Home Blog Page 53

sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক
sekhar jyoti-amritprava: জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক

জে’ললৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।(sekhar jyoti-amritprava)

দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ CJM আদালতৰ।

CJM আদালতৰ পৰা উলিয়াই নিয়া হ’ল দুয়োকে।

এই দুই অভিযুক্ত কোন কাৰাগাৰলৈ নিয়া হ’ব তাক লৈ চলিছে চৰ্চা।

বাক্সা কাৰাগাৰৰ সন্মুখত দেখিবলৈ পোৱা গৈছে কটকটীয়া নিৰাপত্তা।

আনহাতে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখতো বৃহৎ সংখ্যক আৰক্ষীক মোতায়েন।

হাফলং কাৰাগাৰলৈ দুই অভিযুক্ত নিয়াৰ সম্ভাৱনা।

Rahul Gandhi: আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী
আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী

আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী।(Rahul Gandhi)

দুপৰীয়া ভাগত গুৱাহাটীত উপস্থিত হ’ব নেতাগৰাকী।

কংগ্ৰেছ নেতাগৰাকী বিমান বন্দৰৰ পৰা ৰাহুল গান্ধী যাব জুবিনক্ষেত্রলৈ।

সোণাপুৰৰ জুবিন সমাধিক্ষেত্ৰত ৰাহুল গান্ধীয়ে শ্রদ্ধাঞ্জলি জনাব জুবিন গাৰ্গক।

কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহলৈও যাব ৰাহুল গান্ধী।

আনহাতে আজিয়েই কংগ্ৰেছ নেতাগৰাকী উভতি যাব দিল্লীলৈ।

Kakopathar army camp attack: তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!

তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!
তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আলফাৰ আক্ৰমণ!

তিনিচুকীয়াৰ কাকপথাৰস্থিত ভাৰতীয় সেনা চাউনীত ভয়ংকৰ আক্ৰমণৰ ঘটনা।(Kakopathar army camp attack)

সেনা শিবিৰলৈ লক্ষ্য কৰি তিনিটা UBGL নিক্ষেপ।

লগতে প্ৰায় আধা ঘণ্টা ধৰি গুলীচালনা।

এখন ট্ৰাকত আহিছিল আক্ৰমণকাৰী দলটো।

ডুমডুমা দিশৰ পৰা আহিছিল আক্ৰমণকাৰী দলটো।

আক্ৰমণ কৰি অৰুণাচল দিশে ৰাউনা হয় আক্ৰমণকাৰী দলটো।

ঘটনাত ভাৰতীয় সেনাৰ তিনিগৰাকী জোৱান আহত হয়।

আলফা স্বাধীনৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰাৰ সন্দেহ।

ভাৰতীয় সেনাবাহিনীৰ শিবিৰত আক্ৰমণৰ পিছতে চলিছে ব্যাপক অভিযান।

আলফাৰ দলটোক বিচাৰি অসম-অৰুণাচল সীমান্তত অভিযান।

ইতিমধ্যে উদ্ধাৰ হৈছে আলফা স্বাধীনে ব্যৱহাৰ কৰা ট্ৰাকখন।

অসম-অৰুণাচলৰ সীমান্তৰ থাপাবাৰী-টেঙাপানী ঘাটত উদ্ধাৰ কৰা হৈছে বাহনখন।

কাকপথাৰ সেনা চাউনীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগত আলফা স্বাধীনৰ দলটোৱে এৰি থৈ যায় AS25EC2359 নম্বৰৰ বাহনখন।

উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram

উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram
উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামৰ উত্থান, পৰ্যটকৰ সংখ্যা ১৩৯.৫%লৈ বৃদ্ধি । Mizoram

Mizoram । উত্তৰ-পূবৰ শীৰ্ষ পৰ্যটন স্থলী হিচাপে মিজোৰামে স্থান লাভ কৰিছে।মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই কয় যে ৰাজ্যখন উত্তৰ-পূবৰ অন্যতম শীৰ্ষ পৰ্যটনস্থলী হিচাপে আত্মপ্ৰকাশ কৰিছে, যোৱা বছৰ দৰ্শনাৰ্থীৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে।


চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত ৫.২ লাখৰো অধিক পৰ্যটকে মিজোৰাম ভ্ৰমণ কৰিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ১৩৯.৫ শতাংশ বৃদ্ধি পাইছে। ৰাজ্যখনক প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰে’ল মানচিত্ৰত স্থান দিয়া বৈৰাবি–ছৈৰাং ৰে’লপথ উদ্বোধনৰ পিছতো এই উত্থান অব্যাহত থকাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথটোৱে অসমৰ শিলচৰ চহৰৰ মাজেৰে মিজোৰামৰ ৰাজধানী আইজলক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম প্ৰত্যাহ্বানমূলক প্ৰকল্প বুলি গণ্য কৰা এই প্ৰকল্পটোৱে পৰ্যটন আৰু বাণিজ্যৰ যথেষ্ট উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।চাম্পাই জিলাত অনুষ্ঠিত হ্নাহচিন (কচমছ ফুল) উৎসৱত ভাষণ দি লালডুহোমাই কয় যে মিজোৰামৰ পৰ্যটনৰ সম্ভাৱনা কেৱল ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যতেই নহয়, ইয়াৰ সাংস্কৃতিক সমৃদ্ধিৰ ওপৰতো নিহিত হৈ আছে।

‘পৰ্যটকক আমাৰ ৰাজ্যলৈ আহিলে নিস্বাৰ্থ সেৱা, সততা, বয়োজ্যেষ্ঠৰ প্ৰতি সন্মান আৰু অচিনাকি লোকক আতিথ্যৰ মিজো নৈতিকতা দেখুৱাব লাগে।’পৰ্যটনক অৰ্থনৈতিক বিকাশৰ মূল চালক হিচাপে আকোৱালি লোৱাৰ সমান্তৰালকৈ বাসিন্দাসকলক নিজৰ মাটি আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে ৰাজ্যৰ বাহিৰত দীৰ্ঘদিন ধৰি নিষ্কাশন হৈ থকা ধন-সম্পত্তি পুনৰ উদ্ধাৰ কৰাত পৰ্যটনে সহায় কৰিব পাৰে।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত অসম চৰকাৰৰ,নিযুক্তি দিব বিশেষ চৰকাৰী অধিবক্তাক

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ ক্ষিপ্ৰ বিচাৰব্যৱস্থা নিশ্চিত কৰিবলৈ অসম চৰকাৰে ফাষ্ট ট্ৰেক আদালতলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছে। এই গোচৰটো একচেটিয়াভাৱে চম্ভালিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিযুক্তি দিয়া হ’ব।সূত্ৰসমূহে জনোৱা মতে, গোচৰটোৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলটোৱে তদন্তৰ অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু নৱেম্বৰৰ পিছত যিকোনো সময়তে অভিযোগনামা দাখিল কৰাৰ সম্ভাৱনা আছে।
প্ৰিয় শিল্পীগৰাকীৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি চৰকাৰৰ এই সিদ্ধান্তই ক্ষিপ্ৰতাৰে ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুক ৰাজনৈতিক লাভালাভৰ বাবে বহুতে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।
‘জুবিন জীয়াই থকাৰ সময়ত বহুতে তেওঁক বদনাম কৰিছিল।আজি তেওঁৰ মৃত্যুৰ পিছত একেখিনি মানুহেই তেওঁক দেৱতা হিচাপে পূজা কৰিছে।’-এক্সত মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে।

তেওঁ লগতে কয়, ‘এইসকল প্ৰকৃত প্ৰশংসক নহয় – ভুৱা অনুৰাগী যাৰ একমাত্ৰ উদ্দেশ্য হৈছে তেওঁৰ নাম ব্যৱহাৰ কৰি বিজেপিক আক্ৰমণ আৰু বিৰোধিতা কৰা।প্ৰকৃত মৰম আৰু সন্মান প্ৰদৰ্শন কৰা হয় যেতিয়া এজন ব্যক্তি জীয়াই থাকে, মৃত্যুৰ পিছত সুবিধাজনক হৈ পৰে তেতিয়া নহয়।”১৯ ছেপ্টেম্বৰত ছিংগাপুৰত গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত পাঁচজন লোকক কঢ়িয়াই অনা কনভয়ত আক্ৰমণ চলোৱা জনসমাগমক আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা কৰি ছত্ৰভংগ দিয়াবলগীয়া হৈছিল

গুজৰাটৰ সকলো মন্ত্ৰীয়ে কৰিলে পদত্যাগ, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে

Gujrat CM Bhupendra Patel

গুজৰাটৰ সকলো মন্ত্ৰীয়ে কৰিলে পদত্যাগ।মন্ত্ৰীসভাৰ সালসলনিৰ পূৰ্বে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে গুজৰাট চৰকাৰৰ সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে। মুখ্যমন্ত্রীয়ে তেওঁলোকৰ পদত্যাগ স্বীকাৰ কৰি আজিৰ শেষৰ ফালে ৰাজ্যপাল আচাৰ্য দেৱভ্রতক সাক্ষাৎ কৰি দাবী উত্থাপন কৰি নতুন মন্ত্রীসভা গঠন কৰাৰ সম্ভাৱনা আছে৷ৰাজ্যৰ মূল ৰাজনৈতিক পৰিঘটনাৰ পূর্বে এই পদক্ষেপক প্রশাসনিক অভাৰহ’লৰ অংশ হিচাপে দেখা গৈছে৷ সূত্ৰ অনুসৰি বৰ্তমানৰ মন্ত্ৰীসকলৰ ভিতৰত নতুন মন্ত্ৰীসভাত কেৱল হৰ্ষ সংঘৱী আৰু ৰুশিকেশ পেটেলকহে ৰখাৰ সম্ভাৱনা আছে।কাইলৈ ​​মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বত গুজৰাটৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা। বিজেপিৰ এজন জ্যেষ্ঠ নেতাৰ মতে, প্ৰায় ১০ জন নতুন মন্ত্ৰীক নিযুক্তি দিয়াৰ সম্ভাৱনা আছে, আনহাতে বৰ্তমানৰ প্ৰায় আধা মন্ত্ৰীক সলনি কৰা হ’ব পাৰে এই সালসলনিৰ অংশ হিচাপে।শুকুৰবাৰে পুৱা ১১:৩০ বজাত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা হ’ব
বৰ্তমানৰ গুজৰাটৰ মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীকে ধৰি ১৭ জন মন্ত্ৰী, আঠজন মন্ত্ৰীসভাৰ পদবী আৰু সমান সংখ্যকে ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।ৰাজ্য বিধানসভাৰ বিধান অনুসৰি, যাৰ মুঠ শক্তি ১৮২ জন, গুজৰাটত ২৭ জনলৈকে মন্ত্ৰী থাকিব পাৰে, বা সদনৰ মুঠ শক্তিৰ ১৫ শতাংশ। চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী চি.আৰ.পাটিলৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ গুজৰাট গোটৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল ৰাজ্যিক মন্ত্ৰী জগদীশ বিশ্বকৰ্মাক। ২০২১ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱা ভূপেন্দ্ৰ পেটেলে ২০২২ চনৰ ১২ ডিচেম্বৰত দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰে।

বাক্সাৰ পৰিস্থিতিৰ বুজ ললে আই জি পি অখিলেশ কুমাৰ সিঙে

চেঁপা উত্তেজনা অব্যাহত, তাৰ মাজতে অশান্ত বাক্সালৈ উভতি আহিছে শান্তি। কালি বাক্সাৰ নিকাছিস্থিত নৱনিৰ্মিত জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষীৰ সৈতে জুবিন অনুৰাগী আৰু প্ৰতিবাদকাৰীৰ হৈছিল সংঘৰ্ষ ৷ ফলত আৰক্ষীয়ে লাঠীচালনাকে ধৰি শূন্যলৈ গুলী ফুটাবলগীয়া হৈছিল। ফলত আৰক্ষীৰ গুলীত আহত হৈছিল ছাত্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচ অভিযুক্তক ৰখা হৈছে বাক্সাৰ কাৰাগাৰত ৷অভিযুক্ত কেইজনক কাৰাগাৰলৈ অনাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। ৷ উত্তেজিত জনতাই আৰক্ষীলৈ শিলাবৰ্ষণৰ কৰে, ৰক্ষা পোৱা নাছিল সাংবাদিকো ৷ বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল ৷ আৰক্ষীয়ে উত্তেজিত জনতাক নিয়ন্ত্ৰণলৈ আনিবলৈ লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল ৷পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে কাৰাগাৰৰ পৰা পাঁচশ মিটাৰ দূৰত্বলৈকে‌ বি এন এছৰ ১৬৩ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰাৰ লগতে কৰ্তন কৰে ইণ্টাৰনেট সেৱা ৷ প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ৷ সম্প্ৰতি এই পৰিস্থিতি শাম কাটিলেও অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ এই ঘটনাত আৰক্ষী, সাংবাদিক আৰু সাধাৰণ লোককে ধৰি ২৫ জনৰো অধিক লোক আহত হৈছিল ৷এই ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰে নিকাছিৰ লগতে মুছলপুৰ, অদালবাৰী, বৰমা আদি অঞ্চলৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ ৷ বৰমা আৰু মুছলপুৰৰ সাপ্তাহিক বজাৰো প্ৰায় বন্ধ হৈ পৰে বৃহস্পতিবাৰৰ দিনটোত ৷ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ বিভাগৰ আই জি পি অখিলেশ কুমাৰ সিঙে আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আৰক্ষী বিষয়াগৰাকীয়ে ঘটনা সংক্ৰান্তত সাংবাদিকক কয়, ‘‘কালি সংঘটিত ঘটনাটো অতি দুৰ্ভাগ্যজনক । কোনো লোকে আইন হাতত তুলি লোৱাটো উচিত নহয় । যিসকল লোকে আইন হাতত তুলি গাড়ী-মটৰকে ধৰি ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’আনহাতে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ বাবে দায়ী বুলি ৰাইজে দাবী কৰা অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আগতে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ পিছতহে এই বিষয়ে অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হ’ব অসম আৰক্ষীৰ দল

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিনৰ মৃত্যু ৰহস্যৰ তদন্তই নতুন গতি লাভ কৰিছে। অৱশেষত ছিংগাপুৰলৈ যোৱাৰ দিন ঠিক কৰিলে অসম আৰক্ষীয়ে । সেইমৰ্মে ২০ অক্টোবৰত অসম আৰক্ষীৰ দল ছিংগাপুৰলৈ যাব আৰু ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হব । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা ৰাজহুৱা কৰে ৷মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি, জুবিন মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এছআইটিৰ দল ৷ ২০ অক্টোবৰত তদন্তকাৰী দলটো যাব ছিংগাপুৰলৈ বুলি অসমৰ পৰা ৰাওনা হ’ব ৷ এছআইটিৰ মুৰব্বী এডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত যাব আৰক্ষীৰ দলটো । এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত কয় -“আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হৈছো ৷ অহা ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষী কৰ্তৃপক্ষই অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী বিষয়া শ্ৰীমুন্না গুপ্তাৰ নেতৃত্বত অসমৰ আৰক্ষী দলৰ সৈতে সাক্ষাতত মিলিত হ’ব । সেই উদ্দেশ্যে ২০ অক্টোবৰৰ দিনা দলটো ছিংগাপুৰলৈ ৰাওনা হ’ব ৷আমাৰ ঐক্যবদ্ধ সংকল্প — জুবিনৰ ন্যায়ে নিশ্চয়েই মৰ্যাদা পাব ।” জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাস্থলী, ছিংগাপুৰলৈ নোযোৱাকৈ অসম আৰক্ষীয়ে কিদৰে ন্যায় দিব বুলি জুবিন অনুৰাগী আৰু বিৰোধীয়ে ৰাজ্যজুৰি কঠোৰ সমালোচনা কৰি আহিছিল অসম আৰক্ষী আৰু অসম চৰকাৰক । লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰা দেখা গৈছিল ।ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বাক্সাত আৰক্ষীৰ লাঠীচালনা আৰু জুবিন গাৰ্গৰ হিংসাত্মককাণ্ড ঘটাৰ সময়তে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নতুন দিল্লীস্থিত ছিংগাপুৰৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্তক সাক্ষাৎ কৰি বৈঠকত মিলিত আছিল । তাৰ পিছতেই আজি (বৃহস্পতিবাৰ) অসমৰ গৃহ দপ্তৰৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ এছআইটিৰ দল ছিংগাপুৰত গৈ ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰে বৈঠকত মিলিত হ’ব৷

জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ দুদিনৰ পিছতে আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ বাধ্যবাধকতাৰ পিছত ছিংগাপুৰত অসম আৰক্ষীৰ তদন্তকাৰী দল উপস্থিত হ’ব ৷ ছিংগাপুৰলৈ গৈ অসম আৰক্ষীয়ে ছিংগাপুৰ আৰক্ষীৰ পৰা কি তথ্য লাভ কৰে , অসম আৰক্ষীৰ দলটোৱে ছিংগাপুৰলৈ যোৱাৰ পিছত ঘটনাস্থলীলৈ যাব পাৰিবনে নোৱাৰে সেয়া জানিবলৈ এতিয়া সকলোৱে অপেক্ষা কৰি আছে।

নতুন দিল্লীত চিবিআইৰ উদ্যোগত “পলাতকসকলৰ প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল” বিষয়ক সন্মিলনত অমিত শ্বাহ

Amit Shah

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ৰ উদ্যোগত আয়োজিত ‘পলাতক প্ৰত্যাৰ্পণ: প্ৰত্যাহ্বান আৰু কৌশল’ শীৰ্ষক সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব, বৈদেশিক সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ সঞ্চালককে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশ বিশ্ব মঞ্চত আত্মবিশ্বাসেৰে আগবাঢ়িছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সকলো মাত্ৰা নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁ কয় যে দেশৰ ভিতৰতে দুৰ্নীতি, অপৰাধ, আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি বজাই ৰাখি ভাৰতৰ সীমাৰ বাহিৰৰ পৰা এনে কাৰ্যকলাপ চলোৱাসকলৰ প্ৰতিও আমি শূন্য সহনশীলতাৰ পন্থা গ্ৰহণ কৰিব লাগিব। এনে সকলো অপৰাধীক ভাৰতীয় আইনৰ আওতালৈ অনা আৰু ইয়াৰ বাবে এক শক্তিশালী ব্যৱস্থা গঢ়ি তোলাটো আমাৰ দায়িত্ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ইণ্টাৰপ’লৰ অধীনত উপলব্ধ বিধান আৰু তিনিখন নতুন অপৰাধ আইনৰ সৈতে এই সন্মিলনখন ভাৰতীয় আদালতৰ সন্মুখত এজন পলাতক অপৰাধীৰ উপস্থিতি সম্ভৱ কৰি তোলাৰ এক ঐক্যবদ্ধ প্ৰচেষ্টা আৰু ইয়াৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজন । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰায় ডেৰ বছৰ পূৰ্বে তেওঁ দিয়া পৰামৰ্শৰ ভিত্তিত চিবিআইয়ে পলাতক লোকৰ প্ৰত্যাৰ্পণৰ ধাৰণাটো কাৰ্যকৰী কৰিছে, আৰু ইয়াৰ বাবে সংগঠনটো প্ৰশংসাৰ পাত্ৰ।
অমিত শ্বাহে কয় যে আমাৰ সামূহিক সংকল্প হ’ব লাগে যে অপৰাধী যিমানেই ধূৰ্ত নহওক কিয় ন্যায়ৰ প্ৰসাৰ আৰু ক্ষীপ্ৰ হ’ব লাগিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেৱল সীমান্ত সুৰক্ষাই নহয়, আইনৰ শাসন ব্যৱস্থাও সুদৃঢ় কৰাৰ বাবে এক শক্তিশালী ভাৰত আগবাঢ়িছে। গৃহমন্ত্ৰীয়ে জোৰ দি কয় যে দুদিনীয়া এই সন্মিলনে গ্ল’বেল অপাৰেচন, ষ্ট্ৰং ক’অৰ্ডিনেচন, আৰু স্মাৰ্ট ডিপ্লমেচিৰ মাজত সমন্বয় নিশ্চিত কৰিব। তেওঁ লগতে কয় যে সন্মিলনৰ বিষয়বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক। এই সন্মিলনত পৰামৰ্শ দিয়া আলোচনা আৰু ব্যৱস্থাসমূহে ৰাষ্ট্ৰীয় নিৰাপত্তা, দেশৰ অৰ্থনৈতিক সমৃদ্ধি, আৰু নীতিগত জটিলতাসমূহ অতিক্ৰম কৰাৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হ’ব। শ্ৰী শ্বাহে আলোকপাত কৰে যে এই সন্মিলনত চাইবাৰ প্ৰযুক্তি, বিত্তীয় অপৰাধ, ধনৰ উৎস আৰু প্ৰবাহৰ সন্ধান, জটিল প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া সৰল কৰা, পলায়ন কৰা লোকসকলক ঘূৰাই অনা, তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ তথ্য আদি সংগ্ৰহ কৰা আৰু আন্তঃৰাষ্ট্ৰীয় আৰক্ষীৰ সহযোগত এই ব্যৱস্থাৰ ব্যৱহাৰকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত সাতটা অধিৱেশনত অৰ্থপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে পলাতক অপৰাধীৰ বিষয়টো দেশৰ সাৰ্বভৌমত্ব, অৰ্থনৈতিক স্থিতিশীলতা, আইন-শৃংখলা, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত। বহুদিনৰ মূৰত এই বিষয়ত এক গাঁথনিগত পন্থা গঢ়ি তোলা হৈছে। তেওঁ কয় যে কঠোৰ পন্থা গ্ৰহণ কৰা আৰু প্ৰতিজন পলাতকক সময়সীমাবদ্ধভাৱে ভাৰতীয় ন্যায় ব্যৱস্থাৰ সন্মুখত অনা ব্যৱস্থা নিশ্চিত কৰাৰ সময় আহি পৰিছে। শ্ৰী শ্বাহে জোৰ দি কয় যে যিকোনো পলাতকক গ্ৰেপ্তাৰ কৰিবলৈ দুটা উপাদান—আশ্বাস আৰু পৰিৱেশ তন্ত্ৰ—প্ৰয়োজনীয়। পলাতক অপৰাধীৰ মনত থকা বিশ্বাস যে আইনে তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰে সেই কথা নাইকিয়া কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তদুপৰি আইনী, আৰ্থিক, ৰাজনৈতিক সমৰ্থনৰ পৰিৱেশ তন্ত্ৰকো ভাঙি পেলাব লাগিব। বহিঃ দেশত পলাতকসকলে সৃষ্টি কৰা প্ৰতিষ্ঠানিক সংযোগো নিৰ্মূল কৰিব লাগিব।
অমিত শ্বাহে কয় যে ভাৰতীয় প্ৰত্যাৰ্পণ ব্যৱস্থাৰ বাবে দুটা মূল উপাদানৰ প্ৰয়োজন— উদ্দেশ্য আৰু প্ৰক্ৰিয়া। গৃহমন্ত্ৰীয়ে এই প্ৰসংগত এনেদৰে ৰূপৰেখা দাঙি ধৰে যে আমাৰ প্ৰত্যাৰ্পণ ব্যৱস্থাৰ পাঁচটা লক্ষ্য থাকিব লাগে: সীমাৰ বাহিৰত ন্যায়ৰ প্ৰসাৰ নিশ্চিত কৰা, চিনাক্তকৰণ ব্যৱস্থাক অত্যাধুনিক আৰু নিখুঁত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, আইন আৰু ন্যায়িক ব্যৱস্থাৰ সন্দৰ্ভত আমাৰ আন্তঃৰাষ্ট্ৰীয় বিশ্বাসযোগ্যতা বৃদ্ধি কৰা আমাৰ উদ্বেগত আন দেশক জড়িত কৰাৰ লগতে অৰ্থনৈতিক ব্যৱস্থাক সুৰক্ষিত কৰা,আইনৰ শাসনৰ বাবে বিশ্বব্যাপী গ্ৰহণযোগ্যতা লাভ কৰা। শ্ৰী শ্বাহে জোৰ দি কয় যে নিৰৱচ্ছিন্ন যোগাযোগ, কৌশলগত পদ্ধতি আৰু সংগঠিত নিষ্পাদনৰ জৰিয়তে প্ৰক্ৰিয়াটো উন্নত কৰি আমি এই লক্ষ্যত উপনীত হ’ব পাৰো।
কেন্দ্ৰীয় গৃহমন্ত্ৰী মন্ত্ৰীয়ে কয় যে চিবিআইৰ সহযোগত প্ৰতিখন ৰাজ্যই অপৰাধ সংঘটিত কৰি ৰাজ্যৰ পৰা পলায়ন কৰা পলাতকক ঘূৰাই অনাৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিয়োজিত এক ইউনিট স্থাপন কৰিব লাগিব। তেওঁ কয় যে এই প্ৰচেষ্টাক হোল অব গভৰ্ণমেণ্ট পদ্ধতিৰে ত্বৰান্বিত কৰিব লাগিব। তেওঁ লগতে কয় যে শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত বহু ধৰণৰ সংস্কাৰৰ পদক্ষেপ ৰূপায়ণ কৰা হৈছে। ২০১৮ চনত আমি পলাতক অৰ্থনৈতিক অপৰাধী আইন প্ৰৱৰ্তন কৰিছিলো, য’ত ভাৰতত অৱস্থিত অৰ্থনৈতিক পলাতকসকলৰ সম্পত্তি জব্দ কৰাৰ ক্ষমতা চৰকাৰক দিয়া হৈছিল। বিগত চাৰি বছৰত এই আইনৰ অধীনত চৰকাৰে প্ৰায় ২ বিলিয়ন ডলাৰ আদায় কৰিছে। তেওঁ কয় যে ধন সৰবৰাহৰ আইনখনক অধিক কঠোৰ আৰু শক্তিশালী কৰা হৈছে, আৰু ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত প্ৰায় ১২ বিলিয়ন ডলাৰৰ সম্পত্তি সংলগ্ন কৰা হৈছে। চিবিআইয়ে বিশ্বজুৰি পলাতকক ধৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা বিশেষ গ্ল’বেল অপাৰেচন চেণ্টাৰ স্থাপন কৰিছে, যিয়ে সমগ্ৰ বিশ্বৰ আৰক্ষী সংস্থাসমূহৰ সৈতে বাস্তৱ সময়ত সমন্বয় সাধন কৰি আছে। শ্ৰী শ্বাহে কয় যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ১৯০ তকৈ অধিক ৰেড কৰ্ণাৰ জাননী জাৰি কৰা হৈছে, যিটো চি বি আইৰ ইতিহাসত সৰ্বাধিক। ‘অপাৰেচন ত্ৰিশুল’ৰ অধীনত উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাৰ ফলত ফলপ্ৰসূ ফলাফল পোৱা গৈছে। একেদৰে ২০২৫ চনৰ জানুৱাৰী মাহত ভাৰতপোল প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা উৎসাহজনক
অমিত শ্বাহে কয় যে মোদী চৰকাৰে ১৬০ বছৰীয়া ঔপনিৱেশিক যুগৰ আইনসমূহৰ ঠাইত তিনিখন নতুন অপৰাধমূলক আইন প্ৰণয়ন কৰিছে, যিবোৰে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সংস্কাৰ গঠন কৰিছে। তেওঁ কয় যে ২০২৭ চনৰ পিছত তিনি বছৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ পৰ্যায়লৈকে যিকোনো ক্ষেত্ৰতে ন্যায় প্ৰদান কৰা হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় নাগ্ৰিক সুৰক্ষা সংহিতাৰ ৩৫৫ আৰু ৩৫৬ নং ধাৰাত অনুপস্থিতিত বিচাৰৰ ব্যৱস্থা আছে। তেওঁ কয় যে ভাৰতৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থা আইনত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰী শ্বাহে বুজাই দিলে যে যদি কোনো ব্যক্তিক পলাতক ঘোষণা কৰা হয়, তেন্তে তেওঁলোকৰ অনুপস্থিতিতো আদালতে বিচাৰ চলাব পাৰে, তেওঁলোকক প্ৰতিনিধিত্ব কৰিবলৈ এজন অধিবক্তা নিযুক্তি দি। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এবাৰ পলাতকক অনুপস্থিতিত দোষী সাব্যস্ত হ’লে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত সেই ব্যক্তিজনৰ মৰ্যাদাত এক উল্লেখযোগ্য পৰিৱৰ্তন আনে। তেওঁ জোৰ দি কয় যে বিএনএছএছৰ অধীনত উপলব্ধ ট্ৰাইল ইন এবচেন্সিয়াৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা উচিত, আৰু পলায়ন কৰা লোকসকলৰ অনুপস্থিতিতো বিচাৰ চলিব লাগে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এই সন্মিলনৰ পৰা উত্থাপিত কাৰ্য্যকৰী বিন্দুসমূহৰ লগতে ভাৰতপোল আৰু অনুপস্থিতিত বিচাৰৰ বিধানসমূহ একত্ৰিত কৰি ৰাজ্যৰ আৰক্ষী বাহিনী আৰু সকলো কেন্দ্ৰীয় সংস্থা উভয়ৰে ভিতৰতে সঠিক ব্যৱস্থা সৃষ্টি কৰিব লাগে, য’ত চিবিআইয়ে আনুষ্ঠানিকভাৱে তদাৰক কৰিব। তেওঁ সমগ্ৰ দেশৰ আৰক্ষী বাহিনীৰ সৈতে পলাতকসকলৰ তথ্য আদি ভাগ-বতৰা কৰাৰ বাবে এক শক্তিশালী ব্যৱস্থা স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী শ্বাহে আৰু কয় যে প্ৰতিটো ৰাজ্যিক আৰক্ষী বাহিনীৰ ভিতৰত নিচাযুক্ত দ্ৰব্য, সন্ত্ৰাসবাদ, গেংষ্টাৰ আৰু আৰ্থিক তথা চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ এটা কেন্দ্ৰীভূত সমন্বয় গোট গঠন কৰিব লাগে। শ্ৰী শ্বাহে কয় যে প্ৰতিখন ৰাজ্যৰ আৰক্ষী বাহিনীৰ ভিতৰত এটা ফোকাচ গ্ৰুপ গঠন কৰি নিচাযুক্ত দ্ৰব্য, সন্ত্ৰাসবাদ, গেংষ্টাৰ, আৰু আৰ্থিক আৰু চাইবাৰ অপৰাধৰ ক্ষেত্ৰত সমন্বয় স্থাপন কৰিব লাগে। তেওঁ লগতে কয় যে চোৰাংচোৱা ব্যুৰো (আই বি) আৰু চি বি আইয়ে মাল্টি এজেন্সী চেণ্টাৰ (এম এ চি)ৰ জৰিয়তে এই ফ’কাচ গ্ৰুপটোক শক্তিশালী আৰু ত্বৰান্বিত কৰাৰ বাবে কাম কৰিব লাগে। শ্ৰী শ্বাহে আৰু কয় যে প্ৰত্যাৰ্পণৰ গোচৰৰ ফলপ্ৰসূ প্ৰস্তুতি নিশ্চিত কৰিবলৈ প্ৰতিটো ৰাজ্যিক আৰক্ষী বাহিনীয়ে ক্ষিপ্ৰতাৰে এটা বিশেষজ্ঞ বিশেষ কোষ গঠন কৰিব লাগে। এই বিশেষ কোষসমূহক পথ প্ৰদৰ্শন কৰিবলৈ চিবিআইৰ ভিতৰত প্ৰত্যাৰ্পণৰ অনুৰোধ পৰ্যালোচনাৰ বাবে এটা নিবেদিত বিভাগো স্থাপন কৰিব লাগে।
শ্ৰী অমিত শ্বাহে কয় যে পলাতক লোকৰ অনুপস্থিতিত বিচাৰৰ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগে আৰু প্ৰতিখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি পলাতকসকলৰ বাবে বিশেষ কাৰাগাৰ স্থাপন কৰিব লাগে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পাছপ’ৰ্ট প্ৰদান প্ৰক্ৰিয়া আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ ব্যৱস্থা আৰু প্ৰট’কল গঢ়ি তোলাৰ প্ৰয়োজন আছে, যাতে যিকোনো পাছপ’ৰ্টধাৰীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে তেওঁলোকৰ পাছপ’ৰ্টত ৰঙা পতাকা লগোৱা হ’ব পাৰে। শ্ৰী শ্বাহে আৰু কয় যে বৰ্তমানৰ ব্লু কৰ্ণাৰ জাননীসমূহক ৰেড কৰ্ণাৰ জাননীলৈ ৰূপান্তৰিত কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰা উচিত, আৰু ইয়াৰ বাবে প্ৰতিখন ৰাজ্যতে এটা নিৰ্দিষ্ট কোষ গঠন কৰা উচিত। তেওঁ লগতে কয় যে মাল্টি এজেন্সী চেণ্টাৰ (এম এ চি)ৰ অধীনত চি বি আই আৰু আই বিয়ে যৌথভাৱে এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰি এই সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে ৰূপায়ণ কৰাটো নিশ্চিত কৰিব লাগে। দেশৰ অৰ্থনীতি, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ ক্ষতি কৰি বিদেশত বাস কৰাসকলে ভাৰতীয় ন্যায় ব্যৱস্থাক ভয় কৰিবলৈ আৰম্ভ নকৰালৈকে ভাৰত প্ৰকৃততে সুৰক্ষিত হ’ব নোৱাৰে বুলি গৃহমন্ত্ৰীয়ে মন্তব্য কৰে।

ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika

ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika
ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ । Pijush Hazarika

Pijush Hazarika। জলসম্পদ বিভাগৰ কৰ্মচাৰী এগৰাকীৰ ছিংগাপুৰ ভ্ৰমণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিষয়ক অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ চিঠিৰ উত্তৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ

প্ৰয়োজনীয় বিভাগীয় অনুমতি নোহোৱাকৈ বিদেশ ভ্ৰমণ কৰি ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ লোৱা কৰ্মচাৰীগৰাকীক ইতিমধ্যেই নিলম্বন কৰা হৈছে আৰু এই ক্ষেত্ৰত বিভাগীয় তদন্ত চলি আছে: মন্ত্ৰী হাজৰীকা

“এজন কৰ্মচাৰীয়ে বিভাগীয় অনুমতি নথকাকৈ বিদেশ ভ্ৰমণ কৰা প্ৰসংগৰে গোটেই বিভাগটোৰ হাজাৰ হাজাৰ নিষ্ঠবান কৰ্মচাৰীৰ দায়িত্ববোধ আৰু আচৰণৰ মানদণ্ডৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাটো জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা বিৰোধী দলপতি গৰাকীৰ নেতিবাচক মনোভাৱক সূচাইছে নেকি?”

দিশপুৰ, ১৬ অক্টোবৰ: অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই যোৱা ১৪ অক্টোবৰ তাৰিখে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকালৈ পত্ৰ লিখি বিভাগৰ এজন কৰ্মচাৰীয়ে ছিংগাপুৰ ভ্ৰমণ কৰা আৰু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰসংগত উত্থাপন কৰা কেতবোৰ প্ৰশ্নৰ উত্তৰত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিৰোধী দলপতিগৰাকীলৈ আজি এক পত্ৰ প্ৰদান কৰি বিৰোধী দলপতিগৰাকীক তীব্ৰ সমালোচনা কৰে |

মন্ত্ৰীগৰাকীয়ে পত্ৰখনত কয় যে অনিলেখ গগৈ নামৰ ব্যক্তিগৰাকী জলসম্পদ বিভাগৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ঢকুৱাখনা সংমণ্ডলৰ জ্যেষ্ঠ সহায়ক হয় আৰু বিগত ১৫ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ তেওঁ নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ বিদেশ ভ্ৰমণ (ছিংগাপুৰ) কৰাৰ বাবে বিভাগীয় অনুমতি বিচাৰিছিল। কিন্তু মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁক বিদেশ ভ্ৰমণ কৰাৰ বাবে বিভাগীয় অনুমতি প্ৰদান কৰা হোৱা নাছিল | প্ৰয়োজনীয় বিভাগীয় অনুমতি নোহোৱাকৈয়ে কৰ্মচাৰীজনে এই সময়ছোৱাত বিদেশ ভ্ৰমণ কৰাৰ কথা বিভাগে জনা নাছিল | কিন্তু শেহতীয়াকৈ জলসম্পদ বিভাগে যেতিয়াই এই কথা জানিব পাৰে যে তেওঁ বিভাগীয় অনুমোদন নোহোৱাকৈয়ে নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰ ভ্ৰমণ কৰিলে, তেতিয়াই চৰকাৰী নীতি অনুসৰি যোৱা ১০ অক্টোবৰৰ এক নিৰ্দেশ মৰ্মে (No.CEWR(Con)10/2025/06 dated 10/10/2025) জলসম্পদ বিভাগৰ ঢকুৱাখনা সংমণ্ডলৰ জ্যেষ্ঠ সহায়ক শ্ৰী অনিলেখ গগৈক তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰা হয় (বিভাগীয় জাননীৰ প্ৰতিলিপি গাঁথি দিয়া হৈছে)। বিভাগে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ব্যৱস্থা কৰিছে। কৰ্মচাৰীজনক যিহেতু বিদেশ ভ্ৰমণ কৰাৰ বাবে প্ৰয়োজনীয় বিভাগীয় অনুমতি প্ৰদান কৰা হোৱা নাছিল, তেনেক্ষেত্ৰত বিভাগীয় নীতি অনুসৰি তেওঁৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰা হৈছে আৰু বিভাগীয় তদন্তও আৰম্ভ হৈছে।
বিৰোধী দলপতিগৰাকীয়ে জলসম্পদ বিভাগৰ কৰ্মচাৰী অনিলেখ গগৈৰ চৰকাৰী দায়িত্বৰ অপব্যৱহাৰ সন্দৰ্ভত বিভাগীয় অনুসন্ধান চলোৱাৰ কথা উল্লেখ কৰাৰ বিষয়ে মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে জলসম্পদ বিভাগে প্ৰচলিত চৰকাৰী নীতি অনুসৰি ইতিমধ্যেই চাকৰিৰ পৰা নিলম্বন কৰা কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে।

আনহাতে, মন্ত্ৰীগৰাকীয়ে দেবব্ৰত শইকীয়াৰ আন এক প্ৰশ্নৰ উত্তৰ দি কয় যে অসমৰ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ তদন্ত সুচাৰুৰূপে চলি আছে আৰু তদন্তকাৰী সংস্থা তথা বিষয়াৰ প্ৰয়োজন বুলি ভবা প্ৰতিগৰাকী ব্যক্তিকে তদন্তৰ আওতালৈ আনিবলৈ সম্পূৰ্ণ কৰ্তৃত্ব আছে আৰু সেয়া তেওঁলোকে কৰি আছে। এই ক্ষেত্ৰত অনিলেখ গগৈক বিশেষভাৱে চি আই ডিক তদন্তত সহায় কৰিবলৈ বিৰোধী দলপতিগৰাকীয় কোৱাৰ দৰে মন্ত্ৰীগৰাকীৰ কোনো বিশেষ নিৰ্দেশৰ কথা আহি নপৰে।

বিৰোধী দলপতিগৰাকীয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণৰ মানদণ্ড পুনঃনিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে মন্ত্ৰীগৰাকীক লিখা পত্ৰ সন্দৰ্ভত জলসম্পদ মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে বিভাগৰ অভিযন্তা-কৰ্মচাৰীসকলে বিগত সময়ছোৱাত ৰাজ্যখনক বানমুক্ত কৰাৰ বাবে অহৰ্নিশে সেৱা অব্যাহত ৰাখিছে। তেওঁলোকৰ আপ্ৰাণ প্ৰয়াস আৰু কৰ্তব্যনিষ্ঠাৰ বাবে বিগত চাৰে চাৰিটা বছৰত আমি ৰাজ্যখনৰ বান সমস্যা বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু বিৰোধী দলপতিগৰাকীয়ে পত্ৰত গোটেই জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ দায়িত্ব আৰু আচৰণৰ মানদণ্ড পুনঃনিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণৰ কথা কৈ প্ৰকৃততে কি ক’ব বিচাৰিছে সেয়া মুকলিকৈ মন্ত্ৰীগৰাকীক জনাবলৈ তেওঁ আহ্বান জনায় । বিভাগৰ এটা সংমণ্ডলৰ এজন সহায়কৰ বিভাগীয় অনুমতি অবিহনে কৰা বিদেশ ভ্ৰমণৰ প্ৰসংগৰে বিৰোধী দলপতিগৰাকীয়ে বৃহৎ জলসম্পদ বিভাগৰ হাজাৰ হাজাৰ কৰ্মচাৰীৰ নৈতিক দায়িত্ববোধ আৰু আচৰণৰ মানদণ্ডৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰা কাৰ্যই কৰ্মচাৰীসকলৰ প্ৰতি তেখেতৰ নেতিবাচক মনোভাৱক প্ৰতিফলন ঘটাইছে নেকি বুলি মন্ত্ৰী হাজৰীকাই প্ৰশ্ন কৰে | তেওঁ কয় যে যদি এয়াই হয়, তেন্তে তেখেতৰ এই নেতিবাচক মনোভাৱে অসমৰ বান-খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি থকা বিভাগীয় হাজাৰ হাজাৰ কৰ্মচাৰীৰ নৈতিক মনোবলক নিশ্চিতৰূপে নিৰুৎসাহিত কৰিব।
মন্ত্ৰী হাজৰীকাই পত্ৰখনত আৰু উল্লেখ কৰে যে সকলোৰে আদৰৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত সকলোৱেই মৰ্মাহত হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত ৰাজ্যৰ গৃহ বিভাগে প্ৰয়াত জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বিষয়টো অতি আন্তৰিকতাৰে আৰু ক্ষিপ্ৰতাৰে তদন্ত চলাই আছে আৰু নিশ্চিতৰূপে আমি এই তদন্তৰ অন্তত ন্যায় লাভ কৰিবলৈ সক্ষম হ’ম।