Home Blog Page 530

Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!

Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে (Chandrababu Naidu)বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ১৯ ছেপ্টেম্বৰঃ (Tirupati temple )তিৰুপতি মন্দিৰৰ লাডু তৈয়াৰ কৰাত পশুৰ চৰ্বিৰ ব্যৱহাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত ভক্তক প্ৰসাদ হিচাপে আগবঢ়োৱা লাডুত গৰুৰ চৰ্বি থকা বুলি প্ৰকাশ পোৱা গৱেষণাগাৰৰ পৰীক্ষাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে (Chandrababu Naidu)বিখ্যাত তিৰুপতি মন্দিৰৰ লাডুত পশুৰ চৰ্বি ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পিছতে তিৰুপতিৰ লাডুক লৈ বিবাদৰ সূত্ৰপাত ঘটিছে।

নাইডুৰ এই দাবীৰ পিছতে এনডিডিবি কেএলএফৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে তিৰুপতি মন্দিৰৰ লাডু বনাবলৈ ব্যৱহাৰ কৰা ঘিৰ নমুনাত পাম তেল, মাছৰ তেল, গৰুৰ মাংসৰ চৰ্বি আৰু গাহৰিৰ চৰ্বিযু আদিকে ধৰি আন বহু চৰ্বি পোৱা গৈছে । এনডিডিবি হৈছে পশুৰ খাদ্য আৰু গাখীৰ তথা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী বিষয়ে পৰীক্ষা কৰা এটা ব্যক্তিগত পৰীক্ষাগাৰ।ইপিনে ৱাইএছআৰচিপিয়ে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুক তিৰুপতি মন্দিৰৰ লাডুৰ সৈতে জড়িত দাবীৰ পিছতে তীব্ৰ সমালোচনা কৰি কয় যে ইয়াৰ দ্বাৰা দেৱতাক অপমান কৰা হৈছে আৰু ভক্তসকলৰ আৱেগক আঘাত হনা হৈছে।
ৱাই এছ আৰ চি পিৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ ভগ্নী তথা ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী ৱাই এছ শৰ্মিলাই নাইডুৰ দাবী নিশ্চিত কৰিবলৈ চি বি আইৰ তদন্তৰ দাবী জনায়। তিৰুপতি মন্দিৰৰ লাডু প্ৰস্তুতক লৈ ‘ঘৃণনীয় ৰাজনীতি’ত লিপ্ত হোৱাৰ বাবে চন্দ্ৰবাবুক সমালোচনা কৰে শৰ্মিলাই।বুধবাৰে এন ডি এৰ বিধায়িনী দলৰ বৈঠকৰ সময়ত টি ডি পিৰ অধ্যক্ষ এন চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছিল যে পূৰ্বৰ ৱাই এছ আৰ চি পি চৰকাৰে শ্ৰী ভেংকটেশ্বৰ মন্দিৰকো ৰেহাই দিয়া নাছিল আৰু লাডু বনোৱাত ৃ অমান্য উপাদান আৰু পশুৰ চৰ্বি ব্যৱহাৰ কৰিছিল।

শৰ্মিলাই কয় যে নাইডুৰ এই অভিযোগে ভগৱান ভেংকটেশ্বৰক পূজনীয় দেৱতা হিচাপে গণ্য কৰা কোটি কোটি হিন্দুৰ আৱেগক আঘাত কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে শৰ্মিলাই কয়, ‘অনতিপলমে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰক বা চিবিআইয়ে বিষয়টো তদন্ত কৰক. লাড়ুত ঘিৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল নেকি সেয়া দন্ত হ’ব লাগে। ৱাই এছ আৰ চি পিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়ে কয় যে নাইডুৰ অভিযোগে দেৱতাৰ পবিত্ৰতাক ভেঙুচালি কৰিছে আৰু ভক্তসকলৰ আৱেগক আঘাত কৰিছে।

Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনানা
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনানা (Atishi Marlenana)

দৈনন্দিন বাৰ্তাৰ সেৱা দিল্লী , ১৯ ছেপ্টেম্বৰঃDelhi Chief Minister দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?.উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে কেজৰিৱালে কাৰাগাৰৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল আৰু তেওঁৰ স্থানত দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনানা (Atishi Marlenana)। অৰবিন্দ কেজৰিৱালৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰাৰ লগতে ২১ ছেপ্টেম্বৰত আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিছে।

অৰবিন্দ কেজৰিৱালৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰাৰ লগতে ২১ ছেপ্টেম্বৰত আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিবলৈ প্ৰস্তাৱ দিছে। ।নতুন চৰকাৰ গঠনৰ বাবে আতিশীয়ে দিয়া পত্ৰত শপতগ্ৰহণৰ কোনো পছন্দৰ তাৰিখ উল্লেখ কৰা হোৱা নাছিল। ইয়াৰ উপৰি তেওঁ অকলে শপত গ্ৰহণ কৰিব পাৰে বুলি ইংগিত দি কেবিনেট মন্ত্ৰীৰ নাম পিছত দাখিল কৰিব বুলিও উল্লেখ কৰিছিল।ইফালে কেজৰিৱালে এসপ্তাহৰ ভিতৰত নিজৰ চৰকাৰী বাসগৃহৰ পৰা ওলাই যাব বুলি বুধবাৰে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে জনাইছে। সংবাদমেলত সিঙে কয় যে কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে উপভোগ কৰা সকলো সুবিধাও ত্যাগ কৰিব।”উল্লেখ্য উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে কেজৰিৱালে কাৰাগাৰৰ পৰা বাহিৰলৈ আহিবলৈ সক্ষম হৈছে। কাৰাগাৰৰ পৰা ওলায়েই তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

লগতে পঢ়িব ৯ জন চাইবাৰ অপৰাধীক আটক

Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !

Angry crowd returns smart meter to APDCL
Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !

ডিমৌ,১৯ ছেপ্টেম্বৰ:( Smart Meter)স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !ডিমৌত স্মার্ট মিটাৰৰ বিৰুদ্ধে সদৌ তাই আহোম ছাত্র সন্থা,আদিবাসী ছাত্র সন্থা,অসমীয়া যুৱ মঞ্চ,ছাত্ৰ মুক্তি সংগ্রাম সমিতি ,কৃষক মুক্তি সংগ্রাম সমিতিয়ে আজিও অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।ইয়াৰ মাজতে আজি ডিমৌৰ বকতা পশ্চিম বস্তিৰ একাধিক ৰাইজে নিজেই গৃহৰ পৰা স্মাৰ্ট মিটাৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ডিমৌৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চমজাই দিয়েহি। বিগত সময়ত চৰকাৰ আৰু বিভাগীয় কতৃপক্ষই বলপূর্বক ৰাইজৰ মুৰত জাপি দিয়া স্মাৰ্ট মিটাৰে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাক লৈ ডিমৌৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে ৰাইজৰ সহযোগত ডিমৌৰ বিভাগীয় কাৰ্যালয় সন্মুখত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি দুখিয়া-দৰিদ্ৰ লোকৰ তেজ খোৱা স্মার্ট মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনাইছিল। কিন্তু বিভাগীয় কতৃপক্ষই ৰাইজৰ দাবীৰ প্ৰতি কোনো কাৰণতে গুৰুত্ব নিদিলে। সেয়ে আজি পুনৰ খাটি খোৱা ৰাইজে ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনি শৰাইত অসমীয়া পৰম্পৰাৰে কলপাতেৰে সজাই এপিডিচিএল কতৃপক্ষক চমজাই দিয়েহি। (Smart Meter)

ডিমৌত সন্মানেৰে শৰাইত কলপাতেৰে ঢাকি স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে

ভুক্তভোগী ৰাইজে বহুবাৰ ডিমৌৰ (APDCL) এপিডিচিএল কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কতৃপক্ষক তেওঁলোকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি আনিবলৈ অনুৰোধ জনাই আহিছিল। কিন্তু এপিডিচিএল কতৃপক্ষই এই বিষয়ত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকে উপায়ন্তৰ হৈ নিজে ঘৰৰ স্মাৰ্ট মিটাৰ খুলি আনি কতৃপক্ষক জমা দিয়েহি যদিওঁ এপিডিচিএল কতৃপক্ষই গ্ৰহণ নকৰাত কাৰ্যালয়ৰ গেটৰ সন্মুখভাগতে থৈ দিয়ে। আজি আৰম্ভণি হোৱা আৰু জনসাধাৰণে স্বতস্ফূৰ্টভাৱে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া বিষয়টোৱে অনাগত সময়ত কি ৰূপ ধাৰণ কৰে সেয়া লক্ষণীয় হ’ব। আজিৰ বিভাগীয় কতৃপক্ষক মিটাৰ জমা দি সদৌ তাই আহোম ছাত্র সন্থাৰ মহকুমা বিষয়ববীয়া সুমিত কুমাৰ সন্দিকৈ, ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত গগৈ, আদিবাসী ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি ললিত তাঁতি, ছাত্র মুক্তিৰ কৰণ গগৈ,দিপু চেতিয়াৰ লগতে কৃষক মুক্তিৰ নেতা উমেশ চোলাধৰাই পুনৰবাৰ বিভাগীয় কতৃপক্ষ এই মিটাৰ সমুহ শীঘ্রেই এৰোৱাই আনিবলৈ দাবী জনায় নহলে আজিৰ দৰে মিটাৰ খুলি অনা কাৰ্য ইয়াতকৈ প্ৰৱল হব বুলি কয়।

MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয়  সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !

মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয়  সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ ! MISING AUTONOMOUS COUNCIL
মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত  অনুষ্ঠিত সংবাদমেল

দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ১৯ ছেপ্টেম্বৰঃ( MISING AUTONOMOUS COUNCIL: )মিচিং স্বায়ত্তশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ উত্থাপন কৰা অভিযোগ ভিত্তিহীন আৰু ষড়যন্ত্ৰমূলক ৷ একাংশ দল-সংগঠনে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নতুন সমষ্টিৰ সীমা নিৰ্ধাৰণ ভালদৰে পৰীক্ষা নকৰাকৈয়ে পৰিষদৰ বিৰুদ্ধে অযথা চিঞৰ-বাখৰ কৰি আছে ৷ ধেমাজি জিলাৰ  গোগামুখ স্থিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত  অনুষ্ঠিত হোৱা এখন সংবাদমেলত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই এইদৰে মন্তব্য আগবঢ়ায় ৷ পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত অনুষ্ঠি হোৱা সংবাদমেলত তেওঁ লগতে কয়- পৰিষদৰ কাৰ্যালয় বা জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিয়া লিখিত প্রস্তাৱ অবিহনে এখনো অনা মিচিং গাঁও  অন্তর্ভুক্ত হোৱা নাই ৷ অসমৰ দ্বিতীয় বৃহৎ জনজাতি  মিচিংসকলৰ লগতে মিচিং অধ্যুষিত  অঞ্চলত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ ক’লা-সংস্কৃতি, শৈক্ষিক, আর্থ-সামাজিক তথা সর্বতো প্ৰকাৰৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে  মিচিৎ স্বায়ত্তশাসিত পৰিষদ ৷   ২০১৩ চনৰ পৰা মিচিংং জনজাতিসকলৰ লগতে পৰিষদত  আহোম, গোর্খা আৰু বড়ো, ৰাভাকে ধৰি বহু জনগোষ্ঠীয়ে পৰিষদত ভোট দি আহিছে ৷ আহোম, বড়ো,  গোৰ্খা  প্ৰতিনিধিয়ে নিৰ্বাচন আয়োগৰ দ্বাৰা সাংবিধানিক ভাৱে পৰিচালিত  নির্বাচনত অংশগ্ৰহণ কৰি   পৰিষদৰ নেতৃত্ব লৈ  গৌৰৱেৰে দহটা বছৰ সম্পূৰ্ণ কৰিছে ।(MISING AUTONOMOUS COUNCIL)

 পৰিষদৰ নিৰ্ধাৰিত  সীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি- জনগোষ্ঠীকে সম-অধিকাৰ, সম-মর্যাদা  আৰু সম- উন্নয়ন প্ৰদান কৰিছে আৰু  বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে পৰিষদৰ পুঁজি প্রদান কৰা হৈছে । পৰিষদৰ নামত আবন্টিত  সীমিত পুঁজিৰে সকলো জাতি-জনগোষ্ঠীৰ সম-উন্নয়নত ব্যয় কৰাৰ স্বত্বেও উদ্দেশ্য প্ৰণোধিত ভারে একাংশ জাতীয় সংগঠন নামধাৰী সংগঠনে পৰিষদক বাৰে বাৰে বিতৰ্কৰ মাজলৈ তানি অনা বিষয়টো পৰিষদৰ  মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই তীব্ৰ   গৰিহণা দিয়ে । তেওঁ লগতে কয়-  মিচিং- অনামিচিং সৃষ্টি কৰা দল-সগঠনবোৰ তথাকথিত আৰু  অসমৰ  সাতামপুৰুষীয়া ভাতৃত্ববোধৰ এনাজৰীক ছিন্ন-বিছিন্ন কৰিব খোজা একেোো একোটা অপশক্তি ৷  এনে  অপশক্তিসমূহৰ যড়যন্ত্ৰ অতি শীঘ্ৰেই বন্ধ কৰিব লাগে আৰু অপশক্তিসমূহক এনে গৰিহণাযোগ্য কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। সংবাদমেলত চায়েঙ্গীয়াই কয়- বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে নাম প্রকাশ নকৰা একাংশ দল-সংগঠনে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নৱ নিৰ্ধাৰিত সীমাক লৈ সংবাদ মাধ্যমত  বিভিন্ন আপত্তিজনক বিবৃটি, আৰু মন্তব্য প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত তেওঁ ৰাইজক  স্পষ্ট কৰি দিয়ে যে অসম চৰকাৰৰ সম্পূৰ্ণ আইনীমতে আৰু  বিধি-বিধানৰ মাজেৰে ৰাজহ গাঁওসমূহ অন্তর্ভুক্ত হৈছে । ৰাজহ গাঁও কোনো জনগোষ্ঠীৰ ভিত্তিত গঠন কৰা নহয় । ৰাজহ গাঁৱৰ একাধিক জনগোষ্ঠী অন্তর্ভুক্ত হোৱাটো কোনো অস্বাভাৱিক নহয় ।  কোনো এখন ৰাজহ গাঁও লিখিত আবেদন অবিহনে পৰিষদত অন্তর্ভুক্ত কৰা হোৱা নাই আৰু নহয় । ইতিমধ্যে অন্তর্ভুক্ত হোৱা গাঁঁওসমূহ লিখিত আবেদন অনুসৰিহে অন্তৰ্ভূক্ত কৰা হৈছে আৰু ভৱিষ্যতেও হ’ব পাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য চায়েঙ্গীয়াই ৰাইজক অৱগত কৰাৰ লগতে পৰিষদৰ সীমাক লৈ  যিসকলে আপত্তি দর্শাইছে তেওঁলোকক আমন্ত্রণ কৰি বিষয়টোৰ আনুষ্ঠানিক আলোচনা কৰা হ’ব ।

Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !

Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !

দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিগাঁও, ১৯ ছেপ্টেম্বৰঃCyber Crime : মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাইবাৰ অপৰাধীৰ সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ সংবাদ মেল সম্বোধন। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে।

(Marigaon Police )মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদ মেল সম্বোধন অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই মৈৰাবাৰীৰ পৰা ৫ জন লাহৰীঘাটৰ পৰা ৪ জন মানিফ্ৰৰ্ডৰ সৈতে জড়িত চাইবাৰ অপৰাধীক আটক কৰে। ইয়াৰে মৈৰাবাৰীৰ বিভিন্ন স্থানৰ পৰা জাহানুৰ আলী,ফিৰদোছ আলী,ৱাকিবুৰ ৰহমান,হুছেইন জাহাংগীৰ আলী,বাবুল ইছলামক আটক কৰাৰ লগতে এহিয়া আহমেদ নামৰ আন এজন চাইবাৰ অপৰাধত জড়িত অপৰাধী Nagaon Metro Hospital নগাঁও মেট্ৰো হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে। আনহাতে লাহৰীঘাটৰ বিভিন্ন স্থানৰ পৰা ৰফিকুল ইছলাম, আব্দুল কাচেম,জিকাৰুল ইছলাম,ৰুকুন উদ্দিনক আটক কৰিবলৈ সক্ষম হয়। লাহৰীঘাটৰ পৰা আটক কৰা আটাইকেইজন এক্সিচ বেংকৰ মানি ফৰ্ডৰ সৈতে জড়িত। মন কৰিবলগীয়া বিষয় এই যে লাহৰীঘাটৰ পৰা আটক কৰা ৰুকুন উদ্দিনে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যক্তিৰ নামত প্ৰায় ১৪ খন পেন কাৰ্ড উলিওৱাৰ লগতে মেট্ৰো হস্পিটেলত চিকিৎসাধীন অৱস্থাত থকা এহিয়া আহমেদক পূৰ্বতে মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে মানিফ্ৰৰ্ডৰ গোচৰত আটক কৰি শাস্তিও বিহিছিল যদিও পুনৰ মুকলি হৈয়েই নামি পৰিছিল মানিফ্ৰৰ্ডৰ কামত। সংবাদ মাধ্যমৰ আগত জানিব দিয়া অনুসৰি এক্সিচ বেংকৰ পৰা প্ৰায় ১০ কোটিৰো অধিক টকা বৰ্তমান সময়লৈকে ফ্ৰৰ্ড হোৱাৰ লগতে অন্যান্য বেংকৰ পৰাও টকা ফ্ৰৰ্ড হৈয়েই আছে। গতিকে সৰ্বসাধাৰণ ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছে মৰিগাঁও আৰক্ষীয়ে। ইয়াৰ উপৰিও চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিয়েই থাকিব বুলিও মৰিগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে আটকাধীন চাইবাৰ অপৰাধীকেইজনৰ পৰা ২০ টা মোবাইল ফোন ,ফিংগাৰপেন মেচিন এটা,নগদ ৪০ হাজাৰ, দেবিদ কাৰ্ড ১৫ খন,পেন কাৰ্ড ২৪ খন, চিমকাৰ্ড ৮০খনৰ লগতে এখন আৰটিকা বাহন জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং

Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং

অৰিজিত সিং
অৰিজিত সিং

বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙৰ গান শুনি ভাল নোপোৱা ব্যক্তিৰ সংখ্যা হয়তো অতি কম। তেওঁ গান গালে অনুৰাগী আৱেগেৰে আৱৰি ধৰে। অৰিজিতৰ কণ্ঠৰ মধুৰতাত আকৰ্ষিত হৈ পৰে সকলো। শিশুৰ পৰা আৰম্ভ কৰি যুৱতী, মহিলা বৃ্দ্ধ সকলোকে অৰিজিতৰ গীতে আনন্দ দিয়ে।(Arijit Singh)

তেওঁৰ গীতে বিভিন্ন প্ৰজন্মক বান্ধি ৰাখিছে। শেহতীয়াকৈ তেওঁ লণ্ডনত এটা অনুষ্ঠানত পৰিৱেশন কৰি আছিল। গোটেই আগষ্ট মাহটোত অৰিজিতে ব্ৰিটেইনৰ বিভিন্ন স্থানত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু হঠাৎ তেওঁ অসুস্থ হৈ পৰিছিল। ডিঙি বিষৰ বাবে আগষ্টৰ এই অনুষ্ঠানসমূহ বাতিল কৰি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰে। ১৫ ছেপ্টেম্বৰত অৰিজিতে লণ্ডনত প্ৰথমটো শ্ব’ পৰিবেশন কৰে। পিছৰ অনুষ্ঠানসমূহ বাৰ্মিংহাম, মানচেষ্টাৰ আৰু আন কেইটামান স্থানত। ব্ৰিটেইনৰ বিভিন্ন প্ৰান্তত ২২ ছেপ্টেম্বৰলৈকে চলিব অৰিজিতৰ এই অনুষ্ঠান।(।ondon)

অৰিজিতে তেওঁৰ লণ্ডনৰ দৰ্শকক সৌজন্যতাৰ পাঠ শিকাইছিল। সেই সময়ত অৰিজিতে মঞ্চত গীত গাই আছিল। মঞ্চৰ দুয়োকাষে থিয় হৈ থকা একাংশ দৰ্শকে আধা খোৱা খাদ্যৰ পেকেট আৰু পানীয় মঞ্চতে থৈ দিলে। অৰিজিতে দৰ্শকক একো নোকোৱাকৈ মনে মনে খাদ্য-পানীয়খিনি লৈ গ’ল। বিপৰীত ফালে থিয় হৈ থকা নিৰাপত্তাৰক্ষীক খাদ্যখিনি দিলে। ইয়াৰ পিছত তেওঁ ক’লে, “এই মঞ্চ মোৰ বাবে মন্দিৰ।” তাৰ ওপৰত খাদ্য নাৰাখিব”।(singer arijit singh remove food pakets from stage)

কিছুমানে অৰিজিতৰ এনে ব্যৱহাৰৰ শলাগ লৈছে। আনহাতে একাংশই অৰিজিতক সমালোচনাও কৰে। গায়কজনে মঞ্চখনক মন্দিৰৰ সৈতে তুলনা কৰাৰ সময়তে বহুতে প্ৰশ্ন উত্থাপন কৰি কৈছিল যে তেওঁ কিয় জোতা পিন্ধিছে।

Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়

অৰুণোদয় ৩.০
অৰুণোদয় ৩.০

আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ অৰুণোদয় ৩.০। ৩৭.২ লাখ হিতাধিকাৰীক সামৰি ল’ব অৰুণোদয় ৩.০ আঁচনিয়ে। অৰুণোদয় ৩.০ৰ বাবে বৰ্তমানৰ হিতাধিকাৰীয়েও নতুনকৈ কৰিব লাগিব আবেদন। অৰুণোদয় ৩.০ পাবলৈ হ’লে থাকিব লাগিব আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড। আজি দিছপুৰৰ লোকসেৱা ভৱনত অৰুণোদয় ৩.০ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। (arunodoi 3.0)

অৰুণোদয়-৩.০ আঁচনিখন অৰুণোদয় ২.০ আৰু অৰুণোদয় আঁচনিৰ পৰা কিছু পৃথক হ’ব, কোনসকল লোকে এই আঁচনি লাভ কৰিব, কাৰ কাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ’ব এই সকলো বিষয়ে মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।(himanata biswa sarma)

অৰুণোদয় ৩.০ত নি:কিন মহিলা, দিব্যাংগ, বিধৱা, তৃতীয় লিংগ আৰু অন্যান্য দুৰ্বল লোকসকলক বিত্তীয় সুৰক্ষা প্ৰদানৰ হেতু অগ্ৰাধিকাৰ দিয়া হ’ব। ২ লাখ টকাৰ তলৰ বার্ষিক উপাৰ্জন থকা পৰিয়ালবোৰ আবেদন কৰিবলৈ যোগ্য হিচাপে বিবেচিত হ’ব। অৰুণোদয় ৩.০ আঁচনিত মাহিলি ৪৬৭ কোটি টকা ব্যয় কৰিব।(Arunodoi 3.0 himanta biswa sarma)ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ লাভালাভ সম্প্ৰসাৰিত কৰা আঁচনিৰ অধীনত আৰু ১২ লাখ হিতাধিকাৰীৰ সংযোজন কৰিছে, যি প্ৰতি মাহে বিনামূলীয়া খাদ্য সামগ্রী লাভ কৰিবলৈ যোগ্য হ’ব। এই আঁচনিত আমাৰ দ্বাৰা প্ৰতি মাহে ৪৪০ কোটি টকাৰো অধিক ব্যয় কৰা হ’ব। উল্লেখ্য যে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ কাৰ্ডসমূহত আয়ুষ্মান ভাৰতৰ অধীনত বিনামূলীয়া চিকিৎসাও অন্তৰ্ভুক্ত থাকিব।

জনসাধাৰণৰ পুষ্টি, বিত্তীয়, চিকিৎসা আৰু আনুষংগিক প্ৰয়োজনীয়তা সামৰি লোৱা এই কল্যাণমূলক পদক্ষেপসমূহে এক বিস্তৃত সামাজিক সুৰক্ষা বর্তনী সৃষ্টি কৰিব।

কোনে কোনে পাব অৰুণোদয় ৩.০-

  • অৰুণোদয়-৩.০ আঁচনিৰ সুবিধ পাবৰ বাবে ৰেচন কাৰ্ড থাকিবই লাগিব।
  • দৰিদ্ৰ পৰিয়ালৰ বিধৱা মহিলাই পাব অৰুণোদয়।
  • কোনোবা দৰিদ্ৰ পৰিয়ালত যদি ৪৫ বছৰ উৰ্ধৰ কোনো অবিবাহিত মহিলা আছে সেই পৰিয়ালেও অৰুণোদয় পাব।
  • দৰিদ্ৰ পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালেও পাব।
  • কোনোবা দৰিদ্ৰ পৰিয়ালত যদি স্বামীয়ে আইন মতে বিবাহ বিচ্ছেদ দিয়া নাই কিন্তু পত্নীক এৰি থৈ গ’ল তেতিয়াও সেই পত্নীয়ে পাব অৰুণোদয়।
  • কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ সদস্য থাকে সেই পৰিয়ালেও পাব অৰুণোদয়।
  • যি পৰিয়ালত এইডছ, কুষ্ঠ, ঠেলাছেমিয়া, অতিজিম আদি ৰোগী আছে সেই পৰিয়ালেও অৰুণোদয় পাব।
  • আনহাতে যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখতকৈ কম তেওঁলোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিব।আনহাতে কোনে কোনে নাপাব অৰুণোদয় ৩.০-
  • পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল নাপাব।
  • চিকিৎসক, অভিযন্তা, আর্কিটেক্ট, চার্টার্ড একাউন্টেন্ট, উকীল, বেংকাৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী, বা পেঞ্চনাই নাপাব অৰুণোদয়।
  • চৰকাৰী ঠিকাদাৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, বাণিজ্য অনুজ্ঞাপত্ৰধাৰী, ব্যৱসায়ী আৰু আয়কৰ দাতাই নাপাব।
  • মটৰচালিত চাৰিচকীয়া বাহন থকা পৰিয়ালে নাপাব অৰুণোদয়
  • ‘অৰুণোদয় প্লাছ’ৰ দৰে একে ধৰণৰ নগদ আঁচনিৰ হিতাধিকাৰীয়ে নাপাব অৰুণোদয়
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামগ্রিক ঘৰুৱা উপাৰ্জনৰ সীমা অতিক্ৰম কৰা পৰিয়ালে নাপাব অৰুণোদয়।

Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ

মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক
মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক

অন্ধ্ৰ প্ৰদেশৰ বিশ্ববিখ্যাত সৌন্দৰ্য্য ভেংকটেশ্বৰ মন্দিৰৰ বিখ্যাত লাড়ুত ‘বিশুদ্ধ’ ঘিউৰ লগত মিহলি হৈ আছে জন্তুৰ চৰ্বি! এনে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে।(Animal Fat Used In Laddu Prasadam)
এইবাৰ মন্দিৰৰ লাড়ুকলৈ বিতৰ্ক। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ চৰকাৰৰ দিনত পশুৰ চৰ্বি ব্যৱহাৰ কৰি তিৰুপতি লাড়ু বনোৱাৰ অভিযোগ উত্থাপন কৰিছে। তিৰুপতিৰ ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদ হিচাপে এটা বিশেষ ‘শ্ৰীবৰী লাড়ু’ ব্যৱহাৰ কৰা হয়। অৱশ্যে ৱাই এছ জগন মোহন ৰেড্ডী নেতৃত্বাধীন দলটোৱে এই অভিযোগ নাকচ কৰি এই অভিযোগ দুৰ্নীতিপৰায়ণ বুলি অভিহিত কৰিছে।(Tirumala Temple)

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন. বুধবাৰে চন্দ্ৰবাবু নাইডুৱে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বিধায়িনী দলৰ বৈঠকত ভাষণ দি এই দাবী উত্থাপন কৰে। নাইডুৰ মতে, তিৰুমালা লাড়ু পশুৰ চৰ্বি পৰা তৈয়াৰ কৰা হৈছিল। তেওঁ ঘিউৰ সলনি জন্তুৰ চৰ্বি ব্যৱহাৰ কৰিছিল বুলি কৈছিল।(Chandrababu Naidu)

বুধবাৰে অন্ধ্ৰ বিধানসভাৰ এন ডি এ বিধায়কসকলৰ অমৰাৱতীত অনুষ্ঠিত হোৱা বৈঠকত ভাষণ দি তেওঁ কয় যে, “ৱাইএছআৰ কংগ্ৰেছ চৰকাৰৰ দিনত ব্ৰুদূৰী মন্দিৰৰ প্ৰসাদ কৰা হৈছিল।” কম মানৰ সামগ্ৰীৰে। আচলতে ঘিউৰ সলনি জন্তুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল!”

নাইডুৱে তেলেগু ভাষাত কয় যে যোৱা পাঁচ বছৰত ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিৰ নেতাসকলে তিৰুমালাৰ পবিত্ৰতাক কলংকিত কৰিছে। ‘অন্নদনম’ (বিনামূলীয়া খাদ্য)ৰ গুণগত মানৰ লগত আপোচ কৰাৰ লগতে ঘিউৰ সলনি পশুৰ চৰ্বি ব্যৱহাৰ কৰি পবিত্ৰ তিৰুমালা লাড্ডুকো দূষিত কৰিছিল। অৱশ্যে এতিয়া আমি এই লাড়ুত বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰিছো। “আমি টিটিডিৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো।”

ইমান ডাঙৰ অভিযোগৰ পিছত ৱাই এছ আৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৱাই ভি চুব্বা ৰেড্ডীয়ে প্ৰত্যুত্তৰ দি কয় যে নাইডুৱে তিৰুমালা মন্দিৰৰ পবিত্ৰতাৰ ক্ষতি কৰিছে। ৰেড্ডীয়ে এক্সত তেলেগু ভাষাত লিখিছে, ‘চন্দ্ৰবাবু নাইডুৱে তিৰুমালাৰ পবিত্ৰতা আৰু কোটি কোটি হিন্দুৰ বিশ্বাসক ক্ষতি কৰিছে। তিৰুমালা প্ৰসাদক লৈ তেওঁৰ মন্তব্য অত্যন্ত কু-অভিপ্ৰায়। কোনো ব্যক্তিয়ে এনে কথা নক’ব বা এনে অভিযোগ উত্থাপন নকৰিব।

তেওঁ কয়, ‘চন্দ্ৰবাবু নাইডুৱে ৰাজনৈতিক লাভালাভৰ বাবে যিকোনো স্তৰলৈ যাব পাৰে বুলি পুনৰ প্ৰমাণ হৈছে। ভক্তসকলৰ বিশ্বাস দৃঢ় কৰিবলৈ মই মোৰ পৰিয়ালৰ লগতে তিৰুমালা ‘প্ৰসাদ’ সন্দৰ্ভত ভগৱানৰ আগত শপত ল’বলৈ সাজু। পৰিয়ালৰ সৈতে একে কাম কৰিবলৈ সাজু নে চন্দ্ৰবাবু নাইডু?

তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ মন্দিৰত তিৰুপতি লাড়ু আগবঢ়োৱা হয়। এই মন্দিৰটো তিৰুমালা তিৰুপতি দেৱস্থানমৰ দ্বাৰা পৰিচালিত।(TTD)অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ তিৰুমালাত অৱস্থিত বিখ্যাত ভেংকটেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰি ভক্তসকলে লাড়ু প্ৰসাদ লয়।

Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!

প্ৰস্ৰাৱ সংক্ৰমণ
প্ৰস্ৰাৱ সংক্ৰমণ

মহিলাসকল প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰায়েই হয়। কেতিয়াবা এই সংক্ৰমণ অতি গুৰুতৰ হৈ পৰে। সেইবাবে সক্ৰমণৰ ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত।(Urinary Tract Infection)

প্ৰস্ৰাৱৰ সংক্ৰমণ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি হয়। যেতিয়া এই সংক্ৰমণ অধিক গুৰুতৰ হৈ পৰে তেতিয়া ই বৃক্কতো প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত তৎক্ষণাত ইয়াৰ চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়।

বেক্টেৰিয়া হৈছে প্ৰস্ৰাৱৰ সংক্ৰমণৰ আটাইতকৈ সাধাৰণ কাৰণ। অন্ত্ৰত বাস কৰা ই.কলাই বেক্টেৰিয়াই বেছিভাগ ইউটিআইৰ বা প্ৰস্ৰাৱৰ সংক্ৰমণ সৃষ্টি কৰে। অসুৰক্ষিত যৌন সম্পৰ্ক, গৰ্ভাৱস্থা, বৃক্কত পাথৰ, প্ৰষ্টেট বৃদ্ধি, কোষ্ঠকাঠিন্যৰ বাবে এই সমস্যা বেছিকৈ দেখা দিয়ে।

প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা – সঘনাই প্ৰস্ৰাৱ কৰা, বিশেষকৈ ৰাতি – প্ৰস্ৰাৱ কৰাৰ পিছতো মূত্ৰাশয় ভৰ্তি অনুভৱ কৰা-তলপেট বা পিঠিত বিষ – ফেনযুক্ত, তেজ ওলোৱা বা দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱ – বিষ বা ভাগৰ অনুভৱ – জ্বৰ, বা কঁপনি ইত্যাদি প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণ।

আনহাতে আয়ুৰ্বেদৰ মতে প্ৰস্ৰাৱৰ ৰোগ হ’লে সংক্ৰমণ ঘৰতে সহজে আৰোগ্য কৰিব পৰা যায়। ইয়াৰ বাবে দৈৰ দৰে টেঙা খাদ্য পৰিহাৰ কৰিব লাগে। দৈনিক ৩-৪ টা তিয়াই থোৱা ক’লা কিচমিচ খাব লাগে।

বিশেষজ্ঞসকলৰ মতে, প্ৰস্ৰাৱৰ সংক্ৰমণl চাউলৰ পানী খোৱাটো অতি উপকাৰী।যিটোক আমি সাধাৰণতে ভাতৰ মাৰ বুলি কওঁ। ভাতৰ মাৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাবে অতি উপকাৰী।

প্ৰস্ৰাৱৰ সংক্ৰমণৰ আশংকা কম কৰিবলৈ শৰীৰটো জলসিঞ্চিত ৰাখিব, ব্যক্তিগত অংশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক, যৌন সম্পৰ্কৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতা হ’ব লাগে। লগতে ক্ৰেনবেৰীৰ ৰস খাব। লগতে পানী খাব পৰিমাণ অনুযায়ী।

Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ

শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড
শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড

শিৱসাগৰৰ কোঁৱৰপুৰত চাঞ্চল্যকৰ কাণ্ড! যি কাণ্ডই জোকাৰি গ’ল শিৱসাগৰৰ কোঁৱৰপুৰ অঞ্চল। পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ কাণ্ড। পিতৃয়ে পুত্ৰক কৰিলে নৃশংসভাৱে হত্যা। কোঁৱৰপুৰৰ টেপৰতল গোহাই গাঁৱত সংঘটিত এই নৃশংস হত্যাকাণ্ড৷ এই ঘটনা বুধবাৰৰ পুৱতি নিশা।(Father killed son in Sivasagar)

অভিযোগ অনুসৰি সুৰামত্ত পুত্ৰই প্ৰতিদিনে ঘৰত সৃষ্টি কৰিছিল অশান্তি। বুধবাৰৰ দিনাও সেই একেই পৰিৱেশৰ সৃষ্টি কৰিছিল। যাৰ পৰিণতিত শোৱাপাটীতে পিতৃয়ে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দিপু বৰুৱাক। সুৰাৰ সেৱন কৰি প্ৰায়েই ঘৰত অশান্তি কৰিছিল দিপু বৰুৱাই। যোৱা নিশাও সুৰাৰ ঘাটীৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দিপু বৰুৱাই ঘৰত সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতি৷ পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে ৷

নিহত দিপু মহ পালক আছিল ৷ অত্যাচাৰী পুত্ৰক হত্যা কৰিও অনুতপ্ত নহয় পিতৃ ৰমেন বৰুৱা ৷ হত্যাকাণ্ডৰ কথা অকপটে স্বীকাৰ হত্যাকাৰী পিতৃৰ ৷ আনহাতে অখিল, ললিত, হেমেন ,ৰাজেনকে ধৰি অঞ্চলটোত থকা অদ্ধ শতাধিক সুৰাৰ ঘাটী উচ্ছেদৰ দাবী ৷

ক’ব লাগিব যে সুৰাৰ বাবেই পিতৃৰ হাতত পুত্ৰ দীপুৱে হেৰুৱালে প্ৰাণ ৷ ৰাজ্যত যেন দিনক দিনে বৃদ্ধি পাইছে হত্যা কাণ্ডৰ ঘটনা। পুত্ৰই পিতৃক হত্যা, পিতৃয়ে পুত্ৰক হত্যা; কেতিয়াবা আকৌ পুত্ৰই মাতৃক হত্যা, পত্নীক হত্যা, স্বামীক হত্যা আদি নানান হত্য়াকাণ্ডৰ ঘটনা শুনিবলৈ পাওঁ। বেছিভাগ হত্য়াকাণ্ডৰ ঘটনা কাৰণ যেন সুৰা। সুৰাই যেন মানুহৰ শান্তি, সুখ, সম্বন্ধ শেষ কৰিছে।

সুৰা যেন শত্ৰু হৈ পৰিছে বহু লোকৰ। এই সুৰাৰ বাবেই বহুতে হয়তো বহুত হেৰুৱাইছে। ভাবকটোন এবাৰ সুৰাৰ বাবেই আজি নিজ হাতেৰে ডাঙৰ-দীঘল কৰা পুত্ৰ দীপুক সুৰাৰ বাবেই সেই হাতেৰেই হত্য়া কৰিলে পিতৃ ৰমেন বৰুৱাই। ইমানৰ পিচতো গাঁৱে-ভূঞে থকা অবৈধ সুৰাৰ ঘাটি সমূহৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে?