Home Blog Page 503

Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল

Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল
Chutia Students Union । বিভিন্ন কাৰণত ৰাজ্যজুৰি ওলাই আহিল চুতীয়া ছাত্ৰ সন্থাৰ সদস্যসকল

তিতাবৰ, ১৪ অক্টোবৰঃ অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান, স্বায়ত্বশাসিত পৰিষদ (autonomous council)গঠন আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, সৌন্দৰ্যবৰ্ধনৰ দাবীত আজি তিতাবৰ নগৰৰ মাজমজিয়াত প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union)।

অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ শক্তিশালী ছাত্ৰ সংগঠনটোৰ দুই শতাধিক নেতা-কৰ্মী আৰু মহিলা তথা জনগোষ্ঠীটোৰ তিতাবৰৰ ভিন্ন প্ৰান্তৰ জ্ঞাতিসকলে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্ৰ মোদী (PM Narendra Modi)গ’ বেক, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা গ’ বেক, NO ST NO REST, আমাক জনজাতিৰ মৰ্যদা প্ৰদান কৰিবই লাগিব, আমাক স্বায়ত্ব শাসন লাগিবই, জনজাতিকৰণ আমাৰ জন্মগত অধিকাৰ, এই জুই জ্বলিছে-জ্বলিবই, আমাৰ সংগ্ৰাম চলিছে-চলিবই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল’গানেৰে তিতাবৰৰ ৰাজপথ উত্তাল কৰি তোলে।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক অৱন বৰাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, চুতীয়া জনগোষ্ঠীক প্ৰাপ্য অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে, সেয়া লাগিলে নৰেন্দ্ৰ মোদীয়ে হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক। জনগোষ্ঠীটোক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ফল বিজেপি চৰকাৰে ভোগ কৰিব।

চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদানৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চূড়ান্ত প্ৰতাৰণা কৰা পৰিলক্ষিত হৈছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বিভিন্ন নিৰ্বাচনি সভাত সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে শাসনৰ গাদীলৈ আহিলে অসমৰ ছয় জনগোষ্ঠীক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

শাসনৰ গাদী পাই এই বিষয়টোত পাভলুটি মাৰিলে বুলি কয়। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৰা ৰাজনীতি বন্ধ কৰি আগন্তুক ছয় মাহৰ ভিতৰত জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে চুতীয়া ছাত্ৰ সন্থা যিকোনো পৰ্যায়লৈ যাবলৈ বাধ্য হ’ব। তেতিয়া যিকোনো অনাকাংক্ষিত পৰিৱেশ-পৰিস্থিতিৰ সৃষ্টি হ’লে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জগৰীয়া হ’ব বুলি সঁকিয়াই দিয়ে।

চুতীয়া জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদান কৰিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নোহোৱাতো নেতাগৰাকীয়ে আক্ষেপ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, ঐতিহাসিক চুতীয়া ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ (historical Chutia kingdom), সৌন্দৰ্যবৰ্ধনৰ বাবে অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আলোচনাত কেবিনেট মন্ত্ৰী কেশৱ মহন্তক ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰি সংৰক্ষণ (ancient monuments), সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণৰ বাবে দায়িত্ব প্ৰদান কৰিছিল। আলোচনামৰ্মে মন্ত্ৰী কেশৱ মহন্ত, পুৰাতত্ত্ব বিভাগৰ বিষয়া আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই একেলগে ঐতিহাসিক স্থান সমূহ ২০১৮ চনতেই পৰিদৰ্শন কৰিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি আক্ষেপেৰে কয়।

চুতীয়া জনগোষ্ঠীক এনেদৰে প্ৰতাৰণা কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহব বুলি কোৱাৰ লগতে চুতীয়া জনগোষ্ঠী বসবাস কৰা প্ৰতিখন গাঁৱত এইবিলাক বিষয়ক লৈ সজাগতা সভা অনুস্থিত কৰি ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ ৰাইজক অৱস্থান লবলৈ বাধ্য কৰাব বুলি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অৱন বৰাই জানিবলৈ দিয়ে।

কাৰ্যসূচীত যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় ক্ৰমে অংশুমান শইকীয়া, ধ্ৰুৱজ্যোতি বৰা, সভাপতি ৰুবুল বৰা প্ৰমূখ্যে সন্থাৰ নেতৃবৃন্দৰ লগতে চুতীয়া জনগোষ্ঠীৰ বহুসংখ্যক জ্ঞাতিবৰ্গই অংশগ্ৰহণ কৰে।

উল্লেখ্য, চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰতাৰণা কৰাৰ প্ৰতিবাদত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰা এলানী প্ৰতিবাদী কাৰ্যসূচীৰ ইতিপূৰ্বে প্ৰথমটো কাৰ্যসূচী অৱস্থান ধৰ্মঘট, দ্বিতীয়টো ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত আজি প্ৰতিকৃতি দাহ কাৰ্যসূচী আৰু ১৮ নৱেম্বৰত বিশাল গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

ইয়াৰ পিছতো যদি চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক দিনত জিলা বন্ধ, অৰ্থনৈতিক অৱৰোধৰ দৰে জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অবন বৰা আৰু যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰাই ‘দৈনন্দিন বাৰ্তা’ৰ তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা প্ৰমুখ্যে সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ জৰিয়তে জানিবলৈ দি এইক্ষেত্ৰত চুতীয়া জনগোষ্ঠীৰ জ্ঞাতিবৰ্গৰ সহযোগিতা কামনা কৰিছে।

RSS chief Mohan Bhagwat। সমাজৰ সকলো বৰ্গ আৰু ব্যক্তি কুটুম্ব মিত্ৰতা হ’ব লাগিব- ডা: মোহন ভাগৱত

RSS chief Mohan Bhagwat। সমাজৰ সকলো বৰ্গ আৰু ব্যক্তি কুটুম্ব মিত্ৰতা হ'ব লাগিব- ডা: মোহন ভাগৱত

১৪ অক্টোবৰ,গুৱাহাটী : RSS chief Mohan Bhagwat। সমাজ সুস্থ আৰু সবল স্থিতিৰ প্রথম চৰ্তই হল সামাজিক সমৰসতা তথা সমাজৰ বিভিন্ন স্তৰৰ পৰম্পৰ সদ্ভাৱ। কিছুমান সঙ্কেট সূচক কার্য্যক্রম মাত্র কৰিলেই এই কাম সম্পন্ন নহয়। সমাজৰ সকলো বর্গ আৰু ব্যক্তি কুটুম্ব মিত্রতা হব লাগিব। এই প্রচেষ্টা আমি আটায়ে ব্যক্তিগত তথা পাৰিবাৰিক স্তৰৰ পৰা কৰিব লাগিব। পৰস্পৰ পর্ব প্রসঙ্গত সকলোৰে সহভাগিতাৰ সৈতে সম্পূর্ণ- সমাজৰ পর্ব প্রসঙ্গ হৈ পৰিব লাগে। ‘সার্বজনীন ব্যবহাৰৰ ক্ষেত্রত অথবা শ্রদ্ধা স্থলীত যেনে মন্দিৰ, পানী, শ্মশান আদিত সমাজৰ সকলো বর্গকে সহভাগী হোৱাৰ বাতাবৰণৰ সৃষ্টি কৰিব লাগে। যেনেদৰে পৰিয়ালত সামর্থ্যবান জনে দূর্বল জনৰ প্রতি অধিক সুবিধা প্রদান, কেতিয়াবা কেতিয়াবা নিজক লোকচান কৰিও কৰে, তেনেদতে আপোনত্বৰ দৃষ্টিকে এনে আবশ্যকতাৰ বিবেচনা হব লাগে। এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা:মোহন ভাগৱতৰ ৷

আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত সকলো হিন্দুক একত্রিত হ’বলৈ আহ্বান জনাইছে। মহাৰাষ্ট্ৰৰ নাগপুৰত আয়োজিত বিজয়া দশমী তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠা উপলক্ষে আয়োজিত এক অনুষ্ঠানত শনিবাৰে অংশগ্ৰহণ কৰি আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে সকলো হিন্দুক একত্রিত হৈ ৰাষ্ট্ৰক সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। বাংলাদেশত শেহতীয়াকৈ হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ পৰা আৰম্ভ কৰি কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ ঘটনালৈকে বিভিন্ন বিষয়ত আলোকপাত কৰা আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে দুৰ্বলীৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাৰ ভালেমান উদাহৰণেৰে সমবেত জনতাক সম্বোধন কৰে। উল্লেখ্য, আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে বিজয়া দশমীৰ অনুষ্ঠানত বছৰি অংশগ্ৰহণ কৰি দেশবাসীক উদ্দেশ্যি এক বৌদ্ধিক কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি নিজৰ বক্তব্য প্ৰকাশ কৰি আহিছে। এইবাৰৰ অনুষ্ঠানত ইছৰোৰ অধ্যক্ষ কে ৰাধাকৃষ্ণনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মোহন ভাগৱতে আনকি ভগৱানেও দুর্বলীক শাস্তি দিয়া প্রসংগ উত্থাপন কৰে। যজ্ঞত ঘোঁৰা অথবা হাতীক বলি দিয়া নহয়। সেইদৰে বাঘকো বলিৰ নামত হত্যা কৰা নহয়।


কিন্তু ছাগলীক যজ্ঞৰ নামত হত্যা কৰা হয়। এই সন্দৰ্ভত আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে সদৰী কৰে- ‘ঘোঁৰাই লথিয়ায়। সেইদৰে হাতী এক প্রকাণ্ড জীৱ, বাঘ আকৌ হিংস্র। সেয়ে যজ্ঞত ছাগলীকে বলিৰ নামত নিধন কৰা বুলি তেওঁ উল্লেখ কৰে। আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে দেশত শান্তি, সম্প্রীতি বিঘ্নিত কৰিবলৈ আৰু সমৃদ্ধ তথা সবল ৰাষ্ট্ৰক দুৰ্বল কৰিবলৈ এক শক্তিয়ে অহর্নিশে অপচেষ্টা চলাই থকা বুলিও তেওঁ উল্লেখ কৰে। তেওঁ ভাৰতবৰ্ষক জাত-পাত, ধৰ্ম, বৰ্ণ আদিৰ নামত বিভক্ত কৰিব খোজা দুর্ভাগ্যজনক শক্তিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ আহ্বান জনায় দেশবাসীক। এই শক্তিসমূহৰ বাবেই আজি পঞ্জাবৰ পৰা আৰম্ভ কৰি জম্মু-কাশ্মীৰলৈকে আৰু লাডাখৰ পৰা সাগৰীয় সীমান্তৱৰ্তী ৰাজ্য কেৰালা, তামিলনাডুকে ধৰি বিহাৰ আৰু মণিপুৰলৈকে বিভিন্ন প্রান্তত এই অপশক্তিয়ে দুষ্কার্য সংঘটিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মহাৰাষ্ট্ৰত গণেশ বিসৰ্জনৰ সময়ত শিলগুটি দলিওৱাৰ দৰে ঘটনা এই দুষ্কাৰ্যৰে অংশবিশেষ বুলি উল্লেখ কৰি এনেধৰণৰ অপশক্তিৰ বিৰুদ্ধে সদাসতর্ক হৈ থকাটো প্রয়োজন বুলি উল্লেখ কৰে।

দেশক সুৰক্ষিত কৰি ৰখা আৰু শান্তি-সম্প্রীতি বৰ্তাই ৰখাত হিন্দু সমাজৰ কৰণীয় অনেক আছে বুলি তেওঁ উল্লেখ কৰে। আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে পশ্চিমবংগৰ আৰ জি কৰ মেডিকেল কলেজত সংঘটিত তৰুণী চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ কথা উল্লেখ কৰি তেনে অপৰাধীকো ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা কাৰ্যত আশ্চর্য প্রকাশ কৰে। এইবোৰ শক্তিক কঠোৰ হাতেৰে দমন কৰিবলৈ তেওঁ আহ্বান জনায়। ৰাজনীতি আৰু অপৰাধক একাকাৰ কৰিব খোজা কাৰ্যক তেওঁ কঠোৰ ভাষাৰে নিন্দা কৰে। চুবুৰীয়া বাংলাদেশত শেহতীয়াকৈ উদ্ভৱ হোৱা ৰাজনৈতিক হিংসাত্মক ঘটনাৰ কথা উল্লেখ কৰি আৰএছ এছৰ মুৰব্বীগৰাকীয়ে অত্যাচাৰী মৌলবাদীসকল নিঃশেষ নোহোৱাপর্যন্ত হিন্দুসহ সকলো সংখ্যালঘু লোক বিপন্ন হৈ থাকিব বুলিও উল্লেখ কৰে। তেওঁ বাল্মীকিয়ে ৰামায়ণ কেৱল বাল্মীকিসকলৰ বাবে ৰচনা কৰা নাছিল বুলি উল্লেখ কৰে।

সেইদৰে হিন্দুসকলে দেশখনৰ সুৰক্ষাৰ স্বাৰ্থত অধিক সতৰ্ক আৰু একত্রিতভাবে অৱস্থান ল’ব লাগিব বুলি উল্লেখ কৰে। সংবিধান সন্দৰ্ভত ভাগৱতে কয় যে, আমাৰ সংবিধানৰ চাৰিটা বিভাগৰ বিষয়ে জানি লৈ, যেনে- সংবিধানৰ প্রস্তাবনা,নির্দেশাত্মক নীতি, নাগৰিক কর্তব্য আৰু নাগৰিক অধিকাৰ আদিৰ জ্ঞান বর্ধন সকলোতে হব লাগে বুলি মন্তব্য কৰে। পৰিয়ালৰ পৰা লাভ কৰা পাৰস্পৰিক ব্যবহাৰৰ অনুশাসন, পৰস্পৰ প্রতি মঙ্গল যুক্ত ব্যবহাৰ, সদভাৱনা আৰু ভদ্রতা তথা সামাজিক ব্যবহাৰত ‘দেশভক্তি আৰু সমাজৰ প্রতি আত্মীয়তা লগতে আইন সংবিধানৰ পালন, এই আটাইবোৰ লগ লাগি ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় চৰিত্র গঢ়ি উঠে বুলি সদৰি কৰি দেশৰ সুৰক্ষা, একাত্মতা অখণ্ডতা আৰু বিকাশ সাধনৰ বাবে চৰিত্ৰৰ এই দুটা দিশৰ ক্ৰতি বিহীন আৰু সম্পূর্ণ হোৱাটো অত্যন্ত মহত্বপূর্ণ কথা। আমি আটায়ে ব্যক্তিগত তথা ৰাষ্ট্ৰীয় চৰিত্রৰ এই সাধনাত সজাগ আৰু সততাৰে লাগি থাকিব লাগিব বুলিও তেখেতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ভাৰত বৰ্ষৰ বিশ্বত স্হিতি সন্দৰ্ভত বক্তব্য প্ৰকাশ কৰি সৰসংঘচালক গৰাকীয়ে কয় যে, বিশ্বত ভাৰতে মুখ্যস্থান পালে, যি সকলৰ নিহিত স্বার্থ হানি হয়, এনে শক্তি সমূহে ভাৰতক এক মৰ্য্যদাৰ ভিতৰতহে ৰাখিব খুজিছে ৷ নিজেই নিজকে উদাৰ, গণতান্ত্রিক স্বভাবৰ তথা বিশ্ব শান্তিৰ বাবে দায়বদ্ধ বুলি কব খোজা দেশবোৰৰ এই দায়বদ্ধতা তেওলোকৰ সুৰক্ষা আৰু স্বার্থৰ প্রশ্ন আহিলেই অন্তর্দ্ধান হৈ যায়। তেতিয়া অইন দেশক আক্রমণ কৰাত অথবা গণতান্ত্রিক পদ্ধতিৰে নির্বাচিত তাৰ চৰকাৰক অবৈধ ভাবে অথবা হিংসাত্মক উপায়ে সলনি কৰাত তেওলোকে পিচুৱাই নাহে। ভাৰতৰ ভিতৰত অথবা বাহিৰত বিশ্বত যিবোৰ ঘটনা ঘটি আছে সেইবোৰৰ প্রতি নজৰ দিলে সেই কথাবোৰ সকলোৱে বুজিব পাৰে। ভাৰতৰ ছবি মলিন কৰিবলৈ তীব্ৰ প্রয়াস, অসত্য অথবা অর্ধসত্যক আধাৰত চলি থকা স্পষ্ট ৰূপত দেখা পোৱা যায় বুলিও মন্তব্য কৰে ৷

Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ'ল দিল্লীলৈ
Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ'ল দিল্লীলৈ

নতুন দিল্লী, ১৪ অক্টোবৰ: মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান(Air India flight)ত বোমা বিস্ফোৰণৰ ভাবুকি(Bomb threat on Air India flight) সন্দৰ্ভত এক্সত লাভ কৰাৰ এটা বাৰ্তাৰ পিছতে বিমানখনক সোমবাৰে পুৱা দিল্লীলৈ উভতাই অনা হয়। দিল্লীৰ নিৰাপত্তা সংস্থাসমূহলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ পিছতে বিমানখনক দেশৰ ৰাজধানীলৈ(National Capital Delhi) ডাইভাৰ্ট কৰা হয়।

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বিমানখন বৰ্তমান ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ(IGI Airport)ত অৱতৰণ কৰা হৈছে, আৰু বিমানখনত থকা যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো সুৰক্ষা প্ৰট’কল (standard safety protocols)যথাযথভাৱে পালন কৰা হৈছে। ইতিমধ্যে বিমানবন্দৰৰ সকলো নিৰাপত্তা সংস্থা সষ্টম হৈ পৰিছে।

দিল্লী বিমানবন্দৰৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ সংস্থা এএনআইক জনাইছে যে, “আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছো আৰু বিমানখনৰ পৰীক্ষা নকৰা পৰ্যন্ত যিকোনো তথ্য প্ৰচাৰৰ পৰা বিৰত থাকক। সময়ত আমি অধিক তথ্য শ্বেয়াৰ কৰিম।”

এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই এক বিবৃতি প্ৰকাশ কৰি কয় যে, “১৪ অক্টোবৰত মুম্বাইৰ পৰা জে এফ কে(নিউয়ৰ্ক)লৈ চলাচল কৰা AI119 বিমানখনে(Air India flight AI119) এক সুনিৰ্দিষ্ট নিৰাপত্তাজনিত সতৰ্কবাণী লাভ কৰে আৰু চৰকাৰৰ নিৰাপত্তা নিয়ন্ত্ৰণ সমিতিৰ নিৰ্দেশত দিল্লীলৈ ডাইভাৰ্ট কৰা হৈছে। সকলো যাত্ৰীকে ইতিমধ্যে বিমানখনৰ পৰা নমাই দিয়া হৈছে আৰু তেওঁলোক বৰ্তমান দিল্লী বিমানবন্দৰৰ টাৰ্মিনেলতে আছে। তাৰোপৰি বিমানবন্দৰত থকা আমাৰ সহকৰ্মীসকলে এই অপ্ৰত্যাশিত বাধাৰ সন্মুখীন হোৱা যাত্ৰীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে দৃষ্টি ৰাখিছে।”

উল্লেখ্য যে, পূৰ্বেও বিভিন্ন সময়ত বিমান বন্দৰ অথবা বিমানত এনে কেইবাটাও বোমা বিস্ফোৰণৰ ভাবুকি পোৱা গৈছিল যদিও পৰৱৰ্তী সময়ত এইসমূহ ভাবুকি মিছা বুলি প্ৰমাণিত হৈ আহিছে । ইয়াৰ পূৰ্বে ৫ অক্টোবৰত মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহিল্যা বাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈকো এটা ই-মেইলৰ জড়িয়তে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল। ই-মেইলটোৰ জড়িয়তে দেশৰ কেইবাটাও বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকিৰ কথা উল্লেখ আছিল।

ঠিক একেদৰে বদোদৰা বিমানবন্দৰেও ৫ অক্টোবৰত ই-মেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল আৰু ইয়াৰ পিছতে বিমানবন্দৰটো পুংখানুপুংখভাৱে পৰীক্ষা কৰি সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছিল।

Classical Language Status: অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহৰ আয়োজন

Classical Language Status: অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহৰ আয়োজন
Classical Language Status: অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহৰ আয়োজন

গুৱাহাটী, ১৩ অক্টোবৰ: অহা ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ । অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে এই ভাষা গৌৰৱ সপ্তাহ(Bhasha Gaurav Saptah) । লগতে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিত সকলকো জনোৱা হ’ব বিশেষ শ্ৰদ্ধা(Assamese scholars tribute) । তাৰোপৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ(Classical Language Status) বাবে অসম চৰকাৰে দেশৰ প্ৰধানমন্ত্ৰীকো জনাব ধন্যবাদ । অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ পাছতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ(Assam language celebration) । সামাজিক মাধ্যমৰ জড়িয়তে এই কথা সদৰী কৰিলে ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

এই প্ৰসংগত সামাজিক মাধ্যম এক্স (পূৰ্বৰ টুইটাৰ)ত মুখ্যমন্ত্রীয়ে লিখিলে, “যোৱা ৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল(Prime Minister Modi language recognition)। এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ অৰ্থে অসমে ৩ ৰ পৰা ৯ নৱেম্বৰ ২০২৪ লৈ “ভাষা গৌৰৱ সপ্তাহ” পালন কৰিব। এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰা আমাৰ ভাষাটিৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই কাৰ্যসূচীত আপোনাসৱৰ আন্তৰিক সহযোগিতা আমাৰ একান্তই কাম্য।”

মুখ্যমন্ত্রীগৰাকীয়ে লগতে উল্লেখ কৰে, “ৰাজ্যখনৰ সাংস্কৃতিক আৰু ভাষাৰ ঐতিহ্যৰ প্ৰতি আগবঢ়োৱা এই গুৰুত্বপূৰ্ণ স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব।” উল্লেখ্য যে, যোৱা ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অসমীয়া ভাষাৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছিল । অসম সাহিত্য সভাকে ধৰি ৰাজ্যত অসমীয়া সাহিত্যৰ চৰ্চা কৰি অহা বিভিন্ন গুণী-শুধীজনৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত চলাই অহা অহৰহ চেষ্টাৰ ফলশ্ৰুতিতেই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখযোগ্য যে, ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ হ’লে সেই ভাষাটো কমেও পোন্ধৰশৰ পৰা দুহাজাৰ বছৰৰ প্ৰাচীন হ’ব লাগিব আৰু ভাষাটো বৰ্তমানেও ব্যৱহাৰ হৈ থকা হ’ব লাগিব ৷ ইতিমধ্যে আমাৰ দেশত ছটাকৈ ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছিল । শেহতীয়াকৈ আৰু পাঁচটা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে ।

Nobel Peace Prize 2024: জাপানৰ পাৰমাণৱিক অস্ত্ৰ বিৰোধী সংগঠন নিহোন হিডানকিঅ’লৈ শান্তিৰ নোবেল বঁটা

Nobel Peace Prize : জাপানৰ পাৰমাণৱিক অস্ত্ৰ বিৰোধী সংগঠন নিহোন হিডানকিঅ'লৈ শান্তিৰ নোবেল বঁটা
সংস্থাটোৰ লক্ষ্য হৈছে পাৰমাণৱিক অস্ত্ৰমুক্ত এখন বিশ্ব গঢ়ি তোলা

ইণ্টাৰনেশ্যনেল ডেস্ক: এক ভয়াৱহ স্মৃতি বুকুত কঢ়িয়াই লৈ ফুৰা একাংশ লোকক এইবাৰ বিশেষ পুৰস্কাৰেৰে সন্মানিত কৰিলে নোবেল কমিটিয়ে । বিশ্ব কঁপোৱা হিৰোছিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰা প্ৰাণৰক্ষা পৰা লোকসকলৰ জাপানীজ সংগঠন নিহোন হিডানকিঅ’ক শুকুৰবাৰে শান্তিৰ নোবেল বঁটা প্ৰদান কৰাৰ কথা ঘোণা কৰে নোবেল কমিটিয়ে(Nobel Peace Prize 2024)। ভয়াৱহ স্মৃতিৰ সাক্ষী এই লোকসকৰ এই সংস্থাটোৱে পাৰমাণৱিক অস্ত্ৰৰ বিৰুদ্ধে নিৰন্তৰ মাত মাতি আহিছে। সংস্থাটোলৈ শান্তিৰ নোবেল প্ৰদান কৰাৰ কথা ঘোষণা কৰি নোবেল কমিটীৰ অধ্যক্ষ জুৰ্জেন ৱাটনে ফ্ৰাইডনেছে কয় যে, পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ কৰাৰ বাবে নিৰন্তৰ চেষ্টা অব্যাহত ৰখাৰ(Nuclear Disarmament Advocacy) বাবে সংগঠনটোক ২০২৪ চনৰ এই বঁটা প্ৰদান কৰা হৈছে।

হিৰোছিমা আৰু নাগাচাকিৰ পাৰমাণৱিক বোমাৰ পৰা প্ৰাণৰক্ষা পৰা লোকসকলে(Hiroshima Nagasaki survivors) চলাই অহা আন্দোলনক হিবাকুশা কোৱা হয়। সংস্থাটোৰ লক্ষ্য হৈছে পাৰমাণৱিক অস্ত্ৰমুক্ত এখন বিশ্ব গঢ়ি তোলা।

১৯৪৫ চনৰ আগষ্ট মাহৰ পাৰমাণৱিক বোমা আক্ৰমণৰ পিছত বিশ্বব্যাপী আন্দোলনৰ গঢ়ি তুলিছিল সংস্থাটোৱে। সংস্থাটোৰ হেঁচাৰ বাবেই শক্তিশালী আন্তৰ্জাতিক নিয়ম গঢ়ি উঠে। পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নৈতিকভাৱে গ্ৰহণযোগ্য নহয় এই কথা এতিয়া বিশ্বই মানি লৈছে।

হিবাকুশাই পাৰমাণৱিক আক্ৰমণৰ অবৰ্ণনীয় বিষয়বোৰ উপলব্ধি কৰিবলৈ, ইয়াৰ অকল্পনীয় প্ৰভাৱৰ বিষয়ে চিন্তা কৰিবলৈ আৰু পাৰমাণৱিক অস্ত্ৰৰ ফলত সৃষ্টি হোৱা ভয়াৱহ পৰিণতিৰ কথা মানুহক উপলব্ধি কৰাই আহিছে।
অৱশ্যে নৰৱেৰ নোবেল কমিটীয়ে স্বীকাৰ যে প্ৰায় ৮০ বছৰত কোনো নিহোন হিডানকিঅ'(Japanese organization Nihon Hidankyo) আৰু হিবাকুশাৰ অন্যান্য প্ৰতিনিধিসকলৰ প্ৰচেষ্টাই পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে।

নোবেল কমিটিয়ে লগতে কৈছে- মানৱ ইতিহাসৰ এই মুহূৰ্তত, আমি নিজকে মনত পেলাই দিয়া উচিত যে পাৰমাণৱিক অস্ত্ৰবোৰ হৈছে বিশ্বই প্ৰত্যক্ষ কৰা আটাইতকৈ ধ্বংসাত্মক অস্ত্ৰ(Nuclear weapons)। এদিন হয়তো ইতিহাসৰ সাক্ষী হিচাপে হিবাকুশা আমাৰ মাজত নাথাকিব। কিন্তু স্মৰণ আৰু নিৰন্তৰ প্ৰতিশ্ৰুতিৰ এক শক্তিশালী সংস্কৃতিৰ সৈতে জাপানৰ নতুন প্ৰজন্মই তেওঁলোকৰ অভিজ্ঞতা আৰু বাৰ্তা আগবঢ়াই নিছে। তেওঁলোকে সমগ্ৰ বিশ্বৰ জনসাধাৰণক অনুপ্ৰেৰণা যোগাইছে আৰু এই বিষয়ে শিক্ষিত কৰি আছে। এনেদৰেই তেওঁলোকে পাৰমাণৱিক নিষিদ্ধতা বৰ্তাই ৰখাত সহায় কৰিছে– মানৱতাৰ বাবে এক শান্তিপূৰ্ণ ভৱিষ্যতৰ পূৰ্বচর্ত হিচাপে।

Earthquake in Assam : অসমত ভূমিকম্পৰ জোকাৰণি

Earthquake in Assam : অসমত ভূমিকম্পৰ জোকাৰণি

Earthquake in Assam : আজি পুৱা এটা মজলীয়া প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল।

গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি পুৱা ৭ বাজি ৪৭ মিনিট ৩৩ ছেকেণ্ডত প্ৰায় ১৬ ছেকেণ্ড সময়ৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.২ কম্পনাংক। (Guwahati)

আনহাতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল ওদালগুৰি জিলাৰ ১৫ কিলোমিটাৰ গভীৰতাত। অৱশ্যে মজলীয়া প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত বৰ্তমানলৈ কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই।

Mahapurush Sri Srimanta Sankardev: গুৰুজনাৰ জন্মভূমিত ৫৭৬ জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ

Mahapurush Sri Srimanta Sankardev: গুৰুজনাৰ জন্মভূমিত ৫৭৬ জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
বৰ্নিল সাংস্কৃতিক শোভাযাত্রাই জিলিকাই তুলিলে সমগ্ৰ বটদ্ৰৱা অঞ্চলক

Mahapurush Sri Srimanta Sankardev: বটদ্ৰৱা, ১৩ অক্টোৱৰ: অসমীয়া জাতীয় জীৱনৰ মহানায়ক জগতগুৰু শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উৎসৱৰ প্ৰথম দিনটোতে এক বৰ্নিল সাংস্কৃতিক শোভাযাত্রাই শনিবাৰে জিলিকিাই তুলিলে সমগ্ৰ বটদ্ৰৱা অঞ্চল৷

এই বণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অংশ লয় সহাস্ৰাধিক আবাল বৃদ্ধ বনিতাই৷ পৰাম্পৰাগত সাজ পোছাকৰে প্ৰতিজন ভকত বৈষ্ণৱে সাংস্কৃতিক শোভাযাত্ৰাত অংশ লোবা দৃশ্য আছিল অতি আকৰ্ষনীয়৷ (Barpeta Satra)

আয়তীৰ উৰুলী, শঙ্খ ডবা কাহৰ লগতে অগনন ভকতৰ হৰি নামৰ ধ্বনিৰে গুৰুজনাৰ জন্মোৎসৱ প্ৰথমদিনা মুখৰিত হল বটদ্ৰৱা আকাশ বতাহ৷ উল্লেখ্য, গুৰুজনাৰ পবিএ জন্মস্হান বটদ্ৰৱাত বিগত বছৰ সমুহৰ দৰে এইবাৰো বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত তিনিদিনীয়া বনাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ৫৭৬সংখ্যক গুৰু জন্ম জয়ন্তী উৎসৱ৷

এই উপলক্ষে শনিবাৰে পুৱা তাল কোবোৱা প্ৰসংগ, দুই সত্ৰৰ ভকত বৈষ্ণৱৰ দ্বাৰা উষা কীৰ্তন আৰু মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগৰ পিছতে ১০.৩০ বজাত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়েৰে পৰিবেষ্টিত এক সাংস্কৃতিক শোভাযাত্ৰাই বটদ্ৰৱা অঞ্চলৰ লগতে নিকটবৰ্টী ৰাইদঙীয়া, হাতীচোং, জাজৰি, মাজগাঁও, চকলাঘাট আদি প্ৰায় অৰ্দ্ধ শতাধিক গাঁও পৰিভ্ৰমণ কৰি হৰি নামৰ অমিয়া ধ্বনিৰে মূখৰিত কৰি তোলে। (Batdwara)

এই সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ সভাপতি অম্লানজ্যোতি দেৱ গোস্বামীয়ে৷ দিনৰ ২ বজাৰ পৰা গুৰু চৰিত পাঠ আৰু সন্ধিয়া ৬বজাত ৫৭৬ গছি বন্তিৰে প্ৰজ্বলনেৰে আলোকিত কৰে থান চৌহদ৷ নিশা ৯বজাৰ পৰা বটদ্ৰৱা দুই সত্ৰৰ যুবক বৃন্দৰ দ্বাৰা “শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান ”ভাওনা মঞ্চস্থ হয় কীৰ্তন ঘৰৰ সভাগৃহত৷

একেদৰে দ্বিতীয়দিনা পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰ ওপৰি পুৱা ১০ বজাত বৃক্ষৰোপন আৰু দিনৰ ১২ বজাৰ পৰা সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগীতা অনুষ্ঠিত হৈছে। ইপিনে দক্ষিণ জাজৰি সাৰ্বজনীন শংকৰ মন্দিৰ প্ৰাংগনতো ১২, ১৩ আৰু ১৪ অক্টোৱৰত তিনিদিনীয়াকৈ ৫৭৬ সংখ্যক জন্মজয়ন্তী উদযাপন কৰিছে।

উদ্যোক্তা সমিতিয়ে জনোৱা মতে প্ৰথম দিনা প্ৰাত:প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, অঞ্চলজুৰি ভাগৱত ভ্ৰমণৰ পিছতে দুপৰীয়া প্ৰসংগ অনুষ্ঠিত হয়। দ্বিতীয়দিনা দিনৰ ভাগত ধৰ্মীয় কাৰ্যসূচীৰ অন্তত নিশা ন বজাত অঞ্চলৰ শিশু শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত হয় অংকীয়া ভাওনা “ৰুক্মীনি হৰণ”। তৃতীয় দিনা অঞ্চলৰ জেষ্ঠ শিল্পীসকলে পৰিবেশন কৰিব কাল্পনিক নাটক “চন্দ্ৰহংস”।

Football League : মৰিগাঁও “এ” ডিভিজন ফুটবল লীগত নৱজ্যোতি ক্লাৱ চেম্পিয়ন

Football League : মৰিগাঁও “এ” ডিভিজন ফুটবল লীগত নৱজ্যোতি ক্লাৱ চেম্পিয়ন
ফাইনেলত ব’লব’ম ফুটবল ক্লাৱক ২-০ গ’লৰ ব্যৱধানত পৰাভূত কৰি নৱজ্যোতি ক্লাৱ চেম্পিয়ন

Football League : দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিগাঁও, ১৩ অক্টোবৰ : মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ১০টা শক্তিশালী ফুটবল দলৰ অংশগ্ৰহণৰে মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা স্টেডিয়ামত বিপুল সংখ্যক ফুটবল প্ৰেমী ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে অনুষ্ঠিত হৈ থকা গুনেমাই বৰা আৰু ছাজিৰা বেগম সোঁৱৰণী প্ৰাইজমাণী “এ” ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তীব্ৰ প্ৰতিদণ্ডিতামূলক ফাইনেল খেলখনত মৰিগাঁও নৱজ্যোতি ক্লাৱে ২-০ গ’লৰ ব্যৱধানত ব’লব’ম ফুটবল ক্লাৱক পৰাভূত কৰি চেম্পিয়নৰ খিতাপ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰিছে৷

নিমন্ত্ৰিত অতিথি আৰু বিশিষ্ট ক্ৰীড়া সংগঠকসকলৰ উপস্থিতিত মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই শুভ উদ্বোধন কৰা ফাইনেল খেলখনত ব’লব’মৰ খেলুৱৈ সকলে শক্তিশালী খেল প্ৰদৰ্শন কৰি প্ৰথমাৰ্ধত নৱজ্যোতি ক্লাৱক গ’ল স্কৰিং কৰাৰ সুবিধা নিদিলেও খেলৰ দ্বিতীয়াৰ্থত নৱজ্যোতিৰ খেলুৱৈ সকলে অধিক পৰিপক্ব আৰু সংঘবদ্ধ খেল প্ৰদৰ্শন কৰি অধিনায়ক মুস্তাক আহমেদৰ এক দৃষ্টিনন্দন গ’লৰে ১-০ অগ্ৰগতি লাভ কৰাৰ কিছু সময়ৰ পাছতে ফৰৱাৰ্ড ৰঞ্জন দেউৰীয়ে এক কোবাল শ্বতৰ জৰিয়তে ব’লব’মৰ গ’লৰক্ষকক পৰাভূত কৰি নৱজ্যোতিক ২-০ গ’লৰ অপ্ৰতিৰোধ্য অগ্ৰগতি প্ৰদান কৰে৷(Morigaon “A” Division)

মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ যুটীয়া সম্পাদক নাছিৰউদ্দিন আহমেদৰ তত্ত্বাৱধানত আয়োজিত বঁটা বিতৰণী সভাত অসম ফুটবল সন্হাৰ উপ-সভাপতি জিতু বৰদলৈ, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামূলী, তিৱা স্বায়ত্ত্ব পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, খেল আয়ুক্ত ৰমেন নাথ, মৰিগাঁও জিলা সাংবাদিক সন্হাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক জিতুমনি নাথ, বিশিষ্ট সাংবাদিক অজিত শৰ্মা, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, ক্ৰীড়া সন্হাৰ উপসভাপতি সকল ক্ৰমে জয় আমচি, মুনীন্দ্ৰ বৰা, নিপুন বৰা, যুটীয়া সম্পাদক বিজয় নাথকে আদি কৰি অনান্য শাখা সম্পাদক আৰু বিষয়ববীয়া সকলৰ উপস্থিতিত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে গৌতম আমচি, সৰ্বাধিক গ’ল স্ক’ৰাৰ হিচাপে নাৰ্ছন বড়ো আৰু ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে মুস্তাক আহমেদক বঁটা প্ৰদান কৰা হয়৷ (Navajyoti Club)

মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ তৰফৰ পৰা বিজয়ী আৰু বিজিত দলৰ ট্ৰফী-প্ৰাইজমাণীৰ দাতা নিপুন বৰা আৰু কামাল হুছেইনৰ লগতে আজিৰ খেলখন পৰিচালনা কৰা ৰেফাৰী মিন্টু বৰদলৈ, শ্বাহেদূৰ ৰহমান, ভোগসিং বৰদলৈ আৰু পদ্দ পাতৰক সম্ভাষণ জনোৱা হয়৷

Bangladesh’s Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি

Bangladesh's Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি
প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল মুকুট উপহাৰ

Bangladesh’s Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে অঘটন৷ সকলোৰে অলক্ষিতে চোৰে ছাফাই কৰিলে দেৱীৰ মন্দিৰ৷ দেৱ-দেৱীৰ কোপদৃষ্টিকো ভ্ৰক্ষেপ নকৰি চোৰে লুটি নিলে দেৱী মাৰ শিৰৰ আভূষণ৷ লৈ গ’ল মাৰ মুকুট৷

তাতকৈ ডাঙৰ কথাটো হ’ল চোৰে সদৰ্পে লৈ উধাও হোৱা এই মুকুটৰ আছে এক বিশেষত্বও৷ কাৰণ এই মুকুটৰ দাতাগৰাকী কোন জানে? তেওঁ হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী৷ হয় ঠিকেই পঢ়িছে আমি ক’ব খোজা ব্যক্তিজন ভাৰতৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই ঘটনাৰ স্থান সাতখিৰাৰ শ্যামনগৰ৷ এই ঠাইত অৱস্থিত যশোৰেশ্বৰী মন্দিৰৰ পৰা দেৱী কালীৰ এটা মুকুট চুৰি কৰা হৈছে।

তথ্য অনুসৰি, ২০২১ চনৰ মাৰ্চ মাহত উক্ত মন্দিৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুকুট উপহাৰ দিছিল। বৃহস্পতিবাৰে মন্দিৰৰ পুৰোহিত দিলীপ মুখাৰ্জীয়ে দিনটোৰ নিত্যকৰ্ম সামৰি থৈ যোৱাৰ পিছত দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চুৰিকাৰ্য সংঘটিত হয়। পৰবৰ্তী সময়ত মন্দিৰ ছাফাইৰ কামৰ নিয়োজিত কৰ্মচাৰীসকলে দেখা পায় মুকুটটো দেৱীৰ শিৰত নাই। (India)

শ্যামনগৰ আৰক্ষী থানাৰ পৰিদৰ্শক তাইজুল ইছলামে কয়, “আমি চোৰক চিনাক্ত কৰিবলৈ মন্দিৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছো।” উল্লেখ্য, ৰূপ আৰু সোণৰ আৱৰণেৰে নিৰ্মিত মুকুটটোৱে সাংস্কৃতিক তাৎপৰ্য আৰু ধৰ্মীয় গুৰুত্ব বহন কৰে। (Prime Minister)

হিন্দু পৌৰাণিক কাহিনী অনুসৰি, যশোৰেশ্বৰী মন্দিৰ হৈছে ভাৰত আৰু চুবুৰীয়া দেশবোৰত সিঁচৰতি হৈ থকা ৫১ টা শক্তি পীঠৰ ভিতৰত এটা। “যশোৰেশ্বৰী” নামৰ অৰ্থ হৈছে “যশোৰৰ দেৱী।” এই মন্দিৰ পিচে ভাৰতত নহয় প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশত অৱস্থিত ৷

যশোৰেশ্বৰী কালী মন্দিৰ দেৱী কালীৰ প্ৰতি উৎসৰ্গিত এক প্ৰসিদ্ধ হিন্দু মন্দিৰ, মন্দিৰটো সাতখিৰা জিলাৰ উপজিলা শ্যামনগৰৰ এখন গাওঁ ঈশ্বৰীপুৰত অৱস্থিত। (crown)

প্ৰধানমন্ত্ৰী মোদীয়ে ২০২১ চনৰ ২৭ মাৰ্চত বাংলাদেশ ভ্ৰমণৰ সময়ত যশোৰেশ্বৰী মন্দিৰ পৰিদৰ্শন কৰিছিল। সেই দিনা তেওঁ ধৰ্মীয় বিশ্বাসৰ চিনস্বৰূপে সেই মুকুটটো দেৱীৰ মূৰত স্থাপন কৰিবলৈ আগবঢ়াইছিল। সেই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সেই মন্দিৰ ভ্ৰমণৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল, যিটো ক‘ভিড-১৯ মহামাৰীৰ পিছত যিকোনো দেশলৈ তেওঁৰ প্ৰথম ভ্ৰমণ আছিল।

লোকবিশ্বাসমতে এই মন্দিৰটো দ্বাদশ শতিকাৰ শেষভাগত অনাড়ী নামৰ এজন ব্ৰাহ্মণ ব্যক্তিয়ে নিৰ্মাণ কৰিছিল। তেওঁ যশোৰেশ্বৰী পীঠৰ বাবে এটা ১০০ দুৱাৰৰ মন্দিৰ নিৰ্মাণ কৰিছিল৷ (Narendra Modi)

পিছত ১৩ শতিকাত লক্ষ্মণ সেনে ইয়াক নতুন ৰূপ দিছিল আৰু পিছলৈ ষোড়শ শতিকাত ৰজা প্ৰতাপদিত্যই মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।

হিন্দু পৌৰাণিক আখ্যানমতে, ১৫টা পীঠৰ ভিতৰত, ঈশ্বৰীপুৰৰ মন্দিৰ হৈছে সেই ঠাই য’ত দেৱী সতীৰ ভৰিৰ তলুৱা আৰু গোড়ালিৰ অংশ পৰিছিল আৰু তেওঁ দেৱী যশোৰেশ্বৰীৰ ৰূপত আৰু ভগৱান শিৱ চণ্ড ৰূপে বিৰাজমান।

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন
গোলকীয় সংৰক্ষণৰ হকে আহ্বান হাড়গিলা বাইদেউ হিচাপে খ্যাত ড° বৰ্মনৰ

Dr. Purnima Devi Burman: ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মনইউৰোপীয়ান এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ (European Association of Zoos and Aquariums Conference- EAZA)ৰ সন্মিলনত ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশীয় সন্মান “Champion of the Earth” বিজয়ী আৰু ৰাণী‌ এনৰ দ্বাৰা হুইটলি গোল্ড পুৰষ্কাৰকে‌ ধৰি দুবাৰকৈ হুইটলি ফাণ্ড ফৰ নেচাৰৰ‌ পৰা সেউজ অস্কাৰ‌ বঁটা লাভ কৰা‌ অসমৰ‌ ড° পূৰ্ণিমা দেৱী বৰ্মনে ইউৰোপ তথা‌ অন্য ঠাইৰ‌ পৰা অহা‌ সংৰক্ষণবিদ, বিজ্ঞানী, চিৰিয়াখানাৰ সঞ্চালক‌‌ আৰু‌ জড়িত ব্যক্তিসকলৰ এটা বিশাল সমাৰোহত অতি গুৰুত্বপূৰ্ণভাৱে তিনিটা বক্তৃতা প্ৰদান কৰে।

লেইপ্জিগৰ লেইপ্জিগ‌ চিৰিয়াখানাত ৮ অক্টোবৰৰ‌ পৰা‌ ১২ অক্টোবৰলৈ অনুষ্ঠিত ইউৰোপীয়ান এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচৰ এই বৰ্ষৰ সন্মিলনত প্ৰায় ১০০০ ব্যক্তিৰ সমাগম হয়।


হাড়গিলা আৰ্মীয়ে বোৱা মেৰুণ ৰঙৰ পৰম্পৰাগত অসমীয়া হাতেৰে বোৱা আৰু‌ হাড়গিলা অংকিত মেখেলা চাদৰ আৰু হাড়গিলা চৰাই সজ্জিত গামোছা পৰিধান কৰি ড° বৰ্মনে সংস্কৃতি, জৈৱ বৈচিত্ৰ্য, আৰু সম্প্ৰদায় চালিত সংৰক্ষণৰ মাজৰ অনন্য সংযোগ প্ৰদৰ্শন কৰে। ১২ অক্টোবৰত জাৰ্মানীৰ লাইপ্জিগ চিৰিয়াখানাত বন্যপ্ৰাণী সংৰক্ষণবিদৰ এক বিশ্বব্যাপী মঞ্চত তেওঁ অসমত মানুহ আৰু হাড়গিলাৰ সহাৱস্থানৰ ওপৰত আলোকপাত কৰে।


চিকনিফৰ্মেছ, পেলেকানিফৰ্মেছ, আৰু ফিনিকোপটেৰিফৰ্মছ টেগ গোটৰ অধ্যক্ষতাত ড° বৰ্মনৰ প্ৰথম বক্তৃতাত অসমৰ পৰা পৰিৱৰ্তনশীল হাড়গিলা সংৰক্ষণ আৰ্হিৰ ওপৰত আলোকপাত কৰা হয়। বিশেষকৈ পৰিৱেশ শিক্ষাৰ জৰিয়তে বিলুপ্তপ্ৰায় গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক (হাড়গিলা)ক সুৰক্ষা দিবলৈ তেওঁ সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ ভূমিকাত গুৰুত্ব আৰোপ কৰে। স্থানীয় সম্প্ৰদায়ক জড়িত কৰি ড০ বৰ্মনৰ কামে প্ৰদৰ্শন কৰে যে আচৰণৰ পৰিৱৰ্তন কেনেকৈ জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰ বাবে এক শক্তিশালী আহিলা হ’ব পাৰে।


দ্বিতীয় বক্তৃতাত, শিক্ষা অধ্যক্ষতাত ড° বৰ্মনে অসমৰ সংৰক্ষণৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়া সৰ্বমহিলা গোট হাড়গিলা আৰ্মীৰ জন্মৰ বিষয়ে গভীৰভাৱে আলোচনা কৰে। সংৰক্ষণৰ ক্ষেত্ৰত নাৰীৰ গভীৰ ভূমিকা আৰু হাড়গিলা আৰ্মীৰ অসমীয়া মহিলাসকল কেনেদৰে পৰিৱৰ্তনৰ প্ৰতিনিধি হৈ পৰিছে সেই বিষয়ে আলোচনা কৰে।

তেওঁলোকৰ নেতৃত্বৰ জৰিয়তে মহিলাসকলে পৰিৱেশ শিক্ষা আৰু পৰম্পৰাক একেডাল সূঁতাৰে গাঁঠি এক প্ৰেৰণাদায়ক আন্দোলনলৈ পৰিণত কৰিছে। ড° বৰ্মনে বিশ্ব সংৰক্ষণবিদসকলে সংঘাতক সংৰক্ষণৰ সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ শিক্ষা আৰু সম্প্ৰদায়ৰ যৌথ শক্তিক আকোঁৱালি ল’বলৈ আহ্বান জনায়।


তৃতীয় বক্তৃতাত তেওঁ অসমৰ হাড়গিলা সংৰক্ষণ আৰ্হিক অন্য প্ৰজাতিৰ বাবে উদাহৰণ হিচাপে ব্যৱহাৰ কৰি মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ড° বৰ্মনে অসমৰ সাংস্কৃতিক পৰম্পৰা ইয়াৰ চহকী জৈৱ বৈচিত্ৰ্যৰ সৈতে কেনেদৰে গভীৰভাৱে জড়িত হৈ আছে সেই বিষয়ে গভীৰভাৱে আলোচনা কৰি সংৰক্ষণৰ প্ৰচেষ্টাসমূহে কেনেকৈ স্থানীয় জনগোষ্ঠী আৰু সাংস্কৃতিক মূল্যবোধক একত্ৰিত কৰি সফল হ’ব লাগিব, সেই বিষয়ে আলোকপাত কৰে। (global conservation)


ড° বৰ্মনে “বিশ্ব হাড়গিলা দিৱস”ৰ প্ৰৱৰ্তনৰ প্ৰস্তাৱো আগবঢ়ায় আৰু এই সুযোগতে ২০৩৫ চনৰ ভিতৰত হাড়গিলাৰ জনসংখ্যা ১০,০০০লৈ বৃদ্ধি কৰাৰ বাবে তেওঁৰ অভিলাষী সংৰক্ষণ দৃষ্টিভংগী মুকলি কৰে। (Germany)


নিজৰ বক্তৃতাৰ সময়ত ড০ বৰ্মনে হাড়গিলা আৰ্মীৰ সহাৱস্থান আৰ্হিৰ এক অনন্য প্ৰতীক হাড়গিলা হেডড্ৰেছ (মুখা)কো প্ৰদৰ্শন কৰে। তেখেতৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ দৰ্শকে অসমৰ সাংস্কৃতিক আৰু পৰিৱেশ পৰিচয়ৰ সৈতে স্পষ্ট সংযোগ হিচাপে অসমীয়া গামোছা আৰু মেখেলা চাদৰক আগ্ৰহেৰে আকোঁৱালি লৈছিল।


ড° পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বই বিশ্ব সংৰক্ষণবিদসকলক অনুপ্ৰাণিত আৰু মোহিত কৰি আহিছে। গভীৰ সাংস্কৃতিক আৰু পৰিৱেশগত সংযোগৰ সৈতে সংযুক্ত তেওঁৰ সম্প্ৰদায়ভিত্তিক সংৰক্ষণৰ উদ্ভাৱনীমূলক আৰ্হিটোৱে বিশ্বজুৰি অন্যান্য প্ৰজাতি সংৰক্ষণ প্ৰচেষ্টাৰ বাবে এক মাইলৰ খুঁটি হিচাপে থিয় দিছে। সন্মিলনখনৰ অংশগ্ৰহণকাৰীসকলে কেৱল হাড়গিলাক ৰক্ষা কৰাই নহয়, এই প্ৰক্ৰিয়াত সমগ্ৰ সম্প্ৰদায় বিশেষকৈ মহিলাসকলকো উন্নীত কৰাৰ বাবে তেওঁৰ অক্লান্ত নিষ্ঠাৰ প্ৰতি আকৰ্ষিত হয়।


ড° বৰ্মনে উজ্জ্বল, সেউজীয়া ভৱিষ্যতৰ দিশত পথ নিৰ্ধাৰণ কৰাৰ সময়তে মহিলাসকলৰ সংৰক্ষণ নেত্ৰী হিচাপে উত্থানৰ সমান্তৰালভাৱে হাড়গিলাৰ জনসংখ্যা বৃদ্ধি আৰু লাভৱান হোৱা দেখাৰ তেওঁৰ সপোনটোৱে আমাৰ গ্ৰহৰ জৈৱ বৈচিত্ৰ্যক ৰক্ষা কৰিব বিচৰাসকলৰ মাজত গভীৰভাৱে অনুৰণন ঘটায়। ড° পূৰ্ণিমা বৰ্মনক জাৰ্মানীৰ ষ্টুটগাৰ্টৰ উইলহেলমা জুলজিকেল এণ্ড বটানিকেল গাৰ্ডেনৰ দ্বাৰা শিক্ষণ বিনিময় কাৰ্যসূচীৰ বাবে এমাহৰ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

গোলকীয় সংৰক্ষণৰ হকে আহ্বান হাড়গিলা বাইদেউ (Hargila Baideu) হিচাপে খ্যাত ড° বৰ্মনৰ-
ড° পূৰ্ণিমা দেৱী বৰ্মনে জাৰ্মানীৰ সন্মিলনখনত সংৰক্ষণমূলক নেতৃত্বৰ সৈতে সংস্কৃতিক জড়িত কৰাৰ আহ্বান জনায়।