Home Blog Page 506

Marwari community in Assam:অসমৰ মাৰোৱাৰী সমাজৰ প্ৰতি ইমান ঘৃণাভাৱ কিয়?

Marwari community in Assam
অসমত মাৰোৱাৰী সমাজৰ ইতিহাস প্ৰায় ২০০ বছৰ পুৰণি

দৈনন্দিন বাৰ্তাৰ বিশেষ: Marwari community in Assam: সময়ে সময়ে যেতিয়াই বিভিন্ন বিষয় কেন্দ্ৰ কৰি আমাৰ প্ৰদেশত গণ আন্দোলন হয় ঠিক তেতিয়াই অসমীয়া মাৰোৱাৰী সমাজ প্ৰভাৱিত হয়।১৯৭৯ৰ পৰা ১৯৮৫ ৰ অসম আন্দোলনৰ প্ৰাৰম্ভিক সময়কে ধৰি আলফাৰ উগ্ৰবাদ তথা সময়ে সময়ে যেতিয়াই যিকোনো বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে তেতিয়াই মাৰোৱাৰী সমাজৰ ইতিহাস বিষয় লৈ উগ্ৰ জাতীয়তাবাদে মূৰ দাঙি উঠে।ঠিক তেতিয়াই মাৰোৱাৰী সমাজ ইয়াৰ প্ৰথম লক্ষ্য হৈ আহিছে অসমত মাৰোৱাৰী সমাজৰ ইতিহাস প্ৰায় ২০০ বছৰ পুৰণি।বৰ্তমান সময়ত অসমে যি সমূহ জলন্ত সমস্যাৰ মুখামুখী কৰি আহিছে সেই সমস্যা সমূহৰ বাবে মাৰোৱাৰী সমাজক কোনো প্ৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে দোষী সজাব নোৱাৰি।অসমৰ মাৰোৱাৰী সমাজ পোনপতীয়াকৈ বেপাৰ বাণিজ্য উদ্যোগ জগতৰ সৈতে জড়িত সমাজ।সম্ভৱত সৰল তথা নিজৰ পৰিসীমাকেই তথা ইয়াৰ চৌপাশে মাৰোৱাৰী সমাজে নিজৰ পৃথিৱী বুলি জ্ঞান কৰে।এওঁলোক অন্যায় অনীতি অত্যাচাৰ হিংসা মাৰপিত আদিৰ পৰা নিজকে দূৰত ৰাখে।

অসমত মাৰোৱাৰী সমাজৰ ইতিহাস প্ৰায় ২০০ বছৰ পুৰণি

য’ত হিংসা অত্যাচাৰ থাকে যি সমূহ নৈতিক মূল্যৰ বিপৰীত।প্ৰদৰ্শনী অপৰাধ নাইবা অন্যান্য কোনো ক্ষেত্ৰতে নিজ সংৰক্ষণৰ বাবে দাবী কৰাই নহওক’ কিয় মাৰোৱাৰী সমাজে কেতিয়াও চৰকাৰক নাইবা স্থানীয় সমাজৰ বাবে বেতনৰ হৈ বা ইয়াৰ বিপৰীতে কেতিয়াও ৰাস্তা পথলৈ অহা নাই।বৰ্তমান সময়ত অসমে নিজ অস্তিত্ব ৰক্ষাৰ বাবে যুৃঁজ দি আছে।ভাষা সংস্কৃতি দৰিদ্ৰতা তথা নিবনুৱা সমস্যাৰ সৈতে যুঁজ দি আছে।অসমৰ জনসংখ্যাৰ গাঁথনি দ্ৰুত গতিত পৰিৱৰ্তন হৈ আছে যিটো স্থানীয় সমাজৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিছে।এই সকলোবোৰ বিষয়ৰ ওপৰত অসমৰ মাৰোৱাৰী সমাজৰ কোনো প্ৰভাৱেই পৰিলক্ষিত নহয়।আৰু এই ক্ষেত্ৰত এই সমাজৰ অৱস্থিতি বহু নিলগত।এই অস্তিত্বৰ যুঁজত মাৰোৱৰী সমাজৰ অৱস্থিতি কিয় কোন স্থানত সমাজ থিয় দি আছে।জনসংখ্যাৰ গাঁথনিৰ ওপৰত চকু দিলে দেখা যায় যে অসমৰ ইতিহাসত মাৰোৱাৰী সমাজ ২০০ বছৰ পুৰণি তথা আজিৰ দিনত অসমৰ মুঠ জনসংখ্যাৰ মাত্ৰ দুই শতাংশ মাৰোৱাৰী।দৰিদ্ৰতা তথা নিবনুৱা কথা কবলৈ গ’লে মাৰোৱাৰী যুৱকৰ দ্বাৰা পৰিচালিত হোৱা ব্যৱসায়,বাণিজ্যি উদ্যোগ স্থানীয় বৃহৎ সংখ্যক যুৱক-যুৱতী নিজৰ জীৱিকা অৰ্জন কৰি আহিছে।এইক্ষেত্ৰত যিমানদূৰ সম্ভৱ প্ৰয়াস কৰাৰ আৱশ্যক আছে।অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত মাৰোৱাৰী সমাজৰ ব্যক্তিৰ অৱদান উল্লেখনীয় তথা শ্ৰদ্ধাৰ বাগড়োদীয়া দেৱ,সাহেবাল দেৱ,গৌদুকা দেৱ,গৌকেকা দেৱ,পাটনী দেৱ,উমেশ দেৱ আদি সমাজত ব্ৰতী আছে।তদুপৰি শ্ৰদ্ধাপাত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক অসমীয়া ভাষা সাহিত্যিক বলি জ্ঞান কৰা হয়।যি স্থান সম্মান অসমীয়া সমাজত তেখেতৰ আছে সেই সম্মান আদৰ মাৰোৱাৰী সমাজতেই নাই।বৰ্তমান সময়ত যি ৰাষ্ট্ৰই যোজনাৰ মাধ্যমেৰে নিজৰ বিনিয়োগ বৃদ্ধি কৰিবলৈ সফল হয় সেইসমূহ ৰাষ্ট্ৰইহে প্ৰগতি কৰিব পাৰে।

অসমৰ প্ৰগতি ক্ষেত্ৰত বেপাৰ বাণিজ্য উদ্যোগিক ক্ষেত্ৰত বিকাশৰ দিশত অসমৰ মাৰোৱাৰী সমাজৰ এক জীৱনৰেখা স্বৰূপ হৈ আছে।অসমত মাৰোৱাৰী সমাজৰ জনসংখ্যা দুই শতাংশ থকা স্বত্বেও কিন্তু বেপাৰ বাণিজ্য তথা উদ্যোগিক ক্ষেত্ৰখনৰ এক বৃহৎ অংশ মাৰোৱাৰী সকলৰ দায়িত্ব যথেষ্ট বেছি।অসমৰ আৰ্থিক প্ৰগতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে তথা অংশ হৈ ৰব ইয়াৰ অনন্তকালত তেওঁলোকৰ নিষ্ঠা,পৰিশ্ৰম,দূৰদশিতা।এতিয়াও ককাকৰ ধন নাঁতিনীয়েকে পৰিশোধ কৰে।অসমৰ সৰ্বাংগীন বিকাশ তথা সমাজসেৱাত অসমৰ মাৰোৱাৰী সমাজে এক অগ্ৰণী ভূমিকা লৈ আহিছে।শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ এক দীঘলীয়া ইতিহাস আছে।

বিদ্যালয়-মহাবিদ্যালয়,বিশ্ববিদ্যালয় আদি স্থাপনৰ ক্ষেত্ৰত সহায় অগ্ৰনী হিচাপে পৰিচিত।আজিও উচ্চ শিক্ষাৰ দুই বিশ্ববিদ্যালয়ে যুৱ সমাজক আগবঢ়াই লৈ গৈছে।চিকিৎসালয়,ধৰমশালা আদিৰ নিৰ্মাণতো কোনো ধৰনৰ পিছ পৰি ৰোৱা নাই।মাৰোৱাৰী সমাজৰ ৰিমানসংখ্যক সমাজসেৱী সংগঠন আছে।তেওঁলোকৰ দ্বাৰা এম্বুলেন্স সেৱা,স্বৰ্গৰথ সেৱা,কৃত্ৰিম অংগৰ শিৱিৰ।ৰক্তদান শিবিৰ,নেত্ৰদান,খেলা-ধূলা আদিৰ প্ৰতিযোগিতা দৰে অনেক প্ৰকাৰৰ কাৰ্যকলাপ সময়ে-সময়ে অনুষ্ঠিত কৰা হয়,ইয়াৰ পোনপটীয়া লাভ স্থানীয় সমাজ বন্ধু,সকলেই লাভ কৰি আহিছে।যিকোনো দুৰ্যোগৰ সময়ত,বানপানী ক’ৰনাকাল বা যিকোনো বিপদৰ নহওঁক কিয়,তেনে সময়ত মাৰোৱাৰী সমাজে হাঁহি মুখে আগবাঢ়ি দেহে মনে আৰ্থিকভাৱে কামত নিজকে জড়িত কৰি আহিছে আৰু সদায় প্ৰস্তুত হৈ থাকে।সমাজ সেৱা তথা দান কৰাৰ প্ৰবিক্তি হাবিয়াস এওঁলোকৰ তেজত বিৰাজমান যিটো কঠিন ব্ৰতৰ সমান।এই সকলোবোৰ বিষয় বিশ্লেষণ কৰি এইটো স্পষ্ট হৈ পৰে যে অসমৰ মাৰোৱাৰী সমাজ অসমৰ জনজাগৰণ কৰে ইয়াৰ ভাষা সংস্কৃতিৰ বাবে ইয়াৰ জনসংখ্যা গাঁথনিৰ পৰিৱৰ্তন কাৰণে কেতিয়াও এক বাধা হিচাপে থিয় দিয়া নাছিল বৰ্তমানেও নাই তথা ভৱিষ্যতেও নাথাকিব কোনো সভাজতেই সু-সম্পৰ্ক নহয়,কিছুমান ক্ষেত্ৰত কম-বেছি পৰিমাণটো সকলো সমাজেই পূৰ্ণতাৰ উৰ্দ্ধত নহয়।

মাৰোৱাৰী সমাজে ইয়াৰ বিপৰীত নহয় তথাপিও অসমত বসবাস কৰা অন্য সকলোবোৰ সমাজৰ তুলনাত অসমৰ বিকাশৰ প্ৰত্যেক ক্ষেত্ৰত এই সমাজ সদায়ে বহু আগত।আজিও অসমৰ মাৰোৱাৰী সমাজৰ প্ৰতি ইমান ইৰ্ষা বিবেদ তথা ঘৃণা কিয়?প্ৰত্যেক সৰু-বৰ বিষয়ত মাৰোৱাৰী সমাজত কিয় লক্ষ্য কৰি লোৱা হয়।কিয় সমাজত বিষবাষ্প বিয়পোৱা হয়।কিয় অপমানিত হয় মাৰোৱাৰী সমাজ,কিয় লক্ষ্য কৰি লোৱা হয় অসমৰ অভিস্তৰ এই যুঁজত,বৃহত্তৰ অসমীয়া প্ৰতি এক মাত্ৰ উপায় হিচাপে পৰিলক্ষিত হয়।গত সময়ত অসমত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ সম্মান,ক্ষমতা তথা বুজাবুজি,থকাটো জুৰুৰী,অসমৰ বৰ্তমান সমস্যাটো সৈতে মোকাবিলা কৰিবলৈ এয়াই একমাত্ৰ তথা অন্তিম চৰ্ত।অসমৰ মাৰোৱাৰী সমাজৰ এক বৃহৎ ভাল গুণ থকা স্বত্বেও মাতৃভূমি তথা কৰ্ম ভূমিৰ প্ৰতি নিজস্ব কৰ্তব্য ধ্যান দিয়া প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব দিয়াটো ভাল হ’ব।সময়ৰ লগে-লগে প্ৰতিযোগিতা তথা দায়িত্বৰো পৰিৱৰ্তন হয়।

Durga Maa। “মা দুৰ্গাৰ কথা” জানো আহা

Durga Maa। ʼ মা দুৰ্গাৰ কথা ʼ জানো আহা
Durga Maa। ʼ মা দুৰ্গাৰ কথা ʼ জানো আহা

দৈনন্দিন বাৰ্তা বিশেষ লিখা: Durga Maa। ʼ মা দুৰ্গাৰ কথা ʼ জানো আহামা দুৰ্গা এশ আঠটা নামে বিভূষিতা । যেনে : সতী , সাধ্বী , ভবপ্ৰীতা , ভবাণী , ভবমোচনী , অৰ্য্য , জয়া , দুৰ্গা , আদ্যা , ত্ৰিনেতা , শূলধাৰিণী , পিনাকধাৰিণী , চিত্ৰা , চন্দ্ৰ ঘণ্টা , মহাতপা , মন: , বুদ্ধি , অহংকৰা , চিত্তৰূপা , চিতা , চিতি , সৰ্বমন্ত্ৰময়ী , নিত্যা , অনন্তা , সত্যানন্দস্বৰূপিনী , ভাবিনী , ভাব্যা , অভব্যা , ভব্যা , সদাগতি , শম্ভৱী , দেৱমাতা , চিন্তা , ৰত্নপ্ৰিয়া , সৰ্ববিদ্যা , দক্ষযজ্ঞ বিনাশিনী , দক্ষ কন্যা , অৰ্পণা , অনেকবৰ্ণা , পাটলা , পট্টম্বৰ পৰিধানা , পাটলাৱতী , সুন্দৰী , সুৰ সুন্দৰী , নৱ দুৰ্গা , মাতংগী , ব্ৰাহ্মী , মাহেশ্বৰী , ঐন্দ্ৰী , কৌমাড়ী , বৈষ্ণৱী , চামুণ্ডা , বাৰাহী , লক্ষ্মী , পুৰুষকৃতি , বিমলা , জগৎ জননী , উৎকৰ্ষিনী , জ্ঞানা , ক্ৰিয়া , সত্যা , বুদ্ধিদা , বহুলা , বহুলাপ্ৰেমা , মহিষাসুৰমৰ্দিনী , মধুকৈটভহন্ত্ৰী , চণ্ডমুণ্ড বিনাশিনী , সৰ্বাসুৰবিনাশা , সৰ্বদানবঘতিনী , সৰ্বশাস্ত্ৰময়ী , ভৈৰৱী , সৰ্বস্ত্ৰধাৰিণী , অনেকশস্ত্ৰহস্তা , কন্যা , কৈশেৰী , কুমাৰী , বিপদতাৰিণী , যুৱতী , যাতি , অপ্ৰৌড়া , প্ৰৌড়া , বৃদ্ধমাতা , বলপ্ৰদা , মহোদৰী , মুক্তকেশী , ঘোৰৰূপা , মহাবলা , অগ্নিজ্বালা , ৰৌদ্ৰমুখী , কালৰাত্ৰি , বিষ্ণুমায়া , জলোদৰী , শিৱদূতি , কৰালী , পৰমেশ্বৰী , কাত্যায়নী , সাবিত্ৰী , প্ৰত্যক্ষ , ব্ৰহ্মবদিনী , চিন্ময়ী , সিংহবাহিনী , অভয়া , পাৰ্বতী , উমা , জগদ্ধাত্ৰী , বাসন্তী , অন্নপূৰ্ণা , অম্বিকা । দুৰ্গা মাক সন্তুষ্ট কৰাৰ কেইবাটাও শক্তিশালী মন্ত্ৰ আছে , তাৰে ভিতৰত কেইটামান হৈছে , ‘ দুৰ্গা প্ৰণামমন্ত্ৰ ‘ – সৰ্বমংগলমংগল্যে
শিবে সৰ্বাথসাধিকে ।
শৰণ্যে ত্ৰম্বকে
নাৰায়ণী নমোহস্তুতে।।
ʼ দুৰ্গা বীজ মন্ত্ৰ ʼ –
ওম হৃীং দুং দুৰ্গায়ৈ নমঃ
‘ সৌভাগ্য, যশ, সুখ আৰু সুস্থ তথা নিৰোগী হৈ থকাৰ দুৰ্গা মন্ত্ৰ ‘ – দেহি সৌভাগ্য মাৰোগ্যং
দেহি দেৱী‌ পৰং সুখম
ৰূপং দেহি জয়ং দেহি
যশো দেহি দ্বিষো জহি ।
ʼ বিপদ বিঘিনি নাশৰ দুৰ্গা মন্ত্ৰ ʼ – শৰণাগত দীনাৰ্ত
পৰিত্ৰাণ – পৰায়ণে
সৰ্বস্যাৰ্তিহৰে দেৱী
নাৰায়ণী নমোহস্তুতে ।
ʼ শত্ৰু নাশৰ দুৰ্গা মন্ত্ৰ ʼ –
সৰ্ব বাধা প্ৰশমনং
ত্ৰৈলোক্যস্যাখিলেশ্বৰী ।
এবমেব ত্বয়া কাৰ্যমন্মদ
বৈৰী বিনাশনম ।
পৌৰাণিক পুৰাণ অনুসৰি, মা দুৰ্গাই কালীৰূপে চণ্ড মুণ্ড অসুৰক বিনাশ কৰি , ৰক্তৰে তৃষ্ণা নিবাৰণ নোহোৱা কাৰণে দানৱসকলৰ তেজ খাবলৈ গোটেই জগত ভ্ৰমি ফুৰিছিল । দেৱী মাৰ ৰণচণ্ডী ৰূপ শান্ত কৰিবলৈ দেৱাদিদেৱ মহাদেৱে দেৱী মাৰ আগত শুই দিছিল ; নেদেখাকে স্বামীৰ শৰীৰত ভৰি দি দেৱী মাৰ আপোনাআপুনি জিভা ওলাই আহি শান্ত হৈছিল । পৌৰাণিক পুৰাণ অনুসৰি , ১৬বছৰ বয়সত মাৰ্কণ্ডেয়ই মৃত্যুৰ পৰা হাত সাৰিবলৈ এক চিতে ভক্তিভাৱে শিৱলিংগত পূজা কৰিছিল। ভক্তিত সন্তুষ্ট হৈ শিৱবাবাই মাৰ্কণ্ডেয়ক যম(কাল)ৰ পৰা ৰক্ষা কৰিছিল , শিৱবাবাৰ লগতে মা পাৰ্বতীৰ প্ৰতি নিষ্ঠা ভকতি দেখি মা পাৰ্বতীয়ে মাৰ্কণ্ডেয়ক অপাৰ আশীৰ্বাদেৰে উপচাই পেলাইছিল । মা পাৰ্বতীয়ে পুত্ৰ গণেশ আৰু কাৰ্তিকৰ সমানে মৰম দি সৰ্বদা হৃদয়ত স্থান দিব বুলি কথা দিছিল । লগতে মা পাৰ্বতীৰ তথা মহাদেৱৰো বিশেষ কৃপাৰ অধিকাৰী হ’ব বুলি কৈছিল । তেতিয়া মাৰ্কণ্ডয়ে ভক্তিত গদগদ হৈ মা দুৰ্গাৰ কায়া , মায়া আৰু শক্তিস্বৰূপৰ কথা লৈ এখন গ্ৰন্থলিখাৰ অনুমতি বিচাৰিলে, তেতিয়া মা পাৰ্বতী আৰু শিৱবাবাই ক’লে যে, এই গ্ৰন্থখন গোটেই জগতত মাৰ্কণ্ডেয় পুৰাণ হিচাপে পৰিচিত হ’ব আৰু এইখন যিয়ে একচিতে শ্ৰৱণ কীৰ্তন কৰে, তেওঁ সকলো বিপদ বিঘিনীৰ পৰা মুক্তি পাই বাবা ভোলানাথ আৰু মা দুৰ্গাৰ বিশেষ কৃপা লাভ কৰিব । শাস্ত্ৰ পুৰাণ আদি অনুসৰি শিৱববাই চিতা ভস্মৰ পৰা ভস্মাসুৰ নামে অসুৰ এটিক সৃস্টি কৰিছিল । পৰৱৰ্তী সময়ত ভস্মাসুৰে কৈলাশত মা পাৰ্বতীক দেখি নিজৰ প্ৰিয়তমা ৰূপে পাবলৈ ব্যাকুল হৈ পৰে , সেয়ে ভস্মাসুৰে শিৱ বাবাৰ শিৰত হাত থৈ ভস্ম কৰিবলৈ খেদি গৈছিল,,মা পাৰ্বতীয়ে এনে শিৱলীলা দেখিবলৈ আচৰিত হৈছিল,, দেৱীয়ে নিজৰ স্বৰূপধাৰণ কৰি ভস্মাসুৰক বধ কৰিবলৈ উদ্যত হৈছিল। কিন্তু ভগৱান শিৱই নিজে দিয়া বৰদানৰ মৰ্য্যদা ম্লান হʼব, ভগৱানৰ ওপৰত ভক্তৰ বিশ্বাস নাইকীয়া হʼব বুলি প্ৰবোধ দিছিল। তেতিয়া মা পাৰ্বতী শান্ত হৈছিল। পৰৱৰ্তী সময়ত ভগৱান বিষ্ণুৱে এগৰাকী সুন্দৰী নাৰীৰ বেশ ধৰি ছলেৰে ভস্মাসুৰক বধ কৰিছিল।

লেখকঃ মৃণালী শইকীয়া (Mrinali Saikia)

Kamrup। Maa Kamakhya। শক্তিবাদ: কামৰূপৰ ঘৰে ঘৰে

Kamrup। Maa Kamakhya। শক্তিবাদ: কামৰূপৰ ঘৰে ঘৰে
শক্তিবাদ: কামৰূপৰ ঘৰে ঘৰে

গুৱাহাটী, ১১ অক্টোবৰ : Kamrup। Maa Kamakhya। মানুহে ঈশ্বৰক কল্পনা কৰিয়েই ক্ষান্ত থকা নাই।ঈশ্বৰ নাৰী নে পুৰুষ সেই বিতৰ্কটো মানুহে ভাগ লৈছে।ঈশ্বৰৰ অস্তিত্বৰ প্ৰশ্নত নাস্তিক সকলে ঈশ্বৰক বিশ্বাস কৰা সকলক মানসিক ভাৱে দুৰ্বল বুলি অভিহিত কৰিছে।কিন্তু তাৰ বিপৰীতে বিশ্বাস আৰু বিজ্ঞানক ভেজা দি বিভিন্ন ধৰ্মৰ লোকে তত্বৰ আধাৰত বিভিন্ন ধৰণে ঈশ্বৰক বিচাৰি পাবলৈ চেষ্টা কৰিছে। ( Kamakhya Devi Temple)

লতাশিল দুৰ্গা পুজা


কিছুমানে ঈশ্বৰক নাৰী আৰু আন কিছুমানে পুৰুষ আৰু এচামে অসীম শক্তি হিচাপে বিশ্বাস কৰি গছ গছনি,শিল আদি জড় পদাৰ্থটো ঈশ্বৰক বিচাৰি পাবলৈ চেষ্টা কৰিছে।কিন্তু যিয়ে যি হিচাপেই কল্পনা নকৰক কিয় পৃথিৱীত এক অদৃশ্য শক্তি আছে যাৰ ফলতে পৃথিৱীখন আজিৰ অৱস্থাটোলৈ উন্নীতকৰণ হৈছে আৰু ভৱিষ্যতে যদি এই মহান সৃষ্টিৰ ধংস হয় তাৰ বাবেও সেই শক্তিয়েই হয়তো জগৰীয়া হ’ব।যিয়ে যি নাভাবক কিয় এই লেখকে সেই শক্তিকে ঈশ্বৰ হিচাপে মানি লৈছে আৰু মানি থাকিব।অৰ্থাৎ সেই অদৃশ্য শক্তিয়েই আজিৰ সমাজৰ চালিকা শক্তি। ভাৰতীয় পৰম্পৰাত এই অদৃশ্য শক্তিৰে এটি ৰূপ হ’ল শাক্তৰ উৎস দেৱী দুৰ্গা।শাক্তধৰ্মৰ আক্ষৰিক অৰ্থ শক্তিবাদ।

ই হিন্দুধৰ্মৰ এটি শাখা।হিন্দু ধৰ্মত দেৱীক পৰম আৰু সৰ্বোচ্চ ঈশ্বৰ বুলি ভবা হয় আৰু এই মতবাদৰ ওপৰত ভিত্তি কৰিয়েই শাক্ত ধৰ্মৰ উদ্ভৱ হৈছে।এই ধৰ্ম লোৱা লোক সকলক শাক্ত বুলি ধৰা হয়।হিন্দু ধৰ্মৰ প্ৰধান তিনিটা ভাগৰ ভিতৰত অন্যতম হৈছে শাক্তধৰ্ম।আন দুটা ভাগ হৈছে বৈষ্ণৱ ধৰ্ম আৰু শৈৱ ধৰ্ম। আনহাতেদি তন্ত্ৰ শাস্ত্ৰৰ পশ্চিমীয়া পণ্ডিত ছাৰ জন উড্ৰফে আগম আৰু তন্ত্ৰক বহল ভাৱে শৈৱ আৰু বৈষ্ণৱ আৰু সূক্ষ্মভাৱে শৈৱ,শাক্ত আৰু বৈষ্ণৱ হিচাপে তিনি ভাগত বিভক্ত কৰিছে।ছাৰ জন উড্ৰফে আগম ভাগটোৰ জৰিয়তে পৰম আৰাধ্য দেৱতাক পৰহন্তা ৰূপে আৰু ঈশ্বৰক জোৰা লগোৱা দুটা শক্তি ৰূপে ধাৰণা দিছে।


বিধি বিধানৰ ফালৰ পৰা আগমৰ সাধাৰণ সম্পদ,মন্ত্ৰ,বীজ,যন্ত্ৰ,মুদ্ৰা,ন্যাস,ভূতশুদ্ধি, কুণ্ডলীযোগ,ক্ৰিয়া,চৰ্চা আৰু মায়া যোগ।তন্ত্ৰ মূলতে ভাৰতৰ নাছিল বুলি পণ্ডিত সকলে ক’ব খোজে।আনহাতেদি বৈদিক ধৰ্মৰ ওপৰত আদিমবাসীসকলৰ ধৰ্মৰ তন্ত্ৰ মন্ত্ৰৰ প্ৰতিক্ৰিয়াৰ ফলতে তান্ত্ৰিকতাৰ উদ্ভৱ হোৱা বুলি আন এচাম পণ্ডিতে বিশ্বাস কৰে।হিন্দু ধৰ্মত হঠাতে তান্ত্ৰিকতাৰ প্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি ড০ বিনয়তোষ ভট্টাচাৰ্য্যই বৌদ্ধ ধৰ্মৰ পৰা তন্ত্ৰ মন্ত্ৰবোৰ হিন্দু ধৰ্মত সোমাই পৰা বুলি কৈছে।


ভাৰতৰ উত্তৰ পূবৰ এক বিস্তীৰ্ণ অঞ্চল কামৰূপ প্ৰাচীন কালৰ পৰাই শক্তি সাধনাৰ উপযুক্ত স্থান বুলি পৰিগণিত হৈ আহিছে। মই আগতেই উল্লেখ কৰিছোঁ যে মানুহে আদিৰে পৰাই গছ-গছনি আনকি জড় পদাৰ্থটো ঈশ্বৰ থকা বুলি বিশ্বাস কৰিছিল আৰু এতিয়ালৈকে কৰি আছে।মানুহে আদিতে প্ৰকৃতি পূজাৰ লগতে প্ৰকৃতিৰ অংশীদাৰ স্বৰূপ কিছুমান শক্তি যেনে সূৰ্য্য, বায়ু,অগ্নি,পৰ্বত-পাহাৰ,গছ-গছনি,নৈ আদিক ঈশ্বৰসম জ্ঞান কৰি পূজা কৰিছিল।আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই।এতিয়াও ঠায়ে ঠায়ে বটগছ,বেলগছ আদিৰ সন্মূখত চাকি জ্বলাই আৰু নৈ পাৰ হলে সেৱা কৰি ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰি অহা হৈছে।এই বিশ্বাস কৰা সকল একেবাৰে অশিক্ষিতেই যে তেনে নহয়,অতি শিক্ষিত লোকো আছে।শিৱ লিংগক পূজা,মূৰ্ত্তি পূজা,ধৰ্মপুথিক সেৱা,ঈশ্বৰ বুলি আকৌ এচামে মানুহকো সেৱা কৰা ইত্যাদি ইত্যাদি চলি আছে। ইতিহাসৰ পম খেদি দেখা যায় যে শ শ বছৰ অতিক্ৰম কৰাৰ পাছত প্ৰাচীন ভাৰতবাসীৰ ভৌগোলিক স্থিতি, প্ৰাকৃতিক পৰিৱেশ,ধৰ্মীয় বিশ্বাস,সাংস্কৃতিক ৰীতি অনুযায়ী উপাসনা কৰা দেৱ দেৱী সমূহ নিৰ্দিষ্ট হৈ পৰে।অসমো ইয়াৰ ব্যতিক্ৰম হোৱা নাই।উত্তৰ পূৱ ভাৰততে তন্ত্ৰ আৰু শাক্ত ধৰ্মৰ উৎপত্তি হৈছিল বুলি পণ্ডিত সকলে মত প্ৰকাশ কৰিছে।চতুৰ্থ-পঞ্চম শতিকাৰ পৰা তান্ত্ৰিক সাহিত্যৰ উদ্ভৱ হয় আৰু সপ্তম শতিকাত সি প্ৰবল হৈ পৰে।অসমতো এনে এক প্ৰক্ৰিয়াৰে আৰম্ভ হৈছিল শাক্ত ধৰ্ম আৰু লগে লগেই যেন আৰম্ভ হৈছিল শক্তি পূজা।দশম শতিকাত কালিকা পুৰাণ ৰচিত হোৱাৰ পৰা কামৰূপত শাক্তধৰ্মৰ লগতে শাক্ত সম্প্ৰদায়ৰ প্ৰভূত্ব বাঢ়িবলৈ ধৰা বুলি অনুমান কৰিব পাৰি।
শাক্ত ধৰ্মৰ মূল উপাস্য হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী।এই দেৱীৰ আকৌ ভিন্ন ৰূপ।

ভগৱতী,চণ্ডী,কাত্যায়নী,কামাখ্যা,উমা,পাৰ্ৱতী, মহিষ মৰ্দিনী,ভৈৰৱী,চামুণ্ডা,কালী,মহামায়া, লক্ষ্মী,সৰস্বতী,গৌৰী,তাৰা ইত্যাদি ইত্যাদি। অসমত শক্তি ধৰ্মৰ ইতিহাস আৰু পৰম্পৰা বিচাৰিবলৈ প্ৰধানকৈ তাম্ৰলিপি,তাম্ৰশাসন, প্ৰস্তৰ-লিপি,জনশ্ৰুতি,জন-সাহিত্য,বুৰঞ্জী, সংস্কৃত আৰু লিখিত সাহিত্য সমূহক সমল হিচাপে ল’ব পৰা যায়।কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত কৈছে – দেৱী ক্ষেত্ৰং কামৰূপং বিদ্যতেহন্যন তৎসমম, অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহে গৃহে। অৰ্থাৎ কামৰূপৰ নিচিনা কোনো স্থান নাই যি ঠাই দেৱীৰ আৱাসৰ বাবে উপযুক্ত।আন দেশত যি দুৰ্লভ সেই দেৱী কামৰূপৰ ঘৰে ঘৰে। পুৰাণত উল্লেখ আছে যে প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকেই শক্তি সাধনাৰ প্ৰথম সেৱক। তেওঁৱেই পোণপ্ৰথমে প্ৰাগজ্যোতিষপুৰত দেৱী পূজাৰ প্ৰচলন কৰিছিল।আচলতে নৰকেনো কিয় শক্তিৰ উপাসক হৈ পৰিল।এই সম্পৰ্কে কালিকা পুৰাণত এক আখ্যান আছে। সেই অনুসৰি নৰকাসুৰৰ জন্ম হয় বসুমতীৰ গৰ্ভত আৰু বিষ্ণুৰ ঔৰসত।

বিষ্ণুৱে নৰকক প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতে।ইয়াৰ লগতে বিষ্ণুৱে নৰকক নিৰ্দেশ দিয়ে-তুমি সদায় কামৰূপৰ নীলাচলতে বাস কৰিবা আৰু কামাখ্যাৰ বাহিৰে আন দেৱতাৰ পূজা নকৰিবা।ইয়াৰ ব্যতিক্ৰম কৰিলেই তোমাৰ প্ৰাণ নাশ হ’ব।ইয়াৰ ফলতেই নৰকাসুৰ শক্তিৰ উপাসক হৈ পৰে।নৰকাসুৰৰ পিছত তেওঁৰ পুত্ৰ ভগদত্তৰ দিনত শাক্ত ধৰ্মৰ ভেটি কিছু দুৰ্বল হৈ পৰিছিল।৩৮০ খ্ৰীষ্টাব্দ মানৰ পৰা ৬৫০ খ্ৰীষ্টাব্দ মানলৈ ভগদত্তৰ পৰা যি সকল ৰজাই শাসন কৰিছিল তেওঁলোকৰ বেছিভাগেই শাক্ত সাধনাতকৈ শৈৱ ধৰ্মৰ প্ৰতিহে আসক্ত আছিল।ইয়াৰ পিছত অৰ্থাৎ ভাস্কৰ বৰ্মাৰ পিছত ৬৫০ ৰ পৰা ১০০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা শালস্তম্ভ আৰু প্ৰালম্ভ ৰজা সকল শৈৱ আছিল।ড০ সুনীতি কুমাৰ চেটাৰ্জীৰ মতে প্ৰালম্ভ ৰাজবংশীয় ৰজা সকল শৈৱ আছিল।যদিও সেই সকল ৰজা শৈৱ আছিল,প্ৰালম্ভ বংশোদ্ভৱ ৰজা বনমাল বৰ্মনৰ (৮৩৫ – ৮৬০ খ্ৰীষ্টাব্দ)তাম্ৰ শাসন ফলিত ‘কামেশ্বৰ মহাগৌৰী’ যুগল উপাসনাৰ কথা উল্লেখ থকাৰ পৰা বুজা যায় যে সেই সময়ত শিৱ পাৰ্ৱতীৰ যুগল উপাসনাৰ পদ্ধতি প্ৰৱৰ্তন আছিল।ইয়াৰ উপৰিও সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত খোদিত কৰা বুলি অনুমান কৰা কেবাটাও দুৰ্গা আৰু আন দেৱ দেৱীৰ মূৰ্তিসমূহে প্ৰমাণ কৰে যে সেই সময়ত শৈৱ ধৰ্মই প্ৰাধান্য লাভ কৰিলেও শক্তিৰ উপাসনা কিন্তু চলিয়েই আছিল।ইয়াৰ পিছত ১০০০ খ্ৰীষ্টাব্দৰ পৰা ১১২৫ খ্ৰীষ্টাব্দৰ ভিতৰত পালবংশীয় ৰজা সকলৰ ৰাজত্ব কালত শক্তিবাদৰ ঢৌ প্ৰবল হৈ পৰে।আকৌ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকা মানৰ পৰা ৰাজনৈতিক ক্ষমতা আৰু প্ৰতিদ্বন্দিতাৰ বাবে বিশাল কামৰূপ ৰাজ্য কেবাখনো সৰু সৰু ৰাজ্যত ভাগ হৈ যায় যদিও সেই সকলৰ ভিতৰত কমতা ৰাজ্য শাসন কৰা খেন বংশীয় ৰজাসকলে শাক্তধৰ্মত বিশ্বাস কৰিছিল বুলি ইতিহাসে কয়।ইয়াৰ উপৰিও চুতীয়া ৰজা আৰু সেই সম্প্ৰদায়ৰ লোক সকল ঘোৰ শাক্ত আছিল।তেওঁলোকে কেঁচাইখাইতীৰ ৰূপত কালী গোঁসানীৰ উপাসনা কৰিছিল।কেঁচাইখাইতী গোঁসানীৰ সন্মূখত পশু বলিৰ উপৰিও নৰবলি দিয়া হৈছিল।কেচাঁইখাইতী গোসাঁনীৰ আগত বলি দিয়াৰ কথা কছাৰী বুৰঞ্জীত উল্লেখ আছে।


১২২৮ খ্ৰীষ্টাব্দৰ আহোম ৰজা চুকাফাৰ পৰা ১৪৯৭ খ্ৰীষ্টাব্দৰ চুপিম্ ফা লৈ চুডাংফা বা বামুণী কোঁৱৰৰ বাহিৰে কোনো আহোম ৰজাই বা বিষয়াই হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিল।কিন্তু ইয়াৰ পিছত আহোম ৰজা প্ৰতাপ সিংহই অসমত প্ৰথম দুৰ্গা দেৱীৰ মৃন্ময় মূৰ্ত্তি সাজি দুৰ্গা পূজাৰ শুভাৰম্ভ কৰে।অৰ্থাৎ ১৬৯৭ ৰ পৰা ১৭৮০ খ্ৰীষ্টাব্দলৈ প্ৰতাপ সিংহৰ পৰা লক্ষ্মী সিংহৰ দিনলৈ প্ৰায়বোৰ ৰজাই হিন্দু ধৰ্মত দীক্ষিত হৈ শাক্ত ধৰ্মৰ প্ৰতি
আসক্ত হৈ পৰে।


কোঁচ সকলেও যে শাক্তধৰ্মৰ উপাসক আছিল তাৰ প্ৰমাণ বৰ্তমানৰ নীলাচলস্থিত কামাখ্যা মন্দিৰ।কোঁচ ৰজা বিশ্ব সিংহই কামাখ্যা মন্দিৰ নিৰ্মাণ কৰাই তাত পূজা সেৱাৰ ব্যৱস্থা কৰি দিছিল।আনহাতেদি তেওঁৰ পুত্ৰ নৰনাৰায়ণে ১৫৫৩ চনত কালাপাহাৰে ভাঙি ছিঙি থৈ যোৱা কামাখ্যা মন্দিৰ পুনৰনিৰ্মাণ কৰে।মধ্যযুগীয় শাসনত কামৰূপত যে শাক্ত সাধনা হৈছিল সেই কথা ‘গুৰুচৰিত’টো উল্লেখ আছে।


গতিকে ওপৰোক্ত বিশ্লেষণৰ পৰা এটা কথা স্পষ্ট যে জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি যদি চোৱা যায় তেন্তে আজিও অসমৰ অৰ্থাৎ গৰিষ্ঠ সংখ্যক লোকে শাক্তধৰ্মত বিশ্বাস কৰে।পৰিবৰ্তিত সমাজ ব্যৱস্থাত বলি বিধানৰ মাত্ৰা কমি গলেও সেয়া সমুলি নিষিদ্ধ কৰাটোও অসম্ভৱ বুলি এই লেখকে অনুভৱ কৰে।আজিৰ পৰা পাঁচশ বা এহেজাৰ বছৰৰ পিছত পৰিবৰ্তিত সমাজ ব্যৱস্থাত বলি বিধানৰ গুৰুত্ব কমি গলেও শক্তি পূজা যে অনন্ত কাললৈকে চলি থাকিব সেয়া নিশ্চিত।

লেখক: প্ৰবোধ চন্দ্ৰ মিশ্ৰ (Prabodh Chandra Mishra)

Durga Puja। শাৰদীয় দুৰ্গোৎসৱ

Durga Puja। শাৰদীয় দুৰ্গোৎসৱ
Durga Puja। শাৰদীয় দুৰ্গোৎসৱ

গুৱাহাটী, ১১ অক্টোবৰ : Durga Puja । ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পালন কৰা উৎসৱৰ ভিতৰত দুৰ্গাপূজা অন্যতম। এই পূজা শৰৎকালত অনুষ্ঠিত হয় বাবে ইয়াক শাৰদীয় পূজা বোলে। শাৰদীয় উৎসৱ। প্ৰকৃতিক ভালপোৱা সকলো মানুহে শৰতৰ ৰূপ বন্দনা কৰি আহিছে।বাৰিষাৰ আকাশৰ কলীয়া ডাৱৰবোৰ আঁঁতৰি গৈ আকাশ হৈ পৰে নীলা আৰু ৰ্নিমল। বাৰিষাৰ বোকা পানী শুকাই পৃথিৱী হৈ পৰে সুন্দৰ। সুন্দৰ পৃথিৱীক সজাই তোলে শেৱালি পদুম ভেটগছ আদিয়ে। বৰ্ষাত মৰহি যোৱা দূবৰিবন পুনৰ সেউজীয়া আৰু সজীৱ হৈ উঠে। নিয়ৰৰ টোপাল পৰি শুভ্ৰ পোহৰত মুকুতা জিলিকাদি জিলিকে। পৃথিৱীৰ এই ৰূপৰ লগতে মানুহৰ মনো হৈ পৰে মুকলি।


দেৱী দুৰ্গা প্ৰাণদায়িনী অন্নদায়িনী। তেওঁ মাতৃত্বেৰে মাতৃস্বৰূপা মহিমাৰে দেৱী স্বৰূপা। তেওঁক এক অনন্ত সম্ভাৱনাৰে অনন্ত শক্তিৰে যৌৱনময়ী নাৰী মূৰ্তিৰূপে বৈদিক যুগৰপৰাই ধ্যান ধাৰণা কৰি অহা হৈছে। শাৰদীয় দুৰ্গাপূজা শক্তিৰ উপাসনা মাথোন। তেওঁ প্ৰাণদায়িনী আৰু সংহাৰকাৰিণী তথা বক্ষাকাৰিণী। এই দুই শক্তিৰ তেওঁ মূল উৎস। শৰৎ শস্যেৰে ভৰা ঋতু। শস্য আমাৰ প্ৰাণ। দেৱীয়ে শস্য ৰক্ষা কৰি আমাক জীয়াই থকাৰ সম্বল যোগায়। সেই দেখি তেওঁ আমাৰ প্ৰাণদায়িনী। ব্যাধি ত্ৰাস সংকট আৰু আসুৰিক শক্তি তেওঁ সংহাৰ কৰে।

তেওঁৰ সোঁফালে থাকে ধন সম্পদৰ গৰাকী লক্ষ্মী। তেওঁ আমাৰ ভাগ্যলক্ষ্মী। বাঁওফালে থাকে শুভ্ৰবসন পৰিধানকাৰিণী বাগদেৱী বীণাপাণি। সকলো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী। সৰ্বসিদ্ধি দাতা গণেশ আৰু দেৱতা সকলৰ সেনাপতি বলৰূপী কাৰ্তিক দেৱী দুৰ্গাৰ ক্ৰমে সোঁফালে আৰু বাঁওফালে থাকে। দুৰ্গাদেৱী সিংহৰ ওপৰত এখন ভৰি দি থাকে আৰু আনখন মহিষাসুৰক দমন কৰি সেই অসুৰৰ বুকুত ত্ৰিশূল বহুৱাই জগতৰ যেন সকলো আসুৰিক ভাবক সংহাৰ কৰিছে। তেঁও বহু ভুজা তেওঁ অস্ত্ৰধাৰিণী তেওঁ মহিষমৰ্দিনী।


শুক্লা ষষ্ঠীৰ দিনাৰ পৰাই দেৱীৰ পূজা অৰ্চনা আৰম্ভ হয়। সেই দিনাই প্ৰতিমা প্ৰতিষ্ঠা কৰা হয়। দেৱীৰ বোধন কাৰ্য সমাধা কৰি পূজাৰীয়ে আৱাহন অধিৱাস আদি কৰে। সপ্তমী অষ্টমী আৰু নৱমী তিথিত পূজা ধূম ধামেৰে চলে। পূজাৰীয়ে পূজাৰ বিবিধ কাৰ্যত ব্যস্ত হৈ পৰে। মানুহৰ মনবোৰ আনন্দৰে সীমা নাথাকে। নতুন কাপোৰ পিন্ধি মানুহে ভক্তিভাৱে দেৱী দৰ্শন কৰে দেৱীক প্ৰণতি জনায়।পূজাৰ বেদীত পুৰোহিতে দেৱীৰ সন্তুষ্টিৰ অৰ্থে বিহিত মন্ত্ৰ উচ্চাৰণ কৰে। শংখ ঘণ্টা ডবা কাহঁ উৰুলি আদি মঙ্গল ধ্বনিয়ে পূজাস্থলীত এক পবিত্ৰ পৰিৱেশৰ সৃষ্টি কৰে। পূজাৰ বেদীত দেৱীৰ প্ৰতি আগবঢ়োৱা ফুল তুলসী বেলপাত কৰ্পূৰ তামোল মাহ প্ৰসাদ ধূপ ধূনা আৰু বিবিধ ফল সম্ভাৰে মানুহৰ মনলৈ এক পৱিত্ৰতা আনে।
দশমীৰ দিনা বিজয়াৰ দিন। সেই দিনাখন দেৱী বিৰ্সজন দিয়ে। আনন্দৰ অন্ত পৰে। উৎসৱৰ সামৰণি পৰে। দেৱীৰ প্ৰতি মানুহে অন্তৰৰ শেষ নিবেদন জনাই শেষ প্ৰণতি যাচে।

দুৰ্গাপূজা আজিকালি এক সাৰ্বজনীন উৎসৱত পৰিণত হৈছে। সকলো ভাৰতীয় মানুহে ইয়াত সমানে ভাগ লৈ আনন্দ কৰে। পৰস্পৰে পৰস্পৰক ভাতৃভাৱৰে সাৱটি লয়। ভাৰতৰ ভিন্ন জাতিৰ মাজত থকা হিংসা কপটতা দ্বেষ প্ৰভৃতি কু আৱৰ্জনাবোৰ নাইকিয়া হৈ যায়। আমি উপলব্ধি কৰোঁ আমি যেন এক ভাৰতীয়।


Durga Puja , Belsor। লোকাৰণ্য প্ৰাচীন শৈৱপীঠ বেলশৰৰ বিল্বেশ্বৰ। কনক সেন ডেকা আৰু নৰেন বৰ্মনক”বেলশৰ ৰত্ন” প্ৰদান

Durga Puja , Belsor। লোকাৰণ্য প্ৰাচীন শৈৱপীঠ বেলশৰৰ বিল্বেশ্বৰ। কনক সেন ডেকা আৰু নৰেন বৰ্মনক"বেলশৰ ৰত্ন" প্ৰদান
Durga Puja , Belsor। লোকাৰণ্য প্ৰাচীন শৈৱপীঠ বেলশৰৰ বিল্বেশ্বৰ। কনক সেন ডেকা আৰু নৰেন বৰ্মনক"বেলশৰ ৰত্ন" প্ৰদান

দৈনন্দিনবাৰ্তাৰ সেৱা, পশ্চিমনলবাৰী, ১০অক্টোবৰ: Durga Puja , Belsor। পশ্চিম নলবাৰীৰ ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ তৰফৰ পৰা দুই বেলশৰীয়া সন্তান কনক সেন ডেকা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডা: নৰেন্দ্ৰ বৰ্মনক বেলশৰ ৰত্ন প্ৰদান কৰা হয়। বেলশৰৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত ডা: বৰ্মন যদিও সম্প্ৰীতি গুৱাহাটীৰ বাসিন্দা হলেও বেলশৰৰ বুকুত প্ৰতিটো সময়তে নিৱিৰ ভাৱে নিজক অৰ্পন কৰিছে ।

বেলশৰৰ সু-সন্তান ডা: নৰেন্দ্ৰ নাথ বৰ্মনে বেলশৰত ১৯৪০চনৰ এক মাৰ্চত জন্ম গ্ৰহণ কৰিছিল। স্কুলৰ শিক্ষা বেলশৰত আৰম্ভ কৰি ১৯৬২চনত এম বি বি এছ ডিগ্ৰী লাভ কৰে ।১৯৬৭ চনত পাঞ্জাৱৰ Post graduate lnstitute of MedicalEdn, and Research Chandiganh ৰ পৰা সুক্ষ্যাতিৰে এম ডি পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ জি এম চি এইচত নিযুক্তি লাভ কৰে ।১৯৭০ চনত জি এম চি এইচৰ সহকাৰী অধ্যাপক আৰু১৯৯৭ চনত অধ্যক্ষৰ দৰে দায়িত্বশীল পদত অধিষ্ঠিত হয় ।এগৰাকী সু চিকিৎসক হিচাপে নলবাৰী জিলাখনৰ সুনাম কঢ়িয়াই অনাই নহয় বেলশৰীয়া হিচাপে গৌৰৱৰ অধিকাৰী হয় ।

১৯৩৩ চনৰ ১৬জুলাইত বেলশৰ ত জন্ম গ্ৰহণ কৰা কনকসেন ডেকাই বেলশৰতে প্ৰাথমিক আৰু হাইস্কুল শিক্ষা গ্ৰহণ কৰিছিল। মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজীৱন দেশৰ নামত নিজক অৰ্পন কৰা গৌৰিসেন ডেকা আৰু তাৰাসেন ডেকাৰ বৰপুত্ৰ কনকসেন ডেকাই নলবাৰী মহাবিদ্যালয়ৰ ইণ্টাৰমিডিয়েট পঢ়ি উৰ্ত্তীণ হয় ।ইয়াৰ পিছতেই গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।উক্ত অনুষ্ঠানৰ আৰম্ভণিতেই স্মৃতিগ্ৰন্থ “দশভূজা” উন্মোচন কৰে কবি সাহিত্যক তথা আৰক্ষী বিষয়া নন্দ সিং বৰকলাই। উন্মোচন কৰি তেওঁ ভাষণ প্ৰসংগত কয় – সমাজ জীৱনৰ লগত আধ্যাত্মিক দিশটোৰ ওপৰত বিশেষ গুৰুত্ব আছে ।

সেইদৰে শক্তিৰ অধিষ্ঠাত্ৰী দেৱীদুৰ্গাৰ শক্তিৰ অপৰিসীম ধৈৰ্য্য ,বিশ্বাস, আস্হাৰ মাজত অন্তৰ্নিহিত পৰম্পৰাৰ যি ধৰ্মীয় আৱেগ সেয়া বিল্বেশ্বৰ দেৱালয়ত পৰিস্ফুত ভাৱে প্ৰত্যক্ষ হয় ।শক্তিপীঠখনত শক্তিৰ মহাত্মাৰ অপৰিসীম সোত আজিও বৈ আছে ।অনুষ্ঠানটোৰ আঁত ধৰে সাংবাদিক অৰূপ ৰঞ্জন বৰ্মনে।

ইপিনে আজি সন্ধিয়া বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ত হেজাৰ হেজাৰ ভক্ত-দৰ্শনাৰ্থীৰ ভীৰ পৰিলক্ষিত হয় । বিল্বেশ্বৰ দেৱালয়ৰ নৈসৰ্গিক পৰিৱেশত ভক্ত-দৰ্শনাৰ্থীয়ে নিজকে বিলিন কৰি দিয়াৰ লগতে প্ৰথম বাৰ্ষিক গ্ৰন্থমেলাত গ্ৰন্থ প্ৰেমীৰ উপস্থিতি আশাব্যঞ্জক। প্ৰতিগৰাকী গ্ৰন্থপ্ৰেমীৰ হাতে হাতে গ্ৰন্হৰ টোপোলা থকাটোয়ে গ্ৰন্থমেলাত ইতিবাচক দিশ উন্মোচন কৰে । উল্লেখযোগ্য যে আজিৰ দিনটোত বেলশৰ গ্ৰন্থমেলাত আশাব্যঞ্জক ভাবে গ্ৰন্থ বিক্ৰী হয় বুলি জানিব পৰা গৈছে।।সেয়াও এক বিশেষ সফলতা।
প্ৰেৰক, দিগন্তবৰ্মন।

India Book of Records।এঞ্জেলিকা দাসে লাহৰী গগণা বজাই ‘ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভূক্ত কৰি সুনাম কঢ়িয়াই আনিলে

angelica dase lahri gagana boja 'indian book aw records'ta nam antarvukta kari sunam karhiyai anile
India Book of Records।এঞ্জেলিকা দাসে লাহৰী গগণা বজাই 'ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভূক্ত কৰি সুনাম কঢ়িয়াই আনিলে

দৈনন্দিন বাৰ্তাৰ সেৱা, সৰভোগ, ১০ অক্টোবৰঃIndia Book of Records সৰভোগৰ বৈৰাপুৰ গাওঁৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নীলাভজ্যোতি দাসৰ কন্যা তথা তৃতীয় শ্ৰেনীৰ ছাত্ৰী এঞ্জেলিকা দাসে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত সৰ্বাধিক সময় ২৩ মিনিট ৪৭ ছেকেণ্ড ‘লাহৰী গগণা’ বজাই নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।ছাত্ৰী গৰাকীক মানপত্ৰ,ট্ৰফী আৰু স্মাৰকৰে সন্মানিত কৰে।

কণমানি এঞ্জেলিকাৰ এই সাফল্যই বৰনগৰবাসীক গৌৰাম্বিত কৰি তুলিছে।যোৱা ২ অক্টোবৰত হাৰিয়ানাৰ ফৰিদাবাদত ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছৰ বাৰ্ষিক আন্ত:ৰাষ্ট্ৰীয় অভিবৰ্তনত কণমানি ছাত্ৰী এঞ্জেলিকা দাসে পিতৃ-মাতৃৰ সৈতে গৈ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল।তাত অসমৰ বৰনগৰ অঞ্চলৰ পৰা কণমাণি ছাত্ৰী গৰাকীয়ে সৰ্বাধিক সময় ‘লাহৰী গগণা বজাই’ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে,সৰভোগৰ প্ৰতিষ্ঠিত ব্যৱসায়ী নীলাভজ্যোতি দাস আৰু অনিন্দিতা দাসৰ কন্যা এঞ্জেলিকা দাসে বিহু,আধুনিক নৃত্য,চিত্ৰাংকন আৰু ফেশ্বন শ্ব আদি শতাধিক প্ৰতিযোগীতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰি যথেষ্ঠ পাৰদৰ্শিতাৰ আগবাঢ়ি যোৱাৰ লগতে বঁটা বাহনৰে সন্মানিত হৈ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

সৰভোগৰ কিড বেডাৰ তৃতীয় মানৰ ছাত্ৰী এঞ্জেলিকা দাসে যোৱা এপ্ৰিল মাহত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা কামাখ্যা মহোৎসৱত নৃত্য ময়ূৰী বঁটাও লাভ কৰিবলৈ সক্ষম হয়।
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ এই অনুষ্ঠানত ভাৰতবৰ্ষৰ উপৰিও ভিয়েটনাম,ইণ্ডোনেছিয়াকে ধৰি বিভিন্ন দেশৰ ৰেকৰ্ডধাৰী সকল অংশ গ্ৰহণ কৰে। কণমানি ছাত্ৰী গৰাকীৰ সাফল্যত বৰনগৰ অঞ্চলৰ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।

Ratan Tata।Assam।অসমৰ সৈতে ৰতন টাটাৰ কেনেকুৱা সু সম্পৰ্ক !

Ratan Tata: Assam: অসমৰ সৈতে আছিল টাটাৰ সুসম্পৰ্ক
অসমৰ সৈতে ৰতন টাটাৰ আছে সুসম্পৰ্ক

১০ অক্টোবৰ,গুৱাহাটীঃRatan Tata।Assam। টাটাৰ বিয়োগত সমগ্ৰ দেশৰ লগতে অসমতো পৰিছে শোকৰ ছাঁ। অসমৰ সৈতে ৰতন টাটাৰ আছিল এক সু সম্পৰ্ক। চাহ উদ্যোগৰ পৰা ২৭,০০০ কোটিটকীয়া ছেমিকণ্ডাক্টৰ উদ্যোগলৈ, পৰ্যটন উদ্যোগৰ পৰা কেঞ্চাৰ কেয়াৰ হাস্পতাললৈ আগবঢ়াইছে অৱদান।টাটা আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত মুঠ ১৯ খন কেঞ্চাৰ হাস্পতাল পৰ্যায়ক্ৰমে স্থাপনৰ বাবে ২০১৮ চনত টাটা ন্যাসে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰিত কৰিছিল । অসমত ২০২২ চনৰ ২৮ এপ্ৰিলত মুকলি হৈছিল টাটা ন্যাসৰ উদ্যোগত নিৰ্মাণ কৰা ৭ খনকৈ অত্যাধুনিক কেন্সাৰ হাস্পতাল । ইফালে ৩৪খন পলিটেকনিক গঢ়াৰো দায়িত্ব লৈছিল ৰতন টাটাই। প্ৰয়াত টাটাই কাৰিকৰী শিক্ষাৰ বাবে অসমত ২,৩৯০ কোটি টকাৰ ৮৭% বিনিয়োগ কৰে। ২০২২ৰ ৩ মে’ত অসম চৰকাৰৰে চুক্তি কৰিছিল ৰতন টাটাই।

জাগীৰোডত স্থাপন কৰা টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প অসমৰ সৰ্ববৃহৎ ঔদ্যোগিক প্ৰকল্প। ২০২৬ চনৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে টাটাই। এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠাৰ পিছত প্ৰতিদিনে ৪৮ নিযুত চিপ্ছ উৎপাদন হ’ব। প্ৰকল্পটোত নিযুক্তি লাভ কৰিব ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে। এয়া অসমৰ ইতিহাসত টাটা গ্ৰুপৰ সৰ্ববৃহৎ বিনিয়োগ হিচাপে বিবেচিত হৈছে। এই প্ৰকল্পত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (TSAT) এই ছেমি কণ্ডাক্টৰ ইউনিট কেইটা স্থাপন কৰিব। ই অটোমোটিভ, ইলেক্ট্ৰিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকম, আৰু মোবাইল ফোন, লেপটপ আদিৰ বাবে প্ৰয়োজন হোৱা বহুমূলীয়া চিপ (chips) প্ৰস্তুত কৰিব। এই তিনিটা কেন্দ্ৰই প্ৰতিদিনে ৪.৮ কোটি চিপ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব। দেশৰ যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টিৰ পোষকতা কৰি ভাৰতক অৰ্ধপৰিবাহী ডিজাইন, উৎপাদন, আৰু প্ৰযুক্তি বিকাশৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়াটো প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ অংশ হিচাপে এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৩ আগষ্ট ২০২৪ ত মৰিগাঁও জিলাৰ জাগীৰোডত টাটা কোম্পানীৰ প্ৰথমটো টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন সম্পন্ন হয় ৷

Ratan Tata: কল্পনাৰো বাহিৰত ‘ৰতন টাটা’বিহীন ভাৰত

india-without-'ratan-tata'-beyond-imagination
কল্পনাৰো বাহিৰত 'ৰতন টাটা'বিহীন ভাৰত

Ratan Tata ৰতন টাটা– মানৱতাক পূজা কৰা এটা আদৰ্শৰ নাম। যুগ যুগ ধৰি কোটিজনক উপকৃত কৰি অহা ৰতন টাটাই সদায় আনৰ হৈ সপোন দেখিছিল; নিজৰ সৰ্বোচ্চ উজাৰি সপোনবোৰক বাস্তৱ ৰূপ দিব খোজা ৰতন টাটাই ভৱিষ্যত প্ৰজন্মক উদ্যোগী, দানশীল আৰু আধুনিক ভাৰত গঢ়াৰ এক স্বপ্নময়ী পথ দেখুৱাইছিল। ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত সেই সময়ৰ দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত ৰতন টাটাৰ জন্ম হৈছিল। ৰতন টাটাৰ ককাক আছিল জামছেদজী টাটা, যাক টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়।

ৰতন টাটাৰ শৈশৱ স্বাভাৱিক ধৰণৰ নাছিল; তেখেত শৈশৱৰ সময়ছোৱাত পাৰিবাৰিক-সামাজিকৰণ, পিতৃ-মাতৃৰ মৰম, আদৰৰ পৰা বিৰত থাকিব লগা হৈছিল; কিয়নো ১৯৪০ চনৰ মাজভাগত তেখেতৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটিছিল। শিক্ষাৰ ক্ষেত্ৰত ৰতন টাটা আছিল এজন ৰ’য়েল ছাত্ৰ, অৰ্থাৎ পঢ়া-শুনাত বৰ পাকৈত। পঢ়া-শুনাৰ লগতে তেখেত আছিল এজন দুৰ্দান্ত বক্তা আৰু তাৰ্কিক। নিজৰ শিক্ষাগুৰুসকলৰ প্রিয় ছাত্র আছিল ৰতন টাটা। ৰতন টাটাই মুম্বাইৰ কেম্পিয়ন স্কুলত শিক্ষাজীৱনৰ পাতনি মেলিছিল আৰু মধ্যশিক্ষা গ্ৰহণ কৰিছিল কেথেড্ৰ’ল এণ্ডজন ক’ন’ন স্কুলত। ১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰপৰা তেখেতে ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল।

টাটাৰ শিক্ষা আৰু কৰ্মই তেখেতক লৈ গৈছিল বিশ্বৰ বিভিন্ন সন্মানীয় শিক্ষানুষ্ঠানলৈ। বিশ্বৰ আগশাৰীৰ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক অনুষ্ঠানত নিৰ্দিষ্ট বক্তা আৰু সন্মানীয় অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰা টাটাৰ শৈক্ষিক পটভূমিয়ে তেখেতৰ ভৱিষ্যতৰ সফলতাৰ ভেটি স্থাপন কৰিছিল এজন দূৰদৰ্শী সামাজিক আৰু মানুহৰ মনৰ নেতা হিচাপে। ৰতন টাটাৰ আচল যাত্ৰা আৰম্ভ হৈছিল ১৯৬১ চনত; যেতিয়া তেখেত টাটা গ্ৰুপৰ সৈতে কম-বেছি পৰিমাণে জড়িত হৈ পৰিছিল। নিজৰ শিক্ষা জীৱনৰ মাজতো দুটা এটা কামত হাত আগবঢ়াইছিল টাটাই। পিছত ১৯৭০ চনত তেখেতক টাটা গ্ৰুপৰ এটা সাধাৰণ কার্য্যনির্ব্বাহকৰ পদ দিয়া হৈছিল।

১৯৮১ চনত তেখেতে টাটা উদ্যোগৰ ‘ডাইৰেক্টৰ’ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। উল্লেখ্য যে ১৯৯১ চনত টাটা গ্ৰুপৰ ‘চেয়াৰমেন’ পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল; তেতিয়াৰ পৰাই আৰম্ভ হৈছিল ‘টাটা গ্ৰুপ’ৰ সোণালী যুগ। তেখেতৰ নেতৃত্বত টাটা গ্ৰুপে বিশ্বজুৰি সম্প্ৰসাৰণ ঘটাইছিল। টাটা গ্ৰুপৰ জয় যাত্ৰাই জেগুয়াৰ লেণ্ড ৰভাৰ, ক’ৰাছ ষ্টীল, টেটলি চাহৰ দৰে উল্লেখযোগ্য ব্ৰেণ্ড লাভ কৰে। টাটাৰ কাৰ্যকালত গোটটোৰ ৰাজহ দ্ৰুতগতিত বৃদ্ধি পাইছিল। টাটা গ্ৰুপৰ নেতৃত্বত টাটা পাৱাৰ, টাটা কেমিকেলছ, টাটা এৰোস্পেচ আৰু ডিফেন্স, টাটা চেণ্টাৰ ফৰ টেকন’লজি এণ্ড ডিজাইন, টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ, টাটা মেম’ৰিয়েল চেণ্টাৰ, টাটা মেডিকেল চেণ্টাৰ, টাটা ষ্ট্ৰাইভ, টাটা ট্ৰাষ্ট, টাটা এডুকেচন এণ্ড ডেভেলপমেণ্ট ট্ৰাষ্ট, টাটা মেডিকেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট আদিয়ে ভাৰতৰ লগতে বিশ্বৰ অগণন মানুহক উপকৃত কৰি আহিছে; যাক আমি হয়তো কেতিয়াও শব্দৰে বৰ্ণনা কৰিব নোৱাৰিম।

উল্লেখযোগ্য বিষয় যে ৰতন টাটা তেখেতৰ দানশীল প্ৰচেষ্টাৰ বাবে বিখ্যাত– তেখেতৰ আয়ৰ প্ৰায় ৬০-৬৫% দাতব্য সংস্থালৈ দান কৰে। এয়া সঁচাকৈ আচৰিত; কোনোবা ব্যক্তিয়ে নিজৰ ৬৫% আয় আনৰ নামত দান কৰাতো যেন কল্পনাৰো বাহিৰত– সেয়েহে তেখেত অদ্বিতীয়, অবৰ্ণনীয়, অতুল্য। শিক্ষা, চিকিৎসা, গ্ৰাম্য উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰাণ খুলি সহায় কৰা টাটা আছিল কৰ্কট ৰোগী সকলৰ কাৰণে মানৱৰূপী ভগৱান, দৰিদ্ৰতাৰ সীমা অতিক্ৰম কৰি আকাশ চুব খোজা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে তেখেত আছিল এখন জখলা। অসম আৰু ৰতন টাটা– এক মজবুত সম্পৰ্ক। অসমৰ শৈক্ষিক দিশৰ পৰা স্বাস্থ্যখণ্ডলৈ, ৰতন টাটাৰ অৱদান আছিল অতুলনীয়।

ৰতন টাটাৰ উদ্যোগত অসমত একাধিক কেঞ্চাৰ হাস্পতাল স্থাপন হৈছিল। অসমত কেঞ্চাৰ হাস্পতাল স্থাপনৰ বাবে ২০১৮ত চুক্তি কৰিছিল টাটা ট্ৰাষ্টে। ৰতন টাটাৰ উদ্যোগতে গঢ় লৈ উঠিছিল ২৭,০০০ কৌটি টকাৰ জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প। ইয়াৰোপৰি অসমত ৩৪খন পলিটেকনিক গঢ়াৰ দায়িত্ব লৈছিল ৰতন টাটাই আৰু লগতে ৪৩খন ITIক উৎকৃষ্ট ৰূপত গঢ়াৰো দায়িত্ব লৈছিল তেখেতে। উল্লেখ্য যে অসমত প্ৰতিবছৰে ২০ হাজাৰ নিবনুৱাক সংস্থাপনৰ লক্ষ্য আছিল ৰতন টাটাৰ। অকল অসম বুলিয়েই নহয় দেশৰ বিভিন্ন ৰাজ্যত তেখতে শিক্ষা, স্বাস্থ্য, গ্ৰামাঞ্চল আদিৰ উন্নয়নৰ বাবে আগবঢ়াইছিল বুজন পৰিমাণৰ দান। ৰতন টাটা আছিল আধুনিক ভাৰত নিৰ্মাণৰ লাইখুটা। তেওঁ ভাৰত আৰু বিদেশৰ সংস্থাসমূহত বিভিন্ন পদবীত নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াইছিল।

টাটা প্ৰধানমন্ত্ৰীৰ ‘বাণিজ্য আৰু উদ্যোগ পৰিষদ’ আৰু ‘ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতা পৰিষদ’ৰ সদস্যও আছিল। ছবি আঁকি, গাড়ী চলাই, জেট বিমান উৰুৱাই, পিয়ানো বজাই ভাল পোৱা মানুহজনে গোটেই জীৱনটো জীয়ালে আনৰ বাবে।গোটেই জীৱনত ৰতন টাটাই উদ্ভাৱন, নৈতিকতা, মমতাৰ মূল্যবোধক মূৰ্ত কৰি ৰাখিলে। তেখেতৰ অৱদানক পদ্ম বিভূষণ (২০০৮), পদ্ম ভূষণ (২০০০), আৰু অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া (২০২৩)কে ধৰি বহুতো বঁটাৰে স্বীকৃতি দিয়া হৈছে।

এতিয়াৰ পৰা আমি ভবাৰ দৰেই হয়তো নহ’ব কথাবোৰ; কিয়নো এতিয়াৰ পৰা আমি সন্মুখীন হ’ম এখন ‘ৰতন টাটা’বিহীন ভাৰতবৰ্ষৰ। কিছুমান কথা আমি কেতিয়াও মানি ল’ব নিবিচাৰোঁ আৰু হয়তো শুনিবও…। আজি তেনেকুৱা এটা খবৰেই আমাক আগুৰি ধৰিছে। এটা যুগৰ অৱসান ঘটিল। সহজভাৱে ল’ব পৰা নাই কোনেও। টাটা আজি গ’লগৈ উভতি নহাৰ বাটে। জীৱনৰ ৮৬টা বসন্ত পাৰ কৰি আজি ৰতন টাটাই মুম্বাইৰ ব্ৰীছকেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ ৰ’য়েল আইকনখ্যাত তথা সমাজহিতৈষী ৰতন টাটাৰ দেহাৱসানত মৰ্মাহত হৈছে সকলো; অভিভাৱকহীন হৈ পৰিল অগণন লোক। ভাৰতৰ ‘ৰত্ন’ হিচাপে তেখেত আমাৰ মনাকাশত জিলিকি থাকিব চিৰদিন, চিৰকাল। এইগৰাকী মহান ভাৰতীয়লৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ।


Ratan Tata Passes Away: উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত প্রধানমন্ত্রী মোদীৰ শোক প্ৰকাশ

Ratan Tata Passes Away: উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত প্রধানমন্ত্রী মোদীৰ শোক প্ৰকাশ
Ratan Tata Passes Away: উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত প্রধানমন্ত্রী মোদীৰ শোক প্ৰকাশ

নতুন দিল্লী,১০ অক্টোবৰ: মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে ৮৬ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান ঘটে। এই খবৰ পোৱাৰ পাছত, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) তেওঁৰ বিয়োগত শোক প্ৰকাশ কৰি টাটাক এগৰাকী “দুৰদৰ্শী ব‍্যৱসায়ী নেতা”, “দয়ালু আত্মা” আৰু “অসাধাৰণ মানৱ” বুলি অভিহিত কৰি শোক প্ৰকাশ কৰে(Ratan Tata Passes Away at 86, Tribute by PM Modi)।

প্ৰধানমন্ত্ৰীয়ে X (পূৰ্বৰ টুইটাৰ) ত লেখিছে, “শ্ৰী ৰতন টাটাজীয়ে ডাঙৰ সপোন দেখা আৰু সমাজলৈ উভতাই দিয়াৰ যি উদাৰ মনোভাৱ দেখুৱাইছিল, সেইয়া সদায়েই অদ্বিতীয়। শিক্ষা, স্বাস্থ্যসেৱা, অনাময় আৰু পশু কল্যান আদিৰ দৰে বহুক্ষেত্ৰত তেওঁ আগৰণুৱা আহিছিল।”(Tributes to Ratan Tata)

মোদীয়ে লগতে কয় যে, টাটাই কেৱল টাটা গ্ৰুপৰ নেতৃত্ব প্ৰদান কৰাতেই সীমাবদ্ধ নাথাকি, ব‍্যৱসাৰ বাহিৰতো তেওঁৰ অৱদান আছিল চিৰস্মৰণীয়। গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁক সঘনাই লগ পোৱাৰ কথা উল্লেখ কৰি বিশিষ্ট উদ্যোগপতিগৰাকীৰ সৈতে থকা পুৰণি সম্পর্কক স্মৰণ কৰে নৰেন্দ্ৰ মোদীয়ে ।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে(Vice-President Jagdeep Dhankhar) টাটাৰ দেহাৱসানত শোক প্ৰকাশ কৰি তেওঁক “ভাৰতৰ উদ‍্যোগ জগতৰ এটা উচ্চ প্ৰতিষ্ঠিত ব্যক্তি” বুলি অভিহিত কৰে। তেওঁৰ মতে, ব্যৱসায়িক দক্ষতা আৰু দয়াশীলতাৰ সমন্বয়ৰ বাবে টাটাই ভাৰতৰ উদ্যোগ ক্ষেত্ৰখনত এক অনন্য স্থান লাভ কৰিবলৈ সক্ষম হৈছিল(Famous industrialist Ratan Tata) ।

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, “শ্ৰী ৰতন টাটাৰ মৃত্যুত মৰ্মাহত হৈছো । তেখেত ভাৰতৰ উদ্যোগ জগতখনৰ এগৰাকী মহান নায়ক আছিল, যাক আমাৰ অৰ্থনীতি, ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰখনত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে জনা যায় । তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক”।

এইগৰাকী বিশিষ্ট উদ্যোগপতি ৰতন টাটাই বুধবাৰে নিশা মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । কিছুদিনৰ পৰা তেওঁ অসুস্থ অৱস্থাত হাস্পতালত ভৰ্তি হৈ আছিল। টাটা চন্সৰ বৰ্তমান অধ্যক্ষ এন চন্দ্ৰশেখৰে টাটাক তেওঁৰ “বন্ধু, পৰামৰ্শদাতা আৰু মাৰ্গদৰ্শক” হিচাপে অভিহিত কৰি এক শোকবার্তা প্ৰকাশ কৰে।

লগতে পঢ়ক: Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

Former Tata Group Chairman Ratan Tata Dies at 86
Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

মুম্বাই, ১০ অক্টোবৰ: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান(Famous industrialist Ratan Tata)। ৮৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে(Ratan Tata Dies at 86)। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল(Breach Candy Hospital in Mumbai) ।

ৰাজনাথ সিঙৰ গভীৰ সমবেদনা


দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, “শ্ৰী ৰতন টাটাৰ মৃত্যুত মৰ্মাহত হৈছো(Rajnath Singh statement)। তেখেত ভাৰতৰ উদ্যোগ জগতখনৰ এগৰাকী মহান নায়ক আছিল, যাক আমাৰ অৰ্থনীতি, ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰখনত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে জনা যায় । তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক”।

টাটাৰ মৃত্যুক লৈ হৰ্ষ গোৱেংকাৰ এক্সত পোষ্ট


আৰ পি জি এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই(RPG Enterprises chairman Harsh Goenka) ৰতন টাটাৰ মৃত্যুৰ বিষয়ে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট কৰে। তেওঁ লিখিছে, ‘ঘড়ীটোৱে টিক-টিক কৰা বন্ধ কৰি দিছে, টাইটানৰ মৃত্যু হৈছে। ৰতন টাটা আছিল সততা, নৈতিক নেতৃত্ব আৰু দানশীলতাৰ নিদৰ্শন, যিয়ে ব্যৱসায় আৰু ইয়াৰ বাহিৰৰ জগতখনত এক উদাহৰণ আছিল। তেখেত আমাৰ স্মৃতিৰ ভিতৰত সদায় এক উচ্চ স্থানত থাকিব।

মাত্ৰ দুদিন পূৰ্বে ৰতন টাটাই X-ত পোষ্ট কৰি লিখিছিল যে, তেওঁ সম্পূর্ণৰূপে সুস্থ। লগতে তেওঁৰ বিষয়ে চিন্তা কৰা সকলোকে ধন্যবাদ জনাইছো।

১৯৬২ চনত টাটা ষ্টীল বিভাগৰ দ্বাৰা তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰি ৯ বছৰৰ পিছত নেচনেল ৰেডিঅ’ এণ্ড ইলেক্ট্ৰনিক্স কোম্পানী লিমিটেডৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল । ১৯৭৭ চনত তেওঁক টাটা গ্ৰুপৰ অন্তৰ্গত বস্ত্ৰ-কল এম্প্ৰেছ মিলছলৈ স্থানান্তৰ কৰা হয় । তেওঁৰ পৰিকল্পনাসমূহ গ্ৰুপছৰ আনসকল কাৰ্যবাহীয়ে নাকচ কৰাত মিলটো বন্ধ কৰি দিয়ে । ১৯৯১ চনত জে আৰ ডি টাটাই টাটা চন্সৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি ৰতন টাটাক অধ্যক্ষৰ পদত বহুৱাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে ৷

ৰতন টাটাৰ ২১ বছৰীয়া অধ্যক্ষতাৰ সময়ছোৱাত প্ৰতিষ্ঠানটোৰ ৰাজহ ৪০ শতাংশতকৈও অধিক বৃদ্ধি পোৱাৰ লগতে লাভৰ পৰিমান ৫০ শতাংশকৈও অধিক বৃদ্ধি পাইছে ।

তাৰোপৰি তেখেত আছিল ভাৰতৰ সকলোতকৈ পুৰণি, অসাম্প্ৰদায়িক দানশীল সংস্থাসমূহৰ ভিতৰতে অন্যতম টাটা ট্ৰাষ্টৰ অধ্যক্ষ, যিয়ে সম্প্ৰদায় উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে । তেওঁ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ কাউন্সিল অৱ মেনেজমেণ্টৰ অধ্যক্ষ হিচাপে থকাৰ লগতে কৰ্ণেল বিশ্ববিদ্যালয় আৰু দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টী ব’ৰ্ডতো কাৰ্যনিৰ্বাহ কৰিছিল ।

উল্লেখ্য যে, ৰতন টাটাই ১৯৯১ চনৰ পৰা ২০১২ চনৰ ২৮ ডিচেম্বৰলৈকে টাটা গ্ৰুপৰ হ’ল্ডিং কোম্পানী ‘টাটা চন্স’ৰ অধ্যক্ষৰ পদত অধিস্থিত আছিল ।