Home Blog Page 542

International Day of Police Cooperation 2024: ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস উদযাপন

International Day of Police Cooperation 2024
ইণ্টাৰপলৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস উদযাপন

নতুন দিল্লী,৭ ছেপ্টেম্বৰ: বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক স্বীকৃতি দি ৭ ছেপ্টেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস হিচাপে পালন কৰা হয়(International Day of Police Cooperation 2024) । এই দিনটোত বিশ্বৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশ্বৰ আইন প্ৰয়োগকাৰীসকলৰ অপৰিহাৰ্য কামক স্বীকৃতি দিয়া হয়(Honoring Global Law Enforcement) । এই দিনটোৱে আৰক্ষীৰ তদাৰকী আৰু জবাবদিহিতাৰ বাবে এক বিস্তৃত কাঠামো স্থাপনৰ বাবে এক স্থায়ী আৰু দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰাৰ লগতে আৰক্ষী ব্যৱস্থাৰ ভিতৰত সততাক শক্তিশালী কৰি তুলিছে ।

২০২২ চনৰ ১৬ ডিচেম্বৰত গ্ৰহণ কৰা আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱসৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰস্তাৱত ইয়াক নিৰ্ধাৰণ কৰা হৈছিল(United Nations General Assembly resolution) । অপৰাধ আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে যুঁজিবলৈ সীমান্তৰ সিপাৰে সম্পদ, চোৰাংচোৱা আৰু বিশেষ কৌশলৰ ভাগ-বাটোৱাৰা কৰাৰ গুৰুত্বৰ সোঁৱৰণী হিচাপে এই দিন উদযাপন কৰা হয় ।

এই দিৱসটোৱে আৰক্ষীৰ তদাৰকী আৰু জবাবদিহিতাৰ কাঠামো স্থাপনৰ বাবে এক স্থায়ী প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । ইয়াৰ উপৰিও জনসাধাৰণৰ আস্থা বৃদ্ধিৰ বাবে স্বচ্ছতা আৰু সততাৰ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ কথাও সোঁৱৰাই দিয়ে (Police oversight and accountability)। ১৯২৩ চনৰ ৭ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰক্ষী আয়োগ (International Criminal Police Commission) গঠন হোৱাৰ লগে লগে ইণ্টাৰপ’লৰ শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ২০২৩ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস পালন কৰে ।

এই প্ৰস্তাৱটোৱে আন্তঃৰাষ্ট্ৰীয় অপৰাধ প্ৰতিৰোধ আৰু প্ৰতিহত, বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু প্ৰতিহত সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত বিশ্ব, আঞ্চলিক আৰু উপ-আঞ্চলিক পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে ।

আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতা দিৱস উপলক্ষে ৰাষ্ট্ৰসংঘৰ আন্তঃসংস্থা পুলিচিঙৰ টাস্ক ফ’ৰ্চে আইনৰ শাসন শক্তিশালী কৰা, মানৱ অধিকাৰ ভিত্তিক আৰু ফলপ্ৰসূ পুলিচিং নিশ্চিত কৰা আৰু জনসাধাৰণৰ আস্থা বৃদ্ধিৰ ক্ষেত্ৰত আৰক্ষীৰ সততা, জবাবদিহিতা আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ তদাৰকীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ৰাষ্ট্ৰসংঘই কয় যে জবাবদিহিতা আৰু সততা শক্তিশালী কৰাৰ বাবে ফলপ্ৰসূ আৰক্ষীৰ আভ্যন্তৰীণ আৰু বাহ্যিক তদাৰকী ব্যৱস্থাৰ গুৰুত্ব কেৱল আৰক্ষীৰ কাৰ্যৰ পিছত হোৱা অসৎ আচৰণৰ সমাধানৰ বাহিৰেও এনে ব্যৱস্থাসমূহ এক ব্যাপক পদ্ধতিৰ অংশ, যিয়ে প্ৰতিৰোধমূলক ব্যৱস্থা, সামঞ্জস্যপূৰ্ণ আৰু কঠোৰ তদাৰকী আৰু আৰক্ষীৰ আচৰণ পৰ্যালোচনা আৰু সমাধানৰ বাবে শক্তিশালী আৰু ফলপ্ৰসূ ব্যৱস্থা অন্তৰ্ভুক্ত কৰে ।

বৰ্তমানৰ অপৰাধবোৰে শাৰীৰিক আৰু ভাৰ্চুৱেলভাৱে সীমা অতিক্ৰম কৰে । চাইবাৰ অপৰাধ, সন্ত্ৰাসবাদ, সংগঠিত অপৰাধ আৰু আৰ্থিক অপৰাধকে ধৰি এই সকলোবোৰৰ আন্তঃৰাষ্ট্ৰীয় উপাদান আছে । সংগঠিত অপৰাধী গোটসমূহে বৰ্ধিত ডিজিটেলাইজেশ্যনৰ সুযোগ লৈ আক্ৰমণ চলাইছে আৰু তেওঁলোকৰ অবৈধ ব্যৱসায়ৰ সুবিধা কৰি তুলিছে । দুৰ্বল ভুক্তভোগীক লক্ষ্য কৰি শোষণ কৰিবলৈও ছ’চিয়েল নেটৱৰ্ক আৰু প্ৰযুক্তি মঞ্চৰ ব্যৱহাৰ কৰা হৈছে ।

অপৰাধীয়ে প্ৰায়ে চুৰি পাছপ’ৰ্ট আৰু আইডি কাৰ্ড লৈ এখন দেশৰ পৰা আন এখন দেশলৈ পলায়ন কৰে । মানুহ আৰু অবৈধ সামগ্ৰীৰ সৰবৰাহত প্ৰায়ে উৎস, ট্ৰেনজিট আৰু গন্তব্যস্থানত একাধিক দেশ জড়িত হৈ থাকে । INTERPOL ৰ মতে অপৰাধীয়ে বিশ্ব সুৰক্ষাৰ দুৰ্বল যোগসূত্ৰ ব্যৱহাৰ কৰে । গতিকে সকলো দেশতে শেহতীয়া চোৰাংচোৱা তথ্য, পুলিচিং তথ্য আৰু ডাটাবেছৰ সুবিধা আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ প্ৰশিক্ষণ থকাটো গুৰুত্বপূৰ্ণ ।

ভাৰতে সদায় সকলো ধৰণৰ অপৰাধ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সংগঠনৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ মতে, সীমা অতিক্ৰম কৰা প্ৰযুক্তি সক্ষম অপৰাধৰ দ্ৰুতগতিত বিকশিত হোৱা পৰিৱেশৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতাৰ গুৰুত্ব বহু বেছি ।

নতুন দিল্লীৰ চিবিআই মুখ্য কাৰ্যালয়ত আয়োজিত দশম ইণ্টাৰপোল যোগাযোগ বিষয়া সন্মিলনত ভাৰতৰ কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ অংশগ্ৰহণ

আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰু সংগঠিত অপৰাধৰ বাবে বাস্তৱ সময়ৰ আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি মোহনে কয়, “অপৰাধ আৰু অপৰাধীৰ আন্তঃৰাষ্ট্ৰীয় বিচ্ছিন্নতাই বিদেশত তদন্তৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে । ডিজিটেল প্ৰমাণ আৰু বিদেশী প্ৰমাণ অপৰাধ প্ৰতিৰোধ, ধৰা পেলোৱা, তদন্ত আৰু বিচাৰৰ ওপৰত ক্ৰমান্বয়ে নিৰ্ভৰশীল হৈ পৰিছে ।”

তেওঁ কয় যে চাইবাৰ সক্ষম বিত্তীয় অপৰাধ, অনলাইন উগ্ৰবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ নেটৱৰ্ককে ধৰি নতুন যুগৰ অপৰাধসমূহ সীমান্তত আবদ্ধ নহয় । নতুন দিল্লীত অনুষ্ঠিত হোৱা দশম ইণ্টাৰপ’ল যোগাযোগ বিষয়া (INTERPOL Liaison Officers) সন্মিলনত ভাষণ দি মোহনে কয় যে ক্ৰমান্বয়ে আন্তঃসংযোগী বিশ্বত আন্তঃৰাষ্ট্ৰীয় আৰক্ষী সহযোগিতাৰ গুৰুত্বক অতিৰঞ্জিত কৰিব নোৱাৰি ।

লগতে পঢ়ক : India Israel arms export: ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন

মুখ্যমন্ত্ৰী ডালে ডালে, অসম আৰক্ষী পাতে পাতে

Assam Police's Failure in Arresting Sumi Bora Amid ₹4000 Crore Online Trading Scam
মুখ্যমন্ত্ৰী ডালে ডালে, অসম আৰক্ষী পাতে পাতে

দৈনন্দিন বাৰ্তাৰ সেৱাঃ ৰাজ্যত এতিয়া এটা নামেই মানুহৰ মুখে মুখে উচ্চাৰিত হৈছে। সেয়া হৈছে চুমি বৰা। যতীন বৰাৰ ৰাঘৱৰ অভিনেত্ৰী চুমি বৰা বৰ্তমান পলাতক। অসমৰ হাজাৰ হাজাৰ লোকৰ পৰা প্ৰায় ৪০০০ কোটি টকা সৰকাই বৰ্তমান অভিনেত্ৰীগৰাকী পলাতক। বিশেষ সূত্ৰে জানিব পৰা মতে চুমি বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ অলপো সম্ভাৱনা নাই। সূত্ৰটোৱে প্ৰকাশ কৰা মতে চুমি বৰাক এতিয়া আৰক্ষীৰ একাংশ লোকেই পলুৱাই ৰাখিছে। ইয়াৰ কাৰণ বাখা কৰি সূত্ৰটোৱে কৈছে যে চুমি বৰাক গ্ৰেপ্তাৰ কৰাৰৰ লগে লগেই বহুতৰে মুখা খোল খাই পৰিব। ক’লা ধনৰে সম্পত্তিৰ বিশাল পাহাৰ গঢ়া সকলেই মূলতঃ চুমি বৰাৰৰ জালতত বন্দী হৈছিল। তেওঁলোকৰ ভিতৰত ডিব্ৰুগড়ৰৰ বহু আগশাৰীৰ ডাক্তৰ , ৰাজনীতিক আদিও আছে। ডিব্ৰুগড়ৰৰ একাংশ ডাক্তৰে মানহক কছাইৰ দৰে ব্যৱহাৰ কৰি ধন ঘটাৰ কথা এতিয়া সৰ্বজনবিদিত। সেইসকল ডাক্তৰেই চুমি বৰাৰ মোহত পৰি লাখ লাখ টকা অন লাইন ট্ৰেডিঙত।(Who invested the money in online trading)

বিনিয়োগ কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে। আচৰতি কথাটো হ’ল অসম আৰক্ষীয়ে অনলাইন ট্ৰেডিঙত কোনে কোনে ধন বিনিয়োগ কৰিছিল সেই তালিকা আজিলৈকে প্ৰকাশ কৰিবলৈ সাহস কৰা নাই। এঅই কথাতে মানুহৰ এতিয়া সন্দেহ বহুগুণে বাঢ়ি গৈছে। কাৰণ অসম আৰক্ষীয়ে ইয়াৰ আগতেও একেধৰণৰ অৰ্থনৈতিক কেলেংকাৰীৰ সৈতে জড়িত বহতকে নিজৰ অপদাৰ্থতা অথবা আন কোনো কাৰণত ধৰিবলৈ সক্ষম হোৱা নাই। আমি ইয়াত অসম আৰক্ষীয়ে আজিলৈকে ধৰিবলৈ সক্ষম নোহোৱা কেইজনমান মানুহৰ কথা উল্খেখ কৰিব বিচাৰিছো। ব্যাপক দুৰ্নীতি আৰু জঘন্য অপৰাধৰ সৈতে জড়িত এই সকল হাই-প্ৰফাইল অপৰাধীক আৰক্ষীয়েই ৰক্ষণাবেক্ষণ দিয়া বুলি এতিয়া চৰ্চা হৈছে। আৃৰক্ষীয়ে মানুহক দেখুৱাই প্ৰথমে এনেবোৰ ঘটনাত তদন্ত আৰম্ভ কৰে যদিও পিছলৈ সকলো তদন্ত ফুটুকাৰ ফেনতহে পৰিণত হয়। আমি ইয়াত আৰক্ষীয়ে আজিলৈকে ধৰিব নোৱাৰা কেইজনমান অপৰাধীৰ কথা উল্লেখ কৰিলো-


১/ ৰাজীৱ পাল (ৰাকেশ পলৰ ভাতৃ): ২০১৬ চনৰ পৰা এ পি এছ চি কেলেংকাৰী পলাতক

এ পি এছ চিৰ কুখ্যাত নগদ ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়া কেলেংকাৰিৰ সৈতে জড়িত ৰাজীৱ পাল ২০১৬ চনৰ পৰা পলাতক হৈ আছে। এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ ভাতৃক ধৰিবলৈ বা তেও ক’ত আছে সেয়া নিশ্চিত কৰিবলৈ অসম আৰক্ষীৰ দৰে বিয়াগোম বাহিনীটো আজিও সক্ষম হোৱা নাই.।

২/ দীপাংকৰ বৰ্মনঃ ৭,০০০ কোটি টকাৰ আৰ্থিক জালিয়াতি

ৰাজ্যত সৌসিদিনা আৰ্থিক কেলেংকাৰীৰে তোলপাৰ লগোৱা দীপাংকৰ বৰ্মণনোকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই। আৰক্ষীৰ আশীৰ্বাদতেই তেওঁ এতিয়া পলাতক হৈ থাকিবলৈ সক্ষম হৈছে বুলি চৰ্চা চলিছে। দীপাংকৰ বৰ্মনে বৃহৎ বিত্তীয় জালিয়াতিৰ পৰিকল্পনা কৰিছিল, তেওঁৰ প্ৰতিষ্ঠান ডি বি ষ্টক ব্ৰকিঙৰ জৰিয়তে। এনেদৰে তেওঁ বিনিয়োগকাৰীক ৭,০০০ কোটিৰো অধিক টকাৰ প্ৰতাৰণা কৰিছিল। এই কেলেংকাৰীয়ে

৩/ সুনীল গগৈঃ ২০২৪ চনৰ জুন মাহৰ পৰা জীৱন মিছনত দুৰ্নীতি সংঘচিত কৰি পলাতক

ধেমাজিৰ জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ ২০২৪ চনৰ জুন মাহত ঠিকা কেলেংকাৰীত জড়িত হৈ নিৰুদ্দেশ হৈ আছে। তেওঁৰ দুৰ্নীতিৰ সৈতে বহু বাঘা বাঘা ৰাজনীতিক জড়িত থকা বুলিও কথা ওলাইছে। কিন্তু অসম আৰক্ষী ইমানেই অক্ষম যে সুনীল বৰাক আজিলৈকে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই। অসম আৰক্ষীয়ে দাবী কৰিছে যে তেওঁলোকে ৰাজ্যজুৰি তেওঁৰ বিচাি আছে কিন্তু সঘনাই তেওঁৰ মোবাইল নম্বৰ সলনি কৰি তদন্ত জটিল কৰি তুলিছে। চি আই ডিৰ প্ৰচেষ্টা সত্ত্বেও পলাতক হৈ আছে গগৈ।


৪) চুমি আৰু তাৰ্কিক বৰা


অসম আৰক্ষীৰ ব্যৰ্থতাৰ তালিকাত নতুনকৈ অন্তুৰ্ভুক্ত হৈছে তুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাৰ নাম। ৪০০০ কোটি টকা সৰকাই এতিয়া পলাতকচুমি আৰু তাৰ্কিক। অনলাইন ট্ৰেডিং কেলেংকাৰিৰ মূল ব্যক্তি চুমি আৰু কাৰ্কিক বৰাকোনআৰক্ষীয়েই লুকুৱাই ৰাখিছে বুলি মানুহৰ সন্দেহ হৈছে। অসম আৰক্ষীৰ এনে অক্ষমতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বাৰে বাৰে মানুহৰ চকুত সন্দেহৰ পাত্ৰ কৰি তুলিছে বুলিও বহুতে মন্তব্য কৰিছে। কারম গৃহ বিভাগটো মুখ্যমন্ত্ৰীৰ হাততে আছে। কিন্তু বহুতে এই বুলিও কৈছে- আমোলা-বিষয়া কেন্দ্ৰিক প্ৰশাসনত মুখ্যমন্ত্ৰীক আৰক্ষীয়েই ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে্। মুখ্যমন্ত্ৰী শৰ্মা যদি ডালে ডালে আৰক্ষী পাতে পাতে বুলিও বহুতে মন্তব্য কৰিছে। ক’লা ধন বিনিয়োগকাৰীক ৰক্ষণাবেক্ষন দিবৰ বাবেই আৰক্ষীৰ একাংশ লোকে মুখ্যমন্ত্ৰীক ভুল তথ্য দি বিপথে পৰিচালিত কৰি আহিছে বুলিও বহুতে মন্তব্য কৰিছে। বহুতে এইবুলিও কৈছে কৈছে যে কিছুদিন পিছতে হয়তো চুমি বৰাৰ দৰে লোকসকলেই নেত্ৰীৰ ৰূপত অৱতীৰ্ণ হৈ ৰাইজক বহু ভাল ভাল কথা ক’ব। একাংশৰ মতে সম্প্ৰতি অসমত বেয়া কামেৰে কুখ্যাত হৈ পৰা চুমি বৰাক ২০২৬ৰ বিধানসঙাৰ নিৰ্বাচনতো চিকট দিয়াৰ বাবে দুষ্ট চক্ৰটো সক্ৰিয় হৈ পৰিছে।

লগতে পঢ়কঃ Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং


ইপিনে শেহতীয়া খবৰ অনুলৰি চুমি বৰা আৰু তাৰ্কিকে তাঘালয়লৈ পলায়ন কৰিছে। খবৰ অনুসৰি ২ ছেপ্টেম্বৰত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ পৰামৰ্শ মতেই তেওঁলোক মেঘালয়লৈ গৈছে। চুমি বৰাক আগতীয়া জামিন লাভ নকৰালৈকে মেঘালয়তে থাকিবলৈ আৰক্ষীৰে উচ্চ পদস্থ বিষয়াই পৰামৰ্শ দিয়া বুলিও জানিব পৰা গৈছে। একাংশৰ মতে দম্পতীহাল এতিয়া ডিব্ৰুগড়ত থাকিব পাৰে। তেওঁলোকে একাঁস দুৰ্নীতিগ্ৰস্তৰ পৰামৰ্সমতেই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে। এই দাবীসমূহ এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

published by: Munmi gogoi

Sunita Williams : সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ
সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ

সুনীতা আৰু বুচ উইলমৰেক মহাকাশতে এৰি পৃথিৱী অভিমুখে উভতিল ষ্টাৰলাইনাৰ। মহাকাশ আস্থানতে থাকি গ’ল সুনীতা উইলিয়ামছ আৰু আন এগৰাকী মহাকাশচাৰী। বয়িং ষ্টাৰলাইনাৰে শনিবাৰে পুৱা ৯:৩১ বজাত নিউ মেক্সিকোৰ হোৱাইট ছেণ্ডছ স্পেচ হাৰ্বাৰত অৱতৰণ কৰে। মহাকাশযানখনৰ অৱতৰণৰ দৃশ্য আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই পোনপটীয়াকৈ সম্প্ৰচাৰ কৰে। মন কৰিব যে সুনীতা আৰু বুচ উইলমৰে এই কেপচুলত ৫ জুনত মহাকাশ আস্থানৰ বাবে ৰাওনা হৈছিল। কিন্তু নানান কাৰণত তেওঁলোক মহাকাশ আস্থানতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। (Sunita Williams)

খবৰ অনুসৰি শনিবাৰে পুৱা ৮.৫৮ বজাত ব্যক্তিগত মহাকাশযান ষ্টাৰলাইনাৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে। ইয়াৰ পিছত মাটি স্পৰ্শ কৰিবলৈ আৰু ৪৪ মিনিট সময় লাগে। ইয়াৰ পিছত এটা এটাকৈ ৩ টা পেৰাচুট খুলি দিয়া হয়। যাতে ই যিকোনো ধৰণৰ দুৰ্ঘটনাৰ পৰা হাত সাৰি লাহে লাহে পৃথিৱীৰ মাটি স্পৰ্শ কৰিব পাৰে। বিজ্ঞানীসকলৰ মতে মহাকাশৰ পৰা পৃথিৱীলৈ নামি অহাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মুঠ ৬ ঘণ্টা সময় লাগে। কিন্তু বাহনখন পৃথিৱীলৈ উভতি আহিলেও সুনীতা আপাততঃ মহাকাশত আবদ্ধ হৈ থাকিল। অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত তেওঁলোক পৃথিৱীলৈ ঘূৰি আহিব পাৰিব বুলি আশা কৰা হৈছে।

মন কৰিবলগীয়া যে ৫ জুনত বয়িং ষ্টাৰলাইনাৰ (Starliner) কেপচুলত উঠি মহাকাশলৈ গৈছিল সুনীতা আৰু বুচ। তেওঁলোকৰ গন্তব্যস্থান আছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ। কোৱা হৈছিল যে তেওঁলোকে ৮ দিনত কাম সম্পূৰ্ণ কৰি পৃথিৱীলৈ ঘূৰি আহিব। কিন্তু ইয়াৰ মাজতে ষ্টাৰলাইনাৰত এটা বিজুতি ধৰা পৰাত পৰিকল্পনাটো স্তব্ধ হৈ পৰে। দেখা গৈছিল যে মহাকাশযানখনৰ থ্ৰাষ্টাৰে কাম কৰা নাই। হিলিয়াম গেছ লিক হৈ আছে। মহাকাশচাৰী দুগৰাকীয়ে এনে অৱস্থাত পৃথিৱীলৈ ঘূৰি নাহিবলৈ সিদ্ধান্ত লৈছিল।

এনে পৰিস্থিতিত যোৱা শুকুৰবাৰে মহাকাশচাৰী দুজনে ষ্টাৰলাইনাৰক বিদায় দিয়ে। তেওঁলোকে এই বাৰ্তা দিলে, ‘ষ্টাৰলাইনাৰক পুনৰ পৃথিৱীলৈ লৈ যাওক। সকলো ভাল হওক।’ অৱশেষত ষ্টাৰলাইনাৰে সুনীতা আৰু বুচক মহাকাশত এৰি পৃথিৱীলৈ উভতি আহে (Wilmore) । ইফালে নাছাই ফেব্ৰুৱাৰী মাহত সুনীতা আৰু বুচক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ পৰা এখন বাহন প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। তেতিয়ালৈকে এই দুগৰাকী আমেৰিকান মহাকাশচাৰী সুনীতা আৰু বুচে মহাকাশত গৱেষণাৰ কাম আৰু আগুৱাই নিব।

published by: Jebin Sultana

Sumi Borah: আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং

আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং
আইনগতভাৱে চুমী বৰাক জাননী দিয়া হৈছেঃ DGP জি পি সিং

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ আইনগতভাৱে চুমী বৰাক এখন জাননী দিয়া হৈছে। জাননীৰ পিছতো যদি নাহে, চুমী বৰাৰ বিৰুদ্ধে উচিত ব্যৱস্থা হ’ব। X,Y,Z যোনেই হওক, তেওঁলোক আইনৰ আওতাত আহিবই লাগিব। এই কেচটো আৰক্ষীয়ে নিজাববীয়াকৈ লৈছে। এইটো হৈছে এশ শতাংশ টেকনিকেল অনুসন্ধান। পইচা দিয়া মানুহ, কাৰ একাউণ্টত দিছে, কেনেকৈ দিছে, সেইবোৰ Oral Statementৰ ওপৰত নিৰ্ভৰ নকৰে। যাৰ বিৰুদ্ধে যি তথ্য পোৱা যায় তেনেকৈ ব্যৱস্থা লোৱা হ’ব। XYZ কোনোবা দুই, এজনৰ বাবে অনুসন্ধান বন্ধ হৈ নাযায়। পলাতক চুমি বৰাৰ সন্দৰ্ভত এইদৰে DGP জি পি সিঙে মন্তব্য কৰে।(G P Singh’s comments on Sumi Bora)

আনহাতে আদালতত আজি হাজিৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চক বিশাল ফুকনক। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। আজি উকলিব আৰক্ষীৰ জিম্মাৰ ম্যাদ। আজি উকলিব আৰক্ষীৰ জিম্মাৰ ম্যাদ। বিশাল ফুকনক আজি জে’ললৈ প্ৰেৰণৰ সম্ভাৱনা।

অভিযোগ অনুসৰি বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাত নাম সাঙোৰ ৰীলছ ৰাণী খ্যাত চুমি বৰাৰ। বৰ্তমান স্বামীৰ সৈতে পলাতক হৈ আছে চুমি বৰা।(sumi borah)

বিশাল-চুমিৰ এই ঘটনাক লৈ মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে। কিয়নো আজি পৰ্যন্ত চুমি আৰু তেওঁৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধানো ওলাইছে কিন্তু সন্ধান চুমি আৰু তাৰ্কিকৰ। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টতৰ পাৰ্কিঙত পাইছিল চুমিয়ে ব্যৱহাৰ কৰা বাহন খন।

আনহাতে চুমি বৰাই যিকোনো মুৰ্হূততে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে। সেই সম্ভাৱনা এতিয়া ধিক উজ্জ্বল হৈ পৰিছে। আনকি চুমি বৰাই ইতিমধ্যে আগতীয়া জামিনৰ বাবেও আবেদন কৰাৰ চেষ্টা কৰি আছে। এইখিনিতে বহুতৰে মনত প্ৰশ্ন জাগিছে অন লাইন ট্ৰেডিঙৰ জড়িয়তে বহু বিনিয়োগকাৰীক প্ৰতাৰণা কৰাসকল অৱশেষত সাৰি যাব নেকি? প্ৰথমে গ্ৰেপ্তাৰ আৰু তাৰ পিছত তিনিমাহ মান কাৰাগাৰত থকা সেইসকল অপৰাধীয়ে জামিনত মুক্ত হৈ পুনৰ মুকলি কাশৰ তললৈ ওলাই আহিব নেকি? অন লাইন ট্ৰেডিঙৰে জড়িতসকলক শাস্তি বিহিব পৰাকৈ ভাৰতীয় আইন ব্যৱস্থাত বিশেষ কোনো বিধান আছেনে?


লগতে পঢ়কঃ Bishal Phukan to be produced in court: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল ফুকনক, খোল খাব মুখাৰ আঁৰৰ মুখ

published by: Munmi gogoi

Ganesh Chaturthi 2024: মহানগৰীত গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ…

গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ
গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ

আজি গণেশ চতুৰ্থী। গণেশ বন্দনাৰে মুখৰ প্ৰতিটো গণেশ মন্দিৰ। পুৱাৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ লানি নিছিগা সোঁত। দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গণেশগুৰিতো গণেশ চতুৰ্থী পালন।(ganesh chaturthi 2024)

মহানগৰীৰ বিভিন্ন অঞ্চলৰ লগতে ১ নং ৱাৰ্ডৰ অন্তর্গত পাণ্ডু সদিলাপুৰৰ লুইতপাৰ আৰু পাণ্ডু সদিলাপুৰৰ আৰ্মী কেম্পৰ ওচৰত পাণ্ডু সদিলাপুৰ সার্ব্বজনীন গণেশ পূজা উদযাপন কৰা হয়। পূজাত অঞ্চলটোৰ বহু ভক্তৰ সমাগম পৰিলক্ষিত হয়।(Ganesh Chaturthi celebrated at Ganesh temple in city)

ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তাৰিখ, চিত্ৰ নক্ষত্ৰ আৰু মাজনিশা ভগৱান গণপতিৰ জন্ম হৈছিল। সনাতন ধৰ্মত প্ৰথম ভগৱান গণেশক পূজা কৰোৱা হয়। ভগৱান গণেশ হিন্দু দেৱতাৰ ভিতৰত আটাইতকৈ বিখ্যাত পূজা দেৱতা।

আজি গণেশ চতুৰ্থী দেশজুৰি পালন কৰা হৈছে। হিন্দু ধৰ্মত গণেশ চতুৰ্থী উৎসৱৰ বিশেষ তাৎপৰ্য আছে। ভগৱান গণেশৰ বহু নাম আছে যেনে গণপীট, লম্বোদৰ, বিনায়ক, গজানন সুখকৰ্তা আৰু ভিংঘহৰ্ত ইত্যাদি। দেশজুৰি ১০ দিন ধৰি গণেশ উৎসৱৰ উৎসৱ অব্যাহত থাকিব আৰু অনন্ত চতুৰ্দশীৰ দিনা ভগৱান গণেশৰ মূৰ্তিক পানীত ডুবাই বিদায় দিয়া হ’ব। এইবাৰ গণেশ চতুৰ্থীৰ দিনা অতি উত্তম শুভ যোগাসন গঢ় লৈ উঠিছে। গণেশ চতুৰ্থীৰ গুৰুত্ব, মূৰ্তি স্থাপনৰ বাবে শুভ সময়কে ধৰি পূজাৰ পদ্ধতিৰ বিষয়ে জানো আহক।

হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী ৬ ছেপ্টেম্বৰৰ বিয়লি ৩:০২ বজাৰ পৰা আৰম্ভ হৈছে আৰু ৭ ছেপ্টেম্বৰৰ বিয়লি ৫:৩৮ বজাত শেষ হ’ব।

আজি পুৱা ১১.২০ বজাৰ পৰা গণেশ চতুৰ্থী পূজা আৰু প্ৰতিমা স্থাপনৰ শুভ সময় আৰম্ভ হৈছে। শাস্ত্ৰত দুপৰীয়া ভগৱান গণেশৰ পূজা আৰু স্থাপনৰ বাবে আটাইতকৈ শুভ সময় বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত অভিজীত মুহুৰ্তাত গণপতি প্ৰতিষ্ঠা কৰাৰ বাবে আজিৰ দিনটোৱেই হ’ব সৰ্বোত্তম সময়। আজি পুৱা ১১:৫৪ বজাৰ পৰা আৰম্ভ হৈছে অভিজিত মুহুৰ্তা আৰু নিশা ১২:৪৪ বজালৈ চলিব। ইয়াৰ বাহিৰেও আজি ভগৱান গণেশৰ মূৰ্তি তিনিটা শুভ সময়ত প্ৰতিষ্ঠা কৰিব পৰা যায়।

লগতে পঢ়কঃ  হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক পূজা কৰা হয়

পূজাৰ শুভ সময় হৈছেঃ


ৰাতিপুৱা- ৮ বজাৰ পৰা ৯.৩০ বজালৈ
দুপৰীয়াৰ সময়-১১.২০ৰ পৰা ১.৪০ বজালৈ
দুপৰীয়া- ২ বজাৰ পৰা ৫.৩০ বজালৈ

published by: Munmi gogoi

Haryana Assembly elections 2024: সপোন আধৰুৱা হ’ব ৰাহুল গান্ধীৰ

সপোন আধৰুৱা হ'ব ৰাহুল গান্ধীৰ
সপোন আধৰুৱা হ'ব ৰাহুল গান্ধীৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা আম আদমী পাৰ্টিৰ। ৰবিবাৰে দলটোৱে প্ৰথমখন তালিকা প্ৰকাশ কৰিব পাৰে। আম আদমী পাৰ্টিয়ে ৫০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে।(Haryana Assembly elections 2024)

ইয়াৰ পূৰ্বে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিৰ সৈতেও আসন ভাগ-বতৰা সন্দৰ্ভত আলোচনা চলি আছিল। শুকুৰবাৰে আসন ভাগ-বতৰা সন্দৰ্ভত দুয়োটা দলৰ মাজত কোনো চুক্তি কৰিব পৰা নগ’ল, তেতিয়াৰ পৰাই হাৰিয়ানা বিধানসভা নিৰ্বাচনত দুয়োটা দলৰ মাজত কোনো মিত্ৰতা নহ’ব বুলি জল্পনা-কল্পনা চলি আছে।

তথ্য অনুসৰি আম আদমী পাৰ্টিয়ে হাৰিয়ানাত ১০খন আসনৰ দাবী জনাইছিল, আনহাতে কংগ্ৰেছে আম আদমী পাৰ্টিক ১০খন আসন দিবলৈ সাজু নহয়। সূত্ৰৰ পৰা জানিব পৰা মতে আম আদমী পাৰ্টিয়ে কংগ্ৰেছৰ সূত্ৰ মানি নলয়। হাৰিয়ানাত মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১২ ছেপ্টেম্বৰ।

অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত কংগ্ৰেছ দলৰ সৈতে হোৱা মিত্ৰতাত কংগ্ৰেছ দলৰ একাংশ নেতাই আপত্তি প্ৰকাশ কৰিছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি আন একাংশ নেতাই আপৰ সৈতে আসন ভাগ-বতৰা কৰাৰ বিৰোধী। এই নেতাসকলৰ মতে কেজৰিৱালৰ দলৰ হাৰিয়ানাত কোনো বিশেষ ভিত্তি নাই।

কংগ্ৰেছ আৰু আপেও মিত্ৰতাৰে হাৰিয়ানাত সদ্য সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই সময়ছোৱাত কংগ্ৰেছে ১০খন লোকসভাৰ আসনৰ ভিতৰত ৯খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে আপে কুৰুক্ষেত্ৰ লোকসভাৰ আসনত জয়লাভ কৰিছিল। হাৰিয়ানা বিধানসভাত মুঠ ৯০খন আসন। এনে পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ দৰেই আম আদমী পাৰ্টিয়ে ৯:১ সূত্ৰৰে মুঠ ১০খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰিছিল। এই সূত্ৰ কংগ্ৰেছ দলৰ বাবে গ্ৰহণযোগ্য নহয়। ইয়াৰ পিছত দুয়োটা দলৰ মাজত আসন ভাগ-বতৰাক লৈ হুলস্থুল।

আম আদমী পাৰ্টিয়ে প্ৰস্তুত কৰিছে আন এটি পৰিকল্পনা । আম আদমী পাৰ্টিৰ সৈতে বিজেপি-কংগ্ৰেছৰ ২৪ বিদ্ৰোহী নেতাৰ যোগাযোগ। এনে পৰিস্থিতিত দলটোৱে তেওঁক টিকটও দিব পাৰে। ইফালে, হাৰিয়ানাত আপ-কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত বিজেপি নেতা শ্বাহজাদ পুনাৱালাই কয়, “ভাৰত মিত্ৰতাৰ কোনো মিছন আৰু দৃষ্টিভংগী নাই। তেওঁলোকৰ কেৱল নিজৰ উচ্চাকাংক্ষা আছে। তেওঁলোকে নিজৰ দুৰ্নীতি ৰক্ষা কৰিব বিচাৰে। সেইবাবেই তেওঁলোকে কিছুমান ঠাইত মিত্ৰতা কৰে।” কিন্তু পিছত ভাঙি যায় দিল্লীত তেওঁলোক একেলগে আছিল আৰু এতিয়া হাৰিয়ানাত তেওঁলোক একেলগে আছে ইয়াৰ পৰা বুজা যায় যে হাৰিয়ানাত ৰাজনৈতিক দলসমূহৰ হতাশা ইয়াৰ অৰ্থ হ’ল যদি তেওঁলোকে অকলে নিৰ্বাচনত অৱতীৰ্ণ হয় হাৰিয়ানাত সমৰ্থনৰ কোনো নিশ্চয়তা নাই।”

published by: Jebin Sultana

Bishal Phukan to be produced in court: আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিশাল ফুকনক, খোল খাব মুখাৰ আঁৰৰ মুখ

আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব বিশাল ফুকনক
আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব বিশাল ফুকনক

ডিব্ৰুগড়, ৭ চেপ্তেম্বৰঃ আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব মহাঠগ বিশাল ফুকনক। আৰক্ষীৰ জেৰাত বিস্ফোৰক তথ্য ফাদিল বিশাল ফুকনৰ। ডিব্ৰুগড় আৰক্ষীৰ জিম্মাত আছে প্ৰৱঞ্চক বিশাল ফুকন। পূৰ্বে ৩ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। ম্যাদ উকলাত আজি পুনৰ আদালতত হাজিৰ কৰাব আৰক্ষীয়ে। বিশালক পুনৰ আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা।(Bishal Phukan to be produced in court)

অভিযোগ অনুসৰি বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰবঞ্চনাত নাম সাঙোৰ ৰীলছ ৰাণী খ্যাত চুমি বৰাৰ। বৰ্তমান স্বামীৰ সৈতে পলাতক হৈ আছে চুমি বৰা।(sumi borah)

ইয়াৰউপৰিও এই ঘটনাৰ সন্দৰ্ভত অভিনেতা যতীন বৰা, প্ৰস্তুতি পৰাশৰ, কণ্ঠশিল্পী নীলাক্ষি নেওগ, মণ্টুমণি শইকীয়া, দিপলীনা ডেকা, দীক্ষুৰ নামো চৰ্চালৈ আহিছে। ইতিমধ্যো তেওঁলোকে স্পষ্টীকৰণ দিছে সামাজিক মাধ্যমত।

আনহাতে বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য সামাজিক মাধ্যমত চৰ্চা হৈ আছেঃ(Property List)

১) ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

২)ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

৩)ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

৪)গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

৫)গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

৬)৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

৭) চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

৮)চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

৯)ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

১০)বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

১১)চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

১২)মাকক ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ

বিশাল-চুমিৰ এই ঘটনাক লৈ মানুহৰ মনত প্ৰশ্ন সৃষ্টি হৈছে। কিয়নো আজি পৰ্যন্ত চুমি আৰু তেওঁৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। চুমি-তাৰ্কিকে ব্যৱহাৰ কৰা বাহনৰ সন্ধানো ওলাইছে কিন্তু সন্ধান চুমি আৰু তাৰ্কিকৰ। পাথৰকোঁৱেৰীৰ আইডেল হিল ভিউ এপাৰ্টমেণ্টতৰ পাৰ্কিঙত পাইছিল চুমিয়ে ব্যৱহাৰ কৰা বাহন খন।

published by: Munmi gogoi

Ganesh Chaturthi 2024: হিন্দু বৰ্ষপঞ্জী অনুসৰি ভাদ মাহৰ শুক্লা চতুৰ্থীৰ চতুৰ্থ দিনটোত ভগৱান গণেশক পূজা কৰা হয়

গণেশ চতুৰ্থী
গণেশ চতুৰ্থী

গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত। পুৰাণৰ বিৱৰণ অনুসৰি শিৱ আৰু পাৰ্বতীৰ জেষ্ঠ্য পুত্ৰ গণেশ আৰু কনিষ্ঠ পুত্ৰ কাৰ্তিক।(Ganesh Chaturthi 2024)

গণেশ চতুৰ্থীক বিনায়ক চতুৰ্থী বুলিও কোৱা হয়। ভাদ মাহত অনুষ্ঠিত হয় আৰু আগষ্ট মাহৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত হয়। গণেশক পৃথিৱীৰ সকলো জীৱ, শিক্ষা, সফলতা, প্ৰজ্ঞাৰ প্ৰভু বুলি গণ্য কৰা হয় আৰু সেইবাবেই প্ৰতি বছৰে গণেশ চতুৰ্থী অতি উদ্যমেৰে পালন কৰা হয়। হিন্দু চন্দ্ৰ পঞ্জিকাত ইয়াক শুক্ল পক্ষৰ পৰা আৰম্ভ হৈ অনন্ত চতুৰ্দশীত শেষ হোৱা ১০ দিনীয়া উৎসৱ বুলি বৰ্ণনা কৰা হৈছে। গণেশক প্ৰাৰ্থনা কৰা ভক্তসকলৰ নিজৰ সকলো ইচ্ছা পূৰণ হয় বুলি সদায় বিশ্বাস কৰা হয়। গণেশক প্ৰাৰ্থনা কৰা ভক্তসকলে নিজৰ পাপৰ পৰা মুক্ত হৈ জ্ঞান আৰু প্ৰজ্ঞাৰ পথত নিজৰ জীৱন যাপন কৰিব পাৰে।

পৌৰাণিক কথা অনুসাৰে-এবাৰ ভগৱান শ্ৰী কৃষ্ণই চতুৰ্থীৰ চন্দ্ৰমা দৰ্শন কৰিছিল।তেতিয়া-ভগৱান শ্ৰী কৃষ্ণৰ ওফৰত শ্যামন্তক মণি চুৰি কৰাৰ কলংক লাগিছিল।তেতিয়া-এই মিছা অপবাদৰ পৰা মুক্তি পাবলৈ-ভগৱান শ্ৰী কৃষ্ণই শ্যামন্তক মণি বিচাৰি ফুৰিছিল।শ্যামন্তক মণি জামবন্তৰ ওচৰত আছিল।জামবন্তই শ্যামন্তক মণি এটা বাঘক বধ কৰি প্ৰাপ্ত কৰিছিল।সূৰ্য্যদেৱে শ্যামন্তক মণি সত্যভামাৰ পিতৃক দিছিল।যাক পৰিধান কৰি তেওঁ বনলৈ গৈছিল।

বনত তেওঁক বাঘে হত্যা কৰি শ্যামন্তক মণি নিজৰ লগত ৰাখিছিল।সেই বাঘৰ পৰা শ্যামন্তক মণি জামবন্তই পাইছিল। শ্যামন্তক মণি বিচাৰি ভগৱান শ্ৰী কৃষ্ণ জামবন্তৰ গুহাত উপস্থিত হৈছিল।আৰু গুহাত ভগৱান শ্ৰী কৃষ্ণ আৰু জামবন্তৰ ২৭দিনলৈ তয়াময়া যুদ্ধ হ’ল।আৰু এই যুদ্ধত জামবন্ত পৰাজিত হ’ল। তেতিয়া জামবন্তক ভগৱান শ্ৰী কৃষ্ণই নিজৰ বিষ্ণু স্বৰূপৰ দৰ্শন কৰালে।জামবন্তই ভগৱান শ্ৰী কৃষ্ণৰ লগত নিজৰ পুত্ৰী জামবন্তীক বিবাহ দিলে।তাৰপাছত শ্যামন্তক মণি আৰু পুত্ৰীৰ লগত ভগৱান শ্ৰী কৃষ্ণক বিদায় দিলে।এনেদৰে ভগৱান শ্ৰী কৃষ্ণৰ ওপৰত লগা শ্যামন্তক মণি চুৰি কৰা মিছা অপবাদ দূৰ হ’ল।

পুৰাণ কাব্যটো গণেশৰ উপস্থিতি লক্ষণীয়। তেওঁক অন্যতম শ্ৰেষ্ঠ ভাৰতীয় মহাকাব্য মহাভাৰত-ৰ লিপিকাৰ ৰূপে কল্পিত হয়। ভাৰতৰ সকলোতে তেখেতৰ পূজা প্ৰচলিত। তাৰপাছত মহাৰাষ্ট্ৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত গণেশ পূজা জাতীয় উৎসৱ ৰূপে উদযাপিত হয়। পশ্চিমবংগ, অসম আৰু বাংলাদেশ আদি ঠাইত অসমীয়া তথা বাংলাৰ নৱবৰ্ষৰ দিনটোত গণেশ পূজা প্ৰচলিত। ইয়াৰ বাদেও দুৰ্গোৎসৱত সপৰিয়ালে দেৱী দুৰ্গাৰ লগত গণেশৰো পূজা অৰ্চনা কৰা হয়। গণেশৰ গায়ত্ৰী মন্ত্ৰটো হ’ল – মহৎকায়া বিদ্মহে বক্ৰতুণ্ডায় ধীমহি তন্নো দন্তী প্ৰচোদয়াৎ।

published by: Jebin Sultana

Cotton University: ‘নাক’ৰ প্ৰথম মূল্যাংকনত ‘এ’ গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ

cotton university gets agrade from naac
Cotton University: ‘নাক’ৰ মূল্যাংকনত ‘A’ গ্ৰেড লাভ কটন বিশ্ববিদ্যালয়ৰ

গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নাক (NAAC)ৰ দ্বাৰা ‘এ’ গ্ৰেডেৰে স্বীকৃতি লাভ কৰিছে। এই সাফল্যৰ জৰিয়তে কটন বিশ্ববিদ্যালয় উত্তৰ-পূবৰ অতি কম সংখ্যক বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম আৰু ‘নাক’ৰ প্ৰথমটো মূল্যায়ন চক্ৰত ‘এ’ গ্ৰেড লাভ কৰি অসমৰ প্ৰথমখন ৰাজহুৱা খণ্ডৰ বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে।(Cotton University gets A grade from NAAC)

কটন বিশ্ববিদ্যালয়ে লাভ কৰা এই সাফল্যৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে তেখেতৰ ছ’চিয়েল মিডিয়াৰ ‘X’ হেণ্ডেল আৰু ফেচবুকৰ জৰিয়তে বিশ্ববিদ্যালয়খনক অভিনন্দন জনায় আৰু কটনক ‘জ্ঞান আৰু উচ্চ শিক্ষাৰ মানদণ্ডৰ প্ৰতীক’ বুলি প্ৰশংসা কৰে।(Dr Ranuj Pegu)

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত অংশীদাৰসকলক অভিনন্দন জ্ঞাপন কৰে। তেখেতে কয়, ‘নাকৰ প্ৰথম মূল্যাংকনত এ গ্ৰেড লাভ কৰাটো সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এক অতি গৌৰৱৰ মুহূৰ্ত। এই কৃতিত্বই সামগ্ৰিকভাৱে বিশ্ববিদ্যালয়খনৰ মহান মনোভাৱ আৰু নিষ্ঠাক প্ৰতিফলিত কৰিছে। বিশ্ববিদ্যালয়খনৰ অংশীদাৰসকলৰ সমৰ্থন, প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে এইয়া সম্ভৱ নহ’লহেঁতেন।’(Cotton University)

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বাবে পৃথক মূল্যায়নৰ পৰিমাপসমূহৰ সৈতে এই গ্ৰেডিঙে কটনৰ বিশ্ববিদ্যালয় হিচাপে কৰা যাত্ৰাক গতি প্ৰদান কৰিছে।

Published by: Munmi gogoi

North-East Badminton Tournament: আজিৰে পৰা গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন, দলীয় শাখাত অসমৰ প্ৰতিদ্বন্দ্বী নগালেণ্ড-অৰুণাচল…

গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন
গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন

গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়া (বাই)ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷(Yonex-Sunrise North East Zone Inter-State Badminton Tournament)

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ প্ৰথম দুটা দিনত পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলীয় শাখাৰ খেল অনুষ্ঠিত হ’ব৷ আজি ঘোষণা কৰা প্ৰতিযোগিতাৰ সূচী অনুসৰি অসমৰ পুৰুষ আৰু মহিলা দলে নগালেণ্ডৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰাৰ বিপৰীতে আয়োজক ৰাজ্যখনৰ জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দলে অৰুণাচলৰ বিৰুদ্ধে প্ৰথম মেচত অংশ ল’ব৷(Badminton Association of India)

অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিব গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য ডাঃ ননী গোপাল মহন্তই৷

গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন

দলীয় শাখাৰ খেলৰ অন্তত অহা ন আৰু দহ ছেপ্টেম্বৰত পুৰুষ-মহিলা তথা জুনিয়ৰ ল’ৰা-ছোৱালীৰ একক, ডাবলছ আৰু মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতাখন সামৰণি পৰিব অহা দহ ছেপ্টেম্বৰত৷ চাৰি দিনীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈশ খেলুৱৈয়ে অংশ লৈছে৷ ইয়াৰে পুৰুষ ডেৰশ তথা এশ মহিলা শ্বাটলাৰৰ লগতে খেল পৰিচালক হিচাপে ৪১ গৰাকী কাৰিকৰী বিষয়া তথা ৰেফাৰীয়ে অংশ লৈছে৷

লগতে পঢ়কঃ Durand Cup 2024 : ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ : পাৰ্থিৱ গগৈ…

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ৰাজ্য কেইখন হ’ল ঃ অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মনিপুৰ, নগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু আয়োজক অসম৷ প্ৰায় ৪০ জনীয়া সদস্যৰে অসমৰ সৰ্ববৃহৎ দল৷

published by: Munmi gogoi