Home Blog Page 505

Festivals and Worship : উৎসৱ-পূজাৰ আধ্যাত্মিকতা আৰু উদ্ভট আচৰণ

festivals and worship : উৎসৱ-পূজাৰ আধ্যাত্মিকতা আৰু উদ্ভট আচৰণ
উৎসৱ-পূজাৰ আধ্যাত্মিকতা আৰু উদ্ভট আচৰণ

১২ অক্টোৱৰ, গুৱাহাটী: Festivals and Worship । উৎসৱ-পূজাৰ আধ্যাত্মিকতা আৰু উদ্ভট আচৰণ এতিয়া উৎসৱৰ বতৰ। মানুহৰ মন প্ৰফুল্লিত হৈ থকাৰ বতৰ। এই বতৰ বছৰত এবাৰহে আহে। এই সময়ছোৱা বা ঋতুক নামকৰণ কৰা হৈছে শৰৎ। এই শৰতৰ নিৰ্মল বতৰত প্ৰকৃতি আৰু মানুহে নিজা ধৰণে যেন এক উৎসৱ হিচাপে পালন কৰে। যিহেতু উৎসৱৰ স’তে¸ মানৱ সমাজৰ এক সম্পৰ্ক থাকে সেয়ে ভিন্‌ ভিন্‌ ঠাইত ভিন্‌ ভিন্‌ জনসমাজে নিজা নিজা বিশ্বাস আৰু পৰম্পৰাক ভিত্তি কৰি উৎসৱ উদ্‌যাপন কৰি আহিছে।

আমাৰ দেশত ৰাজ্য ভেদে বেলেগ বেলেগ সময়ত নিজা নিজা মূল উৎসৱ পালন কৰি আহিছে। এই উৎসৱসমূহৰ স’তে এক আধ্যাত্মিক দিশ জড়িত থাকে। ইয়াৰ পৰা ফালৰি কাটিলেই উৎসৱে নিজৰ মৰ্যাদা হেৰুৱাই পেলায়। তদুপৰি এই উৎসৱবোৰে এখিনি জনসমষ্টিৰ চিনাকি প্ৰদান কৰে। লগতে চিনাকি দিয়ে ধৰ্মৰ দিশেৰেও। কিন্তু আধ্যাত্মিকতাৰ স’তে জড়িত এই উৎসৱবোৰৰ লগত আজিৰ তাৰিখত আধ্যাত্মিকতা যেন ‘নোহোৱা’ হৈ পৰি ব্যৱসায়লৈ পৰ্যৱসিত হৈছে অথবা একাংশ ভক্তৰ উদ্ভট আচৰণ প্ৰদৰ্শনৰ এক উৎসৱতহে পৰিণত হৈ পৰিছে।(spirituality)

আমাৰ দেশৰ প্ৰায়বোৰ ৰাজ্যতে শৰৎ কালত উদ্‌যাপিত হোৱা বিভিন্ন উৎসৱৰ ভিতৰত এটি প্ৰধান উৎসৱ হৈছে দুৰ্গোৎসৱ। অসুৰ বা দুষ্ট শক্তিৰ বধৰ বাবে দেৱতাসকলৰ দ্বাৰা সৃষ্ট দেৱী দুৰ্গাৰ আগমন আৰু প্ৰস্থানৰ এই মাজৰ সময়ছোৱাকে শাৰদীয় দুৰ্গোৎসৱ বুলি জনা যায়। এই সময়ছোৱাৰ ভিতৰত দেৱী দুৰ্গাই আগমন কৰা দিনটো হৈছে ‘মহালয়া’। তদুপৰি এই দিনটোত পৰলোকগামী অৰ্থাৎ মৃত লোকে পৰিয়ালৰ পূজা ল’বলৈ ধৰালৈ আহে বুলিও বিশ্বাস প্ৰচলিত হৈ আহিছে।

যিয়েই নহওক এই বিশ্বাস অনুসৰি ভক্তই আধ্যাত্মিকতাৰে পালিব লাগে যদিও এই দিনটোত যিধৰণে পালন কৰা পৰিলক্ষিত হৈছে তাৰ দ্বাৰা ‘দিন’টোৰ বৈশিষ্ট্যত কালিমাহে সানিছে বুলি সৰ্বত্ৰে আলোচিত হৈছে। ‘মহালয়া’ৰ দিনটো আৰম্ভ হোৱা (নিশা বাৰ বজা)ৰ পৰা আৰম্ভ কৰি পুৱাৰ ভাগলৈকে হেজাৰ হেজাৰ ভক্তই বিভিন্ন স্থানত যিদৰে ডি জে বজাই উদ্দাম নৃত্য প্ৰদৰ্শন কৰি উদ্ভট আচৰণ কৰিছে সেয়া কোনোপধ্যেই মহালয়াৰ আধ্যাত্মিকতা বুলি ক’ব নোৱাৰি।(community)

তদুপৰি যিগৰাকী দেৱী দুৰ্গাই দেৱ-দেৱতাৰ হৈ ব্ৰহ্মাই বৰ দিয়া মহিষাসুৰক বধ কৰিবলৈ শক্তি আৰু শৰীৰ লাভ কৰিছিল সেই দুৰ্গাদেৱীৰ মূৰ্তিক আদৰা আৰু বিসৰ্জনৰ বাবে যি পদ্ধতি ব্যৱহাৰ কৰিব লাগে সেয়া দুৰ্লভ। বিপৰীতে বিসৰ্জনৰ দিনটো কেৱল ‘দেৱী দুৰ্গা আৰু সংগী মূৰ্তিবোৰ’ক লৈ প্ৰচণ্ড জোৰেৰে ডি জে বজাই তথাকথিত ভক্তই মদ খাই হিন্দী গীতৰ লহৰত শোভাযাত্ৰা কৰি উদ্দাম নৃত্য প্ৰদৰ্শন কৰে তাতো নিশ্চয় কোনো আধ্যাত্মিকতা নাই। বৰং এই পদ্ধতিৰে দেৱী বিসৰ্জনৰ বাবে যোৱা ভক্তৰ নদীত সলিল সমাধি ঘটাৰ বাতৰিহে এতিয়া সুলভ হৈ পৰিছে। তদুপৰি বিসৰ্জনৰ সময়ত পথৰ মাজেৰে গাড়ীত বোজাই কৰা বৃহৎ আকাৰৰ ডি জে ৰ শব্দই হৃদৰোগীক কিমান কষ্ট দিয়ে আৰু ৰোগৰ আয়ুস বৃদ্ধি কৰে সেয়া ‘আধ্যাত্মিকতাবিহীন’ এইসকল ভক্তই কোনোদিনেই চিন্তা কৰা নাই। তদুপৰি এখন নগৰ বা চহৰত আজিৰ দিনত দুৰ্গোৎসৱৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে।

কোনে কিমান বেছি ধন খৰছ কৰি কিমান জাকজমকতাৰে পূজা উদ্‌যাপন কৰিব পাৰি। এক কথাত ক’বলৈ গ’লে এইসকল তথাকথিত ভক্তৰ কবলত পৰি দেৱী দুৰ্গা আজি গ্ল’বেলাইজেশ্যনৰ চিকাৰ হৈ পৰিছে। এনে বহু পূজা কমিটি আছে যিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোকেই পূজাৰ বেদী হিচাপে ব্যৱহাৰ কৰি আহিছে। প্ৰশাসনে কিদৰে তেওঁলোকক ইয়াৰ বাবে ‘অনুমতি’ দিছে সেয়াও বিচাৰ্য বিষয়। এনে এখনো হয়তো পূজা কমিটি নোলাব যিয়ে এঘৰ দুখীয়া লোকক কিবা সহায় কৰিছে বা ভক্তই দান কৰা টকাৰে কিবা এটা ভাল কাম কৰিছে। আনহাতে ইছলাম ধৰ্মাৱলম্বী লোক সকলে আধ্যাত্মিক পৰৱ ‘মহৰম’ৰ স’তে সংগতি ৰাখি পালন কৰা এক আৱেগিক অনুষ্ঠান ‘তাজিয়া’ৰ নামতো অস্ত্ৰ লৈ বহুঠাইত ভক্তসকলে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ কথাই ‘আধ্যাত্মিকতা’কেই ভেঙুচালি কৰাটো সূচায়।(autumn)

যিকি নহওক এইবোৰ কথা হয়তো আধ্যাত্মিকতাৰ শাৰীত নপৰে বাবে কোনো পূজা বা উৎসৱ উদ্‌যাপন কমিটিয়েও মন কান নিদিয়ে। যিসকল লোকে এই পূজা আয়োজনৰ বাবে লাখ লাখ টকা সাহাৰ্য দিয়ে সেইসকলে কিন্তু দেৱী দুৰ্গাৰ নামত এনেবোৰ কাম কৰিলে নিশ্চয় পুণ্য হ’ব। লগতে যিসকলে প্ৰকৃততে নিজকে দেৱী দুৰ্গাৰ ভক্ত বুলি নিজকে পৰিচয় দিব বিচাৰে তেওঁলোকে প্ৰথমে দেৱীৰ সৃষ্টিৰ কাৰণ আৰু মাহাত্ম্যৰ সম্পৰ্কে অলপ-অচৰপ অধ্যয়ন কৰক আৰু সেইমতে আচৰণ কৰক। তেহে দেৱী দুৰ্গাও প্ৰসন্ন হ’ব আৰু আধ্যাত্মিকতাও সকলোৰে অন্তৰত দৃশ্যমান হ’ব। যাৰ দ্বাৰা উৎসৱৰ আধ্যাত্মিকতা ম্লান পৰাৰ সলনি অধিক ভক্তিময় আৰু দৃষ্টিনন্দন হৈ পৰিব।

ৰতন হাজৰিকা (Ratan Hazarika)

(লেখক ৰতন হাজৰিকা এগৰাকী সাহিত্যিক তথা সাংবাদিক আৰু ‘সোনোৱাল বাৰ্তা’ৰ সম্পাদক)

Srimanta Sankardev। অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান

অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান Srimanta Sankardev
Srimanta Sankardev। অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ অৱদান

১২ অক্টোৱৰ, গুৱাহাটী: Srimanta Sankardev। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰু,নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক,মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অবিহনে অসমীয়া জাতীয় জীৱন কল্পনা কৰিব নোৱাৰি।তেনে এগৰাকী মহাপুৰুষক অসম তথা অসমীয়াই লাভ কৰাটো সৌভাগ্য তথা গৌৰৱ।নানা ঘাট প্ৰতিঘাটৰ মাজেৰে সেই সময়ৰ অশিক্ষিত সমাজখনক শিক্ষাৰ পোহৰ তুলি ,জাতি ,ধৰ্ম বৰ্ণ নিৰ্বিশেষ এক বৃহৎ অসমীয়া সমাজ ৰূপে গঢ় দিছিল।

একতাৰ এনাজৰীৰে সকলোকে একেলগে বান্ধি ৰাখিছিল,তথাপিও কিন্তু আজি ভিন ভিন।ধৰ্মৰ নামত কাজিয়া সৃস্থি।ধৰ্মৰ দৃষ্টিৰে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক একাংশই মানি লব নোৱাৰিলেও কিন্তু শংকৰদেৱ অবিহনে অসমীয়া জাতি শূণ্য।যিগৰাকী মহাপুৰুষে কেৱল মাথো ধৰ্ম প্ৰচাৰকে নাছিল তেও আছিল একেধাৰে- কবি,নাট্যকাৰ, সাহিত্যিক,সংস্কৃতিবান,ইত্যাদি ইত্যাদি যাৰ গুণৰ তুলনা অসীম।সচাঁকৈ আজি আমাৰ মাজতেই বিভেদ সৃষ্টি হ’বলৈ লৈছে,শংকৰদেৱ গুৰুজনাই বিছাৰিছিল

,তেও এনে এখন সমাজ গঢ়ি গৈছিল য’ত হিংসা,হত্যা নহয় শান্তি সম্প্ৰিতীৰ এখন স্বচ্ছ সমাজ।তেৰাই গঢ়ি থৈ যোৱা একতাৰ এনাজৰীডাল আজি ছিন্ন বিচিন্ন হ’বলৈ ধৰিছে।গুণৰ সাগৰ মহাপুৰুষ গৰাকীৰ জন্মজয়ন্তীত তেৰালৈ শতকৌতি প্ৰণাম।

Sankardeva, religious saint : শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব…

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ সৃষ্ট ধর্ম-কর্ম সম্পর্কত যে অসমভূমিত আলোচনা হোৱাই নাই তেনেও নহয়, বৰং লক্ষ্মীনাথ বেজবৰুৱা, ড° বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ, ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্র নাথ শর্মা, ড° হীৰেন গোঁহাই, সোণাৰাম চুতীয়া, ড° হৰিনাথ শৰ্মা দলৈ, ড° শিৱনাথ বর্মন, অনিল ৰায় চৌধুৰী আদি বিশিষ্ট পণ্ডিতসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা শংকৰদেৱ সৃষ্ট ধর্ম-কৰ্মৰ পৰ্যালোচনা আৰু মূল্যাংকন কৰিছে
ক্কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম। জানিয়া সবাকো পৰি কৰিবা প্রণাম

১২ অক্টোৱৰ, গুৱাহাটী: Sankardeva, religious saint : ষ্টকহম বিশ্ববিদ্যালয়, ছুইডেনৰ অধ্যাপক ড° উইলিয়াম লিয়নার্ড স্মিথে বিশ্ব সন্মিলনত কোৱা ‘বিশ্বৰ পণ্ডিতমণ্ডলীয়ে শংকৰদেৱৰ বিচিত্র ৰচনাসমূহ অধ্যয়ন কৰা উচিত। তাৰ বাবে তেৰাৰ সমগ্ৰ ৰচনাৰাজি ইংৰাজীলৈ অনুবাদ হোৱা বাঞ্ছনীয়। সমগ্ৰ বিশ্বতহে নালাগে, ভাৰতৰ ভিতৰতে এইগৰাকী মহান মনীষীৰ বিষয়ে এতিয়াও ভালদৰে প্ৰচাৰ হোৱা নাই।’ এই কথাষাৰ নিঃসন্দেহে গুৰুত্বপূর্ণ। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ সৃষ্ট ধর্ম-কর্ম সম্পর্কত যে অসমভূমিত আলোচনা হোৱাই নাই তেনেও নহয়, বৰং লক্ষ্মীনাথ বেজবৰুৱা, ড° বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ, ড° মহেশ্বৰ নেওগ, ড° সত্যেন্দ্র নাথ শর্মা, ড° হীৰেন গোঁহাই, সোণাৰাম চুতীয়া, ড° হৰিনাথ শৰ্মা দলৈ, ড° শিৱনাথ বর্মন, অনিল ৰায় চৌধুৰী আদি বিশিষ্ট পণ্ডিতসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা শংকৰদেৱ সৃষ্ট ধর্ম-কৰ্মৰ পৰ্যালোচনা আৰু মূল্যাংকন কৰিছে।

অৱশ্যে ইয়াকেই পর্যাপ্ত বুলি সন্তুষ্টি লভিব নালাগে। শেহতীয়াভাৱে শংকৰদেৱৰ ৰচনাৰ মৌলিকতা সন্দৰ্ভত বিচাৰ-বিতৰ্কৰ উদ্ভৱ হৈছে যদিও একেষাৰে ক’ব পাৰি যে শংকৰদেৱৰ মানৱতাবাদী দর্শনক কোনো বিবেকবানেই অস্বীকাৰ কৰিব নোৱাৰে। প্ৰসংগক্রমে উল্লেখ কৰা ভাল যে ‘ব্রাহ্মণৰ চণ্ডালৰ নিবিচাৰি কূল/দাতাত চোৰত যেন দৃষ্টি এক তুল।।’ বুলি কোৱা এইজনা মহাপুৰুষে সাধাৰণ লোকৰ অন্তৰ চুব পৰা ভাষা আয়ত্ত কৰিছিল। তেৰাৰ সমসাময়িক সর্বোত্তম চিন্তাৰ স্তৰলৈ জনগণক উন্নীত কৰিব বিচাৰি যি সৃষ্টিৰ উপহাৰ তেৰাই দি থৈ গ’ল তাতেই অধ্যয়নৰ বিস্তৃতি, ভৱিষ্য-দৰ্শন, আদৰ্শ আদিৰ উমান পাব পৰি।

দুখৰ বিষয় একাংশ সামাজিকে তেৰাৰ অন্যান্য সৃষ্টি- কৰ্ম বাদ  দি একমাত্ৰ ধর্মগুৰুৰূপে, সিয়ো অত্যধিক গোড়ামিৰে, প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু ইয়াৰ ফলস্বৰূপে এইজনা ধর্মগুৰু, সমাজ সংস্কাৰক, বিখ্যাত কবি-সাহিত্যিকক লৈ ন ন বিতৰ্ক আৰু সন্দেহ-সংশয়ৰ সৃষ্টি হৈ আহিছে। ইয়াতে ক্ষুন্ন হৈয়েই হওক অথবা অন্য কাৰণেই হওক অন্য একাংশই কিছু টুলুঙা যুক্তিৰে শংকৰদেৱৰ ৰচনা মৌলিকতাবিহীন বুলিয়েই প্ৰতিপন্ন কৰিব খোজে। এই যুক্তি যে অসাৰ তাক বুজিবলৈ আমি ড° থানেশ্বৰ শৰ্মাই ‘পাৰিজাত হৰণ’ সম্পৰ্কত আগবঢ়োৱা সামান্য ব্যাখ্যা তুলি ধৰাটোৱেই যথেষ্ট বুলি অনুভৱ কৰিছোঁ। ‘পাৰিজাত হৰণ’ নাট সম্পর্কত ড° শর্মাই লিখিছে- ‘পাৰিজাত হৰণ’ৰ মূলোৎস হৰিবংশৰ ওপৰত আধৃত। হৰিবংশৰ মাত্ৰ চাৰিটা শ্লোকতে পাৰিজাত মহাদ্ৰুমৰ বৰ্ণনা দিয়া হৈছে। প্ৰাগজ্যোতিষপুৰৰ অধিপতি নৰকক বধ কৰি সত্যভমা সহিতে ইন্দ্ৰপুৰীলৈ গৈ ইন্দ্ৰক দেখা কৰি দ্বাৰাকালৈ ওভতাৰ পথত কৃষ্ণই পাৰিজাত মহাদ্রুম দেখি বিনা সোধে উভালি গৰুড়ৰ ওপৰত তুলিলে। তাত ইন্দ্র বা শচীয়ে হকা-বধা কৰাৰ স্থল নাথাকিল।

এই সামান্য ঘটনাটোকে ভেটি কৰি শংকৰদেৱে পাৰিজাত হৰণ নাট ৰচনা কৰিছে। নাৰদে স্বৰ্গৰ পৰা পাৰিজাত এপাহ আনি কৃষ্ণক দিয়া, কৃষ্ণই লৈ সেইপাহ ফুল ৰুক্মিনীক উপহাৰ দিয়া, নাৰদে তাকে গৈ সত্যভমাক জনোৱা, সত্যভমাই ৰোহত পৰা, সত্যভমাক লৈ কৃষ্ণই প্রাগজ্যোতিষপুৰলৈ গৈ নৰকক বধ কৰা, পাৰিজাত হৰণ কৰাৰ বাবে ইন্দ্ৰ আৰু কৃষ্ণৰ যুঁজবাগৰ, সত্যভমা আৰু শচীৰ দ্বন্দ্ব আদি ঘটনা প্রবাহে নাটখনৰ মৌলিকতা সাব্যস্ত কৰে।’ বৰগীতসমূহে, শৰৎ বর্ণনাৰ দৰে কাব্যিক অভিব্যক্তিয়ে শংকৰদেৱৰ মৌলিকতা জলজলপটপটকৈ প্রকাশ কৰে। ‘কুলাচল বধ’ কাব্যত ৰাম সৰস্বতীয়ে কোৱা ‘শ্রীমন্ত শংকৰ আপুনি ঈশ্বৰ নৰৰূপে জাত ভৈলা’ এই বক্তব্য মানি নল’লেও স্বীকাৰ কৰিবই লাগিব যে শংকৰদেৱৰ দৰে বহুমুখী প্রতিভাধৰ ব্যক্তি অসম কিম্বা ভাৰতবৰ্ষতেই নহয়, বিশ্বতেই বিৰল। (Ekasarana Dharma)

শংকৰদেৱৰ সমকক্ষ দার্শনিক, শাস্ত্ৰজ্ঞ, শিল্পী, ধর্ম প্ৰচাৰক, সংস্কাৰক, পর্যটক, সাহিত্যিক আদিৰ যে জন্ম হোৱা নাই তেনে নিশ্চয় নহয়, কিন্তু এজন ব্যক্তিৰ প্ৰতিভাৰ, সেয়ো আটাইকেইটা দিশতে সু-সংমিশ্রণ ঘটাটো শংকৰদেৱৰ বাহিৰে দ্বিতীয় এগৰাকী চকুত নপৰে। শংকৰদেৱৰ প্ৰতিভা আৰু ব্যক্তিত্বত বিস্ময়াভিভূত হৈয়েই তেৰাৰ প্ৰিয়জন মাধৱদেৱে যথাযোগ্যভাৱে ‘সর্বাগুণাকৰ’ বুলি বিভূষিত কৰিছে। অশান্তি জৰ্জৰিত তাহানিৰ অসমভূমিত জন্ম হোৱা এই বিশাল ব্যক্তিত্বই জাত-কুলৰ অৱসান ঘটাবলৈয়ে সাম্যৰ বাণী, যি কাব্যিক গুণেৰেও আটিল, ‘ক্কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম। জানিয়া সবাকো পৰি কৰিবা প্রণাম।।’ প্রকাশ কৰিছিল। এনে হেন এক মহামানৱৰ প্ৰসংগত গণতান্ত্রিক চিন্তা-চেতনা তিৰোহিত হৈ সংকীর্ণতা-বিভেদ-বিচ্ছিন্নতা উকমুকাই উঠাটো চিন্তনীয় আৰু আলোচ্য বিষয়। খোৱা-বোৱা, অশৌচ পালন কৰা-নকৰা, চুলি কটা-নকটা, মূৰ্ত্তিপূজা চোৱা-নোচোৱা আদি বিবাদত মত্ত হৈ থকাতকৈ তেৰাৰ সৃষ্টি কৰ্মৰ প্ৰতিটো দিশেই বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলেহে বোধহয় গুৰুজনা উজ্জ্বল ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ’ব আৰু তেৰাৰ আদৰ্শ সঁচা অৰ্থত বাস্তৱত ৰূপায়িত হ’ব।

তেৰাৰ সৃষ্টিৰ ব্যঞ্জনা উদ্ধাৰত মনোনিবেশ কৰাৰ বিপৰীতে বক্তব্যৰ বৈপৰীত্য বিচাৰ কৰাটো কোনোৱে কামনা নকৰে। সামান্য ত্রুটি-বিচ্যুতি বাদ দিলে, শংকৰদেৱৰ বক্তব্য অতি স্পষ্ট, নির্ভাঁজ অথচ অলংকাৰপূৰ্ণ। যথা- একশৰণ ভাগৱতী ধৰ্মৰ মূল শিক্ষা- ‘পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। কৰিবা ভূতক দায়া সকৰুণ চিত।। হইবা শান্ত চিত্ত সর্বধর্মত বৎসল। এহি ভাগৱতৰ ধর্ম জানা মহাবল।।(Animal sacrifice)

শেষত ক’ব পাৰি- শংকৰদেৱ সৃষ্ট ধৰ্ম-কর্ম সকলোৱেই আছিল সু-চিন্তিত আৰু সত্য আধাৰিত। তেৰাই সত্য প্রতিষ্ঠা কৰিব লগা হৈছিল আধ্যাত্মিকভাৱে দৰিদ্ৰ এখন সমাজত। স্বাভাৱিকতে জাতি-ধর্ম-ভাষাৰ বৈচিত্র্য থকা সমাজ এখনত সংহতি প্রতিষ্ঠাত শংকৰদেৱ কিছু সমস্যাৰ সন্মুখীন হৈছিল। ইতিহাসেয়ো কয়- ইমানবোৰ বাধা সত্বেও শংকৰদেৱ নিজ প্রতিভাৰ গুণতে সফল হৈছিল। আমাৰ ব্যক্তিগত অভিমতঃ কিছুমান লাভ নোহোৱা বিতর্কত লিপ্ত হোৱাতকৈ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক সেই সময়ৰ সমাজ ব্যৱস্থা সাপেক্ষে আলোচনা কৰা  ভাল। তদুপৰি নাম-ধৰ্মৰ ক্ষেত্ৰত মাধৱদেৱৰ ‘শংকৰেসে শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব/প্রচাৰিলা শাস্ত্ৰসাৰ জানি। তাহাংক নজানয়  জীৱিকাৰ অর্থে ঘূৰে। আপোনাৰ মহত্ত্ব বখানি।।’ এই অনুভৱক অনুকৰণীয় আৰু শ্রেষ্ঠ জ্ঞান কৰা ভাল।social reformer

সুভাষ বৰ্মন(Subhash Burman)

BK Sharma’s Report । জাষ্টিচ বি কে শৰ্মাৰ প্ৰতিবেদন আৰু দেশীসকল

BK Sharma's Report । জাষ্টিচ বি কে শৰ্মাৰ প্ৰতিবেদন আৰু দেশীসকল
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ সম্পৰ্কে অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত তেতিয়াৰ চৰকাৰে যি সমিতি গঠণ

১২ অক্টোৱৰ, গুৱাহাটী: BK Sharma’s Report । অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণ সম্পৰ্কে অৱসৰী ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত তেতিয়াৰ চৰকাৰে যি সমিতি গঠণ কৰি দিছিল, দেশী জনগোষ্ঠীৰ জাতীয় সংগঠন হিচাপে দেশী জনগোষ্ঠীয় মঞ্চ, অসমে সেই সমিতিৰ ওচৰত লিখিত আৱেদন আৰু মৌখিক সাক্ষাতকাৰৰ বাবে তেতিয়াৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ, সাধাৰণ সম্পাদক শ্বাহজালাল আহমেদ, মজিবুৰ ৰহমান, নুৰবক্ত শ্বেখ, আনিছুৰ ৰহমান, কায়ছাৰ আলী আদি কৰি কেইজনমানক লৈ এখন সমিতি গঠণ কৰি দিছিল। সেই সমিতিখনে গুৱাহাটীৰ ছয় মাইলত তেতিয়াৰ উপ-সভাপতি মজিবুৰ ৰহমানৰ ঘৰত সমবেত হৈ আলোচনা-বিলোচনা কৰি ১৬ পৃষ্ঠাৰ এখন আৱেদন বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিক হাতে হাতে প্ৰদান কৰিছিল আৰু ১৩-১১-২০১৯ তাৰিখে শ্বেখ হেদায়েতুল্লাহ, শ্বাহজালাল আহমেদ আৰু চুলতানা চেলিমা আহমেদ এই তিনিজনৰ এটি প্ৰতিনিধি দলে সমিতিক কোকৰাঝাৰ আৱৰ্তভৱনত সাক্ষাৎ কৰি বক্তৱ্য পেচ কৰিছিল।Justice BK Sharma’s report

পৰৱৰ্তী সময়ত আমি জানিব পাৰিছিলো যে ৰিপোৰ্ট প্ৰস্ততৰ সময়ত দেশী সকলৰ কথা গুৰুত্ব লাভ কৰিছিল। কিন্তু ৰিপোৰ্ট যেতিয়া ৰাজহুৱা কৰা নহল আৰু ৰিপোৰ্ট গ্ৰহণ কৰা পক্ষৰ অৱহেলা লক্ষ্য কৰি আমি ধৰি লৈছিলো যে সেই সময়ত আমি কৰা বৌদ্ধিক কচৰৎ আৰু অনুশীলন অথলে গল বুলি। সৌ সিদিনা অসম চৰকাৰে ১০টা পৰামৰ্শ কেন্দ্ৰলৈ থৈ বাকী ৫৭টা পৰামৰ্শ বা দফা ৰাজ্য চৰকাৰে বাস্তবায়ন কৰাৰ সিদ্ধান্ত ঘোষণা কৰাত স্বাভাৱিকতে ন্যায়াধীশ বিপ্লৱ শৰ্মা ছাৰৰ প্ৰতিবেদন লৈ আমাৰ আশা আকাংখা আৰু উৎসুকতা বাঢ়ি যায়। ন্যায়াধীশ বিপ্লৱ শৰ্মা ছাৰৰ প্ৰতিবেদনএ দেশী সকলৰ বিষয়ে কি কি পৰামৰ আগবঢ়াইছে স্ৱি সম্পৰ্কে অলপ আলোচনা কৰিবলৈ চেষ্টা কৰিছো। প্ৰতিবেদনৰ ১১৪ পৃষ্টাৰ পৰা টেবিল আকাৰে পৰামৰ্শ সমুহ সন্নিবিষ্ট কৰিছে। তাৰে ১নং টেবিলৰ ক্ৰমিক নম্বৰ ১৮ত দেশী সম্পৰ্কীয় প্ৰথমটো পৰামৰ্শ সন্নিৱিষ্ট হৈছে। ইয়াত লিখিছে, “Cultural complex with an auditorium, library, and exhibition gallery( regarding the Deshi community) be set up in Goalpara.” আমাৰ দাবীৰ সৈতে সম্পুৰ্ণ সহমত পোষণ কৰি গোৱালপাৰাত আমাৰ কল্পনাৰ কালচাৰেল কমপ্লেক্স, প্ৰেক্ষাগৃহ আৰু পুথিভড়াল নিৰ্মানৰ যি ঐতিহাসিক পৰামৰ্শ এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে তাৰ বাবে চেয়াৰ্মেন ন্যায়াধীশ বি কে শৰ্মা ছাৰ সমন্বিতে মাননীয় সদস্য মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছো। এই কালচাৰেল কমপ্লেক্স বাস্তৱত ৰুপায়ণ হ’লে, দেশীৰ পৰিচয় প্ৰতিষ্ঠাৰ আন্দোলন সফল হোৱা বুলি ক’ব পৰা যাব।এই টেবিলৰে ১৯ নম্বৰ ক্ৰমাংকত আছে, ” A Film Development Board for Deshi people be set up.” দেশীসকলৰ নামত এনে এটি অনুষ্ঠান স্থাপন কৰাৰ পৰামৰ্শ আমাৰ বাবে বৰ গৌৰৱৰ বিষয়। এই পৰামৰ্শ অৱাস্তৱ নহয়, অসম্ভৱ নহয়। চৰকাৰে ইচ্ছা কৰিলে অতি সহজতে ইয়াক বাস্তৱত ৰূপ দিব পাৰি। indigenous people

টেবিল নম্বৰ ১ৰ ২০ নম্বৰত আছে, “centre be established with enough funds to organise cultural events in every Deshi- inhabited village annually.” (দেশী জনবসতি থকা গাও সমূহত সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰা হওক আৰু প্ৰতি বছৰে সাংস্কৃতিক অনুষ্ঠান কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণে পুঁ‌জিৰ ব্যৱস্থা কৰা হওক।) আমাৰ দেশী সকলৰ হেৰোৱা ঐতিহ্য, সাংস্কৃতিক পৰম্পৰা আৰু সংস্কৃতি উদ্ধাৰ কৰি চৰ্চা কৰাৰ বাবে এই দাবীটো কৰা হৈছিল। সাংস্কৃতিক পৰিচয় অৱিহণে দেশীসকলে নিজৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিব। এই দাৱীটোক পৰামৰ্শ হিচাপে সন্নিৱিষ্ট কৰি ন্যায়াধীশ বি কে শৰ্মা সমিতিখনে এটি অতি গুৰুত্বপুৰ্ণ বিষয় স্পৰ্শ কৰিছে।

একেখন টেবিলৰ ২২ নম্বৰ ক্ৰমাংকত আছে ,” A Women’s University and one Medical Institution be set up at Goalpara.” (গোৱাল পাৰাত এখনি মহিলা বিশ্ববিদ্যালয় আৰু এটি চিকিৎসা বিজ্ঞানৰ প্ৰতিষ্ঠান স্থাপন কৰক।) নিসন্দেহে এই পৰামৰ্শ টো এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ। ২৩ নম্বৰ্ত আছে যে, “Chair at Gauhati University for promotion of Deshi Language and culture be set up.” ( দেশী ভাষা আৰু সংস্কৃতিৰ প্ৰমোচনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এখন চেয়াৰ স্থাপন কৰা হওক।) নিসন্দেহে দেশী জনগোষ্ঠী, দেশী ভাষা আৰু সংস্কৃতিৰ বাবে এই পৰামৰ্শটো এটি ঐতিহাসিক পৰামৰ্শ। এই পৰামৰ্শ বাস্তবায়নৰ দ্বাৰা দেশী সকলোৰ ভাষা, সাহিত্য সংস্কৃতিৰ বিকাশৰ পথ মুকলি হব। Assam

ন্যায়াধীশ বি কে শৰ্মা ছাৰৰ প্ৰতিবেদনৰ ২ নম্বৰ টেবিলত জনগোষ্ঠী সমূহৰ ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু প্ৰমোচনৰ ক্ষেত্ৰত আগবঢ়োৱা  অতিৰিক্ত পৰামৰ্শসমূহ সন্নিৱিষ্ট হৈছে। ইয়াৰ ১৭ নম্বৰ পৰামৰ্শত আছে, ” Grants and Infrastructure to be provided by Government for Annual Literary Fairs and Cultural Festivals.” (জনগোষ্ঠী সমূহক বাৰ্ষিক সাহিত্য মেলা আৰু সংস্কৃতি উৎসৱ পাতিবৰ বাবে পৰিকাঠামো আৰু মঞ্জুৰী যোগান ধৰা হওক।) স্বায়ত্বশাসিত পৰিষদ নথকা জনগোষ্ঠীসমূহৰ বাবে সাহিত্য মেলা বা সাংস্কৃতিক উৎসৱ অনুষ্ঠিত কৰা বৰ টান কাম। তাৰ বাবেই এই দাবী আমি জনাইছিলো। দেশী, গৰিয়াসকলৰ বাবে এইটো পৰামৰ্শ অতি গুৰুত্বপূৰ্ণ। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে দাবী কৰিছিল যে পশ্চিম অসমত থকা বিল, ফৰেষ্ট ৰিজাৰ্ভ, গ্ৰাজিং ৰিজাৰ্ভ আদি অবৈধ দখল মুক্ত কৰা হওক। এই দাবীৰ প্ৰতি সহমত পোষণ কৰি সমিতি খনে পৰামৰ্শ দিছে যে, “Forest grazing lands, grazing reserves and wetlands to be freed from encroachments.” দেশীসকলৰ বাবে আন এটি পৰামৰ্শ সন্নিৱিষ্ট হৈছে ২৩ নম্বৰ ক্ৰমাংকত। “Vulnerable settlements of indigenous people are to be provided security.” বহু দেশী মানুহ নদী ভংগ হৈ স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰি থাকিব লগীয়া হৈছে, কৰবাত কৰবাত অনিচ্ছা সত্বেও বা অজানিতে  চৰকাৰী খাচ মাটিতো আশ্ৰয় লৈ আছে, এনে মানুহ খিনিক নিৰাপত্তা দিয়াৰ যি পৰামৰ্শ নিসন্দেহে ই অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ। Deshi Janagosthi

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ছাৰৰ সমিতিৰ প্ৰতিবেদনৰ ৩ নম্বৰ টেবিলৰ ১১ নম্বৰ ক্ৰমিক নম্বৰত এটি গুৰুত্বপূৰ্ণ পৰামৰ্শ সন্নিৱিষ্ট হৈছে। দেশী জনগোষ্ঠীয় মঞ্চ, অসমে দেশী সকলৰ বাবে পাচটা বিধান সভাৰ সমষ্টি আৰু এটা লোকসভাৰ সমষ্টি সংৰক্ষণ কৰি দিয়াৰ দাবী জনাইছিল। প্ৰতিবেদনত দেশীসকলোৰ বাবে ৪ নং ধুবুৰী লোকসভাৰ আসন সংৰক্ষিত কৰাৰ পৰামৰ্শই আমাক আনন্দিত কৰিছে। ৰাজনৈতিকভাৱে প্ৰান্তীয় জনগোষ্ঠীত পৰিণত হোৱা দেশী সকলৰ বাবে এই পৰামৰ্শ এটা মাইলৰ খুটি।

প্ৰতিবেদনৰ ৪ নম্বৰ টেবিলত অসমত হোৱা কেন্দ্ৰীয় চৰকাৰৰ নিয়োগৰ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ৭ নম্বৰ পৰামৰ্শত সমিতিয়ে অসমৰ দেশী সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভাগত হোৱা নিয়োগৰ ১০% সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছে। নিসন্দেহে এটি ঐতিহাসিক পৰামৰ্শ।

প্ৰতিবেদনৰ ৫নম্বৰ টেবিলত ৰাজ্যিক চৰকাৰৰ নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ পৰামৰ্শ প্ৰদান কৰিছে। এই টেবিলৰ ৮ নম্বৰ পৰামৰ্শত সমিতিয়ে অসম চৰকাৰৰ নিয়োগৰ ক্ষেত্ৰত দেশীসকলৰ বাবে ১০% সংৰক্ষণৰ পৰামৰ্শ সন্নিৱিষ্ট কৰিছে। শুনি ভাল লাগিছে।

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰ খনে পশ্চিম অসমৰ দেশী সকলৰ অস্তিত্বৰ সংকট দূৰ কৰি  পৰিচয় প্ৰতিষ্ঠা কৰি জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহি আছে।বহু সিদ্ধান্ত দেশী সকলৰ পক্ষত ঘোষিত হৈছে।এই ক্ষেত্ৰত শেহতীয়া সংযোজন হল ন্যায়াধীশ বি কে শৰ্মা নেতৃত্বাধীন অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰণ সম্পৰ্কীয় পৰামৰ্শ দাতা এই সমিতিৰ প্ৰতিবেদন। এই প্ৰতিবেদনত দেশী সকলৰ বাবে যি পৰামৰ্শ সমূহ সন্নিৱিষ্ট হৈছে, এই পৰামৰ্শ সমূহ কাৰ্যকৰী কৰাৰ বাবে আমি ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মন্ত্ৰী পৰিষদক অনুৰোধ জনাইছো।এই প্ৰতিবেদনত সন্নিৱিষ্ট হোৱা পৰামৰ্শৱলী নিশ্চয় দেশীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব। শেষত নিৰীহ দেশী জনগোষ্ঠীৰ হৈ সন্মানীয় ন্যায়াধীশ বি কে শৰ্মা ছাৰ আৰু অন্যান্য শ্ৰদ্ধাৰ সদস্য সকলোক ধন্যবাদ জ্ঞাপন কৰিছো।Article 6

লেখকঃ শ্বেইখ হেদায়তুল্ল্যাহ (Sheikh Hedayatullah)

Sankardev। শঙ্কৰদেৱৰ জন্মজয়ন্তী এটি আলোকপাত

বুলবুলি বৰা (Bulbuli borah)
Sankardev। শঙ্কৰদেৱৰ জন্মজয়ন্তী এটি আলোকপাত

১২ অক্টোৱৰ, গুৱাহাটী:Sankardev। শঙ্কৰদেৱৰ জন্মজয়ন্তী এটি আলোকপাত
” শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ
জানা যেন কল্পতৰু ।
তাহান্ত বিনাই নাহি নাহি নাহি
আমাৰ পৰম গুৰু ।।”
অসমৰ অতুলনীয় প্ৰতিভাৰ, সৰ্ববশ্ৰেষ্ঠ মহাপুৰুষজনেই হ’ল শ্ৰীমন্ত শঙ্কৰদেৱ । তেওঁ ১৩৭১ শকৰ অৰ্থাৎ ১৪৪৯ খৃষ্টাব্দত আহিন মাহৰ শুক্লা – দশমীৰ তিথিত নগাঁও জিলাৰ আলিপুখুৰী নামৰ ঠাইত জন্মগ্ৰহণ কৰিছিল । তেওঁ পিতৃ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ নাম আছিল সত্য সন্ধ্যা । সৰুতেই পিতৃ – মাতৃক হেৰুৱাই বুঢ়ীমাক খেৰসূতী হাততেই ডাঙৰ – দীঘল হৈছিল ।
শঙ্কৰদেৱে ১২ বছৰ বয়সতহে শিক্ষা জীৱন আৰম্ভ কৰিছিল । বুঢ়ীমাক খেৰসূতীয়ে মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিছিল । শঙ্কৰদেৱ বৰ মেধাৱী ছাত্ৰ আছিল । তেওঁ অতি কম দিনৰ ভিতৰতেই আ – কাৰ , ই-কাৰ নোহোৱাকৈ এটা কবিতা ৰচনা কৰিছিল । সেইয়া হ’ল –
কৰতল কমল কমলদল নয়ন ।
ভৱদৱ দহন গহন বন শয়ন ।


তেওঁ অতি কম সময়তে চাৰিবেদ , ওঠৰ পুৰান আৰু চৈধ্য – শাস্ত্ৰ পঢ়ি পাণ্ডিত্যৰ পৰিচয় দিছিল ।
আনহাতে শঙ্কৰদেৱে দুগৰাকী তিৰোতাৰ বিবাহ পাশত আবদ্ধ হৈছিল । তেওঁ প্ৰথমা পত্নী নাম আছিল সূৰ্য্যৱতী । তেওঁ এটি কণ্যা সন্তান জন্ম দি অকাল বিয়োগ ঘটে । কণ্যা সন্তানটি নাম আছিল মনু । প্ৰথমা পত্নী বিয়োগৰ পিছত বুঢ়ীমাকৰ কথাত লাগি দ্বিতীয়া পত্নী কালিন্দী আইৰ লগত বিবাহ পাশত আবদ্ধ হয় । তাৰ পিছত তেওঁ একশৰন নাম ধৰ্ম প্ৰচাৰ কৰিছিল । তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ আছিল কীৰ্তন ঘোষা । তেওঁ বৰগীতো ৰচনা কৰিছিল । তেওঁৰ বৰগীতৰ সংখ্যা আছিল ৩৪ টা । তেওঁৰ প্ৰথম বৰগীতটো আছিল ” মন মেৰী ৰাম চৰনহি লাগু ” । অন্যহাতে তেওঁৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ বৰগীতৰ সংখ্যা গুৰুজনাতকৈ বেছি আছিল । বৰগীতৰ সংখ্যা আছিল ১৫৭ টা । শঙ্কৰদেৱ কেৱল এজন ধৰ্মগুৰুৱেই নাছিল , তেওঁ অসমীয়া সাহিত্য সংস্কৃতিৰ এজন বৰেণ্য ব্যক্তিও আছিল । তেওঁ কাব্য , নাটক , অনুবাদ, গীত , নাম – প্ৰসঙ্গ আদিও ৰচনা কৰিছিল । তেওঁৰ কাব্য পুথিখনৰ নাম আছিল হৰিশ্চন্দ্ৰ উপাখ্যান । নাটককেইখন হ’ল – পত্নীপ্ৰসাদ , ৰুক্মিণীহৰন , পাৰিজাত হৰন , কেলিগোপাল , কালিয় দমন আৰু ৰাম বিজয় ।
আনহাতে সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাই অসমীয়া সমাজক একতাৰ ডোলেৰে মেৰাই গৈছে । এইজনা মহাপুৰুষে প্ৰায় ১২০ বছৰ জীয়াই থাকি ১৫৬৮ খৃষ্টাব্দত কোঁচবিহাৰৰ মধূপুৰ সত্ৰত ইহলীলা সম্বৰন কৰে । গুৰুজনা হৈছে জাতিৰ পৰম সম্পদ । এই গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে প্ৰত্যেক বছৰে সত্ৰ , নামঘৰত শঙ্কৰ উৎসৱ পালন কৰা হয় ।

লেখকঃ বুলবুলি বৰা (Bulbuli borah)

32nd Zonal Karbi Youth Festival । পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিন দিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱ

32nd Zonal Karbi Youth Festival । পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিন দিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱ
32nd Zonal Karbi Youth Festival । পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিন দিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱ

১২ অক্টোৱৰ, পশ্চিম কাৰ্বি আংলং: 32nd Zonal Karbi Youth Festival ।পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিনদিংস্থিত ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে ৩২তম মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱৰ মুকলি সভাত উপস্থিত সাংসদ অমৰ চিং টিচ্চ সঁহ পৰিষদৰ ইএম ৰিনা টেৰাংপী ৷ উখল মাখল পৰিবেশ জিৰিকিনদিংঙত মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱত অগনত লোক সমাগম উৎসৱস্থতিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা জিলা প্ৰশাসনে ৷


অসমৰ পাৰ্ৱত্য অঞ্চলত বাৰেবহনীয়া বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিৰে ভৰ ৷এইবছৰও অন্য বছৰৰ দৰে পশ্চিম কাৰ্বি আংলংঙৰ আমৰেং পৰিষদীয় সমষ্টি জিৰিকিনদিংঙ ৰোকাচেন জূটাং আক্লামত চাৰিদিনীয়া কাৰ্য্যসূচীৰে মাণ্ডলীক কাৰ্বি যূৱ মহোৎসৱৰ উখল মাখল পৰিবেশ ২০২৪বৰ্ষৰ , উল্লেখ কৰিব লাগিব যে কাৰ্বি সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিটি তত্বাধানত জিৰিকিনদিং মাণ্ডলীক সমিটি সহযোগত প্ৰতিটো বছৰৰ দূৰ্গা পূঁজা সময়ত প্ৰতি বছৰে চাৰিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰি আহিছে কাৰ্বি আংলং তথা অসমৰ বিভিন্ন প্ৰান্তত কাৰ্বি জনগোষ্ঠীৰ বসতিস্থানত জাকজমকতাৰে নিজৰ ৰীতি নীতি সাংস্কৃতিক সাজপাৰে প্ৰদৰ্শন কৰে ৷


এইবছৰও ব্যক্তিক্ৰম নহয় পশ্চিম কাৰ্বি আংলংঙৰ জিৰিকিনদিংঙত ৷ উদেশ্য হৈছে কাৰ্বি জনগোষ্ঠীৰ ৰীতিনীতি সাজপাৰ ,পৰম্পৰাৰ সমূহৰ আধুনিক সমাজৰ লগত যূৱ সমাজ বিশ্ব দৰবাৰত কেনেকৈ বিয়পি পাৰি তাৰ বাবে জনগোষ্ঠীৰ সংগঠনে সমূহে প্ৰতিবছৰৰ শাৰদীয় দূৰ্গা সমযত অনূষ্টিত কৰি আহিছে ৷ উৎসৱব কাৰ্বি ন্‌ত্য- গীত ;পৰম্পৰাৰ গান ,সমহীয়া ন্‌ত্য , বিভিন্ন খেল ধেমালিকে আদি কৰি জনগোষ্ঠীৰ সমাজৰ সচেতনতা জাগ্ৰত স্‌স্টি উদ্দেশ্য প্ৰতিটো সাংস্কৃতিক ক্লাপৰ সদস্য সকলে অংশ গ্ৰহণ কৰি প্ৰতিযোগিতাত অবতীৰ্ণ হয় ৷ প্ৰতিযোগিতা সকলে তেওঁলোকৰ প্ৰতিভা সমূহ প্ৰদৰ্শন কৰি চেষ্টা কৰে ৷

হাচা কেকান ৷ৰীত নং চিংদি ;নীমচৌ কেৰুং আদি কৰি জনগোষ্ঠীৰ সমাজৰ পৰা হেৰাং যোৱা ক’লা সংস্কৃতি সমূহৰ কেনেকৈ জীবিত কৰিব পাৰিব আধুনিক কাৰ্বি যূৱ সমাজৰ মাজত তাৰ বাবে সাংস্কৃতিক সমাজে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ প্ৰতিটোবছৰৰ উদযাপন কৰা পৰিলক্ষিত হয় । প্ৰতিযোগীতা বিজয় সাংস্কৃতিক দলক উদযাপন সমিটিয়ে পুৰস্কাৰ লগতে এককালীন অৰ্থ সাহাৰ্য্য প্ৰদান কৰে ৷ মুকলি কাৰ্য্যসুচীত অংশ গ্ৰহণ কৰে অতিথি সকল ক্ৰমে ডিফু লোকসভাৰ সমষ্টি নৱনিৰ্বাচিত সাংসদ অমৰ চিং টিচ্চ; বিধাযক দৰ চিং ৰংহাং;ৰোপচিং টেৰন ; কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্যা ৰিনা টেৰাংপী সঁহ এমএচি পৱন ৰয় লগতে স্থানীয় চৰকাৰী গাওঁবুড়া আৰু জিৰিকিনদিংঙত মাণ্ডলীক সাংস্কৃতিক সমিটি এলেকাধীন সাংস্কৃতিক ক্লাপ সমূহে উপস্থিত থাকে ৷তদুপৰি পৰ্য্যবেশন হিচাপে কেন্দ্ৰীয় সমিটি কাৰ্বি সাংস্কৃতিক সমাজৰ সদস্য সকলে উপস্থিত থাকে ৷

Durga Puja। আধ্যাত্মিক পৰিৱেশত দেৱী বন্দনাৰে মুখৰিত দক্ষিণ কামৰূপৰ শক্তিপীঠ

Durga Puja। আধ্যাত্মিক পৰিৱেশত দেৱী বন্দনাৰে মুখৰিত দক্ষিণ কামৰূপৰ শক্তিপীঠ
আধ্যাত্মিক পৰিৱেশত দেৱী বন্দনাৰে মুখৰিত দক্ষিণ কামৰূপৰ শক্তিপীঠ

ছয়গাঁৱ, ১২ অক্টোবৰ :Durga Puja।  সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰায় কেবাশতাধিক পূজা মণ্ডপত আজি চাৰিটাকৈ দিন দেৱী বন্দনাৰে মুখৰিত হৈ পৰিল ।হেজাৰ হেজাৰ ভক্তৰ দেৱী আৰাধনাৰ কোলাহলত বুৰ গ’ল শক্তিপীঠ সমূহৰ লগতে দুৰ্গোৎসৱৰ স্থান সমূহ।

ৰজা শিৱসিংহৰ দিনৰে পৰা প্ৰায় তিনিশ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত মা চণ্ডিকা দেৱালয়ত পূজাত বিৰদি বাট নপোৱা অৱস্থা, দক্ষিণ কামৰূপৰ আন এখন উল্লেখযোগ্য শক্তিপীঠ মা বাঘেশ্বৰী আঞ্চলিক শাৰদীয় দুৰ্গোৎসৱত ও অগণন ভক্তৰ সমাগম। ছয়গাঁও, ছয়গাঁও বজাৰ, ঢেকেনাবড়ী, গিৰি গোৱৰ্ধন , কুকুৰমাৰা, ৰামপুৰ ,সাতপখলী, বাটৰহাট, উপৰহালী, সাতপাৰা, মিৰ্জা, পলাশবাৰী, সদিলাপুৰ আঞ্চলিক শাৰদীয় দুৰ্গোৎসৱ, ঝাৰোৱৰী, বৰটাৰী ,ধলীপাৰ মকাধোজ, গড়ল তালুক,ৰঙামাটি দুধকুৱঁৰী পীঠ আদিৰ পূজাস্থলী সমূহতো অজশ্ৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়।আনহাতে আজি বিজয়া দশমীৰ দিনা কুকুৰমাৰা কলহী নদীত ঐতিহ্যমণ্ডিত নাওঁখেল অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে ।

Srimanta Sankardev: শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ উদযাপন

Celebrating the 576th birth anniversary of Sri Sri Sankardeva
শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ উদযাপন

১২ অক্টোৱৰ,ধনশিৰি: Srimanta Sankardev । ধনশিৰি মহকুমাৰ সম জিলাৰ অন্তৰ্গত উৰিয়ামঘাট আঞ্চলিক বৰ নামঘৰৰ সৌজন্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ ভাগ ২৪, ২৫ তাৰিখৰ পৰা ২৬ তাৰিখৰলৈ তিনি দিনীয়া কাৰ্য্যসূচীৰে উদযাপন।উৰিয়ামঘাট আঞ্চলিক বৰ নামঘৰৰ সৌজন্যত শ্ৰী শ্ৰী শংকৰদেৱৰ ৫৭৬ তম জন্মোৎসৱ উদযাপন

পুৱা ভাগতে ৫ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত নাম প্ৰসঙ্গ কৰা পাছতে , ৮ বজাত সাহিত্য প্ৰতিযোগিতা ৰচনা, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ পাছত ১১ বজাত বৰগীত, সূত্ৰ ধাৰ নৃত্য কৃষ্ণ নৃত্য আৰু দশৱতা নৃত্য আয়োজন কৰা হয় ২৫ আহিন তাৰিখে পুৱা ৭ বজাত স্মৃতি তপন ৮ বজাত বৃক্ষৰোপণ ১০ বজাত ভাগৱত শোভাযাত্ৰাৰ পাছত ১২ বজাৰ পৰা দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ২৬ আহিন তাৰিখে ১২ বজাত মুকলি সভা আয়োজন কৰা হয় তাৰ পাছতে সন্ধিয়ালৈ এখনি মহাপুৰুষীয়া নাট গান্ধাৰীৰ কৃষ্ণ ৰূপ দৰ্শন নামৰ নাট খনি আয়োজন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

Ratan Tata: Assam: অসমৰ সৈতে আছিল টাটাৰ সুসম্পৰ্ক

Ratan Tata: Assam: অসমৰ সৈতে আছিল টাটাৰ সুসম্পৰ্ক
অসমৰ সৈতে ৰতন টাটাৰ আছে সুসম্পৰ্ক


গুৱাহাটী,১০ অক্টোবৰ:Ratan Tata: Assam:অসমৰ সৈতে ৰতন টাটাৰ আছিল এক সু সম্পৰ্ক। চাহ উদ্যোগৰ পৰা ২৭,০০০ কোটিটকীয়া ছেমিকণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেঞ্চাৰ কেয়াৰ হাস্পতাললৈ আগবঢ়াইছে অৱদান। টাটা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছিল । (Assam)

অসমত ২০২২ চনৰ ২৮ এপ্ৰিলত মুকলি হৈছিল টাটা ন্যাসৰ উদ্যোগত নিৰ্মাণ কৰা ৭ খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল । ইফালে ৩৪খন পলিটেকনিক গঢ়াৰো দায়িত্ব লৈছিল ৰতন টাটাই। প্ৰয়াত টাটাই কাৰিকৰী শিক্ষাৰ বাবে অসমত ২,৩৯০ কোটি টকাৰ ৮৭% বিনিয়োগ কৰে। ২০২২ৰ ৩ মে’ত অসম চৰকাৰৰে চুক্তি কৰিছিল ৰতন টাটাই। জাগীৰোডত স্থাপন কৰা টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমৰ সৰ্ববৃহৎ ঔদ্যোগিক প্ৰকল্প।

২০২৬ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে টাটাই। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপ্ছ উৎপাদন হ’ব। প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে। এয়া অসমৰ ইতিহাসত টাটা গ্ৰুপৰ সৰ্ববৃহৎ বিনিয়োগ হিচাপে বিবেচিত হৈছে। এই প্ৰকল্পত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (TSAT) এই ছেমি কণ্ডাক্টৰ ইউনিট কেইটা স্থাপন কৰিব।

ই অটোমোটিভ, ইলেক্ট্ৰিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকম, আৰু মোবাইল ফোন, লেপটপ আদিৰ বাবে প্ৰয়োজন হোৱা বহুমূলীয়া চিপ (chips) প্ৰস্তুত কৰিব। এই তিনিটা কেন্দ্ৰই প্ৰতিদিনে ৪.৮ কোটি চিপ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব। দেশৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ পোষকতা কৰি ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন, আৰু প্ৰযুক্তি বিকাশৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াটো প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৩ আগষ্ট ২০২৪ ত মৰিগাঁও জিলাৰ জাগীৰোডত টাটা কোম্পানীৰ প্ৰথমটো টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন সম্পন্ন হয় ৷

Olympic Games: ২০২৪ চনৰ পেৰিছ অলিম্পিক আৰু ভাৰতৰ প্ৰদৰ্শনৰ: এক পৰ্যালোচনা

২০২৪ চনৰ পেৰিছ অলিম্পিক আৰু ভাৰতৰ প্ৰদৰ্শন: এক পৰ্যালোচনা
এজন ক্ৰীড়াবিদৰ বাবে অলিম্পিক পদকেই জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি

“I love the Olympic Games. The Olympic are  the event that few can fatthom but all can enjoy, and that why athletes work out in whole life to put on the greatest show on earth” (Johnny Weir, Olympic Medalist, USA)

অলিম্পিক সমাৰোহ আৰু পেৰিছ অলিম্পিকঃ 2024 Paris Olympics and India’s performance: অলিম্পিক ক্ৰীড়া সমাৰোহ হৈছে বিশ্বৰ ক্ৰীড়াবিদ সকলে নিজকে গৰিমামণ্ডিত কৰি প্ৰতিষ্ঠা কৰা এক সৰ্ববৃহৎ ক্ৰীড়া মঞ্চ। এই ক্ৰীড়া সমাৰোহত নিহিত হৈ আছে বিশ্বৰ হাজাৰ হাজাৰ ক্ৰীড়াবিদৰ ইপ্সিত লক্ষ্য সাধনাৰ বাবে দুৰ্বাৰ প্ৰচেষ্টাৰ এক নিৰন্তৰ সংগ্ৰাম। নিজস্ব ক্ৰীড়া নৈপুণ্য, অপ্ৰতিৰোধ্য গতি শক্তি আৰু অদম্য সাহসৰ গৌৰৱ ৰঞ্জিত বিমুৰ্ত্ত প্ৰকাশে একোজন ক্ৰীড়াবিদক অলিম্পিকৰ বৰ্ণিল ইতিহাসত অনন্ত কালৰ বাবে সোণালী আখৰেৰে লিপিবদ্ধ কৰি ৰাখে। এজন ক্ৰীড়াবিদৰ বাবে অলিম্পিক পদকেই জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্তি। বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়ামঞ্চত নিজকে অনন্য উচ্চতালৈ নিব পাৰিলেহে পদক প্ৰাপ্তিৰ সন্মানেৰে সন্মানিত হয়। ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হয় সেইজন ক্ৰীড়াবিদৰ নাম।২০২৪ চনৰ অলিম্পিক গেমছ অনুষ্ঠিত হৈছে কবি, শিল্প, ঐতিহ্য, সুৰা, সুন্দৰী আৰু প্ৰেমৰ চহৰ ৰূপে পৰিচিত ফ্ৰান্সৰ পেৰিছ মহানগৰীত। পেৰিছে দুহাত মেলি আকোৱালী লৈছে বিশ্বৰ  অগণন ক্ৰীড়াপ্ৰেমীক। যোৱা ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰৰ ৰথী মহাৰথীসকলৰ ঠিকনা আছিল পেৰিচ চহৰ। অলিম্পিক উদ্ধোধনী অনুষ্ঠানৰ পৰম্পৰা ভংগ কৰি মূল এথলেটিকছ ষ্টেডিয়ামৰ বাহিৰত আইফেল টাৱাৰৰ সন্মুখত থকা ট্ৰকাভেৰো উদ্যানত অনুষ্ঠিত হৈছিল উদ্ধোধনী অনুষ্ঠান। ২০০৮ চনত বেইজিং অলিম্পিকত প্ৰযুক্তিৰ চমকেৰে বিস্মিত কৰিছিল বিশ্বক। ২০১২ চনত লণ্ডনত আছিল ঐতিহ্য আৰু পৰম্পৰাৰ অপূৰ্ব মিশ্ৰণ। ২০১৬ চনত ৰিঅত সংস্কৃতি। ২০২৩ চনত টকিঅ আছিল ঐতিহ্য, পৰম্পৰা আৰু প্ৰযুক্তিৰ চমৎকাৰ। এইবাৰ নেপোলিয়নৰ মৰমৰ মহানগৰী পেৰিছত আছিল প্ৰকৃতিৰ সৌন্দৰ্য্য আৰু প্ৰেম। বিশ্বৰ বিভিন্ন দেশৰ ক্ৰীড়াবিদে আইফেল টাৱাৰৰ পূৱদিশে থকা অষ্টাৰলিজ সেতুৰ পৰা নাওঁ কিম্বা জাহাজত উঠি চেইন নদীত ৬ কিঃমি. পথত কৰা মাৰ্চ পাষ্টৰ নয়নাভিৰাম দৃশ্যই বহুদিনলৈ সন্মোহিত কৰি ৰাখিব বিশ্বৰ ক্ৰীড়াপ্ৰেমীক। Olympic Medalist

অলিম্পিকত ভাৰতঃ

অলিম্পিকত ভাৰতৰ ইতিহাস ১২৪ বছৰীয়া। ১৯০০ চনৰ পৰা যোগদান কৰি আহিছে ভাৰতে। প্ৰথমবাৰ আছিল মাত্ৰ এজন খেলুৱৈ। নৰ্মান পিছাৰ্ড নামৰ বৃটিছ খেলুৱৈ গৰাকীয়ে এথলেটিকছত জিকিছিল দুটাকৈ ৰূপৰ পদক। ১৯০৪ চনৰ পৰা ১৯১২ চনলৈ ভাৰতে যোগদান কৰা নাছিল। ১৯২০ চনৰ পৰা বিৰামহীনভাৱে ২০২৪ চনলৈ ২৫খন অলিম্পিকত যোগদান কৰি ভাৰতৰ ফচল মাত্ৰ ৪১টা। তাৰে ১৩ পদকেই হকীৰ। টকিঅ ২০২০ অলিম্পিকত ১টা স্বৰ্ণ, ২টা ৰূপৰ আৰু ৪টা ব্ৰঞ্জৰ পদকেই আছিল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। এইবাৰ পেৰিছ অলিম্পিকত ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকেৰে ছটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৪০ কোটি জনসংখ্যাৰ এখন বিশাল দেশৰ বাবে বিশ্বৰ সৰ্বোচ্চ ক্ৰীড়া ক্ষেত্ৰৰ দেখুওৱা এই প্ৰদৰ্শন অত্যন্ত হতাশজনক। athlete

অলিম্পিকত ভাৰতৰ পদক জয়ঃ

১৯০০ চনৰ পৰা ২০২৪ চনলৈ ভাৰতে অলিম্পিকত লাভ কৰা ৪১টা পদকৰ ভিতৰত ১০টা পদক সোণৰ, ১০টা পদক ৰূপৰ আৰু ২১টা পদক ব্ৰঞ্জৰ। ১৯২৮ চনত আমষ্টাৰডাম, ১৯৩২ চনত লজ এঞ্জেলছ, ১৯৩৬ চনত বাৰ্লিন, ১৯৪৮ চনত লণ্ডন, ১৯৫২ চনত হেলচিংকি, ১৯৫৬ চনত মেলবৰ্ণ, ১৯৬৪ চনত টকিঅ, ১৯৮০ চনত মস্কো অলিম্পিকত পুৰুষৰ হকীত, ২০০৮ চনৰ বেইজিং অলিম্পিকত পুৰুষৰ ১০মিটাৰ ৰাইফল শ্বুটিংত অভিনৱ বিন্দ্ৰা আৰু ২০২০ চনৰ টকিঅত নীৰজ চোপ্ৰাই জেভলিন থ্ৰত সোণৰ পদক লাভ কৰি কৰি ভাৰতক গৌৰৱান্বিত কৰিছিল। ১৯০০ চনৰ পেৰিছ অলিম্পিকত নৰ্মান পিছাৰ্ডে ২০০ মিটাৰ পুৰুষৰ দৌৰ, ২০০ মিটাৰ পুৰুষৰ হাৰ্ডলছ, ১৯৬০ চনত পুৰুষৰ হকী দল, ২০০৪ চনৰ এথেঞ্চ অলিম্পিকত  ৰাজ্যবৰ্ধন সিং ৰাথোৰে পুৰুষৰ ডাবল Îট্ৰপ শ্বুটিঙত, ২০২২ চনত সুনীল কুমাৰে পুৰুষৰ ৬৬ কে.জি মল্লযুদ্ধ আৰু বিজয় কুমাৰে পুৰুষৰ ২৫ মিটাৰ ৰেপিড পিষ্টল শ্বুটিংত, ২০১৬ চনৰ ৰিঅত পি.ভি সিন্ধুৱে মহিলাৰ বেডমিণ্টনত, ২০২০ চনত টকিঅত মীৰাবাঈ চানুৱে মহিলাৰ ৪৯ কে.জি ভাৰত্তোলনত, ৰবি কুমাৰ দাহিয়াই পুৰুষৰ ৫৭ কেজি মল্লযুদ্ধত আৰু ২০২৪ চনত পেৰিছত নীৰজ চোপ্ৰাই জেভলিনত ৰূপৰ পদক লাভ কৰিছিল।

১৯৫২ চনত হেলচিংকিত কে ভি যাদৱে পুৰুষৰ বেণ্টামডৱেট মল্লযুদ্ধত, ১৯৬৮ চনত মেক্সিাকোত আৰু ১৯৭২ চনত পুৰুষ হকী দলে, ১৯৯৬ চনৰ আটলাণ্টাত লিয়েণ্ডাৰ পেজে পুৰুষৰ টেনিচত, ২০০০ চনত চিডনীত কৰ্ণম মালেশ্বৰীয়ে মহিলাৰ ৫৪ কেজি শাখাৰ ভাৰত্তোলনত, ২০০৮ চনত বেইজিঙত বিজয়েন্দ্ৰ সিঙে পুৰুষৰ মিডল ৱেইট বক্সিঙত, সুনীল কুমাৰে পুৰুষৰ ৬৬ কে.জি মল্লযুদ্ধত, ২০১২ চনত লণ্ডনত চাইনা নেহৱালে মহিলাৰ ব্যক্তিগত বেডমিণ্টনত, মেৰী কমে্‌ মহিলাৰ ফ্লাই ৱেইট বক্সিঙত, যোগেশ্বৰ দত্তই পুৰুষৰ ৬০ কে.জি মল্লযুদ্ধত, গগন নাৰংগে পুৰুষৰ ১০ মিটাৰ ৰাইফল শ্বুটিংত, ২০১৬ চনৰ ৰিঅ অলিম্পিকত সাক্ষী মালিকে মহিলাৰ ৫৮ কে.জি মল্লযুদ্ধত, ২০২০ চনৰ টকিঅ অলিম্পিকত লাভলীনা বুঢ়াগোঁহায়ে মহিলাৰ ৬৯ কে.জি মহিলাৰ বক্সিঙত, পি.ভি সিন্ধুৱে মহিলাৰ বেডমিণ্টনত, বজৰং পুনিয়াই  পুৰুষৰ ৬৫ কে.জি মল্লযুদ্ধত, ভাৰতীয় হকী দলে আৰু  ২০২৪ চনত ভাৰতৰ মনু ভাকেৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিংত, মনু ভাকেৰ আৰু সৰবজিৎ সিঙে মিক্স শাখাৰ ১০ মিটাৰ পিষ্টল শ্বুটিঙত, স্বপ্নীল কুশালে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ফ্ৰি পজিছন বিভিাগত, আমান শ্বেৰাৱতে পুৰুষৰ ৫৭ কে.জি শাখাৰ মল্লযুদ্ধত আৰু পুৰুষৰ হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ প্ৰদৰ্শনঃ

এইবাৰ পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ জনীয়া দলে ৩২ বিধ খেলৰ ভিতৰত ১৬ বিধ খেলত অংশগ্ৰহণ কৰিছিল। এই ১১৭ জনীয়া দলৰ ভিতৰত ৭ জনেই ৰিজাৰ্ভ খেলুৱৈ। ইয়াৰে হকীত তিনিগৰাকী, ৪x৪০০ মিটাৰ ৰিলেট ২ গৰাকী আৰু টেবুল টেনিছত দুগৰাকী ৰিজাৰ্ভ খেলুৱৈ আছিল। এইবাৰ মাৰ্চ পাষ্টত ভাৰতীয় দলক নেতৃত্ব দিছিল অভিজ্ঞ বেডমিণ্টন খেলুৱৈ পি.ভি সিন্ধু আৰু টেবুল টেনিছ খেলুৱৈ শৰথ কমলে। ভাৰতীয় দলৰ মেনেজাৰ আছিল ২০১২ চনৰ লণ্ডন অলিম্পিকৰ ১০ মিটাৰ ৰাইফল শ্বুটিঙৰ ব্ৰঞ্জৰ পদক বিজয়ী গগন নাৰংগ।

আৰ্চাৰীঃ পেৰিছ অলিম্পিক গেমছৰ ৰণভূমিত অৱতীৰ্ণ হৈয়ে সাফল্যৰ মুখ দেখিছিল ভাৰতৰ পুৰুষ আৰু মহিলাৰ আৰ্চাৰীৰ দলটোৱে। দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজৱ কৌৰেৰে গঠিত মহিলাৰ দলটোৱে ১,৯৮৩ পইণ্ট অৰ্জন কৰি চতুৰ্থ স্থানেৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। আনহাতে, পুৰুষৰ ধীৰাজ বোম্বাদেওৰা, তৰুণদ্বীপ ৰায় আৰু প্ৰবীণ যাদৱৰ দলটোৱে ২চ০১৩ পইণ্টেৰে তৃতীয় স্থান লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

১৯৭২ চনত মিউনিখ অলিম্পিকত আৰ্চাৰী অৰ্ন্তভুক্ত হ’লেও ভাৰতে অলিম্পিকত যোগদান কৰাৰ যোগ্যতা অৰ্জন কৰিছিল ১৯৮৮ চনত। ৩৬ বছৰৰ ব্যৰ্থতা পাহৰি এইবাৰ ভাৰতে পদক জয় কৰিব বুলি আশা পোষণ কৰিছিল। কিন্তু পৰিতাপৰ কথা মহিলা দলটোৱে কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে ৬-০ ব্যৱধানত আৰু পুৰুষৰ দলটোৱে তুৰস্কৰ বিৰুদ্ধে ৬-২ ব্যৱধানত পৰাস্ত হৈ নিৰাশজনকভাৱে অভিযান সামৰিবলৈ বাধ্য হৈছিল। greatest show

ব্যক্তিগত শাখাত দীপিকা কুমাৰীয়ে প্ৰথম মেছত এষ্টনিয়াৰ বিৰুদ্ধে ৬-৫ মেছত আৰু দ্বিতীয়খনত নেডাৰলেণ্ডৰ বিৰুদ্ধে ৬-২ পইণ্টৰ ব্যৱধানত আৰু প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীক ৬-৪ ছেটত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ নাম চুহিয়ানৰ বিৰুদ্ধে ২-১ মেচৰ ব্যৱধানত পৰাস্ত হৈ পদক লাভৰ পৰা বঞ্চিত হয়। ভাৰতৰ আন এগৰাকী মহিলা আৰ্চাৰ ভজন কৌৰে ইণ্ডোনেচিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ৭-৩ ব্যৱধানত আৰু দ্বিতীয় মেচত পোলেণ্ডৰ বিৰুদ্ধে ৬-০ ব্যৱধানত জয়ী হৈ প্ৰি-কোৱাৰ্টাৰত ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত ইণ্ডোনেচিয়াৰ দিয়ানন্দা চইৰুনিচাৰ বিৰুদ্ধে ৬-৫ ব্যৱধানত পৰাজিত হয়।

পুৰুষৰ আৰ্চাৰীৰ ব্যক্তিগত শাখাত তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱ আৰু পুৰুষৰ ৰিকাৰ্ভ দলীয় শাখাত ধীৰাজ বোম্বাদেওৰা, তৰুণদ্বীপ ৰায় আৰু প্ৰবীন যাদৱৰ দলটোৱে তুৰস্কৰ বিৰুদ্ধে ৬-২ ব্যৱধানত প্ৰাৰম্ভিক ৰাউণ্ডতে বিদায় লয়।

মিক্সড ডাবোলছত ধীৰাজ বোম্বাদেওৰা আৰু অংকিতা ভকতৰ দ্বাৰা গঠিত দলটোৱে সুন্দৰ খেল প্ৰদৰ্শন কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় যুটীটোৱে স্পেইনক ৫-৩ মেচৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ছেমি ফাইনেলত ধীৰাজ আৰু অংকিতাই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ৬-২ ব্যৱধানত পৰাস্ত হয়। ব্ৰঞ্জৰ পদকৰ মেচত ভাৰতীয় যুটীটোৱে আমেৰিকাৰ বিৰুদ্ধে ৬-২ মেচৰ ব্যৱধানত পৰাস্ত হৈ পদক লাভৰ পৰা বঞ্চিত হয়।

এথলেটিকছঃ এথলেটিকছত এইবাৰ ভাৰতৰ ২৯ জনীয়া দলে অংশ গ্ৰহণ কৰিছিল। অলিম্পিক ইতিহাসত এথলেটিকছত ভাৰতে মাত্ৰ ৪টা পদকহে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে টকিঅ’ অলিম্পিকত নীৰজ চোপ্ৰাৰ এটা সোন, এটা ৰূপ আৰু নৰ্মান প্ৰিছাডৰ ২টা ৰূপৰ পদকেৰে ভাৰতে ৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। যদিও ২৯ জনীয়া বৃহৎ দলে এই প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰিছিল কিন্তু নীৰজ চোপ্ৰাৰ বাহিৰে বাকী সকল পৰা পদৰ আশা কৰাতো বিলাসিতাহে আছিল। এইবাৰ পেৰিছ এথলেটিছক ভাৰতে সৰ্বাধিক ৯৬.০৮ কোটি এথলেটিকছৰ খৰচ কৰিছে। পুৰুষৰ এথলেট সকলৰ ভিতৰত জেভলিনত কিশোৰ জেনা, শ্বটপুতত তেজিন্দৰ পাল সিং, ¿ট্ৰপুল জাম্পত প্ৰবীন ছিথ্ৰাভেল, লং জাম্পত জেছবিন এলড্ৰিন, পুৰুষৰ ৪০০ মিটাৰ মহম্মদ আনাদ, মহম্মদ আজমল, অনুজ জেকব আৰু ৰাজেশৰ যুটীয়ে  প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰাই বিদায় লয়। আনহাতে পুৰুষৰ ২০ কিঃমিটাৰ খোজ কঢ়া প্ৰতিযোগীতত অক্ষদীপ সিং আৰু মিক্সড ৰিলে প্ৰতিযোগীতত সুৰজ পাচৱান আৰু প্ৰিয়ংকা গোস্বামীয়ে খেল অসমাপ্তভাৱে সামৰিবলৈ বাধ্য হয়। মহিলাৰ বিভাগত ৪০০ মিটাৰ দৌৰত কিৰন পহল, ৩০০০ মিটাৰ ট্ৰিপল চেজট পাৰুল চৌধুৰী, ১০০ মিটাৰ হাৰ্ডলছত জ্যোতি য়াৰাদ্দি, জেভলিন থ্ৰত অনু ৰাণী, মহিলাৰ ৪০০ মিটাৰ ৰিলেত জ্যোতিকা শ্ৰীদন্দী, সবিতা ভেংকটেছ, বিখ্যা নানৰেজ, এম. আৰ. পোন্নাডা, ২০ কিলোমিটাৰ খোজ কঢ়াত প্ৰিয়ংকা গোস্বামী আৰু ৫০০০ মিটাৰ দৌৰত অংকিতা ধ্যানী প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লয়। নীৰজ চোপ্ৰাৰ লগত একমাত্ৰ অবিনাশ ছাবালে এথলেটিছৰ পুৰুষৰ ৩০০০ মিটাৰ ট্ৰিপল ৰেছত ফাইনেল ৰাউণ্ডত প্ৰবেশ কৰি প্ৰতিযোগীসকলৰ মাজত একাদশ স্থান দখল কৰে।

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাৰ পৰা স্বৰ্ণপদক আশা কৰিছিল সমগ্ৰ দেশ-বাসীয়ে। Target Olympic Podium আৰু Annual Calender of Training গু Competition ৰ অধীনত নীৰজক বিশেষ ভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ বাবে মুঠ ব্যয় হৈছিল প্ৰায় ৬.০০ কোটি টকা। ২০২৩-২৪ বৰ্ষত একাধিকবাৰ বিদেশত প্ৰস্তুতি চলাইছিল নীৰজে। ৮৫ দিন  দক্ষিণ আফ্ৰিকাত, ৭৯ দিন তুৰস্কত আৰু অলিম্পিকৰ ঠিক পূৰ্বে ৬১ দিন ফিনলেণ্ড, ৰ্জামানী আৰু তুৰস্কত অনুশীলন কৰিছিল। কিন্তু এইবাৰ ৮৯.৪৫ মিটাৰ দলিয়াই ৰূপৰ পদকতে সন্তুষ্ট থাকিব লগীয়া হ’ল যোৱা অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা। টকিঅৰ পুনৰাবৃত্তি নহল পেৰিছত। এইবাৰ ৯২.৯৭ মিটাৰ দুৰত্বলৈ জেভলিন দলিয়াই নতুন অলিম্পিক ৰেৰ্কডেৰে স্বৰ্ণপদক লাভ কৰে পাকিস্থানৰ আৰ্শ্বাদ নাডিমে। সেইদিনা নীৰজে কৈছিল “Nadeem did well. Today was not our day”  কাৰণ অলিম্পিক পদকৰ সিদ্ধান্ত হয় সেই দিনটোতহে আগত নহয়। নীৰজে কৈছিল— “Medelক্সs are decided on the day, not before that”।

বেডমিণ্টনঃ বেডমিণ্টনত ভাৰতৰ অভিজ্ঞ মহিলা খেলুৱৈ পি.ভি সিন্ধুৱে প্ৰথম মেছত মালদ্বীপৰ ফাটিমা নাবাহাক ২১-৯, ২১-৬ পোনপটীয়া ছেটত পৰাজিত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ দুবাৰৰ অলিম্পিক পদক বিজয়ী চীনৰ হেং বিং জিয়াঙৰ বিৰুদ্ধে ২১-১৯, ২১-১৪ ছেটত পৰাস্ত হৈ নিৰাশজনকভাৱে প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

ভাৰতৰ অন্যতম বেডমিণ্টন খেলুলৈ এইচ.এচ. প্ৰণয়ে জাৰ্মানীৰ ফেবিয়ান ৰথক ২১-১৮, ২১-১২ আৰু দ্বিতীয়খন মেচত ভিয়েটনামৰ লী ডাক ফটেক ১৬-২১, ২১-১১, ২১-১২ চেটত পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিলেও সতীৰ্থ খেলুৱৈ লক্ষ্য সেনৰ বিৰুদ্ধে ১২-২১, ৬-২১, পৰাভূত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

ভাৰতৰ প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে বেলজিয়াম জুলিয়ান কাৰাগীক ২১-১৯, আৰু ২১-১২, ইণ্ডোনেচিয়াৰ জনায়ন ক্ৰিষ্টিক ২১-১৮,২১-১২ আৰু প্ৰি-কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেৰ চেই টিয়েন চেনক ১৯-২১, ২১-১৫, ২১-১২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেয়ৰ পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ জৰিয়তে ইতিহাস ৰচনা কৰিছিল। কিন্তু ছেমি ফাইনেলত হতাশজনক প্ৰদৰ্শনেৰে ডেনমাৰ্কৰ ভিক্টৰ এক্সেলচনৰ বিৰুদ্ধে ২২-২০, ২১-১৪মেচত পৰাস্ত হয়। আৰম্ভণিতে সুন্দৰ খেল প্ৰদৰ্শন কৰিও ভাৰতৰ খেলুৱৈগৰাকীয়ে২০-১৭ পইণ্টত আগবাঢ়ি থাকিও অৱশেষত পৰাজয়þ বৰণ কৰে। ব্ৰঞ্জৰ পদকৰ খেলত মালেয়েচিয়াৰ লী জিয়া কেনৰ বিৰুদ্ধে ১৩-২১, ২১-১৬, ২১-১৯ পইণ্টত পৰাজয় বৰণ কৰি পদকৰ পৰা বঞ্চিত হয়।

পুৰুষৰ ডাবোলছত সৎবিক চাইৰাজ ৰংকি ৰেড্ডি আৰু চিৰাগ ছেট্টী এইবাৰ অলিম্পিকৰ অন্যতম দাবীদাৰ আছিল। প্ৰথম মেচত ফ্ৰান্সৰ ৰনান লেব আৰু লুকাছ কৰভীক ২১-১৭, ২১-১৪ আৰু  দ্বিতীয়খন মেছত ইণ্ডোনেচিয়াৰ  এইবাৰৰ  অল ইংলেণ্ড চেম্পিয়ন ফজৰ আলফিয়ান আৰু মহম্মদ ৰিয়ানৰ যুটীক ২১-১৩, ২১-১৩্যব্যৱধানত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

মহিলা ডাবোলছৰ মেছত অশ্বনী পোনাপ্পা আৰু তানিছা ক্ৰাষ্টোৰ যুটীয়ে প্ৰথম মেছত কোৰিয়াৰ কিম চয়েঙ আৰু কং হি য়ঙ যুটীক ২১-১৮, ২১-১০ আৰু দ্বিতীয় মেছত জাপানৰ নামি মংসুয়ামা আৰু চিহাৰু চিয়াক ২১-১১, ২১-১২ পইণ্টত পৰাজিত কৰে। কিন্তু গ্ৰুপ লীগৰ অন্তিমখন মেচত অষ্টেলিয়াৰ ছেটিয়ানা মাপাছা আৰু এঞ্জেনা উ যুটিৰ বিৰুদ্ধে ২১-১৫, ২১-১০ ব্যৱধানত পৰাজিত হৈ অলিম্পিকৰ পৰা বিদায় লয়।

বক্সিংঃ পেৰিছৰ যি কেইটা ইভেণ্টৰ পৰা ভাৰতে অধিক পদক আশা কৰিছিল তাৰ ভিতৰত বক্সিং আছিল অন্যতম। এই ইভেণ্টত অসম কন্যা লাভলীনা বুঢ়াগোহাঁই আৰু অমিত পাংগাল, নিখাত জাৰীন আদি তাৰকা খেলুৱৈৰ পৰা পদকৰ আশাৰে অলিম্পিকত অৱতীৰ্ণ হৈছিল।

পুৰুষৰ ব্যক্তিগত শাখাত অমিত পাংগালে ৫১ কেজি বিভাগত ভাৰতীয় ক্ৰীড়া প্ৰেমীক নিৰাশ কৰি জাম্বিয়াৰ চিনয়েম্বাৰ বিৰুদ্ধে প্ৰথম মেছত ৪-১ ব্যৱধানত পৰাজয় বৰণ কৰে। ভাৰতৰ অন্য এগৰাকী বক্সাৰ নিশান্ত দেৱে ৭১ কে.জি শাখাত প্ৰি-কোৱাৰ্টাৰ ৰাউণ্ডৰ মেচত ইকুৱেডৰ ৰচ ৰদ্ৰিগক ৩-২ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ মাৰ্ক ভাদ্ৰেৰ বিৰুদ্ধে দুদ্দমৱনীয় খেল প্ৰদৰ্শিত কৰিও অৱশেষত ৪-১ ব্যৱধানত পৰাভূত হৈ পদক লাভৰ পৰা বঞ্চিত হৈছিল। আত্মবিশ্বাসেৰে তিনিটা ৰাউণ্ড সামৰা নিশান্তই দ্বিতীয় ৰাউণ্ডলৈকে সুন্দৰ খেল প্ৰদৰ্শনেৰে এক প্ৰকাৰ জয়লাভ নিশ্চিত কৰিও ৰেফাৰীৰ বিতৰ্কিত সিদ্ধান্তত অৱশেষত পৰাজয়ৰ মুখ দেখিব লগীয়া হয়।

মহিলাৰ ৫০ কেজি শাখাত নিখাত জাৰীনে প্ৰত্যাশিকভাৱে প্ৰথম ৰাউণ্ডত জাৰ্মানীৰ মেক্সি ক্লৱেটজাৰক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ ৱ ইউ বিৰুদ্ধে ৫-০ ব্যৱধানত পৰাজিত হৈ অলিম্পিকৰ পৰা বিদায় মাগিলে।

ইফালে মহিলাৰ পদকৰ অন্যতম দাবীদাৰ প্ৰীতি পাৱাৰে ৫৪ কেজি শাখাত ভিয়েটনামৰ ভো, থি কিমক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ য়েনি এৰিয়াছৰ বিৰুদ্ধে শাৰিৰীক অসুস্থতা স্বত্বেও তুমুল প্ৰতিদ্বন্দিতা আগবঢ়াই ৩-২ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে।

ভাৰতৰ আন এগৰাকী মহিলা বক্সাৰ ৫৭ কেজি শাখাত জেছবিন লম্বৰিয়াই প্ৰথম ৰাউণ্ডতে ফিলিপাইনছৰ নেষ্টি পটেচিঅৰ বিৰুদ্ধে ৫-০ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে।

একেৰাহে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক জয় কৰি ইতিহাস গঢ়াৰ লক্ষ্যৰে অলিম্পিকত অৱতীৰ্ণ হৈছিল অসম কন্যা লাভলীনা বুঢ়াগোহাঁয়ে। মহিলাৰ ৭৫ কেজি শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত তুলনামূলকভাৱে দুৰ্বল নৰৱেৰ চুনিভা হফষ্টাফক ৫-০ মেচৰ ব্যৱধানত প্ৰতাশিকভাৱে পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু প্ৰেমৰ চহৰ পেৰিছে লাভলীনাক দুয়োহাতেৰে সাৱতি ললেও জয়লাভৰ দুৰ্লভ মুহুৰ্ত্তৰ পৰা বঞ্চিত কৰিলে। কোৱাৰ্টাৰ ফাইনেলৰ খেলত বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ অলিম্পিক পদক বিজয়ী চীনৰ লি কিয়ানৰ বিৰুদ্ধে ৪-১ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে। যোৱা টকিঅ অলিম্পিকত লাভলীনা বুঢ়াগোহাঁয়ে ৬৯ কেজি শাখাত যোগদান কৰি ব্ৰঞ্জৰ পদক আজুৰি আনিছিল।

ইকুৱেষ্টীয়ানঃ এছিয়ান গেমছৰ দুটাকৈ পদক বিজয়ী ১৭ বছৰীয়া অনুশ আগৰৱালা পৰা দেশৰ ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিছিল পেৰিছ অলিম্পিকৰ এটা পদক। ব্যক্তিগত ড্ৰেছেছ ইভেণ্টত নৱম স্থানত সামৰি প্ৰাৰম্ভিক ৰাউণ্ডতে বিদায় মাগিলে অনুজে।

গল্‌ফঃ গল্‌ফত ভাৰতৰ হৈ ৪ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। পুৰুষৰ শাখাত প্ৰাক্তন এচিয়ান চেম্পিয়ন শুভাংকৰ শৰ্মা আৰু গগনজিৎ ভূল্লাৰে T- ৪০তম T- ৪৫ তম স্থানেৰে অলিম্পিক অভিযান সামৰে।

আনহাতে মহিলাৰ শাখাত অদিতি অশোক আৰু দীক্ষা দগৰে T-২৯ তম আৰু T-৪৯ তম স্থান লাভ কৰে।

হকীঃ অলিম্পিক খেলৰ ইতিহাসত হকীয়েই ভাৰতৰ গৌৰৱ, অহঙ্কাৰ আৰু পৰিচয়। হকী অবিহনে ভাৰতৰ অলিম্পিক ইতিহাস অসম্পূৰ্ণ। বৰ্ত্তমানলৈকে ভাৰতে ৮টা স্বৰ্ণ, এটা ৰূপ আৰু ৪টা ব্ৰঞ্জ পদকেৰে ১৩টা অলিম্পিক পদক আজুৰি আনিবলৈ সক্ষম হৈছে।

২০২৪ চনৰ পেৰিছ অলিম্পিকৰ গ্ৰুপ বিৰ প্ৰথমখন মেচত নিউজিলেণ্ডক ৩-২ ব্যৱধানত পৰাজয় কৰিছিল। ভাৰতৰ হৈ গ’ল স্কৰ কৰিছিল মনদীপ সিং, বিবেক সাগৰ আৰু হৰমনপ্ৰীত সিঙে। গ্ৰুপৰ দ্বিতীয়খন মেচত আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১-১ গলত অমিমাংসিত হৈ ৰয়। এই মেচত ভাৰতৰ হৈ অধিনায়ক হৰমনপ্ৰীত গল স্কৰ কৰে। গ্ৰুপৰ তৃতীয়খন মেচত ভাৰতে সুন্দৰ প্ৰদৰ্শন ডাঙি ধৰি আয়াৰলেণ্ডৰ বিৰুদ্ধে ২-০ মেচত জয়লাভ কৰে। এইখন খেলত ভাৰতৰ হৈ দুয়োটা গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিঙে। গ্ৰুপৰ চতুৰ্থ মেচত ভাৰতে বেলজিয়ামৰ বিৰুদ্ধে ২-১ মেচত পৰাজয় বৰণ কৰিবলগীয়া হয়। ভাৰতৰ হৈ অভিষেকে একমাত্ৰ গল স্কৰ কৰে। গ্ৰুপৰ অন্তিমখন মেচত সুদীৰ্ঘ ৫২ বছৰৰ পিছত অষ্টেলিয়াক দুৰ্দমনীয় প্ৰদৰ্শনেৰে ৩-২ মেচত পৰাজয় কৰি কোৱাৰ্টাৰ ফাইনেলত পথ প্ৰশস্ত কৰে। এইখন খেলত হৰমনপ্ৰীত সিঙে ২ টা আৰু অভিষেকে ১ গলেৰে ভাৰতক জয়লাভত অৰিহণা যোগাইছিল।

কোৱাৰ্টাৰ ফাইনেল খেলত ভাৰতে অনবদ্য দৃঢ়তা আৰু অসাধাৰণ খেল প্ৰদৰ্শন কৰি মাত্ৰ ১০ জন খেলুৱৈৰে গ্ৰেট বৃটেইনৰ লগত ১-১ গলৰ ব্যৱধানত অমিমাংসিত হোৱাত ট্ৰাই বেকাৰৰ জৰিয়তে ৪-২ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতৰ হৈ গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিং, সুৰজিত, ললিত কুমাৰ আৰু ৰাজকুমাৰ  পালে।

৪৪ বছৰৰ বিৰতিৰ মূৰত অলিম্পিক হকীৰ স্বৰ্ণপদক ঘুৰাই অনাৰ সপোন ভাৰতৰ এইবাৰো অসমাপ্ত হৈ ৰ’ল। চেমি ফাইনেলত জাৰ্মানীয়ে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলৰ পথ ৰুদ্ধ কৰে। ভাৰতৰ হৈ গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিঙ আৰু সুৰজিত সিঙে। খেলৰ ৩০ চেকেণ্ড বাকী থকা অৱস্থাত চমচেৰ সিঙে ভাৰতৰ হৈ সমতা স্থাপনৰ সুযোগ পায়ো সুযোগৰ সদব্যৱহাৰ কৰিব নোৱাৰিলে।

ব্ৰঞ্জৰ পদকৰ খেলত ভাৰতৰ পুৰুষ হকী দলটিয়ে স্পেইনক ২-১ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক অক্ষুন্ন ৰাখে। ভাৰতৰ হৈ দুয়োটা গ’ল স্কৰ কৰে হৰমনপ্ৰীত সিঙে।

জুডোঃ পেৰিছ অলিম্পিকত জুডোৰ একমাত্ৰ প্ৰতিদ্বন্দী আছিল তুলিকা মান। মহিলাৰ ৭৮ কে.জি শাখাৰ প্ৰথম ৰাউণ্ডত অলিম্পিক পদক বিজয়ী কিউবাৰ ইলাচিচ আৰ্টিজৰ বিৰুদ্ধে মাত্ৰ ২৮ চেকেণ্ডত নক আউট হৈ পৰাজয় বৰণ কৰে।

 ৰয়িংঃ পেৰিছ অলিম্পিকত ৰয়িংৰ একমাত্ৰ খেলুৱৈ আছিল বলৰাজ পাৱাৰ। প্ৰথম বাৰৰ বাবে অলিম্পিকত ভাগ লোৱা ৰৱাৰ গৰাকীয়ে ২০০০ মিটাৰত চতুৰ্থ স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। পুৰুষৰ স্কালছ শাখাত ২৫ বছৰীয়া ৰৱাৰ গৰাকীয়ে ২৩তম স্থান দখল কৰি অলিম্পিক অভিযান সামৰে।

চেইলিংঃ চেইলিং শাখাত ভাৰতৰ হৈ নেত্ৰা কুমানন আৰু বিষ্ণু সৰ্বাননে প্ৰতিনিধিত্ব কৰিছিল। ২০২৩ চনৰ এচিয়ান গেমছৰ পদক বিজয়ী নেত্ৰা কুমাননে মহিলাৰ ডিংগি শাখাত ২৯তম স্থান আৰু পুৰুষ শাখাত বিষ্ণু সৰ্বানন্দে ১৮তম স্থান দখল কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ৰ পৰাই বিদায় লয়।

শ্বুটিংঃ এইবাৰ স্বুটিংত ভাৰতৰ ২১ জনীয়া খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। এখন দেশে লাভ কৰা সৰ্বাধিক ১৬ শাখাই ভাৰতে লাভ কৰে শ্বুটিংত। টকিঅত চুড়ান্ত ব্যৰ্থতাৰ পিছত প্ৰতিগৰাকী শ্বুটাৰে দৃঢ় মানসিকতাৰে এইবাৰ অলিম্পিকত প্ৰতিদ্বন্দীতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।

শ্বুটিংত ভাৰতৰ মিক্স ডাবোল শাখাত অৰ্জুন বাবুটা আৰু ৰমিতা জিন্দালৰ যুটী আৰু সন্দীপ সিং আৰু এলভেনিল ভালাৰিডাম এই দুই যুটীয়ে প্ৰথম ৰাউণ্ডতে ষষ্ঠ আৰু দ্বাদশ স্থান দখল লাভ কৰি প্ৰতিযোগীতাৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰাই বিদায় লয়।

শ্বুটিঙত ভাৰতৰ পুৰুষ শাখাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত অৰ্জুত বাবুটাই ২০৮.৪ পইণ্ট লাভ কৰি ১.৪ পইণ্টৰ ব্যৱধানত ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হবলগীয়া হয়। আনহাতে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলচৰ ঐশ্বৰ্য্য প্ৰতাপ সিং, সৰবজিৎ সিং, অৰ্জুন চীমা পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত আনিশ ভানৱাল, বিজয়বীৰ সিন্ধু, অনন্ত জিত সিং নাৰোকা প্ৰাৰম্ভিক ৰাউণ্ডতে বিদায় লয়। আনহাতে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলচত এলভেনিল ভালাৰিডাম, ৰমিতা জিন্দাল ৫০ মিটাৰ পজিছনত থ্ৰীত চিফট কৌৰ চামৰা, অঞ্জুম মুডগিল মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ৰিডম চাংবান,  মহিলাৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টলত ঈষা সিং, মহিলাৰ Îট্ৰপত ৰাজেশ্বৰী কুমাৰী, শ্ৰেয়াশী সিং, মহিলাৰ স্কিটত মাহেশ্বৰী চৌহান, ৰাইজা ধীলন প্ৰথম ৰাউণ্ডতে প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

শ্বুটিংত ১০ মিটাৰ পিষ্টল মিক্সড লীগত অৰ্জুন সীমা আৰু ৰিডম চাংবানৰ যুটীটোৱে ১০ স্থানেৰে ফাইনেল ৰাউণ্ডত প্ৰৱেশৰ পৰা বঞ্চিত হবলগা হয়। ভাৰতৰ স্কিট মিক্স শাখাত অনন্ত জিৎ সিং নাৰোডা মাহেশ্বৰী চৌহানৰ যুটীটোৱে ব্ৰঞ্জৰ পদকৰ খেলত চীনৰ হাতত ৪৪-৪৩ পইণ্টত ব্যৱধানত ব্ৰঞ্জৰ পদকৰ পৰা বঞ্চিত হবলগা হয়।

৩ বছৰ আগেয়ে টকিঅই কন্দুৱাইছিল মনু ভাকেৰক কিন্তু এইবাৰ পেৰিছে দিলে সাফল্যৰ হাঁহি। এইবাৰ পিষ্টলে মনুক বিশ্বাসঘাটকতা নকৰিলে। ১০ মিটাৰ মহিলাৰ এয়াৰ পিষ্টলৰ শাখাত মনু ভাকৰে ২২১.৭ পইণ্টেৰে ৰূপৰ পদক জয় কৰি পেৰিছ অলিম্পিকে দিলে প্ৰথম পদক। মাত্ৰ ০.১ পইণ্টৰ বাবে মনুৱে হেৰুৱালে ৰূপৰ পদক।

তাৰ পিছত মাত্ৰ দুদিনৰ ব্যৱধানত পুনৰ ব্ৰঞ্জ জয়েৰে ইতিহাস ৰচিলে মনু ভাকেৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত মিক্স ইভেণ্টত সৰবজিৎ সিং সিন্ধুৰ সৈতে লগ লাগি দক্ষিণ কোৰিয়াৰ দলটোক ১৬-১০ ব্যৱধানত পৰাভূত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। এখন অলিম্পিকত দুটা পদক লাভ কৰি প্ৰথম ভাৰতীয় হিচাবে মনু ভাকেৰে ক্ৰীড়া ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰে। স্বাধীনতাৰ পূৰ্বে নৰ্মান প্ৰিচাৰ্ডে একেখন অলিম্পিকত দুটাকৈ ৰূপৰ পদক দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছিল। ভাৰতৰ হৈ পদক লাভ কৰিলেও নৰ্মান প্ৰিচাৰ্ড আছিল এগৰাকী বৃ¿ট্ৰছ।

ভাৰতৰ হৈ শ্বুটিংত তৃতীয়টো পদক আজুৰি আনিছিল মহাৰাষ্ট্ৰৰ প্ৰতিভামান স্বুটাৰ স্বপ্নীল কুশালে। অভিষেক অলিম্পিকতে স্বপ্নীলে ৫০ মিটাৰ ৰাইফল থ্ৰিপজিছনত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। মাত্ৰ ০-৪ পইণ্টৰ বাবে ৰূপৰ পদক হেৰুৱাব লগা হয় স্বপ্নীল। পৰাজয়ৰ গৰাহত পৰিও শীতল মস্তিস্কৰে ছাপ নিয়ন্ত্ৰন কৰিব পৰাটোৱেই আছিল স্বপ্নীলৰ সাফল্যৰ ৰসায়ন।

সাঁতোৰঃ এইবাৰ অলিম্পিকত দুগৰাকী সাতোৰবিদে দেশক প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোক হৈছে শ্ৰীহৰি নটৰাজ আৰু ধিনিধি দেছিংঘু। পুৰুষৰ শাখাত শ্ৰীহৰিয়ে ১০০ মিটাৰ ব্ৰেকষ্টকত সামগ্ৰিকভাৱে ৩৩ সংখ্যক স্থান লাভ কৰে। আনহাতে, ১৪ বছৰীয়া ধিনিধিয়ে মহিলাৰ ২০০ মিটাৰ ফ্ৰি ষ্টাইল ইভেণ্টত সামগ্ৰিকভাৱে ২৩ সংখ্যক স্থানত থাকে।

টেবুল টেনিছঃ পুৰুষৰ ব্যক্তিগত শাখাত ভাৰতৰ অভিজ্ঞ খেলুৱৈ শৰৎ কমলে শ্লোভেনিয়াৰ প্ৰতিদ্বন্দীৰ হাতত প্ৰথম ৰাউণ্ডতে ৪-২ পৰাজয় বৰণ কৰি প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

অন্য এজন খেলুৱৈ হৰমীত দেশায়ে জৰ্দানৰ বিৰুদ্ধে ৪-০মেছৰ ব্যৱধানত জয়লাভ কৰি দ্বিতীয়খন মেছত ফ্ৰান্সৰ বিৰুদ্ধে ৪-০ ব্যৱধানত পৰাজয় বৰণ কৰে।

পুৰুষৰ টেবুল টেনিছৰ দলীয় শাখাত ভাৰতৰ শৰথ কমল, হৰমীত দেশাই আৰু মানৱ থাক্কাৰৰ যুটীটো  চীনৰ হাতত ৩-০ ব্যৱধানত পৰাস্ত হৈ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় মাগিলে।

মহিলাৰ ব্যক্তিগত শাখাত মণিকা বাট্ৰাই গ্ৰেট ব্ৰিটেইনৰ প্ৰতিদ্বন্দীক ৪-১ ব্যৱধানত, দ্বিতীয় মেছত ফ্ৰান্সৰ বিৰুদ্ধে ৪-০ মেচত জয়লাভ সাব্যস্ত কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলৰ মেচত জাপানৰ বিৰুদ্ধে ৪-১ ব্যৱধানত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

আন এগৰাকী খেলুৱৈ স্পৃজা আকুলাই চুইজাৰলেণ্ডৰ প্ৰতিদ্বন্দীক ৪-০ ব্যৱধানত আৰু  দ্বিতীয়খন মেচত চিংগাপুৰৰ বিৰুদ্ধে ৪-২ মেচত ব্যৱধানত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰি ৪-০ ব্যৱধানত পৰাস্ত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

মহিলাৰ টেবুল টেনিছৰ দলীয় শাখাত ভাৰতৰ মণিকা বাট্ৰা, স্পৃজা আকুলা আৰু অৰ্চনা কামাথৰ যুটীটোৱে ৰোমানিয়াক ৩-০ মেছৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ হাতত ৩-১ ব্যৱধানত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় লয়।

টেনিছঃ টেনিছ শাখাত ভাৰতে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি নকৰাকৈ পেৰিছ অলিম্পিকৰ পৰা বিদায় মাগিলে। ব্যক্তিগত শাখাৰ একমাত্ৰ খেলুৱৈ সুমিত নাগালে ফ্ৰান্সৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে  ৬-২, ২-৬, ৭-৫ ব্যৱধানত পৰাজিত হৈ প্ৰথম ৰাউণ্ডৰ পৰা বিদায় মাগিল।

ডাবোলছ শাখাত ভাৰতৰ ৰোহন বাপ্পানা আৰু শ্ৰীৰাম বালাজীয়ে ফ্ৰান্সৰ বিৰুদ্ধে ভাৱে ৭-৫, ৬-২ ছেটত পৰাজিত হৈ প্ৰতিযোগীতাৰ পৰা বিদায় মাগে।

মলযুদ্ধঃ মল্লযুদ্ধ ভাৰতৰ অন্যতম প্ৰাচীন খেল। ভাৰতত বৰ্ত্তমানেও অঞ্চল ভেদে আৰু লোক সংস্কৃতি অনুযায়ী বিভিন্ন প্ৰকাৰৰ মল্লযুদ্ধ বৰ্ত্তমানেও প্ৰচলিত হৈ আছে। মহাভাৰতৰ সময়ৰ পৰাই মল্লযুদ্ধই ভাৰতীয় সমাজ আৰু ক্ৰীড়া সংস্কৃতিত বিশিষ্ঠ স্থান অধিকাৰ কৰি আহিছে।মহাভাৰতৰ সময়ত কুন্তী পুত্ৰ ভীম সৰ্বশ্ৰেষ্ঠ মল্লযুজাৰু আছিল। বৰ্ত্তমানলৈ ভাৰতে ১ ৰূপসহ ৭টা ব্ৰঞ্জ পদকেৰে মল্লযুদ্ধত মুঠ ৮টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

অলিম্পিকত ভাৰতে ৫৩ কেজি শাখাত উদীয়মান মল্লযুজাৰু অন্তিম পাংগালৰ পৰা এটা পদক আশা কৰিছিল। কিন্তু সকলোকে নিৰাশ কৰি প্ৰথম ৰাউণ্ডত তুৰস্কৰ প্ৰতিদ্বন্দীৰ হাতত ১০-০ মেচৰ ব্যৱধানত পৰাজয় বৰণ কৰে। ভাৰতৰ অংশু মালিকে মহিলাৰ ৫৭ কেজি শাখাত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে প্ৰথম মেচত ৭-২ ব্যৱধানত পৰাজয় বৰণ কৰে। অন্য এগৰাকী খেলুৱৈ নিশা দহিয়াই মহিলাৰ ৬৮ কেজি শাখাত ইউক্ৰেইনৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ৬-৪ ব্যৱধানত জয়লাভ কৰিলেও কোৰিয়াৰ প্ৰতিদন্দীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিদন্দীতা আগবঢ়াই ১০-৮ ব্যৱধানত পৰাজয় বৰণ কৰে। আনহাতে মহিলাৰ ৭৬ কেজি শাখাত ৰিতিকা হুডা ই হাংগেৰীৰ প্ৰতিদ্বন্দীক ১২-২ ব্যৱধানত পৰাজয় কৰিলেও কোৱাটাৰ ফাইনেলত কাজাখিস্থানৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ১-১ ব্যৱধানত ড্ৰ খেলিও মল্লযুদ্ধৰ নিয়মৰ ভিত্তিত পৰাজয় বৰণ কৰিব লগীয়া হয়।

পেৰিছ অলিম্পিক এটা ৰঙীন সপোনৰ পৰিসমাপ্তি ঘটিল ডংগল কন্যা বিনেশ ফগাটৰ। স্বৰ্ণজয়ৰ এটা উজ্জ্বল আশা সৃষ্টি কৰিও নিয়তিৰ অদ্ভূত পৰিণতিত পদক লাভৰ আশা অসম্পূৰ্ণ হৈ ৰল বিনেশৰ। সৃষ্টি কৰ্ত্তাই ৰঙীন সপোনৰ গৌৰবৰ পৰা বঞ্চিত কৰিলে ভাৰতীয় ক্ৰীড়াপ্ৰেমীক। ৫০ কেজি শাখাত বিনেশে বিশ্বৰ শীৰ্ষ বাছনিৰ খেলুৱৈ আৰু অলিম্পিকৰ স্বৰ্ণজয়ী জাপানাৰ য়ুই চুচাকীক ৩-২ মেচত আৰু কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ উকাদানা পিভাছক ৭-৫ মেচত আৰু ছেমি ফাইনেলত কিউৱাৰ যুছনেলিছ গুজামক ৫-০ ব্যৱধানত পৰাজিত কৰি বহু ইপ্সিত ফাইনেলত প্ৰবেশ কৰিছিল।কিন্তু ৰাতিপুৱাই আহিল সেই দুঃসহ খবৰটো। ওজনত ১০০ গ্ৰাম বৃদ্ধি হোৱাৰ বাবে ফাইনেল খেলাৰ পৰা অযোগ্য বুলি ঘোষণা কৰা হ’ল বিনেশক। কথাতে কয় দাতাই দিলেও বিধাতাই নিদিয়ে।’

অলিম্পিকত এইবাৰ মল্লযুদ্ধ তাৰকা হৈ ৰল আমন শ্বেৰাৱট। পুৰুষৰ ৫৭ কেজি শাখাত মেচিডনীয়াৰ ভ্লাডিমিৰ ইগৰভক ১০-০ আলবেনিয়াৰ জুলৰখান নাবাকৰডক ১২-০ মেচৰ ব্যৱধানত পৰাস্ত কৰি জাপানৰ ৰেই হিংগুছিৰ বিৰুদ্ধে ১০-০ মেচৰ ছেমি ফাইনেলত পৰাজয় বৰণ কৰে। ব্ৰঞ্জৰ পদকৰ খেলত পুৱেৰ্টৰিকৰ ডাৰিয়ান ক্ৰাৰ্জক ১৩-৫ ব্যৱধানত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।

২০২৪ চনৰ পেৰিচ অলিম্পিকত ১৪০ কোটি জনসংখ্যাৰ বিশাল দেশখনে মাত্ৰ ৬টা পদকেৰে হতাশজনক ছবি প্ৰদৰ্শন কৰি ব্যৰ্থতাৰ অন্য এক পৰিচয় দাঙি ধৰিলে। এইবোৰ ভাৰতীয় ক্ৰীড়াপ্ৰেমীয়ে  এথলীটসকলৰ প্ৰদৰ্শনলৈ চাই অন্তত ১০টাত কৈ অধিক পদক পাব বুলি আশা কৰিছিল। ২০২০ চনৰ টকিঅ অলিম্পিকত পোৱা ৭ পদকেই আছিল সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, ভাৰোত্তলন, মল্লযুদ্ধ আদিত বিশ্ব পৰ্য্যায়ৰ প্ৰতিযোগীতাত আমি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি আহিলেও যেতিয়াই অলিম্পিকৰ প্ৰশ্ন আহে তেতিয়াই আমি লক্ষ্যভ্ৰষ্ট হৈ পৰো। আমেৰিকা, চীন, জাপান, দক্ষিণ কোৰিয়া, ইংলেণ্ড, অষ্ট্ৰেলিয়াৰ লগত যেতিয়া আমি পদকৰ তুলনা কৰো তেতিয়া ক্ৰীড়াক্ষেত্ৰৰ পুতৌলগা প্ৰতিচ্ছবিখন আমাৰ সন্মুখত কৰুণ ৰূপত ভাঁহি আহে।

সৌ সিদিনালৈকে হকীয়েই আছিল ভাৰতৰ অলিম্পিক। অন্য বিভাগৰ খেলুৱৈক নিয়া হৈছিল বিদেশ ভ্ৰমণৰ উদ্দেশ্যৰেই। খেলুৱৈৰ সংখ্যা যিমান আছিল তাতকৈ অধিক আছিল প্ৰশাসনিক বিষয়াৰ পৰিয়ালবৰ্গ। ২০০৪ চনত অলিম্পিকত ৰাজ্যবৰ্দ্ধন সিং ৰাথোড়ে শ্বুটিংত পদক জয় কৰাৰ মুহুৰ্ত্তত ভাৰতীয় দলৰ মেনেজাৰ আছিল গ্ৰীচৰ সৌন্দৰ্য্য উপভোগত। এয়াই আমাৰ দুৰ্ভাগ্য। পৰৱৰ্ত্তী সময়ত অলিম্পিক পদক বিজয়ী ৰাজ্যবৰ্দ্ধন সিং ৰাথোড়ে দেশৰ ক্ৰীড়ামন্ত্ৰী হোৱাত ভাৰতীয় খেল জগতলৈ আহিছিল আশাৰ ৰেঙনি। খেলুৱৈ অৱস্থাত ৰাথোড়ে দেখা অবিচাৰ আৰু অব্যৱস্থাৰ অৱসান আনি এখন নতুন ভাৰত গঢ়াৰ সপোন দেখিছিল। আন্তজাৰ্তিক পৰ্য্যায়ত পদক জিকিবলৈ নিয়মৰ সলনি নহলে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ ভৱিষ্যৎ অন্ধকাৰ। প্ৰশাসনিক বিষয়াৰ হাতৰ মুঠিত থকা ক্ৰীড়া ক্ষেত্ৰক উদ্ধাৰ কৰাৰ মানসেৰে আৰম্ভণিৰ পৰাই ৰাথোড়ে আৰম্ভ কৰিছিল সংগ্ৰাম। প্ৰথমতে প্ৰতিটো খোজত উজতি খালেও সফল হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোড়ীৰ ছত্ৰছায়াত। দুয়োৰে চিন্তাৰ ফচল ‘খেলো ইণ্ডিয়া’। যিটো কাম ৫০ বছৰ আগতে দেশত হব লাগিছিল সেয়া হলগৈ ২০১৮ চনত। ‘খেলো ইণ্ডিয়া’আগমনৰ লগে লগে খেল ধেমালি গুছি হলগৈ ‘কেৰিয়াৰ আৰু চিৰিয়াচ’।

আজি ১৪০ কোটি জনতাৰ দেশ ভাৰতবৰ্ষই একোজন অভিনৱ বিন্দ্ৰা, নীৰজ চোপ্ৰাৰ সন্ধানত পাৰ কৰে বহু উজাগৰী নিশাৰ পৰিকল্পনা। দেশৰ খেলুৱৈ সকলেও বাৰ মাহে তেৰটা পূজা উদ্‌যাপনৰ দৰে ইখনৰ পিছত সিখন আন্ত্ৰৰাষ্ট্ৰীয় প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি নিজকে অধিক পাৰদৰ্শী হব বিচাৰে। দেশখনৰ ক্ৰীড়া মন্ত্ৰালয়েই খেলুৱৈসকলক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সকলৰ মাজত চিনাকী কৰি দিয়াৰ মানসিকতাৰে কোটি কোটি টকা খৰচ কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। তথাপিও বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া অলিম্পিকত আমি বাৰে বাৰে ব্যৰ্থতাৰ পৰিচয় দি আহিছো। এতিয়াওঁ ক্ৰীড়া সংগঠন আৰু প্ৰশিক্ষক সকলে বিচাৰি পোৱা নাই সাফল্যৰ ছাবিকাঠি। সম্ভৱত স্কুল পৰ্য্যায়ৰ পৰাই ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিব লাগিব। একেবাৰে ছাত্ৰ অৱস্থাৰ পৰাই খেলুৱৈক অত্যাধুনিক সা-সুবিধাৰ প্ৰশিক্ষণ নিদিলে অলিম্পিক পৰ্য্যায়ত কেতিয়াও ভাল ফল দেখুৱাব নোৱাৰিব। অলিম্পিকৰ দৰে বিশ্বৰ শীৰ্ষ ক্ৰীড়া প্ৰতিযোগীতাত জয় লাভ কৰিবৰ বাবে একাগ্ৰতা, সাহস, কষ্টসহিষ্ণুতা, নিয়মানুবৰ্তিতা, কঠোৰ অধ্যৱসায় আৰু গুণৰ অধিকাৰী হ’ব লাগিব। ভাৰতৰ জেভলিনত টকিঅৰ স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাই কৈছিল— “My life became occupied with only one couple of things, go to the stadium and practice, came back home, eat and then go back to training”. একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমেই আছিল নীৰজ চোপ্ৰাৰ সাফল্য ৰসায়ন, লগতে লাগিব নিজকে সৰ্বশ্ৰেষ্ঠ হিচাপে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ বাসনা। বিশ্ববিখ্যাত অলিম্পিক পদক জয়ী Daley Thompson ৰ ভাষাত কওঁ “In sports if you want to be best you have to be complete against the best”.

লেখকঃ ধৰ্ম কান্ত মিলি (Dharma Kant Mili)