Home Blog Page 517

International Senior Citizens’ Day মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত অংশগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা

International Senior Citizens' Day মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন :অংগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা
International Senior Citizens' Day মঙ্গলবাৰে আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস পালন :অংগ্ৰহণ সাংকৃতিক মন্ত্ৰী বিমল বৰা

গুৱাহাটী ১ অক্টোবৰ : অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক সন্থা অসমৰ সহযোগত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস (International Senior Citizens’ Day) মঙ্গলবাৰে পালন কৰা হয় ।পাঞ্জাবাৰীৰ শ্ৰীমন্ত শঙ্কৰদেব আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুস্থিত কৰা আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংগ্ৰহণ কৰে(Minister of State for Culture Bimal Bora) অসম চৰকাৰৰ সাংকৃতিক মন্ত্ৰী বিমল বৰা ।

এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বৰাই কয় যে “জেষ্ঠ নাগৰিক(Senior Citizens) সকলৰ মাজত এনে ধৰনৰ গীত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি তেওঁ লোকৰ মাজত থকা প্ৰতিভা বিকাশৰ লগতে মানসিক দিশটো সহায়ক কৰে “।

উল্লেখযোগ্য যে এই অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণৰ বিভাগৰ সঞ্চালক ভাস্কৰ জ্যোতি মান্তা, সন্থাৰ সভাপতি সুৰেশ শইকীয়াৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, ৰমেন চৌধুৰী, অভিনেতা তথা পৰিচালক উপকূল বৰদলৈ,বিশিষ্ট সংগীত শিল্পী তথা গায়িকা সন্ধ্যা মেনন, বিশিষ্ট সংগীত শিল্পী মালবিকা বৰা,বিশিষ্ট সংগীত শিল্পী পাহাৰী দাসকে ধৰি মুঠ ছয় গৰাকী ব্যক্তিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। আনহাতে জেষ্ঠ নাগৰিক সকলৰ মাজত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা ভূপেন্দ্ৰ সঙ্গীত ,ৰাভা সঙ্গীত ,বিষ্ণু ৰাভা সঙ্গীত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয়।

লগতে পঢ়ক:

সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা

Durga Puja: কোনখন বাহনত আহিব মা দুৰ্গা ?

Durga Puja: কোনখন বাহনত আহিব মা দুৰ্গা ?
এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত

১ অক্টোৱৰ, গুৱাহাটী:( Durga Puja) এতিয়া দূৰ্গাপূজাৰ বতৰ । ধৰালৈ নামিব দূৰ্গা মা । (Durga Maa )দুৰ্গা দেৱীৰ বাহন সিংহ কিন্তু প্ৰত্যেকবাৰে মৰ্ত্যলৈ আহিলে বেলেগ বেলেগ বাহনত আহে ৷ জ্যোতিষীৰ মতে ইয়াৰো আছে বহু অৰ্থ ৷ এইবাৰ দেৱী দুৰ্গা দোলাত আহিব আৰু প্ৰস্থান কৰিব ঘোঁৰাত ৷সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ ৷ এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামেৰে জনাজাত । বিশ্বাস কৰা হয় যে মহালয়াৰ দিনটোত দেৱী দুৰ্গাই লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে তেওঁৰ বাহনত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ আহে। ইয়াৰোপৰি বিশ্বাস কৰা হয় যে দহ দিনৰ ভিতৰত, দেৱী দুৰ্গাই পৃথিৱীৰ পৰা অপশক্তি আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ আৰম্ভণিৰ সময়ত ভক্তসকলে পুৱাই উঠি দেৱী দুৰ্গাক উপাসনা কৰে। পুৰাণৰ পৰা মহাভাৰতলৈকে মহালয়াৰ বিষয়ে বহু কাহিনী কোৱা হৈছে।

ব্ৰহ্মবৈবৰ্ত পুৰাণঃ

ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ ৷ দুৰ্গা পূজাৰ প্ৰৱৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায় ৷ কোৱা হয় যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই ৷ দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায় ৷ এই মূৰ্তিসমূহৰ মধ্যস্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ ৷ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক ৷

দেৱী ভাগৱত পুৰাণঃ

দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে আৰু এই সময়খিনিত তেওঁ তিনি বাগ্‌ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিয় কয় যে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক ৷ মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ ৷ বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা ৷”

‘দ’-আখৰে দৈত্যনাশক, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক ৷ অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে হৈছে দুৰ্গা ৷ দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি ৷ পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে ৷ মা দুৰ্গা দেৱীৰ ৰূপ নটা ৷ শাস্ত্ৰত বৰ্ণনা কৰা মতে, সেই নামসমূহ হ’ল একেধাৰে— শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী ৷

Tirupati Mandir Laddu controversy: ৰাজনীতিৰ পৰা দেৱতাক আঁতৰাই ৰাখিব লাগেঃ উচ্চতম ন্যায়ালয়

তিৰুপতিমন্দিৰ লাড়ু বিতৰ্ক
তিৰুপতিমন্দিৰ লাড়ু বিতৰ্ক

দৈনন্দিন বাৰ্তা, ১ ছেপ্টেম্বৰঃ উচচতম ন্যায়ালয়ে তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি থকা ঘিউৰ দাবী সন্দৰ্ভত প্ৰমাণ বিচৰাৰ সমান্তৰালকৈ ধৰ্মক ৰাজনীতিৰ বাহিৰত ৰাখিবলৈ আহ্বান জনায়।(Tirupati Mandir Laddu controversy)

উচ্চতম ন্যায়ালয়ে আদালতৰ নিৰীক্ষণত তদন্তৰ অনুৰোধ কৰাকে ধৰি আবেদনৰ এটা গোটৰ শুনানি ৩ অক্টোবৰলৈ পিছুৱাই দিয়ে। শীৰ্ষ আদালতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাকো অনুৰোধ জনায় যে ২০২০ চনত দূষিত ঘিৰ ব্যৱহাৰৰ অভিযোগৰ তদন্ত হ’ব নে নহয় সেই সন্দৰ্ভত নিৰ্দেশনা প্ৰদান কৰিব লাগিব। তিৰুপতি লাড়ুৰ বিতৰ্কৰ তদন্ত এটা স্বতন্ত্ৰ সংস্থাই কৰিব পাৰে বুলিও আদালতে কয়। আদালতে বিষয়টোৰ সৈতে জড়িত বিভিন্ন আবেদন বিবেচনা কৰি আছে বুলিও প্ৰকাশ কৰিছে।(Gods should be kept away from politics, says Supreme Court)

তিৰুপতি লাডু প্ৰস্তুত কৰাত পশুৰ চৰ্বি ব্যৱহাৰ কৰাৰ অভিযোগৰ তদন্তৰ আহ্বান জনাই ধাৰাবাহিক আবেদনৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠে শুনানি গ্ৰহণ কৰি আছে। ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে উল্লেখ কৰে যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ১৮ ছেপ্টেম্বৰত এই দাবী কৰিছিল যদিও বিষয়টো সন্দৰ্ভত ২৫ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰা হয় আৰু ২৬ ছেপ্টেম্বৰত ইয়াৰ তদন্তৰ বাবে এক বিশেষ তদন্ত দল (এছ আই টি) গঠন কৰা হয় । বিচাৰপীঠে লগতে দৃঢ়তাৰে কয় যে এগৰাকী সাংবিধানিকভাৱে উচ্চ পদবীত থকা ব্যক্তিৰ ফালৰ পৰা ৰাজহুৱাভাৱে এনে এক বিবৃতি দিয়া উচিত নহয়, যিয়ে কোটি কোটি লোকৰ অনুভূতিক প্ৰভাৱিত কৰিব পাৰে।(KV Viswanathan)

শীৰ্ষ ন্যায়ালয়ে কয় যে তিৰুপতি তিৰুমালা মন্দিৰত লাড়ু প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পশুৰ চৰ্বিৰ সৈতে ভেজাল ঘিউৰ ব্যৱহাৰৰ দাবীৰ তদন্ত ৰাজ্যৰ পৰা এটা স্বতন্ত্ৰ সংস্থালৈ স্থানান্তৰ কৰাৰ বিষয়ে বিবেচনা কৰিব । বিচাৰপীঠে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক বিষয়টো পৰীক্ষা কৰিবলৈ আৰু ৩ অক্টোবৰত এই বিষয়ত নিৰ্দেশনাৰে আদালতত উপস্থিত হ’বলৈ কয়।(Tirupati Mandir)

উল্লেখ্য যে সোমবাৰে তিৰুপতি লাড়ু তৈয়াৰ কৰাত পশুৰ চৰ্বি ব্যৱহাৰৰ অভিযোগৰ আদালতৰ নিৰীক্ষণত তদন্ত বিচৰা লোকসকলকে ধৰি কেইবাখনো আবেদনৰ শীৰ্ষ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে । বিজেপি নেতা সুব্ৰমণিয়াম স্বামী, ইতিহাসবিদ ড০ বিক্ৰম সম্পত আৰু আন এজন ব্যক্তি আৰু সুদৰ্শন টিভি চেনেলৰ সম্পাদক সুৰেশ চাভাঙ্কেয়ে এই বিষয়ত আবেদন দাখিল কৰিছিল ।

শীৰ্ষ ন্যায়ালয়ে এজাহাৰ পঞ্জীয়ন কৰা আৰু বিষয়টোৰ এছ আই টি তদন্তৰ নিৰ্দেশ দিয়াৰ পূৰ্বেই ১৮ ছেপ্টেম্বৰত তিৰুপতি লাড়ুৰ প্ৰস্তুতিৰ বাবে দূষিত ঘিউৰ ব্যৱহাৰ সম্পৰ্কে বিবৃতি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ শব্দ বাকী ৰখা নাছিল । আনহাতে, মেহতাই কয় যে এইটো বিশ্বাসৰ বিষয় আৰু যদি দূষিত ঘিউ ব্যৱহাৰ কৰা হৈছিল তেন্তে সেয়াও গ্ৰহণযোগ্য নহয় । মেহতাই এই কথাও জোৰ দি কয় যে ইয়াত কোন দায়ী তাৰ তদন্ত কৰিব লাগিব।(Tirupati Laddu row)

Mehboob Ali Warns Yogi Government: ‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’: যোগী আদিত্যনাথক সকীয়নি এছ পি নেতা মেহবুব আলীৰ

মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে
মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে

দৈনন্দিন বাৰ্তা, ১ ছেপ্টেম্বৰঃ উত্তৰ প্ৰদেশৰ উপ-নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে। সম্প্ৰতি ৰাজ্য খন ভ্ৰমণ কৰি আছে সমাজবাদী পাৰ্টিৰ নেতাসকলে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে নিবনুৱা সমস্যা, প্ৰশ্নকাকত ফাদিল, অপৰাধ আৰু বুলডজাৰৰ বিষয়ত যোগী আদিত্যনাথৰ শাসকীয় বিজেপি চৰকাৰক সমালোচনা কৰি আহিছে।(Mehboob Ali Warns Yogi Government)

এনে সময়তে এছ পি নেতা মেহবুব আলীয়ে এক বিতৰ্কিত মন্তব্যৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আমৰোহৰ বিধায়ক মেহবুব আলীয়ে বিজনুৰত এখন ৰাজহুৱা সভাত ভাষণ দি বিতৰ্কিত মন্তব্য কৰে। আলীয়ে কয়- ‘মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে, আপোনাৰ শাসন শেষ হ’ব…’। আদিত্যনাথক উদ্দেশি আলীয়ে কৰা এই মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।(Muslim Population Increasing, Your Rule Will End)

সমাজবাদী পাৰ্টিৰ বিধায়ক মেহবুব আলীয়ে উত্তৰ প্ৰদেশত বৃদ্ধি পোৱা মুছলমান জনসংখ্যাৰ বাবে ২০২৭ চনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি ক্ষমতাৰ পৰা আংতৰিব লাগিব বুলি দাবী কৰে। উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰীগৰাকীয়ে ক্ৰমবৰ্ধমান মুছলমান জনসংখ্যাক ব্যৱহাৰ কৰি যোগী আদিত্যনাথ প্ৰশাসনলৈ এই সতৰ্কবাণী প্ৰেৰণ কৰে। সমাৱেশৰ সময়ত আলীয়ে উল্লেখ কৰে যে ৰাজ্যখনত মুছলমান জনসংখ্যা বৃদ্ধি পাইছে, আৰু ফলত বিজেপিৰ শাসনৰ অন্ত পৰিব। তেওঁ ৮০০ বছৰ ধৰি ভাৰতত চলা মোগলৰ শাসনৰ কথা উল্লেখ কৰি কয় যে যদি মোগলৰ শাসনৰ অস্তিত্ব ঘূৰি আহে তেন্তে উত্তৰ প্ৰদেশত বিজেপি কিমান দিন ক্ষমতাত থাকিব? ইয়াৰ পিছতে বিধায়কগৰাকীয়ে ভৱিষ্যদ্বাণী কৰে যে ২০২৭ চনৰ ভিতৰত যোগী আদিত্যনাথ উত্তৰ প্ৰদেশত ক্ষমতাৰ পৰা চিটিকি পৰিব।(SP Leader Mehboob Ali Warns Yogi Adityanath Government)

বিজনুৰত ‘সংবিধান সন্মান সভা’ত ভাষণ দিওঁতে মেহবুব আলীয়ে মোদী চৰকাৰকো সমালোচনা কৰে। তেওঁ চৰকাৰে ৰে’লৱে, টেলিকমিউনিকেচন, এল আই চি, বিমানবন্দৰকে ধৰি সকলো বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে। বিধায়কগৰাকীয়ে লগতে কয় যে জনসাধাৰণে এতিয়া সত্য উপলব্ধি কৰিছে বিজেপি পুনৰ ক্ষমতালৈ ঘূৰি নাহে।(BJP)

আলীয়ে বিজেপিক সংবিধানৰ বিৰোধী বুলি অভিযোগ কৰি দলটোৱে সংৰক্ষণৰ বিৰোধিতা কৰে বুলিও কয়। তেওঁ দৃঢ়তাৰে কয় যে সমাজবাদী পাৰ্টিয়ে সংবিধানৰ নীতিসমূহ পালন কৰি আহিছে। বিজেপি চৰকাৰৰ দিনত আইনৰ শাসনৰ অস্তিত্ব নাই বুলিও অভিযোগ উত্থাপন কৰে এছ পি নেতাগৰাকীয়ে।

Rajmata-Gaumata: গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে মহাৰাষ্ট্ৰৰ চৰকাৰে

ৰাজমাতা-গৌমাতা
ৰাজমাতা-গৌমাতা

দৈনন্দিন বাৰ্তা, ৩০ ছেপ্টেম্বৰঃ গৰুক ৰাষ্ট্ৰীয় প্ৰাণী হিচাবে ঘোষণা কৰাৰ দাবী উত্থাপন হৈ থকাৰ সময়তে মহাৰাষ্ট্ৰৰ চৰকাৰে গৰুক ‘ৰাজমাতা-গৌমাতা’ হিচাপে ঘোষণা কৰিলে। থলুৱা গৰু সন্দৰ্ভত এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰি সোমবাৰে মহাৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক ৰাজমাতা-গোমাতাৰ মৰ্যাদা প্ৰদান কৰে।(Rajmata-Gaumata)

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ স্বাক্ষৰিত চৰকাৰী প্ৰস্তাৱৰ জৰিয়তে এই ঘোষণা কৰা হৈছে। ঘোষণাটোত কোৱা হৈছে যে, “গৰু প্ৰাচীন কালৰে পৰা মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ ঐতিহাসিক, বৈজ্ঞানিক, গুৰুত্বৰ বাবেই গৰুক দীৰ্ঘদিন ধৰি ‘কামধেনু’ বুলি কোৱা হৈছে। গৰুৰ আধ্যাত্মিক তাৎপৰ্য্যও আছে।” তেওঁ আৰু কয় যে সমগ্ৰ দেশতে বিভিন্ন জাতৰ গৰুৰ অস্তিত্ব আছে যদিও থলুৱা গৰুৰ সংখ্যা ভয়ংকৰ হাৰত কমি আহিছে। থলুৱা গৰুক ৰক্ষা কৰাৰ বাবেই গৰুক ৰাজমাতা হিচাবে স্বীকৃতি দিয়া হৈছে।(Maharashtra)

মহাৰাষ্ট্ৰত বিভিন্ন ধৰণৰ থলুৱা জাত, যেনে- মাৰাথৱাড়াত দেৱৰী আৰু লালকানাৰী আৰু উত্তৰ মহাৰাষ্ট্ৰৰ ডাংগী আৰু শৱদাভাট আদি আছে। অৱশ্যে এই থলুৱা গৰুৰ সংখ্যা দ্রুতগতিত হ্ৰাস পোৱাকলৈ ৰাজ্যখনত উদ্বেগৰ সৃষ্টি হৈছে। এই সমস্যাৰ সমাধানৰ বাবে চৰকাৰে গৰুক ৰাজমাতা বুলি স্বকৃতি দিছে।(Cow As Rajmata-Gaumata)

চৰকাৰে আশা কৰিছে যে নতুন স্বীকৃতিয়ে কৃষকসকলক পঞ্চগব্যৰ দৰে আয়ুৰ্বেদিক পদ্ধতি আৰু পৰম্পৰাগত কৃষি পদ্ধতিৰ অবিচ্ছেদ্য অংগ থলুৱা জাতৰ গৰু পালন আৰু যত্ন লোৱাৰ বাবে প্ৰেৰণা যোগাব। পশুপালকসকলক গৰুৰ দৰে উল্লেখযোগ্য জীৱ-জন্তুসমূহৰ পালনক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাই চৰকাৰী প্ৰস্তাৱটোত কোৱা হৈছে যে থলুৱা গৰুৰ সংখ্যা হ্ৰাস পোৱাটো চিন্তাৰ বিষয়।(Eknath Shinde)

North Guwahati Na-Gohain Hauli Durga Puja: দুশ এবছৰত ভৰি দিলে উত্তৰ গুৱাহাটীৰ ন-গোঁসাই হাউলীৰ দুৰ্গা পূজাই। জাকজমকতা বিহীনভাৱে আধ্যাত্মিকতাৰ পৰিৱেশত সম্পন্ন হ’ব পূজা

উত্তৰ গুৱাহাটীৰ ন-গোঁসাই হাউলীৰ দুৰ্গা পূজা
উত্তৰ গুৱাহাটীৰ ন-গোঁসাই হাউলীৰ দুৰ্গা পূজা

অসমত শক্তি পূজাৰ পৰম্পৰা প্ৰাচীন কালৰে পৰা চলি আহিছে যদিও ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত এটা শতিকাৰ পূৰ্বে আৰম্ভ হৈছিল। ১৮৮৯ চনৰ পৰা অসমত ৰাজহুৱা স্থানত দুৰ্গা পূজা কৰা হৈছিল বুলি জানিব পৰা গৈছে। আহোম ৰাজ পৰিয়ালৰ পৰা পূজা ভাগ ৰাইজৰ মাজলৈ উলিয়াই দিয়াত প্ৰথমতেই উজান বজাৰৰ বাৰোৱাৰীত ৰাইজৰ উদ্যোগত দুৰ্গা পূজা অনুষ্ঠিত কৰা হয়।(North Guwahati Na-Gohain Hauli Durga Puja)

ইয়াৰ পূৰ্বে অসমত দেৱীৰ দেৱালয় আৰু কিছু সম্ভ্ৰান্ত পৰিয়ালত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছিল। আহোম ৰাজপৰিয়ালৰ পৃষ্ঠপোষকতা লাভ কৰা ৰাজপুৰোহিত-পুৰোহিত সকল লগতে ডা-ডাঙৰীয়াসকলে ব্যক্তিগত ভাবে দুৰ্গা পূজা পাতিবলৈ আৰম্ভ কৰে। বৃটিছৰ আমোলত বহু বঙালী পৰিয়ালে দুৰ্গা কৰিবলৈ লোৱাত অসমত দুৰ্গা পূজাৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰে।

উল্লেখ্য যে অসমত ডেৰশ-দুশ বছৰ অতিক্ৰম কৰা বহু দুৰ্গা পূজা আছে। তেনেকুৱা এখন পূজা হৈছে উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ ন-গোসাঁই পৰিয়ালৰ দুৰ্গা পূজা ভাগ। স্বৰ্গদেউ লক্ষ্মী কান্ত সিংহৰ দীক্ষা গুৰু ন-গোঁসাই পৰিয়ালৰ আচাৰ্য ৰমানন্দৰ সৰুজনা পুত্ৰ গংগেশ্বৰ গোসাঁইৰ বংশধৰ মৌজাদাৰ প্ৰয়াত গোবিন্দেশ্বৰ গোস্বামীৰ পৰিয়াল বৰ্গই পুৰণি পৰম্পৰা অব্যাহত ৰাখি সাত্ত্বিক পৰিবেশত দুৰ্গা পূজা আজিও কৰি আহিছে।এই পূজাভাগ ব্ৰিটিছৰ অসম আগমনৰ সময়ৰে পৰা অনুষ্ঠিত হোৱা বুলি অনুমান কৰা হয় কিয়নো ১৮১৮ খ্ৰীষ্টাব্দত হোৱা মানৰ তৃতীয় আক্ৰমণৰ সময়ত স্বৰ্গদেউ সকলে দা ডাঙৰীয়া সকলৰ সৈতে নামনি অসমলৈ পলায়ন কৰিব লগীয়া হৈছিল।সেই সময়ত মাজুলীৰ পহুমাৰা অঞ্চলৰ পৰা স্বৰ্গদেও চন্দ্ৰকান্ত সিংহৰ দীক্ষা গুৰু ন-গোঁসাই পৰিয়ালেও ৰজাৰ সৈতে নামনি অসমলৈ আহে।পৰৱৰ্তী সময়ত ন-গোঁসাই পৰিয়ালৰ বাৰ জনা আৰু মাজুজনা গোসাঁইৰ পৰিয়াল বৰ্গ পুনৰ উজনি অসমলৈ উভতি গৈ দেৰগাঁৱত স্থায়ী ভাবে থাকিবলৈ লয়। আনহাতে সৰুজনা ন- গোসাঁইৰ পৰিয়াল বৰ্গই উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত থাকিবলৈ লয়।(durga puja 2024)

উত্তৰ গুৱাহাটীত ন-গোসাঁই পৰিয়াল যোগেশ্বৰ গোস্বামীৰ দিনৰ পৰা পূজা ভাগ নিৰবিচ্ছিন্নভাৱে কৰি অহা হৈছে। উত্তৰ গুৱাহাটীত বসতি কৰা ন-গোসাঁই পৰিয়ালটোৱে শাক্ত আৰু শৈৱ পন্থা মানি চলে। ন-গোসাঁই পৰিয়ালৰ উজনি অসমৰ দেৰগাঁৱৰ ডাঙৰজনা আৰু মাজুজনা গোসাঁইৰ পৰিয়াল বৰ্গই নিজ পৰম্পৰা অক্ষুন্ন ৰাখি বৰ্তমানেও শাৰদীয় দুৰ্গোৎসৱ উদযাপন কৰি আহিছে।

উত্তৰ গুৱাহাটীৰ ন-গোসাঁই পৰিয়ালৰ দুৰ্গা পূজাই এইবেলি দুশ বছৰ অতিক্ৰম কৰিব। অসমত বৃটিছ সাম্ৰাজ্যই খোপনি পোতাৰ পূৰ্বে ১৮২৩ চনৰ পৰা সৰুজনা গোসাঁয়ে নিগাজীকৈ থাকিবলৈ লোৱা উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ গোসাঁই হাউলীত দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে। আজি মাজুলীত দুৰ্গাপূজা পতাকলৈ বিতৰ্ক চলি আছে যদিও ন-গোসাঁই পৰিয়ালটো মাজুলীৰ পহুমৰাত থকা সময়ত তাতো দুৰ্গা পূজা আহোম ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰি অহা বুলি পৰিয়ালটোৱে জানিবলৈ দিছে।


ইতিহাস সমৃদ্ধ উত্তৰ কামৰূপৰ প্ৰাচীনতম এই পূজাভাগে বৰ্তমানেও বিশেষ প্ৰচাৰ লাভ কৰা নাই। বৰ্তমান মৌজাদাৰ প্ৰয়াত গোৱিন্দেশ্বৰ গোস্বামীৰ পৰিয়ালবৰ্গই গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ, বৈদিক আৰু তান্ত্ৰিক শাক্তধৰ্মৰ ৰীতি নীতি অনুসৰি পূজা প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। বৰ্তমান বাৰোৱাৰী পূজাবোৰত দেখা পোৱা প্ৰতিযোগিতাৰ পৰা এই পূজাভাগ সম্পূৰ্ণ মুক্ত। ন-গোসাঁই পৰিয়ালৰ পূজাত সদায় বৈদিক আৰু আধ্যাত্মিক বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। পূৰ্বে ন-গোসাঁই পূজাত বলি-বিধান আছিল যদিও ১৮৮০ দশকত বলি-বিধান প্ৰথা বন্ধ কৰা হয়।

১৯০১ চনৰ পৰা ন-গোসাঁই পৰিয়ালৰ পূজাত মাটিৰ প্ৰতিমা পূজা প্ৰচলন হয়। উল্লেখযোগ্য যে এই পূজা ভাগৰ প্ৰতিমা নিৰ্মাণৰ বাবেই অসমৰ এগৰাকী প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী ৰমেশ চন্দ্ৰ ঘোষ পিতৃ নবীন ঘোষক বংগ দেশৰ পৰা ১৯০১ চনত অসমলৈ আনিছিল মৌজাদাৰ গোবিন্দেশ্বৰ গোস্বামীয়ে।তেখেতে মাটি বাৰী দি উত্তৰ গুৱাহাটীত সংস্থাপিত কৰা নবীন ঘোষৰ পৰিয়ালটি আজিও সম্পূৰ্ণ অসমীয়া পৰিয়াল হিচাবে অসমত প্ৰতিষ্ঠিত হৈ বাস কৰি আছে।

বৃহত্তৰ উত্তৰ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাৰোৱাৰী দুৰ্গা পূজাৰ ইতিহাস বিচাৰিলে উত্তৰ গুৱাহাটীৰ দ্বিতীয়খন দুৰ্গা পূজা বৰ্তমান শিলসাঁকোৰ প্ৰাগজ্যোতিষ কলা পৰিষদৰ পূজা। ৰাইজে, সাৰ্বজনীনভাৱে এই পূজাভাগ পালন কৰি আহিছে। ১৯৪১-৪২ বৰ্ষত ৰংমহলৰ ৰাইজে নিজাকৈ বাৰোৱাৰী দুৰ্গা পূজা আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ৰংমহলৰ ৰাইজেও ন-গোসাঁই পৰিয়ালৰ পূজাত সহযোগিতা আগবঢ়াইছিল। ইয়াৰ ঠিক তিনি বছৰ পিছত মনিকৰ্ণেশ্বৰ ৰাইজেও ন-গোসাঁই পৰিয়াল পৰা পৃথকে নিজাববীয়াকৈ বাৰোৱাৰী পূজা আয়োজন কৰিবলৈ লয়। একেদৰে ১৯৭৬ চনত ন-গোসাঁই পৰিয়াল লগত থকা ৰাইজৰ গড়মূৰ সত্ৰৰ ঠালটোৰ উদ্যোগত নিজাকৈ সদৌ উত্তৰ গুৱাহাটী বাৰোৱাৰী পূজা নামেৰে পূজা ভাগ আৰম্ভ কৰে। বৰ্তমান এই পূজাভাগৰ ৰাবণ দহণ আকৰ্ষণীয় হৈ উঠিছে। ৰাবণ দহণ চাবলৈ বছৰি হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়।


এসময়ত উত্তৰ গুৱাহাটীত ন-গোসাঁই পূজাখনকে ৰজাদুৱাৰ, শিলসাঁকো, ৰূদ্ৰেশ্বৰ, ৰংমহল, অভয়পুৰ, মনিকৰ্ণেশ্বৰ, মাজগাওঁ, কটাবজাৰ, অভয়পুৰ, বিহলঙনী অঞ্চলৰ ৰাইজে উপভোগ কৰিছিল যদিও কালক্ৰমত জনসংখ্যা বৃদ্ধিৰ বাবে আঞ্চলিক ভিত্তিত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ লয়। বৰ্তমান কলেজ চ’ক, ঘোঁৰামাৰা আৰু শেহতীয়া নিশাপূৰীয়া খেলপথাৰ মাজগাওঁটো আৰম্বৰপূৰ্ণ ভাবে দুৰ্গোৎসৱ অনুষ্ঠিত হয়। আনহাতে পৰিয়াল নীতি নিয়ম, লোকাচাৰ পালন কৰি ন-গোসাঁই পূজা পৰিয়ালটোৱে পালন কৰি আহিছে। এই ন-গোসাঁই পূজাত বাহ্যিকতাক পৰিহাৰ কৰি আধ্যাত্মিকতাক গুৰুত্ব দিয়া হয়। ২০২৩ বৰ্ষত ২০০ বছৰীয়া উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মহানৱমী পূজাত দেৱী দুৰ্গাৰ চৰণত শৰণ লৈ সেৱা নিবেদন কৰে। এই বেলিও ন-গোসাঁই পৰিয়ালৰ দুৰ্গা পূজা ভাগে ২০১ বছৰত ভৰি দিছে। এইবাৰো আধ্যাত্মিক পৰিবেশত পূজা ভাগ অনুষ্ঠিত কৰা হ’ব।

Karnataka CM Siddaramaiah: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু ইডিৰ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া

দৈনন্দিন বাৰ্তা, ১ ছেপ্টেম্বৰঃ শেহতীয়াকৈ মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সৈতে জড়িত লোকায়ুক্তৰ এফআইআৰৰ ভিত্তিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক বলবৎকাৰী সঞ্চালকালয়ে সোমবাৰে আটক কৰে। ২৭ ছেপ্টেম্বৰত পঞ্জীয়ন হোৱা এই এফ আই আৰত সিদ্দাোমাইয়াৰ লগতে তেওঁৰ পত্নী পাৰ্বতী, ভায়েক মল্লিকাৰ্জুন স্বামী আদিৰ নাম উল্লেখ কৰা হৈছে।(Karnataka CM Siddaramaiah)

ভূমি আবণ্টনত অনিয়মৰ অভিযোগ উত্থাপন কৰি বাংগালুৰুৰ এখন বিশেষ আদালতে লোকায়ুক্তক আৰক্ষীৰ তদন্তৰ নিৰ্দেশ দিছিল।সূত্ৰ অনুসৰি মুডাই পাৰ্বতীক ১৪টা স্থান আবণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছিল।(money laundering case)

অভিযোগৰ সন্দৰ্ভত ৭৬ বছৰীয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁক লক্ষ্য কৰি লোৱা হৈছে ।কাৰণ বিৰোধীয়ে তেওঁক “ভয়” কৰিছে। তেওঁ ইয়াক তেওঁৰ বিৰুদ্ধে প্ৰথমটো “ৰাজনৈতিক গোচৰ” বুলি অভিহিত কৰি পদত্যাগ নকৰে বুলিও দৃঢ়তাৰে কয়। তেওঁ লগতে কয়, ‘মই কোনো ভুল কৰা নাই, আৰু মই এই গোচৰটো আইনীভাৱে যুঁজিম।(ED)

Durand Cup championsডুৰাণ্ড কাপৰ চেম্পিয়ন:কেৰালাৰ বিৰুদ্ধে দহ জনৰে খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ

Durand Cup championsকেৰালাৰ বিৰুদ্ধে দহ জনৰে খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ
Durand Cup championsকেৰালাৰ বিৰুদ্ধে দহ জনৰে খেলা নৰ্থ ইষ্ট ইউনাইটেডৰ ড্ৰ

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ :

(Durand Cup champions) ডুৰাণ্ড কাপৰ চেম্পিয়ন (NorthEast United FC)নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ছিজনৰ গৃহ ষ্টেডিয়ামত খেলা প্ৰথম মেচত এক পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে ৷ একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হোৱা মেচত ঘৰুৱা দলটোৱে(Kerala Blasters FC) কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ বিৰুদ্ধে ১-১ গলত (draw) ড্ৰ খেলে৷ অৱশ্যে মেচত প্ৰথমে অগ্ৰগতি লৈছিল নৰ্থ ইষ্ট ইউনাইটেডে৷ (NorthEast United draw with ten against Kerala)

খেলৰ প্ৰথমাৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে গল কৰাৰ কেবাটাও সুযোগ সৃষ্টি কৰিছিল যদিও দুৰ্বল ফিনিছিঙৰ বাবে অগ্ৰগতি ল’ব নোৱাৰিলে৷ গুইলেৰ্মো, জিতিন আৰু অলাইডিনৰ লক্ষ্যহীন শ্বটে স্বাভাৱিকতে হতাশ কৰিছিল ষ্টেডিয়ামৰ সমৰ্থকক লগতে দলৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিক৷ ইফালে, কেৰালা দলৰো আক্ৰমণ আছিল চোকহীন৷

দ্বিতীয়াৰ্ধৰ মেচ আৰম্ভ হোৱাত ঘৰুৱা দলৰ ভাগ্য সুপ্ৰসন্ন হয়৷ ৫৮ মিনিটত দলে বক্সৰ দহ ফুট বাহিৰত ফ্ৰিকিক লাভ কৰে৷ নৰ্থ ইষ্ট ইউনাইটেডৰ যাদুকৰ আজাৰাই অলাইডিনে কেৰালাৰ ৰক্ষনপন্থীৰ প্ৰাচীৰ হেলাৰঙে প্ৰতিহত কৰি বল মাৰি পঠাই গলপষ্টলৈ৷ কেৰালাৰ গলৰক্ষক সুৰেশে বল আয়ত্ব কৰিছিল যদিও হাতৰ পৰা পিছলি যোৱাত নৰ্থ ইষ্ট ইউনাইটেডে ১-০ ৰ অগ্ৰগতি লয়৷

উল্লেখ্য যে আলাইডিন প্ৰথম দুখন মেচতো নৰ্থ ইষ্ট ইউনাইটেডৰ হৈ দুটা গ’ল কৰিছিল৷ আজি ক্ৰমাগত তৃতীয়খন খেলতো গ’ল দি একেৰাহে ছখন খেলত গ’ল দিয়া এলানোৰ পিছত আই এছ এলৰ প্ৰথম তিনিখন মেচৰ প্ৰতিখনতে গ’ল দিয়া দ্বিতীয়জন খেলুৱৈ হিচাপে গৌৰৱ লাভ কৰিলে৷

কিন্তু নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি মাত্ৰ ন মিনিটহে থাকে৷ ৬০ মিনিটত খেলপথাৰত প্ৰৱেশ কৰে কেৰালা ব্লাষ্টাৰ্ছৰ মহম্মদ আলমিন৷ তেওঁৰ সহায়তে ৬৭ মিনিটত নহ ছাডাওই বক্সৰ বাহিৰৰ পৰা গল কৰি মেচত ১-১ ত সমতা স্থাপন কৰে৷

৮৩ মিনিটত নৰ্থ ইষ্ট ইউনাইটেডে আন এক আঘাত পায়৷ আচিৰ আখতাৰক ৰেফাৰীয়ে ৰঙা কাৰ্ড দেখুওৱাৰ বাবে দহ জনৰে খেলিব লগা হয়৷ চলিত ছিজনত এয়া নৰ্থ ইষ্ট ইউনাইটেডৰ প্ৰথম ৰঙা কাৰ্ড৷ ৯০ মিনিটত দলক নিশ্চিত গলৰ পৰা ৰক্ষা কৰে অধিনায়ক জবাকোই৷ অন্তিম ১৫ মিনিটত দলে অনন্য খেল খেলি পৰাজয় ৰক্ষা কৰে৷

উল্লেখ্য যে এয়া আছিল নৰ্থ ইষ্ট ইউনাইটেডৰ লীগৰ তৃতীয় মেচ৷ ইয়াৰপূৰ্বে কলকাতাত মহমেদান স্পৰ্টিং ক্লাবক পৰাস্ত কৰা গুৱাহাটীৰ দলটোৱে দ্বিতীয় মেচখনত ডিফেণ্ডিং চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে দুবাৰ অগ্ৰগতি লৈয়ো যুৱভাৰতী ষ্টেডিয়ামত পৰাজয়ৰ সন্মুখীন হৈছিল৷

আনহাতে, কোচিত খেলা অভিযান মেচত পঞ্জাৱ এফ চিৰ বিৰুদ্ধে পৰাস্ত হোৱা কেৰালা ব্লাষ্টাৰ্ছে দ্বিতীয় মেচখনত ইষ্ট বেংগল এফ চিক পৰাস্ত কৰি গুৱাহাটীলৈ আহিছিল আৰু আজি বিপক্ষৰ ঘৰৰ পৰা এক পইণ্ট লাভ কৰিলে৷ কিন্তু দলে তিনি পইণ্টৰ সুবৰ্ণ সুযোগ হেৰুৱালে৷

নৰ্থ ইষ্ট ইউনাইটেডে পৰবৰ্তী মেচখন অহা চাৰি অক্টোবৰত এফ চি গোৱাৰ বিৰুদ্ধে ফাটুৰ্ডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত খেলিব৷ আনহাতে, কেৰালা ব্লাষ্টাৰ্ছে অহা তিনি অক্টোবৰত ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত ওড়িছা এফ চিৰ বিৰুদ্ধে পৰৱৰ্তী মেচখনত অৱতীৰ্ণ হ’ব৷

লগতে পঢ়ক

চাৰিখন দেশৰ ৯ দিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী
Dibrugarh:ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনী

দৈনন্দিন বাৰ্তাৰ সেৱা,ডিব্ৰুগড় :৩০চেপ্তেম্বৰঃ(Dibrugarh) ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোঁৱৰ নামৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীৰ কৰুণ কাহিনীয়ে সকলোকে মৰ্মাহত কৰি তুলিছে।জন্মৰ পৰা বিশেষ ভাৱে সক্ষম নিতুমণি কোঁৱৰে খোজকাঢ়িবলৈ সক্ষম নহয় যদিও তেনেকৈয়ে চলাই যান্ত্ৰিনাদায়ক কঠোৰ জীৱন সংগ্ৰাম ।সৰুতেই নিতুমনিয়ে হেৰুৱাব লগীয়া হৈছিল নিজৰ মাক দেউতাকক। সেইবাবেই মাহীমাকৰ যত্নতেই ডাঙৰ দীঘল কৰি পালন পোষণ কৰি আহিছে। দৰিদ্ৰতাই কোঙা দুৰ্বিসহ জীৱন পৰিক্ৰমাৰ অসহ্যকৰ যান্ত্ৰিনাৰ মাজতো মাহীমাকে আনৰ ঘৰত কাম নিতুমনিৰ লগতে নিজৰ পেট প্ৰৱতায় জীৱন সংগ্ৰাম চলাই আহিছে।আজি পৰ্যন্ত কোনো চৰকাৰী আঁচনীয়ে ঢুকি পোৱা নাই বিশেষ ভাৱে সক্ষম নিতুমনিৰ বাবে চৰকাৰী আচঁনি সুযোগ ,আনকি মাহীমাকেও চৰকাৰী ভাৱে আবন্টিত আঁচনিৰ পৰা উপেক্ষিত বঞ্চিত হোৱাৰ এক জীয়া ছবি পৰিলক্ষিত হৈছে।

কোটোহা ন-গাৱঁৰ নিতুমনি কোৱঁৰৰ জীৱনটো গঢ়াৰ অদম্য হেপাহ আৰু উচ্চ আকাংক্ষা আছে যদিও শাৰিৰীক বাধাই প্ৰাচীৰ হিচাপে থিয় দিয়াত বুকুৰ মাজতে আশা আকাংক্ষা সামৰি হুমুনিয়াহ,আবেগ,দুখ যান্ত্ৰিনাকাতৰ অবাঞ্চিত পৰিস্থিতিৰ সম্মুখীন দিন কটাই আহিছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।কি কৰিব বিশেষ ভাৱে সক্ষম নিতুমনি উন্নত চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন যদিও নিৰুপায় অৱস্থাৰ মাজেৰে দিন প্ৰতিদিন অশ্ৰুসিক্ত বেদনাৰ চকুলোৰে ,আবেগ প্ৰৱণতাৰ মাজেৰে অতিবাহিত কৰিছে জীৱন পৰিক্ৰমাৰ প্ৰতিটো খোজ।আনৰ ঘৰত বনকৰি কথমপি পেট প্ৰৱটোৱা নিতুমনিৰ মাহীমাকে চলচলীয়া চকুলো টুকি দৰিদ্ৰতাকো নেওচি কটাইছে জীৱন। বৰ্তমান বৰবৰুৱাৰ কোটোহা ন-গাৱঁৰ নিতুমনি কোৱঁৰ উন্নত চিকিৎসাৰ ব্যৱস্থাৰ আৰ্থিক সাহায্যৰ প্ৰয়োজন। হয়তো নৱগঠিত খোৱাং সমষ্টিৰ বিধায়ক গৰাকীয়ে কোটোহা ন-গাৱঁৰ নিতুমনি কোৱঁৰৰ দুৰৱস্থা,নিতুমনিৰ ঘৰৰ সমস্যা কথা নাজানে, হয়তো ডিব্ৰুগড় জিলা আয়ুক্তই নাজানে নিতুমনিৰ এই সমস্যাৰ কথা , হয়তো নাজানে ঠিকনা। আনকি বিগত সময়ৰ সংশ্লিষ্ট গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকলেও নিতুমনিৰ ঠিকনা গমেই নাপালে ।

আনৰ ঘৰত বনকৰা মহিলা হিচাপে নিতুমনিৰ মাকে ঘৰখনৰ ভৰণ পোষণৰ উপৰিও নিতুমনিৰ উন্নত চিকিৎসা কথা বিচাৰে যদিও কোনো উপায়হীন হৈ পৰিছে। দৰিদ্ৰতাৰে জীৱন সংগ্ৰামত দুৰ্বিসহ জীৱন কটোৱা কোটোহা ন-গাৱঁৰ দুৰ্ভগীয়া নিতুমনি মাহীমাকৰ আৰ্থিক দুৰৱস্থা আৰু বিশেষ ভাৱে সক্ষম নিতুমনি কোৱঁৰৰ উন্নত চিকিৎসাৰ বাবে নিতুমনিৰ মাহীমাকৰ উপৰিও ওচৰ চুবুৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি সহায়ৰ আহ্বান জনাইছে।মুখ্যমন্ত্ৰীৰ সাহায্য। উল্লেখযোগ্য যে কোটোহা ন-গাৱঁৰ দুৰ্ভগীয়া নিতুমনি কোৱঁৰৰ উন্নত মানৰ চিকিৎসাৰ লগতে ঘৰখনৰ উন্নয়ন ক্ষেত্ৰত কিয় চৰকাৰী বিভাগীয়কতৃপক্ষ ,জনপ্ৰতিনিধিৰ আজি পৰ্যন্ত চকু নপৰিল বুলি কোটোহা ন-গাৱঁৰ ৰাইজে অভিযোগ প্ৰকাশ কৰিছে।কোটোহা ন-গাৱঁৰ গাওঁখনৰ শাৰীৰিক অক্ষম নিতুমনি কোৱঁৰৰ লগতে নিতুমনিৰ ঘৰখনৰ আৰ্থিক দুৰৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে

Pabitra Margherita : চাৰিখন দেশৰ ৯ দিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

Minister of State for External Affairs Pabitra Margherita's 9-Day Visit
৯ দিনীয়া ভ্ৰমণসূচী আৰম্ভ কৰিছে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: (Pabitra Margherita) বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই চাৰিখন দেশলৈ ৯ দিনীয়া চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছে। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৩০ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ (Mexico) মেক্সিকোত থাকিব, মেক্সিকোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড০ ক্লডিয়া শ্বেইনবাউমৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব। মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ভ্ৰমণ আৰু শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণে দুয়োখন দেশৰ উল্লেখযোগ্য ৰাজনৈতিক আৰু অৰ্থনৈতিক অংশীদাৰ হিচাপে আত্মপ্ৰকাশ কৰা মেক্সিকোৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে।(Mexico, Grenada, Barbados, and Antigua and Barbuda)মেক্সিকো ভ্ৰমণৰ পিছত মন্ত্ৰীজনে গ্ৰেনাডা (২-৪ অক্টোবৰ), বাৰ্বাডোছ (৪-৬ অক্টোবৰ) আৰু এণ্টিগুৱা আৰু বাৰ্বুডা (৬-৮ অক্টোবৰ) ভ্ৰমণ কৰিব।

এই ৯ দিনীয়া ভ্ৰমণৰ লক্ষ্য হৈছে লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰা। এক চৰকাৰী বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “২০১৮ চনৰ মে’ মাহত প্ৰথমবাৰলৈ ভাৰতৰ মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণৰ পাছত দ্বিতীয়বাৰলৈ কোনো এজন মন্ত্ৰীয়ে গ্ৰেনাডা ভ্ৰমণ কৰিব। আনহাতে, বাৰ্বাডোছত মন্ত্ৰীগৰাকীয়ে পাৰস্পৰিক স্বাৰ্থৰ সৈতে জড়িত ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰিব আৰু অন্তিম পৰ্যায়ত এণ্টিগুৱা ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব।” মন্ত্ৰালয়ৰ মতে, মন্ত্ৰী মাৰ্ঘেৰিটাৰ এই ভ্ৰমণসূচীত মূলতঃ এই দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

ইয়াৰ উপৰিও দেশকেইখনৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তি, ব্যৱসায়িক নেতৃত্ব আৰু উদ্যোগ জগতৰ প্ৰতিনিধিকো সাক্ষাৎ কৰিব। আইটিইচিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, ভাৰতীয় প্ৰব্ৰজনকাৰী তথা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰাৰ লগতে দ্বিপাক্ষিকভাৱে ৰূপায়িত প্ৰকল্পৰ স্থানসমূহো পৰিদৰ্শন কৰিব। এই ভ্ৰমণে ভাৰত, লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰসমূহৰ মাজত ভাৰতৰ গভীৰ সম্পৰ্কক আলোকপাত কৰিছে, যিয়ে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্পৰ্ককো সুদৃঢ় কৰিব। ইয়াৰ দ্বাৰা গ্ল’বেল চাউথৰ আমাৰ অংশীদাৰসকলৰ সৈতে বৰ্ধিত সহযোগিতাৰ পথ মুকলি হ’ব বুলি আশা কৰা হৈছে।