Home Blog Page 526

Tirupati Ladoo controversy: চন্দ্ৰবাবু নাইডুক ‘অভ্যাসগত মিছলীয়া’ আখ্যা জগন ৰেড্ডীৰ

চন্দ্ৰবাবু নাইডু আৰু জগন ৰেড্ডী
চন্দ্ৰবাবু নাইডু আৰু জগন ৰেড্ডী

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৩ ছেপ্টেম্বৰঃ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৱাই এছ আৰ কংগ্ৰেছৰ মুৰব্বী ৱাই এছ জগন মোহন ৰেড্ডীয়ে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি পোৱা বুলি উত্থাপিত অভিযোগ সম্পৰ্কীয় বিতৰ্কত তেওঁৰ হস্তক্ষেপ বিচাৰিছে৷ তেওঁ কয় যে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে তিৰুমালা তিৰুপতি দেৱস্থানম [টিটিডি]ৰ পবিত্ৰতা, অখণ্ডতা, সুনামক অপূৰণীয়ভাৱে কলংকিত কৰাৰ চেষ্টা চলাইছে৷(Tirupati Ladoo controversy)

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা আঠ পৃষ্ঠাৰ পত্ৰখনতত ৰেড্ডীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক ‘‘অভ্যাসগত মিছলীয়া’’ বুলি অভিহিত কৰি কয় যে মুখ্যমন্ত্ৰী নাইডুৱে ইমানেই তললৈ নামিছে যে কেৱল ৰাজনৈতিক উদ্দেশ্যৰ বাবেই কোটি কোটি লোকৰ বিশ্বাসত আঘাত হানিছে৷ তেওঁ কয় ‘‘মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই, তিৰুমালা তিৰুপতি দেৱস্থানৰ পবিত্ৰতা, অখণ্ডতা, আৰু সুনামক অপূৰণীয়ভাৱে কলংকিত কৰাৰ প্ৰয়াস কৰিছে৷ ভগৱান ভেংকটেশ্বৰৰ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে কোটি কোটি হিন্দু ভক্ত আছে ৷’’ (narendra modi)

সাৱধানে চম্ভালিব নোৱাৰিলে এই মিছাবোৰে ব্যাপক যন্ত্ৰণাৰ সৃষ্টি কৰিব পাৰে, বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে৷ ৰেড্ডীয়ে লগতে কয় যে নাইডুক কঠোৰভাৱে ধমক দিয়া হওক আৰু সত্য পোহৰলৈ অনা হওক৷ ‘‘ অভ্যাসগত মিছলীয়া চন্দ্ৰবাবু নাইডুৱে ৰাজনৈতিক উদ্দেশ্যৰ বাবেই কোটি কোটি মানুহৰ বিশ্বাসক গুৰুতৰভাৱে আঘাত কৰিছে.. এনেনিৰ্লজ্জ কাৰ্য্যৰ বাবে নাইডুক কঠোৰভাবে ধমকি দিয়াটো অতি প্ৰয়োজনীয়৷’’ পূৰ্বৰ ৱাইএছআৰচিপি চৰকাৰে শ্ৰী ভেংকটেশ্বৰ মন্দিৰকো ৰেহাই নিদিয়া আৰু লাডু বনোৱাৰ বাবে অমান্য উপাদান আৰু পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৱে দাবী কৰাৰ পিছতে তিৰুপতি মন্দিৰৰ লাডু সম্পৰ্কীয় বিতৰ্কই সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে৷(Jagan Reddy)

টিটিডিৰ কাৰ্যবাহী বিষয়া জে শ্যামালা ৰাৱে এক সংবাদমেলত কয় যে লেব পৰীক্ষাত নিৰ্বাচিত নমুনাত পশুৰ চৰ্বি আৰু চৰ্বিৰ উপস্থিতি ধৰা পৰিছে৷ৰেড্ডীয়ে কয় ‘‘নিৰ্বাচনৰ পূৰ্বে ভোটাৰসকলৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণৰ ক্ষেত্ৰত নাইডুৰ নতুন চৰকাৰে সকলো দিশতে ব্যৰ্থ হৈছে৷ নতুন চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটখনো গৃহীত কৰিব নোৱাৰিলে ৷’’

উল্লেখ্য শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে তিৰুপতিৰ লাডুক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে৷ নাইডুৰ এই দাবীৰ পিছতে এনডিডিবি কেএলএফৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে তিৰুপতি মন্দিৰৰ লাডু বনাবলৈ ব্যৱহাৰ কৰা ঘিৰ নমুনাত পাম তেল, মাছৰ তেল, গৰুৰ মাংসৰ চৰ্বি আৰু গাহৰিৰ চৰ্বিযু আদিকে ধৰি আন বহু চৰ্বি পোৱা গৈছে৷ এনডিডিবি হৈছে পশুৰ খাদ্য আৰু গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী বিষয়ে পৰীক্ষা কৰা এটা ব্যক্তিগত পৰীক্ষাগাৰ৷(Chandrababu Naidu)

Arvind Kejriwal: ‘জনতা কি আদালত’ত মোহন ভাগৱতক কেইবাটাও প্ৰশ্ন কেজৰিৱালৰ! অৱসৰৰ বয়সৰ নীতি মোদীৰ ক্ষেত্ৰত নাখাটে কিয়?

অৰবিন্দ কেজৰিৱাল আৰু মোহন ভাগৱত
অৰবিন্দ কেজৰিৱাল আৰু মোহন ভাগৱত

দিল্লীৰ সদ্য পদত্যাগী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপলক্ষ্য কৰি আৰ এছ এছক কেইটামান প্ৰশ্ন উত্থাপন কৰে৷ কেজৰিৱালে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক প্ৰশ্ন কৰে-বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি দলসমূহ ভাঙি বিৰোধী চৰকাৰক উৎখাত কৰাৰ লগতে ‘‘দুৰ্নীতিগ্ৰস্ত’’ নেতাক ক্ষমতাত বহুওৱাৰ কৌশলক আৰএছএছে সমৰ্থন কৰে নেকি?(Arvind Kejriwal)

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত যন্তৰ মন্তৰত অনুষ্ঠিত হোৱা প্ৰথমখন ‘জনতা কি আদালত’ ত কেজৰিৱালে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক পাঁচটা প্ৰশ্ন উত্থাপন কৰে৷ তেওঁৰ এটা প্ৰশ্ন আছিল যে বিজেপিৰ অৱসৰৰ বয়সৰ নিয়ম মোদীৰ ক্ষেত্ৰত প্ৰযোজ্য হয় নেকি? তেওঁ ভাগৱতক প্ৰত্যাহ্বান জনাই প্ৰশ্ন কৰে-বিজেপিয়ে একাংশ ৰাজনীতিকক ‘‘দুৰ্নীতিগ্ৰস্ত’’ বুলি লেবেল লগোৱাৰ বিপৰীতে একে সময়তে দুৰ্নীতিগ্ৰস্ত নেতাক নিজৰ দলত আদৰণি জনোৱাৰ প্ৰথাক আৰএছএছে সমৰ্থন কৰে নেকি? (Arvind Kejriwal Questions to Mohan Bhagwat)

কেজৰিৱালে ভাগৱতক লগতে প্ৰশ্ন কৰে যে বিজেপি দলৰ মতাদৰ্শগত মেৰুদণ্ড হিচাপে কাম কৰা আৰ এছ এছৰ প্ৰয়োজন নাই বুলি বিজেপিৰ মুৰব্বী জে পি নাড্ডাই কৰা বক্তব্যক লৈ ভাগৱতৰ অনুভৱ কেনে? কেজৰিৱালে কয় যে তেওঁ ৰাজনীতিত প্ৰৱেশ কৰিছিল জাতিৰ সেৱা কৰিবলৈ, কোনো ক্ষমতা বা পদৰ আকাংক্ষাৰ বাবে নহয় ৷

যোৱা দশকত তেওঁ কেৱল সন্মানহে লাভ কৰিছিল–ধন-সম্পত্তি নহয়৷ তেওঁ আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনক নিজৰ বাবে এক ‘‘অগ্নি পৰীক্ষা’’ বুলি অভিহিত কৰি ভোটাৰক তেওঁক অসৎ বুলি বিশ্বাস কৰিলে তেওঁক সমৰ্থন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷

Junmoni Rabha:জোনমনি ৰাভাৰ মৃত্যুৰ চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ বিভাগীয় তদন্ত

জোনমনি ৰাভা
জোনমনি ৰাভা

নগাঁও, ২৩ ছেপ্টেম্বৰঃ আৰক্ষী বিষয়া জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চি বি আইৰ তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি নগাঁৱৰ ৭ জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হ’ব৷ উল্লেখযোগ্য যে বিগত বৰ্ষত নগাঁৱৰ জখলাবন্ধাত এক ৰহস্যজনক পথ দুৰ্ঘটনাত সেই মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃত্যুক পৰিয়ালৰ লগতে সাধাৰণ ৰাইজেও সহজভাৱে লব পৰা নাছিল৷(Junmoni Rabha)

পিচত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গোচৰটোৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইক অৰ্পণ কৰা হৈছিল৷ চি বি আইৰ এটা দলে প্ৰাৰম্ভিকভাৱে জোনমনি ৰাভাৰ মৃত্যুৰ লগতে মৃত্যুৰ সৈতে সাঙোৰ খোৱা আন এটা গোচৰো ৰুজু কৰি আৰম্ভ কৰিছিল তদন্ত৷ চি বি আইৰ দলে জোনমনি ৰাভাৰ মৃত্যুৰ চূড়ান্ত প্ৰতিবেদন নগাঁও আদালতৰ দাখিল কৰাৰ পাছত অৱশেষত নকল সোণ আৰু জালনোটৰ গোচৰৰ তদন্তৰ প্ৰতিবেদনো দাখিল কৰিছে ৷(CBI)

চি বি আইৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীৰ সাতগৰাকীকৈ বিষয়াৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ সেই সময়ত জোনমনি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সাত গৰাকীকৈ বিষয়াৰ নাম চি বি আইৰ প্ৰতিবেদনত উল্লেখ কৰাৰ পাছতেই বিষয়া কেইগৰাকীৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে বিভাগীয় তদন্ত আৰম্ভ কৰিছে৷ (SI junmoni rabha)

নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াই আনুষ্ঠানিকভাবে আৰক্ষী বিষয়া কেইজনৰ নাম প্ৰকাশ কৰিব বিচৰা নাই যদিও আৰক্ষী বিষয়ালীনা দলে,ৰূপজ্যোতি কলিতা, আভাজ্যোতি ৰাভা,পৱন কলিতা,উৎপল বৈশ্য, জাকাৰিয়া চৌধুৰী, মনোজ বৰুৱাৰ বিৰুদ্ধে বিভাগীয় তদন্ত হব বুলি এটা সূত্ৰত প্ৰকাশ৷ইয়াৰোপৰি গোচৰটোত সাঙোৰ খোৱা আন দুজনকৈ লোকৰ বিৰুদ্ধেও নগাঁও আৰক্ষীয়ে অপৰাধৰ গোচৰ ৰুজু কৰিছে৷ আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে ৰচিদুল হক আৰু ৰাজু বাস্ফৰ নামৰ লোক দুজনৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত গোচৰ ৰুজু কৰিছে৷(Nagaon police)

Navratri Colours 2024: নৱৰাত্ৰিত কোনটো ৰঙৰ কাপোৰ কেতিয়া পিন্ধিব

নৱৰাত্ৰি
নৱৰাত্ৰি

নৱৰাত্ৰিৰ ৯ দিনত মাতৃ দুৰ্গাৰ ৯টা ৰূপ পূজা কৰা হয়। ৯ গৰাকী দেৱীৰ প্ৰিয় ৰং, প্ৰসাদ আৰু পূজা পদ্ধতি ৯ দিনৰ বাবে। মাত্ৰ কেইটামান দিন বাকী নৱৰাত্ৰি উৎসৱ আৰম্ভ হ’বলৈ। ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা শাৰদিয়া নৱৰাত্ৰী ১১ অক্টোবৰলৈকে চলিব। নৱৰাত্ৰিৰ ৯ দিনত ভক্তসকলে ব্ৰত ৰাখি দেৱী দুৰ্গাক বিশেষ পূজা কৰে। ৯ দিনত কোনটো ৰং কেতিয়া পিন্ধিব লাগে এই বিষয়ে জানি ল’ব। এই শাৰদিয়া নৱৰাত্ৰীৰ ৯ দিনৰ বাবে ৰঙৰ বিষয়ে জানি লওক।(Navratri Colours 2024)

৩ অক্টোবৰ, নৱৰাত্ৰিৰ প্ৰথম দিন: নৱৰাত্ৰিৰ প্ৰথম দিনা মাতৃ শৈলপুত্ৰীৰ পূজা কৰা হয়। মাতৃ শৈলপুত্ৰীয়ে হালধীয়া ৰঙৰ প্ৰতি খুবেই আকৰ্ষিত। এই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধি মাতৃ দেৱীক পূজা কৰিব।

৪ অক্টোবৰ, নৱৰাত্ৰিৰ দ্বিতীয় দিন: নৱৰাত্ৰিৰ দ্বিতীয় দিন মাতৃ ব্ৰহ্মচাৰিনীক উৎসৰ্গা কৰা হৈছে আৰু তেওঁ সেউজীয়া ৰং ভাল পায়। সেয়ে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰি পিছদিনা নৱৰাত্ৰি পূজা কৰিব।

৫ অক্টোবৰ, নৱৰাত্ৰিৰ তৃতীয় দিন: নৱৰাত্ৰিৰ তৃতীয় দিনা মাতৃ চন্দ্ৰঘান্তক পূজা কৰা হয় আৰু তেওঁৰ প্ৰিয় ৰং বাদামী। মা চন্দ্ৰঘান্তৰ আশীৰ্বাদ পাবলৈ তৃতীয় দিনা বাদামী ৰঙৰ কাপোৰ পিন্ধিব।

৬ অক্টোবৰ, নৱৰাত্ৰিৰ চতুৰ্থ দিন: নৱৰাত্ৰিৰ চতুৰ্থ দিনা মাতৃ কুশমাণ্ডাক পূজা কৰা হয়, তেওঁ কমলা ৰং ভাল পায়। এই দিনটোত কমলা ৰঙৰ কাপোৰ পৰিধান কৰক।(durga puja 2024)

৭ অক্টোবৰ, নৱৰাত্ৰিৰ পঞ্চম দিনঃ নৱৰাত্ৰিৰ পঞ্চম দিনা মাতৃ স্কন্দমাতাক পূজা কৰা হয়। যাৰ প্ৰিয় ৰং বগা। এই দিনটোত বগা কাপোৰ পিন্ধি পূজা কৰা।

৮ অক্টোবৰ, নৱৰাত্ৰীৰ ষষ্ঠ দিনঃ নৱৰাত্ৰিৰ ষষ্ঠ দিনা মাতৃ কাত্যয়নীক পূজা কৰা হয়। এই দিনটোত ৰঙা ৰঙৰ কাপোৰ পিন্ধি পূজা কৰক।

৯ অক্টোবৰ, নৱৰাত্ৰীৰ সপ্তম দিন: নৱৰাত্ৰিৰ সপ্তম দিনা নীলা ৰং ভাল পোৱা মা কলৰাত্ৰীৰ পূজা কৰা হয়। সপ্তম দিনা নীলা ৰঙৰ কাপোৰ পিন্ধিব।

১০ অক্টোবৰ, নৱৰাত্ৰিৰ অষ্টম দিন: নৱৰাত্ৰিৰ অষ্টম দিনটো মাতৃ মহাগৌৰীক উৎসৰ্গা কৰা হৈছে, তেওঁ গোলাপী ৰং ভাল পায়। এই দিনটোত গোলাপী ৰঙৰ কাপোৰ পৰিধান কৰিলে শুভ ফল পোৱা যায়।(maa durga blessings2024)

১১ অক্টোবৰ, নৱৰাত্ৰীৰ নৱম দিনঃ নৱৰাত্ৰিৰ অন্তিম দিন অৰ্থাৎ নৱমী তিথি মা চিদ্দিদাত্ৰীৰ প্ৰিয় ৰং বেঙুনীয়া। এই দিনটোত বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি মাতৃ দেৱীক পূজা কৰিব লাগে।

PM Narendra Modi: ‘মই কেতিয়াও ভবা নাছিলোঁ যে এদিন মই মুখ্যমন্ত্ৰী হ’ম…’! আমেৰিকাত প্ৰবাসী ভাৰতীয়ক পুৰণি কাহিনী ক’লে পিএম মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকা ভ্ৰমণত আছে। কিছু সময়ৰ পূৰ্বে নিউয়ৰ্কত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিউয়ৰ্কত প্ৰবাসী ভাৰতীয়সকলৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ পুৰণি দিনৰ কাহিনী বৰ্ণনা কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাগ্যই মোক ৰাজনীতিৰ মাজলৈ লৈ গ’ল। মই কেতিয়াও ভবা নাছিলোঁ যে এদিন মই মুখ্যমন্ত্ৰী হ’ম। প্ৰধানমন্ত্ৰী মোদীয়ে কৈাছিল যে জীৱনৰ এটা সময় আছিল যেতিয়া মই বহু বছৰ বহু দেশত ঘূৰি ফুৰিছিলো।(PM PM Narendra Modi)

সেই সময়ছোৱাত মই য’তেই খাদ্য পাইছিলো তাতেই খাইছিলো আৰু য’তেই শুবলৈ ঠাই পাইছিলো তাতেই শুইছিলো। সেই সময়ত যেতিয়া মই আন কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিলো, তেতিয়াই ভাগ্যই মোক ৰাজনীতিৰ মাজলৈ লৈ গ’ল। মই কেতিয়াও ভবা নাছিলোঁ যে এদিন মই মুখ্যমন্ত্ৰী হ’ম, যেতিয়া মই মুখ্যমন্ত্ৰী হ’লোঁ, তেতিয়া মই হৈ পৰিলোঁ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী।(PM Narendra Modi Speech)

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে মই ১৩ বছৰ মুখ্যমন্ত্ৰী আছিলো, তাৰ পিছত প্ৰধানমন্ত্ৰী হৈছোঁ। দেশৰ জনসাধাৰণে মোক তৃতীয় কাৰ্যকালৰ দায়িত্ব অৰ্পণ কৰিছে অতি আত্মবিশ্বাসেৰে। মই তিনিগুণ দায়িত্ব লৈ আগবাঢ়িছো। ভাৰত বিশ্বৰ অন্যতম কম বয়সীয়া দেশ, শক্তি আৰু সপোনেৰে ভৰা ভাৰত। প্ৰতিদিনে ভাৰতে নতুন অভিলেখ গঢ়িছে। প্ৰতিদিনে নতুন নতুন খবৰ পোৱা যায় বাৰতৰ। পুৰুষ আৰু মহিলা দবা অলিম্পিয়াডত ভাৰতে স্বৰ্ণ পদক লাভ কৰাৰ সুখবৰ আজি (দেওবাৰে) লাভ কৰিছে। প্ৰায় ১০০ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে হৈছে।(PM Narendra Modi US Visit)

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত দহ বছৰত ভাৰতত কোটি কোটি লোকে বিদ্যুতৰ সংযোগ লাভ কৰিছিল, কোটি কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। ভাৰতৰ জনসাধাৰণে কেৱল ৰেল সংযোগ নহয়, তীব্ৰ গতিৰ সংযোগ বিচাৰে, ভাৰতৰ প্ৰতিখন চহৰতে মেট্ৰ’ থাকিব বুলি আশা কৰে, দেশৰ প্ৰতিগৰাকী নাগৰিক আৰু গাঁও-চহৰে উত্তম সা-সুবিধা পাব বিচাৰে। ২০১৪ চনত ভাৰতৰ মাত্ৰ ৫ খন চহৰত মেট্ৰ’ আছিল, আজি ২৩ খন চহৰত মেট্ৰ’ আছে, ভাৰতত বিশ্বৰ দ্বিতীয় বৃহত্তম মেট্ৰ’ নেটৱৰ্ক আছে।

তেওঁ লগতে কয় যে ২০১৪ চনত ভাৰতৰ ৭০ খন চহৰত বিমানবন্দৰ আছিল আৰু আজি ১৪০ খনতকৈও অধিক চহৰত বিমানবন্দৰ আছে, ২০১৪ চনত ১০০ খনতকৈও কম গ্ৰাম পঞ্চায়তত ব্ৰডবেণ্ড সংযোগ আছিল। আজি ২ লাখতকৈ অধিক পঞ্চায়তত এই সুবিধা আছে।(new york)

How to Be Happy: যদি আপুনি জীৱনত সুখী হ’ব বিচাৰে তেন্তে গঢ়ি তোলক এই ৫ টা অভ্যাস

সুখী ব্যক্তি
সুখী ব্যক্তি

আমি সকলোৱে জীৱনত সুখী হ’ব বিচাৰো। সুখেৰে জীৱনটো উদযাপন কৰিব বিচাৰো। কিন্তু কিবা নহয় কিবা কাৰণত আমাৰ সুখবোৰ যেন কেতিয়াবা নোহোৱা হয়। বহুতে নিজৰ সুখৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, যদি আপোনাৰ বন্ধু বা সংগী তেওঁলোকৰ লগত থাকে তেতিয়া তেওঁলোক সুখী হয়। অন্যথা তেওঁলোক অকলে দুখী হৈয়েই থাকে। আজি আমি আপোনালোকক ক’ম সুখী হোৱাৰ কিছুমান সহজ উপায়ৰ বিষয়ে। যাৰ জৰিয়তে আপুনি সদায় সুখী হৈ থাকিব পাৰে।(How to Be Happy)

প্ৰথমে নিজকে গুৰুত্ব দিবলৈ আৰম্ভ কৰক। যদি আপুনি নিজকে গুৰুত্ব নিদিয়ে তেন্তে পৃথিৱীয়ে আপোনাৰ মূল্য বুজি নাপাব। নিজক গুৰুত্ব নিদিলে আপুনি সুখী হৈ থাকিব নোৱাৰিব। গতিকে যদি আপুনি সদায় সুখী হৈ থাকিব বিচাৰে তেন্তে প্ৰথমে নিজকে গুৰুত্ব দিবলৈ আৰম্ভ কৰক।(self love)

আন এটা গুৰুত্বপূৰ্ণ অভ্যাস হ’ল পৰ্যাপ্ত টোপনি। যেতিয়া আপুনি সম্পূৰ্ণ টোপনি যায় তেতিয়া আপুনি অধিক শক্তিশালী আৰু সক্ৰিয় অনুভৱ কৰিব যিয়ে আপোনাক ইতিবাচক আৰু সুখী অনুভৱ কৰাব। আনহাতে, যেতিয়া আপুনি সম্পূৰ্ণ টোপনিৰ অভাৱত কাম কৰিব তেতিয়া আপুনি ভাগৰুৱা অনুভৱ কৰাৰ সম্ভাৱনা বেছি আৰু দুখৰ অনুভৱ হয়।(sleep)

সুখী হ’বলৈ টকাৰ মূল্য বুজাটো গুৰুত্বপূৰ্ণ। যিসকল লোকে নিজৰ ধন সঠিকভাৱে পৰিচালনা নকৰে তেওঁলোকে প্ৰায়ে টকাৰ অভাৱত অসুখী হৈ থাকে। ধন সঠিকভাৱে পৰিচালনা কৰিব জনা মানুহ কম দৰমহা থাকিলেও সুখী হয় আৰু তেনে লোকৰ উৎপাদনশীলতাও বেছি।(money)

শাৰীৰিক কাৰ্যকলাপে মগজুৰ কেইবাটাও ৰাসায়নিক পদাৰ্থক উদ্দীপিত কৰে যিয়ে আপোনাক অধিক সুখী কৰি তুলিব। যেতিয়া আপুনি নিয়মিতভাৱে ব্যায়াম কৰিব তেতিয়া আপুনি আপোনাৰ চেহেৰা আৰু নিজৰ বিষয়ে ভাল অনুভৱ কৰিব পাৰিব। যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰে আৰু আপোনাৰ আত্মসন্মান বৃদ্ধি কৰিব পাৰে।(exercise)

আপুনি কিমান ভাল বা আনৰ বিষয়ে কিমান ভাল চিন্তা কৰে বা আনক কিমান সহায় কৰে সেয়া ডাঙৰ কথা নহয়। যিকোনো ব্যক্তিৰ পৰা আশা থাকিলে সেয়া আপোনাৰ দুখৰ কাৰণ হৈ পৰিব পাৰে। সেই ব্যক্তিজন যিয়েই নহওক, আপোনাৰ পিতৃ-মাতৃ, ভাই-ভনী, স্বামী-স্ত্ৰী বা বন্ধু-বান্ধৱী। সেইবাবে কাৰো পৰা আশা নাৰাখিব। কাৰণ আশাবোৰ ভাঙি যায় আৰু তাৰ লগে লগে হৃদয়খনো ভাঙি যায়, সেই দুখ নাইকিয়া হ’বলৈ বহু সময় লাগে। গতিকে যদি সদায় সুখী থাকিব বিচাৰে তেন্তে এই পাঁচটা নিয়ম মানি চলিবলৈ চেষ্টা কৰক।

PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ

PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ
PM Modi US visit: গাজাৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ উদ্বেগ প্ৰকাশ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ ছেপ্তেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰত নিউয়ৰ্কত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মাহমুদ আব্বাসৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়(PM Modi bilateral meeting with Palestinian President)। এই বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে গাজাৰ অৱনমিত মানৱীয় পৰিস্থিতি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে পেলেষ্টাইনৰ লোকসকলৰ প্ৰতি ভাৰতৰ সমৰ্থন অব্যাহত থকাৰ কথা পুনৰ উল্লেখ কৰে(PM Modi US visit)।

বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে(MEA spokesperson Randhir Jaiswal) এক্সৰ এটা পোষ্টত উল্লেখ কৰে, “প্ৰধানমন্ত্ৰীয়ে আজি ইউএনজিএৰ সময়ত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি এইচ.ই. মাহমুদ আব্বাছক সাক্ষাৎ কৰি গাজাৰ মানৱীয় পৰিস্থিতিৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি ভাৰতৰ নিৰন্তৰ সমৰ্থনৰ কথা পুনৰ উল্লেখ কৰে” ।

ভাৰতে দীৰ্ঘদিন ধৰি ইজৰাইল-পেলেষ্টাইনৰ সংঘাত নিৰাময়ৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ সমাধানৰ প্ৰস্তাৱক হৈ আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ৭ অক্টোবৰত হামাছৰ দ্বাৰা ইজৰাইলত হোৱা সন্ত্রাসবাদী আক্ৰমণ(Terror attack on Israel by Hamas)ক তীব্ৰ গৰিহণা দিয়াৰ ওপৰিও গাজাৰ অৱনমিত পৰিস্থিতিক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰি আহিছে।

গাজাৰ লোকসকলৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি ভাৰতে গাজালৈ মানৱীয় সাহায্য আগবঢ়াই আহিছে। পেলেষ্টাইনৰ শৰণাৰ্থীসকলৰ সাহায্যাৰ্থে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থা UNRWA(United Nations Relief and Works Agency)লৈ জুলাই মাহত ২০২৪-২৫ বৰ্ষৰ বাবে ২.৫ মিলিয়ন ডলাৰৰ প্ৰথম কিস্তি মুকলি কৰিছিল।

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী আৰু কুৱেইটৰ ক্ৰাউন প্ৰিন্স শ্বেইখ ছাবাহ খালিদ আল-হামাদ আল-মুবাৰাক আল-ছাবাহৰ সৈতেও এক দ্বিপাক্ষিক বৈঠকত মিলিত হয় । কুৱেইটৰ প্ৰিন্সৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত-কুৱেইটৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উপায়ৰ প্ৰসংগত আলোচনা কৰে।

নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত মোদীয়ে ভাৰত-নেপালৰ যুগ যুগ ধৰি চলি অহা ঐতিহাসিক সম্পৰ্ক আৰু সহযোগিতা আৰু অধিক শক্তিশালী কৰাক লৈ বিভিন্ন বিষয়সমূহৰ ওপৰত আলোচনা কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ দ্বিতীয় দিনটোত, নিউয়ৰ্কত মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এমআইটি) স্কুল অৱ ইঞ্জিনিয়াৰিঙে আয়োজন কৰা এক ৰাউণ্ডটেবুল বৈঠকত শীৰ্ষ প্ৰতিষ্ঠানসমূহৰ প্ৰযুক্তিবিদ আৰু CEO-সকলৰ সৈতে মতবিনিময় কৰে।

তিনি দিনীয়া আমেৰিকা ভ্ৰমণৰ এই সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাৰ সৈতেও বৈঠকত মিলিত হয়।

তাৰোপৰি দেওবাৰে নিউয়ৰ্কৰ নাছাউ কলিজিয়ামত প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি নিউয়ৰ্কত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভা “ভৱিষ্যতৰ শীৰ্ষ সন্মিলন”তো ভাষণ প্ৰদান কৰিব।

when people dieমানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ

when people dieমানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ
মানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ

when people die মানুহ মৰিলে আমি কিয় ৩ দিন লঘোণে থাকো আৰু কিয় ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ? মানুহ এজন জীৱিত হৈ থাকিলে তেজৰ উত্তাপত সেই বেক্টেৰিয়াবোৰ নিয়ন্ত্ৰণত থাকে। কিন্তু মানুহজন মৰাৰ লগে লগে সক্ৰিয় হৈ নিমিষতে মৃতকৰ শৰীৰত নিজৰ বংশবৃদ্ধি কৰি লয়।মৃতকৰ শৰীৰটো ঘৰত থকাৰ সময়ত সেই সক্ৰিয় বেক্টেৰিয়া ওচৰে পাজৰে থকা পৰিয়ালৰ মানুহৰ শৰীৰলৈ আহি যায়। নাক, মুখ আদিৰে সেই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে।সেই বেক্টেৰিয়াৰ দ্বাৰা প্ৰথমে জীৱিত মানুহৰ শৰীৰত বসন্ত ৰোগৰ সৃষ্টি কৰে আৰু পিছলৈ গৈ কুষ্ঠ আদি ৰোগও হব পাৰে।গতিকে মানুহ মৰিলে আমি ৩ দিন লঘোণে থাকো we eat vegetarians for 9-10 days ৯/১০ দিনলৈ আমি নিৰামিষ খাওঁ

when people die মানুহ বা যিকোনো জীৱ-জন্তু মৰিলে পঞ্চভূতত বিলীন হয়। উৎপত্তিও পঞ্চভূতৰ পৰাই হয়। আকাশ, বায়ু, পানী, পৃথিৱী আৰু অগ্নি।এজন মানুহ মৰাৰ পিছত ওপৰৰ যিকোনো এটা মহাভূতক মাধ্যম হিচাপে লৈ মানুহৰ শৰীৰটো পঞ্চ মহাভূতত বিলীন হব পাৰে।উদাহৰণ স্বৰূপে, হিন্দু এজন মৰিলে অগ্নিক মাধ্যম হিচাবে, মুছলমান এজন মৰিলে পৃথিৱীক মাধ্যম হিচাবে আৰু তিব্বতৰ বৌদ্ধসকলে আকাশক মাধ্যম হিচাবে গ্ৰহণ কৰে। মৃতকৰ শৰীৰ টুকুৰা টুকুৰকৈ কাটি তেওঁলোকে ওখ ঠাইত শগুণে খাবলৈ থৈ দিয়ে। শগুণে খালে আকাশ মহাভূতক মাধ্যম হিচাবে লোৱা বুলি বিশ্বাস কৰে।বহুতো সাগৰৰ পাৰৰ সৰু সৰু ঠাইত পানীত পেলাই দিয়ে মৃতকৰ শৰীৰটো। এইদৰে সনাতন পৰম্পৰাত মৰাৰ পিছত মৃতকৰ শৰীৰটো পঞ্চ মহাভূতক বিলীন হয়।পথৰ কাষত আমি কেতিয়াবা মৰা জীৱ-জন্তু দেখা পাওঁ। সেইবোৰ মৰাৰ পিছত শৰীৰটো ফুলি বেলুনৰ দৰে হয় প্ৰথম কেইদিনমান। তাৰ পিছত লাহে লাহে সৰু হৈ পঞ্চ মহাভূতৰ এটা ‘বায়ু’ সম্পূৰ্ণ ওলাই গৈ পচিব ধৰে। প্ৰথমে বেক্টেৰিয়া হৈ পিছত পোক হয় আৰু সেই পোকে বাকীখিনি প্ৰকৃতিৰ লগত মিলাই দিয়ে।মানুহৰ শৰীৰত কিছুমান এনে বেক্টেৰিয়া থাকে যিবোৰে মানুহৰ শৰীৰটো মৰাৰ পিছত পচি গৈ পঞ্চভূতত বিলীন হোৱাত সহায় কৰে। মানুহ এজন জীৱিত হৈ থাকিলে তেজৰ উত্তাপত সেই বেক্টেৰিয়াবোৰ নিয়ন্ত্ৰণত থাকে। কিন্তু মানুহজন মৰাৰ লগে লগে সক্ৰিয় হৈ নিমিষতে মৃতকৰ শৰীৰত নিজৰ বংশবৃদ্ধি কৰি লয়।মৃতকৰ শৰীৰটো ঘৰত থকাৰ সময়ত সেই সক্ৰিয় বেক্টেৰিয়া ওচৰে পাজৰে থকা পৰিয়ালৰ মানুহৰ শৰীৰলৈ আহি যায়। নাক, মুখ আদিৰে সেই বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে।সেই বেক্টেৰিয়া সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবেই মৃতকৰ শৰীৰটো ঘৰৰ বাহিৰলৈ উলিয়াই আনি তুলসীৰ গছৰ তলত থোৱা হয়। পিছত মৃতকৰ শৰীৰ গাঁওৰ মানুহে শ্মশানলৈ নিবলৈ দৌৰা দৌৰি কৰে, কাৰণ যিমান বেছি সময় থাকিব, সিমানেই মৃতকৰ শৰীৰটোৱে বেক্টেৰিয়া বিয়পাই দিয়ে। সেই বেক্টেৰিয়াৰ দ্বাৰা প্ৰথমে জীৱিত মানুহৰ শৰীৰত Spring causes disease and goes back and forth বসন্ত ৰোগৰ সৃষ্টি কৰে আৰু পিছলৈ গৈ কুষ্ঠ আদি ৰোগও হব পাৰে।জীৱিত মানুহৰ শৰীৰত তেজৰ উত্তাপত নিয়ন্ত্ৰণত থাকে যদিও বেছিকৈ হলে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায়।পিছত শ্মশানত গৈ জ্বলাই ঘৰ আহি শ্মশানলৈ যোৱা কেইজনে ঘৰ আহি আকৌ নিজৰ শৰীৰ বিৰিণা বন জ্বলাই সেকিব লাগে। যিটো কৰিলে শৰীৰৰ বাহিৰত আক্ৰমণ কৰা বেক্টেৰিয়া নাশ হয়।বিৰিণা বন জ্বলালে ছালৰ বেছি লোকচান নহয়, ছালত ছিদ্ৰত সোমাই যোৱা বেক্টেৰিয়াক ভিতৰলৈ তাপ দি ধ্বংস কৰে।যিখিনি ঘৰৰ মানুহ মৃতকৰ শৰীৰৰ ওচৰত আছিল সেই সকলোৱে কমছে কম ৩ দিন উপবাসে থকাটো দৰকাৰ। ৩ দিন উপবাসে থাকিলে যি বেক্টেৰিয়া মুখ আৰু নাকেৰে গৈছে, সেইবোৰ বেছি ভিতৰলৈ যাব নোৱাৰে আৰু মুখৰ উত্তাপত ৩ দিনত ধ্বংস হয়।৩ দিনৰ পিছত নিৰামিষ আহাৰৰ লগত ঘিউ খোৱাটো অত্যন্ত আৱশ্যক । মৃতকৰ শৰীৰত সেই বেক্টেৰিয়া বেছি সক্ৰিয় হয়, সেই সময়ত মৰা জীৱ-জন্তু বা মাছ আদি পেটত পৰিলে বেছিকৈ বংশ বৃদ্ধি কৰি খোৱাজনক মাৰি পেলাব পাৰে।ঘিউ জ্বলনশীল হোৱা বাবে পেটৰ জঠৰঅগ্নি তীব্ৰ কৰি সেই বেক্টেৰিয়া সম্পূৰ্ণ ধ্বংস হোৱাত সহায় কৰে।৯ দিনত গোটেই শৰীৰ শুদ্ধি হয় আৰু তাৰ পিছতেই বাকী শ্ৰাদ্ধ বা দহা আদিৰ কাম কৰিব পাৰে।এইয়াই হৈছে ইয়াৰ আঁৰৰ বিজ্ঞান।হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন আদি বুলি নিজকে পৰিচয় দিওঁ।আচলতে আমি পূৰ্বপুৰুষক সলনি কৰিব নোৱাৰো। আমি কেৱল উপাসনা কৰা নিয়মবোৰ হে সলনি কৰিব পাৰো। উপাসনাৰ পথ ভিন্ন হলেও আমি সকলো একেই পৰম্পৰাৰ মানুহ।যদি সঁচাই ধৰ্মত বিশ্বাস কৰো আৰু যদি সঁচাই ভগৱানক বিশ্বাস কৰো, তেন্তে আমি মানিব লাগিব।

অধিক খৱৰ বাবে পঢ়ক AAP to fight electionsকেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে – ৰাজেশ শৰ্মা

AAP to fight electionsকেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে – ৰাজেশ শৰ্মা

AAP to fight electionsকেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে - ৰাজেশ শৰ্মা
AAP to fight electionsকেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে - ৰাজেশ শৰ্মা

AAP to fight elections”ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি নকৰে। ইয়াৰ বিপৰীতে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। আপৰ নেতা-কৰ্মী সকলৰ বাবে এই নিৰ্বাচন হ’ব কোৱাৰ্টাৰ ফাইনেল। কেজৰিৱাল আৰু ধানোৱাৰৰ নেতৃত্বত নিৰ্বাচনত যুঁজ দিব আপে – ৰাজেশ শৰ্মা

গুৱাহাটী, ২২ ছেপ্টেম্বৰ

AAP to fight elections “ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টিয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি নকৰে। ইয়াৰ বিপৰীতে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। আপৰ নেতা-কৰ্মী সকলৰ বাবে এই নিৰ্বাচন হ’ব কোৱাৰ্টাৰ ফাইনেল। গতিকে পঞ্চায়ত নিৰ্বাচনৰ বাবে আমাৰ কৰ্মী সকল এতিয়াৰ পৰাই সাজু হোৱা উচিত। ” আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যকৰ্তা সম্বোধন সভাত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰে আম আদমী পাৰ্টিৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে । AAPআম আদমী পাৰ্টিৰ উন্নয়নৰ ৰাজনীতি সন্দৰ্ভত মনোজ ধানোৱাৰে কয়, ” অসমৰ চৰকাৰী স্কুল সমূহৰ অৱস্থা শোচনীয়। চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়ন আমাৰ লক্ষ্য। অসমতো আমি দিল্লী আৰু পঞ্জাৱ চৰকাৰৰ আৰ্হিত বিশ্ব মানদণ্ডৰ চৰকাৰী স্কুল স্থাপন কৰিব বিচাৰোঁ। আপৰ চৰকাৰ হ’লে ব্যক্তিগত খণ্ডৰ স্কুলতকৈ চৰকাৰী স্কুলৰ মানদণ্ড উন্নত হ’ব। তদুপৰি, উন্নত শিক্ষাৰ লগতে বিনামূলীয়া তথা উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে আমি ৰাইজৰ ওচৰত দায়বদ্ধ থাকিম। ” অসম চৰকাৰৰ smart meter স্মাৰ্ট মিটাৰৰ মাধমাৰ সন্দৰ্ভত আপৰ নেতাগৰাকীয়ে কয়,” আমাৰ চৰকাৰে দিল্লী আৰু পাঞ্জাৱত ২০০ ৰ পৰা ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দি আছে। কিন্তু অসম চৰকাৰে স্মাৰ্ট মিটাৰ লগাই ৩০০/৪০০ ইউনিটৰ বিল আমাৰ পৰা কাঢ়ি লৈছে।
আমি অসমৰ ৰাইজক বুজাম যিদিনা অসমত AAP to fight elections under the leadership of Kejriwal and Dhanwarআম আদমি পাৰ্টীৰ চৰকাৰ আহিব আমিও স্মাৰ্ট মিটাৰ লগাম। কিন্তু আমাৰ স্মাৰ্ট মিটাৰে ৰাইজক ৩০০ ইউনিটলৈকে বিজুলী বিনামূলীয়াকৈ দিব ।” ৰাজ্য চৰকাৰৰ বসুন্ধৰা আঁচনিৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় ধানোৱাৰ। বসুন্ধৰা ৩.০ আঁচনিৰ অধীনত কিমানজনে মাটিৰ পট্টা লাভ কৰিছে চৰকাৰক সেই তথ্য ৰাজহুৱা কৰিবলৈ ধানোৱাৰে আহ্বান জনায়। আম আদমী পাৰ্টি ক্ষমতাত অধিষ্ঠিত হ’লে প্ৰতিগৰাকী থলুৱা লোকক মাটিৰ পট্টা প্ৰদানৰ সংকল্প ব্যক্ত কৰে নেতাগৰাকীয়ে। কাৰ্যকৰ্তা সম্বোধন সভাত অংশগ্ৰহণ কৰা আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, ” অসমত আম আদমী পাৰ্টি দুৰন্ত গতিত আগবাঢ়িছে। এটা সময়ত সৰু কোঠাত আপৰ কাৰ্যালয় আৰম্ভ কৰি দলৰ কাম – কাজ চলোৱা হৈছিল। আজি গুৱাহাটীত দলৰ এই বৃহৎ আকাৰৰ কাৰ্যালয়ৰ পৰা সাংগঠনিক কাম কাজ চলোৱা হৈছে। তথাপিও আজি আমি সভাগৃহত সকলোকে বহিবলৈ ঠাই দিব পৰা নাই। আগন্তুক দিনত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন সমূহত আমি বিজয়ৰ লক্ষ্যৰে আগবাঢ়িম। এতিয়াৰ পৰা অসমত মনোজ ধানোৱাৰে আমাৰ দলৰ নেতৃত্ব দিব। ৰাষ্ট্ৰীয় আহ্বায়কAAP to fight elections under the leadership of Kejriwal and Dhanwar – Rajesh Sharma to fight elections under the leadership of Kejriwal and Dhanwar অৰবিন্দ কেজৰিৱাল আৰু অসমত ধানোৱাৰৰ নেতৃত্বত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। ” আপৰ বিদায়ী ৰাজ্যিক সভাপতি তথা নতুনকৈ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক নিযুক্ত হোৱা ডাঃ ভবেন চৌধুৰীকো আজি কৰ্মী সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। ডাঃ চৌধুৰীয়ে নতুন ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত দলে ভাল ফল প্ৰদৰ্শন কৰিব বুলি আশা ব্যক্ত কৰে। জনাকীৰ্ণ কাৰ্যকৰ্তা সভাত আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, পুনম গগৈ আৰু অসম লেবাৰ পাৰ্টিৰ নেতা বীৰেন মিৰ্ধায়ো ভাষণ দিয়ে। সভাতGuwahati Municipal Corporation’s AAP ward member Masuma Begum গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমো উপস্থিত থাকে । কাৰ্যকৰ্তা সভা অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাজ্যিক সভাপতি হিচাপে বিদায়ী সভাপতি ডাঃ ভবেন চৌধুৰীৰ হাতৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰে মনোজ ধানোৱাৰে।

অধিক খৱৰ বাবে পঢ়ক

ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই
District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

District Commissioner ব্ৰহ্মপুত্ৰৰ চাপৰিত স্বেচ্ছাসেৱী সংস্থাৰ আশ্ৰয় গৃহ নিৰ্মাণ। উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে।

District Commissioner মহাবাহু ব্রহ্মপুত্রৰ প্রলয়ংকৰী বানে হাহাকাৰ পৰিবেশ সৃষ্টি কৰা লাহৰীঘাট ৰাজহচক্ৰৰ কাঠনি চাপৰিত বানাক্ৰান্তৰ বাবে বান আশ্রয় গৃহ নির্মাণৰ দৰে আদৰণীয় পদক্ষেপ গ্রহণ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে স্বেচ্ছাসেৱী সংগঠনে। মৰিগাঁও জিলা আযুক্ত দেৱাশীষ শৰ্মাৰ এক প্রচেষ্টাত যোৰহাটৰ এটা স্বেচ্ছাসেৱী সংস্থা শৰৎ চন্দ্র কাগতি চেৰিটেবল দ্বাৰা নির্মাণ কার্য সম্পাদন কৰা উক্ত গৃহটো আনুষ্ঠানিকভাবে উদ্বোধন কৰে Morigaon District Commissionerমৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ব্ৰহ্মপুত্রৰ কাষতে বৃহৎ পৰিমাণৰ টকা খৰছ কৰি নির্মাণ কৰি উলিওৱা বান আশ্রায় গৃহটো উদ্বোধন কৰি আয়ুক্ত দেৱাশীষ শৰ্মাই কয়: বন্যার্তৰ দুখদুর্গতি দেখি শৰৎ চন্দ্র কাগতি নামৰ স্বেচ্ছাসেৱী।সংস্থাটোৱে এই বান আশ্রয় গৃহটো নির্মাণ কৰি দিছে। এইটো বৰ ভাল কাম হৈছে। মানৱতাৰ কাম হৈছে। বানৰ সময়ত নিৰাপত্তাহীনতাত ভোগা, এডোখৰ ঠাই বিচাৰি হাহাকাৰ কৰা মানুহখিনিৰ বাবে এনেদৰে বান আশ্রয় গৃহ নির্মাণ কৰি এক নিদর্শন দাঙি ধৰিছে যোৰহাটৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে। ইয়াৰ বাবে সংস্থাটো ধন্যবাদৰ পাত্র। সমান্তৰালভাৱে Morigaon District Commissioner মৰিগাঁও জিলাৰ আয়ুক্তগৰাকীকো ধন্যবাদ দিছে কাঠনি গাৱৰ ৰাইজে। দুই শতাধিক বানাক্রান্তই আশ্রয় গ্রহণ কৰিব পৰাকৈ নির্মাণ কৰি উলিওৱা বান আশ্রয় গৃহটোত শৌচাগাৰ আৰু ৰান্ধি খোৱা বোৱাৰ বাবে পাকঘৰৰ ব্যৱস্থা কৰি দিয়া হৈছে। বান আশ্ৰয় গৃহটো সাজি দিয়া শৰৎ চন্দ্র কাগতি চেৰিটেবল ট্রাষ্টৰ বিষয়ববীয়াসকলকো কাঠনি গাৱৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।

অধিক খৱৰ বাবে পঢ়ক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ