Home Blog Page 511

Toll Tax:পুনৰ টোল টেক্স দিবলৈ সাজু হওক!

Toll Tax:পুনৰ টোল টেক্স দিবলৈ সাজু হওক!
এফালে ৰাজপথৰ বৃহৎ গাঁত, সাজু হৈছে টোল গে'ট্

দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ, ৫ অক্টোবৰ : (Toll Tax)অসমত বৰ্তমান সৰ্বাধিক উচ্চাৰিত শব্দটো হ’ল টোল গে’ট্। ৰাজপথৰ দুৰৱস্থাৰ মাজতে পুনৰ চুলুং টোল গে’ট্ সাজু হৈ উঠিছে। দুৰ্গা পূজাৰ আগে-পিছে এই টোল গে’ট্ মুকলি হ’ব। এই সন্দৰ্ভত স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ কৰি কয় – কলিয়াবৰ তিনিআলিৰ পৰা গুৱাহাটীলৈ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ গাঁতৰ সংখ্যা প্ৰায় ১০০১৫ টকা। য’ত দুখনকৈ টোল গেটত টোল টেক্স দিব লাগে। আনহাতে, কলিয়াবৰ তিনিআলিৰ পৰা চুলুঙত নিৰ্মিত টোলগে’টলৈকে সৰু-সৰু গাঁতৰ সংখ্যা ৯১৮টা।

এই গাঁতকেইটা পুতি, যাতায়তৰ উপযুক্ত কৰিহে কৰ্তৃপক্ষই বাহনৰ পৰা টোল টেক্স সংগ্ৰহ কৰিব পাৰে। কিন্তু অসমত সেই নিয়ম পালনৰ প্ৰতি কাৰো গুৰুত্ব নাই। নাই ৰজাঘৰীয়াৰ, না ৰাইজৰ। আন ৰাজ্যত টোল টেক্স লয় যদিও অসমত কৈ এই নিৰিখ অস্বাভাৱিকভাৱে কম। পথবোৰো চকুত লগা, গাঁতৰ নাম-গোন্ধই নাই। বৃত্তিগত কাৰণত প্ৰায়েই বহিঃৰাজ্যলৈ আহ-যাহ কৰা কলিয়াবৰৰ নৱ বৰদলৈ নামৰ ব্যক্তিগৰাকীয়ে কলিয়াবৰ তিনিআলিৰ সদাব্যস্ত নিৰ্মিয়মান উৰণসেতুৰ তলৰ বিধ্বস্ত পথছোৱাৰ বৰষুণৰ পানী ভৰি থকা প্ৰকাণ্ড গাঁতবোৰ দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি, প্ৰকাণ্ড গাঁতৰ ওপৰৰে পাৰ হৈছে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ। দৈনিক এই পথেৰে পাৰ হয় হাজাৰ-হাজাৰ যান-বাহন। উজনি-নামনিৰ মধ্যস্থল কলিয়াবৰ তিনি আলিৰ পথত মৰণফান্দ সদৃশ প্ৰকাণ্ড গাঁত।

পথৰ দুৰৱস্থাই জনতাক জীয়াতু ভুগাইছেবুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে। এই পথেৰে মুখ্যমন্ত্ৰীয়ে আহ-যাহ কৰে। মুখ্যমন্ত্ৰীৰ অহাৰ সময়ত ততাতৈয়াকৈ গাঁতটোৰ পোতে যদিও তাৰ পিছেত পুনৰ একে অৱস্থালৈ ৰূপান্তৰিত হয়। সেয়ে, বৰদলৈয়ে হেলিকপ্তাৰ বাবে দি সঘনাই এই পথেৰে অহা-যোৱা কৰিবলৈ আহ্বান জনাই, যাতে পথটোৰ মেৰামতি স্থায়ীভাৱে হয়। যাৰ ফলত সাধাৰণ ৰাইজৰো উপকাৰ হয়। কিয়নো, গাঁতৰ ওপৰত পথ নে¸ পথৰ ওপৰত গাঁত ধৰিব নোৱাৰা অৱস্থা। যাৰ বাবে প্ৰায়ে দুৰ্ঘটনা হয় এই স্থানত। ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ কলিয়াবৰ তিনিআলিত পথৰ ওপৰত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।এজাক বৰষুণতে গাঁতত পানী ৰৈ বিপদসংকুল হৈ পৰিছে যাতায়ত ব্যৱস্থা। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা গড়কাপ্তানি বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত জনতা¸ বাহনৰ গৰাকী-চালক। পথছোৱা পুনৰ মেৰামতি কৰি সুচল যাতায়ত ব্যৱস্থা কৰিবলৈ আহ্বান জনতাৰ।


কলিয়াভোমোৰা দ্বিতীয়খন দলং নিৰ্মাণৰ নামত যান-বাহনৰ গৰাকী-চালকৰ পৰা কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত নিৰ্মাণ কৰা হৈছে টোলগেট। অৱশ্যে এই টোলগেট মুকলি হ’ব, সেয়া এতিয়ালৈ নিশ্চিত হোৱা নাই।
ইতিমধ্যে, প্ৰায় সম্পূৰ্ণ হৈছে টোলগেট নিৰ্মাণৰ কাম। চুলুঙৰ টোলগেটত টোল টেক্স দিহে উত্তৰ পাৰলৈ যাব পাৰিব যাত্ৰীসকল। অনুৰূপভাবে দক্ষিণ পাৰত উপস্থিত হৈ চুলুঙত টোল টেক্স দিহে কলিয়াবৰ হৈ ৰাজ্যৰ আন স্থানলৈ যাব পাৰিব যান-বাহনৰ গৰাকী-চালকে। দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত সাজু হৈ উঠিছে অত্যাধুনিক টোলগেট।

আনহাতে, কলিয়াবৰ তিনিআলিৰ উৰণ সেতু নিৰ্মাণ প্ৰতিষ্ঠানৰ পলায়ন। বিগত আঠ বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে বিতৰ্কিত চিমপ্লেক্সে ২০১৬ চনতে নিৰ্মাণ কাৰ্য্য আৰম্ভ হোৱা উত্তৰ-পূৱ-পশ্চিম অসমৰ গুৰুত্বপূৰ্ণ সংযোগস্থল কলিয়াবৰ তিনিআলিত ৮ বছৰে সম্পূৰ্ণ নহ’ল উৰণ সেতু। চিমপ্লেক্স নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সুদীৰ্ঘ আঠ বছৰতো উৰণসেতুখনৰ নিৰ্মাণ কৰিব নোৱাৰি পলায়ন কৰে বুলি বুলি স্থানীয় সচেতন ব্যক্তিয়ে অভিযোগ কৰে। ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণৰ পৰা উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে গঠন হোৱা সমিতিখনৰ প্ৰতিনিধিয়ে এই সম্পৰ্কত কয় – সুদীৰ্ঘ আঠ বছৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰি ইতিমধ্যে উৰণসেতু নিৰ্মাণৰ ঠিকাদাৰী প্ৰতিষ্ঠানটো পলায়ন কৰে। ইয়াৰ মূলতে নিম্নদৰত ঠিকা লৈ ব্যয়বহুল উৰণসেতু নিৰ্মাণৰ নামত লোকচানৰ সন্মুখীন হৈ চিমপ্লেক্সে নিৰ্মাণ কাৰ্য সামৰি পলায়ন কৰে। শুনিবলৈ পোৱা মতে উৰণসেতুৰ বাকী ৰোৱা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নতুনকৈ নিবিদা আহ্বান কৰিছে। কিন্তু এনে ঠিকাদাৰী প্ৰতিষ্ঠানক এই উৰণসেতু নিৰ্মাণ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঠনি বিকাশ নিগমে কেনেকৈ অনুমতি দিলে সি গভীৰ ৰহস্যৰ বিষয়।


কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত নগাঁৱৰ পৰা ইটানগৰলৈ অব্যাহত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণত ব্যপক আসোঁৱাহৰ আৰম্ভণীতে পৰা অভিযোগ উত্থাপন কৰি আহিছে কলিয়াবৰৰ সচেতন মহলে। কলিয়াবৰ তিনিআলি মাজেৰে পাৰ হৈ যোৱা ব্যস্ত ৰাজপথ চোৱা চাৰিলেনযুক্ত পথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে যদিও লেহেমীয়া গতিৰে চলিছে কলিয়াবৰ তিনিআলিৰ উৰণসেতুৰ নিৰ্মাণ কাৰ্য। ৰাষ্ট্ৰীয় ৰাজমাৰ্গ আন্তঃগাথঁনি উন্নয়ন প্ৰাধিকৰণৰ অধীনত চিমপ্লেক্স নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে বিগত কেইবাবছৰ ধৰি নিৰ্মাণ কৰি আছে কলিয়াবৰ তিনি আলিত উৰণ সেতু। কিন্তু লেহেমীয়া হোৱাৰ বাবে আজি পৰ্যন্ত সম্পূৰ্ণ নহল উৰণ সেতু। যাৰ পৰিণতিত অসুবিধাৰ সন্মুখীন হৈছে পথাচাৰী তথা উজনি-নামনি-উত্তৰপাৰলৈ অহা-যোৱা কৰা যাত্ৰী। নিতৌ ঘটিছে সৰু-বৰ দুৰ্ঘটনা। সদাব্যস্ত কলিয়াবৰ তিনিআলিৰ সমীপতে থকা কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ শাখালৈ অহা লোকসকলে অসম্পূৰ্ণ উৰণসেতুৰ বাবে যাতায়তৰ সময়ত জলা-কলা খাবলগা হয়।


আনহাতে, গুৰুত্বপুৰ্ণ বিষয়টো হ’ল কলিয়াবৰ তিনিআলিৰ কোনো স্থানতে ৰখা হোৱা নাছিল সেৱা-পথ, স্থায়ী নলা-নৰ্দমাৰ লগতে যাবতীয় সা-সুবিধা। যোগাযোগৰ ফালৰ পৰা সদাব্যস্ত এই তিনিআলিটোত সেৱা পথ আৰু নলা-নৰ্দমা নিৰ্মাণৰ বাবে স্থানীয় এক সংগঠনে তৰা এক গোচৰত মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ পিছত ৰাষ্ট্ৰীয় ৰাজপথ উন্নয়ন আৰু বিকাশ প্ৰাধিকৰণে এই কাম হাতত লৈছে।

Minister Bimal Bora: দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ

দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ
দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ

গুৱাহাটী, ৫অক্টোবৰ:(Bimal Bora,Minister of Cultural Affairs of Assam)অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহূৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰু টিংখাং সমজিলা দুখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। প্ৰশাসনীয় সংস্কাৰক এক নতুন গতি দিয়াৰ লক্ষ্যৰে তথা ৰাইজক সকলো প্ৰয়োজনীয় চৰকাৰী সেৱা যথাসময়ত প্ৰদান কৰাৰ মানসেৰে অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলশ্ৰুতিত গঠন হোৱা৩৯খনকৈ সম জিলাৰ ভিতৰত ডিব্ৰুগড় জিলাৰ দুলীয়াজান আৰু টিংখাং সমজিলাৰ উদ্বোধন কৰা হয়।

দুলীয়াজান সমজিলাৰ শুভউদ্বোধন কৰি মন্ত্ৰী বিমল বড়াই কয় যে, “অসম চৰকাৰে প্ৰশাসনিক সংস্কাৰক এক নতুন মাত্ৰা প্ৰদান কৰি প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সকলোবোৰ সেৱা অধিক সুচল কৰি তুলিবলৈ এই সমজিলা সমূহ গঠন কৰিছে। ভাষণ প্ৰসংগত তেওঁ কয় যে, সমজিলা গঠন হোৱাৰ ফলস্বৰূপে জনসাধাৰণে সকলো চৰকাৰী সেৱা আৰু সা-সুবিধা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে নিচেই কাষতে নিজৰ এলেকাৰ সম জিলাৰ কাৰ্যালয়ত লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁ পুনৰ কয় যে, অসম চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপৰ ফলশ্ৰুতিত ৰাইজ আৰু প্ৰশাসনৰ মাজৰ ব্যৱধান হ্ৰাস পাব আৰু প্ৰশাসন ব্যৱস্থাক জনতাৰ কাষলৈ লৈ যোৱাৰ লগতে সকলো উন্নয়নমূলক কামকাজৰ গতি আৰু অধিক তৰান্বিত হ’ব। মন্ত্ৰী গৰাকীয়ে সমজিলাত নিযুক্তি লাভ কৰা বিষয়া তথা কৰ্মচাৰীসকলক সেৱাৰ মনোভাৱেৰে ৰাইজৰ কল্যাণৰ বাবে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।


মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আন্দোলন নোহোৱাকৈ তথা ৰাইজৰ কোনো দাবী নোহোৱাকৈ জিলা সদৰক বাদ দি সকলো সমষ্টিতে সম জিলা দিয়াৰ ব্যৱস্থা কৰিলে বুলি উল্লেখ কৰি উদ্যোগ মন্ত্রী বড়াই কয় যে আজিৰ দিনটো দুলীয়াজানবাসীৰ বাবে এক ঐতিহাসিক দিন।আজিৰ দিনটোতে ডিব্ৰুগড় জিলাৰ অন্যতম সম-জিলা হিচাপে তৈল নগৰী দুলীয়াজানক অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিলে।এতিয়াৰ পৰা প্ৰশাসনিক ভাৱে দুলীয়াজানৰ গুৰুত্ব অধিক বৃদ্ধি পালে। সময় ব্যয় কৰি ডিব্ৰুগড়লৈ যাব নালাগে। জনতাই বহু প্ৰয়োজনীয় কাম ইয়াতেই সমাধা কৰিব পাৰিব।এই সম জিলাৰ প্ৰশাসনিক দায়িত্বত থাকিব এগৰাকী সম জিলা আয়ুক্ত।

দুলীয়াজান সম জিলা উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, দুলীয়াজান বিধান সভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত,অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, জিলা আয়ুক্ত বিক্ৰম কৈৰী, সম-জিলা আয়ুক্ত অসীম বৰগোহাঁইৰ লগতেবিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

আনহাতে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়স্হিত টিংখাং উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত আজি পিছ বেলা অনুষ্ঠিত এক সভাত স্হানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী বিমল বড়াই টিংখাং সম জিলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্রী বড়াই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী পদক্ষেপ অনুসৰি প্ৰশাসনক জনসাধাৰণৰ অধিক ওচৰ চপাই নিয়াৰ উদ্দেশ্যে সমজিলা ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছেবুলি কয়। এই ব্যৱস্থাৰ অধীনত মন্ত্রী বড়াই তেওঁ প্ৰতিনিধিত্ব কৰা সমষ্টি টিংখাঙক সমজিলাৰ মৰ্যাদা প্ৰদান কৰা বাবে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক সমষ্টি বাসীৰহৈ কৃতজ্ঞতা জনায়। । টিংখাং সমষ্টি বাসী ৰাইজৰ বাবে এক স্মৰণীয় দিন বুলিও মন্ত্রী বড়াই অভিহিত কৰে। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভা সাংসদ ৰামেশ্বৰ তেলিয়েও ভাষণ প্ৰদান কৰে।অনুষ্ঠানত ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল দাস,সম জিলা আয়ুক্ত পৰীক্ষিত ফুকন,পদ্মশ্ৰী হেমলতা চুতীয়াকে ধৰি ভালে সংখ্যক গণ্য মান্য লোক উপস্থিত আছিল।

PM Kisan: তিনিচুকীয়াত ৫৫,৭৯৫ গৰাকী হিতাধীকাৰীলৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ টকা মুকলি

M Kisan: তিনিচুকীয়াত ৫৫,৭৯৫ গৰাকী হিতাধীকাৰীলৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ টকা মুকলি
তিনিচুকীয়াত ৫৫,৭৯৫ গৰাকী হিতাধীকাৰীলৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ টকা মুকলি

দৈনন্দিন বাৰ্তা সেৱা, বাঘজান, ৫ অক্টোবৰ:(PM Kisan )শনিবাৰে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি’ (পি এম কিষান) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকসকললৈ অষ্টাদশ কিস্তিৰ অনুদান হস্তান্তৰ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা “লাইভ ৱেবকাষ্ট” মাধ্যমৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰায় ৯.৪ কোটি যোগ্য হিতাধীকাৰী কৃষকৰ একাউণ্টলৈ প্ৰায় ২০ হাজাৰ কোটি টকা ডি বি টি মাধ্যমৰ জৰিয়তে হস্তান্তৰ কৰে। (Aagriculture)

উল্লেখ্য যে, ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়া জিলা কৃষি বিভাগৰ অধীনত প্ৰায় ৫৫,৭৯৫ গৰাকী যোগ্য হিতাধীকাৰীৰ একাউণ্টলৈ এই লাইভ ৱেবকাষ্ট অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডি বি টি মাধ্যমৰ যোগেদি ১৮ নং কিস্তিৰ অনুদান হস্তান্তৰ কৰে। সেই উপলক্ষে তিনিচুকীয়া জিলা কৃষি বিভাগৰ উদ্যোগত শনিবাৰে দিনৰ ১১:৩০ বজাৰ পৰা তিনিচুকীয়া জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্রীয়ভাৱে এখন সভা তথা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয়।( Farmers)

জিলা কৃষি বিষয়া দীপক মেনাৰ সঞ্চালনাত কৃষি বিজ্ঞান কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত উক্ত অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক ৰজিত দত্ত, কৃষি উন্নয়ন বিষয়া মেঘ্না শইকীয়া, মেডিয়া বিশেষজ্ঞ প্ৰেমানন্দ দাস, সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলৰ লগতে শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানৰ অংশ স্বৰূপে কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে প্ৰতিটো কৃষি উন্নয়ন চক্ৰ সামৰি ব্লক পৰ্যায়ত একোখনকৈ, গাঁও ন’ডেল বিষয়াসকলৰ সহযোগত বিভিন্ন গাঁও পঞ্চায়ত, নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰসমূহত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অষ্টাদশ কিস্তি মুকলি অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে মহকুমা কৃষি বিষয়া, সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া, কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ সহায়কসকল।

Raha: ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন বিত্ত মন্ত্ৰী অজন্তা নেওগে( Minister Ajanta Neog)

Finance Minister Ajanta Neog inaugurates the office of the district collector in Raha
Raha: ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন বিত্ত মন্ত্ৰী অজন্তা নেওগে( Ajanta Neog)

দৈনন্দিন বাৰ্তাৰ সেৱা, ৰহা ৫ অক্টোবৰ: (Himanta Biswa Sarma)”মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজনৈতিক আদৰ্শ ব্যক্তি। অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ বাবে খিলঞ্জীয়া জাতি-জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দি উন্নয়নৰ শিখৰত আৰোহন কৰা যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতি আজি আখৰে আখৰে পালন কৰিছে আৰু এইজনে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা!”-এইদৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলালে ৰহাৰ স্থানীয় বিধায়ক শশীকান্ত দাসে (Sashikanta Das) ।

ৰাজ্য চৰকাৰে ঘোষণা কৰা ৰাজ্যৰ ৭৮খন সমজিলাৰ ভিতৰত আজি ৰহাত সমজিলা আয়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি বিধায়ক শশীকান্ত দাসে আৰু লগতে কয় যে, বৃহত্তৰ ৰহাক মহকুমাৰৰ মৰ্যদা প্ৰদানৰ বাবে ৰহাবাসী ৰাইজে বহু সময়ত প্ৰতিবাদী কাৰ্যসূচী ,আন্দোলন আদিও কৰিব লগা হৈছিল। মহকুমাৰ দাবীৰে গণ আন্দোলনৰ নেতৃত্ব বহন কৰা হিৰণ্য নাৰায়ন বৰা, ভগৱান গোস্বামী আদি ৰহাৰ বহুকেইজন জেষ্ঠ সংগঠক, সমাজকৰ্মীয়ে ইতিমধ্যে ইহ সংসাৰৰ পৰা মেলানি মাগিছে। কিন্তু ৰহা ৰাইজৰ এই দাবীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি আন্তৰিকতাৰে গ্ৰহণ কৰি মহকুমাতকৈ উচ্চ তথা জিলাৰ সম পৰ্যায়ৰ মৰ্যদা প্ৰদান কৰি ৰহা বাসীক গৌৰবান্বিত কৰিলে আৰু ৰহাবাসীৰ সপোন পূৰণ কৰা বাবে মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা কৰিলে বিধায়ক শশীকান্ত দাসে।

তদুপৰি বিধায়ক শশীকান্ত দাসে মুখ্যমন্ত্ৰীয়ে ৰহা সমষ্টিক অসমৰ অন্যতম লেখত লবলগীয়া সমষ্টি হিচাপে গঢ়ি তুলিবলৈ মধ্য অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী তিৱা জাতিৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰ ৰজা জোঙালবলহুৰ প্ৰতি সন্মান জনাই পৰিত্যক্ত জোঙালবলহু গড়লৈ ৫০ কৌটি টকাৰ আবন্টনেৰে পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তুলিছে বুলি মন্তব্য কৰি শেহতীয়াকৈ ৭ কোটি টকাৰ ব্যয়ৰে পথ নিৰ্মাণ; ৭ কোটি টকাকৈ তিনিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে স্থাপন, তিনিটা নতুন স্বাস্থ্যকেন্দ্ৰ নিৰ্মান কৰা লগতে ৰহা সমষ্টি উন্নয়নৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে। অন্যহাতে ৰহাক সমজিলা ঘোষণা কৰা ক্ষেত্ৰত মন্ত্ৰী পিযুষ হাজৰিকাকো আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰি চৰকাৰে সমজিলা কাৰ্যালয় নিৰ্মাণৰ বাবে ৪০ কোটি টকা আবন্টন দিয়া বুলিও মন্তব্য কৰে।

সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে( Minister Ajanta Neog) ৰহাৰ লগতে ৰাজ্যৰ ৭৮ খন স্থানক সমজিলাৰ মৰ্যদা প্ৰদান কৰাত প্ৰশংসাত পঞ্চমুখ হৈ পৰে। মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ সপোন ৰাইজৰ সমন্বিত সপোন বুলি উল্লেখ কৰি অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে বুলি কয়। তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এজন সুদক্ষ মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰি বিগত তেখেতৰ বাবে ৮ বছৰৰ পূৰ্বে অসমৰ ৪০ হাজাৰ কোটি টকা বাজেটৰ পৰা বৰ্তমান সময়ত ১লাখ ৫০ হাজাৰ কোটি টকালৈ বাজেট বৃদ্ধিৰ সম্ভৱ হৈছে বুলি কয়।

ৰহাক সমজিলা হিচাপে ঘোষণা কৰাত সন্তুষ প্ৰকাশ কৰি প্ৰশাসনিক কাম-কাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰি প্ৰতিটো সমষ্টিতে ৰাইজে বিচৰা ধৰণে সুবিধা লাভ কৰিব বুলি উল্লেখ কৰি বিধায়ক, সাংসদ পূঁজি,পঞ্চায়তআৰু গ্ৰামোন্নয়ন, পৰিকল্পনা, খাদ্য আৰু অসামৰিক যোগান বিভাগ, আবকাৰী বিভাগৰ লগতে সকলো বিভাগৰ চোৱাচিতাৰ দায়িত্ব আৰু প্ৰশাসনিক ভাৱে দণ্ডাধীশৰ সকলো ক্ষমতা থাকিব বুলি মন্তব্য কৰে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি প্ৰদান কৰা কাৰ্য অসমীয়া জাতিৰ বাবে সুকীয়া মৰ্যদা বুলিও মন্তব্য কৰি অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে মাথোঁ ৰাইজৰ সহায়ৰ প্ৰয়োজন বুলি কয়। উল্লেখ্য যে, নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত ৰহা সমজিলা আয়ুক্তৰ কাৰ্যালয় শুভ উদ্বোধন কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে। যুৱ সমাজকৰ্মী মনজ্যোতি বৰাই আঁতধৰা উক্ত উদ্বোধনী সভাত ৰহাৰ সকলো দল-সংগঠনৰ লগতে মঞ্চত আসন গ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগ, বিধায়ক শশীকান্ত দাস, প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহ, ৰহা সমজিলা আয়ুক্ত ফিলিছ ৰাংচাল, ৰহা পৌৰপতি বন্তি হাজৰিকা, সমাজকৰ্মী অভিজিত নাথ, সুবৰ্ণ সিঙ, নৱজ্যোতি বৰা আদি বিশিষ্ট ব্যক্তিয়ে।

Darrang: সামাজিক বান্ধোনৰ নামত লজ্জাজনক কাণ্ড, ছাগলীৰে ভোজ নিদিয়াৰ বাবে ৩ মাহে এঘৰীয়া

ছাগলীৰে ভোজ নিদিয়াৰ বাবে ৩ মাহে এঘৰীয়া পৰিয়ালটো
ছাগলীৰে ভোজ নিদিয়াৰ বাবে ৩ মাহে এঘৰীয়া পৰিয়ালটো

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং, ৫ অক্টোবৰ:(Social Bonding)সামাজিক বান্ধোনৰ নামত (Darrang) দৰঙত আকৌ পোহৰলৈ আহিছে এক আজৱ কাণ্ড। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ এক পৰিয়ালক গাওঁ খনৰে একাংশ বৰমুৰীয়াই সামাজিক ভাৱে এঘৰীয়া কৰাই নহয়, ৫০ হাজাৰ টকা জৰিমনা আৰু ছাগলীৰে ভোজ-ভাত নিদিলে চিৰদিন গাওঁ খনত থাকিব লাগিব এঘৰীয়া হৈ। এই সিদ্ধান্তত অটল ৰামৰাইপাৰাবাসীয়ৈ বিগত তিনিমাহে গাঁওৰ পৰা এঘৰীয়া কৰি ৰাখিছে নবকান্ত বৰুৱাৰ পৰিয়ালটোক।

ৰাইজৰ অভিযোগ, নৱকান্ত বৰুৱাৰ একমাত্ৰ জীয়ৰী পিপৰাকুচিৰ ইছলাম ধৰ্মী যুৱকলৈ পলাই যোৱাৰ বাবেই গাঁওবাসীয়ে এঘৰীয়া কৰিছে পৰিয়ালটোক। ইছলামধৰ্মী যুৱকলৈ পলাই যোৱাৰ পাছত বৰুৱাৰ পৰিয়ালটোৰ কাষলৈ খেলৰ কোনো গ’লেই দিব লাগে ১ হাজাৰ টকাৰ জৰিমনা। ৰামৰাই পাৰা গাঁৱৰ ৰাইজে সমাজত জুই পানী নিষেধ কৰিছে পৰিয়ালটিক।উল্লেখ্য যে গাওঁখনৰ নৱকান্ত বৰুৱাৰ একমাত্ৰ ছোৱালীজনী যোৱা জুন মাহতে ইছলাম ধৰ্মৰ লোকলৈ পলাই গৈছিল। যুৱতী গৰাকী পলাই যোৱাৰ খবৰ পাই সমাজৰলোকে ধৰ্ম ভিন্ন, সংস্কৃতি ভিন্ন, আচাৰ বিচাৰ ভিন্ন লোকলৈ কিয় যুৱতীজনী যাব, সেইলৈ ৰাইজ ক্ষোভিত হৈ পৰে।

ৰাইজে লাভ জেহাদৰ আখ্যা নিদিলে যদিও বিচাৰ পাতি পৰিয়ালটোৰ ওপৰত জৰিমনা হিচাবে ৫০ হাজাৰ টকা আৰু ছাগলীৰে এটি ভোজ-ভাত খুৱাই পৰাচিত হবলৈ নিৰ্দেশ দিয়ে। কিন্তু দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱা দৰিদ্ৰ পৰিয়ালটিয়ে উক্ত নিৰ্দেশ মানিব নোৱাৰাৰ বাবে বিগত তিনি মাহে সমাজৰ পৰা বৰ্জিত হৈ থাকিব লগা হৈছে। সমাজৰ পৰা বৰ্জন কৰাত কাৰো ঘৰত হাজিৰাও নোপোৱা হৈ এতিয়া পানীত হাহ নচৰা অৱস্থা হৈছে পৰিয়ালটিৰ। আত্মীয় একাংশ লোকে গোপনে সহায় কৰি আছে যদিও কিমান দিন চলিব তেনেকৈ।

এতিয়া প্ৰশ্ন হয় এই দুৰ্ভগীয়া পৰিয়ালটোৰ জীয়ৰীয়ে লাভ জেহাদৰ বলি হোৱাৰ পূৰ্বেই এঘৰীয়া কৰাৰ বিষয়টো অৱগত নাছিল নে ? গাঁওখনৰ লোকসকলে এই পৰিয়ালটোক আহি সাহস দি এনে ঘটনা আগলৈ নকৰিবলৈ সজাগ কৰাৰ সলনি এঘৰীয়া কৰিলে কিয় ?

External Affairs Minister Jaishankar: এছ চি অ’ ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ যাব ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ

বিদেশ মন্ত্ৰী এছ জয়শংকৰ
বিদেশ মন্ত্ৰী এছ জয়শংকৰ

দৈনন্দিন বাৰ্তা, ৫ অক্টোবৰঃ বহু বছৰৰ অন্তত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ভ্ৰমণ কৰিব পাকিস্তান। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে পাকিস্তান ভ্ৰমণ কৰিব। শুকুৰবাৰে এই ঘোষণা কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে।(External Affairs Minister Jaishankar)

বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বিদেশ মন্ত্ৰী জয়শংকৰে ১৫ আৰু ১৬ অক্টোবৰত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ সন্মিলনৰ বাবে পাকিস্তানলৈ যাবলগীয়া এটা প্রতিনিধি দলৰ নেতৃত্ব দিব৷ অক্টোবৰৰ মাজভাগত পাকিস্তানে আয়োজন কৰিছে চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) চৰকাৰৰ মুৰব্বী পৰিষদৰ বৈঠক। জয়ছৱালে স্পষ্ট কৰি দিয়ে যে, এই মুহূৰ্তত মন্ত্ৰী জয়শংকৰে পাকিস্তান ভ্ৰমণৰ সময়ত হ’ব পৰা কোনো দ্বিপাক্ষিক আলোচনাৰ বিষয়ত কোনো কথা প্ৰকাশ কৰা নাই।(SCO Conference)

আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অংশ হিচাপে পাকিস্তানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছিল। কিন্তু মোদীৰ সলনি জয়শংকৰে পাকিস্তানলৈ যোৱাৰ সিদ্ধান্ত হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য এছ চি অ’ৰ বৈঠকত ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণৰ প্ৰয়োজন নাই আৰু বিগত সময়ত ভাৰতীয় মন্ত্ৰী প্ৰতিনিধি দলেই অংশগ্ৰহণ কৰি আহিছে।(pakistan)

“প্ৰধানমন্ত্ৰী মোদী আৰু আন সকলো সদস্য ৰাষ্ট্ৰলৈ আমন্ত্ৰণ প্ৰেৰণ কৰাটো যিকোনো আয়োজক দেশে মানি চলা এটা বাধ্যতামূলক প্ৰট’কল। পাকিস্তানেও সেয়া কৰিছে। মই এয়া ৰাজনৈতিক চমক বুলি নাভাবো। ।” ৰাজনৈতিক বিশ্লেষক কামৰাণ ইউছুফে কয়।(narendra modi)

উল্লেখ্য বিগত বছৰ পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টো জৰ্দাৰীয়ে এছ চি অ’ৰ বৈদেশিক মন্ত্ৰীৰ বৈঠকৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল।(Pakistan’s Foreign Minister Billal Bhutto Zardari)

চৰকাৰী পৰ্যায়ৰ মুৰব্বীসকলৰ এছ চি অ’ পৰিষদ হৈছে গ্ৰুপিঙৰ দ্বিতীয় সৰ্বোচ্চ সংস্থা। ২০১৭ চনৰ পৰা ভাৰতে বৈদেশিক দপ্তৰ বা প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ত প্ৰতিনিধিত্ব কৰি আহিছে।(Jaishankar To Attend SCO Summit In Pakistan)

২০২০ চনত যেতিয়া ভাৰতে ভাৰ্চুৱেলভাৱে এছ চি অ’ৰ বৈঠক আয়োজন কৰিছিল, তেতিয়া পাকিস্তানক প্ৰতিনিধিত্ব কৰিছিল পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা সংসদীয় সচিবে। এই এছ চি অ’ত ভাৰত, চীন, ৰাছিয়া, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তান অন্তৰ্ভুক্ত হৈ আছে। ই এক অৰ্থনৈতিক আৰু নিৰাপত্তা গোট , যিয়ে অন্যতম বৃহৎ আঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে।

Durga Puja Guidelines 2024: সমাগত দুৰ্গা পূজাঃ গুৱাহাটীত পূজা সমিতিলৈ আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেনা, কি আছে নিৰ্দেশনাত?

Durga Puja Guidelines 2024: আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেনা
Durga Puja Guidelines 2024: আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেনা

দৈনন্দিন বাৰ্তা, ৫ অক্টোবৰঃ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন পূজা সমতি। এনে সময়তে মহানগৰ তথা জিলা প্ৰশাসনে ইতিমধ্যে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। লগতে জাৰি কৰা হৈছে পূজাৰ বাবে বিশেষ এছ অ’ পি। গুৱাহাটী মহানগৰত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে।(Durga Puja Guidelines 2024)

গুৱাহাটীত দুৰ্গা পূজা উদযাপনৰ বাবে প্ৰশাসনৰ নিৰ্দেশনাসমূহ

কামৰূপ মহানগৰ আৰু মহানগৰ আৰক্ষীৰ অনুমতি লৈহে পূজা কমিটীসমূহে পূজা অনুষ্ঠিত কৰিব লাগিব । প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মতে, গুৱাহাটী মহানগৰীৰ বাট-পথ বন্ধ কৰি কোনো পূজা সমিতিয়ে দুৰ্গাপূজা উদযাপন কৰিব নোৱাৰিব । দুর্গা পূজা সমিতিয়ে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ ৫৫ ডেচিবেলতকৈ উচ্চস্বৰত আৰু নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ ৪৫ ডেচিবেলতকৈ উচ্চস্বৰত মাইক বজাব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে আৰক্ষী প্রশাসনে।(Durga Puja Guidelines for Guwahati City)

উল্লেখ্য, গুৱাহাটীৰ জিলা পুথিভঁৰালত বৃহস্পতিবাৰে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু মহানগৰীৰ দুৰ্গা পূজা সমিতিসমূহৰ মাজত এখন সভা অনুষ্ঠিত হৈছিল । সভাত পূজাৰ সময়ছোৱাত ভক্তপ্ৰাণ ৰাইজৰ নিৰাপত্তা আৰু যান-বাহন পার্কিঙকে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয় । লগতে বিভিন্ন বিষয়ত পূজা সমিতিসমূহক কেতবোৰ নীতি-নির্দেশনা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে।(Police Release Guidelines)

পূজা মণ্ডপ চাফ-চিকুণত গুৰুত্ব আৰু খোৱাপানীৰ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ লগতে কোনো ধৰণৰ কূটাঘাতমূলক ঘটনা যাতে সংঘটিত নহয়, তাৰ প্ৰতি সতর্কতা অৱলম্বন কৰিব লাগিব । কোনো পূজা সমিতিয়ে ৰাজপথ আবদ্ধ কৰি পূজা উদযাপন নোৱাৰিব। লগতে উচ্চস্বৰত মাইক বজাব আৰু পূজা মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত যান-বাহন পার্কিং কৰিব নোৱাৰিব ।

স্বেচ্ছাসেৱকৰ তালিকা দাখিল কৰা, আগতীয়াকৈ ওচৰৰ আৰক্ষী থানাত সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ বিশদ তালিকা প্ৰদান কৰা, ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুৰুষ আৰু মহিলাৰ বাবে পৃথক প্রৱেশ/প্রস্থান বেৰিকেড স্থাপন কৰা, পূজা মণ্ডপত চি চি কেমেৰা স্থাপন কৰা, বিদ্যুৎ কৰ্তন হ’লে লগে লগে জেনেৰেটৰৰ দ্বাৰা বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । আনহাতে, প্লাষ্টিক বৰ্জন কৰি কাগজৰ প্লেটত প্ৰসাদ বিতৰণকে ধৰি কোনো ধৰণৰ প্ৰদূষণযুক্ত সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পূজা সমিতিসমূহক আহ্বান জনাইছে অসম প্ৰদূষণ পৰিষদে।(APDCL)

তদুপৰি, স্বাস্থ্য বিভাগ, গুৱাহাটী পৌৰ নিগম, আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অগ্নি নির্বাপক বাহিনী, বিদ্যুৎ বিভাগকে ধৰি বিভিন্ন বিভাগৰ পৰাও দুৰ্গা পূজা সমিতিসমূহক বিভিন্ন নির্দেশনা দিয়া হয়। উল্লেখ্য যে এইবেলি গুৱাহাটীৰ ৮ টা ঘাটত দেৱী প্ৰতিমা বিসর্জন প্রক্রিয়া সম্পন্ন হ’ব। এই নিৰ্দেশাসমূহ সকলো পূজা সমতিয়ে বাধ্যতামূলকভাবে মানি চলিব লাগিব।(idol immersion will only be allowed eight ghats)

mount kailash: চীনলৈ যোৱাৰ প্ৰয়োজন নাই, ভাৰতৰ পৰাই ভগৱান শিৱৰ বাসস্থান মাউণ্ট কৈলাশ কৰিব পাৰিব দৰ্শন

mount kailash: শিৱৰ বাসস্থান মাউণ্ট কৈলাশ
mount kailash: শিৱৰ বাসস্থান মাউণ্ট কৈলাশ

দৈনন্দিন বাৰ্তা, ৫ অক্টোবৰঃ ভাৰতৰ পৰা ভগৱান শিৱৰ বাসস্থান মাউণ্ট কৈলাশৰ সুলভ দৰ্শন নিশ্চিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰাখণ্ড টুৰিজিমে। ভাৰতৰ ভিতৰত ধৰ্মীয় ভ্ৰমণ গ্ৰহণ কৰিবলৈ ভক্তসকলক সুবিধা প্ৰদান কৰি ‘ভাৰতীয় মাটিৰ পৰা মাউণ্ট কৈলাশ দৰ্শন’ তীৰ্থযাত্ৰা আৰম্ভ কৰিছে উত্তৰাখণ্ডই। ইয়াৰ অধীনত ৰাজ্যৰ পিথোৰাগড় জিলাৰ ওম পাৰ্ৱতৰ লগতে পুৰণি লিপুলেখ শৃংগৰ পৰা কৈলাশ পৰ্বতৰ সাক্ষী হ’ব পাৰে এতিয়া তীৰ্থযাত্ৰীসকলে।(mount kailash)

উত্তৰাখণ্ডৰ চৰকাৰৰ এগৰাকী বিষয়াৰ মতে, ২ অক্টোবৰৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰীৰ দলে যাত্ৰা আৰম্ভ কৰিছিল আৰু ৩ অক্টোবৰত ওম পৰ্বতৰ পুৰণি লিপুলেখ শৃংগৰ পৰা কৈলাশ পৰ্বতৰ সাক্ষী হৈছিল। ৪ অক্টোবৰত গুণজী পিথোৰাগড়ৰ পৰা আদি কৈলাশ ভ্ৰমণ কৰাৰ পূৰ্বে পিথোৰাগড়লৈ উভতি যায় তীৰ্থযাত্ৰীসকলে। পেকেজটোত পিথোৰাগড়ৰ পৰা গুঞ্জীলৈ আৰু উভতি অহাৰ হেলিকপ্টাৰ টিকট কেএমভিএনত থকাৰ ব্যৱস্থা বা হোমষ্টেৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছে।(you can visit Mount Kailash from India without going to China)

কেইমাহমানৰ আগতে উত্তৰাখণ্ড পৰ্যটন, বি আৰ অ’, আৰু আই টি বি পিৰ বিষয়াৰ এটা দলে কৈলাশ পৰ্বতৰ স্পষ্ট দৃশ্য উপলব্ধ কৰা এটা বিশেষ পইণ্ট আৱিষ্কাৰ কৰিছিল।(Uttarakhand)এই আৱিষ্কাৰৰ পিছত উত্তৰাখণ্ড পৰ্যটন বিভাগে এটা পেকেজ ট্যুৰ আৰম্ভ কৰাৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। য’ত মাউণ্ট কৈলাশ, আদি কৈলাশ, আৰু ওম পাৰ্বটৰ দৰ্শন অন্তৰ্ভুক্ত কৰা হয়, এই সকলোবোৰ ভাৰতীয় মাটিৰ পৰা এতিয়া সুন্দৰকৈ দেখা পোৱা গৈছে।(Do Lord Shiva’s Abode Mount Kailash Darshan From India)

পবিত্ৰ শাস্ত্ৰ মতে ভগৱান শিৱৰ পাঁচটা বাসস্থান আছে, ইয়াৰে তিনিটা – কিন্নৌৰ কৈলাশ, মণি মহেশ আৰু শ্ৰীখণ্ড মহাদেৱ হিমাচল প্ৰদেশত, আদি কৈলাশ উত্তৰাখণ্ডত আৰু কৈলাশ পৰ্বত চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলত অৱস্থিত।(Kailash Parvat)

উত্তৰাখণ্ড পৰ্যটন বিভাগে ভাৰতীয় ভূমিৰ পৰা মাউণ্ট কৈলাশ, আদি কৈলাশ আৰু ওম পাৰ্ৱটৰ দৰ্শনকে ধৰি প্ৰথমটো সফল ভ্ৰমণ পৰিচালনা কৰিবলৈ সক্ষম হৈছে। পুৰণি লিপুলেখ শৃংগৰ পৰা কৈলাশ পৰ্বতৰ দৰ্শন কৰা কৰিব পৰা হৈছে, য’ৰ পৰা তীৰ্থযাত্ৰীসকলে ভাৰতীয় মাটিৰ পৰা নিজৰ পূজনীয় দেৱতাক সেৱা জনাব পাৰিছে।(Uttarakhand Tourism Department)

Assamese Classical Language: অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি, সাহিত্য সভাৰ ৱাটছএপ গ্ৰুপত ইংৰাজী ভাষাৰ ব্যৱহাৰ আৰু ব্যক্তিগত অনুভৱ

ৱাটছএপ গ্ৰুপত ইংৰাজী ভাষাৰ ব্যৱহাৰ
ৱাটছএপ গ্ৰুপত ইংৰাজী ভাষাৰ ব্যৱহাৰ

দৈনন্দিন বাৰ্তা, বিশেষ লেখাঃ আজিকালি মোৰ বহুত সময়। কাৰণ, মোৰ মোবাইল নামৰ এটা আটকধুনীয়া যন্ত্ৰ আছে। যন্ত্ৰটোত সময়বোৰ পাৰ কৰিব পৰাকৈ সকলোখিনি সুবিধা আছে । যন্ত্ৰটোত ফেচবুক, ৱাটছএপ, ইউ টিউব, ইনষ্ট্ৰগ্ৰাম, টুইটাৰ আদি সামাজিক মাধ্যমৰ সকলোখিনি উৎস যোগাৰ কৰি থৈছোঁ। পলে পলে, মিনিটে মিনিটে মোৰ এই মোবাইলটোলৈ লুইতৰ বুকুৱেদি অহৰ্নিশে পানী বৈ অহাৰ দৰে অহৰহ কিবা কিবি জ্ঞান বাৰ্তা আহিয়েই থাকে। সেয়েহে আজিকালি মই বৰ জ্ঞানী হৈ পৰিছো। মোলৈ অহা জ্ঞানবোৰ লৈ মই যেনেকৈ জ্ঞানী হৈ গৈ আছোঁ, তেনেকৈ ময়ো মোলৈ অহা জ্ঞানবোৰ আনলৈ পঠাই আনকো জ্ঞানী কৰি আছোঁ।(Assamese Classical Language)

এই জ্ঞান প্ৰচাৰৰ বাবে মোৰ কেইবাটাও গ্ৰুপ আছে। গ্ৰপটোৰ বাকীবোৰে মোৰ বাৰ্তাবোৰৰ বাবে অপেক্ষা কৰি থাকে। তাতে আজিকালি টি আৰ পিৰ যুগ। কোনে কিমান আগতে বাৰ্তা এটা প্ৰেৰণ কৰিব পাৰে, তাৰ প্ৰতিযোগিতাত নমাৰ যুগ। তাৰ বাবেই আজিকালি কেৱল টেলিভিশ্যন চেনেল কেইটাই নহয়, ফেচবুক, ইউ টিউব, ৱাটছএপ সকলোৰে মাজত প্ৰতিযোগিতা। কভিড মহামাৰীৰ পিছৰ পৰা সামাজিক মাধ্যমত এই প্ৰতিযোগিতা ইমানেই বাঢ়িল যে এতিয়া মানুহবিলাক বহুত জ্ঞানী হৈ গল। কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ মই। ইমান জ্ঞান সাগৰৰ মোৰ প্ৰয়োজন আছেনে। পাৰিম জানো এই সকলো জ্ঞান ভাণ্ডাৰ এই মগজুত ভৰাই লবলৈ।(English language in Sahitya Sabha’s WhatsApp group)

ৱাটছএপ, ফেচবুক অহাৰ আগতে বাৰু মানুহবোৰ ইমান জ্ঞানী নাছিল নেকি। আজিৰ অহৰহ এই জ্ঞান সহজলভ্য হোৱাৰ ফলত ডেকা বুঢ়া, জ্ঞানী অজ্ঞানী, চোকা গাধাৰ মাজত প্ৰাৰ্থক্য নোহোৱা হৈ পৰিল যেন অনুভৱ হয়। আগতে কণিষ্ঠজনে নজনা কথা এটা জানিবৰ বাবে জ্যেষ্ঠজনৰ কাষ চপাৰ সলনি এতিয়া জ্যেষ্ঠজন কনিষ্ঠজনৰ কাষ চাপিব লগা হল। কনিষ্ঠ- জ্যেষ্ঠৰ মাজত সামাজিক প্ৰভেদ কমি এতিয়া এনেকুৱা হৈ পৰিল যে বহুক্ষেত্ৰত কনিষ্ঠজনে জ্যেষ্ঠজনক সন্মান কৰিব নজনা হল বা নিবিছৰা হল। কাৰণ আজি আপোনাৰ মোৰ হাতত যিটো মোবাইল আছে নৱ প্ৰজন্মৰ হাইস্কুল বা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ হাততো সেই মোবাইলেই আছে। আপুনি,মই সামাজিক মাধ্যমৰ জৰিয়তে যি চাই আছোঁ, সেই লৰা ছোৱালী কেইটাইয়ো তাকেই চাই আছে। সেয়া লাগিলে তেওঁ গাঁও, নগৰ বা মহানগৰ, যতেই নাথাকক কিয়। তাতে জ্যেষ্ঠজনে যদি কিবা অসামাজিক কাম কৰাৰ কিবা ভিডিঅ বা বাৰ্তা এটা ভাইৰেল হল, তেতিয়াতো কথাই নাই। যুৱ প্ৰজন্ম বা সেই হাইস্কুল, কলেজৰ লৰা ছোৱালী কেইটাই ভাবিয়েই লব যে আজিৰ জ্যেষ্ঠসকল এনেকুৱাই। সেয়েহে এতিয়া ক্ৰিকেট খেলৰ থাৰ্ড আম্পায়াৰৰ দৰে সামাজিক মাধ্যম বা আজিৰ লৰা ছোৱালীবোৰ একো একোজন ঠাৰ্ড আম্পায়াৰ হৈ পৰিল। তেঁওলোকৰ কেমেৰাত বন্দী এতিয়া সমাজৰ সকলো স্তৰৰ লোক।( whatsapp, facebook)

সেয়েহে এতিয়া সময় থাকিও সময়বোৰৰ বৰ অভাৱ আজিৰ এচাম লোকৰ। মোবাইল ব্যস্ত জীৱনত আজিকালি কাৰোবাক ফোন এটা কৰি খবৰ লবলৈ বা কাৰোবাৰ ঘৰত গৈ মাত এষাৰ দিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ। কাৰণ তেওঁলোকক অহৰহ আবৰি আছে এই ফেচবুক, ৱাটছৱাপ বাৰ্তাবোৰে। ইয়াৰ বাবেই বহু সময়ত সমাজৰ এচাম লোকৰ মাজত আজিকালি জ্ঞানৰ প্ৰতিযোগিতা বৃদ্ধি পোৱা দেখা গৈছে। তেওঁলোকৰ জ্ঞানৰ গভীৰতা ইমানেই বৃদ্ধি পাই যে তেওঁলোকে মোবাইলতে ব্যস্ত থাকি ভাল পায়। সামাজিক মাধ্যমত দেখি থকা কিছুমান বিষয়ে আজিৰ সমাজক সহজেই আকৃষ্ট কৰাৰ বাবে আজিৰ তাৰিখত সততে বহুতৰ চিন্তা ধাৰাৰ অবক্ষয় হোৱা দেখা যায়। মোবাইল আৰু সামাজিক মাধ্যমৰ বাবে আজিকালি কাৰোবালৈ বাৰ্তা বা শুভেচ্ছা প্ৰেৰণৰ বাবে ৱাটছৱাপ ব্যৱহাৰ কৰি দায়মুক্ত হব পৰা হল। সমাজ গাঁথনি সামাজিক মাধ্যমে সহজ আৰু অন্যহাতে বিধ্বস্ত কৰি পেলালে। বিহুৱে – পুজাইটো কথাই নাই। সামাজিক মাধ্যম যোগে কাৰোবালৈ পঠোৱাৰ পূৰ্বে ৰেডিমেদ বাৰ্তা এটা আহিয়ে যায়। তাকে কপি, পেষ্ট কৰিলেই হয়। শুভেচ্ছা হৈ যায়। জন্মদিন বা মৃত্যুৰ খবৰৰ বাবেও ৰেডিমেড বাৰ্তা আজিকালি সহজলভ্য। ইয়াতো কপি – পেষ্টৰ ব্যৱহাৰ। (social media)

দুদিন পূৰ্বে এজনলৈ পঠোৱা বাৰ্তাটো আছেই নহয়। তাকেই পঠাই দিলেই হয়। লাগিলে সেই অনুভবে কাৰোবাৰ হৃদয় স্পৰ্শ কৰকেই বা নকৰক। অন্যহাতে লাইক বোলা বস্তুটো যেন আজিকালি আঙুলিৰ খেলহে। বহুতো ক্ষেত্ৰত দেখা যায় যে আপোনাৰ লেখাটো পঢ়ক বা নপঢ়ক লাইকৰ জেগাত আঙুলিতো যাবই। সিদিনা এঠাইত বহি মানুহ এজনৰ হাতত থকা মোবাইলটো লক্ষ্য কৰি দেখিলোঁ মানুহজনৰ আঙুলিটো যন্ত্ৰৰ দৰে চলি গৈছে। ফেচবুকত এফালৰ পৰা লাইক মাৰি গৈছে। যেন বেংকৰ কেচিয়াৰজনে হাতত থকা টকাৰ বান্দিলৰ নোটবোৰ আঙুলিৰ টিপেৰে অহৰহ গণি গৈছে। ফেচবুকত লাইক্ মৰাজনৰ তাত কি আছে, কি নাই সেয়া চাবলৈ সময় নাই। লাগিলে সেই লাইকত কোনোবা স্বৰ্গগামীয়ে হওঁক বা আই চি ইউৰ বিছনাত মৃত্যুৰ ক্ষন গণি পৰি থকা বাৰ্তাই হওঁক। মুঠতে লাইক। নিজেই বহুক্ষেত্ৰত দেখি আহিছোঁ যে সামাজিক মাধ্যমত কিবা এটা লিখনি বা ভিদিঅ প্ৰেৰণ কৰাৰ লগে লগেই লাইক বা ‘ভাল লাগিল’ ধৰণৰ ৰেডিমেড মন্তব্য আহি যায়। অথচ তাত কি আছে, কি নাই, সেয়া সেইখিনি সময়ৰ ভিতৰত পঢ়া বা চোৱা সম্ভৱেই নহয়। এয়া আজিৰ সমাজৰ এক শ্ৰেণী লোকৰ মাজত সামাজিক মাধ্যমত সততে দৃশ্যমান একো একোখন প্ৰতিচ্ছবি।(mother tongue of assam)


সিদিনা একলেণ্ডলৈ গলোঁ। তাত দেখিলোঁ এগাল পুৰুষ মহিলাই এবুকো পানীত চুটি কাপোৰ পিন্ধি জলকেলি কৰি আছে। তাকে দেখি মোৰ ছোৱালী আৰু পৰিবাৰৰ প্ৰথমে লাজ লাগিছিল যদিও পিছলৈ সহজ হৈ পৰিল। চুইমিং পুলত বিকিনি পিন্ধা লৰা ছোৱালী কেইটা দেখি মনলৈ বেয়া ভাৱ নাহে যদিও সেই একেটা ড্ৰেছ ৰাজহুৱা স্থান বা বাট পথত পিন্ধিলে সেয়া অসভ্যালি হৈ পৰে। ঠিক সেইদৰে বিহুৱে সংক্ৰান্তীয়ে বা ধৰ্মীয় অনুষ্ঠান পৰ্বত অসমীয়া জাতীয় পোছাক যোৰ পিন্ধিলে যিটো শোভা বৰ্ধন কৰে, লং পেণ্ট চাৰ্ত বা জিনছ পিন্ধিলে তেনে নহয় । বহুক্ষেত্ৰত ব্যক্তিজন ককৰ্থনাৰ সন্মুখীন হব লগীয়া হয়। অৰ্থাৎ ঠাই বিশেষে ‘দেশ চাই বেশ’ কথাষাৰ প্ৰযোজ্য হয়। কিন্তু সামাজিক বা ডিজিটেল মাধ্যম ইয়াৰ পৰা পৃথক। ফেচবুক, ৱাটচ এপ আদিৰ জৰিয়তে যাৰ যি মন যায়, তাকেই প্ৰেৰণ বা আপলোড কৰিব পাৰে বা কৰা দেখা যায়। বাতৰি কাকত এখনত কিবা এটা প্ৰকাশ কৰাৰ পূৰ্বে সম্পাদক মণ্ডলীয়ে বিচাৰ বিবেচনা কৰাৰ সুবিধা থকাৰ বিপৰীতে সামাজিক মাধ্যমৰ বিভিন্ন উৎস সমূহত প্ৰত্যেকজন নেটিজনেই এজন এজন সাংবাদিক বা সম্পাদক হৈ পৰে। ইয়াৰ ফলত আজিৰ নেটিজেন সকল ইমান বেছি জ্ঞান গম্ভীৰ হৈ পৰিল যে প্ৰত্যেকেই আনৰ পৰা জ্ঞান লোৱাৰ পৰিবৰ্তে জ্ঞান দিব পৰাহে হল। আৰু জ্ঞান সাগৰৰ প্ৰতিযোগিতাত মানুহে প্ৰত্যেক বিষয়ত গুৰুত্ব প্ৰদান কৰি সকলোবোৰ বিষয়ত জঁপিয়াই পৰি সামাজিক মাধ্যমৰ মায়াত নিমগ্ন হৈ পৰিল। অৰ্থাৎ বহুসংখ্যক নেটিজেনে ( সকলো নহয়) কোন ঠাইত কি সাজ পিন্ধিব লাগে সেই কথাত গুৰুত্ব নিদিয়াৰ দৰে য’ত ত’ত, যি টি বাৰ্তা প্ৰেৰণ কৰা হল। ফলত খিছিৰি হৈ পৰিল সামাজিক মাধ্যম সমূহ। ইয়াৰ বিপৰীতে আজিকালি বহু ক্ষেত্ৰত নিজৰ সুবিধাৰ বাবে কিছুমান ৱাটছএপ গ্ৰুপ খুলি লোৱা দেখা যায়। সেই গ্ৰুপত সেই বিষয়ৰ বাৰ্তাহে প্ৰেৰণ কৰা হয়। যেনেদৰে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ গ্ৰুপত সেই শ্ৰেণীৰ কথা বা বিদ্যালয়ৰ অভিভাৱকৰ গ্ৰুপত বিদ্যালয়ত সম্মুখীন হোৱা যিকোনো বিষয় আদিৰ আলোচনা হয়। তেনেদৰে বন্ধুমহলৰ মাজত এনে কিছুমান গ্ৰুপ খোলা হয়, যত সকলো কথা বা বিষয় সামৰি লব পৰা যায়। কিন্তু অসম সাহিত্য সভাৰ দৰে এটা ৱাটছএপ গ্ৰুপত অসমীয়া সাহিত্যৰ পৰিবৰ্তে ইংৰাজী সাহিত্যৰ প্ৰয়োভৰ ঘটা উচিত নে ? বহু সময়ত কিন্তু ই এক বিচাৰ্যৰ বিষয় হৈ পৰে।


ৱাটছএপ বাৰ্তাবোৰ আন এজনলৈ প্ৰেৰণ কৰা সময়ত বহুতেই সাধাৰণতে ইংৰাজী ভাষা ব্যৱহাৰ কৰিহে ভাল পায়। কাৰণ ইংৰাজীত লিখা সহজ আৰু সহজেই বাৰ্তাটো সঠিকভাৱে প্ৰকাশ বা প্ৰেৰণ কৰিবলৈ সুবিধা হয় । বহুতেই পেছাদাৰী কামকাজ সমূহো ইংৰাজীতে কৰে। কাৰণ এই ক্ষেত্ৰত ইংৰাজী যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু মই যেতিয়া সাহিত্য চৰ্চা কৰোঁ সেই সময়ত অসমীয়া ভাষাহে ব্যৱহাৰ কৰোঁ। তাৰ বাবে মোৰ এটা বিশেষ গ্ৰুপ আছে। সেয়া হল সাহিত্য সভা গ্ৰুপ। মই এই বিশেষ গ্ৰুপটোত আনে লিখা বা আনে পঢ়ি ভাল পোৱা জ্ঞানবৰ্ধক লেখা বা সাহিত্য সমূহ পঢ়ি ভাল পোৱাৰ দৰে আনে গ্ৰুপলৈ প্ৰেৰণ কৰা লেখা সমূহ পঢ়ি সাহিত্যৰ তৃপ্তি লওঁ, কৃতাৰ্থ হওঁ আৰু সম্যক জ্ঞান অৰ্জন কৰো। বহুতে বাছনিত উঠা লেখা প্ৰেৰণ কৰাত নিজৰ কিছু কষ্ট লাঘৱ হয় আৰু সেয়েহে কপি পেষ্ট কৰা লেখা সমূহ আন্তৰিকতাৰে পঢ়োঁ আৰু প্ৰেৰণ কৰ্তাক ভিতৰি ভিতৰি ধন্যবাদ প্ৰদান কৰোঁ। কিন্তু এই গ্ৰুপত যেতিয়া ইংৰাজী বা অন্য ভাষাৰ কিছুমান সামঞ্জ্যন্স হীন বাৰ্তা দেখা পাওঁ, তেনেক্ষেত্ৰত গ্ৰুপটোৰ আকৰ্ষণ লাঘৱ হয়। কাৰণ সেই একেবোৰ বাৰ্তা আন গ্ৰুপ সমূহৰ যোগেদি লাভ কৰোঁ। গতিকে এই ক্ষেত্ৰত গ্ৰুপৰ সদস্য সকলে মনোযোগ দিয়া উচিত যে সাহিত্য চৰ্চা গ্ৰুপত তেনেধৰণৰ অপ্ৰাসংগিক বাৰ্তা প্ৰেৰণৰ প্ৰয়োজন আছে নে নাই।

অসমীয়া ভাষাত টাইপ কৰি লিখাত আৰম্ভনিতে কাৰিকৰীভাবে বহুতৰেই অসুবিধা হয় আৰু সেই বাবেই বহু সময়ত কিবা লিখাৰ হেঁপাহ থাকিলেও লিখা নহয়গৈ। অৱশ্যে ব্যৱহাৰ কৰি থাকিলে ঘহুতে ঘহুতে শিল ক্ষয় যোৱাৰ দৰে পিছলৈ সহজ হয়। এটা কথা ঠিক যে মই অসমীয়া লিখি হয়তু অসমীয়া ভাষাৰ উত্তৰণত কিছু এক ভূমিকা পালন কৰিব পাৰোঁ, কিয়নো অসমীয়া ভাষা বিশ্বৰ এমুঠি মানুহে ব্যৱহাৰ কৰে। কিন্তু ইংৰাজী ভাষাৰ সমৃদ্ধিৰ বাবে মই নহলেও ইংৰাজী ভাষাৰ বিশেষ ক্ষতি নহয়। আজিৰ তাৰিখত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাতো যিদৰে গৌৰবৰ কথা সেইদৰে ইয়াৰ প্ৰতিপালন কৰাটোও প্ৰত্যেকজন স্বভিমান সচেতন নাগৰিকৰ কৰ্তব্য। সেয়েহে বিশেষকৈ অসম সাহিত্য সভাৰ গ্ৰুপত অসমীয়া সাহিত্য চৰ্চাৰ উপৰত গুৰুত্ব প্ৰদান কৰাটো সকলোৰে বাবে সমানেই দায়বদ্ধ হৈ পৰিছে। জয়তু চিৰ চেনেহী মোৰ ভাষা জননী।(assamese Language typing)

লেখখঃ উৎপল শইকীয়া

katrina kaif have diabetes: মধুমেহ ৰোগৰ বলি অভিনেত্ৰী কেটৰিনা কাইফ!

katrina kaif have diabetes: অভিনেত্ৰী কেটৰিনা কাইফ
katrina kaif have diabetes: অভিনেত্ৰী কেটৰিনা কাইফ

আৰম্ভ হ’ল নৱৰাত্ৰি। আজি নৱৰাত্ৰিৰ তৃতীয় দিন। সকলো এতিয়া নৱৰাত্ৰি পূজাত ব্যস্ত, ব্যতিক্ৰম নহয় বলিউদৰ অভিনেত্ৰীসকলো। শুক্ৰবাৰে মুম্বাইৰ কলিনা বিমানবন্দৰত দেখা গৈছিল বলিউদৰ অভিনেত্ৰী কেটৰিনা কাইফক,পৰম্পৰাগত সাজ-পোছাকত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল কেটৰিনাই।(katrina kaif have diabetes)

এই ধুনীয়া সাজ-পোছাকত অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা কথা হ’ল অভিনেত্ৰীগৰাকীৰ হাতত আছিল এটা ক’লা দাগ। অনুৰাগীৰ মনত প্ৰশ্ন কেটৰিণাৰ হাতত এইটো কিহৰ ক’লা দাগ। আপুনিও জানিব বিচাৰে নেকি অভিনেত্ৰীগৰাকীৰ হাতত থকা ক’লা দাগটোৰ বিষয়ে।(bollywood actress katrina kaif)

আচলতে কেটৰিনা শুক্ৰবাৰে নৱৰাত্ৰিৰ এক বিশেষ অনুষ্ঠানলৈ গৈছিল। য’ত বলিউদৰ বহু অভিনেতা-অভিনেত্ৰী উপস্থিত আছিল। কেটৰিনাই পিন্ধিছিল ফেশ্বন ডিজাইনাৰ তৰুণ তাহিলিয়ানীয়ে ডিজাইন কৰা এখন সুন্দৰ শাৰী। অৱশ্যে তেওঁৰ ধুনীয়া চেহেৰাৰ লগতে তেওঁৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা আন এটা কথা হ’ল কেটৰিনাৰ হাতৰ ক’লা দাগটো।(netizens worried)

ছ’চিয়েল মিডিয়াত কেটৰিনাৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত অনুৰাগীৰ মাজত এই ক’লা পেচক লৈ আলোচনা আৰম্ভ হয়। বহুতে ভাবিছিল এই ক’লা পেচটো কি। আচলতে কেটৰিনাৰ হাতৰ এই ক’লা পেচটো সাধাৰণ পেচ নহয়। ই ডায়েবেটিছ পেচ, যাক ব্লাড চুগাৰ মনিটৰ পেচ বুলিও কোৱা হয়। এই পেচটো ডায়েবেটিছ ৰোগী আৰু তেজৰ চেনিৰ মাত্ৰা নিয়মিতভাৱে নিৰীক্ষণ কৰিবলগীয়া হোৱা লোকে ব্যৱহাৰ কৰে।(why katrina kaif wearing diabetes monitor patch)

ডায়েবেটিছ পেচে কেনেকৈ কাম কৰে-
ডায়েবেটিছ পেচ হৈছে ছালত ৰখা কন্টিনিউয়াছ গ্লুক’জ মনিটৰ (CGM) ডিভাইচৰ অংশ। এই ডিভাইচটোৱে দিনটো শৰীৰৰ ব্লাড চুগাৰৰ মাত্ৰা নিৰ্ণয় কৰে আৰু ইয়াৰ ফলাফল স্মাৰ্টফোন বা আন যিকোনো ডিভাইচলৈ প্ৰেৰণ কৰে। এই পেচটোৰ লগত এটা আঠা থাকে, যিটো ছালত লাগি থাকে আৰু ট্ৰেন্সমিটাৰে ইয়াৰ সৈতে সংযোগ কৰি ডাটা প্ৰেৰণ কৰে।

যিসকল লোক টাইপ-১ ডায়েবেটিছ বা টাইপ-২ ডায়েবেটিছত আক্ৰান্ত তেওঁলোকৰ বাবে ডায়েবেটিছ পেচ অতি সহায়ক। তেওঁলোকে নিজৰ ব্লাড চুগাৰৰ মাত্ৰা নিৰীক্ষণ কৰিব পাৰে।

কেটৰিনা কাইফে পৰম্পৰাগত সাজ-পোচাকত যথেষ্ট প্ৰশংসা লাভ কৰাৰ বিপৰীতে হাতৰ ডায়েবেটিছ পেচটোও আলোচনাৰ বিষয় হৈ পৰিছিল। অৱশ্যে অভিনেত্ৰীগৰাকীৰ ডায়েবেটিছ আছে নে নাই সেই বিষয়ে এতিয়াও কোনো তথ্য পোৱা হোৱা নাই। কিন্তু, এই বিষয়ত সামাজিক মাধ্যমত অনুৰাগীৰ মাজত আলোচনা হৈ আছে।(navaratri 2024)

লগতে পঢ়ক- Prastuti Porasor Abahan Theatre 2024-25: মই হেনো প্রেমতে পৰিছোঁ, “কলিজা নহয় মেডাম কলিজা”; মেডাম মেনকাৰ যাদু