Home Blog Page 50

ঢকুৱাখনাত টিউটৰ শিক্ষক সংস্থাৰ সংবাদমেল…

টিউটৰ সকলক শীঘ্ৰেই টিছাৰৰ মৰ্যাদা দি উপযুক্ত দৰমহা আৰু সা-সুবিধা প্ৰদান কৰাৰ দাবীৰে আজি দীপাৱলীৰ দিনাই ঢকুৱাখনাত এখন সংবাদ মেলৰ আয়োজন কৰি ক্ষোভ প্ৰকাশ কৰে ঢকুৱাখনা সম জিলা টিউটৰ শিক্ষক সংস্থাৰ বিষয় ববীয়াই।সংবাদমেল আয়োজন কৰি টিউটৰ শিক্ষক সন্থাৰ লখিমপুৰ জিলা সমিতিৰ উপ সভাপতি-জয় কুমাৰ সিং,বৰদলনি শিক্ষা খণ্ডৰ সভাপতি জীৱন শইকীয়াই কয় যে-

“২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ দিয়াৰ সময়ত কৈছিল যে-আজি নিযুক্তি পত্ৰ লৈ যাওঁক;আজিৰ তাৰিখৰ পৰা এদিনৰ পিছত বা এমাহ,এবছৰৰ মূৰত কোনো লোকে মৃত্যু বৰণ কৰিলে বা অৱসৰ ল’লেও ১০ লাখ টকা এককালীন সাহায্য দিম বুলি ঘোষণা কৰিছিল।গতিকে সেই প্ৰতিশ্ৰুতি পূৰ্ণ কৰিব লাগে।
তদুপৰি সংবাদমেলত টিউটৰ শিক্ষক সকলে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে টিউটৰ সকলক বিভিন্ন সময়ত কথা দিও কথা নৰখাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।অন্যহাতে অহা নৱেম্বৰৰ ভিতৰত কেবিনেট বৈঠকত টিউটৰ শিক্ষকৰ বিষয়টো আলোচনা কৰি আইন সংশোধন কৰি হলেও চাকৰি নিয়মীয়া কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়।

আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

আই এন এছ বিক্ৰান্তত নৌসেনা বাহিনীৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

আই এন এছ বিক্ৰান্তত কটোৱা নিশাটো স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অভিজ্ঞতাক শব্দৰে প্ৰকাশ কৰাটো কঠিন। তেওঁ সাগৰৰ গভীৰ নিশা আৰু সূৰ্য্য উদয়ে এই দীপাৱলীক বহু দিশত বিশেষভাৱে স্মৰণীয় কৰি তোলা বুলি উল্লেখ কৰে। আই এন এছ বিক্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
আই এন এছ বিক্ৰান্তক দেশৰ নামত সমৰ্পন কৰাৰ মুহূৰ্তটো স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে সেই সময়ত তেওঁ মন্তব্য কৰিছিল— বিক্ৰান্ত গ্ৰেণ্ড, অপৰিসীম, পেনোৰামিক, অনন্য আৰু ব্যতিক্ৰমী। “বিক্ৰান্ত কেৱল যুদ্ধজাহাজ নহয়, ই একবিংশ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু দায়বদ্ধতাৰ প্ৰমাণ”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ সোঁৱৰাই দিয়ে যে যিদিনা দেশ খনে থলুৱাভাৱে নিৰ্মিত আই এন এছ বিক্ৰান্ত লাভ কৰিছিল, সেইদিনা ভাৰতীয় নৌসেনাই ঔপনিৱেশিক উত্তৰাধিকাৰৰ এক প্ৰধান প্ৰতীক ত্যাগ কৰিছিল। তেওঁ আলোকপাত কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ নৌসেনাই নতুন পতাকা গ্ৰহণ কৰিছিল।
“আই এন এছ বিক্ৰান্ত আজি আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ এক শক্তিশালী প্ৰতীক হিচাপে থিয় দিছে”, প্ৰধানমন্ত্ৰীয়ে কয় যে সাগৰৰ মাজেৰে ঢৌ ফালি যোৱা থলুৱাভাৱে নিৰ্মিত আই এন এছ বিক্ৰান্তই ভাৰতৰ সামৰিক শক্তিক প্ৰতিফলিত কৰে। তেওঁ স্মৰণ কৰে যে মাত্ৰ কেইমাহমানৰ আগতে বিক্ৰান্তৰ নামটোৱেই পাকিস্তানৰ টোপনিত ব্যাঘাত জন্মাইছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আই এন এছ বিক্ৰান্ত এনে এখন যুদ্ধজাহাজ, যাৰ নামটোৱেই শত্ৰুৰ সাহসৰ অন্ত পেলাবলৈ যথেষ্ট।
এই উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীক বিশেষ কৃতজ্ঞতা জনায় । তেওঁ আলোকপাত কৰে যে ভাৰতীয় নৌসেনাই জগাই তোলা ভয়, ভাৰতীয় বায়ুসেনাই প্ৰদৰ্শন কৰা অসাধাৰণ দক্ষতা, ভাৰতীয় সেনাৰ বীৰত্বৰ লগতে তিনিওটা সেৱাৰ মাজত থকা ব্যতিক্ৰমী সমন্বয়ৰ বাবেই অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক ক্ষিপ্ৰতাৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব পৰা গৈছিল । তেওঁ দৃঢ়তাৰে কয় যে ইয়াৰ সৈতে জড়িত সকলো কৰ্মী সঁচাকৈয়ে অভিনন্দনৰ যোগ্য।
মোদীয়ে উল্লেখ কৰে যে যেতিয়া শত্ৰু সন্মুখত থাকে আৰু যুদ্ধ আগতীয়া হয়, তেতিয়া স্বাধীনভাৱে যুঁজিবলৈ শক্তি থকা পক্ষই সদায় সুবিধা লাভ কৰে। তেওঁ কয় যে সশস্ত্ৰ বাহিনী শক্তিশালী হ’বলৈ হ’লে আত্মনিৰ্ভৰশীলতা অতি প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰীয়ে এই কথাত গৌৰৱ প্ৰকাশ কৰে যে বিগত দশকত ভাৰতৰ শক্তিসমূহে স্বাৱলম্বীতাৰ দিশত ক্ৰমাগতভাৱে আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে সশস্ত্ৰ বাহিনীয়ে হাজাৰ হাজাৰ সামগ্ৰী চিনাক্ত কৰিছে যিবোৰ আৰু আমদানি কৰা নহ’ব, যাৰ ফলত এতিয়া বেছিভাগ অত্যাৱশ্যকীয় সামৰিক সঁজুলি ঘৰুৱাভাৱে নিৰ্মাণ কৰা হৈছে। তেওঁ আলোকপাত কৰে যে যোৱা ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে, যোৱা বছৰ ১.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে। আন এক উদাহৰণ দাঙি ধৰি শ্ৰী মোদীয়ে দেশবাসীক অৱগত কৰে যে ২০১৪ চনৰ পৰা ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহে নৌসেনালৈ ৪০খনতকৈও অধিক থলুৱা যুদ্ধজাহাজ আৰু চাবমেৰিন যোগান ধৰিছে। তেওঁ লগতে কয় যে বৰ্তমান গড়ে প্ৰতি ৪০ দিনৰ মূৰে মূৰে এখন নতুন থলুৱা যুদ্ধ জাহাজ বা চাবমেৰিন নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে।

‘ব্ৰাহ্মছ আৰু আকাশৰ দৰে ক্ষেপণাস্ত্ৰই অপাৰেচন সিন্দূৰৰ সময়ত নিজৰ সামৰ্থ্যৰ প্ৰমাণ দিছে।বিশ্বৰ কেইবাখনো দেশে এতিয়া এই ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে আগ্ৰহী হৈছে”, প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে তিনিওটা সশস্ত্ৰ বাহিনীৰ বাবে অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি ৰপ্তানি কৰাৰ ক্ষমতা গঢ়ি তুলিছে। “ভাৰতৰ লক্ষ্য হৈছে বিশ্বৰ শীৰ্ষ প্ৰতিৰক্ষা ৰপ্তানিকাৰী হিচাবে পৰিগণিত হোৱা ”। মোদীয়ে দৃঢ়তাৰে কয় যে যোৱা দশকত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৩০গুণতকৈ অধিক বৃদ্ধি পাইছে। এই সফলতাৰ কৃতিত্ব তেওঁ প্ৰতিৰক্ষা ষ্টাৰ্ট-আপ আৰু থলুৱা প্ৰতিৰক্ষা গোটৰ অৱদানৰ বাবে বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি আৰু সামৰ্থ্য সম্পৰ্কে ভাৰতৰ পৰম্পৰা সদায় এই নীতিত শিপাই আছে—“জ্ঞানয় দানয় চ ৰক্ষণায়,” অৰ্থাৎ আমাৰ বিজ্ঞান, সমৃদ্ধি আৰু ক্ষমতা মানৱতাৰ সেৱা তথা সুৰক্ষাৰ বাবে উৎসৰ্গিত। তেওঁ কয় যে আজিৰ আন্তঃসংযোগী পৃথিৱীখনত, য’ত দেশসমূহৰ অৰ্থনীতি আৰু অগ্ৰগতি সামুদ্ৰিক পথৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, ভাৰতীয় নৌসেনাই বিশ্বৰ স্থিতিশীলতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিশ্বৰ ৬৬ শতাংশ তেলৰ যোগান আৰু ৫০ শতাংশ কণ্টেইনাৰ চালান ভাৰত মহাসাগৰৰ মাজেৰে হয় । তেওঁ উল্লেখ কৰে যে এই পথসমূহ সুৰক্ষিত কৰিবলৈ ভাৰত মহাসাগৰৰ ৰক্ষক হিচাপে ভাৰতীয় নৌসেনা নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি মিছন ভিত্তিক নিয়োগ, জলদস্যু বিৰোধী টহল আৰু মানৱীয় অভিযানৰ জৰিয়তে ভাৰতীয় নৌসেনাই সমগ্ৰ অঞ্চলটোত বিশ্বব্যাপী নিৰাপত্তা অংশীদাৰ হিচাপে কাম কৰিছে।

“ভাৰতৰ দ্বীপসমূহৰ নিৰাপত্তা আৰু অখণ্ডতা নিশ্চিত কৰাত ভাৰতৰ নৌসেনাই উল্লেখযোগ্য ভূমিকা পালন কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। কিছুদিনৰ পূৰ্বে ২৬ জানুৱাৰীত দেশৰ প্ৰতিটো দ্বীপত জাতীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্তৰ কথা তেওঁ স্মৰণ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে নৌসেনাই এই জাতীয় সংকল্প পূৰণ কৰিলে আৰু আজি ভাৰতৰ প্ৰতিটো দ্বীপত নৌসেনাই গৌৰৱেৰে ত্ৰিৰংগা উত্তোলন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে গ্ল’বেল চাউথৰ সকলো দেশ যাতে সমান্তৰালভাৱে আগবাঢ়ি যায় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ আলোকপাত কৰে যে ভাৰতে ‘মহাসাগৰ সামুদ্ৰিক বিষয়ত কাম কৰি আছে আৰু বহু দেশৰ উন্নয়নৰ অংশীদাৰ হৈ পৰিছে। তেওঁ দৃঢ়তাৰে কয় যে যেতিয়াই প্ৰয়োজন হয় ভাৰতে বিশ্বৰ যিকোনো ঠাইতে মানৱীয় সাহায্য প্ৰদানৰ বাবে সাজু হৈ থাকে। আফ্ৰিকাৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে, দুৰ্যোগৰ সময়ত বিশ্বই ভাৰতক সংগী হিচাপে গ্ৰহণ কৰিছে । শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২০১৪ চনত যেতিয়া চুবুৰীয়া দেশ মালদ্বীপ জল সংকটৰ সন্মুখীন হৈছিল, তেতিয়া ভাৰতে ‘অপাৰেচন নীৰ’ আৰম্ভ কৰিছিল আৰু নৌসেনাই দেশখনলৈ বিশুদ্ধ পানী যোগান ধৰিছিল। ২০১৭ চনত যেতিয়া শ্ৰীলংকাক ভয়াৱহ বানপানীয়ে বিধ্বস্ত কৰিছিল, তেতিয়া ভাৰতে প্ৰথমে সহায়ৰ হাত আগবঢ়াইছিল। ২০১৮ চনত ইণ্ডোনেছিয়াত হোৱা ছুনামীৰ দুৰ্যোগৰ পিছত ভাৰতে ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই সাহায্য তথা উদ্ধাৰ অভিযানত যোগ দিছিল। একেদৰে ম্যানমাৰৰ ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলাই হওক বা ২০১৯ চনত মোজাম্বিক আৰু ২০২০ চনত মাদাগাস্কাৰৰ সংকটৰ সময়তো ভাৰতে সেৱাৰ মনোভাৱেৰে সকলো ঠাইতে সহায়ৰ হাত আগবঢ়াইছিল।
মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে সময়ে সময়ে বিদেশত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে ঘূৰাই অনাৰ বাবে অভিযান চলাই আহিছে। য়েমেনৰ পৰা চুডানলৈকে যেতিয়াই আৰু য’তেই প্ৰয়োজন হৈছিল, তেওঁলোকৰ সাহসে সমগ্ৰ বিশ্বতে বাস কৰা ভাৰতীয়সকলৰ আস্থাক আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে এই অভিযানসমূহৰ জৰিয়তে হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ জীৱনো ৰক্ষা কৰিছে।
“ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে সকলো ক্ষেত্ৰতে —স্থল, সাগৰ, আৰু আকাশ—আৰু প্ৰতিটো পৰিস্থিতিতেই দেশক সেৱা আগবঢ়াইছে”, শ্ৰী মোদীয়ে কয় । তেওঁ লগতে কয় যে ভাৰতৰ সামুদ্ৰিক সীমা আৰু বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে নৌসেনাক সাগৰত নিয়োজিত কৰা হৈছে, আনহাতে বায়ুসেনাই আকাশ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। স্থলভাগত অগ্নি বৰষি থকা মৰুভূমিৰ পৰা বৰফেৰে আবৃত হিমবাহলৈকে বি এছ এফ আৰু আই টি বি পিৰ জোৱানৰ সৈতে সেনাই শিলৰ দৰে দৃঢ়তাৰে থিয় দি আছে । তেওঁ স্বীকাৰ কৰে যে বিভিন্ন ফ্ৰণ্টৰ জড়িয়তে এছ এছ বি, আছাম ৰাইফলছ, চি আৰ পি এফ, চি আই এছ এফ, আৰু চোৰাংচোৱা সংস্থাৰ জোৱানসকলে অটলভাৱে ভাৰত মাতৃৰ সেৱা আগবঢ়াই আছে। ভাৰতৰ উপকূল নিৰাপত্তাৰ বাবে নৌসেনাৰ সৈতে দিনে-নিশাই নিৰন্তৰ সমন্বয়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবেও প্ৰশংসা কৰে। তেওঁ দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এই অভিযানত তেওঁলোকৰ অৱদান অপৰিসীম।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ নিৰাপত্তা বাহিনীৰ পৰাক্ৰম আৰু সাহসৰ বাবে দেশখনে এটা ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে— মাওবাদী সন্ত্ৰাসবাদ নিৰ্মূল। তেওঁ আলোকপাত কৰে যে ভাৰত এতিয়া নক্সাল-মাওবাদী উগ্ৰবাদৰ পৰা সম্পূৰ্ণ মুক্তিৰ পথত। ২০১৪ চনৰ আগতে প্ৰায় ১২৫খন জিলা মাওবাদী হিংসাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল; আজি এই সংখ্যা মাত্ৰ ১১খনলৈ হ্ৰাস পাইছে, মাত্ৰ ৩খন জিলাহে যথেষ্ট প্ৰভাৱান্বিত হৈ আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এতিয়া ১০০খনতকৈও অধিক জিলাই মাওবাদী সন্ত্ৰাসৰ হাতোৰাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে আৰু প্ৰথমবাৰৰ বাবে মুক্তভাৱে উশাহ লৈ দীপাৱলী উদযাপন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে লাখ লাখ মানুহে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভিগি অহা শংকাৰ পিছত, এতিয়া উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে। যিবোৰ অঞ্চলত এসময়ত মাওবাদীয়ে পথ, বিদ্যালয়, চিকিৎসালয়, ভ্ৰাম্যমাণ টাৱাৰ নিৰ্মাণত বাধা দিছিল, সেইবোৰ অঞ্চলত এতিয়া ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু নতুন উদ্যোগৰ উত্থান ঘটিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ নিৰাপত্তা বাহিনীৰ নিষ্ঠা, ত্যাগ আৰু সাহসেৰে এই সফলতা লাভ কৰাটো সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে এনে বহু জিলাত মানুহে প্ৰথমবাৰৰ বাবে দীপাৱলী উদযাপন কৰিছে। তেওঁ লগতে কয় যে জি এছ টি ৰাহি উৎসৱৰ সময়ত এই অঞ্চলসমূহ অভিলেখ পৰিমাণৰ বিক্ৰী আৰু ক্ৰয়ৰ সাক্ষী হৈছে । যিবোৰ জিলাত এসময়ত মাওবাদী সন্ত্ৰাসে সংবিধানকো দমন কৰি ৰাখিছিল, সেইবোৰ জিলাত এতিয়া স্বদেশীৰ মন্ত্ৰ প্ৰতিধ্বনিত হৈছে।

“ভাৰতে দ্ৰুতগতিত আগবাঢ়িছে আৰু ১৪০ কোটি নাগৰিকৰ সপোন পূৰণ কৰিছে। ভূমিৰ পৰা মহাকাশলৈকে এসময়ত কল্পনাৰ বাহিৰত বুলি ভবা কৃতিত্বসমূহ এতিয়া বাস্তৱত পৰিণত হৈছে”, প্ৰধানমন্ত্ৰীয়ে দেশৰ গতিবেগ, অগ্ৰগতি, ৰূপান্তৰ আৰু ক্ৰমবৰ্ধমান বিকাশ তথা আত্মবিশ্বাসৰ বিষয়ত আলোকপাত কৰি এনেদৰে কয়। তেওঁ দৃঢ়তাৰে কয় যে দেশ গঠনৰ এই কামত সশস্ত্ৰ বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে শক্তিসমূহ কেৱল সোঁতৰ অনুগামী নহয়; ইয়াৰ দিশ নিৰ্দেশনা দিয়াৰ ক্ষমতা, সময়ক নেতৃত্ব দিয়াৰ সাহস, অসীমক অতিক্ৰম কৰাৰ সাহস আৰু অতিক্ৰম কৰিব নোৱাৰাক জয় কৰাৰ আত্মা তেওঁলোকৰ আছে। তেওঁ ঘোষণা কৰে যে আমাৰ সৈন্যসকল য’ত দৃঢ়ভাৱে থিয় দিছে, সেই পৰ্বতৰ চূড়াবোৰ ভাৰতৰ বিজয়ৰ স্তম্ভ হিচাপে থাকিব আৰু ইয়াৰ তলৰ সাগৰৰ প্ৰচণ্ড ঢৌৱে ভাৰতৰ বিজয়ৰ কথা প্ৰতিধ্বনিত কৰিব । এই গৰ্জনৰ মাজতে এটা ঐক্যবদ্ধ কণ্ঠ উচ্চাৰিত হ’ব —’ভাৰত মাতা কি জয়!’ এই উৎসাহ আৰু দৃঢ়তাৰে প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনায়।

ভাৰত মহাসাগৰৰ ৰক্ষক হিচাপে থিয় দিছে ভাৰতীয় নৌসেনাঃ প্ৰধানমন্ত্ৰী । MODI

MODI । আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
আই এন এছ বিক্ৰান্ত কেৱল এখন যুদ্ধ জাহাজ নহয়, ই একবিংশ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু দায়বদ্ধতাৰ সাক্ষ্য: প্ৰধানমন্ত্ৰী
ভাৰত মহাসাগৰৰ ৰক্ষক হিচাপে থিয় দিছে ভাৰতীয় নৌসেনাঃ প্ৰধানমন্ত্ৰী

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২০ অক্টোবৰঃ আই এন এছ বিক্ৰান্তত নৌসেনা বাহিনীৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

আই এন এছ বিক্ৰান্তত কটোৱা নিশাটো স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অভিজ্ঞতাক শব্দৰে প্ৰকাশ কৰাটো কঠিন। তেওঁ সাগৰৰ গভীৰ নিশা আৰু সূৰ্য্য উদয়ে এই দীপাৱলীক বহু দিশত বিশেষভাৱে স্মৰণীয় কৰি তোলা বুলি উল্লেখ কৰে। আই এন এছ বিক্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
আই এন এছ বিক্ৰান্তক দেশৰ নামত সমৰ্পন কৰাৰ মুহূৰ্তটো স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে সেই সময়ত তেওঁ মন্তব্য কৰিছিল— বিক্ৰান্ত গ্ৰেণ্ড, অপৰিসীম, পেনোৰামিক, অনন্য আৰু ব্যতিক্ৰমী। “বিক্ৰান্ত কেৱল যুদ্ধজাহাজ নহয়, ই একবিংশ শতিকাৰ ভাৰতৰ কঠোৰ পৰিশ্ৰম, প্ৰতিভা, প্ৰভাৱ আৰু দায়বদ্ধতাৰ প্ৰমাণ”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ সোঁৱৰাই দিয়ে যে যিদিনা দেশ খনে থলুৱাভাৱে নিৰ্মিত আই এন এছ বিক্ৰান্ত লাভ কৰিছিল, সেইদিনা ভাৰতীয় নৌসেনাই ঔপনিৱেশিক উত্তৰাধিকাৰৰ এক প্ৰধান প্ৰতীক ত্যাগ কৰিছিল। তেওঁ আলোকপাত কৰে যে ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ নৌসেনাই নতুন পতাকা গ্ৰহণ কৰিছিল।
“আই এন এছ বিক্ৰান্ত আজি আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ এক শক্তিশালী প্ৰতীক হিচাপে থিয় দিছে”, প্ৰধানমন্ত্ৰীয়ে কয় যে সাগৰৰ মাজেৰে ঢৌ ফালি যোৱা থলুৱাভাৱে নিৰ্মিত আই এন এছ বিক্ৰান্তই ভাৰতৰ সামৰিক শক্তিক প্ৰতিফলিত কৰে। তেওঁ স্মৰণ কৰে যে মাত্ৰ কেইমাহমানৰ আগতে বিক্ৰান্তৰ নামটোৱেই পাকিস্তানৰ টোপনিত ব্যাঘাত জন্মাইছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আই এন এছ বিক্ৰান্ত এনে এখন যুদ্ধজাহাজ, যাৰ নামটোৱেই শত্ৰুৰ সাহসৰ অন্ত পেলাবলৈ যথেষ্ট।
এই উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীক বিশেষ কৃতজ্ঞতা জনায় । তেওঁ আলোকপাত কৰে যে ভাৰতীয় নৌসেনাই জগাই তোলা ভয়, ভাৰতীয় বায়ুসেনাই প্ৰদৰ্শন কৰা অসাধাৰণ দক্ষতা, ভাৰতীয় সেনাৰ বীৰত্বৰ লগতে তিনিওটা সেৱাৰ মাজত থকা ব্যতিক্ৰমী সমন্বয়ৰ বাবেই অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক ক্ষিপ্ৰতাৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাব পৰা গৈছিল । তেওঁ দৃঢ়তাৰে কয় যে ইয়াৰ সৈতে জড়িত সকলো কৰ্মী সঁচাকৈয়ে অভিনন্দনৰ যোগ্য।
মোদীয়ে উল্লেখ কৰে যে যেতিয়া শত্ৰু সন্মুখত থাকে আৰু যুদ্ধ আগতীয়া হয়, তেতিয়া স্বাধীনভাৱে যুঁজিবলৈ শক্তি থকা পক্ষই সদায় সুবিধা লাভ কৰে। তেওঁ কয় যে সশস্ত্ৰ বাহিনী শক্তিশালী হ’বলৈ হ’লে আত্মনিৰ্ভৰশীলতা অতি প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰীয়ে এই কথাত গৌৰৱ প্ৰকাশ কৰে যে বিগত দশকত ভাৰতৰ শক্তিসমূহে স্বাৱলম্বীতাৰ দিশত ক্ৰমাগতভাৱে আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে সশস্ত্ৰ বাহিনীয়ে হাজাৰ হাজাৰ সামগ্ৰী চিনাক্ত কৰিছে যিবোৰ আৰু আমদানি কৰা নহ’ব, যাৰ ফলত এতিয়া বেছিভাগ অত্যাৱশ্যকীয় সামৰিক সঁজুলি ঘৰুৱাভাৱে নিৰ্মাণ কৰা হৈছে। তেওঁ আলোকপাত কৰে যে যোৱা ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে, যোৱা বছৰ ১.৫ লাখ কোটি টকা অতিক্ৰম কৰিছে। আন এক উদাহৰণ দাঙি ধৰি শ্ৰী মোদীয়ে দেশবাসীক অৱগত কৰে যে ২০১৪ চনৰ পৰা ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাসমূহে নৌসেনালৈ ৪০খনতকৈও অধিক থলুৱা যুদ্ধজাহাজ আৰু চাবমেৰিন যোগান ধৰিছে। তেওঁ লগতে কয় যে বৰ্তমান গড়ে প্ৰতি ৪০ দিনৰ মূৰে মূৰে এখন নতুন থলুৱা যুদ্ধ জাহাজ বা চাবমেৰিন নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে।
‘ব্ৰাহ্মছ আৰু আকাশৰ দৰে ক্ষেপণাস্ত্ৰই অপাৰেচন সিন্দূৰৰ সময়ত নিজৰ সামৰ্থ্যৰ প্ৰমাণ দিছে।বিশ্বৰ কেইবাখনো দেশে এতিয়া এই ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ বাবে আগ্ৰহী হৈছে”, প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে তিনিওটা সশস্ত্ৰ বাহিনীৰ বাবে অস্ত্ৰ-শস্ত্ৰ আৰু সঁজুলি ৰপ্তানি কৰাৰ ক্ষমতা গঢ়ি তুলিছে। “ভাৰতৰ লক্ষ্য হৈছে বিশ্বৰ শীৰ্ষ প্ৰতিৰক্ষা ৰপ্তানিকাৰী হিচাবে পৰিগণিত হোৱা ”। মোদীয়ে দৃঢ়তাৰে কয় যে যোৱা দশকত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৩০গুণতকৈ অধিক বৃদ্ধি পাইছে। এই সফলতাৰ কৃতিত্ব তেওঁ প্ৰতিৰক্ষা ষ্টাৰ্ট-আপ আৰু থলুৱা প্ৰতিৰক্ষা গোটৰ অৱদানৰ বাবে বুলি কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে শক্তি আৰু সামৰ্থ্য সম্পৰ্কে ভাৰতৰ পৰম্পৰা সদায় এই নীতিত শিপাই আছে—“জ্ঞানয় দানয় চ ৰক্ষণায়,” অৰ্থাৎ আমাৰ বিজ্ঞান, সমৃদ্ধি আৰু ক্ষমতা মানৱতাৰ সেৱা তথা সুৰক্ষাৰ বাবে উৎসৰ্গিত। তেওঁ কয় যে আজিৰ আন্তঃসংযোগী পৃথিৱীখনত, য’ত দেশসমূহৰ অৰ্থনীতি আৰু অগ্ৰগতি সামুদ্ৰিক পথৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, ভাৰতীয় নৌসেনাই বিশ্বৰ স্থিতিশীলতা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিশ্বৰ ৬৬ শতাংশ তেলৰ যোগান আৰু ৫০ শতাংশ কণ্টেইনাৰ চালান ভাৰত মহাসাগৰৰ মাজেৰে হয় । তেওঁ উল্লেখ কৰে যে এই পথসমূহ সুৰক্ষিত কৰিবলৈ ভাৰত মহাসাগৰৰ ৰক্ষক হিচাপে ভাৰতীয় নৌসেনা নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি মিছন ভিত্তিক নিয়োগ, জলদস্যু বিৰোধী টহল আৰু মানৱীয় অভিযানৰ জৰিয়তে ভাৰতীয় নৌসেনাই সমগ্ৰ অঞ্চলটোত বিশ্বব্যাপী নিৰাপত্তা অংশীদাৰ হিচাপে কাম কৰিছে।

“ভাৰতৰ দ্বীপসমূহৰ নিৰাপত্তা আৰু অখণ্ডতা নিশ্চিত কৰাত ভাৰতৰ নৌসেনাই উল্লেখযোগ্য ভূমিকা পালন কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। কিছুদিনৰ পূৰ্বে ২৬ জানুৱাৰীত দেশৰ প্ৰতিটো দ্বীপত জাতীয় পতাকা উত্তোলন কৰাৰ সিদ্ধান্তৰ কথা তেওঁ স্মৰণ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে নৌসেনাই এই জাতীয় সংকল্প পূৰণ কৰিলে আৰু আজি ভাৰতৰ প্ৰতিটো দ্বীপত নৌসেনাই গৌৰৱেৰে ত্ৰিৰংগা উত্তোলন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ লগে লগে গ্ল’বেল চাউথৰ সকলো দেশ যাতে সমান্তৰালভাৱে আগবাঢ়ি যায় তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ আলোকপাত কৰে যে ভাৰতে ‘মহাসাগৰ সামুদ্ৰিক বিষয়ত কাম কৰি আছে আৰু বহু দেশৰ উন্নয়নৰ অংশীদাৰ হৈ পৰিছে। তেওঁ দৃঢ়তাৰে কয় যে যেতিয়াই প্ৰয়োজন হয় ভাৰতে বিশ্বৰ যিকোনো ঠাইতে মানৱীয় সাহায্য প্ৰদানৰ বাবে সাজু হৈ থাকে। আফ্ৰিকাৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে, দুৰ্যোগৰ সময়ত বিশ্বই ভাৰতক সংগী হিচাপে গ্ৰহণ কৰিছে । শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২০১৪ চনত যেতিয়া চুবুৰীয়া দেশ মালদ্বীপ জল সংকটৰ সন্মুখীন হৈছিল, তেতিয়া ভাৰতে ‘অপাৰেচন নীৰ’ আৰম্ভ কৰিছিল আৰু নৌসেনাই দেশখনলৈ বিশুদ্ধ পানী যোগান ধৰিছিল। ২০১৭ চনত যেতিয়া শ্ৰীলংকাক ভয়াৱহ বানপানীয়ে বিধ্বস্ত কৰিছিল, তেতিয়া ভাৰতে প্ৰথমে সহায়ৰ হাত আগবঢ়াইছিল। ২০১৮ চনত ইণ্ডোনেছিয়াত হোৱা ছুনামীৰ দুৰ্যোগৰ পিছত ভাৰতে ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই সাহায্য তথা উদ্ধাৰ অভিযানত যোগ দিছিল। একেদৰে ম্যানমাৰৰ ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলাই হওক বা ২০১৯ চনত মোজাম্বিক আৰু ২০২০ চনত মাদাগাস্কাৰৰ সংকটৰ সময়তো ভাৰতে সেৱাৰ মনোভাৱেৰে সকলো ঠাইতে সহায়ৰ হাত আগবঢ়াইছিল।
মোদীয়ে উল্লেখ কৰে যে ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে সময়ে সময়ে বিদেশত আবদ্ধ হৈ থকা লোকসকলক নিৰাপদে ঘূৰাই অনাৰ বাবে অভিযান চলাই আহিছে। য়েমেনৰ পৰা চুডানলৈকে যেতিয়াই আৰু য’তেই প্ৰয়োজন হৈছিল, তেওঁলোকৰ সাহসে সমগ্ৰ বিশ্বতে বাস কৰা ভাৰতীয়সকলৰ আস্থাক আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে এই অভিযানসমূহৰ জৰিয়তে হাজাৰ হাজাৰ বিদেশী নাগৰিকৰ জীৱনো ৰক্ষা কৰিছে।
“ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে সকলো ক্ষেত্ৰতে —স্থল, সাগৰ, আৰু আকাশ—আৰু প্ৰতিটো পৰিস্থিতিতেই দেশক সেৱা আগবঢ়াইছে”, শ্ৰী মোদীয়ে কয় । তেওঁ লগতে কয় যে ভাৰতৰ সামুদ্ৰিক সীমা আৰু বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে নৌসেনাক সাগৰত নিয়োজিত কৰা হৈছে, আনহাতে বায়ুসেনাই আকাশ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। স্থলভাগত অগ্নি বৰষি থকা মৰুভূমিৰ পৰা বৰফেৰে আবৃত হিমবাহলৈকে বি এছ এফ আৰু আই টি বি পিৰ জোৱানৰ সৈতে সেনাই শিলৰ দৰে দৃঢ়তাৰে থিয় দি আছে । তেওঁ স্বীকাৰ কৰে যে বিভিন্ন ফ্ৰণ্টৰ জড়িয়তে এছ এছ বি, আছাম ৰাইফলছ, চি আৰ পি এফ, চি আই এছ এফ, আৰু চোৰাংচোৱা সংস্থাৰ জোৱানসকলে অটলভাৱে ভাৰত মাতৃৰ সেৱা আগবঢ়াই আছে। ভাৰতৰ উপকূল নিৰাপত্তাৰ বাবে নৌসেনাৰ সৈতে দিনে-নিশাই নিৰন্তৰ সমন্বয়ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবেও প্ৰশংসা কৰে। তেওঁ দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এই অভিযানত তেওঁলোকৰ অৱদান অপৰিসীম।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ নিৰাপত্তা বাহিনীৰ পৰাক্ৰম আৰু সাহসৰ বাবে দেশখনে এটা ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰিছে— মাওবাদী সন্ত্ৰাসবাদ নিৰ্মূল। তেওঁ আলোকপাত কৰে যে ভাৰত এতিয়া নক্সাল-মাওবাদী উগ্ৰবাদৰ পৰা সম্পূৰ্ণ মুক্তিৰ পথত। ২০১৪ চনৰ আগতে প্ৰায় ১২৫খন জিলা মাওবাদী হিংসাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল; আজি এই সংখ্যা মাত্ৰ ১১খনলৈ হ্ৰাস পাইছে, মাত্ৰ ৩খন জিলাহে যথেষ্ট প্ৰভাৱান্বিত হৈ আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এতিয়া ১০০খনতকৈও অধিক জিলাই মাওবাদী সন্ত্ৰাসৰ হাতোৰাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে আৰু প্ৰথমবাৰৰ বাবে মুক্তভাৱে উশাহ লৈ দীপাৱলী উদযাপন কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে লাখ লাখ মানুহে, প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভিগি অহা শংকাৰ পিছত, এতিয়া উন্নয়নৰ মূলসুঁতিত যোগদান কৰিছে। যিবোৰ অঞ্চলত এসময়ত মাওবাদীয়ে পথ, বিদ্যালয়, চিকিৎসালয়, ভ্ৰাম্যমাণ টাৱাৰ নিৰ্মাণত বাধা দিছিল, সেইবোৰ অঞ্চলত এতিয়া ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু নতুন উদ্যোগৰ উত্থান ঘটিছে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ নিৰাপত্তা বাহিনীৰ নিষ্ঠা, ত্যাগ আৰু সাহসেৰে এই সফলতা লাভ কৰাটো সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে এনে বহু জিলাত মানুহে প্ৰথমবাৰৰ বাবে দীপাৱলী উদযাপন কৰিছে। তেওঁ লগতে কয় যে জি এছ টি ৰাহি উৎসৱৰ সময়ত এই অঞ্চলসমূহ অভিলেখ পৰিমাণৰ বিক্ৰী আৰু ক্ৰয়ৰ সাক্ষী হৈছে । যিবোৰ জিলাত এসময়ত মাওবাদী সন্ত্ৰাসে সংবিধানকো দমন কৰি ৰাখিছিল, সেইবোৰ জিলাত এতিয়া স্বদেশীৰ মন্ত্ৰ প্ৰতিধ্বনিত হৈছে।
“ভাৰতে দ্ৰুতগতিত আগবাঢ়িছে আৰু ১৪০ কোটি নাগৰিকৰ সপোন পূৰণ কৰিছে। ভূমিৰ পৰা মহাকাশলৈকে এসময়ত কল্পনাৰ বাহিৰত বুলি ভবা কৃতিত্বসমূহ এতিয়া বাস্তৱত পৰিণত হৈছে”, প্ৰধানমন্ত্ৰীয়ে দেশৰ গতিবেগ, অগ্ৰগতি, ৰূপান্তৰ আৰু ক্ৰমবৰ্ধমান বিকাশ তথা আত্মবিশ্বাসৰ বিষয়ত আলোকপাত কৰি এনেদৰে কয়। তেওঁ দৃঢ়তাৰে কয় যে দেশ গঠনৰ এই কামত সশস্ত্ৰ বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে শক্তিসমূহ কেৱল সোঁতৰ অনুগামী নহয়; ইয়াৰ দিশ নিৰ্দেশনা দিয়াৰ ক্ষমতা, সময়ক নেতৃত্ব দিয়াৰ সাহস, অসীমক অতিক্ৰম কৰাৰ সাহস আৰু অতিক্ৰম কৰিব নোৱাৰাক জয় কৰাৰ আত্মা তেওঁলোকৰ আছে। তেওঁ ঘোষণা কৰে যে আমাৰ সৈন্যসকল য’ত দৃঢ়ভাৱে থিয় দিছে, সেই পৰ্বতৰ চূড়াবোৰ ভাৰতৰ বিজয়ৰ স্তম্ভ হিচাপে থাকিব আৰু ইয়াৰ তলৰ সাগৰৰ প্ৰচণ্ড ঢৌৱে ভাৰতৰ বিজয়ৰ কথা প্ৰতিধ্বনিত কৰিব । এই গৰ্জনৰ মাজতে এটা ঐক্যবদ্ধ কণ্ঠ উচ্চাৰিত হ’ব —’ভাৰত মাতা কি জয়!’ এই উৎসাহ আৰু দৃঢ়তাৰে প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনায়।

গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৫ ৰ ব্যাপক প্ৰস্তুতি…

অহা ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈকে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত,সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থা, নুমলীগড় শোধনাগাৰ, বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান,ৰাইজৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহৰ। অহা ২২ অক্টোবৰৰ দুপৰীয়া বৰ্ণাঢ্য শুভ উদ্বোধনী অনুষ্ঠানত কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী,ৰাইজে অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী আৰু জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত’ সমস্বৰে পৰিৱেশন কৰি মুখৰিত কৰিব।

গ্ৰন্থমেলাৰ নঙলা মুকলিৰে শুভ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে।‌ মুখ্য তোৰণ সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ সোঁৱৰণত উচৰ্গা কৰিছে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। গ্ৰন্থমেলাৰ অক্ষয় বন্তি প্ৰজ্বলন কৰাৰ লগতে বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিত্তমন্ত্ৰী অজন্তা নেওগ। জুবিন গাৰ্গ সোঁৱৰণী মুল মঞ্চ উদ্বোধন কৰিব কৃষি মন্ত্ৰী অতুল বৰাই। উদ্বোধনী অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী ৰূপেশ গোৱালা, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন আদি উপস্থিত থাকিব।

“জানমণি”ৰ জনপ্ৰিয় অভিনেতাৰ বিয়োগ

ৰাজ্যৰ সাংস্কৃতিকক্ষেত্ৰলৈ আন এক দুঃসংবাদ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ আৰু এগৰাকী জনপ্ৰিয় অভিনেতা গণেশ হাজৰিকাৰ বিয়োগ।

শ্বিলঙত এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈ অভিনেতাগৰাকীৰ।

শ্বিলঙত এটি পথ দুৰ্ঘটনাত মৃত্যু অভিনেতাজনৰ। নগাঁৱৰ ৰাইডঙীয়া কৰচুং সত্ৰত ঘৰ অভিনেতাগৰাকীৰ।

৯০ৰ দশকত বিশিষ্ট নাট্যকাৰ অভিনেতা অজিত বৰঠাকুৰে ৰাইদঙ্গীয়াত জন্ম দিয়া অপেছাদাৰী নাট্যগোষ্ঠী “15 Friends” ৰ জৰিয়তে অভিনয় জগতৰ পাতনি মেলিছিল গণেশ হাজৰিকাই।

গণেশ হাজৰিকাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত পৰিছে শোকৰ ছাঁ।

টেটোন তামুলীৰ ভাওনা, জানমণি আদি ছবিত কৰিছিল অভিনয় গণেশ হাজৰিকাই। ‘বেহাৰবাৰী আউট প’ষ্ট’ত অভিনয় কৰিছিল গণেশ হাজৰিকাই।

জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতি‌য়ালৈ কি কৰিলে ৰাজ্য চৰকাৰে ?

জুবিন গাৰ্গৰ ন্যায় দাবীৰে আকাশ-বতাহ মুখৰিত হৈ থকাৰ সময়তেই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাজ্য চৰকাৰে এতিয়ালৈকে যি কৰিলে, তাৰ কিছু আভাস সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ।
প্ৰকাশিত আভাস অনুসৰিঃ

ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ক্ষিপ্ৰ কাৰ্যপন্থা তথা অতি সোনকালে অসমলৈ লৈ অহা হয়

সৰুসজাইত অনুৰাগীয়ে দৰ্শন কৰিবৰ বাবে জুবিন গাৰ্গ নশ্বৰ দেহ ৰখাৰ ব্যৱস্থা

জুবিন গাৰ্গৰ পৰিয়াল আৰু বিশেষ কিছু ব্যক্তিৰ পৰামৰ্শ অনুসৰি সোণাপুৰত অন্ত্যেষ্টিক্রিয়াৰ আয়োজন আৰু ৰাষ্ট্ৰীয় মর্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন

দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নির্দেশনা

এছ আই টি আৰু ন্যায়িক আয়োগ গঠন

এম এল এ টিৰ অধীনত ছিংগাপুৰৰ সৈতে অসম চৰকাৰৰ আলাপ-আলোচনা আৰু ছিংগাপুৰ চৰকাৰৰ জুবিন গাৰ্গৰ মৃত্যু বিষয়টোত অসম চৰকাৰক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস

ছিংগাপুৰত সমান্তৰালভাৱে তদন্ত আৰম্ভ কৰি ছিংগাপুৰে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ভাৰতক গতাই দিয়ে। অৱশ্যে এতিয়াও তদন্ত প্রক্রিয়া চলি আছে

ছিংগাপুৰৰ পৰা অহা অভিযুক্তসকলৰ ৭জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়

অভিযুক্তৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত ইডিলৈ প্ৰেৰণ। অভিযুক্তৰ সম্পত্তি ছীল আৰু ফ্রীজড কৰা হয়

ছিংগাপুৰত অসম এছ’চিয়েশ্বনৰ অধিকাংশ সদস্যই গুৱাহাটীলৈ আহি তদন্ত প্রক্রিয়াত সহায় আগবঢ়ায়

জুবিনৰ বাবে সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ এখন সমিতি গঠন

গোচৰৰ শুনানি গ্ৰহণৰ বাবে ফাষ্ট ট্রেক আদালত গঠন কৰে

জুবিনৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীত থকা দিনকেইটাত সুন্দৰ ব্যৱস্থাপনা।

উক্ত দিনকেইটাৰ প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাইজক নিয়াৰিকৈ দি থকা হয়

পৰিয়ালৰ সন্মতিসাপেক্ষে যোৰহাটত মৃত্যুৰ তেৰ দিনত মাংগলিক অনুষ্ঠান

তদন্ত প্ৰক্ৰিয়াৰ সহায়ৰ বাবে এছ আই টিৰ ছিংগাপুৰ ভ্ৰমণৰ অনুমতি লাভ

জুবিনৰ এমহীয়া মৃত্যু তিথিত জোনালীৰ ষ্টুডিঅ’ত উপস্থিত গৰিমা শইকীয়া ৰ্গাগ । Zubeen Garg

Zubeen Garg । অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি এমহীয়া মৃত্যু তিথি৷ আজিৰ এই দিনটোত ৰাজ্যজুৰি সূৰ্যকণ্ঠ জুবিন গাৰ্গক স্মৰণ কৰিবলৈ বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আজিৰ এই দিনটোতে জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গে গুৱাহাটীৰ জোনালীত থকা সেই বিশেষ ষ্টুডিঅ’টোলৈ যায়৷

জুবিনক অসমবাসীয়ে জুবিন গাৰ্গ হিচাপে চিনি পোৱাৰ ক্ষেত্ৰত সেই ©ু†ডিঅ’টোৰ অৰিহণা আছিল অপৰিসীম৷ জুবিনে তেওঁৰ জীৱনৰ বহু সময় সেই ষ্টুডিঅ’টোতে কটাইছে৷ আজি গৰিমা শইকীয়া গাৰ্গে ষ্টুডিঅ’টোলৈ গৈ স্বামীক স্মৰণ কৰে৷ গৰিমা শইকীয়া গাৰ্গে সাংবাদিকৰ আগত কয় যে এই ষ্টুডিঅ’টো আছিল জুবিনৰ অতি প্ৰিয়৷ তেওঁ এই ষ্টুডিঅ’টোতে সময় কটাই ভাল পাইছিল৷ তেওঁ কোনো ফ্লেট বিচৰা নাছিল৷ তেওঁ সেয়ে এই ষ্টুডিঅ’টোলৈ সঘনাই আহিছিল৷ ইয়াৰ প্ৰাকৃতিক পৰিৱেশো তেওঁ বাৰুকৈয়ে আকৃষ্ট কৰিছিল৷ গৰিমা শইকীয়া গাৰ্গে লগতে ষ্টুডিঅ’টো দৰ্শন কৰি সোণাপুৰলৈ যাত্ৰা কৰে৷ আজি সোণাপুৰত জুবিন সমাধি ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই নানান অনুষ্ঠানৰ আয়োজন কৰা হয়৷

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত নিষ্প্ৰাণ দীপাৱলীৰ আনন্দ

কাইলৈ পোহৰৰ উৎসৱ দীপাৱলী। কিন্তু অসমত নাই দীপাৱলীৰ বিশেষ কোনো আনন্দ। অন্যবাৰ দীপাৱলীৰ দুই-তিনিদিন আগৰে পৰা বোমা-ফটকা ফুটি থাকে যদিও এইবেলি অসমত তেনে পৰিবেশ দেখিবলৈ পোৱা যোৱা নাই। চৌপাশে যেন এক শোকৰ পৰিবেশে বিৰাজ কৰিছে। মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত বোমা-ফটকাৰ বিক্ৰী এইবেলি লক্ষ্যণীয় হাৰত কমি গৈছে। বহু ঠাইত জনতাই এই বেলি নিৰব দীপাৱলী পালন কৰিব বুলি ঘোষণা কৰিছে। আনকি ফাঁচী বজাৰতো মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে বোমা-ফটকা হীন নিৰব দীপাৱলী পালন কৰিব বুলি ঘোষণা কৰিছে।

ৰাজ্যৰ বহু লোকে কেৱল চাকি জ্বলাই দীপাৱলী উদযাপন কৰিব বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে। এইবাৰ সমগ্ৰ অসমতে দীপাৱলী আৰু কালি পূজাৰ আনন্দময় জিলিকনি শোকৰ ছাঁত যেন ম্লান হৈ পৰিছে। দীপাৱলী যেন এইবাৰ সংগীত কিংবদন্তি জুবিন গাৰ্গৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলিলৈ ৰূপান্তৰিত হব । গুৱাহাটীত ৬১ সংখ্যক কালী পূজা উদযাপন কৰা কালাপাহাৰৰ কলনী বজাৰৰ বিবেকানন্দ স্প’ৰ্টিং ক্লাবে এইবাৰৰ উদযাপন সম্পূৰ্ণৰূপে জুবিনৰ স্মৃতিত উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰিছে। উলুবাৰীৰ ডাইনামো ক্লাব আৰু পাণ্ডুৰ কালি পূজা সমিতি দুয়োয়ে পূৰ্বৰ পৰম্পৰাগত মঞ্চ অনুষ্ঠানৰ ঠাইত ভক্তিমূলক সমাৱেশৰ জৰিয়তে বিদায়ী শিল্পীগৰাকীৰ আত্মাৰ বাবে প্ৰাৰ্থনা জনাব বুলি ঘোষণা কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ পক্ষপাতিত্বহীন তদন্তৰ দাবীত ৰাজ্যজুৰি AJYCPৰ আন্দোলন

অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীয়ে নতুন গতি লাভ কৰিছে। ১৯ অক্টোবৰ দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
সমগ্ৰ অসমৰ প্ৰতিবাদস্থলীত ছাত্ৰ-ছাত্ৰী, যুৱ কৰ্মী, নাগৰিকৰ বৃহৎ দলে সমবেত হয় ।

প্ৰতিবাদকাৰীসকলে হাতত বেনাৰ লৈ আৰু চলি থকা তদন্তত জবাবদিহিতাৰ দাবীত শ্লোগান দিয়ে। বিক্ষোভকাৰীসকলে জুবিন মৃত্যুৰ গোচৰটোৰ তদন্তত যাতে কোনো ৰাজনৈতিক এজেণ্ডাৰ প্ৰভাৱ নপৰে সেই বিষয়ত সতৰ্ক হবলৈ আহ্বান জনায়।সমাৱেশত ভাষণ দি এজেৱাইচিপিৰ নেতাসকলে গোচৰ সন্দৰ্ভত ৰাজহুৱা মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আবেদন জনায়, এনে বক্তব্যই তদন্ত প্ৰক্ৰিয়াৰ নিৰপেক্ষতাক ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি নেতাসকলে দৃঢ়তাৰে কয়। এজেৱাইচিপিৰ এজন প্ৰতিনিধিয়ে কয়, ‘অসমৰ ৰাইজে সত্য জানিব বিচাৰে।

ন্যায় প্ৰদান নোহোৱালৈকে আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম। এজেৱাইচিপিৰ এই আন্দোলন কেৱল গুৱাহাটীতে সীমাবদ্ধ নাছিল। সোণাৰিত এজেৱাইচিপিৰ চৰাইদেউ জিলা গোটে নিকা আৰু ক্ষিপ্ৰ বিচাৰৰ একে দাবীকে প্ৰতিধ্বনিত কৰি দিনজোৰা অনশন পালন কৰে। প্ৰতিবাদকাৰীসকলে গুৰুত্ব আৰোপ কৰে যে যদিও চৰকাৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পদক্ষেপৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈছে, ই জনবিশ্বাস ঘূৰাই অনাৰ বাবে যথেষ্ট নহয়।“আমি প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৰ্তৃপক্ষক সন্মান কৰো, কিন্তু বিশ্বাসযোগ্য তদন্ত আৰু স্বচ্ছ আইনী প্ৰক্ৰিয়া অবিহনে ন্যায় অসম্পূৰ্ণ হৈয়েই থাকিব ” এজন প্ৰতিবাদকাৰীয়ে মন্তব্য কৰে। জুবিন গাৰ্গৰ ন্যায় নিশ্চিত নোহোৱালৈকে প্ৰতিবাদ কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছে এজেৱাইচিপিয়ে। নিৰপেক্ষ তদন্তৰ আহ্বান এতিয়া ৰাজ্যজুৰি এক আন্দোলনত পৰিণত হৈছে, এই দাবী এতিয়া অসমৰ জনসাধাৰণৰ সত্য আৰু জবাবদিহিতাৰ সামূহিক দাবীৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।

জুবিনৰ সমাধিক্ষেত্ৰত জীয়াই আছে “মায়া”…

জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ দিনটোৰ পৰা জুবিনৰ সমাধিৰ কাষতে আছিল এটা কুকুৰ। বিগত ৩০টা দিনে সেই কুকুৰটো জুবিনৰ সমাধিৰ কাষৰ পৰা আঁতৰ হোৱা নাই। সমাধিৰ আশে-পাশে নাইবা সমাধিৰ কাষতেই শুই থাকে কুকুৰটো। গৰিমা গাৰ্গে উক্ত কুকুৰটোৰ নাম দিছিল ‘মায়া’।

মায়া আছিল জুবিনৰ সমাধি ক্ষেত্ৰৰ অতন্দ্ৰ প্ৰহৰী। দিনে-ৰাতিয়ে সদায়েই জুবিনৰ সমাধিৰ কাষতেই দেখা গৈছিল মায়াক। জীৱিত কালত জুবিনৰ জীৱ-জন্তুৰ প্ৰতি থকা মৰম যেন বুজি পাইছিল মায়াই। সেয়েহে মৃত্যুৰ পাছতো জুবিনক অকলশৰীয়া কৰা নাছিল মায়াই।

কিন্তু যোৱা ১৮অক্টোবৰ, ২০২৫ৰ নিশা বিয়পি পৰিল এটা খবৰ। একাংশ সংবাদমাধ্য়মেও প্ৰকাশ কৰিলে যে, জুবিন সমাধিক্ষেত্ৰৰ মায়াৰ মৃত্যু হৈছে। সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰাৰ লগে লগে সকলোৱে দুখ প্ৰকাশ কৰিলে। কিন্তু এই খবৰ সচাঁ নাছিল।

জুবিন সমাধি ক্ষেত্ৰৰ মায়াৰ মৃত্যু হোৱা নাই। মায়া এতিয়াও জীয়াই আছে। জুবিন গাৰ্গৰ সমাধিৰ কাষতেই পুনৰ দেখা পোৱা গ’ল মায়াক।