Home Blog Page 53

অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU

অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU
অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । BIHU

BIHU । অসমবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু । সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল গৰিমা শইকীয়া গাৰ্গ


অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নাই। শনিবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে জুবিন বিহীন প্ৰথমটো কাতি বিহু। বিহুক বিশ্বৰ আগত নতুন ৰূপত পৰিচয় কৰি দিয়া জুবিন গাৰ্গৰ অবৰ্তমানে শোকাহত কৰি ৰাখিছে ৰাজ্যবাসীক। ইয়াৰ মাজতে আজি পৰম্পৰা ৰক্ষা কৰি অসমীয়াই কাতি বিহু পালন কৰে। আজি কাতিবিহু । ৰাজ্যৰ চহা অসমীয়াই উদযাপন কৰিছে বাপতিসাহোন কাতি বিহু । অসমবাসীয়ে বেদনা গধুৰ মনেৰেই লখিমীক আহ্বান জনাই তুলসীৰ তলত বন্তি জ্বলায় ।ৰাজ্যৰ বহু ঠাইত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই আমগুৰিৰ জালুক গাঁওৰ বৰনামঘৰ প্ৰাংগণত পুৱাৰে পৰা কাতি বিহুৰ পৰম্পৰা পালন কৰা হৈছে । নামঘৰৰ বাটচ’ৰাত জুবিন গাৰ্গৰ ফটোত ধূপ-চাকি জ্বলাই তুলসীৰ তলত গাঁৱৰ কিশোৰ-কিশোৰীসকলে প্ৰাৰ্থনা কৰিছে । যুৱক-যুৱতী তথা মহিলাসকলে দিহানাম পৰিৱেশন কৰি উঠি অহা প্ৰজন্মক কাতি বিহুৰ পৰম্পৰা সম্পৰ্কে জ্ঞান দিয়ে । উল্লেখ্য শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল আৱাহন কৰি তুলসী তলত বন্তি জ্বলোৱাৰ নিয়ম তথা পৰম্পৰা অসমৰ জনজীৱনৰ ভিন্ন লোকাচাৰ ।

ইপিনে সোণাপুৰৰ জুবিন ক্ষেত্ৰত শুকুৰবাৰে মাজনিশা উপস্থিত হ’ল জনতাৰ শিল্পীজনাৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ।স্বামীৰ সমাধিস্থলীত মাজনিশা উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে জুবিনৰ সমাধিত চাকি-ধূপ জ্বলাই কিছু সময়ৰ বাবে নিৰৱ হৈ বহি পৰে তেওঁৰ কাষত ৷ অজস্ৰ অনুৰাগীয়ে ভিৰৰ মাজতে গালে মায়াবিনী ৷ জুবিনৰ লগত মনৰ কথা পাতিবলৈ এনেদৰেই সমাধিলৈ আহি থাকিব বুলি মন্তব্য কৰে গৰিমাই ৷গৰিমাই কয়, “যেতিয়াই মোৰ জুবিনক কথা ক’বলৈ মন যাব, মই আহিম ৷ জুবিনে মনৰ কথা শুনিব, মোক আশীৰ্বাদ দিব, ম‌ই তেওঁক সকলো কম, তেওঁ শুনিব ৷ আপোনালোকে প্ৰাৰ্থনাত জুবিনক ৰাখক, মোক আশীৰ্বাদ কৰক ৷ জুবিনে বৰ অসমৰ সপোন দেখিছিল, সেই বৰ অসমখন আমি সকলোৱে মিলি গঢ়িব লাগিব ৷ এই জুবিন ক্ষেত্ৰখন সমন্বয় সম্প্ৰীতিৰ ক্ষেত্ৰ আমিয়েই কৰিব লাগিব ৷” এনেদৰে কৈ আবেগিক হৈ পৰিল গৰিমা ৷জুবিনৰ বহু পুৰণি বন্ধু তথা বাদ্যযন্ত্ৰী ৰাজাও গৈছিল সমাধিস্থলীলৈ ৷ আচম্বিতে তালৈ যোৱাৰ পৰিকল্পনা কৰি তাত উপস্থিত হৈ আচৰিত হৈ পৰে সকলো ।

শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক ৰাজদ্বীপ সৰদেশাই

 জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ সৈতে নাম সাঙোৰ খাই বৰ্তমান কাৰাবন্দী হৈ থকা শ্যামকানু-সিদ্ধাৰ্থহতঁৰ সমৰ্থনত নামি পৰিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট সাংবাদিক। ছিংগাপুৰ আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত জুবিনৰ মৃত্যুত কোনো অস্বাভাৱিকতা নাই বুলি ৰাজহুৱা কৰাৰ পাছতে সাংবাদিক ৰাজদ্বীপ সৰদেশাইয়ে এক্স হেণ্ডেলত অসম চৰকাৰক এই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে।

সাংবাদিকগৰাকীয়ে কয় যে, ছিংগাপুৰ আৰক্ষীয়ে এয়া হত্যাকাণ্ড নহয় বুলি কোৱাৰ পিছতো কি যুক্তিত অসম চৰকাৰে ৭গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ২০২৬ৰ নিৰ্বাচনৰ বাবে জনতাৰ আৱেগ জয় কৰিবলৈকে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি বুলিও প্ৰশ্ন কৰে সাংবাদিকগৰাকীয়ে।

অসমত আইনৰ কোনো ব্যৱস্থাক মানি চলা নহয় নেকি বুলি প্ৰশ্ন কৰিছে ৰাজদ্বীপ সৰদেশায়ে। সাংবাদিকগৰাকীয়ে এই পোষ্ট সামাজিক মাধ্যমত দিয়াৰ পাছতে গালিৰ বৰষুণ হয় তেওঁৰ পোষ্টত। ভিতৰুৱা কথা নজনাকৈ অপৰাধীক ৰক্ষণাবেক্ষণৰ বাবে অসমৰ ভিতৰুৱা কথাত মাত নামাতিবলৈ একাংশই সকিয়নী প্ৰদান কৰে সাংবাদিকগৰাকীক।

পৰম্পৰা অটুট ৰাখি তেজপুৰৰ মিলনপুৰ,দ-পৰ্বতীয়াৰ কৃষক গঞাৰ কাতি বিহু উদযাপন…

আজি কাতি বিহু। বাপতিসাহোন কাতি বিহুৰ পুৱাই সাংস্কৃতিক নগৰী তেজপুৰৰ মিলনপুৰ , দ-পৰ্বতীয়াৰ কৃষক গঞাই নিজৰ নিজৰ ধাননী পথাৰলৈ গৈ ধানৰ মাজত খেজুৰ,চোৱা আৰু নাৰিকল গছৰ পাতৰ ঠাল পুতি ধাননী পথাৰৰ সোনগুটি চৰাই চিৰকটি,পোক পৰুৱাই অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

তেজপুৰৰ মিলনপুৰ , দ-পৰ্বতীয়াৰ কৃষক সকলে আজু ককাৰ দিনৰ পৰা চলি অহা কাতি বিহুৰ পুৱাৰ এই পৰম্পৰা আজিও পালন কৰি আহিছে ।

“তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে”

আজি কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ তিনি বিহুৰ ভিতৰত অন্যতম এই কাতি বিহু বা কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। এই সময়চোৱাত ভঁৰাল প্ৰায় উদং হৈ থাকে আৰু শালি ধান চপাবলৈ যথেষ্ঠ সময় থাকে। অভাৱ- অনাটনৰ মাজেৰে এই বিহু অনুষ্টুপীয়াকৈ পতা হয় বাবে ইয়াক কঙালী বিহু বুলি কোৱা হয়। এই দিনটোত মানুহে ঘৰে ঘৰে তুলসী ৰুই তাৰ তলত গোটেই মাহটো চাকি বন্তি জ্বলায়। ধাননি পথাৰত চাকি জ্বলাই বা ঘৰৰ চোতালৰ চাৰিওফালে চাকি জ্বলাই শ্ৰীবৃদ্ধিৰ কামনা কৰে।

এই বিহুৰ দিনা বহুতে আকাশ বন্তিও জ্বলায়। ঠাই ভেদে বিহুৰ নিয়ম বেলেগ বেলেগ আছে। বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলাই নাম- কীৰ্তন কৰি ঘৰে ঘৰে গঁঞাই প্ৰসাদ খায়।

অভাৱৰ মাজেৰে চলিলেও এই বিহুৰ তাৎপৰ্য নোহোৱা নহয়। বিহু অসমীয়া জীৱনৰ আয়ুসৰেখা। ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে শৰৎ কালৰ এই বিহু শৰতৰ জৰে স্নিগ্ধ সমাহিত বুলি কোৱা হয়। শস্যৰ সুৰক্ষা আৰু শ্ৰী বৃদ্ধিৰ বাবে পূৰ্বৰ পৰাই খেতিৰ পথাৰত জুইৰ ব্যৱহাৰৰ পৰম্পৰা আছে। কালক্ৰমত এই জুইৰ ব্যৱহাৰ মাটিৰ চাকিৰ ৰূপ লৈছে বুলি অনুমান কৰা হয়। কাতি বিহুৰ দিনা প্ৰতিগৰাকী অসমীয়াই ঘৰ দুৱাৰ, আলি- পদুলি পৰিষ্কাৰ কৰি ৰাখে। কোৱা হয়, কাতি বিহুৰ দিনা ঘৰ- দুৱাৰ, আলি- পদুলি চাফা কৰি ৰাখিলে শস্যৰ দেৱী লক্ষ্মী গৃহস্থলৈ আহে।

এই বিহুৰ দিনা চোতালৰ আগত বা ভঁৰালৰ কাষৰ মাটিত ঢিপ তুলি তুলসী পুতি চাকি জ্বলায়। সমগ্ৰ মাহটো এই তুলসী তলত চাকি দিয়ে। সন্ধিয়া ধাননি পথাৰ, ভঁৰাল ঘৰ, ঢেঁকীশাল, গোহালি আদি বিভিন্ন ঠাইত চাকি জ্বলোৱা হয়।

এই সময়ত খেতি- পথাৰত কীট- পতংগৰ আগমন ঘটে। বিভিন্ন কীট- পতংগ, নিগনি এন্দুৰ আদিৰ পৰা খেতিডৰা ৰক্ষা কৰিবলৈ ৰাইজে চাকি জ্বলায়। বহুতে আকাশ বন্তিও জ্বলায়। কোৱা হয়, আকাশ বন্তিৰ পোহৰত কীট-  পতংগ সমূহ দূৰলৈ উৰি যায়। বিশ্বাস অনুসৰি, সন্ধিয়া পথাৰলৈ গৈ খেতিডৰাত চাকি দি চাই অহা এটা নিয়ম আছে। এনে কৰিলে লক্ষ্মী দেৱী  সন্তুষ্ট হয় বুলি কোৱা হয়।

মুঠতে অভাৱ- অনাটনৰ মাজেৰে এইবাৰো কাতি বিহু পালন কৰিবলৈ সাজু হৈছে অসমবাসী। প্ৰতি বছৰৰ দৰে এইবাৰো অসমীয়াই কাতি বিহু পালন কৰি সকলোৰে শ্ৰীবৃদ্ধিৰ কামনা কৰিব।

পাকিস্তানৰ আক্ৰমণত আফগানিস্তানৰ তিনি ক্ৰিকেটাৰৰ মৃত্যু…

 বৃদ্ধি পাইছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ। শেহতীয়াকৈ পাকিস্তান সেনাৰ আক্ৰমণত নিহত হৈছে আফগানিস্তানৰ ৩গৰাকীকৈ ক্ৰিকেটাৰ।

এই কথা ৰাজহুৱা কৰি আফগানিস্তান ক্ৰিকেট বৰ্ডে আগন্তুক পাকিস্তান আৰু শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত হ’বলগীয়া ত্ৰিকোণীয় টি-২০শৃংখলা বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আফগানিস্তান ক্ৰিকেট বৰ্ডে সদৰি কৰিছে যে, পাকিস্তানৰ আক্ৰমণত ৭গৰাকীকৈ খেলুৱৈ আহত হৈছে আৰু ৩গৰাকীৰ মৃত্যু হৈছে।

মৃত্যু হোৱা ৩গৰাকী খেলুৱৈ হৈছে কবীৰ, ছিবগতুল্লাহ আৰু হাৰুন। আফগানিস্তানৰ এখন খেল পথাৰত অনুশীলনৰ অৱস্থাতে পাকিস্তানৰ আক্ৰমণত মৃত্যু হোৱাৰ কথা সদৰি কৰিছে আফগানিস্তান ক্ৰিকেট বৰ্ডে। উল্লেখ কৰা প্ৰয়োজন যে, বিগত প্ৰায় এমাহ ধৰি পাকিস্তান-আফগানিস্তানৰ সীমান্ত অধিক অশান্তিময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। 

কংগ্ৰেছী পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰাহুল গান্ধীৰ পুনৰবাৰ অসমৰ আৱেগ, স্বাভিমান গামোচাক অপমানঃ মন্ত্ৰী পীযুষ হাজৰীকা

যেতিয়াই অসমলৈ আহিছে, প্ৰতিবাৰেই অসম আৰু অসমীয়াক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই তেওঁ৷ তেওঁ হ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধী৷ কিছুদিন পূৰ্বে অসমলৈ আহি অসমৰ মিডিয়াক চূড়ান্ত অপমান কৰাৰ পিছত এইবাৰ অসমৰ স্বাভিমান গামোচাক অপমান কৰে ৰাহুল গান্ধীয়ে৷ আজি অসমলৈ অহা ৰাহুল গান্ধীক আদৰণি জনাবলৈ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷ কিন্তু অসমীয়াই অতি হেঁপাহেৰে তিনিখন গামোচা পিন্ধোৱাৰ পিছতে আমনি লাগিল এইগৰাকী কংগ্ৰেছ নেতাৰ৷ চতুৰ্থখন মিছিং গামোচা এজন লোকে পিন্ধাবলৈ লওঁতেই ৰাহুল গান্ধীয়ে দৃষ্টিকটুভাৱে গামোচাখন হাতেৰে টান মাৰি লয়৷

ইয়াৰ পিছতে তেওঁ আন কেবাখনে গামোচা পিন্ধাবলৈ নিদি হাতেৰে টান মাৰি লয়৷ এনেদৰে আজি অসমৰ স্বাভিমান গামোচাক চূড়ান্ত অসন্মান কৰে ৰাহুল গান্ধীয়ে৷ এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ সমালোচনা কৰে৷ “কংগ্ৰেছী পৰম্পৰা” অক্ষুণ্ণ ৰাখি ৰাহুল গান্ধীয়ে পুনৰবাৰ অসমৰ আৱেগ, স্বাভিমান গামোচাক অপমান কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ যিমানবাৰ ৰাহুল গান্ধী অসমলৈ আহিছে, প্ৰত্যেকবাৰেই তেখেতক গামোচাৰে আদৰণি জনোৱাৰ সময়ত তেওঁ গামোচাখন ডিঙিত ল’বলৈ অস্বীকাৰ কৰাৰ দৃশ্য আমাৰ মনত আছে বুলি মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰে। আজিও অসমৰ সন্মানস্বৰূপে প্ৰদান কৰা গামোচাৰ মাত্ৰ ৩খন লৈ ভাগৰি পৰা আৰু বাকীকেইখন সন্মানসহকাৰে গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰা ৰাহুল গান্ধীয়ে অসম তথা অসমবাসীক কিমান ভাল পায়, সেয়া পুনৰবাৰ বুজা গৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

১৯ অক্টোবৰত পূৰ হ’ব অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সন্দৰ্ভত গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তালয়ৰ বিশেষ ফেচবুক পোষ্ট

এদিন দুদিনকৈ প্ৰায় এমাহ বাগৰি গ’ল জুবিন বিহীন অসমৰ ৰাইজে পাৰ কৰা দিন।
১৯ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পূৰ হ’ব । ছেপ্টেম্বৰ মাহৰ ১৯ তাৰিখেই ছিংগাপুৰত সাগৰত সাঁতুৰিবলৈ গৈ এক ৰহস্যজনক পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ এমহীয়া মৃত্যু তিথিত ৰাজ্যবাসীয়ে বিভিন্ন কাৰ্যসূচীৰে প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰিব। সেইমৰ্মে ১৮ আৰু ১৯ অক্টোবৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰত অনুষ্ঠিত হ’ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।এনে সময়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানকলৈ সামাজিক মাধ্যমযোগে এক পোষ্ট কৰিছে গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তালয়ে ।

গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ এক ফেচবুক পোষ্টযোগে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় তাৰ বাবে অনুৰোধ জনাইছে। । ফেচবুক পোষ্টটোত এনেদৰে কোৱা হৈছে- ”আমাৰ দৃষ্টিগোচৰ হৈছে যে, কোনোধৰণৰ আগতীয়া অনুমতি নোলোৱাকৈ বা সংশ্লিষ্ট কৰ্তৃপক্ষক নজনোৱাকৈ অহা ১৮ অক্টোবৰ, ২০২৫ তাৰিখে বিয়লি ৪ বজাত উলুবাৰী উৰণ সেতুৰ তলত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । আমাৰ অতিকৈ আদৰৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমাৰ অনুমতি ল’ব লাগিব বুলি কোনো কথা নাই । কিন্তু সেয়ে হ’লেও আমি এইটোও নিশ্চিত কৰিব লাগিব যে, এই অনুষ্ঠানৰ বাবে যাতে যান-বাহনৰ চলাচল ব্যাহত নহয় আৰু সাধাৰণ ৰাইজ তথা জুবিন গাৰ্গৰ অনুৰাগীসকলৰ দৈনন্দিন কাম-কাজত কোনো অসুবিধা নহয় । এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমতি লৈ লতাশিল, চানমাৰি আদি মুকলি ফিল্ডত আয়োজন কৰিব পৰা যায় । আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানসমূহ এনে হোৱা উচিত যাতে ইয়াৰ দ্বাৰা প্ৰেম, একতা আৰু সমন্বয়ৰ সোপান ৰচিত হয় আৰু সমূহ ৰাইজৰ বাবে কোনো ধৰণৰ অসুবিধাৰো সৃষ্টি নহয় ।”ইপিনে কাইলৈ ১৮ অক্টোবৰৰ তাৰিখে পুৱা ৯ বজাৰ পৰা গুৱাহাটীৰ জোনালীতস্থিত “ডিজি মিউজিক”ত শিল্পীগৰাকী শ্ৰদ্ধাঞ্জলি জনাই নাম-প্ৰসংগ কৰা হ’ব বুলি জানিব পৰা গৈছে।

সোণাপুৰৰ সমাধিস্থলীত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰাহুল গান্ধীৰ মন্তব্য: “ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব”

Rahul Gandhi

ছিংগাপুৰত আচলতে কি হৈছিল সেয়া সকলোৱে জানিব লাগিব। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যক লৈ এনেদৰে মন্তব্য কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে। ১৭ অক্টোবৰত গুৱাহাটীলৈ আহি ৰাহুল গান্ধীয়ে জুবিনৰ পৰিয়ালৰ কাষত থিয় দিয়াৰ লগতে সোণাপুৰৰ সমাধিস্থলীলৈ গৈ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনায়। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয়, “মই পৰিয়ালবৰ্গক জনাওঁ যে মই ভাল সময়ত, সুখৰ কালত আহিব পৰা হ’লে ভাল পালোঁহেঁতেন । যেতিয়া মই ১৭ বছৰৰ আছিলোঁ, মই ছিকিমলৈ এবাৰ পৰ্বতাৰোহণৰ পাঠ্যক্ৰমৰ বাবে গৈছিলোঁ আৰু প্ৰতিদিনে আমি প্ৰশিক্ষণৰ বাবে যাওঁতে আমাৰ সন্মুখত কাঞ্চনজংঘা পৰ্বত দেখিছিলোঁ । মই পৰ্বতটোৰ বিষয়ে যিটো ভাল পাইছিলোঁ, সেয়া আছিল ইয়াৰ সততা, স্বচ্ছতা, অটলতা আৰু সৌন্দৰ্য । আজি, যেতিয়া মই আহি আছিলোঁ, গৌৰৱে কৈছিল যে জুবিন ডাঙৰীয়াই কৈছিল যে তেওঁ কাঞ্চনজংঘা ৷ তৎক্ষণাত মোৰ মনত এই কথা সংযোগ হ’ল যে তেওঁ কাঞ্চনজংঘা আছিল । কাৰণ তেওঁৰ মাজত কাঞ্চনজংঘাৰ গুণসমূহ আছিল… ।”জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰি আহি এইদৰে কয় ৰাহুল গান্ধীয়ে— “তেওঁৰ সম্পদ আছিল, সফলতা আছিল ৷ তেওঁৰ মানৱতা আছিল । যিটো লৈ অসমবাসীয়ে গৌৰৱ কৰে । মই জুবিনজীৰ পিতৃক কৈছোঁ, তেওঁৰ জ্ঞান আছিল, তেওঁৰ সহযোগিতাই জুবিনক গঢ় দিলে , এই ধুনীয়া ৰাজ্যখনলৈ এক কণ্ঠ আগবঢ়ালে । সেই কাৰণে তেখেতৰ লগতে গোটেই পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।”’আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক’ বুলি কৈ ৰাহুল গান্ধীয়ে কয়, “এয়া গোটেই ৰাজ্যৰ বাবে এক দুখৰ ঘটনা । মই পৰিয়ালৰ সৈতে কথা পাতিলোঁ, আৰু তেওঁলোকে মাত্ৰ এটা কথাহে ক’লে: আমি আমাৰ জুবিনক হেৰুৱাইছোঁ আৰু আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক… চৰকাৰৰ কৰ্তব্য হ’ল— যিটো ঘটিছে, সেইটো তৎক্ষণাত তদন্ত কৰা, স্বচ্ছভাৱে তদন্ত কৰা আৰু পৰিয়ালক ঠিক কি ঘটিছিল ছিংগাপুৰত সেইটো সদৰী কৰা…।”
শিল্পী জুবিন গাৰ্গৰ বাবে ভাৰতৰত্নৰ দাবী জনাব নেকি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ অন্যতম মুখ্য ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে কয়, “মই কথা সলনি কৰিব নিবিচাৰোঁ । মই সমবেদনা জ্ঞাপন, অসমৰ জনতাক আমি জুবিন গাৰ্গক ভালপাওঁ বুলি কোৱাৰ পৰা আঁতৰাই নিব নোখোজো । আমি তেওঁক সন্মান জনাব বিচাৰোঁ । আমি তেওঁক সন্মান কৰিব বিচাৰোঁ । কিন্তু প্ৰথমে, আমি স্বচ্ছতা আৰু ন্যায় বিচাৰোঁ । ছিংগাপুৰত কি ঘটিছিল, অসমৰ সকলোৱে সেইটো জানিব লাগে । আৰু যিমান সোনকালে সম্ভৱ, সিমানেই ভাল ।”

Zubeen Garg Death Case: জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ
জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট দিপলীনা ডেকাৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰ (Zubeen Garg Death Case) সামাজিক মাধ্যমত আৱেগিক পোষ্ট কণ্ঠশিল্পী দিপলীনা ডেকাৰ। কণ্ঠশিল্পী দিপলীনা ডেকাই সামাজিক মাধ্যমত লিখিছে-

‘২৯ দিন জুবিন গাৰ্গ বিহীন…

এফালে চলিছে ন্যায় বিচাৰৰ সংগ্ৰাম,

আনফালে ৰাজনৈতিক মেৰপাক।

আমি একো নুবুজো, সত্যটো এটায়ে —প্ৰাণৰ শিল্পীজন যে আৰু কেতিয়াও ঘূৰি নাহে,

কেতিয়াও নেদেখিম তেওক বহাগৰ মঞ্চত, ৰসাল কথাৰে, অন্যতম চুপতিৰে।

জুবিন দা,

প্ৰতিটো দিন পাৰ কৰিবলৈ যেন বহুত কষ্ট হৈছে।

সকলো চলি থাকে, কিন্তু ভিতৰত এটা শূন্যতা, কিবা এটা খালী খালী অনূভৱ !

সৃষ্টি-শীল মনটোত যোৱা এমাহ ধৰি নিস্তব্ধতা ।

জীৱিত জুবিনতকৈ মৃত জুবিন হেনো অধিক শক্তিশালী। ইতিমধ্যে আমি প্ৰভাৱ দেখিছোঁ।

তোমাৰ এই energy, শক্তি আমাক সঠিক আৰু সচা পথ দেখুৱাব বুলিয়ে আমি এতিয়া বাট চাই ৰলোঁ।

জনসাধাৰণ, ডেকা, বৃদ্ধ, আৰক্ষী, আমি সকলো জুবিন অনুৰাগী, সকলোৱে যেন কিছু সংবেদনশীল হয় তাকেই প্ৰাৰ্থনা। কোনো কাৰণত আৰু কাকো হেৰুৱাব নোখোজোঁ, আচলতে নোৱাৰো। অসমীয়া জাতি বোলে আৱেগিক। হয়, আমি আৱেগিক, তাতে আমাৰ জীৱন স্বৰূপ জুবিন গাৰ্গৰ বিষয় যেতিয়া, আমি পাগল, বলিয়া!!

তোমাৰ ন্যায়ৰ বাবে সকলো ত্যাগ কৰি যুজি যোৱাৰ প্ৰতিশ্ৰুতিৰে’

Baksa News: বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত

বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত
বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত ১৯ জনক চিনাক্ত

বাক্সাৰ হিংসাত্মক ঘটনা সন্দর্ভত ৪জনক গ্ৰেপ্তাৰ।(Baksa News)

ৰমিজ আলী, আহেলা মিঞা, চুলেমন আলী আৰু কাদেৰ আলীক গ্ৰেপ্তাৰ।

হিংসাৰ লগত জড়িত ১৫ জনক চিনাক্ত। সেই কেইজন হৈছে-

নুৰুল আলম (মাদুলীবাৰীৰ), ৰূপম আলী (আহোপা), মহিদুল ইছলাম (ABMSU), হৰেকৃষ্ণ পাঠক (গৰমদেউ), মোস্তাফা আহমেদ (ABMSU), চম্পক নাথ (পশ্চিম চুপা), ছিবজন আলীৰ পুত্ৰ (দীঘলডোঙা), কুলেন ডেকা (কুৱেৰী চ’ক), ছহিদুল (দীঘলডোঙা), বিকী দাস (কুৱেৰী চ’ক), আছিক (মাদুলিবাৰী), বিকাশ ৰয়, হামিদ আলী (ডাঙৰচুবা), বিদু ছেত্রী, আব্দুল আলী (দীঘলডোঙা)।