Home Blog Page 512

Ex-ULFA Members Initiate Farming: বাঘেশ্বৰ চৰৰ বৃহৎ কৃষিভূমিত দৰঙৰ প্ৰাক্তন আলফা সদস্যৰ কৃষিকৰ্ম

Ex-ULFA Members Initiate Farming: বাঘেশ্বৰ চৰৰ বৃহৎ কৃষিভূমিত দৰঙৰ প্ৰাক্তন আলফা সদস্যৰ কৃষিকৰ্ম
Ex-ULFA Members Initiate Farming: বাঘেশ্বৰ চৰৰ বৃহৎ কৃষিভূমিত দৰঙৰ প্ৰাক্তন আলফা সদস্যৰ কৃষিকৰ্ম

দৰং, ৫ অক্টোবৰ: এসময়ত স্বাধীন অসমৰ সপোন দেখি হাতত বন্দুক লৈ ঘৰৰ পৰা ওলাই যোৱা দৰঙৰ প্ৰাক্তন আলফা সদস্যসকলে(Former ULFA members) এতিয়া হাতৰ বন্দুক এৰি তুলি ললে কোৰ, নাঙল আৰু ধৰিলে ট্ৰেক্টৰৰ ষ্টেয়াৰিঙত(Ex-ULFA Members Initiate Farming)৷ দৰং জিলা প্ৰশাসনে জিলা খনৰ প্ৰাক্তন আলফা সদস্য সকলক কৃষি কাৰ্য্য কৰিবৰ বাবে ছিপাঝাৰ কুৰুৱাৰ বাঘেশ্বৰ চৰত(Bageshwar Char, Kurua) প্ৰদান কৰিছিল প্ৰায় ২০০০ বিঘা কৃষি ভূমি ৷

শুক্ৰবাৰে জিলাখনৰ শতাধিক প্ৰাক্তন সদস্যই মাকৈ খেতি কৰাৰ উদ্দেশ্যৰে ট্ৰেক্টৰৰে হাল বোৱা কাম আৰম্ভ কৰে মাটি খিনিত৷ দৰং জিলাৰ প্ৰাক্তন আলফাৰ সদস্য সকলে নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যৰে জিলা আয়ুক্তক পৰিতক্ত্য ভাবে পৰি থকা চৰকাৰী ভূমি বিচাৰি আৱেদন কৰিছিল ৷

দৰং জিলা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে জিলা আয়ুক্তক দিয়া আৱেদনৰ ভিত্তিত প্ৰশাসনে খেতি কৰিবৰ বাবে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিক(Darrang District Ex-ULFA Coordination Committee) কুৰুৱাৰ বাঘেশ্বৰ চৰত প্ৰায় ২০০০ বিঘা ভূমি প্ৰদান কৰিছিল ৷

শুক্ৰবাৰে কাৰ্য্যকৰী সভাপতি দুষ্মন্ত নাথ, সম্পাদক গজেন হাজৰিকা, মুখ্য সাংগঠনিক সম্পাদক অজয় ডেকা, সহকাৰী সম্পাদক জাকিৰ হুছেইন, বিত্তীয় সম্পাদক অচ্যুত বৈশ্য, কেন্দ্ৰীয় সম্পাদক ৰমেন ডেকা, সাংগঠনিক সম্পাদক ৰবিধৰ কলিতা, চাহাবুদ্দিন আহমেদৰ লগতে জিলাখনৰ প্ৰায় ১০০ গৰাকী সদস্য বাঘেশ্বৰ চৰত উপস্থিত হৈ ট্ৰেক্টৰ লগাই কৃষি কাৰ্যৰ শুভাৰম্ভনি কৰে ৷

Missile Strike on Israel: ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণক বৈধ ঘোষণা খোমেইনীৰ

Iranian Supreme Leader Khamenei Justifies Missile Strike on Israel
Missile Strike on Israel: ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণক বৈধ ঘোষণা খোমেইনীৰ

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৫ অক্টোবৰঃ ইৰাণ-ইজৰাইলৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ বিভীষিকা। ইতিমধ্যে ইজৰাইলত ইৰাণৰ আক্ৰমণত বহু লোকৰ মৃত্যু ঘটিছে। ইয়াৰ মাজতে ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে তেহৰাণৰ গ্ৰেণ্ড মোছাল্লা মছজিদত শুকুৰবাৰে ইজৰাইলে চলোৱা আক্ৰমণক গৰিহণা দি কয় ইজৰাইল ‘বেছি দিন নাথাকিব’। লাখ লাখ সমৰ্থকৰ আগত খোমেইনীয়ে বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জুম্মাৰ নামাজৰ নেতৃত্ব দিয়ে। ইৰাণে ইজৰাইলত ১৮০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত এয়াই তেওঁৰ প্ৰথম ৰাজহুৱা উপস্থিতি আছিল(Missile Strike on Israel)।

শুকুৰবাৰে গ্ৰেণ্ড মোছালা মছজিদত উপস্থিত থকা বিপুল জনসমাগমত পেলেষ্টাইন, হিজবুল্লাহ আৰু লেবাননৰ পতাকা উৰুৱাই থকা দেখা গৈছিল। কাষত বন্দুক লৈ ইৰাণৰ শীৰ্ষ নেতাগৰাকীয়ে(Iranian Supreme Leader Ayatollah Ali Khamenei) ঘোষণা কৰে যে হামাছ বা হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইল সফল নহ’ব।

অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে আমেৰিকাৰ সমৰ্থিত ইজৰাইলে শেহতীয়াকৈ সংঘটিত হোৱা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ কথা চিন্তা কৰিছে। শুকুৰবাৰে মছদিজত দিয়া ভাষণত খোমেইনীয়ে যোৱা সপ্তাহত বেইৰুটত ইজৰাইলৰ বিমান আক্ৰমণত নিহত ইৰাণ সমৰ্থিত লেবাননৰ গোট হিজবুল্লাহৰ প্ৰাক্তন নেতা হাছান নাছৰল্লাকো প্ৰশংসা কৰে।

খোমেইনীয়ে কয়, ‘ছৈয়দ হাছান নছৰল্লাহ হয়তো আৰু আমাৰ লগত নাথাকিব, কিন্তু তেওঁৰ আত্মা আৰু উত্তৰাধিকাৰে আমাক অনিৰ্দিষ্টকাললৈ অনুপ্ৰাণিত কৰি থাকিব। তেওঁ আছিল শত্ৰুৰ বিৰুদ্ধে প্ৰতিৰোধৰ এক বিশেষ প্ৰতীক। তেওঁ শ্বহীদ হোৱাটোৱে তেওঁৰ প্ৰভাৱ বৃদ্ধিহে কৰিব। আমাৰ অদম্য বিশ্বাসক শক্তিশালী কৰাৰ সমান্তৰালভাৱে আমি শত্ৰুৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগিব।’

পেলেষ্টাইনী হামাছ গোট(Palestinian militant group Hamas)ক সমৰ্থন কৰা ইৰাণৰ শীৰ্ষ নেতাগৰাকীয়ে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত কৰা আক্ৰমণক “শুদ্ধ পদক্ষেপ” (Justified action)আছিল বুলিও অভিহিত কৰে(Missile attack on Israel)। তেওঁ কয় যে কোনো আন্তঃৰাষ্ট্ৰীয় আইনে লেবানন আৰু পেলেষ্টাইনীক দখলৰ বিৰুদ্ধে নিজকে ৰক্ষা কৰাৰ বাবে বিৰোধিতা কৰিব নালাগে। ৪০ মিনিটৰ ভাষণত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি খোমেইনীয়ে এই আক্ৰমণক পেলেষ্টাইন জনতাৰ বৈধ কাৰ্য্য বুলি অভিহিত কৰে।

খোমেইনীৰ ভাষণৰ পূৰ্বে লেবাননৰ প্ৰয়াত হিজবুল্লাহ নেতা হাছান নছৰল্লাহক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ জ্যেষ্ঠ জেনেৰেলকে ধৰি ইৰাণৰ বহু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে। হিজবুল্লাহৰ মূল সমৰ্থক ইৰাণে এই গোটটোক অস্ত্ৰ-শস্ত্ৰ আৰু কোটি কোটি ডলাৰেৰে সহায় কৰি আহিছে।

ইৰাকৰ নেতাগৰাকীয়ে শেষবাৰৰ বাবে ২০২০ চনৰ জানুৱাৰী মাহত শুকুৰবাৰৰ নামাজৰ নেতৃত্ব দিছিল, ইৰাকৰ আমেৰিকান সেনাৰ ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত যিটো ৰিভল্যুচনেৰী গাৰ্ডছৰ শীৰ্ষ অধিনায়ক কাচেম ছলেমানীক হত্যা কৰাৰ প্ৰতিক্ৰিয়া আছিল। ইৰাণে ইজৰাইলৰ সৈতে দক্ষিণ আৰু উত্তৰ ফ্ৰণ্টত সংঘাতত লিপ্ত হামাছ আৰু হিজবুল্লাহ দুয়োটা দলকে সমৰ্থন অব্যাহত ৰাখিছে।

লগতে পঢ়ক: Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ’ বাইডেনৰ নিৰ্দেশ

Co-District status to Kaliabor : সমজিলাৰ তালিকাত সোমাল কলিয়াবৰ; এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী

Equal District status to Kaliabor Kaliabor upgraded from sub-division to Equal District status
Equal District status to Kaliabor : সমজিলাৰ তালিকাত সোমাল কলিয়াবৰ, এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল কলিয়াবৰবাসী

কলিয়াবৰ, ৫ অক্টোবৰ: এতিয়াৰ পৰা নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ নতুন পৰিচয় হ’ল কলিয়াবৰ সমজিলা(Co-District status to Kaliabor) । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কলিয়াবৰ সমজিলা উদ্ধোধন কৰা হয়। ৰাজ্য চৰকাৰে সমষ্টি ভিত্তিত প্ৰথম পৰ্যায়ত ঘোষণা কৰা ৩৯ খন সমজিলাৰ অন্যতম নগাঁৱৰ কলিয়াবৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়টো এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই(Assam Minister Keshab Mahanta)।

সভাত প্ৰদান কৰা ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই ১৯৮৭ চনত কলিয়াবৰ মহকুমা স্থাপনৰ পূৰ্বে সেই সময়ৰ ছাত্ৰ নেতা হিচাপে থকা কালত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ নেতৃত্বত কলিয়াবৰ মহকুমা গঠনৰ দাবীত কলিয়াবৰ বন্ধৰ আহ্বানত কথা সোঁৱৰণ কৰে(Kaliabor Journey from Sub-Division to Co-District) । তদুপৰি, তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু স্থানীয় বিধায়ক গুণীন হাজৰিকাৰ তৎপৰতাত কলিয়াবৰ মহকুমা গঠন যথেষ্ট খৰতকীয়াকৈ সম্পন্ন হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

আজিৰ এই সমজিলা উদ্ধোধনৰ ফলত বহু প্ৰশাসনিক সেৱা-সুবিধাসমূহ নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়লৈ নোযোৱাকৈয়ে কলিয়াবৰৰ নাগৰিকে লাভ কৰিব(Administrative recognition for Kaliabor)। ইয়াৰ ফলত প্ৰশাসনিক ব্যৱস্থাটো আৰু ৰাইজৰ কাষ চাপিব। নতুনকৈ সমজিলাৰ সেৱাসমূহ যাতে কলিয়াবৰীয়া ৰাইজে অতি সহজতে তৎকালীন ভাৱে পাই তাৰ বাবে কলিয়াবৰ নৱনিযুক্ত সমজিলা আয়ুক্ত লিছা তালুকদাৰসহ আন বিষয়া-কৰ্মচাৰীসকলক আহ্বান জনাই ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে।

সভাত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা(Former Minister Gunin Hazarika)ই কলিয়াবৰ মহকুমা গঠন কালৰ স্মৃতি সোঁৱৰি কয়, কলিয়াবৰ মহকুমা গঠনৰ ২৭ বছৰৰ পাছত এক প্ৰশাসনিক সংস্কাৰ হৈছে। তাৰ বাবে অসম চৰকাৰক ধন্যবাদ পাত্ৰ। এতিয়া সমজিলাৰ পৰা পূৰ্ণ পৰ্যায়ৰ জিলালৈ উন্নীত হ’ব লাগে। এই কাম তৎপৰতাৰে বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আগবঢ়াব বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰকাীয়ে আশাপ্ৰকাশ কৰে ।

নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কলিয়াবৰৰ ভৌগলিক, ঐতিহাসিক, প্ৰাকৃতিক আৰু সাংস্কৃতিক সমলসমূহৰ কথা উল্লেখ কৰি কয়, কলিয়াবৰ সকলো দিশতে পৰ্যাপ্ত সমলেৰে বিদ্যমান। আজিৰ এই নতুন প্ৰশাসনিক সংস্কাৰে কলিয়াবৰৰ গুণ-গৰিমা বৃদ্ধিৰ লগতে ৰাইজক উপকৃত কৰিব।

নগাঁও জিলা প্ৰশাসনে মাংগলিক কাৰ্যসূচীৰে আয়োজন কৰা কলিয়াবৰ সমজিলা উদ্বোধনৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ উপৰি অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, অগপ দলৰ নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্তৰ লগতে কলিয়াবৰৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলৰ লগতে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু কলিয়াবৰীয়া ৰাইজ উপস্থিত থাকে।

শুকুৰবাৰে আয়োজিত এই অনুষ্ঠানৰ প্ৰাৰম্ভতে সঙ্গীত সূৰ্য ড০ ভূপেন হাজৰিকাই কণ্ঠদান কৰা প্ৰয়াত কুসুম বৰাৰ ৰচিত, অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ যোগেন বৰদৈলৰ সুৰাৰোপিত “এইখন কলিয়াবৰ” শীৰ্ষক গীতটিত কণ্ঠদান কৰে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰীসকলে। লগতে স্থানীয় কলা-কুশলীয়ে প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই উদ্বোধনী অনুষ্ঠানটিত উপস্থিত সভাসদসকলক মুগ্ধ কৰে।

প্ৰসাশনিক নৱ সংযোজনক নতুনকৈ গতি দিবলৈ সমষ্টি ভিত্তিত গঠন কৰা এই সমজিলাৰ কাম কাজসমূহ এতিয়াৰে পৰা কলিয়াবৰৰ পূৰ্বৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ পৰা পৰিচালিত হ’ব । কলিয়াবৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঠন কৰা সমজিলাসমূহে নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ লগতে নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাসমূহ আগবঢ়াই যাব(Administrative Benefits and Services)।

উল্লেখযোগ্য যে, শেহতীয়াকৈ অসম চৰকাৰে প্ৰশাসনিক সংস্কাৰ সাধন কৰিবলৈ কেইবাটাও বৈশিষ্ট্যৰে ৰাজ্যৰ ৩৯ টা বিধানসভা সমষ্টিক প্ৰথম পৰ্যায়ৰ সমজিলা হিচাপে ঘোষণা কৰিছে। সমজিলা হৈছে, একোখন জিলাৰ ভিতৰতে থকা এটা ক্ষুদ্ৰ প্ৰশাসনিক গোট । ই নাগৰিকসকলক যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ এটা দৃঢ় প্ৰচেষ্টাৰ লগতে প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ দিশত এক উল্লেখনীয় পদক্ষেপ । তাৰোপৰি নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱা আগবঢ়াবৰ বাবে এক উৎকৃষ্ট পদক্ষেপ । সমজিলাত উপলব্ধ হ’বলগীয়া বিশেষ সেৱাসমূহৰ ভিতৰত ভূমি, ৰাজহ সম্পৰ্কীয় সেৱা, উন্নয়ন আৰু জনকল্যানমূলক আঁচনিৰ ৰূপায়ণ, প্ৰশাসনিক ক্ষমতা, দণ্ডাধিকাৰীয় ক্ষমতা, খাদ্য আৰু অসামৰিক যোগান, আবকাৰী ক্ষমতা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, দুৰ্যোগ ব্যৱস্থাপনা আদি উল্লেখযোগ্য।

Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক
Kamrup (M) Road Safety Committee: কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ, ৪ অক্টোবৰঃ (Office of the District Commissioner) কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয়(District Commissioner)। জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাস, কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি জিলা পথ সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্থ্য, আবকাৰী আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ।(Kamrup (M) Road Safety Committee)

বৈঠকৰ আৰম্ভণিতে বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। দুৰ্গোৎসৱৰ সময়চোৱাত কামৰূপ মহানগৰ জিলাখনৰ কোনো ঠাইতে যাতে যানজঁট সৃষ্টি নহয়, বৰঞ্চ প্ৰতিটো পথতে যাতে সকলো সময়তে সুৰক্ষিত যাতায়াত বজাই ৰাখিব পাৰি তাত অধিক গুৰুত্ব দিয়ে জিলা আয়ুক্ত গৰাকীয়ে ৷

পূজাৰ সময়চোৱাত কোনোৱে যাতে য’তে ত’তে অস্থায়ী দোকান, বজাৰ বহুৱাই বিশৃংখলতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে তেওঁ জিলাখনৰ পথ-সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি জিলাখনৰ বিভিন্ন এম্বুলেন্সসমূহ চিকিৎসালয়ত ৰোগী থোৱাৰ পিছত এডোখৰ নিদিষ্ট ঠাইত ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত গৰাকীয়ে গুৱাহাটী পৌৰনিগমক আহ্বান জনায়।

লগতে পঢ়ক:Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Mangaldoi: Mother Language Day:মঙলদৈত কেন্দ্ৰীয়ভাবে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পালন

Mangaldoi: Mother Language Day:মঙলদৈত কেন্দ্ৰীয়ভাবে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পালন

গুৱাহাটী, ৪ অক্টোবৰ -(Mother Language Day)অসমৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ ,কবি-সাহিত্যিক, গীতিকাৰ, ঔপন্যাসিক,অসম সাহিত্য সভাৰ বৰপেটা ৰোড অধিবেশনৰ সভাপতি , জবানবন্দীৰ দৰে কালজয়ী উপন্যাসৰ স্ৰষ্টা প্ৰখ্যাত কথা শিল্পী ইমৰাণ শ্বাহলৈ আগবঢ়োৱা হৈছে ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা -২০২৪ । সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, দৰং জিলা সমিতি আৰু ছহিদ মোজাম্মিল হক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত ৫ আৰু ৬ অক্টোবৰত মঙলদৈত উদযাপিত সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ মুকলি সভাত অসমীয়া সাহিত্যৰ ৯১ বৰ্ষীয় মহীৰূহ গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব বুলি মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেল যোগে ঘোষণা কৰে ।

উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞাই। জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, জিলা সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক চাহাবুদ্দিন আহমেদে আঁত ধৰা সংবাদ মেলত মুখ্য উপদেষ্টা গৰাকীয়ে উল্লেখ কৰে যে ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথম গৰাকী বীৰ ছহিদ মোজাম্মিল হকে কৈশোৰ কালতে ভাষা জননীৰ হকে কলিজাৰ কেঁচা তেজ ঢালি আত্মবলিদান দিয়া ৬ অক্টোবৰৰ দিনটো পৰিষদে আন আন জাতীয় সংগঠনৰ সহযোগত ২০০৮ বৰ্ষৰ পৰা ‘অসম মাতৃভাষা দিৱস’ হিচাপে পালন কৰি আহিছে আৰু ২০২৩ বৰ্ষত ষষ্ঠদশ উদযাপনৰ লগত সংগতি ৰাখি জাতীয় বীৰ ছহিদ গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ অৰ্থে ৰাজ্যিক ভিত্তিত প্ৰৱৰ্তন কৰে ‘ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা’ আৰু উক্ত বৰ্ষত প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হয় অসমৰ সাৰস্বত সমাজৰ উজ্জ্বল নক্ষত্ৰ, ‘অসমীয়া মানুহৰ ইতিহাস’, ‘মিতভাষ’ ৰ দৰে অমূল্য গ্ৰন্থৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমীয়া সাহিত্যৰ জীৱন্ত কিংবদন্তি ডঃ নগেন শইকীয়াক।

এইবেলি ২০২৪ বৰ্ষৰ মাতৃভাষা বঁটাৰ বাবে মনোনীত হৈছে ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ ধাই আলিৰ বিখ্যাত নবাব পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ শ্বাহ, যিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘বনবাসী’ নামৰ কাব্য গ্ৰন্থ ৰচনা কৰি উজ্জ্বল প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিছিল।তাৰ পিছত ‘সংগীতৰ সিপাৰে’ নামৰ আন এখন গ্ৰন্থ লিখি তেওঁ কম বয়সতে বৌদ্ধিক মহল আৰু সমালোচক সকলৰ দৃষ্টি আকৰ্ষণ কৰি চমক সৃষ্টি কৰে।,পিয়ামুখচন্দা,পথিক, বন্দী বিহংগে কান্দে,অনমিতা,’তথাপি সাগৰ আদিকে ধৰি এখনৰ পিছত এখন গ্ৰন্থ ৰচনা কৰি ইমৰাণ শ্বাহে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে। শিৱসাগৰ কলেজত অধ্যয়নৰ পৰা -অধ্যাপনালৈকে ঈশান দত্ত ছদ্মনামেৰে অনেক গল্প, কবিতা ৰচনাৰে পাঠকৰ অন্তৰত সুকীয়া স্থান দখল কৰা ইমৰাণ শ্বাহে এতিয়ালৈকে দুই হাজাৰৰো অধিক গল্প ৰচনা কৰি নজিৰ সৃষ্টি কৰিছে। কবি, গীতিকাৰ, গল্পকাৰ হিচাপে খ্যাতি অৰ্জন কৰা অসমীয়া সাহিত্যৰ কাণ্ডাৰী শ্বাহৰ কাপৰ পৰা সৃষ্টি হোৱা জবানবন্দী নামৰ কালজয়ী উপন্যাসকে ধৰি এতিয়ালৈকে তেওঁ শতাধিক গ্ৰন্থই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

অসমীয়া ভাষা সাহিত্যলৈ যোগোৱা অনবদ্য বৰঙণিৰ বাবে কৃতজ্ঞ অসমীয়া জাতিয়ে তেওঁক অসম সাহিত্য সভাৰ সৰ্বোচ্চ আসন সভাপতি পদত অধিষ্ঠিত কৰিছে আৰু তেওঁ ২০১৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সভাৰ বৰপেটা ৰোড অধিবেশনত সভাপতিত্ব কৰিছে। সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত বিশিষ্ট সাহিত্যিক শ্বাহে ২০১০ বৰ্ষত অসম উপত্যকা সাহিত্য বঁটা,২০২১ বৰ্ষত বৰ অসম সমন্বয় বঁটা লাভ কৰা ইমৰাণ শ্বাহক কেন্দ্ৰীয় চৰকাৰে পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছে।এনে অনেক বঁটা বাহন আৰু সন্মান লাভ কৰা এগৰাকী প্ৰথিতযশা সাহিত্যিকক ছহিদ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটাৰ বাবে মনোনীত কৰিবলৈ পাই সদৌ অসম গৰিয়া -মৰিয়া- দেশী জাতীয় পৰিষদ ধন্য হোৱা বুলি উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ড০ চহিৰ ভূঞা, জিলা সভাপতি বাবুল মকছেদ আহমেদ, কাৰ্যকৰী সভাপতি আয়ুব আনছাৰী,সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মিছবাহুল হুদা, উপসভাপতি মইনুল হক শইকীয়া,চফিকুল ইছলাম, মঙলদৈ সদৰ সমিতিৰ সভাপতি তমজিদ আলি, সাধাৰণ সম্পাদক চাহিল ইৰফান প্ৰমুখ্যে সংবাদ মেলত উপস্থিত থকা বিষয়ববীয়া সকলে।

ইপিনে কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া সপ্তদশ মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি ৫ অক্টোবৰৰ পুৱা গছপুলি ৰোপণ কাৰ্যসূচী মুকলি কৰিব বিশিষ্ট প্ৰকৃতি প্ৰেমী আৰক্ষী বিষয়া মুকুট কাকতিয়ে।দিনৰ ১২.৩০ বজাত অনুষ্ঠিত হ’ব চিত্ৰাংকন প্ৰতিযোগিতা। ৬ অক্টোবৰৰ পুৱা ৮.৫৫ বজাত পতাকা উত্তোলন,৯.৩০ বজাত ছহিদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব ছহিদ ভাতৃ বদৰুল হকে। মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰিব দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।১২.৩০ বজাত অনুষ্ঠিতব্য সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰিব সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি চ’পিয়ৰ ৰহমানে। বিয়লি ১.০০ বজাত উদযাপন সমিতিৰ সভাপতি তথা ছিপাঝাৰৰ বিধায়ক,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিতব্য মুকলি আৰু বঁটা প্ৰদান অনুষ্ঠান উদ্বোধন কৰিব ডঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে। মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া আৰু পদ্মশ্ৰী ডঃ ইলিয়াছ আলি।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি নুৰুল হক।বিশিষ্ট অতিথি হিচাপে অধ্যাপক ইদ্ৰিছ আলি, বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসকে ধৰি কেইবাগৰাকী গণ্য মান্য আমন্ত্ৰিত ব্যক্তি উপস্থিত থাকিব। সন্ধিয়া বন্তি প্ৰজ্বলনত ভাগ ল’ব জিলা খনৰ লগতে সদৰ মঙলদৈৰ বিশিষ্ট নাগৰিক সকলৰ উপৰি সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয় ববীয়াসকলৰ আৰু বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে। অনুষ্ঠানৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰিবলৈ উদ্যোক্তাসকলে সদৌটি ৰাইজকে অনুৰোধ জনাইছে।

AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ

AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ
AAP: ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ দাবী আপৰ

গুৱাহাটী, ৪ অক্টোবৰ – অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই।(AAP)

আজি গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত আপৰ নেত্ৰীগৰাকীয়ে মাথোঁ ভাষাটোৰ ধ্ৰুপদী স্বীকৃতি লাভতে সীমাৱদ্ধ নাথাকি অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো বৰ্তমান চৰকাৰক পদক্ষেপ ল’বলৈ দাবী জনায়। সংবাদমেলত অনুৰূপা ডেকাৰজাই কয়, ” আজি আমাৰ ভাষাটোৱে এক ঐতিহাসিক স্বীকৃতি লাভ কৰিলে। এতিয়াৰ পৰা দেশ-বিদেশত অসমীয়া ভাষাৰ চৰ্চা হ’ব। ভাষাবিদ, গৱেষক সকলে অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিব। এয়া নিশ্চিত ভাবে আশাৰ বতৰা।” আনহাতে, মাথোঁ এই স্বীকৃতি লাভৰ বাবে সন্তুষ্টি লাভ কৰিলেই নহ’ব, ভাষাটোক চিৰযুগমীয়া কৰিবৰ বাবে অসমৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহতো শীঘ্ৰেই অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰিবলৈ আপৰ নেত্ৰীগৰাকীয়ে দাবী জনায়। ৰাজ্য চৰকাৰে ইতিমধ্যে বন্ধ ঘোষণা কৰা অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহৰ বিষয়তো সৰৱ হয় আপৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকীয়ে। তেওঁ কয়, ” দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰিছে। কিন্তু এই সময়তে আমাৰ চৰকাৰে ৰাজ্যখনত অসমীয়া ভাষা মাধ্যমৰ ১,৬৭০ খন বিদ্যালয় বন্ধ কৰিছে। কিছুদিন পূৰ্বেও চৰকাৰে বিভিন্ন অজুহাতত অসমীয়া মাধ্যমৰ ২,২০০ বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰিছে। তদুপৰি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাথমিক স্তৰতো অংক আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত যোগান ধৰাৰ আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এনে সিদ্ধান্ত বৰ্জন কৰিব লাগিব।”(Aam Aadmi Party)


সংবাদমেলত আপৰ আন এগৰাকী নেতা নীলমণি শইকীয়াই মাজুলী – যোৰহাট সংযোগী দলঙৰ কামৰ পুনৰ নিবিদা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰে। ২০১৬ চনত আধাৰশিলা স্থাপন কৰা দলংখনৰ কাম আৰম্ভ কৰা হৈছিল ২০২১ চনত। কিন্তু কাম আৰম্ভ কৰাৰ মাজতে কিছুদিন পূৰ্বে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে হঠাতে কাম বন্ধ কৰে। নিৰ্মাণৰ সামগ্ৰীও প্ৰকল্পস্থলীৰ পৰা স্থানান্তৰ কৰা হয়। বিগত এমাহৰ বেছি দিন ধৰি কাম বন্ধ হৈ থকাৰ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আপৰ নেতাগৰাকীয়ে । আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঠিকাৰ বাবে পুনৰ নিবিদা আহ্বানৰ সম্ভাৱনা ব্যক্ত কৰা সন্দৰ্ভত নীলমণি শইকীয়াৰ প্ৰশ্ন – ” এটা ঠিকাদাৰী গোটে নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পাছত পুনৰ একেটা কামৰ বাবে নিবিদা বিচৰা সম্ভৱ নে? মাজুলী- যোৰহাট সংযোগী দলংখনক লৈ মাজুলী বাসীয়ে ৰাজনীতি হোৱাটো নিবিচাৰে। দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ স্বাৰ্থত সকলো ধৰণৰ বাধা বিঘিনি আঁতৰাই অবিলম্বে নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰা উচিত।” সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে।

BTC: কাজলগাঁৱত ১,৮৮৬ গৰাকী হিতাধিকাৰীক ভূমি পাট্টা বিতৰণ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ

BTC: বিটিচি
BTC: বিটিচি

কাজলগাঁও, ৪ ছেপ্টেম্বৰ ২০২৪: কাজলগাঁৱত প্ৰধান প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত ভূমি প্ৰমাণপত্ৰ নিষ্পত্তি অনুষ্ঠানত আনুষ্ঠানিকভাৱে চিৰাং জিলাৰ বিজনী, চিদলী আৰু বেংতল ৰাজহ চক্ৰৰ ১,৮৮৬ গৰাকী যোগ্য হিতাধিকাৰীক ভূমি পাট্টা প্ৰদান কৰা হয়।(BTC)

অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ভূমিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ অবিহনে জীৱনত নিজৰ অৰ্থ হেৰুৱাই পেলায়। ভূমিয়ে অগণন ব্যক্তি আৰু পৰিয়ালক আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰে। লগতে ভূমিয়ে তেওঁলোকৰ জীৱিকা আৰু ভৱিষ্যতৰ ভেটি হিচাপে কাম কৰে। তেওঁ ভূমি সংস্কাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰি কয় যে বিটিআৰ অঞ্চলত ইতিমধ্যে ১,৪০,০০০ তকৈও অধিক বাসিন্দাই ভূমি পাট্টা লাভ কৰিছে। উল্লেখনীয় যে বিটিচি হৈছে ভূমি সম্পৰ্কীয় নথি ডিজিটেলাইজ কৰা ভাৰতবৰ্ষৰ প্ৰথমখন ষষ্ঠ অনুসূচীৰ অধীনস্থ পৰিষদ।(BTC Chief Pramod Boro)

ৰাজ্যসভাৰ সাংসদ ৰৗণগৗৰা নাৰ্জাৰীয়ে চৰকাৰে ভূমি সংস্কাৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে আৰু বহু নাগৰিকৰ ওপৰত পৰা ইয়াৰ ইতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে বিটিচি চৰকাৰে ভূমি পাট্টা বিতৰণৰ কাৰ্যকলাপ অব্যাহত ৰাখিব।

বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰয়েও ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। আনহাতে বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ভূমিহীন লোকসকলক আগবাঢ়ি আহি ভূমি পাট্টাৰ বাবে আবেদন কৰিবলৈ উৎসাহিত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভূমি পাট্টাৰ বাবে প্ৰদান কৰিবলগীয়া প্ৰিমিয়াম চৰকাৰে হ্ৰাস কৰিছে। যাৰ ফলত বিটিআৰৰ জনসাধাৰণক যথেষ্ট সকাহ প্ৰদান কৰা হৈছে।(land pattas)

এই অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছদা, পাৰিষদ মাধৱ চন্দ্ৰ চেত্ৰী, বিটিচিৰ সচিব ধীৰাজ সাউদ কে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল অংশগ্ৰহণ কৰে আৰু বাসিন্দাসকলৰ বাবে ভূমিৰ উপলব্ধতা আৰু নিৰাপত্তাৰ বাবে চলি থকা প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন নিশ্চিত কৰে।

sore throat: পূজাৰ বতৰত বাচি খাব! নহ’লে হ’ব ডিঙিৰ বিষ, ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়

sore throat: ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়
sore throat: ডিঙিৰ বিষ নিৰাময়ৰ বাবে ৫টা ঘৰুৱা উপায়

ডিঙিৰ বিষৰ অনুভৱ কেনে হয় জানেনে? কিবা খোৱাৰ সময়ত ডিঙিত কাঁইটৰ দৰে বিন্ধে। গৰম পানী খালে আৰামদায়ক অনুভৱ হোৱা, কিন্তু একেবাৰে এই বিষৰ নিৰাময় নহয়। ডিঙিৰ বিষ ঠাণ্ডা আৰু গৰমৰ ফলত হয়।(sore throat)

এনে অৱস্থাত কি পিন্ধিব, কি খাব এই সমূহৰ বিষয়ে জানি ল’ব লাগিব। ঠাণ্ডা আৰু ডিঙিৰ বিষ নোহোৱা হৈ যাব। আনহাতে আপুনি নিমখীয়া গৰম পানীৰে গাৰ্গলিং কৰিব পাৰে। ইয়াৰউপৰিও যদি আপুনি কেইটামান ঘৰুৱা টিপছ মানি চলিব পাৰে-(Home remedies for sore throat)

১) ফিটকিৰি সৈতে গাৰ্গল কৰা:

এগিলাচ কুহুমীয়া পানীত আধা চামুচ ফিটকিৰি মিহলাই লওক। দিনটোত কমেও দুবাৰৰ পৰা তিনিবাৰকৈ পানীৰে গাৰ্গল কৰিব লাগে। ইয়াৰ দ্বাৰা প্ৰদাহজনিত সমস্যা আৰু বেক্টেৰিয়াৰ সংক্ৰমণ হ্ৰাস পাব।

২) হালধি গাখীৰ:

হালধিত কেইবাটাও এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণ থাকে। কুহুমীয়া গাখীৰত এচিকুট হালধি আৰু জালুকৰ গুড়ি মিহলাই লওক। ৰাতি শুৱাৰ পূৰ্বে এই পানীয় খালে বিষৰ পৰা সকাহ পাব।

৩) আদা, মৌ:

মৌত এন্টিবেক্টেৰিয়েল গুণ থাকে। আদা প্ৰদাহ নিবাৰণকাৰী হিচাপে ভাল। আদা কুটি মৌৰ লগত মিহলাই খাব পাৰে। আকৌ আদা চেপি তাৰ ৰস মৌৰ লগত মিহলাই খাব পাৰি।


৪) তুলসী চাহঃ

কেৰাহীত পানী গৰম কৰক। তাত এমুঠি তুলসীৰ পাত দি ভালদৰে উতলাই লওক। এইবাৰ ষ্ট্ৰেইনাৰৰ সহায়ত চেকি চাহৰ দৰে খাব পাৰে। সেই পানীয়ত অলপ মৌও মিহলাই ল’ব পাৰি।

৫) মছলাযুক্ত ঘিউঃ

সৰু পাত্ৰ এটাত ঘিউ অলপ গৰম কৰি লওক। তাত জালুক, দালচেনি আৰু আদাৰ ৰস দিব। ইচ্ছা কৰিলে অলপ মৌ দিব পাৰে। এই মিশ্ৰণটো ৰাতি শোৱাৰ পূৰ্বে খাব লাগে।

World Laughter Day 2024: খোলা হাঁহি স্বাস্থ্যৰ বাবে উপকাৰী

World Laughter Day 2024: খোলা হাঁহি
World Laughter Day 2024: খোলা হাঁহি

হাঁহি থাকক, সুখত থাকক। আজি বিশ্ব হাঁহি দিৱস।মুকলিকৈ হাঁহিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।(World Laughter Day 2024)বিশ্ব হাঁহি দিৱস প্ৰতি বছৰে অক্টোবৰ মাহৰ প্ৰথম শুক্ৰবাৰে পালন কৰা হয়।

আনন্দময় স্বভাৱ আৰু হাঁহিয়ে সৰলতাৰ ভাৱনাক উৎসাহিত কৰি আৰু ভাল কৰ্মৰ পৰিৱেশ স্থাপন কৰি দক্ষতা বৃদ্ধি কৰিব পাৰে।

মানসিক চাপ কমাই হাঁহিয়ে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাক সহায় কৰে। যাৰ ফলত আপোনাৰ ৰোগৰ প্ৰতি কম প্ৰৱণতা সৃষ্টি হয়। যেতিয়া আপুনি সুখক আকোৱালি ল’ব তেতিয়া আপুনি জীৱনৰ সমস্যাবোৰ চম্ভালি ল’ব পাৰিব।

হাঁহিলে ৰক্তচাপ কমে। প্ৰথম অৱস্থাত হাঁহিলে আপোনাৰ হৃদস্পন্দন আৰু উশাহ-নিশাহ বৃদ্ধি পায়, কিন্তু ইয়াৰ পিছত পেশীবোৰ শিথিল হৈ পৰে, যাৰ ফলত শেষত হৃদস্পন্দন আৰু ৰক্তচাপ দুয়োটা হ্ৰাস পায়।

হাঁহিয়ে এণ্ড’ৰ্ফিনৰ আগমনৰ সূচনা কৰে আৰু এড্ৰিনেলিন আৰু কৰ্টিছলৰ দৰে মানসিক চাপৰ হৰম’ন হ্ৰাস কৰে। ইয়াৰ উপৰিও বিষ কমাব পাৰে, কেলৰি কমাব পাৰে আৰু শৰীৰৰ অংগসমূহক উদ্দীপিত কৰাত সহায় কৰিব পাৰে।

হতাশা, মানসিক চাপ আৰু উদ্বেগৰ দৰে মানসিক স্বাস্থ্যজনিত সমস্যাৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে কাম কৰে হাঁহিয়ে। ই ইতিবাচক শাৰীৰিক আৰু আৱেগিক পৰিৱৰ্তন সাধন কৰে, সাধাৰণ সমৃদ্ধিৰ প্ৰসাৰ ঘটায়।

হাঁহিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আপোনাৰ মেজাজ ভাল কৰে। উদ্বেগ হ্ৰাস কৰে আৰু মানসিক চাপৰ নেতিবাচক পৰিণতিৰ পৰা আপোনাক ৰক্ষা কৰে। ভাল হাঁহি এটাই আপোনাৰ মন আৰু শৰীৰক একাকাৰ কৰি তোলাৰ এক দ্ৰুত আৰু ভৱিষ্যদ্বাণীযোগ্য উপায়।

হাঁহিয়ে আপোনাক সুখী কৰে, আশা দিয়ে, আনৰ সৈতে সংযোগ কৰে। ইয়াৰ উপৰিও ই ক্ষোভ এৰি দিয়াত সহায় কৰে আৰু ক্ষমাৰ প্ৰসাৰ ঘটায়।

ইয়াৰ নিৰাময় আৰু পুনৰুদ্ধাৰকাৰী শক্তিৰ সৈতে হাঁহিয়ে সমস্যা সমাধান, সম্পৰ্ক শক্তিশালী কৰা আৰু শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্য উভয়ৰে উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে কাম কৰে।

Toilet: বিপদত পৰিব! আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি?

Toilet: আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি
Toilet: আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি

আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি? কিয়নো এতিয়া আপুনি শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ দিব লাগিব। শুনি হয়তো আপোনাৰ আচৰিত যেন লাগিছে। কিন্তু, এই খবৰ সত্য। (Toilet)

এই খবৰ এখন পাহাৰীয়া ৰাজ্যৰ। ৰাজ্যখন হৈছে হিমাচল প্ৰদেশ। হিমাচল চৰকাৰৰ ঋণৰ দায়বদ্ধতা ২০২৩ চনত ৭৬,৬৫১ কোটিলৈ বৃদ্ধি পাইছে। হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰে নগৰ অঞ্চলত বসবাস কৰা লোকসকলৰ ঘৰত থকা শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিনামূলীয়া সামগ্ৰীকে ধৰি কল্যাণমূলক আঁচনিৰ বাবে ৰাজ্য চৰকাৰৰ আৰ্থিক দুৰ্দশা ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে এই কথা প্ৰকাশ কৰিছে(।Himachal Pradesh) 

খবৰ অনুসৰি সুখবিন্দৰ সিং সুখুৰ চৰকাৰে নলা-নৰ্দমা আৰু পানীৰ বিল বৃদ্ধিৰ নিৰ্দেশ দি এক অধিসূচনা জাৰি কৰি কয় যে চহৰ অঞ্চলত বসবাস কৰা লোকসকলে ঘৰৰ প্ৰতিখন শৌচাগাৰৰ আসনত ২৫ টকা মাচুল দিব লাগিব। এই অতিৰিক্ত কৰ নলা বিলৰ লগতে জল শক্তি বিভাগলৈ হস্তান্তৰ কৰা হ’ব।(Sukhvinder Singh Sukhu) 

চৰকাৰী অধিসূচনা অনুসৰি পানীৰ বিলৰ ৩০ শতাংশ নলা বিল নিৰ্ধাৰণ কৰা হ’ব। আনহাতে যিসকলে নিজাকৈ পানীৰ আহৰণ কৰে তেওঁলোকে চৰকাৰৰ নলা সংযোগ ব্যৱহাৰ কৰাৰ বাবে প্ৰতিখন শৌচাগাৰৰ আসনত ২৫ টকা মাহিলী মাচুল প্ৰযোজ্য হ’ব।(Himachal Government)

লগতে পঢ়কঃ Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা