Home Blog Page 514

Barpeta: বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ অভিষেক

সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুসৰি তিনিও ৰাজ্যৰ বন্দণীয় স্থান বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ অভিষেক

দৈনন্দিন বাৰ্তাৰ সেৱা,বৰপেটা ৩ অক্টোৱৰ ২০২৪ঃ (Barpeta Satra)সত্ৰীয়া ৰীতি নীতি পৰম্পৰা অনুসৰি তিনিও ৰাজ্যৰ বন্দণীয় স্থান বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱ বৃহস্পিবাৰে বৰপেটা সত্ৰত সম্পন্ন কৰা হয় । অভিষেক অনুষ্ঠান উপলক্ষে নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসক নিজ বাসগৃহৰ পৰা গায়ন-বায়ন সহিতে বৰপেটাৰ বাইশখন হাটীৰ ভকত – আইসকল আৰু যুৱক – যুৱতীয়ে নাম-কীৰ্ত্তনেৰে চহৰৰ মুখ্য পথেৰে পৰিভ্ৰমণ কৰি সত্ৰলৈ আদৰি আনে । সত্ৰত প্ৰৱেশৰ পিছতে মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ গুৰুভিঠি (মঠ)ত সেৱা জনাই বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসেক বৰপেটা সত্ৰৰ ঘাই দেউৰী নাৰায়ণ আতৈ বুঢ়াভকত বাপজনাই থানৰ বাতৰি কোৱাৰ পিছত বুঢ়া সত্ৰীয়া বাপজনাক আদৰি আনি মঠৰ চোতালৰ বুঢ়া সত্ৰীয়াৰ বাবে নিৰ্দিষ্ট আসনত বহুৱায় ।

তাৰ পিছত সত্ৰৰ কীৰ্ত্তন ঘৰৰ উত্তৰৰ ঘাই দুৱাৰেৰে কীৰ্ত্তন ঘৰত প্ৰৱেশ কৰি গুৰু আসনৰ সন্মুখত সেৱা জনাই কীৰ্ত্তন ঘৰৰ ভিতৰৰ বুঢ়া সত্ৰীয়াৰ নিৰ্দিষ্ট আসনত বহুৱায় আৰু ইয়াতে তেওঁক সত্ৰৰ ঘাই দেউৰী নাৰায়ণ আতৈ বুঢ়াভকতে নৱ নিৰ্বাচিত বৰপেটা সত্ৰৰ ২৬ সংখ্যক বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসক মালা-নিৰ্মালী, পঞ্চ বস্ত্ৰ আদি প্ৰদান কৰে । কীৰ্ত্তন ঘৰৰ পৰা ঘাই দুৱাৰেৰে ওলাই আহি সত্ৰ চৌহদত থকা শ্ৰীশ্ৰীমথুৰা দাস বুঢ়াআতা, বদলা (পদ্ম) আতাৰ ভিঠিৰ লগতে সত্ৰৰ সেৱাৰ থলী সমূহত সেৱা জনাই উত্তৰৰ কেওঁলীয়া ভকতৰ বাহাসমূহত সেৱা জনাই আৰু কেওঁলীয়া হাটীৰ উত্তৰৰ বাটচ’ৰাত বহে ।

সেইদৰে দক্ষিণৰ কেওঁলীয়া ভকতৰ বাহাসমূহত সেৱা জনাই দক্ষিণৰ কেওঁলীয়া হাটীৰ বাটচ’ৰাত বহি সত্ৰৰ চৌহদৰ পৰা ওলাই আহে । ইয়াৰ পিছত সত্ৰৰ দক্ষিণত থকা থুল দক্ষিণ হাটীৰ বাটচ’ৰালৈ গৈ ছয়খন হাটীৰ থুল ভকতক সেৱা জনাই বাটচ’ৰাত বহে । ইয়াতে থুল দক্ষিণ হাটীৰ ৰাইজৰ হকে ভড়ালী-মজুমদাৰে বস্ত্ৰ প্ৰদান কৰি মান ধৰে । একাদিক্ৰমে থুল নহাটী আৰু থুল উত্তৰহাটীৰ বাটচ’ৰাতো তেখেতক বহুৱাৰ পিছত নহাটীৰ পাঁচখন হাটীৰ থুলৰ হকে আৰু এঘাৰখন হাটীৰ থুলৰ হকে থুল উত্তৰ হাটীৰ ভড়ালী-মজুমদাৰে বস্ত্ৰ, গুৱা-পাণ প্ৰদান কৰি যথানিয়মে নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াক মান ধৰে । শেষত তেখেতক নহাটীস্থ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়াআতাৰ আদি ভিঠিলৈ আদৰি নিয়া হয় আৰু তাত সেৱা জনোৱাৰ পিছত নহাটীৰ ৰাইজে মান ধৰে ৷ এনেদৰে ব্যাপক উৎসাহ – উদ্দীপনাৰ মাজেৰে বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক উৎসৱৰ সামৰণি পৰে ৷

Assamese Film Abhimanyu: জ্যোতি চিত্ৰবনত ‘অভিমন্যু’ৰ গান, পোষ্টাৰ আৰু মোশ্যন পিকচাৰ্ছ মুকলি

Assamese Film Abhimanyu: অভিমন্যু
Assamese Film Abhimanyu: অভিমন্যু

গুৱাহাটীঃ শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মীয়মান অসমীয়া চিনেমা অভিমন্যুৰ গান, পোষ্টাৰ আৰু মোশ্যন পিকচাৰ্ছ আজি মুকলি কৰা হয় জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। এই কাৰ্যসূচীত
বন্তি প্ৰজ্বলনত অংশ লয় ডাঃ হিতেশ বৰুৱা, উৎপল মেনা, লীনা ৰহমান, ৰাজেশ ভূঞা আদিয়ে। চিনেমাখনৰ ৫ খনকৈ পোষ্টাৰ আজি মুকলি কৰা হয়।(Assamese Film Abhimanyu)

পোষ্টাৰ মুকলি কৰে তৌফিক ৰহমান আৰু প্ৰাঞ্জল শইকীয়াই। মোশ্যন পিকচাৰ মুকলি কৰে উৎপল দাস আৰু সিদ্ধাৰ্থ গোৱেংকাই। প্ৰিয়ংকা ভৰালী, জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে কণ্ঠদান কৰা আৰু ৰাজদ্বীপৰ কথা, সুৰ আৰু সংগীতৰ ‘মোৰে কানাই’ শীৰ্ষক গীতটি মুকলি কৰা হয়। এই গীতটিৰ অভিনয় কৰিছে ৰাছিয়ান‌ শিল্পীয়ে। জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে ভুমুকি মাৰিছে গীতটোত।(Abhimanyu’s song poster and motion pictures released)

দীপলিনা ডেকা, কমললোচন, উৰ্মিলা মহন্ত, দেৱজিৎ মজুমদাৰ, ৰাজীৱ গোস্বামী, ভগৱত প্ৰীতম, জ্বলী লস্কৰকে ধৰি বিভিন্ন শিল্পীয়ে অভিনয় কৰিছে ১৫ নৱেম্বৰত মুক্তি পাবলগীয়া এই চিনেমাখনত।(Deeplina deka)

BSF jawan Amrit Hajong: পদোন্নতিয়ে কাল হ’ল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান অমৃত হাজঙৰ

BSF jawan Amrit Hajong: অমৃত হাজং
BSF jawan Amrit Hajong: অমৃত হাজং

পদোন্নতিয়ে যেন কাল হ’ল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান অমৃত হাজঙৰ৷ দুবাৰকৈ ৰাষ্ট্ৰপতি পদক লাভ কৰা আৰু সদ্য পদোন্নতি প্ৰাপ্ত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ বাসগৃহত আনন্দৰ বিপৰীতে শোকৰ বন্যা৷ সাহসীকতাৰে কৰ্ম সম্পাদনা কৰি ৰাষ্ট্ৰপতিৰ Police medel for gerenty বঁটা প্ৰাপক অমৃত হাজং আৰু নাই ৷ মৃত বি এ ছেফ জোৱানগৰাকীক নিশা অজশ্ৰ গুণমুগ্ধৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন৷ (BSF jawan Amrit Hajong)

দৰং ওডালগুৰি জিলা সীমান্তৰ শিলবৰীৰ নিকতবৰ্তী ওডালগুৰি মৈমনসিং গাঁৱৰ অমৃত হাজঙৰ বাসগৃহত শোকাকুল পৰিৱেশ৷ কৰ্তব্যৰত অৱস্থাতে মৃত্যুক সাৱটিলে ৰাষ্ট্ৰপতিপদক প্ৰাপ্ত অমৃত হাজঙে৷ নিশা দুপৰলৈকে পৰিয়ালৰ সৈতে কথা পতা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানজন হঠাতে হৃৎপিণ্ড স্তব্ধ হৈ পৰে৷ (Darrang-udalguri)

আনক দেখিলে মিচিকিয়াই কথা পতা জোৱানজনৰ মৃত্যুৰ বাতৰিয়ে শোকাকুল কৰিছে মৈমনসিং গাঁৱবাসীক৷ নিজৰ সাহসীকতাৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালম আৰু প্ৰতিভা দেবী সিং পাটিলৰ কাৰ্যকালত police medel for geranty পদক লাভ কৰা তথা শেহতীয়াকৈ উত্তৰ ২৪ পৰগনা জিলা, পশ্চিমবঙ্গত কৰ্মৰত হৈ থকা অৱস্থাৰ পৰা উপ পৰিদৰ্শক পদলৈ উন্নিত হোৱাত জোৱান জনে চিমানগৰৰ মুখ্য কাৰ্য্যলয়ত যোগদানৰ বাবে নিজৰ তথ্যপাতি দিবলৈ আহিছিল বি এছ এফৰ জোৱানজনে৷ (BSF jawan Amrit Hajong dies)

নিশা হোৱাত বি এছ এফৰ সেনা চাৱনিতে আশ্ৰয় লৈছিল অমৃত হাজঙে৷ নিশা পৰিয়াল আত্মীয়ৰৈতে ফোন যোগে কৰিছিল কথা বাৰ্তা৷ নিশা খাই-বৈ বিছনাত বাগৰ দিয়া অমৃত আৰু সাৰ নাপালে৷ জোৱানজনে দুই পুত্ৰ কন্যা আৰু পত্নীক এৰি গ’লগৈ উভতি নহাৰ বাটেৰে৷ অমৃতৰ এই খবৰত অঞ্চলজুৰি বৈছে শোকৰ বন্যা৷

Navratri Fasting Tips 2024: নৱৰাত্ৰিৰ ৯ দিনীয়া উপবাসত কি খাব আৰু কি নাখাব? যাতে শৰীৰৰ দুৰ্বল নহয়

Navratri Fasting Tips 2024: নৱৰাত্ৰিৰ ৯ দিনীয়া উপবাসত কি খাব
Navratri Fasting Tips 2024: নৱৰাত্ৰিৰ ৯ দিনীয়া উপবাসত কি খাব

হিন্দু ধৰ্মত অপৰিসীম গুৰুত্ব থকা শাৰদিয় নৱৰাত্ৰিৰ শুভ আৰম্ভণি আজিৰে পৰা আৰম্ভ হৈছে। ৯ দিনীয়া এই পবিত্ৰ উৎসৱত দেৱী দুৰ্গাৰ নটা ভিন্ন ৰূপৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱটো প্ৰতিপদৰ পৰা আহিন মাহৰ শুক্ল পক্ষৰ নৱমীলৈকে সম্পূৰ্ণ ভক্তিৰে পালন কৰা হয়।(Navratri Fasting Tips 2024)

নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ব্ৰত ৰাখে, দেৱী দুৰ্গাক পূজা কৰে আৰু তেওঁৰ ওচৰত শক্তি, সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু ৯ দিন ব্ৰত ৰখাৰ বাবে বহুতে দুৰ্বল অনুভৱ কৰে। উপবাসৰ সময়ত কি কি খাব লাগে আৰু কি কি খাব নালাগে সেই কথা জানি ল’ব লাগে যাতে শৰীৰত শক্তি থাকে আৰু আপুনিও সুস্থ হৈ থাকে।(Navratri 2024)

উপবাসৰ সময়ত কি খাব লাগে-

সাগো শক্তিৰ এক উত্তম উৎস। সাগো খিচড়ি, সাগো পড়কা বনাই খাব পাৰে। ইয়াৰ ফলত আপুনি কাৰ্বহাইড্ৰেট আৰু শক্তি লাভ কৰিব, যাৰ বাবে আপুনি দিনটোলৈ সক্ৰিয় হৈ থাকিব।(Fasting)

উপবাসৰ সময়ত মাখনা জলপান হিচাপে খাব পাৰি। মাখনা প্ৰটিন আৰু ফাইবাৰৰ ভাল উৎস, যিয়ে আপোনাক দীৰ্ঘ সময়লৈ পেট ভৰি থকাৰ অনুভৱ কৰিব।

উপবাসৰ সময়ত শক্তি বজাই ৰাখিবলৈ ফলমূল আৰু শুকান ফল খোৱাৰ খুবেই প্ৰয়োজন। আপেল, কল, অমিতা, আলমণ্ড, আখৰোট আৰু কিচমিচ খাব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰত অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যাব।

উপবাসৰ সময়ত সাধাৰণ আটাৰ সলনি বকৱেট আৰু পানী চেষ্টনাটৰ আটা খাব পাৰি। এইবোৰৰ পৰা পৰঠা, পুৰী বা চিলা তৈয়াৰ কৰিব পাৰি, যিবোৰ পুষ্টিকৰ আৰু সহজে হজম কৰিব পৰা।

উপবাসৰ সময়ত কেলচিয়াম আৰু প্ৰটিনৰ বাবে দৈ আৰু গাখীৰ খাব লাগে। দৈত প্ৰ’বায়’টিক থাকে, যিয়ে পেটটো সুস্থ কৰি ৰাখে আৰু হজম শক্তি উন্নত কৰে।

আনহাতে উপবাসৰ সময়ত কি কি নাখাব-

ভজা খাদ্য যেনে চিংৰা, চিপচ বা পকড়াই ব্ৰতৰ সময়ত পেট গধুৰ কৰি তুলিব পাৰে। এইবোৰৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যা হ’ব পাৰে, যাৰ ফলত দুৰ্বলতা অনুভৱ হ’ব পাৰে।

শীতল পানীয়, পেকেটৰ ৰস বা আন চেনিযুক্ত পানীয়ে শৰীৰক শক্তি প্ৰদান কৰে যদিও পিছলৈ ই শৰীৰটোক দুৰ্বল কৰি তুলিব পাৰে। এইবোৰ পৰিহাৰ কৰি সতেজ ফলৰ ৰস বা নাৰিকল পানী খাব লাগে।

উপবাসৰ সময়ত বেছিকৈ চাহ বা কফি খালে পেটৰ ক্ষতি হ’ব পাৰে আৰু এচিডিটিৰ সমস্যাও হ’ব পাৰে। তাৰ পৰিৱৰ্তে বনৌষধি চাহ বা নেমুৰ পানী খাব পাৰে।

উপবাসৰ সময়ত বাহিৰৰ পৰা পেক কৰা বা জাংক ফুড খোৱাৰ পৰা বিৰত থাকক। এইবোৰত সংৰক্ষক আৰু অতিৰিক্ত নিমখ বা চেনি থাকে, যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

নৱৰাত্ৰি ব্ৰতৰ সময়ত এনে সাৱধানতা অৱলম্বন কৰিলে আপুনি কেৱল আধ্যাত্মিকভাৱে নহয়, শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব। নৱৰাত্ৰিত উপযুক্ত আহাৰ গ্ৰহণ কৰক আৰু দুৰ্বল অনুভৱ নকৰাকৈ ব্ৰত ৰাখক।

Kangana Ranaut: দেশৰ পিতৃ নহয়, দেশৰ সন্তান থাকে : পুনৰ বিতৰ্কত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱট

Kangana Ranaut: পুনৰ বিতৰ্কত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱট
Kangana Ranaut: পুনৰ বিতৰ্কত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱট

হিমাচল প্ৰদেশৰ মাণ্ডীৰ বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱট পুনৰবাৰ বাতৰিৰ শিৰোনামত। ২ অক্টোবৰৰ গান্ধী জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰী আৰু মহাত্মা গান্ধীৰ ওপৰত পোষ্ট দি তেওঁ এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।(Kangana Ranaut)

অভিনেত্ৰীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা কংগনা ৰানাৱট তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবে প্ৰায়ে শিৰোনামত থাকে। বুধবাৰে তেওঁ মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ বিষয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে কৃষক আন্দোলন আৰু প্ৰত্যাহাৰ কৰা কৃষি আইন সন্দৰ্ভত কৰা মন্তব্যৰ বাবে তেওঁ সমালোচনাৰ সন্মুখীন হৈছিল। ‘ইমাৰ্জেন্সি’ ছবিখনৰ বাবে কংগনা বিতৰ্কৰ সন্মুখীন হৈছিল, এতিয়া হঠাতে কংগনাই আন এক বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে।(Gandhi Jayanti)

বুধবাৰে মহাত্মা গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীক লৈ ছ’চিয়েল মিডিয়াত পোষ্ট দিছিল। ৰানাৱটে মহাত্মা গান্ধীৰ জাতিৰ পিতা হিচাপে তুচ্ছ-তাচ্ছিল্য কৰা যেন লগা এটা পোষ্টৰ জৰিয়তে শাস্ত্ৰীৰ ১২০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনায়।(Kangana Ranaut Gandhi Jayanti post)

ৰানাৱতে তেওঁৰ ‘ইনষ্টাগ্ৰাম ষ্ট’ৰী’ত লিখিছে, ‘তেওঁ দেশৰ পিতৃ নহয়, দেশৰ সন্তান তাকে। ধন্য এই ভাৰতৰ সন্তানসকল। আন এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশৰ স্বচ্ছতাৰ ক্ষেত্ৰত গান্ধীৰ উত্তৰাধিকাৰ আগুৱাই নিয়াৰ বাবে কৃতিত্ব দিয়ে।(kangana ranaut controversy)

শাস্ত্ৰী আৰু গান্ধীৰ এই পোষ্টটোৱে হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টিৰ বিজেপি সাংসদগৰাকীৰ বাবে আন এক বিতৰ্কৰ সৃষ্টি কৰে। এনে বিতৰ্কিত মন্তব্যৰ বাবে সমালোচনাৰ সন্মুকীন হৈছে অভিনেত্ৰী ততা সাংসদগৰাকী। মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তীত কংগনা ৰানাৱটে কৰা এনে মন্তব্যক ৰাজনাতিবিদৰ পৰা আৰম্ভ কৰি বহু লোকে গৰিহণা দিছে।(lal bahadur shastri)

Dinner: ৰাতি আহাৰ নাখাই নেকি ? ৰাতি আহাৰ নাখালে শৰীৰত কেনে প্ৰভাৱ পৰে

Dinner: ৰাতি আহাৰ
Dinner: ৰাতি আহাৰ

ৰাতিৰ আহাৰ আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ খাদ্য। স্বাস্থ্য বিশেষজ্ঞসকলে স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ প্ৰায়ে পৰামৰ্শ দিয়ে, যদি ৰাতিৰ আহাৰ সম্পূৰ্ণৰূপে এমাহৰ বাবে এৰি দিয়া হয় তেন্তে শৰীৰত কেনে প্ৰভাৱ পৰিব জানেনে? দিনৰ দিনটো কামৰ অন্তত সকলোৱে ৰাতি বালকৈ এসাঁজ খাব বিচাৰে।(Dinner)ইয়াৰ দ্বাৰা আমাৰ পেটৰ ভোক মৰাই নহয় শৰীৰত শক্তিও যোগান ধৰে।

কিন্তু সেই ৰাতি খাদ্য নাখালে ইয়াৰ ফলত শৰীৰত কি প্ৰভাৱ পৰিব সেই বিষয়ে আপুনি কেতিয়াবা ভাবিছেনে। এমাহ ধৰি যদি আপুনি ৰাতিৰ আহাৰ এৰি দিয়ে কি হ’ব জানি লওক-

বৰ্তমান সময়ত বহুতে প্ৰায়ে ব্ৰত ৰাখে। বহু লোকে ১২ৰ পৰা ১৫ ঘন্টালৈকে একো নাখায়। আনহাতে আপুনি ৩০ দিনৰ বাবে ৰাতিৰ আহাৰ খোৱা এৰি দিলে আপোনাৰ শৰীৰে বহু সমস্য়া সন্মুখীন হ’ব পাৰে।(Fasting)

ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছৰ মতে, যদি আপুনি ৰাতিৰ আহাৰ নোখোৱাকৈ মাজে মাজে উপবাস ৰাখে, তেন্তে এমাহৰ ভিতৰত আপুনি বহুতো উৎকৃষ্ট ফলাফলো দেখিবলৈ পাব।(What Will Happen If You Skip Dinner) যেনে ধৰক-

১/ ক্ৰমান্বয়ে ওজন কমি যাব।
২) ডায়েবেটিছ ৰোগৰ আশংকা কমি যাব।
৩/ হাৰ্ট এটেকৰ কোনো আশংকা নাথাকিব।
৪) তেজৰ শিৰাৰ পৰা বেয়া কলেষ্টেৰল নাইকিয়া হৈ যাব।
৫/ উচ্চ ৰক্তচাপৰ অভিযোগ নাথাকিব।
৬) শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পাব।

আনহাতে মাজে মাজে উপবাসে ৰখাৰ অসুবিধ-

মাজে মাজে উপবাসে ৰাখিলে বহুতো উপকাৰ আছে তাত কোনো সন্দেহ নাই, কিন্তু ই প্ৰতিজন ব্যক্তিৰ বাবে উপযোগী নহয়। ইয়াৰ বাবে কিছুমান লোকে সমস্য়াৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে-

১/ ৰাতিৰ আহাৰ নাখালে আপোনাৰ মনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
২/ ইয়াৰ ফলত আপোনাৰ বিৰক্তিৰ সৃষ্টি হব পাৰে।
৩) ৰাতিৰ আহাৰ নাখালে তেজৰ চেনিৰ মাত্ৰা যথেষ্ট কমি যাব পাৰে।
৪) ৰাতিৰ আহাৰ নাখালে শৰীৰ দুৰ্বল হৈ পৰিব পাৰে।
৫) এনে কৰিলে কিছুমান লোকৰ মূৰ ঘূৰোৱাব পাৰে।
৬) শৰীৰত ভিটামিন, খনিজ পদাৰ্থকে ধৰি বহুতো পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে।
৭) যদি আপোনাৰ ইতিমধ্যে বহুতো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে মাজে মাজে উপবাসs একেবাৰেই নাথাকিব।

Jayanta Malla Baruah: আমি সকলোৱে চাফাই কৰ্মী, এই মানসিকতাৰে আমি ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰিব লাগিবঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

Jayanta Malla Baruah: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
Jayanta Malla Baruah: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

কাজিৰঙাৰ কঁহৰাত বুধবাৰে ‘স্বচ্ছতাই সেৱা ২০২৪’-ৰ সামৰণি অনুষ্ঠানৰ লগতে ‘স্বচ্ছ ভাৰত দিৱস’ৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠান অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জনস্বাস্থ্য, অভিযান্ত্ৰিক, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যোগীকৰণ আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে আজি এটা পৱিত্ৰ দিন। ভাৰতবাসীৰ কাৰণে এটা স্মৰণীয় দিন। (Jayanta Malla Baruah)

আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন। আজি সকলোৰে শ্ৰদ্ধাৰ লালবাহাদুৰ শাস্ত্ৰীৰো জন্মদিন। এই পৱিত্ৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে স্বচ্ছ ভাৰত দিৱস হিচাপে আমি পালন কৰিছো। যোৱা মাহৰ ১৭ ছেপ্টেম্বৰৰ পৰা পষেকজোৰা কাৰ্যসূচীৰে সেৱা সপ্তাহৰ শুভাৰণি কৰাৰ পিছত স্বচ্ছতাই সেৱা শীৰ্ষক শ্ল’গানেৰে সমগ্ৰ ভাৰতবৰ্ষতে ১৫ টা দিন স্বচ্ছতাৰ বিভিন্ন কাৰ্যসূচী কৰি আজি স্বচ্ছ ভাৰত দিৱসত আজি স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা এই সামৰণি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত এই অঞ্চলৰ স্থানীয় ৰাইজ, এই অঞ্চলৰ ষ্টেক হোল্ডাৰ আদি সকলো ওলাই আহি আজিৰ এই স্বচ্ছ ভাৰত দিৱসত যিধৰণে নিজৰ অৰিহণা যোগাইছে বা নিজৰ উপস্থিতিৰে স্বচ্ছ ভাৰতৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা সুন্দৰভাৱে দেখুৱাই দিছে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে আটাইলৈ ধন্যবাদ জ্ঞাপন কৰে।


মহামানৱ মহাত্মা গান্ধীয়ে স্বাধীনতাৰ সময়তে স্বচ্ছতাৰ কথা কৈছিল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। তেওঁ কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত স্বাধীন হোৱাৰ পিছত যিসকলে তেখেতৰ নামেৰে ৬০ টা বছৰ ভাৰতবৰ্ষত শাসন কৰিলে, তেখেতৰ যি মূলমন্ত্ৰ আছিল স্বচ্ছতা, সেই কথাটো যেন পাহৰি গৈছিল আৰু সেয়াই স্বাধীনতাৰ এই অমৃত কালৰ আমাৰ বিশ্লেষণ। তেওঁ পুনৰ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দায়িত্ব লোৱাৰ পিছতেই মহামানৱ মহাত্মা গান্ধীৰ এটা মূল লক্ষ্য স্বচ্ছতা- আৰু এই স্বচ্ছতাকে জীৱনৰ লক্ষ্য হিচাপে ল’বৰ কাৰণে এই স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰিছিল আজিৰ পৰা ১০ বছৰ আগত। স্বচ্ছ ভাৰত অভিযানে আজি ১০ টা বছৰ সম্পূৰ্ণ কৰিলে। এই ১০ টা বছৰত আমি গম নোপোৱাকৈ কিছুমান এনেকুৱা সুন্দৰ অভ্যাস আমি গঢ়ি তুলিলো, যি আজি আমাক কেতিয়াবা পুলকিত কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে যেতিয়া মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক স্বচ্ছ ৰখাৰ কথা কৈছিল, তেতিয়া বহুত মানুহে ইতিকিং কৰিছিল। কিন্তু যিসময়ত মোদী ডাঙৰীয়াই এই কথা কৈছিল, সেই সময়ত ভাৰতবৰ্ষৰ বহু মানুহৰ ঘৰত শৌচালয় নাছিল। মানুহে মুকলিত শৌচ কৰিবলৈ যাব লগা হৈছিল।

ভাৰতৰ মানুহে যাতে মুকলিত শৌচ কৰিবলৈ যাব লগা নহয় তাৰ বাবে আমি শৌচাগাৰ নিৰ্মাণ কৰা আৰম্ভ কৰিলো। লাখ নহয়, কোটিৰ ঘৰত আমি শৌচাগাৰ নিৰ্মাণ কৰিলো। মন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে কয় যে ২০১৪ চনত এই স্বচ্ছ ভাৰত মিছন আৰম্ভ কৰাৰ পিছত অসমত আমি ৪৬ লাখ শৌচাগাৰ নিৰ্মাণ কৰিলো। এয়া সৰু কথা নহয়। মন্ত্ৰীগৰাকীয়ে কয় যে অসমত এতিয়াও মুকলিত শৌচ কৰা মানুহ আছে। বিশেষকৈ বাগান অঞ্চলৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বাগানৰ শ্ৰমিকৰ ঘৰত ১০০ শতাংশ যাতে শৌচাগাৰ নিৰ্মাণ কৰিব পৰা তাৰ বাবে অহা বছৰৰ পৰা এক অভিযান আৰম্ভ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই অভিযান আজিৰে পৰা আৰম্ভ কৰা হ’ল বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। এইক্ষেত্ৰত তেওঁ বাগান কৰ্তৃপক্ষ, শ্ৰমিক সংগঠনক সহযোগিতা আগবঢ়ালৈ আহ্বান জনায়। এইবেলি বাগান অঞ্চলত ২ লাখ শৌচাগাৰ নিৰ্মাণ কৰি শ্ৰমিকসকলৰ শৌচাগাৰৰ অভাৱ দূৰ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। আনহাতে, বাগানৰ চালান বিলাকতো তেওঁ ম’বাইল টয়লেটৰ ব্যৱস্থা কৰি দিয়াৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কাজিৰঙাতো দুখন ম’বাইল টয়লেট অতি কম সময়ৰ ভিতৰত দিয়াৰ কথা ঘোষণা কৰে। স্বচ্ছতাৰ দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কাজিৰঙাৰ জাৱৰ-জোঁথৰ পেলোৱা একাংশ ঠাইক কেনেদৰে ছেলফি পইণ্টলৈকে পৰ্যবেসিত কৰিব পাৰি সেই সন্দৰ্ভতো চিন্তা-চৰ্চা কৰি থকাৰ কথা মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। প্ৰধামন্ত্ৰী নৰেন্দ্ৰে মোদীয়ে আৰম্ভ কৰা এই স্বচ্ছ ভাৰত মিছনৰ পৰা ভাবিব নোৱাৰকৈ আমাৰ মানসিকতাৰ পৰিৱৰ্তন হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। পৰিৱেশ চাফা কৰা কাম অকল চাফাই কৰ্মীসকলৰে নহয়, পৰিৱেশ চাফ-চিকুণ কৰাৰ দায়িত্ব সকলোৰে। তেওঁ কয় কয় যে আমি সকলোৱে চাফাই কৰ্মী, এই মানসিকতাৰে আমি ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰিব লাগিব।


কাজিৰঙা হৈছে অসম পৰ্যটনৰ শিৰৰ মুকুট। সেয়ে কাজিৰঙাত স্বচ্ছতাৰ এই বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে যাতে দেশী-বিদেশী পর্যটকে সদায় অসমৰ এটি নিকা আৰু স্বচ্ছ ছবি প্রত্যক্ষ কৰে। এই উদ্দেশ্যেৰে SBM-G -ৰ অন্তর্গত যোৱা ১০ টা বছৰৰ সাফল্য উদযাপন কৰাৰ লগতে বনাঞ্চলিক খণ্ডত প্লাষ্টিক বটল আদি সংগ্ৰহৰ স্থান স্থাপন কৰা, কাজিৰঙাৰ হোটেল-ৰিজৰ্ট আদি আতিথ্য সুবিধাসমূহলৈ স্বচ্ছতা সেউজ পত্র মাপকাঠিৰ প্ৰমাণপত্ৰৰ ব্যৱস্থা আদি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইতিমধ্যে চাহ বাগিচা অঞ্চলত ১০০ শতাংশ শৌচাগাৰ কভাৰেজ প্রচেষ্টাৰ অংশ হিচাপে ডিফলু টি ইষ্টেটে চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে ১৫৫ টা IHHL নিৰ্মাণ আৰম্ভ কৰাৰ খবৰে তেওঁক আনন্দিত কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

গান্ধী জয়ন্তী উপলক্ষে বুধবাৰে মন্ত্ৰীগৰাকীয়ে এইদৰে বক্তব্য ৰখাৰ লগতে ভাৰ্ছুৱেলভাৱে ৰাজ্যখনৰ কেইবাঠাইতো স্থাপন কৰা ‘গোবৰ্ধন আঁচনি’ৰ অন্তর্গত জৈৱ গেছ প্ৰকল্প আৰু ‘প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা ইউনিট’ উদ্বোধন কৰে।

Murder for Insurance Claim: কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি ৫০ লাখ টকাৰ বীমাৰ লোভত ন-বোৱাৰীক কৰিলে হত্যা

Murder for Insurance Claim: Husband and In-Laws Accused of Brutally Killing Newlywed Wife in Lucknow
Murder for Insurance Claim: কাম কৰা ছোৱালীৰ লগত পুত্ৰৰ বিয়া পাতি ৫০ লাখ টকাৰ বীমাৰ লোভত ন-বোৱাৰীক কৰিলে হত্যা

লক্ষ্ণৌ, ৩ অক্টোবৰ: ৰাজধানী লক্ষ্ণৌত সম্পৰ্কক লজ্জিত কৰা এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে(Sensational case in Lucknow)। চহৰখনত এজন লোকে টকাৰ বাবেই নিজৰ ন-বোৱাৰীক হত্যা কৰে। এই হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ বাবে পৰিকল্পনাৰে ৰচনা কৰে ষড়যন্ত্ৰ । পৰিকল্পনা অনুসৰি, বিয়াৰ পিছতে ন-বোৱাৰীৰ নামত ৫০ লাখ টকাৰ জীৱন বীমা কৰে । তাৰোপৰি বোৱাৰীগৰাকীৰ নামত ১০ লাখ টকাৰ মুদ্ৰা লোন লয় । পূৰ্বৰে পৰাই কৰি ৰখা পৰিকল্পনা অনুসৰি ন-বোৱাৰীগৰাকীৰ হত্যাকাণ্ডৰ পিছত ইয়াক দুৰ্ঘটনাৰ ৰূপ দি শহুৰেকে যেতিয়া বীমাৰ ধন দাবী কৰি বীমা কোম্পানীৰ কাষ চাপে, তেতিয়াই এটাৰ পিছত এটাকৈ সমগ্ৰ ঘটনাৰ গোপন তথ্যাবোৰ পোহৰলৈ আহে(Murder for Insurance Claim) ।

অভিযুক্ত ৰাম মিলনে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি, ২০২৩ চনৰ ২০ মে’ত তেওঁৰ ড্ৰাইভাৰ দীপক বাৰ্মাক ব্যৱহাৰ কৰি এটা দুৰ্ঘটনা সংঘটিত কৰাই বোৱাৰীগৰাকীক হত্যা কৰাইছিল(Brutally Killing Newlywed Wife) । এই সন্দৰ্ভত চিনহাট থানাত এখন এজাহাৰো দাখিল কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই পৰিকল্পনাৰে অংশ হিচাপে ৰাম মিলনে বোৱাৰীগৰাকীৰ নামত ৫০ লাখ টকাৰ এটা বীমা কৰাইছিল। ইয়াৰ উপৰিও ১০ লাখ টকাৰ এটা মুদ্ৰা ঋণ আৰু ৪ খন চাৰিচকীয়া আৰু ২ খন দুচকীয়া বাহন বোৱাৰীগৰাকীৰ নামত ক্ৰয় কৰিছিল। পৰিকল্পনা অনুসৰি যেতিয়া ৰাম মিলনে বীমাৰ দাবীৰে বীমা কোম্পানীৰ কাষ চাপে, তেতিয়াই বীমা কোম্পানীটোৰ সন্দেহ উপজে। ইয়াৰ পিছত যেতিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে, তেতিয়াই হত্যাকাণ্ডৰ ঘটনাটোৰ লগতে সমগ্ৰ ঘটনাৰ গোপন তথ্যাবোৰ লাহে লাহে পোহৰলৈ আহে ।

লক্ষ্ণৌ আৰক্ষীৰ পূব মণ্ডলৰ ডিচিপি শশাংক সিঙে জানিবলৈ দিয়া অনুসৰি, পূজা যাদৱ নামৰ যুৱতীগৰাকীয়ে ৰাম মিলনৰ ঘৰক কাম কৰা ছোৱালী হিচাপে আছিল । এক পৰিকল্পনাৰ অংশ হিচাপে ৰাম মিলনৰ বন্ধু কুলদীপ সিঙ নামৰ এজন লোকে আদালতত পঞ্জীয়ন কৰাই ৰাম মিলনৰ পুত্ৰ অভিষেকৰ সৈতে পূজা যাদৱৰ বিবাহ সম্পন্ন কৰিছিল। বিয়াৰ পিছত ৰাম মিলন সিঙে বন্ধু কুলদীপ আৰু আলোক নিগমৰ সহায়ত পূজা যাদৱৰ নামত ৫০ লাখ টকাৰ এটা জীৱন বীমা পলিচি বনায় । তাৰোপৰি, ১০ লাখ টকাৰ এটা মুদ্ৰা ঋণৰ লগতে ৪খন চাৰিচকীয়া আৰু ২খন দুচকীয়া বাহন ফাইনেঞ্চত ক্ৰয় কৰে । এইসমূহ পোৱাৰ লোভতে আটাইকেইজন অভিযুক্তই মিলি পূজা যাদৱক হত্যা কৰাৰ বাবে পৰৱৰ্তী পৰিকল্পনা ৰচনা কৰে(Father-in-law killed daughter-in-law)।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, ৰাম মিলনে প্ৰথমে বোৱাৰীগৰাকীক মাটিয়াৰী ছেক্সনলৈ লৈ গৈছিল। ইয়াৰ পিছতে পূজাক হত্যা কৰিবৰ বাবে কুলদীপ সিঙে চালক হিচাপে অভিষেক শুক্লাক সেই স্থানলৈ পঠিয়াই। নিৰ্দেশ অনুসৰি ঘটনাস্থলীত অভিষেক শুক্লাই ভৰিৰে মোহাৰি অতি নিৰ্মমভাৱে পূজা যাদৱক হত্যা কৰি সেই স্থানৰ পৰা আঁতৰি দিয়ে । এই পৰিকল্পনাৰ পৰৱৰ্তী অংশ হিচাপে দীপক ভাৰ্মা নামৰ গাড়ী চালকজনক ব্যৱহাৰ কৰি ইয়াক দুৰ্ঘটনাৰ ৰূপ দি আৰক্ষী থানাত উপস্থিত হৈছিলগৈ ।

ডিচিপি শশাংক সিঙে উল্লেখ কৰা অনুসৰি, সমগ্ৰ ষড়যন্ত্ৰটোত ৬জন লোক জড়িত আছিল। ইয়াৰ ভিতৰত আছিল পূজা যাদৱৰ শহুৰেক ৰাম মিলন, স্বামী অভিষেক, কুলদীপ সিং, দীপক ভাৰ্মা, আলোক নিগম আৰু অভিষেক শুক্লা। ইয়াৰে দীপক ভাৰ্মা, ৰাম মিলন আৰু কুলদীপ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। আন অভিযুক্তকেইজন বৰ্তমানেও পলাতক হৈ আছে যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:JNU Sweeper Arrested: JNUৰ অধ্যাপকৰ পত্নীৰ গা ধোৱা দৃশ্য মোবাইলত বন্দী কৰি গ্ৰেপ্তাৰ চাফাই কৰ্মী

JNU Sweeper Arrested: JNUৰ অধ্যাপকৰ পত্নীৰ গা ধোৱা দৃশ্য মোবাইলত বন্দী কৰি গ্ৰেপ্তাৰ চাফাই কৰ্মী

JNU Sweeper Arrested for Making Video of Professor's Wife Taking Bath
JNU Sweeper Arrested: JNUৰ অধ্যাপকৰ পত্নীৰ গা ধোৱা দৃশ্য মোবাইলত বন্দী কৰি গ্ৰেপ্তাৰ চাফাই কৰ্মী

নতুন দিল্লী, ২ অক্টোবৰ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (JNU) সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপকৰ পত্নীয়ে বাথৰুমত গা ধুই থকাৰ অৱস্থাত এজন চাফাই কৰ্মীয়ে গোপনে তেওঁৰ ভিডিও প্ৰস্তুত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে(JNU Sweeper Arrested)।

আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্ত চাফাই কৰ্মীটোৱে ছেপ্টেম্বৰ মাহৰ ৩০ তাৰিখৰ পুৱা পুৰণি ট্ৰেনজিট হাউচত থকা বাথৰুমত মহিলাগৰাকীয়ে গা ধুই থকাৰ অৱস্থাত নিজৰ মোবাইলেৰে মহিলাগৰাকীৰ গোপন ভিডিঅ’ বনাইছিল(Video of University professor wife bathing)।

সেই মুহূৰ্ততে চাফাই কৰ্মীটোৱে গোপনে ভিডিঅ’ বনাই থকা মহিলাগৰাকীয়ে লক্ষ্য কৰে আৰু লগে লগে চিঞৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে চিঞৰ শুনি সেই স্থানত উপস্থিত হোৱা অন্য লোকে অভিযুক্তটোক ততালিকে আৱদ্ধ কৰি উত্তম মাধ্যম দিয়াৰ লগতে ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চাফাই কৰ্মীটোৰ পৰা জব্দ কৰা মোবাইলটোৰ পৰা গোপন ভিডিঅ’টো ডিলিট কৰাৰ লগতে এটা গোচৰ ৰুজু কৰি চাফাই কৰ্মীটোক গ্ৰেপ্তাৰ কৰে।

দক্ষিণ-পশ্চিম দিল্লীৰ ডিচিপি ৰোহিত মীণাই কয় যে অভিযুক্ত যুৱকজন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ত ঠিকাভিত্তিত চাফাই কৰ্মী হিচাপে কাম কৰিছিল। যুৱকজনৰ দেউতাকেও জেএনইউত নন-টিচিং ষ্টাফ হিচাপে নিযুক্ত আছিল। আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বিশ্ববিদ্যালয়খনৰ এগৰাকী অধ্যাপকে পত্নীৰ সৈতে জেএনইউৰ পুৰণি ট্ৰেনজিট হাউচত অৱস্থান কৰি আছিল।

আৰক্ষীৰ তদন্তত জানিব পৰা মতে, অভিযুক্ত যুৱকজনে ট্ৰেনজিট হাউচটোত থকা বাথৰুমটোৰ কাষলৈ আহি বহুদিন ধৰি এই কার্যকলাপ(Obscene activities) চলাই আছিল ।

E Magazine: চিলাপথাৰ লেখিকা সমিৰোহ সমিতিৰ চতুবিংশতিত্বম প্ৰতিষ্ঠা দিৱসমুখপত্ৰ ‘খোজ’ উন্মোচন

E Magazine: Silapathar Writers' Samiroha Samroha Samiti's 22nd Foundation Day mouthpiece 'Khoj' unveiled
E Magazine: চিলাপথাৰ লেখিকা সমিৰোহ সমিতিৰ চতুবিংশতিত্বম প্ৰতিষ্ঠা দিৱসমুখপত্ৰ 'খোজ' উন্মোচন

দৈনন্দিন বাৰ্তা সেৱা চিলাপথাৰ, ২ অক্টোবৰঃ( E Magazine) চিলাপথাৰ লেখিকা সমিৰোহ সমিতিৰ চতুবিংশতিত্বম প্ৰতিষ্ঠা দিৱসমুখপত্ৰ ‘খোজ’ উন্মোচনচিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ খোজ ( ই আলোচনীৰ প্ৰস্তিৱনা সংখ্যা) উন্মোচন কৰে অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে । দিপামণি বকলে সম্পাদনা কৰা খোজৰ উন্মোচনী ভাষণত কবি ভুবন দাসে কয় যে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ ফল সাহিত্য ক্ষেত্ৰখনতো পৰিছে । ছপা সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি আৰু সময়ৰ অভাৱত মানুহ ছপা মাধ্যমৰ প্ৰতি কমি আহিছে আৰু ই সাহিত্যৰ কাষ চাপি আহিছে ।

চিলাপথাৰ নগৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কাৰ্যসূচীত পুৱা লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰে শাখা সভানেত্ৰী আইমণি গোহাঁই বৰুৱাই, স্মৃতি তৰ্পণ কৰে সাংগঠনিক সম্পাদিকা কল্পনা গগৈয়ে, বন্তি প্ৰজ্বলন কৰে অন্য এগৰাকী সাংগঠনিক সম্পাদিকা ৰূপাঞ্জলি সেনচোৱাই । চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে মঞ্চ মুকলি কৰাৰ পিছত দুপৰীয়া ১২ বজাৰপৰা আইমণি গোঁহাই বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা । সভাখন আঁতধৰে শাখা সম্পাদিকা অঞ্জুমণি গগৈয়ে ।

নিৰ্দিষ্ট বক্তাৰ ভাষণ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈয়ে কয় যে লেখিকাসকলে কবিতা; গল্প; প্ৰবন্ধ আদি লিখাৰ আগতে সেই বিষয়ত অধিক অধ্যয়ণ কৰাৰ দৰকাৰ । বিশিষ্ট অতিথি হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা তথা লোকশ্ৰী বিমলা গগৈয়ে মনোগ্ৰাহী ভাষণৰ লগতে পুৰণি দিনীয়া বিহুনাম গাই সকলোকে আনন্দ দিয়ে ।

ইয়াৰ পিছতে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰুক্মিনী বৰগোঁহাই; ৰাজ্যিক কৃতী শিক্ষক গোপাল চন্দ্ৰ দেৱ; অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ঘনকান্ত গগৈ আদিয়ে বিশিষ্ট অতাথি হিচাপে বক্তব্য প্ৰদান কৰা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱবালা বৰগোঁহাই; লাৱন্য হাজৰিকা; অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভাগ্যৱতী দত্ত; কানন পেগু; সাংস্কৃতিক কৰ্মী ৰেণু বৰুৱা আদি উপস্থিত থাকে। অনুষ্ঠানটোত আইমণি গোঁহাই বৰুৱা আৰু আৰতি বৰুৱাৰ নেতৃত্বত লেখিকাসকলে দিহিনাম পৰিবেশন কৰে । অৰ্ধ শতাধিক লেখিকা উপস্থিত থকা অনুষ্ঠানটোত শেষত পত্ৰিকা সম্পাদিকা দিপামণি বকলে শলাগৰ শৰাই আগবঢ়ায়। শেষত জাতীয় সংগীতেৰে সামৰণি পৰে।