Home Blog Page 52

saraswati puja 2026: বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ
বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

যা কুন্দেন্দু তুষাৰহাৰা ধবলা যা শুভ্রবস্ত্রাবৃর্তা। (saraswati puja 2026)

আ বীণা বৰদণ্ডমণ্ডিত কৰা যা শ্বেত পদ্মাসনা।।

যা ব্ৰহ্মাচ্যুত-শঙ্কৰ প্ৰভৃতিভিদেৱৈঃ সদা বন্দিতা।

সামাং পাতু সৰস্বতী ভগৱতী নিঃশেষজাড্যাপহা।।

আজি বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতী পূজা।

বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ।

Mira Borthakur Goswami: মাটি-গৰু-কয়লা-চুপাৰি চুৰিৰ পিছত ভোট চুৰিত নামিছে বিজেপিঃ মীৰা বৰঠাকুৰ

মাটি-গৰু-কয়লা-চুপাৰি চুৰিৰ পিছত ভোট চুৰিত নামিছে বিজেপিঃ মীৰা বৰঠাকুৰ
মাটি-গৰু-কয়লা-চুপাৰি চুৰিৰ পিছত ভোট চুৰিত নামিছে বিজেপিঃ মীৰা বৰঠাকুৰ

মহানগীৰৰ দিছপুৰ(Mira Borthakur Goswami) সমষ্টিত একাংশ লোকৰ ভোট কৰ্তন কৰিবলৈ নিৰ্বাচন আয়োগ আৰু বিজেপি দলে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ আজি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এখন সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ বিজেপি দল আৰু নিৰ্বাচন আয়োগে ভোট চুৰি কৰি দিছপুৰৰ মচনদ দখল কৰিবলৈ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলি দাবী কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে৷ এছআৰৰ জৰিয়তে পৰিকল্পিতভাৱে ভোট কৰ্তন কৰিব খোজাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি মীৰা বৰঠাকুৰে কয় যে দিছপুৰ সমষ্টিত ৰেচন কাৰ্ডৰ ই-কেৱাইচি পুনৰীক্ষণৰ নামত ৬ হাজাৰ ভোটাৰৰ নাম বিজেপি আৰু নিৰ্বাচন আয়োগে কৰ্তন কৰিবলৈ আগবাঢ়িছে৷ হাতীগাঁও, সিজুবাৰী, দক্ষিণগাঁও, ঘোঁৰামৰা এলেকাত বিভিন্নজনক ই-কেৱাইচিৰ নামত হাৰাশাস্তি আৰু অত্যাচাৰ কৰিছে৷ ৰেচন কাৰ্ড দিয়া সূলভ মূল্যৰ দোকানীসকল এই কামৰ বাবে কৰ্তৃপক্ষ নহয়৷ কিন্তু চৰকাৰে দোকানীসকলক প্ৰচণ্ড হেঁচা দি প্ৰথমে কৌশলগতভাৱে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিছে৷

তাৰ পিছত ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ’ব৷ ভূৱন ডেকা, আজাদ আলী, ডিম্বেশ্বৰ ৰাজবংশী, বিষ্ণু বৰ্মনৰ দোকানৰ পৰা কৌশলপূৰ্ণভাৱে ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ নামত প্ৰায় ৫০০ নাম কৰ্তন কৰা হৈছে৷ বৰঠাকুৰে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাৰ লগতে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰি শুনানিত অংশ ল’বলৈ অতি কম সময় দিয়াৰ অভিযোগ আনে৷ তেওঁ কয় যে আমি বাৰে বাৰে কৈ আহিছো যে কিবা ওজৰ-আপত্তি থাকিলে মানুহক সময় দিব লাগিব৷ এদিন আগত জাননী দিছে আৰু পিছদিনা শুনানিত উপস্থিত থাকিবলৈ কোৱা হৈছে৷ এয়া অত্যন্ত গৰ্হিত, দুৰ্ভাগ্যজনক আৰু গণতন্ত্ৰক হত্যা কৰাৰ এটা প্ৰক্ৰিয়া৷ নিৰ্বাচন আয়োগ বিজেপিৰ এক মৰ্চাৰ দৰে কাম কৰিছে বুলি নিৰ্বাচন আয়োগক আক্ৰমণ কৰি তেওঁ কয় যে যিমানে অভিযোগ নিদিয়ক কিয় বিজেপিৰ উৰ্ধত গৈ কাম নকৰে নিৰ্বাচন আয়োগ৷ ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াই বিহাৰৰ ভোট চুৰিৰ কথা তন্ন-তন্নকৈ কোৱাত মানুহে উপলব্ধি কৰিব পৰা নাছিল৷ বিহাৰৰ পৰা অসমতো ভোট চুৰিৰ মডেল এটা লৈ আহিছে৷ ইয়াৰ বিৰুদ্ধে অসমত এটা সৰ্বাত্মক আন্দোলন গঢ়ি উঠিব লাগে বুলি ৰাইজক আহ্বান জনাই কয় যে বিজেপিয়ে কেৱল মচনদ দখল কৰিবলৈ ভোট চুৰি কৰা নাই, অসমীয়াক সমূলাঞ্চে নিঃশেষ কৰিব বিচৰা হৈছে৷ হিন্দীবলয়ৰ ওচৰত অসমক শৰণাপন্ন কৰা কৰা হ’ব৷ এয়া অসমৰ বাবে অশনি সংকেত৷ এটা এটা সমষ্টিত যদি ৬ৰ পৰা ৮ হাজাৰ ভোট কৰ্তন কৰা হয় তেন্তে এয়া ‘চবকা সাথ চবকা সাথৰ মডেল’৷

বিজেপিয়ে জানে এইবাৰ অসমত সুস্থ আৰু গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন হ’লে বিজেপি কোনো কাৰণত শাসনলৈ নাহে৷ যাৰ উমান পাই যোৱাবাৰ যিবোৰ সমষ্টিৰ যিবোৰ এলেকাত কংগ্ৰেছে বেছি ভোট পাইছিল সেইবোৰ সমষ্টিত ৮ৰ পৰা ১২ হাজাৰ ভোট কৰ্তন কৰি মচনদ দখল কৰিব খুজিছে৷ নিৰ্বাচন আয়োগে ১৮ হাজাৰ গোচৰ নিষ্পত্তি কৰিব পৰা নাই৷ উচ্ছেদিত লোকক ভোট স্থানান্তিৰত কৰিবলৈ আবেদন কৰিবলৈ কৈছে৷ আবেদনবোৰ অগ্ৰাহ্য কৰি হাৰাশাস্তি কৰিছে৷ নিৰ্বাচন আয়োগে স্পষ্ট কৰক যে তেওঁলোকে স্বতন্ত্ৰভাৱে কাম কৰিব নে বিজেপিৰ শ্ৰুতলিপিত কাম কৰিব৷ অসম আৰু গণতন্ত্ৰ বচাবলৈ কাম কৰক নিৰ্বাচন আয়োগে৷ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভাৰ্চুৱেল সভাত প্ৰতিগৰাকী বিধায়কক একোটা সমষ্টিত ১০ হাজাৰকৈ ভোট কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়াৰ প্ৰসংগ উল্লেখ কৰি কয় যে অখিল গগৈ ডাঙৰীয়াই এই কথা ৰাজহুৱা কৰিছে৷ নিৰ্বাচন আয়োগে এই পৰ্যন্ত দিলীপ শইকীয়াক নিজাববীয়াকৈ জাননী জাৰি কৰা নাই কিয়? কিয় জবাবদিহি কৰা নাই তাৰ উত্তৰ দিয়ক আয়োগে। আজি সূলভ মূল্যৰ দোকানীসকল মানসিক হেঁচাত আছে৷ তেওঁলোকে কৈছে যে ৰেচন কাৰ্ডৰ যি ই-কেৱাইচিৰ পুনৰীক্ষণৰ কথা কৈছে সেই কাম কৰাৰ কৰ্তৃপক্ষ তেওঁলোক নহয়৷ দোকানীসকলে কৈছে যে যিসকল মানুহক নাম কৰ্তন কৰিব খোজা হৈছে সেইসকল ইয়াৰ থলুৱা মানুহ৷ দোকানীসকলে আমাক মাত মাতিবলৈ কৈছে৷ অসমত ইতিমধ্যে মাটি চুৰি হৈছে, গৰু চুৰি হৈছে, কয়লা চিণ্ডিকেটৰ জৰিয়তে কয়লা চুৰি কৰা হৈছে, চুপাৰি চিণ্ডিকেট কৰা হৈছে৷ সকলোতে বিজেপিয়ে চুৰি কৰিছে৷ এইবাৰ নিকৃষ্ট পন্থাৰে ভোট চুৰি কৰিব খুজিছে৷ ভোট চুৰি কৰি পুনৰ শাসনলৈ আহিবলৈ ব্লুপ্ৰিণ্ট ৰচিছে৷

গণতন্ত্ৰক ভালপোৱা প্ৰতিগৰাকী মানুহক সজাগ হ’বলৈ আহ্বান জনাই মহিলা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে ই-কেৱাইচিৰ নামত যি হাৰাশাস্তি কৰিছে তাৰ বিৰুদ্ধে সজাগ হওক৷ লগতে মীৰা বৰঠাকুৰে হাৰাশাস্তিৰ বলি হোৱাসকলক তেওঁৰ সৈতে যোগাযোগ কৰাৰ লগতে ৰেচন কাৰ্ডৰ ই-কেৱাইচিৰ বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনায়৷ নদুৱাৰ, তেজপুৰ নগাঁও, বৰক্ষেত্ৰী, ৰঙানদীত বিজেপিয়ে এই কাম কৰিছে৷ য’ত য’ত এইবাৰ বিজেপিৰ জিকাৰ সম্ভাৱনা নাই তাত ভোট চুৰি কৰি মচনদ দখল কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে যে এশ খনতকৈ বেছি আসন পাব৷ এনেকৈ যদি প্ৰতিটো সমষ্টিত ১০ৰ পৰা ১৫ হাজাৰ ভোট কৰ্তন কৰি নিজৰ মানুহৰ নাম অন্তৰ্ভুক্তি কৰে তেন্তে এশখন আসন পাব৷ চুৰি ভোটেৰেৰে যাতে নিৰ্বাচন কৰা নহয় সেয়া নিৰ্বাচন আয়োগক নিশ্চিত কৰিবলৈকো আহ্বান জনাই বৰঠাকুৰে৷ অসমৰ মানুহে নিজৰ নাম ভোটাৰ তালিকাত আছে নে নাই সেয়া তন্নতন্নকৈ পৰীক্ষা কৰিবলৈকো কয় নেত্ৰীগৰাকীয়ে।

Kakapather News: কাকপথাৰৰ কুলিবিল গাঁৱত ২২ জন মৃতকৰ আদ্য শ্ৰাদ্ধ

কুলিবিল গাঁৱত ২২ জন মৃতকৰ আদ্য শ্ৰাদ্ধ
কুলিবিল গাঁৱত ২২ জন মৃতকৰ আদ্য শ্ৰাদ্ধ

তিনিচুকীয়া জিলা(Kakapather News)কাকপথাৰ অঞ্চলৰ কুলিবিল গাঁৱত ২২ জন মৃত্ৰকৰ আদ্য শ্ৰাদ্ধ। অসমৰ ভুমি পুত্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে পূৰ্ব্ব পৰাই মৃত্যু হোৱা লোকসকলৰ একেলগে আদ্য শ্ৰাদ্ধ পাতি আহিছে। মৰাণ সমাজৰ গাঁও সমূহত দুই তিনি বছৰ মূৰত ৰাইজে একত্ৰিত হৈ মৃত্যু হোৱা লোকসকলৰ একেলগে আদ্য শ্ৰাদ্ধ পাতি অহা দেখিবলৈ পোৱা যায়।

ঠিক তেনেদৰে পূৰ্ব নীতি অনুসৰি কাকপথাৰ অঞ্চলৰ কুলিবিল গাঁৱত অহা ২৮ জানুৱাৰী ২০২৬ তাৰিখে দিনৰ ভাগত দহা নিশালৈ কাজ আয়োজন কৰিছে।(দহা- কাজ) বা আদ্য শ্ৰাদ্ধ এই আদ্য শ্ৰাদ্ধ লৈ সকলো ৰাইজক নিমন্ত্ৰণ জনাইছে।।

Mangaldoi News: ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই ২০ টা মন্দিৰৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰীয়ে

Mangaldoi News: ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই ২০ টা মন্দিৰৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰীয়ে
Mangaldoi News: ৰাম মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই ২০ টা মন্দিৰৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰীয়ে

ৰামমন্দিৰৰ(Mangaldoi News)প্ৰতিষ্ঠা দিৱসৰ দিনাই মন্দিৰৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰীয়ে।

প্ৰায় প্ৰতিটো মন্দিৰতে একে নিশাই কালিমাৰ মূৰ্তিৰ মুণ্ড ছিঙি পেলাই।

মোৱামাৰী, গেৰিমাৰীৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰি টাকৈ মন্দিৰত এই ঘটনা।

স্থানীয় লোকৰ সন্দেহ এইয়া এক পৰিকল্পিত ঘটনা।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

এই ঘটনা সংঘটিত হৈছে মঙলদৈত।

মঙলদৈৰ দাঁতিকাষৰীয়া মোৱামাৰী, গেৰিমাৰীৰ বিভিন্ন অঞ্চলৰ প্ৰায় কুৰি টাকৈ মন্দিৰত কোনো দুস্কৃতিকাৰীয়ে প্ৰৱেশ কৰি মন্দিৰত থকা মূৰ্তি সমূহ ভাঙি পেলাই।

বিশেষকৈ কালি মন্দিৰত সংঘটিত হয় উক্ত ঘটনা।

প্ৰায় প্ৰতিটো মন্দিৰতে একে নিশাই কালিমাৰ মূৰ্তি সমূহৰ মুণ্ড ছিঙি পেলাই।

স্থানীয় লোকৰ সন্দেহ এইয়া এক পৰিকল্পিত আৰু এটা বৃহৎ দলৰ কাম।

কাৰণ একে নিশাই ইমান কেইটা মন্দিৰত একেলগে মূৰ্তি ভঙা কাৰ্য এজন বা দুজনে কৰাটো সহজ নহয়।

কোনো দুষ্ট চক্ৰই সংঘৰ্ষ লগোৱাৰ উদ্দেশ্যেৰে এনে কাম কৰিবও পাৰে বুলি সন্দেহ স্থানীয় লোকৰ সন্দেহ।

SR: এছআৰৰ জৰিয়তে বিজেপিয়ে ভোট চুৰিৰ অপচেষ্টা অব্যাহত ৰাখিছেঃ সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সংবাদমেলত সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ
সংবাদমেলত সাংসদ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

অসমত(SR) এছআইআৰ নহ’ব বুলি স্পষ্টকৈ ঘোষণা কৰাৰ পিছতো ভাৰতৰ নিৰ্বাচন আয়োগে নতুন নাম দি “স্পেচিয়েল ৰিভিজন” চমুকৈ এছআৰ প্ৰক্ৰিয়া আৰম্ভ কৰাটো ভোট চুৰিৰ এক নতুন কৌশল বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। আজি এক সংবাদমেলত সাংসদগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগে নিজেই আগতে অসমত এছআইআৰ নহ’ব বুলি কৈছিল যদিও হঠাতে নতুন পদ্ধতিৰে বিশেষ পুনৰীক্ষণৰ নামত যি প্ৰক্ৰিয়া চলিছে সেয়া নজিৰবিহীন, অবৈধ আৰু নীতিবৰ্হিভূত।

ৰকিবুল হুছেইনে কয় যে ভোটাৰ তালিকা সময়ে সময়ে পুনৰীক্ষণ কৰা, ১৮ বছৰৰ ওপৰৰ লোকৰ নাম অন্তৰ্ভুক্ত কৰা, মৃত লোকৰ নাম কৰ্তন কৰা বা স্থানান্তৰিত লোকৰ নাম স্থানান্তৰ কৰাৰ নিয়মীয়া ব্যৱস্থা আছে। কিন্তু “স্পেচিয়েল ৰিভিজন” নামৰ এই পদ্ধতি স্বাধীন ভাৰতত কেতিয়াও প্ৰয়োগ কৰা হোৱা নাই। নিৰ্বাচন আয়োগে এছআইআৰ নহ’ব বুলি কৈ পুনৰ এই নতুন প্ৰক্ৰিয়া ঘোষণা কৰাটো স্পষ্টভাৱে সন্দেহজনক বুলি মন্তব্য কৰে তেওঁ।

সাংসদগৰাকীয়ে অভিযোগ কৰে যে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ পিছত অভিযোগ আৰু ওজৰ-আপত্তিৰ নামত যি চলিছে সেয়া অত্যাচাৰৰ সীমা চেৰাই গৈছে। বহু লোকক এদিনো সময় নিদিয়াকৈ জাননী দিয়া হৈছে। কৰ্মসূত্ৰে বাহিৰত থকা লোককো শাৰীৰিকভাৱে উপস্থিত হ’বলৈ বাধ্য কৰা হৈছে। কোনো লোক বেমাৰৰ বাবে দিল্লী বা চেন্নাইত থাকিলেও তেওঁ উপস্থিত নহ’লে নাম কৰ্তন হ’ব বুলি ভাবুকি দিয়া হৈছে।

তেওঁ কয় যে বিএলঅ’ক নিয়োগ কৰি দলৰ বিএলএসকলক লগত লৈ ঘৰে ঘৰে গৈ জাননী দিয়া হৈছে। অথচ যিজন বিএলঅ’ নিজেই মানুহৰ ঘৰে ঘৰে গৈছে, সেইজনকো তালিকাত “মৃত” বুলি দেখুওৱা হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় কিমান ভয়ংকৰ নীতিবৰ্হিভূত কাম চলিছে। বহু অৱসৰপ্ৰাপ্ত বিষয়া আৰু সাধাৰণ নাগৰিকৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰা হৈছে। যিসকল লোকৰ নামত অভিযোগ দিয়া বুলি কোৱা হৈছে, তেওঁলোকক সুধিলে অভিযোগ কৰ্তাই নিজেই কয়—“মই এই অভিযোগ দিয়া নাই।”

ৰকিবুল হুছেইনে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিতৰ্কিত মন্তব্যৰ উদ্ধৃতি দি কয় যে তেওঁ ৬০টা সমষ্টিত ৫ হাজাৰৰ পৰা ১০ হাজাৰ ভোট কাটিব লাগে বুলি কৈছিল। ইয়াৰ পিছতে সকলো বিৰোধী দলে একেলগে স্বাক্ষৰ কৰি এজাহাৰ দাখিল কৰিছিল আৰু ভাৰতৰ নিৰ্বাচন আয়োগ তথা অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক স্মাৰকপত্ৰ দিছিল। কিন্তু তাৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। কোন সমষ্টিত কিমান ভোট কাটিলে বিজেপিৰ সুবিধা হ’ব, সেই গোপন তথ্যও মুখ্য নিৰ্বাচনী বিষয়াক দিয়া হৈছে বুলিও সাংসদগৰাকীয়ে সদৰী কৰে।

তেওঁ আৰু কয় যে জাননী প্ৰদান কৰি এদিন বা দুদিনৰ ভিতৰত উপস্থিত থাকিবলৈ কোৱা হৈছে, যিটো সম্পূৰ্ণ নজিৰবিহীন। দুগৰাকী বিএলঅ’কো জাননী দিয়া হৈছে। এই অনিয়মৰ কথা পোহৰলৈ অহাত নগাঁও জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই ৰাজহুৱা জাননী জাৰি কৰি শুনানি বন্ধ কৰিবলৈ বাধ্য হয়। বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ শুনানি বাতিল কৰি পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত শুনানি স্থগিত ৰখা হৈছে।

ৰকিবুল হুছেইনে কয় যে মিছা, বিভ্ৰান্তিকৰ আৰু অনাৱশ্যকীয় অভিযোগ দাখিল কৰাটো অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ অপব্যৱহাৰ। ইয়াৰ ফলত অপ্ৰয়োজনীয় বিভ্ৰান্তি আৰু বিশৃংখলতাৰ সৃষ্টি হৈছে। সঠিক পুনৰীক্ষণৰ পিছত এনে অভিযোগ সত্য প্ৰমাণিত হ’লে প্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৩১সহ অন্যান্য আইনৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি জিলা প্ৰশাসনে নিজেই কৈছে।

তেওঁ জাননী লাভ কৰা নাগৰিকসকলক আহ্বান জনাই কয় যে যিসকলৰ ওচৰলৈ জীৱিত থকাৰ পিছতো “মৃত” বুলি বা স্থায়ীভাৱে স্থানান্তৰিত নোহোৱাৰ পিছতো জাননী গৈছে, তেওঁলোকে বিএলঅ’, ভাৰতৰ নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দাখিল কৰিব লাগে। কোনো কোনো ক্ষেত্ৰত অশিক্ষিত লোক ঘৰত নথকাৰ সুযোগ লৈ বিএলঅ’ই “স্থায়ীভাৱে স্থানান্তৰিত” বুলি লিখি দিছে আৰু বহু লোকৰ ইপিআইচি নম্বৰ পৰ্টেলৰ পৰা কৰ্তন কৰা হৈছে। ৱেবছাইটৰ পৰা লিংক আঁতৰাই দিয়াত আবেদনো কৰিব নোৱাৰা হৈছে। এই সকলোবোৰক তেওঁ “চূড়ান্ত আৰু ব্যাপক অনিয়ম” আখ্যা দিয়ে।

ৰকিবুল হুছেইনে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গম পাইছে যে এতিয়া কোনো জাতি-জনগোষ্ঠীৰ ভোটাৰ তেওঁৰ লগত নাই, সেয়েহে ভোট চুৰিৰ পথ বাছি লৈছে। দিছপুৰ আৰু ৰঙানদী সমষ্টিত ৰেচন কাৰ্ডত কেৱাইচি জমা নিদিয়াৰ অজুহাতত ভোট কৰ্তন কৰা হৈছে বুলিও তেওঁ দাবী কৰে। ৰেচন কাৰ্ডৰ কেৱাইচি নথকা লোকসকলক সোনকালে কেৱাইচি জমা দিবলৈ আহ্বান জনাই তেওঁ কয়—নহ’লে অত্যাচাৰী চৰকাৰে আপোনাৰ নাম কাটি দিব।

শেষত সাংসদগৰাকীয়ে কয় যে এই সংকটৰ সময়ত কংগ্ৰেছ দল সদায় ৰাইজৰ কাষত আছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই সকলো বিষয় মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত উত্থাপন কৰিছে আৰু আয়োগে সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস দিছে। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কেতিয়াও ভোটাৰ তালিকাৰ পৰা বাদ পৰিবলৈ দিয়া নহয় বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে জাননী লাভ কৰা লোকসকলক অভিযোগ দাখিল কৰাৰ লগতে শুনানিত কংগ্ৰেছ দলে সহায় কৰিব বুলিও সদৰী কৰে।

Ganesh Chaturthi: আজি গণেশ চতুৰ্থীঃ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ

আজি গণেশ চতুৰ্থী।(Ganesh Chaturthi)
আজি গণেশ চতুৰ্থী।(Ganesh Chaturthi)

আজি গণেশ চতুৰ্থী।(Ganesh Chaturthi)

পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে মন্দিৰে মন্দিৰে ভক্তৰ আগমণ।

ৰাজ্যৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ।

গণেশগুৰিৰ গণেশ মন্দিৰতো ভক্তৰ দীঘলীয়া শাৰী।

মংগল কামনাৰে গণেশ বাবাক আৰাধনা ভক্তৰ।


Zubeen Garg Death Case: জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদন।(Zubeen Garg Death Case)
জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদন।(Zubeen Garg Death Case)

জুবিন গাৰ্গ মৃত্যু গোচৰত অভিযুক্তৰ জামিন আবেদন।(Zubeen Garg Death Case)

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ৫ অভিযুক্তৰ আজি জামিন আবেদনৰ শুনানি।

আজি জিলা ও সত্র ন্যায়াধীশৰ আদালতত হ’ব জামিন আবেদনৰ শুনানি।

৫ অভিযুক্তই জামিন বিচাৰি আদালতত দাখিল কৰিছিল আবেদন।

শ্যামকানু মহন্ত, অমৃতপ্রভা মহন্ত, সন্দীপণ গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যই জামিন বিচাৰি দাখিল কৰিছিল আবেদন।

জুবিনক হত্যা কৰা গোচৰত অভিযুক্ত শ্যামকানু মহন্ত আৰু অমৃতপ্রভা মহন্তই জামিন বিচাৰি দ্বাৰস্থ হৈছে আদালতত।

মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা

মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা
মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে, সকলো আদালতত ক’মঃ শিখা শৰ্মা

বিতৰ্কিত মন্তব্যৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শিখা শৰ্মাক আজি আদালতলৈ প্ৰেৰণ কৰা হয়। পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা পোনে-পোনে শিখা শৰ্মাক গুৱাহাটীস্থিত চি জে এম (CJM) আদালতলৈ লৈ যোৱা হয়। দুদিনীয়া আৰক্ষী জিম্মাৰ অন্তত আজি তেওঁক আদালতত হাজিৰ কৰোৱা হয়।

আদালতলৈ প্ৰেৰণৰ পূৰ্বে শিখা শৰ্মাই বিস্ফোৰক মন্তব্য কৰি কয় যে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছৰ ষড়যন্ত্ৰৰ বাবেই তেওঁ জামিন লাভ নকৰিলে। এই সন্দৰ্ভত শিখা শৰ্মাই কয়, “মোৰ বিৰুদ্ধে কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে। বাকী যি কথা আছে সকলো আদালতত ক’ম।”

উল্লেখ্য যে, বিগত কেইদিনমান ধৰি শিখা শৰ্মাই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত একাধিক বিতৰ্কিত মন্তব্য কৰি আহিছিল। কেৱল জুবিন গাৰ্গক লৈ নহয়, শিখা শৰ্মাই জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, তেওঁৰ পিতৃ আৰু ভগ্নীকো এই বিতৰ্কৰ মাজলৈ টানি আনিছিল বুলি অভিযোগ উঠিছিল।

এই মন্তব্যসমূহক লৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পাণবজাৰ মহিলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই সোমবাৰে (১৯ জানুৱাৰী) শিখা শৰ্মাক আটক কৰে।

বৰ্তমান এই গোচৰক লৈ ৰাজ্যজুৰি তীব্ৰ চৰ্চা অব্যাহত আছে। আদালতত পৰৱৰ্তী শুনানিত শিখা শৰ্মাৰ ভাগ্য কি হ’ব, সেই দিশে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।

গৱেষক আৰু সদ্য স্নাতক ছাত্ৰ-ছাত্ৰীলৈ সুখবৰঃ ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ ঘোষণা

গৱেষক আৰু সদ্য স্নাতক ছাত্ৰ-ছাত্ৰীলৈ সুখবৰঃ ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ ঘোষণা
গৱেষক আৰু সদ্য স্নাতক ছাত্ৰ-ছাত্ৰীলৈ সুখবৰঃ ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ ঘোষণা


অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলৰ আৰ্থিক সহায়ৰ উদ্দেশ্যে অসম চৰকাৰে ‘মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনি’ ঘোষণা কৰিছে। অহা ১১ ফেব্ৰুৱাৰীত এই আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা সামাজিক মাধ্যমযোগে সদৰী কৰিছে।

এই অভিলাষী আঁচনিৰ অধীনত ৰাজ্যৰ গৱেষণা কার্যত জড়িত ছাত্ৰ-ছাত্ৰীসকলক প্ৰতি মাহে ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। তদুপৰি দিব্যাংগ গৱেষকসকলে এই আঁচনিখনৰ জৰিয়তে প্ৰতি মাহে ৪০,০০০ টকাৰ আৰ্থিক সহায় লাভ কৰিব। এই ব্যৱস্থাই উচ্চতৰ গৱেষণাত নিয়োজিত মেধাসম্পন্ন যুৱক-যুৱতীসকলক ডাঙৰ সকাহ দিব বুলি আশা কৰা হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টত লিখে, “গৱেষণা কৰি থকা মৰমৰ শিক্ষাৰ্থীসকল— তোমালোকক কথা দিয়া মতেই গৱেষণাত সহায় হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য ৰাশি ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ’ব। তোমালোকে গৱেষণা কাৰ্য সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ অগ্ৰণী সেনানী হোৱা, আমি সদায় এনেকৈয়ে তোমালোকক উৎসাহ যোগাই থাকিম।”

ইফালে গৱেষকসকলৰ উপৰিও সদ্য স্নাতক ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও চৰকাৰে ‘জীৱন প্ৰেৰণা আঁচনি’ নামেৰে আন এক বিশেষ আঁচনি ঘোষণা কৰিছে। অহা ১০ ফেব্ৰুৱাৰীত এই আঁচনিখন আৰম্ভ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ২০২৫ বৰ্ষত স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ সহায়ক হোৱাকৈ আৰ্থিক সাহায্য লাভ কৰিব।

এই আঁচনিৰ অধীনত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে এবছৰৰ বাবে প্ৰতি মাহে ২,৫০০ টকাৰ জলপানি লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ জৰিয়তে যুৱ সমাজক চৰকাৰী চাকৰি তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মনোযোগেৰে প্ৰস্তুতি চলাবলৈ আহ্বান জনায়।

মুঠতে, এই দুয়োটা আঁচনিয়ে অসমৰ গৱেষক আৰু যুৱ শিক্ষাৰ্থীসকলৰ শিক্ষাগত উন্নয়ন আৰু ভৱিষ্যৎ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

“Who is Dr. Himanta Biswa Sarma?” গৌৰৱ গগৈৰ প্ৰশ্নত পীয়ুষ হাজৰিকাৰ তীব্ৰ প্ৰত্যুত্তৰ

“Who is Dr. Himanta Biswa Sarma?” গৌৰৱ গগৈৰ প্ৰশ্নত পীয়ুষ হাজৰিকাৰ তীব্ৰ প্ৰত্যুত্তৰ
“Who is Dr. Himanta Biswa Sarma?” গৌৰৱ গগৈৰ প্ৰশ্নত পীয়ুষ হাজৰিকাৰ তীব্ৰ প্ৰত্যুত্তৰ

পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা গৌৰৱ গগৈয়ে “Who is Dr. Himanta Biswa Sarma” বুলি সোধাটো নিতান্তই স্বাভাৱিক!: মন্ত্ৰী হাজৰিকা

“ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ জননেতা, বংশবাদৰ ফল নহয়”: মন্ত্ৰী পীয়ুষ হাজৰিকা

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰায়ে ৰাজনৈতিক সভা আৰু বক্তব্যত “Who is Dr. Himanta Biswa Sarma?” বুলি কৰা মন্তব্যৰ কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই ডাঙৰীয়াই। সামাজিক মাধ্যম যোগে সাংসদ গৌৰৱ গগৈক  প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী হাজৰিকাই। তেওঁ কয় – ড০ শৰ্মা ডাঙৰীয়া এটি তেনেই সাধাৰণ ঘৰৰ পৰা অহা ব্যক্তি, যাৰ কোনো পলিটিকেল বেকগ্ৰাউণ্ড নাই। আপুনি সোণৰ চামুচ মুখত লৈ জন্ম পাইছে, গতিকে আপুনি এটি সাধাৰণ পৰিয়ালৰ পৰা অহা ব্যক্তি ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনি নোপোৱাটো তেনেই স্বাভাৱিক কথা। তেখেতৰ আজিৰ উত্তৰণত আছে তেখেতৰ অসীম শ্ৰম, অসমক ভাল পোৱাৰ সঁচা মানসিকতা, প্ৰচুৰ ত্যাগ আদি। তেখেতৰ কৰ্মোদ্যম তেখেতৰ মূলধন। গৌৰৱ গগৈৰ দৰে ড০ শৰ্মাৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাছিল আৰু অসমক আগুৱাই নিবলৈ তেখেতে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে। লগতে মন্ত্ৰী হাজৰিকাই গগৈৰ ব্যক্তিগত পৃষ্ঠভূমিক লৈয়ো আক্ৰমণাত্মক ভাষাৰে কয় – গগৈৰ পৰিয়ালৰ ৩ গৰাকী সদস্যই বিদেশী নাগৰিক। আনহাতে গৌৰৱ গগৈয়েও বহু সময় বিদেশত কটোৱাৰ বাবে অসমৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা পৰিয়ালটোৱে Who is Dr. Himanta Biswa Sarma বুলি সোধাটো নিতান্তই স্বাভাৱিক! ইয়াৰ উপৰিও, গগৈৰ অসমীয়া ভাষাজ্ঞানক লৈ প্ৰশ্ন তুলি পীয়ুষ হাজৰিকাই কয় যে যি নেতাই শুদ্ধকৈ অসমীয়া ক’ব-লিখিব নাজানে, তেওঁ অসমীয়াৰ আৱেগ, আত্মসন্মান আৰু নেতৃত্ব কেনেকৈ বুজিব?


মন্ত্ৰী হাজৰিকাই একেবাৰে শেষত এই কথা ব্যক্ত কৰে, ড° হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ আদৰৰ জননেতা আৰু দেশ-বিদেশতো অসমক প্ৰতিনিধিত্ব কৰা এজন মুখ্যমন্ত্ৰী হিচাপে পৰিচিত। ড০ শৰ্মা ডাঙৰীয়াৰ গোটেই পৰিয়াল ভাৰতীয় নাগৰিক, তেখেতৰ লগতে পৰিয়ালৰ কোনোধৰণৰ পাকিস্তানৰে সম্পৰ্ক নাই, বিদেশী নাগৰিকত্ব নাই, আপোনাতকৈ শুদ্ধকৈ অসমীয়া ক’বলৈ-লিখিবলৈ জনা ব্যক্তি হৈছে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বক্তব্যৰ অন্তত মন্ত্ৰী হাজৰিকাই আশা ব্যক্ত কৰি কয় যে এই বিতৰ্কৰ জৰিয়তেই গৌৰৱ গগৈয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব, জনপ্ৰিয়তা আৰু অসমৰ উন্নয়নত তেখেতৰ ভূমিকাক চিনি পাবলৈ সক্ষম হ’ব।