Home Blog Page 510

Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা - চাৰিজনৰ মৃত্যু, ২৩০ জন আহত
Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা - চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: তামিলনাডুৰ চেন্নাইৰ মেৰিনা বিচত প্ৰদৰ্শিত এয়াৰ শ্ব’ত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy)। এয়াৰ শ্ব’ চাবলৈ অহা দৰ্শকৰ মাজত হোৱা হুলস্থুলৰ ফলত চাৰিজনকৈ লোকৰ মৃত্যু ঘটে। তাৰোপৰি এই দুৰ্ঘটনাটোত প্ৰায় ২৩০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে(Tragedy at Chennai Marina Beach)। স্থানীয় প্ৰশাসনে নিহত কেইজনক শ্ৰীনিবাসন, কাৰ্তিকেয়ান, জন বাবু আৰু দিনেশ বুলি চিনাক্ত কৰিছে।

দেওবাৰে ভাৰতীয় বায়ুসেনাই(Indian Air Force) আয়োজন কৰা মেগা এয়াৰ শ্ব’ চাবলৈ মেৰিনা বিচত ভিৰ কৰিছিল লাখ লাখ দৰ্শকে(Air Show in Tamil Nadu)। অনুষ্ঠানটো উপভোগ কৰি উভতাৰ পথত অত্যাধিক ভিৰৰ বাবে দৰ্শকসকলৰ মাজত এক বিশৃংখল পৰিবেশৰ সৃষ্টি হয়। এই অভাৱনীয় পৰিস্থিতিত দৰ্শকসকলৰ মাজৰ চাৰিজন লোক নিহত হয়। তাৰোপৰি বহুসংখ্যক দৰ্শক আহত হয়। অতিমাত্ৰা ভিৰ আৰু অৱস হৈ পৰাৰ বাবে বহু লোক অসুস্থ হৈ পৰিল। ধাৰণা কৰা অনুসৰি, প্ৰায় ১০ লাখ লোকে এই এয়াৰ শ্ব’ৰ অনুষ্ঠানটো চাবৰ বাবে মেৰিনা বিচত একত্ৰিত হৈছিল।

এয়াৰ শ্ব’ শেষ হোৱাৰ পিছতে উভতি অহাৰ পথত লাখ লাখ লোকৰ মাজত হোৱা বিশৃংখল পৰিবেশ তথা হুলস্থুলৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাৰ লগে লগে সেই স্থানত উপস্থিত আৰক্ষী আৰু উচ্চ পদস্থ বিষয়াসকলে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। পথত থকা লক্ষাধিক লোকৰ ভিৰৰ ফলত এম্বুলেন্সসমূহৰ চলাচলতো যথেষ্ট বাধাৰ সৃষ্টি হয়। আহতসকলক স্থানীয় চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহত চাৰিগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।

যদিও এয়াৰ শ্ব’টো দুপৰীয়া ১ বজাত সমাপ্ত হৈছিল, তথাপিও নিশা পৰ্যন্ত দৰ্শকৰ ভিৰ আৰু যান-জঁটৰ সমস্যা চলি আছিল। মেৰিনা বিচ আৰু গৌচচেৰীৰ সমীপৰ লাইট হাউচ মেট্ৰ’ ষ্টেচন(Lighthouse Metro Station)ত থকা এম আৰ টি এছ ৰে’ল ষ্টেচনত চেন্নাই আৰু বিভিন্ন অঞ্চলৰ পৰা অহা লোকৰ ব্যাপক আগমনৰ বাবে অতিমাত্ৰা ভিৰ হৈছিল। শ্ব’ শেষ হোৱাৰ পিছত উভতি অহাৰ বাবে একে সময়তে হাজাৰ হাজাৰ লোক ষ্টেচনত উপস্থিত হোৱাৰ বাবে প্লেটফৰ্মত থিয় হোৱাটোও অসম্ভৱ হৈ পৰিছিল। তাৰোপৰি সন্ধিয়াৰ ভাগলৈকে আন্না স্কোৱেৰ(Anna Square)ৰ বাছ ষ্টপেজলৈকে অজস্ৰ দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছিল ।

cholesterol: উচ্চ কলেষ্টেৰলৰ ভয়ত কণী কমকৈ খাই নেকি?

egg: কণী
egg: কণী

বহু লোকে কণী খাই ভাল পায়। কিন্তু বহু সময়ত এটা ভয়ৰ সৃষ্টি হয়। কিয়নো অত্যধিক কণী খালে কলেষ্টেৰল বৃদ্ধি পাব পাৰে।(cholesterol)

আমি সৰুৰে পৰা শুনি আহিছোঁ যে প্ৰতিদিনে কণী খাব লাগে। কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী। কণী খালে শক্তি বাঢ়ে। (eggs increase cholesterol)কিন্তু একাংশ লোকে ভয় কৰে যে বেছিকৈ কণী খালে বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে। লগতে মনত প্ৰশ্ন হয় যে অধিক মাত্ৰা কণী খালে শৰীৰত উচ্চ কলেষ্টেৰল বৃদ্ধি পাই-

কিন্তু এই ভয় ভিত্তিহীন, আচলতে প্ৰতিদিনে এটাকৈ কণী খোৱাটো আপোনাৰ হৃদযন্ত্ৰৰ বাবে ভাল আৰু ই আপোনাৰ তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি নকৰে। কিন্তু কলেষ্টেৰল বৃদ্ধি আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত এজন ব্যক্তিয়ে দৈনিক কিমান কণী খাব পাৰে সেই সম্পৰ্কে দীৰ্ঘদিনীয়া বিতৰ্ক চলি আহিছে।(Egg Will Not Increase Cholesterol)

কণী সৰ্বাংগীন পুষ্টিৰ এক গুৰুত্বপূৰ্ণ উৎস। কণীত ভিটামিন আৰু খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদানও থাকে। গুৰুত্বপূৰ্ণ কথাটো হ’ল ই সহজে উপলব্ধ আৰু আন বস্তুৰ তুলনাত সুলভ মূল্যও।

আনহাতে বিশেষজ্ঞসকলৰ মতে এই হৃদৰোগৰ কাৰকসমূহৰ ভিতৰত চিগাৰেট সেৱন, মদ্যপান, পাৰিবাৰিক হৃদৰোগৰ ইতিহাস, মেদবহুলতা, ব্যায়ামৰ অভাৱ, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ আদি উল্লেখযোগ্য। আচলতে এনেবোৰ কাৰণতহে হৃদৰোগ হ’ব পাৰে।(egg)

কণীত উচ্চমানৰ প্ৰটিন, ভিটামিন বি ১২, ফছফৰাছ আৰু চেলেনিয়াম প্ৰচুৰ পৰিমাণে থাকে। এইবোৰত কলিনও থাকে যিটো মগজুৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কণীত থকা ভিটামিন এ, ভিটামিন বি ১২ আৰু চেলেনিয়াম ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

প্ৰতিদিনে এটাকৈ কণী খালে হৃদযন্ত্ৰ ভালে থাকে লগতে উচ্চ কলেষ্টেৰলতো কোনো প্ৰভাৱ নপৰে।(heart)

Playing Lord Ram In Ramlila Dies: ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে সুশীল কৌশিকে

সুশীল কৌশিক
সুশীল কৌশিক

নৱৰাত্ৰি উপলক্ষে দিল্লীৰ ছাহদৰা অঞ্চলত আয়োজন কৰা ৰামলীলাৰ মাজতে অঘটন। ৰামলীলাত ৰামৰ ভাও দিবলৈ গৈ মৃত্যুক সাৱতিলে এজন ব্যক্তিয়ে। অভিনয়ৰ সময়ত হৃদক্ৰিয়া বন্ধ হৈ ৰামলীলাৰ মঞ্চতে ঢলি পৰি মৃত্যুমুখত পৰে ব্যক্তিজন। (Playing Lord Ram In Ramlila Dies)

এই ঘটনা দিল্লীৰ। দিল্লীৰ শ্বাহদৰাত ৰামলীলাৰ মঞ্চায়নৰ সময়ত এক অতি দুখৰ দুৰ্ঘটনা সংঘটিত হয়। ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা এজন ব্যক্তিয়ে হঠাৎ বুকুত বিষ অনুভৱ কৰিলে। লগে লগে তেওঁক নিয়া হয় হস্পাতাললৈ। কিন্তু, চিকিৎসালয়লৈ লৈ যাওতে তেওঁৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৪ বছৰ। ব্যক্তিজন বিশ্বকৰ্মা নগৰৰ বাসিন্দা সুশীল কৌশিক আছিল।(Heart Attack during Ramlila in Delhi)

ঘটনাৰ সময়ত তেওঁ ভগৱান শ্ৰীৰামৰ চৰিত্ৰত অভিনয় কৰিছিল। হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল আৰু মঞ্চৰ পৰা নামি আহিল। ইয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে। (sushil kaushik)

আনহাতে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। এই ভিডিঅ’টোত তেওঁ ৰামলীলাৰ মঞ্চত ভগৱান শ্ৰীৰামৰ চৰিত্ৰ অভিনয় কৰাৰ লগতে সংলাপও কৈ আছিল। তাৰ পিছত হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ইয়াৰ পিছত তেওঁ মঞ্চৰ পৰা নামি আহিল। তেওঁ কৈছিল তেওঁৰ বুকুৰ বিষৰ কথা। ইয়াৰ পিছতে ৰামলীলা কমিটীৰ এজন লোকে এম্বুলেন্স মাতি আনি চিকিৎসালয়লৈ লৈ গৈছিল তেওঁক।(Delhi Man Playing Lord Ram In Ramlila Dies Of Heart Attack On Stage)

আন এটা ভিডিঅ’ত তেওঁক মঞ্চৰ তলত বহি ভজন গোৱা দেখা গৈছে। তেওঁৰ কাষত আন বহু লোকেও ভজন গাই আছিল। ইয়াৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।

এই ভিডিঅ’টো হয়তো ৰামলীলা চাবলৈ অহা কোনোবাই বনাইছে ,সেই ভিডিঅ’টোত কৌশিকক ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। ভিডিঅ’টো ৩০ ছেকেণ্ডৰ। তাত ৰামলীলা মঞ্চ সজাই তোলা হৈছে। ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰি সতীশে প্ৰথমে খোজ কাঢ়ে। ইয়াৰ পিছত তেওঁক আঁঠু লৈ বহি হাত ভাঁজ কৰা দেখা যায়। সংলাপটো কোৱাৰ লগে লগে বুকুত হাতখন থয়। প্ৰথমে বুকুখন হেঁচা মাৰি ধৰিবলৈ চেষ্টা কৰে, তাৰ পিছত খৰধৰকৈ মঞ্চৰ পিছফালে যায়।(viral vedio)

What Food Cause Cancer: এই ৫ টা খাদ্য বেছি সময় ৰান্ধিলে হ’ব পাৰে কেন্সাৰ কাৰণ

What Food Cause Cancer: এই ৫ টা খাদ্য বেছি সময় ৰান্ধিলে হ'ব পাৰে কেন্সাৰ কাৰণ
What Food Cause Cancer: এই ৫ টা খাদ্য বেছি সময় ৰান্ধিলে হ'ব পাৰে কেন্সাৰ কাৰণ

বৰ্তমান দিনক দিনে বৃদ্ধি পাইছে কৰ্কট ৰোগী সংখ্য়া। কৰ্কট ৰোগৰ একক কাৰণ নাই। বহু সময়ত ৰন্ধা-বঢ়াৰ সময়ত হোৱা ভুলেও শৰীৰক এই মাৰাত্মক ৰোগৰ বলি কৰি তুলিব পাৰে।(What Food Cause Cancer)

কেন্সাৰ বহু ধৰণৰ আৰু ইয়াৰ কাৰণো বহুত। কেন্সাৰ ৰোগৰ পৰা মুক্ত হোৱাটোও সহজ নহয় আনহাতে কৰ্কট ৰোগ হোৱাৰো আছে বিভিন্ন কাৰণ। অধ্যয়ন অনুসৰি দ্ৰুতগতিত বিয়পি পৰা কৰ্কট ৰোগৰ ৮০-৯০ শতাংশ ৰোগী বেয়া অভ্যাস আৰু বাহ্যিক কাৰণ ফলত হয়। ইয়াৰ ভিতৰত আছে জীৱনশৈলীৰ সৈতে জড়িত বেয়া অভ্যাসসমূহ। যিবোৰ অভ্যাস উন্নত কৰিলে কেন্সাৰৰ সম্ভাৱনা সহজেই হ্ৰাস কৰিব পৰা যায়।(cancer patients)

বেছিভাগ মানুহেই নাজানে, খাদ্যৰ লগত কেন্সাৰ হোৱাৰ সম্ভাৱনাৰ কি সম্পৰ্ক আছে। খাদ্যৰ সহায়ত কেন্সাৰ টিউমাৰৰ বৃদ্ধি ৰোধ কৰিব পাৰি যদিও ইয়াৰ বাবে দায়ী বহুতো খাদ্য আছে।(cooking these 5 foods for too long is like inviting cancer)আজি আমি আপোনালোকক এনেধৰণৰ ৫টা খাদ্যৰ বিষয়ে কম, যিবোৰ খাদ্য ৰন্ধা-বঢ়া কৰাৰ সময়ত বহুত মনোযোগৰ প্ৰয়োজন হয়, নহ’লে শৰীৰত কেন্সাৰ বিয়পিব পাৰে।

এক প্ৰতিবেদন অনুসৰি অতিমাত্ৰা সিজোৱা মাংস খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। উচ্চ তাপত মাংস ৰান্ধিলে কাৰ্চিনোজেনিক পিএএইচ আৰু হেটেৰ’চাইক্লিক এমাইন (HCA) উৎপন্ন হয়। এই পদাৰ্থবোৰে কোষৰ ডি এন এ সলনি কৰি কেন্সাৰ টিউমাৰ গঠন কৰিব পাৰে।(meat)

আলু বেছি সময় ৰান্ধি খালে কেন্সাৰ হ’ব পাৰে। আচলতে যদি ইয়াক বেছিকৈ ভজা বা পোৰা হয় তেন্তে এক্ৰিলামাইড ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যিটো কাৰ্চিনোজেনিক। সেয়ে আলু ভাজিৰ সলনি মধ্যমীয়া উষ্ণতাত সিজাই উতলাই খালে ভাল।(potato)

পালেঙৰ দৰে পাতযুক্ত শাক-পাচলিত আইৰণ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যদিও অতিমাত্ৰা সিজলে ইয়াৰ পুষ্টিকৰ মূল্য হ্ৰাস পায় আৰু কিছু ৰাসায়নিক পৰিৱৰ্তন ঘটে। বেছি সময় সিজালে ইয়াত থকা নাইট্ৰেট নাইট্ৰাইটলৈ ৰূপান্তৰিত হ’ব পাৰে, যাৰ ফলত কেন্সাৰ হ’ব পাৰে।

চাউল আৰু অন্যান্য শস্য অতিমাত্ৰা সিজলে এক্ৰিলামাইড উৎপন্ন হ’ব পাৰে, যিটো কেন্সাৰৰ আশংকাৰ সৈতে জড়িত। সেইবাবে ভাত সঠিক পৰিমানত ৰান্ধি খাব লাগে।

মৌ উচ্চ উষ্ণতাত গৰম কৰিলে ইয়াক হাইড্ৰক্সিমিথাইলফাৰফিউৰেল (HMF)লৈ ৰূপান্তৰিত কৰিব পাৰি। এইচ এম এফ কাৰ্চিনোজেনিক, যিয়ে শৰীৰত মাৰাত্মক টিউমাৰ গঠন কৰিব পাৰে। সেয়েহে সদায় কম উষ্ণতাত মৌ ব্যৱহাৰ কৰিব লাগে, যেনে চাহত দিয়াৰ আগতে গৰম নকৰাকৈ।(honey)

Northeast Declared Heart And Soul Of Bharat: উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মাঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

Northeast Declared Heart And Soul Of Bharat: উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মা
Northeast Declared Heart And Soul Of Bharat: উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মা

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৬ অক্টোবৰঃ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে শনিবাৰে উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মা বুলি ঘোষণা কৰি পৰ্যটন আৰু উন্নয়নৰ ক্ষেত্ৰত অঞ্চলটোৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়।(Northeast Declared Heart And Soul Of Bharat)

তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূব কেৱল ভৌগোলিক অঞ্চল নহয়, ই ভাৰতৰ সাৰমৰ্মক সামৰি লোৱা সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ সজীৱ টেপেষ্ট্ৰী। আজি নতুন দিল্লীত প্ৰতিদিন মিডিয়া নেটৱৰ্কে আয়োজন কৰা ‘দ্য কনক্লেভ ২০২৪’ত ভাষণ প্ৰদান কৰি ধনখৰে চৰকাৰৰ “এক্ট ইষ্ট পলিচি”ৰ পৰিৱৰ্তনশীল প্ৰভাৱ আৰু ৰাষ্ট্ৰীয় পৰিৱৰ্তনৰ আখ্যান গঢ় দিয়াত সংবাদ মাধ্যমৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।(Vice-President Jagdeep Dhankhar)

তেওঁ কয় যে, “নিউজিলেণ্ড, ছুইজাৰলেণ্ড আৰু স্কটলেণ্ডক একেলগ কৰিলেও উত্তৰ-পূবৰ সম্পদৰ তুলনাত সেই স্থানত সম্পদৰ অভাৱ দেখা যাব। অঞ্চলটোৰ প্ৰতিখন ৰাজ্যই দৰ্শনাৰ্থী, পৰ্যটক আৰু স্থানীয় লোকৰ বাবে স্বৰ্গৰ দৰে স্থান।” উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এই অঞ্চলৰে সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ বিষয়ত গুৰুত্ব আৰোপ কৰি ইয়াক অঞ্চলটোৰ বাবে গেম-চেঞ্জাৰ বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে এই অঞ্চলত বিমানবন্দৰৰ সংখ্যা দুগুণ হৈছে আৰু জলপথ বিশগুণ বৃদ্ধি পাইছে, যাৰ ফলত দেশজুৰি অঞ্চলটোৰ প্ৰতি অপৰিসীম আগ্ৰহ আৰু বিনিয়োগৰ সৃষ্টি হৈছে।Put together New Zealand, Switzerland, and Scotland, and you will still fall short of the wealth of the Northeast)

ধনখৰে ভাৰতৰ ধ্ৰুপদী ভাষাৰ ভিতৰত পাঁচটা বাংলা, মাৰাঠী, পালি, আৰু প্ৰাকৃতৰ সমান্তৰালকৈ অসমীয়া ভাষাক শেহতীয়াকৈ স্বীকৃতি দিয়াৰ বিষয়টো সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে এই স্বীকৃতিয়ে ইতিবাচক প্ৰভাৱ কঢ়িয়াই লৈ ফুৰে, যিয়ে আমাৰ জাতিৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্যক প্ৰদৰ্শন কৰে।(Act East Policy)

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অঞ্চলটোৰ চহকী আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি পূজনীয় কামাখ্যা মন্দিৰ আৰু বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park)কথা উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ঐশ্বৰিক আৰু পৰিৱেশৰ তাৎপৰ্যৰ বিষয়ত আলোকপাত কৰি তেওঁ কয়, “আশীৰ্বাদ ক’ৰ পৰা পায়? কামাখ্যাত(kamakhya temple)। এই ধৰণৰ অভয়াৰণ্য ক’ত দেখা পায়? কাজিৰঙাত।”(classical language)

ধনখৰে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰাণৱন্ত সংস্কৃতি, সুস্বাদু খাদ্য আৰু অঞ্চলটোৰ মানুহৰ শক্তিক প্ৰশংসা প্ৰকাশ কৰে। “মই তাত অনুভৱ সাংস্কৃতিক উৎসৱৰ বিষয়ে শব্দৰে বৰ্ণনা কৰিব নোৱাৰো,উত্তৰ-পূব ভাৰতৰ হৃদয় আৰু আত্মা” তেওঁ মন্তব্য কৰে। নম পেনত অনুষ্ঠিত হোৱা আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ কথা স্মৰণ কৰি তেওঁ “এক্ট ইষ্ট” নীতিৰ তাৎপৰ্যৰ কথাও উল্লেখ কৰে।(Northeast)

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জোৰ দি কয় যে এক্ট ইষ্ট পলিচি দেশৰ সীমাতে সীমাবদ্ধ হৈ নাথাকিব, বৰঞ্চ ই ভাৰতৰ বাহিৰলৈ গৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে গভীৰ সংযোগ গঢ়ি তুলিব। তেওঁ ক্ৰমাৎ বৃদ্ধি পোৱা সংযোগৰ কথা আঙুলিয়াই দিয়ে, যি সংযোগৰ ফলত অতি সোনকালে উত্তৰ-পূবৰ পৰা কম্বোডিয়ালৈ যাত্ৰা কৰাটো সম্ভৱ হ’ব, য’ত ভাৰত চৰকাৰৰ প্ৰচেষ্টাত ঐতিহ্যমণ্ডিত অংক’ৰ ৱাট মন্দিৰ পুনৰুদ্ধাৰ কৰা হৈছে। এই নীতিয়ে অঞ্চলটোৰ সৈতে গভীৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তুলিব বুলিও তেওঁ কয়।


ধনখৰে কাশ্মীৰৰ প্ৰসংগতো সমান্তৰালভাবে মন্তব্য কৰি কয় যে, “কাশ্মীৰো এক মুকলি বায়ুৰে উশাহ ল’ব পৰা এক গন্তব্যস্থান, যিস্থানক আঁকোৱালি ল’ব লাগিব আৰু উদযাপন কৰিব লাগিব।” তেওঁ এই কথা স্মৰণ কৰি কয়, “১৯৯০ত কেন্দ্রীয় মন্ত্র্যালয়ত থকাৰ সময়ত মই শ্ৰীনগৰ ভ্ৰমণ কৰিছিলোঁ , তেতিয়া তাৰ পথত প্ৰায় ২০ জন লোক নাছিল। যোৱা বছৰ ৰাজ্যসভাৰ তথ্য অনুসৰি ২ কোটিতকৈ অধিক লোকে পৰ্যটক হিচাপে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে।” এয়া আমাৰ দেশৰ পৰিৱৰ্তনশীল যাত্ৰাৰ প্ৰমাণ।”তেওঁ উত্তৰ-পূবৰ অৰ্থনীতিৰ পৰিৱৰ্তন ঘটোৱা পৰ্যটনৰ সম্ভাৱনাৰ বিষয়তো আলোকপাত কৰি কয়, “পৰ্যটনে উত্তৰ-পূবৰ সমগ্ৰ পৰিৱেশ সলনি কৰিব পাৰে, নিয়োগ বৃদ্ধিৰ সূচনা কৰিব পাৰে আৰু অঞ্চলটোক বিশ্বব্যাপী পৰ্যটনস্থল হিচাপে স্থান দিব পাৰে।”(jammu and kashmir)

দেশ -নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকাক গুৰুত্ব আৰোপ কৰি শ্ৰী ধনখৰে সংবাদ মাধ্যমক উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰদূতৰ দৰে কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ পৰ্যটনৰ সম্ভাৱনা আৰু উন্নয়নমূলক অগ্ৰগতিৰ প্ৰচাৰ কৰিবলৈয়ো তেওঁ সংবাদমাধ্যমক আহ্বান জনায়।”জনসাধাৰণক অৱগত কৰা আৰু মন জগাই তোলাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আপোনালোকৰ কাহিনীয়ে উন্নয়নৰ বাবে শক্তিশালী আহিলা হিচাবে কাম কৰিব পাৰে , আমাৰ বৈচিত্ৰময় অঞ্চলটোত থকা অনন্য সুযোগসমূহৰ বিষয়ত পোহৰ পেলোৱাতো আপোনালোকৰ কাম”, তেওঁ মন্তব্য কৰে।আহক আমি এই দেশত হাতত হাত ধৰি আগবঢ়া আৰু পৰামৰ্শ দিয়াৰ অভ্যাস গঢ়ি তোলোঁ । গণতন্ত্ৰক লালন-পালন কৰা হয় যেতিয়া সংবাদ মাধ্যমকে ধৰি ইয়াৰ প্ৰতিটো প্ৰতিষ্ঠানে অনুকূল প্ৰদৰ্শন কৰে।”


দ্ৰুত প্ৰযুক্তিগত ব্যাঘাতৰ সময়ত দায়িত্বশীল সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তাৰ বিষয়তো উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, “সম্পাদকীয় পৃষ্ঠাই জনসাধাৰণক তথ্যৰ বিষয়ে অৱগত আৰু সংবেদনশীল কৰিব লাগিব, সংবাদ মাধ্যমক গণতন্ত্ৰৰ চকীদাৰ হিচাপে গঢ়ি তোলাতো নিশ্চিত কৰিব লাগিব।”

তেওঁ আৰু কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত বাতৰি কাকতসমূহৰ সাহসী স্থিতি আদৰণীয়। যেতিয়া কিছুমানে নিজৰ সম্পাদকীয় স্থান উকা কৰি চেঞ্চৰশ্বিপৰ প্ৰতিবাদ কৰিছিল। সংবাদ মাধ্যমৰ স্বাধীনতা ইয়াৰ দায়িত্বৰ সৈতে জড়িত বুলি কৈ তেওঁ মন্তব্য কৰে যে সংবাদ মাধ্যমে সদায় গণতন্ত্ৰৰ স্তম্ভ হিচাপে থিয় দিব লাগিব।

ভুল তথ্য, চাঞ্চল্যকৰ খবৰ আৰু জাতি বিৰোধী আখ্যানে সৃষ্টি কৰা বিপদৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি শ্ৰী ধনখৰে সংবাদ মাধ্যমক এই ভাবুকিসমূহ প্ৰতিহত কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ আহ্বান জনায় যে মিছা কাহিনী আৰু চাঞ্চল্যকৰ খবৰ ৰসাল হ’ব পাৰে, কিন্তু ই জাতিৰ প্ৰভূত ক্ষতি কৰে। সংবাদ মাধ্যমে এই শক্তিসমূহক নিষ্ক্ৰিয় কৰি আমাৰ গণতান্ত্ৰিক মূল্যবোধক সুৰক্ষিত কৰিব লাগিব।


বিস্তৃত ৰাষ্ট্ৰীয় বিকাশৰ কথা চিন্তা কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ১৯৯০ত ভাৰতে সন্মুখীন হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ কথা স্মৰণ কৰে। তেওঁ কয়, “মই ১৯৯০ত সংসদৰ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পাৰ কৰা মোৰ দিনবোৰ মনত পেলাইছো। সেই সময়ত আমাৰ অৰ্থনৈতিক বিশ্বাসযোগ্যতা বজাই ৰাখিবলৈ আমাৰ সোণ ছুইজাৰলেণ্ডলৈ প্ৰেৰণ কৰা হৈছিল আৰু আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰত মজুত প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ আছিল।” . ইয়াৰ পাছতে তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু বৰ্তমানৰ চৰকাৰক তেওঁলোকৰ সংস্কাৰী প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাই কয় যে, “আজি আমি ৭০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ মজুত অতিক্ৰম কৰিছো, যি এটা উল্লেখযোগ্য কৃতিত্ব, যিয়ে আমাৰ জাতিৰ স্থিতিস্থাপকতা আৰু বৃদ্ধিৰ পৰিচয় দাঙি ধৰিছে।”

ভাষণৰ সামৰণিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আশা আৰু সম্ভাৱনাৰ ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ প্ৰতি তেওঁৰ বিশ্বাস পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে। য’ত প্ৰতিজন ব্যক্তি আইনৰ সন্মুখত সমান আৰু ইয়াৰ প্ৰতি জবাবদিহি। তেওঁ কয় যে সংবাদ মাধ্যমক ভাৰতৰ অভূতপূৰ্ব বৃদ্ধিৰ বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছো আৰু আমাৰ গণতন্ত্ৰক শক্তিশালী কৰা এক পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনাইছো।

এই অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,সাদিন-প্ৰতিদিন গোটৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।(central minister sarbananda sonowal)

Pragya Sadhak Sanman: বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক ‘প্ৰজ্ঞা সাধক-২০২৪’ সন্মান প্ৰদান

Pragya Sadhak Sanman: বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক ‘প্ৰজ্ঞা সাধক-২০২৪’ সন্মান
Pragya Sadhak Sanman: বিশিষ্ট সাহিত্যিক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাক ‘প্ৰজ্ঞা সাধক-২০২৪’ সন্মান

গুৱাহাটী, ৬ অক্টোবৰঃ অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক, গৱেষক, অধ্যাপক, সমালোচক ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাক জীৱনযোৰা সাধনাৰ বাবে ‘প্ৰজ্ঞা সাধক সন্মান– ২০২৪’ বঁটাৰে সন্মানিত কৰা হয়৷ অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মিডিয়াহাইপৰ সহযোগত প্ৰজ্ঞা সাহিত্য মঞ্চই আগবঢ়োৱা এই সন্মান শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলাম্‌নাই ভৱনত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয়৷ (Pragya Sadhak Sanman-2024)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ক্ৰমে ড॰ প্ৰদীপ্ত বৰগোহাঞি আৰু ড॰ বিভাস চৌধুৰীয়ে আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰি ড॰ শৰ্মাৰ জীৱন আৰু কৃতিৰ ওপৰত আলোকপাত কৰে৷ বঁটা প্ৰদান অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক গৌতম শৰ্মাই তেওঁৰ শিক্ষাগুৰু ড॰ শৰ্মাক অভিনন্দন জনাই কয় যে অসমীয়া সাহিত্যলৈ ড॰ শৰ্মাই যি অনবদ্য অৱদান আগবঢ়াইছে সেয়া সাহিত্যানুৰাগী সকলৰ মাজত চিৰদিন জনপ্ৰিয় হৈ ৰ’ব৷(pragya sadhak sanman to dr govind prasad sharma)

ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাৰ ৮৭তম জন্মদিনৰ লগত সংগতি ৰাখি এক অন্তৰংগ আলাপ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়৷ লেখক-সমালোচক জ্যোতি খাটনিয়াৰে আঁত ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত অসমৰ বহুকেইগৰাকী জেষ্ঠ সাহিত্যিকৰ লগতে নৱীন লেখক-লেখিকা আৰু সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত প্ৰজ্ঞা মিডিয়াহাইপে প্ৰকাশ কৰা “ড॰ গোৱিন্দ প্ৰসাদ শৰ্মাৰ স্বনিৰ্বাচিত গল্প” আৰু ড॰ শৰ্মাৰ সহধৰ্মিনী ড॰ অঞ্জলি শৰ্মাৰ “জ্ঞানৰ সুবাস বিচাৰি” শীৰ্ষক গ্ৰন্থ দুখনো উন্মোচন কৰা হয়৷ অনুষ্ঠানটো পৰিচালনা কৰে লেখিকা দিতিমণি গগৈয়ে।(Dr. Govind Prasad Sharma’s 87th birthday)

Tamarind Side Effects: সাৱধান, তেতেলী খোৱাৰ ফলত আপুনি হ’ব পাৰে অসুস্থ!

Tamarind Side Effects: তেতেলী খোৱাৰ ফলত আপুনি হ'ব পাৰে অসুস্থ
Tamarind Side Effects: তেতেলী খোৱাৰ ফলত আপুনি হ'ব পাৰে অসুস্থ

তেতেলীৰ সোৱাদ মিঠা-টেঙা, তেতেলীৰ নামটো মনলৈ অহাৰ লগে লগে মুখৰ পৰা লেলাৱটি টোপাল টোপালকৈ ওলাবলৈ আৰম্ভ কৰে। আনহাতে তেতেলীৰ মিঠা-টেঙা সোৱাদ অবিহনে বহুতো ৰাজপথৰ খাদ্য অসম্পূৰ্ণ যেন লাগে। এই টেঙাত টাৰ্টাৰিক এচিড (Tartaric Acid), এচিটিক এচিড, ছাক্সিনিক এচিড, পেক্টিন(Pectin), টেনিন, এলকেল’ইড, ফ্লেভন’ইড, গ্লাইকোচাইড পোৱা যায়। (Tamarind Side Effects)

আপুনি দিনটোত ১০ গ্ৰাম তেতেলী খাব পাৰে, কিন্তু সোৱাদৰ বাবে যদি ইয়াতকৈ বেছি তেতেলী খায়, তেন্তে বহু ধৰণৰ স্বাস্থ্যৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

তেতেলী বেছিকৈ খোৱাৰ অসুবিধা-

অত্যধিক টেঙা বা এচিডিক বস্তু আমাৰ দাঁতৰ বাবে ভাল নহয়। যদি আপুনি বহুত বেছি তেতেলী খাই তেন্তে ই দাঁতৰ গঠনৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাহিৰেও ইনামেলৰ ক্ষতি হ’ব পাৰে আৰু আনকি দাঁতবোৰো দুৰ্বল হ’ব পাৰে।

তেতেলীত টেনিনকে ধৰি এনে বহুতো যৌগ থাকে যিবোৰ হজম কৰাত অলপ কঠিন। যদি আপুনি তেতেলী বেছি পৰিমাণে খায় তেন্তে পেটৰ গেষ্ট্ৰাইটিছ নলীত এচিডৰ মাত্ৰা বৃদ্ধি পাব। যাৰ ফলত পেট ফুলা, এচিড ৰিফ্লাক্স আৰু অন্যান্য পেটৰ সমস্যা হ’ব পাৰে। (side effects of eating too much sour tamarind)

তেতেলী বেছিকৈ খালে আপোনাৰ শৰীৰত ব্লাড চুগাৰৰ পৰিমাণ কম হ’ব পাৰে, যাৰ বাবে মূৰ ঘূৰোৱা আৰু দুৰ্বল হোৱাটো সাধাৰণ কথা। যিসকল লোকে ইতিমধ্যে গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰিব পৰা ঔষধ খাই আছে তেওঁলোকে তেতেলী খাব নালাগে।

গৰ্ভৱতী মহিলাইও (pregnant women) তেতেলী খোৱাটো ভাল নহয়, কাৰণ তেতেলী অতিমাত্ৰা খালে শৰীৰৰ তাপ বৃদ্ধি পায়। যাৰ ফলত পেটত বৃদ্ধি হোৱা শিশুৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ উপৰিও স্তন্যপায়ী মহিলাসকলেও তেতেলী খোৱাৰ পৰা বিৰত থাকিব লাগে।

pijush hazarika comments on asom sammilita morcha: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীয়ূষ হাজৰিকাৰ

pijush hazarika comments on asom sammilita morcha: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীয়ূষ হাজৰিকাৰ
pijush hazarika comments on asom sammilita morcha: অসম সন্মিলিত মৰ্চাক লৈ মন্তব্য পীয়ূষ হাজৰিকাৰ

জাগীৰোড, ৬ অক্টোবৰ: জ্যোতিষীয়ে আগৰ নামটো বেয়া বুলি কৈছে চাগে, সেয়ে বিৰোধী শব্দটো উঠাই দিছে ৷ বিৰোধী ঐক্যমঞ্চৰ সলনি অসম সন্মিলিত মৰ্চা নামেৰে নামাকৰণ কৰাক কটাক্ষ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ৷ লগতে মন্ত্ৰীগৰাকীয়ে নাম নোলোৱাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি কয় যে, যিয়ে ২০২৬ ত চৰকাৰ গঠন কৰিম বুলি কৈ আছে, তেওঁৱেই তিনিবাৰকৈ নিৰ্বাচন হাৰিছে ৷ (pijush hazarika comments on asom sammilita morcha)

প্ৰথমে বিধায়ক হৈ লওক, তাৰ পিছত চৰকাৰ বনাওক ৷ তেওঁলোকে আকাশত চাং পাতি থাকক, সপোনত চৰকাৰ বনাই থাকক ৷ আমি পুনৰ চৰকাৰ গঠন কৰিম আৰু ড° হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব ৷ উল্লেখ্য যে, জাগীৰোড সমজিলা শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি প্ৰশাসনিক কাৰ্যালয় মুকলি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ অসম চৰকাৰৰ প্ৰশাসনিক দক্ষতা আৰু বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে শনিবাৰে জাগীৰোড আৰু লাহৰীঘাট অঞ্চলত সম জিলাৰ সম-আয়ুক্তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।(asom sammilita morcha)

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই জাগীৰোডৰ কাৰ্যালয় উদ্বোধন কৰে।মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক প্ৰশংসা কৰি কয় যে, এই সম জিলাখনে শাসনৰ এক নতুন যুগৰ সূচনা কৰিব, ৰাজহুৱা সেৱাৰ সুবিধা সমূহ সময়মতে নিশ্চিত কৰিব আৰু সৰ্বাংগীন উন্নয়নক লাভান্বিত কৰিব।ইয়াৰ পৰবৰ্তী সময়ত অসম চৰকাৰৰ পৰিবহন, মীন, আৱকাৰী, বিজ্ঞান আৰু প্ৰযুক্তি, জলবায়ু পৰিবৰ্ত্তন বিভাগ তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই লাহৰীঘাট কাৰ্যালয়ৰ শুভাৰম্ভ কৰে। (opposition unity forum assam renamed as asom sammilita morcha)

তেওঁ নিজৰ বক্তব্যত প্ৰকাশ কৰে যে এই সম জিলাখনে অঞ্চলটোৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব, অৰ্থনৈতিক বৃদ্ধি, সামাজিক ন্যায়, আৰু সবলীকৰণক প্ৰসাৰিত কৰিব। তদুপৰি উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই পদক্ষেপক প্ৰশংসা কৰি নতুন কাৰ্যালয়সমূহে জাগীৰোড আৰু লাহৰীঘাট অঞ্চলত অধিক সুশৃংখলিত আৰু ফলপ্ৰসূ শাসনৰ আৰম্ভণি কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে। তেওঁ নিশ্চিত যে এই নতুন কাৰ্যালয়সমূহে বৃদ্ধিৰ অনুঘটক হিচাপে কাম কৰিব, শাসন ব্যৱস্থাৰ সুবিধা সমূহ তৃণমূল পৰ্যায়ত উপনীত হব বুলি মত প্ৰকাশ কৰে। (Assam oppositions alliance)

এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, লাহৰীঘাট সমষ্টিৰ বিধায়ক আছিফ ম: নাজাৰ,তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস ,জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা স্থানীয় লোক সকল উপস্থিত আছিল।(lurinjyoti gogoi)

Amit Shah:নক্সাল অধ্যুষিত ৮খন ৰাজ্যৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব অমিত শ্বাহে

Amit Shah:নক্সাল অধ্যুষিত ৮খন ৰাজ্যৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব অমিত শ্বাহে
Amit Shah:নক্সাল অধ্যুষিত ৮খন ৰাজ্যৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব অমিত শ্বাহে

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৫ অক্টোবৰঃ (Amit Shah)কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে নক্সাল প্ৰভাৱিত ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ সাজু হৈছে আৰু এই সময়তে তেওঁ নক্সাল আক্ৰান্ত আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতিব।এক আনুষ্ঠানিক বিবৃতি অনুসৰি এই বৈঠকত অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ, আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠক।

নৰেন্দ্ৰ মোদী চৰকাৰে গ্ৰহণ কৰা কৌশলৰ বাবে বাওঁপন্থী উগ্ৰবাদৰ হিংসা ৭২ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে ২০১০ চনৰ তুলনাত ২০২৩ চনত মৃত্যুৰ হাৰ ৮৬ শতাংশ হ্ৰাস পাইছে বুলিও বিবৃতিটোত কোৱা হৈছে। মুখ্যমন্ত্ৰীসকলৰ উপৰি এই বৈঠকত নক্সাল প্ৰভাৱিত ৰাজ্যসমূহক উন্নয়নমূলক সহায় আগবঢ়োৱাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত মন্ত্ৰালয়সমূহৰ পাঁচজন কেন্দ্ৰীয় মন্ত্ৰীও উপস্থিতি থাকিব। কেন্দ্ৰ, ৰাজ্য, আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু জ্যেষ্ঠ বিষয়াসকলেও এই আলোচনাত অংশগ্ৰহণ কৰিব।

বিবৃতিটোত প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু গৃহমন্ত্ৰীৰ নিৰ্দেশনাত কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নক্সালৰ আতংক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।কেন্দ্ৰীয় চৰকাৰে নক্সালবাদৰ ভাবুকিৰ বিৰুদ্ধে যুঁজ দিয়াত ৰাজ্য চৰকাৰসমূহক সহায় কৰি আহিছে। অমিত শ্বাহে শেষবাৰৰ বাবে ২০২৩ চনৰ ৬ অক্টোবৰত নক্সাল প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকৰ সভাপতিত্ব কৰিছিল।সেই বৈঠকত গৃহমন্ত্ৰী শ্বাহে নক্সালবাদ নিৰ্মূলৰ সন্দৰ্ভত ব্যাপক নিৰ্দেশনা দিছিল।

বিবৃতিটোত কোৱা হৈছে যে ২০২৪ চনত এতিয়ালৈকে নক্সাল বিৰোধী অভিযানত নিৰাপত্তা বাহিনীয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছে। চলিত বৰ্ষত এতিয়ালৈকে ২০২ জন নক্সাল কেডাৰ নিহত হৈছে, আৰু ৭২৩ জন নক্সাল কেডাৰে আত্মসমৰ্পণ কৰাৰ বিপৰীতে ৮১২ জন কেডাৰক গ্ৰেপ্তাৰ কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে ২০২৪ চনত নক্সাল প্ৰভাৱিত জিলাৰ সংখ্যা মাত্ৰ ৩৮খনলৈ হ্ৰাস পাইছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে পথ আৰু মোবাইল সংযোগৰ ক্ষেত্ৰত সহায় কৰাকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰি নক্সালৰ দ্বাৰা ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ দুৰ্গম অঞ্চললৈ উন্নয়নমূলক আঁচনিসমূহ লৈ গৈছে।বিবৃতিটোত কোৱা হৈছে যে মুঠ ১৪,৪০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, আৰু নক্সাল প্ৰভাৱিত অঞ্চলসমূহত এতিয়ালৈকে প্ৰায় ৬,০০০ টা ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে।

Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮

Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮
Lakhimpur: লখিমপুৰৰ বগীনদীত খাদ্যত বিষক্ৰিয়া ,শিশুসহ অসুস্থ ১৮

দৈনন্দিন বাৰ্তাৰ সেৱা , লখিমপুৰ, ৫ অক্টোবৰ : – (Lakhimpur )লখিমপুৰ জিলাৰ বগীনদীৰ তাৰিয়নিত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ ১৮ গৰাকীকৈ লোক অসুস্থ হৈ চিকিৎসাধীন হবলগীয়া হৈছে। ইয়াৰে এটি ৭ বছৰীয়া শিশু আৰু এগৰাকী মহিলা অধিক অসুস্থ হৈ পৰাত শিশুটি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় আৰু মহিলাগৰাকী লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

ঘটনাৰ বিৱৰণী মতে , তাৰিয়ণিৰ ৰাজগড় নেপালী গাঁৱত সংঘটিত ঘটনাটোত, বৃহস্পতিবাৰে গাঁওখনৰ চূড়ামণি খতিৱড়াৰ গৃহত অনুষ্ঠিত হোৱা শ্ৰাদ্ধৰ খাদ্য খাই, এই লোকসকল বিষক্ৰিয়াত আক্ৰান্ত হয় বুলি জানিব পৰা গৈছে। শ্ৰাদ্ধত অৰ্ধশতাধিকৰো অধিক লোকে খাদ্য গ্ৰহণ কৰিছিল যদিও ইয়াৰে ছয় গৰাকী শিশু, চাৰি গৰাকী পূৰুষ আৰু আঠ গৰাকী মহিলাৰ দেহত কালি বিয়লিৰ পৰা বিষক্ৰিয়া হৈ শৌচ বমিত আক্ৰান্ত হৈ দুই তিনিগৰাকী লোক বগীনদী আদৰ্শ চিকিৎসালয়ত ভৰ্তি হয় যদিও আজিও পুনৰ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বাকী কেইজন লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তাৰে দুগৰাকী আক্ৰান্ত লোক শাৰিৰীকভাৱে অধিক অসুস্থ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বাকী বগীনদী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়ে। আনহাতে বজাৰৰ পৰা কিনি অনা বিলাহী আৰু বন্ধাকবিৰ বাহিৰে সম্পূৰ্ণ ঘৰুৱা খাদ্যৰে অনুষ্ঠিত কৰা শ্ৰাদ্ধৰ খাদ্যত এনেদৰে বিষক্ৰিয়া হোৱাত হতভম্ব হৈ পৰিছে গৃহস্থৰ লোক।