Home Blog Page 529

Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি

মেঘালয়ৰ নংপোৰ মাৰাংগাৰত ভাদমহীয়া নামৰ সামৰণি
মেঘালয়ৰ নংপোৰ মাৰাংগাৰত ভাদমহীয়া নামৰ সামৰণি

গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱ অবিহনে অসম আৰু অসমীয়াৰ পৰিচয়ৰ কথা ভাবিবই নোৱাৰি। আনহাতে ভাদ মাহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তথা মহাপ্ৰয়াণ হোৱা বাবে অসমৰ জনজীৱনত ভাদ মাহক পৱিত্ৰ জ্ঞান কৰি অহা হৈছে।(auspicious bhado month)

যাৰ বাবে অসমৰ সকলো সত্ৰ, নামঘৰ সমূহত ভাদ মাহ আৰম্ভ হোৱাৰ দিনাৰ পৰাই মহাপুৰুষ দুজনাক স্মৰণ কৰি দৈনিক নাম-প্ৰসংগ পৰিবেশন কৰা হয়। যাৰ বাবে ভাদ মাহ হৈ পৰিছে অসমৰ জনজীৱনৰ এক গুৰুত্বপূৰ্ণ মাহ। এক কথাত কবলৈ গলে পৱিত্ৰ ভাদ মাহটোত হৰি নামেৰে মুখৰিত হৈ থাকে সত্ৰ আৰু নামঘৰ সমূহ। আনকি গুৱাহাটীৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ চুবুৰীয়া মেঘালয়ৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা প্ৰায় ৬ কিঃমিঃ ভিতৰত মাৰাংগাৰ নামৰ জনজাতি প্ৰধান অঞ্চলটোত আছে কেবাখনো গাঁও। পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই।(meghalaya)

অবিভক্ত অসমত থকাৰ সময়তে তেওঁলোকে তাত স্থাপন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ হাইস্কুল। তাৰ ওচৰতে আছে শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ। নামঘৰটোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম শাখা “পৰমানন্দ প্ৰাথমিক শাখা মাৰাংগাৰ নামঘৰ” নামে তাত পৰিচিত। নামঘৰৰ উপদেষ্টা মনীন ৰাজা, সভাপতি জয়মালা বিনং আৰু সম্পাদক যোগেশ মাৰৱেটে জানিবলৈ দিয়া মতে তেওঁলোকৰ পিতৃ পুৰুষৰ দিনৰে পৰা নামঘৰত ভাদ মাহত পুৰুষ – মহিলা সকলে এমহীয়া নাম – প্ৰসংগত ভাগ লৈ আহিছে। ইয়াৰ মাজতে যোৱা ২৪ আগষ্টত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু ৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি নাম – প্ৰসংগৰ মাজেৰে উদযাপন কৰা হয়। (assamese bhado month)

আনহাতে ১৭ ছেপ্টেম্বৰত ভাদ মাহৰ অন্তিম দিনটোত এটা বছৰৰ বাবে নাম – প্ৰসংগৰে এমহীয়া ভাদ মাহৰ নামৰ সামৰণি মৰা হয়। অৱশ্যে ইয়াৰ মাজতে ১৫ ছেপ্টেম্বৰত মাৰাংগাৰ নামঘৰ কমিটীৰ আমন্ত্ৰণ ক্ৰমে পাৰস্পাৰিক সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ অন্যতম মহিলা নামতি দল হিচাপে পৰিচিত হৈ অহা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ “জ্ঞানমালিনী বিকশিত মহিলা দল”ৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাৰ নেতৃত্বত যোৱা ১৫ জনীয়া দলটোৱে তাৰ নামঘৰত নাম – প্ৰসংগ পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। মহিলা দলটোক মাৰাংগাৰ নামঘৰৰ মহিলা সমাজৰ কৰ্মকৰ্তা ক্ৰমে – ৰুণুমী বিনং, কাঁহি চিয়েম আৰু মিনতি বিনঙে পৰম্পৰাগত ভাৱে আদৰণি জনায়।

দলটোৱে সিদিনা শ্বিলঙৰ সমীপৰ বৰাপানী তথা উমিয়ামৰ উত্তৰ পূব মহাকাশ কেন্দ্ৰ চৌহদত থকা সাৰ্বজনীন নামঘৰ আৰু শ্ৰী কৃষ্ণ মন্দিৰতো তাৰ পৰিচালনা কমিটীৰ আমন্ত্ৰণ ক্ৰমে নাম – প্ৰসংগ পৰিবেশন কৰি উপস্থিত শতাধিক লোকক আপ্লুত কৰে। এইখিনিতে উল্লেখ্য যে বৃহত্তৰ মাৰঙা তথা মাৰাংগা অঞ্চলটোৰ দহখন গাঁওৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও।

এই সন্দৰ্ভত মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি বিগত বৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নামঘৰটো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে ব্যক্তিগতভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে বুলিও মনীন ৰাজাই জানিবলৈ দিছে। আনকি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিগত বৰ্ষত অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীয়ুষ হাজৰিকাই মাৰাংগালৈ আহি আৰ্থিক সাহায্যৰ ধনৰাশি প্ৰদান কৰিছে। সেই ধনৰে নামঘৰটোৰ আন্তঃগাঁথনিৰ যথেষ্ট উন্নয়ন সাধন কৰা হৈছে।(himanta biswa sarma)

AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ

ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ২০ ছেপ্টেম্বৰঃ মহাৰত্ন তৈল-গেছ ঔদ্যোগিক প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ অধীনস্থ কেইবাটাও অধিক লাভজনক উৎপাদনক্ষম খনন ৰিগ বহিৰাগত পুঁজিপতি কোম্পানীক ঠিকাভিত্তিক গতাই দিয়া, অ’এনজিচিয়ে থলুৱাবিৰোধী নীতি বৰ্জন কৰা, নিগমত খালী পদসমূহত শীঘ্ৰে থলুৱা নিবনুৱাক নিযুক্তি দিয়া আদিকে ধৰি চাৰিদফীয়া দাবী শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত(AJYCP protests against ONGC)বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অ’এনজিচি অসম সম্পদত থলুৱাবিৰোধী নীতি বন্ধ কৰক, লাভজনক খনন ৰিগ বহিৰাগত পুঁজিপতি কোম্পানীক ঠিকাভিত্তিক গতাই দিয়া কাৰ্য প্ৰত্যাহাৰ কৰক, বিভিন্ন বিভাগৰ খালী হৈ থকা বিভিন্ন পদত এশ শতাংশ থলুৱা নিবনুৱাক নিযুক্তি প্ৰদান কৰক আদি অ’এনজিচিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান, ধৰ্ণাৰে উত্তাল কৰি তোলে৷ (ONGC)

গণ বিক্ষোভ কাৰ্যসূচীত পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল চেতিয়া, কেন্দ্ৰীয় কাৰ্যকৰী সদস্য কুলপ্ৰসাদ শইকীয়া, শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ, সাধাৰণ সম্পাদক পলাশ ৰাজকোঁৱৰ আদিকে ধৰি ভালেকেইজনে অ’এনজিচি অসম সম্পদৰ থলুৱাবিৰোধী নীতিক তীব্ৰ সমালোচনা কৰি এই নীতি বন্ধ কৰাৰ দাবী জনাই বক্তব্য আগবঢ়ায়৷ পৰিষদৰ শিৱসাগৰ জিলাৰ শিৱসাগৰ, নাজিৰা, লাকুৱা, গেলেকী, ডিমৌ, গৌৰীসাগৰ, আমগুৰি আদি বিভিন্ন আঞ্চলিক সমিতিৰ সহস্ৰাধিক যুৱক, মহিলা পৰিষদৰ সদস্যই অংশগ্ৰহণ কৰা গণ বিক্ষোভ কাৰ্যসূচীৰ পৰিষদে উত্থাপন কৰা উক্ত দাবী শীঘ্ৰে কাৰ্যকৰী নকৰিলে অনাগত সময়ত নিগম বন্ধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে নিগমৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক প্ৰদান কৰা স্মাৰক-পত্ৰত৷(Nazira)

Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ

গিবন অভয়াৰণ্য
গিবন অভয়াৰণ্য

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিয়নি, ১৯ ছেপ্টেম্বৰঃ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ, জলবায়ু মন্ত্ৰণালয়ে বিশেষ প্ৰজাতিৰ হলৌ বান্দৰৰ বাবে বিশ্ববিখ্যাত গিবন অভয়াৰণ্যত তেল আৰু গেছ খননৰ বাবে বেদান্ত নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানক অনুমতি প্ৰদান কৰাৰ পিছতেই এই সিদ্ধান্তৰ বিৰোধিতা আৰু পুনৰ বিবেচনাৰ বাবে বিভিন্ন দল-সংগঠনে আহবান জনায় অহা বিষয়টোৱে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷(Oil and gas drilling in Gibbon Sanctuary)

কিন্তু ৰহস্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি প্ৰদানৰ পিছতেই অসম চৰকাৰ আৰু অসম বন্যপ্ৰাণী পৰিষদে অনুমতি প্ৰদান কৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে সদৌ তাই আহোম ছাত্ৰ সন্থা [আটাছু]৷ বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আটাছু, নকছাৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নীহাৰ বৰচেতিয়াই কয়– গিবনৰ এটা ইক’ ছেনচেটিভ এলেকাত তেল আৰু গেছ খনন কাৰ্যৰ বাবে অনুমতি প্ৰদান কৰা বিষয়টো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু আটাছুৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে৷

কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰ আৰু বিশেষভাৱে বন, পৰিৱেশ মন্ত্ৰণালয়ে কি স্বাৰ্থত দিচৈ সংৰক্ষিত বনাঞ্চলৰ ৪.৪ হেক্টৰ মাটিত বেদান্তৰ অন্তৰ্গত কেইন ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমতি প্ৰদান কৰিলে আজিৰ তাৰিখত সেয়া এক ৰহস্যজনক কথা৷ বিভিন্ন বন্যপ্ৰাণী, মূল্যৱান উদ্ভিদ প্ৰজাতিৰে ভৰি থকা অঞ্চলত তেল, গেছৰ খননৰ পিছতেই সেই অঞ্চলৰ জৈৱ-বৈচিত্ৰ্যলৈ যে ভাবুকি আহিছে তাৰ উদাহৰণ বাঘজানে আমাক ইতিমধ্যে দিছে৷ কিন্তু তাৰ পিছতো পৰিৱেশ-বন্যপ্ৰাণী সংৰক্ষণৰ পৰিৱৰ্তে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দি থকা গিবন অভয়াৰণ্যৰ বিৰল প্ৰজাতিৰ হলৌবান্দৰ আৰু ইয়াতে থকা মূল্যৱান উদ্ভিদ প্ৰজাতি আৰু বন্যপ্ৰাণীসমূহক ধবংসৰ গৰাহলৈহে ঠেলি দিয়াৰ চক্ৰান্ত কৰিছে বুলি ছাত্ৰ নেতাগৰাকীয়ে ব্যক্ত কৰে৷

লগতে তেওঁ কয়, গিবন অভয়াৰণ্য আৰু দিচৈ সংৰক্ষিত বনাঞ্চলত এটা আঁচোৰ পৰিবলৈ দিয়া নহ’ব৷ যদিহে সংশ্লিষ্ট কতৃৰ্পক্ষই সিদ্ধান্ত পুনৰ বিবেচনা নকৰে তেন্তে আটছুৱে বন্যপ্ৰাণী আৰু বনাঞ্চল সুৰক্ষাৰ বাবে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলিও মন্তব্য কৰে৷

একেটা বিবৃতিতে আটাছু তিতাবৰ মহকুমা সমিতিৰ সাধাৰণ সম্পাদক অবিনাশ ফুকনে কয়– দিচৈ সংৰক্ষিত বনাঞ্চল তথা গিবন অভয়াৰণ্যত তেল আৰু গেছৰ খনন হ’লে ইয়াৰ বন্যপ্ৰাণী আৰু জৈৱ-বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে সামগ্ৰিকভাৱে এলিফেণ্ট কৰিড’ৰ হিচাপে থকা অঞ্চলটোৰ কৃষক ৰাইজৰ লগতে বনৰীয়া হাতীৰ জাকসমূহক ড্ৰিলিং কাৰ্যই ব্যাপক আতংকিত কৰি তুলিব বুলি বন্যপ্ৰাণী বিশেষজ্ঞসকলে ইতিমধ্যে ব্যক্ত কৰিছে৷ কিন্তু ইয়াৰ পিছতো বিশেষজ্ঞৰ মতামত, দল-সংগঠনৰ বিৰোধিতাক আওকাণ কৰি বেদান্ত নামৰ বহুজাতিক প্ৰতিষ্ঠানে তেল-গেছ খননৰ যো-জা চলাই নিয়াৰ বিষয়টোত আটাছুৱে কঠোৰ বিৰোধিতা কৰাৰ লগতে প্ৰকৃতিৰ ওপৰত এই ধবংসযজ্ঞ চলাবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে৷

Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই

নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থা
নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থা

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ২০ ছেপ্টেম্বৰঃ নগাঁৱৰ ঔষধ ব্যৱসায়ীসকলে জনস্বাৰ্থবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি ঔষধৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি থকা ৰেহাই ব্যৱস্থা ৰহস্যজনকভাৱে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পিছত সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত সন্থাই আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হয়৷ (Nagaon District Medicine Dealers’ Association)

বুধবাৰে নিশা নগাঁও চহৰৰ হোটেল বিদিশাত এক সংবাদ মেলৰ জৰিয়তে নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনে অতি কৌশলেৰে বিভিন্ন আভুৱা-ভাঁৰা কথা কৈ ৰেহাই মূল্যত ঔষধ বিক্ৰী বন্ধ থাকিব বুলি স্পষ্ট ভাষাৰে সদৰী কৰি পুনৰ জনস্বাৰ্থবিৰোধী স্থিতিত অটল থাকে৷ লগতে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা চলাই কেতবোৰ চালে-বেৰে কোবোৱা যুক্তি প্ৰদৰ্শন কৰি একমাত্ৰ ব্যৱসায়ী স্বাৰ্থ অক্ষুণ্ণ ৰখাৰ কথাটো পুনৰবাৰ প্ৰতিফলিত কৰে৷ আনকি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিয়াৰ বিপৰীতে কেতবোৰ অলাগতিয়াল কথাৰে বিষয়টো ফালৰি কাটি ঔষধ ব্যৱসায়ী সন্থাৰ নগাঁও জিলাৰ লগতে কেন্দ্ৰীয় নেতৃত্বই ঔষধৰ ক্ষেত্ৰত কোনো ৰেহাই ব্যৱস্থা নাথাকিব বুলি সদৰী কৰে৷ (nagaon)

আনকি তেওঁলোকে সমগ্ৰ অসমতে এই ৰেহাই ব্যৱস্থা পৰ্যায়ক্ৰমে বন্ধ হৈ পৰিব বুলিও প্ৰকাশ কৰে৷ সংবাদ মেলত নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা প্ৰকাৰান্তৰে নস্যাৎ কৰিবলৈ বৃথা চেষ্টা চলাই তেওঁলোকে নগাঁৱত ঔষধৰ কোনো ছিণ্ডিকেট চলা নাই বুলিও দাবী কৰে৷ তদুপৰি ৰাজ্যত ঔষধৰ গুণগত মান পৰীক্ষাৰ কোনো পৰীক্ষাৰ নথকা বিষয়টো উল্লেখ কৰি ঔষধ ব্যৱসায়ী সন্থাই এইক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু সন্তুষ্টি ব্যক্ত কৰে৷ সন্থাৰ নেতৃবৰ্গই বহিঃৰাজ্যৰ কেইবাটাও স্থানত বৃহৎ পৰিমাণৰ ভেজাল ঔষধ উদ্ধাৰ হোৱাৰ কথা উল্লেখ কৰি সমগ্ৰ ৰাজ্যজুৰি ভেজাল ঔষধ চলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷(allegations)

সংবাদ মেলত কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েচন অৱ আছামৰ সাধাৰণ সম্পাদক জিতু বৰ্মন, উপ-সভাপতি সঞ্জীৱ বৰা, যুটীয়া সম্পাদক দিব্যজ্যোতি নেওগ, নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনৰ সভাপতি জীৱন বণিক আদি উপস্থিত থাকে৷ আনহাতে, বুধবাৰে নিশাৰ সংবাদ মেলত টিঙৰ পৰা ননমা নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনে আজি এক বিবৃতিৰ জৰিয়তে জনাই যে, বুধবাৰে নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এছ’চিয়েচনৰ নগাঁৱৰ ঔষধ বিক্ৰী ক্ষেত্ৰখনত চৰ্চিত ন’ ডিছকাউণ্ট বিষয়ৰ সমস্যাটো সম্পৰ্কে আলোচনা কৰা হয়৷ উক্ত সভাত এছ’চিয়েচনৰ উপদেষ্টা, বিষয়ববীয়া, সদস্যৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ নেতৃত্ব উপস্থিত থকা বুলি অৱগত কৰে৷ সভাত সকলোৱে নিজৰ মতামত ব্যক্ত কৰাৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া, নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক কংকনজ্যোতি বৰুৱা আৰু বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি শইকীয়াই একেমুখে মানৱীয় দৃষ্টিভংগীৰে ঔষধ ব্যৱসায়ী সন্থাক ৰেহাই ব্যৱস্থাটো পুনৰ বিবেচনা কৰিবলৈ আহ৩ান জনায়৷ ইয়াৰ বিপৰীতে ঔষধ ব্যৱসায়ীসকলে ন’ ডিছকাউণ্ট ব্যৱস্থাটোক সমৰ্থন জনাই জ্যেষ্ঠ নাগৰিক, কেন্সাৰ, বৃক্ক ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত ৰোগীসকলক ঔষধ ব্যৱসায়ীসকলে সাধ্যানুসৰি ৰেহাই দিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে বিবৃতিটোত এছ’চিয়েচনৰ সভাপতি জীৱন বণিকে আগন্তুক দিনত নগাঁওবাসীৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা শাৰদীয় দুৰ্গোৎসৱৰ পিছৰে পৰা এছ’চিয়েচনে আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে৷(No discount on medicines)

বিবৃতিটো আৰু কয় যে, যিহেতু দল-সংগঠনৰ লগতে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু সমাজৰ সকলো স্তৰৰ লোকে ঔষধ ব্যৱসায়ীসকলক ৰেহাই বিষয়টো পুনৰ বিবেচনাৰ বাবে সন্থাক আহ৩ান জনাইছে গতিকে তেওঁলোকৰ প্ৰতি সন্মান জনাই ঔষধ ব্যৱসায়ীসকলে সাধ্যানুসৰি ৰেহাই মূল্যত ঔষধ দিয়া হ’ব বুলি উল্লেখ কৰে৷ কালি নিশাৰ সংবাদ মেলত কোনো কাৰণতে ন’ ডিছকাউণ্ট প্ৰত্যাহাৰ কৰা নহয় বুলি দৃঢ়তাৰে কোৱা সন্থাই মাত্ৰ কেইঘণ্টামানৰ পিছতে এক বিবৃতিযোগে সাধ্যানুসৰি ৰেহাই মূল্যত ঔষধ দিয়া হ’ব বুলি উল্লেখ কৰিছে যদিও তেওঁলোকৰ এই কথাত ৰাইজ মুঠেই পতিয়ন যাব পৰা নাই৷ আচলতে ঔষধৰ ক্ষেত্ৰত কোনো এজন ব্যৱসায়ীয়ে কি পৰিমাণৰ লাভ ল’ব বা কিমান পৰিমাণৰ ৰেহাই দিব সেয়া এক নিজস্ব বিষয় যদিও নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনে সকলো ধৰণৰ ঔষধত ৰেহাই বন্ধ কৰা ঘটনাটোৱে মেডিচিন ব্যৱসায়টোত যে এক ছিণ্ডিকেট চলি আছে সেয়া পুনৰবাৰ প্ৰমাণ কৰিছে৷ ইপিনে, সন্থাৰ জনস্বাৰ্থবিৰোধী ভূমিকাৰ ক্ষেত্ৰত জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগে কি স্থিতি গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ

ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ

দৈনন্দিন বাৰ্তাৰ সেৱা, নাজিৰা, ২০ ছেপ্টেম্বৰঃ এটা অশ্লীল ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ এক ঘটনাৰ পিছতে এজন কৰ্মচাৰী জে’ল হাজোতলৈ যোৱাৰ লগতে কৰ্মচাৰীজনৰ বিলাসী গাড়ী জব্দ হোৱাৰ ঘটনাই চূড়ান্তভাৱে লজ্জানত কৰিছে নাজিৰাবাসীক৷(Nazira ONGC employee goes to jail)

এই সন্দৰ্ভত ছাত্ৰীগৰাকীৰ মাতৃয়ে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসন তথা নিকটৱৰ্তী শিমলুগুৰি থানাত এখন এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত সষ্টম হৈ উঠা শিমলুগুৰি আৰক্ষীয়ে পদক্ষেপ লোৱাৰ সময়তেই শিমলুগুৰি থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত অ’এনজিচিৰ কৰ্মচাৰী পৰীক্ষিত ৰাইদঙীয়াই৷(nazira)

শিমলুগুৰি থানাৰ সূত্ৰত জানিব পৰা মতে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে দীৰ্ঘদিন ধৰি ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি আৰু ভাবৰ আদান-প্ৰদান ঘটাৰ পিছত শেহতীয়াকৈ শিমলুগুৰি তথা ইয়াৰ আশে-পাশে দুয়োজনৰ সংযোগ চলি ৰয়৷ শেহতীয়াকৈ এনে পৰিস্থিতিৰ মাজত ছাত্ৰীগৰাকীৰ সৈতে এক অশ্লীল ভিডিঅ’ বাহিৰ হয় ছ’চিয়েল মিডিয়াত৷ এই ঘটনাৰ পূৰ্বেও যোৱা ১০ মাৰ্চতো একে ধৰণৰ অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ পোৱাৰ লগতে আৰক্ষীৰ মধ্যস্থতাত এক বুজা-বুজিৰে মীমাংসালৈ অহা বুলিও জানিব পৰা গৈছে৷ (simaluguri)

পিছে ছ’চিয়েল মিডিয়াত ওপঙি ফুৰা নতুন প্ৰজন্মৰ এচামে পূৰ্ণ আসক্ত হৈ চৰিত্ৰ হননলৈ আগববঢ়াৰ সমান্তৰালভাৱেই অভিভাৱক সুলভ বিলাসী জীৱনৰ গৰাকী এচামেও বিবেকহীন কাণ্ডৰে নিজৰ লগতে সামাজিক মৰ্যাদাক ভূলণ্ঠিত কৰি পেলাইছে ৷ এই ঘটনা সন্দৰ্ভত বুধবাৰে আত্মসমৰ্পণ কৰাৰ পিছত অ’এনজিচিৰ কৰ্মচাৰীজনক শিমলুগুৰি থানাই বৃহস্পতিবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷

ছাত্ৰীগৰাকীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত শিমলুগুৰি আৰক্ষীয়ে নং ‘20û24 US BNS RW SEC 4û14 OF POCSO ACT RW SEC 66E IT ACT’ ভিত্তিত শিশুক যৌন আতিশয্যৰ পৰা সুৰক্ষা আইনৰ আধাৰত এক গোচৰ ৰুজু কৰিছে৷ এই ঘটনাই নিতৌ ছ’চিয়েল মিডিয়াক লৈ ব্যস্ত হৈ পৰা এচাম অভিভাৱক আৰু নিয়ন্ত্ৰণহীনভাৱে ছাত্ৰ-ছাত্ৰীৰ হাতত এনড্ৰইড মোবাইল ফোন তুলি দিয়াৰ পৰিণতি কি তাক প্ৰকট কৰি তুলিছে৷ বিলাসী জীৱনৰ গইনা লৈ এচাম লোকৰ অবাধ সুৰা আৰু নাৰীত আশ্ৰয় লোৱা ঘটনাই আৰক্ষীৰ লগতে সমাজৰ অনুশাসন মজবুত কৰাৰ প্ৰয়োজন বুলি সচেতন মহলে মন্তব্য কৰিছে৷(POCSO ACT)

Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা

ন-লখিমী আঁচনি
ন-লখিমী আঁচনি

দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধি, ২০ ছেপ্টেম্বৰঃ কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মহিলা হিতাধিকাৰীকে ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’ব৷ এই অনুদান প্ৰতি মাহৰ ৯ তাৰিখে নিশ্চিতভাৱে আদায় দিয়া হ’ব৷ (Na Lakhimi Scheme)

অসম চৰকাৰে অৰুণোদয় ৩.০ আঁচনি ঘোষণা কৰাৰ সময়তে বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কংগ্ৰেছ দলৰ নতুন কৰ্মসূচীৰ কথা ৰাইজক অৱগত কৰে৷ বৰাই কয় যে ২০২৬ত অসমত বিৰোধী কংগ্ৰেছৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনি বাতিল কৰা হ’ব৷(congress)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ৩.০১ শুভাৰম্ভণি কৰাৰ পিছতেই অৰুণোদয় আঁচনি বাতিল কৰাৰ কথা ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে অৰুণোদয় দিয়াৰ বাবে আমি বেয়া পোৱা নাই৷ কিন্তু আমাৰ ৰাজ্যত এতিয়া ১২,৬০০ চাকৰিৰ বিপৰীতে ৩২ লাখে আৱেদন কৰে৷ ১২,৬০০ নিবনুৱাই চাকৰি পাব৷(arunodoi scheme)

কিন্তু বাকীবোৰৰ কি হ’বঞ্জ মুখ্যমন্ত্ৰীয়ে এই কথা ভাবিছেনেঞ্জ আমি সেই সকলোৰে কথা ভাবিছো বুলি কৈ ভূপেন বৰাই কয় যে ২০২৬ত আমাৰ চৰকাৰ আহিব তেতিয়া অৰুণোদয় আঁচনি বন্ধ কৰি ন-লখিমী আঁচনি আহিব৷ মুখ্যমন্ত্ৰীয়ে বাছি বাছি বিজেপিৰ সদস্যকহে অৰুণোদয় দিছে৷ আমি জাতি-বৰ্ণ-ধৰ্ম আৰু ভাষা নিৰ্বিশেষে ন-লখিমীৰ ধন দিম৷

কংগ্ৰেছ চৰকাৰে প্ৰতি মাহৰ জ্ঝ তাৰিখে ভাষা-জাতি-ধৰ্ম নিৰ্বিশেষে হিতাধিকাৰীক ৩০০০ টকাকৈ দিব৷ ইপিনে বিজেপিৰ সভালৈ আজিকালি মানুহ নাহে বুলি কটাক্ষ কৰি ভূপেন বৰাই কয় যে বিজেপিৰ মন্ত্ৰী-বিধায়ক মিটিঙলৈ গ’লে মানুহ নাহে৷ সেয়ে চৰকাৰী আঁচনিৰ ফৰ্ম দিম বুলি কৈ বিজেপিয়ে সভালৈ মানুহ আনিবলগীয়া হৈছে৷(Bhupen Kumar Borah)

All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ

তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল
তিৱা ছাত্ৰ সন্থাৰ সংবাদমেল

দৈনন্দিন বাৰ্তাৰ সেৱা, জাগীৰোড ২০ ছেপ্টেম্বৰঃ মধ্য অসমৰ বেদখলকৃত ভূমি উচ্ছেদৰ দাবীত সদৌ তিৱা ছাত্ৰ সন্থাই জাগীৰোডত এক সংবাদ মেল আয়োজন কৰে৷ মৰিগাঁও জিলাত জ্জটা, নগাঁও জিলাত জ্জটা আৰু হোজাই জিলাত ২টা, মুঠতে তিৱা স্বায়ত্ত পৰিষদত মুঠ ১৬টা ট্ৰাইবেল বেল্ট-ব্লক আছে(All Tiwa Students Union)৷ কিন্তু ইতিমধ্যে উক্ত ট্ৰাইবেল বেল্ট-ব্লকসমূহত অবৈধ বেদখলকাৰীসকলে অবৈধভাৱে ভূমি হস্তগত কৰি বেদখল কৰিছে আৰু ট্ৰাইবেল বেল্ট-ব্লকসমূহৰ অস্তিত্ব নাইকিয়া কৰি পেলাইছে৷

বৃহস্পতিবাৰে সেইবোৰ অঞ্চলত সন্দেহযুক্ত লোকৰ দপ্‌দপনিত খিলঞ্জীয়া তথা ভূমিপুত্ৰ জনজাতিসকল অস্তিত্বৰ সংকটত পৰিবলগীয়া হৈছে৷ তেওঁলোকৰ অত্যাচাৰত খেতি-মাটিৰ মোহ ত্যাগ কৰি জীৱন আৰু পৰিয়ালৰ নিৰাপত্তাৰ তাগিদাৰ নিজ গৃহভূমি ত্যাগ কৰি পলায়ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷

বিশেষভাৱে ৰাজহ চক্ৰ, মণ্ডল, কাননগো পৃষ্ঠপোষকতাত ট্ৰাইবেল বেল্ট-ব্লকসমূহৰ অবৈধ নামজাৰিৰ জৰিয়তে ভূমি হস্তান্তৰিত হৈ আহিছে৷ সেই সন্দৰ্ভত এক জৰুৰী তদন্ত ঘোষণা কৰি দোষীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে অসম চৰকাৰক সদৌ তিৱা ছাত্ৰ সন্থাই দাবী জনাইছে৷ বেদখলীকৃত ভূমিসমূহ ক্ৰমে তেঁতেলিয়া ট্ৰাইবেল ব্লকত ১৬৭২ বিঘা, পলাহগুৰি ট্ৰাইবেল বেল্ট-ব্লকত ২২১ বিঘা, গোভা ট্ৰাইবেল ব্লকত ৪২২৩ বিঘা, ঘণ্ডবা ট্ৰাইবেল ব্লকত ২৫৬২ বিঘা, ভলুকাজাবী ট্ৰাইবেল ব্লকত ১৩৭৫ বিঘা, জামাদাৰী ট্ৰাইবেল ব্লকত ২৭৪২ বিঘা আৰু বৰঙিণ পথাৰ ট্ৰাইবেল ব্লকত ৫২২৭ বিঘাা, মুঠতে ১৮০২২ বিঘা ভূমি বেদখলীৰ কবলত৷ গতিকে শীঘ্ৰে চৰকাৰে যেনেদৰে কচুতলীত উচ্ছেদ কৰিলে তেনেদৰে বাকী যিসমূহ ট্ৰাইবেল বেল্ট-ব্লকৰ অবৈধভাৱে বেদখল হৈ আছে সেই ট্ৰাইবেল বেল্ট-ব্লকসমূহত উচ্ছেদ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে৷

ইফালে জাগীৰোডত টাটাৰ স্থাপিত হ’বলগীয়া ছেমি কণ্ডাক্তৰ নিৰ্মাণৰ বাবে ব্যৱস্থা কৰাক লৈ শংকিত হৈছে ছাত্ৰ সংগঠনটো৷ কাৰণ সেই স্থানত পূৰ্বতে এছিয়া মহাদেশৰ সৰ্ববৃহৎ কাগজ কল আছিল৷ কাগজ কলটো নিৰ্মাণ কৰা বাবে গোভা ট্ৰাইবেল বেল্ট ব্লকৰ ভূমি অধিগ্ৰহণ কৰা হৈছিল৷ সেই উদ্যোগটো স্থাপনৰ সময়ত কেইবাখনো জনজাতি গাঁও উচ্ছেদিত হৈছিল৷ পৰৱৰ্তী পৰ্যায়ত কাগজ কল কতৃৰ্পক্ষই উচ্ছেদিত জনজাতি পৰিয়ালৰ লোকৰ সংস্থাপনক ব্যৱস্থা হাতত লৈছিল, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে চৰকাৰক ভূমি উদ্যোগ নীতি আৰু দুৰ্নীতিৰ ফলত বহু সম্ভৱনাপূৰ্ণ কাগজ কলটোৰ মৃত্যু ঘটিল আৰু তাৰ পৰিপ্ৰেক্ষিতত স্থানীয় জনজাতিসকল পুনৰ সংস্থাপনহীন হ’বলগীয়া হ’ল৷

তেনে পৰিস্থিতিৰ মাজতে অসম চৰকাৰে সেই একে স্থানতে প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে দেশৰ ভিতৰতে অন্যতম সৰ্ববৃহৎ ছেমি কণ্ডাক্তৰ নিৰ্মাণৰ উদ্যোগ স্থাপনৰ বাবে টাটাই প্ৰকল্পৰ কাম আৰম্ভ কৰিছে৷ প্ৰকল্পটোৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰায় ২৭ হাজাৰ লোকে সংস্থাপিত হ’ব বুলিও ঘোষণা কৰিছিল যদিও এইখিনিতে আমি জনজাতি তথা তিৱা ৰাইজে শংকা আৰু সংশয়ৰ দিশসমূহো পৰিলক্ষিত কৰিছে বুলি সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মচৰঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ কাৰণ জনজাতি বেল্টI-ব্লকৰ আইন থকাৰ পিছতো বহু লোকে জাগীৰোডৰ লগতে আশে-পাশে অবৈধভাৱে ভূমি ক্ৰয় কৰি জনজাতিসকলক ইতিমধ্যে সংখ্যালঘুত পৰিণত কৰি শান্তিপ্ৰিয় জনজাতিসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰাৰ দিশত আগবাঢ়িছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৰ হৈ উপদেষ্টা দীপক আমচঙে৷

ঐতিহাসিক জোনবিল মেলা, গোভাৰজাৰ দেওশাল থান, সীতা জখলা ইত্যাদি বহু ঐতিহ্যৰ লগত এই অঞ্চলটো জড়িত হৈ আছে৷ তেনেস্থলত ছেমি কণ্ডাক্তৰ প্ৰকল্পটো স্থাপন কৰাৰ ফলত এই ঐতিহ্যসমূহ ম্লান পৰি যোৱাৰ লগতে কালক্ৰমত বিলুপ্ত হৈ যোৱাত সম্ভাৱনাই দেখা দিব বুলিও এক সংবাদ মেলযোগে মত পোষণ কৰে সংগঠনটোৱে৷ জাগীৰোডৰ ডাক বঙলাত অনুষ্ঠিত সংবাদ মেলত সংগঠনটোৰ উপ-সভাপতি কন্দৰ্প হুকাই, বিদ্যা পাটৰ, স্বপন ৰামদেৰ লগতে সদৌ তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Assam CM Launches Orunodoi 3.0 scheme and Distributes Ration Cards to Over 19.92 Lakh Beneficiaries
Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৯ ছেপ্টেম্বৰঃ মহিলা সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদুৰপ্ৰসাৰী পদক্ষেপ অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma)ই বৃহস্পতিবাৰে লোকসেৱা ভৱনস্থিত সংবাদ সন্মিলন কক্ষৰ পৰা কেন্দ্ৰীয়ভাৱে ৰাজ্যজুৰি অৰুণোদয় ৩.০(Orunodoi 3.0 scheme) আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ অসমৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ মাজেদি ৰূপায়িত কৰিব বিচৰা অৰুণোদয় আঁচনিখনৰ এই তৃতীয় পৰ্যায়ৰ জৰিয়তে ৩৭.২ লাখ হিতাধিকাৰীক সামৰি লোৱা হ’ব(largest Direct Benefit Transfer) ৷

আনহাতে, বৃহস্পতিবাৰৰ এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে খাদ্য সুৰক্ষা আঁচনি(Food Security Scheme)ৰ অধীনত ১৯ লাখ ৯২ হাজাৰ ১৬৭ নতুন হিতাধিকাৰীক নিৰ্বাচিত কৰি ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচীও আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ৷

উল্লেখ্য যে, দিছপুৰৰ পৰা শুভাৰম্ভ হোৱা অৰুণোদয় ৩.০১ এই কেন্দ্ৰীয় কাৰ্যসূচী অসমৰ ১২৬টা সমষ্টিত আয়োজিত অনুষ্ঠানত পোনপটীয়াকৈ ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা প্ৰচাৰ কৰা হয় আৰু সমষ্টিসমূহত আয়োজিত অনুষ্ঠানসমূহত ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়কসকল উপস্থিত থাকে ৷ অসমৰ নাৰী শক্তি সবলীকৰণৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে বুলি অনুষ্ঠানত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অতিৰিক্ত হিতাধিকাৰীসকলক অন্তভুৰ্ক্ত কৰাৰ লগতে ৰাজ্যত ৩৭ লাখ পৰিয়ালে যাতে মাহিলি ১২৫০ টকাকৈ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ১২৬ টা বিধানসভা সমষ্টিত আজি অৰুণোদয় ৩.০ যাত্ৰা আৰম্ভ কৰা হৈছে৷

তেওঁ কয় যে অৰুণোদয় ৩.০ ত নিঃকিন মহিলা, দিব্যাংগ, বিধৱা, তৃতীয় লিংগ আৰু অন্যান্য দুৰ্বল লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদানৰ হেতু অগ্ৰাধিকাৰ দিয়া হ’ব ৷ তেওঁ লগতে কয় যে ২ লাখ টকাৰ তলৰ বাৰ্ষিক উপাৰ্জন থকা পৰিয়ালসমূহে এই আঁচনিৰ বাবে আৱেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিত মাহিলি ৪৬৭ কোটি টকা ব্যয় কৰিব ৷ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ লাভালাভ সম্প্ৰসাৰিত কৰা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আৰু ১২ লাখ হিতাধিকাৰীক সংযোগ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই হিতাধিকাৰীসকলে প্ৰতিমাহে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰিবলৈ যোগ্য হ’ব ৷ এই আঁচনিত প্ৰতিমাহে ৪৪০ কোটি টকাৰো অধিক ব্যয় কৰা হ’ব বুলি তেওঁ কয় ৷

তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ এই কাৰ্ডসমূহত আয়ুষ্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসাও অন্তভুৰ্ক্ত থাকিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ পুষ্টি, বিত্তীয় চিকিৎসা আৰু আনুষংগিক প্ৰযোজনীয়তা এই কল্যাণমূলক পদক্ষেপসমূহে এক বিস্তৃত পৰ্যায়ত সমাজিক সুৰক্ষা বৰ্তনী সৃষ্টি কৰিব ৷ লোকসভা নিৰ্বাচনৰ প্ৰাক্‌মূহূৰ্তত জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি অনুসৰি¸ নিৰ্বাচন হৈ যোৱাৰ ১০০ দিনৰ ভিতৰতে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা হৈছে বুলি তেওঁ কয় ৷

ৰাজ্যৰ বিত্ত মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ২০২০-২১ বৰ্ষৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ অন্যতম অংগ হিচাপে অৰুণোদয় আঁচনিৰ কথা ঘোষণা কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰুত্থানৰ পথেৰে আগুৱাই নিয়াৰ কথা সাৰোগত কৰিয়েই আঁচনিখনৰ নাম অৰুণোদয় হিচাপে নামকৰণ কৰা হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ দুটা পৰ্যায় সফলভাৱে ৰূপায়ণ কৰা হৈছে৷ অসমৰ ইতিহাসৰ সবাতোকৈ অভিলাষী আঁচনিৰূপে অৰুণোদয় আঁচনিয়ে সম্প্ৰতি ৰাজ্যৰ ২৪.৬০ লাখতকৈও অধিক দৰিদ্ৰ লোকৰ জীৱন চুই যাবলৈ সক্ষম হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰ বাবে অসম আৰু ভাৰতত জনধন একাউণ্ট, আধাৰ কাৰ্ডৰ সৈতে ম’বাইল ফোনৰ নম্বৰ সংযোগ কৰাৰ ব্যৱস্থা আৰম্ভণি কৰা হৈছিল ৷ প্ৰধানমন্ত্ৰীয়ে হাতত লোৱা জনধন একাউণ্টৰ ফলস্বৰূপে প্ৰত্যেক মাহত ৰাজ্যৰ ২৪.৬০ লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰ কৰিব পৰা গৈছে ৷ তেওঁ কয় যে প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত প্ৰত্যক্ষভাৱে ৮৩০ টকাকৈ বেংক একাউণ্টত প্ৰদান কৰা হৈছিল ৷ আঁচনিখনৰ জৰিয়তে জনসাধাৰণে কিদৰে বিভিন্ন পৰ্যায়ত দৈনন্দিন জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হৈ উঠিছিল সেই বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিড মহামাৰীৰ সময়ত আঁচনিখনৰ অধীনত অতিৰিক্তকৈ ১৭০ টকা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ক’ভিডৰ পিছতো এই ধন প্ৰত্যাহাৰ কৰা হোৱা নাই ৷

তেওঁ কয় যে ২০২২ চনত বিদ্যুতৰ মাচুল বৃদ্ধিৰ পৰা দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে অৰুণোদয়ৰ ধন ১২৫০ টকালৈ বৃদ্ধি কৰা হয়৷ অৰুণোদয় ৩.০ৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত চলোৱা সমীক্ষাৰ সময়ত ৰাজ্যৰ যোগ্য কোন পৰিয়ালে অৰুণোদয় পোৱা নাই আৰু কোনবোৰ পৰিয়ালত মুৰব্বীজনক জীৱন বীমা প্ৰয়োজন নতুবা নিযুত মইনা আঁচনিখনে কিমানসংখ্যক ছাত্ৰীক সামৰি ল’ব পাৰে সেই বিষয়ে বিভিন্ন তথ্য পোহৰলৈ আহিছিল ৷ সেই সময়ত এই তিনিখন আঁচনিৰ প্ৰপত্ৰ ৰাইজৰ মাজত বিতৰণ কৰা হৈছিল, তেতিয়া বহুতে সমালোচনা কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে কিমানসংখ্যক জনসাধাৰণে কোনখন আঁচনিৰ সুবিধা এতিয়াও লাভ কৰা নাই সেয়া সমীক্ষাৰ দ্বাৰাহে স্পষ্ট হৈ পৰে ৷

তেওঁ মন্তব্য কৰে যে নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি সমাজ সেৱালৈ ৰূপান্তৰ কৰাৰ জৰিয়তেহে সমাজখনক আগুৱাই লৈ যাব পৰা যায় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই জৰীপৰ পৰা ৰাজ্যৰ প্ৰায় মুঠ ১০ লাখ পৰিয়ালে এতিয়াও অৰুণোদয় পাবলৈ সক্ষম নোহোৱা কথাতো স্পষ্ট হৈ পৰিছিল ৷ অৰুণোদয় ৩.০ৰ জৰিয়তে প্ৰতিটো সমষ্টিত গড় হিচাপত ১০ হাজাৰকৈ মুঠ ১২ লাখ ৬০ হাজাৰ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰিব পৰা যাব ৷ মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে আজি শুভাৰম্ভ হোৱা অৰুণোদয় ৩.০ আঁচনিখনৰ সুবিধা লাভ কৰিবলৈ হ’লে অৰুণোদয় ১.০ আৰু ২.০১ পূৰ্বৰ হিতাধিকাৰীসকলে নতুনকৈ আৱেদন কৰিব লাগিব আৰু ৰেচন কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয় পাব ৷ এই নতুন ব্যৱস্থাৰ বাবে পূৰ্বৰ হিতাধিকাৰীসকলে শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আধাৰ কাৰ্ড অবিহনে আজিকালি কোনেও ৰেচন কাৰ্ড নাপায় ৷ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিখন ৰেচন কাৰ্ডৰ লগত জড়িত কৰিব বিচাৰিছে যাতে এই আঁচনিখনৰ দ্বাৰা উপকৃত হোৱা লোকৰ পৰিসংখ্যা যিকোনো সময়তে উপলব্ধ হয় আৰু এই পৰিকল্পনাৰ আধাৰতে ৰাজ্য চৰকাৰে ১৯ লাখ ৯২ হাজাৰ ১৬৭গৰাকী লোকক নতুনকৈ ৰেচন কাৰ্ড দিবলৈ ব্যৱস্থা কৰিছে৷

মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্ৰতি খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ২,৩১,৯৭,৬০৮ গৰাকী হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সুবিধা গ্ৰহণ কৰি আছে৷ নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ পিছত অসমত ৰেচন কাৰ্ড থকা লোকৰ সংখ্যা প্ৰায় ২ কোটি ৬০ লাখলৈ বৃদ্ধি পাব৷ ফলত ৰেচন কাৰ্ড নোপোৱা পৰিয়াল অসমত কমেই থাকিব ৷ যিসকলে অৰুণোদয়ৰ বাবে আৱেদন কৰিব তেওঁলোকে প্ৰথমে ৰেচন কাৰ্ড ল’ব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক বা প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক, পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৈতে জড়িত ব্যক্তি, চৰকাৰী চাকৰিয়াল, পেছাদাৰী ব্যক্তি, পেন্সনাৰ, অংগনৱাড়ী কৰ্মী আৰু আশাকৰ্মীসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে ৷ তদুপৰি, চাৰিচকীয়া বাহন থকা, ১৫ বিঘাকৈ অধিক ভূমি থকা ব্যক্তিয়ে এই আঁচনিৰ আউটাৰ পৰা বাহিৰত থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে গ্ৰামাঞ্চল আৰু চহৰাঞ্চলৰ দুখীয়া আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ সুবিধাৰ অৰ্থেহে এই আঁচনিখন প্ৰণয়ন কৰা হৈছে৷

মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে আজিৰে পৰা অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পিছত পৰৱৰ্তী সমগ্ৰ প্ৰক্ৰিয়া আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰি হিতাধিকাৰীসকলক নিয়মীয়াকৈ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ তেওঁ লগতে কয় যে নতুন হিতাধিকাৰী সংযোজন কৰি অৰুণোদয় ৩.০ৰ আধাৰত নিয়মীয়াকৈ ধন আদায়ৰ প্ৰক্ৰিয়া আৰম্ভ নোহোৱা পৰ্যন্ত পুৰণি হিতাধিকাৰীসকলে নিয়মীয়াকৈ প্ৰতিমাহে ধন লাভ কৰি থাকিব ৷ এই আঁচনিখনৰ বাবদ প্ৰতিমাহে ৪৬৭ কোটি টকাকৈ বাৰ্ষিক ৫৬০৪ কোটি টকাৰ প্ৰয়োজন হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷ ৰাজ্যৰ ইতিহাসত বৃহৎ ধন জড়িত হৈ থকা এনে আঁচনি কোনো চৰকাৰে গ্ৰহণ কৰা নাছিল বুলি তেওঁ কয় ৷

এই আঁচনিৰ আধাৰতে মধ্যপ্ৰদেশে লাডলি বেহেনা, ছত্তীশগড়ত মাহাতাৰী বন্দন যোজনা, কৰ্ণাটকত গৃহজ্যোতিকে ধৰি বিভিন্ন ৰাজ্যত নাৰী সবলীকৰণৰ আঁচনি আৰম্ভ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰেচন কাৰ্ড লাভ কৰাৰ পিছত ৫ কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰিব ৷ তেওঁ লগতে সদৰী কৰে যে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ ফলত ৰাজ্য চৰকাৰৰ প্ৰতি মাহে ৪৪১ কোটি টকা ব্যয় হ’ব ৷ দুখীয়া-দৰিদ্ৰ মানুহক তিনিটাকৈ সহায় প্ৰত্যক্ষভাৱে কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়ৰ জৰিয়তে ১২৫০ টকা, চাউলৰ বাবদত প্ৰায় ২০০ টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰি থকা হৈছে ৷ চৰকাৰে এনেধৰণৰ কাম কৰি থকাৰ বাবে ৰাজ্যখনৰ ৮০ লাখ পৰিয়াল দাৰিদ্ৰ্য সীমাৰেখাৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয় ৷ বৃহস্পতিবাৰে আয়োজিত এই কেন্দ্ৰীয় অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, মুখ্য সচিব ড॰ ৰবি কোটা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি তথা শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে

Sarania-Kachari Tribe in Assam Faces Challenges in Obtaining ST Certificates Despite Historical Recognition
Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে

দৈনন্দিন বাৰ্তা, ২০ ছেপ্টেম্বৰঃ নানা জাতি উপজাতিৰে গঢ়া বৃহত্তৰ অসমীয়া সমাজ। এই বৃহত্তৰ অসমীয়া সমাজৰ সৈতে মিলি যাবলৈ কৰা সদিচ্ছাৰ বাবেই যেন অসমৰ এটা অতি প্ৰাচীন লোকসমষ্টি শৰণীয়া কছাৰীসকল(Sarania-Kachari tribe in Assam) আজিও প্ৰাপ্য অধিকাৰৰ পৰা উপক্ষিত হৈ আহিছে। অসমত মূলতঃ বড়ো, ৰাভা সম্প্ৰদায়ৰ লোকসকৰেই ঐতিহাসিকভাবে এটা অংশ শৰণীয়া কছাৰী লোকসকল। তেওঁলোকৰ মাজৰে বহুতে গাৰো সম্প্ৰদায়ৰো অন্তৰ্গত।

ইতিহাসৰ তথ্য অনুসৰি শৰণীয়া কছাৰী অসমৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ বড়ো-কছাৰী ঠালৰ এটা জনগোষ্ঠী ।১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকল বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, মিচিং, মৰাণ, মটক, তিৱা-লালুং, হাজং, কাৰ্বি, ডিমাচা, হোজাই, বৰাহী, আহোম, চুতীয়া, কোচ, মদাহি আদি জনগোষ্ঠীয় গোটসমূহৰ দৰেই সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এটা জনজাতীয় লোকসমষ্টি(Ethnic communities in Assam) ।

এটা সময়ত তেওঁলোকৰ মাজৰে বহুতে বৈষ্ণৱত শৰণ লৈ শৰণীয়া হৈছিল । শ শ বছৰ আগৰে পৰাই বৃহত্তৰ অসমীয়া জাতিসত্বাত বিলীন হোৱা শৰণীয়া কছাৰীৰ বহুলোকে আজিও দাস, বৰদলৈ, আদি উপাধি লিখি আহিছে। বৰ্তমানৰ সাংসদ প্ৰদান বৰুৱাও এগৰাকী শৰণীয়া কছাৰী সম্প্ৰদায়ৰ লোক । কিন্তু পৰিতাপৰ কথাটো হৈছে অসমৰ বড়োকে ধৰি আন জনজাতিলোকসকলে জনজাতিৰ প্ৰমাণ পত্ৰ এখন সহজে লাভ কৰে যদিও শৰণীয়া কছাৰীৰ লোকসকলে আজিও জনজাতিৰ প্ৰমাণ পত্ৰ(ST certificates) এখন সহজে লাভ কৰিবলৈ সক্ষম নহয় । বহুতে উত্থাপন কৰা অভিযোগ অনুসৰি এইক্ষেত্ৰত বাধা হিচাবে থিয় হৈছে অসম চৰকাৰ আৰু ট্ৰাইবেল সংঘৰ দৰে সংস্থাসমূহে।

দেশৰ বিভিন্ন ৰাজ্যত এনেধৰণৰ ঐতিহাসিকভাবে জনজাতিৰ শ্ৰেনীত থকা বহু সম্প্ৰদায়ক সেইসমূহ ৰাজ্যৰ চৰকাৰে সন্মান সহকাৰে জনজাতিৰ সকলো সুবিধা প্ৰদান কৰিছে। এইক্ষেত্ৰত শৰণীয়া কছাৰীসকলে কেৱল মাত্ৰ জনজাতিৰ প্ৰমাণ পত্ৰ খনৰ বাবে কিয় ইমান সংগ্ৰাম কৰিবলগীয়া হৈছে বুলি বিভিন্ন জনে প্ৰশ্ন কৰিছে।

এই সন্দৰ্ভত দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা যোগাযোগদ কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মানস কছাৰী(Advocate Manas Kachari)ৰ সৈতে। মানস কছাৰীয়ে কয় যে শৰণীয়া কছাৰী সম্প্ৰদায়ৰ লোকসকলৰ বহুতে এতিয়া বছৰ বছৰ ধৰি লিখি অহা উপাধিৰ বাবেই জনজাতিৰ প্ৰমাণ পত্ৰ লাভত অসুবিধাৰ সন্মুখীন হৈছে। শৰণ লোৱাসকলেই শৰণীয়া আৰু তেওঁলোকৰ মাজৰে বহুতে আজিও দাস, বৰদলৈ বৰুৱা, বৰা হাজৰিকা আদি উপাধি গ্ৰহণ কৰি আছে। উপাধি বেলেগকৈ লিখা বাবেই তেওঁলোক জনজাতি নহয় নেকি বুলিও প্ৰশ্ন কৰে কছাৰীয়ে।

কছাৰীয়ে লগতে কয় যদি কেৱল উপাধি চাই কোন জনজাতিৰ লোক হয়, কোন জনজাতিৰ নহয় সেয়া নিৰ্ধাৰণ কৰা উচিত নহয়। জনজাতিৰ প্ৰমাণ কৰিব পৰাকৈ বহু শৰণীয়া কছাৰী লোকৰ ভূমিৰ নথি নাই বুলি উল্লেখ কৰি শৰণীয়াই কয় যে, শ শ বছৰ ধৰি অসমত থকা শৰণীয়া কছাৰীসকলৰ বহুতৰে ভূমিৰ নথি আদি নাই। ফলত একেটা পৰিয়ালতে থকা এজন ভায়েকে যদি জনজাতিৰ প্ৰমাণপত্ৰ পাইছে, আন এজন ভায়েকে আকৌ পোৱা নাই। এইক্ষেত্ৰত চৰকাৰে এটা সহজ পদ্ধতি অৱলম্বন কৰা উচিত বুলিও তেওঁ কয়।

ইপিনে এটা সূত্ৰই প্ৰকাশ কৰা মতে হাগ্ৰামা মহিলাৰী(Hagrama Mohilary) আৰু প্ৰমোদ বড়ো(Pramod Boro)ই শৰণীয়া কছাৰীসকলক জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদানত সদিচ্ছা প্ৰকাশ কৰা নাই। এই কথাই অসমৰ এটা প্ৰচীন লোকসমষ্টিক বিভিন্ন দিশৰ পৰা অৱহেলিত কৰি আহিছে । কিন্তু এনে সময়তে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে(Assam Legislative Assembly Speaker Biswajit Daimary) শৰণীয়া কছাৰী লোকসকলে জনজাতিৰ প্ৰমাণ পত্ৰ লাভৰ ক্ষেত্ৰত ভুগি অহা অসুবিধা দূৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

শৰণীয়া কছাৰীৰ লোকসকলে এতিয়া নিজৰ প্ৰাপ্যৰ বাবে বিশ্বজিত দৈমাৰীৰ ওপৰতে নিৰ্ভৰ কৰিছে। উল্লেখ্য ১৮ ছেপ্টেম্বৰত শৰণীয়া কছাৰী সাহিত্য সভা আৰু শৰণীয়া ছাত্ৰ সন্থাই আয়োজন কৰা এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি্ হিচাবে উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী । অধ্যক্ষগৰাকীৰ জড়িয়তেই শৰণীয়া কছাৰী সাহিত্য সভা আৰু শৰণীয়া ছাত্ৰ সন্থাই ছদফীয়া এখন স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ( Chief Minister Himanta Biswa Sarma) প্ৰেৰণ কৰে ।

অসমৰ এটা প্ৰাচীন লোকসমষ্টিৰ এনে দাবীৰ প্ৰতি মুখ্যমন্ত্ৰী শৰ্মাই গুৰুত্ব আৰোপ কৰিলে নিঃসন্দেহে অসমৰ এটা প্ৰাচীন লোকসমষ্টিয়ে ন্যায় পাব বুলি বহুতে আলোচনা কৰিছে । লগতে বহুতে এইবুলিও কৈছে যে, ২০২৫ৰ পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনতো অসমৰ লাখ লাখ শৰণীয়া কছাৰী লোকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বিজেপিয়ে সেয়ে শৰণীয়া কছাৰীৰ লোকসকলৰ প্ৰতি গুৰুত্ব দিয়াটো সমীচিন হ’ব বুলি কৰিছে চৰ্চা। এইক্ষেত্ৰত বিশ্বজিত দৈমাৰীৰ সদিচ্ছাকো বহুতে আদৰণি জনাইছে ।

Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !

Assam Online Trading Scam: Judiciary and Executive Under Scrutiny
Assam Online Trading Scam: প্ৰমাণ হ’ল - চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !

গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ ৰাজ্যৰ লগতে সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰা প্ৰায় ৪,০০০ কোটিটকীয়া অনলাইন ট্ৰেডিং কেলেংকাৰিত অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন স্তৰৰ লোক জড়িত থকাৰ কথা এতিয়া লাহে লাহে পোহৰলৈ আহিবলৈ লৈছে(Assam Online Trading Scam)। উক্ত কেলেংকাৰিৰ মূল মাষ্টাৰমাইণ্ড হিচাবে সন্দেহ কৰা অভিনেত্ৰী চুমি বৰাৰ ক’লা হাতোৰা যে ন্যায়পালিকাৰ পৰা কাৰ্যপালিকা, চতুৰ্থ স্তম্ভ হিচাবে পৰিচিত সংবাদমাধ্যমলৈ বিয়পি পৰিছিল সেই কথাও এতিয়া লাহে লাহে প্ৰমাণ হ’বলৈ আৰম্ভ কৰিছে।

শেহতীয়াকৈ চুমি বৰা আৰু তেওঁৰ সংগীসকলক ৰক্ষণাবেক্ষণ দিবলৈ সমাজৰ বহু প্ৰভাৱশালী লোকে পাকে প্ৰকাৰে চেষ্টা কৰা বুলি বিভিন্নজনে আলোচনা কৰিছে। একাংশ মুধাফুটা সাংবাদিকে আনকি কেলেংকাৰি সংঘটিত কৰা বুলি সন্দেহ কৰা চুমি বৰাৰ সলনি অনলাইন ট্ৰেডিঙত ধন বিনিোগ কৰাসকলকহে দোষী সজোৱা কথাই বহুতৰে চকু থৰ লগোৱাও পৰিলক্ষিত হৈছে। আনকি চুমি বৰাৰ ক’লা ধন অসমৰ একাংশ সংবাদমাধ্যমেও লাভ কৰা বুলি একাংশ সাংবাদিক আৰু সংবাদমাধ্যমৰ বোকা চটিওৱাৰ খেলৰ পৰাই পোহৰলৈ আহিছে। ৰাজ্যৰ এগৰাকী আগশাৰীৰ সাংবাদিকৰ লগতে এটা ছেটেলাইট চেনেলে চুমি বৰাৰ ধন একাংশ সংবাদমাধ্যমত বিনিয়োগ হোৱা বুলি স্পষ্ট মন্তব্য কৰাৰ পিছতো অৱশ্যে আৰক্ষীয়ে এই বিষয়ত কোনো পদক্ষেপেই গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

কেৱল সংবাদমাধ্যমেই নহয়, চুমি বৰাৰ ক’লা হাতোৰাৰ পৰশ ন্যায়পালিকাৰ ওপৰতো যে পৰিছিল সেই কথা প্ৰমাণ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয়(Gauhati High Court)ৰ অতিৰিক্ত চৰকাৰী অধিবক্তা বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘটনাৰ পৰাই(Assam Online Trading Scam)। চুমি বৰাৰ ঘটনাটোত জড়িত ব্যক্তিক ৰক্ষণাবেক্ষণ দিব বিচৰাৰ অভিযোগতে বিদ্যুৎ বিকাশ গগৈক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। লক্ষ্যণীয় কথাটো হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam Chief Minister Himanta Biswa Sarma)ৰ হস্তক্ষেপৰ পিছতহে গগৈক বৰ্খাস্ত কৰা হয় । অভিযোগ অনুসৰি চুমি বৰাৰ বৌৱেক জিংকী মিলিৰ জামিনত অবৈধ হস্তক্ষেপ কৰিছিল বিদ্যুৎ বিকাশ গগৈয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সহকাৰী লোক ফৰিয়াদী বিদ্যুত বিকাশ গগৈক এই কথাৰ প্ৰমাণ পোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বৰ্খাস্ত কৰা হয় বুলি জানিব পৰা গৈছে। উত্থাপিত অভিযোগ অনুসৰি সহকাৰী লোক ফৰিয়াদী হৈও ন্যায়ালয়ত যুক্তি দর্শাইছিল গগৈয়ে । এইক্ষেত্ৰত অভিযুক্ত জিংকী মিলিৰ হৈ থকা চৰকাৰী অধিবক্তা মাখন ফুকনৰ পৰা বহু তথ্য লুকুৱাই ৰাখিছিল গগৈয়ে । একেই অভিযোগতে চৰকাৰী অধিবক্তাৰ কাৰ্যালয় সহায়ক কমল নাথ, ব্ৰজেন কুমাৰ দাস ,অৰূপ কুমাৰ ডেকাকো বৰ্খাস্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত বৰ্খাস্ত কৰা হৈছে এই আটাইকেইজন লোককে ।

উল্লেখ্য চুমিৰ ভাতৃ ৰাজীৱ বৰা পাৰচেলিয়া ফাৰ্মাচিটিকেল কোম্পানী অন্যতম সঞ্চালক আছিল । ৰেজিষ্টাৰ অৱ কোম্পানীজ, শ্বিলঙত পঞ্জীয়ন কৰা এই কোম্পানীটোৰ পঞ্জীয়ন নম্বৰ হৈছে- ০২৬০৪৭। কোম্পানীটোৰ কৰ্প’ৰেট আইডিন্টেফিকেশ্যন নম্বৰ- CIN/LLPIN/FCRN-U46497AS0224TC026047। এই কোম্পানীটোত তৃতীয়গৰাকী সঞ্চালক আছিল চুমি বৰাৰ বৌয়েক অৰ্থাৎ ৰাজীৱ বৰাৰ পত্নী জিংকি মিলি । সেইসূত্ৰে ৰাজীৱ আৰু জিংকিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু অতিৰিক্ত চৰকাৰী অধিবক্তাৰ হেমাহিৰ বাবেই বহু কোটি কেলেংকাৰীৰ অভিযুক্ত চুমি বৰাৰ বৌৱেক জিংকি মিলিয়ে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল। পাছত অতিৰিক্ত ৰাজহুৱা অধিবক্তা বিদ্যুৎ বিকাশ গগৈক পদৰ পৰা অব্যাহতি দিয়া হয় ।

১৮ ছেপ্টেম্বৰৰ এক আদেশত কোৱা হৈছে যে, “অসমৰ ৰাজ্যপাল ডাঙৰীয়াই গুৱাহাটীৰ অতিৰিক্ত ৰাজহুৱা অভিযুক্ত গৌহাটী উচ্চ ন্যায়ালয়ৰ পদৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিবলৈ পাই আনন্দিত হৈছো।”

গগৈৰ উপৰিও ৰাজহুৱা অভিযুক্তৰ কাৰ্যালয়ৰ সহকাৰীগৰাকীকো কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হয় । মিলিৰ জামিনৰ পৰিপ্ৰেক্ষিতত ব্ৰজেন কুমাৰ দাস আৰু অৰূপ কুমাৰ ডেকাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । সূত্ৰই জনোৱা মতে, জামিন আবেদনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ ৰাজহুৱা অধিবক্তা মাখন ফুকনৰ পৰা আঁতৰাই ৰখা হৈছিল। যাৰ ফলত তেওঁ জিংকি মিলিৰ জামিন আবেদন গ্ৰহণ কৰা শুনানিৰ পৰা আঁতৰি গৈছিল ।

ষ্টক মাৰ্কেটত বিনিয়োগৰ ফিক্সড ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতিৰে মানুহক প্ৰলোভিত কৰি প্ৰায় ৪,০০০ কোটি টকাৰ কেলেংকাৰি চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এনেদৰে ন্যায়পালিকাৰ কেইবাগৰাকীও লোক চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ কথাই এই কথা নিশ্চিত কৰিছে যে চুমি বৰাৰ কেলেংকাৰিৰ সৈতে ন্যায়পালিকাৰ লোকো জড়িত আছিল। ইতিমধ্যে ন্যায়পালিকাৰ লোক জালত পৰিছে যদিও এই কেলেংকাৰিত জড়িত বুলি অভিযোগ উত্থাপন হোৱা কাৰ্যপালিকাৰে জড়িত ৰৌ-বৰালিবোৰ পিছে আজিও সুৰক্ষিত হৈ আছে। অনলাইন ট্ৰেডিঙত জড়িত বুলি কথা ওলোৱা কাৰ্যপালিকাৰে জড়িত বিয়াগোম বিষয়া, ডাক্তৰ আদিৰ পিছে আজিলৈকে নোম এডালো ল’ৰাব পৰা নাই অসম আৰক্ষীয়ে। অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বুলি কথা ওলোৱা ডাক্তৰ, বিষয়া আদিক লৈ চুমি কাণ্ডৰ পূৰ্বে আৰক্ষী(Assam Police), ইডি(Enforcement Directorate), চিবিআই(CBI) আদিও সজাগ নাছিল। নহ’লে তেওঁলোকে কিদৰে চুমিৰ জালত বন্দী হৈ ক’লা ধন জমা কৰিব পাৰিলে বুলিও বহুতে প্ৰশ্ন কৰিছে। তেওঁলোকৰ ক’লা ধন আগতে আৰক্ষী, আয়কৰ, ইডি আদিয়ে দেখা নাছিল নেকি বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে।

এটা কথা মন কৰিবলগীয়া যে চুমিকাণ্ডত জড়িত যিসকল লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক প্ৰত্যেককে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপতহে গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ নকৰিলে হয়তো সেইসকল লোকো গ্ৰেপ্তাৰ নোহোৱাকৈয়ে থাকি গ’ল হেঁতেন। তেন্তে এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকা নাই নেকি বুলিও বহুতে প্ৰশ্ন কৰিছে। চুমি কাণ্ডত আৰক্ষীৰ লোকো জড়িত থকা বুলি বিভিন্ন মহলত আলোচনা হৈ আহিছে। এতিয়ালৈকে কেইজনমান আৰক্ষীৰ লোক জালত পৰিছে যদিও ৰৌ-বৰালি এতিয়াও সাৰি আছে বুলিও বহুতে চৰ্চা কৰিছে। তেন্তে ৰৌ-বৰালি জালত পৰিব কেতিয়া ? নে মুখ্যমন্ত্ৰীয়ে পুনৰ হস্তক্ষেপ কৰিলেহে আৰক্ষীৰ গা ল’ৰিব ? এয়াই এতিয়া বহুতৰে বাবে এক লাখটকীয়া  প্ৰশ্ন ।