Home Blog Page 531

Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি

Grand Conclusion of Shri Shri Rudra Mahayagya and Kameshwari Maha Aradhana in Khanapara
Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ: বিশ্ব তথা অসমৰ বাবে শান্তি কামনাৰে মহানগৰীৰ খানাপাৰাত ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ(Shri Shri Rudra Mahayagya) আৰু কামেশ্বৰী মহা আৰাধানা(Kameshwari Maha Aradhana)ৰ ১৭ ছেপ্টেম্বৰত সফল সামৰণি পৰে। যজ্ঞৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰি আহুতি দিয়া হয় । দেশ আৰু ৰাজ্যখনৰ অধিক উন্নয়নৰ বাবে ভগৱানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক(Assam Chief Minister Himanta Biswa Sarma) যাতে অধিক শক্তিশালী কৰি তোলে তাৰ বাবেও প্ৰাৰ্থনা জনোৱা হয়।

শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধানাৰ মুখ্য আয়োজক ৰাতুল শৰ্মাই প্ৰকাশ কৰা মতে, ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যজ্ঞৰ মঙলবাৰে সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে সামৰণি পৰাৰ লগতে সন্ধিয়া উমানন্দ ঘাটত বিসৰ্জন দিয়া হয় ।

উল্লেখযোগ্য যে এই যজ্ঞৰ আৰম্ভণিৰে পৰা শেষলৈ দেশৰ অগণন ভক্ত-বৈষ্ণৱ পণ্ডিতে অংশগ্ৰহণ কৰে( Vaishnava scholars across country) ।বিশেষকৈ গোবৰ্ধন পূৰী পীঠাধীশ্বৰ জগতগুৰু শংকৰাচাৰ্য স্বামী শ্ৰী অধোক্ষজানন্দ দেৱতীৰ্থ জী মহাৰাজৰ(Shri Adhokshajananda Devtirth Ji Maharaj) লগতে দেশৰ ভিন্ন প্ৰান্তৰ সাহিত্যিক, শিক্ষাবিদ আৰু বৈষ্ণৱ পণ্ডিতৰ উপৰি লক্ষ্যাধিক ভক্তৰ সমাবেশত ভক্তি-ৰসৰ আধ্যাত্মিকস্থলীত(spiritual hub) পৰিণত হয় খানাপাৰা ।

মুখ্য আয়োজক ৰাতুল শৰ্মাই সদৰি কৰা অনুসৰি, এই মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধাধনাৰ অন্তিম দিনা হিমাচল প্ৰদেশৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাৰ লগতে ৰাজ্য তথা বহি:ৰাজ্যৰ লাখ লাখ ভক্তৰ সমাগম ঘটে । খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৯ ছেপ্টেম্বৰৰ পৰা ১৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত এই ৰুদ্ৰ যজ্ঞ আৰু কামেশ্বৰী মহাআৰাধনাত অগণন সাধু সন্তই বিশ্ব শান্তিৰ বাবে পূজা-অৰ্চনা আগবঢ়ায়।

আৰম্ভণিতে খানাপাৰাৰ মণ্ডপৰ পৰা বৰুণ পূজনৰ বাবে বশিষ্ঠলৈ বেণ্ডপাৰ্টি, শংখ, নাগৰা, ভোৰতাল, ঢোল বাদন আদিৰে শ শ ভক্তই সমদল কৰি এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। পৰৱৰ্তী দিনৰ সকলো কাৰ্যসূচীত লাখ লাখ ভক্তই আৰাধনা কৰে । আনহাতে যজ্ঞস্থলীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য( Assam Governor Lakshman Prasad Acharya) আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকা , জয়ন্ত মল্ল বৰুৱা, সঞ্জয় কিষাণ, নন্দিতা গাৰ্লোছাৰ লগতে বিজেপি দলৰ বহু বিধায়ক, সাংসদ আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে উত্তৰ -পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে খানাপাৰাত অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু কামেশ্বৰী মহাআৰাধানা অনুষ্ঠান । উল্লেখ্য যে ৯ ছেপ্তেম্বৰত জল যাত্ৰাত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, সিদ্ধার্থ গোস্বামী অভিনেত্ৰী কিংকিনী ভট্টাচার্য, ভ্ৰান্তি মেধি আদিসকলেও অংশ লয় ৷ প্ৰতিদিনে সন্ধিয়া ভজন, নৃত্যগীতৰ অনুষ্ঠান অনুষ্ঠিত হয় ৷ কণ্ঠশিল্পী তৰালী শর্মা, কল্লোল বৰঠাকুৰ, সুবাসনা দত্ত, পদ্মনাভ বৰদলৈ আদি শিল্পীসকলৰ ভক্তিমুলক গীত পৰিবেশনে মহাযজ্ঞস্থলীৰ পৰিবেশ মোহনীয় কৰি তোলে । শ্ৰীশ্ৰী ৰুন্দ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাই অসমকে ধৰি সমগ্ৰ দেশলৈ শান্তিৰ ফল্গুধাৰা নমাই আনিব বুলি সকলোৱে আশা কৰিছে।

Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ

Swachhata Hi Seva: Assam Launches Massive 3500 Tree Plantation Drive as Part of National Cleanliness Campaign
Swacchata hi sewa: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ

দৈনন্দিন বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ সমগ্ৰ দেশতে আৰম্ভ হৈছে স্বচ্ছতাই সেৱা অভিযান ২০২৪(Swacchata hi seva campaign 2024) । অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে(Assam Minister Ashok Singhal) অসমত আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে স্বচ্ছতাই সেৱা কাৰ্যসূচীৰ পষেকীয়া অভিযান। এই কাৰ্যসূচীত ৰাজ্যখনৰ বিভিন্ন জিলাত উল্লেখযোগ্য বাগিচা অভিযান, স্বচ্ছতাৰ প্ৰতিশ্ৰুতি আৰু ৰেলীকে ধৰি বিভিন্ন ধৰণৰ পৰিস্কাৰ-পৰিচ্ছন্নতামূলক কাৰ্য্যকলাপ অন্তৰ্ভুক্ত কৰা হৈছে।

এই অভিযানৰ কাৰ্যসূচীত ৰাজ্যজুৰি মুঠ ১২০টা কাৰ্য্যকলাপ পঞ্জীয়ন কৰা হৈছে, য’ত ১১৫টা পৰিস্কাৰ-পৰিচ্ছন্নতাৰ লক্ষ্য ইউনিট (Cleanliness Target Units) জড়িত হৈ আছে। এই পদক্ষেপে আবৰ্জনাৰ ৰূপান্তৰৰ পদক্ষেপত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও “এক পেড় মা কে নাম” অভিযানৰ(Ek Ped Maa Ke Naam) অংশ হিচাপে প্ৰায় ৩৫০০ টা গছপুলি ৰোপণ কৰা হৈছে । এই বৃক্ষৰোপণৰ জৰিয়তে প্ৰতিকী ৰূপত মাতৃসমাজক সন্মান জনোৱা হৈছে।

ৰাজ্যত স্বচ্ছতাই সেৱা শীৰ্ষক এই পষেকীয়া অভিযান উন্মোচনৰ পিছতে জনস্বাস্থ্য কাৰিকৰী বিভাগ (পি এইচ ই ডি), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন (পি এণ্ড আৰ ডি) আৰু এছ বি এম-নগৰীয়া বিষয়াসকলৰ সহযোগত অসমৰ ৩৫খন জিলাতে জিলা পৰ্যায়ৰ কাৰ্যসূচী আয়োজন কৰা হয়। এই অভিযানৰ সকলো কাৰ্য্সূচীত জনসাধাৰণৰ অংশগ্ৰহণ উল্লেখযোগ্য আছিল । বহু লোকে জিলা কাৰ্যালয় আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত গছপুলি ৰোপণৰ লগতে গ্ৰহণ কৰিলে স্বচ্ছতাৰ প্ৰতিজ্ঞা ।

কোকৰাঝাৰ জিলাতো স্থানীয় ৰাইজে দৈনন্দিন জীৱনত পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ‘স্বচ্ছতা ৰেলী’ৰ(Swachhata Rally) আয়োজন কৰে।

জল শক্তি মন্ত্ৰালয় আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ নেতৃত্বত আৰম্ভ হোৱা স্বচ্ছতাই সেৱা শীৰ্ষক এই অভিযান ২০২৪ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আৰু স্বচ্ছ ভাৰত দিৱসৰ(Swachh Bharat Diwas) দিনাখন অন্ত পৰিব।

উল্লেখ্য যে, সমাজৰ ভিন্ন দৃষ্টিভংগীৰ আধাৰত ৩টা মুখ্য দিশক সামৰি চলিত বৰ্ষত এই অভিযান আয়োজন কৰা হৈছে। এই দিশসমূহ হৈছে – স্বচ্ছতা বিশেষ গোটসমূহৰ বাবে শ্রমদান কাৰ্যসূচী, স্বচ্ছতাত জনসাধাৰণৰ অংশগ্ৰহণ আৰু চাফাই মিত্ৰ সুৰক্ষা শিবিৰ। এই অভিযানত দেশজুৰি নাগৰিকসকলকে ধৰি বিভিন্ন উদ্যোগীক প্রতিষ্ঠান, বেচৰকাৰী সংস্থা, উন্নয়নমূলক সংস্থা, স্থানীয় নগৰীয়া গোট, পঞ্চায়তকে ধৰি বিভিন্ন গোটে অংশগ্রহণ কৰিব।

Food Processing Industry: ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সম্প্ৰসাৰিত দিগন্ত; অৰ্থনৈতিক শ্ৰীবৃদ্ধিত উল্লেখযোগ্য ভূমিকা

Expanding Horizons of India’s Food Processing Industry: A Key Driver of Economic Growth
Food Processing Industry: ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ সম্প্ৰসাৰিত দিগন্ত; অৰ্থনৈতিক শ্ৰীবৃদ্ধিত উল্লেখযোগ্য ভূমিকা

ভাৰত বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা এক অৰ্থনীতিত(Fastest-growing economies) পৰিণত হৈছে আৰু দেশখনৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগে(Food Processing Industry) দেশৰ অৰ্থনৈতিক বিকাশ তথা খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। দেশখনে কেৱল অভূতপূৰ্ব বৃদ্ধি আৰু উন্নয়নৰ সাক্ষী হোৱাই নহয়, ই এক বৈচিত্ৰ্যময় অৰ্থনীতিৰ দ্বাৰা পৰিচালিত বিশ্বশক্তিৰ কেন্দ্ৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে।

চৰকাৰৰ প্ৰগতিশীল নীতিগত পদক্ষেপ আৰু হস্তক্ষেপৰ বাবে এই খণ্ডটোৱে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য প্ৰদৰ্শন দেখুৱাইছে । ২০২২-২৩ চনত সমাপ্ত হোৱা বিত্তীয় বৰ্ষলৈকে উৎপাদনৰ ক্ষেত্ৰত সংযোজিত মুঠ মূল্য (Gross Value Added)ত ৭.৬৬% আৰু কৃষিৰ সংযোজিত মুঠ মূল্যত(agricultural GVA) ৮.৪৫% অৰিহণা যোগাইছে।

ভাৰতে চহকী আৰু বৈচিত্ৰ্যময় কৃষি সম্পদেৰে বিশ্বব্যাপী খাদ্য উৎপাদনত এক উল্লেখযোগ্য দেশ হিচাপে থিয় দিছে। গাখীৰ, বাজৰা, খাদ্য শস্য, ফল-মূল, শাক-পাচলি, চাহ, মাছৰ দৰে কেইবাটাও খাদ্য সামগ্ৰীৰ সৰ্বাধিক উৎপাদক হোৱাৰ লগতে ভাৰতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে। ভাৰতৰ কৃষি খাদ্য ৰপ্তানি ২০২৩-২৪ বিত্তীয় বৰ্ষত আকৰ্ষণীয় ৪৬.৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে, যিয়ে এই খণ্ডৰ দ্ৰুত বৃদ্ধি আৰু বৃদ্ধি পোৱা বিশ্ব প্ৰভাৱক উজ্জ্বল কৰি তুলিছে।মুঠ কৃষি খাদ্য ৰপ্তানিত প্ৰচেছড খাদ্যৰ অংশ ২০১৪-১৫ চনত ৪.৯০ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২৩-২৪ চনত ১০.৮৮ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে।

ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডৰ ভিতৰত সুযোগসমূহ বিশাল আৰু বৈচিত্ৰ্যময়, প্ৰতিটো উপখণ্ডই অনন্য বৃদ্ধিৰ সম্ভাৱনা প্ৰকট কৰিছে। প্ৰযুক্তিৰ আগমনে উদ্যোগটোত বৈপ্লৱিক পৰিৱৰ্তন আনিছে, যাৰ ফলত খাদ্য সুৰক্ষা, পেকেজিং, লজিষ্টিক, আৰু যোগান শৃংখল ব্যৱস্থাপনাৰ ক্ষেত্ৰত উন্নতি সম্ভৱ হৈছে। ই-কমাৰ্চৰ উত্থানে আৰু ৰেডি টু ইট আৰু সুবিধাজনক খাদ্যৰ বৰ্ধিত চাহিদাই বৃদ্ধিৰ নতুন পথ আৰু অধিক প্ৰশস্ত কৰি দিছে, যাৰ ফলত বিনিয়োগকাৰী আৰু উদ্যোগী উভয়ৰে বাবে এয়া লাভজনক হৈ পৰিছে।

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ে(Ministry of Food Processing Industries) বিভিন্ন আঁচনি আৰু পদক্ষেপ ৰূপায়ণ কৰিছে, যিবোৰে ৰূপান্তৰক আগুৱাই নিয়া আৰু এক শক্তিশালী পৰিৱেশ তন্ত্ৰৰ পোষকতা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পৰিৱেশ তন্ত্ৰই ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগসমূহৰ মাজত উদ্ভাৱন, বিনিয়োগ আৰু অন্তৰ্ভুক্তিক উৎসাহিত কৰিছে। ফ্লেগশ্বিপ আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সম্পাদ যোজনা(Pradhan Mantri Kisan Sampada Yojana)ই ফাৰ্ম গেটৰ পৰা খুচুৰা বিপণীলৈকে সুদক্ষ যোগান শৃংখল ব্যৱস্থাপনাৰে আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই প্ৰচেষ্টাসমূহে শস্য চপোৱাৰ পিছৰ লোকচান কম কৰাই নহয়, ৰপ্তানিৰ সম্ভাৱনাও যথেষ্ট বৃদ্ধি কৰিছে। ইয়াৰ উপৰি উৎপাদন সংযুক্ত উদগনিমূলক আঁচনি (পিএলআইএছ) ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বৃদ্ধি আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ বাবে এক বৃহৎ প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰে।আৰ্থিক যোগান ধৰাৰ বাবে মন্ত্ৰালয়ে কেন্দ্ৰীয় পৃষ্ঠপোষকতাত “ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ পিএম আনুষ্ঠানিককৰণ আঁচনি”ও(Production Linked Incentive Scheme) ৰূপায়ণ কৰি আছে , দেশত ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ স্থাপন / উন্নীতকৰণৰ বাবে কাৰিকৰী আৰু ব্যৱসায়িক দিশত সহায় হৈছে।

বিশ্বৰ খাদ্যৰ জগতত ভাৰত: বিশ্বব্যাপী ভাৰতৰ খাদ্য প্ৰদৰ্শনৰ সুবিধা(World Food India 2024)

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে ধাৰণা কৰা বিশ্বৰ খাদ্যৰ জগতত ভাৰতে ভাৰতৰ বিশ্বব্যাপী খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ হোৱাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হৈছে। এই বাৰ্ষিক এক্সট্ৰাভাগাঞ্জাই এক বিশ্বব্যাপী মঞ্চ হিচাপে কাম কৰি আহিছে, ই খাদ্য মূল্য শৃংখলৰ বিভিন্ন খণ্ডৰ অংশীদাৰসকলক একত্ৰিত কৰিছে, সহযোগিতাৰ মনোভাব উন্ন কৰিছে, জ্ঞান বিনিময়ক উৎসাহিত কৰিছে আৰু ভাৰতক বিশ্বব্যাপী খাদ্য প্ৰক্ৰিয়াকৰণৰ শক্তিশালী প্ৰতিষ্ঠান হোৱাৰ গৌৰৱ অৰ্জনৰ দিশত আগুৱাই লৈ গৈছে।

১৯ – ২২ ছেপ্টেম্বৰ ২০২৪ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। পূৰ্বৰ সংস্কৰণসমূহৰ সফলতাৰ ওপৰত ভিত্তি কৰি এই বছৰৰ অনুষ্ঠানটোৱে নেটৱৰ্কিং আৰু সহযোগিতাৰ বাবে অতুলনীয় সুযোগ প্ৰদান কৰি বৃহৎ আৰু অধিক প্ৰভাৱশালী হোৱাৰ লক্ষ্য আগত ৰাখিছে। মন্ত্ৰালয়ে(MoFPI) বিশ্ব বিনিয়োগকাৰী, ব্যৱসায়িক নেতা, খাদ্য প্ৰক্ৰিয়াকৰণ কোম্পানী, ৰপ্তানিকাৰক, আমদানিকাৰক, উদ্ভাৱক, আৰু চৰকাৰী প্ৰতিনিধিসকলক এই সন্মানীয় অনুষ্ঠানত যোগদান কৰিবলৈ আৰু ভাৰতৰ বৃহৎ খাদ্য বজাৰ আৰু অৰ্থনৈতিক সুযোগসমূহৰ লাভ অৰ্জন কৰিবলৈ আমন্ত্ৰণ জনাইছে।

ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ত পেট ফুড, হ’ৰেকা (হোটেল, ৰেষ্টুৰেণ্ট, আৰু কেটাৰিং) আৰু পোষ্ট হাৰ্ভেষ্ট মেচিনেৰীকে ধৰি কেইবাটাও নতুন খণ্ডৰ বাবে নিবেদিত বিশেষ Zone থাকিব। এই সংযোজনসমূহে খাদ্য উদ্যোগৰ বিকশিত পৰিৱেশক প্ৰতিফলিত কৰিব আৰু ইয়াৰ লক্ষ্য হৈছে বিভিন্ন বিনিয়োগ তথা উদ্ভাৱনক আকৰ্ষণ কৰা ।

এই অনুষ্ঠানত উদ্যোগৰ অংশীদাৰসকলৰ মাজত জ্ঞান তথা অভিজ্ঞতাৰ বিনিময় আৰু সহযোগিতাৰ সুবিধাৰ বাবে ডিজাইন কৰা বিষয়ভিত্তিক অধিবেশনৰ শৃংখলা আয়োজন কৰা হ’ব। মূল বিষয়সমূহৰ ভিতৰত থাকিব বহনক্ষম পেকেজিং প্ৰযুক্তি, আৱৰ্জনা কম কৰা, মূল্য সৰ্বাধিক কৰা, খাদ্য আৰু বাণিজ্যত বৈপ্লৱিক পৰিৱৰ্তন কৰা আদি । এই অধিবেশনসমূহে বিশেষজ্ঞসকলৰ বাবে প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ, উত্তম পদ্ধতিসমূহৰ বিষয়ে ভাগ-বতৰা কৰিবলৈ আৰু বহনক্ষম বৃদ্ধিৰ বাবে কৌশলসমূহ অন্বেষণ কৰিবলৈ এক মঞ্চ প্ৰদান কৰিব।

সমান্তৰালভাৱে ৰিভাৰ্ছ বায়াৰ চেলাৰ মিটে(Reverse Buyer-Seller Meet) আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা আৰু ভাৰতীয় বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ পাৰস্পৰিক ক্ৰিয়া-কলাপ সক্ষম কৰিব, বজাৰত প্ৰৱেশ বৃদ্ধি কৰিব আৰু নতুন অংশীদাৰিত্ব গঢ়ি তুলিব।

এই বিষয়সমূহৰ উপৰি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান কৰ্তৃপক্ষই আয়োজন কৰা গ্ল’বেল ফুড ৰেগুলেটৰ ছামিট বিশ্ব খাদ্য ভাৰতৰ সমান্তৰালভাৱে আহ্বান কৰাৰ কথা। এই সন্মিলনৰ লক্ষ্য হৈছে খাদ্য সুৰক্ষা, গুণগত মান, আৰু উদ্ভাৱনৰ জটিল সমস্যাসমূহৰ সমাধানৰ বাবে বিশ্ব খাদ্য নিয়ন্ত্ৰকসকলৰ মাজত স্থায়ী আলোচনা আৰু সহযোগিতাৰ মনোভাবক উৎসাহিত কৰা।

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ে এনে এক সক্ৰিয় আৰু স্থিতিস্থাপক খণ্ডক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, যিয়ে ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধিত অৰিহণা যোগোৱাই নহয়, দেশৰ জনসাধাৰণৰ মংগলো নিশ্চিত কৰিব ।

লেখক : অনিতা প্ৰবীণ
খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ সচিব

Cabinet approves Pm’s Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন

Cabinet approves Pm's Tribal Advanced Gram Abhiyanপ্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন
প্ৰধান মন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত কেবিনেটৰ অনুমোদন


এই অভিযানৰ লক্ষ্য হৈছে ৭৯,১৫৬ কোটি টকাৰ বাজেটেৰে আকাংক্ষী জিলাসমূহৰ ৬৩,০০০ ৰো অধিক জনজাতীয় অধ্যুষিত গাঁৱক সামৰি লোৱা।

Cabinet approves প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতীয়-অধ্যুষিত গাঁও আৰু আকাংক্ষী জিলাসমূহৰ জনজাতীয় পৰিয়ালৰ বাবে চেচুৰেচন ক’ভাৰেজ অভিযোজনাৰে জনজাতীয়া সমাজখনৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে মুঠ ৭৯,১৫৬ কোটি টকা (কেন্দ্ৰীয় অংশঃ ৫৬,৩৩৩ কোটি টকা আৰু ৰাজ্যিক অংশঃ ২২,৮২৩ কোটি টকা) ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত অনুমোদন জনায়।

ইয়াৰদ্বাৰা ২০২৪-২৫ৰ বাজেট ভাষণৰ ঘোষণা অনুসৰি ৫ কোটিৰো অধিক জনজাতীয় লোকক উপকৃতকৰণেৰে প্ৰায় ৬৩,০০০ গাঁৱক সামৰি লোৱা হ’ব। এই অভিযানে ৩০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো জনজাতীয় অধ্যুষিত গাঁও তথা ৫৪৯ খন জিলা আৰু ২,৭৪০ টা ব্লকক সামৰি ল’ব।

২০১১ৰ লোকপিয়ল অনুসৰি, ভাৰতৰ এছটি (অনুসূচিত জনজাতি) জনসংখ্যা ১০.৪৫ কোটি আৰু দেশজুৰি ৭০৫ ৰো অধিক জনজাতীয় সমাজ আছে। তেওঁলোকে প্ৰত্যন্ত আৰু দুৰ্গম অঞ্চলসমূহত বসবাস কৰে। প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানে ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ জৰিয়তে সামাজিক আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা, জীৱিকাৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱধানসমূহ চেচুৰেচনৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে PMJANMAN (প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান)ৰ শিক্ষণ আৰু সফলতাৰ ভিত্তিত জনজাতীয় অঞ্চল আৰু সমাজসমূহৰ সামগ্ৰিক আৰু বহনক্ষম উন্নয়ন নিশ্চিত হ’ব।

এই অভিযানত ২৫ টা মধ্যৱৰ্তিতা গ্ৰহণ কৰা হ’ব আৰু ১৭-টা সংশ্লিষ্ট মন্ত্ৰালয়ে এইসমূহ কাৰ্য্যকৰী কৰিব। প্ৰতিটো মন্ত্ৰালয়/বিভাগে নিম্নোক্ত লক্ষ্যসমূহত উপনীত হ’বলৈ অহা ৫ বছৰত অনুসূচিত জনজাতিৰ বাবে উন্নয়ন কাৰ্য্য পৰিকল্পনা (DAPST)ৰ অধীনত আবন্টিত ধনৰ জৰিয়তে সময় নিৰ্ধাৰিতভাৱে ইয়াৰে জড়িত আঁচনি ৰূপায়ণ কৰিবঃ

Developing better infrastructure সুচল আন্তঃগাঁথনিৰ বিকাশ সাধন

(i)Pucca Houses to Eligible Householder যোগ্য গৃহস্থীলৈ পকী ঘৰঃ যোগ্য এছটি পৰিয়ালে টেপৰ পানী (জল জীৱন অভিযান) আৰু বিদ্যুৎ যোগান (RDSS)ৰ উপলব্ধতাৰে পিএমএৱাই (গ্ৰামীণ)ৰ অধীনত পকী ঘৰৰ সুবিধা লাভ কৰিব। যোগ্য এছটি পৰিয়ালে আয়ুষ্মান ভাৰত কাৰ্ডো (PMJAY) লাভ কৰিব।

(ii)Improving rural infrastructure: গাঁৱৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনঃ অনুসূচিত জনজাতি অধ্যুষিত গাঁওসমূহ (পিএমজিএছৱাই)লৈ সকলো বতৰতে উপযোগী পথ যোগাযোগ নিশ্চিতকৰণ, ম’বাইল সংযোগ (ভাৰত নেট) আৰু ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰা, স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ অগ্ৰগতি সাধনৰ বাবে আন্তঃগাঁথনি (এনএইচএম, সমগ্ৰ শিক্ষা আৰু পোষণ)।

Goal-2: Promoting economic empowerment:লক্ষ্য-২: অৰ্থনৈতিক সবলীকৰণক প্ৰোৎসাহনঃ

(iiiPromotion of Skill Development Entrepreneurship and Enhancement of Growing Careers (Self-Employment)) দক্ষতা বিকাশ উদ্যমিতাক প্ৰোৎসাহন আৰু বৰ্ধিত জীৱিকা(স্ব-নিয়োগ)ৰ বৰ্ধন – প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা (দক্ষ ভাৰত অভিযান/জেএছএছ) আৰু প্ৰতি বছৰে এছটি ছাত্ৰ/ছাত্ৰীয়ে দশম/দ্বাদশ মানৰ পিছত দীৰ্ঘম্যাদী দক্ষতা পাঠ্যক্ৰমৰ সুবিধা লাভ। ইয়াৰ উপৰিও, জনজাতীয় বহুমুখী বিপণন কেন্দ্ৰ (TMMC), টুৰিষ্ট হ’ম ষ্টে আৰু কৃষি, পশুপালন আৰু মীনপালনৰ জৰিয়তে সহায়।

Goal-3: Universalisation of access to better educationলক্ষ্য-৩: উন্নত শিক্ষাৰ সুবিধাৰ সাৰ্বজনীনকৰণ

(iv)EDUCATION শিক্ষা – বিদ্যালয় আৰু উচ্চ শিক্ষাত জিইআৰ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ বৃদ্ধি কৰা আৰু জিলা/ব্লক পৰ্য্যায়ত বিদ্যালয়ত জনজাতীয় হোষ্টেল স্থাপনেৰে গুণগত শিক্ষা সুলভ আৰু সুগম কৰি তোলা (সমগ্ৰ শিক্ষা অভিযান)।

Goal-4: Enhancing healthy life and dignity:লক্ষ্য-৪: সুস্থ জীৱন আৰু মৰ্য্যাদাৰ বৰ্ধনঃ

(v)HEALTH স্বাস্থ্য – অনুসূচিত জনজাতিৰ গৃহস্থীসমূহলৈ গুণগত স্বাস্থ্য সুবিধাসমূহৰ বৰ্ধিত সুবিধা নিশ্চিত কৰা, আইএমআৰ, এমএমআৰ আৰু ভ্ৰাম্যমাণ চিকিৎসা ইউনিটৰ জৰিয়তে প্ৰতিষেধক প্ৰদানেৰে ক’ভাৰেজৰ ৰাষ্ট্ৰীয় মানদণ্ডত উপনীত হোৱা। যিসমূহ অঞ্চলত উপ-কেন্দ্ৰ সমতল অঞ্চলত ১০ কিলোমিটাৰৰো অধিক আৰু পাহাৰীয়া অঞ্চলত ৫ কিলোমিটাৰ দূৰত্বত (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান) আছে, সেই অঞ্চলসমূহত উল্লেখিত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।

এই অভিযানৰ অধীনত সামৰি লোৱা জনজাতীয় গাঁওসমূহৰ মানচিত্ৰ পিএম গতি শক্তি পৰ্টেলত সংশ্লিষ্ট বিভাগে নিজৰ আঁচনি নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ বাবে চিনাক্ত কৰা ব্যৱধানসমূহৰ সৈতে নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ ‘ফিজিকেল’ আৰু আৰ্থিক অগ্ৰগতি পিএম গতি শক্তি প্লেটফৰ্মৰ জৰিয়তেই নিৰীক্ষণ কৰা হ’ব আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাক বঁটা প্ৰদান কৰা হ’ব।

লগতে পঢ়কঃ টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ

 National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ
 National Boxing C’ship: পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ ঃ( National Boxing C’ship)পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সা (assam) গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ পুৰুষৰ এলিটৰ চাৰিটা ওজন শাখাত অসমৰ ছয় গৰাকী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, তৃতীয় ৰাউণ্ডৰ খেলত পৰাস্ত হৈ বিদায় লৈছে অসমৰ নগৰাকী এলিট শাখাত খেলা পুৰুষ বক্সাৰে৷ ( National Boxing Championship)

(Boxers)বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ তৃতীয় দিনটোৰ খেলত অসমৰ অনুৰাগ বনিয়া, ৰাহুল কুমাৰ আৰু সুমৰাজ শইকীয়াই এলিট পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত জয়ী হৈ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ ইফালে, বিজয় ডেকাই ৭১ কিলোগ্ৰামৰ, চন্দন বৰাই ৪৬ কিলোগ্ৰামৰ আৰু ভাইটি পেগুই ৬৩ কিলোগ্ৰাম শাখাৰ তৃতীয় ৰাউণ্ডৰ খেলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷

ইফালে, গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ এলিট মহিলাৰ ৪৮ কিলোগ্ৰামত অসমৰ অঞ্জনা ঠাকুৰ আৰু দ্বিপাঞ্জলী দৈমাৰীয়ে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে আয়োজক ৰাজ্যখনৰ দহ গৰাকী মহিলা বক্সাৰে দ্বিতীয় ৰাউণ্ডত পৰাস্ত হৈ অভিযান সামৰে৷(youth)

ইফালে, ল’ৰাৰ যুৱ শাখাত এতিয়ালৈকে হোৱা ৪৭, ৫০, ৫৫, ৬০, ৬৫, ৭০ কিলোগ্ৰামৰ তৃতীয় ৰাউণ্ডৰ খেলত অসমৰ কোনো বক্সাৰে জয় অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই৷ স্মৰ্তব্য যে প্ৰতিযোগিতাৰ প্ৰথমদিনটোত যুৱ মহিলাৰ শাখাত অসমৰ নগৰাকী বক্সাৰে জয়ৰে আৰম্ভনি কৰাৰ বিপৰীতে যুৱ পুৰুষ শাখাত দুগৰাকী অসম বক্সাৰে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছিল৷

অহা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাত ল’ৰা-ছোৱালীৰ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু এলিট পুৰুষ-মহিলাৰ সকলো ওজন শাখাৰে খেল অনুষ্ঠিত হ’ব৷ যিসকল খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব সকলোৱে অন্তিম ফাইনেল ৰাউণ্ডৰ প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিব৷ আনহাতে, ফাইনেল ৰাউণ্ডৰ পদক বিজয়ী বক্সাৰসকলক ৰাষ্ট্ৰীয় শিবিৰত উন্নত প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচন কৰা হ’ব৷ প্ৰতিখন মুকলি প্ৰতিযোগিতাৰ পদক বিজয়ীক প্ৰাইজমানি দিব বি এফ আয়ে৷

AASU: আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি, চৰ্জুন হান্সেৰ হাতত গধুৰ দায়িত্ব

গুৱাহাটী, ১৮ চেপ্তেম্বৰ: (AASU) চৰ্জুন হান্সেৰ ওপৰত পৰিল গধুৰ দায়িত্ব। বুধবাৰে অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হ’ব চৰ্জুন হান্সে। নাৰীকেন্দ্ৰিক বিতৰ্কত সোমাই পৰা শংকৰজ্যোতি বৰুৱাই ১২ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পাছতেই ১৮ ছেপ্টেম্বৰত প্ৰাথমিক সদস্যৰ পদো ত্যাগ কৰে। তাৰ পাছতে আছুৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে জনজাতীয় নেতা চৰ্জুন হান্সেৰ হাতত দিয়া হ’ব আছুৰ দায়িত্ব।AASU

উল্লেখ কৰা প্ৰয়োজন যে, আছুয়ে সদ্যহতে সাধাৰণ সম্পাদকৰ পৰিবৰ্তে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে তেওঁক বাচনি কৰিছে।পৰৱৰ্তী সময়ত কোনো ছাত্ৰ নেতাৰ হাতত গতাব আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্ব। আছুৰ সংবিধান অনুসৰি সাধাৰণ সম্পাদকৰ পৰিবৰ্তে তাৎক্ষণিকভাৱে সহকাৰী সাধাৰণ সম্পাদকৰ হাতত ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিব পৰা যায়।আছুৰ কেন্দ্ৰীয় সমিতিত বৰ্তমান সময়ত আছে ৫ গৰাকী সহকাৰী সাধাৰণ সম্পাদক। এই ৫ গৰাকী হৈছে- চৰ্জুন হান্সে, দীপক শৰ্মা, পিতুল বৰা, অভিজিত নাথ, ইৰু ৰাণা সোণাৰ।
গতিকে ইয়াৰে চৰ্জুন হান্সেৰ হাতত আছুয়ে অৰ্পন কৰিলে গুৰু দায়িত্ব। পাহাৰে- ভৈয়ামে একতাৰ বাণী প্ৰচাৰ কৰিবলৈ কাৰ্বি আংলঙৰ এই যুৱকজনক আছুয়ে অৰ্পন কৰিলে গধুৰ দায়িত্ব।
আছুৰ বৰ্তমানৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যকাল ৩ বছৰৰো অধিক সময় বাকী আছে। তেনেস্থলত আজিৰ কাৰ্যনিৰ্বাহকতেই চৰ্জুন হান্সেক এই দায়িত্ব দিয়ে আছুয়ে।(AASU)

নাৰী কেন্দ্ৰিক বিতৰ্কত সোমাই পৰা শংকৰজ্যোতি বৰুৱাই আছুৰ লগত সকলো সম্পৰ্ক শেষ কৰিলে।
কিছুদিন পূৰ্বে ছাত্ৰ নেতাগৰাকীৰ প্ৰাক্তন প্ৰেমিকাই তেওঁৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল।
পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰাৰ আৰু সমগ্ৰ ৰাজ্যত ইয়াক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হয়। ইয়াৰ পাছত এই বিষয়ত মাত মাতিছিল শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্কৰ কথা তেওঁ স্বীকাৰ কৰিছিল যদিও বাকী সকলো আদালতত হ’ব বুলি কৈছিল।বৰ্তমান অন্তৱৰ্তীকালীন জামিনত আছে শংকৰজ্যোতি বৰুৱা। এই ঘটনাক্ৰমৰ মাজতে ১২ ছেপ্টেম্বৰত সাধাৰণ সম্পাদক হিচাপে পদত্যাগ কৰিছিল শংকৰজ্যোতি বৰুৱাই।

Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Major Infra Projects Launched Union Minister Sarbananda Sonowal Launched Major Infra Projects, mega Investment by Govt to Upgrade Facilities
Major Infra Projects Launched: টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

দৈনন্দিন বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) মঙলবাৰে ভি অ’ চিদাম্বৰনাৰ বন্দৰত টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেল (টি আই চি টি) দেশবাসীৰ বাবে উৎসৰ্গা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মূল আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে(Major Infra Projects Launched)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime minister Narendra Modi) ভিডিঅ’ বাৰ্তাৰ জৰিয়তে টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেলৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে । এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । তেওঁ নতুন টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় কণ্টেইনাৰ টাৰ্মিনেলক ‘ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ নতুন তাৰকা’ বুলিও প্ৰশংসা কৰে। ভি অ’ চিদাম্বৰনাৰ বন্দৰৰ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত এই টাৰ্মিনেলে সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয় ।

টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
টুটিকোৰিন আন্তঃৰাষ্ট্ৰীয় টাৰ্মিনেল দেশৰ বাবে উচৰ্গা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

প্ৰধানমন্ত্ৰীয়ে কয়, “১৪ মিটাৰতকৈ অধিক গভীৰ আৰু ৩০০ মিটাৰতকৈ অধিক দীঘল বাৰ্থৰ সৈতে এই টাৰ্মিনেলটোৱে বন্দৰৰ ক্ষমতা বৃদ্ধি কৰিব।” লগতে এই নতুন টাৰ্মিনেলৰ জৰিয়তে বন্দৰটোত লজিষ্টিক খৰচ হ্ৰাস পোৱাৰ লগতে ভাৰতৰ বাবে বৈদেশিক মুদ্ৰা ৰাহি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ তামিলনাডুবাসীক অভিনন্দন জনোৱাৰ লগতে ভি অ’ চিদাম্বৰনাৰ বন্দৰটো দুবছৰ পূৰ্বে তেওঁৰ ভ্ৰমণৰ সময়ত আৰম্ভ কৰা বন্দৰ বুলি উল্লেখ কৰে । বন্দৰটোৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ হোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰি তেওঁ লগতে কয় যে, টাৰ্মিনেলটোৰ অন্যতম মূল কৃতিত্ব হৈছে লিংগ বৈচিত্ৰ্যৰ প্ৰতি ইয়াৰ দায়বদ্ধতা আৰু ইয়াৰ ৪০% কৰ্মচাৰী মহিলা, যিয়ে সামুদ্ৰিক খণ্ডত মহিলা নেতৃত্বাধীন উন্নয়নৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।

সৰ্বানন্দ সোণোৱালে নতুন টিআইচিটি টাৰ্মিনেলৰ পৰা প্ৰথম কণ্টেইনাৰ জাহাজখনৰো ফ্লেগ অফ কৰি দেশৰ অন্যতম উল্লেখযোগ্য বন্দৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম আৰম্ভ কৰে । ৪৩৪ কোটিতকৈ অধিক ধন বিনিয়োগেৰে এই বন্দৰটো বিকশিত কৰা হৈছে। বন্দৰটোৰ বছৰি ৬ লাখ টি ই ইউ চম্ভালিব পৰাৰ ক্ষমতা আছে। টাৰ্মিনেলটোৰ গভীৰতা ১৪.২০ মিটাৰ, যিয়ে ইয়াত ১০,০০০ টিইইউ পৰ্যন্ত কণ্টেইনাৰ জাহাজ ৰখাৰ সুবিধা প্ৰদান কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মিত সেউজ হাইড্ৰজেন প্ৰকল্পটোও উদ্বোধন কৰে, যাক তেওঁ ‘ভাৰতক গ্ৰীণ হাইড্ৰজেনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ’ বুলি অভিহিত কৰে। সৰ্বানন্দ সোণোৱালে ‘হৰিত সাগৰ সেউজ বন্দৰ পদক্ষেপ’ৰ অংশ হিচাপে ৪০০ কিলোৱাট শক্তিৰ ছাদত সৌৰশক্তি কেন্দ্ৰও উদ্বোধন কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভি অ’ চিদাম্বৰনাৰ বন্দৰে নিজৰ ঔদ্যোগিক পৰিৱেশ সম্প্ৰসাৰণ কৰাৰ লগে লগে নতুন উদ্যোগৰ বাবে বিশাল সম্ভাৱনা মুকলি কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত আন্তঃগাঁথনি উন্নয়নৰ বাহিৰেও বিস্তৃত ভাৰতৰ বহল সামুদ্ৰিক অভিযানৰ বিষয়ে কয় ।ভি অ’ চিদাম্বৰনাৰ .বন্দৰক গ্ৰীণ হাইড্ৰজেন হাব আৰু সাগৰৰ পাৰৰ বায়ু শক্তিৰ বাবে ন’ডেল বন্দৰ হিচাপে স্বীকৃতি দিয়া হৈছে বুলিও তেওঁ কয় । জলবায়ু পৰিৱৰ্তনৰ বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত এই পদক্ষেপসমূহে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি প্ৰধামন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘ভাৰত বিশ্বৰ শীৰ্ষ সাগৰীয় শক্তি হোৱাৰ দৌৰত আগবাঢ়ি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত সামুদ্ৰিক খণ্ডই দক্ষতা আৰু উৎপাদনশীলতাক আগুৱাই নিয়াৰ উদ্দেশ্যে আমাৰ সম্পত্তিসমূহৰ আধুনিকীকৰণ, যান্ত্ৰিকীকৰণ আৰু ডিজিটেলাইজেচনৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰে গ্ৰহণ কৰা এই পদক্ষেপে আন এক গতি প্ৰদান কৰিলে বুলিও তেওঁ কয় । এই পদক্ষেপে বাণিজ্যিক সম্প্ৰদায়ৰ বাবে মসৃণ আৰু দ্ৰুত সেৱা প্ৰদানৰ দিশত গতি প্ৰদান কৰি এক্সিম বাণিজ্যৰ বৃদ্ধিত নেতৃত্ব দিব বুলিও তেওঁ কয়। বন্দৰটোৱে ভাৰতৰ সম্পদ বৃদ্ধিত অৰিহণা যোগাব বুলিও তেওঁ মন্তব্য কৰে।

এই নতুন টাৰ্মিনেলটোৱে প্ৰতিটো কণ্টেইনাৰত ২০০ মাৰ্কিন ডলাৰ পৰ্যন্ত ৰাহি কৰি সময় ৰাহি কৰা, ট্ৰেন্সশ্বিপমেণ্ট বাইপাছৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত আমাৰ পৰিচালনাৰ খৰচ বছৰি ৪০ লাখ মাৰ্কিন ডলাৰ পৰ্যন্ত উন্নত হ’ব বুলিও তেওঁ কয়। নিৰ্ধাৰিত সময়ৰ আগতেই সম্পূৰ্ণ হোৱা এই টাৰ্মিনেলটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ প্ৰথম ১০০ দিনত এক বিশেষ কৃতিত্ব বুলিও তেওঁ অভিহিত কৰে।

সোণোৱালে কয়- আমাৰ বন্দৰসমূহৰ মেৰুদণ্ড হিচাপে পৰিগণিত হোৱা আমাৰ কৰ্মশক্তি অতি কঠোৰ পৰিশ্ৰমী আৰু তেওঁলোকৰ কামৰ বাবে মই তেওঁলোকক প্ৰশংসা কৰিব বিচাৰিছো। এই বন্দৰটোৱে যে কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত সহায়ক হৈছে, সেই কথা জানি আনন্দদায়ক । নাৰী শক্তিৰ শক্তিক স্বীকৃতি দিবলৈ হ’লে কমেও ৪০% কৰ্মশক্তি মহিলা হ’ব লাগে যিয়ে সৰ্বাংগীন বৃদ্ধিৰ দিশত যথেষ্ট অৰিহণা যোগাব।

World Bamboo Day 2024: আজি বিশ্ব বাঁহ দিৱস। বাঁহগাজৰ উপকাৰিতা বিষয়ে জানক

আজি বিশ্ব বাঁহ দিৱস
আজি বিশ্ব বাঁহ দিৱস

আজি বিশ্ব বাঁহ দিৱস৷ এই ঘাঁহজাতীয় ওখ গছবিধে পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰাকে ধৰি অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ কাগজৰ পৰা গৃহ নিৰ্মাণ, ঘৰুৱা সামগ্ৰীৰ পৰা আচবাব আদি বিভিন্ন কামত বাঁহৰ প্ৰয়োজনীয়তাক সকলোৱে গুৰুত্ব দি আহিছে৷ ‘দুখীয়া মানুহৰ কাঠ’ আৰু ‘সেউজীয়া সোণ’ বুলি জনাজাত বাঁহগছ।(Today is World Bamboo Day 2024 bamboo shoot benefits)

এই বাঁহগছৰ শিপা অগণন ঔষধি গুণৰ বাবে জনাজাত। আচাৰৰ পৰা আৰম্ভ কৰি পানীয়লৈকে উত্তৰ-পূবৰ খাদ্যত বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়। বাঁহৰ শিপাক বাঁহৰ গাজ বুলিও কোৱা হয়।

বাঁহগাজত কেলৰি কম আৰু ওজন কমাবলৈ অনুকূল বুলি গণ্য কৰা হয়। ১ কাপ বাঁহৰ গাঁজত প্ৰায় ১৩ কেলৰি আৰু আধা গ্ৰাম চৰ্বি থাকে। ইয়াৰ উপৰিও ডায়েটাৰী ফাইবাৰৰ পৰিমাণ বেছি, যিয়ে হজম শক্তিত সহায় কৰে।(bamboo shoot)

সাপ আৰু অন্যান্য বিষাক্ত জীৱৰ কামোৰৰ বিষৰ বাবে বাঁহৰ শিপাৰ ৰস অতি উপকাৰি। আয়ুৰ্বেদৰ মতে সতেজ বাঁহৰ ৰস ঘাঁত লগালে বিষ বাহিৰলৈ ওলাই যোৱাত সহায় কৰে। কিন্তু সাপে কামুৰিলে সদায় প্ৰথমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

বাঁহগাজত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু অন্যান্য যৌগ থাকে যিয়ে হাওঁফাওঁ শক্তিশালী আৰু কাৰ্য্যক্ষমতাত সহায় কৰে।

বাঁহৰ গাজত ইনুলিন নামৰ আঁহ এটা থাকে। ইনুলিনে গ্লুক’জ শোষণ লেহেমীয়া কৰি তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। কোৱা হয় যে বাঁহৰগাজ নিয়মীয়াকৈ খালে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।

ইয়াৰ উপৰিও ইয়াত ফাইটোষ্টেৰল আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে যিয়ে বন্ধ ধমনী পৰিষ্কাৰ কৰাত সহায় কৰে আৰু বেয়া বা এল ডি এল কলেষ্টেৰল দ্ৰৱীভূত কৰে।

ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। শীতকালত বাঁহগাজ খালে ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

Assam’s pride, heritage site ‘Khatra Satra’: অসমৰ গৌৰৱ, ঐতিহ্যক্ষেত্ৰ ‘খটৰা সত্ৰ’

খটৰা সত্ৰ
খটৰা সত্ৰ

অসমৰ এখন ঐতিহ্যমণ্ডিত জিলা হ’ল দৰং জিলা। সংস্কৃতিৰ বৰঘৰ দৰঙৰ ঐতিহাসিক ওজাপালি, নাঙেলী গীত, ছিয়াগীত খুলীয়া ভাওনা, দেওধনী নৃত্য আদিয়ে দৰং জিলাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে আজিও। এনেবোৰ গৌৰৱময় সংস্কৃতিৰ ঊৰ্ধবত আন এক দৰং গৌৰৱ, যিয়ে সমগ্ৰ দৰং তথা সমগ্ৰ অসমকে ধৰ্মীয় আৰু সাহিত্য-সংস্কৃতিৰে বান্ধি ৰাখিছে সেয়াই হৈছে ঐতিহাসিক ‘খটৰা’ সত্ৰ’। Assam’s pride, heritage site ‘Khatra Satra’

দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত এখন গ্ৰাম্যপ্ৰধান ঠাই। যিখন এটা সময়ত আছিল হাবি-জংঘলেৰে পূৰ্ণ ঠাই। য’ত বাস কৰিছিল কিছুমান অসুৰ প্ৰকৃতিৰ লোক অৰ্থাৎ যিসকলক কোৱা হৈছিল ‘খট’। সেই ঠাইখনেই হৈছে আজিৰ ‘খটৰা’। মঙলদৈ চহৰৰ পৰা প্ৰায় কুৰি কিলোমিটাৰ পশ্চিমে তথা দৰং জিলাৰ একেবাৰে পশ্চিম সীমাৰ দিপীলা মৌজাত অৱস্থিত ঠাই এই পৱিত্ৰ খটৰা। আৰু ইয়াতেই অৱস্থিত ঐতিহাসিক ‘খটৰা সত্ৰ’। যিখন সমগ্ৰ অসমৰে এখন উল্লেখযোগ্য তথা প্ৰধান সত্ৰ।

আজিও এই সত্ৰত প্ৰৱাহিত হৈ থকা হৰিনামৰ ধ্বনিৰে আন এক বৈকুণ্ঠপুৰীত পৰিণত হৈছে। প্ৰতিদিনে এই সত্ৰলৈ সোঁত বয় হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ। এই সত্ৰত নাই কোনো জাতি ভেদ, ধৰ্ম-সম্ৰদায়ৰ ভেদ ভাব। সকলো লোকেই খটৰা সত্ৰলৈ একান্ত চিত্তে আহিব পাৰে ভক্তি অৰ্ঘ লৈ। খটৰা সত্ৰলৈ আহি যিজনে ভক্তিসহকাৰে সেৱা-নৈবেদ্য অপৰ্ণ কৰি যি আশা পূৰণৰ ইচ্ছা প্ৰকাশ কৰে সেইগৰাকী ভক্তৰ আশা পূৰ্ণ হয় বুলি সকলোৰে বিশ্বাস আজিও অটুট আছে। সেয়ে হয়তো আজিও গায়—– ‘ৰাম কৃষ্ণ খটৰা গোসাঁইঘৰ/ ৰাম কৃষ্ণ দেখোতে ভয়ংকৰ/ হৰি মোৰ ঐ ছকুৰি নাহৰৰ খুঁটা/ ৰাম কৃষ্ণ দুফালে লিখিলে/ ৰাম কৃষ্ণ ৰামে-লক্ষ্মণে/ হৰি মোৰ ঐ মাজতে জানকী সীতা/ ৰাম কৃষ্ণ বাটচ’ৰাৰ মুখতে/ ৰাম কৃষ্ণ যুৰীয়া সিংহই/ হৰি মোৰ ঐ আছে নাম-গুণ গাই/ ৰাম কৃষ্ণ মণিকূটৰ ওপৰে/ ৰাম কৃষ্ণ সোণৰে কলচী/ হৰি মোৰ ঐ তাৰো যে তুলনা নাই।’


শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল শ্ৰীশ্ৰীমাধৱদেৱ। তেওঁ বৰপেটাত থকা অৱস্থাত এই মাধৱদেৱৰে প্ৰপন্ন শিষ্য লেচাকণীয়া গোবিন্দ আতৈক উত্তৰ অসমলৈ ধৰ্ম প্ৰচাৰ আৰু সত্ৰ প্ৰতিষ্ঠাৰ বাবে আজ্ঞা কৰিছিল। এইগৰাকী লেচাকণীয়া গোবিন্দ আতৈ আছিল মাধৱ গুৰুৰ ১২গৰাকী প্ৰধান শিষ্যৰ ভিতৰৰ এজন আছিল। তেতিয়া গোবিন্দ আতৈয়ে গুৰুৰ আজ্ঞা শিৰত লৈ ধৰ্ম প্ৰচাৰৰ বাবে ওলাল দৰঙলৈ তেওঁৰ লগত আৰু কেইগৰাকীমান ভকতক লৈ। তেওঁ পোনতে ভুলুংমুখ নামত ঠাইত সত্ৰ স্থাপন কৰি পিছত পানীশেলী আৰু নগৰা নামৰ ঠাইলৈ গৈ সত্ৰ স্থাপন কৰিবলৈ বিচাৰিলে যদিও তেওঁ তাত সফল নহৈ তেওঁ আন সুবিধাজনক ঠাইৰ অনুসন্ধাত যাত্ৰা কৰিলে। এইদৰে তেওঁ আহি উপস্থিত হ’ল আজি সকলোৰে পৰিচিত দৰং জিলাৰ বৰ্তমানৰ এখন উল্লেখযোগ্য তথা পৱিত্ৰ স্থান খটৰাত। তেতিয়া এই ঠাইখনৰ নাম খটৰা নাছিল।

ঠাইখনত উপস্থিত গোবিন্দ আতৈয়ে ঠাইখন খুব ভাল পালে আৰু তাৰ পৰিৱেশেও তেওঁক মোহিত কৰিলে। সেয়ে সেই ঠাইত তেওঁ সত্ৰ পাতিবলৈ মনস্থ কৰিবলৈ মন মেলিলে। সেয়া আছিল ১৫৬৮ খ্ৰীষ্টাব্দ। এদিন গোবিন্দ আতৈয়ে সেই ঠাইত এক অদ্ভুত দৃশ্য দেখিবলৈ পালে। তেওঁ দেখিলে যে এটা ভেকুলীয়ে এডাল প্ৰকাণ্ড সাপ গিলি আছে। তাকে দেখি আতৈয়ে ঠাইখন পুণ্য স্থান বুলি বিবেচনা কৰি উক্ত ঠাই খণ্ডতে চাকিগছি জ্বলাবলৈ মন স্থিৰ কৰিলে। আৰু তাতেই গোবিন্দ আতৈয়ে তাত ভেটি সাজি কীৰ্তন ঘৰ নিৰ্মাণ কৰিলে। তাকে দেখি সেই অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰা খট নামৰ জাতিটোৰ ৰোষত পৰিল গোবিন্দ আতৈ। নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা প্ৰদান কৰিলে সেই ‘খট’সকলে। তেতিয়া আতৈয়ে সেই খটসকলকো শৰণ-ভজন লৈ নাম-কীৰ্তন কৰিবলে আহ্বান জনালে। কিন্তু সেই দুষ্ট প্ৰকৃতিৰ লোকসকলে আতৈৰ কথা কোনোমতে মান্তি নহ’ল আৰু নামঘৰ পাতি নাম-কীৰ্তন কৰাত বাধা দিলে। আতৈৰ মনত বৰ দুখ লাগিল। তথাপি আতৈয়ে আশা এৰি নিদিলে।

মন দৃহ কৰি আতৈ মাধৱদেৱৰ ওচৰলৈ গৈ সকলোবোৰ বিবৰি ক’লে। তেতিয়া গুৰুজনাই আতৈক এটা উপায় দিলে। গুৰুজনাই গোবিন্দ আতৈক অযোধ্যাৰ পৰা ৰামলীলা ভাওনা কৰিবলৈ অনা ৰাম, লক্ষ্মণ, সীতাদেৱী আৰু হনুমানৰ মূৰ্তি চাৰিটা দি ক’লে যে, এই চাৰি মূৰ্তি লৈ যোৱা আৰু সত্ৰত স্থাপন কৰিবা। তেতিয়া গোবিন্দ আতৈ অতি আনন্দিত হ’ল আৰু চাৰি মূৰ্তি আনি তাল-খোল বজাই নাম-কীৰ্তন কৰি সত্ৰৰ মণিকূটত প্ৰতিষ্ঠা কৰিলে। আৰু নিয়মীয়াকৈ আতৈয়ে তাত নাম-কীৰ্তন কৰিবলৈ ধৰিলে। ইয়াৰ লগে লগে এই অঞ্চলটোলৈ অজ্ঞান আন্ধাৰ বিনাসী জ্ঞান সুৰুজে ভুমুকি মাৰিবলৈ আৰম্ভ কৰিলে।

গোবিন্দ আতৈয়ে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমান এই চাৰি মূৰ্তি প্ৰতিষ্ঠা কৰি গীত-নৃত্য, নাম-কীৰ্তন কৰাত তাত বাস কৰা ‘খট’সকলে সাক্ষাৎ ভগৱানকে দেখা যেন অনুভৱ কৰিলে আৰু তিৰ পিছতে সেইসকলৰ মনৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে। যেন শিল গলিবলৈ আৰম্ভ কৰিলে। ‘খট’সকলে ক্ৰমে আতৈৰ আৰু ভকতসকলৰ নাম-কীৰ্তনৰ প্ৰতি আকৰ্ষিত হ’ল। ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ সাক্ষাৎ লাভ কৰা বুলিও ভাবিলে আৰু তেওঁলোকৰ কঠোৰ মন কুমলিল। ইয়াৰ পিছতে খটসকলে তেওঁলোকৰ ভুল বুজিব পাৰিলে আৰু গোবিন্দ আতৈৰ ওচৰত শৰণ ল’লে আৰু মণিকূটত স্থাপন কৰা চাৰিজনা বিগ্ৰহৰ ওচৰত সাস্তাংগে প্ৰণিপাত জনাই তেওঁলোকৰ ভুল হোৱা বুলি স্বীকাৰ কৰি ক্ষমা-প্ৰাৰ্থনা মাগিলে। ইফালে আতৈক এই কথাই অতি আনন্দিত কৰি তুলিলে আৰু তেওঁ চেষ্টা আৰু কষ্ট সফল হোৱাত আনন্দত আত্মহাৰা হ’ল। আনন্দাশ্ৰু বৈ আহিল তেওঁৰ সফলতাত।

তেওঁ খটসকলক আশীৰ্বাদ দিলে। এই ‘খট’সকলৰ অবৈষ্ণৱ স্বভাৱ নাম-কীৰ্তনৰ প্ৰভাৱত ‘হৰণ’ কৰাৰ বাবেই ঠাইখনৰ নাম ‘খটহৰা’ (‘খট-হৰা’) ৰূপে পৰিচিত হ’ল। আৰু ক্ৰমান্বয়ে কালৰ সোঁতত গৈ গৈ ‘খটহৰা’ গুচি ‘খটৰা’ হ’ল। বৰ্তমানো ঠাইখন ‘খটৰা’ বুলিয়েই চিহ্নিত হ’ল। লগতে সত্ৰখনৰো নাম ‘খটৰা সত্ৰ’ বুলিয়েই পৰিচিত হ’ল। তেতিয়াৰে পৰা আজিও এই চাৰি বিগ্ৰহ সত্ৰৰ মণিকূটত বিৰাজমান হৈ আছে। অৱশ্যে মণিকূটৰ বাহিৰত গুৰু আসন প্ৰতিষ্ঠা কৰি আজিও সকলোৱে হৰি নাম-কীৰ্তন কৰি আহিছে। বৰ্তমানো এই সত্ৰত বৈষ্ণৱ, শাক্ত, শূদ্ৰ, বৈশ্য সকলোৱে সমান অধিকাৰেৰে সেৱা-বন্তি জ্বলাই আহিছে। ইয়াত কোনো লোকৰে প্ৰৱেশত বাধা নাই। সকলো সম্প্ৰদায় মিলি এই সত্ৰখনক এক সমন্বয়ৰ ক্ষেত্ৰৰূপে গঢ়ি তুলিছে। গোবিন্দ আতৈয়ে আজিৰ পৰা ৫০০ বছৰ আগতে যি গছি ধৰ্মৰ বন্তি জ্বলাই থৈ গৈছিল সেই বন্তিৰ পোহৰে আজিও সমগ্ৰ অসম পোহৰাই ৰাখিছে। এই অঞ্চলত সেই তেতিয়াৰ পৰাই লোকসকলৰ জ্ঞান চকু মেল খাইছিল গুৰুজনাৰ নাম-কীৰ্তন, নাট-ভাওনাৰ জৰিয়ত।
এই খটৰা সত্ৰৰ আন এক গুৰুত্বপূৰ্ণ তথা মূল কথা হ’ল এই সত্ৰত নাই ‘সত্ৰাধিকাৰ’ৰ কোনো ব্যৱস্থা। অসমৰ সত্ৰাধিকাৰৰ ব্যৱস্থা নথকা একমাত্ৰ সত্ৰখনেই হ’ল খটৰা সত্ৰ। এই সত্ৰখন পৰিচালিত হয় ‘সমূহ’ৰ দ্বাৰা। গোবিন্দ আতৈয়ে নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ বাবে স্থানীয় লোকসকলক অধিক গুৰুত্ব দি সত্ৰৰ সকলো কামত আগবঢ়াই নিছিল। সেয়ে সত্ৰখন সকলোৱে নিজৰ বুলি গ্ৰহণ কৰিছিল।

বৰ্তমানেও স্থানীয় ৰাইজ তথা ‘সমূহ’ৰ দ্বাৰা নিৰ্বাচিত এখন কমিটীৰ দ্বাৰা সত্ৰখন পৰিচালিত হৈ আহিছে। এই লেখকৰ পিতৃ মুক্তিযুঁজাৰু প্ৰয়াত গোপীকান্ত মহন্ত প্ৰায় ৪০ বছৰ কাল এই সত্ৰৰ মুৰব্বী অৰ্থাৎ সভাপতি হিচাপে সুচাৰুৰূপে সত্ৰ পৰিচালনা কৰিছিল। আতৈয়ে যে সত্ৰত নাম-কীৰ্তন কৰি অকল ধৰ্ম প্ৰচাৰেই কৰিছিল এনে নহয়, তেওঁ সত্ৰখনক সংস্কৃতিৰ পীঠস্থান হিচাপেও গঢ়ি তুলিছিল। সত্ৰৰ নিয়মীয়া নাম-প্ৰসংগ, বৰগীত, থিয়নাম, ছেও-চাপৰি নাম, খোলবাদন, বৰ নাগাৰা নাম, দধিমথন নৃত্য, ব্যাসৰ ওজা, নটুৱা, অংকীয়া ভাওনা, বোকা ভাওনা, গাঁৰিবাগৰ নৃত্য আদিৰ চৰ্চাৰে খটৰা সত্ৰক সংস্কৃতিৰ বৰভঁৰাললৈ পৰিণত কৰিছিল আতৈয়ে। খটৰা সত্ৰৰ ‘খুলীয়া ভাওনা’ দৰঙী সংস্কৃতিৰ এক মাইলৰ খুঁটি।


আনহাতে, সত্ৰত বিভিন্ন উৎসৱ-পাৰ্বণ নিয়মীয়াকৈ পালন কৰি অহা হৈছে গোবিন্দ আতৈৰ দিনৰে পৰা। সত্ৰৰ জৰিয়তে পালন কৰি অহা উৎসৱসমূহৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় উৎসৱটিৱেই হ’ল ‘পাচেতি’ উৎসৱ। প্ৰতি বছৰে সত্ৰত আহিন মাহৰ দোমাহীত এই উৎসৱ পালন কৰি অহা হৈছে। পাচেতিৰ মূল আকৰ্ষণীয় কাৰ্যসূচী হ’ল দধিমথন। এইবাৰো অতি উলহ-মালহেৰে সত্ৰ প্ৰাংগণত কালিৰে পৰা ‘পাচেতি’ উৎসৱ পালন কৰা হৈছে।

এই উৎসৱত সত্ৰত নাম-কীৰ্তন, দধিমথন ভাওনা আৰু অন্যান্য কাৰ্যসূচীত অসমৰ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ইয়াৰ সমান্তৰালকৈ পাচেতিৰ কেইদিন এখন বৃহৎ মেলাও বহে সত্ৰ প্ৰাংগণতে। প্ৰতি বছৰে কেইবা লক্ষ লোকৰ সমাগম হয় ‘পাচেতি’ উৎসৱত। মুঠতে সংস্কৃতিৰ আপুৰুগীয়া বৰপেৰা হ’ল এই খটৰা সত্ৰ। বৰ্তমান খটৰা সত্ৰখন জাকত জিলিকা কৰি তোলাত সত্ৰৰ সুগন্ধি দুগুণে বিয়পি পৰিছে। সত্ৰ প্ৰাংগণত এবাৰ থিয় দিয়াৰ পিছত যেন সমষ্ট শোক-তাপ নিৰ্মূল হয় মনৰ পৰা। সেয়ে প্ৰতিদিনে সুখী-দুখী-তাপী সকলোৱেএবাৰ হ’লেও আহে এই সত্ৰলৈ মনৰ প্ৰশস্তি বিচাৰি। চিৰদিন চিৰকাল জিলিকি থাকক খটৰা সত্ৰ অসম আকাশত।

লেখকঃ ভূপেন মহন্ত

লগতে পঢ়কঃ Online trading: প্ৰসংগঃ অনলাইন ট্ৰেডিং! সামাজিক ব্যাধিত পৰিণত হৈ পৰিছে অনলাইন ট্ৰেডিং

eating eggs can make your brain sharper: কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে! অধ্যয়নত প্ৰকাশ

কণী
কণী

স্মৃতিশক্তি দুৰ্বল হোৱা বয়স বৃদ্ধিৰ সাধাৰণ এটা কাৰক। বয়স বৃদ্ধিৰ লগে লগে জ্ঞান আৰু মনৰ শক্তি বহুতে হেৰুৱাবলৈ আৰম্ভ কৰে। বেছিভাগ মানুহৰে ক্ষেত্ৰত এনেকুৱা হয়।(eating eggs can make your brain sharper)

অৱশ্যে এটা নতুন গৱেষণাৰ পৰা দেখা গৈছে যে কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে। অধ্যয়নটোত কোৱা হৈছে যে বয়সস্থ মহিলাৰ জ্ঞানশক্তিৰ অৱনতি ৰোধ কৰিব পাৰে কণীয়ে। ই আপোনাৰ স্মৃতিশক্তি উন্নত কৰাৰ লগতে মগজুৰ কাৰ্যবাহী কাৰ্য্যকলাপ, যেনে আত্মনিয়ন্ত্ৰণ, নমনীয়তা আৰু দক্ষতাৰ ব্যৱহাৰ উন্নত কৰাত সহায় কৰিব পাৰে। অৱশ্যে এই অধ্যয়নত কণীয়ে মগজুৰ স্বাস্থ্য উন্নত কৰা সন্দৰ্ভত কোনো কথা প্ৰকাশ কৰা নাই।

লগতে পঢ়কঃ Rainy Season: চৰ্দি আৰু কাহেই নহয়, বাৰিষাৰ বতৰে চকু, ছালো অসুস্থ কৰি তুলে; এইদৰে নিজৰ যত্ন লওক
শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি কণী খোৱাৰ ফলত আপোনাৰ জ্ঞানশক্তিৰ অৱনতি নিয়ন্ত্ৰণত ৰখাত সহায়ক হ’ব পাৰে। অধ্যয়নত দেখা গৈছে যে কণী খালে আপোনাৰ মগজু চোকা হ’ব পাৰে। অধ্যয়নটোৰ জৰিয়তে দেখা গ’ল যে বয়স বৃদ্ধিৰ লগে লগে কণী খোৱাৰ ফলত জ্ঞানমূলক প্ৰদৰ্শন উন্নত হয়।

কণী প্ৰটিনৰ সমৃদ্ধ উৎস যিয়ে আপোনাৰ দৈনন্দিন প্ৰয়োজনীয়তা সহজে পূৰণ কৰাত সহায় কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। প্ৰটিনৰ উপৰিও ই আপোনাৰ চকুৰ স্বাস্থ্যৰ বাবেও উপকাৰী। কাৰণ কণীত লুটিন আৰু জিএক্সান্থিন থাকে, যিয়ে চকুৰ ৰেটিনাত প্ৰভাৱ পেলায়। এইবোৰৰ উপৰিও ওজন কমাবলৈ কণী খাব পাৰে।

দিনটোত এটা বা দুটা কণী খাব পাৰে। অৰ্থাৎ এসপ্তাহত ৭টা কণী খাব পাৰিব। অৱশ্যে ইয়াৰ লগতে আপুনি সুষম খাদ্যও খাব লাগিব। কণীত কলেষ্টেৰল বেছি থাকে। এটা কণীত ২০০ কলেষ্টেৰল থাকে, গতিকে খোৱাৰ আগতে এই কথা মনত ৰাখিব। কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ বগা অংশটোহে খাব পাৰে। কণীৰ বগা অংশত প্ৰটিন আৰু শূন্য চৰ্বি থাকে। ইয়াৰ হালধীয়া অংশত কলেষ্টেৰল আৰু চৰ্বি থাকে।

আপুনি প্ৰতিদিনে কণী খাব পাৰে, কিন্তু বেছি নহয়। কিন্তু যদি আপোনাৰ কলেষ্টেৰল বা হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ আছে তেন্তে আপুনি দৈনিক কণী খোৱাৰ পৰা বিৰত থাকিব।
লগতে পঢ়কঃ How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক