Home Blog Page 509

New Assamese film: নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’

নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা ,মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’
নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা ,মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’

গুৱাহাটী,অক্টোবৰ,৭: (New Assamese film)এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আজি গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ‘জিল ক্ৰিয়েশ্যনছ’ৰ বেনাৰত ৯০বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱৰে উদ্‌যাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত এখন নতুন অসমীয়া চিনেমা ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷ ভাইমন দা-এ ট্ৰিবিউট টু আছামিছ চিনেমা (Bhaimon Da -A tribute to Assmese cinema)ৰ কাহিনী,চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ৷চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে ৷ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা,চিনেমাখনৰ চিনেমেটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ৷

অনুষ্ঠানৰ আৰম্ভণীতে মঞ্জুুলা বৰুৱা,জে পি দাস, সমৰ হাজৰিকা আৰু অন্যান্য বিশিষ্ট অতিথি সকলে বন্তি প্ৰজ্বলন কৰে৷ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনৰে পৰা আৰম্ভ কৰা আৰু বৰ্তমানলৈকে চলি থকা
অসমীয়া চিনেমাৰ গৌৰৱোজ্বল নব্বৈ বছৰীয়া ইতিহাস উদ্‌যাপনৰ উদ্দেশ্যৰে ‘জ্যোতি জয়ন্তী’ শীৰ্ষক নামকৰণ কৰা এটি বিশেষ ল’গ’ মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে৷

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি জ্যোতিচিত্ৰবনৰ বাকৰিত ‘লাইভ পেইণ্টিং’ৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ইয়াৰ পাছতেই ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মাই জিল ক্ৰিয়েশ্যনছ আৰু ‘ভাইমন দা -এ ট্ৰিবিউট টু আছামিজ চিনেমা’ শীৰ্ষক চলচ্চিত্ৰখনৰ নিৰ্মাণৰ যাত্ৰাটিৰ বিষয়ে কিছু অনুভৱ ব্যক্ত কৰে৷

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মঞ্জুলা বৰুৱা,মৃদুলা বৰুৱা,শান্তা উজিৰ,মণিষা হাজৰিকাই ছবিখনৰ পোষ্টাৰ উন্মোচন কৰি বক্তব্য প্ৰদান কৰে৷বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাই চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে৷সেই অনুসৰি ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ই অহা বছৰ অৰ্থাত ২০২৫ বৰ্ষৰ ৭ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব৷ চলচ্চিত্ৰখনৰ কাহিনীকাৰ পৰিচালক শশাংক সমীৰৰ বক্তব্য তথা কলাকুশলীৰ পৰিচয়পৰ্বৰ পাছতেই এই অনুষ্ঠানতে ছবিখনৰ প্ৰথমটি গীতৰ অডিঅ’ -ভিডিঅ’ মুকলি কৰা হয়৷

অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱাক যাক সকলোৱে মৰমতে মাতিছিল ‘ভাইমন দা’ বুলি তেখেতৰ জীৱনশৈলী, কৰ্মৰাজি তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনক লৈ কলামোদী দৰ্শক -ৰাইজৰ আগ্ৰহ ইতিমধ্যেই পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে “বোৱাৰী” ছবিখনৰ যোগেদি এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে পৰিচিতি লাভ কৰা কৰা মুনিন বৰুৱাৰ কৰ্মৰাজিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনৰ নানান কথাও ছবিখনত উপস্থাপন কৰা হৈছে৷

জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা এক অনুষ্ঠানত “ভাইমন দা-A Tribute to Assamese Cinema” ৰ পষ্টাৰ আৰু প্ৰথমটো গীতৰ ভিডিঅ’ আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানটিত প্ৰাঞ্জল শইকীয়া মালবিকা বৰা,ৰুণু দেৱী,বীণা বাৰুৱতী,সমৰ হাজৰিকা, পাহাৰী শইকীয়া,গৰিমা শইকীয়া গাৰ্গ,নিশিতা গোস্বামী ,আদিকে ধৰি অসমীয়া চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ উদ্যোক্তা সকলৰ তৰফৰ পৰা কেইবাগৰাকীও জ্যেষ্ঠ অভিনয় শিল্পীক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত চলচ্চিত্ৰখনৰ বিয়েৰ-ব্ৰেণ্ডি শীৰ্ষক গীতটিত পংকজ ইংতিৰ দলে এক সুন্দৰ নৃত্য পৰিৱেশন কৰে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী যাত্ৰাক উদ্‌যাপন কৰি নিৰ্মাণ কৰা ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমাৰ সংগীত জুবিন গাৰ্গৰ৷ ছবিখনৰ ভিন্ন চৰিত্ৰত বনদীপ শৰ্মা,যশশ্ৰী ভূঞা,গুণাকৰ দেৱগোস্বামী,পাকিজা বেগম,অনুৰাগ বৰা,সমূদ্ৰগুপ্ত দত্ত,অৰ্ঘদীপ বৰুৱা,কৌশিক ভৰদ্বাজ,হৰপল শইকীয়া,গীতাৰ্থ শৰ্মা,নিৰুপম শইকীয়া,জয় শইকীয়া,দ্বীপজ্যোতি কেওঁট,পাৰ্থ প্ৰতীম শইকীয়া,শিল্পী শিখা বৰা,বৈভৱী গোস্বামী আদিৰ লগতে আৰু বহু শিল্পীয়ে অভিনয় কৰিছে৷

ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে কাম কৰাৰ লগতে প্ৰীতম খাউণ্ডে কৰিছে সম্পাদনাৰ কাম৷ ভাইমন দা -এ ট্ৰিবিউট টু আছামিজ চিনেমা ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰন মনোজ কুমাৰ মিশ্ৰ আৰু ঋতু গাৰ্গৰ৷ অনুষ্ঠানৰ শেষত ছবিখনৰ অভিনয় শিল্পী তথা কলা-কুশলীৰ লগত উপস্থিত সাংবাদিক সকলে মত বিনিময় কৰে৷

Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস

Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস
Mangaldoi:মঙলদৈত ছহিদ মোজাম্মিল হক স্মাৰক কেন্দ্ৰীয় মাতৃভাষা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং,৬ অক্টোবৰঃ (Mangaldoi)মঙলদৈত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৭২ ৰ মাধ্যম আন্দোলনত প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকে দিয়া আত্মবলিদানৰ বাবে পালন কৰা মাতৃভাষা দিৱসৰ সফলভাবে সম্পৰ্ণ হয়৷ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতিয়ে আন আন জাতীয় সংগঠনৰ সহযোগত জাতীয় বীৰ ছহিদ মোজাম্মিল হকৰ মৃত্যু দিনটো ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে৷ ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।,পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে।

শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা -অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা,২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।

এনে অনেক বঁটা বাহন আৰু সন্মান লাভ কৰা এগৰাকী প্ৰথিতযশা সাহিত্যিকক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰিবলৈ পাই সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ ধন্য হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞা, জিলা সভাপতি বাবুল মকছেদ আহমেদ, কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী,সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মিছবাহুল হুদাই। ।

সপ্তদশ মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰেবিশিষ্ট প্ৰকৃতি প্ৰেমী আৰক্ষী বিষয়া মুকুট কাকতিয়ে।দিনৰ ১২.৩০ বজাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আবু আয়ুব আনছাৰীয়এ। ৬ অক্টোবৰৰ পুৱা ৮.৫৫ বজাত পৰিষদৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদে ,৯.৩০ বজাত ছহিদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ছহিদ ভাতৃ বদৰুল হকে। মুখ্য তৰ্পক হিচাপে ছহিদ তৰ্পণ ভাগ লয় কেন্দ্ৰীয় উপদেষ্টা ডঃ চহিৰ ভূঞাই। ১২.৩০ বজাত অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনাত গীতা পাঠ কৰে হিৰণ্য কাশ্যপে,কোৰাণ পাঠ কৰে মুক্তি মহম্মদ তাজনুৰ আলিয়ে আৰু বাইবেল পাঠ কৰে মিষ্টাৰ বীণাই। বিয়লি ১.০০ বজাত উদযাপন সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ বিধায়ক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰে ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। জিলা সমিতিৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পদ্মশ্ৰী ডঃ ইলিয়াছ আলিয়ে ভাষণ দি অসমৰ জন্ম নিয়ন্ত্ৰৰ ক্ষেত্ৰত তেখেতে সৃষ্টি কৰা সজাগতা আন্দোলনৰ অভিজ্ঞতাৰ বিষয়ে দাঙি ধৰি সভাক মন্ত্ৰমুগ্দ্ধ কৰে।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকাই অসমীয়া মাতৃভাষা ৰাজ্যভাষা আইনৰ আজিকোপতি সু প্ৰয়োগ নোহোৱাত অসন্তুষ্টি ব্যক্ত কৰে। এই আইনৰ উচিত প্ৰয়োগ নহ’লে আৰু আমি অসমীয়া সকলে মনে প্ৰাণে অসমীয়া ভাষাৰ সঠিক ব্যৱহাৰ নকৰিলে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালেও আমাৰ ভাষাৰ সংকট আঁতৰি নাযায় বুলি সকলোকে সঁকিয়াই দিয়ে। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ছহিদ আলি আহমেদ, সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ,গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ আৰু অসম চৰকাৰৰ প্ৰৱৰ্তক পৰিদৰ্শক আৰিফুল ইছলামে। মুকলি সভাত সৰ্বসন্মতিক্ৰমে তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰথম প্ৰস্তাৱ মৰ্মে দৰং জিলাৰ মঙলদৈত স্থাপন হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খনৰ নাম ছহিদ মোজাম্মিল হকৰ নামেৰে প্ৰতিষ্ঠা কৰিবলৈ দাবী জনোৱা হয়।

দ্বিতীয় প্ৰস্তাৱ মৰ্মে অসমীয়া ৰাজ্য ভাষা মাতৃভাষা আইন ১৯৬০ ৰ যথোচিত প্ৰয়োগ কৰিবলৈ দাবী জনায়। তৃতীয় প্ৰস্তাৱত অসমীয়া ভাষালৈ কেন্দ্ৰীয় চৰকাৰে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰে আৰু এই এনে সফলতাৰ বাবে অসম সাহিত্য সভা,ভাৰত চৰকাৰ তথা অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ড০ চহিৰ ভূঞাই আদৰণি ভাষণ দিয়া মুকলি সভিত জ্যেষ্ঠ সাংবাদিক শংকৰ কাকতিৰ সভাপতি,মহিবুল হকক সম্পাদক হিচাপে লৈ গঠিত সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা ‘আই তোক কিহেৰে পূঁজিমে’ শীৰ্ষক স্মৃতি গ্ৰন্থ ‘উন্মোচন কৰে কৃতী শিক্ষক ফাইজুৰ ৰহমান চহৰীয়াই। সংগীত শিল্পী দিনবন্ধু চহৰীয়াৰ পৰিচালনাত ‘আই তোক কিহেৰে পূঁজিমে’ শীৰ্ষক ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে আৰম্ভণি কৰা মুকলি সভা সমাপ্ত হয় জাতীয় সংগীত “অ মোৰ আপোনাৰ দেশেৰে’’৷
সন্ধিয়া বন্তি প্ৰজ্বলনত মুখ্য তৰ্পক হিচাপে ভাগ ল’য় বিশিষ্ট সমাজকৰ্মী , অভিযন্তা কল্পসিং বৰদলৈয়ে।বন্তি প্ৰজ্বলন কাৰ্যসূচীত শতাধিক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Durga Puja 2024: দশভূজা দেৱী দুৰ্গা; জানক পূজাৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব

Durga Puja: dashbhuja-devi-durga
Durga Puja: দশভূজা দেৱী দুৰ্গা

৭ অক্টোবৰ,গুৱাহাটীঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত প্ৰচলিত এটি বৃহত্তম আৰু উল্লেখযোগ্য উৎসৱ হ’ল দুৰ্গোৎসৱ বা দুৰ্গাপূজা(Durga Puja 2024)। এই উৎসৱ ধৰ্মীয় আৰু সামাজিক উৎসৱ । শক্তিৰ উপাসনা হিন্দু ধৰ্মৰ এক অবিচ্ছেদ্য অংগ। এই অৱধৰণাটো বেদৰ বুকুতে পোখা মেলে। পুৰাণৰ যুগত বেদৰ দেৱীয়ে স্বৰূপ লাভ কৰে। শক্তিবাদে সৃষ্টিৰ আদিশক্তিক বা আদ্যশক্তিক পৰম সুন্দৰী প্ৰকৃতি ৰূপত কল্পনা কৰি আহিছে। এই আদ্যশক্তিয়ে বিশ্বব্ৰহ্মাণ্ড স্ৰজন কৰিছে। তেওঁকে ব্ৰহ্মা,বিষ্ণু, আৰু মহেশ্বৰৰো জন্মদাত্ৰী বুলিও ভবা হয় আৰু আদ্যশক্তিয়ে হ’ল মা দুৰ্গা। মা দুৰ্গা নাৰী শক্তিৰ প্ৰতীক। তেঁওৰ অনেক ৰূপৰ ভিতৰত দেৱী দুৰ্গা প্ৰধান।

দুৰ্গোৎসৱ বা দুৰ্গাপূজাৰ লগত সংগতি ৰাখি পালন কৰা হয় মহালয়া(Mahalaya)। মহালয়াৰ দিনা দেৱী কৈলাশৰ পৰা ধৰালৈ প্ৰবেশ কৰে বুলি বিশ্বাস আছে। শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ প্ৰাকমুহূৰ্তত লৌকিক নিয়ম চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক আৱাহন জনোৱা হয়। ভক্তৰ কাতৰ আবাহনত কৈলাশৰ পৰা দশপ্ৰহৰণধাৰিণী দেৱী দুৰ্গা সন্তান সহিতে (লক্ষ্মী, সৰস্বতী , গণেশ কাৰ্তিক প্ৰভৃতি ) ধৰালৈ আগমন ঘটে।শংখ,ঘণ্টা, দবাৰ ধ্বনিৰে দেৱীৰ স্তুতি,দেৱী বন্দনাৰে মুখৰ হৈ পৰে আকাশ বতাহ। পবিত্ৰ হৈ পৰে সমস্ত বায়ুমণ্ডল। দেৱীপক্ষৰ পূৰ্ববৰ্তী অমাবস্যাক মহালয়া বোলা হয়। মহালয়াৰ পিছদিনাৰ পৰা মহা নৱমীলৈ ন টা দিন পালন কৰা হয়। এইবাবে ইয়াক নৱৰাত্ৰি(Navaratri) নামেৰেও নামাকৰণ কৰা হয়।

অৱশ্যে দুৰ্গোৎসৱ দুভাগে অনুষ্ঠিত হয় । চ’ত মাহৰ শুক্লপক্ষত দুৰ্গাপূজা পালন কৰা হয়। এই পূজা বসন্ত কালত পালন কৰা বাবে ইয়াক বসন্ত উৎসৱ বা বাসন্তী দুৰ্গাপূজা বুলি কোৱা হয় । আনহাতে আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা(Sharadiya Durga Puja) বুলি কোৱা হয়। আহিনৰ শুক্লপক্ষৰ ষষ্ঠ দিনৰ পৰা অৰ্থাৎ ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত দুৰ্গাপূজা পালন কৰা হয়। ভাৰতবৰ্ষত শক্তি (দেৱী) আৰাধনাৰ সু-প্ৰাচীন পৰম্পৰা বিদ্যমান। ঘাইকৈ পশ্চিমবংগ,অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আদি ৰাজ্যসমূহত অতি ধুম-ধামেৰে প্ৰতিবছৰে শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰি অহা হৈছে(Celebrations of Durga Puja)।

আহোম যুগত বাসন্তী দুৰ্গাপূজাৰ প্ৰচলন আছিল । বাসন্ত কালত পূজিতা দুৰ্গাক ভিন্ন নামেৰে জনা গৈছিল । যেনে -কামাখ্যা, কেচাইখাতী, তাম্ৰেশ্বৰী, দীঘেশ্বৰী, বাঘ্ৰেশ্বৰী , সিদ্ধেশ্বৰী, টুক্ৰেশ্বৰী, জয়ন্তশ্বৰী, বুঞ্জীগোসাঁনী আদি উল্লেখযোগ্য।

দেৱী দুৰ্গাৰ উৎপত্তি সম্পৰ্কতো বিভিন্ন পৌৰাণিক, পুৰাতাত্বিক,ঐতিহাসিক সমল পোৱা যায় ।ভাৰতীয় সংস্কৃতিত দুৰ্গা গোসাঁনীয়ে প্ৰাক ঐতিহাসিক কালৰ পৰাই বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে ।পুৰাতাত্বিক সমল অনুসৰি দেৱীৰ বিভিন্ন ৰূপৰ মূৰ্তি চতুৰ্থ শতিকাৰ পৰা ভাৰতবৰ্ষৰ নানা অঞ্চলত পোৱা গৈছে। প্ৰাক ঐতিহাসিক যুগৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰে আনুষ্ঠানিক ভাৱে পোন প্ৰথমে কামাখ্যা দেৱীৰ পূজা অৰ্চনা আৰম্ভ কৰিছিল । এই কামাখ্যা দেৱী কাল, পাত্ৰ,ক্ষেত্ৰ আৰু প্ৰয়োজনীয়তা অনুসৰি দুৰ্গা, চামুণ্ডা, চণ্ডী, যুগমায়া, মহামায়া,পাৰ্বতী, মহিষাসুৰমৰ্দিনী(Mahisasuramardini), মহাকালী, জগতমাতা,মা জগদম্বা , শৈলপুত্ৰী, উমা, ব্ৰহ্মচাৰিনী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি,মহাগৌৰী, সিদ্ধিদাত্ৰী ইত্যাদি শত- সহস্ৰ নামে যুগে যুগে পূজিত হৈ আহিছে। দেৱী দুৰ্গা মুলত শক্তিৰ পূজাৰূপে খ্যাত। এই কাৰণে শক্তিৰূপিনী নামেৰেও জনা যায় । শাস্ত্ৰমতে, ‘দুৰ্গা ‘ শব্দৰ অৰ্থ এনেধৰণে পোৱা যায়। ‘দ ‘ মানে দৈত্যনাশক, ‘ উ’ মানে বিঘ্ননাশক, ‘গ’ মানে পাপ নাশক আৰু ‘আ ‘ মানে ভয় বা শত্ৰু নাশক ৰূপে বুজায় । অৰ্থাৎ দৈত্য ,বিঘ্ন,ৰোগ, পাপ আৰু ভয় শত্ৰুৰ বিনাশ কৰি জগতৰ মঙ্গল সাধন কৰা।

চণ্ডী পুৰাণৰ মতে পুৰণি কালত দেৱতা সকলে মহিষাসুৰক বধিবৰ বাবে নিজ নিজ শক্তিৰে দুৰ্গা দেৱীক নিৰ্মাণ কৰিছিল। দেৱতা সকলে নিজৰ নিজৰ ভূষণ ,অস্ত্ৰ শস্ত্ৰৰেও সু – সজ্জিত কৰি তুলিছিল । এই দেৱীয়ে দশভূজা ৰূপে মহিষাসুৰক বধ কৰে । ৰামায়ণৰ মতে শ্ৰী ৰামচন্দ্ৰই লংকা বিজয় কৰাৰ আগমূহূৰ্তত শৰৎ কালত মা দুৰ্গাদেৱীৰ আৰাধনা কৰিছিল। তেতিয়াৰ পৰাই এই পূজাক শাৰদীয় পূজা হিচাপে পালন কৰি আহিছে। মহিষাসুৰক বধ কৰাৰ কাৰণে দেৱীৰ অন্য এক নাম মহিষমৰ্দিনী।পুৰুষ শক্তি আৰু মাতৃ শক্তি উভয় শক্তিৰ প্ৰতীক দেৱী দুৰ্গা । আমাৰ শাৰদীয় দুৰ্গাপূজাত দেৱীৰ এই মহিষমৰ্দিনী ৰূপত উপাসনা কৰা হয়। আনহাতে কাত্যায়ন ঋষিৰ আশ্ৰমত জন্ম গ্ৰহণ কৰা কাৰণে দেৱীৰ অন্য নাম কাত্যায়নী।আহিন মাহৰ কৃষ্ণা চতুৰ্দশীৰ তিথিত জন্ম গ্ৰহণ কৰি শুক্ল পক্ষৰ সপ্তমী, অষ্টমী, নৱমী তিথিত ঋষি কাত্যায়নৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা দেৱীয়ে মহিষাসুৰক বধ কৰে।

দুৰ্গা মানে প্ৰকৃতি,প্ৰকৃতি মানে মাতৃ শক্তি এই কথা সকলোৰে বোধগম্য, প্ৰকৃতিয়ে ইচ্ছা কৰিলে ধ্বংস যিদৰে কৰিব পাৰে, সৃষ্টিও কৰিব পাৰে। কোৱা হয় দেৱী হাতী, ঘোঁৰা , নাওঁ অথবা দোলাৰে ধৰালৈ আহে আৰু যাওঁতেও তেনেকৈয়ে যায় দেৱী কিহত আহিব আৰু কিহত যাব তাৰ ওপৰতো দেশ আৰু জনগণৰ মংগল -অমংগল নিৰ্ভৰ কৰে বুলি প্ৰবাদ আছে। ষষ্ঠি অৰ্থাৎ বেলবৰণৰ দিনা দেৱীক প্ৰতিষ্ঠা কৰি পূজা আৰম্ভ কৰা হয়। সপ্তমী,অষ্টমী, নৱমী পূজাত বিভিন্ন নৈবেদ্যৰ উপৰিও পাৰ,হাঁহ, ছাগলী,মহ আদি বলীৰে দেৱীক সন্তুষ্ট কৰা হয় ।

দুৰ্গা প্ৰতিমাৰ লগত তেওঁৰ সন্তানৰ লগতে দেৱীৰ পিছফালে সৰুকৈ শিৱমূৰ্তি দেখা যায় । ধৰালৈ আহি দেৱীয়ে কি কি পূজা গ্ৰহণ কৰিছে সেইয়া শিৱই বোলে মনে মনে চাই আছিল । হিন্দু ৰীতি অথবা প্ৰচলিত বিশ্বাস অনুসৰি দুৰ্গামূৰ্তি নিৰ্মাণ কৰিবলৈ গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ,গো মুত্ৰৰ উপৰিও বেশ্যালয়ৰ এমুঠি মাটি পালেহে মৃন্ময়ী সকলে দুৰ্গা মূৰ্তি সজাৰ কাম কৰিব পাৰে।জানিব পৰা মতে যি সকল পুৰুষে বেশ্যালয়লৈ যায় তেওঁলোকে তেওঁলোকৰ সকলো পুণ্য তাতে এৰি আহে আৰু সমস্ত পাপ নিজলৈ কঢ়িয়াই আনে, সেয়ে বেশ্যালয়ৰ মাটি সকলোতকৈ পবিত্ৰ বুলি গণ্য কৰা হয় ।

ঋতুৰ পৰিৱৰ্তন,মাহ বাগৰি আকৌ আহিল আহিন মাহ । শৰতৰ স্নিগ্ধ জোনাক দূবৰি বনত নিয়ৰৰ মুকুতা, শেৱালিৰ সু-কোমল সুভাস তাৰ মাজতে ধৰিত্ৰীলৈ আগমন শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ। সাম্প্ৰতিক সময়ত দুৰ্গা পূজা জাক- জমকতাৰে ভৰি পৰিছে। তাতে আকৌ দুৰ্গা মণ্ডপৰ প্ৰতিযোগিতা। এইবিলাকত কোটি কোটি টকা ব্যয় কৰা দেখা যায় । পূজাত স্ফুৰ্তি কৰাৰ নামত মদ ভাং আদি নিচা জাতীয় দ্ৰৱ্য সেৱন কৰি দ্ৰুত গতিত গাড়ী বাইক আদি চলাই দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় । দুৰ্গা পূজাৰ দিন কেইটাত সমাজৰ অপায় -অমংগল বিনাশৰ বাবে আমি সকলোৱে বাহ্যিক আড়ম্বৰতাত গুৰুত্ব নিদি আধ্যাত্মিক ভাবেৰে দেৱী দুৰ্গাৰ পূজা অৰ্চনা কৰাত হে গুৰুত্ব দিব লাগে । পূজাৰ নামত উচছৃংখলতাই বহুতৰে প্ৰাণ অকালতে কাঢ়ি লৈ গৈছে। জগতজননী মা দুৰ্গা আমাৰ মাজত শক্তিৰূপেৰে, শান্তিৰূপেৰে, মাতৃৰূপেৰে প্ৰতিষ্ঠিত দেৱীৰ পূজা ভক্ত সকলে উলহ -মালহে পালন কৰক কিন্তু উচছৃংখলতা নহওক তাৰে কামনা ।

লেখিকাঃ ইভা গন্ধীয়া ফুকন (Eva Gandhia Phukan )

লগতে পঢ়ক Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য

Muizzu At Rashtrapati Bhavan: ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক উষ্ম আদৰণি

President Murmu, PM Modi Welcome Muizzu At Rashtrapati Bhavan
Muizzu At Rashtrapati Bhavan: ৰাষ্ট্ৰপতি ভৱনত মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজুক উষ্ম আদৰণি

নতুন দিল্লী, ৭ অক্টোবৰ: সোমবাৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজজু(Maldives President Mohamed Muizzu)য়ে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু(President Droupadi Murmu) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আনুষ্ঠানিক আদৰণি গ্ৰহণ কৰে(Muizzu At Rashtrapati Bhavan)।

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মুইজজুৰ এইটো প্ৰথমটো পাঁচ দিনীয়া আনুষ্ঠানিক ভাৰত ভ্ৰমণৰ কাৰ্যসূচী। ইফালে দেওবাৰে দিল্লীত উপস্থিত হোৱাৰ সময়ত তেওঁক আদৰণি জনাই ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে(Maldives President Mohamed Muizzu in Delhi)।

সোমবাৰৰ আনুষ্ঠানিক সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত মুইজুৱে জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটত উপস্থিত হয়(Muizzu visited Raj Ghat)। দিনটোৰ শেষৰফালে মুইজজুয়ে নতুন দিল্লীস্থিত হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোডী(Prime Minister Narendra Modi)ৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ কথা।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে(External Affairs Minister S Jaishankar) এই আলোচনাক লৈ আশাবাদী বুলি উল্লেখ কৰি কয় যে তেওঁ ভাৰত-মালদ্বীপৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে মুইজজুৰ দায়বদ্ধতা শলাগনীয়। জয়শংকৰে এক্সত এটা পোষ্টত এই বক্তব্য প্ৰকাশ কৰি এই দুইগৰাকী নেতাৰ আলোচনাই দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি ইংগিত দিয়ে।

এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মুইজজুৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰকে ধৰি দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব। মালদ্বীপৰ ফাৰ্ষ্ট লেডী সাজিধা মহম্মদ আৰু তেওঁৰ উচ্চ প্ৰতিনিধি দলটোৱেও মঙলবাৰে আগ্ৰা ভ্ৰমণ কৰিব বুলি জানিব পৰা গৈছে । তাৰোপৰি বিভিন্ন বিনিয়োগৰ ক্ষেত্ৰত আলোচনা কৰিবৰ বাবে মুম্বাই আৰু বেংগালুৰুলৈ যোৱাৰো পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

মুইজজুৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি মালদ্বীপৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰাৰ বাবে তেওঁঅংগীকাৰবদ্ধ বুলি উল্লেখ কৰিছে । তাৰোপৰি ভ্ৰমণৰ সময়ত তেওঁ ভাৰতৰ সৈতে সহযোগিতা আৰু দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলিও আশা কৰা হৈছে।

মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ ভাৰত-মালদ্বীপ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে । তাৰোপৰি ইয়াৰ লক্ষ্য হৈছে দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি আৰু জনসাধাৰণৰ মাজত সংযোগ উন্নত কৰা।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুৱে প্ৰধানমন্ত্ৰী মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ লগতে ডুবাইত অনুষ্ঠিত COP28 শীৰ্ষ সন্মিলনতো প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিছিল।

Israel-Hamas war: ইজৰাইল-হামাছ যুদ্ধত ধবংসলীলা অব্যাহত! এতিয়াও বন্দী বহু লোক, হাহাকাৰ সাধাৰণ জনতাৰ

Israel-Hamas war: ইজৰাইল-হামাছ যুদ্ধত ধবংসলীলা অব্যাহত
Israel-Hamas war: ইজৰাইল-হামাছ যুদ্ধত ধবংসলীলা অব্যাহত

গাজা, ৭ অক্টোবৰঃ প্ৰায় এবছৰ পূৰ্বে হামাছৰ যুঁজাৰুসকলে ইজৰাইলত আক্ৰমণ কৰিছিল৷ নিৰ্বিচাৰভাৱে গুলীচালনা কৰি এক সম্পূৰ্ণ যুদ্ধৰ পৰিৱেশ কৰি তুলিছিল৷ (Israel-Hamas war)

৭ অক্টোবৰত হামাছেৰ ২০০ গৰাকী লোকক হত্যা কৰিছিল আৰু প্ৰায় ২৫০ গৰাকী ইজৰাইলীক অপহৰণ কৰিছিল; তেওঁলোকৰ ভিতৰত ১০০ তকৈও অধিক লোক এতিয়াও গাজাৰ কোনোবা অঞ্চলত হামাছে বন্দী কৰি ৰাখিছে আৰু কোনেও নাজানে যে তেওঁলোকৰ কিমান জীয়াই আছে৷ ইয়াৰ প্ৰতিশোধ স্বৰূপে, ইজৰাইলী সেনাই এতিয়ালৈকে প্ৰায় ৪১,০০০ পেলেষ্টাইনীক হত্যা কৰিছে৷ মৃতকৰ সামগ্ৰিক সংখ্যাৰ ভিতৰত ১৬,০০০ শিশু আছিল৷

১৯,০০০ শিশু অনাথ হৈছে আৰু ১০০০ ৰো অধিক শিশু ঘূণীয়া হৈছে৷ ৯০ শতাংশ পেলেষ্টাইনী আভ্যন্তৰীণভাৱে স্থানচু্যত হৈছে৷ সম্পূৰ্ণ অৱৰোধ হোৱাৰ বাবে বেছিভাগ লোকে খাদ্য সংকটৰ সন্মুখীন হৈছে৷ চিকিৎসালয়, বিদ্যালয় আদিকে ধৰি সমগ্ৰ গাজাৰ বিভিন্ন অট্টালিকাসমূহ ধবংসপ্ৰাপ্ত হৈছে৷ এবছৰৰ সংঘৰ্ষৰ অন্তত পেলেষ্টাইন প্ৰায় ধবংস হৈ গৈছে আৰু হামাছে এতিয়াও বিভিন্ন লোকক বন্দী কৰি ৰাখিছে৷ (Israel-Hamas War: Devastation Continues)

ইজৰাইলত জীৱন যাত্ৰা স্বাভাৱিক যেন লাগিলেও এই সংঘৰ্ষৰ কেন্দ্ৰবিন্দু গাজাত জীৱন স্থবিৰ হৈ পৰিছে৷ শিশু আৰু মহিলাসকল আকাশী আক্ৰমণৰ ক্ষেত্ৰত অধিক অসুৰক্ষিত৷ তেওঁলোকে আশ্ৰয় ল’ব পৰা কোনো সুৰক্ষিত স্থান নাই৷ প্ৰাথমিক অস্তিত্ব সংকটত আছে৷ আনহাতে গাজাত স্বাস্থ্য আৰু পৰিচ্ছন্নতা বহু পিছপৰি গৈছে৷ যেতিয়া এটা বোমাই শিশুক টুকুৰা টুকুৰ কৰি পেলায় আৰু চিৰজীৱনৰ বাবে ঘূণীয়া কৰে তেতিয়া মানৱীয়তা সম্পূৰ্ণ হেৰাই যায়৷ যিবোৰ শিশুৰ মুখৰ মাত ফুটা নাছিল তেওঁলোকো এই যুদ্ধৰ চিকাৰ হৈছে৷(Hostages Are Still Held Captive)

তেওঁলোক কাৰো শত্ৰু নহয় বা তেওঁলোকৰ জীৱন মৰ্যাদাহীন হিচাপে গণ্য কৰিব নোৱাৰি৷ যেতিয়া শিশু অধিকাৰৰ বিষয়ে বিশ্বজুৰি অধিক চৰ্চা হৈ আছে আৰু শিশু অধিকাৰৰ ওপৰত ৰাষ্ট্ৰসমূহে আয়োজন কৰা সন্মিলনবোৰ পবিত্ৰ হিচাপে বিবেচনা কৰা হৈছে তেনে এক সময়তে তেওঁলোকক হত্যা কৰা হৈছে৷ এই যুদ্ধই আন অঞ্চলতো প্ৰভাৱ পেলাইছে৷ যাৰ ফলত সেই অঞ্চলবোৰৰ মহিলা আৰু শিশুসকল আক্ৰমণৰ প্ৰতি অধিক অসুৰক্ষিত অনুভৱ কৰিছে৷ শেহতীয়াকৈ লেবাননৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধই এক নতুন উদ্বেগৰ সৃষ্টি কৰিছে৷ বেছিভাগ অঞ্চলতে জীয়াই থকা আৰু বিকাশৰ ধাৰণাটোৰ ক্ষতি কৰিছে আৰু এতিয়া লেবাননৰ দক্ষিণত ইয়াৰ অস্তিত্ব অতি কম৷(Gaza)

লেবাননৰ যুদ্ধৰ বাতৰিটোৱে পশ্চিম এছিয়াৰ লোকসকলক দিনক দিনে উদ্বিগ্ন কৰি তুলিছে আৰু গাজাৰ ভয়াৱহতাই কেৱল তেওঁলোকৰ অস্থিৰতাৰ অনুভূতি বৃদ্ধি কৰাত সহায় কৰিছে৷ পেলেষ্টাইন আৰু লেবাননৰ কিছু অংশত আকাশী আক্ৰমণৰ ফলত সমগ্ৰ অঞ্চলটোত অনি(য়তাই বিৰাজ কৰিছে৷ য়েমেনৰ হুথিসকলে কিছু সময়ৰ বাবে নিৰৱ হৈ থকা যেন লাগিছে, তেওঁলোকে হিজবুল্লাহৰ পিছত পৰৱৰ্তী লক্ষ্য হ’ব পাৰে বুলি আশংকা কৰিছে৷ ইৰাণে হুথি আৰু হিজবুল্লাহ উভয়কে সমৰ্থন কৰে৷ হিজবুল্লাহ নেতা হাছান নাছৰুল্লাহক হত্যা কৰাৰ পিছত ইৰাণে ব্ৰিংকমেনশ্বিপৰ আশ্ৰয় লৈছিল, সম্ভৱতঃ ইজৰাইলে কেনে প্ৰতিক্ৰিয়া দেখুৱাব তাৰ পৰীক্ষা কৰাৰ প্ৰয়াস কৰিছিল৷ হিজবুল্লাহ আৰু হামাছৰ প্ৰতি ইজৰাইলৰ প্ৰতিক্ৰিয়া কঠোৰ আৰু হিংস্ৰ আছিল৷ (Lebanon)

ইজৰাইলৰ মুকলি বিৰোধিতা কৰা একমাত্ৰ ৰাষ্ট্ৰ হৈছে য়েমেন, লেবানন আৰু ইৰাণৰ দৰে কিছুমান চিয়া প্ৰধান দেশ৷ চৌদি আৰৱ আৰু অন্যান্য চুন্নী প্ৰধান দেশসমূহে নৰম কূটনীতিৰ আশ্ৰয় লয়৷ ইছলামিক দেশসমূহে সতৰ্ক হৈ আছে আৰু ইজৰাইল আৰু হামাছৰ মাজৰ বিবাদৰ মধ্যস্থতা কৰি উত্তেজনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে৷ ইজিপ্ত আৰু কাটাৰে যুদ্ধবিৰতি অনাৰ বাবে কাম কৰি আছে আনহাতে আমেৰিকাই ইজৰাইলক নিৰন্তৰ সমৰ্থন কৰিছে আৰু অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি আছে৷ আমেৰিকাই ইজৰাইলক যুদ্ধবিৰতিৰ বাবে অক্টোবৰত আক্ৰমণ আৰম্ভ নকৰিলেহেঁতেন, চীনৰ মধ্যস্থতাৰ এক বেলেগ ফলাফল হ’লহেঁতেন৷ চীনে হামাছ আৰু আল ফাতাহৰ লগতে চৌদি আৰৱ আৰু ইৰাণৰ মাজত মীমাংসাৰ মধ্যস্থতা কৰিবলৈ চেষ্টা কৰিছিল৷ এই চুক্তিসমূহে চুন্নী আৰু চিয়াসকলক একত্ৰিত কৰাৰ পূৰ্বে এক সম্পূৰ্ণ সংঘৰ্ষ আৰম্ভ হয়৷ যাৰ ফলত চৌদি আৰৱ আৰু ইৰাণীসকলৰ মাজত কঠিন অনুভূতি অমীমাংসিত হৈ পৰে আৰু ইজৰাইলক প্ৰাধান্য দিয়া হয় ৷ ইজৰাইলে হামাছ আৰু ইয়াৰ মিত্ৰশক্তিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব, যাৰ ফলত চৌদি আৰৱ আৰু ইজৰাইল দুয়োপক্ষ উপকৃত হ’ব, যি দুয়োটাই হুথিসকলৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়াস কৰি আহিছে৷ ইৰাণৰ মিছাইল আক্ৰমণৰ প্ৰতি ইজৰাইলে কেনেদৰে সঁহাৰি দিয়ে সেয়াহে লক্ষণীয় হ’ব৷

Salman Khan Wedding: বিয়া পাতিব ছলমান খানে! কইনাৰ সন্দৰ্ভত কি ক’লে ছলমানে

Salman Khan Wedding: বিয়া পাতিব ছলমান খানে!
Salman Khan Wedding: বিয়া পাতিব ছলমান খানে!

বিবাহপাশত আৱদ্ধ হ’ব বলিউদৰ দাবাং অভিনেতা ছলমান খান। দাবাং অভিনেতা ছলমান খানৰ বিবাহক লৈ এতিয়া জল্পনা-কল্পনা অব্যাহত। ছলমান খানৰ বিবাহৰ খবৰ শুনি অনুৰাগীৰ মন আন্দদত নাচি উঠিছে।(Salman Khan Wedding)

৫৮ বছৰীয়া হ’ল ছলমান খানক! কেতিয়া হ’ব ছলমানৰ বিয়া, বছৰ বছৰ ধৰি এই প্ৰশ্নটো চলচ্চিত্ৰ জগতত চৰ্চাত আহিছে। কেইবাগৰাকীও বিখ্যাত অভিনেত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। কিন্তু কোনো এগৰাকী অভিনেত্ৰীৰ সৈতে তেওঁৰ সম্পৰ্ক স্থায়ী নহ’ল। আনহাতে সংগীতা বিজলানীক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল যদিও বিয়া ভাগিল। আনকি বিয়াৰ কাৰ্ডো ছপা হৈছিল। কিন্তু শেষত সংগীতাই বিয়াখন ভাঙিলে। এজন জ্যোতিষীয়ে কয় যে অভিনেতাজনৰ বিয়া হোৱাটো অতি কঠিন। এইবাৰ ‘বিগ বছ ১৮’ৰ মঞ্চত আধ্যাত্মিক গুৰু অনিৰুদ্ধচাৰ্যই ছলমান খানক সুধিলে যে তেওঁ কেনেকুৱা পত্নী বিচাৰে?(bigg boss18)

বলীউডত সংগীতা বিজলানী, ঐশ্বৰ্য ৰায় বচ্চন আৰু কেটৰিনা কাইফৰ সৈতে সম্পৰ্কত আছিল ছলমান। কিন্তু সেই সম্পৰ্ক স্থায়ী নাছিল।(Bollywood)

এইবাৰ ‘বিগ বছ ১৮’ৰ মঞ্চত অতিথি হিচাপে আহিছে অনিৰুদ্ধচাৰ্য। এই গুৰুজন ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল। তেওঁ ক’লে, এইবাৰ আমি ছলমানৰ বাবে এজনী ছোৱালী বিচাৰিব লাগিব। কিন্তু ছলমান খানে তেওঁৰ বিবাহৰ কথা শুনি ক’লে যে নাই নাই, মোৰ আৰু প্ৰয়োজন নাই লগতে তেওঁ ক’লে মই যি গৰাকীক আপোনাৰ বাবে আনি দিম তেওঁ কেতিয়াও পলাই নাযায়। (Anirudhacharya Maharaj)

দেওবাৰৰ পৰা ছুপাৰষ্টাৰ ছলমান খানৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৮’ আৰম্ভ হৈছে। ‘বিগ বছ ১৮’ ৰ এটা প্ৰ’ম’ৰ ভিডিঅ’ত অনিৰুদ্ধাচাৰ্য মহাৰাজে ছলমান খানৰ বাবে কইনা বিচৰাৰ এই ভিডিঅ’টো দেখা গৈছে।

Stock Market Today: ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত গ্ৰীণ জ’নত মুকলি হ’ল ভাৰতীয় সূচকাংক

Stock market today update 07 october 2024 bse sensex nse nifty
Stock Market Today: ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত গ্ৰীণ জ’নত মুকলি হ’ল ভাৰতীয় সূচকাংক

মুম্বাই, ৭ অক্টোবৰ: ব্যৱসায়িক সপ্তাহৰ(Trading Week) প্ৰথম দিনটোত গ্ৰীণ মাৰ্কৰে মুকলি হ’ল শ্বেয়াৰ বজাৰ(Stock Market Today)। BSEত চেন্সেক্স আজি ১০১.৪৪ পইণ্ট বা ০.১২ শতাংশ বেছিকৈ ৮১,৭৮৯.৮৯ পইণ্টত মুকলি হৈছে। একে সময়তে নেশ্যনেল ষ্টক এক্সচেঞ্জ(NSE)ত নিফটিয়ে ১১২.৭০ পইণ্ট বা ০.৪৫ শতাংশ বৃদ্ধি কৰি ২৫,১২৭.৩০ পইণ্টত মুকলি কৰে(Sensex Rise)। বিশ্বব্যাপী ইতিবাচক সংকেটৰ মাজতে ৭ অক্টোবৰত ভাৰতীয় সূচকাংক নিফটি ২৫,১০০ৰ ওপৰত থাকিবলৈ সক্ষম হৈছে(Stock Market Analysis)।

শুকুৰবাৰে ভাৰতীয় টকাৰ মূল্য প্ৰতি ডলাৰত ৮৩.৯৭ টকাৰ হিচাবত বন্ধ হোৱাৰ বিপৰীতে সোমবাৰে ৮৩.৯৬ টকাত মুকলি হয়(Indian Stock Market) ।

বিগত শুকুৰবাৰৰ বজাৰৰ অৱস্থা

ট্ৰেডিং সপ্তাহৰ শেষৰটো দিন শুকুৰবাৰে শ্বেয়াৰ বজাৰ বৃহৎ লোকচানৰ সৈতে ৰঙা চিহ্নত বন্ধ হৈছিল(Indian Stock Index)। বিএছইৰ চেন্সেক্স ৮০১ পইণ্ট হ্ৰাস হৈ ৮১,৬৮৮.৪৫ পইণ্টত বন্ধ হৈছিল। একে সময়তে এন এছ ইৰ নিফটি ০.৯৩ শতাংশ হ্ৰাস পাই ২৫,০১৪.৬০পইণ্টত বন্ধ হৈছিল।

ট্ৰেডিঙৰ সময়ত এম এণ্ড এম, বাজাজ ফাইনেন্স, নেচলে ইণ্ডিয়া, হিৰো মট’কৰ্প, এছিয়ান পেইণ্টছৰ শ্বেয়াৰ এন এছ ইত শীৰ্ষ গেইনাৰৰ তালিকাত অন্তৰ্ভুক্ত আছিল। আনহাতে ইনফ’ছিছ, অ’এনজিচি, টিচিএছ, টেক মহিন্দ্ৰা, এইচডিএফচি লাইফৰ শ্বেয়াৰ শীৰ্ষ লুজাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।

পাব্লিক ছেক্টৰ বেংক(PS Bank) আৰু আই টিৰ বাহিৰে বাকী সকলো খণ্ডৰ সূচকাংক ৰঙা ৰঙেৰে বন্ধ হৈ পৰিছিল, য’ত অ’ট’, এফ এম চি জি, ৰিয়েলটি, পাৱাৰ, মিডিয়া, টেলিকম, অইল আৰু গেছ সূচকাংকত ১-২ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল । তাৰোপৰি বিএছই মিডকেপ আৰু স্মলকেপৰ সূচকাংকত ০.৫-০.৫ শতাংশ হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল।

যোৱা সপ্তাহত দালাল ষ্ট্ৰীটৰ বিনিয়োগকাৰীৰ ১৫ লাখ কোটি টকা লোকচান হৈছিল। মাত্ৰ পাঁচটা ব্যৱসায়িক সত্ৰত চেন্সেক্সৰ মূল্য প্ৰায় ৪ হাজাৰ পইণ্ট হ্ৰাস হৈছিল। ইৰাণ-ইজৰাইলৰ যুদ্ধ আৰু চীনৰ উৎসাহজনক পেকেজৰ জোকাৰণিৰ ফলত ভাৰতীয় শ্বেয়াৰ বজাৰত মন্দাৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Immunity Booster Tea: চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়

Immunity Booster Tea: চাহ
Immunity Booster Tea: চাহ

আপুনি চাহ খাই ভাল পাই নেকি? যদি আপোনাৰ চাহ খোৱাৰ অভ্যাস আছে, তেন্তে চাহ আপোনাৰ স্বাস্থ্যৰ কেনেকৈ উপকাৰী এই বিষয়ে জানি লওক। আজি আমি আপোনালোকক এনেকুৱা কিছুমান চাহৰ ৰেচিপি কথা কম যাৰ দ্বাৰা আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰিব।(Immunity Booster Tea)

যদি আপুনি আপোনাৰ দিনটো একাপ চাহ খাই আৰম্ভ কৰে, তেন্তে আপোনাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অতি সহজ। কিন্তু ইয়াৰ বাবে আপুনি কেনেকৈ চাহ প্ৰস্তুত কৰিব সেই বিষয়ে জানিব লাগিব।

চাহে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয় হজম শক্তি আৰু ওজন হ্ৰাস কৰাত সহায় কৰে। কেৱল এয়াই নহয়, চাহ বিশেষ ধৰণেৰে প্ৰস্তুত কৰিলে চাহৰ সোৱাদও সুকীয়া হ’ব। গতিকে চাহ বনোৱাৰ কেইটামান পদ্ধতিৰ বিষয়ে জানি লওক-(teas are naturaln immunity booster drink)

তুলসীয়ে শৰীৰক সংক্ৰমণ, ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু লগতে তেজত শৰ্কৰাৰ মাত্ৰাও হ্ৰাস কৰে। একে সময়তে আদাই শৰীৰৰ বিষমুক্ত কৰাত সহায় কৰে। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে হাড়ৰ স্বাস্থ্য উন্নত কৰে।(Tulsi Ginger Tea)

প্ৰথমে আদাৰ বাকলি গুচাই কাটি লব লগতে তুলসীৰ পাত ধুই লব। তাৰ পিছত পানী উতলিবলৈ দিব। এতিয়া তাত আদা আৰু তুলসীৰ পাত দিব। চাহপাত দি পানী অলপ কমি যোৱালৈকে উতলিবলৈ দিব। ইচ্ছা কৰিলে আপোনাৰ ৰুচি অনুসৰি গাখীৰ আৰু চেনিও দিব পাৰে। তাৰপিছত চাহ চেকি পৰিৱেশন কৰিব পাৰিব।।

গুড়ত আইৰণ, খনিজ পদাৰ্থ আৰু বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। গুড়ে ৰক্তবাহী নলী প্ৰসাৰিত কৰাত সহায় কৰে, যাৰ ফলত ৰক্ত সঞ্চালন ভালদৰে নিশ্চিত হয়। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়।(jaggery tea)

মছলাযুক্ত চাহত পটাছিয়াম, ভিটামিন বি, কেৰটিন, ভিটামিন চি আৰু মেগনেছিয়াম থাকে। মছলাযুক্ত চাহ খালে কাহ, ডিঙিৰ বিষ, মূৰৰ বিষ আৰু শৰীৰৰ বিষৰ পৰা উপশম পোৱা যায়। ই সংক্ৰমণ আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজিবলৈ আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।(Masala Tea)

এই চাহ বনাবলৈ প্ৰথমে ইলাচি, লৱণ, ডালচেনি, জালুক থেতেলিয়াই লওক। কিছু আদা পৃথকে পৃথকে থেতেলিয়াই লওক। এতিয়া পানী উতলাই লওক। তাত চাহপাত দিব। তাৰ পিছত থেতেলিয়াই লোৱা মছলা আৰু আদা দিব। উতলিবলৈ দিয়ক। লগতে গাখীৰ আৰু চেনিও দিব পাৰে। তাৰ পিছত চাহ চেকি গৰমে গৰমে উপভোগ কৰক।

Free Food In Train: যাত্ৰীয়ে বিনামূলীয়া খাদ্য পোৱা এখন ৰে’ল, এই ছুপাৰফাষ্ট ৰে’লখন কোনটো পথত চলে জানেনে ?

free food in train sachkhand express
Free Food In Train: যাত্ৰীয়ে বিনামূলীয়া খাদ্য পোৱা এখন ৰে’ল, এই ছুপাৰফাষ্ট ৰে’লখন কোনটো পথত চলে জানেনে ?

নিউজ ডেস্ক, ৭ অক্টোবৰ: ৰে’লত যাত্ৰা কৰাৰ সময়ত সময়মতে খাদ্য পোৱাটো অতিকে কঠিন আৰু খাদ্য উপলব্ধ হ’লেও ইয়াৰ মানদণ্ড ভাল নহয়। এনে কাৰণতে ৰেল যাত্ৰীসকৰ বহুতেই ঘৰৰ পৰাই খাদ্য লগত লৈ যাব লগা হয়। অৱশ্যে একাংশ যাত্ৰীয়ে ৰে’লত যাত্ৰা কৰাৰ সময়ত ধন দি অৰ্ডাৰ কৰিও খাদ্যৰ যোগাৰ কৰে। – Free Food In Train

কিন্তু আপুনি জানেনে যে আমাৰ দেশত এনে এখন ৰে’ল আছে, য’ত ভ্ৰমণৰত যাত্ৰীসকলক বিনামূলীয়াকৈ খাদ্য পৰিবেশন ধৰা হয়। এই ৰে’লখনত যাত্ৰীসকলে খাবৰ বাবে ঘৰৰ পৰা খাদ্য কঢ়িয়াই নিয়াৰ কোনো প্ৰয়োজন নাই।

এই ৰে’লখনৰ নাম সচখণ্ড এক্সপ্ৰেছ(Sachkhand Express) আৰু ইয়াৰ নম্বৰ হৈছে ১২৭১৫। এই ৰে’লখন মহাৰাষ্ট্ৰৰ হাজুৰ চাহিব নান্দেদ(Hazur Sahib Nanded)ৰ পৰা পাঞ্জাৱৰ অমৃতসৰৰ মাজত চলে। এই ৰে’লখনত যাত্ৰা কৰা লোকসকলে খোৱা খাদ্য-পানীয়ৰ বাবে চিন্তা কৰাৰ অলপো প্ৰয়োজন নাথাকে । দৰাচলতে বহু বছৰৰ পৰা এই ৰেলখনত যাত্ৰীসকলক(Train passengers) লংঘৰ সেৱা(শিখ সম্প্ৰদায়ৰ পাকঘৰ) হিচাপে খাদ্য আগবঢ়াই অহা হৈছে ।

Free Food In Train: যাত্ৰীয়ে বিনামূলীয়া খাদ্য পোৱা এখন ৰে’ল, এই ছুপাৰফাষ্ট ৰে’লখন কোনটো পথত চলে জানেনে ?
সচখণ্ড এক্সপ্ৰেছত যাত্ৰীসকলক বিনামূলীয়া লংঘৰ সেৱা(Free langar service) প্ৰদান

এই ৰে’লখনৰ নতুন দিল্লী, ভোপালকে ধৰি ৩৯টা ষ্টেচনত ষ্টপেজ আছে। যাত্ৰাৰ পাছত যাত্ৰীসকলক পথচোৱাৰ মাজত থকা ছটা ষ্টেচনত লংঘৰ সেৱা প্ৰদান কৰা হয়। এই ষ্টেচনকেইটা ক্ৰমে মানমাৰ, নন্দেদ, ভূছাৱাল, ভোপাল, গোৱালিয়ৰ আৰু নতুন দিল্লী। ষ্টেচনকেইটাত ৰে’লখন ৰখাৰ সময় এনেধৰণে নিৰ্ধাৰণ কৰা হৈছে যাতে যাত্ৰীসকলে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ খাদ্য গ্ৰহণ কৰিব পাৰে ।

ডি এন এ ৰিপৰ্ট অনুসৰি, বিগত ২৯ বছৰে সচখণ্ড এক্সপ্ৰেছত যাত্ৰীসকলক বিনামূলীয়া লংঘৰ সেৱা(Free langar service) প্ৰদান কৰি অহা হৈছে । যাত্ৰীসকলে লগত নিয়া বাচনেৰে লংঘৰৰ খাদ্য গ্ৰহণ কৰে । এই সেৱা প্ৰথমে নান্দেডৰ এগৰাকী স্থানীয় শিখ সম্প্ৰদায়ৰ ব্যৱসায়ীয়ে ৰে’লত আৰম্ভ কৰিছিল যদিও পিছলৈ গুৰুদ্বাৰাৰ তত্বাৱধানত এই লংঘৰ সেৱা অব্যাহত থাকিল। বৰ্তমান জেনেৰেল, শ্লিপাৰ আৰু এচি ডবাসমূহত যাত্ৰা কৰা প্ৰায় ২০০০ লোকক প্ৰতিদিনে লংঘৰ সেৱাৰ খাদ্য যোগান ধৰা হয়। ইয়াৰ মেনুত নিৰামিষ খাদ্য যেনে ভাত, দালি, তৰকাৰী আৰু শাক-পাচলি আদি অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে, এই ৰে’লখন প্ৰথমবাৰৰ বাবে ১৯৯৫ চনত নন্দেদ আৰু অমৃতসৰৰ মাজত সাপ্তাহিক ভিত্তিত আৰম্ভ হৈছিল। পিছত ইয়াক দ্বি-সপ্তাহিক সেৱালৈ সলনি কৰা হয়। ১৯৯৭–১৯৯৮ চনৰ পৰা ৰে’লখন সপ্তাহত পাঁচ দিনকৈ চলাৰ ব্যৱস্থা কৰাৰ লগতে ছুপাৰফাষ্ট এক্সপ্ৰছলৈ ৰূপান্তৰিত কৰা হয়। ২০০৭ চনৰ পৰা এই ৰেলখনে যাত্ৰীসকলক প্ৰতিদিনে সেৱা আগবঢ়াই আহিছে। এই ছুপাৰফাষ্ট ৰেলখনৰ নাম নান্দেদৰ সচখণ্ড চাহিব গুৰদ্বাৰাৰ(Sachkhand Sahib Gurdwara in Nanded) নামেৰে ৰখা হৈছে আৰু ই শিখ ধৰ্মৰ দুটা গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানক সংযোগ কৰে।

Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা - চাৰিজনৰ মৃত্যু, ২৩০ জন আহত
Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা - চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: তামিলনাডুৰ চেন্নাইৰ মেৰিনা বিচত প্ৰদৰ্শিত এয়াৰ শ্ব’ত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy)। এয়াৰ শ্ব’ চাবলৈ অহা দৰ্শকৰ মাজত হোৱা হুলস্থুলৰ ফলত চাৰিজনকৈ লোকৰ মৃত্যু ঘটে। তাৰোপৰি এই দুৰ্ঘটনাটোত প্ৰায় ২৩০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে(Tragedy at Chennai Marina Beach)। স্থানীয় প্ৰশাসনে নিহত কেইজনক শ্ৰীনিবাসন, কাৰ্তিকেয়ান, জন বাবু আৰু দিনেশ বুলি চিনাক্ত কৰিছে।

দেওবাৰে ভাৰতীয় বায়ুসেনাই(Indian Air Force) আয়োজন কৰা মেগা এয়াৰ শ্ব’ চাবলৈ মেৰিনা বিচত ভিৰ কৰিছিল লাখ লাখ দৰ্শকে(Air Show in Tamil Nadu)। অনুষ্ঠানটো উপভোগ কৰি উভতাৰ পথত অত্যাধিক ভিৰৰ বাবে দৰ্শকসকলৰ মাজত এক বিশৃংখল পৰিবেশৰ সৃষ্টি হয়। এই অভাৱনীয় পৰিস্থিতিত দৰ্শকসকলৰ মাজৰ চাৰিজন লোক নিহত হয়। তাৰোপৰি বহুসংখ্যক দৰ্শক আহত হয়। অতিমাত্ৰা ভিৰ আৰু অৱস হৈ পৰাৰ বাবে বহু লোক অসুস্থ হৈ পৰিল। ধাৰণা কৰা অনুসৰি, প্ৰায় ১০ লাখ লোকে এই এয়াৰ শ্ব’ৰ অনুষ্ঠানটো চাবৰ বাবে মেৰিনা বিচত একত্ৰিত হৈছিল।

এয়াৰ শ্ব’ শেষ হোৱাৰ পিছতে উভতি অহাৰ পথত লাখ লাখ লোকৰ মাজত হোৱা বিশৃংখল পৰিবেশ তথা হুলস্থুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ লগে লগে সেই স্থানত উপস্থিত আৰক্ষী আৰু উচ্চ পদস্থ বিষয়াসকলে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। পথত থকা লক্ষাধিক লোকৰ ভিৰৰ ফলত এম্বুলেন্সসমূহৰ চলাচলতো যথেষ্ট বাধাৰ সৃষ্টি হয়। আহতসকলক স্থানীয় চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত চাৰিগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।

যদিও এয়াৰ শ্ব’টো দুপৰীয়া ১ বজাত সমাপ্ত হৈছিল, তথাপিও নিশা পৰ্যন্ত দৰ্শকৰ ভিৰ আৰু যান-জঁটৰ সমস্যা চলি আছিল। মেৰিনা বিচ আৰু গৌচচেৰীৰ সমীপৰ লাইট হাউচ মেট্ৰ’ ষ্টেচন(Lighthouse Metro Station)ত থকা এম আৰ টি এছ ৰে’ল ষ্টেচনত চেন্নাই আৰু বিভিন্ন অঞ্চলৰ পৰা অহা লোকৰ ব্যাপক আগমনৰ বাবে অতিমাত্ৰা ভিৰ হৈছিল। শ্ব’ শেষ হোৱাৰ পিছত উভতি অহাৰ বাবে একে সময়তে হাজাৰ হাজাৰ লোক ষ্টেচনত উপস্থিত হোৱাৰ বাবে প্লেটফৰ্মত থিয় হোৱাটোও অসম্ভৱ হৈ পৰিছিল। তাৰোপৰি সন্ধিয়াৰ ভাগলৈকে আন্না স্কোৱেৰ(Anna Square)ৰ বাছ ষ্টপেজলৈকে অজস্ৰ দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছিল ।