Home Blog Page 516

Navratri 2024: নৱৰাত্ৰিৰ সময়ত পিয়াজ আৰু নহৰু নাখাব, শৰীৰৰ হ’ব ৫টা উপকাৰ

Navratri 2024: নৱৰাত্ৰিৰ সময়ত পিয়াজ আৰু নহৰু নাখাব
Navratri 2024: নৱৰাত্ৰিৰ সময়ত পিয়াজ আৰু নহৰু নাখাব

নৱৰাত্ৰিৰ সময়ছোৱাত বহুতো ধৰ্মীয় নিয়ম পালন কৰা হয়, য’ত খাদ্য নিষেধাজ্ঞাৰো বিশেষ গুৰুত্ব আছে। আয়ুৰ্বেদত তামসিক খাদ্য হিচাপে শ্ৰেণীভুক্ত নৱৰাত্ৰিৰ সময়ত পিয়াঁজ আৰু নহৰু খাব নালাগে বুলি কোৱা হয়। তামাসিক খাদ্য হ’ল সেই খাদ্য যিয়ে শৰীৰত এলাহ, খং আৰু নেতিবাচকতা জগাই তোলে।(Navratri 2024)

নৱৰাত্ৰিৰ সময়ত এইবোৰ নোখোৱাটো কেৱল ধৰ্মীয় বিশ্বাসৰ প্ৰতীক নহয়, স্বাস্থ্যৰ বাবেও ই উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। এই পবিত্ৰ সময়ত পিঁয়াজ আৰু নহৰু পৰিহাৰ কৰিলে শৰীৰৰ বহুতো উপকাৰ হয়, যেনে পাচনতন্ত্ৰৰ উন্নতি আৰু মানসিক শান্তি অনুভৱ কৰা।(onion)

নৱৰাত্ৰিৰ সময়ত এই তামাসিক বস্তুবোৰ ত্যাগ কৰিলে স্বাস্থ্যৰ কি উপকাৰ হ’ব পাৰে জানেনে আপুনি। পিয়াঁজ আৰু নহৰুৰ গৰম প্ৰকৃতি , যাৰ ফলত কেতিয়াবা পেটত জ্বলা-পোৰা আৰু এচিডিটি হ’ব পাৰে। নৱৰাত্ৰিৰ সময়ত এইবোৰ নাখালে পাচনতন্ত্ৰত ইতিবাচক প্ৰভাৱ পৰে আৰু পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পায়। লগতে এচিডিটিৰ দৰে সমস্যা হ্ৰাস পায়।(garlic)

আয়ুৰ্বেদৰ মতে পিয়াঁজ আৰু নহৰু তামসিক খাদ্য। যিয়ে শৰীৰত আক্ৰমণাত্মকতা, ক্ৰোধ আৰু উত্তেজনা বৃদ্ধি কৰে। নৱৰাত্ৰিৰ সময়ত এইবোৰ পৰিহাৰ কৰিলে মানসিক শান্তি পোৱা যায় আৰু মন সুস্থিৰ হৈ থাকে। ধ্যান আৰু পূজাৰ সময়ত আপোনাৰ একাগ্ৰতা বৃদ্ধিত সহায়ক হয়।

পিয়াঁজ আৰু নহৰু খালে শৰীৰত গধুৰ অনুভৱ হয়, যিটো উপবাসৰ সময়ত অপ্ৰীতিকৰ হয়। যাৰ বাবে এই সমূহ নাখালে শৰীৰৰ শক্তি পোহৰ আৰু বিশুদ্ধ হৈ থাকে, যাৰ বাবে উপবাসৰ সময়ত শক্তিৰ মাত্ৰা ভাল হৈ থাকে।

পিঁয়াজ আৰু নহৰুত কিছুমান উপাদান থাকে যিয়ে হৰম’নৰ ভাৰসাম্যহীনতা সৃষ্টি কৰিব পাৰে। নৱৰাত্ৰিৰ সময়ত এইবোৰ নাখালে হৰম’নৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে, যাৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হয়।

নৱৰাত্ৰিৰ সময়ত পিঁয়াজ আৰু নহৰু পৰিহাৰ কৰাৰ ধৰ্মীয় কাৰণো আছে। ই শাৰীৰিক আৰু মানসিক শুদ্ধতাক বুজায়, যিটো উপবাস আৰু পূজাৰ সময়ত অপৰিহাৰ্য বুলি গণ্য কৰা হয়।(Do not eat onions and garlic during Navratri)

লগতে পঢ়কঃ Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য


Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ’ বাইডেনৰ নিৰ্দেশ

iran attack on israel us president joe biden orders defense against iranian missiles
Iran Attack on Israel: আক্ৰমণাত্মক ৰূপত আমেৰিকা, ইৰাণী মিছাইল বিধ্বস্ত কৰিবলৈ আমেৰিকান সেনাক জ' বাইডেনৰ নিৰ্দেশ

ৱাশ্বিংটন, ২ অক্টোবৰ: মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণৰ প্রায় ১০০ টা মিছাইল আক্ৰমণৰ পাছত এতিয়া আমেৰিকা তৎপৰ হৈ পৰিছে । পোনপটিয়াকৈ ইজৰাইলক সহায় কৰিবলৈ আমেৰিকাৰ সেনাক হোৱাইট হাউছৰ পৰা নিৰ্দেশ দিয়া হৈছে । হোৱাইট হাউছে উল্লেখ কৰা অনুসৰি, “আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইৰাণৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলক সহায় কৰিবলৈ আমেৰিকাৰ সেনাক নিৰ্দেশ প্ৰদান কৰিছে ।”

ইৰাণী চৰকাৰী নিউজ চেনেলৰ খবৰ অনুসৰি, ইৰাণৰ ৰিভল্যুচনাৰী গাৰ্ডছে দাবী কৰিছে যে তেওঁলোকে ইজৰাইলৰ দিশে বহুসংখ্যক মিছাইল নিক্ষেপ কৰিছে(Iran missile attack on Israel) । লগতে সতৰ্ক কৰি দিছে, যদিহে ইজৰাইলে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে তেতিয়া হ’লে তেহৰানৰ প্ৰতিক্ৰিয়া অধিক ধ্বংসাত্মক হ’ব।

মিছাইল আক্ৰমণৰ পাছত আমেৰিকাৰ তাৎক্ষণিক পদক্ষেপ(US Response Following Missile Attack)

মঙলবাৰে ইজৰাইলৰ ওপৰত ইৰাণে কৰা ১০০ ৰো অধিক মিচাইল আক্ৰমণৰ লগে লগে আমেৰিকাই নিজৰ সেনাবাহিনীক অধিক তৎপৰতাৰে ইজৰাইলক সহায় কৰাৰ লগতে ইৰাণক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । তাৰোপৰি মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাবাহিনীলৈকো সতর্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ৰাষ্ট্ৰপতি জ’ বাইডেন(US President Joe Biden) আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে(Vice President Kamala Harris) হোৱাইট হাউছৰ সিচুৱেচন ৰূমৰ পৰা ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিটো মুহূৰ্ত নিৰিক্ষণ কৰি থকাৰ লগতে তেওঁলোকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ পৰা আপডেট লৈ আছে।

অৱশ্যে এই খবৰ প্ৰকাশ পোৱাৰ সময়লৈকে, তেল আভিভত থকা আমেৰিকান সেনাবাহিনীৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। আক্ৰমণৰ পূৰ্বেই আমেৰিকাই আশংকা প্ৰকাশ কৰিছিল যে ইৰাণে শীঘ্ৰেই ইজৰাইলৰ ওপৰত বেলিষ্টিক মিছাইল আক্ৰমণ কৰিবলৈ সাজু হৈছে। আমেৰিকাৰ এজন শীৰ্ষস্থানীয় বিষয়াই এই কথা উল্লেখ কৰি “যদি এনেকুৱা হয়, তেন্তে তাৰ ফলাফল অতি ভয়ংকৰ হ’ব।” বুলি ইৰাণক সকিয়াই দিছিল ।

শীৰ্ষস্থানীয় বিষয়াগৰাকীয়ে লগতে কয় যে, আমেৰিকাই ইজৰাইলৰ প্ৰতিৰক্ষাৰ প্ৰস্তুতিত সক্ৰিয়ভাৱে সমৰ্থন আগবঢাই আহিছে । এই ঘটনাটো এনে সময়ত সংঘটিত হৈছিল যেতিয়া ইজৰাইলী সেনাই লেবাননৰ সীমান্তৱৰ্তী অঞ্চলত থকা বাসগৃহসমূহ খালি কৰিবলৈ নিৰ্দেশ দিছিল ।

ইৰাণ-ইজৰাইলৰ মাজত চলি থকা উত্তেজনা

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এই ধৰণৰ মিছাইল আক্ৰমণ আৰু তাৰ বিৰুদ্ধে আমেৰিকাৰ প্ৰতিক্ৰিয়াই সমগ্ৰ মধ্যপ্ৰাচ্যত চলি থকা ৰাজনৈতিক পৰিস্থিতিক ক’লা মেঘেৰে সম্পূৰ্ণৰূপে চানি পেলাইছে । “ইৰাণৰ মিছাইল আক্ৰমণ” এই পৰিস্থিতিত এক গুৰুত্বপূর্ণ বিষয় হিচাবে চিহ্নিত হৈছে ।

Assam Cabinet meeting:ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Assam Cabinet Meeting: Key Decisions on Scooty Award, Semi-Conductor Project, and More
Assam Cabinet meeting:ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী,১ অক্টোবৰ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয় (Assam Cabinet meeting) ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই।

বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদান

কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে উচ্চতৰ মাধ্যমিম চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ ৰাজ্যৰ মুঠ ৪৮৬৭৩ গৰাকী ছাত্র আৰু ছাত্রীক এইবাৰ বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদান কৰা হ’ব। ৬০ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৪০৭৩৫ গৰাকী ছাত্রীক আৰু ৭৫ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা ৭৯৩৮ জন ছাত্রক প্ৰদান কৰা হ’ব স্কুটি। আজিৰ কেবিনেটে ইয়াৰ বাবে ৩৪৫.৭৫ কোটি টকাৰ অনুমোদন জনায়।

অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ তদন্ত (APSC)

অসম লোক সেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাৰ তদন্ত কৰাৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়ালয় বি কে শৰ্মাৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰা হৈছিল। এই তদন্ত আয়োগৰ প্ৰতিবেদন বিধানসভাৰ আগন্তুক অধিৱেশনত দাখিল কৰাৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হয়। কেবিনেটত দাখিল হোৱাৰ পাছতে এই প্ৰতিবেদন ৰাজহুৱা হ’ব।

ছেমি কণ্ডাক্টৰ (Semi Conductor)

জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাম চলি আছে। ছেমি কণ্ডাক্টৰ উদ্যোগ আৰু নতুন টাউনশ্বিপৰ বাবে জাগীৰোডত প্ৰয়োজন হ’বলগীয়‍া পানী যোগানৰ বাবে আজিৰ কেবিনেটে পানী যোগান প্ৰকল্প এটাৰ অনুমোদন জনায়। দৈনিক প্ৰয়োজন হ’বলগীয়া ১২.৫ মিলিয়ন লিটাৰ পানীৰ বাবে পানী যোগান প্ৰকল্প এটা স্থাপন কৰা হ’ব। ইয়াৰ বাবে কেবিনেটে ১২১.৩৬ কোটি টকাৰ অনুমোদন দিয়ে।

সমজিলা গঠন

ৰাজ্যৰ প্ৰতিটো সমষ্টিত সমজিলা গঠন কৰাৰ কথা মুখ্যমন্ত্রীয়ে ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩৯ টা সমষ্টিত অহা ৪ আৰু অক্টোবৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব। মন্ত্রীসকলে এই কাৰ্যালয়ৰ শুভাৰম্ভনী কৰিব। সমজিলাৰ কাৰ্যালয়ত একোজন এডিচি পৰ্যায়ৰ বিষয়া সমজিলা আয়ুক্ত হিচাপে নিয়োজিত হ’ব।

কাৰ্বি আংলং জিলাৰ শিক্ষকৰ

বিগত কেবিনেটত কাৰ্বি আংলং জিলাৰ ২৬৪ গৰাকী ইউ পি শিক্ষকৰ পদত অনুমোদন জনোৱা হৈছিল।কেবিনেটে তেওঁলোকৰ দৰমহাৰ প্ৰস্তাৱত অনুমোদন জনায়।

বিদ্যুৎমাছুল(Electricity charges)

বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে এ পি ডি চি এলৰ এটা প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি ২০০ মেগাৱাট কালাই-২ হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰজেক্টৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ বাবে কেবিনেটে এ পি ডি চি এলক অনুমোদন দিয়ে। প্ৰতি ইউনিট ৫.৪৬ টকা দৰত ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক

বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন

Mahalaya 2024: আৰম্ভ হ’ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য

Mahalaya 2024: আৰম্ভ হ'ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য
Mahalaya 2024: আৰম্ভ হ'ল মহালয়াৰ অমাবস্যা তিথি; জানো আহক মহালয়াৰ তাৎপৰ্য

নিউজ ডেস্ক, ১ অক্টোবৰ: পবিত্ৰ মহালয়া । প্ৰবাদ অনুসৰি, মহালয়াৰ এই বিশেষ দিনটোতেই ধৰালৈ শুভ শক্তিৰ আগমন ঘটে আৰু মহালয়াৰ পুৱাৰ পবিত্ৰ বতাহজাকে সুস্থ কৰি তোলে সকলোৰে শৰীৰ-মন-আত্মা(Mahalaya 2024) ।

মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে বুলি আছে জনবিশ্বাস ৷ সাধাৰণৰ লোকসকলৰ বাবে এই মহালয়া দুৰ্গা পূজাৰ আৰম্ভণি বুলি ধৰা হয় যদিও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আছে আন এক তাৎপৰ্য(Significance of Mahalaya) ৷ দেৱী দুর্গাৰ আগমণ আৰু গমনৰ ওপৰত ভিত্তি কৰিয়েই হিন্দু ধর্মাৱলম্বী লোকসকলে দেশৰ ভৱিষ্যক পুৰ্বানুমান কৰে ।

জ্যোতিষ শাস্ত্ৰৰ মতে, মহালয়া হ’ল পিতৃ পক্ষৰ সমাপ্তি আৰু দেৱী পক্ষৰ শুভ আৰম্ভণি । এই দিনটোতে হিন্দু ধর্মাৱলম্বী লোকসকলৰ বহুতেই তেওঁলোকৰ পূৰ্ব পুৰুষসকলক স্মৰণ তথা তৰ্পণ কৰে(Mahalaya rituals and Tarpan) । তৰ্পণৰ অৰ্থ হৈছে সন্তুষ্ট কৰা । এই তৰ্পনৰ ফলত নৰকত থকা পূৰ্ব পুৰুষে মুক্তি লাভ কৰে বুলি জনবিশ্বাস আছে ৷ আনকি পূৰ্ব পুৰুষে মুক্তি লাভ কৰিলে তেওঁলোকৰ আত্মাই সন্তুষ্টি লাভ কৰাৰ লগতে ধৰাত থকা কনিষ্ঠজনক আৰ্শীবাদ প্ৰদান কৰে বুলি লোকবিশ্বাস আছে ৷ সেয়েহে পূৰ্ব পুৰুষসকলৰ আত্মাক সন্তুষ্ট কৰিবলৈ এই বিশেষ দিনটোত কৰা হয় তৰ্পণ ।

প্ৰবাদ অনুসৰি, মহালয়াৰ দিনটোতে ভগৱান ৰামচন্দ্ৰই তেওঁৰ পূৰ্ব পুৰুষসকলক আগবঢ়াইছিল তৰ্পণ । যাৰ ফলস্বৰূপে ৰামচন্দ্ৰই পূৰ্ব পুৰুষৰ কৃপা দৃষ্টি লাভ কৰিছিল ৷

তাৰোপৰি, হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনী অনুসৰি, মহালয়াৰ এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক বধ কৰিবলৈ দেৱী দুৰ্গাক সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয় । মহালয়াক নৱৰাত্ৰিৰ আৰম্ভণি বুলিও আছে জনবিশ্বাস ৷ মা দুৰ্গাৰ নামত উৎসৰ্গিত এই দিনকেইটাত মাৰ ভক্তসকলে ন দিন উপবাসে থাকি তেওঁৰ নটা ৰূপক পূজা আগবঢ়ায় ।

লোক বিশ্বাস অনুসৰি, মহালয়াৰ এই দিনটোতে মা দুৰ্গাই তেওঁৰ সন্তান ক্ৰমে লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী, ঘোঁৰা অথবা দোলাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহিছিল(Devi Durga arrival) । সেই সময়তে মা দুৰ্গাই অসুৰ মহিষাসুৰক বধ কৰি পৃথিৱীত থকা তেওঁৰ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰিছিল । মহালয়াৰ দিনটোত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে । মহালয়াৰ দিনটোৰ পৰা সপ্তম দিনা মা দুৰ্গাৰ পূজা আৰম্ভ হয় আৰু দশম দিনা এই পূজা সমাপ্ত হয় (Mahalaya and Durga Puja) ।

আনকি এই মহালয়াৰ আৰম্ভ হোৱাৰ লগে লগে মৃন্ময় শিল্পীসকলেও দেৱী দুৰ্গাৰ প্ৰতিমাৰ চকুত ৰঙৰ প্ৰলেপ সানিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পিছতেই এই নিৰ্জীৱ মূৰ্তিটোয়ে জাগ্ৰত ৰূপ লয় বুলি জনবিশ্বাস আছে ৷

জ্যোতিষ শাস্ত্ৰ অনুসৰি, এইবাৰ অৰ্থাৎ ২০২৪ বৰ্ষত মহালয়া মঙলবাৰে নিশা ৯ বাজি ৪ মিনিট মিনিট ৪৯ ছেকেণ্ডৰ পৰা আৰম্ভ হ’ব । এইবাৰৰ মহালয়াৰ শুভ ক্ষণ ২ অক্টোবৰৰ নিশা ১১ বাজি ৫ মিনিট ৩৭ ছেকেণ্ডলৈকে থাকিব ৷

দুৰ্গা দেৱীৰ বাহন সিংহ যদিও প্ৰত্যেকবাৰে মা মৰ্ত্যলৈ আহে বেলেগ বেলেগ বাহনত । এইবাৰ দেৱী দুৰ্গাৰ আগমন দোলাত আৰু গমন কৰিব ঘোঁৰাত ।

Assam Police Day :অসম আৰক্ষী দিৱস, উলহ মালহেৰে উদযাপন

Assam Police Day :অসম আৰক্ষী দিৱস, উলহ মালহেৰে উদযাপন
Assam Police Day :অসম আৰক্ষী দিৱস, উলহ মালহেৰে উদযাপন

মৰিগাঁও ১ অক্টোবৰ :পহিলা অক্টোবৰ, অৰ্থাৎ অসম আৰক্ষী দিৱস। ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে বৃটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিক ভাৱে মূখ্য বিষয়াৰ কাৰ্যভাৰ গ্রহণ কৰিছিল। তেতিয়াৰে পৰা এই দিনটিত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস (Assam Police Day)উদযাপন কৰি অহা হৈছে। তাৰে লগত সংগতি ৰাখি মৰিগাঁও আৰক্ষীৰ উদ্যোগতো দিন যোৰা কাৰ্যসূচীৰে অসম আৰক্ষী দিৱস উদযাপন(celebrates)কৰা হয়।

পুৱাৰ ভাগত পতাকা উত্তোলন কৰে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস। পতাকা উত্তোলনৰ পিছত আৰক্ষী অধীক্ষক গৰাকীয়ে আৰক্ষী জোৱান সকলে পেৰেডৰ জৰিয়তে দিয়া অভিবাদন গ্রহণ কৰে। অভিবাদন গ্রহণ কৰাৰ পিছত আনুষ্ঠানিক ভাবে মৰিগাঁও জিলাৰ বিভিন্ন থানাৰ লগতে আৰক্ষী প্ৰশাসনৰ ১৫ গৰাকী আৰক্ষী জোৱানক তেওঁ সুদক্ষ সুনিপুণ কৰ্মৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।

মৰিগাঁও জিলা ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমিৰণ বৈশ্য, লাহৰিঘাট থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক আৰক্ষী বিষয়া জিতেন্দ্র সিং প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।


বিয়লি অসম আৰক্ষী দিৱস উপলক্ষে ছাত্র ছাত্রী সকলৰ মাজত ঠাইতে বহি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাৰ অন্ততঃ বিচাৰকৰ মূল্যায়নৰ ভিত্তিত স্হান অনুযায়ী বঁটা প্ৰদান কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। প্ৰতি বছৰে অসম আৰক্ষীৰ গৌৰৱোজ্জ্বল ইতিহাসক স্মৰণ কৰি উলহ মালহেৰে অসম আৰক্ষী দিৱস উদযাপন কৰা হয়।

লগতে পঢ়ক:

মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত অংশগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা

AIR COMMAND: এয়াৰ মাৰ্শ্বাল সুৰত সিঙে এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চিইফ ইষ্টাৰ্ন এয়াৰ কমাণ্ড হিচাপে দায়িত্ব লাভ

Air Marshal Surat Singh assumed the appointment of Air Officer Commanding- in-Chief
AIR COMMAND: এয়াৰ মাৰ্শ্বাল সুৰত সিঙে এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চিইফ ইষ্টাৰ্ন এয়াৰ কমাণ্ড হিচাপে দায়িত্ব লাভ

১ অক্টোবৰ , গুৱাহাটী: (Air Marshal Surat Singh)এয়াৰ মাৰ্শ্বাল চুৰৎ সিঙে ২০২৪ চনৰ ০১ অক্টোবৰত ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চিফৰ নিযুক্তি গ্ৰহণ কৰে।ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ আৰু ০৬ ডিচেম্বৰত আই এ এফৰ ফাইটাৰ ষ্ট্ৰিমত কমিচন দায়িত্ব লাভ কৰিছিল ।১৯৮৬ চনত বায়ু বিষয়াগৰাকীয়ে ভাৰতীয় বায়ুসেনাৰ বিভিন্ন যুঁজাৰু বিমান উৰুৱাইছে য’ত মিগ-২১, মিগ-২৯ আৰু ছু-৩০ এমকেআইৰ ভিন্নতা অন্তৰ্ভুক্ত।( MiG-21, MiG-29 and Su- 30 MKI.)


অষ্ট্ৰেলিয়াৰ কমাণ্ড এণ্ড ষ্টাফ কলেজ আৰু বাংলাদেশৰ নেশ্যনেল ডিফেন্স কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে।
সুৰত সিঙেৰ অপাৰেচনেল ফ্লাইং, ট্ৰেইনিং এণ্ড ষ্টাফ এচাইনমেণ্টৰ চহকী আৰু বৈচিত্ৰময় অভিজ্ঞতা আছে আৰু যুঁজাৰু বিমানত ২৯০০ ঘণ্টাৰো অধিক সময় উৰণ কৰিছে। এয়াৰ অফিচাৰগৰাকীয়ে মিগ-২৯ স্কোয়াড্ৰন, টেকটিকছ এণ্ড এয়াৰ কম্বেট ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট (টিএচিডিই), এয়াৰ ডিফেন্স ন’ড আৰু যুঁজাৰু বিমান ষ্টেচনৰ কমাণ্ড কৰিছে।
তেখেতে এয়াৰ ষ্টাফ পৰিদৰ্শন সঞ্চালকালয় (ডি এ এছ আই), এয়াৰ এইচ কিউৰ সঞ্চালক হিচাপে কাম কৰি আহিছে, দক্ষিণ-পশ্চিম এয়াৰ কমাণ্ডত এয়াৰ-এল, কাৰ্ছনেল সঞ্চালকালয় (অফিচাৰ) আৰু পৰিচালনা সঞ্চালকালয় (আক্ৰমণাত্মক)ৰ প্ৰধান সঞ্চালক আৰু সহকাৰী মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে এয়াৰ ষ্টাফ অপাৰেচন (স্পেচ)ৰ। বৰ্তমানৰ নিযুক্তি গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ এয়াৰ মুখ্য কাৰ্যালয়ত এয়াৰ অপাৰেচনৰ সঞ্চালক প্ৰধান আছিল।
চুৰৎ সিঙে বিশিষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে এয়াৰ অফিচাৰগৰাকীক ২০০৬ চনত বায়ুসেনা পদক (ভিএম), ২০১১ চনত বিষিষ্ঠ সেৱা পদক (ভিএছএম) আৰু ২০১৫ চনত অতি বিশিষ্ট সেৱা পদক (এভিএছএম) প্ৰদান কৰা হয়।

BJP’s massive protest :বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন

BJP's massive protest :বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন
BJP's massive protest :বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন

জাগীৰোড, ১ অক্টোবৰ : অসমৰ ২৯ হাজাৰ নিবনুৱাই চাকৰি পাব, সেয়ে কংগ্ৰেছৰ নেতাৰ গাত পূৰণি ধৰিছে ৷ এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।(Congress party national president Mallikarjun Kharge) কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা সেই দলৰে চিত্তপুৰ সমষ্টিৰ বিধায়ক প্ৰিয়াংক খাৰ্গেই টুইটাৰত কৰা অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শাসনাধিষ্ঠিত বিজেপি ৷তাৰেই প্ৰতিবাদত (BJP’s massive protest) বিজেপিৰ বিশাল প্ৰতিবাদ জাগীৰোডত সাব্যস্ত ৷

জাগীৰোড গাঁও পঞ্চায়তৰ সন্মূখৰ পৰা উলিওৱা উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লয় জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ(Minister Piyush Hazarika participate) মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে কেইবাগৰাকীও বিজেপি দলৰ বিধায়কে ৷ উল্লেখ্য যে, জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ কেতবোৰ মন্তব্যৰে অসমক হেয় প্ৰতিপন্ন কৰিছিল কংগ্ৰেছ দলৰ(Congress party) ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেই ৷ আনকি ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ (Semiconductor Project)বাবে অসমত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ বুলিও টুইটযোগে নিকৃষ্ট মন্তব্য কৰিছিল চিত্তপুৰ সমষ্টিৰ বিধায়ক প্ৰিয়াংক খাৰ্গেই ৷

তাৰেই প্ৰতিবাদত প্ৰায় সহস্ৰাধিক স্থানীয় লোকৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, শশীকান্ত দাস, হেমাংগ ঠাকুৰীয়া, ৰূপক শৰ্মা, দিগন্ত কলিতা, জিতু গোস্বামী, ৰামকৃষ্ণ ঘোষ, সুশান্ত বৰগোহাঁই আৰু মানৱ ডেকাই ।

লগতে পঢ়ক:

‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’: যোগী আদিত্যনাথক সকীয়নি এছ পি নেতা মেহবুব আলীৰ

Mission Bwiswmuthi:মিছন বসুমতি সম্পৰ্কে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে চক্ৰ বিষয়াৰ পৰ্যালোচনা বৈঠক

মিছন বসুমতি সম্পৰ্কে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে চক্ৰ বিষয়াৰ পৰ্যালোচনা বৈঠক
মিছন বসুমতি সম্পৰ্কে বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে চক্ৰ বিষয়াৰ পৰ্যালোচনা বৈঠক

কোকৰাঝাৰ, ১ অক্টোবৰ:(Mission Bwiswmuthi) ভূমি আৰু ৰাজহ সম্পৰ্কীয় সেৱাৰ বাবে (BTR),বি.টি.আৰত ভূমি আৰু ৰাজহ সম্পৰ্কীয় সেৱাসমূহৰ বাবে এক ডিজিটেল কৰাৰ লক্ষ্যৰে বিভিন্ন ধৰণৰ কামকাজ চলি আছে । মঙ্গলবাৰে বিটিচি সচিবালয়ৰ কনফাৰেন্স হলত বিটিচিৰ প্ৰধান প্ৰমোদ বড়োৰ সভাপতিত্বত চক্ৰ বিষয়াৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় (BTC Chief Pramod Boro)। এই বৈঠকত সমগ্ৰ অঞ্চলটোত ভূমি অভিলেখ ডিজিটেলাইজেচন সুশৃংখলিত কৰাৰ লক্ষ্যৰে লোৱা এটা মূল পদক্ষেপ মিছন বসুমতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই অধিৱেশনত কোকৰাঝাৰ, চিৰাং, বাকছা, তামুলপুৰ, আৰু উদালগুৰিৰ পাঁচখন জিলাৰ চক্ৰ বিষয়াৰ লগতে বিটিচিৰ প্ৰধান সম্পাদক আকাশ দীপ, এমচিএলএ আৰু বিটিআৰ চিইএমৰ ৰাজনৈতিক সম্পাদক মাধব চন্দ্ৰ চেত্ৰীয়ে অংশগ্ৰহণ কৰে।

এই বৈঠকৰ সময়ত মিছন বসুমতিৰ অধীনত ভূমি অভিলেখ ডিজিটেলাইজেচনৰ অগ্ৰগতি নিখুঁতভাৱে পৰ্যালোচনা কৰা হয়। আজিলৈকে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে ৯০ হাজাৰৰো অধিক আবেদন দাখিল কৰা হৈছে, য’ত ৭০ হাজাৰতকৈ অধিক গোচৰ সফলতাৰে নিষ্পত্তি কৰা হৈছে। উত্তৰাধিকাৰৰ অধিকাৰৰ দ্বাৰা নামজাৰি, পুনৰ শ্ৰেণীবিভাজন,পঞ্জীয়ন পত্ৰৰ পিছত নামজাৰি,ভূমি আৰু ৰাজহ সম্পৰ্কীয় সেৱাৰ, স্বচ্ছতা আৰু নাগৰিকৰ মাজত থকা সম্পৰ্কত আলোচনা কৰা হয় আজিৰ বৈঠকত ।

মিছন বসুমতিক সুশাসনৰ চিহ্ন বুলি অভিহিত কৰি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে । নিয়মীয়া নিৰীক্ষণ আৰু দ্ৰুত অগ্ৰগতি নিশ্চিত কৰিবলৈ চক্ৰ পৰ্যায়ত মাহেকীয়া পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ লগতে বিষয়াসকলক গোচৰসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ সুবিধাৰ ক্ষেত্ৰত তেওঁলোকৰ সক্ৰিয় প্ৰচেষ্টা বৃদ্ধি কৰিবলৈ আহ্বান জনায়, অঞ্চলটোৰ জনসাধাৰণক সময়মতে সমৰ্থন নিশ্চিত কৰে।
বডোলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ বাবে ভূমি সম্পৰ্কীয় বিষয়সমূহৰ সময়মতে সমাধান নিশ্চিত কৰাৰ লক্ষ্যৰে নিয়মীয়া পৰ্যালোচনাৰে ব্যৱস্থাটোৰ দক্ষতা অধিক বৃদ্ধিৰ প্ৰতিশ্ৰুতিৰে বৈঠকৰ সামৰণি পৰে।
ভূমি আৰু ৰাজহ সম্পৰ্কীয় সেৱাৰ বাবে মিছন বসুমতিয়ে যথেষ্ট সহায় হ’ব ।

Orang National Park opens: ২০২৪-২৫ বৰ্ষৰ পৰ্যটনৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

Orang National Park opens ২০২৪-২৫ বৰ্ষৰ পৰ্যটনৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান
Orang National Park opens ২০২৪-২৫ বৰ্ষৰ পৰ্যটনৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

কৌপাটি ১ অক্টোবৰ : ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা একমাত্ৰ গড়ঁৰ মুক্ত বিচৰণ ভূমি আৰু ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান। মঙ্গল বাৰে প্ৰতিকূল বতৰক নেওঁচি বৰ আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যান।২০২৪-২৫ বৰ্ষৰ (tourism)পৰ্যটনৰ বাবে মুকলি হ’ল (Orang National Park opens for tourism) ওৰাং ৰাষ্ট্ৰীয় উদ্যান(National Park)। মঙ্গল বাৰে ৰাতিপুৱা দহ বজাত মাঙ্গলিক অনুষ্ঠানৰ অন্তত ৰঙা ফিটা কাটি ৰাষ্ট্ৰীয় উদ্যান খন আনুষ্ঠানিক বাবে মুকলি কৰে দৰং জিলাৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱা আৰু তেখেতক সঙ্গ দিয়ে ৰাষ্ট্ৰীয় উদ্যান খনৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীয়ে।

এক উৎসৱমুখৰ পৰিবেশত উদ্যানখন মুকলি হোৱাৰ লগে লগেই উদ্যান খনৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে পৰ্যটক সকলে। পৰ্যটক সকলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰি অভিভূত হৈ পৰে। প্ৰায় ২৮০ বৰ্গ কিলোমিটাৰ জোৰা উদ্যান খনৰ প্ৰাকৃতিক মনোমোহা দৃশ্য,গছ-গছনীত ৰং বিৰঙৰ ফুল-ফলৰ লগতে আছে বহু প্ৰজাতিৰ বন্যপ্ৰাণী।১২৫ টা গড়ঁ,২৮ টা ঢেঁকীয়াপতীয়া বাঘ,হৰিনা পহু,হাতী,নল-গাহৰি,বন-গাহৰি,খটীয়া পহু কেটেলা পহু,আদি কৰি উদ্যান খনত দেখা পোৱা যায় ২২২ বিধ বিভিন্ন প্ৰজাতিৰ চৰাই।তাৰে ভিতৰত বহু পৰীভ্ৰমী চৰাইয়ো আছে।

অন্যান্য বছৰতকৈ এই ২০২৪-২৫ বৰ্ষত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি কয় মঙ্গলদৈ বনসংমন্ডল প্ৰাধিকাৰী বিষয়া প্ৰদিপ্ত বৰুৱাই।পৰ্যটকৰ বাবে থকা, খোৱা লোৱাৰ সু-ব্যৱস্থাৰ বাবে উদ্যান খনৰ লগতে আছে “ইকো কেম্প”, ব্যক্তিগত বাবে আছে ওৰাং ভিলেজ ৰিচাৰ্ড,গ্ৰীন ভেলী আৰু উদ্যানখনৰ প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আছে জিপ ছাফাৰী,হাতী সাফাৰী।

প্ৰতি বছৰৰ দৰে এই বাৰো পৰ্যটক সকলৰ সৈতে প্ৰতি গাড়ীত থাকিব বন্ধুক ধাৰী এগৰাকী বন-কৰ্মী আৰু হাতী সাফাৰীৰ সময়তো লগতে থাকিব সুৰক্ষা কৰ্মী। মঙ্গল বাৰে উদ্যান খনৰ মুকলি অনুষ্ঠানত প্ৰতিকুল বতৰৰ মাজতো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বহু বন কৰ্মী, দাঁতি-কাষৰীয়া অঞ্চলৰ ইডিচি সমিতিৰ কৰ্মকৰ্তা আৰু স্থানীয় দুই শতাধিক গন্য মান্য ব্যক্তি উপস্থিত থাকে। স্থানীয় ব্যক্তি সকলে উদ্যান খনৰ উন্নয়নৰ বাবে চৰকাৰক আহ্বান জনায়।

লগতে পঢ়ক:

বিশ্ব পৰ্যটন দিৱসত অসমৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত গুজৰাটৰ এদল সাংবাদিক

AAP ASSAM: আপ অসমৰ সংবাদমেল, পুনৰ ৭৫০ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰৰ

AAP ASSAM: আপ অসমৰ সংবাদমেল
AAP ASSAM: আপ অসমৰ সংবাদমেল

গুৱাহাটী, ১ অক্টোবৰ – “ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাবে নিশকতীয়া কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে (Himanta Bisaw Sharma) ! ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া । যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন । প্রতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যোৱা ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা আৰু ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকাৰ ঋণ লোৱাৰ পিছত পুনৰ আজি অৰ্থাৎ ১ অক্টোবৰ তাৰিখে ৭৫০ কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । চৰকাৰে মাথোঁ হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ভোট বেংক সুৰক্ষিত কৰাৰ লক্ষ্যতেই এইদৰে ৰাজ্যবাসীৰ মূৰত বৃহৎ ঋণৰ বোজা জাপি দিছে। ইয়াৰ বাবদ ৰাজ্য চৰকাৰে বছৰি ৭ হাজাৰৰ পৰা ৮ হাজাৰ কোটি টকালৈ সুদ ভৰিব লগা হৈছে। (AAP Press Meet) ” সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে কয়,” ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ ৮ এপ্ৰিলত এহাজাৰ কোটি আৰু ৩০ এপ্ৰিলত এহাজাৰ কোটি টকাৰ ঋণ লৈছিল। তাৰ পিছত ২৮ মে’ত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লৈছিল । প্ৰতি মাহে এনেদৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত অসমৰ ঋণৰ বোজাই ১ লাখ ৫৫ হাজাৰ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। চৰকাৰৰ এই পৰিকল্পনা বিহীন অৰ্থনৈতিক নীতিয়ে ৰাজ্যবাসীক সংকটৰ মুখলৈ ঠেলি দিছে ।” শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট চৰকাৰে ঋণ লৈ চৰকাৰ চলোৱা নীতিৰ বিৰুদ্ধে সৰৱ আপৰ ৰাজ্যিক মুখপাত্ৰ পুনম গগৈৰ মতে,” মাহে মাহে চৰকাৰখনে লোৱা ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় কৰা হোৱা নাই। মাথোঁ হিতাধিকাৰী সৃষ্টিৰ বাবে আঁচনিৰ নামতে চৰকাৰখনে ঋণৰ ধন ব্যয় কৰি আহিছে । এইদৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আঁচনি ৰূপায়ন কৰাৰ নামত পুঁজিৰ ওপৰত লুণ্ঠন চলাইছে হাত দীঘল মহলে।” সংবাদমেলত পুনম গগৈয়ে অভিযোগ উত্থাপন কৰে, ” বৰ্তমান ৰাজ্য চৰকাৰে ঋণ গ্ৰহণৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

২০০১ৰ পৰা ২০১৬ চনলৈকে শাসনত থকা প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আমোলত অসমৰ ঋণৰ পৰিমাণ আছিল মুঠ ৪১,৯৬৪ কোটি টকা । আনহাতে, ২০১৬ চনত শাসনভাৰ লোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকাল অৰ্থাৎ ২০১৬ চনৰ পৰা ২০২১ চনলৈ বিজেপি চৰকাৰে ঋণ লৈছিল ৬৬,০২০.৬৫ কোটি টকাৰ। সোণোৱাল চৰকাৰে বছৰি গড়ে ১৩,২০৪.১৩ কোটি টকাৰ ঋণ লৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে । যাৰ ফলত এতিয়া প্ৰতি মাহেই ৰাজ্যবাসীৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে । ২০২১ চনৰ পৰা ২০২৩ চনলৈকে দুটা বিত্তীয় বৰ্ষতে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঋণৰ পৰিমাণ হ’লগৈ ৪৩,০৫০.৫৭ কোটি টকা। বৰ্তমানৰ চৰকাৰে বছৰি গড়ে ২১,৫২৫.২৮৫ কোটি টকাৰ ঋণ লৈ ঋণত পোত যোৱা পূৰ্বৰ চৰকাৰৰ ৰেকৰ্ড ভংগ কৰে। ” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে অদূৰদৰ্শী নীতি সন্দৰ্ভত আপৰ নেত্ৰী পুনম গগৈৰ প্ৰশ্ন, ” মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ধাৰ লোৱা চৰকাৰে ধাৰ পৰিশোধ কৰিব কেতিয়া? ঋণৰ ধন কোনো উৎপাদনমুখী আঁচনিত ব্যয় নকৰি মাথোঁ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত হিতাধিকাৰী সৃষ্টিৰ নামত ব্যয় কৰাৰ ফলতে বৰ্তমানলৈকে চৰকাৰে ঋণ পৰিশোধ কৰিব পৰা নাই। ধাৰত পোত যোৱা চৰকাৰে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ তথা মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। আন্তঃগাঁথনি নিৰ্মানৰ নামতো বিজেপি চৰকাৰে বৃহৎ পৰিমাণৰ ঋণ লৈছে, কিন্তু তাৰ কিমান সদব্যৱহাৰ কৰিলে সেই তথ্য অৱগত কৰা নাই। এই কথা মনত ৰখা উচিত যে মাথোঁ চহৰে – নগৰে উৰণীয়া সেতু নিৰ্মাণ কৰা আৰু হিতাধিকাৰী সৃষ্টি কৰি উৎপাদনশীল কৰ্ম বাধাগ্ৰস্ত কৰাৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়। ” আম আদমী পাৰ্টিৰ মুখপাত্ৰ পুনম গগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে ধৃষ্টতা পৰিহাৰ কৰি ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত উৎপাদনমুখী আৰ্থিক নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। দিল্লী আৰু পঞ্জাৱত আম আদমী পাৰ্টিৰ চৰকাৰে যিদৰে সকলো নাগৰিকৰ বাবেই চৰকাৰী উন্নয়নমূলক আঁচনি উপলব্ধ কৰিছে, সকলো স্তৰৰ নাগৰিকেই চৰকাৰী আঁচনিৰ দ্বাৰায় সমানে উপকৃত হৈছে তেনেদৰে অসমতো জনকল্যাণকামী আঁচনি গ্ৰহণ কৰিবলৈ আপৰ মুখপাত্ৰ গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়। আনহাতে এন আৰ চি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যৰ বিৰোধিতা কৰি সংবাদমেলত পুনম গগৈয়ে কয়, “নিজ ৰাজ্যৰ উন্নয়নত বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত গৈ সমগ্ৰ দেশৰ বাবেই এন আৰ চি ৰূপায়নৰ কথা কৈছে। অসমত ১৬০০ কোটি টকা ব্যয় কৰি এন আৰ চি প্ৰস্তুত কৰাৰ পিচতো চৰকাৰে কিয় কাৰ্যকৰী কৰিব পৰা নাই?”


সংবাদমেলত আপৰ ছাত্ৰ সংগঠন চি ৱাই এছ এছৰ আহ্বায়ক দিব্যজ্যোতি কুলীয়ে অলপতে গুৱাহাটী বিশ্ববিদ্যালয়ত সূত্ৰপাত হোৱা হিংসাত্মক ঘটনাৰ এক নিৰপেক্ষ তদন্তৰ দাবী কৰে। ছাত্ৰ নেতা গৰাকীয়ে কয়,” বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত নিশা ২ বজালৈকে সুৰাৰ আড্ডা, মাৰপিট চলা ঘটনাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ প্ৰশাসনিক ব্যৰ্থতা উদঙাই দিছে। বৰ্তমান চৰকাৰৰ আমোলত শিক্ষানুষ্ঠান সমূহতো অবাধে সুৰাৰ প্ৰচলন হৈছে। আমি চি ৱাই এছ এছৰ ফালৰ পৰা এই ক্ষেত্ৰত কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। ” সংবাদমেলত আপ অসমৰ আন এগৰাকী নেত্ৰী মিতালী গগৈয়ো উপস্থিত থাকে ।