Home Blog Page 54

একাধিক প্ৰত্যাহ্বান: নিৰ্বাচনমুখী ৰাজ্যসমূহত বিজেপিৰ দুৰ্বল স্থিতি, কেনেকৈ মোকাবিলা কৰিব নীতিন নবীনে ?Nitin Nabin

Nitin Nabin । ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰি সোমবাৰে নীতিন নবীনক দলটোৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়। মাত্ৰ ৪৫ বছৰ বয়সতে দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ শীৰ্ষ সাংগঠনিক পদত অধিষ্ঠিত হোৱা নবীনেই বিজেপিৰ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰীয় সভাপতি হিচাপে পৰিগণিত হৈছে। বিধায়ক পদৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বলৈ তেওঁৰ এই উত্থান ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

নবীনৰ সভাপতি হিচাপে প্ৰথম বছৰটোতেই একাধিক নিৰ্বাচনী প্ৰত্যাহ্বান অপেক্ষা কৰি আছে। পশ্চিম বংগ, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু অসমৰ দৰে ৰাজ্যসমূহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে অসমৰ বাহিৰে এই ৰাজ্যসমূহত বিজেপিয়ে এতিয়ালৈকে নিজাববীয়াকৈ ক্ষমতা দখল কৰিব পৰা নাই। পশ্চিম বংগ আৰু তামিলনাডুত আগৰ নিৰ্বাচনতকৈ উন্নত প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈ ইতিমধ্যে দলটোৱে কৌশল সাজিছে।

ৰাষ্ট্ৰীয় সভাপতি হিচাপে আনুষ্ঠানিক ঘোষণা প্ৰক্ৰিয়া মঙলবাৰে দিনৰ ১১:৩০ বজাৰ পৰা ১:৩০ বজাৰ ভিতৰত দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংসহ দলৰ একাধিক জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদী বিজেপিৰ কাৰ্যালয়ত উপস্থিত হৈছে।

বৰ্তমান দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব পালন কৰি থকা নীতিন নবীনে বিনা প্ৰতিদ্বন্দ্বিতাৰে এই শীৰ্ষ পদত নিৰ্বাচিত হয়। কালি বিয়লি ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত অনুষ্ঠিত হোৱা মনোনয়ন প্ৰক্ৰিয়াত তেওঁৰ পক্ষত মুঠ ৩৭ খন মনোনয়ন পত্ৰ দাখিল কৰা হয়। প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙকে ধৰি কেইবাজনো শীৰ্ষ নেতা তেওঁৰ মূল প্ৰস্তাৱক আছিল।

নতুন সভাপতিগৰাকীয়ে দলীয় কৰ্মীসকলক কেৱল হ্ৰস্বম্যাদী নিৰ্বাচনী লাভত সীমাবদ্ধ নথাকি “পঞ্চায়তৰ পৰা সংসদলৈকে” বিজেপিৰ সংগঠন শক্তিশালী কৰাৰ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীৰ “বিকশিত ভাৰত” দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি তেওঁ কয় যে বিজেপিৰ লক্ষ্য কেৱল নিৰ্বাচনী জয় নহয়, বৰঞ্চ জনসাধাৰণৰ দৈনন্দিন সমস্যাৰ সৈতে গভীৰভাৱে জড়িত হৈ থাকিবলৈ সক্ষম হোৱা। অসমৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি নবীনে কয় যে বিজেপি নেতাসকলে কেৱল নিৰ্বাচনৰ সময়তে নহয়, সদায়ে তৃণমূল পৰ্যায়ৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব।

দীৰ্ঘদিন ধৰি কেন্দ্ৰত ক্ষমতাত থকা দল হিচাপে বিজেপিক সংগঠনৰ দিশত অধিক শক্তিশালী কৰি তোলা আৰু তৃণমূল ভিত্তি অক্ষুণ্ণ ৰখাটো নবীনৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান হ’ব। একে সময়তে অমিত শ্বাহ আৰু জে পি নাড্ডাই গঢ়ি তোলা সংগঠনিক সফলতাৰ ধাৰাবাহিকতা বজাই ৰখাও তেওঁৰ বাবে সহজ নহ’ব। দুয়ো নেতাই দলটোক নতুন উচ্চতালৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

নীতিন নবীনে ৰাজনীতিত প্ৰৱেশ কৰে ২০০৬ চনত, পিতৃ তথা বিজেপিৰ জ্যেষ্ঠ নেতা নবীন কিশোৰ প্ৰসাদ সিনহাৰ মৃত্যুৰ পিছত। পাটনা পশ্চিম সমষ্টিৰ উপ-নিৰ্বাচনত জয়ী হৈ আৰম্ভ কৰা তেওঁৰ যাত্ৰা ২০১০ চনৰ পৰা বাংকিপুৰ সমষ্টিত একেৰাহে চাৰিবাৰ বিধায়ক হিচাপে বিজয় লাভৰ জৰিয়তে শক্তিশালী হৈছে। বিহাৰৰ নীতিশ কুমাৰ চৰকাৰত তেওঁ পথ নিৰ্মাণ, নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু আইন-ন্যায়কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে। ইয়াৰ উপৰিও ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিহাৰ সভাপতি আৰু আন ৰাজ্যত সাংগঠনিক দায়িত্ব চম্ভালি তেওঁ এজন উদীয়মান ৰাষ্ট্ৰীয় নেতাৰূপে নিজৰ পৰিচয় গঢ়ি তুলিছে।

এতিয়া দলৰ শীৰ্ষ পদত অধিষ্ঠিত নবীনৰ সন্মুখত আছে বহু প্ৰত্যাহ্বান—নিৰ্বাচনী যুদ্ধ, সংগঠনৰ পুনৰ শক্তিশালীকৰণ আৰু পূৰ্বসূৰীসকলৰ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা। এইবোৰ মোকাবিলা কৰিবলৈ তেওঁ কেনে কৌশল গ্ৰহণ কৰে, সেয়াই হ’ব আগন্তুক দিনৰ ৰাজনৈতিক আলোচনাৰ মূল বিষয়।

মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড, চিনেমাৰ কায়দাৰে অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ ।Guwahati

মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড, চিনেমাৰ কায়দাৰে অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ ।Guwahati
মহানগৰীত লোমহৰ্ষক ডকাইতি কাণ্ড, চিনেমাৰ কায়দাৰে অস্ত্ৰধাৰী ডকাইতৰ তাণ্ডৱ ।Guwahati

Guwahati । গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ডকাইতি কাণ্ড। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত নিশাৰ ভাগত চিনেমাৰ কায়দাৰে ডকাইতি সংঘটিত হয়। এই ঘটনাই সমগ্ৰ মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসাৰে, এখন বগা ৰঙৰ ‘চুইফট ডিজায়াৰ’ বাহনত আহি চাৰিজনীয়া মুখমণ্ডলত ক’লা কাপোৰ পৰিহিত ডকাইতৰ এটা দলে বাসগৃহত প্ৰৱেশ কৰে। ঘটনাৰ সময়ত ব্যৱসায়ী অনিল ডেকা বিদেশত অধ্যয়নৰত কন্যাক থ’বলৈ বিমানবন্দৰলৈ গৈছিল। সেই সময়ত ঘৰত কেৱল তেওঁৰ পত্নী কৰবী ডেকা আৰু গাড়ী চালকজন উপস্থিত আছিল।

ডকাইতৰ দলটোৱে প্ৰায় ৪০ মিনিট ধৰি ঘৰটোৰ ভিতৰত সন্ত্ৰাস চলায়। পিষ্টল আৰু চোকা অস্ত্ৰৰে ডকাইতকেইজনে কৰবী ডেকা আৰু চালকজনক ভয়ানকভাৱে আক্ৰমণ কৰে। আনকি কৰবী ডেকাৰ মুখত পিষ্টল সুমুৱাই প্ৰাণে মৰাৰ ভাবুকি দি আলমাৰিৰ চাবি কাঢ়ি লোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ পিছতে ডকাইতৰ দলটোৱে ঘৰত থকা নগদ ধন, সোণৰ অলংকাৰসহ বিভিন্ন মূল্যবান সামগ্ৰী লুটি লৈ যায়। এই সমগ্ৰ লোমহৰ্ষক ঘটনা বাসগৃহটোত স্থাপন কৰা চিচিটিভি (CCTV) কেমেৰাত বন্দী হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফটাশিল আমবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। চিচিটিভি ফুটেজৰ আধাৰত ডকাইতৰ দলটোৰ সন্ধান চলোৱা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে।

জনবসতিপূৰ্ণ এলেকাত সংঘটিত এই দুঃসাহসিক ডকাইতি কাণ্ডই মহানগৰবাসীক গভীৰভাৱে শংকিত কৰি তুলিছে। আৰক্ষীয়ে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছে।

Sikha Sarma : বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক

Sikha Sarma : বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক
Sikha Sarma : বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক

সামাজিক মাধ্যমত জুবিন গাৰ্গক অপমান।(Sikha Sarma) 

শিখা শর্মাৰ বিৰুদ্ধে গোচৰ ৰুদু কৰিছিল গৰিমা শইকীয়া গাৰ্গে।

এজাহাৰ দাখিল কৰিছিল ‘জুবিন ফেন ক্লাবে’ও।

কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ।

অৱশেষত বিতৰ্কিত শিখা শৰ্মাক আটক কৰে অসম আৰক্ষীৰ অপৰাধ শাখাই।

মহানগৰী পাথৰকুৱাৰিস্থিত নীলাচল এপাৰ্টমেণ্টৰ পৰা আটক কৰে শিখা শৰ্মাক।

বিতৰ্কিত লেখিকা শিখা শৰ্মাক আটক কৰাৰ পাছতে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে গৰিমা শইকীয়া গাৰ্গে।

Dhing News: ধিঙৰ কদমনি শংকৰ আজান জাতীয় বিদ্যালয়ৰ শান্তি-সম্প্ৰীতিৰ বাৰ্তা

ধিঙৰ কদমনি শংকৰ আজান জাতীয় বিদ্যালয়ৰ শান্তি-সম্প্ৰীতিৰ বাৰ্তা
ধিঙৰ কদমনি শংকৰ আজান জাতীয় বিদ্যালয়ৰ শান্তি-সম্প্ৰীতিৰ বাৰ্তা

ধিঙৰ(Dhing News)কদমনি শংকৰ আজান জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰে শান্তি-সম্প্ৰীতিৰ বাৰ্তা।

নগাঁও জিলাৰ ধিঙৰ কদমনিস্থিত শংকৰ আজান জাতীয় বিদ্যালয়ে বিদ্যালয়ৰ দশম বাৰ্ষিক খেল-ধেমালিৰ প্ৰথম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে।

ধুপগুৰি কলনি বস্তিৰ পৰা কদমনি বজাৰলৈ উলিওৱা শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ আৰু সংস্কৃতি প্ৰদৰ্শন কৰে।

এই উদ্যোগে শান্তি, সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিছে।

Sarbananda Sonowal: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড আৰু চহী জালিয়াতিৰে দুষ্ট চক্ৰৰ ধাৰাবাহিক অপপ্ৰচাৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড আৰু চহী জালিয়াতিৰে দুষ্ট চক্ৰৰ ধাৰাবাহিক অপপ্ৰচাৰ
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভুৱা পেড আৰু চহী জালিয়াতিৰে দুষ্ট চক্ৰৰ ধাৰাবাহিক অপপ্ৰচাৰ

আমাৰ(Sarbananda Sonowal)দৃষ্টিগোচৰ হৈছে যে-কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি দুষ্কৃতিকাৰীয়ে কু-অভিপ্ৰায়েৰে প্ৰচাৰ কৰি আছে। এয়া উদ্দেশ্য প্ৰণোদিতভাৱে কৰা জালিয়াতি আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ।

ইয়াৰ জৰিয়তে ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদমৰ্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে প্ৰচেষ্টা চলাইছে। এই বিষয়ত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে, আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত গোচৰটোৰ তদন্ত আগবঢ়াই দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে উক্ত চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে ৰচনা কৰা হৈছে। জনসাধাৰণ আৰু সংবাদ মাধ্যমক এনে প্ৰৱঞ্চনামূলক বিষয়ত ভোল নাযাবলৈ বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী উৎসৰ জৰিয়তেহে তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Einstein: আইনষ্টাইনে কোৱা কথাই আছিল সত্যঃ ঘড়ীৰ কাঁটাৰ গতিৰ হাৰ মধ্যাকৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰে

আইনষ্টাইনে কোৱা কথাই আছিল সত্যঃ ঘড়ীৰ কাঁটাৰ গতিৰ হাৰ মধ্যাকৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰে
আইনষ্টাইনে কোৱা কথাই আছিল সত্যঃ ঘড়ীৰ কাঁটাৰ গতিৰ হাৰ মধ্যাকৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰে

এই ধাৰণাটো(Einstein)প্ৰথমে দিছিল এলবাৰ্ট আইনষ্টাইনে৷ দেখুৱাইছিল যে বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো ঠাইতে সময় একে নহয়৷ ইয়াৰ কাৰণ হ’ল ঘড়ীৰ কাঁটাৰ গতিৰ হাৰ মধ্যাকৰ্ষণৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে৷ তেওঁ দেখুৱালে যে য’ত মধ্যাকৰ্ষণ উচ্ছ হয়, ঘড়ীটো লাহে লাহে গতি কৰে আৰু য’ত মধ্যাকৰ্ষণ কম থাকে ঘড়ীটো দ্ৰুতগতিত গতি কৰে৷ লগতে সমগ্ৰ বিশ্বতে সময়ৰ সমন্বয় সাধন কৰাটো এক জটিল বিষয়৷ ই সৌৰজগতলৈ প্ৰসাৰিত হয়, যি অধিক প্ৰত্যাহ৩ানমূলক৷ নেচনেল ইনষ্টিটিউট অৱ ষ্টেণ্ডাৰ্ড এণ্ড টেকন’লজী [এনআইএছটি]ৰ পদাৰ্থ বিজ্ঞানীসকলে গণনা কৰিছে যে মঙল গ্ৰহৰ ঘড়ীবোৰে পৃথিৱীৰ ঘড়ীতকৈ ৪৭৭ মাইক্ৰ’ছেকেণ্ড [এক ছেকেণ্ডৰ এক নিযুত ভাগৰ এক ভাগ] দ্ৰুতগতিত চলে৷ ইয়াৰ কাৰণ হৈছে মঙল গ্ৰহৰ বৰ্ধিত কক্ষপথ আৰু অন্যান্য তৰাবোৰৰ মধ্যাকৰ্ষণিক প্ৰভাৱ৷ এইটোও আৱিষ্কাৰ কৰা হৈছে যে মঙল গ্ৰহত এবছৰৰ সময়ৰ পাৰ্থক্য হৈছে প্ৰতিদিনে ২২৬ এমএ৷ শেহতীয়াকৈ দ্য এষ্ট্ৰোনমিকেল জাৰ্নেলত প্ৰকাশিত এই অধ্যয়নটো ২০২৪ চনৰ এখন গৱেষণা পত্ৰৰ ওপৰত আধাৰিত৷ নেচনেল ইনষ্টিটিউট অৱ ষ্টেণ্ডাৰ্ড এণ্ড টেকন’লজী [এনআইএছটি]ৰ বিজ্ঞানীসকলে চন্দ্ৰত অতি সঠিক সময় জোখাৰ বাবে এক পৰিকাঠামোৰ প্ৰস্তাৱ দিছিল৷

এন আই এছ টি পদাৰ্থ বি: ানী বিজুনাথ পাটলাই কৈছে যে মঙল গ্ৰহত সঠিক সময় জুখি লোৱাটো ভৱিষ্যতৰ অভিযানৰ বাবে গুৰুত্বপূৰ্ণ হ’ব৷ মঙল গ্ৰহ পৃথিৱীৰ পৰা সম্পূৰ্ণ পৃথক ছন্দত গতি কৰে, কিয়নো মঙল গ্ৰহত এটা দিন পৃথিৱীৰ দিনতকৈ প্ৰায় ৪০ মিনিট দীঘল আৰু মঙ্গল গ্ৰহত এবছৰ হৈছে ৬৮৭টা পৃথিৱীৰ দিন, পৃথিৱীত ৩৬৫ দিনৰ বাবে এটা বছৰৰ তুলনাত৷ এই পাৰ্থক্যবোৰৰ উপৰি বি: ানীসকলে জানিব বিচাৰিছিল যে মঙল গ্ৰহত পৃথিৱীৰ দৰেই একে গতিতে সময় প্ৰবাহিত হয় নে নহয়৷ মঙল গ্ৰহত স্থাপন কৰা এটা পাৰমাণৱিক ঘড়ীয়ে প্ৰাকৃতিকভাৱে কাম কৰিব আৰু পৃথিৱীৰ দৰেই টিক্‌ কৰিব৷ সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া সেই ঘড়ীটোক পৃথিৱীৰ এটা ঘড়ীৰ সৈতে তুলনা কৰা হয়, কিয়নো দুয়োটা ঘড়ী ক্ৰমান্বয়ে অসঙ্গত হৈ পৰে৷ সেয়েহে গৱেষকসকলে ঘড়ী দুটাৰ মাজৰ সঠিক পাৰ্থক্য গণনা কৰিব লগা হৈছিল, যি এটা গ্ৰহৰ সময় অঞ্চল নিৰ্ধাৰণ কৰাৰ দৰে৷

কামটো আশা কৰাতকৈ অধিক জটিল বুলি প্ৰমাণিত হৈছিল৷ আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ত্ব অনুসৰি, মধ্যাকৰ্ষণে সময়ৰ প্ৰবাহক প্ৰভাৱিত কৰে৷ ঘড়ীটো শক্তিশালী মহাকৰ্ষণ ক্ষেত্ৰত লাহে লাহে আৰু দুৰ্বল ক্ষেত্ৰত দ্ৰুতগতিত গতি কৰে৷ মহাকাশত গ্ৰহ এটাৰ গতিয়েও সময়ক প্ৰভাৱিত কৰে, কিয়নো কক্ষপথৰ গতিয়ে অতিৰিক্ত তাৰতম্য সৃষ্টি কৰে৷ গণনা কৰিবলৈ, এনআইএছটিৰ বিজ্ঞানীসকলে মঙল গ্ৰহত এটা নিৰ্দিষ্ট পইণ্টিং পইণ্ট বাছনি কৰিছিল৷ ই পৃথিৱীৰ বিষুৱ ৰেখাৰ সাগৰপৃষ্ঠৰ সৈতে একে৷ দশকজোৰা মঙল অভিযানৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি, পাটলা আৰু তেওঁৰ সহকৰ্মী, এনআইএছটি পদাৰ্থ বিজ্ঞানী নীল এছবিয়ে গ্ৰহটোৰ পৃষ্ঠৰ মধ্যাকৰ্ষণ বলৰ মান অনুমান কৰিছিল, যি পৃথিৱীতকৈ প্ৰায় পাঁচগুণ দুৰ্বল৷ অৱশ্যে, কেৱল মঙল গ্ৰহৰ মধ্যাকৰ্ষণে ইয়াক সম্পূৰ্ণকৈ ব্যাখ্যা কৰিবলৈ সক্ষম হোৱা নাই৷ সৌৰজগত হৈছে এক নিৰন্তৰ পৰিৱৰ্তিত পৰিৱেশ, য’ত বিশাল বস্তুবোৰে ইটোৱে সিটোৰ ওপৰত মধ্যাকৰ্ষণ শক্তি প্ৰয়োগ কৰে৷ সৌৰজগতৰ ভৰৰ ৯৯ শতাংশতকৈও অধিক আৱৰি থকা সূৰ্যই গ্ৰহবোৰৰ গতিপথ নিৰ্ধাৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ সৌৰজগতত ইয়াৰ অৱস্থান, য’ত সূৰ্যৰ পৰা দূৰত্ব আৰু চুবুৰীয়া বস্তু যেনে পৃথিৱী, চন্দ্ৰ, বৃহস্পতি আৰু শনিৰ সৈতে আন্তঃক্ৰিয়া অন্তৰ্ভুক্ত থাকে, ইয়াৰ ফলত অধিক দীঘলীয়া আৰু উপবৃত্তাকাৰ কক্ষপথৰ সৃষ্টি হয়৷ ইয়াৰ বিপৰীতে, পৃথিৱী আৰু চন্দ্ৰই তুলনামূলকভাৱে সুস্থিৰ কক্ষপথ অনুসৰণ কৰে৷

ফলস্বৰূপে, চন্দ্ৰত সময় পৃথিৱীতকৈ প্ৰতিদিনে প্ৰায় ৫৬ মাইক্ৰ’ছেকেণ্ড দ্ৰুতগতিত গতি কৰে৷ ‘কিন্তু মঙল গ্ৰহৰ ক্ষেত্ৰত এনে নহয়, ’ এনআইএছটিৰ পদাৰ্থবি: ানী বিজুনাথ পাটলাই ব্যাখ্যা কৰে৷ সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব আৰু ইয়াৰ উপবৃত্তাকাৰ কক্ষপথে সময়ৰ তাৰতম্য আৰু বৃদ্ধি কৰে৷ তিনি-শৰীৰৰ সমস্যাটো অত্যন্ত জটিল৷ আমি বৰ্তমান চাৰিটা বস্তুৰ ওপৰত কাম কৰি আছো – সূৰ্য, পৃথিৱী, চন্দ্ৰ আৰু মঙল৷ কঠিন কামটো মই প্ৰথমতে ভবাতকৈ অধিক প্ৰত্যাহ্বানমূলক আছিল৷ মঙল গ্ৰহৰ পৃষ্ঠৰ মাধ্যাকৰ্ষণ, কক্ষপথৰ গতিশীলতা আৰু সূৰ্য, পৃথিৱী আৰু চন্দ্ৰৰ মাধ্যাকৰ্ষণিক প্ৰভাৱ বিবেচনা কৰাৰ পিছত, পাটলা আৰু এছবিয়ে তেওঁলোকৰ চূড়ান্ত গণনাত উপনীত হৈছিল৷

Garima Saikia Garg: শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ গৰিমা শইকীয়া গাৰ্গৰ

শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ গৰিমা শইকীয়া গাৰ্গৰ
শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ গৰিমা শইকীয়া গাৰ্গৰ

শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ গৰিমা শইকীয়া গাৰ্গৰ।(Garima Saikia Garg)

ক্ৰাইম ব্ৰাঞ্চত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ।

সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰিছিল বিৰূপ মন্তব্য।

জুবিন গাৰ্গৰ চৰিত্ৰক লৈও ফেচবুক পোষ্ট দিছিল শিখা শৰ্মাই।

আজি পুৱাই ক্ৰাইম ব্ৰান্সত উপস্থিত হৈ শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে।

Himanta Biswa Sarma: ৰেজাউল কৰিম সৰকাৰে অসমখনক খাই পেলাব, আজি বিজেপি আছে বাছি আছে: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰেজাউল কৰিম সৰকাৰে অসমখনক খাই পেলাব, আজি বিজেপি আছে বাছি আছে: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
ৰেজাউল কৰিম সৰকাৰে অসমখনক খাই পেলাব, আজি বিজেপি আছে বাছি আছে: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

কামাখ্যা ষ্টেচনত(Himanta Biswa Sarma) বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰি ৰেজাউল কৰিম সৰকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰেজাউল কৰিম সৰকাৰৰ শিক্ষা জেহাদ মন্তব্যক লৈ অসমৰ ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে, জেহাদ শিক্ষাৰ বিকাশ বুলি ক’লে আমাৰ কোনো আপত্তি নাই। কিন্তু জেহাদ মানেই এটা গণ্ডগোলীয়া শব্দ। বৰ্তমান অসমৰ পৰিপ্ৰেক্ষিতত এই শব্দটোৱে দুই নম্বৰী কাম-কাজক বুজায়। মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে, প্ৰশ্নকাকত ফাদিল কৰা, উত্তৰ বহী ফাদিল কৰা আদিৰ দৰে ক্ৰিয়াকলাপকো জেহাদ শব্দৰে ঢাকি থোৱা হয়।

তেওঁ লগতে অভিযোগ কৰে যে, একাংশ লোকৰ দ্বাৰা লেণ্ড জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ আৰু লাভ জেহাদ আদি শব্দ ব্যৱহাৰ কৰি সমাজত বিশৃঙ্খলা সৃষ্টি কৰা হৈছে। লেণ্ড জেহাদ মানে মাটি টকা দি কিনা নহয়, জোৰকৈ দখল কৰা। ফাৰ্টিলাইজাৰ জেহাদ মানে মানুহৰ শৰীৰৰ বাবে ক্ষতিকাৰক সাৰ ব্যৱহাৰ কৰা। লাভ জেহাদ মানে ছোৱালীক দেউতাক-মাকৰ সন্মতি নোলোৱাকৈ ফুচুলাই বিয়া পাতি নিয়া। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যক উল্লেখ কৰি কয়, ৰেজাউল কৰিমে এতিয়া ঘোষণা কৰি দিলে যে আগতে লেণ্ড জেহাদ, লাভ জেহাদ, ফাৰ্টিলাইজাৰ জেহাদ কৰিছিলো, এতিয়া শিক্ষা জেহাদ কৰিব। এই ধৰণৰ চিন্তাধাৰা কিমান বিপজ্জনক সেয়া সহজে অনুমান কৰিব পাৰি। যদি শিক্ষাৰ বিকাশৰ কথা ক’ব লাগিছিল তেন্তে সহজতে ক’ব পাৰিলেহেঁতেন যে ছাত্ৰ-ছাত্ৰীসমূহে পঢ়া-শুনা কৰক। লাভ জেহাদৰ দৰে শিক্ষা জেহাদ কৰাৰ কথা কোৱাটোৱে সন্দেহৰ সৃষ্টি কৰে।

এই ধৰণৰ ক্ৰিয়াকলাপ আগতেও UTSM-ত আৰম্ভ হৈছিল আৰু এতিয়া আনুষ্ঠানিক ৰূপ দি ঘোষণা কৰা হৈছে। এনেকুৱা কাৰ্যকলাপ অব্যাহত থাকিলে আইন অনুসাৰে কঠোৰ ব্যৱস্থা ল’ব লাগিব, আনকি জেললৈ পঠিয়াবলগীয়া পৰিস্থিতিও আহিব পাৰে। শেষত মুখ্যমন্ত্ৰীয়ে কয়, ইয়াত সাধাৰণ মিঞা-মুছলমান সমাজক দোষ দিয়াৰ প্ৰশ্ন নাই, কিন্তু একাংশ ব্যক্তিয়ে এনে কাৰ্যকলাপ কৰি অসমখনক ক্ষতি কৰিব বিচাৰে। আজি বিজেপি চৰকাৰ আছে বাবেই এইবোৰ কিছু পৰিমাণে নিয়ন্ত্ৰণত আছে।”

Gaurav Gogoi: সকলোকে একত্ৰিত কৰি বিজেপিক বিদায় দিব পৰা কংগ্ৰেছে একমাত্ৰ দলঃ গৌৰৱ গগৈ

সকলোকে একত্ৰিত কৰি বিজেপিক বিদায় দিব পৰা কংগ্ৰেছে একমাত্ৰ দলঃ গৌৰৱ গগৈ
সকলোকে একত্ৰিত কৰি বিজেপিক বিদায় দিব পৰা কংগ্ৰেছে একমাত্ৰ দলঃ গৌৰৱ গগৈ

নলবাৰী জিলাত (Gaurav Gogoi) কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলাখনৰ মুকালমুৱা ৰাজহুৱা পেক্ষাগৃহত উপস্থিত হৈ এখন দলীয় সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ। বৰক্ষেত্ৰী আৰু বৰভাগ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ সহযোগত বুথ আৰু বি.এল.এ. সন্মিলন অনুষ্ঠিত কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি অনুষ্ঠিত কৰা সাংগঠনিক সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে নেতা কৰ্মী সকলে বিপুল আদৰণি জনায়। ইয়াৰ পাছতে স্থানীয় বিধায়ক দিগন্ত বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাখনত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কোৱা অচিনাকি লোক সন্দৰ্ভত কয় যে চৰ অঞ্চলৰ ডাঙৰ নেতাজন যদি মুখ্যমন্ত্ৰী,মন্ত্ৰীৰ বাবে চিনাকি মানুহ, তেন্তে চৰাঞ্চলৰ সাধাৰণ মানুহজনো গৌৰৱ গগৈৰ বাবে চিনাকি মানুহ হব পাৰে। আজিৰ সভাত ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে এইবাৰ বৰক্ষেত্ৰী সমষ্টিত কংগ্ৰেছ দলৰ জয় নিশ্চিত হ’ব বুলি ভাষণৰ আৰম্ভণিতে উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এসময়ত কংগ্ৰেছ দলত কেলেংকাৰী কৰা মূল মানুহজন আছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিজেপি দলত আহি কেবল নিজৰ পৰিয়ালৰ উন্নয়ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে এতিয়া ৰাইজক এজনৰ অসম নালাগে,আমাৰ অসম লাগে বুলি মুখ্যমন্ত্ৰীক সমালোচনা গৌৰৱ গগৈৰ।

এইবাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওফৰাই অসমৰ ৰাইজে অসমত শান্তি, সম্প্ৰতি পুনৰাই ঘুৰাই আনিব বুলি কয় গৌৰৱ গগৈয়ে। ঠায়ে ঠায়ে মেডিকেল কলেজ খুলি বিলিং বনাইছে কিন্তু সুবিধা নাই, বিশুদ্ধ খোৱা পানী যোগানৰ বাবে পানীৰ পাইপ বহুৱাইছে কিন্তু পানী নাই, অসমত দিনকদিনে বৃদ্ধি পাইছে ড্ৰাগছ আসক্ত, অপৰাধজনিত ঘটনা কিন্তু চৰকাৰে এইবোৰ নিৰ্মূল কৰাত ব্যৰ্থ হৈছে। ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় আমি কংগ্ৰেছ দলে ৰাইজৰ মাজত সোমাইছো আৰু সকলোৱে কংগ্ৰেছ দলক আকোৱালি লৈছে।

এইবাৰ নিৰ্বাচনত চৰকাৰ সলনি হব, মুখ্যমন্ত্ৰী সলনি হব বুলি উদাত্ত ভাষণ প্ৰদান কৰে। আনহাতে, বৰক্ষেত্ৰী সমষ্টিত ভোটাৰ তালিকা বিশেষ সংশোধনী প্ৰক্ৰিয়াত শুনানিত হাজিৰ হোৱাৰ বাবে ১৭৫০০ লোকলৈ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত কয় যে বিজেপিয়ে অসমৰ ভোটাৰক ভৰষা নকৰি বহি:ৰাজ্যৰ মানুহক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা আৰু একাংশ ভোটাৰৰ নাম কৰ্তন কৰি নিৰ্বাচন জয়ী হোৱাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। ৰেজাউল কৰিম চৰকাৰে দেবব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক মুখ্যমন্ত্ৰীৰ এজেন্ট আখ্যা দিয়া সন্দৰ্ভত গৌৰৱ গগৈয়ে কয় কংগ্ৰেছ দলে একমাত্ৰ দল যি দলে সকলোকে একত্ৰিত কৰি বিজেপি দলক বিদায় দিব পাৰে।

আগন্তুক ২৬ ৰ বিধানসভা নিৰ্বাচনত বৰক্ষেত্ৰী সমষ্টিৰ লগতে সমগ্ৰ অসমতে কংগ্ৰেছ দলৰ ফলফল ভাল হব বুলি মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। স্থানীয় বিধায়ক দিগন্ত বৰ্মনে সভাৰ সামৰণি ভাষণ ৰাখি সকলোকে দলীয় দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় আৰু বৰক্ষেত্ৰীত কংগ্ৰেছে দলৰ জয় নিশ্চিত বুলি উল্লেখ কৰি কংগ্ৰেছ কৰ্মী সকলক উৎসাহিত কৰে। সাংগঠনিক সভাখনত অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি জয়ন্ত কলিতা, ৰাজ্যিক সাধাৰণ সম্পাদক আনোৱাৰ আহমেদ, ৰাজ্যিক সম্পাদক তথা নলবাৰী জিলা কংগ্ৰেছৰ তত্বাৱধায়ক অৰুণ তিয়াৰী, ৰাজ্যিক মুখপত্ৰ ৰাতুল কলিতা,ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰাণজিৎ দাস,বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ, বৰভাগ ব্লক কংগ্ৰেছৰ সভাপতি তথা জিলা কংগ্ৰেছৰ বিষয়ৱবীয়া, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ বিষয়ৱবীয়া সকলৰ লগতে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।

Vande Bharat sleeper Express: প্ৰথমবাৰৰ বাবে বন্দে ভাৰতৰ খাদ্য সূচীত থাকিব অসমীয়া চহকী খাদ্য সম্ভাৰ

প্ৰথমবাৰৰ বাবে বন্দে ভাৰতৰ খাদ্য সূচীত থাকিব অসমীয়া চহকী খাদ্য সম্ভাৰ
প্ৰথমবাৰৰ বাবে বন্দে ভাৰতৰ খাদ্য সূচীত থাকিব অসমীয়া চহকী খাদ্য সম্ভাৰ

প্ৰধানমন্ত্ৰী(Vande Bharat sleeper Express) নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অসম আৰু পশ্চিম বংগৰ পৰা ৫খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। এই ৰে’লসমূহে উত্তৰ-পূবৰ ৰাজ্যসমূহক উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ সৈতে সংযোগ কৰিব। সুলভ, আৰামদায়ক আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে ৰেলৱেই ডিজাইন কৰিছে অমৃত ভাৰত এক্সপ্ৰেছ। এই ৰেলসমূহত নন-এচি ডবা আছে যদিও চাৰ্জিং পইণ্ট, বায়’-টয়লেট আৰু চিচিটিভিৰ দৰে আধুনিক সুবিধাসমূহ আছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহ্য আৰু সংস্কৃতিক মৰ্যাদা প্ৰদান কৰি প্ৰযুক্তিগত উন্নয়নী যাত্ৰাক আগুৱাই নিয়াত সদায় প্ৰাধান্য দি আহিছে৷ শনিবাৰে ফ্লেগ অফ কৰা প্ৰথম বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ অত্যাধুনিক সকলো সুবিধাৰে সমৃদ্ধ হোৱাৰ লগতে জহা চাউলৰ ভাত, মাটি মাহৰ দাইল, লাবৰা আদি অসমীয়া থলুৱা খাদ্যও উপলব্ধ হ’ব৷