Home Blog Page 539

Flood Control in Assam : জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

Assam Water Resources Minister Pijush Hazarika Reviews Flood Control in Assam in Virtual Meeting
Flood Control in Assam : জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰে ভাৰ্চুৱেল পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ১০ ছেপ্তেম্বৰ: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ পৰা ভাৰ্চুৱেলী(virtual review meeting) বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ লয়(Assam Water Resources Minister Pijush Hazarika) । ৰাজ্য চৰকাৰৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাচীৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তা তথা আন অভিযন্তাসকলৰ সৈতে বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰে(Flood Control in Assam) ।

বিশেষকৈ বিভাগে হাতত লোৱা জলাশয় উন্নয়নৰ কামৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে সকলো অভিযন্তাকে নিৰ্দিষ্ট কিছু জলাশয় বাছনি কৰি বান নিয়ন্ত্ৰণৰ সহায় হোৱাকৈ উন্নয়ন কৰিব পাৰি নেকি সেয়া অধ্যয়ন কৰিবলৈ নিৰ্দেশনা দিয়ে(Focus on Lake Development for Flood Control) ।

উল্লেখ্য যে অসম চৰকাৰৰ জলসম্পদ বিভাগে ৰাজ্যখনৰ বান নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ নদীৰ সৈতে সংলগ্ন কিছু জলাশয় বাছনি কৰি উন্নয়ন কৰাৰ চিন্তা চৰ্চা কৰি আছে((Flood control measures)) । প্ৰাথমিক পৰ্যায়ত মুঠ ৯ টা এনে জলাশয় বাছনি কৰি ইতিমধ্যে ক্ষেত্ৰ অধ্যয়ন কৰি থকা হৈছে । এই সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে বিস্তৃতভাৱে সোমবাৰৰ এই বৈঠকত আলোচনা কৰে ।

সোমবাৰৰ এই বৈঠকতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে অহা খৰালিৰ সময়ত ৰাজ্যখনত নিৰ্মাণ হ’বলগা প্ৰায় ২২৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিৰ বিষয়েও উল্লেখ কৰি সকলোকে এই নিৰ্মাণকাৰ্যৰ সুক্ষ্ম তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে এই বৈঠকতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিগত বানৰ সময়ত বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলে লোৱা সবল ভূমিকাৰ কথা উল্লেখ কৰি সকলোৰে শলাগ লয় ।

বিভাগীয় অভিযন্তা-কৰ্মচাৰীৰ কষ্ট তথা সবল ভূমিকাৰ বাবে এইবাৰ বানৰ প্ৰকোপ যথেষ্ট হ্ৰাস পোৱা বুলি তেওঁ উল্লেখ কৰে | উল্লেখ্য যে বিগত বিধানসভাৰ শৰৎকালীন অধিৱেশনত জলসম্পদ বিভাগৰ কামৰ ওপৰত আলোচনা কৰি শাসক আৰু বিৰোধী উভয় পক্ষৰ বিধায়কসকলে জলসম্পদ বিভাগে বিগত তিনিটা বছৰত বান-নিয়ন্ত্ৰণৰ বাবে হাতত লোৱা কামসমূহৰ ভুয়সী প্ৰশংসা কৰিছিল ।

সোমবাৰৰ বৈঠকত এই বিষয়ে উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে এইবছৰ বানত মূলতঃ মথাউৰিৰ ভিতৰফালে অৰ্থাত নদীৰ ফালে ক্ষতিগ্ৰস্ত বেছিকৈ হৈছে । মথাউৰিৰ ভিতৰফালে বান নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাক এই ক্ষেত্ৰত নদীৰ খহনীয়া ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে(River Erosion) ।

Remembering Dr Bhupen Hazarika : নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ

নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ
নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত সুধাকণ্ঠক স্মৰণ

অসম সম্পদ, জাতীয় প্ৰাণ, সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ ওপজা দিনটো অসমৰ অগ্ৰণী সামাজিক- সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ যৌথ উদ্যোগত নিউ আৰ্ট প্লেয়াৰ্ছৰ নিৰ্মিয়মান প্ৰেক্ষাগৃহত যোৱা ৮ ছেপ্টেম্বৰ, ২০২৪ ত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উদ‌‌যাপন কৰা হয় ( Remembering Dr Bhupen Hazarika) । প্ৰাগ‌জ্য়োতি কমিউনিকেশ্যনচ‌ৰ অধ্যক্ষ দীপাংক হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে নিউ আৰ্ট প্লেয়াৰ্ছৰ সভাপতি অজয় কুমাৰ দত্তই সুধাকণ্ঠক স্মৰণ কৰাৰ লগতে অভ্যাগত সকলক আদৰণি জনায় ৷

অনুষ্ঠানত যশস্বী আবৃত্তিকাৰ উপম শইকীয়াৰ পৰিচালনাত “শব্দম স্কুল অৱ ৰিচাইটেচন“ৰ ছাত্ৰ-ছাত্ৰীসকলে সুধাকণ্ঠৰ কালজয়ী গীতৰ আবৃত্তি আৰু নৃত্যৰ সমাহাৰত এক মনোমোহা অনুষ্ঠান পৰিৱেশন কৰে ৷ অনুষ্ঠানৰ মুখ্য বক্তা অসমৰ বিশিষ্ট তবলাবাদক, শাস্ত্ৰীয় সংগীতৰ গৱেষক তথা ইউনেস্কৰ অন্তৰ্গত সংস্থা আইক’মচৰ আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞ দিলীপ চাংকাকতিয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শাস্ত্ৰীয় সংগীতৰ শিক্ষা আৰু তেখেতৰ গীতত ইয়াৰ প্ৰয়োগ সন্দৰ্ভত এক তথ্য সমৃদ্ধ বক্তব্য প্ৰদান কৰাৰ লগতে অনুষ্ঠানত উপস্থিত অতিথি সকলৰ সৈতে এটি অন্তৰংগ আলাপত মিলিত হয় ৷ ইয়াৰ পিছতেই নিউ আৰ্ট প্লেয়াৰ্ছৰ শিল্পী সকলে সুধাকণ্ঠৰ কালজয়ী গীতৰ আধাৰত বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে ৷

বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী ডা° মিৰনন্দা বৰঠাকুৰৰ সুধাকণ্ঠৰ গীতৰ সুৰত নৃত্য আৰু লগতে দেবাশী শৰ্মা তামুলী, ভূষান তালুকদাৰ আৰু গৰিষ্ঠা শৰ্মাই পৰিবেশন কৰা দলীয় নৃত্যই দৰ্শকৰ প্ৰসংশা লাভ কৰে ৷ পৰবৰ্তী কাৰ্যসূচীত বিশিষ্ট সুৰকাৰ, সংগীত পৰিচালক অনুপম চৌধুৰীৰ পৰিচালনাত নিউ আৰ্ট প্লেয়াৰ্ছৰ মহিলা শিল্পী সকল ক্ৰমে সুনয়না গোস্বামী, চেমিমা খাতুন, ড° মল্লিকা শইকীয়া বৰুৱা, নিৰদা চক্ৰৱৰ্তী আৰু ইনা চক্ৰৱৰ্তীৰ কণ্ঠত বৃন্দগান আৰু কৃতাঞ্জলি গোস্বামীয়ে পৰিবেশন কৰা ভূপেন্দ্ৰ সঙ্গীতে দৰ্শকৰ ভূয়সী প্ৰসংশা লাভ কৰে ৷ অনুষ্ঠানৰ শেষত অনুপম চৌধুৰীৰ একৰডিয়ানত সুধাকণ্ঠৰ কালজয়ী গীতৰ সুৰ বজাই প্ৰেক্ষাগৃহত উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷ এই অনুষ্ঠান আয়োজনত গুৱাহাটী ৰিডাৰ্ছ ফ’ৰামৰ সদস্য সকলেও সক্ৰিয় সহযোগ কৰে ৷

যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ

প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ
প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ

মুখ খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই আজি স্পষ্টীকৰণ দিছে। যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে নেতাগৰাকীয়ে। ন্যায়ালয়ত সকলো সত্য উন্মোচিত হ’ব বুলি আশাবাদী শংকৰজ্যোতি বৰুৱা।(aasu general secretary sankarjyoti baruah reaction on ex gf allegation)


শংকৰজ্যোতি বৰুৱাই ক’লে, শেহতীয়াকৈ ৬ তাৰিখৰ পৰা এগৰাকী যুৱতীয়ে মোৰ বিৰুদ্ধে অভিযোগ আনিছে, ইয়াৰ বাবে মোৰ ব্যক্তিগত আৰু সামাজিক জীৱনত যথেষ্ঠ ক্ষতি হৈছে। মোৰ লগতে মোৰ মা মানসিভাৱে ভাগৰি পৰিছে। যিগৰাকী যুৱতী জি এম চি এইচত ভৰ্তি হৈ আছে সেইগৰাকী যুৱতীৰ স্বাস্থ্যক লৈও মই চিন্তিত। মোৰ বিৰুদ্ধে অনা অভিযোগ মই মানি লৈছো। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিলো আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা দৰে প্ৰায় ৬ মাহ ধৰি যুৱতীগৰাকীৰ তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে। যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সেই ফটোখন উঠাৰ দিনা যুৱতীগৰাকীৰ সৈতে মোৰ চিনাকী নাছিল। কিন্তু ৬ মাহ পাছত কিয় অভিযোগ আনিছে তাক লৈ চিন্তিত মই। তেওঁ কয় যে, মই এই বিষয়টোত ন্যায়ালয়ৰ কাষ চাপিছো। (sankarjyoti baruah)

চলিত মাহৰ ৬ তাৰিখে এগৰাকী যুৱতীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। যুৱতীগৰাকীয়ে কৈছিল যে শংকৰজ্যোতি বৰুৱাই অন্য এগৰাকী যুৱতীৰ বাবে তেওঁক প্ৰতাৰণা কৰিছে। লগতে পিষ্টল দেখুৱাই অত্যাচাৰ কৰিছিল বুলি অভিযোগ কৰিছিল।যাৰ বাবে তেওঁ শাৰীৰিক-মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এনেবোৰ কাৰণতে অত্যাধিক মাত্ৰাত দৰৱ সেৱন কৰি জি এম চি এইচত ভৰ্তি হবলগীয়া হৈছিল। বৰ্তমানো চিকিৎসাধীন অৱস্থাতে আছে যুৱতীগৰাকী।

এই অভিযোগ-প্ৰতি অভিযোগৰ মাজতে আজি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই স্পষ্টীকৰণ দি তেওঁৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰে। কিন্তু তেওঁ অনা অভিযোগ সমূহ অভিযোগ বুলি কয়। ইয়াৰ বাবে তেওঁ এই বিষয়টোক লৈ ন্যায়ালয়ৰ কাষ চাপিছো।

Durga Puja 2024 : দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা

দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা
দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা

প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। ‘দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা (Durga Puja 2024) । আনহাতে, দ+উ+ৰ+গ+আ=দুৰ্গা, ইয়াত দ শব্দৰ অৰ্থ দৈত্য নাশক, উ-কাৰৰ অৰ্থ বিঘিনি নাশক, ৰ— ৰোগ নাশক, গ— পাপ নাশক, অ— ভয় বা শত্ৰু নাশক। গতিকে দেখা যায় যে যিমানবোৰ অশুভ শক্তি আছে, সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দেৱী দুৰ্গা। যুগে যুগে হিন্দু ধৰ্মৰ শাক্তপন্থী লোকসকলে দেৱী দুৰ্গাক সমাজৰ পৰা অপায়- অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে

দুৰ্গা পূজা চাৰি দিন ব্যাপী হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটো হৈছে— ‘বোধন’। ‘বোধন’ শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা ‘বিল্ব বোধন’-এৰে দেৱী পূজাৰ আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগেয়ে বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ প্ৰতীক, বেলপাতৰ আকৃতি ত্ৰিশূলসদৃশ। যুৰীয়া বেলত দেৱীৰ শক্তি সংস্থাপন কৰা হয় বাবে ইয়াক বেলবোধন বোলে।

সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণি কৰা হয়। এই মহা সপ্তমীৰ দিনা যুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ-সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত নবিধ শস্য, যেনে— কলগছ, মানকচু, হালধি, ধান, জয়ন্তী ফুলৰ গছ, ডালিম, অশোক, বগা অপৰাজিতা আৰু বেল থাকে। এই নবিধ দ্ৰব্য হালধীয়া সূতাৰে কলপুলিত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শাৰীৰে ন- কইনাৰ দৰে দীঘল ওৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে ‘নৱ পত্ৰিকা’।

দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছিদিন পূজা নহয় (Durga PujaFestival ) । ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে । হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্রকন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতি-গৃহলৈ গমন কৰিছিল । সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয় । বঙালীসকলৰ পাৰ্বিাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য তেওঁলােকে দেখিবলৈ পায় । বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে। সেইদৰে স্বামী-গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈ পৰে; অঞনীৰে বেদনা-সাগৰ পূৰ্ণ হৈ যায়;এইসাদৃশ্যই, সামঞ্জস্যই দুর্গাপূজাক বঙালীসকলৰ অতি দৰদৰ, অতি মৰমৰ প্ৰাণৰ আপােন কৰি তুলিছে ।

দুর্গাদেৱী দশভুজা (Durga devi) । দশ হস্তে দহ পাত শাণিত অস্ত্র, সিংহৰ পিঠিত আৰহণ কৰি তেওঁ পৰম পৰাক্ৰমী মহিষাসুৰক নিধন কৰিবৰ কাৰণে উদ্যতা । তেওঁৰ সোঁকোষত ঐশ্বর্য বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী আৰু সিদ্ধিদাতা গণেশ, বাওঁ কাষত বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সর্বশুক্লা আই সৰস্বতী আৰু বীর্যৱান দেৱতাসকলৰ সেনাপতি কার্তিক । একেখন বেদীতে এইসকল দেৱ-দেৱীৰ স্থাপনত এক বিশেষ অর্থ নিহিত হৈ আছে ।

Published by: Jebin Sultana

Akshay Kumar Announces Horror Comedy Movie: জন্মদিনত নতুন ভয়ানক হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ

হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ
হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ

বলীউডৰ খিলাদি অক্ষয় কুমাৰৰ আজি জন্মদিন। আজি ৫৭ সংখ্যক জন্মদিন উদযাপন কৰিছে অক্ষয় কুমাৰে। এই দিনটোতে তেওঁ এক বিশেষ অনুষ্ঠানত ঘোষণা কৰিছে আন এখন নতুন হৰৰ কমেডী ছবি। যদিও অক্ষয় দীৰ্ঘদিন ধৰি ফ্লপ ছবিৰ সন্মুখীন হৈ আহিছে, কিন্তু এই নতুন হৰৰ কমেডী ছবিখনৰ ঘোষণাৰ লগে লগে তেওঁৰ লগতে তেওঁৰ অনুৰাগীৰ বাবে বহু আশাৰ সঞ্চাৰ হৈছে। ছবিখনৰ নতুন পোষ্টাৰ এখনো মুকলি কৰা হৈছে, পোষ্টাৰ খনো অতি আকৰ্ষণীয় হৈছে।(Akshay Kumar Announces New Horror Comedy Movie)

নীলা ৰঙৰ চুট পিন্ধি থকা দেখা গৈছে পোষ্টাৰখনত অক্ষয়ক। লগতে তেওঁৰ হাতত গাখীৰৰ বাটি এটা দেখা যায় আৰু কান্ধত ক’লা মেকুৰী এটা বহি আছে। ইয়াৰ উপৰিও তেওঁৰ পিছফালে এটা ডাঙৰ ভয়ংকৰ বাংলোও দেখা গৈছে। এই ছবিখনৰ নাম ‘ভূত বাংলা’, যিখন ছবি অক্ষয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে।

লগতে পঢ়কঃ Director Vasan Bala Apologized To Shraddha Kapoor: আলিয়া ভাটৰ জিগ্ৰাৰ পৰিচালকে ক্ষমা খুজিলে শ্ৰদ্ধা কাপুৰক

জন্মদিনৰ বিশেষ উপলক্ষে অক্ষয়ে নিজৰ ইনষ্টাগ্ৰামত ছবিখনৰ কথা ঘোষণা কৰি এটা পোষ্ট লিখিছিল, ‘প্ৰতি বছৰে মোৰ জন্মদিনত আপোনালোকে দিয়া মৰমৰ বাবে বহুত বহুত ধন্যবাদ! এইবাৰ ‘ভূত বাংলা’ৰ প্ৰথম ৰূপেৰে উদযাপন কৰিছোঁ। ১৪ বছৰৰ পাছত আকৌ এবাৰ প্ৰিয়দৰ্শনৰ সৈতে কাম কৰাৰ সুযোগ পাইছো আৰু মই অতিশয় উৎসাহিত হৈছো। আমাৰ দুয়োৰে বাবে এইটো এটা অতি বিশেষ প্ৰজেক্ট আৰু আমি এই যাত্ৰা আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিবলৈ ৰৈ থাকিব নোৱাৰো। যাদুৰ জগতত থাকক!’।

২০২৫ চনত মুক্তি পাব পাৰে অক্ষয় আৰু প্ৰিয়াদৰ্শনৰ এই ছবিখন আৰু অতি সোনকালে ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব। সূত্ৰ অনুসৰি প্ৰযোজকসকলে এই প্ৰজেক্টৰ বাবে অক্ষয় কুমাৰৰ সৈতে কৰীনা কাপুৰ খানক কাষ্ট কৰাৰ কথা চিন্তা কৰিছে।

লগতে পঢ়কঃ Zubeen Garg Sikaar: আহি আছে চিকাৰ! চিকাৰ চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ

Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা

বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি
বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি

বিশাল-চুমি সম্পৰ্কৰ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য। এবছৰে চুমিৰ কাপোৰ ক্ৰয়ৰ নামত বিশালে ব্যয় কৰিছিল ১ কোটি টকা। বিদেশ ভ্রমণ, আমোদ-প্রমোদৰ নামত ব্যয় কৰিছিল আঢ়ৈ কোটি টকা। দুটা মাহত বিশালে চুমিৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল ২০ কোটি টকা। চুমিৰ জৰিয়তে বিশালৰ কোম্পানীত বিনিয়োগ প্রায় ১০০ কোটি টকা।(Sumi borah-bishal phukan collected one thousand crore)

ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল চুমিৰ গ্রাহক। বিশ্বকর্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা। বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি। আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা।(Online trading scam)

বিশ্বকৰ্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা আছে। ইফালে চুমী-বিশালৰ প্ৰৱঞ্চনাৰ জাল কেৱল অসমতে নহয় অৰুণাচলতো আছে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তিয়েও বিনিয়োগ কৰিছিল ধন।

এইসমূহ তথ্যৰ লগতে আৰু ন-ন তথ্য পোৱাৰ সম্ভাৱনা আছে। বৰ্তমান চুমী-তাৰ্কিক ক’ত আছে লুকাই। কেতিয়া ধৰা দিব আৰক্ষীৰ ওচৰত। তাকেই লৈ ব্যাপক চৰ্চা ৰাইজমেলত। আনহাতে অনলাইন ট্ৰেডিঙৰ নামত বিশাল-চুমীয়া পতা জালখন ভেদ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী।

লগতে পঢ়কঃ YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

আনহাতে ডিব্ৰুগড়ৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT । IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা হৈছে এই SITখন। বিশেষ তদন্ত কমিটিখনত থাকিব অসম আৰক্ষীৰ ৭জন বিষয়া।

ছয়টা দিনে আৰক্ষীৰ চুকুত ধূলি মাৰি পলায়ন কৰা চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয়? যদিহে আত্মসমৰ্পণ নকৰে তেতিয়া হ’লে চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয়ে। তাকে লৈ নানা প্ৰশ্ন মানুহৰ মাজত।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে যিসকল ডাক্তৰে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ সৰহভাগেই আছিল ক’লা ধন । কৰ ফাঁকিকে ধৰি আন উপায়েৰে আৰ্জন কৰা সেই ক’লাধনৰ বিশাল অংশ সেইসকল লোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল । এতিয়া কেলেংকাৰি ওলাই পৰাত তেওঁলোক সেয়ে চিন্তিত হৈ পৰিছে।

Doctor performs surgery watching Youtube : ইউটিউব ভিডিঅ’ৰ সহায় লৈ অস্ত্ৰোপচাৰ কৰাৰ ফলত এজন কিশোৰৰ মৃত্যু

ইউটিউব ভিডিঅ'ৰ সহায় লৈ অস্ত্ৰোপচাৰ কৰাৰ ফলত এজন কিশোৰৰ মৃত্যু
ইউটিউব ভিডিঅ'ৰ সহায় লৈ অস্ত্ৰোপচাৰ কৰাৰ ফলত এজন কিশোৰৰ মৃত্যু

ইউটিউব ভিডিঅ’ৰ সহায় লৈ অস্ত্ৰোপচাৰ কৰাৰ ফলত বিহাৰৰ চাৰণ জিলাত এজন কিশোৰ মৃত্যু হয় ৷ কিশোৰটিৰ ইউটিউব ভিডিঅ’ৰ সহায় লৈ তেওঁৰ শৰীৰৰ পিত্তথলী-শিল (gall bladder-stone) আঁতৰোৱাৰ অস্ত্ৰোপচাৰ কৰিছিল বুলি আৰক্ষীয়ে জনায় ( Doctor performs surgery watching Youtube)। চৰণৰ আৰক্ষী অধীক্ষক (এছপি) কুমাৰ আশীষে সোমবাৰে সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে, ইউটিউব টিউটোৰিয়েলৰ সহায় লৈ পিত্তথলী-শিল আঁতৰোৱাৰ অস্ত্ৰোপচাৰ কৰা অজিত কুমাৰ পুৰীক দেওবাৰে নিশা বিহাৰৰ গোপালগঞ্জ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। মৃত কিশোৰটি চাৰণ জিলাৰ ভূলপুৰ গাঁৱৰ বাসিন্দা গোলু ওৰফে কৃষ্ণ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ সদস্যসকলৰ মতে, গোলু কিছু সময়ৰ বাবে পেটৰ বিষত ভুগি আছিল আৰু তেওঁৰ পৰিয়ালে তেওঁক শুকুৰবাৰে চাৰণৰ ধৰ্মবাগী বজাৰৰ এখন ব্যক্তিগত ক্লিনিকলৈ লৈ গৈছিল ৷ আৰক্ষীয়ে এই কথা জনায়। “গোলুক ভৰ্তি কৰাৰ পিছত কোৱাকে পিত্তথলীৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লৈছিল ইউটিউবত ভিডিঅ’ চোৱাৰ পিছত অস্ত্ৰোপচাৰত গোলুৰ অৱস্থা অধিক অৱনতি ঘটিছিল। যেতিয়া তেওঁৰ অৱস্থা অধিক অৱনতি ঘটিছিল, ক্লিনিকৰ কৰ্মচাৰীসকলে তেওঁক পাটনালৈ লৈ গৈছিল য’ত ৭ ছেপ্টেম্বৰত বাটত তেওঁৰ মৃত্যু হৈছিল।

পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰে যে ইউটিউবত ভিডিঅ’ চোৱাৰ পিছত উক্ত লোকজতে অস্ত্ৰোপচাৰ কৰিছিল”, জিলা আৰক্ষীয়ে এক বিবৃতিত এই কথা কয়। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মৃতকৰ ককাদেউতাক প্ৰহ্লাদ প্ৰসাদে কয়, “পুৰীয়ে মোক কিছু ডিজেল আনিবলৈ পঠিয়াইছিল যেতিয়া মোৰ পত্নী তাত আছিল। যেতিয়া মই ঘূৰি আহিছিলো, মই দেখিছিলো যে পুৰীয়ে ইউটিউবত এটা ভিডিঅ’ চাই মোৰ নাতিক অপাৰেচন কৰি আছে। পিত্তথলী-পাথৰ আঁতৰোৱাৰ অস্ত্ৰোপচাৰ কৰাৰ বাবে তেওঁ আমাৰ পৰা অনুমতি লোৱা নাছিল।

তেওঁলোকে গোলুক পাটনালৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছিল আৰু পাটনালৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হৈছিল। “শুকুৰবাৰে ব্যক্তিগত ক্লিনিকত অস্ত্ৰোপচাৰৰ পিছত গোলুৱে তীব্ৰ বিষ অনুভৱ কৰা আৰম্ভ কৰিছিল। যেতিয়া গোলুৰ অৱস্থা ডিট’ৰিয়াৰেটেড হয় পুৰীয়ে এম্বুলেন্স এখন মাতি পাটনা অভিমুখে গৈছিল। কিন্তু ৭ ছেপ্টেম্বৰত বাটত তেওঁৰ মৃত্যু হয়। পুৰীয়ে গোলুৰ মৃতদেহ আৰু মোৰ পত্নীক ৰাস্তাত এৰি পলাই গৈছিল। মোৰ পত্নীয়ে মৃতদেহটো লৈ উভতি আহিবলৈ সক্ষম হৈছিল,” প্ৰসাদে কয়। তেওঁ অভিযোগ কৰে যে পুৰী এজন লোক আছিল। পৰিয়ালটোৱে ৭ ছেপ্টেম্বৰত আৰক্ষীত অভিযোগ দাখিল কৰিছিল।

Published by: Jebin Sultana

Zubeen Garg Sikaar: আহি আছে চিকাৰ! চিকাৰ চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ

চিকাৰ চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ
চিকাৰ চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ

দেওবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ উপস্থিত হয়। শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া চলচ্চিত্ৰ ‘চিকাৰ’ৰ প্ৰচাৰৰ বাবে উপস্থিত কন্ঠশিল্পীগৰাকী। গোপীনাথ বৰদলৈ ২ নং দুমহলীয়া ছাত্ৰাবাসত চলচ্চিত্ৰখনৰ প্ৰচাৰ কৰে কন্ঠশিল্পী জুবিন গাৰ্গে।(Zubeen Garg Urges everyone to watch Sikaar)

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলচ্চিত্ৰখনৰ পোষ্টাৰ মুকলি কৰে জুবিন গাৰ্গে। জনপ্ৰিয় কন্ঠশিল্পীগৰাকীক কাষত পাই উৎফুল্লিত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। চলচ্চিত্ৰখন চাবলৈ সকলোকে আহ্বান জুবিন গাৰ্গৰ।

চিকাৰ লণ্ডনত ৭০% শ্বুটিং কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰ বুলি মন্তব্য কণ্ঠশিল্পীগৰাকীৰ। চিকাৰৰ পাছত পৰৱৰ্তী চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে আহিব বুলিও প্ৰকাশ কন্ঠশিল্পীগৰাকীৰ।

বহু প্ৰত্যাশিত অসমীয়া ছবি ‘চিকাৰ’ বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া)ৰ বেনাৰত নিৰ্মাণ কৰিছে। ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে মুক্তি লাভ কৰিব পাৰে ছবিখনে।(Zubeen Garg)

চিকাৰ ছবিখনত নতুন অভিনেত্ৰী মুখো দেখিবলৈ পাব দৰ্শকে। ‘চিকাৰ’ৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱক হিচাপে দেখিবলৈ পাব জুবিন গাৰ্গক। ছবিখনত জুবিন গাৰ্গৰ লগত নায়িকাৰ ৰূপত দেখা যাব উদয়ীমান অভিনেত্ৰী তথা মন্ত্ৰী যোগেন মোহনৰ জীয়ৰী ধ্যানী মোহনক। ইয়াৰোপৰি ছবিখনত দেখা যাব কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওঁট (মোহন)কে ধৰি বহুকেইজন ন-পুৰণি জনপ্ৰিয় শিল্পীক। লগতে ছবিখনৰ সংগীত পৰিচালকো জুবিন গাৰ্গ। ‘চিকাৰ’ৰ চিত্ৰনাট্য, সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। দৃশ্যগ্ৰহণকাৰী জন হৈছে ৰেগ্ৰেট। ছবিখনক লৈ আশাবাদী এতি জুবিন অনুৰাগী।

অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰা হৈছে ছবিখনত৷ অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত শ্ৰমিকসকলক কম মজুৰি দিয়া, মহিলাৰ প্ৰতি অত্যাচাৰ কৰা আৰু শ্ৰমিকসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা আদি ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

লগতে পঢ়কঃ Zubeen Garg Reacts on Sumi Borah: জুবিনে ক’লেঃ লুকাই আছে, লুকাই থাকক

উক্ত অনুষ্ঠানতে পলাতক চুমি বৰা প্ৰসংগতো জুবিন গাৰ্গে মন্তব্য কৰি কয় যে লুকাই আছে লুকাই থাকক।

published by: munmi gogoi

Two encounters in J-K’s : জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ২ উগ্ৰপন্থী

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ২ উগ্ৰপন্থী
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ২ উগ্ৰপন্থী

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি)ত সেনাৰ সৈন্যই অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰাৰ ফলত গুলীচালনাত দুজন সশস্ত্ৰ উগ্ৰপন্থী নিহত হয় (Two encounters in J-K’s)। সোমবাৰে বিষয়াই এই কথা প্ৰকাশ কৰে ৷ সামাজিক মাধ্যম এক্সত দিয়া এটা পোষ্টত সেনাৰ জম্মু-ভিত্তিক হোৱাইট নাইট কৰ্পছে কয় যে অনুপ্ৰৱেশৰ সম্ভাৱ্য প্ৰচেষ্টা সন্দৰ্ভত চোৰাংচোৱা সংস্থা আৰু আৰক্ষীৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি লামৰ সাধাৰণ এলেকাত ৮ আৰু ৯ ছেপ্টেম্বৰৰ মাজনিশা অনুপ্ৰৱেশ বিৰোধী অভিযান আৰম্ভ কৰা হৈছিল।

“দুজন সন্ত্ৰাসবাদীক নিহত আৰু দুটা একে-৪৭ আৰু এটা পিষ্টলসহ বৃহৎ পৰিমাণৰ যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হৈছে ৷ এলেকাটোত অনুসন্ধান অভিযান চলি আছে“৷ এইদৰে সেনাই প্ৰকাশ কৰে ৷ সেনা বিষয়াসকলে কয় যে সেনাৰ সৈন্যই অঞ্চলটো বেৰি ধৰিছিল আৰু এনকাউণ্টাৰৰ (encounters )পিছত গোটেই ৰাতি ইয়াক কঠোৰ নিৰীক্ষণৰ অধীনত ৰাখিছিল আৰু পুৱতী নিশাৰ পৰা অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছিল। সেনাই কয় যে অনুসন্ধান অভিযান এতিয়াও চলি আছিল। উল্লেখ্য যে জম্মু আৰু কাশ্মীৰত উগ্ৰপন্থীৰ অভিযান নিয়মীয়াকৈ চলি আছে৷ কিন্তু এই অভিযান ভাৰতীয় সেনাই প্ৰতি সময়তে প্ৰতিহত কৰি আহিছে ৷ শেহতীয়াকৈ এই এলেকাত কেইবাটাও উগ্ৰপন্থী সেনাৰ গুলীত নিহত হৈছে ৷

ঠিকসেইদৰে কিছুমাহ আগত জম্মু-কাশ্মীৰৰ (Jammu and Kashmir) কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ভাৰতৰ নিৰাপত্তা বাহিনী। কুপৱাৰা জিলাৰ মচিল ছেক্টৰত সংঘটিত হৈছিল এই ঘটনা । জম্মু-কাশ্মীৰৰ উৰিত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী সেনা বিষয়াও আহত হৈছিল। সেনাই পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা আৰু সন্ত্ৰাসবাদী সংগঠনে মহিলা আৰু নাবালকৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু বাৰ্তা প্ৰেৰণৰ বিপজ্জনক পদক্ষেপ পোহৰলৈ আহিছে বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে আৰক্ষীয়ে এক টুইট যোগে সদৰী কৰিছিল এই খবৰ। টুইটটোত উল্লেখ কৰা মতে, কুপোৱাৰা জিলাৰ দোবানাৰ মাছল অঞ্চলত সেনা আৰু কুপৱাৰা আৰক্ষীয়ে এই যৌথ অভিযান চলাইছিল।

Published by: Jebin Sultana

Director Vasan Bala Apologized To Shraddha Kapoor: আলিয়া ভাটৰ জিগ্ৰাৰ পৰিচালকে ক্ষমা খুজিলে শ্ৰদ্ধা কাপুৰক

কোন পৰিচালকে ক্ষমা খুজিলে শ্ৰদ্ধা কাপুৰক
কোন পৰিচালকে ক্ষমা খুজিলে শ্ৰদ্ধা কাপুৰক

Director Vasan Bala Apologized To Shraddha Kapoor: শেহতীয়াকৈ আলিয়া ভাটৰ বহু প্ৰত্যাশিত ছবি ‘জিগ্ৰা’ৰ টিজাৰ-ট্ৰেইলাৰ মুকলি কৰা হৈছে। টিজাৰ-ট্ৰেইলাৰ দেখাৰ পিছত ছবিখনক লৈ এতিয়া সকলোৱে উৎসাহিত হৈছে। ছবিখনৰ ট্ৰেইলাৰটো আলিয়াৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটিলৈকে সকলোৱে ভাল পোৱাৰ লগতে সকলোৱে ট্ৰেইলাৰক বহুত প্ৰশংসা কৰিছে। ছবিখনক লৈ অভিনেত্ৰীগৰাকীও আনন্দিত। বেদাং ৰাইনাকো এই ছবিখনত দেখা যাব, তেওঁ আলিয়াৰ ভাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।(Director Vasan Bala Apologized To Shraddha Kapoor)

ইফালে ‘জিগ্ৰা’ৰ পৰিচালক বসন বালাই শেহতীয়াকৈ ‘ষ্ট্ৰী ২’ৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ ওচৰত ক্ষমা বিচাৰিছে। বসন বালাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁক শ্ৰদ্ধাৰ ওচৰত ক্ষমা বিচৰা দেখা গৈছে।

আচলতে শ্ৰদ্ধা কাপুৰে শেহতীয়াকৈ তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ‘জিগ্ৰা’ ছবিৰ ট্ৰেইলাৰৰ বাবে আলিয়া আৰু বসনক প্ৰশংসা কৰিছিল, তাৰ পিছত অনুৰাগীসকলেও শ্ৰদ্ধাৰ প্ৰশংসা কৰিছিল আৰু তেওঁক সোঁৱৰাই দিছিল যে যেতিয়া বসনে ‘ষ্ট্ৰী ২’ৰ প্ৰশংসা কৰিছিল তেতিয়া তেওঁ শ্ৰদ্ধাক টেগ কৰা নাছিল, যাৰ বাবে তেওঁক ট্ৰল কৰা হৈছিল।

লগতে পঢ়কঃ Deepika-Ranveer Become Parents:দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথমটি সন্তান

আলিয়া ভাট আৰু বেদাং ৰাইনাৰ ‘জিগ্ৰা’ৰ টিজাৰ ট্ৰেইলাৰ চোৱাৰ পিছত শ্ৰদ্ধা কাপুৰে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰশংসা কৰি লিখিছে, ‘ মোৰ ভাইটিৰ সৈতে চিনেমা চাব লাগিব। কি আচৰিত ছোৱালী আলিয়া ভাট, কি আচৰিত ট্ৰেইলাৰ আছে বসন বালাৰ, হেচটেগ ‘জিগ্ৰা’। শ্ৰদ্ধাই ছবিখনৰ প্ৰশংসা কৰি এটা পোষ্ট শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলেও মনত পেলায় যে বসন বালাই তেওঁলোকক ‘ষ্ট্ৰী ২’ পোষ্টটোত টেগ কৰা নাছিল, যাৰ বাবে বসনে তেওঁৰ পোষ্টটোত নিজৰ ভুলৰ বাবে শ্ৰদ্ধাৰ ওচৰত ক্ষমা বিচাৰে।

বসন বালাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্ৰদ্ধা কাপুৰৰ ওচৰত ক্ষমা বিচাৰি লিখিছে, ‘অশেষ ধন্যবাদ শ্ৰদ্ধা, আশা কৰোঁ তুমি আৰু সিদ্ধান্তেও ছবিখন উপভোগ কৰিবা…। আপোনাৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰিছো…ক্ষমা কৰক।

শ্ৰদ্ধা কাপুৰৰ ছবি ‘ষ্ট্ৰী ২’ ১৫ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিছিল। আনহাতে অহা মাহত ১১ অক্টোবৰত ছবিগৃহত মুক্তি পাব আলিয়া ভাট আৰু বেদাং ৰাইনাৰ ছবি ‘জিগ্ৰা’, যাৰ বাবে দুয়োগৰাকী তাৰকাৰ অনুৰাগী অতিশয় উৎসাহিত হৈ পৰিছে।