Home Blog Page 541

Ripun Bora joins Congress ৰিপুণ বৰা কংগ্ৰেছত যোগদান

ৰিপুণ বৰা কংগ্ৰেছত যোগদানRipun Bora joins Congress
Ripun Bora resigned from TMC, citing that despite his initial admiration for Mamata Banerjee's leadershipৰিপুণ বৰা কংগ্ৰেছত যোগদান

Ripun Bora returns to Congress

ৰিপুণ বৰাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত দলত পুনৰ যোগদান কৰে। ৰাজ্যসভা নিৰ্বাচনত পৰাজয় কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দললৈ গৈছিল ৰিপুণ বৰা । দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। Ripun Bora left the PPCC and joined the Trinamool Congress.


After his defeat in the Rajya Sabha elections, Ripun Bora left the PPCC and joined the Trinamool Congress.

ৰাজ্যসভা নিৰ্বাচনত পৰাজয় কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দললৈ গৈছিল ৰিপুণ বৰা । দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। ৰিপুণ বৰাৰ পুনৰ যোগদানত ইতিমধ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে।Ripun Bora, Ex-Assam Congress Chief quits party

Ripun Bora, Ex-Assam Congress Chief quits party

চৰাইদেউত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকত মুখ্য অতিথি হিচাপে উপস্থিত থকে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গৰাকীৰ উপস্থিতিৰ বাহিৰেও অসম কংগ্ৰেছৰ তিনিগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ উপস্থিত ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰে। Assam TMC president Ripun Bora resigns from the party and may rejoin Congres

After his defeat in the Rajya Sabha elections, Ripun Bora left the PPCC and joined the Trinamool Congress. Bora officially joined the Congress at a function held at Mathurapur in Charideo on Sunday.

কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈছিল ৰিপুণ বৰাই । কিন্তু দলীয় কিছু কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছ ত্যাগ কৰে ৰিপুণ বৰাই । বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ দলটো ত্যাগ কৰিছিল সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক‌‌‌ গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক‌‌‌ জুলফিকৰ হুছেইনে ।Assam TMC president Ripun Bora quits, says party perceived by public as ‘regional’

Published by: Gautam Kumar kakati

লগতে পঢ়ক National Clean Air City :National Clean Air City : বায়ুৰ মানদণ্ড উন্নত শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান লাভ ছুৰাটৰ

National Clean Air City : বায়ুৰ মানদণ্ড উন্নত শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান লাভ ছুৰাটৰ

বায়ুৰ মানদণ্ড উন্নত শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান লাভ ছুৰাটৰ
বায়ুৰ মানদণ্ড উন্নত শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান লাভ ছুৰাটৰ

বায়ুৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে ছুৰাটক ভাৰতৰ শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান দিয়া হৈছে ৷ ছুৰাটৰ পিছত স্থান লাভ কৰিছে জবলপুৰ আৰু আগ্ৰা মহানগৰীয়ে ৷ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে শনিবাৰে জয়পুৰত “নীলা আকাশৰ বাবে আন্তৰ্জাতিক পৰিষ্কাৰ বায়ু দিৱস”( National Clean Air City) উদযাপন কৰা এখন ৰাষ্ট্ৰীয় কৰ্মশালাত অনুষ্ঠিত স্বচ্ছ বায়ু সুৰভেক্ষন ২০২৪ ৰ সময়ত “ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু নগৰ” বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয় ৷ ইয়াতে এই বঁটা প্ৰদান অনুষ্ঠানত উক্ত মহানগৰকেইখনৰ নাম প্ৰকাশ পায় ৷

যদিও ছুৰাট, জবলপুৰ আৰু আগ্ৰাই ১০ লাখতকৈ অধিক জনসংখ্যাৰ চহৰসমূহৰ ভিতৰত শীৰ্ষ তিনিটা স্থান লাভ কৰিছে, ফিৰোজাবাদ (ইউপি), অমৰাৱতী (মহাৰাষ্ট্ৰ) আৰু ঝান্সি (ইউপি) তিনি লাখৰ পৰা ১০ লাখৰ ভিতৰত জনসংখ্যা থকা চহৰসমূহৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে স্বীকৃতি লাভ কৰিছে। তিনি লাখৰ তলৰ জনসংখ্যা থকা চহৰসমূহৰ ভিতৰত ৰায়বৰেলী (উত্তৰ প্ৰদেশ), নালগোণ্ডা (তেলেংগানা) আৰু নালাগড় (হিমাচল প্ৰদেশ) শীৰ্ষস্থানত আছে। ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচীৰ (এনচিএপি) অধীনত অন্তৰ্ভুক্ত চহৰসমূহত মহানগৰ কাৰ্য পৰিকল্পনা আৰু বায়ুৰ মানদণ্ডৰ অধীনত অনুমোদিত কাৰ্যকলাপৰ ৰূপায়ণৰ ওপৰত আধাৰিত কৰি চহৰসমূহক স্থান দিয়াৰ বাবে মন্ত্ৰালয়ৰ দ্বাৰা “স্বচ্ছ বায়ু সৰ্বেক্ষণ” হৈছে এক পদক্ষেপ।

বায়ু প্ৰদূষণ হ্ৰাস (Reduced air pollution) কৰাৰ বাবে বিভিন্ন সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ জৰিয়তে বায়ুৰ মানদণ্ডৰ গুৰুত্বপূৰ্ণ উন্নতিৰ হকে এই চহৰসমূহক পুৰস্কৃত কৰা হৈছিল। গুৰুত্বপূৰ্ণ কাৰ্যকলাপবোৰৰ ভিতৰত আছিল পথবোৰ পেভিং কৰা, যান্ত্ৰিক ঝাড়ু দিয়া, উত্তৰাধিকাৰী আৱৰ্জনাৰ জৈৱ-প্ৰতিকাৰ, কঠিন আৱৰ্জনা ব্যৱস্থাপনা, ডাম্পচাইটৰ পৰা পুনৰুদ্ধাৰ কৰা ভূমিক সেউজীয়া স্থানলৈ ৰূপান্তৰ কৰা, গ্ৰীণবেল্ট বিকাশ, বুদ্ধিমান যান-বাহন ব্যৱস্থাপনা প্ৰণালী আৰু মিয়াৱাকি বনায়ন।

ভাৰতে ২০১৯ চনত ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচী (এনচিএপি) আৰম্ভ কৰিছিল যাৰ লক্ষ্য আছিল ২০২৪ চনৰ ভিতৰত ২০১৭ বৰ্ষক আধাৰ বৰ্ষ হিচাপে ব্যৱহাৰ কৰি কণিকা প্ৰদূষণ ২০-৩০ শতাংশ হ্ৰাস কৰা। পিছত ২০১৯-২০ বৰ্ষক আধাৰ বৰ্ষ হিচাপে ব্যৱহাৰ কৰি ২০২৬ চনৰ ভিতৰত লক্ষ্যটো ৪০ শতাংশ হ্ৰাসলৈ সংশোধন কৰা হৈছে। এই কাৰ্যসূচীত বৰ্তমান কেৱল ১৩১ খন অপ্ৰাপ্তি চহৰ অন্তৰ্ভুক্ত কৰা হৈছে – যিবোৰে ২০১১ আৰু ২০১৫ চনৰ ভিতৰত ৰাষ্ট্ৰীয় পৰিৱেশ বায়ুৰ মানদণ্ড পূৰণ কৰাত নিৰন্তৰভাৱে ব্যৰ্থ হৈছে।

Published by: Jebin Sultana

সুশৃংখলিত সমাজ এখন গঢ়ি তোলাৰ দিশত আৰক্ষীৰ এক গুৰুদায়িত্ব আছেঃ মুখ্যমন্ত্ৰী

অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব লাগেঃ মুখ্যমন্ত্ৰী
অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব লাগেঃ মুখ্যমন্ত্ৰী

দিছপুৰ, গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত থানাৰ নাগৰিক সমিতিসমূহৰ সন্মিলনত অংশগ্ৰহণ কৰে৷ সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে সামাজিক জীৱন শান্তি আৰু শৃংখলাবদ্ধ কৰি ৰাখিবলৈ আৰক্ষীৰ বিশেষ প্ৰযোজনীয়তা আছে আৰু আৰক্ষীবিহীনভাৱে এখন শৃংখলিত সমাজ কল্পনা কৰিব পৰা নাযায়৷ (The police have an important responsibility to build an orderly society)

তেওঁ লগতে কয় যে বহু সময়ত আৰক্ষীক সমালোচনা কৰা হয় যদিও শান্তি স্থাপনৰ বাবে জনসাধাৰণে প্ৰথমে আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷ সুশৃংখলিত সমাজ এখন গঢ়ি তোলাৰ দিশত আৰক্ষীৰ এক গুৰুদায়িত্ব আছে৷ আৰক্ষী বুলি ক’লে সাধাৰণ মানুহৰ মনলৈ আৰক্ষী থানা আৰু আৰক্ষী চকীৰ চিত্ৰ এখনে ভাঁহি আহে বুলিও মন্তব্য কৰি তেওঁ কয় যে আৰক্ষীৰ চৰিত্ৰ, দায়িত্ব আৰু ভূমিকা ৰাইজে থানাৰ জৰিয়তে চাব বিচাৰে আৰু থানাখনৰ জৰিয়তে আৰক্ষীৰ মানদণ্ড তুলনা কৰিব বিচাৰে৷

মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ দায়িত্ব লোৱাৰ তিনিমাহৰ ভিতৰতে তেওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই বৈঠকত আৰক্ষীক কিদৰে আগুৱাই নিয়া হ’ব সেই সন্দৰ্ভত বহু কথা আলোচনা কৰা হৈছিল৷ তেওঁ কয় যে যোৱা তিনিটা বছৰত অসম আৰক্ষীৰ বহু পৰিৱৰ্তন সাধন হ’ল৷ অসম আৰক্ষীত নতুন নতুন বিষয়া, কনিষ্টবল, জোৱান, নতুন বেটেলিয়ন গঢ়ি তোলা হৈছে আৰু নতুন তেজেৰে সমাহিত আৰক্ষী বাহিনী এটা জনসাধাৰণে দেখিবলৈ পাইছে৷ তেওঁ লগতে কয় যে আৰক্ষী অধীক্ষকসকলক বহু ক্ষমতা হস্তান্তৰ কৰা হৈছে৷ যোৱা তিনিটা বছৰত আৰক্ষীয়ে নিজৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰিছে আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণৰ পিছত আজি অসমত অপৰাধৰ সংখ্যাও নিৰন্তৰ কমা বা কমিবলৈ ধৰা দেখিবলৈ পোৱা গৈছে৷ অপৰাধৰ সংখ্যা কমাৰ লগে লগে অভিযোগনামা সময়মতে দিয়াৰ বাবে পদক্ষেপ লোৱাটো সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ফৰেন্সিকৰ ব্যৱস্থা লাহে লাহে শক্তিশালী কৰি তোলা হৈছে৷ ফৰেন্সিক প্ৰমাণৰ ক্ষেত্ৰতো তিনিমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাটো সম্ভৱ হৈ উঠিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে আদালতৰ অনুমতি সাপেক্ষে সৰু সৰু গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ পাছত আদালতত অভিযুক্ত কৰাৰ হাৰ বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে ফৌজদাৰী আইন ব্যৱস্থাটো অধিক শক্তিশালী হৈ উঠিছে৷

অহা ছমাহৰ ভিতৰত ফৌজদাৰী আইন ব্যৱস্থা পৰিৱৰ্তন হোৱাৰ পথত আগবাঢ়িছে৷ প্ৰতি ছমাহত অনুষ্ঠিত কৰা আৰক্ষী অধীক্ষক সন্মিলনত বহু বিষয় আলোচনা হোৱাৰ পিছত জনসাধাৰণৰ অভিযোগ দ্ৰুতগতিত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে৷ ভাৰতীয় ন্যায় সংহিতা অহাৰ পিছত ইয়াৰ বিভিন্ন ধাৰাই আৰক্ষীক দিয়া অধিকাৰ আৰু ন্যায়ালয়ৰ কৰ্তব্য এই দুয়োটাৰ ওপৰতে ব্যাপক পৰিৱৰ্তন হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে আৰক্ষী দায়িত্ব হৈছে অপৰাধমূলক ন্যায়ৰ প্ৰশাসন প্ৰদান আৰু আনটো হৈছে ৰাইজৰ সেৱা৷ অসম আৰক্ষীয়ে অপৰাধ অনুসন্ধানৰ বাবে যিমান কাম কৰে তাতকৈ বেছি ৰাইজক সেৱা আগবঢ়ায়৷ সময়মতে থানাত জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শীঘ্ৰে ৰাজ্য চৰকাৰে এক নিৰ্দেশনা প্ৰদান কৰিব৷ যাতে যিকোনো ৰাজপত্ৰিত বিষয়াই ইনকুৱেষ্ট কৰিব পাৰিব৷ ইয়াৰ ফলত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলে অসম অসামৰিক সেৱাৰ বিষয়ালৈ অপেক্ষা কৰিব নালাগে আৰু প্ৰয়োজনীয় প্ৰমাণপত্ৰ প্ৰদান কৰাটো সহজ হৈ পৰিব৷ যি বিষয়সমূহ আদালতৰ মজিয়ালৈ যাব লাগে তেনে ক্ষেত্ৰতহে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰয়োজন৷ বনৰীয়া হাতীয়ে আক্ৰমণ কৰা ঘটনাসমূহৰ ক্ষেত্ৰত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰতিবেদনৰ প্ৰয়োজনীয়তা নাথাকে৷

মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন উৎসৱ পাৰ্বনৰ বাবে ভিন্ন আপত্তিবিহীন প্ৰমাণপত্ৰৰ প্ৰয়োজন৷ আৰক্ষীয়ে সময়মতে এনে প্ৰমাণপত্ৰ দিলে জনসাধাৰণে সুখী অনুভৱ কৰে বুলিও তেওঁ মন্তব্য কৰে৷ অসম আৰক্ষীৰ সেৱাসেতু প’ৰ্টেল আৰম্ভ হোৱাৰ পিছত আজিৰ দিনলৈকে ৰ লাখ ৯১ হাজাৰ ৪০৮টা সেৱা ৰাইজক দিবলৈ সক্ষম হৈেছ৷ আৰক্ষীয়ে যাতে সময়মতে সেৱা আগবঢ়াব পাৰে তাৰ বাবে নাগৰিক সমিতিসমূহে কাম কৰিব লাগিব৷ অপৰাধ অনুসন্ধান, অভিযোগনামা দাখিল আদি বিষয়সমূহ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ ওপৰত নিৰ্ভৰশীল৷ নাগৰিক সমিতিৰ ইয়াত কোনো দায়িত্ব নাথাকে৷ থানা সমিতিসমূহৰ মুখ্যত দায়িত্ব হ’ল য’ত অপৰাধৰ কথা নাই আৰক্ষীৰ সহযোগত সময়মতে ৰাইজৰ সেৱা আগবঢ়োৱাৰ লগতে নাগৰিক সমিতিসমূহে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু নাগৰিকৰ মাজত, নাগৰিক আৰু থানাৰ মাজত এটা সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিব পাৰে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ অপৰাধমূলক কাৰ্য যাতে সংঘটিত নহয় তাৰ বাবে জনসচেতনতা সৃষ্টিৰ দায়িত্ব নাগৰিক সমিতিসমূহৰ৷

শিশু সৰৱৰাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰো দায়িত্ব আছে বুলি তেওঁ মন্তব্য কৰে৷ ফৌজাদাৰী গোচৰৰ বাহিৰত বহুখিনি কাম কৰাৰ প্ৰযোজনীয়তাৰ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা তিনিটা দশকজুৰি অসমখনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি থাকিব লগা হৈছে৷ সন্ত্ৰাসবাদী কাৰ্যকলাপ কিছু কমি যোৱাৰ লগে লগে থানাসমূহক নাগৰিকক সেৱা আগবঢ়োৱা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচৰা হৈছে৷ আৰক্ষী এনে এটা চাকৰি যদি কৰ্তব্য কৰিব লাগে জ্জ্ব ঘণ্টা আচলতে আৰক্ষীসকলে কাম কৰে ২৪ ঘণ্টা৷ ২৪ ঘণ্টা এজন মানুহে যেতিয়া নিৰন্তৰভাৱে কাম কৰাৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি হোৱাটো স্বাভাৱিক৷ থানা সমিতিৰ সভাত যেতিয়া আমি আৰক্ষীসকলৰ লগত অলপ সময়ৰ কাৰণে তেওঁলোকৰ লগত আৰক্ষী, চোৰ-ডকাইতৰ কথা বাদ দি বেলেগ আলোচনা কৰা হয় তেতিয়া আৰক্ষীসকলৰ মাজত মানসিক সন্তুলন অটুট থকাৰ লগতে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ ইয়াৰ উপৰি থানা সমিতিসমূহৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰা থানাসমূহত বৃক্ষ ৰোপণ, স্থানীয় বিধায়ক, সাংসদসকলৰ লগত যোগাযোগ কৰি থানাসমূহৰ সৰু সৰু আন্তঃগাঁথনি উন্নয়নৰ হকে কাম কৰিবলৈও থানা সমিতিসমূহে আগভাগ ল’ব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ থানাসমূহৰ পৰা অৱসৰ লোৱা আৰক্ষীসকলক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি মানুহৰ মাজত মনোবল বৃদ্ধি কৰাৰ লগতে পৰীক্ষাত ভাল ফলাফল দেখুওৱা আৰক্ষীসকলৰ সন্তানসকলক সম্বৰ্ধনা জনাবলৈ থানা সমিতিসমূহক মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনায়৷ এই সৰু সৰু কামসমূহে আৰক্ষীক সহায় কৰিব আৰু আৰক্ষীজনৰ যেতিয়া মনোবল বাঢ়িব তেতিয়া সেই অঞ্চলত শান্তি শৃংখলা ৰক্ষাৰ বাবে তেওঁ নিজকে আকৌ এবাৰ আত্ম উৎসৰ্গীত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে৷ আভ্যন্তৰত যেতিয়া এটা ইতিবাচক বাতাবৰণৰ সৃষ্টি কৰিব পৰা যায় তেতিয়াহে সমাজত পৰিৱৰ্তন সম্ভৱ বুলি তেওঁ কয় যে পৰিৱৰ্তন লাহে লাহে হয় আৰু সেয়া স্থায়ীৰূপত ৰৈ যায়৷ যোৱা তিনিটা বছৰত ৰাজ্য চৰকাৰে কৰি অহা নিৰন্তৰ প্ৰচেষ্টাত আৰক্ষী বিভাগত বহু সলনি হৈছে৷ সমাজৰ পৰিৱৰ্তন চৰকাৰে অকলে কৰিব নোৱাৰে৷ পৰিৱৰ্তনৰ বাবে ৰাইজৰ সহায় সহযোগিতা নিতান্তই প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে৷ থানা কমিতিৰ সভাপতিসকলক চৰকাৰৰ লগতে অসম আৰক্ষীৰ মানৱীয় দিশতো প্ৰতিম্বিত কৰা আৰু নাগৰিসকলৰ সেৱাসমূহ খৰতকীয়াকৈ দিয়া আৰু অসম আৰক্ষীক সমাজ পৰিৱৰ্তনৰ এক মাধ্যম হিচাপে গঢ়ি তোলাৰ বাবে নাগৰিক সমিতি সভাপতিসকলক নিযুক্তি প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ থানা সমিতিসমূহৰ জৰিয়তে এটা সৰ্বাংগ সুন্দৰ ব্যৱস্থা গঢ়ি তুলিবলৈ থানা সমিতিসমূহৰ সভাপতিসকলক নিযুক্তি দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ পূৰ্ণাংগ থানা সমিতিসমূহ গঠন হোৱাৰ পিছত ২ অক্টোবৰৰ আবেলি থানা সমিতিৰ বৈঠক হ’ব আৰু সেইখন হ’ব উদ্বোধনী সভা৷ সেই দিনটোৰ পৰা সভাপতি আৰু সদস্যসকলে দায়িত্ব গ্ৰহণ কৰিব৷ থানা সমিতিৰ সভাপতিসকলে প্ৰতি মাহতে প্ত হাজাৰ টকাকৈ সন্মান নিধি লাভ কৰিব৷

বেচৰকাৰী সদস্যসকলে সভালৈ অহাৰ বাবে ২৫০ টকাকৈ মাননী লাভ কৰিব৷ এই বৈঠক বছৰত চাৰিখনকৈহে অনুষ্ঠিত কৰা হ’ব বুলিও তেওঁ কয়৷ জনসাধাৰণৰ সেৱাৰ লগত সম্পৰ্কিত সকলো বিষয় নাগৰিক সমিতিৰ সভাপতিগৰাকীয়ে থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনা কৰিব পাৰিব৷ ছমাহে ছমাহে আৰক্ষী অধীক্ষকসকলে থানা সমিতিৰ সভাপতিসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব লাগিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে থানা সমিতিৰ হাতপুথি এখন প্ৰস্তুত কৰিবলৈ অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে আহ৩ান জনায়৷ নাগৰিকসকলৰ অধিকাৰ হিচাপে নাগৰিক সমিতিসমূহ গঠন কৰা হৈছে৷ এই সমিতিসমূহে ৰাইজক প্ৰতিনিধিত্ব কৰিব লাগিব৷ অহা ২ অক্টোবৰৰ পৰা নাগৰিক সমিতিৰ জৰিয়তে আৰক্ষী থানা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে কাম কৰা হ’ব৷ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক নাগৰিক সমিতিৰ সভাপতিক উপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড॰ শৰ্মাই গণতন্ত্ৰ আৰু স্বাধীনতা দিৱসৰ দিনা থানাৰ সন্মুখত উত্তোলন কৰা পতাকাখন নাগৰিক সমিতিৰ সভাপতিয়ে উত্তোলন কৰাৰ ব্যৱস্থা ল’বলৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক তেওঁ আহ৩ান জনায়৷ ড॰ শৰ্মাই কয় যে দক্ষ আৰক্ষী হোৱাৰ বাবে ব্যৱহাৰৰ বেয়া কৰাৰ কোনো প্ৰয়োজন নাই৷ অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ লগতে কয় যে অক্টোবৰৰ মাজভাগত দেৰগাঁওত আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব আৰু এই বৈঠকত নাগৰিক সমিতিৰ কাম-কাজসমূহ সঠিকভাৱে উপস্থাপন কৰিবলৈ কয়৷

নাগৰিক সমিতিসকলৰ কাম-কাজ সূচাৰুৰূপে কৰাৰ বাবে অহা বছৰৰ পৰা পুঁজি যোগান ধৰা হ’ব বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত মুখ্য সচিব ড॰ ৰবি কোটা, আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় কুমাৰ তিৱাৰী, গৃহ সচিব বিশ্বজিৎ পেগু, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিং, আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত প্ৰমুখ্যে শীৰ্ষ আৰক্ষী বিষয়াসকল উপস্থিত থাকে৷

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয়ঃ ৰকিবুল হুছেইন

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয়ঃ ৰকিবুল হুছেইন
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয়ঃ ৰকিবুল হুছেইন

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱা, যোগীঘোপাঃ ‘‘অসমত সকলো জাতি-জনগোষ্ঠীয়ে মিলা প্ৰীতিৰ মাজেৰে শান্তিত থকাটো নিবিচাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ জাতি- জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতি বিনষ্ট হোৱাটো বিচাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷’’ যোগীঘোপাৰ বালাপাৰাত বঞ্জইটামাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এক আদৰণি সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে৷(tribalisation of six communities)

বালাপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এই সভাত সাংসদ ৰকিবুল হুছেইনে লগতে কয় যে, ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈ ছয় জনগোষ্ঠীৰ জনজাতীকৰণ নকৰে৷ বিভিন্ন চল চাতুৰিৰে ইফাল-সিফাল কৰি থাকিব৷ কাৰণ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে পুৰ্বৰ জনজাতি আৰু এতিয়াৰ জনজাতিক লৈ ৫১ শতাংশতকৈ অধিক লোক জনজাতি হ’ব৷ তাৰ পিছতে তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ যাব৷ গতিকে সেয়া তেও কেতিয়াও নকৰে বুলি সাংসদ গৰাকীয়ে মন্তব্য কৰে ৷ ট্ৰেডিং ব্যৱসায়ৰ সৈতে জড়িত চুমি বৰাক আৰক্ষীয়ে বিচাৰি নোপোৱা প্ৰসংগত ৰকিবুল হুছেইনে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এইক্ষেত্ৰত ব্যৰ্থ হৈছে৷ (rakibul hussain)

আজি অমমত ইমান অপকৰ্ম হৈ আছে তাৰ বাবে গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকী দায়ী৷ মুখ্যমন্ত্ৰীয়ে আইন শৃংখলা পৰিস্থিতি ভালকৈ চলাব পৰা নাই বুলি উল্লেখ কৰে সাংসদ ৰকিবুল হুছেইনে৷ ইপিনে আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিয়ে গৰাখহনীয়া, যোগীঘোপাত নিৰ্মাণ হৈ থকা লজিষ্টিক পাৰ্কৰ কামত দুৰ্নীতি, ঔডুবীৰ চম্পাৱতী নৈৰ ওপৰত দলং নিৰ্মাণ, হকোডোবাত এখন ষ্টৈডিয়াম নিৰ্মাণ কৰা আদি বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা সমিতিৰ সভাপতি ইনামুল হকৰ নেতৃত্বত এটা সজাতি দলে সাংসদ গৰাকীক সাক্ষাৎ কৰি প্ৰদান কৰে৷ আনহাতে যোগীঘোপা প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰেছ ক্লাবৰ গৃহ নিৰ্মাণৰ বাবে পুঁজিৰ আবণ্টন বিচাৰি সাংসদ গৰাকীক সাক্ষাৎ কৰি আবেদন দাখিল কৰে৷

Youth mentality : যুৱ মানসিকতাত সমাজ ব্যৱস্থাৰ প্ৰভাৱ

যুৱ মানসিকতাত সমাজ ব্যৱস্থাৰ প্ৰভাৱ
যুৱ মানসিকতাত সমাজ ব্যৱস্থাৰ প্ৰভাৱ

বর্তমান বিশ্বৰ মানৱ সমাজৰ যিটো অংশক আটাইতকৈ বেছি আৰু কঠোৰ সমালোচনা কৰা হয় সেই অংশটোৱেই হৈছে যুৱ সমাজ (Youth mentality)। যুৱ সমাজৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি সাধাৰণতে বিতর্কমূলক যদিও সমাজৰ প্রবীণ ব্যক্তি সকলে এই নবীন, উদ্যমী সমাজৰ প্রতিটো কামকে সমালোচনামূলক তথা সন্দেহৰ চকুলে লক্ষ্য কৰে বুলি কলে বঢ়াই কোৱা নহ’ব। বিশ্বৰ সভ্যতা তথা সামাজিক সংস্কাৰৰ প্রতিটো ঘটনাৰ আঁৰত আছে এই যুৱ সমাজৰ বহুমূলীয়া অৱসান। ৰক্ষণশীল নীতিৰ ধাৰক তথ্য বাহক হিচাপে সাধাৰণতে পৰিচিত হোৱা প্রবীণ ব্যক্তি সকলে মানসিক উদ্যমহীনতাত ভূগী নতুনক সন্দেহৰ চকুৰে চাবলৈ লোৱাৰ ফলস্বৰূপে প্রায়েই যিকোনো পৰিৱর্তনমূলক ঘটনাত এই যুৱক সকলৰ মাজৰ পৰাই নেতৃত্ব গ্রহণ কৰিব লগা হয়। যুৱক সমাজৰ সক্রিয় সহযোগ অবিহনে কোনো ধৰণৰ সংস্কাৰমূলক নীতি গ্রহণ আৰু প্রচলিত কৰা সন্তৱ নহয়।

বর্তমান পর্য্যন্ত বিশ্বত যিমানবোৰ পৰিৱর্তনমূলক ঘটনা ঘটিছে সেই সকলোবোৰতে এই যুৱ চামৰ একাংশ জড়িত হৈ আছে। অথচ আজি এই যুৱ চামটোৱেই বোধহয় আটাইতকৈ বিতর্কমূলক আৰু সমালোচনাৰে ক্ষাত বিক্ষত। আধুনিক সভ্যতাৰ বিকাশ সাধনৰ লগে লগে যেনে ধৰণে জ্ঞানৰ উন্মেষ তথা প্রযুক্তি বিদ্যাৰ সফলতা পৰিলক্ষিত হৈছে থিক সেইদৰে সমাজত এক বিশৃংঙ্খলমূলক (Chaotic situations ) পৰিস্থিতিৰ সৃষ্টি হৈছে । সমগ্র বিশ্বতে আজি প্রতিদিনে ঘটা হত্যা, ধর্ষণ, অপহৰণ আদিৰ বাতৰিৰ সাধাৰণ ঘটনাত পৰিণত হৈছে। এইক্ষেত্রত আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে প্ৰায়বোৰ ঘটনাতে যুৱ চামৰ একাংশ ঘনিষ্ঠভাৱে জড়িত। হাঁহি হাঁহি সাধাৰণ সংকোচবিহীনভাৱে কাৰোবাক হত্যা কৰাটো তেওঁলোকৰ বাবে সাধাৰণ কথা। বর্তমান সময়ত যুৱ চাম বুলিলে ১৫ বছৰ মানৰ পৰা ৩০ বছৰ মানলৈকে অন্তর্ভূক্ত কৰিব পৰা যায় যদিও ৰাষ্ট্রসংঘই ১৫ বছৰৰ পৰা ২৪ বছৰ বয়সৰ মাজৰ অংশটোকহে যুৱ সম্প্রদায় বুলি স্বীকৃতি দিছে। অৱশ্যে এই ক্ষেত্রত ৰাষ্ট্র সংঘৰ সিদ্ধান্তটোকে পৃথিৱীৰ সকলোবোৰ ৰাষ্ট্রই সর্বসম্মত হিচাপে গ্রহণ কৰা নাই।

পৃথিৱীৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশৰ স্থান অধিকাৰ কৰা এই যুৱক-যুৱতীৰ সংখ্যা আছিল- ১৯৮০ চনলৈকে ৮৫.৭ কোটি। ১৯৬১ চনৰ পৰা ১৯৮০ চনলৈকে এই কালছোৱাত যুৱক-যুৱতীব সংখ্যা বৃদ্ধি পাইছিল শতকৰা ৬৭ ভাগ। সেই একেটা পৰিসংখ্যাতে (১৯৮৫) ৰাষ্ট্ৰ সংঘই ১৯৯১ চনত যুৱক-যুৱতীৰ সংখ্যা ১০০ কোটিৰো অধিক হব বুলি মন্তব্য কৰিছিল যদিও ১৯৭৯ চনৰ ১৭ ডিচেম্বৰ তাৰিখে যেতিয়া ৰাষ্ট্রসংঘই গ্রহণ কৰা ৩৪/১৫১ নং প্রন্থাৰ অনুসাৰে ১৯৮৫ চনটো আন্তঃৰাষ্ট্রীয় যুৱ বর্ষ ( International Year of Youth ) হিচাপে পালন কৰা হয় যদিও এই বর্ষটো উদযাপনৰ ফলাফল শূন্য বুলিয়েই কব পাৰি। দেশৰ ১৯৮৫ চনৰ যুৱবর্ষৰ বাবে গৃহীত প্রস্তাৱ সমূহৰ পৰা কিবা সুফল পোৱা বর্তমানৰ অৱস্থাই ভাবিবলৈ নিদিয়ে। আৰু সেইবছৰটোত গ্রহণ কৰা প্রস্তাৱ সমূহ আছিল-“যুৱ সম্প্রদায়ৰ অৱস্থা সম্পর্কে তেওঁলোকৰ প্রয়োজন আৰু আকাঙ্খা হিংসা সম্পর্কে জনসাধাৰণক আৰু সিদ্ধান্ত নির্মল গ্রহণ কৰোতা সকলক অধিক সজাগ কৰা, প্রত্যেক দেশৰ অভিজ্ঞতা, অৱস্থা আচৰণ আৰু প্রয়োজন অনুসৰি, সামাজিক আৰু অর্থনৈতিক বিকাশৰ (Social and economic development) অবিচ্ছেদ্য অংগ – হিচাপে যুব সম্প্রদায়ৰ লগত সম্পর্ক সেই নীতি আৰু কাৰ্য্যসূচী উন্নীত কৰা, এক সমাজত যুৱ সম্প্রদায়ৰ সক্রিয় অংশ গ্রহণৰ মাত্রা বঢ়োৱা বিশেষকৈ উন্নয়ন আৰু শান্তিৰ ক্ষেত্রত যুৱ সম্প্রদায়ৰ এক মাজত শান্তি, পাৰস্পৰিক শ্ৰদ্ধা আৰু মানুহে মানুহক বুজাৰ আদর্শ সম্প্রসাৰিত আৰু যুৱ সম্প্রদায়ৰ সমস্যাবোৰ বিচাৰ কৰোঁতে বা হাতত লওঁতে সকলো পর্যায়তে সহযোগিতা বৃদ্ধি কৰা প্রস্তাৱ সমূহ কাৰ্য্যকৰি কৰিবৰ কাৰণে হাতত লোৱা হ’ল।

প্রকৃততে এই আঁচনি সমূহৰ কৃতকার্য্যতা – ৰাষ্ট্রসমূহে আন্তৰিকতাৰে কামনা কৰিছিল – বুলি ভাবিবলৈ অলপ টান লাগে। কাৰণ যুৱ সমাজৰ উন্নতি ঘটিলে ৰাজনৈতিক নেতা সমূহৰ সান্দহ খোৱা বাটটো বন্ধ হৈ যাব। পৃথিৱীৰ প্ৰায়বোৰ দেশতে ৰাজনৈতিক নেতা সমূহে যুৱ সমাজক – নানান বাণীৰে প্রলুব্ধ কৰি নিজৰ ক্ষমতা – ধৰি ৰখাৰ প্ৰয়াস কৰে। গতিকে যুৱ – সমাজৰ উন্নতিৰ কথা চিন্তা কৰাটো পর্বতত কাছ কণী বিচৰাৰ দৰে একেই কথা। যি সময়ত বিশ্বৰ যুৱ সমাজক ( World Youth Clubs ) একতাৰ ডোলেৰে বন্ধনৰ প্রচেষ্টা হাতত লব লাগিছিল সেই সময়ত জাত-পাত ধর্ম আদিৰ বচনেৰে বিভেদৰ কঠীয়া সিচাঁতহে ৰাজনৈতিক নেতা সকল ব্যস্ত থকা পৰিলক্ষিত হয় সাম্প্ৰতিক সময়ত। আজি পৃথিৱীৰ কথা বাদ দি যদি আমি ভাৰতলৈকে চাও তেন্তে দেখা পাম যুৱক সমাজৰ ক্রোধ আৰু ৰাজনৈতিক নেতা সকলে যুৱক সমাজক হাত কৰি ৰখাৰ চাতুৰী। সততাৰ অপমৃত্যু ঘটা ভাৰতীয় সমাজ ব্যৱস্থাত ধন আৰু ক্ষমতাৰ ৰাজত্ব দেখি যুৱক সমাজ হতাশগ্রস্থ হোৱা স্বাভাৱিক। টকা পইচাৰ ওচৰত শিক্ষা, জ্ঞানৰ আদৰ নিচেই সামান্য। ধন দৌলত থাকিলেই মান-সন্মান সকলোবোৰ পাব পাৰি। গতিকে শিক্ষা আৰ্জনৰ কষ্টকৰ দীঘলীয়া বাট বাছি লোৱাতকৈ অর্থ উপাৰ্জনৰ বাট বাচি লোৱাই বেছি সুবিধাজনক। এই ক্ষেত্ৰত ন্যায় অন্যায়ৰ প্রশ্ন নাহে।

টকা থাকিলেই সকলো দোষৰ পৰা মুক্ত হব যেতিয়া পাৰি তেতিয়া চিন্তা কিহৰ? যুৱক সমাজৰ এনে মনোবৃত্তিৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে বিছিন্নতা তথা হিংসাত্মক ঘটনাৰ সৃষ্টি। আনহাতে অসমতো যুৱক সমাজৰ আচৰণকলৈ কিছু সমস্যাৰ সৃষ্টি হৈছে। উদাৰমনা তথা সবল বুলি খ্যাত অসমৰ ডেকা সন্তান সকলো বিক্ষুব্ধ হৈ উঠিছে। হিংসা, অনীতিৰ ক’লা মেঘে অসমৰ নির্মল আকাশখন ঢাকি ধৰিছে। সমাজৰ প্রবীণ ব্যক্তি সকলে যুৱ সমাজৰ আচৰণক গৰিহণা দিয়েই নিজৰ দায়িত্ব শেষ কৰিছে। কিন্তু যুৱ সমাজৰ মাজত বর্তমান যি উশৃংখল আবৰণে দেখা দিছে সেইবোৰ আজিৰ সৃষ্টি নহয়। বছৰৰ পাছত বছৰ ধৰি সমাজৰ বুকুত জমা হৈ অহা সামাজিক আৱৰ্জনা বোৰৰ মাত্র বহিঃপ্রকাশ। বৰ্তমান সময়ত ৰাস্তাই ঘাটে যুৱ সম্প্রদায়ৰ যেনে ধৰণৰ আচৰণ দেখা পোৱা যায় সেয়া নিশ্চয় আদৰণীয় নহয়। কিন্তু এনে আচৰণৰ বাবে যুৱ সম্প্রদায়ক কটূ সমালোচনা কৰি মানসিক সন্তুষ্টি লাভ কৰাতকৈ আত্ম সমালোচনাত মন দিয়া উচিত। আমি যেতিয়া মদ বা তেনে নিচা জাতীয় সামগ্রী সেৱন কৰো সামান্য সাজ পোচাকেৰে দেহৰ সৰহ অংশ প্রদর্শন কৰো তেতিয়া উত্তৰ পুৰুষ সকলো এই দিশৰ প্রতি প্রলুব্ধ হোৱা স্বাভাৱিক।

মাক-দেউতাকে দুর্নীতিৰ আলমত উপার্জন কৰা ধনৰ সহায়ত ডাঙৰ দীঘল হোৱা আৰামী জীৱন উপভোগ কৰা পুতেক-জীয়েকে ন্যায়-অন্যায়ৰ পথ চিনি নোপোৱা, মানুহক মানুহ বুলি গণ্য নকৰাটো সাধাৰণ কথা। এইখিনিতে উল্লেখ কৰিব পাৰি যে সাধাৰণ কৃষকৰ হলেও সন্তান এজনতকৈ দুর্নীতিকে উপার্জন কৰা উচ্চ বিষয়াৰ সতি-সন্তানৰ তাৰ উশৃংখলতা বহুগুণে বেছি। অৱশ্যে যুৱ সমাজক একাংশক তুলসীপাত বুলি ভবাটোও ভুল। তেওঁলোকৰো এটা বিবেক বোলা কথা আছে, সেয়েহে ভাল-বেয়া বিচাৰ কৰা, ভৱিষ্যত সমাজ নিকা কৰি আচৰণ দায়িত্ব তেওঁলোকৰো আছে। এখন সুস্থ সমাজৰ অবিহনে আজিৰ ডেকা সমাজ যেতিয়া কালিলৈ বুঢ়া হৈ যাব তেওঁলোকৰো নিৰাপত্তা নোহোৱা আত্মা হব। সেয়েহে নিজা ভৱিষ্যতৰ স্বাৰ্থতে উশৃংখল আচৰণৰ পৰা আঁতৰি থকা উচিত। উশৃংখল যুৱ মানসিকতা গঢ়ি উঠাৰ অন্য এক কাৰণ হল ব্যক্তি কেন্দ্রীক সমাজ ব্যৱস্থা। প্রতিবেশীৰ সৈতে পূর্বতে থকা সু-সম্পর্কত ঘুণে ধৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সামাজিক বান্ধোন নষ্ট পোৱাত মই বৰ ভাবৰ সৃষ্টি হয়। ফলত ‘মই যি কৰো, তোমাৰ তাত মাত মাতিবলৈ কি অধিকাৰ আছে’ আদি দৃষ্টি ভংগী গঢ়ি উঠিল।

আজি অসমৰ ( Assam) আকাশে বতাহে দুর্নীতিৰ গোন্ধ। চাকৰি ঠিকা ঠুকলি সকলোতে ভেটা দিয়াৰ প্রথা গঢ় লৈ উঠিছে। উপার্জন নোহোৱা চাকৰিয়ালৰ আদৰ কম, ন্যায় পৰায়ণ কর্মচাৰী শাস্তিমূলক সঘনে বদলি, ভাবুকি আদিৰ সম্মুখীন হব লগা হৈছে। আটাইতকৈ পবিত্র বুলি একালত গণ্যকৰা শিক্ষানুষ্ঠানতেই আজি দুর্নীতিৰ ৰাজত্ব। যোগ্যতাৰ আদৰ নোহোৱা যুগত হতাশগ্রস্ত যুৱ চামৰ পৰা আশা নকৰাই বাঞ্চণীয়। সভা সমিতিত জননেতা তথা প্রবীণ ব্যক্তিৰ ভাষণেৰে যুৱ সমাজক আদৰ্শৰ অন্তৰত পথ লবলৈ আহ্বান জনোৱাতকৈ ব্যক্তিগত জীৱনৰ কলুষ কালিমা, ব্যৱসাজ দূর্নীতিৰ (corruption ) আৱৰ্জনাবোৰ গাৰ পৰা এৰুৱাই পৰিষ্কাৰ হবলৈ যত্ন কৰা উচিত হব। কথাতকৈ আৰ্হি তথা কামৰ মূল্য বহু বেছি। যুৱ সমাজলৈয়ো আমাৰ গোহাৰি বাহ্যিকতাৰ সলনি নিকা অন্তৰ এখনৰ অধিকাৰী হবলৈ চেষ্টা কৰক আৰু ভাৰ প্রয়োজন বোধে ভুল দৃষ্টি- ভংগী, আদর্শক জলাঞ্জলি দি বিবেকক প্রাধান্য দিয়ক। পিতৃ-মাতৃ হল বুলিয়েই আনুগত্য প্রদর্শন কৰাৰ দিন এতিয়া নাই। যুক্তিৰ আধাৰত সমাজক নকৈ গঢ়াৰ আঁচনি গ্রহণ কৰক। সমাজ সংস্কাৰৰ অবিহনে জনসাধাৰণৰ গত্যন্তৰ নাই।

লেখক : প্ৰিয়াশ্ৰী নেওগ
বোকাখাত

Published by: Jebin Sultana

Nail Cutting: নখ, চুলি কোনদিনা কাটিব লাগে জানি লওক

নখ কটাৰ শুভদিন
নখ কটাৰ শুভদিন

দেওবাৰৰ দিনটো বহুতে বহু কাম উলিয়াই লয়। কিয়নো দেওবাৰৰ দিনটো স্কুল, কাৰ্যালয় বন্ধ হোৱাৰ বাব বহুতে সপ্তাহটোৰ সকলো কাম দেওবাৰে কৰে। ইয়াৰ ভিতৰত নখ আৰু চুলি কটাৰ দৰে কামো অন্তৰ্ভুক্ত হয়। কিন্তু নখ, চুলি কটাৰ বহুতো নিয়ম আছে। দিন, বাৰ সকলো চাইহে মানুহে নখ কাটিব লাগে।(Nail Cutting Day)

সপ্তাহৰ কোনটো দিনত নখ কাটিলে আৰ্থিক লাভ হয় আৰু কোনটো দিনত নখ কাটিলে আৰ্থিক ক্ষতি হয় জানেনে? নখ কটাৰ সঠিক দিন আৰু পদ্ধতিৰ কথা হিন্দু আৰু মুছলমান উভয় ধৰ্মত উল্লেখ কৰা হৈছে। (Nail Cutting Day)শৰীৰৰ মৃত কোষ, নখ আৰু চুলি কাটি পেলোৱা কাৰ্য্যটো স্বাভাৱিক যেন লাগিব পাৰে কিন্তু সেইবোৰ কটাৰ দিন আৰু সময়ে আমাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলায়। জ্যোতিষত নখ কাটিবলৈ উপযুক্ত সময় আৰু দিনৰ কথাও উল্লেখ আছে। সাধাৰণতে মানুহে দেওবাৰে বন্ধৰ দিন হোৱাৰ বাবে নখ কাটে। সপ্তাহৰ কোনটো দিনত নখ কটা শুভ আৰু কেতিয়া অশুভ হয় জানি লওক।

বেছিভাগ মানুহে বিশ্বাস কৰে যে মঙলবাৰ আৰু বৃহস্পতিবাৰে নখ কাটিব নালাগে। আনহাতে ইয়াৰ বাহিৰেও সপ্তাহৰ আৰু দুটা দিন আছে সেই দিনত নখ কাটিব নালাগে। জ্যোতিষৰ মতে শনি আৰু দেওবাৰেও নখ কাটিব নালাগে। এই দিনবোৰত নখ কাটিলে আৰ্থিকভাৱে ক্ষতি আৰু কামত বাধাৰ সৃষ্টি হয়। ব্যক্তিজনৰ আত্মবিশ্বাস কম হয়। কষ্ট কৰিও তেওঁ চাকৰি বা ব্যৱসায়ত অগ্ৰগতি নাপায়। লগতে মাতৃ লক্ষ্মীৰ অসন্তুষ্টিৰ বাবেই তেওঁৰ ওচৰত টকা নাথাকে।(do not cut nails on sunday)

সপ্তাহৰ এই দিনবোৰৰ বাহিৰে নৱৰাত্ৰি, সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ আৰু উপবাসৰ দিনতো নখ কাটিব নালাগে। উৎসৱৰ দৰে পবিত্ৰ দিনতো নখ কাটিব নালাগে। এই বিশেষ অনুষ্ঠানবোৰৰ এদিন বা দুদিন আগতে নখ কটা ভাল।

বুধবাৰ আৰু শুকুৰবাৰক নখ কটাৰ বাবে আটাইতকৈ শুভ দিন বুলি গণ্য কৰা হয়। মাতৃ লক্ষ্মী আৰু শুক্ৰ গ্ৰহৰ কৃপাত শুকুৰবাৰে নখ কাটিলে ধন-সম্পত্তি আৰু সৌন্দৰ্য্য বৃদ্ধি পায় আৰু বুধবাৰে নখ কটালে কেৰিয়াৰত অগ্ৰগতি লাভ কৰে।

ইয়াৰ বাহিৰেও সন্ধিয়া আৰু ৰাতি নখ কাটিব নালাগে। সূৰ্যাস্তৰ পাছত মা লক্ষ্মীয়ে ঘৰত প্ৰৱেশ কৰে। সেয়ে সন্ধিয়াৰ পিছত চাফ-চিকুণ কৰা, নখ কটাৰ দৰে কাম কৰিলে দেৱী লক্ষ্মীক অসন্তুষ্ট হয় আৰু দৰিদ্ৰতাৰ সৃষ্টি হয়।(lakshmi-angry)

FPI Inflow: পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ
পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত ক্ৰয় বৃদ্ধি এফ পি আইৰ

পুনৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় বৃদ্ধি কৰিছে বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীয়ে। নতুন মাহৰ মাত্ৰ এসপ্তাহ পাৰ হোৱাৰ লগে লগে ভাৰতীয় শ্বেয়াৰত এফ পি আই বিনিয়োগৰ পৰিসংখ্যা প্ৰায় ১১ হাজাৰ কোটি টকা। (FPI Inflow)

নেশ্যনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেডৰ তথ্য অনুসৰি ৬ ছেপ্টেম্বৰলৈকে এই মাহত এফ পি আইয়ে ১০,৯৭৮ কোটি টকাৰ ভাৰতীয় শ্বেয়াৰ ক্ৰয় কৰিছে। ৬ ছেপ্টেম্বৰ শুকুৰবাৰ আছিল চলিত মাহৰ প্ৰথম সপ্তাহৰ শেষ ব্যৱসায়িক দিন। দুদিনীয়া ছুটীৰ পিছত এতিয়া নতুন সপ্তাহত ৯ ছেপ্টেম্বৰ সোমবাৰে বজাৰখন মুকলি হয়।

ছেপ্টেম্বৰ মাহত মুঠ বিনিয়োগ ১৯০০০ কোটি টকা অতিক্ৰম । ইয়াৰ লগে লগে এই মাহৰ ভিতৰত ভাৰতীয় বজাৰত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীৰ মুঠ বিনিয়োগ ১৯,০৮৭ কোটি টকা হয়। ভাৰতীয় ইকুইটিৰ উপৰিও মুঠ পৰিসংখ্যাত ঋণ, হাইব্ৰিড আৰু ঋণ-ভিআৰআৰত বিনিয়োগৰ পৰিসংখ্যাও অন্তৰ্ভুক্ত কৰা হৈছে। যোৱা মাহত ঋণৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰা এফ পি আইয়ে চলিত মাহত ঋণত কম ধন বিনিয়োগ কৰিছে।

তথ্য অনুসৰি ছেপ্টেম্বৰ মাহত এফ পি আইয়ে এতিয়ালৈকে মাত্ৰ ৯৪ কোটি টকা ঋণৰ বিনিয়োগ কৰিছে। যোৱা মাহত ঋণত এফ পি আইৰ বিনিয়োগ আছিল ১৭,৯৬০ কোটি টকা। কিন্তু আগষ্ট মাহত এফ পি আইয়ে ভাৰতীয় শ্বেয়াৰত মাত্ৰ ৭,৩২০ কোটি টকা বিনিয়োগ কৰিছিল। আগষ্ট মাহত ইকুইটি, ঋণ, হাইব্ৰিড আৰু ঋণ-ভিআৰআৰকে ধৰি এফপিআইৰ নিকা বিনিয়োগ আছিল ২৫,৪৯৩ কোটি টকা।

এফপিআইৰ বিক্ৰী সৰ্বাধিক বিনিয়োগ হৈছিল জুলাই মাহত । যদিহে এই ধাৰা মাহৰ শেষলৈকে চলি থাকে, তেন্তে এই মাহটোৱেই চলিত বিত্তীয় বৰ্ষত এফ পি আইৰ দ্বাৰা সৰ্বাধিক বিনিয়োগ কৰা মাহ বুলি প্ৰমাণিত হ’ব পাৰে। বৰ্তমান এই বিত্তীয় বৰ্ষত এফ পি আইয়ে জুলাই মাহত ভাৰতীয় শ্বেয়াৰত সৰ্বাধিক ৩২,৩৬৫ কোটি টকা বিনিয়োগ কৰিছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম দুমাহ অৰ্থাৎ এপ্ৰিল আৰু মে’ত এফ পি আই ক্ৰমে ৮,৬৭১ কোটি আৰু ২৫,৫৮৬ কোটি টকা বিক্ৰী হৈছিল। জুন মাহত এফ পি আইয়ে ভাৰতীয় শ্বেয়াৰত ২৬,৫৬৫ কোটি টকা বিনিয়োগ কৰিছিল।

লগতে পঢ়ক : Raymond Lifestyle Listing: শ্বেয়াৰ বজাৰত মুকলি হ’ল ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক…

Published by: Jebin Sultana

Bhupen Hazarika Birthday: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী

বুঢ়া লুইতৰ পৰা মিচিচিপি লৈ দিগন্ত কঁপোৱা দূৰন্ত তৰুণ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ৯৮ সংখ্যক জন্মবাৰ্ষিকী। সুধাকণ্ঠৰ ওপজা দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিশেষ কাৰ্যসূচী। সুধাকণ্ঠৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে বিশ্ব বিশ্ৰুতশিল্পীগৰাকীলৈ।(96th Birth anniversary of legendary singer Bhupen Hazarika)ভূপেন দাৰ গীতে–মাতে মুখৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ওপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰিছে অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক।

উজনিৰ পৰা নামনিলৈকে সুধাকণ্ঠগৰাকীক তেখেতৰ গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ড: ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ, টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত ভাৰত ৰত্ন সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰৰ ৯৮ সংখ্যাক জয়ন্তীত শ্ৰদ্ধাঞ্জলি যাচে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত।(Bhupen Hazarika Birthday)

উল্লেখযোগ্য যে ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মগ্ৰহণ কৰিছিল বৰেণ্য শিল্পীগৰাকীয়ে। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল । ড৹ হাজৰিকাক এগৰাকী মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয় ৷ সুধাকন্ঠৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও ভাৰতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল ৷ শিল্পীগৰাকীয়ে ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০০৯ চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত হৈছিল। আনহাতে ১৯৯২ত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল ড০ ভূপেন হাজৰিকাক। ২০১২ত ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান পদ্মবিভূষণ আৰু ২০১৯ত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল বিশ্বৰ বৰেণ্য শিল্পীগৰাকীক।

ভূপেন দা বিহীন বহু বছৰ পাৰ হ’ল ৷ আজি অসম ৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে শিল্পীগৰাকীক৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীক তেখেতৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে।


7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী

7th National Poshan Maah 2024: Over 1 point 37 Crore Activities Completed in 752 Districts Across India
দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰঃ ২০২৪ চনৰ ৩১আগষ্টত গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত আৰম্ভ হোৱা সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহত ৰক্তহীনতা, শাৰীৰিক বৃদ্ধি নিৰীক্ষণ, পৰিপূৰক খাদ্য প্ৰদান আৰু পোষণ ভি পঢ়াই ভি আদি মূল বিষয়বস্তু সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে(7th National Poshan Maah 2024)। এই অভিযানে এক পেড় মা কে নাম পদক্ষেপৰ জৰিয়তে পৰিৱেশ বহনক্ষমতাক গুৰুত্ব আৰোপ কৰিছে, য’ত কাৰ্যক্ষম হৈ থকা ১৩.৯৫ লাখ অংগনবাড়ী কেন্দ্ৰত বাগিচা স্থাপনত উৎসাহিত কৰা হৈছে ।

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ দেশজোৰা উদযাপনৰ ষষ্ঠটো দিন পৰ্যন্ত ৩৫ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাৰ পৰা ১.৩৭ কোটি কাৰ্যকলাপ সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ এতিয়ালৈকে শীৰ্ষ অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈছে।

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ থিমৰ ক্ষেত্ৰত ( মূল কেন্দ্ৰবিন্দু হিচাবে গ্ৰহণ কৰা এলেকাসমূহক লৈ) আজিলৈকে ৰক্তহীনতাৰ বিষয়ত ৩৯ লাখতকৈ অধিক কাৰ্য্যকলাপ, শাৰীৰিক বৃদ্ধি নিৰীক্ষণৰ ক্ষেত্ৰত ২৭ লাখতকৈ অধিক কাৰ্য্যকলাপ, পৰিপূৰক খাদ্যৰ বিষয়ত প্ৰায় ২০ লাখ কাৰ্য্যকলাপ, পোষণ ভি পঢ়াই ভিৰ বিষয়ত ১৮.৫ লাখৰো অধিক কাৰ্য্যকলাপ সম্পন্ন কৰা হৈছে ।

তাৰোপৰি ‘এক পেড় মা কে নাম’ৰ জৰিয়তে পৰিৱেশ বহনক্ষমতাৰ বিষয়ত ৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৰুত্ব আৰোপ কৰা মূল ক্ষেত্ৰসমূহৰ ভিতৰত এক উন্নত প্ৰশাসনৰ বাবে প্ৰযুক্তিয়ে মহিলা আৰু শিশু উন্নয়নৰ সৈতে জড়িত নিৰ্দিষ্ট কৰ্মীসকলক ১০ লাখতকৈ অধিক কাৰ্য্যকলাপ সম্পন্ন কৰিবলৈ উৎসাহিত কৰিছে। যিয়ে আইচিটি এপ্লিকেচন পোষণ ট্ৰেকাৰৰ(ICT applications Poshan Tracker) সৈতে জড়িত পুষ্টিসূচক আৰু সামগ্ৰিকভাৱে কাৰ্যসূচীগত ক্ষেত্ৰসমূহৰ ফলপ্ৰসূ ৰূপায়ণ তথা নিৰীক্ষণত সহায় কৰাৰ লক্ষ্য আগত ৰাখিছে।

২০১৮ চনত দেশৰ প্ৰথম পুষ্টিকেন্দ্ৰিক জন আন্দোলন আৰম্ভ হোৱাৰ পৰাই বিভিন্ন মন্ত্ৰালয়/ বিভাগসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি এই জন আন্দোলনক আগুৱাই নিয়া হৈছে। বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ সমন্বয়ে বিভিন্ন ধৰণৰ লোক বিশেষকৈ তৃণমূল পৰ্যায়ৰ লোকৰ ওচৰলৈ যোৱাত সহায় কৰিছে। আজিলৈকে চলি থকা পোষণ মাহত শীৰ্ষ অৰিহণা যোগোৱা মন্ত্ৰালয়সমূহ হৈছে ১.৩৮ লাখ কাৰ্য্যকলাপেৰে শিক্ষা মন্ত্ৰালয়(Ministry of Education), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে, ১.১৭ লাখ কাৰ্য্যকলাপ(Ministry of Health and Family Welfare), গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে ১.০৭ লাখ কাৰ্য্যকলাপ(Ministry of Rural Development), আয়ুষ মন্ত্ৰালয়ে ৬৯ হাজাৰ কাৰ্যসূচীৰে(AYUSH Ministry) আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে পোষণ মাহ ২০২৪ত একাধিক বিষয়বস্তুক লৈ ৬৪ লাখ কাৰ্যসূচীৰ সম্পন্ন কৰিছে(Ministry of Panchayati Raj)।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ স্থানীয় পৰিৱেশৰ সৈতে সৰ্বোত্তমভাৱে উপযুক্ত কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ স্বাধীনতা দিয়া হৈছে যদিও এতিয়ালৈকে শীৰ্ষত আৰোহন কৰা কাৰ্য্যকলাপসমূহ হৈছে- শিশুৰ বাবে ৰক্তহীনতা শিবিৰ আয়োজন কৰা , কিশোৰীৰ (১৪-১৮ বছৰ)বাবে ৰক্তহীনতা শিবিৰ ,শাৰীৰিক বৃদ্ধি নিৰীক্ষণ কৰা আদিৰ লগতে এনেবোৰ বিষয়ত সজাগতা সম্পৰ্কীয় অধিৱেশন, শাৰীৰিক বৃদ্ধি জোখা পৰীক্ষণ, প্ৰজননক্ষম মহিলাৰ বাবে ৰক্তহীনতা শিবিৰ, বৃদ্ধি জোখা (SAM/ MAM পৰীক্ষা), পৰিপূৰক খাদ্যৰ বিষয়ত বিভিন্ন কাৰ্য্যকলাপ/ শিবিৰ (শিশুৰ ৬ মাহ বয়সত নিৰাপদ, পৰ্যাপ্ত আৰু উপযুক্ত পৰিপূৰক খাদ্য) আয়োজন কৰা হৈছে(Su-poshit Kishori, Sa-shakt Nari) ।

একেধৰণে নগৰীয়া বস্তি ভিত্তিক ৰক্তহীনতা শিবিৰসহ আউটৰিচ কাৰ্য্যকলাপ, স্থানীয় খাদ্য সামগ্ৰীৰ জৰিয়তে পৰিপূৰক খাদ্য ৰেচিপি ৰন্ধন সম্পৰ্কীয় প্ৰদৰ্শনীমূলক অধিবেশন, এছ এইচ জি, এন এছ এছ/ এন ৱাই কে আদি ৰক্তহীনতা সম্পৰ্কীয় আউটৰিচ কাৰ্য্যকলাপ, পৰিপূৰক খাদ্যৰ ক্ষেত্ৰত খাদ্য বৈচিত্ৰ্য সম্পৰ্কীয় সজাগতা শিবিৰ, শিক্ষা চৌপাল মূলতঃ অংগনবাড়ী কেন্দ্ৰসমূহত ইচিচিই শিক্ষণসমূহৰ প্ৰচাৰ, ‘এক পেড় মা কে নাম’ৰ জড়িয়তে বাগিচা সৃষ্টিৰে পৰিৱেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি, থলুৱা খেলৰ বিষয়ে প্ৰচাৰ কৰা আৰু খেল ভিত্তিক শিক্ষণৰ ওপৰত শিশু তথা অভিভাৱকৰ বাবে প্ৰদৰ্শনী অধিবেশন/কাৰ্য্যকলাপ, নগৰীয়া বস্তি ভিত্তিক শাৰীৰিক বৃদ্ধি জোখা অভিযান(SAM/ MAM screening), TOYathon – DIY/ অংগনবাড়ী কৰ্মীৰ জড়িয়তে থলুৱা খেলনা নিৰ্মাণ কৰ্মশালা, খেলনা ভিত্তিক আৰু খেলা-ভিত্তিক শিক্ষণ প্ৰচাৰৰ বাবে সমূহীয়া ভিত্তিত ‘খেলো আৰু পঢ়ো’ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ।

এইসমূহ কাৰ্যসূচীৰ ওপৰিও গৰ্ভৱতী মহিলাৰ ওজন বৃদ্ধিৰ বাবে জোখ-মাখ অভিযান (গৰ্ভাৱস্থাৰ ওজন বৃদ্ধি সম্পৰ্কীয়) আৰু ইয়াৰ তথ্য পোষণ ট্ৰেকাৰত অন্তৰ্ভুক্ত কৰা, গাঁৱৰ সীমাৰ ভিতৰত উপলব্ধ বিভিন্ন খাদ্যৰ বিষয়ত আলোকপাত কৰিবলৈ অংগনবাড়ী কৰ্মীৰ জড়িয়তে খাদ্য সম্পদৰ মেপিং, আৰু সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বিষয়ত আউটৰিচ কাৰ্য্যকলাপ আদি ৰূপায়ন কৰি অহা হৈছে ।

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ আৰু চৰকাৰী সহযোগিতাৰে দেশজুৰি সংহত পদ্ধতিৰে চলি থকা পোষণ মাহে “সু-পোষিত কিশোৰী স-শক্ত নাৰী”ৰ শ্লোগানক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

Police Officer Jitumoni Deka Suspended: বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ’চি জিতু ডেকাক নিলম্বন

বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ'চি জিতু ডেকাক নিলম্বন
বিতৰ্কিত চুমীৰ বৰাৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া; অ'চি জিতু ডেকাক নিলম্বন

গোলাঘাট,৭ ছেপ্টেম্বৰঃ বিতৰ্কিত তাৰ্কিক বৰা আৰু চুমী বৰাৰ বিয়া খাবৰ বাবে ৰাজস্থানৰ উজয়পুৰলৈ গৈ অৱশেষত চাকৰিৰ পৰা নিলম্বন হ’ল গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা(Police Officer Jitumoni Deka Suspended) । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তৎকালীনভাৱে বলবৎ হোৱাকৈ এই নিৰ্দেশ জাৰী কৰিছে(Assam Director General of Police G.P. Singh) ।

শ-শ কোটি টকীয়া ট্ৰেডিং মাষ্টাৰ বিশাল ফুকন জালত বন্দী হোৱাৰ পাছত বিশালৰ পাতি লোৱা বায়েক চুমী বৰাৰ কোটি টকীয়া বিয়া খাবলৈ যোৱা অন্যতম অতিথি আছিল গোলাঘাট থানাৰ অ’চি জিতুমণি ডেকা(Tarkik-Sumi lavish wedding) । সামাজিক মাধ্যমত ভাইৰেল হৈছিল জিতুমণি ডেকাৰ গ্ৰুপ ফটো । তাৰ পাছতেই চৰকাৰ তথা অসম আৰক্ষীৰ দৃষ্টিগোচৰ হয় বিষয়টো।‌ সমগ্ৰ ঘটনাটোৱে এক নতুন মোৰ লৈছে(Golaghat Sadar Police OC Jitumoni Deka) ।‌

উল্লেখ্য যে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী বিষয়া জিতুমণি ডেকাই গোলাঘাটৰ সাংবাদিকৰ ওচৰত এনেদৰে কয়- “ৰাজস্থানত অনুষ্ঠিত তাৰ্কিক আৰু চুমিৰ বিবাহ অনুষ্ঠানত তেওঁ শুভাকাঙ্খী হিচাপেহে উপস্থিত আছিল। যিহেতু ২০১২-২০১৩ চন মানৰে পৰা তাৰ্কিক বৰাৰ সৈতে এক ভাতৃত্ব সুলভ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই সূত্ৰেই তাৰ্কিক বৰাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ উক্ত বিবাহ অনুষ্ঠানত উপস্থিত আছিল।

ডেকাই লগতে কয় যে,”মই সৰুৰে পৰাই ফটোগ্ৰাফী কৰি ভাল পাইছিলো,যাৰ বাবে পঢ়া-শুনা , চাকৰি আদিৰ মাজতে ফটোগ্ৰাফীৰ জগতখনৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলো। ২০১২-১৩ চনত মই তেজপুৰৰ টাউনৰ উপ- পৰিদৰ্শক হৈ থাকোতে তাৰ্কিক বৰাৰ সৈতে পৰিচয় হৈছিলো আৰু তেতিয়াৰ পৰাই তাৰ্কিকৰ লগত এক সু সম্পৰ্ক আছিল। সেইসময়ত তাৰ্কিক বৰাসহ তেওঁৰ সহপাঠীসকলে এন জি অ’ জৰিয়তে তেজপুৰত বিভিন্ন কাৰ্যসূচী হাতত লৈছিল আৰু তাৰেই অনুমতি বিচাৰি আৰক্ষী থানা লৈ অহা যোৱা কৰিছিল। তেনেকৈয়ে তাৰ্কিকৰ লগত চিনা পৰিচয় হৈ এদিন তেওঁ ভাতৃৰ দৰে হৈ পৰিছিল। তেনে সম্পৰ্কৰ সুবাদতে বিভিন্ন সময়ত তাৰ্কিককে ধৰি অন্যান্যসকলৰ সৈতে আমি ফটোগ্ৰাফীৰ বাবে বিভিন্ন অঞ্চললৈ একেলগে গৈছিলো। এনেকৈয়ে ফটোগ্ৰাফীৰ সৈতে জড়িত হৈ মই আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিলো । তাৰ্কিকৰ লগত থকা এনে সু- সম্পৰ্কৰ বাবেই হয়তো তাৰ্কিকৰ অনুৰোধ ৰক্ষা কৰি চৰকাৰীভাৱে ছুটী লৈ তেওঁলোকৰ বিবাহ অনুষ্ঠানত উপস্থিত হৈছিলোগৈ ।”

ফটোগ্ৰাফীৰ বাহিৰে তাৰ্কিকৰ সৈতে অন্য কোনো সম্পৰ্ক নথকা বুলি দাবী কৰি জিতুমণি ডেকাই লগতে কয় যে, বৰ্তমান চৰ্চা হৈ থকা ট্ৰেডিং আদিৰ দৰে কথা বতৰাবোৰত তেওঁৰ কোনো সম্পৰ্ক নাই । লগতে তাৰ্কিক বৰাৰ বাহিৰে অন্য চৰ্চিত ব্যক্তিসকলৰ লগত ডেকাৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং