গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: বিশ্ব তথা অসমৰ বাবে শান্তি কামনাৰে মহানগৰীৰ খানাপাৰাত ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ(Shri Shri Rudra Mahayagya) আৰু কামেশ্বৰী মহা আৰাধানা(Kameshwari Maha Aradhana)ৰ ১৭ ছেপ্টেম্বৰত সফল সামৰণি পৰে। যজ্ঞৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰি আহুতি দিয়া হয় । দেশ আৰু ৰাজ্যখনৰ অধিক উন্নয়নৰ বাবে ভগৱানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক(Assam Chief Minister Himanta Biswa Sarma) যাতে অধিক শক্তিশালী কৰি তোলে তাৰ বাবেও প্ৰাৰ্থনা জনোৱা হয়।
শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধানাৰ মুখ্য আয়োজক ৰাতুল শৰ্মাই প্ৰকাশ কৰা মতে, ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যজ্ঞৰ মঙলবাৰে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে সামৰণি পৰাৰ লগতে সন্ধিয়া উমানন্দ ঘাটত বিসৰ্জন দিয়া হয় ।
উল্লেখযোগ্য যে এই যজ্ঞৰ আৰম্ভণিৰে পৰা শেষলৈ দেশৰ অগণন ভক্ত-বৈষ্ণৱ পণ্ডিতে অংশগ্ৰহণ কৰে( Vaishnava scholars across country) ।বিশেষকৈ গোবৰ্ধন পূৰী পীঠাধীশ্বৰ জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰী অধোক্ষজানন্দ দেৱতীৰ্থ জী মহাৰাজৰ(Shri Adhokshajananda Devtirth Ji Maharaj) লগতে দেশৰ ভিন্ন প্ৰান্তৰ সাহিত্যিক, শিক্ষাবিদ আৰু বৈষ্ণৱ পণ্ডিতৰ উপৰি লক্ষ্যাধিক ভক্তৰ সমাবেশত ভক্তি-ৰসৰ আধ্যাত্মিকস্থলীত(spiritual hub) পৰিণত হয় খানাপাৰা ।
মুখ্য আয়োজক ৰাতুল শৰ্মাই সদৰি কৰা অনুসৰি, এই মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধাধনাৰ অন্তিম দিনা হিমাচল প্ৰদেশৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাৰ লগতে ৰাজ্য তথা বহি:ৰাজ্যৰ লাখ লাখ ভক্তৰ সমাগম ঘটে । খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত এই ৰুদ্ৰ যজ্ঞ আৰু কামেশ্বৰী মহাআৰাধনাত অগণন সাধু সন্তই বিশ্ব শান্তিৰ বাবে পূজা-অৰ্চনা আগবঢ়ায়।
Goal-3: Universalisation of access to better educationলক্ষ্য-৩: উন্নত শিক্ষাৰ সুবিধাৰ সাৰ্বজনীনকৰণ
(iv)EDUCATION শিক্ষা – বিদ্যালয় আৰু উচ্চ শিক্ষাত জিইআৰ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ বৃদ্ধি কৰা আৰু জিলা/ব্লক পৰ্য্যায়ত বিদ্যালয়ত জনজাতীয় হোষ্টেল স্থাপনেৰে গুণগত শিক্ষা সুলভ আৰু সুগম কৰি তোলা (সমগ্ৰ শিক্ষা অভিযান)।
Goal-4: Enhancing healthy life and dignity:লক্ষ্য-৪: সুস্থ জীৱন আৰু মৰ্য্যাদাৰ বৰ্ধনঃ
(v)HEALTH স্বাস্থ্য – অনুসূচিত জনজাতিৰ গৃহস্থীসমূহলৈ গুণগত স্বাস্থ্য সুবিধাসমূহৰ বৰ্ধিত সুবিধা নিশ্চিত কৰা, আইএমআৰ, এমএমআৰ আৰু ভ্ৰাম্যমাণ চিকিৎসা ইউনিটৰ জৰিয়তে প্ৰতিষেধক প্ৰদানেৰে ক’ভাৰেজৰ ৰাষ্ট্ৰীয় মানদণ্ডত উপনীত হোৱা। যিসমূহ অঞ্চলত উপ-কেন্দ্ৰ সমতল অঞ্চলত ১০ কিলোমিটাৰৰো অধিক আৰু পাহাৰীয়া অঞ্চলত ৫ কিলোমিটাৰ দূৰত্বত (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান) আছে, সেই অঞ্চলসমূহত উল্লেখিত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।
অসমৰ এখন ঐতিহ্যমণ্ডিত জিলা হ’ল দৰং জিলা। সংস্কৃতিৰ বৰঘৰ দৰঙৰ ঐতিহাসিক ওজাপালি, নাঙেলী গীত, ছিয়াগীত খুলীয়া ভাওনা, দেওধনী নৃত্য আদিয়ে দৰং জিলাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আজিও। এনেবোৰ গৌৰৱময় সংস্কৃতিৰ ঊৰ্ধবত আন এক দৰং গৌৰৱ, যিয়ে সমগ্ৰ দৰং তথা সমগ্ৰ অসমকে ধৰ্মীয় আৰু সাহিত্য-সংস্কৃতিৰে বান্ধি ৰাখিছে সেয়াই হৈছে ঐতিহাসিক ‘খটৰা’ সত্ৰ’। Assam’s pride, heritage site ‘Khatra Satra’
দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত এখন গ্ৰাম্যপ্ৰধান ঠাই। যিখন এটা সময়ত আছিল হাবি-জংঘলেৰে পূৰ্ণ ঠাই। য’ত বাস কৰিছিল কিছুমান অসুৰ প্ৰকৃতিৰ লোক অৰ্থাৎ যিসকলক কোৱা হৈছিল ‘খট’। সেই ঠাইখনেই হৈছে আজিৰ ‘খটৰা’। মঙলদৈ চহৰৰ পৰা প্ৰায় কুৰি কিলোমিটাৰ পশ্চিমে তথা দৰং জিলাৰ একেবাৰে পশ্চিম সীমাৰ দিপীলা মৌজাত অৱস্থিত ঠাই এই পৱিত্ৰ খটৰা। আৰু ইয়াতেই অৱস্থিত ঐতিহাসিক ‘খটৰা সত্ৰ’। যিখন সমগ্ৰ অসমৰে এখন উল্লেখযোগ্য তথা প্ৰধান সত্ৰ।
আজিও এই সত্ৰত প্ৰৱাহিত হৈ থকা হৰিনামৰ ধ্বনিৰে আন এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। প্ৰতিদিনে এই সত্ৰলৈ সোঁত বয় হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ। এই সত্ৰত নাই কোনো জাতি ভেদ, ধৰ্ম-সম্ৰদায়ৰ ভেদ ভাব। সকলো লোকেই খটৰা সত্ৰলৈ একান্ত চিত্তে আহিব পাৰে ভক্তি অৰ্ঘ লৈ। খটৰা সত্ৰলৈ আহি যিজনে ভক্তিসহকাৰে সেৱা-নৈবেদ্য অপৰ্ণ কৰি যি আশা পূৰণৰ ইচ্ছা প্ৰকাশ কৰে সেইগৰাকী ভক্তৰ আশা পূৰ্ণ হয় বুলি সকলোৰে বিশ্বাস আজিও অটুট আছে। সেয়ে হয়তো আজিও গায়—– ‘ৰাম কৃষ্ণ খটৰা গোসাঁইঘৰ/ ৰাম কৃষ্ণ দেখোতে ভয়ংকৰ/ হৰি মোৰ ঐ ছকুৰি নাহৰৰ খুঁটা/ ৰাম কৃষ্ণ দুফালে লিখিলে/ ৰাম কৃষ্ণ ৰামে-লক্ষ্মণে/ হৰি মোৰ ঐ মাজতে জানকী সীতা/ ৰাম কৃষ্ণ বাটচ’ৰাৰ মুখতে/ ৰাম কৃষ্ণ যুৰীয়া সিংহই/ হৰি মোৰ ঐ আছে নাম-গুণ গাই/ ৰাম কৃষ্ণ মণিকূটৰ ওপৰে/ ৰাম কৃষ্ণ সোণৰে কলচী/ হৰি মোৰ ঐ তাৰো যে তুলনা নাই।’
শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰীশ্ৰীমাধৱদেৱ। তেওঁ বৰপেটাত থকা অৱস্থাত এই মাধৱদেৱৰে প্ৰপন্ন শিষ্য লেচাকণীয়া গোবিন্দ আতৈক উত্তৰ অসমলৈ ধৰ্ম প্ৰচাৰ আৰু সত্ৰ প্ৰতিষ্ঠাৰ বাবে আজ্ঞা কৰিছিল। এইগৰাকী লেচাকণীয়া গোবিন্দ আতৈ আছিল মাধৱ গুৰুৰ ১২গৰাকী প্ৰধান শিষ্যৰ ভিতৰৰ এজন আছিল। তেতিয়া গোবিন্দ আতৈয়ে গুৰুৰ আজ্ঞা শিৰত লৈ ধৰ্ম প্ৰচাৰৰ বাবে ওলাল দৰঙলৈ তেওঁৰ লগত আৰু কেইগৰাকীমান ভকতক লৈ। তেওঁ পোনতে ভুলুংমুখ নামত ঠাইত সত্ৰ স্থাপন কৰি পিছত পানীশেলী আৰু নগৰা নামৰ ঠাইলৈ গৈ সত্ৰ স্থাপন কৰিবলৈ বিচাৰিলে যদিও তেওঁ তাত সফল নহৈ তেওঁ আন সুবিধাজনক ঠাইৰ অনুসন্ধাত যাত্ৰা কৰিলে। এইদৰে তেওঁ আহি উপস্থিত হ’ল আজি সকলোৰে পৰিচিত দৰং জিলাৰ বৰ্তমানৰ এখন উল্লেখযোগ্য তথা পৱিত্ৰ স্থান খটৰাত। তেতিয়া এই ঠাইখনৰ নাম খটৰা নাছিল।
ঠাইখনত উপস্থিত গোবিন্দ আতৈয়ে ঠাইখন খুব ভাল পালে আৰু তাৰ পৰিৱেশেও তেওঁক মোহিত কৰিলে। সেয়ে সেই ঠাইত তেওঁ সত্ৰ পাতিবলৈ মনস্থ কৰিবলৈ মন মেলিলে। সেয়া আছিল ১৫৬৮ খ্ৰীষ্টাব্দ। এদিন গোবিন্দ আতৈয়ে সেই ঠাইত এক অদ্ভুত দৃশ্য দেখিবলৈ পালে। তেওঁ দেখিলে যে এটা ভেকুলীয়ে এডাল প্ৰকাণ্ড সাপ গিলি আছে। তাকে দেখি আতৈয়ে ঠাইখন পুণ্য স্থান বুলি বিবেচনা কৰি উক্ত ঠাই খণ্ডতে চাকিগছি জ্বলাবলৈ মন স্থিৰ কৰিলে। আৰু তাতেই গোবিন্দ আতৈয়ে তাত ভেটি সাজি কীৰ্তন ঘৰ নিৰ্মাণ কৰিলে। তাকে দেখি সেই অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰা খট নামৰ জাতিটোৰ ৰোষত পৰিল গোবিন্দ আতৈ। নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা প্ৰদান কৰিলে সেই ‘খট’সকলে। তেতিয়া আতৈয়ে সেই খটসকলকো শৰণ-ভজন লৈ নাম-কীৰ্তন কৰিবলে আহ্বান জনালে। কিন্তু সেই দুষ্ট প্ৰকৃতিৰ লোকসকলে আতৈৰ কথা কোনোমতে মান্তি নহ’ল আৰু নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা দিলে। আতৈৰ মনত বৰ দুখ লাগিল। তথাপি আতৈয়ে আশা এৰি নিদিলে।
স্মৃতিশক্তি দুৰ্বল হোৱা বয়স বৃদ্ধিৰ সাধাৰণ এটা কাৰক। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি বহুতে হেৰুৱাবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়।(eating eggs can make your brain sharper)
অৱশ্যে এটা নতুন গৱেষণাৰ পৰা দেখা গৈছে যে কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে। অধ্যয়নটোত কোৱা হৈছে যে বয়সস্থ মহিলাৰ জ্ঞানশক্তিৰ অৱনতি ৰোধ কৰিব পাৰে কণীয়ে। ই আপোনাৰ স্মৃতিশক্তি উন্নত কৰাৰ লগতে মগজুৰ কাৰ্যবাহী কাৰ্য্যকলাপ, যেনে আত্মনিয়ন্ত্ৰণ, নমনীয়তা আৰু দক্ষতাৰ ব্যৱহাৰ উন্নত কৰাত সহায় কৰিব পাৰে। অৱশ্যে এই অধ্যয়নত কণীয়ে মগজুৰ স্বাস্থ্য উন্নত কৰা সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই।