Home Blog Page 501

Omar Abdullah takes oath: জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ শপতগ্ৰহণ

Omar Abdullah Takes Oath as First Chief Minister of Jammu and Kashmir Autonomous State
Omar Abdullah takes oath: জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ শপতগ্ৰহণ

নিউজ ডেস্ক, ১৬ অক্টোবৰ: নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে শ্বায়ত্ব শাসিত ৰাজ্য জম্মু-কাশ্মীৰ(Jammu and Kashmir)ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে(Omar Abdullah takes oath) । উল্লেখ্য যে অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত শেহতীয়াকৈ অনুষ্ঠিত প্ৰথম বিধানসভা নিৰ্বাচনত নেচনেল কনফাৰেন্স দলে সৰ্বাধিক ৪২ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল(Omar Abdullah sworn in as new CM) ।

মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানটো ডাল হ্ৰদৰ পাৰত অৱস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হয় । শ্বায়ত্ব শাসিত ৰাজ্যখনৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ওমৰ আব্দুল্লা আৰু তেওঁৰ পাঁচ সতীৰ্থ মন্ত্ৰীক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ।

চাৰিওফালে গঢ়ি তোলা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানটোত ভিভিআইপিকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, যোৱা ১০ অক্টোবৰত ওমৰ আব্দুল্লাক সৰ্বসন্মতিক্ৰমে এন চি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল । ইয়াৰ ফলত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ পথ প্ৰশস্ত হয় । প্ৰথমটো কাৰ্যকালত তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত আছিল । উক্ত সময়চোৱাত জম্মু-কাশ্মীৰ এখন পূৰ্ণাংগ ৰাজ্য আছিল আৰু নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰি ৰাজ্য শাসন কৰিছিল ।

অনুচ্ছেদ ৩৭০(Article 370) বাতিলৰ পিছত শ্বায়ত্ব শাসিত ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ পিছত ৰাজ্যখনৰ 90 খন বিধানসভা আসনৰ সদ্যসমাপ্ত নিৰ্বাচনত নেচনেল কনফাৰেন্সে ৪২ খন আসন লাভ কৰিবলৈ সক্ষম হয় । লগতে কংগ্ৰেছ দলে ছয়খন আসনত জয়লাভ কৰে । প্ৰাক-নিৰ্বাচনী সহযোগী এই দল দুটাই একেলগে ৯৫ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰে ।

ইফালে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তাৰিক হামিদ কাৰা(Jammu and Kashmir Pradesh Congress Committee President Tariq Hameed Karra)ই বুধবাৰে এক বিবৃতিৰ জড়িয়তে জনোৱা অনুসৰি, কংগ্ৰেছে বৰ্তমান জম্মু-কাশ্মীৰ চৰকাৰৰ মন্ত্ৰীসভাত যোগদান নকৰে । “কংগ্ৰেছ দলে জম্মু-কাশ্মীৰক পূৰ্ণা ৰাজ্যৰ মৰ্যাদা(Statehood Restoration) প্ৰদানৰ বাবে কেন্দ্ৰক তীব্ৰ দাবী জনাই আহিছে । তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও ৰাজহুৱা সভাবোৰত বাৰে বাৰে একেটা প্ৰতিশ্ৰুতিকে দি আহিছে ; কিন্তু জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হোৱা নাই । আমি এই লৈ অসন্তুষ্ট । সেয়েহে এই মুহূৰ্তত আমি মন্ত্ৰসভাত যোগদান কৰা নাই ।” এইদৰে উল্লেখ কৰি জে কে পি চি চিৰ সভাপতিগৰাকীয়ে লগতে কয় যে কংগ্ৰেছে ৰাজ্যখনৰ মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে যুঁজ অব্যাহত ৰাখিব ।

লগতে পঢ়ক:১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

Bomb threat on Air India flight: পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক ! কানাডাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ

Bomb threat on Air India flight Emergency Landing Canada
Bomb threat on Air India flight: পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক ! কানাডাৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ

নিউজ ডেস্ক,১৬ অক্টোবৰ: পুনৰ আন এখন যাত্ৰীবাহী বিমানত বোমাতংক ৷ এইবাৰ উৰন্ত বিমান এখনত বোমা সংস্থাপন কৰি ৰখা বুলি অনলাইনযোগে ভাবুকি পোৱাৰ পিছতেই বিমানখনৰ পাইলটে বিমানখনৰ গন্তব্যস্থান সলনি কৰিবলৈ বাধ্য হ’ল ৷ এই ঘটনাটো সংঘটিত হৈছে এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমানত(Bomb threat on Air India flight) ৷ দিল্লীৰ পৰা চিকাগো অভিমুখে যাত্ৰা কৰা এখন বিমানে অনলাইনযোগে লাভ কৰে এক ভাবুকি য’ত বিমানখনত বোমা সংস্থাপন কৰি ৰখাৰ কথা উল্লেখ আছিল ৷ এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰ অনুসৰি এই ভাবুকি পোৱাৰ পিছতে বিমানখনৰ পাইলটগৰাকীয়ে গন্তব্যস্থান চিকাগোৰ সলনি কানাডাৰ এটা বিমানবন্দৰলৈ পথ পৰিৱৰ্তন কৰি বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰোৱায়(Air India emergency landing) ।

এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই(Air India authorities) সংবাদ সংস্থাক জনোৱা অনুসৰি, ১৫ অক্টোবৰ অৰ্থাৎ মঙলবাৰে দিল্লীৰ পৰা চিকাগোলৈ যাত্ৰা কৰিছিল AI127 নম্বৰৰ বিমানখনে(AI127 bomb threat) । ইয়াৰ মাজতে যাত্ৰীবাহী বিমানখনত এটা বোমা সংস্থাপন কৰা আছে বুলি অনলাইনত ভাবুকিঙৰা এটা বাৰ্তা পায়। এই ভাবুকি পোৱাৰ পাছতেই নিৰাপত্তাৰ বাবে বিমানখনক গতিপথ সলনি কৰি কানাডাৰ ইকালুইট বিমানবন্দৰলৈ নি জৰুৰীকালীন অৱতৰণ কৰোৱা হয়(Air India flight diversion) । অৱতৰণৰ পাছতেই সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি বিমানখনৰ যাত্ৰীসকলৰ লগতে সম্পূৰ্ণ বিমানখন পৰীক্ষা কৰা হয়। অৱশ্যে সৌভাগ্যবশতঃ বিমানখনত কোনো বোমা উদ্ধাৰ কৰিব পৰা নগ’ল ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱাটো সোমবাৰেও একে ধৰণে বোমা সংস্থাপনৰ ভাবুকি পাইছিল এয়াৰ ইণ্ডিয়াৰ আন এখন যাত্ৰীবাহী বিমানে ৷ মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ বিমানখনে অনলাইনযোগে বোমা বিস্ফোৰণৰ ভাবুকি(Bomb threat on Air India flight) পাইছিল । এক্সত লাভ কৰাৰ এই ভাবুকিৰ পিছতে বিমানখনক দিল্লীলৈ উভতাই আনি জৰুৰীকালিন অৱতৰণ কৰোৱা হয়। অৱশ্যে পৰৱৰ্তী সময়ত তালাচী চলোৱাৰ পিছত পোৱা নগ’ল কোনো সন্দেহজনক সামগ্ৰী ৷ টাটা এয়াৰলাইনছ কৰ্তৃপক্ষই এই সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি বিভিন্ন সময়ত এয়াৰ ইণ্ডিয়াকে ধৰি কেইবাটাও বিমান সংস্থাই বোমাৰ ভাবুকি লাভ কৰি অহাৰ কথা সদৰী কৰে ৷

এক বিবৃতিযোগে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই কয় যে, বৰ্তমানলৈকে পাই অহা সকলোবোৰ ভাবুকিয়েই পাছত ভুৱা প্ৰমাণিত হৈছে যদিও দায়িত্বশীল এয়াৰলাইন হিচাপে, প্ৰতিটো ভাবুকিকে গুৰুত্বসহকাৰে গ্ৰহণ কৰা হৈছে ৷ লগতে অসুবিধাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ ওচৰত এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ ক্ষমাপ্ৰাৰ্থী বুলি উল্লেখ কৰিছে ।

সংস্থাটোৱে লগতে উল্লেখ কৰিছে যে এই ধৰণৰ ভাবুকিৰ ফলত যাত্ৰীসকলেও সমস্যাৰ মুখামূখী হ’বলগীয়া হৈছে ৷ লগতে বিমান পৰিসেৱাতো ব্যাঘাতৰ সৃষ্টি হৈছে ৷ এনে কাণ্ড কৰাসকলক বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক এয়াৰ ইণ্ডিয়াই সকলোধৰণৰ সহযোগিতা কৰিবলৈ সাজু বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব

Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব
Lakshmi Puja 2024: আজি লক্ষ্মী পূজা, জানো আহক আজিৰ দিনটোৰ মহত্ত্ব

আজি লক্ষ্মী পূজা । লক্ষ্মী পূজাৰ এই শুভ দিনটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাবে উৎসৰ্গা কৰা হয়(Lakshmi Puja 2024) । আজিৰ দিনটোত ভক্তসকলে দেৱী লক্ষ্মীৰ ব্ৰত পালন কৰি উপবাসত থাকে আৰু নিশাটো মা লক্ষ্মীৰ আৰাধনা কৰে । বিশেষকৈ পশ্চিমবংগ, ওড়িশা, অসমকে আদি কৰি পূৱ ভাৰতৰ বিভিন্ন প্ৰান্তত কোজাগৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হয় ।

জনবিশ্বাস মতে, লক্ষ্মীপূজাৰ দিনটোত মা লক্ষ্মী(Goddess Lakshmi)য়ে তেওঁৰ ভক্তসকলৰ গৃহলৈ আহি আশীৰ্বাদ প্ৰদান কৰে । লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে নিজৰ ঘৰখন পৰিস্কাৰ কৰি ফুল আৰু প্ৰদীপেৰে আলোকিত কৰি ৰাখে । তাৰোপৰি বিভিন্ন প্ৰকাৰৰ মিঠাই, ভোগ আদি তৈয়াৰ কৰি মা লক্ষ্মীলৈ বুলি উৎসৰ্গা কৰে ।

ধৰ্মীয় বিশ্বাস অনুযায়ী, লক্ষ্মী পূজাৰ নিশা মাৰ আৰাধনা কৰিলে ঘৰখন ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে । সেয়েহে ভক্তসকলে ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ পূজাভাগ অতি ধুমধামেৰে পালন কৰা দেখা যায়(Lakshmi Puja rituals) ।

এইবাৰৰ লক্ষ্মী পূজাৰ সময়সূচী আৰু শুভ সময়(Auspicious timings)

পূজাৰ শুভ সময়: বুধবাৰ, ১৬ অক্টোবৰ, ২০২৪
আজিৰ দিনটোত চন্দ্ৰ উদয়: সন্ধিয়া ৫:০৬ বজাত
পূৰ্ণিমা তিথি আৰম্ভ হ’ব: নিশা ৮:৪০ বজাত
পূৰ্ণিমা তিথিৰ অন্ত পৰিব: ১৭ অক্টোবৰৰ বিয়লি ৪:৫৫ বজাত

কোজাগৰী লক্ষ্মী পূজা(Kojagari Lakshmi Puja)ৰ মহত্ব

কোজাগৰী শব্দৰ অৰ্থ হৈছে – কো জাগৰ্তী অৰ্থাৎ “কোন জাগ্ৰত” । প্ৰচলিত ধৰ্মীয় বিশ্বাস অনুসৰি, এই নিশা মা লক্ষ্মীয়ে ধৰালৈ আহি যিসকলক জাগ্ৰত হৈ থকা প্ৰত্যক্ষ কৰে, তেওঁলোকক ধন-সম্পত্তিৰ লগতে সুখ-সমৃদ্ধিৰ বাবে আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়(wealth and prosperity) । গতিকে কোজাগৰী লক্ষ্মী পূজাৰ দিনটোত ভক্তসকলে মা লক্ষ্মীক পূজা-অৰ্চনা কৰাৰ লগতে সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।

লক্ষ্মী পূজাৰ নিশা মাক আদৰিবলৈ ভক্তসকল গোটেই নিশাটো উজাগৰে থাকি মাক স্মৰণ কৰে । প্ৰবাদ অনুসৰি, এই ব্ৰত পালন কৰিলে ঐশ্বৰিক আশীৰ্বাদ পোৱাৰ লগতে বিভিন্ন আৰ্থিক সমস্যা আঁতৰ হয় বুলি হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে ।

Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !

Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !
Wild Elephants attack । বন্যহস্তীৰ আক্ৰমণ !

১৬ অক্টোৱৰ,পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলংৰ হাৱাইপুৰ জিৰিবাছা নেপালী গাওঁৰ ৰাজপথত পূৱা প্ৰায় ৪মান বজাত এটি প্ৰকাণ্ড সাৰ গৰুক বন্যহস্থীৰ জাকে আক্ৰমণ কৰাৰ ফলত থিতাতে নিহত হয় সাৰ গৰু।
জিলাখনত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত,হাতী মানুহ সংঘাতৰ পিছত এইবাৰ হাতী জাক আৰু সাৰ গৰুৰে সতে সংঘাত ৷ইফালে গভীৰ নিদ্ৰাত অসম চৰকাৰৰ বিয়াগুম বনবিভাগ। (Wild Elephants attack)


বন্যহস্তীৰ জাকৰ তাণ্ডব এইয়া প্ৰথম নহয় যাৰ পৰিণতিত বিভিন্ন জনৰ প্ৰাণ যোৱা পৰিলক্ষিত হৈছে। সন্ধিয়া হলে হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা হাবাইপুৰ ৰেল লাইন পাৰ হৈ পশ্চিম কাৰ্বি আংলংঙৰ খেৰণীস্থিত দক্ষিণ বনাঞ্চলিক বিভাগৰ এলেকাধীন গোহাগাওঁ, জিৰিমবৰহলি, জিৰিবাছা কাৰ্বিগাওঁ ,নেপালী গাওঁত, ভেটাপাৰ,মাইলু ,মচকা আৰু অন্যান্য গাওঁৰ সেউজীয়া ধাননি পথাৰত প্ৰবেশ কৰে বন্যহস্থীৰ জাক, লগতে স্হানীয় ৰাইজ আতংকিত হৈ পৰে ৷খেতি পথাৰও তহিলং কৰে ৷ দূখীয়া খেতিযকৰ দোষ বেদনা এতিয়া বুজিবলৈ যেন কোনো নাই ৷

Assam By-Elections: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

Assam By-Elections: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন
Assam By-Elections: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

গুৱাহাটী, ১৫ অক্টোবৰ: অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উৰপিও দেশৰ ৪৮ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে(Assam By-Elections) । লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ । ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মঙলবাৰে দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে বহুকেইখন ৰাজ্যত হ’বলগা উপ-নিৰ্বাচনৰ(Assembly by-elections) তাৰিখ ঘোষণা কৰে । এই উপ-নিৰ্বাচন দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ।

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ(November 13 elections) । এই উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগা অসমৰ সমষ্টিকেইটা(Assam constituencies) হৈছে – ১১ নং ধলাই, ৩১ নং চিদলী, ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি সমষ্টি ।

অহা ১৮ অক্টোবৰত অধিসূচনা জাৰি কৰাৰ লগতে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ’ব ২৫ অক্টোবৰ । ২৮ অক্টোবৰত হ’ব মনোনয়ন পৰীক্ষা । প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩০ অক্টোবৰৰ দিন ধাৰ্য । ১৩ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ভোটগণনা হ’ব ২৩ নৱেম্বৰত ।

উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লগা দেশৰ বিভিন্ন ৰাজ্যৰ সমষ্টিসমূহৰ তালিকা:

ৰাজ্যসমষ্টিসমূহ (নং)লোকসভা/বিধানসভা
বিহাৰ২০৩ ৰামগড়, ১৯৬ তাৰাৰি, ২২৭ ইমামগঞ্জ, ২৩২ বেলাগঞ্জবিধানসভা
গুজৰাট৭ ভাভবিধানসভা
কৰ্ণাটক৮৩ শ্বিগগাঁও, ৯৫ ছন্দুৰ, ১৮৫ চান্নাপাটনাবিধানসভা
কেৰালা৫৬ পালাক্কাড়, ৬১ চেলাক্কাৰা, ৪ ৱায়নাড় (লোকসভা)বিধানসভা/লোকসভা
মধ্যপ্ৰদেশ১৫৬ বুধনি, ০২ বিজয়পুৰবিধানসভা
মহাৰাষ্ট্ৰ১৬ নানডেড (লোকসভা)লোকসভা
মেঘালয়৫৬ গামবেগ্ৰেবিধানসভা
পঞ্জাব৮৪ গিড্ডাৰবাহা, ১০ ডেৰা বাবা নানক, ১০৩ বাৰনালা, ৪৪ চাব্বেৱালবিধানসভা
ৰাজস্থান১৬১ চোৰাচি, ১১০ খিন্বছৰ, ৮৮ ডৌচা, ২৭ ঝুনঝুনু, ৮৭ দেউলি উনিয়াৰা, ১৫৬ ছেলুমবাৰ, ৬৭ ৰামগড়বিধানসভা
ছিকিম০৭ চোৰেং-চাকুং, ১১ নামচি চিংঘিটাংবিধানসভা
উত্তৰ প্ৰদেশ১৬ মীৰাপুৰ, ২৯ কুণ্ডাৰ্কি, ৫৬ গাজিয়াবাদ, ৭১ খৈৰ, ১১০ কাৰহাল, ২৫৬ ফুলপুৰ, ২৭৭ কাটিহাৰি, ৩৯৭ মাঝৱান, ২১৩ ছিচামাউবিধানসভা
উত্তৰাখণ্ড০৭ কেদাৰনাথবিধানসভা
পশ্চিমবংগ২৫১ তালডাংগ্ৰা, ০৬ সিতাই (এছ চি), ১০৪ নয়হাতি, ১২১ হাৰোৱা, ২৩৬ মেদিনীপুৰ, ১৪ মদাৰিহাটবিধানসভা

ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত অহা ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । আনহাতে, ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ।

লগতে পঢ়ক: Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী

Diwali: দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ,৩ শতাংশ ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা

Diwali: দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ,৩ শতাংশ ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা
Diwali: দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ,৩ শতাংশ ডি এ বৃদ্ধি পোৱাৰ সম্ভাৱনা

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ১৫ অক্টোবৰঃ Diwali। দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব পাৰে সুখবৰ। চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডিয়াৰনেছ এলাৱেন্স (ডি এ) ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আগন্তুক কেবিনেট বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৩১ অক্টোবৰৰ আশে-পাশে দীপাৱলী উদযাপনৰ লগত সংগতি ৰাখি ডিএ বৃদ্ধিৰ আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য ডিয়াৰনেছ ভাট্টা নির্ধাৰণ কৰা হয় সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক (এআইচিপিআই) ব্যৱহাৰ কৰি। এই সূচকাংকই খুচুৰা মূল্যৰ গতিবিধি অনুসৰণ কৰে, যাৰ ফলত চৰকাৰী কৰ্মচাৰীৰ ক্ৰয় ক্ষমতাক মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ডি এ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে গণ্য কৰা হয়। যদিহে ৩ শতাংশ ডিএ বৃদ্ধিত অনুমোদন জনোৱা হয় তেন্তে বৰ্তমানৰ ৫০ শতাংশ ডি এ হাৰ ৫৩ শতাংশলৈ বৃদ্ধি হ’ব, যি ২০২৪ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব ।

শেহতীয়াকৈ হিমাচল প্ৰদেশ চৰকাৰে দশেহাৰাৰ পূৰ্বে ৪ শতাংশ ডি এ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে, যাৰ ফলত ৰাজ্যখনৰ প্ৰায় ১.৮০ লাখ কৰ্মচাৰী আৰু ১.৭০ লাখ পেঞ্চনাৰ উপকৃত হৈছে।

BYE ELECTIONS । আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি অসম বিজেপিৰ: ৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম তালিকা চূড়ান্ত

BYE ELECTIONS । আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি অসম বিজেপিৰ: ৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম তালিকা চূড়ান্ত
BYE ELECTIONS । আগন্তুক উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি অসম বিজেপিৰ: ৩ সমষ্টিৰ প্ৰাৰ্থীৰ নাম তালিকা চূড়ান্ত

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ১৪ অক্টোবৰঃ (BYE ELECTIONS)ৰাজ্যৰ ৰাজনৈতিক বতাহ পুনৰ গৰম হৈ পৰিব। আকৌ আহিব নিৰ্বাচন। অৱশ্যে এইবাৰ হব উপ-নিৰ্বাচন। শেহতীয়াকৈ তিনিটা বিধানসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী চিনাক্ত কৰি আগন্তুক উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ অসম শাখা। সোমবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই এই কথা নিশ্চিত কৰে।ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত উপ-নিৰ্বাচনৰ বাবে তিনিখন আসনৰ সাম্ভাৱ্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হৈছে। বহু কেইগৰাকী দাবীদাৰ প্ৰাৰ্থীৰ মাজৰে পৰা নিৰ্বাচিত প্ৰাৰ্থীকলৈ এখন তালিকা প্ৰস্তুত কৰা হৈছে। ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,দলৰ প্ৰভাৰী হৰিশ দ্বিবেদী,ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ নেতাসকল উপস্থিত থাকে । (BYE ELECTIONS)

বৈঠকত দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুও উপস্থিত থাকে । বৈঠকৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় ৷‘উপ-নির্বাচন সন্দর্ভত আমি পুংখানুপুংখ আলোচনা কৰি বিহালী, ধলাই, আৰু চামগুৰি আসনৰ পৰা তিনিজনকৈ প্রার্থীক চর্টলিষ্ট কৰিছো৷ এই নামসমূহ দলৰ সংসদীয় ব’ৰ্ডলৈ প্ৰেৰণ কৰা হৈছে, সংসদীয় ব’ৰ্ডে দলৰ টিকট কোনে লাভ কৰিব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব।’। তেওঁ লগতে উল্লেখ কৰে যে সংসদীয় ব’ৰ্ডে অহা কেইদিনমানৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে। লক্ষ্যণীয়ভাবে বিজেপিয়ে ছিদলী আৰু বঙাইগাঁও আসনত প্ৰতিদ্বন্দ্বিতা নকৰে। ইয়াৰ পৰিৱৰ্তে মিত্ৰজোঁটৰ অংশীদাৰ ইউ পি পি এল আৰুঅসম গণ পৰিষদ (অগপ)ক বিজেপিয়ে দুখন আসনত নিৰ্বাচন খেলিব। কলিতাই কয় যে বিগত বিধানসভা নিৰ্বাচনত মিত্ৰশক্তিয়ে পূৰ্বে দুয়োখন আসনত বিজয় নিশ্চিত কৰিছিল। ২০২১ চনত ইউপিপিএলে ছিদলীত জয়লাভ কৰিছিল, আনহাতে অগপই বঙাইগাঁৱত জয়লাভ কৰিছিল।

আমাৰ মিত্ৰতা মজবুত হৈ আছে আৰু আমি এই সমষ্টিসমূহত আমাৰ মিত্ৰসকলক সমৰ্থন কৰি যাম।’ উল্লেখ্য বিজেপিৰ পৰিমল শুক্লবৈদ্য আৰু ৰঞ্জিত দত্তই ক্ৰমে কাছাৰ আৰু তেজপুৰ লোকসভাৰ আসনত জয়লাভ কৰাৰ বিপৰীতে বঙাইগাঁৱৰ পৰা অগপৰ প্ৰবীণ নেতা ফণীভূষণ চৌধুৰীয়ে সংসদলৈ নিৰ্বাচিত হৈছে। ইফালে কোকৰাঝাৰত জয়লাভ কৰে ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীয়ে। চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন সংসদলৈ বিজয়ী হোৱাত পাঁচ খন আসনত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈ পৰিছে। উল্লেখ্য ৰাজ্যত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন পূৰ্বৰ সমষ্টিৰ ভিত্তিতেই হ’ব । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভিত্তিতেই উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । পাঁচটা বিধানসভা সমষ্টিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ স্থিতিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । উক্ত পাঁচটা সমষ্টিৰ বাবে ২০২১ চনত উপলব্ধ ভোটাৰ তালিকাসমূহ উপ-নিৰ্বাচনৰ সময়লৈকে নবীকৰণৰ ব্যৱস্থা কৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । পাঁচটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯,১০,১২৬ গৰাকী ।

Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী

Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ'ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী
Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ'ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী

নতুন দিল্লী, ১৫ অক্টোবৰ: মঙলবাৰে নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব(Maharashtra and Jharkhand Assembly Elections) । এই সময়সূচী ঘোষণাৰ বাবে নিৰ্বাচন আয়োগে(Election Commission of India)) আজি বিয়লি ৩.৩০ বজাত এখন সংবাদমেলৰ আয়োজন কৰিছে । অহা ২৬ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল অন্ত পৰাৰ বিপৰীতে ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল অহাটো বছৰৰ ৫ জানুৱাৰীত অন্ত পৰিব ।

অক্টোবৰৰ শেষৰ ফালে আৰু নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব দীপাৱলী, ছঠপূজাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ উৎসৱ। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে নৱেম্বৰ মাহৰ দ্বিতীয় সপ্তাহত ভোটগ্ৰহণৰ দিন নিৰ্ধাৰণ কৰিব পাৰে।

ইয়াৰ ফলত ভোটাৰসকল, বিশেষকৈ উৎসৱৰ বাবে সাময়িকভাৱে স্থানান্তৰ হ’ব লগা ভোটাৰসকলে নিজৰ নিৰ্দিষ্ট ভোটদান কৰিব লগা স্থানলৈ যাবলৈ যথেষ্ট সময় লাভ কৰিব । ধাৰণা কৰা অনুসৰি, সংবাদমেলখনত নিৰ্বাচন আয়োগে বহুকেইখন ৰাজ্যত হ’বলগা উপ-নিৰ্বাচনৰো দিন ঘোষণা কৰিব পাৰে । বহুকেইখন ৰাজ্যত খালী থকা ৪৫খনতকৈও অধিক বিধানসভাৰ আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, চলিত বৰ্ষত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত অসমৰ পাঁচগৰাকী বিধায়কে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত খালী হৈ পৰিছিল তেওঁলোকে প্ৰতিনিধিত্ব কৰা সমষ্টিৰ আসনকেইখন ৷ এই সমষ্টিকেইটা আৰু বিধায়ককেইগৰাকী হৈছে ক্ৰমে, চামগুৰি (কংগ্ৰেছৰ ৰকিবুল হুছেইন), বিহালী (বিজেপিৰ ৰঞ্জিত দত্ত), ধলাই (বিজেপিৰ পৰিমল শুক্লবৈদ্য), বঙাইগাঁও(অগপৰ ফণীভূষণ চৌধুৰী) আৰু চিদলী (ইউপিপিএলৰ জয়ন্ত বসুমতাৰী) ৷ আজিৰ এই সংবাদমেলতে নিৰ্বাচন আয়োগে দেশৰ আন আন ৰাজ্যসমূহৰ লগতে অসমকে(Assam By Election) ধৰি ৪৫খনতকৈও অধিক বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰো সম্ভাৱনা আছে ৷

ইয়াৰ উপৰিও কেৰালাৰ ৱায়ানাদ আৰু পশ্চিম বংগৰ বাছিৰহাটৰ লোকসভা আসন দুখনৰ বাবেও উপ-নিৰ্বাচনো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাহুল গান্ধীৰ পদত্যাগৰ পিছত ৱায়ানাদৰ আসনখন খালী হৈ পৰাৰ বিপৰীতে তৃণমূলৰ সাংসদ শ্বেইখ নূৰুল ইছলামৰ মৃত্যুৰ বাবে বাছিৰহাটৰ উপ-নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে । নিৰ্বাচন আয়োগে এইবাৰ ঝাৰখণ্ডত কম পৰ্যায়ৰ মাজতে ভোটগ্ৰহণৰ আয়োজন কৰিব পাৰে।

নিৰ্বাচনৰ দিন ঘোষণাক লৈ বিজেপিৰ প্ৰতিক্ৰিয়া

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কয়, ‘মহাৰাষ্ট্ৰ( Maharashtra elections) আৰু ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ(Jharkhand elections) বাবে বিজেপি আৰু এনডিএ সম্পূৰ্ণৰূপে সাজু হৈছে। আমি নিশ্চিত যে হাৰিয়ানাৰ দৰে মহাৰাষ্ট্ৰৰ জনসাধাৰণেও বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠনৰ বাবে ভোটদান কৰিব। হেমন্ত সোৰেনৰ ভোটবেংক আৰু দুৰ্নীতিপৰায়ণ ৰাজনীতিত হতাশ হোৱা ঝাৰখণ্ডৰ ৰাইজে বিজেপি নেতৃত্বাধীন উন্নয়ন সমৰ্থক, জনজাতি সমৰ্থক এখন চৰকাৰক ভোট দিবলৈ আগ্ৰহী। আমি নিশ্চিত যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দুয়োখন ৰাজ্যতে বিজেপিয়ে চৰকাৰ গঠন কৰিব ।

Obscene Remarks on Women: দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা মহিলাক উদ্দেশ্যি অশালীন মন্তব্যৰে যুৱকৰ ভিডিঅ’ প্ৰস্তুত

Obscene Remarks on Women: দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা মহিলাক উদ্দেশ্যি অশালীন মন্তব্যৰে যুৱকৰ ভিডিঅ’ প্ৰস্তুত
Obscene Remarks on Women: দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা মহিলাক উদ্দেশ্যি অশালীন মন্তব্যৰে যুৱকৰ ভিডিঅ’ প্ৰস্তুত

গোৱালপাৰা, ১৫ অক্টোবৰ: দেওবাৰে সমগ্ৰ ৰাজ্যতে এক উখল-মাখল পৰিবেশৰ মাজত অশ্ৰুশক্তি নয়নেৰে দেৱী দুর্গাক বিসৰ্জন দিয়া হয় ।দেৱী দুর্গাৰ বিসৰ্জনৰ দৃশ্য চাবলৈ বিসৰ্জনস্থলীসমূহত সমবেত হয়গৈ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ । কিন্তু ইয়াৰ মাজতে দেৱী দুর্গাৰ বিসৰ্জন চাবলৈ যোৱা নাৰী সমাজক উদ্দেশ্যি অশ্লীল মন্তব্য কৰি(Obscene Remarks on Women) ভিডিঅ’ প্ৰস্তুত কৰিছিল গোৱালপাৰাৰ মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত ডোবাপাৰা লুপ্তচৰৰ এজন যুৱকে ।

এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ইয়াৰ প্ৰত্যক্ষ কৰি একাংশ সচেতন লোকে যুৱকজনৰ বিৰুদ্ধে মৰনৈ আৰক্ষী থানা(Mornoi Police Station)ত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে যুৱকজনক কৰায়ত্ব কৰা নাছিল । অভিযোগ দাখিলৰ পিছতো আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ নকৰাত ক্ষোভিত ৰাইজে সোমবাৰে সন্ধিয়া থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Viral video controversy in Goalpara) ।

প্ৰায় তিনি শতাধিক ৰাইজৰ প্ৰতিবাদত সেও মানি অৱশেষত স্থানীয় ৰাইজৰ সহযোগত মৰনৈ আৰক্ষীয়ে কাশেম আলী নামৰ যুৱকজনক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্ যে, সস্তীয়া জনপ্ৰিয়তাৰ বাবে সামাজিক মাধ্যমত এই ভিডিঅ’ প্ৰচাৰ কৰি নাৰী সমাজক হেয় প্ৰতিপন্ন কৰিবলৈ কৰা এনে কাৰ্য কৰাৰ পিচতেই জাঙুৰ খাই উঠিছিল স্থানীয় একাংশ সচেতন ৰাইজ । হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ়(Communal harmony between Hindus and Muslims) কৰিবলৈ চেষ্টা অব্যাহত থকাৰ মাজতেই শান্তি বিঘ্নিত কৰিবলৈ এই যুৱকজনে কৰা অসামাজিক কাৰ্যৰ বিৰুদ্ধে ওলাই শ শ ৰাইজ উলাই আহি যুৱকজনক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে্ প্ৰতিবাদ সাব্যস্ত কৰিছিল । তাৰোপৰি ঘটনাটোকলৈ যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি নহয় তাৰ বাবেও সকলোকে স্থানীয় ৰাইজেআহ্বান জনায় ।

Horoscope Today: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Horoscope Today: Astrological prediction for October 15, 2024
Horoscope Today: আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মা লক্ষ্মীৰ আশীৰ্বাদ লাভৰ লগতে আৰ্থিক লাভৰো সময় ৷ সামাজিকভাৱে খ্যাতি- মৰ্যদা বৃদ্ধিৰ সুযোগ ৷ব্যৱসায়ৰো হ’ব বিস্তাৰ ৷ জীৱনৰ নতুন অধ্যায়ৰ বাবে অপেক্ষা কৰাসকলে শীঘ্ৰেই বিবাহ বান্ধোনত বান্ধ খাব পাৰে ৷ দিনটোৰ পাছবেলা কিছু স্বাস্থ্যজনিত সমস্যা আহিব পাৰে ৷আজি সন্ধিয়াৰ সময়চোৱাত পৰিয়ালৰ লগত যিকোনো আলোচনাত নবহাটোৱেই মংগল(Horoscope Today) ।

বৃষ ৰাশি: ব্যৱসায়ীসকলৰ বাবে এটা সুন্দৰ দিন ৷কৰ্মস্থলীত প্ৰশংসাৰ পাত্ৰ হোৱাৰ থল আছে ৷তাৰোপৰি নাম, যশ আৰু সামাজিক মান্যতা লাভ কৰিব ৷ আৰ্থিক লাভালাভ হোৱাৰ সম্ভাৱনা আছে ৷ সংগীৰ লগত এক আনন্দময় সময় পাৰ হ’ব ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে একদম সঠিক সময় ৷সন্ধিয়াটি এটি সুন্দৰ স্থানত কটাওক ৷

মিথুন ৰাশি: কৰ্মস্থলীত মালিকপক্ষ বা জ্যেষ্ঠসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব ৷অলপ এৰা ধৰা কৰিবলৈ চেষ্টা কৰিলে নিজৰ লগতে আনৰ বাবেও এটি সুন্দৰ পৰিবেশৰ সৃষ্টি হ’ব ৷ বিলাসিতাত ব্যয় হোৱাৰ সম্ভাৱনা ৷ এটা সুন্দৰ মনৰ স্থিতিয়ে ঘৰৰ পৰিবেশ স্থিৰআৰু শান্তিপ্ৰিয় কৰি ৰাখিব ৷অপ্ৰত্যাশিত ধন লাভৰ সুযোগ আছে ৷

কৰ্কট ৰাশি: আজিৰ দিনটোত অলপ সাৱধানতা অৱলম্বন কৰক ৷ অবৈধ আৰু অনৈতিক কামৰ পৰা আঁতৰত থাকক ৷যিকোনো শব্দ ব্যৱহাৰ কৰাৰ পূৰ্বে অলপ ভাবি চাব । অজানিতে আনক আঘাত হানিব পাৰে ৷ কৰ্মস্থলীত সহকৰ্মীৰ ব্যৱহাৰৰ বাবে হতাশা আহিব ৷ প্ৰতিদ্বন্দীৰ লগত বিবাদ বৃদ্ধি হ’ব পাৰে । কৰ্মস্থলীত বিবাদৰ পৰা আঁতৰত থাকক ৷ যিকোনো কিতাপ, আলোচনী আদি পঢ়ি সময় পাৰ কৰাৰ লগতে নিজৰ মনটোক শান্ত কৰি ৰাখক ৷

সিংহ ৰাশি: এই ৰাশিৰ লোকসকলে আজি এক সুস্থিৰ শাৰীৰিক আৰু মানসিক স্থিতিত থাকিব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সামাজিক আৰু মিলাপ্ৰীতিৰ পৰিকল্পনাৰ বাবে এটা ভাল দিন । তাৰোপৰি তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাৰো সুযোগ আছে ৷ ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ীক অংশীদাৰৰ লগত এটা ভাল চুক্তি হোৱাৰো সম্ভাৱনা ৷ দিনটোৰ বিয়লিৰ ভাগত অপ্ৰত্যাশিত খৰচৰ বাবে কিছু আৰ্থিক সমস্যা আহিব পাৰে ৷ শান্তি লাভ কৰিবৰ বাবে যিকোনো ধৰ্মীয় স্থানলৈ গৈ ঈশ্বৰৰৰ নাম লওক । যোগাসন কৰিব ।

কন্যা ৰাশি: এই ৰাশিৰ লোকসকলে আজি অধিক আবেগিক আৰু সংবেদনশীল হৈ থাকিব ৷ যাৰ ফলত কৰ্মস্থলীত মন দি কাম কৰিব পাৰিব ৷ ভাল মনোভাৱ আৰু সফলতাৰ বাবে প্ৰশংসিত হ’ব ৷ পৰিয়ালৰ লগত সমীপৱৰ্তী কোনো স্থানলৈ ফুৰিবলৈ যাওক ৷

তুলা ৰাশি: এই ৰাশিৰ লোকসকলে আজি নিজৰ সৃষ্টিশীল দক্ষতাক সফলতাৰে ব্যৱহাৰ কৰিব পাৰিব ৷ অৱশ্যে চিন্তাৰ পাকচক্ৰই কিছু সমস্যা আৰু চাপত পেলাব পাৰে ৷ যদি পাৰে, আজি অলপ পলমকৈ কাৰ্যালয়লৈ যাওক ৷কৰ্মস্থলীত সফলতাৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব, যাৰ বাবে আপোনাক স্বীকৃতি প্ৰদান কৰিব পাৰে ৷অৱশ্যে আজি অপ্ৰত্যাশিত ব্যয় হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: এই ৰাশিৰ লোকসকলে আজি ব্যক্তিগত তথা শিক্ষাগত দিশত লাভান্বিত হ’ব ৷ শিক্ষাৰ্থীসকলে অধ্যয়নত বিচৰা ধৰণে ফল লাভ কৰিব ৷ সফল সম্পৰ্কৰ চাবিকাঠি বুজাপৰা আৰু সমন্বয়- এই মনোভাৱ লৈ নিজে্ বহু সমস্যাৰ সমাধান কৰিব পাৰিব ৷ কোনো নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে পক্ষপাতিত্বমূলক নহবও পাৰে ৷ সাজপাৰ আৰু গহণা আদি ক্ৰয় কৰি আপুনি মানসিক শান্তি পালেও লক্ষ্য ৰাখিব যাতে অত্যধিক ব্যয় নহয় একেলেথাৰিয়ে চিন্তা কৰি থকাৰ পৰা মনটোক আঁতৰত ৰাখক ৷

ধনু ৰাশি: এই ৰাশিৰ লোকসকলৰ বাবে আজিৰ দিনটো এটা সাধাৰণ দিন ৷ সু স্বাস্থ্যই আপোনাক উত্‍সাহিত আৰু আনন্দিত কৰি ৰাখিব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত ওচৰতে হোৱাকৈ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰিয়জনৰ লগত সময় কটাবৰ বাবে সোণালী সুযোগ পাব পাৰে ৷ দিনটোৰ পিছৰফালে ঘৰৰ আচবাব আৰু গৃহসজ্জাৰ সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে ৷ সম্পত্তি সম্বন্ধীয় যিকোনো আইনী নথি-পত্ৰত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব ৷

মকৰ ৰাশি: এই ৰাশিৰ লোকসকলে আজি কোনো অবাঞ্চিত পৰিস্থিতিত নপৰিবৰ বাবে মনে মনে থকাই উচিত ৷ মানসিক শান্তি লাভৰ বাবে নিজৰ ধনৰ এটা অংশ ধৰ্মীয় কৰ্ম, ৰীতি নীতিত খৰচ কৰিব পাৰে ৷ দিনটোৰ পিছৰ ফালে নিজকে অধিক আনন্দিত অনুভৱ কৰিব ৷ এই সময়চোৱা পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত থাকি উপভোগ কৰক ৷

কুম্ভ ৰাশি: এই ৰাশিৰ লোকসকলে আজি নেতিবাচক চিন্তা এৰাই ইতিবাচক চিন্তাৰে মানসিক ভাৰসাম্যক ধৰি ৰাখক ৷ ই আপোনাক শক্তিশালী আৰু উত্‍সাহী কৰি ৰাখিব ৷ সন্ধিয়ালৈ কোনো ধৰ্মীয় অনুষ্ঠানত ভাগ লব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবেও আজিৰ দিনটো এটা ভাল দিন ৷ অপ্ৰত্যাশিত ধন লাভৰ সম্ভাৱনা আছে ৷ সন্ধিয়াটো পৰিয়ালৰ সদস্যসকলৰ লগত থাকি কটাওক ।

মীন ৰাশি: এই ৰাশিৰ লোকসকলে আজি নিজৰ শক্তিসমূহক একত্ৰিত কৰিব চেষ্টা কৰক আৰু এক ইতিবাচক চিন্তাৰ দিশে আগুৱাই যাওক ৷ ধ্যান আৰু যোগাসন অব্যাহত ৰাখৰ । পৰিয়ালৰ লোক আৰু প্ৰিয়জনৰ লগত বিবাদ হ’ব পাৰে ৷ যিকোনো লোকক কথা কওতে নিজক নিয়ন্ত্ৰণত ৰাখক ৷ বিয়লিৰ ফাললৈ চিন্তা আৰু কথা কওঁতে নিজৰে এটা ইতিবাচক পৰিৱৰ্তন দেখা পাব যাৰ বাবে নিজেই আনন্দিত হোৱাৰ লগতে আৰু মানসিক সন্তুষ্টি লাভ কৰিব ৷আজি বন্ধুবৰ্গ আৰু প্ৰিয়্জনক লগ কৰিব পাৰে ৷নিজৰ ঘৰখনত এটি আনন্দৰ পৰিবেশ থাকিব ৷ অৱশ্যে খৰচ সীমিত কৰক ৷