Home Blog Page 51

চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমৰ ওদালগুৰি সন্তান ববিতা ছেত্ৰী । Sikkim University

চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমৰ ওদালগুৰি সন্তান ববিতা ছেত্ৰী । Sikkim University
চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত উজলিল অসমৰ ওদালগুৰি সন্তান ববিতা ছেত্ৰী । Sikkim University

Sikkim University । উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম্ মনোমোহা ৰাজ্য চিক্কিমত উজলিল অসম সন্তান ববিতা ছেত্ৰী। যোৱা ১৬ তাৰিখে সম্পন্ন হোৱা চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত স্নাতকোত্তৰ অন্তিম বৰ্ষৰ ছাত্ৰী ববিতা ছেত্ৰীয়ে চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাত “Secretary For Social Service Affairs” পদত ৩৯৯টা ভোট প্ৰাপ্ত কৰি বিজয়ী হয় অসম সন্তান ববিতা ছেত্ৰী। বৰ্তমান চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়নৰত ববিতা ছেত্ৰী অসমৰ ওদালগুৰি জিলাৰ খাউৰাং নিবাসী বিশিষ্ট সাংস্কৃতিক কৰ্মী শান্তা চিৰ্পালী আৰু পদ্মা চিৰ্পালীৰ একমাত্ৰ কন্যা সন্তান।

ববিতা ছেত্ৰীয়ে ডিমাকুচী ডনবস্কো স্কুলৰপৰা মেট্ৰিকত ৮৬ শতাংশ নম্বৰ প্ৰাপ্ত কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত দৰং জিলাৰ কলাইগাওঁ স্থিত পি এমশ্ৰী জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ৯৫ শতাংশ নম্বৰ প্ৰাপ্ত কৰি সুখ্যাতিৰে হায়াৰ চেকেণ্ডেৰীত উত্তীৰ্ণ হয়। ববিতাই দৰং মহাবিদ্যালয়ৰ পৰা ৮৬ শতাংশ নম্বৰ প্ৰাপ্ত কৰি গ্ৰেজুৱেচন কৰাৰ পিছত লিখিত পৰীক্ষাত প্ৰথমে গোলাঘাট জিলা স্থিত সতী সাধনী বিশ্ববিদ্যালয়ত নাম ভৰ্তী কৰে যদিও পুনৰ চিক্কিম বিশ্ববিদ্যালয়ৰ পৰা সুযোগ পোৱাত ২০২৪বৰ্ষৰ পৰা চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়ন কৰি আছে। সৰুৰে পৰা অধ্যয়নত সুখ্যাতি থকা ববিতাই ২০২০চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত আয়োজন কৰা “পৰীক্ষাপে চৰ্চা” কাৰ্য্যসূচীত দিল্লীৰ তালকটোৰা স্টেডিয়ামত অনুষ্ঠিত পৰীক্ষা পে চৰ্চা কাৰ্য্যসুচীত বি টি চিৰ পৰা অকলে নিৰ্বাচিত হৈছিল। প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ অন্তিম বৰ্ষলৈকে সুখ্যাতিৰে অধ্যয়নত ব্ৰতী থকা ববিতা ছেত্ৰীয়ে অজিলৈকে নাপালে কোনো চৰকাৰী সা-সুবিধা।

বি টি চিৰ পূৰ্বৰ চৰকাৰৰ বিধায়ক,পাৰ্ষদ, ডেপুটী চীফৰ লগতে মনোনীত পাৰ্ষদৰ লগতো অধ্যয়নৰ বাবে হবলগীয়া আৰ্থিক অনুদানত কোনো সুবিধা নাপালে ববিতা ছেত্ৰীয়ে। তথাপিও জীৱন সংগ্ৰামত হাৰ নমনা ববিতাই অধ্যয়নত আগুৱাই গৈ চিক্কিম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যনৰত থকাৰ লগতে চিক্কিম বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২৫-২৬ বৰ্ষৰ একাডেমীক বৰ্ষত সমাজ সংগঠক পদৰ সম্পাদিকা পদত বিজয়ী হবলৈ সক্ষম হয় অসম সন্তান ববিতা ছেত্ৰী। অৱশ্যে অসম সন্তান ববিতা ছেত্ৰীৰ লগতে Secretary for Academic Affairsপদত ৰিত্তিকা কলিতা আৰু ট্ৰেজাৰাৰ পদত অম্ৰিত বিশ্বকৰ্মায়ো বিজয়ী হবলৈ সক্ষম হয়। যোৱা ১৭ অক্টোবৰ তাৰিখে উক্ত সমিতিয়ে বিশ্ববিদ্যালয়ৰ উপকুলপতিৰ পৰা শপতগ্ৰহণো কৰিবলৈ সক্ষম হ

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় ।University of Bongaigaon

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় ।University of Bongaigaon
বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয় ।University of Bongaigaon

 University of Bongaigaon । বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ বৃহৎ জয়

সভাপতি, সাধাৰণ সম্পাদক পদকে ধৰি ১৫ টাৰ ১৪ টা পদেই কৰিলে দখল

বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ প্ৰথম বাৰৰ বাবে অনুষ্ঠিত নিৰ্বাচনত অসম ছাত্ৰ পৰিষদে বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হৈছে ৷ শুকুৰবাৰে অনুষ্ঠিত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নির্বাচনত অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে ১৫ টা পদৰ ভিতৰত ১৪ টা পদতে দখল কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে এটা পদত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থী জয়ী হৈছে ৷ উল্লেখ্য যে ছাত্ৰ একতা সভাৰ ১৫ টা পদৰ ভিতৰত ২ টাকৈ পদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থী ৷ শুকুৰবাৰে সভাপতি, উপ সভাপতি, সাধাৰণ সম্পাদক ,সহকাৰী সাধাৰণ সম্পাদক আদিকে ধৰি ১৩ টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ পদৰ ভিতৰত ১২ টা পদতে অসম ছাত্ৰ পৰিষদ সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত সঞ্চালক ৰূপনাথ ওৱাৰীৰ তত্বাৱধানত অনুষ্ঠিত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলে অংশ গ্ৰহণ কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীসকলৰ সপক্ষে ভোটদান কৰে ৷

ইপিনে শান্তিপূৰ্ণভাবে ভোট গ্ৰহণৰ অন্তত ঘোষিত ফলাফল অনুসৰি অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী বিমলেন্দু কুমাৰ ঘোষে ১,১৭৬ টা ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে অসম ছাত্ৰ পৰিষদৰে ৰুদ্ৰমণি ৰায়ে ১,৪১৯ টা ভোট লাভ কৰি সাধাৰণ সম্পাদক পদত জয় লাভ কৰে ৷ সেইদৰে অন্যান্য পদত বিজয়ী হোৱা অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীসকলৰ ভিতৰত উপ সভাপতি পদত সৰিভা দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক পদত পূজা বিশ্বাস, সাহিত্য সম্পাদক পদত হীৰকজ্যোতি খাকলাৰী, সাংস্কৃতিক সম্পাদক পদত মুচকান শৰ্মা, গুৰু খেল সম্পাদক পদত পীযুষ দাস, ক্ৰীড়া সম্পাদক পদত আমিনুৰ আলী, ছাত্ৰ জিৰণী কোঠা সম্পাদক পদত মণিৰাম ৰায়, ছাত্ৰী জিৰণী কোঠা সম্পাদিকা পদত মৰমী নাথ, শৰীৰচৰ্চা সম্পাদক পদত নিউটন বড়ো আৰু সমাজ সেৱা সম্পাদকৰ পদত কহিনুৰ খাতুন ৷ সেইদৰে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী দুজন হ’ল সংগীত সম্পাদক পদত নীহা কলিতা আৰু তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক পদত চাকিল আফতাপ ৷ আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা জয় লাভ কৰা একমাত্ৰ প্ৰাৰ্থীজন হ’ল লঘু খেল সম্পাদক সমীৰণ ৰায় ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিশ্ববিদ্যালয় চৌহদত আনন্দমুখৰ পৰৱেশৰ সৃষ্টি হয় ৷

ইপিনে উপাচাৰ্য অধ্যাপক তৰণী ডেকাই নৱনিৰ্বাচিত ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলক অভিনন্দন জনাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নৰ বাবে সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে অহা ২৩ অক্টোবৰৰ বিয়লি ৩ বজাত বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ: দীপাৱলীৰ পৰিবেশৰ মাজতে অসমত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন । Zubeen

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ: দীপাৱলীৰ পৰিবেশৰ মাজতে অসমত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ।
জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ: দীপাৱলীৰ পৰিবেশৰ মাজতে অসমত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ।

Zubeen । ১৯ অক্টোবৰত অসমবাসীৰ প্ৰিয় শিল্পী , অভিনেতা, সাংস্কৃতিক আইকন জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হ’ব। সমগ্ৰ ৰাজ্যতে অসমীয়া সংগীত, চিনেমা, সংস্কৃতিত অমলিন ছাপ এৰি থৈ যোৱা শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সাজু হৈছে অনুৰাগী আৰু শুভাকাংক্ষীসকল।

প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত দীপাৱলীৰ আনন্দতো যতি পৰিছে। ৰাঝ্যৰ বিভিন্ন ঠাইত শিল্পীগৰাকীক সুঁৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ হঠাৎ মৃত্যুৱে অসম আৰু উত্তৰ-পূবক স্তম্ভিত কৰি তুলিছে । সুৱদী কণ্ঠ, শক্তিশালী অভিনয়, সামাজিক কামৰ বাবে পৰিচিত গাৰ্গৰ সকলো বয়সৰ লোকৰ সৈতে সংযোগ স্থাপনৰ এক বিৰল ক্ষমতা আছিল। অনুৰাগীসকলে তেওঁক কেৱল সংগীতজ্ঞ হিচাপেই নহয়, অসমীয়া গৌৰৱ আৰু পৰিচয়ৰ প্ৰতীক হিচাপে গ্যণ কৰি আহিছে। জুবিন গাৰ্গৰ গীতে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁৰ মানৱীয় প্ৰচেষ্টাই অগণন জীৱনক স্পৰ্শ কৰিছে ।সমগ্ৰ অসমতে তেওঁৰ সন্মানত কেইবাটাও স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ শ্ৰদ্ধাঞ্জলি, অনুৰাগীৰ ভিডিঅ’ আৰু সংগীত তথা সমাজলৈ গাৰ্গৰ অৱদানক উজ্জ্বল কৰি তোলা বাৰ্তাৰে উপচি পৰিছে।

গুৱাহাটীত নাগৰিক গোট আৰু সাংস্কৃতিক সংগঠনসমূহে তেওঁৰ স্মৃতিসৌধৰ সমীপত চাকি জ্বলোৱাৰ পৰিকল্পনা কৰিছে, দীপাৱলীৰ উৎসৱমুখৰ মনোভাৱক এক আন্তৰিক স্মৃতি কাৰ্য্যৰ সৈতে একত্ৰিত কৰি। শিলচৰ, যোৰহাট, ডিব্ৰুগড়কে ধৰি অন্যান্য চহৰতো অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি জনসাধাৰণক শিল্পীগৰাকীক মৰ্যাদাৰে স্মৰণ কৰিবলৈ আহ্বান জনায়। জুবিন গাৰ্গ এজন শিল্পীতকৈও অধিক আছিল;তেওঁ আছিল অসমীয়া সংস্কৃতিৰ এক ঐক্যবদ্ধ শক্তি।আমি দীপাৱলী উদযাপন কৰাৰ সময়ত তেওঁৰ স্মৃতিক সন্মান জনাই তেওঁৰ উত্তৰাধিকাৰক হৃদয়ত লালন-পালন কৰি যাওঁ আহক।’

প্ৰকৃত জুবিন অনুৰাগীয়ে ভয় খোৱাৰ প্ৰয়োজন নাইঃ আৰক্ষী । Zubeen Garg

প্ৰকৃত জুবিন অনুৰাগীয়ে ভয় খোৱাৰ প্ৰয়োজন নাইঃ আৰক্ষী । Zubeen Garg
প্ৰকৃত জুবিন অনুৰাগীয়ে ভয় খোৱাৰ প্ৰয়োজন নাইঃ আৰক্ষী । Zubeen Garg


Zubeen Garg । অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰক সময়ত একাংশ লোকে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল। জুবিন অনুৰাগী হিচাবে তাত উপস্থিত থকা একাংশ লোকে শিলাবৰ্ষণ কৰাৰ ফলত বহুকেইজন সাংবাদিকৰ লগতে আৰক্ষীৰ লোকৰ মূৰ ফাটি তেজ বৈছিল। একেদৰে প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমৰ বাহনকে ধৰি কেইবা খনো বাহন জ্বলাই দিছিল।

এনে ঘটনাত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে এতিয়ালৈকে মুঠ নজন লোকক গ্ৰেপ্তাৰ কৰিছে। চলিত সপ্তাহৰ আৰম্ভণিতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচজন অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ বদলি কৰাৰ সময়ত সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ সৈতে জড়িত ৯ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।এই কথা নিশ্চিত কৰি বাক্সাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উজ্জল প্ৰতিম বৰুৱাই কয় যে আন কেইবাজনো সন্দেহযুক্ত লোকক চিনাক্ত কৰা হৈছে, আৰু সেইসকলক গ্ৰেপ্তাৰ কৰিবলৈ অব্যাহত আছে। তেওঁ কয় ‘আমি এই ঘটনাক অতি গুৰুত্ব সহকাৰে লৈছো আৰু আৰক্ষীৰ এটা নিষ্ঠাবান দলে অভিযান চলাই গৈছে।’ এন ই আই এফৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেওঁৰ আত্মীয় তথা আৰক্ষী বিষয়া সন্দিপন গাৰ্গ আৰু ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্যক — ন্যায়িক জিম্মালৈ নিয়াৰ সময়তে অশান্তিৰ সূত্ৰপাত ঘটিছিল ।অভিযুক্তক কঢ়িয়াই অনা কনভয়ে কাৰাগাৰৰ কাষ চাপি অহাৰ লগে লগে প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰৰ লগতে বহি বাহন জ্বলাই দিয়ে, যাৰ ফলত কেইবাজনো আৰক্ষী জোৱান আৰু সাংবাদিক আহত হয়। আৰক্ষী বাহিনীয়ে লাঠিচালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰি পৰিস্থিতি চম্ভালিবলৈ চেষ্টা চলায়।

আৰক্ষীয়ে আনকি শূন্যলৈ গুলীচালনা কৰাত ছাত্ৰ আহত হয় ।তাৰ পিছতে বাক্সা জিলাত কৰ্তৃপক্ষই ভুৱা তথ্যৰ প্ৰচাৰ ৰোধ কৰিবলৈ ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা বন্ধ কৰি দিয়ে। মুছলপুৰ চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ১৪৪ ধাৰা চি আৰ পি চিৰ অধীনত নিষেধাজ্ঞামূলক আদেশ প্ৰযোজ্য হৈ আছে । বাক্সাৰ পৰিস্থিতি বৰ্তমান সুস্থিৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাৰাগাৰৰ আশে-পাশে নিৰাপত্তাও কটকটীয়া কৰা হৈছে।জনসাধাৰণক আশ্বস্ত কৰি এছ এছ পি বৰুৱাই কয়, ‘জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীসকলে ভয় কৰিবলগীয়া একো নাই।অনুৰাগীৰ বেশত হিংসাৰ উচটনি দিয়াসকলক চিনাক্ত কৰা হৈছে আৰু তেওঁলোকে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হ’বলগীয়া হ’ব।’ ইপিনে শুকুৰবাৰে কামৰূপ (মেট্ৰ’)ৰ মুখ্য ন্যায়িক দণ্ডাধীশে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ডিমা হাছাও জিলাৰ হাফলং কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।অসমৰ অন্যতম প্ৰিয় শিল্পী জুবিন গাৰ্গে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ ৰহস্যজনকভাবে শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ বন্যাৰ সৃষ্টি হয়। সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ীসকলে শাস্তি পোৱাটো।

অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU

অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU
অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU

BIHU । অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল গৰিমা শইকীয়া গাৰ্গ


অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই। শনিবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু। বিহুক বিশ্বৰ আগত নতুন ৰূপত পৰিচয় কৰি দিয়া জুবিন গাৰ্গৰ অবৰ্তমানে শোকাহত কৰি ৰাখিছে ৰাজ্যবাসীক। ইয়াৰ মাজতে আজি পৰম্পৰা ৰক্ষা কৰি অসমীয়াই কাতি বিহু পালন কৰে। আজি কাতিবিহু । ৰাজ্যৰ চহা অসমীয়াই উদযাপন কৰিছে বাপতিসাহোন কাতি বিহু । অসমবাসীয়ে বেদনা গধুৰ মনেৰেই লখিমীক আহ্বান জনাই তুলসীৰ তলত বন্তি জ্বলায় ।ৰাজ্যৰ বহু ঠাইত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আমগুৰিৰ জালুক গাঁওৰ বৰনামঘৰ প্ৰাংগণত পুৱাৰে পৰা কাতি বিহুৰ পৰম্পৰা পালন কৰা হৈছে । নামঘৰৰ বাটচ’ৰাত জুবিন গাৰ্গৰ ফটোত ধূপ-চাকি জ্বলাই তুলসীৰ তলত গাঁৱৰ কিশোৰ-কিশোৰীসকলে প্ৰাৰ্থনা কৰিছে । যুৱক-যুৱতী তথা মহিলাসকলে দিহানাম পৰিৱেশন কৰি উঠি অহা প্ৰজন্মক কাতি বিহুৰ পৰম্পৰা সম্পৰ্কে জ্ঞান দিয়ে । উল্লেখ্য শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল আৱাহন কৰি তুলসী তলত বন্তি জ্বলোৱাৰ নিয়ম তথা পৰম্পৰা অসমৰ জনজীৱনৰ ভিন্ন লোকাচাৰ ।

ইপিনে সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল জনতাৰ শিল্পীজনাৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ।স্বামীৰ সমাধিস্থলীত মাজনিশা উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সমাধিত চাকি-ধূপ জ্বলাই কিছু সময়ৰ বাবে নিৰৱ হৈ বহি পৰে তেওঁৰ কাষত ৷ অজস্ৰ অনুৰাগীয়ে ভিৰৰ মাজতে গালে মায়াবিনী ৷ জুবিনৰ লগত মনৰ কথা পাতিবলৈ এনেদৰেই সমাধিলৈ আহি থাকিব বুলি মন্তব্য কৰে গৰিমাই ৷গৰিমাই কয়, “যেতিয়াই মোৰ জুবিনক কথা ক’বলৈ মন যাব, মই আহিম ৷ জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব, ম‌ই তেওঁক সকলো কম, তেওঁ শুনিব ৷ আপোনালোকে প্ৰাৰ্থনাত জুবিনক ৰাখক, মোক আশীৰ্বাদ কৰক ৷ জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব ৷ এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমিয়েই কৰিব লাগিব ৷” এনেদৰে কৈ আবেগিক হৈ পৰিল গৰিমা ৷জুবিনৰ বহু পুৰণি বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজাও গৈছিল সমাধিস্থলীলৈ ৷ আচম্বিতে তালৈ যোৱাৰ পৰিকল্পনা কৰি তাত উপস্থিত হৈ আচৰিত হৈ পৰে সকলো ।

শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক ৰাজদ্বীপ সৰদেশাই

 জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খাই বৰ্তমান কাৰাবন্দী হৈ থকা শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক। ছিংগাপুৰ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যুত কোনো অস্বাভাৱিকতা নাই বুলি ৰাজহুৱা কৰাৰ পাছতে সাংবাদিক ৰাজদ্বীপ সৰদেশাইয়ে এক্স হেণ্ডেলত অসম চৰকাৰক এই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে।

সাংবাদিকগৰাকীয়ে কয় যে, ছিংগাপুৰ আৰক্ষীয়ে এয়া হত্যাকাণ্ড নহয় বুলি কোৱাৰ পিছতো কি যুক্তিত অসম চৰকাৰে ৭গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ২০২৬ৰ নিৰ্বাচনৰ বাবে জনতাৰ আৱেগ জয় কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি বুলিও প্ৰশ্ন কৰে সাংবাদিকগৰাকীয়ে।

অসমত আইনৰ কোনো ব্যৱস্থাক মানি চলা নহয় নেকি বুলি প্ৰশ্ন কৰিছে ৰাজদ্বীপ সৰদেশায়ে। সাংবাদিকগৰাকীয়ে এই পোষ্ট সামাজিক মাধ্যমত দিয়াৰ পাছতে গালিৰ বৰষুণ হয় তেওঁৰ পোষ্টত। ভিতৰুৱা কথা নজনাকৈ অপৰাধীক ৰক্ষণাবেক্ষণৰ বাবে অসমৰ ভিতৰুৱা কথাত মাত নামাতিবলৈ একাংশই সকিয়নী প্ৰদান কৰে সাংবাদিকগৰাকীক।

পৰম্পৰা অটুট ৰাখি তেজপুৰৰ মিলনপুৰ,দ-পৰ্বতীয়াৰ কৃষক গঞাৰ কাতি বিহু উদযাপন…

আজি কাতি বিহু। বাপতিসাহোন কাতি বিহুৰ পুৱাই সাংস্কৃতিক নগৰী তেজপুৰৰ মিলনপুৰ , দ-পৰ্বতীয়াৰ কৃষক গঞাই নিজৰ নিজৰ ধাননী পথাৰলৈ গৈ ধানৰ মাজত খেজুৰ,চোৱা আৰু নাৰিকল গছৰ পাতৰ ঠাল পুতি ধাননী পথাৰৰ সোনগুটি চৰাই চিৰকটি,পোক পৰুৱাই অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

তেজপুৰৰ মিলনপুৰ , দ-পৰ্বতীয়াৰ কৃষক সকলে আজু ককাৰ দিনৰ পৰা চলি অহা কাতি বিহুৰ পুৱাৰ এই পৰম্পৰা আজিও পালন কৰি আহিছে ।

“তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে”

আজি কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ তিনি বিহুৰ ভিতৰত অন্যতম এই কাতি বিহু বা কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। এই সময়চোৱাত ভঁৰাল প্ৰায় উদং হৈ থাকে আৰু শালি ধান চপাবলৈ যথেষ্ঠ সময় থাকে। অভাৱ- অনাটনৰ মাজেৰে এই বিহু অনুষ্টুপীয়াকৈ পতা হয় বাবে ইয়াক কঙালী বিহু বুলি কোৱা হয়। এই দিনটোত মানুহে ঘৰে ঘৰে তুলসী ৰুই তাৰ তলত গোটেই মাহটো চাকি বন্তি জ্বলায়। ধাননি পথাৰত চাকি জ্বলাই বা ঘৰৰ চোতালৰ চাৰিওফালে চাকি জ্বলাই শ্ৰীবৃদ্ধিৰ কামনা কৰে।

এই বিহুৰ দিনা বহুতে আকাশ বন্তিও জ্বলায়। ঠাই ভেদে বিহুৰ নিয়ম বেলেগ বেলেগ আছে। বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলাই নাম- কীৰ্তন কৰি ঘৰে ঘৰে গঁঞাই প্ৰসাদ খায়।

অভাৱৰ মাজেৰে চলিলেও এই বিহুৰ তাৎপৰ্য নোহোৱা নহয়। বিহু অসমীয়া জীৱনৰ আয়ুসৰেখা। ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে শৰৎ কালৰ এই বিহু শৰতৰ জৰে স্নিগ্ধ সমাহিত বুলি কোৱা হয়। শস্যৰ সুৰক্ষা আৰু শ্ৰী বৃদ্ধিৰ বাবে পূৰ্বৰ পৰাই খেতিৰ পথাৰত জুইৰ ব্যৱহাৰৰ পৰম্পৰা আছে। কালক্ৰমত এই জুইৰ ব্যৱহাৰ মাটিৰ চাকিৰ ৰূপ লৈছে বুলি অনুমান কৰা হয়। কাতি বিহুৰ দিনা প্ৰতিগৰাকী অসমীয়াই ঘৰ দুৱাৰ, আলি- পদুলি পৰিষ্কাৰ কৰি ৰাখে। কোৱা হয়, কাতি বিহুৰ দিনা ঘৰ- দুৱাৰ, আলি- পদুলি চাফা কৰি ৰাখিলে শস্যৰ দেৱী লক্ষ্মী গৃহস্থলৈ আহে।

এই বিহুৰ দিনা চোতালৰ আগত বা ভঁৰালৰ কাষৰ মাটিত ঢিপ তুলি তুলসী পুতি চাকি জ্বলায়। সমগ্ৰ মাহটো এই তুলসী তলত চাকি দিয়ে। সন্ধিয়া ধাননি পথাৰ, ভঁৰাল ঘৰ, ঢেঁকীশাল, গোহালি আদি বিভিন্ন ঠাইত চাকি জ্বলোৱা হয়।

এই সময়ত খেতি- পথাৰত কীট- পতংগৰ আগমন ঘটে। বিভিন্ন কীট- পতংগ, নিগনি এন্দুৰ আদিৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ ৰাইজে চাকি জ্বলায়। বহুতে আকাশ বন্তিও জ্বলায়। কোৱা হয়, আকাশ বন্তিৰ পোহৰত কীট-  পতংগ সমূহ দূৰলৈ উৰি যায়। বিশ্বাস অনুসৰি, সন্ধিয়া পথাৰলৈ গৈ খেতিডৰাত চাকি দি চাই অহা এটা নিয়ম আছে। এনে কৰিলে লক্ষ্মী দেৱী  সন্তুষ্ট হয় বুলি কোৱা হয়।

মুঠতে অভাৱ- অনাটনৰ মাজেৰে এইবাৰো কাতি বিহু পালন কৰিবলৈ সাজু হৈছে অসমবাসী। প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়াই কাতি বিহু পালন কৰি সকলোৰে শ্ৰীবৃদ্ধিৰ কামনা কৰিব।

পাকিস্তানৰ আক্ৰমণত আফগানিস্তানৰ তিনি ক্ৰিকেটাৰৰ মৃত্যু…

 বৃদ্ধি পাইছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ। শেহতীয়াকৈ পাকিস্তান সেনাৰ আক্ৰমণত নিহত হৈছে আফগানিস্তানৰ ৩গৰাকীকৈ ক্ৰিকেটাৰ।

এই কথা ৰাজহুৱা কৰি আফগানিস্তান ক্ৰিকেট বৰ্ডে আগন্তুক পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত হ’বলগীয়া ত্ৰিকোণীয় টি-২০শৃংখলা বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আফগানিস্তান ক্ৰিকেট বৰ্ডে সদৰি কৰিছে যে, পাকিস্তানৰ আক্ৰমণত ৭গৰাকীকৈ খেলুৱৈ আহত হৈছে আৰু ৩গৰাকীৰ মৃত্যু হৈছে।

মৃত্যু হোৱা ৩গৰাকী খেলুৱৈ হৈছে কবীৰ, ছিবগতুল্লাহ আৰু হাৰুন। আফগানিস্তানৰ এখন খেল পথাৰত অনুশীলনৰ অৱস্থাতে পাকিস্তানৰ আক্ৰমণত মৃত্যু হোৱাৰ কথা সদৰি কৰিছে আফগানিস্তান ক্ৰিকেট বৰ্ডে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত প্ৰায় এমাহ ধৰি পাকিস্তান-আফগানিস্তানৰ সীমান্ত অধিক অশান্তিময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। 

কংগ্ৰেছী পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাহুল গান্ধীৰ পুনৰবাৰ অসমৰ আৱেগ, স্বাভিমান গামোচাক অপমানঃ মন্ত্ৰী পীযুষ হাজৰীকা

যেতিয়াই অসমলৈ আহিছে, প্ৰতিবাৰেই অসম আৰু অসমীয়াক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই তেওঁ৷ তেওঁ হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী৷ কিছুদিন পূৰ্বে অসমলৈ আহি অসমৰ মিডিয়াক চূড়ান্ত অপমান কৰাৰ পিছত এইবাৰ অসমৰ স্বাভিমান গামোচাক অপমান কৰে ৰাহুল গান্ধীয়ে৷ আজি অসমলৈ অহা ৰাহুল গান্ধীক আদৰণি জনাবলৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷ কিন্তু অসমীয়াই অতি হেঁপাহেৰে তিনিখন গামোচা পিন্ধোৱাৰ পিছতে আমনি লাগিল এইগৰাকী কংগ্ৰেছ নেতাৰ৷ চতুৰ্থখন মিছিং গামোচা এজন লোকে পিন্ধাবলৈ লওঁতেই ৰাহুল গান্ধীয়ে দৃষ্টিকটুভাৱে গামোচাখন হাতেৰে টান মাৰি লয়৷

ইয়াৰ পিছতে তেওঁ আন কেবাখনে গামোচা পিন্ধাবলৈ নিদি হাতেৰে টান মাৰি লয়৷ এনেদৰে আজি অসমৰ স্বাভিমান গামোচাক চূড়ান্ত অসন্মান কৰে ৰাহুল গান্ধীয়ে৷ এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে৷ “কংগ্ৰেছী পৰম্পৰা” অক্ষুণ্ণ ৰাখি ৰাহুল গান্ধীয়ে পুনৰবাৰ অসমৰ আৱেগ, স্বাভিমান গামোচাক অপমান কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ যিমানবাৰ ৰাহুল গান্ধী অসমলৈ আহিছে, প্ৰত্যেকবাৰেই তেখেতক গামোচাৰে আদৰণি জনোৱাৰ সময়ত তেওঁ গামোচাখন ডিঙিত ল’বলৈ অস্বীকাৰ কৰাৰ দৃশ্য আমাৰ মনত আছে বুলি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে। আজিও অসমৰ সন্মানস্বৰূপে প্ৰদান কৰা গামোচাৰ মাত্ৰ ৩খন লৈ ভাগৰি পৰা আৰু বাকীকেইখন সন্মানসহকাৰে গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰা ৰাহুল গান্ধীয়ে অসম তথা অসমবাসীক কিমান ভাল পায়, সেয়া পুনৰবাৰ বুজা গৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷