Home Blog Page 5

তিনিটা কাৰ্যকাল কংগ্ৰেছৰ দখলত থকা নাজিৰা বিধানসভা সমষ্টিত বিশাল জনসভা প্ৰিয়ংকা গান্ধীৰ

নাজিৰা বিধানসভা সমষ্টিত বিশাল জনসভা প্ৰিয়ংকা গান্ধীৰ
নাজিৰা বিধানসভা সমষ্টিত বিশাল জনসভা প্ৰিয়ংকা গান্ধীৰ

নাজিৰাৰ মেকীপুৰস্থ পূজা মণ্ডপৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে ভাষণ প্ৰসংগত বি জে পি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনত তীব্ৰ সমালোচনা কৰি ভ্ৰষ্টাচাৰ, দূৰ্নীতি, ছিণ্ডিকেটৰাজ আদি এই চৰকাৰখনে সমগ্ৰ দেশৰ লগতে অসমৰ খিলঞ্জীয়া জনগণৰ অধিকাৰ, স্বাধীনতা খৰ্ব কৰিছে। অসমীয়াৰ প্ৰাণৰ সত্বা , যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৰহস্যময় মৃত্যুৰ ঘটনাই সমগ্ৰ ভাৰত তথা বিশ্ব বাসীক কন্দুৱাই ৰাখিছে ।

এইজনা মহান মানৱৰ ন্যায়ৰ ক্ষেত্ৰত বি জে পি নেতৃত্বাধীন চৰকাৰে চৰম প্ৰতাৰণা কৰিছে। আগন্তুক সময়ত অসমত কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰে এশ দিনৰ ভিতৰত শিল্পী জুবিন গাৰ্গৰ ন্যায় নিশ্চিত হ’ব আৰু তেখেতৰ হত্যাকাণ্ডৰ লগত জড়িত সকলক আইনগত দৃষ্টান্ত মূলক শাস্তি পাব সেয়া চিৰন্তন সত্য বুলি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ঘোষণা কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ উপ দলপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোটদান সাব্যস্ত কৰি অসমৰ পৰা দূৰ্নীতি, ভ্ৰষ্টাচাৰ অপশাসন দূৰ কৰিবৰ বাবে ৰাইজলৈ আহ্বান জনায়।

ছত্তীছগঢ় প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাগেল , অসম বিধানসভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া, শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ডিমৌ সমষ্টিৰ প্ৰাৰ্থী অজয় গগৈ , মাহমৰা সমষ্টিৰ প্ৰাৰ্থী জ্ঞান দ্বীপ মহন , সোণাৰি সমষ্টিৰ প্ৰাৰ্থী উৎপল গগৈ , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী ডঃ হেমপ্ৰভা শইকীয়া আদিকে ধৰি ভালেকেইজন শীৰ্ষ কংগ্ৰেছ নেতাই বক্তব্য প্ৰদান কৰে।

টোল প্লাজাত নতুন নিয়মঃ আজিৰে পৰা টোল প্লাজাত নগদ লেনদেন বন্ধ

টোল প্লাজাত নতুন নিয়মঃ আজিৰে পৰা টোল প্লাজাত নগদ লেনদেন বন্ধ
টোল প্লাজাত নতুন নিয়মঃ আজিৰে পৰা টোল প্লাজাত নগদ লেনদেন বন্ধ

আজিৰে পৰা টোল প্লাজাত আহি গ’ল নতুন নিয়ম।

আজিৰে পৰা টোল প্লাজাসমূহত নগদ লেনদেন বন্ধ।

FASTag বা UPIৰ জৰিয়তে আদায় দিব লাগিব টোলকৰ।

FASTag বা UPIৰ জৰিয়তে মাচুল আদায় দিব নোৱৰা বাহনে আদায় দিব লাগিব দুগুণ টোলকৰ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ নিৰ্দেশনা জাৰি।

আনহাতে আজিৰে পৰা বৃদ্ধি হ’ল টোল কৰ।

লঘু বাহনত ৫ পৰা ৩৫ টকা পর্যন্ত বৃদ্ধি টোল কৰ।

ৰাজ্যৰ ৭ খনকৈ টোলগেটত কাৰ্যকৰী হ’ল এই নির্দেশনা।

ইন্ধনৰ সংকটৰ মাজতে পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি

ইন্ধনৰ সংকটৰ মাজতে পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি
ইন্ধনৰ সংকটৰ মাজতে পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি

বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।

পুনৰ বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি।

ইন্ধনৰ সংকটৰ মাজতে বাণিজ্যিক ৰন্ধন গেছৰ মূল্য বৃদ্ধি।

ইৰান, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত পুনৰ বৃদ্ধি ৰন্ধন গেছৰ মূল্য।

আজিৰে পৰা কাৰ্যকৰী হ’ব নতুন মূল্য।

নতুন মূল্যই ব্যৱসায়ী আৰু ৰেষ্টুৰেণ্ট পৰিচালকসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে।

১৯ কিলোগ্ৰাম ওজনৰ একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি।

শেহতীয়াকৈ ১৪.২ কেজি ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ টকা বৃদ্ধি কৰা হৈছিল।

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ
আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ

আজি অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰ।

দুখনকৈ নিৰ্বাচনী সভাত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

গোগামুখত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা।

উত্তৰ অসমৰ NDA প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ।

বিহালীত দ্বিতীয়খন জনসভাত অংশ ল’ব প্রধানমন্ত্রীয়ে।

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে।

‘নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ কথা আনি কংগ্ৰেছে অক্ষমনীয় অপৰাধ কৰিছে’: হিমন্ত বিশ্ব শৰ্মা

‘নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ কথা আনি কংগ্ৰেছে অক্ষমনীয় অপৰাধ কৰিছে’: হিমন্ত বিশ্ব শৰ্মা
‘নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ কথা আনি কংগ্ৰেছে অক্ষমনীয় অপৰাধ কৰিছে’: হিমন্ত বিশ্ব শৰ্মা

ইনক্লুছিভ মাইণ্ডেৰে আলোচনা কৰা ভয়ংকৰ তথ্য ফাদিল মুখ্যমন্ত্ৰীৰ

জুবিনক লৈ কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছে জুবিনক টানি আনি ভুল কৰিছেঃ হিমন্ত বিশ্ব শৰ্মা

‘নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ কথা আনি কংগ্ৰেছে অক্ষমনীয় অপৰাধ কৰিছে’: হিমন্ত বিশ্ব শৰ্মা

জুবিন গাৰ্গক লৈ কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ অভিযোগ – আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ৰাজনৈতিক লাভ উঠাবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কংগ্ৰেছৰ দৰে জঘন্য ৰাজনীতি কোনেও কৰা নাই। কংগ্ৰেছে জুবিনক টানি আনি ভুল কৰিছে। নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ কথা আনি কংগ্ৰেছে অক্ষমনীয় অপৰাধ কৰিছে। উল্লেখ্য যে, ১৬ মাৰ্চৰ নিশা গুৱাহাটী GS ৰোডস্থিত ষ্টাৰবাক্সত ইনক্লুছিভ মাইণ্ডেৰে আলোচনা হোৱা এক গোপন বৈঠকৰ ভিডিঅ’ ক্লিপ ভাইৰেল হৈছিল সামাজিক মাধ্যমত। আৰু এই বৈঠকত কংগ্ৰেছৰ সৈতে জড়িত প্ৰচাৰ কৌশলকাৰী গোট ইনক্লুছিভ মাইণ্ডৰ সদস্যসকলে অংশগ্ৰহণ কৰিছিল। প্ৰাপ্ত তথ্য অনুসৰি, বৈঠকখনত আগন্তুক নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ বিষয়টো “মচলা” লগাই ৰাজনৈতিক সুবিধা ল’বলৈ ব্যৱহাৰ কৰাৰ বিষয়ে আলোচনা হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ প্ৰসংগত আজি সংবাদ মাধ্যমৰ আগত ইনক্লুছিভ মাইণ্ডেৰে আলোচনা কৰাৰ ভিডিঅ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে,মই মুখ্যমন্ত্ৰী হ’লে আটাইকে গ্ৰেপ্তাৰ কৰিম। সুনীল কানুগুলু বহুদিন অসমৰ জেলত থাকিব। জুবিনৰ নামত ৰাজনীতি কৰা সকলক এৰি নিদিওঁ। মই মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পাছত জুবিন গাৰ্গৰ সমাধি লৈ যাম।

কি হৈছে আমেৰিকাৰ? এইবাৰ পৰোক্ষ আক্ৰমণ … !

কি হৈছে আমেৰিকাৰ? এইবাৰ পৰোক্ষ আক্ৰমণ ... !
কি হৈছে আমেৰিকাৰ? এইবাৰ পৰোক্ষ আক্ৰমণ ... !

মধ্য প্ৰাচ্যত যুদ্ধৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে নতুনকৈ উদ্ভৱ হৈছে এক গুৰুত্বপূৰ্ণ বিতৰ্ক। ইৰাণে অভিযোগ উত্থাপন কৰিছে যে United States-এ কৰা আক্ৰমণৰ ফলত ভাৰতমুখী এখন চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বিমান ক্ষতিগ্ৰস্ত হৈছে। এই ঘটনাই আন্তৰাষ্ট্ৰীয় মহলত চিন্তাৰ সৃষ্টি কৰিছে।

ইৰাণৰ তথ্য অনুসৰি, Mashhad International Airport-ত উৰণৰ বাবে সাজু হৈ আছিল এখন বিমান, যিখনত ভাৰতলৈ পঠিয়াবলৈ ঔষধ আৰু অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী ভৰ্তি কৰা হৈছিল। কিন্তু সেই সময়তে আমেৰিকাই আক্ৰমণ চলোৱা বুলি ইৰাণে দাবী কৰিছে, ফলত বিমানখন উৰা মাৰিব নোৱাৰিলে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ Iran আৰু Israel-ৰ মাজত চলি থকা সংঘাতত আমেৰিকাৰ সম্পৃক্ততা বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। ইৰাণে দাবী কৰিছে যে, আমেৰিকাই প্ৰত্যক্ষভাৱে এই সংঘাতত হস্তক্ষেপ কৰি পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

এই ঘটনাক ইৰাণে “যুদ্ধ অপৰাধ” বুলি আখ্যা দিছে। অৱশ্যে এই অভিযোগৰ ওপৰত এতিয়ালৈকে White House-এ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ তথ্য অনুসৰি, উক্ত বিমানখন ১ এপ্ৰিলৰ আশে-পাশে New Delhi-ত উপস্থিত হোৱাৰ সম্ভাৱনা আছিল। উল্লেখযোগ্য যে, ভাৰতে ১৮ মাৰ্চত ইৰাণলৈ চিকিৎসা সামগ্ৰীৰ প্ৰথম চালান প্ৰেৰণ কৰিছিল Red Crescent Society-ৰ জৰিয়তে। ইয়াৰ বাবে নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসে ভাৰতক ধন্যবাদো জ্ঞাপন কৰিছিল।

বৰ্তমানলৈকে India-ৰ চৰকাৰে এই ঘটনাৰ ওপৰত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই। ঘটনাটোৱে মধ্য প্ৰাচ্যৰ চলি থকা সংঘাতৰ

৩১টা সংকল্পৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি…

৩১টা সংকল্পৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি...
৩১টা সংকল্পৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি...

অসমৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিজৰ প্ৰতিশ্ৰুতি-পত্ৰ ‘সংকল্প পত্ৰ ২০২৬’ মুকলি কৰে। গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী Nirmala Sitharaman-এ আনুষ্ঠানিকভাৱে এই সংকল্প পত্ৰ উন্মোচন কৰে।

অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী Himanta Biswa Sarma, বিজেপিৰ ৰাজ্যিক সভাপতি Dilip Saikia আৰু কেন্দ্ৰীয় মন্ত্ৰী Sarbananda Sonowalসহ বহু শীৰ্ষ নেতা।

বিজেপিয়ে দাবী কৰে যে, ৰাইজৰ মতামতৰ ভিত্তিত এই সংকল্প পত্ৰ প্ৰস্তুত কৰা হৈছে। প্ৰায় ৩ লাখতকৈ অধিক লিখিত পৰামৰ্শ আৰু ২০ লাখ লোকৰ মতামত সংগ্ৰহ কৰি এই দস্তাবেজ তৈয়াৰ কৰা হৈছে।

সংকল্প পত্ৰত অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে ৫ লাখ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে খিলঞ্জীয়া লোকৰ অধিকাৰ আৰু সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

সংকল্প পত্ৰ মুকলি কৰি নিৰ্মলা সীতাৰমণে কয় যে, “৬ দশকত কংগ্ৰেছে কৰিব নোৱাৰা বহু কাম বিজেপিয়ে মাত্ৰ ১০ বছৰত সম্পন্ন কৰিছে। ‘সুৰক্ষিত অসম, বিকশিত অসম’ গঢ়াৰ লক্ষ্যৰে বিজেপিয়ে কাম কৰি আহিছে।” তেওঁ উল্লেখ কৰে যে, অসম এতিয়া দেশৰ ভিতৰতে এটা দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।

তেওঁ আৰু কয় যে, ৰাজ্যত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ জৰিয়তে উদ্যোগীকৰণৰ নতুন যুগৰ সূচনা হৈছে। লগতে জাগীৰোডত স্থাপন হোৱা এই প্ৰকল্পে বহু যুৱক-যুৱতীক সংস্থাপনৰ সুযোগ প্ৰদান কৰিছে।

ইয়াৰ উপৰি নুমলীগড় শোধনাগাৰত প্ৰায় ৩৪ হাজাৰ কোটি টকা বিনিয়োগ, নামৰূপত ইউৰীয়া সাৰ কাৰখানাত ১০ হাজাৰ কোটি টকাৰ অধিক বিনিয়োগ আদি উন্নয়নমূলক প্ৰকল্পৰ কথাও তেওঁ উল্লেখ কৰে।

বিজেপিয়ে ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অসমত দ্ৰুতগতিত উন্নয়ন সাধিত হৈছে বুলি দাবী কৰি আগন্তুক নিৰ্বাচনত ৰাইজৰ সমৰ্থন বিচাৰে।

শিৱসাগৰ অ’পেন-২০২৬, পশ্চিম বংগৰ অৰ্পণ দাস চেম্পিয়ন

শিৱসাগৰ অ'পেন-২০২৬, পশ্চিম বংগৰ অৰ্পণ দাস চেম্পিয়ন
শিৱসাগৰ অ'পেন-২০২৬, পশ্চিম বংগৰ অৰ্পণ দাস চেম্পিয়ন

শিৱসাগৰ চেছ একাডেমীৰ উদ্যোগত, শিৱসাগৰ জিলা দবা সন্থা, শ্ৰী মাৰোৱাৰী পঞ্চায়ত চেৰিট্ৰেবল চছাইটি আৰু অক্ষয়ম চেছ লাৰ্নিং চেণ্টাৰৰ সহযোগত শিৱসাগৰ মিলন মন্দিৰত ছয় দিনীয়াকৈ শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ফিডে ৰেটিং প্ৰাইজমানী দবা প্ৰতিযোগিতাৰ আজি সফল সমাপ্তি হয়। এই উপলক্ষে আজি ডাঃ প্ৰশান্ত প্ৰতিম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত অতিথি হিচাপে ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ ইণ্টিকাবুৰ ৰহমান, সদৌ অসম দবা সন্থাৰ যুটীয়া সম্পাদক নন্দন বুঢ়াগোহাঁই, ডাঃ বীণাপাণি হাজৰিকা, যোৰহাট জিলা দবা সন্থাৰ সম্পাদক মাধুৰ্য্য সন্দিকৈ, শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে ভাৰত শৰ্মা, ৰাজু গগৈ, মুখ্য আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ, পাকচালিকা হাইৰ স্বত্বাধিকাৰী প্ৰিয়ংকা দত্ত, মাৰোৱাৰী পঞ্চায়ত চেৰিট্ৰেবল চছাইটিৰ সম্পাদক ৰাজু গট্টানী, সমাজসেৱিকা মাইচেনা বৰুৱা, নিকিতা আগৰৱালা উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে।

দহ ৰাউণ্ডৰ শেষত মুকলি শাখাত ৮. ৫ পইণ্টৰে প্ৰথম স্থান লাভ কৰি আয়োজক সমিতিয়ে আগবঢ়োৱা পইসত্তৰ হাজাৰ নগদ ধন আৰু মনোজ ৰাজকোঁৱৰ সোঁৱৰণত ভতিজাকে আগবঢ়োৱা ট্ৰফী লাভ কৰে পশ্চিম বংগৰ অৰ্পণ দাসে। দ্বিতীয় স্থান লাভ কৰি শিৱসাগৰ চেছ একাডেমী আৰু অক্ষয়ম চেছ লাৰ্নিং চেণ্টাৰে আগবঢ়োৱা নগদ পঞ্চলিছ হাজাৰ টকা লাভ কৰে অনুস্তুপ বিশ্বাসে, তৃতীয় স্থান লাভ কৰি পূৰ্ণ কান্ত শৰ্মা সোঁৱৰণী নগদ বিশ হাজাৰ টকা লাভ কৰে ভগেন আৰ. কে. সিং, চতুৰ্থ স্থান লাভ কৰি সোণমাই বেগম সোঁৱৰণী নগদ চৈধ্য হাজাৰ টকা লাভ কৰে নয়ায়িক বিশ্বাস, পঞ্চম স্থান লাভ কৰি ডিম্বেশ্বৰ বৰুৱা সোঁৱৰণী নগদ বাৰ হাজাৰ টকা লাভ কৰে অভিৰূপ শইকীয়া, ষষ্ঠ সিং স্বৰাম ৰাহুল, সপ্তম আদিত্য বক্সি, অষ্টম ইফটিকাৰ আলম মজুমদাৰ, নৱম ঈশান দাস, দশম পুলকেশ চাহু, একাদশ অভিজ্ঞান গোস্বামী, দ্বাদশ নিলাভ জ্যোতি বৰঠাকুৰ, ত্ৰয়োদশ তন্ময় ৰাজবংশী, চতুৰ্দশ আনিশ গোস্বামী, পঞ্চদশ য়ুৱান দাস, ষষ্ঠদশ সুপ্ৰীতম বৰুৱা, সপ্তদশ শ্ৰেয়াস্কৰ তাঁতী, অষ্টাদশ জয়দ্বীপ দত্ত, উনবিংশ অনংগ হৰ্ষ বৰঠাকুৰ, বিংশতম স্থান লাভ কৰে ৰিতু্ৰাজ তামুলীয়ে। অন্যহাতে ২১-৩৫ নম্বৰ স্থান লাভ কৰি নগদ ধন লাভ কৰা খেলুৱৈসকল হৈছে ক্ৰমে বিজিত চেতিয়া, মুগ্ধা কেওঁট, সিতাৰ্থ প্ৰতীম বুঢ়াগোহাঁই, সৌম্যদ্বীপ ৰাহা, প্ৰজিৎ ফুকন, অভ্ৰনীল বুঢ়াগোহাঁই, আদিত্য কিৰণ বুঢ়াগোহাঁই, বিশ্বজিৎ চাংমাই, অভিশেষ বৰঠাকুৰ, জ্যোতিষ প্ৰধান, বেদ আগৰৱালা, চৈয়দ ইফৰাজ ওবেইদ, প্ৰিয়ুষ প্ৰতীম মচৰাংগ আৰু উদ্বৱ ফুকন। অনুৰ্দ্ধ ৭ বছৰ ছোৱালী শাখাত প্ৰথম দিয়া হৰ্ষিলী বৈঞ্চব, দ্বিতীয় শিৱাংশী নিষাদ, তৃতীয় গৌতম অভিশ্ৰী, চতুৰ্থ ধনভিকা চুতীয়া, পঞ্চম চুজাইন বুশ্ৰ হুছেইন। ৭ বছৰ ল’ৰাৰ প্ৰথম চ্যাওখুন মনভিক গগৈ, দ্বিতীয় ৰক্তোপল গগৈ, তৃতীয় জিয়াঞ্চ ৰিয়ান কাশ্যপ, চতুৰ্থ কিয়াঞ্চ প্ৰীতম, পঞ্চম অদ্ৰিত ইভান ভূঞা। অনুৰ্দ্ধ ৯ বছৰ ছোৱালী— প্ৰথম নন্দিতা, দ্বিতীয় তানিস্কা বৰা, তৃতীয় ত্ৰয়ি ৰয়, চতুৰ্থ ময়ুষী বৰা, পঞ্চম দৰথী পাটগিৰি। ল’ৰা শাখাত প্ৰথম ৰিয়ান নবিশ, দ্বিতীয় মৈত্ৰভ বৰুৱা, তৃতীয় কেনৰিক বড়া, চতুৰ্থ ৰিষভ ৰাজপুত, পঞ্চম জিচান কাশ্যপ বৰা ৷ অনুৰ্দ্ধ ১১ বছৰ ছোৱালী প্ৰথম ডেলিছা আহমেদ জিলানী, দ্বিতীয় ঈশানী বৰা, তৃতীয় নিধি প্ৰজ্ঞা ফুকন, চতুৰ্থ নিদা নাজনিন, পঞ্চম ভনিছা চনি। ল’ৰাৰ শাখাত প্ৰথম নৱনিল দাস, দ্বিতীয় নিচান মণ্ডল, তৃতীয় আভাস ৰাজপুত, চতুৰ্থ বৰ্ণিল বৈশ্য, পঞ্চম আৰিশ মল। অনুৰ্দ্ধ ১৩ বছৰ ছোৱালী প্ৰথম অস্মিতা বিশ্বাস, দ্বিতীয় প্ৰত্যুষা দাস, তৃতীয় প্ৰাচী কোঁৱৰ, চতুৰ্থ বৃষ্টি কংকনা নায়ক, পঞ্চম ফাউজীয়া ফাহিমা ৰহমান। ল’ৰা শাখাত প্ৰথম ভাৰ্গৱ দেৱনাথ, দ্বিতীয় চৈয়দ শ্বাহবাজ ফাৰহান, তৃতীয় আৰ. কে. স্পন্দন সিং, চতুৰ্থ অদ্ৰিত দাস, পঞ্চম ক্ৰিচিভ বৰুৱা।
অনুৰ্দ্ধ পোন্ধৰ বছৰ ছোৱালী প্ৰথম আস্থাজিতা দাস, দ্বিতীয় আৰহানা বৰঠাকুৰ, তৃতীয় মাইলিন বৰুৱা, চতুৰ্থ ডিম্পী ফুকন, পঞ্চম তমন্না শৰ্মা। ল’ৰা শাখাত প্ৰথম সমুজ্জ্বল বৰুৱা, দ্বিতীয় অদ্ৰিত চেটাৰ্জী, তৃতীয় নিবিৰ নয়ন কাশ্যপ, চতুৰ্থ গৌৰৱ মোহন চেতিয়া, পঞ্চম অভিৰাজ পাল। অনুৰ্দ্ধ ১৭ বছৰ ছোৱালী প্ৰথম আইলন বৰুৱা, দ্বিতীয় আকাংক্ষা মহন্ত, তৃতীয় নিমিষা দাস। ল’ৰাৰ প্ৰথম অভিজিৎ খনিকৰ, দ্বিতীয় পাৰ্থ প্ৰতীম দে, তৃতীয় অভিলেখ হৃদয় গগৈ, তৃতীয় ৰোলাইখাম সন্দিকৈ আৰু পঞ্চম স্নিগ্ধ প্ৰতীম মহন। অন্যহাতে বেষ্ট ফেমেল তানিশা এ. আৰ. সোম, বেষ্ট ভেটাৰ্ণ যাদব গগৈ আৰু বেষ্ট আনৰেটেড ৰিজু চাংমাই। বঁটা বিতৰণী সভাৰ আঁত ধৰে অশ্ৰুমনি দত্ত ঘোষ, ভাৰত শৰ্মা আৰু স্বৰাজ বুঢ়াগোহাঁইয়ে ৷

আন্তৰ্জাতিক গৱেষণা পত্ৰিকাত অসমৰ মেধাৱী ছাত্ৰী এইচ. বি. দিব্যাক্ষী চৌধুৰীৰ সাফল্য ।IJRAR


IJRAR । অসমৰ বৌদ্ধিক সমাজলৈ এক গৌৰৱোজ্জ্বল খবৰ কঢ়িয়াই আনিছে দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰী এইচ্ বি দিব্যাক্ষী চৌধুৰীয়ে।

হিমাংশু চৌধুৰী আৰু বৰ্ণালী চৌধুৰীৰ কন্যা দিব্যাক্ষীৰ এক বিশেষ গাণিতিক গৱেষণা পত্ৰ ৩০ মাৰ্চ, ২০২৬ তাৰিখে বিখ্যাত আন্তৰ্জাতিক গৱেষণা পত্ৰিকা ‘International Journal of Research and Analytical Reviews’ (IJRAR)-ত সফলতাৰে প্ৰকাশ পাইছে।“Mathematical Representation of the Integer Set Z via the Ternary Quadratic Form” শীৰ্ষক এই গৱেষণা পত্ৰখনত তেওঁ J = a^2 + b^2 – c^2 সূত্ৰৰ জৰিয়তে সংখ্যাতত্ত্বৰ এক জটিল আৰু নতুন গাণিতিক বিশ্লেষণ দাঙি ধৰিছে।

অতি কম বয়সতে গণিতৰ দৰে কঠিন বিষয়ত এনেদৰে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰি দিব্যাক্ষীয়ে সমগ্ৰ অসমৰ লগতে নিজৰ বিদ্যালয়লৈও গৌৰৱ কঢ়িয়াই আনিছে। বৰ্তমান তেওঁ ‘The Universal Power Conclusion’ নামৰ এক বৃহৎ গাণিতিক প্ৰকল্পৰ কামত ব্ৰতী হৈ আছে আৰু ভৱিষ্যতে এগৰাকী সফল গৱেষক হোৱাৰ লক্ষ্যৰে নিজৰ যাত্ৰা অব্যাহত ৰাখিছে।

অখিল গগৈ হত্যাকাৰীৰ হিচাব ৰখা চিত্ৰগুপ্ত

অখিল গগৈ হত্যাকাৰীৰ হিচাব ৰখা চিত্ৰগুপ্ত
অখিল গগৈ হত্যাকাৰীৰ হিচাব ৰখা চিত্ৰগুপ্ত

দেওবাৰে বৈঠালাংছ’ৰ ছেৰদিহুন আক্লাম ক্ষেত্ৰতো ১১২নং আমৰি বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডাঃ হাবে টেৰণৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত এপিএইচএলচি দলৰ সভাপতি জে আই কাথাৰক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰি কয় যে কাথাৰ পাৰ্টীয়ে উন্নয়ন কৰিব নোৱাৰে, মাথোঁ আন্দোলনহে কৰিব পাৰে৷ মানুহৰ লগত মানুহৰ কাজিয়া কৰাব পাৰে, ধৰ্ণা-ধৰ্মঘট কৰিব পাৰে আৰু মাজে মাজে কাপোৰ খুলিও আন্দোলন কৰিব পাৰে৷ মামাই ল’ৰা-ছোৱালীক ডাক্তৰ-ইঞ্জিনিয়াৰ, কমাণ্ডো-বেটেলিয়ন, তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিয়াল আদিহে বনাব পাৰে বুলি মন্তব্য কৰে৷ তদুপৰি কাথাৰৰ ল’ৰা-ছোৱালীয়ে আন্দোলন নকৰে, গুৱাহাটী-দিল্লীত থাকে, ময়ো আমাৰ ল’ৰা-ছোৱালীক গুৱাহাটী-দিল্লীলৈ পঠাব বিচাৰো বুলি ভাষণত সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অখিল গগৈক হত্যাকাৰীৰ হিচাব ৰখা তথা যমে পঠোৱা চিত্ৰগুপ্ত আখ্যা দিয়ে৷

যিয়ে অখিল গগৈৰ বিৰোধিতা কৰে তেওঁকে হত্যাকাৰী সজায়৷ যিজনে নিজেই প্ৰণৱ বড়োক হত্যা কৰিছিল, তেৱেঁই এতিয়া আনকহে হত্যাকাৰী সজায়৷ প্ৰণৱ বড়ো কেনেকৈ শ্বহীদ হ’ল, কোনে গোটেই ৰাতি গাত তেল ঢালি জুই লগাই প্ৰতিবাদ কৰিবলৈ উচটাইছিল মই কি নাজানো৷ অখিলে নিজে জ্বলিব লাগিছিল নে প্ৰণৱ বড়োক উচটাব লাগিছিল৷ আনকি, বিধানসভাতো যোৱা পাঁচটা বছৰে প্ৰণৱ বড়োৰ বিষয়টো কিয় এবাৰো উত্থাপন নকৰিলে৷ কোনোবাই যদি তেওঁৰ বিৰুদ্ধে কয় তেন্তে তেওঁ কয় অমুকে ইমানটা হত্যা কৰিছে, তমুকে তিমানটা হত্যা কৰিছে বুলি দোষ জাপি দিয়ে৷ তুমি নিজেই কিমান হত্যা কৰিছা তাৰ হিচাব নিজে দিব লাগিব, তোমাৰ পাপৰ হিচাব তুমি নিজেই দিব লাগিব৷ অখিলে গোটেই অসমখন জ্বলাই ৰাখিছে৷ অসমৰ ল’ৰা-ছোৱালীক টায়াৰ জ্বলাব শিকায়, ৰে’ল লাইন উৰুৱাবলৈ শিকায়৷ আনকি মহাত্মা গান্ধীয়েও যদি তেওঁক বেয়া বুলি কয় মহাত্মা গান্ধীয়েও দুটা হত্যা কৰিছে বুলি কৈ দিব বুলি শৰ্মাই সদৰী কৰে৷ অসমৰ উন্নয়ন অখিল গগৈৰ কাম্য নহয়, মাথোঁ আন্দোলন, হিংসা, বিদ্বেষ আদিয়েই অখিলৰ মূল উদ্দেশ্য৷ তেওঁৰ বিৰুদ্ধে যিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁকেই হত্যাকাৰী সজায় বুলি ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷