ত সাংসদ ফণীভূষণ চৌধুৰীয়ে(MP Phani Bhushan Choudhary) নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমাধ্যমৰ আগত কৈছিল যে, এয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বুলি মই নকওঁ৷ কাৰণ এতিয়ালৈকে আমাৰ দলে প্ৰাৰ্থী ঘোষণা কৰা নাই৷ আজিও তেৰজনীয়া প্ৰাৰ্থী নিৰ্বাচন সমিতিয়ে আঞ্চলিক সমিতিসমূহক তথা তৃণমূল কৰ্মীসকলক মাতি আনি মতামত লৈছে৷ দেওবাৰে সমিতিখনে প্ৰতিবেদন কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব৷ গতিতে কোনে প্ৰাৰ্থিত্ব পায় বা নাপায় আৰু আঞ্চলিক সমিতিসমূহে কাক সমৰ্থন কৰিছে সেই বিষয়ে আমি জ্ঞাত নহয়৷ আনহাতে, যিজনে প্ৰাৰ্থিত্ব বিচাৰিছে তেওঁ হয়তো নিজে প্ৰাৰ্থিত্ব নেপাব বুলি পতিয়ন গৈছে আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ যিটো মনোভাব সেইটো অনুভৱ কৰিছে আৰু সেয়ে হয়তো তেওঁলোকে আগতিয়াকৈ প্ৰাৰ্থিত্ব নাপাব বুলি অনুভৱ কৰিয়ে পদত্যাগ কৰিছে৷

সাংসদ চৌধুৰীয়ে লগতে কয় যে দলৰ জন্মলগ্নৰ পৰা জড়িত বহুত মানহ আহিছে আৰু গুচি গৈছে৷ প্ৰতিটো দলতে নিৰ্বাচনৰ সময়ত এনে ধৰণৰ ঘটনাবিলাক হয়৷ তেওঁ পদত্যাগ কৰাসকলৰ ভিতৰত কিছুমান ব্যক্তি যে দলৰ কৰ্মী তেওঁ সেই কথা জ্ঞাত নহয় বুলিও কয়৷ সম্পাদক শৈলেন্দ্ৰ সৰকাৰৰ সন্দৰ্ভত কয় যে সম্পাদকজনৰ মানুহৰ লগত সম্পৰ্ক আছিল আৰু মোৰ লগত কমেও বিশ বছৰ ঘূৰিছে৷ কিন্তু তেওঁ প্ৰাৰ্থিত্ব বিচৰাৰ পিছত তেওঁ যিখিনি মানুহক লগ পাইছিল সেই মানুহখিনিক পতিয়ন নিয়াব পাৰিব লাগিছিল৷ কাৰণ ইয়াত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব সেইটো কেন্দ্ৰিয় সমিতিয়ে সিদ্ধান্ত ল’ব ঠিকেই কিন্তু ইয়াত এটা সিদ্ধান্ত হৈছে যে তৃণমূল কৰ্মীসকলৰ মতামত লৈহে প্ৰাৰ্থী বাছনি কৰা হ’ব৷ ইপিনে যদি শৈলেন্দ্ৰ সৰকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ’লে তেওঁৰ প্ৰতি শুভকামনা আছে বুলিও কয়৷ লগতে কয় মই নিজে নিজিকো৷ ভোটাৰ ৰাইজেহে জিকায়৷ যদি শৈলেন্দ্ৰ সৰকাৰৰ ভোটাৰ ৰাইজৰ মাজত গণভিত্তি আছে জিকিব৷ সাংসদ চৌধুৰীয়ে কয় যে ‘৮৫ চনত বঙাইগাঁৱৰ ৰাইজে মোক বিধায়ক বনাইছে৷ শৈলেন্দ্ৰ সৰকাৰে বিধায়ক বনাব নোৱাৰে৷ এইবাৰৰ নিৰ্বাচনো আমি অগপ দল হিচাপে নেখেলো৷

এইবাৰ আমি এনডিএ হিচাপে নিৰ্বাচনটো ইয়াত খেলা হ’ব৷ গতিকে ইয়াত যিমানে ধুমুহা নাহক কিয়, লাগিলে কাইলৈ যদি ফনীভূষণ চৌধুৰীয়েও পদত্যাগ কৰি ওলাই যায় থাপিতো ইয়াত এনডিএৰ প্ৰাৰ্থীগৰাকী জিকিবই৷ এনডিএৰ প্ৰাৰ্থীগৰাকী লাগিলে ফনীভূষণ চৌধুৰীৰ পত্নীয়ে হওক কিম্বা শৈলেন্দ্ৰ সৰকাৰেই হওক বা কোনোবা বিকাশ ঘোষ হওক যিয়ে হওক জিকিবই৷ ইয়াত যুদ্ধখন এনডিএ আৰু ইণ্ডিয়াৰ মাজত হ’ব৷ সেয়ে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতটো গ্ৰাম্যাঞ্চলত নাই৷ সেয়ে ২৩ তাৰিখে গম পাব এওঁলোক দলৰ পৰা যোৱাৰ পিছত আমাৰ কিমান ক্ষতি হ’ল৷ ইয়াৰ পূৰ্বেও জিলা অগপৰ সভাপতি এগৰাকী দলত্যাগ কৰি গৈছিল৷ সেইবাৰো ফনীভূষণ চৌধুৰী পৰাস্ত হ’ব বুলি কৈছিল৷ কিন্তু বঙাইগাঁও সমষ্টিবাসী ৰাইজ ধন্যবাদৰ পাত্ৰ যে তেওঁলোকে প্ৰকৃত সত্যটো অনুধাৱন কৰে৷ ইপিনে এওঁলোকক দলৰ পৰা পদত্যাগ কৰাৰ বাবে পৰিৱেশৰ সৃষ্টি কৰা হ’ল নেকি বুলি সাংবাদিকে সাংসদগৰাকীক সোধাত কয় যে পৰিৱেশ কেনেকৈ সৃষ্টি হ’ল ? যোৱা দুদিন পূৰ্বে দলৰ সভাপতি-কাৰ্যকৰী সভাপতি আহিছিল৷

আমাৰ মাজত আলোচনা হৈছিল আৰু মোৰ লগতে ভূপেন ৰায়, বিজয় সিংহ, শৈলেন্দ্ৰ সৰকাৰসহ সাতজনক দায়িত্ব দি গৈছিল যে আমি বহি সিদ্ধান্ত লম৷ ইয়াৰ পিছত আহ্বায়ক ভূপেন ৰায়ে বৃহস্পতিবাৰে সন্ধিয়া এখন সভালৈ তেওঁলোকক মাতে যদিও তেওঁলোক নাহিলে৷ তেওঁলোকে ভিতৰত থাকি যুদ্ধ কৰিব লাগিছিল৷ বাহিৰত থাকি যুদ্ধ কৰিলে কেনেকৈ হ’ব৷ তেওঁলোকৰ জনপ্ৰিয়তা, গণভিত্তি, নাৰ্য্যতা তথা দাবী দলৰ ভিতৰত থাকি দেখুৱাই দিব লাগিছিল৷ তেতিয়া নিশ্চয় হ’লহেতেন৷ প্ৰাৰ্থী সন্দৰ্ভত কোনো হস্তক্ষেপ হোৱা নাই আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ আবেগ-অনুভূতিক গুৰুত্ব আৰোপ কৰি নিৰ্বাচন পৰিচালনা সমিতিখনে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু তাক কেন্দ্ৰীয় সমিতিলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব৷

তাৰ পিছত কেন্দ্ৰীয় সমিতিয়ে কি সিদ্ধান্ত লয় ল’ব বুলিও সাংসদগৰাকীয়ে কৈছিল৷ ইপিনে পদত্যাগী জিলা অগপৰ সভাপতি বিজয় সিংহই সংবাদ মাধ্যমৰ আগত কয় যে সাংসদ ফনীভূষণ চৌধুৰীয়ে তেওঁৰ পত্নীক উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল৷ আনহাতে, আমি জিলা অগপৰ সম্পাদক শৈলেন্দ্ৰ সৰকাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলো৷ আমি আশা কৰিলো আমি পাম বুলি৷ আমি তেওঁলোকক সন্মত কৰাব বিচাৰিছিলো যে দিপ্তীময়ী চৌধুৰী প্ৰাৰ্থী নহওক৷ ৩২ বছৰ ধৰি শৈলেন্দ্ৰ সৰকাৰে দলৰ হৈ কাম কৰি আহিছে৷ মইও পুৰণি৷ কিন্তু দিপ্তীময়ী চৌধুৰী যে আগে পিছে দলৰ কৰ্মী আছিল তেনে নহয়৷ গতিকে তেওঁৰ নামটো কিয় আহিব প্ৰাৰ্থীৰ তালিকাত৷ দলীয় কৰ্ম-কৰ্তা হিচাপে পদবী নাই৷ সেয়ে আমি প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিলো৷ প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও ইতিমধ্যে চূড়ান্ত হৈছে৷ ইয়াৰ পৰা বাছনি কৰি প্ৰেৰণ কৰা মানে কেন্দ্ৰীয় সমিতিয়ে অনুমোদ জনাবই৷

আনহাতে, পদত্যাগ কৰাৰ পিছত তেওঁলৈ বিভিন্ন দলৰ পৰা ফোন অহা বুলি কৈ শুভাকাংশী তথা বাকী পদত্যাগীসকলৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত ল’ব বুলিও কয়৷ লগতে কয় যে ৰাজনীতিত থাকিম নে নেথাকিম তাৰো কথা আছে বুলিও কয়৷ উল্লেখ্য, সাংসদগৰাকীয়ে দলৰ এইসকল নেতা-কৰ্মীয়ে পদত্যাগ কৰিলে দলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰিলেও দলটো যে বঙাইগাঁৱত এটা সময়ত থৰক বৰক হৈ পৰিব সেয়া ক্ৰমাৎ সময় সমাগত৷

কাৰণ বঙাইগাঁও সমষ্টিকলৈ চকু বিজেপি দলৰো৷ কংগ্ৰেছ দলেও নিজৰ দখললৈ নিবলৈ চেষ্টা চলাই আছে যদিও সফল হোৱা নাই৷ কিন্তু সাংসদ নিৰ্বাচিত হোৱাৰ পিছত ফনীভূষণ চৌধুৰীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰি নিজৰ পত্নীক বিধায়ক বনোৱাৰ চেষ্টা কৰাত অগপৰ নেতা-কৰ্মীসকল ক্ষুদ্ধ হৈ পৰিছে। যদি অগপৰ নেতৃত্বই প্ৰাৰ্থী সলনি নকৰে তেন্তে অগপৰ বিসম্বাদী গোটে বিকল্প প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলিও এক সূত্রই প্রকাশ কৰিছে। কিন্তু সেয়া জানিব পৰা যাব কিছুদিন পিছতহে৷

Agricultural Land of Indigenous Peoples: খিলঞ্জীয়া মানুহৰ কৃষিভূমি সুৰক্ষিত কৰাৰ দাবীত টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ

Agricultural Land of Indigenous Peoples: খিলঞ্জীয়া মানুহৰ কৃষিভূমি সুৰক্ষিত কৰাৰ দাবীত টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ
টাঙোনমাৰীত আছু উত্তাল প্ৰতিবাদ

গুৱাহাটী, ২১ অক্টোবৰঃ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ পশ্চিম বংশৰ মৌজাৰ অন্তৰ্গত দোকনীয়, গাওঁবুঢ়াৰ পাম, টাঙোনমাৰী আদি ঠাইত খিলঞ্জীয়া কৃষকে কৃষিৰ জৰিয়তেই নিজৰ লগতে পৰিয়ালৰ পোহপাল দি আহিছে। কিন্তু আজিৰ পৰা দুই তিনিবছৰ ভিতৰত হঠাতেই অখিলঞ্জীয়া লোকৰ অবৈধ আগ্ৰাসনত শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে এই অখিলঞ্জীয়া লোকসকলে(Agricultural Land of Indigenous Peoples) খিলঞ্জীয়া মানুহৰ কৃষিভূমি ভয় ভাবুকিৰে দখল কৰাত খিলঞ্জীয়া লোকসকল প্ৰাণৰ শংকাত কৃষি ভূমি এৰি থৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে।

আৰু এই খিলঞ্জীয়া লোকসকলৰ কৃষিভূমি অখিলঞ্জীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰি, খিলঞ্জীয়া কৃষকক সুৰক্ষা প্ৰদান কৰাৰ দাবীত সোমবাৰে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই(ASSU) টাঙোনমাৰী মথাউৰিৰ ওপৰত বিক্ষোভ কাৰ্যসূচী ৰুপায়ন কৰে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’ কাৰ্ড লৈ, খিলঞ্জীয়া কৃষকক সুৰক্ষা প্ৰদান কৰক।

খিলঞ্জীয়া কৃষকৰ কৃষি ভূমি উদ্ধাৰ কৰক। হাজো ৰাজহ চক্ৰ বিষয়া হুচিয়াৰ, অসম চৰকাৰ(Assam Government) হায় হায় আদি ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি তোলে। শতাধিক প্ৰতিবাদকাৰী উপস্হিত থকা কাৰ্যসূচীটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতা উপস্হিত থাকি, চৰকাৰে খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰা শ্লোগান এতিয়া ধোৱা চাঙত বুলি কৈ অসম চৰকাৰক তীব্ৰ সমোলোচনা কৰি কয় যে খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰাত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

আৰু হাজো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ(Revenue Circle Officer’s Office) এচাম মণ্ডল-কাননগো হেমাহিৰ কাৰণে কাৰ্যালয়টোত দিনক দিনে মাটিৰ দালালৰ সংখ্যা বৃদ্ধি হৈছে। ফলত এই দালল বিলাকৰ জৰিয়তেই মণ্ডল বিলাকক মেনেজ কৰি লৈ খিলঞ্জীয়া লোকৰ কৃষিভূমি অখিলঞ্জীয়া কিছুমান মানুহৰ নামত মাটিৰ নাম জাৰি কৰি দিয়া কাম আৰম্ভ হৈছে।

আৰু এই ক্ষেত্ৰ খিলঞ্জীয়া কৃষকৰ(Farmers) কৃষিভুমি সুৰক্ষিত কৰাৰ কাৰণে অনতিপলমে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে। কাৰ্যসূচীটোত হাজো ৰাজহ চক্ৰ বিষয়া আফ্ৰিন হুছেইন উপস্হিত হৈ প্ৰতিবাদকাৰী সকলক উক্ত বিষয়টো গুৰুত্বসহকাৰে লৈ পদক্ষেপ গ্ৰহণ কৰিম বুলি আশ্বাস প্ৰদান কৰে।

আৰু প্ৰতিবাদকাৰীসকলে খিলঞ্জীয়া কৃষকৰ সমস্যা সমাধান কৰাৰ কাৰণে দাবী উত্থাপন কৰি পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল কলিতা আৰু সাধাৰণ সম্পাদক নিকু কুমাৰ বৈশ্য স্বাক্ষৰিত এখন ষ্মাৰক-পত্র চক্র বিষয়াগৰাকীক প্ৰদান কৰে।

কাৰ্যসূচীটোত আছু নেতা নৱজ্যোতি দাস, সুৰজিত কলিতা, ধনজিত কুমাৰ নাথ, ৰুবুল কলিতা, প্ৰাণজিত দেওৰীয়াৰ লগতে অঞ্চলটোৰ কেইবাজনো সচেতন ব্যক্তি উপস্হিত থাকে।

Famous Play Abhijnana-Shakuntalam: মহাকবি কালিদাসৰ বিশ্ববিশ্রুত নাট ‘অভিজ্ঞান-শাকুন্তলম’ সংস্কৃততে মঞ্চস্থ

Famous Play Abhijnana-Shakuntalam: মহাকবি কালিদাসৰ বিশ্ববিশ্রুত নাট 'অভিজ্ঞান-শাকুন্তলম' সংস্কৃততে মঞ্চস্থ

নগাঁও, ২১ অক্টোবৰ : নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই ২৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে শনিবাৰে সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্রেক্ষাগৃহত মহাকবি কালিদাসৰ বিশ্ববিশ্রুত নাট ‘অভিজ্ঞান-শাকুন্তলম'(Famous Play Abhijnana-Shakuntalam) মঞ্চস্থ কৰে। নাটখনৰ মূল কাঠামোত আঘাত নকৰাকৈ নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই সম্পাদনা আৰু অভিযোজনা কৰা নাটখন সংস্কৃত ভাষাত উপস্থাপন কৰা হয়।

সন্ধিয়া নগাঁও জিলা পুথিভঁৰালত গাম্ভীর্যপূর্ণ পৰিৱেশত ‘অভিজ্ঞান-শাকুন্তলম’ নাটখন উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

নাটখন উদ্বোধন কৰি দিয়া ভাষণত বৰুৱাই সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত ভাষাৰ গৰিমাৰ বিষয়ে উল্লেখ কৰে। আনহাতে, সংস্কৃত ভাষাত এখনি পূৰ্ণাংগ নাট মঞ্চায়ন কৰাৰ বাবে তেওঁ নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ শলাগ লয়।(Indian Poet Kālidāsa)

উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ক্ৰমে বৰ্ষীয়ান সংস্কৃত পণ্ডিত যজ্ঞপতি শৰ্মা শাস্ত্ৰী, সাহিত্যিক উপেন্দ্ৰ বৰকটকী, সমাজসেৱক মুকুল শর্মা, শিক্ষাবিদ বিপুল কটকী আৰু গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চৰ সাধাৰণ সম্পাদক ড: ধৰ্মেশ্বৰ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে নগাঁও জিলা সংস্কৃত ভাষা(Sanskrit Language) বিকাশ মঞ্চৰ সভাপতি গুণ শইকীয়াই ‘অভিজ্ঞান-শাকুন্তলম’ নাটখনৰ সন্দৰ্ভত চমু আভাস দাঙি ধৰে।(Nagaon District Library)

উল্লেখ্য, অধ্যাপক গুণ শইকীয়াই সম্পাদনা আৰু মঞ্চ অভিযোজনা কৰা ‘অভিজ্ঞান-শাকুন্তলম’ নাটখনৰ পৰিচালক ৰাজেন ফুকন আৰু সহযোগী পৰিচালক ড° দ্বিজেন শৰ্মা৷ সংগীত দীপক কুমাৰ শৰ্মাৰ। মঞ্চ সজ্জা আৰু বেশভূষাত মৃদু মৌচম বৰা, কলা নিৰ্দেশনা জ্যোতি গগনৰ৷ অংগ সজ্জাত প্ৰকাশ বৰা৷ পোহৰ-শব্দ ব্যৱস্থাপনাত ৰাজেন ফুকন আৰু উৎপল বৰা৷

নাটখনৰ সামগ্ৰীক ব্যৱস্থাপনা ড: ধৰ্মেশ্বৰ গোস্বামীৰ। সংগীত সহযোগীসকল হৈছে ক্ৰমে অতুল মহন্ত,অভিষেক ধৰ, গুণকান্ত দাস। নান্দীশ্লোক-সংলাপৰ নেপথ্যৰ শিল্পী ৰঞ্জন বেজবৰুৱাৰ আৰু গীতত ইন্দ্ৰাণী বৰা।

নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হৈছে ক্ৰমে ৰুবুল মহন্ত, নিৰ্মান মুক্তিয়াৰ, তন্মী ফুকন, নিবেদিতা গৌতম,চিংকী কলিতা বৰা, ড: দ্বিজেন শর্মা, বৰ্ণালী পৰাশৰ, পুতুল শর্মা, বিকাশ বৰা, নৱজ্যোতি গোস্বামী, লক্ষ্যজ্যোতি শইকীয়া, প্রকাশ শইকীয়া, যুগল হাজৰিকা, প্রশান্ত গোস্বামী, সত্যপ্রসাদ শর্মা, বর্ণম গোস্বামী, জিষ্ণু বেজবৰুৱা, উজ্বলমনি বৰা, কমলেশ শইকীয়া, পূর্ণিমা গোস্বামী, খ্যাতি প্রিয়ম বৰা, ময়ুখী বেজবৰুৱা, মানসী দেৱী, উজ্বলমনি বৰা আৰু যোষিতা শর্মা।

সংস্কৃত ভাষাৰ পূৰ্ণাংগ নাট ‘অভিজ্ঞানম-শাকুন্তলম্'(Abhijñānam-śākuntalam) মঞ্চায়নৰ বাবে নগাঁও জিলা সংস্কৃত ভাষা বিকাশ মঞ্চই প্ৰায় তিনি মাহ ধৰি প্ৰস্তুতি চলায়। আনহাতে, নগাঁও জিলাৰ লগতে ৰাজ্যখনৰ আন কেইবাখনো জিলাৰ পৰা অহা দৰ্শকে নাটখনৰ প্ৰতি বিপুল সঁহাৰি জনোৱাৰ লগতে সংস্কৃত ভাষা বিকাশ মঞ্চৰ এনে প্ৰচেষ্টাৰ শলাগ লয়।

Love Jihad Land Jihad: বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে : পল্লৱ শইকিয়া

Love Jihad Land Jihad: বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে : পল্লৱ শইকিয়া
হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়া

শিলচৰ, ২১ অক্টোবৰ : অসমত এটা বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই এই মন্তব্য কৰিছে।হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত দেওবাৰে শিলচৰ গান্ধী ভৱনত হিন্দু সন্মিলন আৰু আলোচনা সভা অনুষ্ঠিত হয়। আলোচনা সভাত বিশিষ্ট ব্যক্তিসকলে ‘জিহাদ আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰ’ বিষয়ত ভাষণ দিয়ে। লগেত হিন্দু যুৱ পৰিষদৰ(Hindu Yuva Parishad) কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই জেহাদৰ আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰৰ ওপৰতো বক্তব্য আগবঢ়ায়।

তেওঁ কয় যে, বৰ্তমান অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ(Special Communities) ৰাইজে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ(Love Jihad Land Jihad) জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। অসমত লাভ জেহাদৰ সৈতে ভূমি জেহাদৰ সমস্যা এতিয়া জটিল হৈছে৷

হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়া

লাভ জেহাদৰ বাবে ভুক্তভোগী হিন্দু ছোৱালী-বোৱাৰী যথেষ্ট ক্ষতিৰ সম্মুখীন হ’ব লগা হৈছে৷ তেওঁ হিন্দু যুৱ সমাজক জেহাদৰ আগ্ৰাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিৰোধ গঠন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, বাঙালী, অসমীয়া(Assamese), হিন্দীভাষী লোকসকলক একত্ৰিত হৈ জেহাদৰ বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনায়।তেওঁ কয়, মুছলমান পুৰুষে মিছা অভিনয় কৰি হিন্দু মহিলাক বিবাহৰ বাবে প্ৰলোভিত কৰি আছে, যাতে তেওঁলোকক ইছলাম ধৰ্ম গ্ৰহণ কৰি ভাৰতত হিন্দুৰ ওপৰত মুছলমানৰ আধিপত্য নিশ্চিত কৰা হয়।

অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই(Dr. Himanta Biswa Sarma) এই জেহাদসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও হিন্দু সমাজক এই ক্ষেত্ৰত সজাগ হোৱাৰ সময় হৈছে বুলি উল্লেখ কৰে তেওঁ।

এইদিনা এই উপলক্ষে আলোচনা সভাত বিশিষ্ট সমাজসেৱী শিৱানী গাংগুলী, হিন্দুত্ববাদী নেতা অসিত চক্ৰৱৰ্তী, পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জু নাথ, সাধাৰণ সম্পাদক দীপজ্যোতি দুৱাৰা, প্ৰচাৰ সম্পাদক উজ্জ্বল তামুলী, সমাজসেৱক বাসুদেৱ ভট্টাচাৰ্য আদিয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত উত্তৰানয়ন সাংস্কৃতিক সংস্থাসহ বিভিন্ন সংগঠনৰ শিল্পীসকলে সমবেত সংগীত আৰু নৃত্য পৰিৱেশন কৰে।

17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ

গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ
17th Inter District Wrestling Championship 2024: গুৱাহাটীত সামৰণি পৰিল ১৭ সংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ

(17th Inter District Wrestling Championship 2024)ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত মল্লযুঁজক সুদৃঢ়ভাবে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ১৯ অক্টোবৰৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ ডিটিআৰপি ষ্টেডিয়ামত আয়োজন কৰা সদৌ অসম আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাৰ ২০ অক্টোবৰত সফল সামৰণি পৰে৷ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য৷

নিজৰ ভাষণত ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই প্ৰত্যহিক জীৱনত খেলৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷ ৰাজ্যপালগৰাকীয়ে কয়– পূৰ্বে পঢ়িলে শুনিলে হৈছিল মহাৰাজ, এতিয়া খেলিলেও হয় মহাৰজা৷ ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই এনে মন্তব্যৰ জড়িয়তে বৰ্তমান সময়ত খেল-ধেমালিৰ গুৰুত্ব কিমান বৃদ্ধি পাইছে আৰু খেলো যে জীৱিকাৰ এক মাধ্যম হব পাৰে সেই কথাই বুজাবলৈ প্ৰয়াস কৰে৷ (Assam Wrestling Association)

ৰাজ্যপালগৰাকীয়ে আগতে খেলৰ গুৰুত্ব কম আছিল, কিন্তু এতিয়া খেলৰ গুৰুত্ব বৃদ্ধি পাইছে বুলিও কয়৷ সামৰণি অনুষ্ঠানত ৰাজ্যপালৰ উপৰি অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, সাংসদ দিলীপ শইকীয়া, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ,প্ৰণৱ জোতি লহকৰ, অসম মল্লযুঁজ সন্থাৰ উপ-সভাপতি অভিজিত নাথ, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি ৰাজীৱ শৰ্মাকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয়- খেল-ধেমালিয়ে নৱ প্ৰজন্মক ড্ৰাগছৰ দৰে ভয়াৱহ আসক্তিৰ পৰা দূৰত ৰাখিব পাৰে৷ সামৰণি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় উত্তৰাখণ্ডৰ পিছত অসমত হোৱাৰ সম্ভাৱনা থকা ৰাষ্ট্ৰীয় গেমছৰ বাবে অসমৰ ১১ গৰাকী মল্লযোদ্ধাক সাজু কৰি তোলাৰ অৰ্থে প্ৰশিক্ষণ দিবলৈ অসম চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব৷ (Wrestling Federation of India)

সেই ১১ গৰাকী খেলুৱৈৰ ভিতৰত গোলাঘাটৰ ২গৰাকী, লখিমপুৰৰ এগৰাকী, কোকৰাঝাৰৰ ২গৰাকী, শোণিতপুৰৰ ২ গৰাকী, গুৱাহাটীৰ ৰগৰাকী, কাৰ্বি আংলঙৰ ৰগৰাকী আৰু ডিমা হাচাওৰ ২গৰাকী খেলুৱৈ আছে৷ মল্লযুঁজক খেল মহাৰণৰ অন্তৰ্ভুক্ত কৰা হব বুলিও শৰ্মাই প্ৰকাশ কৰে৷ অসমৰ পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটা মল্লযুঁজক পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাতুল শৰ্মাৰ দৰে ব্যক্তিসকলে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে সাংসদ দিলীপ শইকীয়াকে ধৰি অন্যান্যসকলে৷ (Assam Wrestling Association President Ratul Sharma)

১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলা এই প্ৰতিযোগিতা শনিবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিছিল ৷প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩০ খন জিলাৰ পৰা খেলুৱৈৱে অংশগ্ৰহণ কৰে৷ (nehru stadium guwahati)গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত সপ্তদশ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা অনুষ্ঠিত চেম্পিয়নশ্বিপৰ উদ্ধোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টি, হাৰিয়ানা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মহাধিবক্তা তথা অসম মল্লযুঁজ সন্থাৰ মুখ্য ন্যায়িক উপদেষ্টা দেৱজিৎ ল’ন শইকীয়া, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক, পল্লৱলোচন দাস, পূৱ গুৱাহাটী আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু ৰূপক শৰ্মা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভড়ালী, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক উজ্জ্বল বৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তি সকলৰ উপস্থিত আছিল৷ প্ৰতিযোগিতা সুকলমে সম্পন্ন কৰাৰ বাবে খেলুৱৈ আৰু সমষ্টি সকলোকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই৷ (17th Inter-District Wrestling Competition at Indore Stadium)

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ'লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী
দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ'লে মোৰ ভাবমূৰ্তি ম্লান পৰিব : বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

বঙাইগাঁও, ২১ অক্টোবৰঃ মই কেতিয়াও সপোনোতো ভবা নাছিলোঁ যে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(By Blection) আমাৰ দলৰ প্ৰাৰ্থী মোৰ পৰিবাৰ দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury) হ’ব৷ কিন্তু কোনে এই নামটো উলিয়ালে সেইটো গৱেষণা কৰিবলগীয়া কথা হৈছে মোৰ কাৰণে৷ কাৰণ আপোনালোকে মোক ভাল পায়, শ্ৰদ্ধা কৰে৷

কিন্তু মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হলো মই৷ যিটো বিষয়ত মই অজ্ঞাত, যি বিষয় মই নাজানো, যিটো বস্তু মই কেতিয়াও ভবা নাছিলো এই কথাটোৱে হৈ হ’ল৷ তাৰ কাৰণে আজি মই কিছুমানৰ মনত আৰু কিছুমানৰ মাজত এলাগী হৈ গৈছো৷ এই মন্তব্য বঙাইগাঁও(Bongaigaon AGP) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phani Bhusan Choudhury)৷

দেওবাৰে বঙাইগাঁও অগপ কাৰ্যালয়ত অনুষ্ঠিত এখন দলীয় সাধাৰণ সভাত সাংসদ চৌধুৰীয়ে এইদৰে কয়৷ উল্লেখ্য, শেতীয়াভাৱে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানকলৈ অগপ দলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ লোৱাৰ ফলত আচম্বিতে দলটোৰ বঙাইগাঁও বিধান পৰিষদৰ সভাপতি বিজয় সিংহ, সম্পাদক তথা প্ৰাৰ্থিত্বৰ প্ৰৱল দাবীদাৰ শৈলেন্দ্ৰ সৰকাৰসহ বহুকেইজন নেতা- কৰ্মীয়ে শনিবাৰে দলত্যাগ কৰাৰ ফলত দলৰ ভিতৰ চ’ৰাত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকামিলা কৰাৰ বাবে তথা দলীয় শৃংখলা আৰু সাংগঠনিক দিশ অটুত ৰখাৰ স্বাৰ্থত দেওবাৰে দলটোৱে ততাতৈয়াকৈ এখন তদৰ্থভিত্তিক বঙাইগাঁও বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে৷

মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’লোঁ মই : ফণীভূষণ চৌধুৰী

দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত সাধাৰণ সভাত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি দলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়টো আলোচনা হয়৷ অগপ দলৰ লগতে মহিলা পৰিষদ, যুৱ পৰিষদৰ নেতা-কৰ্মীসকল উপস্থিত থকা সভাত বিভিন্নজনে দলৰ পৰা ওলাই যোৱা সকলক সমালোচনা কৰাৰ লগতে দলত থকাসকলে আগন্তুক সময়ত দলটোক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত কাম কৰি যাবলৈ সকলো দলীয় কৰ্মীকে আহ্বান জনায় ৷

সভাত দলটোৰ ১৯ খন আঞ্চলিকে সাংসদ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে৷ সেইদৰে ২৪ অক্টোবৰত অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণেও সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাত সৰ্বসন্মতভাবে অশোক নাৰায়ণ দেৱক সভাপতি, হেমন্ত ৰায়, লীনা সিংহ, মনোৰঞ্জন চৌধুৰী,শিবেন সৰকাৰ আৰু নিতেশ্বৰ ৰায়ক উপ সভাপতি, কিৰণ বৰ্মন আৰু শশীভূষণ মেধী সাধাৰণ সম্পাদক, পলাশ শাস্ত্ৰী, সুশান্ত দত্ত, বিকাশ পাঠক,হিমাংশু মহন্ত, বিকাশ ঘোষ, গোপাল কীৰ্তনীয়া আৰু পৰমেশ্বৰ শৰ্মাক সহঃসম্পাদক, নিৰ্মল চৌধুৰী আৰু ম়ণ্ময় নাথক তথ্য, প্ৰচাৰ আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক, বিপুল চৌধুৰী আৰু ৰবি সৰকাৰক বিত্ত বিভাগৰ সম্পাদক, মণ্টুমোহন ৰায়, প্ৰণৱ চৌধুৰী আৰু বক্তিয়াৰ ৰহমানক সাংগঠনিক সম্পাদক, ৰছিদুল আহমেদ আৰু ধনঞ্জয় ৰায়ৰ কাৰ্যালয় সম্পাদক, নিৰেন চন্দ্ৰ দাসক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, মুকুল বৰুৱাক কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য তথা আন ৪৪ জনক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ মুঠ ৭০ জনীয়া বঙাইগাঁও বিধান পৰিষদৰ তদৰ্থ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়৷

এই তদৰ্থ সমিতিখন কেন্দ্ৰিয় সমিতিৰ পৰা অনুমোদন জনাই আনিব বুলিও সভাৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে অৱগত কৰে৷ ইপিনে সভাত উপস্থিত থকা অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীয়ে নিজৰ বক্তব্যত কয় যে তেওঁৰ পৰিবাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আটাইতকৈ তেওঁ বেছি ক্ষতিগ্ৰস্ত হ’ব৷ সেয়ে যদিহে পাৰে তেওঁক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা মুক্তি দিয়ক৷ দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হলে ভাল পাম আৰু আন কোনোবা হলে বেয়া পাম এইটো নহয়৷

পাৰিলে আন প্ৰাৰ্থী চাবলৈকো কয়৷ লগতে তেওঁ দীপ্তিময়ী চৌধুৰীৰ নামটো যিসকলে প্ৰাৰ্থী হিচাপে উলিয়াছে আৰু সমৰ্থন জনাইছে সেইসকলৰ প্ৰতি আবেদন জনাই কয় যে অকল নামটো উলিয়াই দিলেই বা প্ৰাৰ্থিত্ব প্ৰদান কৰিলেই তথা প্ৰাৰ্থিত্ব প্ৰদানৰ পৰিৱেশ এটা সৃষ্টি কৰিলেই আপোনালোকৰ দায়িত্ব শেষ হৈ নাযায়৷

বৰং আপোনালোকৰ দায়িত্বৰ আৰম্ভণিহে হৈছে৷ মই আশা ৰাখিম বঙাইগাঁও সমষ্টিত অগপৰ যিটো ভেঁটি তথা যিটো দুৰ্গ বুলি আমি অসমৰ ৰাইজৰ আগত পৰিচিত সেই ভেঁটিটো অক্ষত ৰাখিব লাগিব৷ মই নিৰ্বাচনত যিমান ভোট লাভ কৰিছিলো তাতোকৈ এটা হলেও যাতে দীপ্তিময়ী চৌধুৰীয়ে বেছি ভোট লাভ কৰে সেই চিন্তাটো কৰক৷ তেতিয়াহে মই শান্তি পাম বুলিও কয়৷ তেওঁ সভাত কয় যে মোৰ ৩৮ টা বছৰৰ কাৰ্যকালত যিসকলক আটাইতকৈ বেছি সহায় কৰিলো, সুবিধা প্ৰদান কৰিলো সেইসকল তেওঁৰ ওচৰৰ পৰা আতৰি গৈ আছে৷ এই দলটো নেথাকিলে সেইসকল ব্যক্তিৰ আজিৰ যিটো অৱস্থা হৈছে হয়তো নহ’লহেতেন৷

অগপ দলৰ বাবেহে তেওঁলোকে আজিৰ অৱস্থা পাইছে৷ তেওঁ পদত্যাগ কৰা দুই এজন ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ এইদৰে কৈ সমালোচনা কৰে৷ আনহাতে সভাৰ অন্তত সাংসদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়াও যিহেতু প্ৰাৰ্থী ঘোষণা হোৱা নাই সেয়ে আমি অহা ২৪ অক্টোবৰতহে মনোনয়ন পত্ৰ দাখিল কৰিম৷ লগতে আমি যিহেতু অগপ দলে অকলে নিৰ্বাচন খেলা নাই সেয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে আমি যি তিনিটা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ আছো সেই মিত্ৰ দলৰ এখন সভা অনুষ্ঠিত হ’ব আৰু সভাত এখন নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হ’ব৷

সেই নিৰ্বাচন পৰিচালনা সমিতিখনে নিৰ্বাচনটো পৰিচালনা কৰিব৷ সভাত যিহেতু অগপৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে পদত্যাগ কৰিছে সেয়ে দলটোৰ এখন তদৰ্থ সমিতি গঠন কৰা হয়৷ অশোক নাৰায়ণ দেৱক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে৷ জিলা সভাপতি আৰু সম্পাদকে পদত্যাগ কৰাৰ পিছত দলটো কিমান শক্তিশালী হ’ব বা দুৰ্বল হ’ব বুলি সাংবাদিকে সোধাক কয় যে মানুহৰ মনত হাতীটো আছে৷

মানুহৰ মনত আঞ্চলিকতাবাদ আছে৷ গতিকে মই ভাবো যে আমাৰ দলত যিসকল আছে সেইসকলে বিষয়টো প্ৰত্যাহ্বান হিচাপে লৈছে আৰু দলটো পূৰ্বতকৈ আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে এই সভাৰ জৰিয়তে সংকল্পবদ্ধ হৈছে৷ মই ভাবো যে দলটো আৰু অধিক শক্তিশালী হ’ব৷ কাৰণ মানুহৰ মনত যেতিয়া প্ৰত্যাহ্বান আহি যায় তেতিয়া সাধাৰণ পৰিৱেশত বেলেগ হয় আৰু প্ৰত্যাহ্বানৰ পৰিৱেশত বেলেগ হয়৷ সেয়ে পদত্যাগৰ বিষয়টোক যিহেতু প্ৰত্যাহ্বান হিচাপে লৈছে সেয়ে দলটো শক্তিশালী হ’ব৷

আনহাতে দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্ব নিশ্চিত নেকি বুলি সাংবাদিকে সোধাত সাংসদ চৌধুৰীয়ে কয় যে মই দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’ব লাগে বুলি কেতিয়াও কোৱা নাই আৰু এতিয়াও কোৱা নাই৷ বৰং মই সভাত স্পষ্ট ভাষাত কৈছো যে দীপ্তিময়ী চৌধুৰীৰ নামটো কেনেকৈ আহিল এইটো গৱেষণা কৰিবলগীয়া কথা হৈছে৷ ৰাইজৰ মাজৰ পৰা নামটো আহিছে আৰু তেওঁলোকৰ এটাই লক্ষ্য যে দীপ্তিময়ী চৌধুৰীক পালে আমি ফণীভূষণ চৌধুৰীক পাম৷ এইটো যুক্তিতে তেওঁলোকে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে বিচাৰি আছে৷ দীপ্তিময়ী চৌধুৰী যে বিৰাট শিক্ষিত বা বিৰাট যোগ্য সেই কথাটোত মোৰ দ্বিমত আছে৷ প্ৰাৰ্থিত্বৰ কথাটোত মহিলা পৰিষদ, যুৱ পৰিষদ বা আমাৰ দলৰ যিসকল কৰ্মীয়ে দীপ্তিময়ী চৌধুৰীক বিচাৰি আছে তেওঁলোকৰ এটাই কাৰণ আৰু সেইটো হ’ল দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হোৱাটো তেওঁলোকৰ আচল লক্ষ্য নহয়৷

তেওঁলোকৰ লক্ষ্য হৈছে ফণীভূষণ চৌধুৰীক আমি পাম, ফণীভুষণ চৌধুৰীয়ে বিধায়ক হিচাপে আমাৰ কামবিলাক কৰিব পাৰিব আৰু এইটোৱে তেওঁলোকৰ একমাত্ৰ লক্ষ্য৷ লগতে সেই লক্ষ্য লৈয়ে তেওঁলোকে আগবাঢ়িছে৷ তেওঁ যদিওবা ৰাইজে দীপ্তিময়ী চৌধুৰীক সমৰ্থন জনাইছে তথাপিতো নিৰ্বাচনী প্ৰাৰ্থী বাচনি সমিতিয়ে প্ৰতিবেদন কেন্দ্ৰীয় সমিতিক দিয়াৰ পিছত প্ৰাৰ্থীৰ নাম চূড়ান্ত হ’ব বুলি কয়৷ লগতে কাইলৈ বা পৰহিৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলিও কয়৷ ইপিনে দলৰ পৰা যিকলে পদত্যাগ কৰিছে তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি কৈ কয় যে তেওঁলোকে যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ আনিলে তাৰ কাৰণে দীপ্তিময়ী চৌধুৰীৰৰ নামটো কৰ পৰা উচ্চাৰিত হ’ল, কোনে আনিলে, কিয় এই পৰিৱেশটো হ’ল তাৰ সত্যসত্যতা তেওঁলোকে নিৰূপণ কৰক৷ লগতে এই ক্ষেত্ৰত ফণীভুষণ চৌধুৰী জড়িত আছো নে নাই ইয়াৰ সত্যসত্যতাও তেওঁলোকে নিৰূপণ কৰক বুলিও অগপ নেতা চৌধুৰীয়ে তেওঁলোকলৈ আহ্বান জনায়৷

তেওঁ আৰু কয় যে পদত্যাগ কৰাসকল দললৈ ঘুৰি অহাৰ প্ৰতি তেওঁৰ আহ্বান থাকিব, কিন্তু এনেকুৱাও দুই চাৰিজন আছে যিসকল পদত্যাগ কৰাই নাই৷ চোকাপাৰাৰ তিনিজন, নিত্য সৰকাৰ বুলি আন এজনে দলৰ পৰা পদত্যাগেই কৰা নাই৷ অথচ তেওঁলোকো পদত্যাগ কৰা বুলি নাম দিছে৷ নিত্য সৰকাৰক সভালৈ মাতিছিল যদিও কি সভা আছিল নাজানে৷ সভাত চহী কৰিছিল আৰু সেইটো পদত্যাগ কৰা বুলি উলিয়াই দিছে৷ আনহাতে পদত্যাগী সম্পাদক শৈলেন্দ্ৰ সৰকাৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিচৰা নাই আৰু দীপ্তিময়ী চৌধুৰীৰ সলনি আন ব্যক্তি প্ৰাৰ্থী হলে তেওঁ দলত থাকিব বুলি কৰা মন্তব্য সন্দৰ্ভত জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে কয় যে মই নিজেও কৈছো আন প্ৰাৰ্থী হওক৷ কাৰণ মানুহে সঁচা কথাটো উপলব্ধি কৰিব পৰা নাই আৰু বুজা নাই৷

মই এতিয়াও কৈছো যে মোৰ যিটো বদনাম হৈছে আৰু মানুহে মোক বদনাম কৰিছে যে মই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি আছো বুলি, আচলতে পৰিয়ালকেন্দ্ৰিকটো মই কৰা নাই৷ সেই কাৰণে সভাত কৈছো যে এতিয়াও প্ৰাৰ্থিত্বৰ বিষয়টো চিন্তা কৰক আৰু যদি আন কোনোবা এজন প্ৰাৰ্থী পায় চাওক৷ এই কথাটো আজিয়ে নহয় এমাহ ধৰি মই কৈ আহিছো৷ কিন্তু শৈলেন্দ্ৰ সৰকাৰে আজি কৈছে৷ মই এজন তৃতীয় প্ৰাৰ্থী উলিয়াবলৈ কৈছিলো৷

কিন্তু পৰিৱেশটো এনেকুৱা হৈ গ’ল যে এতিয়া আৰু সেই পৰিৱেশটো ঘুৰাই আনিব পৰাৰ সময় নাই৷ এটা সুযোগ আছিল যদিও কোনোবাই হেৰুৱালে৷ সাংসদগৰাকীয়ে কয় যে এই ঘটনাৰ দ্বাৰা তেওঁৰ ভাৱমূৰ্তিক ম্লান পেলাব আৰু মই নিজে জানো ম্লান পৰিব৷ মই সভাত সেয়ে দলীয় কৰ্মীসকলক কৈছো যে আপোনালোকে মোক বদনামি কৰাই দিলে৷ মই পত্নী দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্ব বিচৰা নাছিলো, আপোনালোকেহে বিচাৰিছিল৷ গতিকে মই যে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে বিচৰা নাছিলো বৰং আপোনালোকে বিচৰাৰ বাবেহে যে মই বাধ্য হ’বলগীয়া হৈছে এই কথাটো ৰাইজক বুজাওক৷

বেলেগ সমষ্টিত বুজাব নালাগে৷ অন্তত বঙাইগাঁও সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰক বুজাওক যে দীপ্তিময়ী চৌধুৰী ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থী নহয়৷ দীপ্তিময়ী চৌধুৰী তেওঁলোকৰ প্ৰাৰ্থী বুলিহে বুজাবলৈ দলীয় কৰ্মীসকলক সভাত আহ্বান জনোৱা বুলিও কয়৷ তেওঁ কয় যে নিৰ্বাচনৰ সময়ত এনেকুৱা পৰিস্থিতি হয়ে৷ ১৯৮৫ চনত যেতিয়া মই প্ৰথম বিধায়ক হৈছিলো তেতিয়াও ইয়াত আন প্ৰাৰ্থী ওলাইছিল৷ তাৰ পিছত সাতটা কাৰ্যকালত ওলোৱা নাছিল যদিও কিছুমান মানুহৰ মাজত চিন্তা থাকে যে মই প্ৰাৰ্থী হ’ব পাৰিলে ভাল আছিল বুলি৷ কিন্তু তেওঁৰ জনপ্ৰিয়তাৰ লগত যেতিয়া মোৰ জনপ্ৰিয়তাটো ৰিজাই চায় তেতিয়া সাহস নকৰে ৷ যেনেকৈ প্ৰভাত বৈষ্ণৱে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰিছিল৷ তেতিয়া মই কৈছিলো যে তেওঁক কেৱল বঙাইগাঁৱৰ মানুহেহে জানে৷

গতিকে যদি প্ৰাৰ্থী হ’ব বিচৰা তেতিয়াহলে আমাৰ লগত ঘুৰা- ফিৰা কৰ যাতে লোকসভা সমষ্টিৰ মানুহে চিনি পায়৷ আজি এই কথাটো তেওঁ না কৰিব, কিন্তু এই কথাটো মই তেওঁক কৈছিলো৷ উল্লেখ্য, অগপ দলত সৃষ্টি হোৱা এই সংঘাতকলৈ বিৰোধী দলসমূহৰ মাজত ব্যাপক চৰ্চা চলিছে৷ আনকি আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপ দলত ঘটা এই সংঘাতে বিৰোধী দলক লাভাম্বিত কৰিব পাৰিব বুলিও আশা কৰিছে৷ লগতে এইবাৰৰ উপ নিৰ্বাচনতো অগপৰ কিছু ভোট আন দলৰ প্ৰাৰ্থীলৈ যাব পাৰে বুলিও বিভিন্নজনে শংকা প্ৰকাশ কৰিছে ৷ কাৰণ সাংসদ পত্নীৰ প্ৰাৰ্থিত্বকলৈ অগপৰ বহু দলীয় নেতা-কৰ্মীয়ে অসন্তুষ্ট যদিও বাহিৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ সেয়ে কিছু ভোট আন দলৰ প্ৰাৰ্থীয়ে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷

সেইদৰে মিত্ৰদল বিজেপিয়ে ইতিমধ্যে ২০২৬ চনৰ নিৰ্বাচনত বঙাইগাঁও সমষ্টি নিজৰ দখললৈ নিয়াৰ বাবে ভিতৰি ভিতৰি ব্লুপ্ৰিণ্ট ৰচনা কৰি দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে উঠি পৰি লাগিছে৷ এনে অৱস্থাত অগপ দলত সংঘাত হোৱা মানে বিজেপি লাভাম্বিতহে হ’ব৷ কাৰণ ২৬’ত বিজেপিয়ে অগপক বঙাইগাঁও সমষ্টি এৰি দিয়ে নে নিদিয়ে বা দুই দলৰ মাজত মিত্ৰতা হয় নে নাই এতিয়াই ক’ব নোৱাৰি৷ গতিকে অগপৰ দুৰ্গখ্যাত বঙাইগাঁও সমষ্টিটো পৰৱৰ্তী সময়ত অগপৰ দখলতে থাকে নে আন দলৰ দখললৈ যায় সেয়ে সময়তহে স্পষ্ট হ’ব৷

Mission Basundhara 3.0:অসমত মিছন বসুন্ধৰা ৩.০ আৰম্ভ

Mission Basundhara 3.0:অসমত মিছন বসুন্ধৰা ৩.০ আৰম্ভ
ৰাজ্যৰ ভূমিপুত্ৰ হিচাপে অনুসূচিত জাতি, অনুসূচিত জনজাতি, আদিবাসী, চাহ জনজাতি আৰু গোৰ্খাসকলে ৩টা ›প্ৰজন্মৰ বংশ ›নিৰ্মাণ কৰাৰ ›প্ৰয়োজন নহ’'ব : মুখ্যমন্ত্ৰী

গুৱাহাটী, ২১ অক্টোবৰ: জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ উদ্দেশ্যে আৰু কেতবোৰ নতুন সেৱাৰ অন্তৰ্ভুক্তিৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sharma) দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মিছন বসুন্ধৰা ৩.০ৰ(Mission Basundhara 3.0) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আনহাতে জৰুৰীকালীন অৱস্থাত নিৰৱচ্ছিন্ন যোগাযোগ আৰু প্ৰয়োজনীয় সহযোগিতাৰ বাবে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ(Revenue and Disaster Management Department) বিষয়া, কৰ্মচাৰীসকলক প্ৰজেক্ট চি ইউ জিৰ(Project CUG) অধীনত চিম কাৰ্ড বিতৰণ কৰাৰ লগতে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ পুননিৰ্মাণ আৰু মেপসমূহ জনসাধাৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰে।(Srimanta Sankardev Kalakshetra)

তদুপৰি পঞ্জীয়ন বিহীন আৰু ঐচ্ছিক পঞ্জীয়নযুক্ত নথি-পত্ৰসমূহৰ বাবে ডিজিটেল ব্যৱস্থাৰে সংৰক্ষণ কৰা ডিজিটেল ডাইৰেক্টৰীৰ উপৰি স্বমিত্ব আঁচনিৰ অধীনত জৰীপ নোহোৱা অনা-জৰীপ (এন চি) গাঁৱৰ ভূমি বন্দৱস্তিৰ বাবে আন এক প’ৰ্টেলো শুভাৰম্ভ কৰে। মৌজাদাৰসকলৰ কাৰ্যালয়সমূহক প্ৰযুক্তিগত উন্নয়নৰ বাবে ১ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আনুষ্ঠানিকভাৱে বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য, মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে মিছন বসুন্ধৰা ২.০ৰ অধীনৰ অধিক স্পষ্টতাৰ বাবে স্থগিত ৰখা আবেদনৰ পুনৰ পৰীক্ষা, নগৰ আৰু কাষৰীয়া অঞ্চলত ৰেহাই প্ৰিমিয়াম হাৰত একচনীয়া পট্টাৰ ম্যাদীকৰণ, পূৰ্বৰ গ্ৰাম্য কিন্তু পৰৱৰ্তী কালত নগৰ অঞ্চল হিচাপে ঘোষিত এলেকাত দখলীস্বস্ত থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, বন্দৱস্তি নোহোৱা পূৰ্বৰ ভূদান/গ্ৰামদান ভূমিৰ বন্দৱস্তি প্ৰদান, প্ৰসাৰিত ৰূপত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন, চাহ অনুদান/গ্ৰাণ্ট ভূমিৰ পট্টাৰ শ্ৰেণী পৰিৱৰ্তন ক্ৰমে পট্টা প্ৰদান, তদুপৰি মিছন বসুন্ধৰা ২.০ৰ অধীনৰ সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান (গ্ৰামাঞ্চল) আৰু খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন সেৱা জনসাধাৰণৰ বাবে মিছন বসুন্ধৰা ৩.০ৰ জৰিয়তে উপলব্ধ হ’ব।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মিছন বসুন্ধৰা ৩.০ শুভাৰম্ভ হোৱা আজিৰ দিনটো আনন্দ আৰু স্মৰণীয় দিন বুলি অভিহিত কৰে। তেওঁ কয় যে ক’ভিডৰ পৰিৱেশৰ মাজত বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল আৰু সেই সময়ছোৱাত উন্নয়নৰ কথা কোৱাটো এক অলীক কল্পনা আছিল। প্ৰতিকূল পৰিৱেশৰ মাজতো ৰাজহ সংস্কাৰৰ দিশত যুগান্তকাৰী পদক্ষেপ লোৱাৰ বিষয়ে আলোচনা কৰা হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল।

মিছন বসুন্ধৰা ১.০ত ৮,১৩,৯৮১ খন ভূমি সংক্ৰান্তীয় আৱেদন নিষ্পত্তি কৰা হৈছিল। প্ৰথম পৰ্যায়ত উত্তৰাধিকাৰী সূত্ৰে নামজাৰী, দলিলসূত্ৰে নামজাৰী, বিবাদহীন বাটোৱাৰা, একচনীয়া পট্টাৰ পৰা ম্যাদী পট্টালৈ পৰিৱৰ্তন, এবিঘাতকৈ কম ভূমিক কৃষি ভূমিৰ পৰা অকৃষিভূমিলৈ পৰিৱৰ্তন, ৰাজহ নথিৰ পৰা দখল স্বত্ব নথকা পট্টাদাৰৰ নাম কৰ্তন, ম্যাদী পট্টাৰ আবণ্টন পত্ৰ, লিগেছি ডাটাৰ অদ্যৱধিকৰণ আৰু পট্টাদাৰৰ মোৱাইল নম্বৰ সংলগ্নকৰণ সেৱাক সামৰি লোৱা হৈছিল।

এই সেৱাসমূহ সাধাৰণ আৰু নিত্যনৈমিত্তিক আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ত প্ৰায় ১২ লাখ লোকে আৱেদন কৰিছিল। নিজৰ অনুভৱ ব্যক্ত কৰি তেওঁ কয় যে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটা বিশাল ব্যৱধান আছে আৰু যিবোৰ কাৰণত সাধাৰণ সেৱাসমূহ জনসাধাৰণে আশা কৰা ধৰণে ল’বলৈ আগবাঢ়ি অহা নাই। তেওঁ লগতে কয় যে ভূমিৰ তথ্যসমূহত উন্নতীকৰণ হোৱা নাছিল আৰু চৰকাৰে ভূমিৰ বিনিয়মত পাবলগীয়া ৰাজহ আহৰণ কৰিব পৰা নাছিল।

এনে প্ৰেক্ষাপটত বিবাদবিহীন ভূমিসমূহ লাহে লাহে বিবাদৰফালে গতি কৰিছিল। মিছন বসুন্ধৰা ২.০ৰ আৰম্ভণিতে প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে মানুহে যাতে ভূমিৰ অধিকাৰ বিবাদবিহীন ভাৱে ভোগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা লোৱাৰ দিশত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে কাজিৰঙাত এই সন্দৰ্ভত আলোচনা কৰা হৈছিল। এই আলোচনাত ভূমি ব্যৱস্থাৰ আধুনিকীকৰণৰ দিশত অগ্ৰণী ৰাজ্য কৰ্ণাটকৰ বিষয়াসকলে অংশ লৈছিল। এনে প্ৰস্তুতিৰ পটভূমিতে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ কৰা হৈছিল বুলি তেওঁ কয়।

মিছন বসুন্ধৰা ২.০ৰ অধীনত ডিজিটেল মাধ্যমেৰে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্ৰদান, একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন, খিলঞ্জীয়া লোকক চাহ, কফি, ৰবৰ আদি বিশেষ খেতিৰ বাবে ভূমি পট্টন, গাঁৱলীয়া চৰণীয়া পথাৰ, বৃত্তিগত চৰণীয়া পথাৰত পূৰ্বে আবণ্টন প্ৰাপ্ত, সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন দিয়া হৈছিল। তেওঁ লগতে কয় যে এই সংস্কৰণত জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ সেৱা আগবঢ়োৱা হৈছিল। ১৫ বিঘা মাটিতকৈ অধিক মাটি পট্টা লাভ কৰাটো সম্ভৱ নাছিল বাবে জনজাতীয় লোকসকলে মাটিৰ পট্টাৰ বাবে চেষ্টা কৰা নাছিল বুলিও তেওঁ কয়।

জনজাতীয় সংগঠনসমূহৰ সৈতে আলোচনা কৰি জনজাতীয় লোকসকলৰ বাবে চিলিঙৰ সীমাবদ্ধতা ৫০ বিঘালৈ বৃদ্ধি কৰা হৈছিল যাতে অসমৰ ভূমিপুত্ৰ সকলে চৰকাৰীভাৱে মাটিৰ অধিকাৰী হ’ব পাৰে।

মিছন বসুন্ধৰাৰ লক্ষ্য হ’ল যোগ্যজনে মাটিৰ পট্টা লাভ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কয় যে যিকোনো মানুহে ভূমিৰ অধিকাৰ লাভ কৰিবলৈ হ’লে ১৯৫১ চনত অসমত থকাৰ প্ৰমাণ দিব লাগিব। মিছন বসুন্ধৰা ২.০ৰ আটাইতকৈ ডাঙৰ সফলতা আছিল যে ২,২৯,৬৫৯ জনক ভূমিৰ আবণ্টন দিয়া হৈছিল।

ইয়াৰ ৮৪ শতাংশ অনুসূচিত জনজাতি, অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু এম অ’ বিচিৰ অন্তৰ্গত খিলঞ্জীয়া আছিল বুলিও তেওঁ কয়। ইয়ে প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত খিলঞ্জীয়া লোকৰ বাবে মাটিৰ অধিকাৰ দিয়া শ্লোগানক যুক্তিসংগত প্ৰক্ৰিয়াৰ মাজলৈ লৈ আহিবলৈ ৰাজ্য চৰকাৰে সক্ষম হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সেই পদক্ষেপক খিলঞ্জীয়া লোকসকলে আদৰণী জনাইছিল আৰু চাহ জনগোষ্ঠী, আদিবাসী, গোৰ্খা জনজাতিসকলৰ শংকা নিৰাময় কৰাৰ আশ্বাস প্ৰদান কৰা হৈছিল।

মিছন বসুন্ধৰা ২.০ত ১৯৫১ চনৰ প্ৰমাণপত্ৰ থকাৰ প্ৰয়োজনীয়তা থকা বাবে বহু আৱেদন নিষ্পত্তিবিহীনভাৱে পৰি ৰৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে মিছন বসুন্ধৰা ২.০ৰ অধীনত ব্ৰহ্মপুত্ৰ উপত্যকাত ৩ লাখ বিঘা আৰু বৰাক উপত্যকাত ১,২১৪ বিঘা মাটি আবণ্টন দিয়া হৈছিল।

মিছন বসুন্ধৰা ১.০ আৰু মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাক সমাহিত কৰি মিছন বসুন্ধৰা ৩.০ অসমৰ ৰাইজলৈ আগবঢ়াই দিয়া হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে তৃতীয় সংস্কৰণৰ বাবে কেইবাখনো আইনৰ সংশোধন, কেইবাটাও প্ৰযুক্তিৰ প্ৰয়োগ আৰু চৰকাৰী নিৰ্দেশনাৰ পৰিৱৰ্তনৰ জৰিয়তে ৰাজ্য চৰকাৰে মিছন বসুন্ধৰা ৩.০ৰ ফালে আগবাঢ়িছিল।

অসম বিধান সভাত চাৰিখন আইনৰ সংশোধন কৰিবলগীয়া হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে ১৯৫১ চনত যিসকল লোকৰ অসমত জন্ম হৈছিল আৰু নিৰন্তৰভাৱে তিনিটা প্ৰজন্ম অসমত আছে, তেওঁলোক মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হ’ব। এই সন্দৰ্ভত প্ৰথমে যি নীতি লোৱা হৈছিল সেই নীতিৰ আধাৰত আজিও চৰকাৰখনে কাম কৰি গৈছে।

ব্যৱহাৰিক দৃষ্টিকোণৰ পৰা কেইটামান জনগোষ্ঠীক আঁতৰাই ৰাখিব বিচৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অনুসূচিত জনজাতি, অনুসূচিত জাতি, অসমৰ চাহ জনজাতি, আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ কোনো লোকে ১৯৫১ চনৰ জন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজন নাই।

১৯৭১ চনৰ আগত যিসকলৰ বৈধ শৰণাৰ্থীৰ প্ৰমাণপত্ৰ আছে তেওঁলোকে মিছন বসুন্ধৰাত আবেদন কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তদুপৰি মিছন বসুন্ধৰা ৩.০ৰ অধীনত ২০২১ চনৰ ১ অক্টোবৰৰ পূৰ্বে গ্ৰাম্য অঞ্চলত ৩ বছৰৰ অধিক আৰু চহৰ অঞ্চলত ১০ বছৰ অধিক চৰকাৰী ভূমিত শিক্ষানুষ্ঠান, ধৰ্মীয় প্ৰতিষ্ঠান আৰু আৰ্থ-সামাজিক প্ৰতিষ্ঠানে ব্যৱহাৰ কৰি আছে তেনে প্ৰতিষ্ঠানক গ্ৰামাঞ্চলত প্ৰতি বিঘাত ৫০০ টকা আৰু চহৰাঞ্চলত ৫০ হাজাৰ টকাত চৰকাৰী ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

যি সমূহ ভূমি দাতাই শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ পূৰ্বতে ভূমি দান কৰিছিল সেইসমূহ ভূমিৰ সন্দৰ্ভত যোৱা ১২ বছৰৰ ভিতৰত কোনো ধৰণৰ আপত্তি কৰা নাই সেই ভূমিদাতাৰ নাম ভূমি তথ্যৰ পৰা আঁতৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ভূদান বা গ্ৰামদান মাটিত বসতি স্থাপন কৰি থকা লোকসকলকো ভূমি বন্দোবস্তিৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। স্বমিত আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ (এন চি) গাঁৱৰ ভূমি মাটিৰ বন্দোৱস্তি আৰম্ভ কৰা হ’ব।

কেডাষ্ট্ৰেল গাঁও হিচাপে অধিসূচনা কৰা লখিমপুৰ আৰু ধেমাজি জিলাৰ ৩০খন গাঁৱত আজিৰে পৰা ভূমি বন্দোৱস্তিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে নগৰাঞ্চলসমূহত বহু লোকক মাটিৰ পট্টা দিয়াৰ পিছতো প্ৰিমিয়ামৰ বাবে মাটিৰ সুবিধা গ্ৰহণ কৰিব পৰা নাই। প্ৰিমিয়াম প্ৰদানৰ বাবে বিভিন্ন সুবিধা দিয়া হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে জনসাধাৰণে এই ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ কথা অৱগত কৰিছিল আৰু এই দিশত চৰকাৰে বিবেচনা কৰাৰ বাবেও আশ্বাস প্ৰদান কৰিছিল।

জনসাধাৰণৰ প্ৰিমিয়ামৰ বোজা লাঘৱ কৰাৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ ১০০ শতাংশৰ পৰা হ্ৰাস কৰি ১০ শতাংশ প্ৰিমিয়াম প্ৰদান কৰিব লাগিব বুলি তেওঁ কয়। আনহাতে অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্ৰিমিয়ামৰ পৰিৱৰ্তে আঞ্চলিক মূল্যাংকন ৩ শতাংশ দিব লাগিব।

অট্টালিক থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে আঞ্চলিক মূল্যাংকন ৪০ শতাংশ আৰু অসম আৰ্হিৰ ঘৰ থকা মানুহে মাটি ক্ৰয়-বিক্ৰয় কৰিব লাগিলে ২৭ শতাংশ পঞ্জীয়নৰ সময়ত দিব লাগিব। মিছন বসুন্ধৰা ২.০ৰ জৰিয়তে যিসকলে আবণ্টন পাইছিল তেওঁলোকৰ পৰাই এই ব্যৱস্থা কাৰ্যকৰী হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰে পৰা ভূমি উপদেষ্টা সমিতিৰ বৈঠক সমজিলা ভিত্তিক হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ একচনীয়া ভূমিসমূহক শৃংখলিত কৰিলে দালালৰাজ বন্ধ হৈ পৰিব। এইবাৰ এক শতাংশ প্ৰিমিয়ামেৰে একচনীয়া মাটি ম্যাদী কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে সময়ৰ বুকুত মিছন বসুন্ধৰা ৩.০ অসমৰ জনসাধাৰণৰ ভূমি আৰু পৰিচয় সুৰক্ষিত কৰাৰ বাবে লোৱা এক দৃঢ় পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰ’ব।

২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে লোৱা প্ৰচেষ্টাই ৰাইজক ভূমি অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত, ভূমি সংস্কাৰৰ ক্ষেত্ৰত অসমত এটা স্বৰ্ণিল যুগৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্য চৰকাৰে প্ৰযুক্তিৰ সহযোগত দুবছৰৰ ভিতৰত অসমৰ ভূমি ৰাজহ প্ৰশাসন ব্যৱস্থাটোত কৰা ভূমি সংস্কাৰ ভাৰতৰ ভিতৰতেই উৎকৃষ্ট হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইটোৱে হৈছে মিছন বসুন্ধৰাৰ ডাঙৰ সফলতা।

এই সময়খিনিত অসমৰ ইতিহাসত ভূমিৰ ক্ষেত্ৰত এক স্বৰ্ণিল ইতিহাসলৈ ৰূপান্তৰিত হ’ব। মিছন বসুন্ধৰাৰ সমাপ্তিৰ পিছত ৰাজ্য চৰকাৰে লেণ্ড পাছ বুক ব্যৱস্থালৈ লৈ যাবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, মুখ্য সচিব ড০ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, দক্ষতা বিকাশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, ভূমি লেখা আৰু জৰীপ বিভাগৰ সঞ্চালক ড০ ওমপ্ৰকাশ, বি এছ এন এলৰ মুখ্য মহাপ্ৰৱন্ধক ৰূপা পাল চৌধুৰী, ষ্টক হল্ডিং ক’ৰ্পৰেচন লিমিটেডৰ উপাধ্যক্ষ শশী কান্ত নায়ক প্ৰমুখ্যে অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Drama Kathfula: আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’

Drama Kathfula: আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’
আব্দুল মালিকৰ গল্পৰে বৰ্ণমৰ ‘কাঠফুলা’

গুৱাহাটী, ২১ অক্টোবৰ: চৈয়দ আব্দুল মালিকৰ গল্পৰ(Drama Kathfula) মজা আৰু মোহ পূৰামাত্ৰাই ৰক্ষা কৰি পৰিচালক কুশল ডেকা আগবাঢ়িছে। মঞ্চত দেখা নাটকখন গল্পটোত সোমাই আছিল। গল্পত কোৱা কাহিনীটোৱে নাটকখনৰ পৰিৱেশ সহিতে সেই মজা আৰু মোহ সংস্থাপন কৰিছে।

মূল গল্পত মালিকে(Storyteller Syed Abdul Malik) লিখিছিল, “সমুখৰ পৰা অহা ছায়াটো প্রায় মমতাজৰ সমুখেই পালেহি। সিও যেন কিবা এটা ভাবি আহিছিল।

হঠাৎ মমতাজৰ ওচৰ পাই, হতভম্ব হোৱাৰ দৰে সেই আন্ধাৰৰ ছায়া মূৰ্তিটো আলিটোৰ একাষলৈ গ’ল। মূৰ্তিটো কাষলৈ যোৱা দেখি পিছফালৰ পৰা আক্ৰমণ কৰে বুলি লগে লগে মমতাজো ঘূৰিল।

মূৰ্তিটো ৰৈ দিলে। মমতাজো ৰ’ল। মূৰ্তিটোলৈ মমতাজে ভালকৈ চালে, পাতল আন্ধাৰত দেখিলে- মূৰত ওৰণি লোৱা এজনী তিৰোতা৷ মমতাজৰ কিন্তু প্রত্যয় নগ’ল। বহুত গুণ্ডাই এনেকৈ তিৰোতাৰ ভেশ ধৰি বাটত উপদ্ৰৱ কৰে।

মমতাজ ঘূৰিব খুজিলে, কিন্তু ভয় হ’ল জানোচা ঘূৰিলেই তাক পিছফালৰ পৰা হঠাৎ আক্ৰমণ কৰে। সাহস গোটাই মমতাজ মূৰ্তিটোৰ অলপ কাষ চাপি গ’ল। মূৰ্তিটো একে ঠাইতে থিয় দি থাকিল।” এই বৰ্ণনাৰ ন্যায়সংগত প্রয়োগ পৰিচালকে কৰিছে।

নাটকৰ বাবে আমোদ সৃষ্টি কৰিবলৈ গৈ ছায়া আৰু এন্ধাৰৰ মৰ্ম পাহৰি নোযোৱা পৰিচালক কুশল ডেকাই(Director Kushal Deka) যিমানখিনি details অটুট ৰাখিছে, যিমানখিনি ধীৰগতি অক্ষুণ্ণ ৰাখিছে সেয়ায়েটো মালিকৰ গল্প পঢ়াৰ আনন্দ।

মূৰত ওৰণি লৈ ওলোৱা সেই মূৰ্তিটো আছিল বেদানা নামৰ এগৰাকী ছোৱালীৰ৷ অসহায় ছোৱালীজনীক মমতাজে নিজৰ অকলশৰীয়া কোঠালৈ লৈ আহিল। মলিন; অপৰিষ্কাৰ কোঠাটোত বেদানাৰ আশ্ৰয় সম্ভৱ কৰি তুলিলে মমতাজে।

কৌমাৰৰ জীৱনৰ এটা এটা শ্ৰমক্লান্ত নিশা কটাব পৰাকৈ ব্যৱহৃত এই কোঠাটোত লাহে লাহে পোহৰ, চাবোন, কাপোৰ, চৌকা, বজাৰ আদিৰ প্রৱেশ ঘটিল।

একো সম্পৰ্কৰে মমতাজে বান্ধি পেলোৱা নাছিল বেদানা নামৰ এই ছোৱালীজনীক তথাপি খাকী পোছাক পিন্ধি ওলাই যোৱা মমতাজক হাতত আলকাতাৰাৰ দাগ লগাই ৰাতি ঘৰ সোমোৱা দেখি, শুবৰ পৰত মজিয়াত নামাজ পঢ়ি শুই থকা দেখি বিছনাখনৰ পৰা অকলে বেদানাই এটা মৰ্ম-সংবেদী সম্পৰ্ক মনে মনে গঢ়ি আছিল।

এইযে মমতাজ আৰু বেদানাৰ চিনাকি-অচিনাকি, ৰুদ্ধ-উন্মুক্ত, উদাসীন-দায়বদ্ধ চৰিত্ৰৰ পৰা আপোন এক স্থিতিলৈ বাঢ়ি অহা মহূৰ্তবোৰ নয়নজ্যোতি শইকীয়া আৰু প্রাচী শৰ্মাৰ অভিনয়ত সৰৱ আৰু সবল হৈ পৰা দৃশ্য আছিল। তেনে দৃশ্যৰ নিপুণ খনিকৰ কুশল ডেকা।

এদিন মমতাজৰ বেমাৰ হয়। বেমাৰ চোৱা ডাক্তৰ আহে। ডাক্তৰে বেদানালৈ এক আৱাহনী প্ৰণয় দেখুৱায়। এই প্রণয়ৰ ৰং বেদানাৰ বাবে মমতাজৰ দায়িত্বশীল প্রেমতকৈ যেন বেছি হৈ পৰিল।

বেদানা ডাক্তৰৰ হৈ গ’ল। মালিকে লিখিছে, “কাৰখানাৰ পৰা পৰা উলটি আহোতে তাৰ ঘৰৰ ফালৰ পৰা এখন মটৰ তাৰ কাষেদি লাহে লাহে পাৰ হৈ গ’ল। সি চকু তুলি দেখিলে ডাক্তৰৰ লগত বেদানা! আকৌ সি খোজ ল’লে।

তাৰ ঘৰৰ বন্ধ দুৱাৰখনৰ মুখত কাহানিবাই মাটি লৈৰে লিখা নামটো সি এবাৰ পঢ়িলে- “বেদানা” তাৰ বুকুৰ মাজৰ পৰা এটা হমুনিয়াহ ওলাই আহিল। হেঁচা মাৰি দুৱাৰখন মেলি সি ভিতৰলৈ সোমাই গ’ল। প্রথমতে সি যেন তাৰ ভিতৰখনত একো নেদেখিলে৷

সি চকীখনতে বহি পৰিল। এবাৰ বেদানাই সামৰি থৈ যোৱা বিছনাখনৰ ফালে চালে।” এই যে সংবেদনশীলতাৰে মূৰ্তমান একোটা বিৱৰণ মূল গল্পটোত পঢ়িবলৈ পোৱা যায়; পৰিচালক কুশল ডেকাই তাৰেই নিৰ্মাণ কৰিছে অনাহক মেদ মুঠেই নৰখাকৈ।

যাৰ বাবে চফুৰ (তপন গোস্বামী), ডাক্তৰ (মিলন দাস) মদন (খঞ্জন বৰা), শ্রমিক (দীপাংকৰ বৰা) এই চৰিত্ৰকেইটিও সাময়িক উপস্থিতিৰে অতি গভীৰ স্থিতি দেখুৱাই থৈ যাব পাৰিছে। মঞ্চত মমতাজৰ মলিন কোঠা, কোঠাৰ ভিতৰত ইকৰাৰ বেৰ-বিছনা, জলঙাৰে বিভাজিত দুটা কোঠা ইত্যাদিৰ উপস্থাপনত কুশল ডেকা সম্পূৰ্ণৰূপে মালিকৰ visualization তেই আছে।

ৰং-পোহৰৰ অৰ্থবহ প্রয়োগ, সংগীত-অভিনয়ৰ সুষম মিশ্ৰণ পূৰামাত্রাই ভাল লগা আছিল। আজিৰ পৰা ৫০-৬০ দশক পূৰ্বৰ এটি গল্পৰ নাট্যৰূপ দিবলৈ গৈও সময়ৰ মৰ্যাদা ম্লান হ’বলৈ নিদিলে কুশল ডেকাই।

ভাব-ভংগীৰ ব্যাপকতাৰ বিপৰীতে মূল গল্পৰ দ্বন্দ্ব পাৰদৰ্শিকতাৰে আঁকিছে পাণ্ডুলিপিখনিয়ে৷ প্ৰতীকী মঞ্চসজ্জাৰূপে ব্যৱহৃত কাঠফুলাৰ বৰণৰ যেন কঠন আৰু অনুভৱ স্পষ্ট হৈ গৈ আছিল। বেদানা আৰু ডাক্তৰৰ মাজত বাঢ়ি অহা আকৰ্ষণ কাঠফুলা সদৃশ যে আছিল তাকো অতি সুখ-মুগ্ধ পৰিচালনাৰে বুজাইছে।

অসমৰ সমসাময়িক নাট্যচৰ্চাত বিশ্বনাথ চাৰিআলিৰ নাট্যগোষ্ঠী বৰ্ণমে এইদৰে অতি উচ্চমানৰ আৰু সন্মানীয় নাটক পৰিৱেশন কৰি আহিছে। আব্দুল মালিকৰ গল্পৰ সাৰ্বজনীনতা অক্ষুণ্ন ৰাখি এই শতিকাৰ দৰ্শকৰ বাবে নাট্যৰূপ দিবলৈ গৈ কুশল ডেকাই সময়ৰ অভিৰুচি আওকাণ কৰা নাই।

নাট্যশিল্পী অসীম নাথৰ নেতৃত্বত ছিপাঝাৰত গঢ় লৈ উঠা চৰ্চাৰ ৰাষ্ট্ৰীয় নাট সমাৰোহত প্ৰথম নিশাৰ প্ৰথমখন নাটক হিচাপে বৰ্ণমৰ ‘কাঠফুলা’ নিমন্ত্ৰিত হৈছিল। এই সমাৰোহখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰি ‘কাঠফুলা’ নাটকখনিয়ে এইবেলি চৰ্চাৰ বাবে আশাবাদ প্রতিষ্ঠা কৰিলে ছিপাঝাৰৰ নাটপ্রেমী সমাজত।

লোখকঃ হিল্লোল কুমাৰ পাঠক (Hillol Kumar Pathak)

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !
Cyclone Dana: কালী পূজাৰ আগে আগে আহি আছে ডানা !

নিউজ ডেস্ক, ২১ অক্টোবৰঃ কালি পূজাৰ পূৰ্বে দক্ষিণ বংগ অভিমুখে আহি আছে ঘূৰ্ণীবতাহ। বহুকেইটা বেচৰকাৰী বতৰ পূৰ্বানুমান সংস্থাই দাবী কৰিছে যে বংগোপসাগৰ(Bay of Bengal)ৰ ওপৰত থকা নিম্ন চাপ তীব্ৰতৰ হৈ গভীৰ চাপলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু পিছলৈ এই চাপ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। যদিহে ই ঘূৰ্ণীবতাহলৈ পৰিণত হয় তেন্তে ইয়াৰ নাম হ’ব পাৰে ‘ডানা’(Cyclone Dana)। ইতিমধ্যে ইয়াৰ নামাকৰণো কৰিছে কাটাৰে । ইতিমধ্যে আলিপুৰস্থিত বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক সোমবাৰৰ পৰা সাগৰলৈ যোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা ।

এই সন্দৰ্ভতআলিপুৰস্থিত বতৰ বিজ্ঞান বিভাগৰ বতৰ বিজ্ঞানী সৌৰীশ বন্দোপাধ্যায়ে কয়, “আন্দামান সাগৰৰ সমীপত হৈ থকা ঘূৰ্ণীবতাহে আগন্তুক ২৪ ঘণ্টাত নিম্ন চাপলৈ পৰিণত হ’ব। ইয়াৰ স্থান উত্তৰ আন্দামান সাগৰৰ সমীপৰ পূব-মধ্য বংগোপ সাগৰৰ কাষত। ইয়াৰ পিছতে ২২ অক্টোবৰত ইয়াৰ তীব্ৰতা গভীৰ চাপলৈ পৰিণত হ’ব । ২৩ অক্টোবৰত পূব-মধ্য বংগোপসাগৰৰ ওপৰত ই ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। এই ঘূৰ্ণীবতাহৰ গতিৰ দিশ হ’ব উত্তৰ-পশ্চিম দিশে আৰু ২৪ অক্টোবৰৰ পুৱা পশ্চিম বংগ আৰু উৰিষ্যা উপকূলৰ দিশে্ গতি কৰিব(Cyclone alert in India) । “

আলিপুৰ বতৰ বিজ্ঞান বিভাগৰ বতৰ বিজ্ঞানীয়ে দাবী কৰা অনুসৰি, এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ দক্ষিণ বংগত ইমান নহয়। কাৰণ দক্ষিণ বংগত দেও আৰু সোমবাৰে বৰষুণ অহাৰ সম্ভাৱনা নাই। অৱশ্যে ২২ অক্টোবৰ মঙলবাৰে পাতলৰৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। কিন্তু বুধবাৰ অৰ্থাৎ ২৩ অক্টোবৰৰ দিনা ইয়াৰ প্ৰভাৱ উপকূলীয় জিলাসমূহত অধিক হ’ব, বিশেষকৈ দুই ২৪ পৰগনা আৰু দুই মেডানীপুৰৰ ওপৰত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনাৰ ভৱিষ্যতবাণী কৰিছে। (Assam weather update)

বংগোপ সাগৰত সৃষ্টি হব লগা এই প্ৰচণ্ড ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ ফলত অসমকে(Dana Impact on Assam) ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Heavy Rains in Assam)।

Karva Chauth 2024: কোন কোন বলীউড সুন্দৰীয়ে পতিৰ বাবে থাকিলে উপবাসে! স্বামীৰ দীৰ্ঘায়ুৰ বাবে কৰিলে প্ৰাৰ্থনা

Karva Chauth 2024: কোন কোন বলীউড সুন্দৰীয়ে পতিৰ বাবে থাকিলে উপবাসে
Karva Chauth 2024: কোন কোন বলীউড সুন্দৰীয়ে পতিৰ বাবে থাকিলে উপবাসে

(Karva Chauth 2024) ২০ অক্টোবৰত সমগ্ৰ দেশজুৰি কৰৱা চৌথ ২০২৪ উৎসৱ উদযাপন কৰা হয়। বলীউডৰ সুন্দৰীসকলেও স্বামীৰ বাবে ব্ৰত ৰাখি আৰু তেওঁলোকৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে। কেটৰিনা কাইফ, প্ৰিয়ংকা চোপ্ৰা, পৰিনীতি চোপ্ৰাৰ পৰা আৰম্ভ কৰি শিল্পা শ্বেট্টী আৰু সোনাক্ষী সিনহালৈকে বহু অভিনেত্ৰীয়ে স্বামীৰ মংগলৰ বাবে এই বিশেষ দিনটো অতি বিশেষ ধৰণে উদযাপন কৰে।

বিশেষ কথাটো হ’ল এই অভিনেত্ৰীসকলৰ বহুতৰে বাবে এয়া তেওঁলোকৰ প্ৰথম কৰৱা চৌথ, যাৰ ফটো আৰু ভিডিঅ’ তেওঁলোকে তেওঁলোকৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।(katrina kaif priyanka chopra and other actress share beautiful photo videos of karva chauth)

(katrina kaif)বলীউডৰ সকলো অভিনেত্ৰীয়ে নিজৰ নিজৰ শৈলীৰে উদযাপন কৰিছে কৰৱা চৌথ। ইফালে, কেটৰিনা কাইফেও নিজৰ ইনষ্টাগ্ৰামত কৰৱা চৌথৰ সুন্দৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক পৰিয়ালৰ সৈতে এই উৎসৱ উদযাপন কৰা দেখা গৈছে। এই বিশেষ দিনটোৰ বাবে কেটে বাছি লৈছিল গোলাপী ৰঙৰ শাৰী। লগতে ফটোখনত কেটৰিনাৰ স্বামী ভিকি আৰু শাহুৱেক আৰু শহুৰেকৰ সৈতে পোজ দিয়া দেখা গৈছে।

চলিত বৰ্ষৰ জুন মাহত দীৰ্ঘদিনীয়া প্ৰেমিক জহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সোণাক্ষী সিনহাইও প্ৰথমবাৰৰ বাবে কৰৱা চৌথ উদযাপন কৰে। সোণাক্ষীয়ে নিজৰ ইনষ্টাগ্ৰামতো এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত জহীৰৰ সৈতে ফূৰ্তি কৰা দেখা গৈছে।(sonaksi sinha)

যোৱা বছৰৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা ৰনদীপ হুদা আৰু লিন লায়শ্ৰমেও প্ৰথমবাৰৰ বাবে কৰৱা চৌথ উদযাপন কৰে। যদিও লিনে উপবাসে থকা নাছিল, তথাপিও তেওঁৰ ইনষ্টাগ্ৰামত কিছুমান ছবি শ্বেয়াৰ কৰিছিল, য’ত লিনক মেৰুণ ৰঙৰ শাৰী পিন্ধি দেখা গৈছে। লগতে তাই জলপানৰ দ্বিতীয়খন ছবি শ্বেয়াৰ কৰি কয় যে ৰনদীপে তাইক ব্ৰতত থাকিবলৈ মানা কৰিছে। সেইবাবেই তেওঁ জলপান খাই কৰৱা চৌথ উদযাপন কৰিছে।

শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতেও তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কিছু ছবি শ্বেয়াৰ কৰিছে, যিবোৰ কৰৱা চৌথ উদযাপনৰ। মীৰা কৰৱা চৌথ পূজাৰ বাবে অনিল কাপুৰৰ ঘৰত উপস্থিত হৈছিল। এই বিশেষ দিনটোৰ বাবে মীৰাই বাছি লৈছিল গোলাপী ৰঙৰ শাৰী। শ্বাহিদ কাপুৰৰ সৈতে এখন মৰমলগা চেলফিও পোষ্ট কৰিছিল, য’ত দুয়োকে অতি ৰোমান্টিকভাৱে সাৱটি ধৰা দেখা গৈছে।

পৰিনীতি চোপ্ৰাই এইবাৰ দ্বিতীয়টো কৰৱা চৌথ উদযাপন কৰে, যাৰ বাবে তেওঁ গোলাপী ৰঙৰ চুট বাছি লৈছিল। পৰিনীতি চোপ্ৰাইও নিজৰ ইনষ্টাগ্ৰামত কৰৱা চৌথ উদযাপনৰ বহু ফটো শ্বেয়াৰ কৰে, য’ত তেওঁক পৰিয়ালৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰা দেখা গৈছে।

প্ৰিয়ংকা চোপ্ৰাইও স্বামী নিক জ’নাছৰ সৈতে কৰৱা চৌথ উদযাপন কৰে, যাৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ফটোখনত নিকে প্ৰিয়ংকাক পানী খোৱাই থকা দেখা গৈছে। অনুৰাগীসকলে এই সকলোবোৰ ছবি বৰ ভাল পাইছে। ফটোখনত প্ৰিয়ংকাক ৰঙা সাজ পিন্ধি দেখা গৈছে। লগতে ফটোখনত প্ৰিয়ংকাই হাতত মেহেন্দী লগোৱা দেখা গৈছে।(priyanka chopra)