Home Blog Page 508

Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Union Minister Sarbananda Sonowal with rickshaw pullers, pushdrivers in Dibrugarh during The Shardiya Durgotsav season
Sarbananda Sonowal: শাৰদীয় দুৰ্গোৎসৱৰ বতৰত ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়, ৮ অক্টোবৰ ২০২৪: (Minister Sarbananda Sonowal)কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত ৰিক্সাচালক, ঠেলাচালকসকলক লগ কৰি তেওঁলোকৰ খা-খবৰ লয় আৰু অন্তৰংগ বাৰ্তালাপত মিলিত হয়। লগতে তেওঁলোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাত মিলিত হয়। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “আমাৰ লক্ষ্য- অন্ত্যোদয়াৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ লোকৰ সম-বিকাশ, সম-মৰ্যাদা সুনিশ্চিত কৰা।

সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংশ -ৰিক্সাচালক, ঠেলাচালকসকলৰ কষ্ট, কৰ্মোদ্যমে জীৱনৰ এক গভীৰ অৰ্থ বহন কৰি আহিছে। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত তেখেতসকলক লগ পাই আপ্লুত হ’লোঁ আৰু তেওঁলোকৰ সৈতে কথা-বতৰা পাতি দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। খাটি খোৱা এইসকল সৰল মনৰ লোকৰ সৈতে একেলগে পুৰি-চবজি খোৱাৰ সময়কণে মোৰ ল’ৰালিৰ স্মৃতি সজীৱ কৰি তুলিলে।”

Haryana Assembly Election Result 2024: হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি

Haryana Assembly Election Result 2024:হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি
Haryana Assembly Election Result 2024:হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি

Haryana Assembly Election Result 2024: কিছু সময়ৰ পাছতে স্পষ্ট হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল।কিন্তু ইয়াৰ মাজতে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে এক বৃহৎ পৰিৱৰ্তন। প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰি গৈছে । একে সময়তে ধাৰা সলনি কৰি বিজেপিয়ে দ্ৰুতগতিত সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে (BJP leads Haryana elections) । পুৱা ১০ বজালৈকে ট্ৰেণ্ডত কংগ্ৰেছে ৬০ খনতকৈও অধিক আসনত আগবাঢ়ি আছিল যদিও কিছু সময়ৰ পাছত বিজেপিয়ে সলনি কৰি তুলিলে প্ৰেক্ষাপট ।

বিজেপিয়ে বৰ্তমান এক শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ৪৭খন আসনত আগবাঢ়ি আছে । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছৰ আসন ৬৫ ৰ পৰা ৩২ খনলৈ হ্ৰাস পাইছে (Congress falls behind in Haryana)। কিছু সময়ৰ বাবে যদি এই ধাৰাটো এনেদৰেই অব্যাহত থাকে তেন্তে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলত এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে ।

পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বিজেপি

বিভিন্ন টিভি চেনেলত অহা ট্ৰেণ্ডত বিজেপিয়ে এক বাম্পাৰ লিড দেখিবলৈ পাইছে। ট্ৰেণ্ড অনুসৰি, সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে(Haryana election trends 2024)। চেনেলসমূহৰ মতে, বৰ্তমান বিজেপিয়ে ৪৮খন আসনত আগবাঢ়ি আছে। একে সময়তে কংগ্ৰেছে এতিয়া ৩৭খন আসনলৈ নামি আহিছে (BJP vs Congress Haryana election)। ইয়াৰ পৰা এই কথা স্পষ্ট হৈছে যে যদি ধাৰাটো এনেকৈয়ে থাকে তেন্তে বিজেপিয়ে চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে। লগতে স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে আকৌ এবাৰ দৌৰত আহিছে। উল্লেখ্য যে, মুঠ ৯০খন বিধানসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হোৱা হাৰিয়ানাত চৰকাৰ গঠনৰ বাবে ৪৬খন আসনৰ প্ৰয়োজন(Haryana assembly seats majority)।

Haryana and Jammu Kashmir Election Result:কোনে চৰকাৰ গঠন কৰিবহাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?

Haryana and Jammu Kashmir Election Result: Who will form the government in Haryana and Jammu and Kashmir?
Haryana and Jammu Kashmir Election Result:কোনে চৰকাৰ গঠন কৰিবহাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?

১০ অক্টোৱৰ, গুৱাহাটী:( Haryana and Jammu Kashmir Election Result) কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানাৰ শাসন? পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। হাৰিয়ানাত এই মুহূৰ্তত ৪৬খন আসনেৰে বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৭খন আসনত। লগতে অন্যান্য দলে লাভ কৰিছে ৭খন আসন।প্ৰায় ৬১ শতাংশ ভোটদান কৰিছিল হাৰিয়ানাৰ জনতাই। এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘন্টাৰ।

ৰাজ্যখনত ১০ বছৰৰ পাছত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নে বিজেপিয়ে জয়ৰ হেট্ৰিক কৰিব হাৰিয়ানাত ? জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি এইবাৰ জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি। ইয়াত কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি অনুমান কৰা হৈছে। বৰ্তমান সময়ত বিজেপিয়ে যেন ২৫খন আসন, পিডিপিয়ে ৫খন আৰু আনসকলে ৯খন আসন লাভ কৰিছে ।

Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া

Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া
Commonwealth Classic Sub Junior Powerlifting Championship: কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অসমৰ প্ৰথম গৰাকী স্বৰ্ণ পদক বিজয়ী মৈত্ৰী বড়া

৮ অক্টোৱৰ, গুৱাহাটী: (Commonwealth Classic Sub Junior Powerlifting Championships) কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত ভাৰতৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰে তিনিচুকীয়া জিলাৰ হিজুগুৰিৰ নিবাসী মৈত্ৰী বড়াই। ৪ পৰা ১৩ অক্টোবৰ, ২০২৪ তাৰিখলৈ দক্ষিণ আফ্ৰিকাৰ ছান চিটিত অনুষ্ঠিত কমনৱেলথ ক্লাছিক চাব জুনিয়ৰ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি চাৰিটা শিতানত ক্ৰমে ৪৭ কেজি চাব জুনিয়ৰ ৱিমেন, অভাৰ অল গল্ড মেডেল, ইন্দিভিজুৱেল গল্ড মেডেল ইন স্কোৱাত, বেঞ্চ প্ৰেছ এণ্ড ডেডলিফট শাখাত ৪টাকৈ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয়(Moitrayee Borah)। মৈত্ৰীৰ পিতৃৰ নাম প্ৰাঞ্জল প্ৰতিম বড়া আৰু মাতৃ অনিতা বড়া।

প্ৰাঞ্জল প্ৰতিম বড়াই এগৰাকী সু-কন্যাৰ পিতৃ হোৱাৰ লগতে ভাৰতৰ পাৱাৰলিফটিং দলৰ মেনেজাৰ হিচাবে প্ৰতিনিধিত্ব কৰে। অসম পাৱাৰলিফটিং এছ’চিয়েচনে জানিবলৈ দিয়া অনুসৰি ৪৭ কেজি বডিউৱেইট বিভাগত অসম চাব জুনিয়ৰ ক্লাছিক শাখাৰ পৰা প্ৰথমগৰাকী স্বৰ্ণ পদক বিজয়ী হিচাবে বিবেচিত হৈছে মৈত্ৰী বড়াই। মৈত্ৰীৰ এনে খবৰৰ পাছতে ভাৰতৰ পাৱাৰলিফটিং সন্থাৰ উপ-সভাপতি কৈলাশ শৰ্মা, অসম পাৱাৰলিফটিং সন্থাৰ সভাপতি ৰাজ কুমাৰ দাস, সম্পাদক অনুপম শৰ্মাই কমনৱেলথ পাৱাৰলিফটিং চেম্পিয়নশ্বিপত সুন্দৰ প্ৰদৰ্শনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

AIIMS-Delhi-Innovates-with-AI-Based-ECG-Services-for-Patient-Care
AI-Based ECG Services: এইমছৰ ৰোগীয়ে এআই প্ৰযুক্তিৰ জৰিয়তে লাভ কৰিব ECG ৰ সুবিধা

নতুন দিল্লী, ৮ অক্টোবৰ: দিল্লী এইমছে অতি শীঘ্ৰে চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীসকলক কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ জৰিয়তে ECG ৰ সুবিধা প্ৰদান কৰিব(AI-Based ECG Services)। ইয়াৰ লগে লগে টেকনিচিয়াগৰাকীয়ে ৰোগীৰ ECG কৰিবৰ বাবে এটা বিভাগৰ পৰা আন এটা বিভাগলৈ গৈ থকাৰ কোনো প্ৰয়োজন নাথাকিব। ইয়াৰ উপৰিও ইয়াৰ বাবে একাংশ ৰোগীক কেন্দ্ৰীয় ইউনিটলৈ নিয়াৰ প্ৰয়োজনীয়তাও নাইকিয়া হ’ব। তাৰোপৰি ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ অসুবিধাৰ পৰাও ৰোগীৰ অভিভাৱকে সকাহ পাব।

বৰ্তমান টেকনিচিয়ানসকলে বিভিন্ন বিভাগলৈ গৈ কৰে ৰোগীৰ ECG

বৰ্তমান সময়ত ৰোগীৰ ECG কৰে ECG টেকনিচিয়াসকলে। যাৰ বাবে তেওঁলোকে বিভিন্ন বিভাগলৈ গৈ চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীসকলৰ ECG কৰিব লাগে। ইয়াৰ লগতে বহু ৰোগীক ECG ৰ বাবে কেন্দ্ৰীয়ভাৱে কৰা ইচিজি সুবিধা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। দিল্লী এইমছৰ সঞ্চালক ডাঃ এম শ্ৰীনিবাসে কয়, আমি ৰোগীৰ যত্ন আৰু কাৰ্য্যকৰী ফলপ্ৰসূতা – এই দুয়োটা উন্নত কৰাৰ প্ৰয়াসেৰে ৰোগীৰ ECG সেৱা সুশৃংখলিত কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছো।

৩১ ডিচেম্বৰৰ ভিতৰত প্ৰতিটো ৱাৰ্ডত ডিজিটেল ECG সঁজুলি স্থাপন কৰাৰ পৰিকল্পনা

সঞ্চালকগৰাকীয়ে জনোৱা মতে, ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত এইমছ, দিল্লীয়ে(Delhi AIIMS) প্ৰতিটো আন্তঃৰোগী ৱাৰ্ডত (Inpatient ward) এআই ভিত্তিক ক্ষমতা থকা ডিজিটেল ECG সঁজুলি(Digital ECG Machine) স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। নাৰ্চিং বিষয়া, আৱাসী চিকিৎসক আৰু ফেকাল্টি সদস্যসকলে ৰোগীৰ বিচনাৰ কাষতে এই সুবিধা গঢ়ি তোলাৰ ফলত ECG ৰ বাবে ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰৰ প্ৰয়োজনীয়তা যথেষ্ট হ্ৰাস পাব(Artificial Intelligence in Healthcare)।

জটিল ECG ৰ বাবে ২৪-ঘণ্টীয়া কমাণ্ড চেণ্টাৰ স্থাপনৰ পৰিকল্পনা

ইয়াৰ সমান্তৰালকৈ এইমছৰ কাৰ্ডিঅ’লজি বিভাগে জটিল ECG ৰ বুজ লৈ উন্নত চিকিৎসা প্ৰদানৰ বাবে ২৪ ঘণ্টীয়া কমাণ্ড চেণ্টাৰো স্থাপন কৰা হ’ব । চিকিৎসালয়খনৰ প্ৰতিটো ৱাৰ্ড আৰু ICUৰ পৰা জটিল ECG ৰিপ’ৰ্টৰ বিশ্লেষণ কাৰ্ডিঅ’লজিষ্টৰ দ্বাৰা কৰা হ’ব, আৰু টেলিমেট্ৰী ব্যৱস্থাৰে ইয়াক প্ৰেৰণৰ সুবিধা থাকিব। । অধ্যাপক এম. শ্ৰীনিবাসে এই বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে, দিল্লী এইমছত আমি স্বাস্থ্যসেৱা প্ৰদানৰ মান উন্নত কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব বিচাৰো(AI in Cardiology)।

আমাৰ উদ্দেশ্য হৈছে, ৰোগীসকলে যাতে সময়মতে প্ৰয়োজনীয় ক্লিনিকেল সেৱা লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্যসেৱাৰ অভিজ্ঞতা উন্নত হয়। ইয়াৰ বাবে আমি এআই ভিত্তিক ডিজিটেল ECG ডিভাইচসমূহ একত্ৰিত কৰি ২৪ ঘণ্টীয়া কমাণ্ড চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি চলাইছো। এইমছৰ মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত অধ্যাপিকা ৰীমা দাদাই কয় যে, দিল্লী AIIMSত স্বাস্থ্য সেৱা প্ৰদানৰ মান উন্নত কৰাৰ লক্ষ্যৰে অত্যাধুনিক প্ৰযুক্তিৰ ব‍্যৱহাৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে। আমাৰ লক্ষ্য হৈছে, অত্যাধুনিক প্ৰযুক্তি গ্ৰহণ কৰি ECG সেৱা বিকেন্দ্ৰীকৰণ কৰি ৰোগীক দ্ৰুত আৰু সঠিক চিকিৎসা সেৱা প্ৰদান কৰা ।

এই অত্যাধুনিক প্ৰযুক্তিৰ সংযোজনে দিল্লী AIIMSৰ ৰোগীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত বৃহৎ পৰিবৰ্তন আনিব, যি স্বাস্থ্য সেৱাৰ মান আৰু গতিশীলতাক আৰু অধিক উন্নত কৰি তুলিব ।

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে
Ratan Tata health rumors: স্বাস্থ্যৰ অৱনতিৰ উৰাবাতৰি অস্বীকাৰ কৰি ৰতন টাটাই জনালে, তেওঁ সুস্থ হৈ আছে

নেশ্যনেল ডেস্ক, ৮ অক্টোবৰ: দেশৰ বিশিষ্ট উদ্যোগপতি তথা টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাই নিজৰ স্বাস্থ্যক লৈ চলি থকা উৰাবাতৰিৰ পিছতে এক বার্তা আগবঢ়াইছে। পোনপটীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ ওপৰত থকা সন্দেহ দূৰ কৰি(Ratan Tata health rumors) তেওঁ জনাইছে যে তেওঁ সম্পূর্ণৰূপে সুস্থ। লগতে তেওঁৰ বিষয়ে চিন্তা কৰা সকলোকে ধন্যবাদ জনাইছে।

সোমবাৰৰ পৰা ৰতন টাটাৰ স্বাস্থ্যক লৈ বিভিন্ন উৰাবাতৰি (rumors) ওলাই থকা পৰিলক্ষিত হৈছিল। মুম্বাইৰ ব্ৰিচকাণ্ডি হাস্পতালত ভৰ্তি হোৱা বুলি সংবাদ মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত চৰ্চা চলি আছিল(Ratan Tata hospitalization)। এই উৰাবাতৰিৰ পাছতে তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় সন্দেহ আঁতৰাই ৰতন টাটাই এটি বার্তা প্ৰকাশ কৰে। এই বার্তাত তেওঁ কয়, “মই মোৰ স্বাস্থ্য সম্পৰ্কীয় শেহতীয়া উৰাবাতৰিৰ বিষয়ে অৱগত হৈছো। মই সকলোকে আশ্বাস দি জনাব বিচাৰো যে এই দাবীসমূহ ভিত্তিহীন। মোৰ বয়স আৰু ইয়াৰ ফলত হোৱা শাৰিৰীক পৰিস্থিতিৰ বাবে কিছুমান পৰীক্ষা কৰি থকা হৈছে; কিন্তু চিন্তাৰ কোনো কাৰণ নাই। মই সুস্থ হৈ আছোঁ(Ratan Tata health)। জনসাধাৰণ আৰু সংবাদমাধ্যমক ভুল তথ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ বিনম্ৰভাবে অনুৰোধ জনাইছোঁ ।”

উল্লেখ্য যে, কিছু দিন পূৰ্বে, মহাৰাষ্ট্ৰ চৰকাৰে টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰতন টাটা(Tata Sons chairman)ক মহাৰাষ্ট্ৰৰ ‘উদ্যোগ ৰত্ন’ সন্মান (Udyog Ratna Award) প্ৰদান কৰিছিল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু উপ-মুখ্যমন্ত্ৰী দুগৰাকী ক্ৰমে দেবেন্দ্র ফড়নবিছ আৰু অজিত পাৱাৰৰ উপস্থিতিত তেওঁক এই সন্মান প্ৰদান কৰা হৈছিল। এই বছৰৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে এই বিশেষ সন্মান প্ৰদানৰ অনুষ্ঠান আৰম্ভ কৰিছে। ৰতন টাটা হৈছে প্ৰথমগৰাকী উদ্যোগপতি, যাক এই সন্মান প্ৰদান কৰা হৈছে। মুম্বাইৰ কোলাবাস্থিত হালকাই অঞ্চলস্থিত তেওঁৰ বাসভৱনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই সন্মান প্ৰদান কৰা হৈছিল।

মুখ্যমন্ত্ৰী একনাথ শিণ্ডে, উপ-মুখ্যমন্ত্ৰীদ্বয় দেবেন্দ্ৰ ফডনৱিছ আৰু অজিত পাৱাৰ, উদ্যোগ মন্ত্ৰী উদয় সামন্ত, শিক্ষামন্ত্ৰী দীপক কেশৰকাৰকে ধৰি ৰাজ্যখনৰ বহুকেইগৰাকী উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত টাটাক এই সন্মান প্ৰদান কৰা হৈছিল।

“Anti Romeo Squad”: শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ বাবে জিলাখনত “এণ্টি ৰোমিঅ’ স্কোয়াড” মোতায়েন

"Anti Romeo Squad": শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ বাবে জিলাখনত "এণ্টি ৰোমিঅ' স্কোয়াড" মোতায়েন
"Anti Romeo Squad": শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ বাবে জিলাখনত "এণ্টি ৰোমিঅ' স্কোয়াড" মোতায়েন

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ,৭ অক্টোবৰ:(Durga Puja) শাৰদীয় দুৰ্গা পূজাৰ আনন্দত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে সাজু কাছাৰ জিলা আৰক্ষী। দুৰ্গোৎসৱক সুচাৰুৰূপে সফল কৰাৰ স্বাৰ্থত জিলাখনত আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত গঠন কৰা হৈছে “এণ্টি ৰোমিঅ’ স্কোয়াড” নামৰ এটা বিশেষ বাহিনী।বাহিৰৰ পৰা বিশেষজ্ঞ আনি ১৫ দিনৰ প্ৰশিক্ষণ দিয়াৰ পিছত সোমবাৰে কাছাৰত মোতায়েন কৰা হয় “এণ্টি ৰোমিঅ’ স্কোয়াড”। (“Anti Romeo Squad”)

ইয়াত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ লোক আছে। প্ৰশিক্ষণৰ অন্তত শিলচৰত”এণ্টি ৰোমিঅ’ স্কোয়াড”এ মহৰা প্ৰদৰ্শন কৰে।এইদিনা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে, কাছাৰ জিলা অসমৰ অন্যতম ঐতিহাসিক স্থান। ইয়াত ভক্তসকলে প্ৰতি বছৰে অতি উৎসাহেৰে শাৰদীয় দুৰ্গোৎসৱ পালন কৰে। দুৰ্গোৎসৱৰ সময়ছোৱাত সমগ্ৰ চহৰখন জনৰোণ্যলৈ পৰিণত হয়।

ফলত শিশু সহ মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। জনসমাগমৰ ভিৰত বিশেষকৈ চহৰৰ বিভিন্ন প্ৰান্তত বাইকেৰে ঘূৰি ফুৰা একাংশ অশালীন যুৱকে মহিলা আৰু যুৱতীসকলৰ সৈতে অশ্লীল আচৰণত লিপ্ত হয়।এই বিষয়ে পৰ্যালোচনা কৰি শান্তি শৃংখলা বজাই ৰখাৰ বাবে এণ্টি-ৰোমিঅ’ স্কোয়াড নামৰ এটা বিশেষ বাহিনী গঠন কৰা হৈছে। ইয়াৰ মাজতে জিলাখনৰ আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বও বি এছ এফৰ জোৱানসকলৰ কান্ধত দিয়া হৈছে।

বাহিৰৰ পৰা বিশেষজ্ঞক আনি মহিলা আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰি এই বিশেষ বাহিনী গঠন কৰা হৈছে। পূজাৰ সময়ত জিলাখনৰ বিভিন্ন অঞ্চলত ২৪ ঘণ্টীয়া বাইক চলোৱাৰ জৰিয়তে “এণ্টি-ৰোমিঅ’ স্কোয়াড”ই বিশেষ সতৰ্কতা অৱলম্বন কৰিব। উল্লেখ্য ,কাছাৰ আৰক্ষীয়ে যোৱাবাৰেও এনে নিৰাপত্তা বাহিনী গঠন কৰা হৈছিল আৰু আৰক্ষীৰ এই “এণ্টি ৰোমিঅ’ স্কোয়াড”ক ৰাইজে আদৰণি জনাইছিল । আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এইবাৰো ৰাইজে আৰক্ষীক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

Durga Puja Festival : পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ

Durga Puja: পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ
Durga Puja: পুথিভঁৰালৰ আৰ্হিত এখন আকৰ্ষণীয় পূজাৰ মণ্ডপ

তেজপুৰ,৭অক্টোবৰঃ (Durga Puja Festival) নৱপ্ৰজন্মলৈ অসমীয়া গ্ৰন্থ অধ্যয়নৰ আহ্বান তথা বাৰ্তাৰে নিৰ্মাণ কৰা হৈছে এইখন পূজাৰ মণ্ডপ৷ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলেও এই ভাষাত পঢ়াশুনা কৰাৰ অপৰিসীম গুৰুত্বৰ বিষয়ে উপস্হাপন কৰি তেজপুৰৰ ভৈৰৱ নগৰ টিলাৰ দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে এইবাৰ (library)৷ উল্লেখযোগ্য যে,তেজপুৰত অনুষ্ঠিত হোৱা ডেৰশতাধিক দুৰ্গাপূজাৰ ভিতৰত সৰ্বসাধাৰণৰ বাবে দীৰ্ঘ সময়জুৰি এইখন পূজাস্হলী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে৷তিনিবছৰ পূৰ্বলৈকে একেৰাহে আঠ বাৰকৈ এইখন পূজাই লাভ কৰি আহিছে শ্ৰেষ্ঠ পূজাস্হলীৰ সন্মান৷যোৱা তিনিবছৰে এইধৰণৰ সামাজিক বাৰ্তাৰে এই পূজাখন অনুষ্ঠিত হোৱা নাছিল যদিও এইবাৰ পুণৰ ৰাইজে এইখন পূজা পূৰ্বৰ দৰেই এক বিশেষ সামাজিক বাৰ্তাৰে আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে ৷

উল্লেখযোগ্য যে,অঞ্চলটোৰ সকলো লোকেই বছৰি জমাকৰা ধনৰে আৰু শ্ৰমদানৰে এইখন পূজাৰ আয়োজন কৰি আহিছে বিগত ২৪বছৰে৷কেতিয়াবা যদি মাটিৰ কলহ,আন কেতিয়াবা আকৌ পাচি,ডলা, চালনি কিম্বা তেলৰ টিন,ছাতি নতুবা চাইকেলৰ ৰিং আদিৰে দৃষ্টি নন্দন মণ্ডপ নিৰ্মাণ কৰি ৰাইজৰ বাবে এক বিশেষ পূজাস্হলী হিচাপে তেজপুৰত পৰিচিত হৈ পৰা দুৰ্গাবাড়ী সাৰ্বজনীন দুৰ্গাপূজাখনৰ মণ্ডপ নিৰ্মাণৰ গুড়ি ধৰি আহিছে কলা নিৰ্দেশক তাপস দাসে ৷

এইবাৰো দাসে ৰাইজৰ আহ্বান মৰ্মে এই মণ্ডপক এখন গ্ৰন্হৰ পৃথিৱীলৈ পৰ্যবসিত কৰিছে৷এটা গ্ৰন্হাগাৰৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে দাসে৷উল্লেখযোগ্য যে,কীৰ্তন নামঘোষাৰ পৰা আহোমৰ বুৰঞ্জী,মৰমৰ দেউতা,মহাদুষ্টৰ দুষ্ট বুদ্ধি,দেওলাংখুই,মাকাম,অসীমত যাৰ হেৰাল সীমা,ইয়াৰুইঙ্গম,কিতাপ পঢ়াৰ আনন্দ,ৰামায়ণ,মহাভাৰত,বিঞ্চু ৰাভাৰ ৰছনাৱলীকে ধৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰা প্ৰায় আঢ়ৈ হেজাৰ গ্ৰন্থৰ আৰ্হিৰে সজোৱা হৈছে এই বিশেষ মণ্ডপটো৷ বিশেষ মণ্ডপটোৰ কলা নিৰ্দেশক তাপস দাসে কয় যে,এইখন পূজাৰ বাজেট এইবাৰ আঠলাখ টকা ধাৰ্য কৰা হৈছিল যদিও ইমান টকা সংগ্ৰহ হোৱা নাই ৷

ৰাইজৰ সিদ্ধান্ত অনুসৰিয়েই এইবাৰ অসমীয়া ভাষা সাহিত্যৰ স্বাৰ্থত অসমীয়া গ্ৰন্থ অধ্যয়ন কৰাটো যে আৱশ্যক সেই বাৰ্তা নতুন প্ৰজন্মক দিবলৈ বিচৰা হৈছে৷এতিয়া কিতাপ পঢ়া মানুহৰ সংখ্যা হ্ৰাস পাইছে,সকলো ব্যস্ত থাকে মোবাইল ফোনত৷দাসে লগতে কয় “ নতুন প্ৰজন্মই গ্ৰন্হাগাৰলৈ যোৱাৰ অভ্যাস গঢ়ি তোলক৷অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত নতুন প্ৰজন্মই অসমীয়া সাহিত্যৰ মহামূল্যবান গ্ৰন্থ সমূহৰ স’তে গ্ৰন্হাগাৰলৈ গৈ পৰিচয় হওঁক৷জ্ঞানৰ অন্বেষণেই প্ৰকৃতাৰ্থত এক পূজা৷” উল্লেখযোগ্য যে,ৰাজ্যৰ বৰেণ্য সাহিত্যিক সকলৰ গ্ৰন্থৰ নিখুঁট আৰ্হিৰে কেৱল মণ্ডপেই নহয়,মূল পথৰ পৰা পূজা মণ্ডপলৈকে প্ৰায় দুশ মিটাৰ পথো সজোৱা হ’ব গ্ৰন্থৰেই৷ অহা বুধবাৰৰ ভিতৰত এই মণ্ডপ সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰে কলা নিৰ্দেশক তাপস দাসে ৷

Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !

Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !
হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক ললিপপ মৰ্টন প্ৰদান কৰিব

দৈনন্দিন বাৰ্তাৰ সেৱা,বোকাখাত, ৭ অক্টোবৰঃ(Bike Rider) হেলমেট পৰিধান নকৰি বাইক চলাই দুৰ্ঘটনাত পতিত হ’লে আৰু শৰীৰত আঘাট পালে, চিকিৎসকে চিকিৎসাৰ জৰিয়তে সকলো ঠিক কৰিব পাৰে ৷ কিন্তু হেলমেট পৰিধান নকৰাৰ ফলত মূৰত গুৰুতৰ আঘাট পালে তাৰ কোনো চিকিৎসা নাই ৷ এই মন্তব্য বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ ৷ বোকাখাত আৰক্ষী থানাৰ সন্মুখত ফেচেংবৰ হেৰিটেজৰ হেলমেট পৰিধান নকৰি বাইক চলোৱা লোকক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা অনুষ্ঠানত এই মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

গোলাঘাট জিলা পৰিবহন বিভাগ, বোকাখাতৰ স্বেচ্ছাসেৱী সংগঠন ফেচেংবৰ হেৰিটেজৰ যৌথ উদ্যোগত বোকাখাত আৰক্ষী থানা আৰু বোকাখাত পৌৰসভাৰ সহযোগত বোকাখাত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত এখন পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে ৷ মূলতঃ যুৱ প্ৰজন্মৰ একাংশই তীব্ৰ গতিত বাইক চলোৱা, সুৰাপান কৰি বাই চলোৱা, হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱাৰ ফলত প্ৰতি দিনেই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷

বিশেষকৈ পূজা আদি উৎসৱ মুখৰ পৰিৱেশত অত্যাধিক গতিত বাইক চলাই দুৰ্ঘটনা সংঘটিত কৰাৰ উপৰিও কেতিয়াবা মৃত্যু মুখতো পৰিছে ৷ তাৰেই সজাগতাৰ বাবে আজি সংগঠন কেইটাই পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰে ৷ ফেচেংবৰ হেৰিটেজৰ সভাপতি ৰাজীৱ বৰাৰ সভাপতিত্বত ৰূপজ্যোতি ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত অনুষ্ঠিত সজাগতা সভাত বোকাখাত মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, সমাজকৰ্মী অনিমেষ শইকীয়া, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতাই পথ সুৰক্ষা সজাগতাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷

ইয়াৰ পূৰ্বে বোকাখাত আৰক্ষী থানাৰ সন্মুখত বোকাখাত আৰক্ষী থানাৰ আৰক্ষী আৰু যানবাহন শাখাৰ আৰক্ষীৰ সহযোগত ফেচেংবৰ হেৰিটেজৰ সদস্য সকলে হেলমেট পৰিধান নকৰা বাইক আৰোহীসকলক ললিপপ মৰ্টন প্ৰদান কৰি হেলমেট পৰিধান কৰি বাইক চলাবলৈ আহ্বান জনায় ৷ অনাগত দিনত ফেচেংবৰ হেৰিটেজে পথ সুৰক্ষা সম্পৰ্কত মহাবিদ্যালয়, পঞ্চায়ত এলেকাত সজাগতামুলক সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে ৷ অনুষ্ঠানত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বোকাখাতৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

Minister Bimal Bara stop the convoy:কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল কিয় মন্ত্ৰী বিমল বড়াই !

Minister Bimal Bara stop the convoy:কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল কিয় মন্ত্ৰী বিমল বড়াই !
কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহিল মন্ত্ৰী বিমল বড়া

দৈনন্দিন বাৰ্তাৰ সেৱা টিংখাং ৭ অক্টোবৰ : (Minister Bimal Bara)বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই মানৱ সভ্যতাক উন্নতিৰ উচ্চ শিখৰলৈ নিছে যদিও মানৱীয় প্ৰমুল্যবোধ কৰবাত যেন হেৰাই যোৱাৰ অনুভৱ হয় ৷ মানৱীয় প্ৰমুল্যবোধ হেৰাই যোৱাৰ দুচিন্তাৰ মাজতে কেতিয়াবা কেতিয়াবা সমাজত দুই এক এনেধৰণৰ ইতিবাচক ঘটনা পৰিলক্ষিত হয় যিবোৰে মানুহৰ মন মগজুত পুনৰ মানৱীয় প্ৰুমুল্যবোধ জগাই তোলে ৷ ভূপেনদাৰ সেই কালজয়ী গীত- “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে , ভাবিব কোনে কোৱা”প্ৰত্যকৰে মন মগজুত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ৷ আৰু মানৱ সমাজে পুনৰ মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ প্ৰয়াস কৰে ৷ (convoy)

মানৱীয় প্ৰমুল্যবোধ জগাই তোলাৰ এক ঘটনা সংঘটিত হয় টিংখাঙত ৷ দেওবাৰৰ দিনা সংঘটিত হোৱা এই ঘটনাই মানৱ জাতিৰ বাবে এক ইতিবাচক সংকেত দিয়ে ৷ দেওবাৰৰ দিনা টিংখাং সমষ্টিৰ ন-খাট গাঁও পঞ্চায়তৰ মেছলৌৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক নীল শইকীয়া নামঘৰৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত হঠাৎ ৰাস্তাতে মটৰচাইকেলৰ পৰা পৰি আঘাতপ্ৰাপ্ত হয়। (Minister Bimal Bara)মন্ত্ৰী বিমল বড়া সেই সময়ত কনভয়ৰে বাটেৰে আহি থকা অৱস্থাত লোকজনক প্ৰত্যক্ষ কৰে ৷

(Convoy)লগে লগে মন্ত্ৰীগৰাকীয়ে কনভয় ৰখাবলৈ নিৰ্দেশ দি গাড়ীৰপৰা নামি আহে ৷ আঘাতপ্ৰাপ্ত লোকজনক ৰাস্তাৰপৰা তুলি আনি চকীত বহুৱাই শুশ্ৰুষা কৰাত ব্যস্ত হৈ পৰে মন্ত্ৰীগৰাকী ৷ ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত লোকজনৰ পৰিয়ালক খবৰ দিয়াৰ লগতে চিকিৎসালয়লৈ লৈ যোৱাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰী বিমল বড়াই । অসম চিকিৎসা মহাবিদ্যালয়লৈ লোকজনক প্ৰেৰণ কৰা হয় ৷ চিকিৎসা মহাবিদ্যালয়ৰ কতৃপক্ষক মন্ত্ৰীগৰাকীয়ে ঘটনাটো অৱগত কৰায় আৰু উন্নত চিকিৎসা প্ৰদান কৰি সোনকালেই সুস্থ কৰি তুলিবলৈ আহ্বান জনায় চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ৷ উক্ত সময়তে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে মন্ত্ৰী বিমল বড়াক সংগ প্ৰদান কৰে। মন্ত্ৰীগৰাকীৰ এনে কাৰ্যক প্ৰশংসা কৰে সকলোৱে ৷