কলকাতা, ৪ ছেপ্টেম্বৰঃ অৱশেষত পশ্চিমবংগ বিধানসভা(West Bengal Assembly)ত গৃহীত হ’ল ধৰ্ষণ বিৰোধী বিধেয়ক ‘অপৰাজিতা’ (Anti-Rape Bill) । বংগৰ আইন মন্ত্ৰী মলয় ঘটকে উত্থাপন কৰে ‘অপৰাজিতা মহিলা আৰু শিশু বিল’ (পশ্চিম বংগৰ অপৰাধ আইন সংশোধনী বিধেয়ক, ২০২৪)।
সোমবাৰে প্ৰতিগৰাকী বিধায়কক এই খচৰা বিধেয়ক প্ৰদান কৰা হৈছিল। একেদৰে বিধেয়কখন দাখিল কৰাৰ পূৰ্বে বিৰোধী নেতা সুভেন্দু অধিকাৰীয়ে কেইবাটাও সংশোধনীৰ সৈতে প্ৰস্তাৱ দাখিল কৰে । তাৰ আধাৰত অধ্যক্ষ বিমান বেনাৰ্জীয়ে কয় যে তেওঁ দাখিল কৰা সংশোধনীৰ বিষয়ে আলোচনা কৰা হ’ব। ডবগ্ৰাম-ফুলবাৰীৰ বিজেপি বিধায়িকা শিখা চট্টোপাধ্যায়ে আলোচনাৰ আৰম্ভণিতে এই বিষয়ে কয়।
এই বিধেয়কৰ এটা গুৰুত্বপূৰ্ণ নতুন সংযোজনত ধৰ্ষণকাৰীক ধৰ্ষণৰ ফলত কোনো নাৰী ক’মাত পৰিলে ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছে(Anti-Rape Bill with Death Penalty)। এই বিধানে মুম্বাইৰ অৰুণা শ্বানবাগৰ গোচৰৰ কথা মনত পেলাই দিয়ে । নিজৰ চিকিৎসালয়ত ধৰ্ষিতা হোৱা নাৰ্ছগৰাকীয়ে প্ৰায় ৪০ বছৰ ধৰি ক’মাত আছিল। কিন্তু ধৰ্ষণকাৰীক মৃত্যুদণ্ড বিহা নহ’ল।
আজি নাজিৰাৰ ১নং ৱাৰ্ডৰ নিবাসী ৰেৱকান্ত দাস উৰফে ভকত দাস নামৰ এজন ব্যক্তিৰ দিখৌনৈত সাঁতুৰি থকা অৱস্থাত হঠাতে নৈৰ বুকুত ডুব যায়। মৃত ব্যক্তি জনৰ বয়স প্ৰায় ৪৫ বছৰ বুলি জানিব পৰা গৈছে। মৃত ব্যক্তি জনৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ ওপৰ নাজিৰাৰ ১ নং ৱাৰ্ডত।
ঘটনাৰ খবৰ পাই উক্ত স্থানত নাজিৰা আৰক্ষীৰ লগতে SDRF বাহিনী ইতিমধ্যে উপস্থিত হৈছে। বৰ্তমান সময়লৈকে ব্যক্তি জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও উদ্ধাৰ কাৰ্য অব্যাহত আছে।
২৩ সংখ্যক আইন আয়োগ গঠনক লৈ কেন্দ্ৰৰ অধিসূচনা; সদস্যৰ তালিকাত উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
নতুন দিল্লী, ৩ ছেপ্তেম্বৰ: সোমবাৰে এটা গেজেট বিজ্ঞপ্তিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ ২৩ সংখ্যক আইন আয়োগৰ সংবিধানক তিনি বছৰৰ সময়সীয়াৰ বাবে অধিসূচনা জাৰি কৰে(Government Constitutes 23rd Law Commission), য’ত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰি থকা ন্যায়াধীশসকলক(Supreme Court and High Court judges) অধ্যক্ষ আৰু সদস্য হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে । ৩১ আগষ্টত ২২ সংখ্যক আইন আয়োগৰ(22nd law panel) কাৰ্যকাল অন্ত পৰাৰ পাছতে ২ ছেপ্তেম্বৰ, সোমবাৰৰ সন্ধিয়া এক গেজেট বিজ্ঞপ্তিৰ(gazette notification) জৰিয়তে জাৰি কৰা আইন মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি পেনেলত এজন পূৰ্ণকালীন অধ্যক্ষ আৰু সদস্য-সচিবকে ধৰি চাৰিজন পূৰ্ণকালীন সদস্য থাকিব। এই আয়োগত আইনী পৰিক্ৰমা বিভাগৰ সচিব(Department of Legal Affairs) আৰু বিধান বিভাগৰ সচিব(secretary of the Legislative Department) পদমৰ্যাদাৰ সদস্য হিচাপে থাকিব। অধিসূচনা অনুসৰি ইয়াত পাঁচজনতকৈ অধিক অংশকালীন সদস্য থাকিব নোৱাৰিব ।
অধিসূচনাখনত উল্লেখ কৰা হৈছে যে “উচ্চতম ন্যায়ালয়/উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত বিচাৰপতিসকলে আয়োগৰ অধ্যক্ষ/সদস্য হিচাপে নিয়োজিত হৈ আয়োগৰ কাৰ্যকাল শেষ নোহোৱালৈকে সম্পূৰ্ণ-সময়ৰ ভিত্তিত নিজৰ দায়িত্ব পালন কৰিব লাগিব।”
ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত
বৰমেৰ (ৰাজস্থান), ৩ ছেপ্টেম্বৰ: ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২৯ যুঁজাৰু বিমান ৰুটিন নাইট প্ৰশিক্ষণ মিছনৰ সময়ত এক “জটিল কাৰিকৰী ক্ৰুটি”ৰ সন্মুখীন হোৱাৰ ফলত ৰাজস্থানৰ বৰমেৰ জিলাত দুৰ্ঘটনাগ্ৰস্ত হয়(IAF Fighter Plane Crashes) । অৱশ্যে দুৰ্ঘটনাত পতিত হোৱা যুঁজাৰু বিমানখনত থকা পাইলটগৰাকীয়ে নিৰাপদে ওলাই আহিবলৈ সক্ষম হোৱা বুলি বায়ুসেনা কৰ্তৃপক্ষই জানিবলৈ দিছে(Indian Air Force) ।
বৰমেৰৰ জিলা আয়ুক্ত নিশান্ত জৈনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, সোমবাৰে নিশা যুদ্ধ বিমানখন আৱাসিক অঞ্চলৰ পৰা কিছু আঁতৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে যদিও দুৰ্ঘটনাটোত কোনো লোকৰ প্ৰাণহানি অথবা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই(Barmer district of Rajasthan)।
ইফালে এই দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি বায়ুসেনা কৰ্তৃপক্ষই X হেণ্ডেলত এটা পোষ্টৰ জড়িয়তে জনাইছে(Indian Air Force Tweet) ।
During a routine night training mission in Barmer sector, an IAF MiG-29 encountered a critical technical snag, forcing the pilot to eject. The pilot is safe and no loss of life or property was reported. A Court of Inquiry has been ordered.