Home Blog Page 533

Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন

Aditi Rao Hydari And Siddharth Are Now Married. See First Pics Of Newlyweds
Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন

এণ্টাৰটেইনমেণ্ট ডেস্ক, ১৬ ছেপ্তেম্বৰ: জনপ্ৰিয় অভিনেত্ৰী অদিতি ৰাও হায়দাৰী আৰু তামিল, তেলেগু আৰু হিন্দী চলচ্চিত্ৰৰ খ্যাতনামা অভিনেতা সিদ্ধাৰ্থে আজি আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়(Aditi Rao-Siddharth Wedding) । দুয়ো এই বিবাহ সম্পন্ন কৰিলে তেলেংগানাৰ ৱানাপাৰ্টি জিলাৰ ৪০০ বছৰীয়া পুৰণি এটা মন্দিৰত(400-year-old temple in Wanaparthy) ।

এই ঐতিহাসিক মন্দিৰত আয়োজিত অন্তৰংগ অনুষ্ঠানটিত উপস্থিতি আছিল দুয়োৰে মাত্ৰ কেইগৰাকীমান নিকট আত্মীয় আৰু বন্ধুবৰ্গ । এই নৱ দম্পত্তিয়ে সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ ফটোসমূহ শ্বেয়াৰ কৰি এই শুভ অনুষ্ঠানটিৰ কথা উল্লেখ কৰে।

ইনষ্টাগ্ৰামত(Instagram) তেওঁলোকৰ শুভমুহূৰ্তৰ ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে, “You are my Sun, my Moon, and all my Stars…To being Pixie Soulmates for eternity…to laughter, to never growing up…To Eternal Love, Light & Magic. Mrs & Mr Adu-Siddhu.”

বিবাহৰ দিনা অদিতিয়ে(Aditi Rao Hydari) পৰিধান কৰিছিল ইণ্টিক্ৰেইট ডিটেইলিং থকা এখন সোণালী শাড়ী, য’ত সুৱৰ্ণৰ এক সূক্ষ্ম কৰ্মশৈলীৰ ডিজাইন কৰা আছিল। অন্যহাতে, সিদ্ধাৰ্থে পৰিধান কৰিছিল এটা বগা কুৰ্তা আৰু ধুতি, যিয়ে তেওঁক উজ্জ্বল কৰি তুলিছিল।

View this post on Instagram

A post shared by Aditi Rao Hydari (@aditiraohydari)

ইয়াৰ পূৰ্বে, এই দম্পত্তিয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁলোকৰ এংগেজমেণ্টৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। অদিতিয়ে ইনষ্টাগ্ৰামত লিখিছিল, “He said yes! E. N. G. A. G. E. D.,”

View this post on Instagram

A post shared by Aditi Rao Hydari (@aditiraohydari)

ইয়াৰ উত্তৰত সিদ্ধাৰ্থই(Siddharth) লিখিলে এইদৰে, “She said yes.”

ৱৰ্ক ফ্ৰণ্টত অদিতি ৰাও হাইদাৰীক শেষবাৰৰ বাবে দেখা গৈছিল সঞ্জয় লীলা ভাঞ্চালী(Sanjay Leela Bhansali)ৰ ধাৰাবাহিক হীৰামণ্ডিত। চলিত মাহৰ আৰম্ভণিতে নেটফ্লিক্সত এই ধাৰাবাহিকখনৰ প্ৰিমিয়াৰ হৈছিল। ইয়াৰ উপৰিও অদিতি ৰাও অভিনয় কৰিছে অজিব দাস্তানছ, দিল্লী ৬, বাজীৰাও মস্তানী আদিকে ধৰি বহুকেইখন ছবিত ।

আনহাতে সিদ্ধাৰ্থই কেইবা দশকজুৰি তামিল, তেলেগু আৰু হিন্দী ভাষাৰ ছবিত কৰা অভিনয়েৰে এক আকৰ্ষণীয় কেৰিয়াৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। নুভোষ্টানেণ্টে নেনোডান্টানা, ৰং দে বাছন্টি, বম্মাৰিলু, ষ্ট্ৰাইকাৰ আৰু আনগানাগা অ’ ধীৰুডু আদি ছবিত কৰা অভিনয়ৰ বাবে তেওঁ বহুলভাৱে লাভ কৰিছে স্বীকৃতি ।

Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা

১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক জেৰা
১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক জেৰা

দৈনন্দিন বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বাক্সা জিলাৰ মুছলপুৰৰ ১০০ কোটি টকীয়া অবৈধ ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত মাইনাও ব্ৰহ্মৰ ঘনিষ্ঠ তথা মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টই অৱশেষত দেওবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ জানিব পৰামতে দীৰ্ঘদিন ধৰি এক অজ্ঞাত স্থানত আত্মগোপন কৰি থকা প্ৰৱঞ্চকগৰাকীৰ সহযোগীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত দীপাংকৰে পলাই থকাৰ কোনো পথ নেদেখি দেওবাৰে পুৱাই মুছলপুৰ সদৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷(deepankar bhatt the mastermind of the rs 100 crore trading scam in baksa)

তাৰ পিচত বাক্সা আৰক্ষীয়ে মুছলপুৰ সদৰ থানাত ৰুজু হোৱা ১০২য২০২৪ নম্বৰ গোচৰৰ ভিত্তিত প্ৰৱঞ্চক দীপাংকৰ ভট্টক গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখে ৷ জেৰাকালত প্ৰৱঞ্চক দীপাংকৰে বহু বিস্ফোৰক তথ্য সদৰী কৰা বুলি জানিব পৰা গৈছে যদিও অধিক তদন্তৰ খাতিৰত সেয়া আৰক্ষীয়ে সাংবাদিকক কোৱাৰ পৰা বিৰত থাকে৷ কাইলৈ প্ৰৱঞ্চক দীপাংকৰক আদালতত হাজিৰ কৰোৱাৰ পিচত আৰক্ষীয়ে জিম্মালৈ অনাৰ সম্ভাৱনা আছে৷(Online trading scam)

উল্লেখ্য যে ইতিমধ্যে বাক্সাৰ ১০০ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত মুছলপুৰৰ মাইনাও ব্ৰহ্মৰ সৈতে জড়িত হৈ টিহুৰ ভোজকুছিৰ যুৱক তথা আই চি আই চি আই বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী দীপাংকৰ ভট্টৰ গৃহত আৰক্ষীৰ দলে অনুসন্ধান চলাই দীপাংকৰৰ ক’লা বৰণৰ ‘ফৰচুনাৰ’ বাহনখনৰ লগতে তিনিখন মটৰ চাইকেল আৰু স্কুটী জব্দ কৰাৰ উপৰি পৰিয়ালটোৰ বিভিন্ন বেংক একাউণ্ট আৰু এটিএম কাৰ্ড জব্দ কৰিছিল ৷

প্ৰণিধানযোগ্য যে দীপাংকৰ ভট্টই বিগত চাৰি বছৰৰ ভিতৰতে অবৈধ ট্ৰেডিঙৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধন আহৰণ কৰি পাঠশালা আৰু টিহু অঞ্চলৰ কেবা ঠাইতো নামে-বেনামে মাটি ক্ৰয় কৰাৰ উপৰি কেইবাখনো ব্যৱসায় প্ৰতিষ্ঠান খুলি বহু ধন বিনিয়োগ কৰি বিশাল সম্পত্তিৰ অধিকাৰী হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ (deepankar bhatt)

দেওবাৰে মাইনাও ব্ৰহ্মৰ সহযোগী দীপাংকৰ ভট্টই আত্মসমৰ্পণ কৰাৰ খবৰ বিয়পি পৰাৰ পাচতে মুছলপুৰ আৰক্ষী থানাৰ সম্মুখত বহুলোকে ভিৰ পৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে দুদিন পূৰ্বে দীপাংকৰ ভট্টৰ দুই সহযোগী তথা আই চি আই চি আই চি বেংকৰ মুছলপুৰ শাখাৰ প্ৰাক্তন কৰ্মচাৰী ক্ৰমে মংগলদৈৰ জ্যোতিষ্মান শৰ্মা আৰু নিকাচীৰ সুমিত বৰ্মনক আৰক্ষীয়ে বঙাইগাঁওত গ্ৰেপ্তাৰ কৰিছিল৷ সম্প্ৰতি এই দুই সহযোগীক আৰক্ষীয়ে পাঁচ দিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে৷

Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন

কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন

বলীউডৰ বিখ্যাত দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং। যোৱা ৮ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হয় দুয়ো। এগৰাকী মৰমলগা কন্যাক সন্তানৰ পিতৃ-মাতৃ হয় দীপিকা পাডুকন আৰু ৰণবীৰ সিং। এতিয়া দীপিকাক হস্পিতালৰ পৰা ৰিলিজ দিয়া হৈছে আৰু ৰণবীৰৰ সৈতে কণমানিটিক লৈ দুয়ো উভতিছে ঘৰলৈ। শেহতীয়াকৈ তেওঁলোকৰ কিছুমান ফটো-ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দীপিকা আৰু ৰণবীৰক তেওঁলোকৰ কন্যাৰ সৈতে দেখা গৈছে। (Deepika padukone holds her daughter first photo viral)

কন্যা সন্তান জন্মৰ পিছত দীপিকা পাডুকনক কন্যাৰ সৈতে চিকিৎসালয়ৰ পৰা ওলাই অহা দেখা গ’ল। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে হাঁহিমুখেৰে গাড়ীৰে স্বামী ৰণবীৰ সিঙে কন্যাক কোলাত ধৰি চিকিৎসালয়ৰ পৰা ওলাই আহি দুয়ো ঘৰলৈ ৰাওনা হয়। এই ছবিবোৰ ওলোৱাৰ পিছত অনুৰাগীৰ সুখৰ সীমা নাই, অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত দম্পতীহালক অভিনন্দন জনাইছে আৰু লগতে তেওঁলোকৰ কণমানিটিলৈ আৰ্শীবাদ দিছে।

চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ হোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে দীপিকা পাডুকনেও নিজৰ ইনষ্টাগ্ৰাম বায়’ সলনি কৰিছিল। অভিনেত্ৰীগৰাকীয়ে হাস্যৰসেৰে নিজৰ নতুন বায়’ত লিখিছে ‘ফিড.বাৰ্প.স্লিপ.ৰিপিট’।

এই শাৰীবোৰে তেওঁৰ নতুন পাৰিবাৰিক জীৱনৰ আভাস দেখুৱাইছে। ৮ ছেপ্টেম্বৰত দীপিকা আৰু ৰণবীৰে ছ’চিয়েল মিডিয়াত কন্যা সন্তানৰ জন্মৰ ভাল খবৰটো শ্বেয়াৰ কৰি লিখিছিল, ‘ৱেলকাম বেবী গাৰ্ল ৮.৯.২০২৪’। এই পোষ্টটোৰ বাবে দম্পতীহালৰ সকলো অনুৰাগী আৰু চেলিব্ৰিটিয়ে অভিনন্দন জনায়। শ্বাহৰুখ খানেও দীপিকাক লগ কৰি অভিনন্দন জনাবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল। শ্বাহৰুখ খানৰ উপৰিও মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ বাকীসকলেও দীপিকা আৰু তেওঁৰ কন্যাক লগ কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল।

লগতে পঢ়কঃ Deepika Padukone Daughter: ঐশ্বৰ্য-অনুষ্কাৰ পিছতে দীপিকা পাডুকন! সন্তানৰ যত্ন নিজেই ল’ব দীপিকাই

How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক

সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব
সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব

নাৰীৰ সৌন্দৰ্য্য চুলিতে। আপোনাৰ ধুনীয়া চুলিকোছা বিভিন্ন কাৰণত বাৰে বাৰে লেতেৰা আৰু নিৰ্জীৱ যেন দেখাবলৈ আৰম্ভ কৰে কেতিয়াবা। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চেম্পু ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। শ্বেম্পুৰে সঘনাই কেইবাৰ চুলি ধুব লাগে সেই বিষয়ে আপুনি জানেনে। চুলিৰ সৌন্দৰ্য্য বজাই ৰখাটো, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু যত্ন লোৱাটো অতি প্ৰয়োজনীয়, নহ’লে চুলি শুকান দেখা যায়। চুলি চাফা কৰাৰ বাবে আমি প্ৰায়ে শ্বেম্পুৰে ধুই লওঁ, কিন্তু আপুনি জানেনে সপ্তাহত কেইবাৰ চুলি চেম্পুৰে ধুব লাগে। ।(How Often Should You Wash Your Hair With Shampoo)

১/ তেল

চুলিৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল লেতেৰা চুলিৰ বাবে চুলিবোৰ ওলমি থকা আৰু নিৰ্জীৱ যেন লাগিব পাৰে। আপোনাৰ চুলিত কিমান তেল উৎপন্ন হ’ব সেয়া নিৰ্ভৰ কৰে আপোনাৰ বয়স, জিনীয়, লিংগ আৰু পৰিৱেশৰ ওপৰত। কিশোৰ আৰু ডেকা প্ৰাপ্তবয়স্কতকৈ শিশু আৰু আদবয়সীয়া লোকে কম চেবাম উৎপন্ন কৰে। যিসকলৰ চুলিত অধিক তেল উৎপন্ন হয়, তেওঁলোকে চুলি অধিক ধোৱাৰ প্ৰয়োজন।

২/ চুলিৰ প্ৰকাৰ

বেঁকা আৰু ডাঠ চুলিতকৈ পোন আৰু পাতল চুলি বেছিকৈ ধুব লাগে। পোন চুলিত সোনকালে আৱৰণ পৰে, অৰ্থাৎ সোনকালে তেলীয়া হৈ পৰে। ডাঠ আৰু বেঁকা চুলিত তেল সহজে জমা নহয়, সেয়েহে এনে চুলি শুকান যেন লাগে।

৩/ ঘাম ওলোৱা

ঘাম এটা ডাঙৰ কাৰক যিয়ে আপোনাক সঘনাই চুলি ধুবলৈ বাধ্য কৰাই। ঘামৰ ফলত চুলিত চেবাম বিয়পি পৰে, যাৰ ফলত চুলি লেতেৰা দেখা যায়। বিশেষকৈ ভাৰতৰ দৰে দেশত য’ত গ্ৰীষ্মকালত ঘাম বেছি হয়, তাত চুলি ধোৱাৰ প্ৰয়োজনীয়তা অধিক।

৪/ শাৰীৰিক মলি

যদি আপুনি চাফাই, বাগিচা বা আন কোনো কাম কৰে তেন্তে চুলিত ধূলি আৰু মলি জমা হ’বলৈ আৰম্ভ কৰে যাৰ ফলত চুলিবোৰ বেয়া হৈ পৰে। এনে লোকে চুলিখিনি শ্বেম্পুৰে বেছিকৈ ধুব লাগে যাতে চুলি পৰিষ্কাৰ আৰু সতেজ দেখা যায়।

৫/ ষ্টাইলিং প্ৰডাক্ট

যেতিয়া আপুনি বেছিকৈ ষ্টাইলিং প্ৰডাক্ট ব্যৱহাৰ কৰে তেতিয়া চুলিত সেই সমূহ বিয়পি পৰে আৰু তাৰ পিছত ক্ষতি কৰে। এনে সামগ্ৰীৰ ব্যৱহাৰ কৰিলে সঘনাই চুলি ধুব লাগে।

আহাতে সপ্তাহত কিমানবাৰ শ্বেম্পুৰে চুলি ধুব লাগে সেয়া বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে চেবাম উৎপাদন, চুলিৰ টান হোৱা আৰু কিমান লেতেৰা হৈ পৰিছে ইত্যাদি। নিজৰ চুলিৰ যত্নৰ বাবে বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰাটো ভাল।

লগতে পঢ়কঃ Side Effects Of Coconut Oil: সাৱধান! আপুনিও ছালত লগায় নেকি নাৰিকল তেল?

Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?

গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক
গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক

তেলেংগানাৰ ছেকেণ্ডৰাবাদৰ সমীপত গণপতি পূজাৰ থিম আছিল বাজীৰাও মস্তানী ছবি। এই চিন্তাধাৰাৰ প্ৰতি লক্ষ্য ৰাখি বাপ্পাক মুছলমান ব্যক্তিৰ দৰে সাজ-পোছাক পৰিধান কৰোৱাৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে।(Controversy erupts over Ganpati Ganesh idol in Telangana)

দেশত গণেশ উৎসৱৰৰ মাজতে তেলেংগানাত গণেশ মূৰ্তিক লৈ সৃষ্টি হৈছে বিতৰ্ক। অভিযওগ অনুসৰি, পূজা পেণ্ডেলৰ আয়োজকসকলে বাপ্পাক মুছলমান সাজ-পোছাক পৰিধান কৰি লাখ লাখ ভক্তৰ বিশ্বাস আৰু ধৰ্মীয় আৱেগক আঘাত কৰিছে। কেতিয়াবা শিল্পৰ নামত, কেতিয়াবা সৃষ্টিশীলতাৰ নামত আৰু কেতিয়াবা তথাকথিত ধৰ্মনিৰপেক্ষতাৰ নামত মানুহে এনেকুৱা কাম কৰে যাক লৈ বিতৰ্কৰ সূত্ৰপাত হয়। তেনে কাৰ্য সংঘটিত হৈছে তেলেংগানাৰ ছেকেণ্ডৰাবাদৰ সমীপত গণেশ পূজাৰস্থলীত।

তেলেংগানাৰ ছেকেণ্ডৰাবাদৰ সমীপত এটা গণপতি পূজা পেণ্ডেলৰ থিম আছিল বাজীৰাও মস্তানী ছবি। এই থিম অনুসৰি গণেশক মুছলমান ব্যক্তিৰ দৰে সাজ-পোছাক পিন্ধাই নতুন বিতৰ্কৰ সৃষ্টি হৈছে। মানুহে কয় যে পূজাৰ বিষয়বস্তুত চিনেমাৰ দৰে সাজ-পোছাক দেখুওৱাটো কেৱল নিন্দনীয় নহয় বৰঞ্চ এক বৃহৎ পাপ। এতিয়া মানুহৰ মনত প্ৰশ্ন, আয়োজকসকলৰ উদ্দেশ্য সঠিক আছিল নে ভুল আছিল। আপুনি এ কাৰ্যক সঠিক বা ভুল কি বুলি গণ্য কৰিব?

‘বাজীৰাও মস্তানী’ ছবিৰ পৰা অনুপ্ৰাণিত গণেশৰ প্ৰতিমূৰ্তিক সামাজিক মাধ্যমত তীব্ৰ সমালোচনা কৰে ৰাইজে। সকলোৱে মাথোঁ সুধিছে এই বেয়া ধাৰণা কাৰ আছিল? ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কয় যে গণপতি ভক্তৰ বিশ্বাসৰ সৈতে খেলা কৰাসকলক শাস্তি দিয়া উচিত। ইয়াৰ পিছত গণেশ উৎসৱৰ আয়োজকসকলে তেওঁলোকৰ স্পষ্টীকৰণত কয় যে তেওঁলোকৰ উদ্দেশ্য কাকো আঘাত দিয়া নাছিল।

ছিকেণ্ডৰাবাদত আয়োজিত বাৰ্ষিক গণপতি উৎসৱত গণেশৰ আবিৰ্ভাৱ আছিল এজন ‘মুছলমান মানুহ’ৰ দৰে।আয়োজকসকলে কয় যে গণপতি পেণ্ডেলৰ থিমটো বলীউডৰ ছবি ‘বাজীৰাও মস্তানী’ৰ পৰা অনুপ্ৰাণিত হৈছিল। আমাৰ উদ্দেশ্য কাৰো আৱেগক আঘাত কৰা নাছিল। ভুল বুজাবুজি বুলি কৈ নিজৰ ‘ভুল’ৰ ক্ষমা বিচাৰিলে আয়োজকে।

39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন

চক্ৰধৰ সমাৰোহত মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
চক্ৰধৰ সমাৰোহত মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন

গুৱাহাটী ,১৬ ছেপ্টেম্বৰ : বিশিষ্ট সংগীতজ্ঞ, নৃত্য বিশাৰদ মহাৰজা চক্ৰধৰ সিংহৰ সোঁৱৰণত ছত্তিশগড়ৰ ৰায়গড়ত উদযাপিত হৈ আহিছে বাৰেৰহণীয়া কলা-সংস্কৃতিৰে সমৃদ্ধ দেশৰ ভিতৰতে প্রসিদ্ধ চক্ৰধৰ সমৰোহ। গণেশ চতুর্থীৰ পবিত্ৰ দিনটোত ৰায়গড়ৰ ৰামলীলা ময়দানত ১০ দিনীয়াকৈ ৩৯ সংখ্যক চক্ৰধৰ সমৰোহত ৰাজ্যখনৰ বিশিষ্ট শিল্পীসকলৰ লগতে ৰাষ্ট্ৰীয় বা অন্তৰাষ্ট্ৰীয় স্তৰৰ স্বনামধন্য পদ্ম বিভূষন, পদ্মশ্রী খ্যাত বিভিন্ন কলা-সংস্কৃতিৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা মহান শিল্পী সকলে প্রদর্শন কৰে তেওঁলোকৰ কলাকীর্তি।(Assam’s Mridusmita Das Bora’s 39th Chakradhar Samaroh Showcases Magnificent Sattriya Nritya)

সমাৰোহত ভাৰত নাট্যম, কথক, মোহিনী আট্টম, কুচিপুড়ি, মণিপুৰী, ওডিচি, নৃত্যৰ বিশিষ্ট শিল্পী সকলৰ উপৰিও এইবাৰ অসমৰ সত্রীয়া নৃত্যক পোন প্রথম বাৰৰ বাবে প্ৰদৰ্শিত হোৱাৰ লগতে লোক সংগীত আৰু বাদ্যযন্ত্রী বিশাৰদ সকলেও প্রস্তুত কৰিব তেঁওলোকৰ গায়ন আৰু বায়ন শৈলী। (39th Chakradhar Samaroh)

অসমৰ বিহুৱেও এইবাৰ সমাৰোহত প্ৰথম বাৰৰ বাবে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ কৃষ্টি প্ৰদৰ্শনৰ বাট মোকলাই দিয়াৰ বাবে ছত্তীশগড় ৰাজ্যত কৰ্মৰত অসমৰ সু- সন্তান, আই এ এছ বিষয়া সোণমণি বৰা ধন্যবাদৰ পাত্ৰ। তেওঁৰ প্ৰচেষ্টাতে এনে মহান অনষ্ঠানত অসমৰ সংস্কৃতিয়ে স্থান পোৱাটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। অসমৰ সত্ৰীয়া নৃত্য প্রদর্শনৰ বাবে আমন্ত্ৰিত হয় সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ পুৰস্কাৰৰে বিভূষিত মৃদুস্মিতা দাস।(Mridusmita Das Bora)

তেওঁক সহযোগ কৰিছে আন এগৰাকী নিপুণ সত্ৰীয়া নৃত্য শিল্পী ৰাজীৱ দাসে। তেওঁলোক দুয়োরে ১৩ ছেপ্টেম্বৰ দিনা সন্ধিয়া প্ৰায় ৪০ মিনিট সময় নান্দনিক ৰূপত প্ৰদৰ্শন কৰা সত্ৰীয়া নৃত্যই ৰসিক দর্শকসকলক সন্মোহিত কৰি ৰাখে। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই শিল্পী দুগৰাকীৰ নৃত্য প্রতিভাক দর্শক শ্রোতাই সন্মান জনোৱাটো অসমৰ সত্ৰীয়া নৃত্যশৈলীৰ বাবে নিশ্চয় গৌৰৱ আৰু আনন্দৰ বিষয়।

এইবাৰৰ সমাৰোহত অংশগ্ৰহণ কৰা বিশিষ্ট শিল্পীসকলৰ ভিতৰত নৃত্য পটিয়সী তথা সাংসদ হেমা মালিনী, কবি কুমাৰ বিশ্বাস, পদ্মশ্রী দেবযানী, মীনাক্ষী শেষাদ্রী, ভূপেন্দ্ৰ বেৰধ, পূর্ণাশ্রী বার্ডত, দ্বীপান্বিতা সৰকাৰ, পদ্মশ্ৰী ৰঞ্জনা গৌহৰ, ৰাকেশ চৌৰচিয়া, তপচিৰ মহম্মদ, ৰাহুল শর্মা ইত্যাদি। এনে এক মহান সমাৰোহত দৃষ্টিনন্দন সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক গৌৰৱান্বিত কৰা বাবে মৃদুস্মিতা দাস বৰা প্রশংসাৰ পাত্ৰ।

BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা

Assam Minister Pijush Hazarika Denies BJP Involvement in Online Scam, Welcomes CBI Investigation
BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা

গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(Prime Minister Narendra Modi) আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Chief Minister Dr. Himanta Biswa Sarma)ৰ নেতৃত্বত অসমত বিজেপি দল অত্যন্ত শক্তিশালী । ৰাইজে বিজেপি দলক ভাল পায় । সেইবাবে প্ৰত্যেক দিনাই অসমত ২ লাখৰো অধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰি আছে। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। (BJP Involvement in Online Scam)

বিহালীৰ উপ-নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয়- বিহালীত উপ-নিৰ্বাচন হ’ব(Upcoming by-elections)। সেইমৰ্মে দলে মোক বিহালী সমষ্টিৰ দায়িত্ব দিছে। সেয়ে মাজে মাজে আহি আছো। আমি আমি বিহালী ডিগ্ৰী কলেজৰ শিক্ষাৰ্থীসকলৰ সৈতে মত অন্তৰংগ আলাপ কৰিলো। বৰ ভাল লাগিল। লগতে আমি যি চাৰিটা জিলা পৰিষদ আছে তাৰ অন্তৰ্গত পঞ্চায়তসমূহত সমিতি তৈয়াৰ কৰি দিছো।

মন্ত্ৰী হাজৰিকাই কয়- প্ৰতিদিনে কমেও ২ লাখকৈ লোকে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিছে(Bharatiya Janata Party)। এয়া কোনো সৰু কথা নহয়। বিহালীতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই। মানুহ এজনে এনেয়ে ঘৰত বহিয়েই বিজেপিৰ সদস্য পদ লোৱা নাই। ইয়াৰ বাবে মানুহ এজন অন্তঃকৰণেৰে দলটোক ভাল পাব লাগিব। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে মানুহ এজনে বিজেপিৰ সদস্য পদ ল’ব লাগে।

অনলাইন ট্ৰেডিং কেলেংকাৰি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়- বিজেপিৰ কোনোবা ইয়াত জড়িত থাকিলে তদন্তৰ দায়িত্ব চিবিআইক(Central Bureau of Investigation) দিয়ে নেকি? বিজেপিৰ কোনো লোক ইয়াত জড়িত নাই। গতিকে আমি অত্যন্ত দৃঢ়তাৰে এই কেলেংকাৰিৰ তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছো বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা

Assam CM Himanta Biswa Sarma Praises Smooth Conduct of Assam Direct Recruitment Examination (ADRE)
Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা

গুৱাহাটী, ১৬ ছেপ্টেম্বৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sarma)ই প্ৰথম অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment Examination) সফল আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰাৰ বাবে ইয়াৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত(Social media platform X) মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ কৰ্মশক্তিয়ে কোনো ধৰণৰ জটিলতা নোহোৱাকৈ এই উল্লেখযোগ্য পৰীক্ষা দক্ষতাৰে পৰিচালনা কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলক প্ৰশংসা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষা শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ কথাটোকে এক কৃতিত্ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “প্ৰথম এডিআৰই পৰীক্ষা(ADRE) শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে। কোনো সমস্যা নোহোৱাকৈ এই কাম সফলতাৰে সম্পূৰ্ণ কৰা অসম চৰকাৰৰ সকলো বিষয়া-কৰ্মচাৰীলৈ মোৰ গভীৰ কৃতজ্ঞতা জনাইছোঁ।”

অসমৰ যুৱক-যুৱতীসকলৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰি তেওঁ ৰাজ্যৰ চাকৰি প্ৰত্যাশীসকলক দুৰ্নীতিমুক্ত আৰু ন্যায্য প্ৰক্ৰিয়াৰে পৰিচালিত পৰীক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে(Recruitment examinations) ।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ(Grade III posts) ৩১২৭ টা পদৰ বিপৰীতে এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল এঘাৰ লক্ষাধিক প্ৰাৰ্থীয়ে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হয় এই পৰীক্ষা(Higher Secondary level Grade III posts) । পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,২৩,২০৪ গৰাকী ।

লগতে পঢ়ক: Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ

Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ
Arvind Kejriwal Resignation: কেজৰিৱালৰ পদত্যাগৰ ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা বিজেপিৰ

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ: দেওবাৰে কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রথমখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল (Arvind Kejriwal Resignation)। তেওঁ কয় , “জনসাধাৰণে মোক পুনৰ নির্বাচন নকৰালৈকে মই মুখ্যমন্ত্রীৰ চকীত বহি নাথাকো ৷ মই প্ৰতিজন মানুহৰ ঘৰলৈ যাম।”

কেজৰিৱালে দাবী কৰে যে বিজেপিয়ে আপ(Aam Aadmi Party) ধ্বংস কৰাৰ উদ্দেশ্যেৰে তেওঁক জেললৈ প্ৰেৰণ কৰিছিল । কেজৰিৱালে কয়, “মোক জে’ললৈ পঠিয়াই আমাৰ দলটো ভাঙি পেলাব বিচাৰিছিল ৷ কিন্তু তেওঁলোকে তেনে কৰিব নোৱাৰিলে । মই সংবিধান বচাব বিচাৰিছিলো, সেইবাবেই জে’লত থকাৰ পিছতো পদত্যাগ কৰা নাছিলো।”

ইফালে অৰবিন্দ কেজৰিৱালে(Delhi Chief Minister Arvind Kejriwal) দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কৰা ঘোষণাৰ পিছতেই বিজেপিয়ে(Bharatiya Janata Party) কেজৰিৱালৰ এই ঘোষণাক সস্তীয়া প্ৰচাৰৰ কৌশল আখ্যা দিছে।

গেৰুৱা দলটোৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে(BJP spokesperson Pradeep Bhandari) এই প্ৰসংগত কয় যে, কেজৰিৱালে নিজৰ ভাবমূৰ্তি পুনৰ উজলাবৰ বাবেই এনে ঘোষণা কৰি মানুহক আবেগিক কৰিব বিচাৰিছে ।

ভাণ্ডাৰীয়ে লগতে কয়, “এয়া অৰবিন্দ কেজৰিৱালৰ এক প্ৰচাৰৰ কৌশল । তেওঁ জানে যে দিল্লীৰ জনতাই তেওঁক আৰু সৎ নেতা হিচাবে গণ্য নকৰে। সেয়ে তেওঁ এনে কৌশলৰ জৰিয়তে ভাবমূৰ্তি উজ্জ্বল কৰিব বিচাৰিছে।

উল্লেখ্য যে, চলিত বছৰৰ মাৰ্চ মাহত আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। ইয়াৰ পিছত ৬ মাহ জেলৰ পৰাই তেওঁ চৰকাৰ চলাইছিল। জেলত থকা সময়ত বিজেপিয়ে বাৰে বাৰে কেজৰিৱালৰ পদত্যাগ দাবী কৰিছিল। দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ নৈতিক অধিকাৰ হেৰুৱাইছে বুলি দাবী কৰিছিল বিজেপিয়ে।

Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

Assam recruitment exam Assam Conducts Largest Recruitment Exam
Assam recruitment exam: ৰাজ্যত অনুষ্ঠিত হ’ল সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা, ৩১২৭ টা পদৰ বিপৰীতে প্ৰার্থী ১১ লক্ষাধিক

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : অসম চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ অৰ্থে আয়োজন কৰিলে সৰ্ববৃহৎ নিযুক্তি পৰীক্ষা(Assam recruitment exam)। তৃতীয় বৰ্গৰ পদৰ বাবে আবেদন কৰা স্নাতক আৰু স্নাতকোত্তৰ উত্তীৰ্ণ লাখ লাখ নিবনুৱাই এটা চাকৰিৰ বাবে দেওবাৰে উবুৰি খাই পৰিল প্ৰতিটো পৰীক্ষা কেন্দ্ৰত(Government of Assam) ।

দেওবাৰে ৰাজ্যৰ জিলাই জিলাই নিবনুৱাৰ ভয়াৱহ ছবিখন ভালদৰেই প্ৰকট হ’ল। ৰাজ্য চৰকাৰে অসমৰ নিবনুৱাক কৰ্মসংস্থাপনৰ কোনো বাট দেখুৱাব নোৱাৰ ছবিখনো দেওবাৰে প্ৰকট হৈ পৰিল। সেয়ে দৰমহা যিয়েই হোঁক, চাকৰি এটা যিকোনো প্ৰকাৰে লাগে মনোভাবেৰে স্নাতক আৰু স্নাতকোত্তৰ উতীৰ্ণ বহুতে পৰীক্ষাত অৱতীৰ্ণ হ’ল(Job-seeking graduates and postgraduates)।

পৰীক্ষাৰ বাবেই দেওবাৰে পুৱা প্ৰায় ৮ বজাৰ পৰাই কৰ্তন কৰা হ’ল মোবাইল ইণ্টাৰনেট সেৱা(Mobile internet services) । পূৰ্বে ১০ বজাৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ কৰা হ’ব বুলি কোৱা হৈছিল যদিও বহুতে প্ৰকাশ কৰা মতে বিভিন্ন এলেকাত পুৱা ৮ বজাৰ পৰাই ইণ্টাৰনেট বন্ধ হৈ পৰে।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ ৩১২৭ টা পদৰ বিপৰীতে পৰীক্ষাত অৱতীৰ্ণ হৈছে এঘাৰ লক্ষাধিক প্ৰাৰ্থীয়ে(Grade III posts) । উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ ২৮ খন জিলাৰ ২,৩০৫ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হয় । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হয় এই পৰীক্ষা । পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা আছিল ১১,২৩,২০৪ গৰাকী ।

ইফালে এই পৰীক্ষাক কেন্দ্ৰ কৰি দেওবাৰৰ দিনটোত ৰাজ্যৰ প্ৰায়ভাগ বাট-পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয় । গুৱাহাটী মহানগৰীতো পুৱাৰ যান-জঁটে সাধাৰণ মানুহৰ জীৱন প্ৰায় অচল কৰি তোলে।

পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ ম’বাইল, বেগ, পানীৰ বটল, ঘড়ী আদি নিবলৈ দিয়া নহ’ল । আনহাতে চি চি টিভি কেমেৰা নথকা পৰীক্ষা কেন্দ্ৰত তিনিজনকৈ ভিডিঅ’গ্ৰাফাৰৰ ব্যৱস্থা কৰা হয় । তদুপৰি প্ৰত্যেকটো কেন্দ্ৰত এজন ৰাজপত্ৰিত বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক ছুপাৰভাইজৰ হিচাপে নিযোজিত কৰা হয় । নিবনুৱাসকলে আজি যি আশাৰে পৰীক্ষাত বহিল সেই আশা তেওঁলোকৰ পূৰণ হ’বনে নাই সেয়া সময়ত স্পষ্ট হ’ব ।