Home Blog Page 545

Raymond Lifestyle Listing: শ্বেয়াৰ বজাৰত মুকলি হ’ল ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক…

Raymond Lifestyle shares
ৰেমণ্ড গ্ৰুপৰ নতুন ষ্টক

ৰেমণ্ড গ্ৰুপৰ নতুন শ্বেয়াৰ ৰেমণ্ড লাইফষ্টাইল আজি বৃহস্পতিবাৰে বজাৰত তালিকাভুক্ত হয়। আজি পুৱা বিএছইত ৰেমণ্ড লাইফ ষ্টাইলৰ শ্বেয়াৰ ৩ হাজাৰ টকাত তালিকাভুক্ত হোৱাৰ বিপৰীতে এনএছইত ৩০২০ টকাৰ পৰা আৰম্ভ হয়। শেহতীয়াকৈ গোটটোৰ পুনৰগঠন পৰিকল্পনাৰ অংশ হিচাপে বিভাজনৰ পিছত এই তালিকাভুক্ত কৰা হৈছে।

ৰেমণ্ড গ্ৰুপে নিজৰ কোম্পানীসমূহৰ পুনৰ গঠন আৰম্ভ কৰিছে আৰু ইয়াৰ ব্যৱসায় বিভিন্ন খণ্ডত আছে, যাৰ অধীনত খুচুৰা আৰু লাইফষ্টাইল কোম্পানী ৰেমণ্ড লাইফষ্টাইল ৰেমণ্ড লিমিটেডৰ পৰা বিচ্ছিন্ন কৰা হৈছে। ইয়াৰ পিছত ৰেমণ্ড লাইফষ্টাইল ৯,২৮৬ কোটি টকাৰ ৰেমণ্ড গ্ৰুপৰ এক স্বতন্ত্ৰ কোম্পানীত পৰিণত হৈছে। পুনৰ গঠন পৰিকল্পনাৰ অধীনত শ্বেয়াৰহোল্ডাৰসকলে ৰেমণ্ড লিমিটেডৰ প্ৰতি ৪টা শ্বেয়াৰৰ বিপৰীতে ৰেমণ্ড লাইফষ্টাইলৰ ৫টা শ্বেয়াৰ লাভ কৰিছে।

বজাৰত তালিকাভুক্ত হোৱাৰ পূৰ্বে কোম্পানীটোৱে কেইবাগৰাকীক নিযুক্তি দিছিল। এইচ চি এল টেকন’লজিছৰ প্ৰাক্তন চিইঅ’ বিনীত নাইৰ, আইচিআইচিআইৰ প্ৰাক্তন অধ্যক্ষ জিচি চতুৰ্বেদী, এবটৰ ব’ৰ্ডৰ সদস্য অনিশা মটৱানী আৰু ৰেমণ্ডৰ পৰিচালক দীনেশ লালক স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিছিল।

ব্ৰকিং ফাৰ্ম ভেন্টুৰা ছিকিউৰিটিজৰ মতে, ৰেমণ্ড লাইফষ্টাইলৰ ব্যৱসায় মূলত ৪টা। সেই ৪টা হৈছে- বিবাহ ব্যৱসায়, নন-বিবাহ ব্ৰেণ্ডেড ব্যৱসায়, গাৰ্মেণ্টিং আৰু উচ্চ মূল্যৰ চাৰ্টিং ব্যৱসায়। ব্ৰকিং ফাৰ্মখনৰ মতে কোম্পানীটোৰ চাৰিওটা দিশতে ইবিআইটিডিএ মাৰ্জিন দুগুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক বছৰবোৰত কোম্পানীটোৱে দ্ৰুতগতিত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাও কৰিছে। অহা ৩ বছৰত কোম্পানীটোৱে ৯০০টা আউটলেট খোলাৰ পৰিকল্পনা।

পুনৰগঠনৰ পৰিকল্পনাৰ অধীনত ২০২৫ চনৰ শেষৰ ফালে ৰেমণ্ড গ্ৰুপৰ দুটা নতুন শ্বেয়াৰ বজাৰত তালিকাভুক্ত হ’ব পাৰে। এনে খবৰৰ পিছত ৰেমণ্ডৰ ফ্লেগশ্বিপ শ্বেয়াৰ ৰেমণ্ড লিমিটেডৰ মূল্য ভাল বৃদ্ধি পঞ্জীয়ন কৰিছে। আজি এই শ্বেয়াৰ প্ৰায় ১ শতাংশ বৃদ্ধিৰে ২১০০ টকা। ২ দিনত এই মূল্য ৮ শতাংশ বৃদ্ধি ।

লগতে পঢ়ক : অসমীয়া চিনেমা জগতৰ চুমি বিশালৰ ওচৰত বহুলোকৰ ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ হাতত

Published by: Jebin Sultana

Online Trading Scam:  অসমীয়া চিনেমা জগতৰ চুমি বিশালৰ ওচৰত বহুলোকৰ ধন বিনিয়োগৰ তথ্য লাভ আৰক্ষীৰ হাতত…

Dibrugarh police have recovered new information about Vishal Phukan.
‘পাতি লোৱা’ভায়েক বিশালে বায়েক চুমি বৰাৰ বিয়াত উপহাৰ হিচাপে কৰিছিল খৰচ

বিশাল ফুকন সন্দৰ্ভত ন ন তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী ডিব্ৰুগড় আৰক্ষীয়ে। অসমীয়া চিনেমা জগতৰ বহুলোকেও ধন কৰিছিল বিনিয়োগ বিশালৰ ওচৰত। বায়েকৰ বিয়াৰ উপহাৰ হিচাপে কৰিছিল খৰচ। থাইলেণ্ডৰ ৰাজধানী বেংককত একাউণ্ট খুলিছিল বিশালে। ডিব্ৰুগড়ৰ ৩টা বেংকত কেইমাহমানতে ৬০কোটিৰ লেনদেন।

বিশালৰ এক্সিছত আছে ১টা, HDFC ৪টা, SBIত ১টা একাউণ্ট।পাৰ্ছেলিয়া নামৰ কোম্পানীৰ জৰিয়তে ক’লা ধন বগা কৰাৰ চেষ্টা।পাৰ্চেলিয়াৰ পৰা তৃতীয় এটা কোম্পানীলৈ কৰিছিল ধন হস্তান্তৰ।ধন হস্তান্তৰ কৰি শিৱসাগৰত কিনিছিল দুখন বাগান। চুমিলৈ থানাত হাজিৰৰ চমন জাৰি মহানগৰ আৰক্ষীক প্ৰদান।

বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে চুমিৰ জৰিয়তে পাৰ্চেলিয়াক ব্যৱহাৰ কৰিছিল।চুমিয়ে গুৱাহাটীৰ, তাজ ভিভাণ্টা, ৰেডিচন ব্লু, ন’ভটেলত আয়োজন কৰিছিল পাৰ্টী। পাৰ্টীলৈ আমন্ত্ৰণ জনাইছিল একাংশ গায়ক-গায়িকা, অভিনেত্ৰীক, দিছিল বিলাসী উপহাৰ । চুমি বৰাই দিয়া বিনিয়োগকাৰীৰ বাবদ বিশালে দিছিল ১৫% কমিচন।কেৰালা, ওড়িশা, ছত্তিশগড়ৰ বিনিয়োগকাৰীকো কোটি কোটিৰ প্ৰবঞ্চনা।

Online Trading Scam: চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ…

চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ
চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখ টকীয়া টেডী বিয়েৰ

পাতিলোৱা ভায়েক বিশাল ফুকনে চুমি বৰাৰ জন্মদিন দিছিল ২ লাখ টকীয়া টেডি বিয়েৰ। ৮ আগষ্টত আছিল চুমি বৰাৰ জন্মদিন।(Online Trading Scam) 

চুমিৰ জন্মদিনতে বিশালে দিছিল দুই লাখ টকীয়া টেডি বিয়েৰ। ইয়াৰউপৰিও চুমি বৰাক বহু দামী উপহাৰ দিছিল বিশাল ফুকনে।

চুমিৰ জিম ট্ৰেইনাৰ তন্দ্ৰামণি কুমাৰৰ সমস্ত ধন ব্যয় কৰিছিল বিশালে। প্ৰতিমাহে জিম ট্ৰেইনাৰক আদায় দিয়া হৈছিল ৫০ হাজাৰ টকাকৈ নগদ ধন।

লগতে পঢ়কঃ বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

আনহাতে চৰ্চালৈ আহিছে চুমিৰ এখন বিশেষ অসমীয়া ছবিৰ চুক্তি স্বাক্ষৰৰ কথা। ছবিখনৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খালিফাত। স্বাক্ষৰ কৰা ছবিখনৰ নাম ‘The Black Umbrella’। বুৰ্জ খলিফাত এক ৰাতিত ৭ লাখ টকাৰে ৰূম বুক কৰিছিল প্ৰৱঞ্চক বিশাল-চুমিয়ে।(bishal Phukan and sumi Borah)


আচৰিত কথাটো হ’ল যে আৰক্ষীয়ে আজিও সন্ধান উলিয়াব পৰা নাই চুমি বৰাৰ। বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ ক’লা অধ্যায়ৰ ৰহস্য ফাদিল কৰিব পাৰিবনে অসম আৰক্ষীয়ে?

Published by: munmi gogoi

Effect Of Milk Tea: গাখীৰ চাহে কৰে মানুহক দুৰ্বল! দৈনিক গাখীৰ চাহ খোৱাৰ পৰিনাম কি হ’ব জানি লওক…

গাখীৰ চাহে কৰে মানুহক দুৰ্বল
গাখীৰ চাহে কৰে মানুহক দুৰ্বল

চাহ খোৱা মানুহে চাহ অবিহনে জীয়াই থাকিব নোৱাৰে।(Milk Tea) যদি আপুনি দিনটোত কেইবাবাৰো গাখীৰ চাহ খায়, তেন্তে স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গাখীৰ চাহ খাই গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱাৰ পূৰ্বে গাখীৰ চাহ খালে শৰীৰৰ কি কি সমস্যা সন্মুখীন হ’ব জানি লওক এই সমূহৰ বিষয়ে।

গাখীৰত কেলচিয়াম থাকে। কিন্তু গাখীৰৰ চাহত কেফেইন আৰু টেনিন থাকে, যাৰ ফলত শৰীৰত কেলচিয়াম মাত্ৰা কমাই। সেয়েহে বেছিকৈ গাখীৰ চাহ খালে হাড়বোৰ দুৰ্বল হৈ পৰে।(Side effect of milk tea)

বেছিকৈ গাখীৰ চাহ খালে দাঁতৰ ক্ষতি হয়। কাৰণ গাখীৰৰ চাহত থকা চেনিয়ে দাঁতৰ ক্ষতি কৰে।

অত্যধিক গাখীৰৰ সৈতে চাহ খালে ছালৰ লগত জড়িত সমস্যা হব পাৰে, যেনে মুখৰ ব্ৰণ। ইয়াৰ উপৰিও ছালৰ উজ্বলতাও নোহোৱা কৰিব পাৰে।

গাখীৰৰ লগত চাহ খালে কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে সমস্যা হ’ব পাৰে। পেটত ফুলি উঠিব পাৰে আৰু পেটৰ চৰ্বি বৃদ্ধি হ’ব পাৰে।(Effect Of Milk Tea)

যদি আপুনি বেছিকৈ গাখীৰ দি চাহ খাই তেন্তে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গাখীৰৰ চাহ খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

লগতে পঢ়কঃ Milk Benefits: প্ৰতিদিনে এগিলাচ গাখীৰ খালে শৰীৰৰ হ’ব পৰিৱৰ্তন…

যদি আপুনি দৈনিক গাখীৰৰ সৈতে চাহ খায় তেন্তে আপোনাৰ ওজনতো প্ৰভাৱ পৰিব। বিশেষকৈ যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰি আছে, তেন্তে গাখীৰ চাহৰ পৰা আঁতৰি থাকিব।

চাহত কেফেইন থাকে, সেয়েহে চাহ খালে টোপনিৰ ওপৰতো প্ৰভাৱ পৰে। বিশেষকৈ সন্ধিয়া দেৰিকৈ চাহ খালে টোপনি অহাত অসুবিধা হ’ব পাৰে।

published by: munmi gogoi

Teacher’s Day: আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত…

আজি শিক্ষক দিৱস
আজি শিক্ষক দিৱস

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
তস্মৈশ্ৰী গুৰুৱে নম:

আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত। (Teachers’ Day)

শিক্ষক দিৱসৰ এই মধুৰ ক্ষণত, দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে দেশবাসীয়ে।(Sarvepalli Radhakrishnan)

শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এই শিক্ষক দিৱস। শিক্ষক দিৱসত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃতও কৰা হয়।

এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোতে অৰ্থাৎ ৫ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰে। (happy teachers day)

published by: munmi gogoi

Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

Online Trading Scam Shakes Assamese Film Industry: Top Actors and Producers Involved
Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

গুৱাহাটী, ৫ ছেপ্টেম্বৰঃ দ্য ব্লেক আম্ব্ৰেলা এখন বিশ্ব বিখ্যাত ছবি । ইভান হাৰ্ট পৰিচালিত এই ছবিখনত এটা ক’লা ছাতিৰ যাদুকৰী শক্তিৰ কথা দেখুওৱা হৈছে। জালিয়াতি, প্ৰৱঞ্চনাৰ ঘটনাক্ৰমেৰে আগবাঢ়িছিল ছবিখনৰ কাহিনীভাগ। ‘দ্য ব্লেক আম্ব্ৰেলা’ ছবিখনৰ দৰেই এইবাৰ বাস্তৱত একেধৰণৰ ক’লা ছাতি এটাই অসমত মেলি দিছিল বিশাল ফুকন, অভিনেত্ৰী চুমি বৰাৰ লগতে আন্ধাৰতে থকা আন বহুতে। যিটো ছাতিৰ তলত আনকি আৰামেৰে জিৰাইছিল অসমৰ ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে(Online Trading Scam Shakes Assamese Film Industry)।

অভিযোগ অনুসৰি অসমত সম্পূৰ্ণ নীতি বৰ্হিভূতভাবে ছবিৰ বিধি উলংঘা কৰি হাজাৰ হাজাৰ কোটি টকা সৰকাই নিয়া বিশাল-চুমি বাহিনীৰ শৰণাপন্ন হৈছিল অসমীয়া ছবি জগতৰ বহু নামী অভিনেতা- প্ৰযোজকে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অসমীয়া ছবি জগতৰ বহু চেলিব্ৰেটিয়ে বিশাল-চুমিৰ লগ লাগি নিজৰ ছবিত বিপুল মাত্ৰাত ধন বিনিয়োগ কৰাইছিল(Vishal Phukan and Chumi Bora Shakes Assamese Film Industry) ।

বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে যতীন বৰাৰ দৰে অভিনেতায়ো তেওঁৰ কেইবাখনো ছবিৰ বাবে বিশাল ফুকন আৰু চুমি বৰাৰ দ্বাৰা ধন বিনিয়োগ কৰাইছিল(Fraudulent investments in films)। এনে অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া ছবি উদ্যোগৰ মাজত হাহাকাৰ লাগিছে। অৱশ্যে অভিনেতা যতীন বৰাই এই প্ৰসংগত এতিয়ালৈকে মুখ খোলা নাই। সেয়ে তেওঁৰ স্পষ্টীকৰণেহে বিষয়টো মানুহৰ সন্মুখত খোলোচা কৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

চুমি বৰাৰ ৰাজস্থানৰ ৰিজ’ৰ্টত হোৱা বিয়ালৈ ভাড়া কৰি নিয়া বিমানত অসমীয়া ছবি জগতৰ বহু অভিনেতা-অভিনেত্ৰীয়েই গৈছিল। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি অতি কম দিনৰ ভিতৰতে বিমান ভাড়া কৰি বিয়ালৈ মানুহ নিব পৰা চুমি বৰাৰ আয়ৰ উৎসৰ বিষয়ে অৱশ্যে সেই সময়ত কোনো অভিনেতা-অভিনেত্ৰীয়েই সন্দেহ প্ৰকাশ কৰা নাছিল। ইয়াৰ আঁৰৰ কাৰণ বাখ্যা কৰি সূত্ৰটোৱে কয় যে বিনিয়োগকাৰীৰ ধনেৰে চন্দুক ভৰি পৰা চুমি বৰাক প্রশ্ন কৰাৰ সাহস কোনো অভিনেতা-অভিনেত্ৰীৰেই নাছিল।

সূত্ৰটোৰ মতে তেনে বহু অভিনেতা অভিনেত্ৰীয়েই চুমি বৰা আৰু কোম্পানীয়ে সাধাৰণ মানুহৰ পৰা লুটি নিয়া ধনৰ ভাগ পাইছিল ছবি বা ভ্ৰাম্যমান থিয়েটাৰত চুমিয়ে কৰা বিনিয়োগৰ জড়িয়তে। সেইবাবেই অসমত ইমান ডাঙৰ এটা আৰ্থিক কেলেংকাৰী সংঘটিত হোৱাৰ লগতে সেই কেলেংকাৰীত চুমি বৰাৰ দৰে অভিনেত্ৰী জড়িত হৈ থকাৰ পিছতো অসমৰ ছবি উদ্যোগৰ বহুতে মুখেৰে টু শব্দ এটা কৰিব পৰা নাই, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিব পৰা নাই বুলি এতিয়া মানিহৰ মাজত গুঞ্জন উঠিছে। এই বুলিও চৰ্চা চলিছে যে অসমৰ এখন ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজিকা তথা জনপ্ৰিয় অভিনেত্ৰীয়েও তেওঁৰ থিয়েটাৰত ছুমি বৰাৰ ধন খটুৱাইছে। কেৱল সেয়াই নহয় সেই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বিশাল ফুকনৰ ট্ৰেডিং কোম্পানীত চুমিৰ জড়িয়তে নিজেও ধন বিনিয়োগ কৰা বুলি বিভিন্নজনে এতিয়া বু-বু বা-বা আৰম্ভ কৰিছে।

অভিযোগ অনুসৰি, অভিনয় জগতত থকা চা-চিনাকীৰ সুবাদতে চুমি বৰাই সংগীত তথা অভিনয় জগতৰ বহু লোকক অনলাই ট্ৰেডিঙত বিনিয়োগ কৰিবলৈ সৈমান কৰিছিল(Assamese film industry) । অনলাইন ট্ৰেডিঙৰ নামত মানুহক প্ৰতাৰণা কৰি ধনী হোৱাৰ সপোন দেখা চুমি আৰু বিশালে গুৱাহাটীৰ বহু ধনী লোকসকলক ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰাইছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে এইক্ষেত্ৰত চুমিক সহায় কৰিছিল স্বামী তথা ফটোগ্ৰাফাৰ তাৰ্কিক ফুকনে।

শেহতীয়াকৈ চুমি বৰাৰ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে আদিত্যম কাশ্যপ শইকীয়া নামৰ ডিজাইনাৰ জনৰো নাম। । আদিত্যমে কম দিনৰ ভিতৰতে ধনী হৈ পৰিছিল আৰু চিনেমা প্ৰযোজনা, মিউজিক ভিডিঅ’ আদি প্ৰযোজনা কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু আদিত্যমে ইমানবোৰ টকা ক’ৰ পৰা পালে বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে।

চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰাক পলাই যোৱাৰ পূৰ্বে শেষ আশ্ৰয় দিয়া সংগীত শিল্পী দীক্ষু শৰ্মায়ো বিশাল ফুকনৰ ট্ৰেডিঙত ৩০ লাখ টকা বিনিয়োগ কৰিছিল বুলি এতিয়া বিভিন্ন মহলত আলোচনা হোৱা দেখা গৈছে। অৱশ্য দীক্ষুৱে অনলাইন ট্ৰেডিঙৰ সৈতে তেওঁ কোনোধৰণে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে। নিজৰ ঘৰত চুমি আৰু তাৰ্কিক বৰাক আশ্ৰয় দি আৰক্ষীক খবৰ নিদিয়াৰ কথাটোকলৈ বহুতেই এতিয়া দীক্ষুৰ প্ৰতিও সন্দেহৰ আঙুলি টোৱাইছে। ।প্ৰযোজক আদিত্যম কাশ্যপ শইকীয়া, তাৰ্কিক বৰা আৰু দীক্ষুৰ পত্নী মেকআপ আৰ্টিষ্ট বিজিয়েতাই একেলগে কাম কৰি আহিছে। সেয়ে পেছাগতভাবে তাৰ্কিক আৰু চুমিক দীক্ষু আৰু তেওঁৰ পত্নীয়ে চিনি পায় বুলি শৰ্মা দম্পতীয়ে সংবাদমাধ্যমক জনাইছে।

ইপিনে চুমি বৰাক স্বামীৰ সৈতে আশ্ৰয় দি পলোৱাত সহায় কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে বুধবাৰে গুৱাহাটী আৰক্ষীৰ এটা দলে কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ বাসগৃহত উপস্থিত হয়। ইয়াৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত দীক্ষু শৰ্মাই কয়, ‘আৰক্ষীয়ে আহি মোক ঘটনাটো সন্দৰ্ভত জেৰা কৰিছে। মই পূৰ্বে সংবাদ মাধ্যমৰ আগত যি সবিশেষ উল্লেখ কৰিছিলো, সেইখিনিকে তেওঁলোককো জনাইছো । প্ৰয়োজন সাপেক্ষে আৰক্ষীৰ তদন্তত সহযোগিতা আগবঢ়াবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ।’’

চুমি বৰাক পলায়ন কৰাত সহায় কৰাত গায়িকা গীতালী দেৱীও জড়িত বুলি উৰাবাতৰি প্ৰচাৰ হোৱাৰ লগে লগে ঘটনাটোৱে আন এক পাক লৈছে। খবৰ অনুসৰি গীতালী দেৱীক দীক্ষু শৰ্মাৰ সৈতে একেটা অট্টালিকাতে বাস কৰা সংগীত শিল্পী বাবনৰ বাসগৃহত দেখা গৈছিল । এনে উৰাবাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীক্ষু শৰ্মাই এই দাবী খণ্ডন কৰি কয় যে, ‘কালি গায়িকা গীতালি দেৱীয়ে সংগীতজ্ঞ বাবনৰ ঘৰলৈ গৈছিল। বাবন আৰু মই একেটা এপাৰ্টমেণ্টতে থাকোঁ। গীতালিয়ে চুমি বৰাক পলায়ন কৰাত সহায় কৰিছিল বুলি উত্থাপন কৰা অভিযোগ মিছা। গীতালীয়ে গাড়ীও চলাব নোৱাৰে। এনে ভুৱা তথ্য ক্ষতিকাৰক আৰু আঘাতজনক।’

ইফালে উৰাবাতৰিৰ প্ৰতি সঁহাৰি জনাই গীতালী দেৱীয়ে নিজৰ ফেচবুক পেজত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে : ‘মই কাৰোবাক পলায়ন কৰাত সহায় কৰা বুলি ভুৱা বাতৰি প্ৰকাশ পাইছে, যিটো সঁচা নহয়। মই গাড়ী নচলাও ৷ বন্ধু এজনক লগ কৰিবলৈ বিল্ডিংটোলৈ গৈছিলো, মোৰ লগত মোৰ স্বামীও আছিল। চুমি বৰা বা তেওঁৰ স্বামীৰ লগত মোৰ কোনো সম্পৰ্ক নাই, আৰু তেওঁলোকৰ নিৰুদ্দেশৰ বিষয়েও মই অজ্ঞাত।’

কিন্তু এইখিনিতে বহুতৰে মনত প্রস্ন জাগিছে- চুমি বৰা পলাতক হৈ থকাৰ কথা সমগ্ৰ অসমে জানে, দীক্ষুৰ পত্নী অথবা গায়িকা গীতালী দেৱীয়ে নজনাটোহে আচৰিত কথা নহয় জানো ? নে তেওঁলোক এইকেইদিন কোনো মঙল গ্ৰহত আছি বুলিও বহুতে প্ৰশ্ন কৰি দৈখা গৈছে। যি কি নহওক চুমি-বিশালৰ পাপৰ ধনৰ ভাগ যে ছবি জগতৰ বহুতৰে হাতলৈ গৈছিল সেয়া নিশ্চিত বুলিও বহুতে মন্তব্য কৰিছে। আৰক্ষীয়ে সঠিক দিশেৰে তদন্ত আগুৱাই নিলেই সকলো কথা দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিব বুলিও বহুতে মন্তব্য কৰিছে ।

লগতে পঢ়ক: Online Trading Scam: বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই বতাহত মিলি গ’ল স্বল্পখ্যাত অভিনেত্ৰী চুমী বৰা

Molestation charges on civic volunteer: আকৌ পশ্চিমবংগ! এইবাৰ নেতাৰ পত্নী-কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ

Molestation charges on civic volunteer: আকৌ পশ্চিমবংগ! এইবাৰ নেতাৰ পত্নী-কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ
Molestation charges on civic volunteer: আকৌ পশ্চিমবংগ! এইবাৰ নেতাৰ পত্নী-কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ (representational image)

কলকাতা, ৫ ছেপ্টেম্বৰঃ কলকাতাৰ আৰ জি কৰ ধৰ্ষণকাণ্ড(RG Kar rape case)ত এজন স্বেচ্ছাসেৱক জড়িত থকাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে বংগত। এইবাৰো ঘটনাৰ খলনায়ক আন এজন নাগৰিক স্বেচ্ছাসেৱক। নাগৰিক স্বেচ্ছাসেৱকৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈছে উত্তৰ দিনাজপুৰৰ এগৰাকী প্ৰভাৱশালী নেতাৰ পত্নী আৰু নাবালিকা কন্যা(Molestation charges on civic volunteer)।

আৰক্ষী সূত্ৰ অনুসৰি, শ্বেখ নাজবুল হকে ২০১৪ চনত ইছলামপুৰ থানাত নাগৰিক স্বেচ্ছাসেৱক হিচাপে যোগদান কৰিছিল। দহ দিন পূৰ্বে স্থানীয় অঞ্চলটোৰ এগৰাকী প্ৰভাৱশালী নেতাৰ পত্নী আৰু নাবালিকা কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে(Sexually assaulted by civic volunteer)।

মহিলাগৰাকীৰ সামাজিক মৰ্যাদা ধ্বংস কৰাৰ ভাবুকি দি কেইবালাখ টকা দাবী কৰা বুলিও লোকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কিন্তু ঘটনাৰ পিছৰে পৰা অভিযুক্তজনক সেই স্থানত দেখা পোৱা নগ’ল । অৱশেষত দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰি্বলৈ সক্ষম হৈছে আৰক্ষীয়ে । অৱশ্যে ইমান সময় পাৰ হোৱাৰ পাছতহে হঠাৎ কিয় থানাত অভিযোগ দাখিল কৰা হ’ল, সেই বিষয়সমূহৰ পুংখানুপুংখ তদন্ত কৰা হ’ব বুলি তদন্তকাৰী আৰক্ষী বিষয়াই জনাইছে।

ইছলামপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডেণ্ডুপ শ্বেৰপাই কয় , ‘সোমবাৰে নিশা ইছলামপুৰ আৰক্ষী থানাত এজন নাগৰিক স্বেচ্ছাসেৱকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে এগৰাকী মহিলাই। তেওঁৰ নাবালিকা কন্যাকো যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। লোকজনক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ হৈছে।” আদালতত হাজিৰ কৰাৰ পিছত ন্যায়াধীশে অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে ।

ইছলামপুৰ আদালতৰ চৰকাৰী অধিবক্তা মক্তাৰ আহমেদে কয় , আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু ভয় দেখুৱাই প্ৰায় তিনি লাখ টকা ধন দাবী কৰা গোচৰ ৰুজু কৰি ইছলামপুৰ মহকুমাৰ বিশেষ আদালতলৈ আনিছিল। আদালতে অভিযুক্তক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।”

লগতে পঢ়ক: Anti-Rape Bill: পশ্চিমবংগ বিধানসভাত গৃহীত ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’

Teachers day 2024: আজি শিক্ষক দিৱস: জানো আহক শিক্ষক দিৱসৰ তাৎপৰ্য

Teachers day2024: আজি শিক্ষক দিৱস: জানো আহক শিক্ষক দিৱসৰ তাৎপৰ্য
Teachers day2024: আজি শিক্ষক দিৱস: জানো আহক শিক্ষক দিৱসৰ তাৎপৰ্য

৫ ছেপ্টেম্বৰ,গুৱাহাটী : আজি শিক্ষক দিৱস (Teachers day 2024) । আজিৰ দিনটোতে সমগ্ৰ দেশজুৰি মহান দাৰ্শনিক, পণ্ডিত তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাবে পালন কৰা হয় (Second president of India) ।

এগৰাকী পণ্ডিত, ভাৰতৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুবৰ্গই ৫ ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটো উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল (Birth anniversary of Radhakrishnan) । এই অনুমতিৰ অনুৰোধ শুনি তেখেতে কৈছিল, “মোৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে যদি ৫ ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়, তেন্তে ই মোৰ বাবে এক সৌভাগ্য হ’ব ।”

ইয়াৰ পিছতে ১৯৬২ চনৰ পৰা তেখেতৰ জন্মদিন উপলক্ষ্যে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস হিচাপে আমাৰ দেশত উদযাপন কৰা হয় (5th september Sarvepalli Radhakrishnan birth day) । তেখেতৰ এই কথাই ইয়াকে প্ৰতীয়মান কৰে এইগৰাকী মহান দাৰ্শনিক তথা শিক্ষাবিদৰ শিক্ষক সমাজৰ প্ৰতি কিমান শ্ৰদ্ধা আৰু ভক্তি ।

১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল । এইগৰাকী ভাৰতীয় দাৰ্শনিক আৰু ৰাজনীতিবিদে (Indian philosopher) ১৯৬২ ৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । ইয়াৰ পূৰ্বে ১৯৫২ ৰ পৰা ১৯৬২ চনলৈকে তেখেতে ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল (First vice president of India) । ইয়াৰ উপৰি তেখেতে ১৯৪৯ ৰ পৰা ১৯৫২ চনলৈকে ছোভিয়েট ইউনিয়নত ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰদূতৰ দ্বায়িত্ব পালন কৰাৰ লগতে ১৯৩৯ ৰ পৰা ১৯৪৮ চনলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ (Banaras Hindu University) চতুৰ্থগৰাকী উপাচাৰ্যৰ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল ।

বিংশ শতিকাৰ ধৰ্ম আৰু দৰ্শনৰ অন্যতম এগৰাকী বিশিষ্ট পণ্ডিত ৰাধাকৃষ্ণনে ১৯২১ ৰ পৰা ১৯৩২ চনলৈ কলিকতা বিশ্ববিদ্যালয়ত ৰজা পঞ্চম জৰ্জৰ মানসিক আৰু নৈতিক বিজ্ঞানৰ আসনখন শুৱনি কৰিছিল । তাৰোপৰি ১৯৩৬ ৰ পৰা ১৯৫২ চনলৈ ইংলেণ্ডৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত পূৰ্ব ধৰ্ম আৰু নৈতিকতাৰ স্পালডিং আসনত অধিষ্ঠিত আছিল এইগৰাকী মনীষী ।

তেখেতে হিন্দু ধৰ্মক ‘অজ্ঞাত পাশ্চাত্য সমালোচনা’ বুলি কোৱাৰ বিৰুদ্ধে এক প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছিল । লগতে সমসাময়িক হিন্দু পৰিচয় গঠনত তেখেতৰ অৰিহণা আছিল গুৰুত্বপূৰ্ণ । তেখেতে ভাৰত আৰু পশ্চিমীয়া বিশ্বৰ মাজত হিন্দু ধৰ্মৰ ওপৰত সুন্দৰ এক বুজাবুজি গঢ়ি তোলাৰ লগতে ভাৰত আৰু পশ্চিমীয়া বিশ্বৰ মাজত এক সেতু নিৰ্মাতা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

ৰাধাকৃষ্ণনে তেখেতৰ জীৱনকালত বহুকেইটা উচ্চ পৰ্যায়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ ভিতৰত মুখ্য হৈছে ১৯৩১ চনত নাইটহুড , ১৯৫৪ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন (Bharat Ratna Radhakrishnan) আৰু ১৯৬৩ চনত ব্ৰিটিছ ৰয়েল অৰ্ডাৰ অৱ মেৰিটৰ সন্মানীয় সদস্যপদ । তেখেতে ভাৰতৰ দৰিদ্ৰ বয়োজ্যেষ্ঠসকলৰ বাবে গঠন কৰা অনুষ্ঠান হেল্পেজ ইণ্ডিয়াৰ অন্যতম এগৰাকী প্ৰতিষ্ঠাপক আছিল ।

পূৰ্বৰ মাদ্ৰাজ প্ৰেছিডেন্সিৰ অন্তৰ্গত থিৰুট্টানিত তেলেগুভাষী এটা নিযোগী ব্ৰাহ্মণ পৰিয়ালত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল । সৰ্বপল্লী বীৰাস্বামীৰ ঔৰস আৰু সীতাৰ (সীতাম্মা) গৰ্ভত জন্ম হৈছিল এইগৰাকী মহান দাৰ্শনিক । তেখেতে প্ৰাথমিক শিক্ষা সাং কৰিছিল থিৰুট্টানিৰ কে ভি হাইস্কুলত । ইয়াৰ পিছতে ১৮৯৬ চনত তেখেতে তিৰুপতিৰ হাৰমেঞ্চবাৰ্গ ইভাঞ্জেলিকেল লুথেৰান মিছন স্কুল আৰু ৱালাজাপেটৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰে ।

তেখেতে উচ্চ শিক্ষাৰ বাবে পৰৱৰ্তী সময়ত ভেলোৰৰ ভুৰহিছ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল । এফ এ (কলাৰ প্ৰথম বৰ্ষ) শ্ৰেণীৰ পিছত তেখেতে 16 বছৰ বয়সত মাদ্ৰাজ খ্ৰীষ্টান মহাবিদ্যালয়ত নামভৰ্তি কৰে । তেখেতে ১৯০৭ চনত এই মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে একেখন মহাবিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰীও সমাপ্ত কৰে ।

সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতৰ স্নাতক ডিগ্ৰীৰ থেচিছখন “The Ethics of the Vedanta and its Metaphysical Presuppositions” বিষয়ত লিখিছিল । উল্লেখ্য যে,, ৰাধাকৃষ্ণণৰ থেচিছখন তেখেতৰ মাত্ৰ ২০ বছৰ বয়সতে প্ৰকাশ পাইছিল।

ৰাধাকৃষ্ণনে এক সফল শৈক্ষিক কেৰিয়াৰৰ পাছত জীৱনৰ শেষৰ ফালে তেখেতৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল । তেখেত ১৯২৮ চনত অন্ধ্ৰ মহাসভাত অংশগ্ৰহণ কৰা মহান ব্যক্তিসকলৰ মাজৰ এগৰাকী আছিল ।

১৯৪৭ চনত আমাৰ দেশে স্বাধীনতা লাভৰ পিছত ৰাধাকৃষ্ণনে ১৯৪৬ৰ পৰা ১৯৫২ চনলৈকে ইউনেস্কোত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল (UNESCO) আৰু পিছত ১৯৪৯ ৰ পৰা ১৯৫২ চনলৈ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাম কৰিছিল । ভাৰতৰ সংবিধান সভালৈও নিৰ্বাচিত হৈছিল ৰাধাকৃষ্ণন । এইগৰাকী মহান মনীষীয়ে ১৯৭৫ চনৰ ১৭ এপ্ৰিলত শেষ নিশ্বাস ত্যাগ কৰিছিল ।

Cows seized in Jalukbari; driver arrested জালুকবাৰীত ট্ৰাকসহ ২৩ টা গৰু জব্দ ; চালকক গ্ৰেপ্তাৰ

Truck with 23 cows seized
জালুকবাৰীত ট্ৰাকসহ ২৩ টা গৰু জব্দTruck with 23 cows seized

Cows seized

অসম আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি দাবী কৰি আহিলেও ৰাজ্যৰ আন অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ মাজেৰে মেঘালয় হৈ বাংলাদেশলৈ নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰে ট্ৰাকত গৰু সৰবৰাহ হৈ আছে।

Cows seized

নিশা জালুকবাৰী আৰক্ষী চকীৰ এটা আৰক্ষীৰ দলে শৰাইঘাট দলঙৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা এক অভিযানত । অভিযানত দৰং জিলাৰ খাৰূপেটিয়াৰ পৰা এ এছ ০৬ বি চি ১৫৩৮ নম্বৰৰ ট্ৰাকৰে যোৰাবাট অভিমুখে গৈ থকা অৱস্থাত ২৩ টাকৈ গৰু উদ্ধাৰ কৰা ঘটনাই।

Cows seized

অৱশ্যে ট্ৰাকখনত মুঠ তিনিজন লোক আছিল যদিও আৰক্ষীৰ দল দেখি ট্ৰাকত থকা দুজন সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে আব্দুল আলী নামৰ ট্ৰাক চালক জনক গ্ৰেপ্তাৰ কৰে

Cows seized

গ্ৰেপ্তাৰ কৰা আব্দুল আলীক জালুকবাৰী আৰক্ষীয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে

লগতে পঢ়কঃOnline Trading Scam: গুৱাহাটীত কণ্ঠশিল্পী দীক্ষুৰ ঘৰত লুকাই আছিল চুমি আৰু তাৰ্কিক…

welcome ceremony in Baksa district.”বৰ্তমান সময়ত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতন কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰে ব্যৱস্থা ল’ব লাগে! এইক্ষেত্ৰত পুলিছ প্ৰশাসনৰো যথেষ্ট কৰণীয় আছে!” মাইনী মহন্ত!বাক্সা জিলাৰ বৰমাৰ এম্পায়াৰ একাডেমীত নৱাগত আদৰণি সভাৰ অনুষ্ঠান ।

welcome ceremonyনৱাগত আদৰণি সভা
welcome ceremony was held at the Empire Academy in Baksa district.বাক্সা জিলাৰ বৰমাৰ এম্পায়াৰ একাডেমীত নৱাগত আদৰণি সভাৰ অনুষ্ঠান ।

welcome ceremony

বাক্সা জিলাৰ বৰমাৰ এম্পায়াৰ একাডেমীত নৱাগত আদৰণি সভাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি ৰজনী বৰজৌৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ আগবঢ়ায় বিদ্যালয়খনৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰীয়ে ।

welcome ceremony

নৱাগত আদৰণি সভাত উপস্থিত বিশিষ্ট লেখিকা তথা নন্দিনীৰ সম্পাদক মাইনী মহন্ত, সাহিত্যিক সাংবাদিক স্বপ্না বেজবৰুৱা, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি । ২০১৯ বৰ্ষতেই বৰমাৰ মাজমজিয়াত ব্যক্তিগত খণ্ডৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান এম্পায়াৰ একাডেমী স্থাপন কৰা হৈছিল । তেতিয়াৰে পৰা ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল শিক্ষানুষ্ঠানখনে ।

welcome ceremony

শিক্ষানুষ্ঠানখনৰ ভালেসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাতো সফলতা বুটলিবলৈ সক্ষম হৈছিল । আজি ষষ্ঠ সংখ্যক নৱাগত আদৰণি সভাত উপস্থিত থাকি নন্দিনীৰ সম্পাদক তথা বিশিষ্ট লেখিকা মাইনী মহন্তই ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ ৰাখে ।সভাত উপস্থিত থাকি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক স্বপ্না বেজবৰুৱাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশত ভাষণ ৰাখি কয় যে পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে । আত্মবিশ্বাসেৰে আগবাঢ়িলেহে সফলতা লাভ কৰিব পাৰি ।

welcome ceremony

সভাত উপস্থিত থাকি বড়ো সাহিত্যি সভাৰ সাধাৰণ সম্পাধক নীলকান্ত গয়াৰীয়ে ভাষণত কয় যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে শিক্ষিত হোৱাৰ লগতে নিজৰ পৰিয়ালৰ প্ৰতিও দায়ৱদ্ধ হ’ব লাগে । সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট লেখিকা মাইনী মহন্তই নাৰী সুৰক্ষাৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

welcome ceremony

তেওঁ কয় যে বৰ্তমান সময়ত নাৰীৰ ওপৰত চলি থকা নিৰ্যাতন কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰে ব্যৱস্থা লব লাগে এইক্ষেত্ৰত পুলিছ প্ৰশাসনৰো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে মাইনী মহন্তই ।

নলবাৰীৰ পৰা ৰায় চৌধুৰীৰ প্ৰতিবেদন।

ভাৰতৰ পৰা ইজৰাইললৈ অস্ত্ৰ-শস্ত্ৰ, সামৰিক সজুলিৰ ৰপ্তানি বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ত আবেদনI