Home Blog Page 513

Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা

Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা
Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা

দৈনন্দিন বাৰ্তা, বিশ্বনাথ চাৰিআলি ৪ অক্টোবৰ: বিহালী সমষ্টিত ৰঞ্জিত দত্তৰ উত্তৰধিকাৰী কোন হ’ব ৷ উল্লেখযোগ্য  শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে ৭১ নং বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত বিজয়ী হোৱাৰ পিছৰে পৰা উপ-নিৰ্বাচন আসন্ন হৈ পৰা বিহালী সমষ্টিত স্বাভাৱিকতে চৰ্চা চলিছে আগন্তুক সমষ্টিৰটোত উত্তৰধিকাৰী কোন হ’ব৷ (Himanta Biswa Sarma)

ইতিমধ্যে বিহালী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে শাসক বিৰোধী উভয়ে কুচকাৱাজ আৰম্ভ কৰিছে যদিও বৰ্তমান লৈকে নিৰ্বাচনৰ দিন ঘোষণা হোৱা৷ ইফালে নিৰ্বাচন দিন ঘোষণা হোৱা নাই যদিও বিজেপি কংগ্ৰেছ আদি ৰাজনীতি দল সংমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷ ইফালে উপ নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি৷ বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷(Minister Pijush Hazarika)

আনহাতে বুধবাৰৰ পৰা বিহালী সমষ্টিত বাহৰ পাতি আছে মন্ত্ৰী পীয়ূষ হাজৰিকা৷ আনহাতে এই উপ নিৰ্বাচনৰ বাবে বিজেপি দলে ১৭ টা গাওঁ পঞ্চায়ত ১৭ টা কাৰ্যালয় মুকলি কৰে বৃহস্পতিবাৰে৷ প্ৰথমে মন্ত্ৰী পীয়ূষ হাজৰিকা বিহালী উপ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰে বৰগাংত৷(Himanta Biswa Sarma will be the Chief Minister again)

ইয়াৰ পিছতে আন আন গাঁও পঞ্চায়ত সমূহতো উপ নিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰে বিধায়ক দিগন্ত কলিতা, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক ভূবন পেগু আৰু বিধায়ক উৎপল বৰাই ১৭ টাকৈ কাৰ্যালয় পৃথকে পৃথকে মুকলি কৰে৷ উল্লেখ্য, বুধবাৰে সন্ধিয়াৰে পৰা বিহালী সমষ্টিত বাহৰ পাতি থকা মন্ত্ৰী পীয়ূষ হাজৰিকাই সমষ্টিৰটোৰ  বিশিষ্ট ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ বিজেপিৰ বাবে আশীৰ্বাদ বিচাৰি মুঠ ৩০০গৰাকীৰ জ্যেষ্ঠ ব্যক্তি সমাজ সেৱক ঘৰত মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হৈ এই আশীৰ্বাদ বিচাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই৷

আনহাতে গৌৰৱ গগৈ ২০২৬ চনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব বুলি চলা চৰ্চাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে আকাশত চাং পতা কথা কোনোবাই ক’ব পাৰে ২৬তটো নহয়েই কেতিয়া হ’ব মই নাজানো ৷ কিন্তু আকৌ ২০২৬ চনত আমিয়েই চৰকাৰ গঠন কৰিম আৰু পুনৰ ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই৷(gaurav gogoi)

dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো!

dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো
dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো

বৰ্তমান সময়ত সকলোৱে বিচাৰে এটা দীঘলীয়া আৰু সুস্থ জীৱন। কিন্তু আপুনি জানেনে যে আপোনাৰ মগজুৰ কাৰ্য্যকলাপে আপোনাৰ দীঘলীয়া আৰু সুস্থ জীৱন দুয়োটাতে প্ৰভাৱ পেলাব পাৰে।(dementia)

শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে যদি আমি আমাৰ মগজুক অহৰহ সক্ৰিয় আৰু ব্যস্ত কৰি ৰাখোঁ তেন্তে আমি কেৱল বেছি দিন জীয়াই থকাই নহয়, ডিমেনচিয়াৰ দৰে গুৰুতৰ মানসিক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰোঁ।(mind busy)

বিশেষজ্ঞসকলৰ মতে আমাৰ মগজু যেতিয়া সক্ৰিয় হৈ থাকে তেতিয়া ই নতুন তথ্য উদ্ভাৱনৰ প্ৰক্ৰিয়াকৰণ কৰে। ই মগজুৰ কোষৰ মাজত নতুন সংযোগ সৃষ্টি কৰে, যাৰ ফলত মগজুৰ কাৰ্য্যক্ষমতা উন্নত হয়। মনটোক ব্যস্ত কৰি ৰাখিলে কৰ্মক্ষমতা বৃদ্ধি হোৱাই নহয়, বয়স বৃদ্ধিও লেহেমীয়া হয়।(longevity)

ডিমেনচিয়া হৈছে এক গুৰুতৰ মানসিক ৰোগ। য’ত ব্যক্তিৰ স্মৃতিশক্তি, চিন্তা ক্ষমতা আৰু দৈনন্দিন কাম-কাজ কমিবলৈ আৰম্ভ কৰে। অধ্যয়নত দেখা গৈছে যে গোটেই জীৱন নিজকে মানসিকভাৱে ব্যস্ত কৰি ৰখা লোকসকলে ডিমেনচিয়াৰ বলি হোৱাৰ পৰা হাত সাৰিব পাৰে। মগজুক সদায় সক্ৰিয় কৰি ৰাখিলে মগজুৰ গঠন আৰু কাৰ্য্য শক্তিশালী হয়, যাৰ ফলত ই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়।

মনটোক কেনেকৈ ব্যস্ত কৰি ৰাখিব-

নতুন ভাষা বা বাদ্যযন্ত্ৰ শিকিলে মনটো সক্ৰিয় হৈ থাকে।
নিয়মিতভাৱে অধ্যয়ন, লিখা আৰু মানসিক খেল খেলাটোৱে মগজুক শক্তিশালী কৰে।
বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে সামাজিক কাম-কাজত অংশগ্ৰহণ কৰাটো মগজুৰ বাবে উপকাৰী।

Smart Meter: তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদঃ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক

Smart Meter: তিতাবৰত শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক
Smart Meter: তিতাবৰত শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক

দৈনন্দিন বাৰ্তা, ৪ অক্টোবৰঃ ৰাজ্যজুৰি অৱ্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। বিদ্যুৎ মাচুলৰ বাবদ স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ তেজ শুহি খোৱা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই ৰাজ্যবাসীয়ে। বিশেষকৈ গ্ৰামাঞ্চলৰ উপভোক্তাসকলে স্মাৰ্ট মিটাৰৰ কেকোঁৰা চেঁপাত এতিয়া দিক্‌বিদিক হেৰুৱাই পেলাইছে। তাৰপাছতো ৰাজ্য চৰকাৰে স্মাৰ্ট মিটাৰ সন্দৰ্ভত কোনো স্পষ্ট নীতি গ্ৰহণ নকৰাত সম্প্ৰতি ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ব্যাপক প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত বহু সংখ্যক বিদ্যুৎ গ্ৰাহকে তিতাবৰৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। (Smart Meter)

যোৰহাট বৈদ্যুতিক সংমণ্ডলৰ অধীনস্থ সমগ্ৰ তিতাবৰ বিধান সভা সমষ্টিৰ বিভিন্ন চাহ বাগিচা আৰু গ্ৰামাঞ্চলসমূহত স্মাৰ্ট মিটাৰ সংস্থাপনৰ বিৰোধিতাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত হাতে হাতে স্মাৰ্ট মিটাৰ লৈ ওলাই অহা শতাধিক গ্ৰাহকে ‘জনসাধাৰণৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে, পুৰণি মিটাৰ ঘূৰাই দিয়ক, স্মাৰ্ট মিটাৰ ঘূৰাই ল’ব লাগিবই, ডকাইটৰূপী স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ’ আদি শ্ল’গানেৰে প্ৰতিবাদী সমদল কৰি তিতাবৰৰ ৰাজপথ উত্তাল কৰাৰ পাছত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তামোল-পাণ, অৰিহণাসহ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গতাই দিয়ে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু যোৰহাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা প্ৰমোদ গগৈৰ নেতৃত্বত অগণন লোকে বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, তিতাবৰত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা গ্ৰাহকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ উঠাই পুৰণি মিটাৰ সংস্থাপনৰ বাবে যোৱা ৬ ছেপ্টেম্বৰত অন্তিম সময় বান্ধি দিয়াৰ দিন কেতিয়াবাই উকলি গ’ল যদিও বিদ্যুৎ বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাত খৰ্গহস্ত হৈ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গ্ৰাহকসকল ৰাজপথলৈ ওলাই আহি বিশাল প্ৰতিবাদী সমদল উলিয়াই তিতাবৰ বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি শ শ স্মাৰ্ট মিটাৰ ঘূৰাই দিয়াৰ লগতে পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ বিষয়ে জানিবলৈ দি প্ৰতিবাদকাৰীসকলে শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আন্দোলন আৰু অধিক তীব্ৰতৰ হ’ব বুলি শক্তি বিভাগৰ লগতে ৰাজ্য চৰকাৰক সকীয়াই দিয়ে।

Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই গুৱাহাটীত মুকলি কৰে সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা। স্বামী ৰামদেৱৰ উপস্থিতিত ৰিণিকি ভূঞা শৰ্মাই উদ্বোধন কৰে কেন্দ্ৰটো

Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই গুৱাহাটীত মুকলি কৰে সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা
Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই গুৱাহাটীত মুকলি কৰে সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা

গুৱাহাটী, ৪ অক্টোবৰ: পতঞ্জলি ৱেলনেছ কেন্দ্ৰ – উত্তৰ-পূব ভাৰতৰ প্ৰথম সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা উদ্যোগ, সামাজ সংস্কাৰক তথা সমগ্ৰ ভাৰতৰ সকলো মহিলাৰ বাবে এক অনুপ্ৰেৰক, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ চি এম ডি ৰিণিকি ভূঞা শৰ্মা, পৰম পূজ্য যোগ ঋষি স্বামী ৰামদেৱ জীৰ উপস্থিতিত উদ্বোধন কৰা হৈছিল।(Patanjali)

কেন্দ্ৰটোই উত্তৰ-পূব ভাৰতৰ মাজভাগত মা কামাখ্যাৰ পৱিত্ৰ ভূমিত অৱস্থিত তথা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত, গুৱাহাটীৰ মধ্যস্থলৰ এই অঞ্চলটোলৈ সামগ্ৰিক স্বাস্থ্যসেৱা অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিব। পৰম পূজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জী আৰু শ্ৰী শ্ৰী মাধৱ দেৱ জীৰ দৰ্শন- শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত এই পদক্ষেপে প্ৰাচীন পৰম্পৰাক আধুনিক সুস্থতা প্ৰথাৰ সৈতে একত্ৰিত কৰে।(Patanjali Wellness Centre)


পৰম পূজ্য যোগ ঋষি স্বামী ৰামদেৱ জী মহাৰাজ আৰু পৰম পূজ্য আয়ুৰ্বেদ শিৰোমণি আচাৰ্য বালকৃষ্ণ জী মহাৰাজৰ নিৰ্দেশনাত, পতঞ্জলি ৱেলনেছ গুৱাহাটীয়ে যোগ, আয়ুৰ্বেদ, পঞ্চকৰ্ম, শতকৰ্ম, লিচ থেৰপী, আকুপাংচাৰ আৰু প্ৰাকৃতিক ৰোগৰ চিকিৎসাকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়াব। কেন্দ্ৰটোৰ লক্ষ্য হৈছে স্বাস্থ্য আৰু সুস্থতাৰ বাবে এক বিস্তৃত তথা একত্ৰিত দৃষ্টিভংগী প্ৰদান কৰা।(Patanjali Wellness Centre Launches Holistic Healthcare Services in guwahati)


নতুনকৈ স্থাপিত কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি স্বামী ৰামদেৱ জীয়ে কেন্দ্ৰটোৰ সা সুবিধা তথা যাবতীয় সকলো বিষয়ে বিতং ভাৱে ব্যাখ্যা কৰাৰ লগতে পূজ্য সাধ্বী দেৱ স্বৰূপ জী, পূজ্য স্বামী জগৎ দেৱ জী আৰু পূজ্য স্বামী সমাগ্ৰদেৱ জীৰ পৰিচয় দিয়ে যাৰ নিৰ্দেশনাত এই কেন্দ্ৰটোৱে কাম কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু।(Riniki bhuyan sarma)


পতঞ্জলি যোগপীঠ ন্যাসেও শিক্ষা, জৈৱিক কৃষি, পৰিৱেশ সংৰক্ষণকে ধৰি সমগ্ৰ অসম তথা উত্তৰ-পূব অঞ্চলৰ বিভিন্ন পদক্ষেপৰ সৈতে জড়িত হৈ আছে। বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলত ভাৰতীয় শিক্ষা ব’ৰ্ডৰ অধীনৰ দুখন বিদ্যালয়—‘আচাৰ্য কুলাম চিৰাঙ’ৰ ৫০০ৰো অধিক শিশু আৰু কুমাৰীকাটাৰ ৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰি আছে। অৰুণাচল প্ৰদেশৰ চিজুছাতো চলি আছে অনুৰূপ পৰ্যায়ৰ এখন বিদ্যালয়। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে অনুমোদিত ভাৰতীয় শিক্ষা ব’ৰ্ডত প্ৰাচীন আৰু আধুনিক শৈক্ষিক পদ্ধতিসমূহক একত্রিকৰণ কৰা হৈছে।


ইয়াৰ উপৰিও কুমাৰীকাটা আৰু চিৰাঙত জৈৱিক কৃষি পাম, গৰু পালন, আৰু ঔষধি উদ্ভিদ খেতি প্ৰকল্প চলি আছে। কুমাৰীকাটাত ১৫০০ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয়ৰো নিৰ্মাণ কাৰ্য চলি আছে। পতঞ্জলি ৱেলনেছ কেন্দ্ৰৰ স্থাপনে কেৱল স্বাস্থ্যৰ উন্নতি কৰাই নহয়, স্থানীয় জাতি-জনগোষ্ঠীৰ বাবেও উল্লেখযোগ্য কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব বুলি কয় পূজ্য স্বামী ৰামদেৱ জীয়ে। তেখেতে কয় যে, আমি চিকিৎসক, থেৰাপিষ্ট, আৰু সহায়ক কৰ্মচাৰীৰ দৰে স্বাস্থ্যসেৱা সেৱাত চাকৰি আগবঢ়াই স্থানীয় প্ৰতিভাক প্ৰতিপালন কৰিবলৈ উৎসৰ্গিত।


পতঞ্জলি পৰিয়ালৰ সন্মানীয় সদস্য সকলৰ লগতে ডাঃ কৌশলেন্দ্ৰ দিবেদী (প্ৰাকৃতিক চিকিৎসা), বেদ. আদিত্য শৰ্মা( আয়ুৰ্বেদ) , ডাঃ মাধুৰী মহাজন (প্ৰাকৃতিক চিকিৎসা), ডাঃ দৰথী সিংহা ( ফিজিঅ’থেৰাপি), বেদ. সত্য প্ৰকাশ মিশ্ৰ (আয়ুৰ্বেদ)। ইয়াৰ সমন্বিতে পতঞ্জলি পৰিয়ালৰ সৈতে জড়িত শ্ৰীযুত বিবেক দগা জী আৰু শ্ৰী বিকাশ খণ্ডেলৱাল জীও উপস্থিত থাকে।

App-Based Scam Case: ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চনাৰে ৫০০ কোটি টকাৰ লুণ্ঠন; লুণ্ঠনৰ আঁৰত ইউটিউবাৰ,জনপ্ৰিয় অভিনেত্ৰী !

Delhi Police Summons Elvish Yadav and Bharti Singh in App-Based Scam Case
App-Based Scam Case:৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চনাৰে ৫০০ কোটি টকাৰ লুণ্ঠন; লুণ্ঠনৰ আঁৰত ইউটিউবাৰ,জনপ্ৰিয় অভিনেত্ৰী !

নতুন দিল্লী, ৩ অক্টোবৰ: ভূৱা বিত্তীয় মবাইল এপৰ দ্বাৰা বিনিয়োগকাৰীৰ পৰা প্ৰায় ৫০০ কোটি টকাৰ লুণ্ঠনৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইউটিউবাৰ এলভিছ যাদৱ(Delhi Police summoned Elvish Yadav) আৰু কৌতুকশিল্পী ভাৰতী সিঙকে(Comedian Bharti Singh summoned) ধৰি আন তিনিজন লোকলৈ দিল্লী আৰক্ষীয়ে চমন জাৰি কৰিছে(App-Based Scam Case)। দিল্লী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি, “HIBOX” নামৰ এটা ভুৱা ম’বাইল এপ্লিকেচনৰ জড়িয়তে গ্ৰাহকৰ পৰা প্ৰবঞ্চনাৰে বৃহৎ পৰিমানৰ ধন লুণ্ঠনৰ অভিযোগৰ সন্দৰ্ভত চমন জাৰি কৰা হৈছে(500 Crore Investment Fraud)। ইতিমধ্যে ৫০০ৰো অধিক লোকৰ পৰা আৰক্ষীয়ে অভিযোগ পাইছে, য’ত বহু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তিয়ে এই এপটোক প্ৰচাৰ কৰি লোকসকলক বিভিন্ন প্ৰলোভনেৰে বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছিল ।

এই কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ইউটিউবাৰ সৌৰভ যোশী, অভিষেক মালহান, পুৰৱ ঝা, এলভিছ যাদৱ, ভাৰতী সিং, হৰ্ষ লিম্বচিয়া, লক্ষ্য চৌধুৰী, আদৰ্শ সিং, অমিত আৰু দিলৰাজ সিঙ ৰাৱতৰ লগতে আন কেইবাজনকো জেৰাৰ বাবে চমন জাৰি কৰিছে ।

কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড শিৱৰামক গ্ৰেপ্তাৰ:

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বৃহৎ পৰিমানৰ এই বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত চেন্নাই নিবাসী শিৱৰাম (৩০)ক গ্ৰেপ্তাৰ কৰা হৈছে। IFSO ইউনিটে ইতিমধ্যে অভিযুক্তৰ চাৰিটা বেংক একাউণ্টত থকা ১৮ কোটি টকা জব্দ কৰিছে। এই ভুৱা এপ্লিকেচনটোৰ জড়িয়তে অভিযুক্তই বিনিয়োগকাৰীক গেৰাণ্টীৰে অধিক লাভৰ প্ৰলোভন দেখুৱাইছিল। বিগত ১৬ আগষ্টত আৰক্ষীয়ে IFSO (Intelligence Fusion and Strategic Operations)ত HIBOX নামৰ এপ্লিকেচনটোৰ বিৰুদ্ধে ২৯ গৰাকী ভোক্তভোগীৰ পৰা অভিযোগ পাইছিল।

৩০ হাজাৰৰো অধিক লোকৰ পৰা চলাইছিল লুণ্ঠন

দিল্লী আৰক্ষীৰ এগৰাকী ডিচিপিয়ে জানিবলৈ দিয়া অনুসৰি, এই এপ্লিকেচনৰ যোগেদি অভিযুক্তই প্ৰতিদিনে ১ ৰ পৰা ৫ শতাংশ আৰু মাহিলী ৩০ ৰ পৰা ৯০ শতাংশ লাভৰ গেৰাণ্টিৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত এই এপটো মুকলি কৰা হৈছিল আৰু ৩০ হাজাৰৰো অধিক লোকে তাত ধন বিনিয়োগ কৰিছিল। আৰম্ভণিৰ পাঁচ মাহৰ ভিতৰৰ সময়চোৱাত বিনিয়োগকাৰীয়ে ভালেই লাভ পাইছিল।

কিন্তু, জুলাই মাহৰ পৰা এই এপটোৱে বিভিন্ন প্ৰযুক্তিগত সমস্যা, আইনগত সমস্যা আৰু GST সম্পৰ্কীয় সমস্যাৰ বাহানাৰে পেমেণ্ট বন্ধ কৰি দিয়ে। অভিযোগকাৰীসকলে অভিযোগ কৰিছে যে, তেওঁলোকক বিনিয়োগৰ ওপৰত উচ্চ হাৰত লাভৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ২০ আগষ্টত দিল্লী আৰক্ষীৰ এটা বিশেষ চেলে ভাৰতীয় ন্যায়িক সংহিতাৰ বিভিন্ন ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ প্ৰাসংগিক বিধানৰ অধীনত গোচৰ পঞ্জীয়ন কৰে।

Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা

Assamese Classical Language assamese language get status of classical language of india
Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা

গুৱাহাটী, ৩ অক্টোবৰঃ দেশৰ সাংস্কৃতিকভাৱে উল্লেখযোগ্য ভাষাৰ তালিকাখন সম্প্ৰসাৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে(Union Minister Ashwini Vaishnaw) বৃহস্পতিবাৰে আৰু পাঁচটা ভাষাক “ধ্ৰুপদী” ভাষা হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে। পাঁচটা ভাষাক ধ্ৰুপদী ভাষা হিচাবে স্বীকৃতি দিয়াৰ প্ৰস্তাৱক ৩ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়(Assamese Classical Language)।

কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰি মন্ত্ৰী বৈষ্ণৱে কয় “প্ৰধানমন্ত্ৰী মোদীয়ে সদায় ভাৰতীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । আজি পাঁচটা ভাষা ক্ৰমে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষা হিচাপে অনুমোদন জনোৱা হৈছে’ (Classical Language of India)। এতিয়াৰ পৰা এই ভাষাকেইটাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা আন ছটা ভাষাৰ শাৰীত অন্তৰ্ভূক্ত হ’ব ।

পূৰ্বে চৰকাৰে তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালয়ালম, আৰু ওড়িয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছিল ।

কেন্দ্ৰৰ এনে সিদ্ধান্তৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Assam Chief Minister Himanta Biswa Sarma) অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে অন্তৰ্ভুক্ত কৰা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয় “অসমীয়া ভাষা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সমগ্ৰ কেন্দ্ৰীয় কেবিনেটলৈ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ’’।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও(Union Minister Sarbananda Sonowal) কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাই সংশ্লিষ্ট সলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

উল্লেখ্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ অক্টোবৰত কৈছিল যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিবলৈ ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে ‘নিয়মীয়া যোগাযোগ’ত আছে।

এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। ভাষাটোক এক অনন্য স্থানৰ যোগ্য বুলি উল্লেখ কৰি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল যে, প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) এই অনুৰোধ বিবেচনা কৰিব বুলি আশা প্ৰকাশ কৰিছো ।

Assamese Classical Language: অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ; কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ

অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ - কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ

গুৱাহাটী ,৩ অক্টোবৰ: অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal)। সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ! শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন(Assamese Classical Language)”।

ইয়াৰ পূৰ্বে ভাৰতত মুঠ ছয়টা ভাষাকহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল(Classical Language of India)। এই শাৰীত ধ্ৰুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হ’ল অসমীয়া ভাষা। এয়া সঁচাকৈয়ে এক আনন্দৰ বতৰা, এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত।

সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “চিৰ চেনেহী ভাষা জননীৰ এই মৰ্যাদাপ্ৰাপ্তিৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছোঁ।এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমবাসীৰ হৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইছেগতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট ডাঙৰীয়া আৰু মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াকো তেওঁলোকৰ সক্ৰিয় ভূমিকাৰ বাবে ধন্যবাদ জনাইছোঁ”।

তদুপৰি, ড° হিমন্ত বিশ্ব শৰ্মাৰ(Assam Chief Minister Himanta Biswa Sarma) নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাৰো শলাগ ললে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে উল্লেখ কৰিলে, “ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰৰ দৰে অতি পুৰণি আৰু মৌলিকতাৰে পূৰ্ণ তথা প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থাকিব লাগে। এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে। চৰকাৰে ধ্ৰুপদী ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সুৰক্ষা-সংৰক্ষণৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়। তদুপৰি গৱেষণাৰ বাবে পুঁজি যোগান, উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সংশ্লিষ্ট ভাষাৰ বাবে বিশেষ চকীৰ সূচনা, ধ্ৰুপদী ভাৰতীয় ভাষাৰ সাহিত্যিকৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা ইত্যাদি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ ফলত বিভিন্ন সংস্থাপনৰ পথো প্ৰশস্ত হ’ব। আইৰ মুখৰ ভাষা -অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ, সুৰক্ষাৰ বাবে আমি অনাগত দিনবোৰতো ন উদ্যমেৰে কাম কৰি যোৱাৰ সংকল্প লওঁ আহক।”

লগতে পঢ়ক: Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা

Durga Puja: কামৰূপ (ম)ত দুৰ্গা পূজা সন্দৰ্ভত পূজা কমিটিক এলানি নিৰ্দেশনা জিলা- আৰক্ষী প্ৰশাসনৰ

Durga Puja: কামৰূপ (ম)ত দুৰ্গা পূজা সন্দৰ্ভত পূজা কমিটিক এলানি নিৰ্দেশনা জিলা- আৰক্ষী প্ৰশাসনৰ
কামৰূপ (ম)ত দুৰ্গা পূজা সন্দৰ্ভত পূজা কমিটিক এলানি নিৰ্দেশনা জিলা- আৰক্ষী প্ৰশাসনৰ

কামৰূপ মহানগৰ ,৩ অক্টোবৰ:(Durga Puja)কামৰূপ (ম)ত দুৰ্গা পূজা সন্দৰ্ভত পূজা কমিটিক এলানি নিৰ্দেশনা (Police Administration) কামৰূপ (ম)ত দুৰ্গা পূজা সন্দৰ্ভত পূজা কমিটিক এলানি নিৰ্দেশনা জিলা- আৰক্ষী প্ৰশাসনৰজিলা- আৰক্ষী প্ৰশাসনৰ অনাগত দুৰ্গা পূজা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কামৰূপ মহানগৰৰ অধীনস্থ পূজা কমিটিৰ প্ৰতিনিধিসমুহৰ সৈতে জিলা আৰু আৰক্ষী প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি জিলা পুথিভড়াঁলত অনুষ্ঠিত হয় ।বৈঠকত কামৰূপ মহানগৰ জিলা আয়ুক্ত, মহানগৰ আৰক্ষী আয়ুক্ত সহ যানবাহন আৰক্ষী ,অগ্নিনিৰ্বাপক বাহিনী,আভ্যন্তৰীণ জল পৰিবহণ বিভাগ,গুৱাহাটী পৌৰ নিগম,স্বাস্হ্য বিভাগ,প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ।

বৈঠকত আৰক্ষী প্ৰশাসনে সমাগত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিদেৰ্শনা জাৰি কৰে । জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পুজা কমিটিসমুহে মহিলা আৰু পুৰুষৰ বাবে পৃথককৈ প্ৰবেশ আৰু প্ৰস্থানৰ ব্যৱস্থা কৰিব লাগিব । পূজা সম্পন্ন হোৱাৰ পিছত ঠাইসমূহ পৰিস্কাৰ কৰাৰ লগতে পেলনীয়া সামগ্ৰীসমূহ সঠিকভাৱে নিস্কাশন কৰিব লাগিব । বৈঠকত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজা কমিটিসমূহক ৰাস্তাত পেণ্ডেল পাতি পূজা অনুস্থিত নকৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰশাসনৰ নীতি -নিয়ম মানি পূজা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় । তদুপৰি বিসৰ্জনৰ শোভাযাত্ৰাৰ সময়ত নিচাযুক্ত দ্ৰব্য সেৱন কৰি পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে পূজা কমিটিসমূহক ব্যৱস্থা কৰাৰ লগতে যানবাহনৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিয়ে ।

আনৰ অসুবিধা নোহোৱাকৈ দায়িত্ব সহকাৰে উৎসৱ -পাৰ্বণ পালন কৰি যাবলৈ আৰক্ষী আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনায় । জিলা আয়ুক্ত সুমিত সাত্তাৱানে পূজা কমিটিসমূহক পানী তথা শৌচাগাৰ ব্যৱস্থা,বিদ্যুত ব্যৱস্থা,বয়োজ্যেষ্ঠসকলৰ সুবিধাৰ বাবে যাৱতীয় ব্যৱস্হা, পাৰ্কিঙৰ সুচল ব্যৱস্থা, প্ৰসাদ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ভালকৈ নিৰীক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান ইত্যাদি এলানি পৰামৰ্শ আগবঢ়ায় । জিলা আয়ুক্তগৰাকীয়ে লগতে পূজা কমিটিসমূহক অন্য সংগীতৰ পৰিৱৰ্তে ভক্তিমূলক সংগীত ব্যৱহাৰ কৰি শান্তিপূৰ্ণভাৱে পূজা উদযাপন কৰি যাবলৈ সকলোকে আহ্বান জনায় । আজিৰ এই বৈঠকত যুটীয়া আৰক্ষী আয়ুক্ত প্ৰতীক থুবে,যানবাহন আৰক্ষীৰ উপ -আয়ুক্ত জয়ন্ত সাৰথি বৰা ,চোৰাংচোৱা বিভাগৰ উপ -আয়ুক্ত হৰেকৃষ্ণ নাথ ,মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ -আয়ুক্ত ধ্ৰুব বৰা,গুৱাহাটী পৌৰ নিগমৰ যুটীয়া সচিব হেমাংগ নবিচ ,প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অভিযন্তা দেৱাশীষ দে প্ৰমুখ্যে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই অসমৰ গুৱাহাটীত সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা মুকলি

Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই অসমৰ গুৱাহাটীত সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা মুকলি

দৈনন্দিন বাৰ্তা সেৱা , গুৱাহাটী ,৩ অক্টোবৰ: (Patanjali)সামগ্ৰিক স্বাস্থ্যসেৱা উদ্যোগ, সামাজ সংস্কাৰক তথা সমগ্ৰ ভাৰতৰ সকলো মহিলাৰ বাবে এক অনুপ্ৰেৰক, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ চি এম ডি (Riniki bhuyan sarma) ৰিণিকি ভূঞা শৰ্মা, পৰম পূজ্য যোগ ঋষি স্বামী (Ramdev) ৰামদেৱ জীৰ উপস্থিতিত উদ্বোধন কৰা হৈছিল। কেন্দ্ৰটোই উত্তৰ-পূব ভাৰতৰ মাজভাগত মা কামাখ্যাৰ পৱিত্ৰ ভূমিত অৱস্থিত তথা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত, গুৱাহাটীৰ মধ্যস্থলৰ এই অঞ্চলটোলৈ সামগ্ৰিক স্বাস্থ্যসেৱা অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিব। পৰম পূজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জী আৰু শ্ৰী শ্ৰী মাধৱ দেৱ জীৰ দৰ্শন- শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত এই পদক্ষেপে প্ৰাচীন পৰম্পৰাক আধুনিক সুস্থতা প্ৰথাৰ সৈতে একত্ৰিত কৰে।


পৰম পূজ্য যোগ ঋষি স্বামী ৰামদেৱ জী মহাৰাজ আৰু পৰম পূজ্য আয়ুৰ্বেদ শিৰোমণি আচাৰ্য বালকৃষ্ণ জী মহাৰাজৰ নিৰ্দেশনাত, পতঞ্জলি ৱেলনেছ গুৱাহাটীয়ে যোগ, আয়ুৰ্বেদ, পঞ্চকৰ্ম, শতকৰ্ম, লিচ থেৰপী, আকুপাংচাৰ আৰু প্ৰাকৃতিক ৰোগৰ চিকিৎসাকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়াব। কেন্দ্ৰটোৰ লক্ষ্য হৈছে স্বাস্থ্য আৰু সুস্থতাৰ বাবে এক বিস্তৃত তথা একত্ৰিত দৃষ্টিভংগী প্ৰদান কৰা।


নতুনকৈ স্থাপিত কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি স্বামী ৰামদেৱ জীয়ে কেন্দ্ৰটোৰ সা সুবিধা তথা যাবতীয় সকলো বিষয়ে বিতং ভাৱে ব্যাখ্যা কৰাৰ লগতে পূজ্য সাধ্বী দেৱ স্বৰূপ জী, পূজ্য স্বামী জগৎ দেৱ জী আৰু পূজ্য স্বামী সমাগ্ৰদেৱ জীৰ পৰিচয় দিয়ে যাৰ নিৰ্দেশনাত এই কেন্দ্ৰটোৱে কাম কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু।


পতঞ্জলি যোগপীঠ ন্যাসেও শিক্ষা, জৈৱিক কৃষি, পৰিৱেশ সংৰক্ষণকে ধৰি সমগ্ৰ অসম তথা উত্তৰ-পূব অঞ্চলৰ বিভিন্ন পদক্ষেপৰ সৈতে জড়িত হৈ আছে। বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলত ভাৰতীয় শিক্ষা ব’ৰ্ডৰ অধীনৰ দুখন বিদ্যালয়—‘আচাৰ্য কুলাম চিৰাঙ’ৰ ৫০০ৰো অধিক শিশু আৰু কুমাৰীকাটাৰ ৭০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰি আছে। অৰুণাচল প্ৰদেশৰ চিজুছাতো চলি আছে অনুৰূপ পৰ্যায়ৰ এখন বিদ্যালয়। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে অনুমোদিত ভাৰতীয় শিক্ষা ব’ৰ্ডত প্ৰাচীন আৰু আধুনিক শৈক্ষিক পদ্ধতিসমূহক একত্রিকৰণ কৰা হৈছে।


ইয়াৰ উপৰিও কুমাৰীকাটা আৰু চিৰাঙত জৈৱিক কৃষি পাম, গৰু পালন, আৰু ঔষধি উদ্ভিদ খেতি প্ৰকল্প চলি আছে। কুমাৰীকাটাত ১৫০০ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদ্যালয়ৰো নিৰ্মাণ কাৰ্য চলি আছে।
পতঞ্জলি ৱেলনেছ কেন্দ্ৰৰ স্থাপনে কেৱল স্বাস্থ্যৰ উন্নতি কৰাই নহয়, স্থানীয় জাতি-জনগোষ্ঠীৰ বাবেও উল্লেখযোগ্য কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব বুলি কয় পূজ্য স্বামী ৰামদেৱ জীয়ে। তেখেতে কয় যে, আমি চিকিৎসক, থেৰাপিষ্ট, আৰু সহায়ক কৰ্মচাৰীৰ দৰে স্বাস্থ্যসেৱা সেৱাত চাকৰি আগবঢ়াই স্থানীয় প্ৰতিভাক প্ৰতিপালন কৰিবলৈ উৎসৰ্গিত।
পতঞ্জলি পৰিয়ালৰ সন্মানীয় সদস্য সকলৰ লগতে ডাঃ কৌশলেন্দ্ৰ দিবেদী (প্ৰাকৃতিক চিকিৎসা), বেদ. আদিত্য শৰ্মা( আয়ুৰ্বেদ) , ডাঃ মাধুৰী মহাজন (প্ৰাকৃতিক চিকিৎসা), ডাঃ দৰথী সিংহা ( ফিজিঅ’থেৰাপি), বেদ. সত্য প্ৰকাশ মিশ্ৰ (আয়ুৰ্বেদ)। ইয়াৰ সমন্বিতে পতঞ্জলি পৰিয়ালৰ সৈতে জড়িত শ্ৰীযুত বিবেক দগা জী আৰু শ্ৰী বিকাশ খণ্ডেলৱাল জীও উপস্থিত থাকে।

Football Tournament:গোৱালপাৰাত “মনোমহন দাস আৰু আৰ. আৰ. আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্ট-২০২৪”

গোৱালপাৰাত "মনোমহন দাস আৰু আৰ. আৰ. আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্ট-২০২৪"

দৈনন্দিন বাৰ্তা সেৱা গোৱালপাৰা,৩ অক্টোবৰ: (Football Tournament-2024)ক্ৰীড়া প্ৰেমী ৰাইজৰ মাজত ফুটবলৰ আই এছ এল ৰ জোৱাৰ উঠিছে চাৰিওপিনে। তাৰে মাজত আন আন বছৰৰ দৰে এইবেলিও গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি ক্লাৱৰ সহযোগত গোৱালপাৰাৰ বাপুজীনগৰস্থিত ৰূপজ্যোতি ক্লাৱৰ খেলপথাৰত “মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণী ফুটবল টুৰ্নামেন্টৰ আয়োজন কৰিছে। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩২ খনকৈ ক্লাৱৰ অংশগ্ৰহণৰে যাকযমকতাৰে আৰম্ভ হৈছে ফুটবল টুৰ্নামেন্টখন। ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ খেল সম্পূৰ্ণ হৈ দ্বিতীয় ৰাউণ্ডৰ খেল চলি আছে।

বৃহস্পতিবাৰ আবেলি ৩ মান বজাত বিষ্ণুৰাভা ক্লাবৰ আৰু লক্ষীপুৰ ক্ৰীড়া সন্থাৰ মাজত অনুষ্ঠিত হাইভল্টেজ দ্বিতীয় ৰাউণ্ডৰ খেলখনত লক্ষীপুৰ ক্ৰীড়া সন্থাই ৩-২ গোলৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি তৃতীয় ৰাউণ্ডলৈ প্ৰৱেশ কৰে। খেলখনৰ আৰম্ভণিতে প্ৰায় ৯ মিনিটত লক্ষীপুৰৰ বিপক্ষে প্ৰথম গোল সাব্যস্ত কৰিবলৈ সক্ষম হয় বিষ্ণুৰাভা ক্লাবৰ দলৰ খেলুৱৈ। পৰৱৰ্তী ৬ মিনিটৰ পিছত লক্ষীপুৰ দলৰ খেলুৱৈ ১৫ মিনিটত সুনিল কুমাৰ ৰাভাই ৰংজুলী দলৰ বিপক্ষে গোল সাব্যস্ত কৰি স্কোৰ সমপৰ্যায়লৈ আহে।

পৰবৰ্তী সময়ত আকৌ ২২ মিনিটত বিষ্ণুৰাভা ক্লাব খেলুৱৈ লক্ষীপুৰ ক্ৰীড়া সন্থাৰ বিপক্ষে গোল সাব্যস্ত কৰি বিষ্ণুৰাভা ক্লাব‌ অগ্ৰগতি কৰে যদিও ঠিক ৩ মিনিট পিছত লক্ষীপুৰৰ হৈ দ্বিতীয় গোল অনসুমা নাৰজাৰী ২৫ মিনিটত আৰু খাটছেং মাৰাকে ৩০ মিনিটত তৃতীয় গোলৰে বিষ্ণুৰাভা ক্লাবৰ বিপক্ষে সাব্যস্ত কৰি লক্ষীপুৰ ক্ৰীড়া সন্থাৰ বিজয় নিশ্চিত কৰে। উক্ত খেলৰ সময়ত লক্ষীপুৰ ক্ৰীড়া সন্থাৰ দলটোৰ সৈতে উপস্থিত থাকে লক্ষীপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ছানী হাছান। সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ প্ৰকাশ কৰে যে লক্ষীপুৰ ক্ৰীড়া সন্থাৰ খেলুৱৈ সকল যথেষ্ঠ আত্মবিশ্বাসী হৈ আছে আৰু প্ৰশিক্ষক নৱজীৎ দৈমাৰীৰ অধিনত কঠোৰ অনুশীলন কৰি থকাৰ বাবে লক্ষীপুৰ ক্ৰীড়া সন্থা দল জয় হৈ আছে। সেইকাৰণে তেওঁ আত্মবিশ্বাসী যে যুৱ দলটোৰ কঠোৰ অনুশীলনে ফাইনেল লৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ব আৰু আগন্তুক হ’বলগীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীত সুন্দৰ প্ৰদৰ্শন কৰিব বুলি বিশ্বাসী।