Home Blog Page 5

বহুবিবাহক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী! মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা…

অৱশেষত অসম বিধানসভাত গৃহীত হ’ল বহুচৰ্চিত বহুবিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫ । এই বিধেয়কখন আইনৰূপে গৃহীত কৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখন উত্থাপন কৰাৰ পিছতে ইয়াৰ ওপৰত দীঘলীয়া সময় বিতৰ্ক হয় ।

বিৰোধী বিধায়কসকলে বিধেয়কখনৰ বিৰোধিতাৰ লগতে সংশোধনীৰ দাবী জনাই যদিও অৱশেষত বিধেয়কখন সদনত পাৰিত কৰা হয় । বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ পাছত উত্তৰ দি মুখ্যমন্ত্রীয়ে কয়, “বহুবিবাহ প্ৰতিৰোধী বিধেয়কক লৈ ৰাজনীতি কৰা বুলি বিৰোধীয়ে কৈছে । হয়, আমি ৰাজ্যৰ নিপীড়িত-নিষ্পেষিত মহিলা সমাজৰ অধিকাৰৰ বাবে ৰাজনীতি কৰিছো । এই বিধানসভাত মুছলমান সমাজক প্ৰতিনিধিত্ব কৰি পুৰুষ বিধায়ক আহিছে । কিন্তু মহিলা বিধায়িকা নাই ।”

তেওঁ লগতে কয়, “বাল্যবিবাহৰ যোগেদি মহিলাসকলৰ জীয়াই থকাৰ ন্যূনতম অধিকাৰখিনি কাঢ়ি লোৱা হৈছিল । ১২ বছৰীয়া ছোৱালীক মাতৃত্বৰ বোজা দিয়া হৈছিল । ৬০ বছৰীয়া মাতব্বৰে ১৮-২০ বছৰীয়া যুৱতীক বিয়া কৰাই ট্ৰফী হিচাপে লৈ আহিছিল । সেইখন সমাজৰ নিপীড়িত-নিষ্পেষিত মহিলাক আইনৰ দৃষ্টিৰে অধিকাৰ দিয়াৰ বাবে আমাৰ এই প্ৰচেষ্টা । নাৰী সৱলীকৰণৰ বাবে বাল্যবিবাহ, নিযুত মইনা, অৰুণোদয়ৰ পিছতে বহুবিবাহ বন্ধ কৰাটো চৰকাৰৰ পদক্ষেপ ৷”

মুখ্যমন্ত্রীয়ে কয়, “আমি মুছলমানক টাৰ্গেট কৰা নাই । হিন্দু সমাজতো বিক্ষিপ্ত ৰূপত বহুবিবাহ চলি আছে । বিধেয়কখনত হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৰে কথা কোৱা হৈছে । বি টি আৰ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত ৰাজ্য চৰকাৰে কোনো আইন জাপি দিব নোৱাৰে । তেওঁলোকৰ নিজৰ আইন প্ৰণয়নৰ অধিকাৰ সংবিধানে দিছে । আমাক দেখি তেওঁলোকে নিজে আইন আনিব পাৰিব । আমি জনজাতি লোকসকলৰ আৱেগ-অনুভূতিক সন্মান জনাব লাগিব ।”

আনহাতে শ্বৰীয়তৰ আইনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “বহুবিবাহ বন্ধ কৰাৰ পদক্ষেপৰ বাবে ২০২৩ চনৰ ১২ মে’ত এখন কমিটী গঠন কৰি দিয়া হৈছিল । কমিটীখনে জনসাধাৰণৰ মতামত গ্ৰহণ কৰিছিল । বহুবিবাহৰ সমৰ্থনত মাত্র দুখন আবেদন পৰিছিল আৰু বাকী সকলোৱে বিৰোধিতা কৰিছিল । অসমৰ মাটিৰ বিশেষ ভূমিকা আছে । এই মাটিৰ উৰ্বৰা শক্তিয়ে ইছলাম বিশ্বাস কৰা সকলকো ক্ৰিয়া কৰিব পাৰে । পশ্চিমবংগত কৰিব নোৱৰা কাম অসমত কৰিব পাৰি । হজৰত মহম্মদ কেতিয়াও বহুবিবাহৰ পক্ষত নাছিল । সেই সময়ত ৫০-১০০ লৈকে কৰা বিবাহৰ সংখ্যা চাৰিলৈ কমাই আনিছিল । ইছলাম বিশ্বাস কৰিলে সময়ৰ পৰিৱেশৰ লগত পৰিৱৰ্তন হ’ব লাগিব ।”

তেওঁ আৰু কয়, “আল্লাক ফাঁকি নিদিয়াকৈ কোনোবাই দ্বিতীয় বিবাহ কৰে নেকি । এইখন আইনে প্ৰকৃত মুছলমান হ’বলৈ শিকাব । পত্নী কোনো বজাৰৰ পাচলি নহয় যে ভাল-বেয়া বিচাৰ কৰিম । বেমাৰ হ’লে আমিয়ে আৰু বেছি মৰম-শুশ্ৰূষা কৰিব লাগিব । সন্তান জন্ম দিব নোৱাৰিলে কি বাৰে বাৰে বিয়া কৰাব নেকি । সন্তান জন্ম দিব নোৱৰাৰ ক্ষেত্রত সমস্যা কেৱল মহিলাৰে নহয় পুৰুষৰো থাকিব পাৰে । এইবোৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায় ।”

বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে বহুবিবাহ বিৰোধী বিধেয়কৰ জৰিয়তে নিষ্পেষিত মুছলমান মহিলাই জীয়াই থকাৰ অধিকাৰ পাব ।

বিধেয়কখনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “এই বিধেয়কখন কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যপালৰ বিপৰীতে ৰাষ্ট্ৰপতিৰ অনুমোদন লাগিব । ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে বিধেয়কখন আইনত পৰিণত হ’ব । এই আইনখন অনাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ লগতো আলোচনা কৰিম । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে বিধেয়কখন ৰিজাৰ্ভ হৈ থাকিব । ৰাষ্ট্ৰপতিৰ অনুমোদন নহ’লে কাৰ্যকৰী নহ’ব । বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব । ইয়াৰ পাছত আৰু এখন আইন অনা হ’ব । সেইখন হৈছে ‘ল’ এগেইনষ্ট ডিচেক্টিভ মেৰিজ’ । ফেব্ৰুৱাৰী মাহত শেষৰখন অধিৱেশনত এইখন অনা হ’ব ।” লক্ষণীয় বিষয় যে বিৰোধীৰ বিভিন্ন সমালোচনা আৰু বিতৰ্কৰ মাজতে বিধেয়কখন বিধানসভাত আজি গৃহীত কৰা হয় ।

বহুবিবাহক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী । কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলেই দিব পাৰিব অভিযোগ ।মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা ।

Sahid Smarak Khetra: কাইলৈ মুকলি হ’ব ছহিদ স্মাৰক ক্ষেত্ৰ

কাইলৈ মুকলি হ’ব ছহিদ স্মাৰক ক্ষেত্ৰ
কাইলৈ মুকলি হ’ব ছহিদ স্মাৰক ক্ষেত্ৰ

কাইলৈ মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ।(Sahid Smarak Khetra)

পুৱাই শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ।

১১৬ বিঘা মাটিত ১০০ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে শ্বহীদ স্মাৰক ক্ষেত্ৰ।

৮৬০ গৰাকী ছহিদৰ স্মৃতিৰে নিৰ্মাণ কৰা হৈছে মহানগৰীৰ বৰাগাঁৱত স্মৃতিসৌধ।

স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই কয়-

‘কাইলৈ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এক স্মৰণীয় দিন’

‘উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটি পৰিবেশন কৰিব’

‘শ্বহীদক লৈ অসম চৰকাৰে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছে’

‘এতিয়াও বহু শ্বহীদৰ ফটো পোৱা নাই বাবে প্ৰতিমূৰ্ত্তি স্থাপন কৰিব পৰা নাই’

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি ৪ বজাত প্ৰজ্বলন কৰিব অক্ষয় বন্তি।

Post Malone: কনচাৰ্টত জুবিন গাৰ্গক স্মৰণ মাৰ্কিন পপষ্টাৰ পোষ্ট মেলনৰ

জুবিন গাৰ্গক স্মৰণ মাৰ্কিন পপষ্টাৰ পোষ্ট মেলনৰ
জুবিন গাৰ্গক স্মৰণ মাৰ্কিন পপষ্টাৰ পোষ্ট মেলনৰ

মাৰ্কিন(Post Malone)পপষ্টাৰ পোষ্ট মেলনৰ লাইভ কনচাৰ্টে সুৰৰ মুৰ্চনা তুলিলে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত।

ৰেপ সংগীতৰ মায়াসনা সন্ধিয়াৰ আমেজ ল’লে অজস্ৰ সংগীতপ্ৰেমীয়ে।

গুৱাহাটীৰ খানাপাৰা খেলপথাৰৰ কনচাৰ্টত জুবিন গাৰ্গক স্মৰণ মাৰ্কিন পপষ্টাৰ প’ষ্ট মেলনৰ।

জুবিন গাৰ্গক GREAT LEGENDARY SINGER আখ্যা পপস্টাৰ পোষ্ট মেলনৰ।

গুৱাহাটীৰ খানাপাৰা খেলপথাৰত পপষ্টাৰ প’ষ্ট মেলনৰ অনুষ্ঠান উপভোগৰ বাবে সংগীতপ্ৰেমীয়ে ভিৰ কৰে।

২২ সমষ্টিত টিকটৰ দাম এক কোটিৰ পৰা ১০ কোটি পৰ্য্যন্ত হ’ব: মুখ্যমন্ত্ৰী । মিঞা সমষ্টিত চলিছে টিকটৰ দৰ-দাম: মুখ্যমন্ত্ৰী

২২ সমষ্টিত টিকটৰ দাম এক কোটিৰ পৰা ১০ কোটি পৰ্য্যন্ত হ'ব: মুখ্যমন্ত্ৰী । মিঞা সমষ্টিত চলিছে টিকটৰ দৰ-দাম: মুখ্যমন্ত্ৰী
২২ সমষ্টিত টিকটৰ দাম এক কোটিৰ পৰা ১০ কোটি পৰ্য্যন্ত হ'ব: মুখ্যমন্ত্ৰী । মিঞা সমষ্টিত চলিছে টিকটৰ দৰ-দাম: মুখ্যমন্ত্ৰী

নিৰ্বাচনৰ আগমুহূৰ্ততে কংগ্ৰেছত টিকট বণ্টনক লৈ নতুনকৈ সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা বিস্ফোৰক মন্তব্যই এই বিতৰ্কক আৰু তীব্ৰ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীৰ মতে, কংগ্ৰেছৰ ২২টা সমষ্টিত টিকটৰ দাম এক কোটিৰ পৰা ১০ কোটি টকাৰ মাজত উঠা–নমা কৰিছে। তেওঁ অভিযোগ, “বিশেষকৈ মিঞা সমষ্টিতেই এই দৰ–দাম বেছি চলি আছে। কংগ্ৰেছী দালালে এক কোটিকৈ এডভাঞ্চ লৈছে। অহা ১৪ তাৰিখে দিল্লীত মিটিং পাতিছে, তাত টিকট বিচৰাসকলক মানুহ লৈ যাবলৈ গৌৰৱ গগৈয়ে কৈছে।”

এই অভিযোগৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ফোন–টেপিঙে কংগ্ৰেছৰ অভ্যন্তৰীণ সংকটক অধিক উন্মোচিত কৰিছে। টেপিঙটো মঙ্গলদৈৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে নিজে শ্বেয়াৰ কৰাৰ পিছতেই বিষয়টোৱে ৰাজ্যিক ৰাজনীতিত ব্যাপক আলোড়নৰ সৃষ্টি কৰে। ফোন–টেপিঙটোৰ কথোপকথনত সংখ্যালঘু সমষ্টিৰ এজন সম্ভাব্য প্ৰাৰ্থীক টিকট দিবৰ বাবেই ১০ লাখ টকা আগধন দাবী কৰা বাৰ্তা স্পষ্ট শুনা যায়। মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আৰু ভাইৰেল ফোন–টেপিঙ দুয়োটা মিলি কংগ্ৰেছৰ নেতৃত্বক কঠিন পৰিস্থিতিত পেলাইছে। যেতিয়া দলটোৱে নিৰ্বাচনী কৌশল গঢ়িব লাগিছিল, সেই সময়তেই টিকট কেনেকৈ আৰু কাক বিক্ৰী হ’ব—সেই বিষয় এতিয়া ৰাজনৈতিক কথোপকথনৰ কেন্দ্ৰবিন্দু।

আনৰ কণ্টেণ্ট চোৰ কৰা কংগ্ৰেছৰ সভাপতি এইবাৰ নিজেই কন্টেত হৈ পৰিছে পাকিস্তানৰ । গৌৰৱ গগৈক তুলা-ধুনা নেটিজেনৰ

আনৰ কণ্টেণ্ট চোৰ কৰা কংগ্ৰেছৰ সভাপতি এইবাৰ নিজেই কন্টেত হৈ পৰিছে পাকিস্তানৰ । গৌৰৱ গগৈক তুলা-ধুনা নেটিজেনৰ
আনৰ কণ্টেণ্ট চোৰ কৰা কংগ্ৰেছৰ সভাপতি এইবাৰ নিজেই কন্টেত হৈ পৰিছে পাকিস্তানৰ । গৌৰৱ গগৈক তুলা-ধুনা নেটিজেনৰ

কংগ্ৰেছৰ সভাপতি হৈ আনৰ কন্টেত চোৰ কৰি সামাজিক মাধ্যমত দি খিলঞ্জীয়াৰ বিশেষ দিনত পোষ্ট কৰি লজ্জানত হৈছিল গৌৰৱ গগৈ ৷ সেই গৰাকী গৌৰৱ গগৈক এইবাৰ অন্য এক কাৰণত নেটিজেনৰ পৰা পাইছে তুলা-ধুনা ৷ এইবাৰ পাকিস্তানী মিডিয়াৰ অৰিজিনেল কণ্টেণ্ট হৈ পৰিছে গৌৰৱ গগৈ ৷ চলিত বৰ্ষৰ জুলাই মাহতো পাকিস্তানী মিডিয়াৰ নয়নৰ মণি হৈ পৰিছিল গৌৰৱ গগৈ৷ সংসদৰ অধিৱেশনত অপাৰেশ্যন সেন্দুৰত ভাৰতে পোৱা সফলতাক বিফলতা বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল গৌৰৱ গগৈ ৷ গৌৰৱ গগৈৱে সেই সময়ত সংসদত দিয়া ভাষণক লৈ পাকিস্তানী মিডিয়াই বহু বাতৰি পৰিবেশন কৰিছিল। পাকিস্তানী মিডিয়াই গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই পেলাইছিল ৷

একে সময়তে গৌৰৱৰ ভাষনক আধাৰ হিচাপে লৈ মোদী চৰকাৰৰ বিৰুদ্ধে পাকিস্তানী মিডিয়াই চলাইছিল অপপ্ৰচাৰ ৷ গৌৰৱ গগৈয়ে সেই সময়ত সংসদত যি সমূহ ভাষণ ৰাখিছিল সেই সমুহ যেন পাকিস্তানী মিডিয়াৰ শ্ৰুতলিপিত হে কৈছিল ৷ গৌৰৱে কৈছিল ভাৰতৰ পাঁচখন ৰাফেল বিমান যুদ্ধত হেৰাই গৈছিল ৷ কেৱল সেয়াই নহয়, এছ আই আৰক লৈও গৌৰৱ গগৈয়ে যি সমূহ টুইট কৰে সেয়া গুৰুত্বসহকাৰে পাকিস্তানী মিডিয়াই অৰিজিনেল কণ্টেণ্ট হিচাপে প্ৰকাশ কৰে ৷ গৌৰৱ গগৈয়ে টুইট কৰি কৈছিল ভাৰতত বৰ্তমান যি চৰকাৰ আছে সেয়া অগণতান্ত্ৰিক। সাধাৰণ দৃষ্টিত চাবলৈ গলে এয়া সহজ কথা যেন লাগিলেও এয়া এক চিন্তনীয় বিষয়।

পাকিস্তানী মিডিয়াই গৌৰৱে টুইট কৰাৰ পাছতেই নিজৰ প্ৰপাগেণ্ডা চলাবলৈ পুনৰ আৰম্ভ কৰিছে। গৌৰৱ গগৈৰ টুইটক লৈ বিভিন্ন কন্টেট বনাই অপপ্ৰচাৰ কৰে পাকিস্তানী মিডিয়াই ৷ লগতে গৌৰৱ গগৈয়েও প্ৰথমটো টুইট পাকিস্তানী মিডিয়াত পৰিবেশন কৰা দেখা পায়ে উৎসাহিত হৈ কিছুসময়ৰ পাছতে দ্বিতীয়টো টুইট কৰে ৷ লগে লগে বিষয়টোক লৈ আৰু সংবাদ মাধ্যমত বক্তব্য ৰাখে। গৌৰৱৰ এনে টুইটক লৈ আনকি কিছু পাকিস্তানী নেটিজেনে উল্লেখ কৰে যে এইবাৰ সংসদৰ অধিৱেশনত গৌৰৱ গগৈয়ে মোদী চৰকাৰ যে অগণতান্ত্ৰিক সেয়া প্ৰমাণ কৰি দিব। পাকিস্তানে আই এছ আই, তেওঁলোকৰ মিডিয়া আৰু তৃতীয় শক্তিৰ জৰিয়তে ভাৰতৰ বৰ্তমানৰ চৰকাৰখনক অগণতান্ত্ৰিক বুলি প্ৰমাণিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আহিছে। পাকিস্তানৰ এনে কাণ্ড আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বাবে অতি উদ্বেগজনক হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে । যিসময়ত ভাৰতে নিজৰ শক্তি আন্তঃৰাষ্ট্ৰীয় মঞ্চত শক্তিশালী হিচাপে প্ৰতিস্থা কৰিবলৈ কৰিবলৈ আৰম্ভ কৰিছে, সেই সময়ত পাকিস্তানৰ এনে অপপ্ৰচাৰে ভাৰতক অৱনমিত কৰি তুলিব পাৰে। এই ক্ষেত্ৰত পাকিস্তানে চলাই অহা অপপ্ৰচাৰক সহায় কৰাৰ বাবে নেটিজেনে গৌৰৱ গগৈক দিছে তুলাধূনা ৷ নেটিজেনৰ স্পষ্ট কথা পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কৰি থকা এনে কাণ্ডত গৌৰৱে সহায় কৰি আহিছে ৷

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহৰ শুভ উদ্বোধন । National Handicraft Week 2025: 

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহৰ শুভ উদ্বোধন । National Handicraft Week 2025: 
ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহৰ শুভ উদ্বোধন । National Handicraft Week 2025: 

National Handicraft Week 2025:  ভাৰতৰ সমৃদ্ধ হস্তশিল্প ঐতিহ্যক উদযাপন আৰু সংৰক্ষণৰ লক্ষ্যৰে গুৱাহাটীস্থিত PWD Convention and Training Centre-ত দেওবাৰে বৰ্ণাঢ্যভাৱে উদ্বোধন কৰা হয় ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ, ২০২৪। দেশজ শিল্প-সংস্কৃতিক পুনৰ উজ্জীৱিত কৰাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে খ্যাতনামা গুরু শিল্পা বঁটা প্ৰাপক শ্ৰী মন্তু চন্দ্ৰ দাস। তেওঁৰ উপস্থিতিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পী সমাজৰ মাজত নতুন আত্মবিশ্বাস আৰু গৌৰৱৰ অনুভৱ জাগ্ৰত কৰে।

ডিচেম্বৰ ৮ৰ পৰা ১৪ তাৰিখলৈ দেশব্যাপী পালন কৰা এই সপ্তাহখন স্বাধীনতা সংগ্ৰামী আৰু ভাৰতৰ পৰম্পৰাগত হস্তশিল্প পুনৰুজ্জীৱনৰ পথিকৃৎ শ্ৰীমতী কমলাদেবী চট্টোপাধ্যায়ৰ অমুল্য অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে। দেশজ শিল্পৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত তেওঁৰ দৰ্শন আৰু অদম্য মনোবল আজিও বহু শিল্পী আৰু সংগঠনৰ বাবে প্ৰেৰণাস্বৰূপ।

Development Commissioner (Handicrafts), NERO-ৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত Assistant Director (Handicrafts) শ্ৰী থাংজাম জয়ন্ত সিংে সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত চৰকাৰী বিষয়া, শিল্পী, হস্তশিল্প প্ৰেমী আৰু সাধাৰণ দৰ্শকৰ উল্লেখযোগ্য উপস্থিতি দেখা যায়।

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহৰ অংশ হিচাপে দৰ্শকৰ বাবে আয়োজন কৰা হৈছে বহু-বৰ্ণিল আৰু আকৰ্ষণীয় কাৰ্যসূচী—
হাতেকলমে হস্তশিল্প প্ৰদৰ্শন, সচেতনতামূলক কাৰ্যসূচী, দক্ষতা বৃদ্ধিৰ কৰ্মশালা, লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চিৰাচৰিত শিল্প-সংস্কৃতিকে প্ৰতিফলিত কৰা এক সমৃদ্ধ প্ৰদৰ্শনী।

Craft Demonstration-cum-Awareness Programme ডিচেম্বৰ ১০ তাৰিখলৈ চলি থাকিব, আৰু মূল হস্তশিল্প প্ৰদৰ্শনী ডিচেম্বৰ ১৪ তাৰিখলৈ জনসাধাৰণৰ বাবে মুকলি থাকিব। এই প্ৰদৰ্শনীটোৱে পৰম্পৰাগত শিল্পীৰ সৃষ্টিশীল জীৱন, নিপুণ হাতৰ কাম আৰু সাংস্কৃতিক বৈচিত্ৰ্যক এক মনোমুগ্ধকৰ দৃশ্যপটত উপস্থাপন কৰিব।

ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহে গুৱাহাটীৰ মঞ্চত ভাৰতীয় শিল্প-সংস্কৃতিৰ এক উজ্জ্বল প্ৰতিচ্ছবি দাঙি ধৰাৰ লগতে স্থানীয় শিল্পীৰ প্ৰতিভাক দেশবাসীৰ আগত নতুনকৈ চিনাকি কৰোৱাৰ এক গুৰুত্বপূৰ্ণ সুযোগ হিচাপে পৰিগণিত হৈছে।

চিকিৎসকৰ নিষেধাজ্ঞাৰ পাছতো সাগৰত শ্বুটিং কিয়? ‘ৰৈ ৰৈ বিনালে’ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য । Himanta Biswa Sarma

চিকিৎসকৰ নিষেধাজ্ঞাৰ পাছতো সাগৰত শ্বুটিং কিয়? ‘ৰৈ ৰৈ বিনালে’ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য । Himanta Biswa Sarma
চিকিৎসকৰ নিষেধাজ্ঞাৰ পাছতো সাগৰত শ্বুটিং কিয়? ‘ৰৈ ৰৈ বিনালে’ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য । Himanta Biswa Sarma


Himanta Biswa Sarma: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। চিকিৎসকে জুবিন গাৰ্গক সাগৰ আৰু জুইৰ পৰা দূৰত থাকিবলৈ কঠোৰভাৱে নিষেধ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন তোলে—তেন্তে ছবিখনৰ শ্বুটিং সাগৰত কেনেকৈ হ’ল?

বৰ্তমান সময়ত অসমৰ বিভিন্ন ছবিগৃহত চলি থকা ‘ৰৈ ৰৈ বিনালে’ ছবিখনে অসমীয়া ছবিৰ সকলো ৰেকৰ্ড ভংগ কৰি কোটি কোটি টকা উপাৰ্জন কৰিছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ছবিখন উপভোগ কৰা নাই। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জানুৱাৰী মাহত ছবিখন চাব।

মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়—
“জুবিনক নেমকেয়াৰ হাস্পাতালৰ পৰা স্পষ্ট নিৰ্দেশ দিয়া হৈছিল সাগৰ আৰু জুইৰ পৰা দূৰত থাকিবলৈ। জীৱিত অৱস্থাত যদি চিকিৎসকে সাগৰত যাবলৈ বাধা দিছিল, তেন্তে সেই ছবিখনৰ শ্বুটিং সাগৰত কেনেকৈ হ’ল? যেতিয়া মই চিনেমাখন চাম, তেতিয়া এই প্ৰশ্নবোৰ ফাইলত লিখিব লাগিব।”

তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ চিনেমা চাবলৈ নোযোৱাৰ বাবেই পোষ্ট মেলনৰ অনুষ্ঠানো উপস্থিত নাথাকে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলা তদন্তৰ পাছতে তেওঁৰ সৈতে কৰা গাফিলতি আৰু দায়িত্বহীনতাৰ বিষয়টোও তদন্তৰ আওতাত অনা হ’ব।

“বহুদিন ধৰি জুবিন গাৰ্গৰ জীৱনৰ সৈতে হেতালি খেলা হৈছে,” বুলি ক’লে মুখ্যমন্ত্ৰীয়ে।

উল্লেখযোগ্য যে, এই ডিচেম্বৰ মাহতেই জুবিন গাৰ্গ হত্যাকাণ্ডৰ ছাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আগতেই স্পষ্ট কৰিছিল। তেওঁ দাবী কৰে যে জুবিনক এজন লোকে হত্যা কৰিছে আৰু আন কিছুমানে তাত সহায় কৰিছে। এই প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰীয়ে পুনৰ কৈছে যে জুবিন গাৰ্গক লৈ বহুদিন ধৰি ষড়যন্ত্ৰ চলি আহিছিল।

ইয়াৰ ফলত ‘ৰৈ ৰৈ বিনালে’ ছবিৰ প্ৰযোজকো পৰৱৰ্তী সময়ত তদন্তৰ আওতাত আহিব পাৰে বুলি ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে। আগন্তুক দিনবোৰত এই বিষয়ত আৰু কি কি তথ্য পোহৰলৈ আহে, সেয়া লক্ষ্যণীয় হ’ব।

পাকিস্তানী মিডিয়াৰ কণ্টেণ্ট ‘গৌৰৱ গগৈ’!

পাকিস্তানী মিডিয়াৰ  কণ্টেণ্ট হৈ পৰিছে গৌৰৱ গগৈ ৷ চলিত বৰ্ষৰ জুলাই মাহতো পাকিস্তানী মিডিয়াৰ নয়নৰ মণি হৈ পৰিছিল গৌৰৱ গগৈ৷  সংসদৰ অধিৱেশনত অপাৰেশ্যন সিন্দুৰত ভাৰতে পোৱা সফলতাক বিফলতা বুলি প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল গৌৰৱ গগৈ ৷ গৌৰৱ গগৈৱে সেই সময়ত সংসদত দিয়া ভাষণক লৈ পাকিস্তানী মিডিয়াই বহু বাতৰি পৰিবেশন কৰিছিল। পাকিস্তানী মিডিয়াই গৌৰৱ গগৈক প্ৰশংসাৰে উপচাই পেলাইছিল ৷

একে সময়তে গৌৰৱৰ ভাষনক আধাৰ হিচাপে লৈ মোদী চৰকাৰৰ বিৰুদ্ধে পাকিস্তানী মিডিয়াই চলাইছিল অপপ্ৰচাৰ ৷  গৌৰৱ গগৈয়ে সেই সময়ত সংসদত যি সমূহ ভাষণ ৰাখিছিল সেই সমুহ যেন পাকিস্তানী মিডিয়াৰ শ্ৰুতলিপিত হে কৈছিল ৷ গৌৰৱে কৈছিল ভাৰতৰ পাঁচখন ৰাফেল বিমান যুদ্ধত হেৰাই গৈছিল ৷

কেৱল সেয়াই নহয়, এছ আই আৰক লৈও গৌৰৱ গগৈয়ে যি সমূহ টুইট কৰে সেয়া গুৰুত্বসহকাৰে পাকিস্তানী মিডিয়াই অৰিজিনেল কণ্টেণ্ট হিচাপে প্ৰকাশ কৰে ৷  পাকিস্তানী মিডিয়াই গৌৰৱে টুইট কৰাৰ পাছতেই নিজৰ প্ৰপাগেণ্ডা চলাবলৈ পুনৰ আৰম্ভ কৰিছে। গৌৰৱ গগৈৰ টুইটক লৈ বিভিন্ন কন্টেট বনাই অপপ্ৰচাৰ কৰে পাকিস্তানী মিডিয়াই ৷

গৌৰৱৰ এনে টুইটক লৈ আনকি কিছু পাকিস্তানী নেটিজেনে উল্লেখ কৰে যে এইবাৰ সংসদৰ অধিৱেশনত গৌৰৱ গগৈয়ে মোদী চৰকাৰ যে অগণতান্ত্ৰিক সেয়া প্ৰমাণ কৰি দিব। পাকিস্তানে আই এছ আই, তেওঁলোকৰ মিডিয়া আৰু তৃতীয় শক্তিৰ জৰিয়তে ভাৰতৰ বৰ্তমানৰ চৰকাৰখনক অগণতান্ত্ৰিক বুলি প্ৰমাণিত কৰিবলৈ অহৰ্নিশে চেষ্টা কৰি আহিছে।

পাকিস্তানৰ এনে কাণ্ড আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতৰ বাবে অতি উদ্বেগজনক হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে ।

আকাশত উৰাৰ অভিজ্ঞতা ল’লে লাভলীনা বৰগোহাঁয়ে…

অলিম্পিকৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে বৰ্তমান ৰিঙৰ বাহিৰেও অন্য এক সপোন পূৰণৰ আনন্দত আত্মহাৰা হৈ পৰিছে । দেওবাৰে নিচান টিলাত এক মনোমোহা পৰিৱেশত পেৰাগ্লাইডিং কৰি আকাশত উৰাৰ এক অনন্য অনুভৱ লাভ কৰে দেশৰ গৌৰৱ লাভলীনাই । ইয়াৰ পিছতে লাভলীনাই নিচান টিলাৰ মনোমোহা পৰিৱেশৰ ভূয়সী প্ৰশংসা কৰি নিজৰ অনুভৱ ব্যক্ত কৰে, “সৰুৰে পৰা এটা সপোন আছিল । আকাশত উৰি থকা টিভিত হে দেখিছিলোঁ । বহুত মন আছিল আকাশত উৰিবলৈ । সেয়ে ইয়ালৈ আহিলো আৰু উৰিলো । ই এক অন্যন্য অভিজ্ঞতা, আকাশত উৰা বুলি ক’লে কেনেকুৱা লাগে ! আজি বহুত বেছি ভাল লাগিছে ।”পেৰাগ্লাইডিং কৰি নিজৰ সপোন পূৰণৰ আনন্দই যেন অলিম্পিকৰ সফলতাৰ দৰেই তেওঁক পুলকিত কৰি তুলিছে । নিজৰ চখ আৰু আনন্দৰ মাজতো পেছাদাৰী দায়িত্বৰ প্ৰতি সম্পূৰ্ণ সজাগ লাভলীনা । তেওঁ স্পষ্ট কৈ কয় যে এই বছৰটো তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ।

Oplus_16908288

লাভলীনাই কয়, “এই বছৰটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ । আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপ আছে, কমনৱেলথ গেমছ আছে । তাৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাই আছো, বক্সিং ৰিঙৰ প্ৰস্তুতিৰ সমান্তৰালকৈ একাডেমীখনো চলাই নিবলগীয়া হৈছে ।” নৱপ্ৰজন্মক সঠিক পথ দেখুওৱাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা সন্দৰ্ভত কয়, “ল’ৰা-ছোৱালীবোৰক যেন সঠিক পথ দেখুৱাই আগবঢ়াই নিব পাৰো, তাৰ বাবেও মই চেষ্টা অব্যাহত ৰাখিছো ।”

পোষ্ট মেলনক চাবলৈ নাযায় মুখ্যমন্ত্ৰী…

গুৱাহাটীৰ খানাপাৰাত আজি সংগীত পৰিৱেশন কৰিব পোষ্ট মেলনে। ভাৰতত প্ৰথমবাৰৰ বাবে মুম্বাইত সংগীতানুষ্ঠান কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে আজি গুৱাহাটীত সংগীতানুষ্ঠানত কৰিব পোষ্ট মেলনে।

ইতিমধ্যে পোষ্ট মেলনৰ এই সংগীতানুষ্ঠানক লৈ তীব্ৰ বিৰ্তকৰ সৃষ্টি হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন পূৰ্বে আজিৰ দিনটোতে দাখিল কৰাৰ আছিল যদিও ১২ডিচেম্বৰলৈকে পিছুৱাই দিয়া হৈছিল এই দিন। বহুতে অভিযোগ উত্থাপন কৰিছে যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন গাপ দিবলৈকে চৰকাৰে এনে পন্থা হাতত লৈছে।

এনে বিৰ্তকক লৈ দেওবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, জুবিন জীৱিত কালতেই পোষ্ট মেলনক অসমলৈ আমন্ত্ৰণ কৰা হৈছিল। তেতিয়া জুবিন বা আন কোনেও ইয়াক লৈ আপত্তি কৰা নাছিল। এতিয়া হঠাতে ইমান আপত্তিৰ কাৰন কি, মই বুজি পোৱা নাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ চুবুৰীয়া ৰাজ্যকেইখনত এনে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংগীতানুষ্ঠান হৈয়ে থাকে। এনে হ’লে পৰ্যটনৰ দিশটো উন্নত হয়। এই ক্ষেত্ৰত অসম কিয় পিছ পৰি থাকিব বুলিও কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানটোত অসম চৰকাৰে কোনো ধন খৰছ কৰা নাই বুলি উল্লেখ কৰি অন্য ক্ষেত্ৰত কিছু সহায়হে কৰিছে বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে, মই নিজে এই অনুষ্ঠানলৈ নাযাও আৰু আমাৰ এগৰাকী মন্ত্ৰীও পোষ্ট মেলনক চাবলৈ নাযায়।