Home Blog Page 540

Share Market Update: শ্বেয়াৰ মাৰ্কেটত সপ্তাহটোৰ আৰম্ভণিতে সৰ্বাধিক লোকচানৰ সন্মুখীন টাটা ষ্টীল

শ্বেয়াৰ মাৰ্কেটত সৰ্বাধিক হ্ৰাস লোকচানৰ সন্মুখীন টাটা মটৰ্চ শ্বেয়াৰ
শ্বেয়াৰ মাৰ্কেটত সৰ্বাধিক হ্ৰাস লোকচানৰ সন্মুখীন টাটা মটৰ্চ শ্বেয়াৰ

বিশ্বৰ বজাৰৰ পৰা নেতিবাচক সংকেতৰ মাজতে সোমবাৰে ঘৰুৱা বজাৰত সপ্তাহটোৰ আৰম্ভণি বেয়া। ট্ৰেডিং মুকলি হোৱাৰ লগে লগে বি এছ ই চেন্সেক্স সূচকাংক ৮১ হাজাৰ পইণ্টৰ স্তৰৰ তললৈ নামি যায়। কিন্তু কিছু সময়ৰ ভিতৰতে বজাৰখনে উৎকৃষ্ট হা দেখুৱাই গ্ৰীণ জ’নত উপনীত হয় (Share Market Update)। পুৱা ৯.১৫ বজাত প্ৰায় ২০০ পইণ্টৰ লোকচানত মুকলি হয় চেন্সেক্স আৰু ৮১ হাজাৰ পইণ্টৰ স্তৰৰ তললৈ নামি যায়।

প্ৰায় ৫০ পইণ্ট হেৰুৱাই আৰম্ভ কৰিছিল নিফ্টিয়ে। প্ৰায় আধা ঘণ্টা ধৰি সীমিত লোকচানৰ সৈতে ব্যৱসায় কৰাৰ পিছত বজাৰখনে পুনৰ উত্থানলৈ উভতি আহে। পুৱা ৯:৫৫ বজাত চেন্সেক্সে (SENSEX ) প্ৰায় ৩০ পইণ্ট বৃদ্ধিৰে ৮১,২০০ পইণ্ট অতিক্ৰম কৰিছিল। একে সময়তে নিফটিয়ে প্ৰায় ২০ পইণ্ট বৃদ্ধিৰে ২৫,৩০০ পইণ্ট অতিক্ৰম কৰিছিল।

প্ৰি-অ’পেন অধিবেশনত বজাৰত লোকচানৰ লক্ষণ । প্ৰি-অ’পেন অধিবেশনত চেন্সেক্স ২০০ পইণ্টতকৈ অধিক হ্ৰাস পাই ৮১ হাজাৰ পইণ্টৰ তলত থকাৰ বিপৰীতে নিফটি (NIFTY) প্ৰায় ৩০ পইণ্ট লৈ আহি ২৪,৮২৫ পইণ্টৰ তললৈ আহিছিল। পুৱা বজাৰ মুকলি হোৱাৰ পূৰ্বে গিফ্ট চিটিৰ নিফ্টিৰ ২৪,৮৪০ পইণ্টৰ ওচৰত ব্যৱসায় হৈছিল, প্ৰায় ৮৬ পইণ্ট হ্ৰাস। অস্থিৰতা জুখিব পৰা নিফটি ভিক্স সূচকাংক ৭ শতাংশতকৈ অধিক বৃদ্ধি ।

ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ শেষৰ দিনটোত শুকুৰবাৰে চেন্সেক্স ১০১৭.২৩ পইণ্ট (১.২৪ শতাংশ) হ্ৰাস পাই ৮১,১৮৩.৯৩ পইণ্ট আৰু নিফ্টি৫০ৰ ২৯২.৯৫ পইণ্ট (১.১৭ শতাংশ) হ্ৰাস পাই ২৪,৮৫২.১৫ পইণ্টত উপনীত হয়। গোটেই সপ্তাহটোত চেন্সেক্স ১১৮১.৮৪ পইণ্ট (১.৪৩ শতাংশ) আৰু নিফটি ৩৮৩.৭৫ পইণ্ট (১.৫২ শতাংশ) হ্ৰাস পাইছে।

শুকুৰবাৰে নিয়োগকে ধৰি আমেৰিকাৰ অৰ্থনৈতিক তথ্য প্ৰকাশ পোৱাৰ পিছত ৱাল ষ্ট্ৰীটত ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ ১ শতাংশতকৈ অধিক হ্ৰাস , এছ এণ্ড পি ৫০০ প্ৰায় ১.৭৫ শতাংশ আৰু নাছডাক ২.৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে। ইয়াৰ পিছত আজি এছিয়াৰ বজাৰত বৃহৎ লোকচান (Asian financial markets are bracing for heavy selloff) দেখা গৈছে। জাপানৰ নিকেই সূচকাংকত ৩ শতাংশতকৈ অধিক লোকচান হৈছে। টপিক্স সূচকাংকত ২.৬৭ শতাংশ লোকচান হৈছে। কোৰিয়াৰ কস্পি প্ৰায় লোকচান হোৱাৰ বিপৰীতে চীনৰ চাংহাই কম্পোজিটত ০.৫৮ শতাংশ আৰু হংকঙৰ হাং চেং সূচকাংক ১.১৫ শতাংশ হ্ৰাস।

পুৱা ৯.৪০ বজাত বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ১৪টা ষ্টক হ্ৰাস পোৱাৰ বিপৰীতে ১৪টা ষ্টক বৃদ্ধিৰ সৈতে ব্যৱসায় চলি আছে। ইয়াৰ আটাইতকৈ ডাঙৰ বৃদ্ধি পোৱা অংশ হৈছে এছিয়ান পেইণ্টছ (asian paints)। ইয়াৰ পিছত আটাইতকৈ বেছি বৃদ্ধি পাইছে আইচিআইচিআই বেংক, ইণ্ডুছইণ্ড, এইচ ইউ এল, বাজাজ ফিনচাৰ্ভ, আইটিচিৰ শ্বেয়াৰ। যদি আমি ষ্টক কমি যোৱাৰ কথা কওঁ, তেন্তে এন টি পি চি, আদানি, পাৱাৰ গ্ৰীড। সৰ্বাধিক হ্ৰাস পাইছে টাটা ষ্টীল, এম এণ্ড এম, টাটা মটৰ্ছৰ শ্বেয়াৰ।

শ্বেয়াৰ বজাৰ খোলাৰ মাত্ৰ আধা ঘণ্টাৰ পিছত নিফটিত সমান হাৰ দেখা গৈছে আৰু ইয়াত ২৪টা ষ্টক বৃদ্ধি পাইছে আৰু ২৬টা ষ্টক হ্ৰাস । শীৰ্ষ লাভ কৰা সকলৰ ভিতৰত এছ বি আই লাইফ ১.০১ শতাংশ বৃদ্ধি পাইছে আৰু তাৰ পিছতে আছে ব্ৰিটানিয়া, টাটা কনজিউমাৰ্ছ, এছিয়ান পেইণ্টছ আৰু এইচ ডি এফ চি লাইফ। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত অ’এনজিচি, আদানি প’ৰ্টছ, এনটিপিচি, হিণ্ডালকো, টাটা ষ্টীলৰ (Tata Steel’s )শ্বেয়াৰত ৩.০৮-১.৩৪ শতাংশ হ্ৰাস দেখা গৈছে।

লগতে পঢ়ক : :FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

Published by: Jebin Sultana

Never Wear Someone else Clothes: বেলেগৰ কাপোৰ কেতিয়াও নিপিন্ধিব! বহু ৰোগৰ আশংকা থাকে

কেতিয়াও আনৰ কাপোৰ নিপিন্ধিব
কেতিয়াও আনৰ কাপোৰ নিপিন্ধিব

নিজৰ যিমান থাকক, কিন্তু চকু সদায় আনৰ কাপোৰৰ ওপৰত। বহু সময়ত আমি আনৰ পৰা সাজ-পোছাকলৈ পিন্ধো, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ আৰ কাপোৰ পিন্ধাটো সঠিক বুলি ক’ব নোৱাৰি। কিয় আপুনি কেতিয়াও আন কাৰোবাৰ কাপোৰ পিন্ধিব নালাগে জানেনে?(never wear someone else clothes)

কাপোৰ আমাৰ দৈনন্দিন জীৱনৰ বাবেই প্ৰয়োজনীয় নহয়, কাপোৰে আমাৰ ব্যক্তিত্বও প্ৰকাশ কৰে। (clothes)সাধাৰণতে হোষ্টেলত থকা বহু ছোৱালীয়ে বা কেতিয়াবা বায়েক-ভনীয়েকে কাপোৰ সাল-সলনি কৰি পিন্ধে। আনৰ কাপোৰ পিন্ধিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতি হ’ব পাৰে। জানো আহক আৰু আনৰ কাপোৰ কিয় কাপোৰ পিন্ধিব নালাগে-(never wear someone else clothes)

১/ ছালৰ এলাৰ্জী
আনৰ কাপোৰ পিন্ধিলে ছালৰ এলাৰ্জী হ’ব পাৰে। প্ৰতিজন ব্যক্তিৰ ছাল বেলেগ বেলেগ আৰু সকলোৰে ছালৰ সংবেদনশীলতাও বেলেগ বেলেগ। আন কাৰোবাৰ কাপোৰত ব্যৱহাৰ কৰা ডিটাৰজেন্ট, পাউদাৰ বা পাৰফিউমে আপোনাৰ ছালত ফোহা, খজুৱতি বা অন্যান্য এলাৰ্জীৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ যেতিয়া আপোনাৰ ছালখন সংবেদনশীল হয় আৰু আনজনে কাপোৰ ধোৱাৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

২/ ভেঁকুৰৰ সংক্ৰমণ
আন কাৰোবাৰ কাপোৰ পিন্ধিলে ভেঁকুৰৰ সংক্ৰমণ সহজে বিয়পিব পাৰে। মানুহে বহু সময় কাপোৰ পিন্ধিলে শৰীৰৰ পৰা নিৰ্গত ঘাম কাপোৰত জমা হৈ পৰে। সেই কাপোৰবোৰ ভালদৰে ধুব নোৱাৰিলে তাত ভেঁকুৰ গজিব পাৰে। এই সংক্ৰমণৰ ফলত ছালত খজুৱতি, ফোহা, বিৰক্তি আদি হ’ব পাৰে। বিশেষকৈ আণ্ডাৰগাৰ্মেণ্ট আৰু মোজাৰ ক্ষেত্ৰত এই সমস্যাটো গুৰুতৰ, সেয়েহে এই সমূহ কাপোৰ বেলেগৰ পিন্ধা উচিত নহয়।

৩) পৰজীৱী আৰু উকনিৰ আক্ৰমণ
আন কাৰোবাৰ কাপোৰ পিন্ধিলেও মূৰৰ উকনি সংক্ৰমণৰ আশংকা থাকে। বিশেষকৈ টুপী, স্কাৰ্ফ, চাদৰ বা আঁঠুৱাৰ দৰে বস্তু শ্বেয়াৰ কৰিলে উকনি সহজেই এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। উকনি চুলিৰ গুৰিত সোমাই খজুৱতি, জ্বলা-পোৰা আদি সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও শৰীৰত পোৱা সৰু সৰু পৰজীৱীবোৰো কাপোৰৰ মাজেৰে বিয়পিব পাৰে, যাৰ ফলত ছালৰ ফোহা আৰু খজুৱতি হ’ব পাৰে।

লগতে পঢ়কঃ Pressure Cooker Food : প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবে অপকাৰী নে উপকাৰী


৪) সংক্ৰামক ৰোগ
কাপোৰ সংক্ৰামক ৰোগৰ বাহক হ’ব পাৰে। যদি কোনো ব্যক্তিৰ ছালৰ কোনো সংক্ৰমণ হয়, তেন্তে তেওঁৰ কাপোৰ পিন্ধিও সেই সংক্ৰমণ হ’ব পাৰে। বহু সময়ত বেক্টেৰিয়া আৰু ভাইৰাছ কাপোৰত লুকাই থাকে আৰু সেই কাপোৰবোৰ যেতিয়া আন এজন ব্যক্তিয়ে পিন্ধে তেতিয়া সংক্ৰমণ বিয়পি পৰাৰ আশংকা বাঢ়ি যায়।

৫/ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ
কাপোৰ আমাৰ ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এটা অংশ। প্ৰতিজন ব্যক্তিৰ ঘাম, ছালৰ তেল আৰু শৰীৰৰ পৰা নিৰ্গত হোৱা অন্যান্য উপাদান কাপোৰৰ ভিতৰত শোষিত হয়। আমি যেতিয়া আন কাৰোবাৰ কাপোৰ পিন্ধো তেতিয়া এই মলি আৰু বেক্টেৰিয়া আমাৰ শৰীৰতো প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Zubeen Garg Reacts on Sumi Borah: জুবিনে ক’লেঃ লুকাই আছে, লুকাই থাকক

চুমি লুকাই আছে, লুকাই থাকক
চুমি লুকাই আছে, লুকাই থাকক

গুৱাহাটী, ৯ ছেপ্তেম্বৰ: ৰাজ্যত এতিয়া এটা নামেই মানুহৰ মুখে মুখে উচ্চাৰিত হৈছে। সেয়া হৈছে চুমি বৰা। যতীন বৰাৰ ৰাঘৱৰ অভিনেত্ৰী চুমি বৰা বৰ্তমান পলাতক। অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। (Zubeen Garg Reacts on Sumi Borah)

অনলাইন ট্ৰেডিঙৰ নামত বহুলোকে ধন বিনিয়োগ কৰিছিল। হয়তো ক’লা ধনৰে সম্পত্তিৰ বিশাল পাহাৰ গঢ়া সকলেই মূলতঃ চুমি বৰাৰৰ জালত বন্দী হৈছিল। তেওঁলোকৰ ভিতৰত ডিব্ৰুগড়ৰৰ বহু আগশাৰীৰ ডাক্তৰ , ৰাজনীতি আদিও আছে বুলিও চৰ্চালৈ আহিছে। ডিব্ৰুগড়ৰৰ একাংশ ডাক্তৰে মানহক কছাইৰ দৰে ব্যৱহাৰ কৰি ধন ঘটাৰ কথা এতিয়া সৰ্বজনবিদিত। সেইসকল ডাক্তৰেই চুমি বৰাৰ মোহত পৰি লাখ লাখ টকা অন লাইন ট্ৰেডিঙত।(Who invested the money in online trading)

আচৰতি কথাটো হ’ল অসম আৰক্ষীয়ে অনলাইন ট্ৰেডিঙত কোনে কোনে ধন বিনিয়োগ কৰিছিল সেই তালিকা আজিলৈকে প্ৰকাশ কৰিবলৈ সাহস কৰা নাই। এই কথাতে মানুহৰ এতিয়া সন্দেহ বহুগুণে বাঢ়ি গৈছে। কাৰণ অসম আৰক্ষীয়ে ইয়াৰ আগতেও একেধৰণৰ অৰ্থনৈতিক কেলেংকাৰীৰ সৈতে জড়িত বহতকে নিজৰ অপদাৰ্থতা অথবা আন কোনো কাৰণত ধৰিবলৈ সক্ষম হোৱা নাই। আমি ইয়াত অসম আৰক্ষীয়ে আজিলৈকে ধৰিবলৈ সক্ষম নোহোৱা কেইজনমান মানুহৰ কথা উল্খেখ কৰিব বিচাৰিছো। ব্যাপক দুৰ্নীতি আৰু জঘন্য অপৰাধৰ সৈতে জড়িত এই সকল হাই-প্ৰফাইল অপৰাধীক আৰক্ষীয়েই ৰক্ষণাবেক্ষণ দিয়া বুলি এতিয়া চৰ্চা হৈছে। আৃৰক্ষীয়ে মানুহক দেখুৱাই প্ৰথমে এনেবোৰ ঘটনাত তদন্ত আৰম্ভ কৰে যদিও পিছলৈ সকলো তদন্ত ফুটুকাৰ ফেনতহে পৰিণত হয়। আমি ইয়াত আৰক্ষীয়ে আজিলৈকে ধৰিব নোৱাৰা কেইজনমান অপৰাধীৰ কথা উল্লেখ কৰিলো-  ৰাজীৱ পাল (ৰাকেশ পলৰ ভাতৃ), দীপাংকৰ বৰ্মনঃ ৭,০০০ কোটি টকাৰ আৰ্থিক জালিয়াতি, সুনীল গগৈঃ ২০২৪ চনৰ জুন মাহৰ পৰা জীৱন মিছনত দুৰ্নীতি সংঘটিত কৰি পলাতক,  চুমি আৰু তাৰ্কিক বৰা।

অসম আৰক্ষীৰ ব্যৰ্থতাৰ তালিকাত নতুনকৈ অন্তুৰ্ভুক্ত হৈছে তুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ নাম। ৪০০০ কোটি টকা সৰকাই এতিয়া পলাতক চুমি আৰু তাৰ্কিক। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল ব্যক্তি চুমি আৰু তাৰ্কিক বৰাক কোন আৰক্ষীয়েই লুকুৱাই ৰাখিছে বুলি মানুহৰ সন্দেহ হৈছে। অসম আৰক্ষীৰ এনে অক্ষমতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বাৰে বাৰে মানুহৰ চকুত সন্দেহৰ পাত্ৰ কৰি তুলিছে বুলিও বহুতে মন্তব্য কৰিছে। কাৰণ গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে আছে। কিন্তু বহুতে এই বুলিও কৈছে- আমোলা-বিষয়া কেন্দ্ৰিক প্ৰশাসনত মুখ্যমন্ত্ৰীক আৰক্ষীয়েই ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে্। মুখ্যমন্ত্ৰী শৰ্মা যদি ডালে ডালে আৰক্ষী পাতে পাতে বুলিও বহুতে মন্তব্য কৰিছে। ক’লা ধন বিনিয়োগকাৰীক ৰক্ষণাবেক্ষন দিবৰ বাবেই আৰক্ষীৰ একাংশ লোকে মুখ্যমন্ত্ৰীক ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে বুলিও বহুতে মন্তব্য কৰিছে। বহুতে এইবুলিও কৈছে কৈছে যে কিছুদিন পিছতে হয়তো চুমি বৰাৰ দৰে লোকসকলেই নেত্ৰীৰ ৰূপত অৱতীৰ্ণ হৈ ৰাইজক বহু ভাল ভাল কথা ক’ব। (Online trading scam)

লগতে পঢ়কঃ Online trading scam: বহু বিনিয়োগকাৰীৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি উবুৰি খাই পৰিছে পৰ্টেলৰ একাংশ সাংবাদিক!

আনহাতে শেহতীয়াকৈ চুমি বৰাৰ সন্দৰ্ভত মুখ খুলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কণ্ঠশিল্পীগৰাকীয়ে কয় যে শেহতিয়াকৈ ‘লুকাই আছে, লুকাই থাকক’। চুমি প্ৰসংগত জুবিনৰ প্ৰথমটো প্ৰতিক্ৰিয়া সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।


Online trading scam: বহু বিনিয়োগকাৰীৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি উবুৰি খাই পৰিছে পৰ্টেলৰ একাংশ সাংবাদিক!

Gauhati Press Club
বহু বিনিয়োগকাৰীৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি উবুৰি খাই পৰিছে পৰ্টেলৰ একাংশ সাংবাদিক!

গুৱাহাটী, ৯ ছেপ্তেম্বৰ: অনলাইন ট্ৰেডিং কেলেংকাৰিৰ খবৰে এতিয়া ৰাজ্যৰ বতাহ গৰম কৰি ৰাখিছে । চুমি বৰা-বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত হোৱা কেলেংকাৰিয়ে এতিয়া বহুতকে চিন্তিত কৰি ৰাখিছে(Sumi Bora and Bishal Phukan) বিশেষকৈ প্ৰতাৰক চক্ৰৰ জালত ভৰি দি লাখ লাখ টকা বিনিয়োগ কৰা একাংশ বিনিয়োগকাৰীয়ে এতিয়া চিন্তাত ভাত গিলিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা বুলি চৰ্চা চলিছে । একাংশ লোকে এইবুলি চৰ্চা কৰি যে অনলাইন ট্ৰেডিঙত লাখ লাখ টকা বিনিয়োগ কৰাসকলৰ ভিতৰত বহু আগশাৰীৰ ডাক্তৰ, ৰাজনৈতিক নেতাৰ লগতে শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিও আছে(Online Trading Scam)।

বিশেষ সূত্ৰে জানিব পৰা মতে, চুমি বৰা-বিশালৰ জালত ভৰি দি অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰা বহু ডাক্তৰৰ এখন দীঘলীয়া তালিকা ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰস্তুত কৰিছে। অৱশ্যে ডিব্ৰুগড় আৰক্ষীৰ তৰফৰ পৰা এই বিষয়ত এতিয়াও কোনো কথা সদৰী কৰা পৰিলক্ষিত হোৱা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে যিসকল ডাক্তৰে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ সৰহভাগেই আছিল ক’লা ধন । কৰ ফাঁকিকে ধৰি আন উপায়েৰে আৰ্জন কৰা সেই ক’লাধনৰ বিশাল অংশ সেইসকল লোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল । এতিয়া কেলেংকাৰি ওলাই পৰাত তেওঁলোক সেয়ে চিন্তিত হৈ পৰিছে।

সূত্ৰটোৰ মতে তেওঁলোকে ধন পানীত পৰাৰ বাবে চিন্তিত হোৱা নাই, চিন্তিত হৈছে কেঁচু খান্দোতে সাপ ওলায় বুলিহে । অসম চৰকাৰেও ইতিমধ্যে অনলাইন ট্ৰেডিং কেলেংকাৰিৰ তদন্ত কৰিবলৈ এছ আই টি(Special Investigation Team) গঠন কৰি দিছে । কেলেংকাৰিটো আইটি আৰু ইডিলৈকো চৰকাৰে প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈ আহিছে- অপৰাধী সাৰি নাযায় । আগশাৰীৰ সাংবাদিকেও বিনিয়োগকাৰীৰহে দোষ বুলি কৈছে। গতিকে এতিয়া ক’লা ধন বিনিয়োগ কৰাসকলে তেওঁলোকৰ দুৰ্নীতিৰ সাম্ৰাজ্যখনৰ কথা ওলাই পৰে বুলি চিন্তি হোৱাৰ কথা মানুহৰ মুখে মুখে চৰ্চা হৈছে।

এনে সময়তে ছল চাই কঠীয়া পাৰিবলৈ সাংবাদিকৰ নামত দালালি কৰা ভুৱা সাংবাদিকৰ লগতে তথাকথিত একাংশ পৰ্টেলৰ সাংবাদিকো সক্ৰিয় হৈ পৰা বুলিও বহুতে চৰ্চা কৰিছে (Fake journalists reportedly threatening)। বহুতৰ মতে ভূতৰ ওপৰত দানহ পৰাদি সেই চাম দালাল অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বুলি নিশ্চিত হোৱা ডাক্তৰ, ৰাজনীতিক, শিক্ষক আদিক নানান প্ৰকাৰে ভয়-ভাবুকি দি ব্লেকমেইলিং কৰাত নামি পৰিছে (Attn. Gawahati Press Club) ।

অভিযোগ অনুসৰি সেইচাম তথাকথিত সাংবাদিকে একাংশ বিনিয়োগকাৰীক মন্ত্ৰী, আৰক্ষী আদিৰ নামত ভয় দেখুৱাই ব্লেকমেইলিং কৰাত নামিছে বুলি অভিযোগ উঠিছে। আন এক গুৰুতৰ অভিযোগ অনুসৰি তেনে তথাকথিত দালালৰ মাজৰে একাংশই আনকি মন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি মোবাইলত হোৱাটছএপ গ্ৰুপ খুলি লৈ নিজে এডমিন হৈ বহি আছে । তেওঁলোকে সংশ্লিষ্ট মন্ত্ৰীৰ নাম জিলিকি থকা তেনে হোৱাটছএপ গ্ৰুপ ব্যৱহাৰ কৰি অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা ডাক্তৰ, শিক্ষক, চৰকাৰী কৰ্মচাৰী, সাধাৰণ কৃষক আদিৰ ওপৰত মানসিক চাপ সৃষ্টিৰ কু-অভিসন্ধি কৰা বুলি এতিয়া বহুতৰে মাজত সন্দেহ ঘনীভূত হৈছে।

এটা কথা নিশ্চিত যে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাসকলৰ সকলোৱেই হয়তো দুৰ্নীতিগ্ৰস্ত নহয়। একাংশ বিনিয়োগকাৰীয়ে ধন দুগুণ হোৱাৰ আশাতে নিজৰ কষ্টোপাৰ্জিত ধনো অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল। তেনে বিনিয়োগকাৰী শিক্ষক আৰু আন চৰকাৰী চাকৰিয়ালক এই সাংবাদিক নামধাৰী দুষ্টচক্ৰটোৱে মন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি খোলা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে নিজকে স্বয়ম্ভু এডমিন বুলি ভয় দেখুৱাই তেওঁলোকক ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি সেই তথাকথিত সাংবাদিক চামে অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ বাবেই শিক্ষক আৰু চৰকাৰী চাকৰিয়ালৰ চাকৰিৰ টনা-টনি হ’ব পাৰে বুলিও ব্যাপক প্ৰচাৰ চলাইছে। সততে দিছপুৰৰ পদূলি শুঙি ফুৰা এইচাম ভুৱা সাংবাদিক তথা একাংশ তথাকথিত পৰ্টেলৰ সাংবাদিকে দালালি কৰি নিজকে মন্ত্ৰী-আৰক্ষীৰ ভাতঘৰৰ মানুহ বুলি জাহিৰ কৰি বিনিয়োগকাৰীক ব্লেকমেইলিং কৰাৰ ফন্দি পাতিছে বুলি বিভিন্নজনে আলোচনা কৰিছে। ছ’চিয়েল মিডিয়া আৰু অন্যান্য মাধ্যমৰ জৰিয়তে সেইচাম ভুৱা সাংবাদিক তথা একাংশ তথাকথিত পৰ্টেলৰ সাংবাদিকে কিছুমান বিনিয়োগকাৰীক ব্লেকমেইলিং কৰি তেওঁলোকৰ দুৰ্নীতিৰ তথ্য উদঙাই দিয়া হ’ব বুলি আৰু ক’লা ধন বগা কৰাৰ বাবেই তেওঁলোকে অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল বুলি তথ্য প্ৰকাশৰ ভাবুকি দিয়াৰ কথা এতিয়া ৰাজ্যৰ বিভিন্ন স্থানৰ লোকৰ মাজত আলোচনাৰ গৰম বিষয় হৈ পৰিছে( Attn. Dispur Press Club)।

অসম আৰক্ষীয়ে সেয়ে এনে ভুৱা সাংবাদিক চক্ৰৰ বিৰুদ্ধেও তৎপৰ হোৱা উচিত বুলি সচেতন লোকে মন্তব্য কৰিছে।

উল্লেখ্য, বিশাল-চুমিৰ অনলাইন ট্ৰেডিঙৰ কাহিনী পোহৰলৈ অহাৰ পূৰ্বে ৰাজ্যত সংঘটিত হৈছিল YBYৰ কেলেংকাৰি। অসমৰ ডিজিপি জি পি সিঙেও শেহতীয়াকৈ এইবুলি মন্তব্য কৰিছে যে YBY কাণ্ডৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত চলাই গৈছে। ইতিমধ্যে ট্ৰেডিং এপটোৰ সৈতে জড়িত অনিৰাম বসুমতাৰী আৰু মিথিংগা নাৰ্জাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে জনাইছে(YBY Scam and Police Actions)।

YBY নামৰ বিদেশী অনলাইন ট্ৰেডিং কোম্পানীটোৱে ৰাজ্যৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ পিছত অৱশেষত সাৰ পাইছে চিআইডিয়ে । কোম্পানীটোৱে অসমৰ প্ৰায় ২১খন জিলাৰ সাধাৰণ লোকৰ পৰা নানান প্ৰলোভনেৰে হাজাৰ হাজাৰ কোটি টকা লুটি নিছিল । বিনিয়োগকাৰীক প্ৰলোভিত কৰা কোম্পানীবোৰ এতিয়া আৰক্ষীৰ নজৰত আছে। কিন্তু তেনে কোম্পানীৰ প্ৰতাৰণাৰ বলি হৈ এতিয়া আকৌ ভুৱা সাংবাদিক তথা একাংশ তথাকথিত পৰ্টেল সাংবাদিকৰ ব্লেকমেইলিঙৰ চিকাৰ হ’বলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে একাংশ বিনিয়োগকাৰী বুলি চৰ্চা হৈছে।

এয়া আমাৰ কথা নহয়। এয়া এতিয়া অসমৰ বহু লোকৰ চৰ্চিত এক বিষয়। বিষয়টো সেয়ে অসম আৰক্ষীয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তেনে দুষ্ট চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি সচেতন মহলে আৰক্ষীক আহ্বান জনাইছে। নহ’লে এনে নপতা ফুকনসকলৰ বাবেই এটা কেলেংকাৰিৰ পৰাই আন এক কেলেংকাৰিৰ জন্ম দিব বুলিও বহুতে সংশয় ব্যক্ত কৰিছে ।

লগতে পঢ়ক: YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

YBY Trading App Scam: Two Masterminds Arrested by Assam CID in 600 Crore Fraud
YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা

গুৱাহাটী, ৯ ছেপ্টেম্বৰঃ প্ৰায় ৬০০ কোটিটকীয়া ভূৱা ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ লগত জড়িত দুই মাষ্টাৰমাইণ্ডক চি আই ডিৰ এটা অভিযানকাৰী দলে শনিবাৰে নিশা গহপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(YBY Trading App Scam) । গ্ৰেপ্তাৰ হোৱা দুই প্ৰৱঞ্চক ক্ৰমে অনিৰাম বসুমতাৰী (৩৮) আৰু মিথিংগা নাৰ্জাৰী (৪৮) বুলি জানিব পৰা গৈছে। দুয়োজনেই বিশ্বনাথ চাৰিআলি জিলাৰ বাসিন্দা।

ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাইয়ে অসমৰ একাংশ খাটি খোৱা লোকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কৰাৰ পিছৰে পৰা এই এপটোৰ লগত জড়িত প্ৰৱঞ্চকবোৰে ৰাজ্যৰ খাটি খোৱা লোকসকলৰ লগতে আৰক্ষীৰ পৰা বাচিবৰ বাবে আত্মগোপন কৰি আছিল।
অৱশেষত শনিবাৰে নিশাৰ ভাগত আত্মগোপন কৰি থকা অৱস্থাতে আসম আৰক্ষীৰ(Assam Police) চি আই ডিৰ এটা অভিযানকাৰী দলে তালাচী চলাই গহপুৰৰ মিলন নগৰৰ বাসিন্দা তথা প্ৰাক্তন এন ডি এফ বি নেতা অনিৰাম বসুমতাৰী আৰু বিজ্ঞান শিক্ষক মিথিংগা নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

দেওবাৰে গুৱাহাটীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়লৈ আনি ধৃত দুই প্ৰৱঞ্চকক মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে(CID headquarters in Guwahati) ।

শেহতীয়াকৈ এই ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাইৰ কোটি কোটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে হঠাৎ তৎপৰ হৈছে অসম আৰক্ষী । এই ভূৱা ট্ৰেডিং এপটোৰ সৈতে জড়িত আনসকল খলনায়কৰ সন্ধানতো চিআইডিৰ দলে অভিযান অব্যাহত ৰখাৰ কথা জানিব পৰা গৈছে ।

উল্লেখ্য যে, সহজে ধন ঘটাৰ প্রলোভনেৰে ৰাজ্যৰ একাংশ খাটি খোৱা লোকক প্ৰলোভিত কৰি ভূৱা ট্ৰেডিং এপটোত বিনিয়োগ কৰাইছিল কোটি কোটি টকা । প্রথম অৱস্থাত শিক্ষক সকলক টার্গেট কৰি তেওঁলোকৰ দ্বাৰা এই ভূৱা এপটোত ধন বিনিয়োগ কৰি সহজতে ধন ঘটাৰ সুযোগ প্ৰদান কৰা হৈছিল । পৰৱৰ্তী সময়ত কি গাঁও, কি চহৰ সকলো অঞ্চলতে শিপাইছিল এই ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাই ।

Manipur forces seize arms : মণিপুৰৰ জিৰিবামত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

মণিপুৰৰ জিৰিবামত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
মণিপুৰৰ জিৰিবামত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

ড্ৰোন আৰু ৰকেট আক্ৰমণৰ মাজত জিৰিবাম জিলাত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত কমেও পাঁচজন লোক নিহত হোৱাৰ এদিন পিছতে মণিপুৰত উগ্ৰপন্থীৰ সন্ধানৰ বাবে এক বৃহৎ কোম্বিং (Manipur forces seize arms) অভিযান চলি আছে। তাৰ মাজতে নিৰাপত্তা সংস্থাসমূহে ৰাজ্যখনত এক গুৰুত্বপূৰ্ণ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰে৷ উল্লেখ্য যে যোৱা বছৰ মে’ মাহত জাতিগত হিংসা আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যখন উত্তপ্ত হৈ আছে। মন কৰিবলগীয়া যে জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে স্নাইপাৰ ৰাইফল, পিষ্টল, বন্দুক, চুটি আৰু দীৰ্ঘ দূৰত্বৰ মৰ্টাৰ, গ্ৰেনেড আৰু দীৰ্ঘ দূৰত্বৰ ৰকেট বোমা। মণিপুৰৰ জিৰিবাম জিলাত এজন বৃদ্ধ মেইটেই লোকৰ হত্যাৰ পিছত দুটা সশস্ত্ৰ গোটৰ মাজত বন্দুক যুদ্ধ আৰম্ভ হৈছিল ৷

এই ঘটনা ৭ ছেপ্টেম্বৰত হৈছিল আৰু কমেও পাঁচজন লোক নিহত হয়। শনিবাৰে সংঘটিত হোৱা উত্তেজনাৰ পিছত মুখ্যমন্ত্ৰী সিঙে শাসকীয় দলৰ বিধায়কসকলৰ এখন বৈঠক আহ্বান কৰিছিল— মণিপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনত নাগা পিপলছ ফ্ৰণ্ট, নেচনেল পিপলছ (National People’s Party )পাৰ্টি আৰু জনতা দল (ইউনাইটেড)ৰ বিধায়কো অন্তৰ্ভুক্ত আছে। এই সভাৰ পাছত লামলাইৰ বিজেপি বিধায়ক কে ইবোমচাই কয় যে কেন্দ্ৰক “উগ্ৰপন্থীসকলক নিয়ন্ত্ৰণলৈ অনাৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈ” হেঁচা দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। এই সপ্তাহৰ আৰম্ভণিতে, জিৰিবাম জিলাত সন্দেহযুক্ত ‘গাঁও স্বেচ্ছাসেৱকসকলে’ বড়োবেক্ৰা আৰক্ষী থানা অঞ্চলৰ জাকুৰাধোৰত এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ এটা পৰিত্যক্ত তিনি কোঠাৰ ঘৰ জ্বলাই দিয়াৰ পিছত নতুনকৈ অগ্নিসংযোগ সংঘটিত হৈছিল।

১ আগষ্টত অসমৰ কাছাৰৰ চিআৰপিএফৰ এখন সভাত মেইটেই আৰু হমাৰ সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰ আৰু “অগ্নিসংযোগ আৰু গুলীচালনাৰ ঘটনা প্ৰতিহত” কৰাৰ বাবে এক চুক্তিত উপনীত হোৱা স্বত্বেও জিলাখনত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হয়। যোৱা বছৰৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাস্থিত মেইটিছ আৰু কাষৰীয়া পাহাৰ-ভিত্তিক কুকি-জো গোটৰ মাজত হোৱা জাতিগত হিংসাত ২০০ ৰো অধিক লোক নিহত হয় আৰু হাজাৰ হাজাৰ লোক গৃহহীন হয়। ইম্ফল উপত্যকা আৰু ইয়াৰ কাষৰীয়া পাহাৰত জাতিগত হিংসাৰ দ্বাৰা মুখ্যতঃ অস্পৃশ্য হৈ থকা জাতিগতভাৱে বৈচিত্ৰ্যপূৰ্ণ জিৰিবাম জুন মাহত আন এটা সম্প্ৰদায়ৰ উগ্ৰপন্থীয়ে এটা সম্প্ৰদায়ৰ এজন ৫৯ বছৰীয়া ব্যক্তিক হত্যা কৰাৰ পিছত হিংসাত্মক (violence) ঘটনা সংঘটিত হয়। দুয়োপক্ষৰ অগ্নিসংযোগৰ ঘটনাৰ বাবে হাজাৰ হাজাৰ লোকে তেওঁলোকৰ ঘৰ এৰি সাহায্য শিবিৰলৈ স্থানান্তৰিত হ’ব লগা হৈছিল। জুলাইৰ মাজভাগত নিৰাপত্তা বাহিনীৰ টহলৰ সময়ত উগ্ৰপন্থীৰ আক্ৰমণত এজন চিআৰপিএফ জোৱানও নিহত হৈছিল। 
 

BJP Membership Drive: বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিত সদস্যতা ভৰ্তি অভিযান

বিজেপিৰ সদস্যতা ভৰ্তি অভিযান
বিজেপিৰ সদস্যতা ভৰ্তি অভিযান

জালুকবাৰী, ৮ ছেপ্টেম্বৰ: বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা ভর্তি অভিযান যোৰদাৰ গতিত চলিছে। এই অভিযানৰ অংশ হিচাপে বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত, মৰ্চাৰ বিশ্ববিদ্যালয় মণ্ডল আৰু জালুকবাৰী মণ্ডল সমিতিৰ সহযোগত কালি পাণ্ডুৰ ৰেষ্টকেম্পত অনুস্থিত হয় সদস্যতা ভৰ্তি অভিযান বিষয়ক এক অনুষ্ঠান। (BJP’s membership drive in Jalukbari constituency)

এই অনুষ্ঠানত বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি বলেশ্বৰ ৰংপীয়ে ভাগ লৈ ভাষণ প্ৰসংগত সদস্যতা ভর্তি অভিযানৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰয়োজনীয়তা সম্পর্কে আলোকপাত কৰে আৰু দিল্লী-দিছপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনত থকালৈকে অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোকসকল সকলো দিশতে সুৰক্ষিত হৈ থাকিব বুলি ব্যক্ত কৰে।

অনুষ্ঠানত মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সম্পাদক প্ৰতিভা টেৰণপী, জালুকবাৰী মণ্ডল সমিতিৰ সভাপতি দয়া বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তাই ভাষণ প্ৰসংগত সদস্যতা ভৰ্তি অভিযানৰ জৰিয়তে নতুনকৈ সদস্য ভৰ্তি কৰি দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত দলৰ ভাতৃ-ভগ্নী সংগঠনৰ শতাধিক ন-পুৰণি সদস্যই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, যোৱা ২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, ৩ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতাই নতুনকৈ সদস্য নবীকৰণ কৰি অসমত এই অভিযানৰ শুভাৰম্ভ কৰিছিল। ইফালে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে এই অভিযানে বিজেপিৰ ভেটি আৰু অধিক সুদৃঢ় কৰিব বুলি আশা ব্যক্ত কৰিছে।

WTC Final: গ্ৰীনে ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে

ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে গ্ৰীণে
ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে গ্ৰীণে

ছিডনী, ৮ চেপ্তেম্বৰঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ লক্ষ্য কেমেৰন গ্ৰীনৰ। সেই লক্ষ্যত আটাইতকৈ ডাঙৰ বাধা হৈছে ভাৰত। অষ্ট্ৰেলিয়াই এইবাৰ ভাৰতৰ বিৰুদ্ধে খেলিব। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে এই শৃংখলা জয় কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে। দেশৰ মাটিত ১০ বছৰৰ বিজয় লুকাই আছে। সেই পৰিসংখ্যা তেওঁ সলনি কৰিব বিচাৰে।(WTC final)

গ্ৰীনে দেশত প্ৰথমবাৰৰ বাবে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলিব। ইতিমধ্যে তেওঁ সাজু হৈছে। গ্ৰীনে কয় যে ভাৰত অতি কঠোৰ প্ৰতিদ্বন্দ্বী। প্ৰতিবাৰেই আমাৰ লগত কাজিয়া কৰে। মই জানো এইবাৰো একে হ’ব। ভাৰতৰ বিৰুদ্ধে খেলিবলৈ আগ্ৰহী। এইবাৰ মই জয়ী হ’ব বিচাৰো। গ্ৰীনে জনা মতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ প্ৰতিটো পইণ্ট অতি গুৰুত্বপূৰ্ণ। গতিকে প্ৰতিখন মেচকে সমানে গুৰুত্ব দি আছে।

অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গৰাকীয়ে কয়, ‘আমাৰ বাবে প্ৰতিখন মেচ সমানেই গুৰুত্বপূৰ্ণ। কাৰণ, ফাইনেল খেলিবলৈ হ’লে প্ৰতিটো পইণ্ট লাভ কৰিব লাগিব। এইবাৰ ভাৰতে হাৰিবলগীয়া হৈছে। তেতিয়াহে আমি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰিম। আশাকৰোঁ এইবাৰ কৰিব পাৰিম।’ ২০১৪-১৫ বৰ্ষৰ শৃংখলাৰ পিছত অষ্ট্ৰেলিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী লাভ কৰিব পৰা নাই।

কেতিয়াবা দেশৰ মাটিত দুবাৰকৈ হাৰিবলগীয়া হৈছিল। সীমান্ত-গাভাস্কাৰৰ ১৫খন ট্ৰফীৰ ভিতৰত ভাৰতে ১০টা ট্ৰফী লাভ কৰিছে। অষ্ট্ৰেলিয়া ৫ বাৰ। গ্ৰীনে এইবাৰ সেই পৰিসংখ্যা সলনি কৰিব বিচাৰিছে। অষ্ট্ৰেলিয়াৰ এই অল ৰাউণ্ডাৰগৰাকীয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতক পৰাস্ত কৰিব বিচাৰিছে।

Olympic Council of Asia president :প্ৰথম ভাৰতীয় অলিম্পিক কাউন্সিল অফ এছিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত ৰণধীৰ সিং

প্ৰথম ভাৰতীয় অলিম্পিক কাউন্সিল অফ এছিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত ৰণধীৰ সিং
প্ৰথম ভাৰতীয় অলিম্পিক কাউন্সিল অফ এছিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত ৰণধীৰ সিং

প্ৰবীণ ক্ৰীড়া প্ৰশাসক ৰণধীৰ সিঙে দেওবাৰে ইয়াত মহাদেশীয় সংস্থাৰ ৪৪ সংখ্য়ক সাধাৰণ সভাৰ সময়ত এছিয়াৰ অলিম্পিক পৰিষদৰ (অচিএ) সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় (Olympic Council of Asia president )। পাঁচবাৰৰ অলিম্পিক শ্বুটাৰ, ৰণধীৰ অ’চিএ সভাপতি পদৰ বাবে একমাত্ৰ যোগ্য প্ৰাৰ্থী আছিল। তেওঁৰ কাৰ্যকাল ২০২৪ চনৰ পৰা ২০২৮ চনলৈ চলিব আৰু তেওঁৰ নিৰ্বাচন সৰ্বসন্মত আছিল। ৭৭ বছৰীয়া ৰণধীৰ সিং ২০২১ চনৰ পৰা অ’চিএৰ কাৰ্যকৰী সভাপতি হৈ আছে । ভাৰত আৰু এছিয়াৰ ক্ৰীড়া সংস্থাসমূহত বিভিন্ন প্ৰশাসনিক পদত অধিষ্ঠিত ৰণধীৰক ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু এছিয়াৰ সকলো ৪৫ খন দেশৰ শীৰ্ষ ক্ৰীড়া নেতাসকলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে অ’চিএৰ সভাপতি হিচাপে মনোনীত কৰা হয়।

এছিয়াৰ সকলো ৪৫ খন দেশৰ ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডৱিয়া আৰু শীৰ্ষ ক্ৰীড়া নেতাসকলৰ উপস্থিতিত প্ৰাক্তন ভাৰতীয় শ্বুটাৰ ৰণধীৰ সিং আনুষ্ঠানিকভাৱে অ’চিএৰ সভাপতি হিচাপে মনোনীত কৰা হয় ৷ ৰণধীৰ সিঙে চাৰিখন এছিয়ান গেমছত অংশগ্ৰহণ কৰি ১৯৭৮ চনত ট্ৰেপ স্বৰ্ণ, ১৯৮২ চনত ব্ৰঞ্জ আৰু ১৯৮৬ চনত এটা দলৰ ৰূপত জয়লাভ কৰিছিল। তেওঁ ১৯৭৮ চনত কানাডাৰ এডমণ্টনত অনুষ্ঠিত কমনৱেলথ গেমছতো অংশগ্ৰহণ কৰিছিল। ৰণধীৰ সিঙে ১৯৮৭ চনত ক্ৰীড়া প্ৰশাসনত প্ৰৱেশ কৰিছিল যেতিয়া তেওঁ ভাৰতীয় অলিম্পিক সংস্থাৰ মহাসচিব হিচাপে নিযুক্ত হৈছিল, তেওঁ ২০১২ চনলৈকে অধিষ্ঠিত আছিল। তেওঁক ১৯৮৭ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৰিচালনা পৰিষদৰ সদস্য হিচাপেও নিযুক্তি দিয়া হৈছিল, য’ত তেওঁ ২০১০ চনলৈকে অধিষ্ঠিত আছিল।

তেওঁ ২০১০ চনৰ দিল্লী কমনৱেলথ গেমছৰ আয়োজক সমিতিৰ উপাধ্যক্ষ হিচাপে আছিল। ৰণধীৰ সিঙক ১৯৯১ চনত অ’চিএৰ মহাসচিব হিচাপে নিযুক্ত কৰা হৈছিল আৰু ২০১৫ চনলৈকে এই পদত অধিষ্ঠিত আছিল, জীৱন উপ-সভাপতিৰ ভূমিকা গ্ৰহণ কৰাৰ আগতে, যিটো তেওঁ ২০২১ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ৰণধীৰ সিং ২০০১ আৰু ২০১৪ চনৰ সময়চোৱাত আইঅ’চিৰ সদস্য আছিল ৷ উল্লেখ্য যে তেওঁৰ সম্পৰ্কীয় মহাৰাজা যাদৱীন্দ্ৰ সিঙে ভাৰতৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল আৰু আইঅ’চিৰ সদস্য আছিল। দেউতাক ভলিন্দ্ৰ সিং, এজন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ, ১৯৪৭ আৰু ১৯৯৩ চনৰ সময়চোৱাত আইঅ’চিৰ সদস্য আছিল। ৰণধীৰ সিং ২০০১ ৰ পৰা ২০১৪ চনৰ ভিতৰত আইঅ’চিৰ সদস্য আছিল, যাৰ পিছত তেওঁ গোলকীয় ক্ৰীড়া সংস্থাৰ সন্মানীয় সদস্য হিচাপে অব্যাহত ৰাখিছিল।

Published by: Jebin Sultana

Deepika-Ranveer Become Parents:দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথমটি সন্তান

কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল দীপিকা-ৰণবীৰ
কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল দীপিকা-ৰণবীৰ

প্ৰথম গৰ্ভধাৰণৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা বলীউডৰ দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিং কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল। এগৰাকী পাপাৰাজীয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে এই মৰমলগা দম্পতীয়ে তেওঁলোকৰ জীৱনলৈ প্ৰথম সন্তানক আদৰণি জনাই। এই খবৰ ওলোৱাৰ পিছত অনুৰাগীসকলে আনন্দত আত্মহাৰা হৈ পৰিছে আৰু কমেণ্টত দম্পতীহালক অভিনন্দন জনাইছে।(deepika padukone and ranveer singh blessed with a baby girl)

এই বিশেষ মুহূৰ্তৰ পূৰ্বে দুয়োকে বিলাসী গাড়ীৰে মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতাললৈ যোৱা দেখা গৈছিল। য’ত পাপাৰাজীয়ে প্ৰসৱৰ আগতেই তেওঁলোকক দেখিছিল। তেতিয়াৰ পৰাই অনুৰাগীসকলে দুয়োৰে পিতৃ-মাতৃ হোৱাৰ খবৰৰ বাবে অপেক্ষা কৰি আছিল। বৰ্তমান অনুৰাগীসকলে সেই সময়লৈ অপেক্ষা কৰি আছে যেতিয়া দম্পতীহালে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত এই ভাল খবৰটো ঘোষণা কৰিব।(Deepika-Ranveer Become Parents)

আনহাতে দীপিকা আৰু ৰণবীৰক যোৱা সপ্তাহত মুম্বাইৰ শ্ৰী সিদ্ধিবিনায়ক মন্দিৰতো যোৱা দেখা গৈছিল, মন্দিৰত তেওঁলোকে প্ৰথম সন্তানৰ বাবে আশীৰ্বাদ বিচাৰি আহিছিল। এই খবৰ বিয়পি পৰাৰ লগে লগে বন্ধু-বান্ধৱী, পৰিয়াল আৰু অনুৰাগীয়ে দীপিকা আৰু ৰণবীৰক পিতৃ-মাতৃ হোৱাৰ শুভকামনা জনাই। তেওঁৰ অনুৰাগীসকলেও তেওঁৰ সুখত সুখা হৈছে। যোৱা সপ্তাহত দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰামত প্ৰসূতিৰ ফটোশ্বুটৰ ছবিও শ্বেয়াৰ কৰিছিল আু সেই ফটো কেইখনত অনুৰাগীয়ে মৰমলগা মন্তব্যৰে ওপচাই পেলাইছিল।

প্ৰসূতিৰ ফটোশ্বুটৰ সময়ত দীপিকা পাডুকনক ক’লা সাজ-পোছাক পিন্ধি দেখা গৈছিল, য’ত তেওঁৰ বেবী বাম্পটো স্পষ্টকৈ দেখা গৈছিল আৰু তেতিয়া কিছুমান লোক আচৰিত হৈছিল যিসকলে দীৰ্ঘদিন ধৰি দীপিকাক ভুৱা বেবী বাম্প থকাৰ অভিযোগ উত্থাপন কৰিছিল। এই ফটোশ্বুটসমূহত দীপিকাই স্বামী ৰণবীৰ সিঙৰ সৈতে ৰোমান্টিক প’জ দিয়া দেখা গৈছিল।

অৱশেষত গণেশ চতুৰ্থীৰ পাছদিনাই দীপিকা পাড়ুকন আৰু ৰণবীৰ সিঙৰ কোলালৈ আহিল প্রথম সন্তানটি। তেওঁলোকৰ মাজলৈ আহিল মৰমলগা এটি কন্যা সন্তান।

published by: Munmi gogoi