Home Blog Page 525

Poisonous Food And Cancer: বজাৰৰ বিষাক্ত খাদ্যই বৃদ্ধি কৰিছে কেন্সাৰ ৰোগীৰ সংখ্যা

Poisonous Food And Cancer: বজাৰৰ বিষাক্ত খাদ্যই বৃদ্ধি কৰিছে কেন্সাৰ ৰোগীৰ সংখ্যা
Poisonous Food And Cancer: বজাৰৰ বিষাক্ত খাদ্যই বৃদ্ধি কৰিছে কেন্সাৰ ৰোগীৰ সংখ্যা

শাৰীৰিক স্বাস্থ্য সন্তুলিত কৰি ৰাখিবলৈ চিকিৎসক আৰু স্বাস্থ্য বিজ্ঞানীসকলে ৰেডিমেড, জাংক ফুড, সংসাধিত, গুৰুপাকী খাদ্যৰ পৰিৱৰ্তে ঘৰুৱাভাৱে তৈয়াৰী আহাৰৰ লগতে শাক-পাচলি আৰু ফলমূল বেছিকৈ খাবলৈ পৰামৰ্শ দিয়ে(Poisonous Food And Cancer)।আজিকালি স্বাস্থ্য সচেতনতা বৃদ্ধি পাইছে বাবেই অধিক চৰ্বি আৰু কেলৰিযুক্ত খাদ্য বহু লোকে এৰাই চলিবলৈ লৈছে আৰু তাৰ পৰিৱৰ্তে বেছিকৈ খাবলৈ লৈছে শাক-পাচলি আৰু ফলমূল। অৱশ্যে এই শাক-পাচলি আৰু ফলমূলৰ বাবে সমাজৰ নব্বৈ শতাংশৰো অধিক লোকেই নিৰ্ভৰ কৰিব লগা হয় বজাৰৰ ওপৰত(Rapid Alert System)।

শাক-পাচলিৰ উৎপাদনৰ ক্ষেত্ৰখন সামগ্ৰিকভাৱে অশিক্ষিত, অৰ্ধশিক্ষিত আৰু অপ্ৰশিক্ষিত কৃষকসকলৰ হাততেই আছে যিসকলে উৎপাদনৰ বাবে নীতি-নিৰ্দেশনা নমনাকৈ প্ৰচুৰ পৰিমাণে প্ৰয়োগ কৰে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য। সৰহভাগ সাধাৰণ আৰু মধ্যবিত্তৰ বাবে এই ৰসায়ন যুক্ত শাক-পাচলিয়েই এতিয়া নিয়মীয়া খাদ্য। আনহাতে, কল, আপেল, কমলা, আম, অমিতা, মাটি কঠাল আদি ফলমূলৰ বাবেও মূলতঃ নিৰ্ভৰ কৰিব লগা হয় বজাৰৰ ওপৰত।

বজাৰৰ পৰা ৰঙচুৱা, হালধীয়া, চিকচিকীয়া ফলমূল আমি কিনি আনো যদিও সেই ফলমূল কিমান নিৰাপদ ভাবি চাবলগীয়া। সাধাৰণতে ফলবিলাক পকে পূৰঠ অৱস্থাত ফলৰ ভিতৰত উৎপত্তি হোৱা ইথিলিন নামৰ জৈৱ ৰাসায়নিক হৰমনৰ প্ৰভাৱত(Food Safety)। প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা ইথিলিন প্ৰাকৃতিক হৰমন হোৱাৰ ফলত এনে ফলৰ দ্বাৰা ভোক্তাসকলৰ কোনো স্বাস্থ্যৰ বিপদ নহয়। কিন্তু, আজিকালি বজাৰত উপলব্ধ সৰহভাগ ফলমূলেই মূলতঃ পকোৱা হয় কৃত্ৰিমভাৱে ইথিলিন প্ৰয়োগ কৰি।

ইয়াৰ বাবে ফল-মূলৰ ব্যৱসায়ীসকলে সাধাৰণতে ব্যৱহাৰ কৰে কেলচিয়াম কাৰ্বাইড। কেলচিয়াম কাৰ্বাইড হৈছে এবিধ সাধাৰণভাৱে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য যি ফলৰ ৰং তাৎক্ষণিকভাৱে ৰঙীণ কৰি তোলে। পানীৰ সৈতে মিহলি হ’লে কেলচিয়াম কাৰ্বাইডে এচিটাইলিন নামৰ ইথিলিনৰ সমধৰ্মী গেছ মুকলি কৰে যি ফলৰ দ্বাৰা উৎপন্ন হোৱা প্ৰাকৃতিক হৰমন ইথিলিনৰ সৈতে একে ধৰণৰ প্ৰভাৱ পেলায় আৰু ফলবোৰ দেখাত প্ৰকাৰ দৰে হৈ পৰে।

কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে বিপজ্জনক। ইয়াৰ ফলত মূৰৰ বিষ, মূৰ ঘূৰোৱা, স্মৃতিশক্তি হ্ৰাস আৰু ছিজাৰৰ দৰে স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। গৰ্ভৱতী মহিলাসকল এইক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱা উচিত। কেলচিয়াম কাৰ্বাইড ক্ষাৰীয় উপাদান আৰু পাকস্থলীৰ বেৰৰ শ্লেষ্মা কলাত ই জ্বলা-পোৰা কৰিব পাৰে, শ্লেষ্মা কোষকলা ক্ষতিগ্ৰস্ত কৰে আৰু অন্ত্ৰৰ নিয়মীয়া কাৰ্যত ব্যাঘাত জন্মায়।

কেলচিয়াম কাৰ্বাইডযুক্ত ফলত আৰ্চেনিক আৰু ফছফৰাছৰ অৱশিষ্ট থাকিব পাৰে যাৰ ফলত গুৰুতৰ স্বাস্থ্য সমস্যা হ’ব পাৰে। ইয়াৰ ভিতৰত আছে মূৰ ঘূৰোৱা, সঘনাই পিয়াহ লগা, জ্বলা-পোৰা, দুৰ্বলতা, গিলিবলৈ অসুবিধা, বমি আৰু ছালৰ আলচাৰ। অধ্যয়ন অনুসৰি, কেলচিয়াম কাৰ্বাইডে দীঘলীয়া হাইপোক্সিয়া (অক্সিজেনৰ মাত্ৰা কম হোৱা অৱস্থা) সৃষ্টি কৰি স্নায়ৱিক প্ৰণালীকো প্ৰভাৱিত কৰিব পাৰে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) কৃত্ৰিমভাৱে ফল পকাবলৈ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ নিষিদ্ধ কৰিছে।


এতিয়া স্বাভাৱিকতে প্ৰশ্ন হ’ব যে বজাৰৰ পৰা কিনি অনা ফল-মূলৰ পৰা কেলচিয়াম কাৰ্বাইড সৃষ্ট বিষাক্ত দ্ৰব্য দূৰ কৰাৰ বাবে কিবা উপায় আছে নেকি? দূৰ্ভাগ্যজনকভাৱে তেনেকুৱা কোনো চমু আৰু সহজ উপায় নাই। ২ শতাংশ ছডিয়াম কাৰ্বনেট দ্ৰৱণত ১২ ঘণ্টাৰ বাবে ফলসমূহ ডুবাই ৰাখিলে কেলচিয়াম কাৰ্বাইডৰ দ্বাৰা পকোৱা ফলৰ পৰা আৰ্চেনিক আদি অৱশিষ্ট আঁতৰ কৰিব পাৰি, কিন্তু ঘৰুৱা জীৱনত ব্যৱহাৰিকভাৱে এনে কৰাটো সম্ভৱ নহয়।


আমি বজাৰৰ পৰা কিনি অনা ফলমূল, বিলাহী, অমিতা আদি স্বাভাৱিকভাৱে পকানে অথবা কোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পকোৱা হৈছে তাক জানিবৰ বাবে কিবা উপায় আছেনে- এইটোও এটা বহুতৰে প্ৰশ্ন। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ খাদ্য বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মুৰব্বীৰ নেতৃত্বত গৱেষকৰ এটা দলে কৈছিল যে তেওঁলোকে কৃত্ৰিমভাৱে পকোৱা ফল চিনাক্ত কৰিবলৈ এটা সৰল, দ্ৰুত আৰু ব্যয়সাধ্য পদ্ধতি বিকশিত কৰিছে। তেওঁলোকে গৱেষণাৰ দ্বাৰা প্ৰস্তুত কৰিছে এটা বিশেষ ধৰণৰ দ্ৰৱ।

ইয়াক কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি ফলবোৰ পকোৱা হৈছিল নে নাই প্ৰমাণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। প্ৰথমতে এই দ্ৰৱটোৰে সন্দেহযুক্ত ফলমূলৰ এটা বা একাধিক ফল ধুব লাগে আৰু ধোৱা দ্ৰৱটোৰ এক অংশ সমপৰিমাণৰ পানীৰ সৈতে মিহলি কৰিব লাগে। যদি ফলবোৰ কেলচিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা হৈছিল, তেতিয়া ফল ধোৱা দ্ৰৱটো পানীৰ সৈতে মিহলি কৰিলে দ্ৰৱটোৰ ৰং সলনি হৈ পৰে। ইউৰোপীয়ান ইউনিয়নে ১৯৯১ চনৰ পৰাই খাদ্য বা ফল-মূলত ফুমিগেণ্ট বা গেছীয় দ্ৰাৱক হিচাপে ইথিলিনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।


কেৱল ফলমূলতে নহয়, আমাৰ দেশত অন্যান্য খাদ্য সামগ্ৰীতো স্বাস্থ্য বিৰোধী, আনকি কেন্সাৰ কাৰক দ্ৰব্য সংৰক্ষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়। ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৫২৭ বিধ ভাৰতীয় খাদ্য সামগ্ৰীত কৰ্কটৰ বাহকৰ উপস্থিতি ধৰা পৰিছে। ইউৰোপীয় সংঘই প্ৰকাশ কৰা মতে, ভাৰতীয় মূলৰ ৫২৭ বিধ খাদ্য সামগ্ৰীৰ ভিতৰত অতি জনপ্ৰিয় স্পাইচ ব্ৰেণ্ড এম ডি এইচ আৰু এভাৰেষ্ট মচলাও আছে।

ভাৰতীয় খাদ্য সামগ্ৰীত ইথিলিন অক্সাইড নামৰ ৰাসায়নিক পদাৰ্থ আছে যাৰ পৰিমাণ অনুমতিপ্ৰাপ্ত পৰ্যায়তকৈ অধিক। হংকং আৰু ছিংগাপুৰত ভাৰতীয় খাদ্যকেইবিধ নিষিদ্ধ কৰাৰ পাছত ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্ৰী সন্দৰ্ভত সূক্ষ্ম নিৰীক্ষণ আৰু পৰ্যবেক্ষণ চলায়। এই নিৰীক্ষণতে খাদ্য সামগ্ৰীত কৰ্কটৰ কাৰক ৰাসায়নিকৰ উপস্থিতি ধৰা পৰে। উল্লেখ্য, ২০২৪ৰ ৫ এপ্ৰিলত চেণ্টাৰ ফৰ ফুড ছেফ্‌টী অৱ দ্য গভৰ্ণমেণ্ট অৱ হংকং স্পেচিয়েল এডমিনিষ্ট্ৰেটিভ ৰিজনে ভাৰতীয় খাদ্য সামগ্ৰী এম ডি এইচ গ্ৰুপৰ তিনিটা মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি ধৰা পেলায়। এমডিএইচ গ্ৰুপৰ এই তিনিটা খাদ্য সামগ্ৰী হৈছে মাদ্ৰাজ কাৰী পাউডাৰ, চম্ভাৰ মচলা পাউডাৰ আৰু কাৰী পাউডাৰ।

ভাৰতীয় খাদ্যত হানিকাৰক ৰাসায়নিক পদাৰ্থ লাভ কৰাৰ পিছতে ইউৰোপীয় সংঘই ভাৰতৰ পৰা আমদানিকৃত খাদ্য-সামগ্ৰীক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। মন কৰিবলগীয়া যে ইউৰোপীয় সংঘত খাদ্যত ইথিলিন অক্সাইড ব্যৱহাৰ কৰাত অনুমতি নাই। এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় খাদ্যত ইথিলিন অক্সাইডৰ ব্যৱহাৰ তেওঁলোকৰ বাবে বিপজ্জনক হৈ পৰিছে। ইউৰোপীয় সংঘই ধৰা পেলোৱা ৫২৭বিধ ভাৰতীয় খাদ্য-সামগ্ৰীৰ ভিতৰত ৩৩২বিধ প্ৰত্যক্ষভাৱে ভাৰতৰ পৰা আমদানি কৰা হয়।

বাকীখিনি বেলেগ দেশৰ পৰা আমদানি হৈ আছে। ইউৰোপীয় সংঘৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই বিভিন্ন খাদ্য সামগ্ৰীৰ পৰীক্ষণ ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২৪ চনৰ এপ্ৰিললৈ কৰিছে। এই সময়ছোৱাত ইউৰোপীয় সংঘই ৩১৩বিধ বাদামজাতীয় আৰু তিলজাতীয়, ৬০বিধ ঔষধি আৰু মচলাযুক্ত, ৪৮বিধ ডায়েবেটিছ ৰোগীৰ খাদ্য আৰু ৩৪বিধ অন্যান্য ধৰণৰ খাদ্যৰ পৰীক্ষণ কৰে। এই পৰীক্ষণৰ সময়ত অধিকাংশ খাদ্য সামগ্ৰীতে ইথিলিন অক্সাইড ধৰা পৰে। ইথিলিন অক্সাইডক গ্ৰুপ ‘এ’ কাৰ্চিনোজেন বা কেন্সাৰ কাৰকৰ শাৰীত অন্তৰ্ভুক্ত কৰিছে ইণ্টাৰনেচনেল এজেঞ্চী ফৰ ৰিছাৰ্ছ অন কেন্সাৰে।

এই কাৰ্চিনোজেন মানৱ শৰীৰত প্ৰৱেশ কৰিলে কৰ্কটৰ কাৰক হৈ পৰে। ইউৰোপীয় সংঘ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই ভাৰতীয় খাদ্য সামগ্ৰীত কৰ্কটৰ কাৰক ৰাসায়নিক ধৰা পেলোৱাৰ পিছত এই উদ্বিগ্নতাৰ বিষয়টোক লৈ ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ ল’ব ফুড ছেফ্‌টি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটী অৱ ইণ্ডিয়া, চমুকৈ ‘এফ এছ এছ এ আই’য়ে। ইউৰোপীয় সংঘৰ তথ্যৰ আধাৰত এফ এছ এছ এ আয়ে ভাৰতীয় ৰপ্তানিকৃত উল্লিখিত খাদ্য সামগ্ৰীসমূহৰ পৰীক্ষণ চলাব।


লিম্ফ’মা (লসিকা গ্ৰন্থিৰ কেন্সাৰ) আৰু লিউকেমিয়া (ব্লাড কেন্সাৰ)জাতীয় কৰ্কট ৰোগ সাধাৰণতে ইথিলিন অক্সাইডৰ দীঘলীয়া সময়ৰ ব্যৱহাৰৰ বাবে হ’ব পাৰে। পাকস্থলী আৰু মহিলা বা পুৰুষৰ স্তনৰ কৰ্কট ৰোগো ইথিলিন অক্সাইডৰ দীঘলীয়া বিষক্ৰিয়াৰ বাবে হোৱাৰ আশংকা থাকে বুলি ৰাষ্ট্ৰীয় কেন্সাৰ প্ৰতিষ্ঠানে প্ৰতিবেদন দিছে। বৃত্তিগত সুৰক্ষা আৰু স্বাস্থ্যৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান (National Institute for Occupational Safety and Health- NISOH) প্ৰতিবেদন অনুসৰি ০.১ পি পি এম মাত্ৰাৰ ইথিলিন অক্সাইডৰ পৰিৱেশত দৈনিক ৮ ঘণ্টা অথবা ৫.০ পি পি এম মাত্ৰাৰ পৰিৱেশত দৈনিক ১০ মিনিট সময় থাকিলেই ইথিলিন অক্সাইডৰ বিষক্ৰিয়াত যিকোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে। NISOHয়েও ইথিলিন অক্সাইডক শক্তিশালী কেন্সাৰ কাৰক হিচাপে সাব্যস্ত কৰিছে।

এক প্ৰতিবেদন মতে ইথিলিন অক্সাইডে ১৩ বিধ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৰ শৰীৰত কোষৰ উৎপৰিৱৰ্তন আৰু ক্ৰম’জমৰ ধ্বংস ক্ৰিয়া সাধন কৰিব পাৰে। কোষৰ ডি এন এৰ পৰিৱৰ্তনতো ইথিলিন অক্সাইডৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। জনন আৰু প্ৰজনন জাতীয় বিষক্ৰিয়া ঘটোৱাৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা চিহ্নিত হৈছে।

পুৰুষ-মহিলা উভয়ৰ ক্ষেত্ৰতে ইথিলিন অক্সাইডে অনুৰ্বৰতা আৰু সন্তানহীনতাৰ অৱস্থা সৃষ্টি কৰিব পাৰে। গেছ হিচাপে বিদ্যমান ইথিলিন অক্সাইডে ভেঁকুৰ, ইষ্ট, বেক্টেৰিয়া আদিবোৰ বিনাশ কৰি খাদ্য বীজাণুমুক্ত কৰে যাৰ ফলত খাদ্যৰ জীৱন কাল বৃদ্ধি হয়। এইবিধ দ্ৰব্যই এলকেলাইন এজেণ্ট হিচাপে কাম কৰে আৰু খাদ্যৰ গুদামত ইয়াক ফুমিগেণ্ট হিচাপে ব্যৱহাৰ কৰা হয়। শুকান ফল, কণী, শুকান ইষ্ট, খাদ্যশস্য, মচলা আদিতো ইয়াৰ প্ৰয়োগ হয়।

সম্ভৱতঃ এই দ্ৰব্যই পতংগনাশক হিচাপেও কাম কৰে। পতংগনাশক আৰু খাদ্য-সামগ্ৰীৰ সংৰক্ষণৰ বাবে ৪০ বছৰৰো অধিক কাল ধৰি ইথিলিন অক্সাইড ভাৰতত ব্যৱহাৰ কৰা হৈছে। ছেপ্টেম্বৰ ২০২০ত প্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা আমদানি কৰা তিলৰ নমুনাত ইথিলিন অক্সাইডৰ অগ্ৰহণযোগ্য স্তৰ ইউৰোপীয়ান ইউনিয়নে ধৰা পেলাইছিল।

২০২০ চনৰ শেষলৈ তিলৰ লগতে অন্যান্য খাদ্যৰ পৰাও ইথিলিন অক্সাইড থকা সামগ্ৰী সম্পৰ্কিত ৩০০ৰো অধিক সতৰ্কবাণী ইউৰোপীয়ান ইউনিয়নৰ Rapid Alert System for Food and Feedৰ প্ৰতিবেদনত দাখিল কৰা হৈছিল।

লেখক: ডাঃ প্ৰবীণ কুমাৰ নেওগ (Dr. Praveen Kumar Neog)

Classical Language of India: অসমীয়া ভাষা জগত সভালৈ যাব

Classical Language of India: অসমীয়া ভাষা জগত সভালৈ যাব
Classical Language of India: অসমীয়া ভাষা জগত সভালৈ যাব

কামৰূপা মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কথাযেন চিৰযুগমীয়া হওক। অসমীয়া ভাষাক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে। অসমীয়া হিচাপে আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অসমৰ অসমীয়া আৰু অসমীয়া ভাষাৰ(Classical Language of India) প্ৰতি আনুগত্য থকা প্ৰতিজন লোকেই এই স্বীকৃতিৰ বাবে আনন্দিত আৰু গৌৰৱান্বিত।

অসমীয়াই স্বকীয় মৰ্যাদা লাভ কৰিলে আৰু অসমীয়া বঙালী ভাষাৰ মাজত বহুদিনৰ এটা ভুল বুজাবুজিৰ অন্ত পৰিল বুলি আমি ভাবিব পাৰো। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মানুহৰ মাজত ইয়াৰ কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ প্ৰতিফলন হয় তাক আমি অনতিপলমেই জানিব পাৰিম নিশ্চয়।কাৰণ এনে কিছুমান অসমৰ জনগোষ্ঠীৰ লোক অসমতে বসবাস কৰি আছে যি সকলে অসমীয়া ভাষাক নিজৰ ভাষা বুলি নকয়।

আনকি কিছুমান জনগোষ্ঠীয়ে অসমীয়া লিপিও গ্ৰহণ কৰা নাই। তাৰোপৰি অসমীয়া ভাষাৰ সাহিত্য সংস্কৃতিৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ লগতো আত্মিক সম্পৰ্ক নাই। বৰঞ্চ অসমতে তেওঁলোকৰ নিজা নিজা সাহিত্য সভাৰ জন্ম দি অসম সাহিত্য সভাক প্ৰকাৰন্তৰে দুৰ্বল কৰিবলৈ কিছুমানে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

অসমৰ পুৰোধা ব্যক্তিসকলৰ বাটেদি বাট বুলিবলৈ তেওঁলোকৰ ইচ্ছা নাই। মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱৰ সমন্বয়ৰ ইতিহাস নস্যাৎ কৰি এখন সৰ্বাংগ সুন্দৰ সংস্কৃতিৰ অসম গঢ়িবলৈ আমি মনে প্ৰাণে বিচৰা নাই আজিৰ অসমত বসবাস কৰা বহু জাতি জনগোষ্ঠীৰ মানুহে।

প্ৰাচীন অসমৰ অসমীয়া ভাষাৰ প্ৰতি সদা সচেতন সাহিত্য সংস্কৃতিৰ সাধক সকলে অসমীয়া ভাষাত সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ সৃষ্টিৰ নতুন দিগন্তৰ অৱতাৰণা কৰিছিল, সেই সকলৰ কথাও বৰ্তমান অসমৰ বহুতৰেই মনত নাই বা তেওঁলোকক মনত নেপেলায়।

বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া ভাষাৰ প্ৰতি যি আনুগত্য অপৰিসীম আছিল, সেই কথাও বহুতৰেই বৰ্তমান যেন ঈৰ্ষাৰ বিষয়-বস্তু হৈ পৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল- কামৰূপা মোৰ শুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব।

বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ, পাৰ্বতী প্ৰসাদ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী সকলে অসমত অসমীয়া ভাষাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, সেই কথা আজিৰ এই ধ্ৰুপদী স্বীকৃতিৰ সময়ত পাহৰিলে নহব। ইয়াৰ অৰ্থ কিন্তু এইটোও নহয় যে প্ৰতি খিলঞ্জীয়াৰ কৃষ্টি সংস্কৃতিক আকোঁৱালি লব নালাগিব।

ড৹ ভূপেন হাজৰিকাই কবৰ দৰে-মোৰ আইক ভাল পাওঁ বুলি ক’লে আনৰ আইক বেয়া পোৱা নুবুজায়। কাজেই অসমৰ প্ৰতি জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত যিহেতু অসমীয়া মহাজাতিৰ সৃষ্টি হৈছে, সেই মহাজাতিৰ ভাষা অসমীয়া ভাষাক সকলোৱেই শ্ৰদ্ধা সন্মান আৰু প্ৰাপ্য মৰ্যাদা দিয়াতো প্ৰতি অসমীয়াৰেই দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত।

অ:ভা:উ:সা: সভাখনৰ পৰা ১৯১৭ চনত শিৱসাগৰৰ ৰংপুৰ ক্ষেত্ৰত পদ্মনাথ গোহাঞিবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অসম সাহিত্য সভাৰ উকমুকনিলৈ আমি কি আছিলো, কেনেকৈ ১৮৩৬ চনৰ পৰা ১৮৭২ লৈ অসমত বঙলা ভাষা চলিছিল, কেনেকৈ অসমীয়া ভাষা উদ্ধাৰ হৈছিল। অসমত অসমীয়া ভাষাৰ কাৰণে শ্বহীদ হৈছিল শিশিৰ নাগ, ৰঞ্জিত বৰপূজাৰী, মফিজুদ্দিন আহমদ মইনুল হক, মোজ্জামিল হ’ক, অনিল বৰা প্ৰমুখ্যে বহু অমৃতৰ সন্তান।

অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদ হৈছিল বুলি কোৱা হয় যদিও অনেক বেছি শ্বহীদ হৈছিল আৰু বহু জীৱনৰ কাৰণে ঘুনীয়া হৈছিল, অনেক মানুহে নিৰ্যাতন ভোগ কৰিছিল। অসমীয়াৰ এইয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ ইতিহাস বৰ দীঘলীয়া, চুটি নহয়।তাৰ পিছতো বহুতেই তিৎকাৰী মাৰে যদি অসমীয়াক, সি যিমানেই শক্তিশালী হওক সহ্য নকৰে অসমীয়াই। আকৌ কৈছো অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিলে ইতিহাস সাক্ষী হৈ ৰ’ল।

অসমীয়া ভাষাৰ স্বকীয় মৰ্যাদা ৰক্ষাৰ বাবে, ইয়াৰ উন্নতি আৰু বিকাশৰ বাবে ১৮৮৮ খৃষ্টাব্দৰ ২৫ আগষ্টত অনুষ্ঠিত অ: ভা: উ: সা: ৰ জন্ম হৈছিল কলিকতাত। ১৮৮৯ খৃষ্টাব্দত জন্ম হৈছিল “জোনাকী ” অসমীয়া আলোচনীৰ অসমীয়া ভাষা উন্নতি সাধিনীৰ প্ৰচেষ্টাত।

কিন্তু ১৮৪৬ খৃষ্টাব্দৰ পৰা ১৮৮৮ লৈ আছিল অৰুণোদইৰ যুগ। ১৯৪৬ খৃষ্টাব্দত অ’ টি, কাট্টাৰৰ সম্পাদনাত শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল অৰুণোদই কাকত।কিন্তু অসমীয়াৰ প্ৰথম খন ছপা কিতাপ আছিল বাইবেলৰ অনূদিত গ্ৰন্থ ধৰ্ম্মপুস্তক( ১৮১৩) আত্মাৰাম শৰ্মাৰ সম্পাদনাত প্ৰকাশ হৈছিল।

এই বিলাক কথাৰ আঁৰত খৃষ্টান বেপটিষ্ট মিছনেৰীসকলৰ অৱদান অনস্বীকাৰ্য ।সেই ইতিহাস বিলাকো পাহৰিলে নচলিব। ইংৰাজ সকলেই অসমীয়া ভাষাৰ ব্যাকৰণো ৰচনা কৰিছিল(Six Indian Languages)। সেইটোও আমি কব লাগিব। আমেৰিকান বেপ্তিষ্ট মিছনেৰী মাইলছ ব্ৰনছনৰ অসমীয়া অভিধান প্ৰস্তুত কৰাৰ কথা সৰ্বজনবিদিত। এই বিলাক কথা সকলোৱেই স্বীকাৰ কৰিব। কিন্তু সেইখিনি আছিল পৰাধীন ভাৰতৰ ইতিহাসৰ টুকুৰা খবৰ।

স্বাধীনতাৰ পিছত অসমৰ ভাষা সাহিত্যৰ বিকাশৰ কথা অলপ পৃথক। ১৯৬০ চনত অসমৰ ৰাজ্য ভাষা আইন তৈয়াৰ হ’ল।কিন্তু দুৰ্ভাগ্যজনকভাবে আজিও ৰাজ্যৰ সকলো ক্ষেত্ৰতে সৰ্বান্তৰে ৰাজ্য ভাষা অসমীয়াৰ প্ৰয়োগ দেখা নাই। পূৰ্বতে কৈছো ভাষা আন্দোলনৰ কথা, শ্বহীদৰ কথা। স্কুল- কলেজ,অফিচ-আদালতত অথবা ৰাজহুৱা জীৱনৰ বিভিন্ন স্তৰৰ বিভিন্ন ক্ষেত্ৰত অসমীয়া(Assames) ভাষাৰ ব্যৱহাৰ বৰ দুৰ্ভাগ্যজনক ভাবে অৱহেলিত।

১৯৭২চনত মাধ্যম আন্দোলন হৈছিল আৰু অসমৰ জনগণে ভাবিছিল অসমৰ সকলোতেই অসমীয়া ভাষা মাধ্যম ৰূপে ব্যৱহৃত হব।কিন্তু নহ’ল(Sanskrit)।অসমৰ মুখ্যমন্ত্ৰীৰ গাদীত সৰ্বানন্দ সোণোৱাল থাকোতেই অসমৰ ৰাজ্য ভাষা আইন সংশোধন কৰি অসমীয়াৰ ৰাজ্য ভাষাৰ মৰ্যাদা অৱনমিত হ’ল।

পৰবৰ্তীকালত অসমীয়া ভাষাক প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উপেক্ষা কৰা হল। যদি অসমীয়াৰ প্ৰতি ইমান দৰদ সকলোৰে তেনে অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ড স্বৰূপ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ(Srimanta Sankardev) ব্ৰজাৱলী ভাষাক মান্যতা দিয়া নাই কিয়! গুৰু দুজনাৰ অংকীয়া নাট, ঝুমুৰা সমূহক জনজীৱনৰ অবিচ্ছেদ্য অংগ স্বৰূপে প্ৰতিষ্ঠিত কৰিবলৈ শৈক্ষিক উত্তৰণৰ উপাদান কৰাৰ বিপৰীতে মাতৃভাষাৰ ভাওনাত অধিক গুৰুত্ব আৰোপ কৰা হৈছে!

এটা কথা সকলোৱেই জানে যে মাতৃভাষাই হৈছে উত্তৰণৰ উত্তম পন্থা।সংস্কৃত ভাষা, পালি- প্ৰাকৃত ভাষাক আমি ব্যৱহাৰ কৰিবলৈ এৰিলোঁ। মহাপুৰুষ শংকৰদেৱৰ দিনতে গুৰুজনাই অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বোধগম্য হোৱাকৈ সংস্কৃত ভাষাৰ পৰিবৰ্তে ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছিল বুলি কোৱা হয়, তবে মাগধী অপভ্ৰংশৰ কথা বা আৰ্য মংগোলীয় বা দ্ৰাবিড়, তীব্বত বাৰ্মী ভাষাৰ কথা এতিয়া আমি যেনেকৈ নাভাবো।

কাৰণ আমাৰ কাৰণে ই বুৰঞ্জী বা ইতিহাস। আমি ইহঁতক মৃত ভাষা বুলি কওঁ। কাৰণ আমি এই বিলাক ভাষা সাৰ্বজনীন ভাবে সৰ্বান্তৰে প্ৰয়োগ নকৰো। অসমীয়া ভাষাটো আমি তেনেকুৱাই হওক বুলি কামনা নকৰো। আমি কৈছো অসমীয়া ভাষা দীৰ্ঘজীৱী হওক।

যেনেকৈ মৃত্যুৰ সময়তো ফৰাচী ভাষাৰ শিক্ষক এম হেমেলে ছাত্ৰ-ছাত্ৰীসকলক কৈছিল ক’লা বৰ্ড খনত লিখি দিছিল- “Vive la france.” Alphonse Daudetএ তেওঁৰ The Last Lesson টোত এই কথা উল্লেখ কৰিছে। জাতীয় আবেগৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে।জাতীয় আবেগক আঘাত কৰি জাতিক ভাল পাওঁ, ভাষাক ভাল পাওঁ বুলি কোৱা মানুহৰ পৰা সাৱধান নহলে অসমীয়া ভাষাৰ অথবা অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষিত নহব। ই ইতিহাসৰ আহ্বান।

অসমৰ অসমীয়া জাতিৰ অসমীয়া ভাষাৰ কাৰণে প্ৰাণ হেৰুৱাইছিল বহুতেই, আমি কি কৰিছো তেওঁলোকৰ কাৰণে! মহাপুৰুষ শংকৰদেৱৰ কাৰণে মহাপুৰুষ মাধৱদেৱৰ কাৰণে, বিষ্ণুপ্ৰসাদ ৰাভাৰ কাৰণে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰণে, পাৰ্বতী প্ৰসাদ বৰুৱাৰ কাৰণে, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, আনন্দ ৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা, আনন্দ চন্দ্ৰ বৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা ইত্যাদিৰ অসমৰ অসমীয়াৰ অসমীয়া ভাষাৰ কাৰণে আমি কি কৰিছো! অসমৰ সকলো জাতি-জনগোষ্ঠীৰ উত্তৰণৰ মান ৰক্ষা কৰি অসম সাহিত্য সভাই কি কৰিছে! অসম চৰকাৰৰ এই ক্ষেত্ৰত দায়িত্বশীল ভাবে জাতিৰ বাবে ভাষাৰ বাবে দায়বদ্ধতাৰে কাম কৰিছো বুলি বুকুত হাতথৈ কব পাৰিবনে!

স্বাধীনতাৰ পিছত আজিও অসমত অসমীয়া ৰাজ্য ভাষাক পূৰ্ণ মৰ্যাদা দিব নোৱাৰিলে! আজিও অসমত অসমীয়া ভাষাক মাধ্যম ৰূপে প্ৰতিষ্ঠিত কৰিব নোৱাৰিলে! অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে অসমীয়া ভাষাৰ লিপি এৰি অন্য লিপি গ্ৰহণ কৰিছে এই ক্ষেত্ৰত অসম চৰকাৰৰ বা অসম সাহিত্য সভাৰ দায় দায়িত্ব একোৱেই নাই নেকি! আজিলৈকে অসমীয়া জাতিৰ এটা সংজ্ঞা নিৰূপণ কৰিব নোৱাৰিলে! অসমৰ চৰকাৰ ,অসম সাহিত্য সভাই ঠেলা-ঠেলি কৰি আছে, কোনেও কান্ধপাতি নলয় দায়িত্ব! কেৱল ক্ষমতা ৰক্ষাৰ বাবে ৰাজনীতিত দেশপ্ৰেম, জাতি প্ৰেম বা ভাষা প্ৰেম নাথাকে।

অসম সাহিত্য সভাৰ জাতি প্ৰেম, দেশ প্ৰেম বা ভাষা প্ৰেম কিমান গম্ভীৰ সেই কথা অসম সাহিত্য সভাৰ শিৱসাগৰৰ ৰংপুৰ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ ভাষণত ড৹ ভূপেন হাজৰিকাৰ দুটামান কথা প্ৰণিধানযোগ্য। তেওঁ কৈছিল- আমি কৰবাত ভুল কৰিলোনেকি যাৰ বাবে আমাৰ পৰা নগালেণ্ড গ’ল,মণিপুৰ গ’ল,ত্ৰিপুৰা গ’ল, অৰুণাচল গ’ল, মিজোৰাম গ’ল আৰু মেঘালয় গুচি গ’ল! তেওঁ আৰু কৈছিল- অসম সাহিত্য সভাৰ জন্ম হৈছিল এই ৰংপুৰ ক্ষেত্ৰতেই ১৯১৭ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ সভাপতিত্বত ।সেই সভাতেই গ্ৰহণ কৰা প্ৰস্তাৱবোৰ আজিও জীয়া জীয়া যেন লাগি আছে।

এই কথাবোৰ কিন্তু অসম সাহিত্য সভাই বিশ্লেষণ কৰা নাই যেন লাগে। অসমৰ চাৰিসীমা অসমীয়া জাতিৰ দুৰ্গ। আজিও নহল নিৰ্মাণ। এই এনেকুৱাই অৱহেলাৰ কাৰণে শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি পৰ্বত আহোম স্বৰ্গদেউৰ সেনাপতি লাচিত বৰফুকনে মোমাইক কাটিছিল বুলি কোৱা হয়। অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ তেজেৰে ৰাঙলী অসম চুক্তিখন প্ৰায় ৪০ বছৰ অসম চৰকাৰে অৱহেলা কৰিলে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে ন্যায্যতা দিব লগা হ’ল।

ই অসমৰ বাবে কি বুলিনো ক’ম! বহুতেই ক’লো। কথা কবলৈ সহজ বুলি জানো তথাপিও কৈছো নহলে ইতিহাস পংগু হ’ব। ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে, ই বৰ আনন্দৰ কথা। এতিয়া অসম চৰকাৰৰ আৰু অসম সাহিত্য সভাৰ দায় দায়িত্ব বাঢ়িল। অসমীয়া ভাষাক জগত সভালৈ নিবলৈ সোণোৱালী বাট বান্ধিব লাগিব। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুত যেনেকৈ কান্দিবলৈ ভয় কৰিছিল কিছুমানে সেই বিলাকৰ দৰে কাপুৰুষ নহওক আজি নোলাওক অনাদি অনন্ত কালে।

লোখক: বিমান শইকীয়া (Biman Saikia)

Priyanka Gandhi Vadra: কিমান সম্পত্তিৰ গৰাকী প্ৰিয়ংকা গান্ধী ভাদ্ৰা!

Priyanka Gandhi Vadra: কিমান সম্পত্তিৰ গৰাকী প্ৰিয়ংকা গান্ধী ভাদ্ৰা!
Priyanka Gandhi Vadra: কিমান সম্পত্তিৰ গৰাকী প্ৰিয়ংকা গান্ধী ভাদ্ৰা!

(Priyanka Gandhi Vadra) প্ৰিয়ংকাই দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ মুঠ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১২ কোটি টকা। তেওঁৰ ৪ কোটি ২৪ লাখৰ স্থাৱৰ সম্পত্তি আছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত তেওঁৰ আয় ৪৬ লাখ ৩৯ হাজাৰ টকা। কেৰালাৰ ভেনাদ লোকসভাৰ উপ-নিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বুধবাৰে দাখিল কৰা মনোনয়ন শপতনামাত এই মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে।

প্ৰিয়ংকাই দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ মুঠ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১২ কোটি টকা। তেওঁৰ ৪ কোটি ২৪ লাখৰ স্থাৱৰ সম্পত্তি আছে। এই তালিকাত তিনিটা বেংক একাউণ্ট পিপিএফ, স্বামী ৰবাৰ্ট ভাদ্ৰাই উপহাৰ দিয়া এখন গাড়ী আৰু প্ৰায় ১.১৫ কোটি টকাৰ সোণৰ অলংকাৰত জমা ধন সন্নিবিষ্ট কৰা হৈছে।(priyanka gandhi vadra net worth)

(rahul gandhi)ৱেনাৰাৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ শপতনামাত কোৱা হৈছে যে তেওঁৰ ৭.৭৪ কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ ভিতৰত দিল্লীৰ মেহৰৌলি অঞ্চলৰ পৰিয়ালৰ কৃষিভূমি আৰু ফাৰ্ম হাউছৰ অংশীদাৰিত্ব অন্তৰ্ভুক্ত। তাৰোপৰি হিমাচল প্ৰদেশৰ শিমলাত প্ৰিয়ংকাৰ ঘৰ আছে। যাৰ আনুমানিক মূল্য ৫ কোটি ৬৩ লাখ টকা। নিৰ্বাচনী শপতনামাত প্ৰিয়ংকাই উল্লেখ কৰিছে যে তেওঁৰ স্বামী ৰবাৰ্টৰ ৩৭.৯০ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ২৭.৬৪ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে।(congress candidate priyanka gandhi)

বুধবাৰে প্ৰিয়ংকাই মাতৃ ছোনিয়া গান্ধী, ককায়েক ৰাহুল গান্ধী, স্বামী ৰবাৰ্ট আৰু কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গৰ সৈতে ‘ৰোড শ্ব’’ৰ বাবে ৱায়ানাদলৈ যোৱাৰ পিছত মনোনয়ন দাখিল কৰে। ৱায়নাড সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ২৩ নৱেম্বৰত হ’ব গণনা। সেইদিনা মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন আৰু ১৫খন ৰাজ্যৰ দুটা লোকসভা আৰু ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ গণনাও হ’ব। এইবাৰ ৱায়ানাডত প্ৰিয়ংকাৰ মূল যুঁজখন প্ৰাক্তন বিধায়ক তথা চিপিআইৰ ৰাজ্যিক সহ সম্পাদক সত্যন মোকেৰী আৰু বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক নৱায়া হৰিদাসৰ বিৰুদ্ধে।(congress candidate priyanka gandhi vadra)

Alia Bhatt: বিয়াৰ গোলাপী ৰঙৰ লেহেংগা দীপাৱলী অনুষ্ঠানত পিন্ধিলে অভিনেত্ৰী আলিয়া ভাটে

আলিয়া ভাট
আলিয়া ভাট

অনুৰাগীৰ মনত তেনে এক প্ৰশ্ন, পুৰণি কাপোৰ পিন্ধা বাৰে বাৰে কিয় আলিয়াক দেখা যায়? বিয়াৰ লেহেংগা দীপাৱলী অনুষ্ঠানত পিন্ধা দেখা গ’ল আলিয়া ভাটক! নতুন কাপোৰ পিন্ধি কোটিপতি হোৱাৰ অনিচ্ছা কিয় আলিয়াৰ?(Alia Bhatt)


মনীষ মালহোত্ৰাৰ দীপাৱলী অনুষ্ঠানত যেতিয়া বলীউদৰ সকলো অভিনেত্ৰীক জিলিকি থকা নতুন সাজ-পোছাক পিন্ধি কেমেৰাত সন্মুখত থিয় দিছিল, তেতিয়া আলিয়া ভাটে তেওঁৰ বিয়াৰ মেহেন্দী অনুষ্ঠানত পিন্ধা গোলাপী ৰঙৰ লেহেংগা পিন্ধি অহা দৃশ্যটোৱে বাকী অভিনেত্ৰীৰ সৌন্দৰ্য যেন ম্লান পেলাই। বিশেষ অনুষ্ঠানত পুৰণি কাপোৰ পিন্ধা অভিনেত্ৰীগৰাকীক দেখি ফেশ্বনিষ্টসকলৰ মাজত কথা-বতৰাৰ অন্ত নাই। (manish malhotra)

এইবাৰো প্ৰতি বছৰৰ দৰে দীপাৱলীৰ আগতে বি-টাউনৰ তাৰকাসকলে পোহৰৰ উৎসৱ উদযাপন কৰিছে। আৰম্ভনি যেন কৰিলে সাজ-পোছাক ডিজাইনাৰ মনীষ মালহোত্ৰাই। তেওঁ আয়োজিত দীপাৱলী পাৰ্টিত বলীউদৰ প্ৰায় সকলো তাৰকা উপস্থিত হয়। সকলোৰে কাপোৰ-কানি আচৰিত ধৰণৰ আছিল। সেই অনুষ্ঠানত যেতিয়া সকলো অভিনেত্ৰীক জিলিকি থকা নতুন কাপোৰত দেখা গৈছিল তেতিয়া, আলিয়াক মেহেন্দী গোলাপী ৰঙৰ লেহেংগা পিন্ধি দেখা দিছিল।(alia bhatt repeats her mehndi lehenga for manish malhotras diwali party)

সাজ-পোছাকৰ ক্ষেত্ৰত আলিয়া সদায় বিনয়ী। বিয়া হওক বা দীপাৱলী পাৰ্টি হওক, কেতিয়াও মেকআপৰ বেছি নকৰে। দীপাৱলী পাৰ্টিতো আলিয়াই গোলাপী ৰঙৰ লেহেংগাৰ সৈতে পাতল মেকআপ কৰিছিল।

আলিয়াৰ মেহেন্দী পোছাকযোৰ তেওঁৰ বৰ প্ৰিয়। আলিয়াৰ বাবে এই লেহেংগা বনাবলৈ শিপিনী সকলে প্ৰায় ৩০০০ ঘন্টা সময় লাগিছিল। লেহেংগাখৰ গোটেই ঠাইতে প্ৰকৃত সোণ আৰু ৰূপৰ ফুলৰ ডিজাইন আছে। (mehndi lehenga)

বলীউডৰ আগশাৰীৰ অভিনেত্ৰীসকলে সাধাৰণতে একেটা সাজ-পোছাক দুবাৰকৈ পৰিধান নকৰে। কিন্তু এটা টক শ্ব’ত আলিয়াই কয় যে তাই বাৰে বাৰে পুৰণি কাপোৰ পিন্ধে। এই কথা সঁচা বুলি প্ৰমাণ আগতে পোৱা গৈছে। ইয়াৰ পূৰ্বে আলিয়াই ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ সময়ত বিবাহৰ শাৰী পিন্ধিছিল। ৰাষ্ট্ৰীয় বঁটা লাভৰ দিনটো আলিয়াৰ বাবে বিয়াৰ দিনটোৰ দৰেই বিশেষ। সেয়ে নায়িকাগৰাকীয়ে এনে সাজ-পোছাক বাছি লৈছিল।(bollywood actress alia bhatt)

Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

Non-local labourer injured in terror attack in Jammu and Kashmir
Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ;আহত এজন

শ্ৰীনগৰ, ২৪ অক্টোবৰ: জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত বৃহস্পতিবাৰে পুৱা সন্ত্ৰাসবাদীৰ দ্বাৰা এটা আক্ৰমণৰ ঘটনা সংঘটিত হয়(Terror attack in Jammu and Kashmir) । সন্ত্ৰাসবাদীৰ এটা দলে কৰা গুলীচালনাত উত্তৰ প্ৰদেশৰ এজন শ্ৰমিক আহত হোৱা বুলি চৰকাৰী সূত্ৰে জানিব পৰা গৈছে।

পুলৱামা জিলাৰ ট্ৰালৰ অন্তৰ্গত বটাগুণ্ড নামৰ এখন গাঁৱত সন্ত্ৰাসবাদীয়ে চলোৱা গুলীচালনাত উত্তৰ প্ৰদেশৰ বিজনুৰ বাসিন্দা শুভম কুমাৰ নামৰ শ্ৰমিক এজনৰ বাহুত গুলীৰ আঘাত পোৱা বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিয়ে(Terror attack in Tral area of Pulwama district)। গুলীবিদ্ধ কুমাৰক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলিও স্থানীয় প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিগত এসপ্তাহত কাশ্মীৰত অস্থানীয় শ্ৰমিকৰ ওপৰত এইটো হৈছে তৃতীয়টো আক্ৰমণ।

যোৱা দেওবাৰে জম্মু কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ এটা নিৰ্মাণস্থলীত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ছয়জন প্ৰব্ৰজিত শ্ৰমিক আৰু এজন স্থানীয় চিকিৎসক নিহত(Doctor killed in JK terror attack) হোৱাৰ বিপৰীতে ১৮ অক্টোবৰত শ্বোপিয়ান জিলাত বিহাৰৰ আন এজন শ্ৰমিকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক

Cyclone Dana: ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে ডানা! বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ, বাতিল কৰা হৈছে ৰে’ল

Cyclone Dana: ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে ডানা
Cyclone Dana: ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে ডানা

(Cyclone Dana)পশ্চিম বংগ আৰু ওড়িশাৰ উপকূলত ঘূৰ্ণীবতাহ ‘ডানা’ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ‘হাই এলাৰ্ট’ জাৰিছে। সাগৰত যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জাহাজ আৰু বিমান নিয়োগ কৰিছে। ঘূৰ্ণীবতাহৰ ধুমুহা ‘ডানা’ৰ বাবে ইষ্টাৰ্ণ ৰে’লৱেই বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা শুকুৰবাৰে পুৱা ১০ বজালৈ ছিলডা সংমণ্ডলৰ ১৯০খন স্থানীয় ৰে’ল বন্ধ কৰি দিছে।(trains cancelled)বুধবাৰে সন্ধিয়ালৈকে ওড়িশাৰ ১০ লাখ লোকৰ ৩০%তকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। পশ্চিম বংগত ৰাজ্যপালৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। ‘ডানা’ ঘূৰ্ণীবতাহ ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে, যাৰ ফলত ৰাজ্যখনৰ প্ৰায় আধা জনসংখ্যাই ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰিছে।(flights suspended)

ঘূৰ্ণীবতাহ ধুমুহা ডানাৰ আগমনৰ পৰিপ্ৰেক্ষিতত বংগৰ ৰাজ্যপালগৰাকীয়ে তেওঁৰ সকলো কাৰ্যসূচী বাতিল কৰি কয় যে আমি বৰ্তমান সংকটৰ সময়ত আছো। ঘূৰ্ণীবতাহৰ ধুমুহা ডানা ওচৰ চাপিছে, বংগত আমি বহু ধুমুহাৰ সন্মুখীন হৈছো। আমিও আত্মবিশ্বাস আৰু ধৈৰ্য্যৰে ডানাৰ মুখামুখি হ’ম। (odisha and bengal)


ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কয় যে ঘূৰ্ণীবতাহ ডানাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে সন্ধিয়ালৈকে ১০ লাখ লোকৰ ৩০ শতাংশতকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। মঙলবাৰে চৰকাৰে ১৪খন জিলাৰ পৰা ১০,৬০,৩৩৬ জন লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।(Odisha Chief Minister Mohan Charan Manjhi)


পশ্চিম বংগৰ বতৰ বিজ্ঞান বিভাগে অহা ২৪ আৰু ২৫ অক্টোবৰত উত্তৰ আৰু দক্ষিণ ২৪ পৰগনা, পূৰবা আৰু পশ্চিম মেদিনীপুৰ, ঝাৰগ্ৰাম, কলকাতা, হাওৰা আৰু হুগলী জিলাৰ বিচ্ছিন্ন স্থানত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে।

আই এম ডিয়ে জনোৱা মতে, ২৪ অক্টোবৰৰ নিশাৰ পৰা আৰম্ভ হ’ব এই ঘূৰ্ণীবতাহৰ স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়া আৰু ২৫ অক্টোবৰৰ পুৱালৈকে চলিব। আই এম ডিৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে ঘূৰ্ণীবতাহৰ স্থলভাগৰ সময়ত সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ঘূৰ্ণীবতাহৰ স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়াটো লেহেমীয়া, যিটো সাধাৰণতে ৫-৬ ঘণ্টা সময় লাগে। সেয়ে ২৪ অক্টোবৰৰ নিশাৰ পৰা ২৫ অক্টোবৰৰ পুৱালৈকে যেতিয়া ঘূৰ্ণীবতাহটোৱে স্থলভাগত প্ৰৱেশ কৰিব তেতিয়া প্ৰচণ্ড বৰষুণ, বতাহ আৰু ধুমুহাৰ ঢৌৰ শিখৰত উপনীত হ’ব বুলিও তেওঁ কয়।

(yellow alert issued in 14 districts of assam)অসমতো ডানাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা। অসমৰ ১৪খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিনকিনীয়া বৰষুণৰ আৰম্ভ। আনহাতে গুৱাহাটী, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

BRICS Summit : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ডৰ কোনো স্থান নাই: প্ৰধানমন্ত্ৰী মোদী

BRICS Summit : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ডৰ কোনো স্থান নাই: প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২৩ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিকছ সন্মিলনত ভাষণ প্ৰদান কৰে(PM Modi addressed BRICS Summit)। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সমালোচনা কৰি কয় যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই। ১৬ সংখ্যক ব্ৰিকছ সন্মিলন(16th BRICS Summit)ত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পুঁজিৰ বিৰুদ্ধে সবলভাৱে যুঁজিব লাগিব(BRICS Summit)।

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) কয়, “যুৱক-যুৱতীসকলক উগ্ৰবাদৰ দিশে যোৱাত আমি বাধা দিব লাগিব। ভাৰতে যুদ্ধ নহয়, আলোচনা আৰু কূটনীতিক সমৰ্থন কৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সকলোৰে ঐক্যবদ্ধ আৰু দৃঢ় সমৰ্থনৰ প্ৰয়োজন। এই গুৰুত্বপূৰ্ণ বিষয়টোত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই। বিশ্বই যুদ্ধ, অৰ্থনৈতিক অনিশ্চয়তা, জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ দৰে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সময়ত ব্ৰিকছৰ বৈঠকখন অনুষ্ঠিত হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত কলে, বিশ্বই এতিয়া উত্তৰ-দক্ষিণ বিভাজন আৰু পূব-পশ্চিম বিভাজনৰ বিষয়ে আলোচনা কৰি আছে। ইয়াৰ ওৰপিও মোদীয়ে কলে, “মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা, খাদ্য সুৰক্ষা, শক্তি সুৰক্ষা, স্বাস্থ্য সুৰক্ষা আৰু জল সুৰক্ষা নিশ্চিত কৰাটো বিশ্বৰ সকলো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। আৰু প্ৰযুক্তিৰ এই যুগত চাইবাৰ ডিপফেক, ভুল তথ্যৰ দৰে নতুন প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছে। এনে সময়ত ব্ৰিকছৰ পৰা সকলোৰে বহু আশা আছে।”

“মই বিশ্বাস কৰোঁ যে ব্ৰিকছে বৈচিত্ৰ্যপূৰ্ণ আৰু সৰ্বাংগীন মঞ্চ হিচাপে সকলো ক্ষেত্ৰতে ইতিবাচক ভূমিকা পালন কৰিব পাৰে। এই ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী জনকেন্দ্ৰিক হ’ব লাগে। আমি বিশ্ববাসীক এটা বাৰ্তা দিব লাগিব যে ব্ৰিকছ এক বিভাজনকাৰী সংগঠন নহয়, বৰঞ্চ ই মানৱতাৰ স্বাৰ্থত কাম কৰে।” ভাষণত এইদৰে কৈ প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধৰ পৰিৱৰ্তে আলোচনা আৰু কূটনীতিৰ প্ৰতি ভাৰতৰ সমৰ্থনক পুনৰবাৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আৰু আমি যিদৰে একেলগে ক’ভিডৰ দৰে প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলো, ঠিক তেনেকৈয়ে আমি নিশ্চিতভাৱে ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিৰাপদ, শক্তিশালী আৰু সমৃদ্ধ ভৱিষ্যত নিশ্চিত কৰাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হৈছো।” লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কলে, “সন্ত্রাসবাদ আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সকলোৰে ঐক্যবদ্ধ, অটল সমৰ্থনৰ প্ৰয়োজন”। ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ওপৰত ব্যাপক সন্মিলনৰ দীৰ্ঘদিনীয়া বিষয়টোত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ব্লক সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতে নতুন দেশসমূহক অংশীদাৰ দেশ হিচাপে ব্ৰিকছলৈ আদৰণি জনায়।

তেওঁ লগতে কয়, “এই সন্দৰ্ভত সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা উচিত, আৰু ব্ৰিকছৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ মতামতক সন্মান জনোৱা উচিত। জোহান্সবাৰ্গ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা নিৰ্দেশনামূলক নীতি, মানদণ্ড, নীতি-নিয়ম আৰু প্ৰক্ৰিয়াসমূহ সকলো সদস্য আৰু অংশীদাৰ দেশসমূহে মানি চলিব লাগে।”

ব্ৰিকছ হৈছে সময়ৰ লগে লগে বিকশিত হ’বলৈ সাজু হোৱা এটা সংস্থা- এই কথাক বুলি জোৰ দি তেওঁ কয়, “বিশ্বক আমাৰ নিজৰ উদাহৰণ দি আমি সামূহিক আৰু ঐক্যবদ্ধভাৱে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে মাত মাতিব লাগিব।” তেওঁ কয়, “ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বহুপক্ষীয় উন্নয়ন বেংক আৰু বিশ্ব ব্যৱসায় সংস্থাৰ দৰে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ ক্ষেত্ৰত আমি সময়মতে আগবাঢ়িব লাগিব। আমি ব্ৰিকছত আমাৰ প্ৰচেষ্টাসমূহ আগুৱাই নিয়াৰ লগে লগে, আমি সাৱধান হ’ব লাগিব যে যে এই সংস্থাটোৱে বিশ্বৰ প্ৰতিষ্ঠানসমূহক সলনি কৰিবলৈ চেষ্টা কৰা সংস্থা এটাৰ ভাবমূৰ্তি সৃষ্টি কৰিব নালাগে, বৰঞ্চ ইয়াক সংস্কাৰ কৰিব বিচৰা সংস্থা হিচাপে গণ্য কৰা উচিত।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত কয় যে, “বিশ্বৰ দক্ষিণৰ দেশসমূহৰ আশা, আকাংক্ষা আৰু প্ৰত্যাশাৰ কথা মনত ৰাখিব লাগিব। ভইচ অৱ গ্ল’বেল চাউথ ছামিট আৰু জি-২০ প্ৰেচিডেন্সিৰ সময়ত ভাৰতে এই দেশসমূহৰ কণ্ঠ বিশ্বৰ মঞ্চত তুলি ধৰিছিল। মই সুখী যে, ব্ৰিকছৰ অধীনত এই প্ৰচেষ্টাবোৰ শক্তিশালী হৈ উঠিছে। যোৱা বছৰ, আফ্ৰিকাৰ দেশবোৰক ব্ৰিকছত অন্তৰ্ভুক্ত কৰা হৈছিল। এই বছৰো, ৰাছিয়াই বিশ্বৰ দক্ষিণৰ বহু দেশক আমন্ত্ৰণ জনাইছে। বিভিন্ন দৃষ্টিভংগী আৰু মতাদৰ্শৰ সংগমৰ দ্বাৰা গঠিত, ব্ৰিকছ গোট বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস আৰু ই ইতিবাচক সহযোগিতা বৃদ্ধি কৰে। “

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ বৈচিত্ৰ্য, পাৰস্পৰিক সন্মান আৰু ঐকমত্যৰ ভিত্তিত আগবাঢ়ি যোৱাৰ পৰম্পৰা হৈছে আমাৰ সহযোগিতাৰ আধাৰ । আমাৰ আৰু আমাৰ ব্ৰিকছৰ মনোভাৱৰ এই গুণে আন দেশকো এই মঞ্চৰ প্ৰতি আকৰ্ষিত কৰিছে। মোৰ বিশ্বাস আছে যে, আমি একেলগে এই অনন্য মঞ্চখনক অনাগত সময়ত আলোচনা, সহযোগিতা আৰু সমন্বয়ৰ আৰ্হি হিচাপে গঢ়ি তুলিম। এই ক্ষেত্ৰত ভাৰতে ব্ৰিকছৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে সদায় নিজৰ দায়িত্ব পালন কৰিব ।”

মোদীয়ে আৰু কয় যে ব্ৰিকছ দেশসমূহে বিশ্বৰ জিডিপিৰ এক বৃহৎ অংশ প্ৰতিনিধিত্ব কৰে, যিয়ে বিশেষকৈ উদীয়মান বজাৰসমূহত উল্লেখযোগ্য অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ ঘটায়। এই গোটটোৱে সদস্য দেশসমূহৰ মাজত বাণিজ্যিক চুক্তিক প্ৰসাৰিত কৰে, ব্ৰিকছৰ ভিতৰত বাণিজ্য বৃদ্ধি কৰে আৰু বিদেশী বিনিয়োগক আকৰ্ষণ কৰে। ব্ৰিকছে নিজাকৈ বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিছে, যেনে নিউ ডেভেলপমেণ্ট বেংক (এনডিবি) আৰু কন্টিজেণ্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্ট (চিআৰএ) যিয়ে পশ্চিমীয়া অধ্যুষিত প্ৰতিষ্ঠান যেনে আইএমএফ আৰু বিশ্ব বেংকৰ বিত্তীয় বিকল্প প্ৰদান কৰে।

পি এম মোদীয়ে আৰু কয় যে, ব্ৰিকছে উদীয়মান অৰ্থনীতিসমূহক ভালদৰে প্ৰতিনিধিত্ব কৰিবলৈ বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰৰ পোষকতা কৰে, যাৰ ফলত বহুমেৰু বিশ্ব ব্যৱস্থাক প্ৰসাৰিত কৰা হয়। এই গোটে জলবায়ু পৰিৱৰ্তন, শক্তি সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ দৰে বিষয়ত সহযোগিতা আগবঢ়াই আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহ সমাধান কৰে ।

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়
12th Fail: টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব।তাত কোনো সন্দেহ কৰিব নালাগে(12th Fail)।কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

কিন্তু তাৰ বাবে পঠনযোগ্য কিতাপও নিয়মীয়াকৈ অসমীয়া ভাষাত প্রকাশ হ’ব লাগিব আৰু সেই কিতাপবোৰ পাঠকৰ হাতত পৰাও ব্যৱস্থা গ্রহণ কৰিব লাগিব প্রকাশকসকলে। তাৰোপৰি, পঠনযোগ্য কিতাপবোৰৰ সমালোচনা বাতৰি কাকত আৰু আলোচনীত প্রকাশ হ’ব লাগিব। বাতৰি কাকত আৰু আলোচনীবোৰত কিতাপৰ সমালোচনা প্রকাশ কৰা দেখা যায়।

এনেধৰণৰ সমালোচনাৰ যোগেদি পাঠকসকলে কিতাপখনৰ বিষয় বস্তুৰ সম্পৰ্কে জানিব পাৰে আৰু কিতাপখন ক্রয় কৰা বা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে। এখন গ্রন্থৰ কথা উল্লেখ কৰিব বিচাৰিছো। গ্রন্থখন নাম হ’ল-ৰাগিণী পূবালী বৰাৰ অনূদিত উপন্যাস “টুৱেলফথ্ ফেইল”(Biographical Drama Film)।

এই গ্রন্থখন অনুৰাগ পাঠকে হিন্দী ভাষাত লিখা গ্রন্থখনৰ পৰা অসমীয়া ভাষালৈ অনুবাদ। অনুৰাগ_পাঠকৰ বহুপঠিত উপন্যাস “টুৱেলফথ্ ফেইল”ৰ আধাৰত বিধু বিনোদ চোপ্ৰাই “টুৱেলফথ্ ফেইল” নামৰ এখন চিনেমাও ২০২৩ চনত নিৰ্মাণ কৰিছিল। লেখকে উপন্যাসখনৰ ‘অনুবাদ কথা’ত উল্লেখ কৰিছে– “…আমি জীবন যুদ্ধৰ পৰাজিত সৈনিক হ’ব খোজা নাই। আমাৰ প্ৰজন্মৰ প্রতিজন যুবক-যুবতীয়েই নিজক যুঁজাৰু সৈনিক হিচাপে চাব খোজোঁ।

প্রয়োজন মাথোন ইতিবাচক পৰিবেশ-পৰিস্থিতিৰ। ইতিবাচক জীৱনৰ সপক্ষে থিয় দিয়া এই উপন্যাসখন আমাৰ বোধেৰে প্ৰতিজন অসমীয়া যুবক-যুবতীয়ে পঢ়া উচিত। কঠোৰ সংগ্রাম, সংঘাত আৰু সংঘৰ্ষৰ মাজত তিষ্ঠি থাকিবলৈ হ’লে মানসিকভাবে আমি কিমানখিনি শক্তিশালী হৈ থাকিব লাগিব- উপন্যাসখনৰ কাহিনীয়ে সেয়া আমাক উপলব্ধি কৰাইছে। উপন্যাসখনৰ কাহিনীয়ে হাজাৰ হতাশাই আরবি ধৰিলেও আপোনাক জীয়াই থকাৰ প্ৰেৰণা দিব।

আশাবাদী হৈ জীয়াই থাকি সপোনক সাকাৰ ৰূপ দিব খোজা প্রতিজন অসমীয়া যুৱক-যুৱতীৰ প্রতি লক্ষ্য বাখিয়েই এই উপন্যাসখন অনুবাদ কৰাৰ কথা ভবা হৈছিল।…” লেখকৰ সৈতে আমিও একমত।

সচাঁকৈ “টুৱেলফথ্ ফেইল” এখন অনুপ্ৰেৰণামূলক উপন্যাস(Indian Police Service Officer)। এই উপন্যাসখন পঢ়ি অনুভৱ কৰিছো যে শিক্ষাৰ্থীসকলে এনেধৰণৰ উপন্যাস পঢ়া উচিত। উপন্যাসখনত বৰ্ণিত মনোজ কুমাৰ শৰ্মা আৰু শ্রদ্ধা যোশীৰ কাহিনীৰ যোগেদি যিসকলে বিফলতাক নেওচি ধৈর্য্য, সাহস, নিষ্ঠা আৰু সততাৰে আগুৱাই যায় সেইসকল এদিন নহয় এদিন সফল হ’বই তেনেধৰণৰ ইংগিত দিছে।

উপন্যাসখনৰ কাহিনীৰ পৰা ক’ব পাৰি যে যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়। এই গ্রন্থখনৰ প্ৰকাশক হ’ল- প্রদ্যুৎ হাজৰিকা, বনলতা, নতুন বজাৰ, ডিব্ৰুগড়– ১, শাখা: পাণবজাৰ, গুৱাহাটী- ১; নিউ বালিবাট, যোৰহাট;অ’ল্ড টেক্সি ষ্টেণ্ড, ক’ৰ্ট তিনিআলি, লখিমপুৰ। প্রথম সংস্কৰণঃ অক্টোবৰ, ২০২৪। গ্রন্থখনত মুঠ ২৪০ পৃষ্ঠা আৰু মূল্য ৪৩০ টকা। এখন সুন্দৰ গ্রন্থ অসমীয়া ভাষাত পাঠক সমাজলৈ আগবঢ়োৱা বাবে লেখক ৰাগিণী পূবালী বৰা আৰু প্ৰকাশক প্রদ্যুৎ হাজৰিকাক ধন্যবাদ জনাইছো।

লেখক: ড° বুলজিৎ বুঢ়াগোহাঁই (Dr. Buljit Buragohain)

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানটোৱে ৰেচম উদ্যোগ, বিশেষকৈ মুগা আৰু এড়ী ৰেচমসূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক চিহ্নিত কৰে।প্ৰতিষ্ঠানটোৰ চৌহদত আয়োজিত অনুষ্ঠানত এক উদ্বোধনী অধিৱেশন অনুষ্ঠিত হ’ব, ইয়াৰ পিছতে অনুষ্ঠিত হ’ব লগা বিশেষ অনুষ্ঠানসমূহৰ ভিতৰত আছে প্ৰদৰ্শনীৰ বিপনীসমূহৰ পৰিদৰ্শন, ‘চিএছবি-চিএমইআৰ এণ্ড টিআই’ৰ ইতিহাস দেৱাল’ উন্মোচন, ‘চিএছবি-চিএমইআৰ এণ্ড টিআই’ৰ ২৫ বছৰীয়া সাফল্য প্ৰতিফলিত কৰা তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, প্ৰতিষ্ঠানটোৱে বিকশিত কৰা শেহতীয়া প্ৰযুক্তি আৰু গ্ৰন্থ উন্মোচন।

মন্ত্ৰীগৰাকীয়ে কাইলৈ কঁহৰাত ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত প্ৰকল্প’ত ‘সমৰ্থ’ৰ শুভাৰম্ভণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষণ প্ৰকল্প’ৰ সহযোগত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডে ‘কাজিৰঙা বন প্ৰান্তীয় সম্প্ৰদায়’ৰ ৰেচম হস্ততাঁত শিপিনীসকলৰ বাবে ‘সমৰ্থ’ আঁচনিৰ অধীনত দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিব।ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে বস্ত্ৰ উদ্যোগখণ্ডত বহনক্ষম নিযুক্তিৰ বাবে যুৱপ্ৰজন্মৰ দক্ষতা বৰ্দ্ধন কৰাৰ বাবে ২০১৮ চনত বস্ত্ৰ উদ্যোগখণ্ডত সামৰ্থ্য বৰ্দ্ধন আঁচনি আৰম্ভ কৰিছিল, যাক ‘সমৰ্থ’ নামেৰে জনা যায়।চি.এছ.বি.-চি.এম.ই.আৰ.এণ্ড.টি.আই.-ৰ বিষয়ে:যোৱা ২৫টা বছৰত, চি.এছ.বি.-চি.এম.ই.আৰ.এণ্ড.টি.আই.-য়ে ৰেচম উৎপাদনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। মুগাসূতাৰ উৎপাদন ১৯৯৯ চনৰ ৮২ মেট্ৰিক টনৰ পৰা ২০২৪ চনত ২৫২ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। একেদৰে, একেছোৱা সময়তে এড়ীসূতাৰ উৎপাদন ৯৭০ মেট্ৰিক টনৰ পৰা ৭,১৮৩ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৱে মুগা আৰু এড়ী পলু পালনৰ জৰিয়তে সূতা উত্পাদনৰ বাবে ২৫টাতকৈয়ো অধিক প্ৰমাণিত প্ৰযুক্তি সফলতাৰে বিকশিত কৰিছে।

এই ৰূপালী জয়ন্তী উদযাপনে কেৱল অতীতৰ সাফল্য স্মৰণ কৰাই নহয় ৰেচম উদ্যোগত ভৱিষ্যতৰ উদ্ভাৱনৰ মঞ্চও নিৰ্মাণ কৰিছে। এই অনুষ্ঠানটোৱে ভাৰতৰ ৰেচম উৎপাদন, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা অনন্য মুগা আৰু এড়ীৰ প্ৰকাৰৰ বৃদ্ধিৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে ।‘সমৰ্থ’ আঁচনিৰ অধীনত, বস্ত্ৰ উদ্যোগ/উদ্যোগ সংস্থা, কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ সংস্থা, আৰু কেন্দ্ৰীয় ৰেচম বোৰ্ড, ডিচি-হস্ততাঁত, ডিচি-হস্তশিল্প আৰু কেন্দ্ৰীয় উল বোৰ্ড আদিৰ দৰে খণ্ডগত সংগঠনসমূহে ১৯৫টা কাৰ্যকৰী অংশীদাৰৰ জৰিয়তে বস্ত্ৰ মন্ত্ৰালয়ে ৩.৪৩ লাখ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে, যাৰ ভিতৰত ২.৭২ লাখ (৭৯.৪%)ক নিযুক্তি দিয়া হৈছে। আঁচনিখনৰ অধীনত, কেন্দ্ৰীয় ৰেচম বৰ্ডে মুঠ ১০,৫০০ হিতাধিকাৰীক ৰেচম শিল্পৰ প্ৰশিক্ষণ দিছে।
কেন্দ্ৰীয় ৰেচম বোৰ্ড-য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰিৱেশ-উন্নয়ন সমিতিৰ বাবে ব্যঘ্ৰ সংৰক্ষণৰ সৈতে প্ৰায় ১০০ গৰাকী ৰেচম হস্ততাঁত শিপিনীৰ বাবে প্ৰশিক্ষণ পৰিচালনাৰ দিশত সহযোগিতা কৰিছে। অহা ২৪ অক্টোবৰৰ পৰা ৩ ডিচেম্বৰ, ২০২৪ লৈ ৪০ দিনৰ বাবে এই চলিব লগা এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে বৈকল্পিক জীৱিকাৰ সুযোগ বৃদ্ধি কৰাৰ আৰু লগতে কাজিৰঙা বন প্ৰান্তীয় সম্প্ৰদায়ৰ উপাৰ্জনক এক গুৰুত্বপূৰ্ণ স্তৰলৈ উন্নত কৰাৰ উপৰিও বিপণনৰ মঞ্চ প্ৰদান কৰিব। প্ৰশিক্ষিত ৰেচম শিপিনীসকলক চিএছবি-ৰ চিল্ক মাৰ্ক অৰ্গেনাইজেশ্যন অব ইণ্ডিয়া (এছএমঅ’আই) আৰু অন্যান্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হ’ব।

Noranra Modi । জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

Noranra Modi । জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
Noranra Modi । জিনপিঙক চীন সীমান্তত 'শান্তি 'ৰ পৰিবেশ সৃষ্টিৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ চীন-ভাৰতৰ সংঘাতৰ মাজতে বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক চীন সীমান্তত ‘শান্তি ‘ৰ পৰিবেশ সৃষ্টিৰ আহ্বান জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । (Noranra Modi)

এয়া দুয়োখন দেশৰ মাজত উত্তেজনা লাঘৱ কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে। বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-চীন সীমান্ত অঞ্চলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে শেহতীয়াকৈ হোৱা চুক্তিক ‘আদৰণি’ জনায়।’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে- বিবাদ দূৰ কৰি শান্তি ঘূৰাই আনিবলৈ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “দুয়োগৰাকী নেতাই এই কথাত একমত হৈছে যে সীমান্ত অঞ্চলত শান্তি বজাই ৰাখিবলৈ আৰু চলি থকা সীমা সম্পৰ্কীয় প্ৰশ্নৰ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ সন্ধান কৰিবলৈ ভাৰত-চীনৰ বিশেষ প্ৰতিনিধিয়ে শীঘ্ৰে বৈঠকত মিলিত হ’ব।” দুয়োখন দেশৰ মাজত তিক্ত হৈ পৰা সম্পৰ্ক সুস্থিৰ কৰিবলৈ বৈদেশিক মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলৰ সৈতে জড়িত আলোচনাৰ প্ৰক্ৰিয়াও চলোৱা হ’ব বুলি কয়। এই বৈঠকে এছিয়াৰ দুয়োখন দেশৰ মাজত উত্তেজনা লাঘৱ কৰিব পাৰে।ভাৰত আৰু চীনে পূব লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সামৰিক টহল দিয়াৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱাৰ দুদিন পিছতে এই বৈঠক অনুষ্ঠিত হয়। যোৱা বছৰৰ আগষ্ট মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু চীনৰ ৰাষ্ট্ৰপতিৰ মাজত জোহান্সবাৰ্গত চমু আৰু অনানুষ্ঠানিক কথা-বতৰা হৈছিল ।