Home Blog Page 543

Dhing Minor rape case: ধিংকাণ্ড: আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তই জেৰাত কি কলে আৰক্ষীক ?

Dhing Minor Rape Case: Two Accused Surrender After Two Weeks on Run
Dhing Minor rape case: ধিঙকাণ্ড: আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তই জেৰাত কি কলে আৰক্ষীক ?

নগাঁও, ৭ ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্য কঁপাই যোৱা ধিঙৰ কিশোৰী ছাত্ৰীৰ ধৰ্ষণকাণ্ডৰ আন দুটা অভিযুক্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে (Two Accused Surrender)৷ ৬ ছেপ্তেম্বৰৰ সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ এই দুই অভিযুক্তৰ । যোৱা 22 আগষ্টৰ সন্ধিয়া টিউচনৰ অন্তত পৰা ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাতে ধৰ্ষণৰ বলি হৈছিল ধিঙৰ দশম শ্ৰেণীৰ এগৰাকী কিশোৰী ছাত্ৰী(Dhing Minor rape case) । ছাত্ৰীগৰাকীক তিনি যুৱকে ধৰ্ষণ কৰি অচেতন অৱস্থাত পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছিল ।

ঘটনাক কেন্দ্ৰ কৰি নগাঁৱও জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ । এই নাৰকীয় ঘটনাটো সংঘটিত হোৱাৰ এদিন পাছতেই এই ঘৰ্ষণকাণ্ডত জড়িত তফাজ্জুল নামৰ এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷কিন্তু সেই নিশাই আৰক্ষীয়ে অনুসন্ধানৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱাৰ অৱস্থাতেই পলায়নৰ চেষ্টা কৰি ঘটনাস্থলীৰ কাষৰ এটা পুখুৰীত পৰি মৃত্যু হৈছিল অভিযুক্ত তফাজ্জুলৰ ।

অভিযুক্ত তফাজ্জুলৰৰ লগতে এই ধৰ্ষণৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল ধিঙৰ আন দুই যুৱক ফৰিদুল আৰু গোলাপ উদ্দিনৰ (Dhing rape case accused)। ইয়াৰ পাছৰ পৰাই আত্মগোপন থকা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক বিচাৰি নগাঁও জিলাৰ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল যদিও এই দুই অভিযুক্তক আটক কৰিব পৰা নাছিল আৰক্ষীয়ে ।

অৱশেষত অৱশেষত ঘটনাৰ দুসপ্তাহৰ পাছত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মধ্যস্থতাত পলাতক দুই অভিযুক্তই শুকুৰবাৰে আত্মসমৰ্পণ কৰিলে । শুকুৰবাৰে বিয়লি ধিংকাণ্ডৰ এই দুই অভিযুক্তই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বৰ সহযোগত নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় । অৱশ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বই এই দুই অভিযুক্তৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী জনায় ।

লগতে সংগঠনটোৰ নেতৃত্বই জনোৱা মতে, ফৰিদুল আৰু গোলাপ উদ্দিনে নিজকে নিৰ্দোষী বুলি উল্লেখ কৰি তফাজ্জুলৰ মৃত্যুৰ বাবেহে আতংকিত হৈ আত্মগোপন কৰি আছিল ৷ এইক্ষেত্ৰত আৰক্ষীৰ নিৰপেক্ষ তদন্তত দুয়ো যদি অপৰাধী বুলি প্ৰমাণিত হয়, তেন্তে দুয়োকে উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগতে দুই অভিযুক্তই আত্মসমৰ্পণ কৰাৰ কথা উল্লেখ কৰে । লগতে দুই অভিযুক্তৰ পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰি তেওঁলোকে যে আত্মসমৰ্পন কৰিব বিচাৰে সেই কথা অৱগত কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

ঘটনাৰ সময়ত তফাজ্জুলৰ সৈতে আত্মসমৰ্পণ কৰা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিন একেখন বাইকতে থকাৰ প্ৰমাণ আৰক্ষীয়ে চলোৱা অনুসন্ধানত লাভ কৰা বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে । ইতিমধ্যে এই সকলো তথ্য প্ৰমাণ আদালতত দাখিল কৰা বুলিও জনালে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

উল্লেখযোগ্য যে, শুকুৰবাৰে সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযুক্ত দুটাই আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰি দুয়োকে তীব্ৰ জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । 

Durand Cup 2024 : ব্যক্তিগত প্ৰদৰ্শনতকৈ দলীয় সফলতা মোৰ বাবে গুৰুত্বপূৰ্ণ : পাৰ্থিৱ গগৈ…

Durand Cup 2024: Team success is more important to me than personal performance: Parthiv Gogoi
ফুটবলাৰ পাৰ্থিৱ গগৈ

‘ফুটবলত ব্যক্তিগত প্ৰদৰ্শন স্বাভাৱিকতে মুল্যহীন যদিহে দলৰ প্ৰদৰ্শন ফলদায়ক নহয় ৷ সেয়ে মই বিশ্বাস কৰো দলে উন্নত প্ৰদৰ্শন কৰাটো ৷ আমি যেতিয়া এখন খেলত জয়লাভ কৰিম তেতিয়া দলটোৱে যে ভাল ফুটবল খেলিছে সেইটোহে বাস্তৱত প্ৰতিপন্ন কৰে ৷ তাৰমানে দলৰ সকলো সদস্যই ভাল প্ৰদৰ্শন কৰিছে বাবেহে দলৰ জয় সম্ভৱ হৈছে৷ বিপৰীতে পৰাজয় হ’লে সকলো সদস্যৰ ব্যৰ্থতা বুলি ধৰি লোৱা হয় ৷’ এই মন্তব্য নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈৰ ৷ (NorthEast United)

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয়ৰে নতুন ছিজনৰ আৰম্ভনি কৰা নৰ্থ ইষ্ট ইউনাইটেডে ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫ [আই এছ এল] তো প্ৰত্যাশিত আৰম্ভনি কৰাৰ বাবে সাজু হৈছে ৷ নতুন ছিজনক লৈ পাৰ্থিৱৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰশ্ন কৰাত যোৱা ছিজনত চমকপ্ৰদ প্ৰদৰ্শনৰে দেশৰ ফুটবলপ্ৰেমীৰ হৃদয় জয় কৰা তথা ডুৰাণ্ড কাপতো অনবদ্য খেলেৰে নতুন ছিজনতো নিজৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰা প্ৰতিভাবান ষ্ট্ৰাইকাৰগৰাকীয়ে এইদৰে কয় ৷

‘ডুৰাণ্ড কাপৰ চেম্পিয়ন হোৱাটো আমাৰ বাবে অনন্য সফলতা ৷ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় স্তৰত নৰ্থ ইষ্ট ইউনাইটেডে চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছে৷ তাতকৈয়ো ডাঙৰ কথাটো হ’ল কলকাতাত মোহন বাগানৰ বিৰুদ্ধে ফাইনেল খেলি দুগলত পিছ পৰি থকাৰ পাছতো আমি দৃঢ়তা আৰু আত্মবিশ্বাস অটুট ৰাখি চেম্পিয়ন হৈছো৷ স্বাভাৱিকতে এই সফলতাই দলৰ ডেছিং ৰূমৰ পৰিৱেশ সম্পূৰ্ণৰূপে সলনি কৰি দিছে৷ এতিয়া আমাৰ লক্ষ্য হ’ব প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰি আসন্ন আই এছ এলতো সফলতা অৰ্জন কৰা৷’ পাৰ্থিৱে (Parthib Gogoi ) লগতে কয় ৷

উল্লেখযোগ্য যে নৰ্থ ইষ্ট ইউনাইটেডে একাদশ সংখ্যক আই এছ এলত লীগৰ প্ৰথম মেচখন অহা ১৬ ছেপ্টেম্বৰত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত লীগৰ নতুন দল মহমেদান স্পৰ্টিং ক্লাবৰ বিৰুদ্ধে খেলিব ৷ আনহাতে, গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডে প্ৰথম মেচখন অহা ২৯ ছেপ্টেম্বৰত খেলিব ৷ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত গুৱাহাটীৰ আই এছ এল দলটোৱে কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হ’ব৷ (Durand Cup 2024 )

যোৱা ছিজনত এক পইণ্টৰ বাবে নকআউট ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰা নৰ্থ ইষ্ট ইউনাইটেডে মুঠ ২২ মেচৰ ছয়খনত জয়লাভ কৰাৰ বিপৰীতে আঠ খনত পৰাজয় তথা সমসংখ্যক মেচ ড্ৰ খেলি তালিকাৰ সপ্তম স্থানত আছিল ৷ ‘আমি নতুন ছিজন সফলতাৰে আৰম্ভ কৰাৰ আশা কৰিছিলো৷ ডুৰাণ্ড কাপৰ ট্ৰফীয়ে দলক সুন্দৰ আৰম্ভনি দিলে ৷ এতিয়া কিন্তু সমৰ্থকে দলৰ পৰা অধিক আশা কৰিব ৷ স্বাভাৱিকতে এয়া এক চাপ৷’ পাৰ্থিৱে (Parthib Gogoi ) লগতে কয় ৷

লগতে পঢ়ক : Jatin Bora: চুমি বৰাৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ পেছাদাৰীঃ যতীন বৰা…

ইফালে, নিজৰ লগতে দলৰ যুৱ ফুটবলাৰৰ ওপৰত বিশ্বাস আৰু আস্থা ৰখাৰ বাবে পাৰ্থিৱে স্পেনিছ প্ৰশিক্ষক জুৱান পেড্ৰ’ বেনালিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ক্লাবৰ স্বত্তাধিকাৰী জন আব্ৰাহামে নতুন খেলুৱৈসকলক অধিক উৎসাহ আৰু বিশ্বাস দিছে বুলি ব্যক্ত কৰে ৷

published by: Jebin Sultana

Jatin Bora: চুমি বৰাৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ পেছাদাৰীঃ যতীন বৰা…

যতীন বৰা
যতীন বৰা

এটা কোটি টকীয়া কেলেংকাৰী। এই কেলেংকাৰীৰ মূল খল নায়িকা হিচাবে এতিয়া নাম উচ্চাৰিত হৈছে অভিনেত্ৰী চুমি বৰাৰ। চুমি বৰা বৰ্তমান পলাতক। ডিব্ৰুগড়ত চুমিৰ সহযোগী বুলি অভিযোগ উত্থাপন হোৱা বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ঘটনাৰ মূল খলনায়িকা চুমি বৰাই গুৱাহাটীত আৰক্ষীৰ নাকৰ তলেৰেই আত্মগোপন কৰিবলৈ সক্ষম হ’ল। হঠাতে বতাহৰ লগত মিলি যোৱা চুমি বৰাৰ কোনো সন্ধানেই উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বাহিনীয়ে। (Sumi Borah)

আনহাতে অসমৰ বহু গায়ক, অভিনেতা-অভিনেত্ৰী ট্ৰেডিঙৰ সৈতে জড়িত থকা বুলি সামাজিক মাধ্যমত চৰ্চাত হৈছে। আনকি অভিনেতা যতীন বৰা ট্ৰেডিং বিতৰ্কৰ সৈতে জড়িত থকা বুলি তেওঁৰ নাম উত্থাপন কৰিছিল একাংশ সংবাদ মাধ্যমে।(actor Jatin Bora clarification)

সামাজিক মাধ্যমত অভিনেতাগৰাকীয়ে কয় যে নমস্কাৰ, শেহতীয়াভাৱে ট্ৰেডিং বিতৰ্কত যতীন বৰা অৰ্থাৎ মোক তথা মোৰ দ্বাৰা পৰিচালিত আৰু আমাৰ প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত ‘ৰাঘৱ’ চিনেমাখনক সাঙুৰি বিভিন্ন কথা প্ৰচাৰ কৰি থকা মোৰ দৃষ্টিগোচৰ হৈছে।(jatin bora)

এইখিনিতে কেইটামান কথা স্পষ্ট কৰি দিওঁ।

চুমি বৰাৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ পেছাদাৰী। ডিব্ৰুগড়ৰ এখন বিহু অনুষ্ঠানত মই সপত্নীক চুমি বৰাক এগৰাকী নৃত্যশিল্পী হিচাপে প্ৰথম দেখা পাইছিলোঁ। সেই সময়ত আমাৰ চিনেমা ‘ৰাঘৱ’ৰ কাৰণে নতুন মুখ বিচাৰি আছিলোঁ আৰু সেইবাবেই চুমি বৰাক নিৰ্দিষ্ট সেই চৰিত্ৰটোৰ কাৰণে পৰ্যাপ্ত পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তিবদ্ধ কৰিছিলোঁ আৰু তেওঁ অভিনয়ৰ বাবত নিজৰ পাৰিশ্ৰমিক লাভ কৰিছিল। বিশাল ফুকনক শ্বুটিঙৰ সময়ত চুমি বৰাৰ ভায়েক হিচাপেই দেখিছিলোঁ। সিমানেই। তাৰ বাহিৰে ‘ৰাঘৱ’ত কোনো বিশাল ফুকন, চুমি বৰাৰ ধন বিনিয়োগৰ প্ৰশ্নয়ে নাহে। ‘ৰাঘৱ’ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজনাৰ সকলো নথি-পত্ৰ মোৰ হাতত মজুত আছে। প্ৰয়োজনত সংশ্লিষ্ট কৰ্তৃপক্ষক দেখুৱাব পাৰিম। যিহেতু চুমি বৰাই চিনেমাখনত অভিনয় কৰিছিল আৰু প্ৰচাৰৰ সময়তো তেওঁ আমাৰ সৈতে অসমৰ বিভিন্ন স্থানলৈ গৈছিল। সেই সূত্ৰেই তেওঁ তেওঁৰ বিয়ালৈ আমাক নিমন্ত্ৰণ দিছিল আৰু আমি গৈছিলোঁ।তাতকৈ অধিক একো সম্পৰ্কয়ে নাই।

লগতে পঢ়কঃ Online Trading Scam: আত্মসমৰ্পন কৰিব নেকি চুমি বৰাই? গ্ৰেপ্তাৰৰ পিছতো সাৰি যাব নেকি অনলাইন ট্ৰেডিং চক্ৰৰ মূল অপৰাধী

কাৰোবাৰ বিয়া খাবলৈ যোৱা বা আন অনুষ্ঠানলৈ যোৱা মানেই তেওঁৰ ব্যৱসায়ত ধন বিনিয়োগ কৰাটো নুবুজায়। একাংশ সংবাদ মাধ্যমে যিদৰে ট্ৰেডিঙত মই ধন বিনিয়োগ কৰা আৰু ‘ৰাঘৱ’ত তেওঁলোকে ধন বিনিয়োগ কৰা বুলি উল্লেখ কৰিছে, সেয়া গোকাট মিছা কথা।আজি অতবছৰে অভিনয়ৰ ক্ষেত্ৰত কষ্ট কৰি আছোঁ আৰু এতিয়াও ভ্ৰাম্যমাণ থিয়েটাৰত কষ্ট কৰিয়েই আছোঁ। ৰাইজৰ মৰমো পাইছোঁ। কিন্তু এনেকৈ বাৰে বাৰে মোৰ নামটো ব্যৱহাৰ কৰা দেখি মই মানসিকভাৱে যথেষ্ট কষ্ট পাইছোঁ। এইক্ষেত্ৰত কোনো ধৰণে মোক সাঙুৰি মোক অশান্তি নিদিবলৈ সকলো পক্ষকে আহ্বান জনালোঁ।

লগতে কোনো সংবাদ মাধ্যমেও এইক্ষেত্ৰত মোৰ মন্তব্য লোৱাৰ বাবে মোৰ সৈতে যোগাযোগ নকৰিবলৈ অনুৰোধ জনালোঁ। যিটো বিষয়ত মই কোনো প্ৰকাৰে জৰিতয়ে নহয় সেইটো বিষয়ত বাগাৰম্বড় কৰাত আগ্ৰহীও নহয়। গতিকে মোক শান্তিত অভিনয় কৰি অসমৰ ৰাইজে মোৰ পৰা বিচৰাখিনি আগবঢ়াই দিবলৈ মোক সুস্থিৰভাৱে আৰু সুন্দৰভাৱে কাম কৰিবলৈ দিয়ক। ধন্যবাদ।

লগতে পঢ়কঃ Prastuti Parasar: চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী, চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাইঃ প্ৰস্তুতি পৰাশৰ

ইয়াৰউপৰিও কণ্ঠশিল্পী নীলাক্ষি নেওগ, মণ্টুমণি শইকীয়া, দিপলীনা ডেকা নামো চৰ্চালৈ আহিছে।

published by: Munmi gogoi

শিশুৰ স্বাস্থ্যৰ ওপৰত স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱৰ অধ্যয়নৰ তথ্য প্ৰকাশ! হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ…

হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ
হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ

দৈনন্দিন বাৰ্তাৰ সেৱাঃ শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে ভাৰতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়ৰ ক্ষেত্ৰত লক্ষ্যণীয় পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে।(Swachh Bharat Abhiyan)


মোদী প্ৰশাসনৰ অন্যতম বৃহৎ সাফল্য হিচাপে এই মিছনটো স্মৰণীয় হৈ থাকিব। ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱসমূহৰ ভিতৰত স্বাস্থ্য সূচকসমূহৰ উন্নতি, বিশেষকৈ শিশু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱা আৰু মহিলা তথা ছোৱালীৰ সুৰক্ষাৰ বিষয় জড়িত হৈ আছে।(Child mortality rate has come down)

হ্ৰাস পাইছে শিশুৰ মৃত্যুৰ হাৰ


ভাৰতৰ ৩৫খন ৰাজ্য আৰু ৬৪০খন জিলাক সামৰি লোৱা এক দশকজোৰা অধ্যয়ন (২০১১–২০২০)ৰ ভিত্তিত এছ বি এমৰ মূল তথ্য আৰু প্ৰভাৱৰ বিষয়ে ইয়াত কিছু কথা উল্লেখ কৰা হ’ল-


স্বচ্ছ ভাৰত অভিযানৰ মূল লাভ

  • শৌচাগাৰৰ সংখ্যা লক্ষ্যণীয়ভাবে বৃদ্ধি:
    o ২০০৩ চনত জিলাসমূহৰ ভিতৰতে শৌচাগাৰৰ সংখ্যা তুলনামূলকভাৱে কম আছিল, গড়ে ৪০%তকৈ কম (গড় ৪৬.৭%)।
    o এই কভাৰেজে ২০০৩ চনৰ পৰা ২০০৮ চনলৈকে নূন্যতম উন্নতি দেখুৱাইছিল আৰু কিছুমান জিলাত আনকি হাৰ হ্ৰাস পোৱা দেখা গৈছিল।
    o ২০১৪ চনত এছ বি এম আৰম্ভ হোৱাৰ পিছত ভাৰতত শৌচাগাৰৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে।
    o ২০২০ চনৰ ভিতৰত ১০ কোটিতকৈ অধিক ঘৰুৱা শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল।এই সময়ছোৱাত গৰিষ্ঠসংখ্যক জিলাই ৬০% (গড় ৮১.২%)তকৈ অধিক শৌচাগাৰ নিৰ্মাণৰ গৌৰৱ অৰ্জন কৰিছিল।এতিয়ালৈকে সমগ্ৰ দেশতে ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে।
    o অভিযানৰ প্ৰথম পাঁচ বছৰত মুকলিতে শৌচ কৰা ৬০%ৰ পৰা ১৯%লৈ হ্ৰাস পাইছে।আজি ভাৰত মুকলি শৌচমুক্ত হৈ পৰিছে।
  • ভাৰতত শিশুৰ মৃত্যুৰ হাৰ ২০০৩ চনৰ পৰা ২০২০ চনলৈ লক্ষ্যণীয়ভাবে হ্ৰাস
    o মুকলিকৈ শৌচ কৰাটো দীৰ্ঘদিন ধৰি সংক্ৰমণৰ এটা প্ৰধান কাৰণ হৈ আহিছিল, বিশেষকৈ ডায়েৰিয়া, যিয়ে শিশুৰ স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়।
    o এছ বি এমৰ ফলত অধ্যয়নটোৱে শৌচাগাৰৰ সুবিধা বৃদ্ধি আৰু শিশুৰ মৃত্যুৰ হাৰ কম হোৱাৰ মাজত এক শক্তিশালী বিপৰীত সম্পৰ্ক নিশ্চিত কৰিলে।

Online Trading Scam: আত্মসমৰ্পন কৰিব নেকি চুমি বৰাই? গ্ৰেপ্তাৰৰ পিছতো সাৰি যাব নেকি অনলাইন ট্ৰেডিং চক্ৰৰ মূল অপৰাধী…

বিশাল ফুকন আৰু চুমি বৰা
বিশাল ফুকন আৰু চুমি বৰা

দৈনন্দিন বাৰ্তাৰ সেৱাঃ ৰাজ্যত বৰ্তমান বহুল ভাবে চৰ্চা হৈ থকা বিষয়টোৱেই হৈছে চুমি এণ্ড বিশা কোম্পানীয়ে হাজাৰ হাজাৰ গ্ৰাহকক প্ৰতাৰণা কৰি প্ৰায় ৪০০০ কোটি টকা সৰকাই নিয়াৰ। ডিব্ৰুগড়ৰ পৰা বিশাল ফুকনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ঘটনাৰ মূল খলনায়িকা চুমি বৰা এতিয়াও পলাতক অৱস্থাতে আছে। আৰক্ষীয়ে এতিয়াও তেওঁৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। (Online Trading Scam)

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিভিন্ন ধৰণে হেঁচাৰ সন্মুখীন হোৱা চুমি বৰা যিকোনো মুহূততে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব পাৰে। সেই সম্ভাৱনা এতিয়া ধিক উজ্জ্বল হৈ পৰিছে। সূত্ৰটোৱে লগতে এই বুলিও প্ৰকাশ কৰিছে যে চুমি বৰাই ইতিমধ্যে আগতীয়া জামিনৰ বাবেও আবেদন কৰাৰ চেষ্টা কৰি আছে। এইখিনিতে বহুতৰে মনত প্ৰশ্ন জাগিছে অন লাইন ট্ৰেডিঙৰ জড়িয়তে বহু বিনিয়োগকাৰীক প্ৰতাৰণা কৰাসকল অৱশেষত সাৰি যাব নেকি? প্ৰথমে গ্ৰেপ্তাৰ আৰু তাৰ পিছত তিনিমাহ মান কাৰাগাৰত থকা সেইসকল অপৰাধীয়ে জামিনত মুক্ত হৈ পুনৰ মুকলি কাশৰ তললৈ ওলাই আহিব নেকি? অন লাইন ট্ৰেডিঙৰে জড়িতসকলক শাস্তি বিহিব পৰাকৈ ভাৰতীয় আইন ব্যৱস্থাত বিশেষ কোনো বিধান আছেনে?

ৰাইজৰ মনত উদ্ৰেক ঘটা এনেবোৰ প্ৰশ্নৰ ন্যায়িক ভিত্তি বিচাৰি দৈনন্দিন বাৰ্তাৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বনশ্ৰী গগৈক। অধিবক্তা বনশ্ৰী গগৈয়ে শেহতীয়া সমগ্ৰ ঘটনাক্ৰম সন্দৰ্ভত দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধিৰ আগত এনেদৰে মন্তব্য কৰে- আচলতে গোচৰ বোৰ বেলেগ বেলেগ ধৰণৰ হয়। ডিব্ৰুগড়ৰ পৰা পলায়ন কৰা ৰনজিত কাকতিয়ে এফ এক্স ট্ৰেডিং চলাই আচিল। এইটো এটা চেন বিজনেজ হয়। এই বিজনেজ তেওঁলোকে সমগ্ৰ অসমতে বিয়পাই দিছিল। তেওঁলোকে জিলা মুৰব্বীসকলক আনকি এখনকৈ অডি গাড়ীও দিছিল। ছেবিয়ে এখন লাইচেন্স দিয়ে এনে বিজনেজ চলাবলৈ। কিন্তু তেওঁলোকৰ কোনো লাইচেন্স নাছিল। যেনি চুমি বৰা, বিশাল ফুকন, তেওঁলোকে যি ট্ৰেডিং কৰিছিল সেয়া ফৰেক্স হয়। তেওঁলোকে কয় যদি ধন ডাবল কৰিব দিব, ২০ টকাটো ১০০ টকা হ’ব। এয়া প্ৰতাৰণাৰ নামান্তৰ মাথো।

স্বপ্ন নীল দাসে অক্সন ট্ৰেডিং চলাইছিল। অক্সন ট্ৰেডিঙত বেংকিং লাইচেন্স থাকিব লাগিব, লোকৰ ধন সৰবৰাহ কৰিবলৈ। এইটো তেওঁলোকে গণ্ডগোল কৰিছে। এতিয়া ইনফৰ্মেছন টেকন’লজি আইন, বিএনএছত প্ৰতাৰণাৰ বিশেষ ধাৰা আছে, এতিয়া ক’ব নোৱাৰি কোন আইনৰ কি ধাৰাত গোচৰ ৰুজু হ’ব। গোচৰৰ ধৰণ অনুসৰি ধাৰাও বেলেগ বেলেগ হ’ব। মই এতিয়াও জনা নাই কি ধাৰা আৰোপ কৰিছে। মই জনা মতে এনফোৰ্চমেণ্ট ডিৰেক্টৰেও বেলেগকৈ গোচৰ ৰুজু কৰিছে। এনফোৰ্চমেণ্ট ডিৰেক্টৰে কি ধাৰাত গোচৰ ৰুজু কৰিছে সেয়া এতিালৈকে গম পোৱা নাই। অধিবক্তা গগৈয়ে কয় যে কোনো অপৰাধীয়ে সাৰি যাব নোৱাৰিব। জামিনৰ অৰ্থ সাৰি যোৱা নহয় বুলিও আন বহু অধিবক্তাই মত প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমায়ো আজি ডিব্ৰুগড়ত দৃঢ়তাৰে কৈছে যে অন লাইন ট্ৰেডিঙৰ কোনো অপৰাধীক সাৰি যাবলৈ দিয়া নহ’ব। ৰাজ্য তথা দেশৰ কেতবোৰ একেধৰণৰ প্ৰতাৰণাৰ ঘটনালৈ লক্ষ্য কৰিব বহুতেই এতিয়া অপৰাধী দুজিনমান জেলত থাকি পুনৰ মুকলি আকাশৰ তললৈ আহিব পাৰিব ৰু তেনেদৰেই কথাবোৰ তল পৰিব বুলি ভবাটো নিশ্চয়কৈ স্বাভাৱিক কথা। কাৰণ ইয়াৰ পূৰ্বেও অসম তথা দেশত চাহাৰা কেলেংকাৰী, অভাৰলেণ্ড কেলেংকাৰী আদিৰ অপৰাধীয়ে বিশষ কনো শাস্তি নোপোৱাকৈ মুকলিতে ঘূৰি ফুৰা মানুহে দেখিছে। চুমি বৰা, বিশাল ফুকনৰ ক্ষেত্ৰতো একেই হ’ব নেকি বুলি বহুতে এতিয়া সেয়ে সন্দেহ কৰি

লগতে পঢ়কঃ Prastuti Parasar: চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী, চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাইঃ প্ৰস্তুতি পৰাশৰ

published by: Munmi gogoi

Guwahati Asian Film Festival: প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ ঘোষণা…

প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ ঘোষণা
প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ ঘোষণা

গুৱাহাটী, ৬ ছেপ্টেম্বৰ, ২০২৪: এছীয় আৰু উত্তৰ-পূৱ ভাৰতৰ চিনেমাৰ উদযাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ২০২৫ চনৰ ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ। অসমৰ এক চিনেমা নিৰ্মাণকাৰী সংস্থা ট্ৰেণ্ডিং নাও মিডিয়াৰ বেনাৰত অনুষ্ঠিত হ’বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱৰ লক্ষ্য হৈছে এছীয় দেশসমূহৰ চহকী চিনে ঐতিহ্যৰ লগতে উত্তৰ-পূৱ ভাৰতৰ চিনেমাসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ প্ৰদান কৰা।(Asian Film Festival)


এই মহোৎসৱত উত্তৰ-পূৱ ভাৰতৰ চিনেমাৰ বাবে বিশেষভাৱে প্ৰতিযোগিতামূলক (Competition) শিতান ৰখা হ’ব, য’ত নিৰ্বাচিত চলচ্চিত্ৰসমূহক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হ’ব। প্ৰতিযোগিতামূলক শাখাৰ উপৰিও এছীয় আৰু ভাৰতীয় চিনেমাৰ প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাবিহীন (Non-Competition) শিতান থাকিব য’ত উল্লেখযোগ্য নিৰ্বাচিত ভাৰতীয় চিনেমাকে ধৰি এছীয় চিনেমাসমুহ প্ৰদৰ্শন কৰা হ’ব।


উত্তৰ-পূৱ ভাৰতৰ চিনেমাসমূহে চলচ্চিত্ৰ মহোৎসৱৰ আনুষ্ঠানিক ৱেবচাইট Gaff.co.inৰ জৰিয়তে প্ৰতিযোগিতা শাখাত অংশগ্ৰহণ কৰিব পাৰিব। ফিল্মফ্ৰীৱে (Filmfreeway.com)ৰ জৰিয়তে ‘এছিয়ান ফিল্মছ’ আৰু ‘ইণ্ডিয়ান শ্ব’কেছ’ৰ বাবে নিজৰ চিনেমা প্ৰেৰণ কৰিব পাৰিব।


গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰাক্তন মহোৎসৱ পৰিচালক শ্ৰীমতী মনিতা বৰগোহাঁইৰ নেতৃত্বত অনুষ্ঠিত এই মহোৎসৱৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে আছে চলচ্চিত্ৰ সমালোচক শ্ৰীনিবাস সান্থানম, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰীউৎপল বৰপূজাৰী; আৰু চলচ্চিত্ৰ সমালোচক আৰু সম্পাদক ডেলটন ক্রিষ্টোফাৰ।


চিনেমা জমা দিয়াৰ নিৰ্দেশনা, প্ৰতিযোগিতাৰ শ্ৰেণী, আৰু উৎসৱৰ সময়সূচীৰ সম্পূৰ্ণ বিৱৰণ উপলব্ধ gaff.co.in ত।

published by: munmi gogoi

Prastuti Parasar: চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী, চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাইঃ প্ৰস্তুতি পৰাশৰ

চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকীঃ প্ৰস্তুতি পৰাশৰ
চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকীঃ প্ৰস্তুতি পৰাশৰ

এটা প্ৰায় কোটি টকীয়া কেলেংকাৰী। এই কেলেংকাৰীৰ মূল খল নায়িকা হিচাবে এতিয়া নাম উচ্চাৰিত হৈছে অভিনেত্ৰী চুমি বৰাৰ। চুমি বৰা বৰ্তমান পলাতক। ডিব্ৰুগড়ত চুমিৰ সহযোগী বুলি অভিযোগ উত্থাপন হোৱা বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ঘটনাৰ মূল খলনায়িকা চুমি বৰাই গুৱাহাটীত আৰক্ষীৰ নাকৰ তলেৰেই আত্মগোপন কৰিবলৈ সক্ষম হ’ল। হঠাতে বতাহৰ লগত মিলি যোৱা চুমি বৰাৰ কোনো সন্ধানেই উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বাহিনীয়ে। (Sumi Borah)

আনহাতে অসমৰ বহু গায়ক, অভিনেতা-অভিনেত্ৰী ট্ৰেডিঙৰ সৈতে জড়িত থকা বুলি সামাজিক মাধ্যমত চৰ্চাত হৈছে। আনকি অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ট্ৰেডিং বিতৰ্কৰ সৈতে জড়িত থকা বুলি তেওঁৰ নাম উত্থাপন কৰিছিল একাংশ সংবাদ মাধ্যমে।(actress prastuti porasor clarification)

সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান চলি থকা ট্ৰেডিং বিতৰ্কৰ লগত একাংশ সংবাদ মাধ্যমে মোৰ নাম সাঙুৰি মইও ধন বিনিয়োগ কৰা বুলি বাতৰি প্ৰচাৰ কৰা দৃষ্টিগোচৰ হৈছে, যিয়ে আমাক মানসিকভাৱে হাৰাশাস্তি কৰিছে। চুমি বৰা মোৰ কৰ্মসূত্ৰে চিনাকী। বিগত দুটা বৰ্ষত এগৰাকী কৰিঅ’গ্ৰাফাৰ হিচাপে চুমিয়ে আৱাহন থিয়েটাৰৰ কেৱল দুটি গীতৰ নৃত্য পৰিচালনা কৰিছে। তাৰ বাহিৰে চুমি বৰাৰ লগত মোৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই লগতে বিশাল নামৰ যুৱক জনৰ লগত মই পৰোক্ষ বা প্ৰত্যক্ষভাৱে কেতিয়াও সংস্পৰ্শলৈ অহা নাই। আশ্চৰ্য্যজনকভাৱে সংবাদ মাধ্যমৰ যোগেদিহে ল’ৰাজন চুমিৰ ভাতৃ বুলি জানিব পাৰিছোঁ।

এগৰাকী বাণিজ্য বিভাগৰ শিক্ষাৰ্থী হিচাপে ট্ৰেডিং আৰু সহজলভ্য বিনিয়োগৰ বিষয়ে মই ভালকৈয়ে অৱগত। লগতে এনেধৰণৰ Unauthorized Trading ত Invest কৰাৰ পক্ষপাতী মই কেতিয়াও নহয়। মই কষ্টত বিশ্বাসী ব্যক্তি। অভিনয় ক্ষেত্ৰ খনৰ প্ৰচাৰ আৰু প্ৰসাৰতে ব্ৰতী হৈ থাকি আপোনালোকৰ আশীৰ্বাদত এইবৰ্ষৰ ভ্ৰাম্যমাণ যাত্ৰাৰ বাবে আমাৰ ৩০০ জনীয়া পৰিয়ালটোক ইতিমধ্যে অগ্ৰসৰ কৰিছোঁ। কিন্তু সম্প্ৰতি এনেবোৰ অপপ্ৰচাৰে জনমানসত আমাক হেয় প্ৰতিপন্ন কৰাৰ লগতে মানসিকভাৱেও ব্যতিব্যস্ত কৰি তুলিছে। গতিকে সচেতন সমাজৰ যিসকল ব্যক্তিয়ে মোৰ ওপৰত এই অভিযোগ তুলিছে, তেওঁলোকৰ বাবে এটাই স্পষ্টীকৰণ দিব খোজোঁ যে এই অমান্য বিনিয়োগ ব্যৱস্থাৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু মই কেতিয়াও ইয়াৰ প্ৰচাৰক সমৰ্থন জনোৱা নাই।

কষ্টৰ ফল আৰু ইজি মানিৰ পাৰ্থক্য মই ভালকৈয়ে জানোঁ। গতিকে অনাহকত মোক এই বিতৰ্কৰ আওঁতালৈ আনিব খোজা একাংশ সংবাদ মাধ্যমৰ যিসকলে এই কেলেংকাৰীত জড়িত ব্যক্তিৰ তালিকাখন আৰক্ষীৰ ফালৰ পৰা অহা বুলি দাবী কৰিছে, য’ত মোৰ নামো প্ৰকাশ পাইছে, সেই তালিকাখন ২৪ ঘন্টাৰ ভিতৰত পূৰ্ণ প্ৰমাণ সহকাৰে তথা মান্য নথিপত্ৰৰে আমাৰ আগত দেখুৱাবলৈ আহ্বান জনাইছোঁ, অন্যথা মই আইনৰ ওচৰ চাপিবলৈ বাধ্য হ’ম। অৱশেষত সকলো শুভাকাংক্ষী তথা ৰাইজক এনেধৰণৰ ভুৱা বাতৰিক বিশ্বাস নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ।

লগতে পঢ়কঃ Sumi Borah: আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ

ইয়াৰউপৰিও অভিনেতা যতীন বৰা, কণ্ঠশিল্পী নীলাক্ষি নেওগ, মণ্টুমণি শইকীয়া, দিপলীনা ডেকা নামো চৰ্চালৈ আহিছে।

published by: munmi gogoi

Sumi Borah: আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ…

সন্ধানহীন চুমি আৰু স্বামী
সন্ধানহীন চুমি আৰু স্বামী

আজিও সন্ধান নাই স্বামীসহ ৰীলছ ৰাণী চুমি বৰাৰ। মহানগৰীৰ কেইবাটাও স্থানত আৰক্ষীৰ অভিযান, কিন্তু সন্ধান লাভ কৰা নাই ৰীলছ অভিনেত্ৰী চুমিৰ। গুৱাহাটীৰ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰাৰ সন্দেহ আৰক্ষীৰ৷(sumi borah)

চুমি বৰাই কৌশলেৰে হাই প্ৰফাইল লোকক অনলাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাইছিল

ইতিমধ্যে চুমি বৰা আৰু স্বামী তাৰ্কিক বৰাক থানাত হাজিৰ হ’বলৈ ডিব্ৰুগড় আৰক্ষীয়ে চমন জাৰি কৰিছে৷ (Online Trading Scam)

লগতে পঢ়কঃ Property List : বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য…

ৰাজ্যত এতিয়া এটা চৰ্চিত নাম চুমি বৰা। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে নৃত্যত পাকৈত অভিনেত্ৰী চুমি বৰাই বিয়াগোম আমোলা, আৰক্ষী বিষয়াকে ধৰি আন বহু হাই প্ৰফাইল লোকক অন লাইন ট্ৰেডিঙৰ ফাণ্ডত পেলাবলৈ নানান কৌশল ব্যৱহাৰ কৰিছিল। (reels queen sumi borah)

আনহাতে বিশাল ফুকন আৰু চুমি বৰাৰ সম্পত্তিৰ তথ্য জানিলে আপুনি আচৰিত হ’বঃ(Property List)

১) ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

২)ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

৩)ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

৪)গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

৫)গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

৬)৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

৭) চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

৮)চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

৯)ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

১০)বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

১১)চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

১২)মাকক ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ


published by: munmi gogoi

Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত ‘বুলচ আইজ’ প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা

Fraudulent Bulls Eyes Online Trading Scheme in Assam: One Arrested, Key Suspects Absconding
Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত 'বুলচ আইজ' প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা

নগাঁও, ৬ ছেপ্টেম্বৰ : বেংক অথবা অন্যান্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠানতকৈ অত্যাধিক লাভ দিয়াৰ সপোন দেখুৱাই অনলাইন ট্ৰেডিং আৰু ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰাৰ নামত লক্ষ লক্ষ টকাৰ লুণ্ঠন কৰাৰ অভিযোগৰে অভিযুক্ত ‘বুলচ আইজ’ নামৰ অস্বীকৃতিপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠানটোৰ সৈতে জড়িত থকাৰ অভিযোগত বিশাল তামুলী নামৰ এজন যুৱকক নগাঁও আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ইয়াৰ সৈতে নাম সাঙোৰ খাইছে আন বহুকেইজন যুৱকৰ(Fraudulent Bulls Eyes Online Trading)।

মূলতঃ অসম গণ পৰিষদ(Asom Gana Parishad)ৰ ভাতৃ সংগঠন ছাত্র পৰিষদৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত থকা ধৃত বিশালৰ লগতে আন কেইবাজনো ছাত্ৰ তথা যুৱ নেতা জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি চৰ্চিত হৈছে(Political Leaders Linked to Fraudulent Bulls Eyes)।

চৰ্চিত খবৰ অনুসৰি, নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ সমীপৰ কেবা মহলীয়া এটা বিল্ডিঙত স্থাপন কৰা ‘বুলচ আইজ’ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ লগত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনৰ লগতে অনিৰ্বাণ দেউৰী, লক্ষ্যজিৎ আৰু ধীৰাজ নামৰ যুৱককেইজন জড়িত আছিল। এই কেইজনৰ মালিকানাধীন বিত্তীয় প্ৰতিষ্ঠান ‘বুলচ আইজ’ৰ নামত কাৰ্যালয় পাতি অনলাইন ট্ৰেডিঙত মুনাফা লাভৰ প্ৰলোভনেৰে জিলাখনৰ বিভিন্নজনৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰা বুলি চৰ্চা চলিছে(Online Trading Scam)।

আৰক্ষীয়ে ইতিমধ্যে এই প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা ছাত্র নেতা বিশাল তামুলীক গ্ৰেপ্তাৰ কৰিছে। প্ৰতিষ্ঠানটোৰ লগত জড়িত আন কেইজনৰ সন্ধান বৰ্তমানেও আৰক্ষীয়ে পোৱা নাই যদিও শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ সম্ভাৱনা আছে(Key Suspects Absconding)।

এক বিশেষ সুত্ৰে জানিব পৰা অনুসৰি, ‘বুলচ আইজ’ৰ নামত থকা বেংক একাউণ্টত বহু কোটি টকা জমা আছে(Large Sums in Bank Accounts)। অৱশ্যে আৰক্ষীৰ তদন্তত আৰু এই প্ৰতিষ্ঠানটোৰ লগত জড়িত থকা ব্যক্তিসকল গ্ৰেপ্তাৰ হোৱাৰ পিচতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

ইতিমধ্যে এই অবৈধ ব্যৱসায়টোৰ লগত জড়িত থকা লোকসকলৰ নামত থকা বেংক একাউন্টৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ বাবে আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে(Nagaon Police)।

উল্লেখ্য যে গ্ৰেপ্তাৰৰ ভয়ত এই অবৈধ বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত আটাইকেইজন যুৱকেই ইতিমধ্যে আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। ইপিনে, আত্মগোপন কৰাৰ পূ্বেই প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰী কেইজনে আৰক্ষীৰ চকুত ধুলি মৰাৰ বাবে পানীগাঁও চাৰিআলিৰ সমীপত থকা ‘বুলচ আইজ’ৰ কাৰ্যালয়ত থকা চাইণ্ড বৰ্ড আতৰাই পেলায়।

তাৎপৰ্যপূৰ্ণ যে কোনোধৰণৰ স্বীকৃতি প্ৰাপ্ত নোহোৱা ‘বুলচ আইজ’ নামৰ প্ৰতিষ্ঠানটোত নগাঁৱৰ একাংশ বিষয়া কৰ্মচাৰী, ছাত্র-যুৱ নেতা আৰু সাংবাদিকে সহজলভ্য ধন লাভৰ আশাত ধন বিনিয়োগ কৰিছিল। বিনিয়োগকাৰী সকলৰ বহুজনে চৰকাৰে প্ৰতিষ্ঠানটোৰ বেংক একাউণ্ট জব্দ কৰা তথা প্ৰতিষ্ঠানটোৰ আটাইকেইজন স্বতাধিকাৰী গ্ৰেপ্তাৰ হ’লে বিনিয়োগ কৰা ধন হেৰুৱাৰ আতংকত ভুগিছে। আৰক্ষীয়ে যিকোনো মূহুৰ্তত এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয়টোত তালাচী চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

লগতে পঢ়ক: Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

India Singapore agreements india-singapore-key-agreements-digital-health-education
India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

নতুন দিল্লী, ৬ ছেপ্তেম্বৰ: দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ(Southeast Asian nations) সৈতে সম্পৰ্ক উন্নীত কৰিবলৈ ভাৰতে চেষ্টা অব্যাহত ৰাখিছে । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰত উপস্থিত হয় (Prime Minister Narendra Modi visited Singapore)। প্ৰধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে বৃহস্পতিবাৰে ভাৰত আৰু ছিংগাপুৰপৰ মাজত বিভিন্ন বিষয়ৰ চাৰিখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে(India Singapore agreements) ।

এই অনুষ্ঠানত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ(Foreign Minister Dr. S. Jaishankar) আৰু ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনো উপস্থিত থাকে । ভাৰতে ছিংগাপুৰৰ সৈতে স্বাক্ষৰ কৰা এই বুজাবুজিৰ চুক্তিৰ ভিতৰত আছে ডিজিটেল প্ৰযুক্তিত সহযোগিতাৰ ক্ষেত্ৰত ছিংগাপুৰৰ ডিজিটেল উন্নয়ন আৰু তথ্য মন্ত্ৰালয় আৰু ভাৰতৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত প্ৰথমখন বুজাবুজি চুক্তি(MoU signed between India Singapore) । এই চুক্তিয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজত ডিজিটেল প্ৰযুক্তি যেনে ডিপিআই, চাইবাৰ-নিৰাপত্তা, ৫জি আৰু উদীয়মান প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা কৰিব বুলি দুয়োখন দেশে আশা কৰিছে।

ভাৰত-ছিংগাপুৰৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত এই বুজাবুজি চুক্তিৰ পৰিধিৰ অধীনত ডিজিটেল ডমেইন সম্পৰ্কীয় শ্ৰমিকসকলক উৎসাহিত কৰিব। তদুপৰি ভাৰত আৰু ছিংগাপুৰে অৰ্ধপৰিবাহী ক্লাষ্টাৰ বিকাশ আৰু অৰ্ধপৰিবাহী ডিজাইন আৰু উৎপাদনত প্ৰতিভাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ।

ইয়াৰ উপৰি ভাৰতে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰালয়ে আন এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিয়ে পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত যৌথ প্ৰচেষ্টাত সহায় কৰিব ।

ভাৰত আৰু ছিংগাপুৰে শৈক্ষিক সহযোগিতা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । এই চুক্তিয়ে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰিব আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত সহায় কৰিব(Health and Educational Cooperation Agreements)।

চুক্তি স্বাক্ষৰৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছিংগাপুৰ কেৱল ভাৰতৰ অংশীদাৰী ৰাষ্ট্ৰই নহয়, ই প্ৰতিখন উন্নয়নশীল দেশৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ হৈ পৰিছে ।

লগতে পঢ়ক: India Israel arms export: ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন