Home Blog Page 548

IAF Fighter Plane Crashes: ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

IAF Fighter Plane Crashes: ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত
ৰাজস্থানৰ বৰমেৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

বৰমেৰ (ৰাজস্থান), ৩ ছেপ্টেম্বৰ: ভাৰতীয় বায়ুসেনাৰ এখন মিগ-২৯ যুঁজাৰু বিমান ৰুটিন নাইট প্ৰশিক্ষণ মিছনৰ সময়ত এক “জটিল কাৰিকৰী ক্ৰুটি”ৰ সন্মুখীন হোৱাৰ ফলত ৰাজস্থানৰ বৰমেৰ জিলাত দুৰ্ঘটনাগ্ৰস্ত হয়(IAF Fighter Plane Crashes) । অৱশ্যে দুৰ্ঘটনাত পতিত হোৱা যুঁজাৰু বিমানখনত থকা পাইলটগৰাকীয়ে নিৰাপদে ওলাই আহিবলৈ সক্ষম হোৱা বুলি বায়ুসেনা কৰ্তৃপক্ষই জানিবলৈ দিছে(Indian Air Force) ।

বৰমেৰৰ জিলা আয়ুক্ত নিশান্ত জৈনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, সোমবাৰে নিশা যুদ্ধ বিমানখন আৱাসিক অঞ্চলৰ পৰা কিছু আঁতৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে যদিও দুৰ্ঘটনাটোত কোনো লোকৰ প্ৰাণহানি অথবা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই(Barmer district of Rajasthan)।

দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমানখনত থকা পাইলটগৰাকীক উদ্ধাৰৰ মুহূৰ্তৰ আলোকচিত্ৰ

ইফালে এই দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি বায়ুসেনা কৰ্তৃপক্ষই X হেণ্ডেলত এটা পোষ্টৰ জড়িয়তে জনাইছে(Indian Air Force Tweet) ।

“বৰমেৰ ছেক্টৰত এক ৰুটিন নাইট ট্ৰেইনিং মিছনৰ সময়ত আই এ এফৰ মিগ-২৯ যুঁজাৰু বিমান এখন এক জটিল প্ৰযুক্তিগত ত্ৰুটিৰ সন্মুখীন হৈ দুৰ্ঘটনাত পতিত হয় । অৱশ্যে বিমানখনৰ পাইলগৰাকীয়ে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় । পাইলটগৰাকী বৰ্তমান নিৰাপদে থকাৰ লগতে কোনো ধৰণৰ জীৱন বা সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই। ইতিমধ্যে এই দুৰ্ঘটনাটোক লৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে, ” আই এ এফে এক্সৰ এটা পোষ্টত এইদৰে উল্লেখ কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১২ মাৰ্চত ভাৰতীয় বায়ুসেনাৰ আন এখন লাইট কম্বেট এয়াৰক্ৰাফ্ট (Light Combat Aircraft) তেজছ ৰাজস্থানৰ জয়ছালমেৰৰ সমীপত এক অপাৰেচনেল ট্ৰেইনিঙৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । এই প্ৰসংগত ভাৰতীয় বায়ুসেনাৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছিল যে, যুঁজাৰু বিমানখনৰ পাইলটগৰাকীয়ে নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল । লগতে দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ণয়ৰ বাবে এক তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক: J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

J-K Police recovers 3 pistols from package suspected to be dropped by drone in Samba
J-K Police recovers 3 pistols: জম্মু আৰু কাশ্মীৰৰ ছাম্বাত সন্দেহযুক্ত পেকেটত উদ্ধাৰ ৩টা পিষ্টল

জম্মু-কাশ্মীৰ, ২ ছেপ্তেম্বৰ: জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ ৰামগড় খণ্ডত(Ramgarh Sector in Jammu and Kashmir) ড্ৰ’নেৰে নিক্ষেপ কৰা তিনিটা সন্দেহযুক্ত পিষ্টল উদ্ধাৰ হোৱা বুলি সোমবাৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে(Jammu and Kashmir police) প্ৰকাশ কৰে । জম্মু-কাশ্মীৰ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, সীমান্ত সুৰক্ষা বাহিনী (Border security force), আৰক্ষী কম্পোনেণ্ট জম্মু আৰু চাম্বা আৰক্ষীৰ যৌথ অভিযানৰ সময়ত এই পিষ্টলকেইটা উদ্ধাৰ কৰা হৈছে(J-K Police recovers 3 pistols)।

মল্লু চক অঞ্চলত সন্দেহযুক্ত ড্ৰ’নৰ চলাচল(suspected drone movement) সন্দৰ্ভত পোৱা এক গোপন সূত্ৰৰ পম খেদি সমগ্ৰ অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰা হৈছিল বুলি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে । বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, পাকিস্তানৰ দিশৰ পৰা অহা ড্ৰ’নৰ শব্দ শুনি নিৰাপত্তাৰক্ষীয়ে শব্দটো অহাৰ দিশে গুলীচালনা কৰি ড্ৰ’নখনক পুনৰ পাকিস্তানৰ দিশলৈ ঘূৰাই পঠিয়াবলৈ সক্ষম হয় ।

এই সংক্ৰান্তত ৰামগড় আৰক্ষী থানাত 113(3)/149 BNS আৰু 7/25 অস্ত্ৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰি অধিক তথ্য আহৰণৰ বাবে তদন্ত চলি থকা বুলিও আৰক্ষীৰ ফালৰ পৰা উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, ১ ছেপ্টেম্বৰত সীমান্ত সুৰক্ষা বাহিনীয়ে তৰ্ণ টাৰ্ণ জিলাত সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰীৰ পেকেটৰ সৈতে এখন সৰু ড্ৰ’ন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী নিৰাপত্তা বিষয়াই জনোৱা মতে, নিচাজাতীয় সামগ্ৰীখিনি হালধীয়া আঠাযুক্ত টেপেৰে মেৰিয়াই থোৱাৰ লগতে পেকেটটোত এটা প্লাষ্টিক ৰিং আৰু এডাল এলুমিনেটিক ষ্টিক লগাই ৰখা অৱস্থাত উদ্ধাৰ হৈছিল । উদ্ধাৰ হোৱা ড্ৰ’নখন চীনত নিৰ্মিত DJI MAVIC 3 Classic বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: Sandip Ghosh Arrested by CBI: আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

Sandip Ghosh Arrested by CBI: আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

Sandip Ghosh Arrested by CBI: আৰ জি ক'ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ
Sandip Ghosh Arrested by CBI: আৰ জি ক'ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক চি বি আইৰ গ্ৰেপ্তাৰ

কলকাতা, ২ ছেপ্তেম্বৰ: সোমবাৰে সন্ধিয়া আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক আৰ্থিক অনিয়মৰ(financial irregularities) গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে (Sandip Ghosh Arrested by CBI)।

আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এগৰাকী মহিলা প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰত(woman doctor rape and murder case) বিগত দুসপ্তাহ ধৰি কলকাতাৰ চি জি অ’ কমপ্লেক্সস্থিত চি বি আইৰ কাৰ্যালয়ত তদন্তকাৰী বিষয়াৰ দলৰ সন্মুখত সন্দীপ ঘোষে হাজিৰ হৈ আহিছিল। অনুসন্ধানকাৰী দলটোৱে ঘোষক জিম্মাত লোৱাৰ সময়ত আজি সন্ধিয়াও চিবিআইৰ তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ আহি উপস্থিত হৈছিল ।

জিম্মাত লোৱাৰ পাছতে চি বি আইৰ বিষয়াৰ এটা দলে ঘোষক চি জি অ’ কমপ্লেক্সৰ পৰা উলিয়াই নিজাম পেলেচলৈ স্থানান্তৰিত কৰে । ইয়াৰ পিছতে ঘোষক গ্ৰেপ্তাৰ হোৱাৰ কথা নিশ্চিত কৰা হয় । মন কৰিবলগীয়া যে যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত(RG Kar Medical College and Hospital) চিকিৎসকৰ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থী যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল।

এই জঘন্য ঘটনাটো সংঘটিত হোৱাৰ পাছৰ পৰাই সন্দীপ ঘোষৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ।ইফালে তে্ওঁ কলেজখনৰ অধ্যক্ষ হিচাপে থকাৰ সময়তে ধৰ্ষণ আৰু হত্যাৰ এই জঘন্য ঘটনাটো সংঘটিত হৈছিল। কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইয়ে লোৱাৰ পিছত প্ৰায় প্ৰতিদিনেই সন্দীপ ঘোষক সোধপোছৰ বাবে উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ।সেই নিৰ্দেশৰ চমন অনুসৰিয়েই বিধাননগৰৰ চি জি অ’ কমপ্লেক্সস্থিত চি বি আইৰ কাৰ্যালয়ত বিষয়াসকলৰ সন্মুখত হাজিৰ হৈ আহিছিল ।

প্ৰথমে মহিলা চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ আঁৰৰ ষড়যন্ত্ৰৰ সৈতে সন্দীপ ঘোষ জড়িত থকাৰ সন্দেহ কৰা হৈছিল যদিও পূৰ্বে কৰ্মৰত চিকিৎসা মহাবিদ্যালয়খনত সংঘটিত দুৰ্নীতিৰ গোচৰত জড়িত থকাৰ অভিযোগতহে অৱশেষত সোমবাৰে সন্ধিয়া সন্দীপক গ্ৰেপ্তাৰ কৰা হয় ।

Gogamukh : গোগামুখত তিনি মিচিং জাতীয় সংগঠনৰ গাঁও সভা সমাৰোহ

গোগামুখত তিনি মিচিং জাতীয় সংগঠনৰ গাঁও সভা সমাৰোহ
২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে মিচিং জনজাতিয়ে পাব সাংবিধানিক মৰ্যাদা


Gogamukh : Mising tribe to get constitutional status ahead of 2026 elections গোগামুখত তিনি মিচিং জাতীয় সংগঠনৰ গাঁও সভা সমাৰোহ দৈনন্দিন বাৰ্তাৰ সেৱা, গোগামুখ, ২ ছেপ্টেম্বৰঃ সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্য মিচিং জনজাতিসকলৰ সংগ্ৰাম অব্যাহত ৰাখি গাঁও পৰ্যায়ৰ পৰাই সাংগঠনিক স্থিতি সমগ্ৰ অসমতে টনকিয়াল কৰি আহিছে মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেই ৷ সমগ্ৰ ৰাজ্যখনৰ দৰে  আজি ধেমাজি জিলাৰ গোগামুখতো ধেমাজি জিলা টি এম পিকে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত ধেমাজি জিলা  ভিত্তিত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ বাঃতাক কৗবাং অৰ্থাৎ গাঁওসভাৰ সমাৰোহ অনুষ্ঠিত হৈ যায় ৷ গোগামুখস্থিত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত বাঃতাক সমাৰোহত ধেমাজি জিলাৰ দুই শতাধিক বাঃতাক কেবাঙৰ ২০ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷

সমােৰোহত উপস্থিত থাকি জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগুৱে কয় যে, ষষ্ঠ অনুসূচী কিম্বা সাংবিধানিক মৰ্যাদা আমাৰ প্ৰাপ্য অধিকাৰ ৷ আমাৰ প্ৰাপ্য অধিকাৰৰ বাবে আমি দীৰ্ঘদিন আন্দোলন কৰি আহিছোঁ ৷ এই আন্দোলনৰ সুফল পাবলৈ আমি এতিয়া দুৱাৰদলিত উপনীত হৈছোঁ ৷ এই ক্ষনত আমি অধিক সংগবদ্ধ হ’ব লাগিব ৷ আমাৰ জনজাতি ভাইসকলৰ নাগাসকলৰ বাবে নাগালেণ্ড আছে, অৰুনাচলীসকলৰ বাবে অৰুণাচল ৰাজ্য  আছে, মিজোসকলৰ বাবে মিজুৰাম আছে, মনিপুৰীসকলৰ বাবে মনিপুৰ ৰাজ্য আছে ৷

Mising tribe to get constitutional status ahead of 2026 elections

আনকি আমাৰ অসমৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং, ডিমাছাসকলৰ বাবে ডিমা হাছাও আছে আৰু বড়োসকলৰ বাবে বড়োলেণ্ড আছে ৷ আমাৰ মিচিং সকলৰ বাবেও মিচিংলেণ্ড লাগিব ৷ আমি স্বাধীন মিচিং ৰাজ্য বিচৰা নাই, সুকীয়া ৰাজ্য বিচৰা নাই । আমি মিচিংসকলে অসমৰ ভিতৰতে থাকি মৰ্যাদাসহকাৰে জীয়াই থকাৰ ৰাস্তা বিচাৰিছোঁ বুলি বিধায়ক পেগুৱে দোহাৰে ৷ দীঘলীয়া ভাষণ প্ৰসংগত তেওঁ বিধায়ক অখিল গগৈ, সাংসদ গৌৰৱ গগৈ আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈক তীব্ৰ সমালোচনা কৰি কয়- অখিল গগৈ য’তে ত’তে কাজিয়া কৰা মানুহ ৷ অখিল গগৈয়ে য’ত যায় তাতেই শুদ্ধই-অশুদ্ধই মানুহক গালি দি ফুৰে ৷ অখিল গগৈয়ে নিজেও শান্তিত নাথাকে আনকো শান্তিত থাকিবলৈ নিদিয়ে ৷ অসমখন সি অশান্তিত ৰাখিব বিচাৰে ৷ অখিল গগৈ অসমৰ বাবি শনিলগা মানুহ ৷ গৌৰৱ গগৈয়ে সাংসদ ভৱনত ডাঙৰ ডাঙৰ কথা কয় ৷ টি ভি-বাতৰিত নিজৰ চেহেৰা দেখাবলৈ হকে-বিহকে চিঞৰ-বাখৰ কৰে, নিৰ্বাচনৰ সময়ত মিচিং অঞ্চলত গৈ প্ৰলোভনৰ ৰাজনীতি কৰে ৷

কি (Garuva Gogoi )  গৌৰৱ গগৈয়ে সাংসদ হোৱা তিনিবাৰ হ’ল ৷ কিন্তু অনগ্ৰসৰ মিচিং ৰাইজৰ বিষয়ে এবাৰো মাত মাতি পোৱা নাই ৷ লুৰিণজ্যোতি গগৈৰ সন্দৰ্ভত তেওঁ কয়-ভাষণৰ ফুলজাৰিৰে দেশ তথা ৰাইজক সেৱা কৰিব নোৱাৰে ৷ আন্তৰিকাতাৰে সকলো জাতি-জনগোষ্ঠীক আকোঁৱালী লৈহে ৰাজনীতি কৰিব লাগে ৷ যদি তিনিগৰাকী গগৈয়েে সঁচা অৰ্থতে  মিচিং জনজাতিসকলৰ উন্নতি কামনা কৰে তেন্তে মিচিংসকলৰ ন্যায্য দাবী ষষ্ঠ অনুসূচীৰ দাবীক সমৰ্থন কৰিবলৈ বিধায়ক পেগুৱে আহ্বান জনায় ৷ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি কয়- ভূপেন বৰা নপতা ফুকন ৷ তেওঁ ৰাইজক মিচা প্ৰতিশ্ৰুতি দিয়ে ৷ ভূপেন বৰাই ৰাইজক দিবলৈ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ নাই, অসমত তেওঁলোকৰ চৰকাৰ নাই ৷ ভূপেন বৰা সপোন দেখি দেখি ভাগৰি পৰিছে আৰু ২০২৬ চনৰ নিৰ্বাচনতো তেওঁৰ সপোন পুৰণ নহয় আৰু ভূপেন বৰা তেতিয়াৰ পৰাই সপোন দেখাও বাদ দিব বুলি কটাক্ষ কৰে ৷


 সমাৰোহত উপস্থিত থাকি  মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই কয়- আমাৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল স্বায়ত্তশাসন নহয় ৷ আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ়ি তোলা ৷ আমাৰ কাম আৰু কথাৰ মাজত কোনো প্ৰাৰ্থক্য নাই ৷ দেশৰ   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ ৫ খন উন্নত দেশলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে ৷ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাও অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ মাজলৈ আগুৱাই নিব বিচাৰিছে ৷ আমি মিচিং স্বায়ত্তশাসিত পৰিষদেও আমাৰ পৰিষদীয় সমষ্টিৰ ৰাইজক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ পণ লৈছোঁ ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সব্‌কা সাথ সব্‌কা বিকাশ শ্ল’গানক আমি মিচিং স্বায়ত্তশাসিত পৰিষদেও কাৰ্যকৰী কৰিছোঁ আৰু ই বহুদূৰ সফল হৈছে ৷ আমাৰ মিচিং জাতীয় সংগঠনৰ  দীৰ্ঘম্যাদী কৰ্মসূচী আছে ৷ এই কৰ্মসূচী মতে আমি আগবাঢ়িছোঁ আৰু আমাৰ কৰ্মসূচীত আকৃষ্ট হৈ আজি হাজাৰ হাজাৰ লোক আমাৰ এই সমাৰোহত উপস্থিত হৈছে বুলি চায়েঙীয়াই দোহাৰে ৷ সমাৰোহত উপস্থিত থাকে এম এম কেৰ সভাপতি সুনীল কুমাৰ পেগু, প্ৰাক্তন সম্পাদক পুৰুষোত্তম দলে, মিচিং বানে কেবাঙৰ কেন্দ্ৰীয় সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, টি এম পি কেৰ কেন্দ্ৰীয়  সভাপতি তিলক দলে, সম্পাদক  চান কুমাৰ পাংগিং, টি এম এম কেৰ সম্পাদিকা শৰ্মিলা পায়েং পেগু প্ৰমূখ্যে টি এম পি কে, এম এম কে, টি এম এম কেৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই ৷ অনুষ্ঠানটো সামগ্ৰীকভাৱে পৰিচালনা কৰে এম এম কেৰ জেষ্ঠ নেতা ৰাজু পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, সঞ্জীৱ মিলি আদিয়ে ৷ 

Complaint against school headmaster Tamulpur : তামুলপুৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অপকৰ্মৰ অভিযোগ…

Yogen Rajbanshi, headmaster of Borkhopa High School in Tamulpur district, has been accused of sexual harassment
প্ৰধান শিক্ষকৰ বিৰুদ্ধে যৌন অতিশয্যৰ অভিযোগ

দৈনন্দিন বাৰ্তাৰ Digital সেৱা : Barkhopa High School in Tamulpur district তামুলপুৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে যৌন অতিশয্যৰ অভিযোগ (Allegations of sexual misconduct) । তামুলপুৰ জিলাৰ বৰখোপা হাইস্কুলৰ প্ৰধান শিক্ষক যোগেন ৰাজবংশীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। উত্তপ্ত বিদ্যালয় চৌহদ।

ৰাইজে বিদ্যালয় চৌহদ ঘেৰাও কৰি প্ৰধান শিক্ষক যোগেন ৰাজবংশীক লপা থপা দিয়াৰ লগতে কাণত ধৰাই উঠা বহা কৰোৱাই। অভিযোগ অনুসৰি শনিবাৰে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ বাবে ভূটান সীমান্তলৈ লৈ গৈছিল অভিযুক্ত প্ৰধান শিক্ষক (Accused headmaster )যোগেন ৰাজবংশীয়ে।

শিক্ষামূলক ভ্ৰমণত ( An educational trip) লৈ গৈ কেইবাগৰাকীও ছাত্ৰীক অশালীন ইংগিত দিয়াৰ লগতে এগৰাকী ছাত্ৰীক পিছফালৰ পৰা আহি কাণে কাণে অশালীন বক্তব্য প্ৰদান কৰে। ইতিমধ্যে দুগৰাকী ছাত্ৰী মোবাইলত ৰিল্চ বনাই থকা সময়ত প্ৰধান শিক্ষক গৰাকী অসাধাৰণ ভাৱে পিছফালৰ পৰা আহি কাণৰ ওচৰত ফুচ ফুচাই কোৱা দৃশ্য কেমেৰাত বন্দী হৈছে। Complaint against school headmaster Tamulpur

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অভিযুক্ত প্ৰধান শিক্ষক যোগেন ৰাজবংশীৰ বিৰুদ্ধে এনেধৰণৰ বহু অভিযোগ উত্থাপন হৈ আহিছে। ঘটনাক কেন্দ্ৰ কৰি আজি বিদ্যালয় চৌহদত ভুক্তভোগীৰ অভিভাৱক (The victim’s parents) তথা ৰাইজে উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে।

উপায়হীন অভিযুক্ত, নৰপিশাচ প্ৰধান শিক্ষক যোগেন ৰাজবংশী কাণত ধৰি উঠা বহা কৰে আৰু কেইবাগৰাকীও ভুক্তভোগীৰ অভিভাৱকে কাণতলীয়া চৰ শোধাই।

ইয়াৰ পিছতেই ঘটনাস্থলীত তামুলপুৰ আৰক্ষী (Tamulpur Police) উপস্থিত হৈ অভিযুক্ত যোগেন ৰাজবংশীক আৰক্ষী থানালৈ লৈ গৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ যোগ্য যে ইতিপূৰ্বে শিক্ষক গৰাকীয়ে কাণত ধৰি উঠাবহা কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷

ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীৰ ভূমিকা লক্ষণীয় হ’ব।

লগতে পঢ়ক : ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপ নেত্ৰীৰ সমালোচনা

published by: Jebin Sultana

Miss Assam Season-3 মিছ ইউনিভাৰ্ছ আছাম ২০২৪ অনামিকা-ফেমিনা মিছ ইণ্ডিয়া আছাম অৰুন্ধতীক সম্বৰ্ধনা…

Miss Assam Season-3
অনামিকা-অৰুন্ধতীক সম্বৰ্ধনা

গুৱাহাটী, ২ ছেপ্তেমেবৰঃ মিছ আছাম ছিজন-৩ চলিত বৰ্ষৰ ২০ অক্টোবৰত অনুষ্ঠিত হ’ব৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত এই কথা সদৰি কৰিছে মিছ আছাম অৰ্গেনাইজেচনৰ কৰ্মকৰ্তাসকলে৷ উল্লেখযোগ্য যে মিছ আছাম প্ৰতিযোগিতাখন অল আছাম য়ুথ এমপাৱাৰিং এছ’চিয়েছনৰ অধীনত অনুষ্ঠিত হৈ আহিছে৷ (Miss Assam Season-3)

উক্ত সংবাদমেলতে অৰ্গেনাইজেচনৰ তৰফৰ পৰা অসমৰ দুগৰাকী প্ৰতিভাবান তাৰকা তথা পূৰ্বৰ মিছ আছাম আৰু অলপতে মিছ ইউনিভাৰ্ছ আছাম ২০২৪ৰ খিতাপ দখল কৰা অনামিকা বৰাৰ লগতে পূৰ্বৰ মিছ ইণ্ডিয়া আছামৰ খিতাপ অৰ্জনকাৰী আৰু অলপতে ফেমিনা মিছ ইণ্ডিয়া অসম ২০২৪ৰ খিতাপ দখলকাৰী অৰুন্ধতী শইকীয়াক সম্বৰ্ধনা জনোৱা হয়৷ (Miss Universe Assam 2024)

নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ পৰা যোৰহাটৰ এই দুগৰাকী যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিব৷ অনামিকা বৰাই মিছ ইউনিভাৰ্ছ ২০২৪ত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে অৰুন্ধতী শইকীয়াই ফেমিনা মিছ ইণ্ডিয়া ২০২৪ত প্রতিদ্বন্দ্বিতা কৰিব৷ এই দুই প্ৰতিভাবান প্ৰতিযোগিয়ে মিছ আছাম অৰ্গেনাইজেচনৰ তত্ত্বাৱধানত প্ৰস্তুতি অব্যাহত ৰাখিছে৷(Femina Miss India Assam)

উল্লেখ্য যে মিছ আছাম অৰ্গেনাইজেছনে ৰাজ্যখনৰ প্ৰতিভা সম্পন্ন যুৱ মহিলাসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ দক্ষতা উজলাই তুলিবলৈ সুযোগ সৃষ্টিৰ বাবে বিগত সময়ছোৱাত নিৰৱচ্চিন্নভাৱে কাম কৰি আহিছে৷ সংবাদমেলত মিছ আছাম অৰ্গেনাইজেচনৰ সঞ্চালক শ্যামাংগ প্ৰতীম কাশ্যপৰ লগতে সহঃ সঞ্চালক আকুমনাৰো ইমছঙে সংবাদমেল সম্বোধন কৰি অৰ্গেনাইজেচনে উঠি অহা যুৱতীসকলৰ প্ৰতিভা বিকাশৰ বাবে কৰি অহা কাম কাজৰ বিষয়ে সদৰী কৰে৷

তেওঁলোকে কয় যে এই বছৰৰ মিছ আছাম প্ৰতিযোগিতাত মহিলাৰ স্বাস্থ্য আৰু স্বচ্ছতাক মূল বিষয় হিচাপে লোৱা হৈছে আৰু বিগত বছৰবোৰৰ দৰে অসমৰ যুৱ মহিলাসকলৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ তৈয়াৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে৷ অৰ্গেনাইজেচনৰ মূল লক্ষ্য হৈছে অসমৰ যুৱ মহিলাসকলক তেওঁলোকৰ প্ৰতিভাসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধৰি ৰাজ্যখনক গৌৰৱান্বিত কৰা৷

লগতে পঢ়কঃ শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব দীপিকা-ৰণবীৰ! অতি সোনকালে ১০০ কোটি টকাৰ অট্টালিকাত দেখা যাব দীপিকা-ৰণবীৰক

published by: munmi gogoi

ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপ নেত্ৰীৰ সমালোচনা

AAP leader against govt's failures
চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপৰ নেত্ৰী

গুৱাহাটী, ২ ছেপ্তেম্বৰঃ “বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে। ধিঙত ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰীগৰাকীৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাত জড়িত সকলক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এজন অভিযুক্তৰ মৃত্যু হৈছে। কিন্তু চৰকাৰ বা প্ৰশাসনে বলাৎকাৰৰ বলি ধিঙৰ কিশোৰীগৰাকীক ন্যায় প্ৰদানত ব্যৰ্থ হৈছে।” (aap against the government)

আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই এই মত ব্যক্ত কৰে। আপৰ নেত্ৰী গৰাকীয়ে কয়, “ৰাজ্যখনত ধাৰাবাহিক ভাৱে মহিলাৰ বিৰুদ্ধে অপৰাধ, অত্যাচাৰ, বলাৎকাৰ আদিৰ ঘটনাই চৰম পৰ্যায় পাইছে। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অলপতে দাবী কৰিছে যে অসমত পূৰ্বতকৈ ধৰ্ষণ বা বলাৎকাৰৰ ঘটনা পূৰ্বতকৈ হ্ৰাস পাইছে। অথচ চৰকাৰী তথ্য মতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে শাসনভাৰ লোৱাৰ পাছত ২০২১ বৰ্ষত ১,৭৩৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। ২০২২ বৰ্ষত ১,১১৩ টা, ২০২৩ বৰ্ষত ৯৮৯ টা ধৰ্ষণৰ গোচৰ পঞ্জীয়নভূক্ত হৈছিল।( crimes against women)

আনহাতে চলিত বৰ্ষত, অৰ্থাৎ ২০২৪ চনৰ জুলাই মাহলৈকে ৫৮০ টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। তাৰ পিছতো কমেও ২৫ টা ঘটনা সংঘটিত হৈছে। কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেও ব্যক্ত কৰিছে যে বিগত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছৰ পৰা ধিং কাণ্ডলৈকে ২৩ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। এনে অৱস্থাত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী আৰু তেওঁৰ আৰক্ষী বিভাগৰ ব্যৰ্থতা স্পষ্ট হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ গৃহ বিভাগ তথা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে। পূৰ্বে সংঘটিত ধৰ্ষণ, নিৰ্যাতনৰ বিৰুদ্ধে প্ৰশাসনে ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এনেধৰণৰ অবাঞ্চিত ঘটনাবোৰ ব্যাপক হাৰত বৃদ্ধি পাইছে।”(Rape case)


আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ৰাজ্যত সংঘটিত মহিলাৰ বিৰুদ্ধে অপৰাধ সন্দৰ্ভত কয়, “তথ্য অনুসৰি অসমত বিজেপি চৰকাৰৰ দিনত বিগত আঠ বছৰত মুঠ ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে। পূৰ্বৰ সোনোৱাল চৰকাৰৰ দিনত ১৩,৮২২ টা ধৰ্ষণৰ ঘটনাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত সংঘটিত হৈছে ৪,৪৪০ টা ধৰ্ষণৰ ঘটনা।

উল্লেখ্য যে ধিঙৰ দলবদ্ধ বলাৎকাৰৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিবাদ হৈছে। আমি আম আদমী পাৰ্টিয়েও এই জঘন্য অপৰাধত লিপ্ত সকলৰ কঠোৰতম শাস্তি দাবী কৰিছোঁ। মাথোঁ ধিং কাণ্ডই নহয়, একে সময়তে ৰাজ্যৰ অন্যান্য প্ৰান্তত সংঘটিত ধৰ্ষণৰ অভিযুক্ত সকলকো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদানৰ দাবী জনাইছোঁ। বিগত কেইটামান দিনৰ ব্যৱধানত শদিয়া, বিহপুৰীয়া, যোগীঘোপা, নাওবৈচাৰ চিলনীবাৰী বাগিচা, ডিফু, তিনিচুকীয়া, হোজাই, লখিমপুৰ, চিৰাং, তামোলপুৰ, তিতাবৰ, মুছলপুৰ মঙলদৈ, বিশ্বনাথ চাৰিআলি, গৌৰীপুৰ আৰু মাজুলীত সংঘটিত বলাৎকাৰৰ অভিযুক্ত সকলৰ বিৰুদ্ধেও ক্ষিপ্ৰতাৰে ন্যায়িক ব্যৱস্থাৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। কিন্তু বলাৎকাৰৰ ঘটনাক লৈ হিন্দু – মুছলমান ৰাজনীতি অথবা ধৰ্মীয় মেৰুকৰণৰ অপচেষ্টাৰ আমি বিৰোধিতা কৰিছোঁ। বলাৎকাৰত জড়িত থকা অভিযুক্তৰ ক্ষেত্ৰত ধৰ্ম বা জনগোষ্ঠীৰ প্ৰসংগৰে একাংশ ৰাজনৈতিক দলে মুনাফা অৰ্জনৰ চেষ্টা কৰিছে। এয়া শুভ লক্ষণ নহয়।”(Dhing’s gang rape)

বলাৎকাৰৰ বিৰুদ্ধে ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আপৰ নেত্ৰী গৰাকীয়ে কয়,” বলাৎকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই বাৰম্বাৰ এনে ঘটনা সংঘটিত হ’বলৈ পাইছে। যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটী বাচাওঁ, বেটী পঢ়াওঁ শ্লোগান দিছে সেই সময়তে অসমত বলাৎকাৰৰ বলি হোৱা মহিলা বা যুৱতী সকলে ন্যায় লাভৰ পৰাও বঞ্চিত হৈছে।” সংবাদমেলত অনুৰূপা ডেকাৰজাৰ সৈতে দলৰ নেত্ৰী বিমলা দেৱী, অলকানন্দা ডেকা আৰু মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে।(fast track court)

লগতে পঢ়কঃ গণেশগুৰিৰ গণেশ মন্দিৰত ৪৯ তম গণেশ জন্মোৎসৱৰ আয়োজন

published by: munmi gogoi

Ganesh Chaturthi: গণেশগুৰিৰ গণেশ মন্দিৰত ৪৯ তম গণেশ জন্মোৎসৱৰ আয়োজন…

Ganesh Janmaotsav organized at Ganesh mandir
গণেশ মন্দিৰত গণেশ জন্মোৎসৱৰ আয়োজন

গণেশগুৰিস্থিত গণেশ মন্দিৰত চলিত বৰ্ষত উলহ-মালহৰে ৪৯ তম গণেশ জন্মোৎসৱ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব। শ্ৰীশ্ৰী গণেশ জন্মোৎসৱ সমিতি দিছপুৰৰ দ্বাৰা আয়োজিত হ’বলগীয়া জন্মোৎসৱ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। অহা ৭ ছেপ্টেম্বৰত আয়োজিত হ’বলগীয়া গণেশ চতুৰ্থী জন্মোৎসৱৰ সন্দৰ্ভত সমিতিৰ সভাপতি অশোক গোৱেলে কয় যে গণেশগুৰিস্থিত গণেশ মন্দিৰৰ চৌহদত পুৱা ১০.১৫ বজাৰ পৰা পূজা আৰম্ভ হ’ব।

Ganesh Janmaotsav organized at Ganesh mandir

আনহাতে, আৰতি দিনৰ ১২.১৫ বজাৰ পৰা আৰম্ভ হ’ব। লগতে নগৰ পৰিক্ৰমা শোভাযাত্ৰা বিয়লি ৩ বজাত উলিওৱা হ’ব। এই শোভাযাত্ৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। এই শোভাযাত্ৰাত থাকিব গজৰাজ, ১৫১ খন ধ্বজা লগতে বেণ্ড পাৰ্টি। নিশা ৮ বজাত থাকিব নাম কিৰ্তন। যাৰ মুখ্য আকৰ্ষণ হ’ব নগৰা নাম পৰিৱেশক কৰিস্মা নাথ। সমিতিৰ সম্পাদক অনুপম আগৰৱালা, কোষাধক্ষ্য অজয় সিংহলে সমিতিৰ তৰফৰ পৰা ভক্ত প্ৰাণ ৰাইজক জন্মোৎসৱত উপস্থিত হৈ সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়। লগতে ভক্ত প্ৰাণ ৰাইজক জন্মোৎসৱৰ দিনা গণেশ মন্দিৰত বন্তি জ্বলাবলৈ আহ্বান জনায়।

লগতে পঢ়কঃ অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত বানৰ সংহাৰী ৰূপ! বহু লোকৰ মৃত্যু, ১৪০খন ৰে’ল বাতিল

published by: munmi gogoi

Andhra Pradesh-Telangana Rain: অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত বানৰ সংহাৰী ৰূপ! বহু লোকৰ মৃত্যু, ১৪০খন ৰে’ল বাতিল…

Floods
অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত বানৰ সংহাৰী ৰূপ

প্ৰবল বৰষুণে দাক্ষিণাত্য ৰাজ্য সমূহলৈ বিপদ মাতি আনিছে। তেলেংগানাত ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৰাজ্যখনৰ খাম্মাম জিলাৰ পাঁচজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ খাম্মাম জিলাত পিতৃ-কন্যা হায়দৰাবাদ বিমানবন্দৰলৈ যোৱাৰ পথতে কৃত্ৰিম বানে উটুৱাই লৈ যায়।

আনহাতে অন্ধ্ৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ ফলত ১৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানীতো ছয়জন লোক বানপানীৰ পানীত উটি যায়। বিজয়াৱাড়াৰ বুডামেৰু নদীৰ পানী হঠাৎ ওফন্দি উঠাৰ ফলত ভয়াৱহ বানৰ সৃষ্টি হয়, যাৰ ফলত চহৰখনৰ ৪০% অংশ ডুব যায়।

ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণৰ ৰাজ্যসমূহৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে আৰু হাজাৰ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। জলসিঞ্চন প্ৰকল্প, বিদ্যুৎ যোগান আৰু নেটৱৰ্ক, লক্ষাধিক একৰ ভূমি শস্য, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথ, দলং, কালভাৰ্ট, আৰু অন্যান্য সম্পত্তিৰ ক্ষতি হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰিছে ।

লগতে পঢ়কঃ আজি দেশজুৰি সদস্যভৰ্তি অভিযান আৰম্ভ কৰিব বিজেপিয়ে

publishes by: munmi gogoi

BJP Launches Nationwide Membership Drive: সোমবাৰৰ পৰা আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভৰ্তি অভিযান

BJP Launches Nationwide Membership Drive Sanghatan Parva, Sadasyata Abhiyan 2024
সোমবাৰৰ পৰা আৰম্ভ বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভৰ্তি অভিযান

নতুন দিল্লী, ছেপ্টেম্বৰ ২ : সোমবাৰে বিয়লি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নড্ডাৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Prime Minister Narendra Modi) বিজেপিৰ ‘সংঘটন পৰ্ব, সদস্যতা অভিযান ২০২৪’ উদ্বোধন কৰিব(BJP Launches Nationwide Membership Drive)।

এই সদস্যভৰ্তি অভিযানৰ প্ৰথম পৰ্যায় ২ ছেপ্টেম্বৰৰ পৰা ২৫ ছেপ্টেম্বৰলৈ আৰু দ্বিতীয় পৰ্যায় ১অক্টোবৰৰ পৰা ১৫ অক্টোবলৈ অনুষ্ঠিত হ’ব। ইয়াৰ পাছতে, সক্ৰিয় সদস্যভৰ্তি অভিযান আগন্তুক ১৬ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আৰম্ভ হ’ব।

এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব বিনোদ তাৱদেৱে(BJP National General Secretary) কয় যে, এই সদস্যভৰ্তি অভিযান ২০২৪ হৈছে দেশৰ সকলো আগ্ৰহী নাগৰিকৰ বাবে ভাৰতীয় জনতা পাৰ্টিত(Bharatiya Janata Party) যোগদান কৰি দেশৰ উন্নয়নত পদে পদে অৱদান আগবঢোৱাৰ এক সুবৰ্ণ সুযোগ।

লগতে বিনোদ তাৱদেৱে কয়,“এই সদস্যভৰ্তি অভিযানৰ মুল উদ্দেশ্য হৈছে বিজেপিৰ ৰাষ্ট্ৰ গঠনৰ মনোভাৱৰ সৈতে জনসাধাৰণক সংযুক্ত আৰু সংগঠিত কৰি ২০৪৭ৰ ভিতৰত ভাৰতক সম্পূৰ্ণ বিকশিত ৰাষ্ট্ৰৰূপে গঢ়াৰ এক পৰিকল্পনা ।”

দলৰ সূত্ৰ অনুসৰি, প্ৰাথমিক সদস্যভৰ্তি মিছড কল (৮৮০০০০২০২৪), ন’মো এপ, QR ক’ড, আৰু পৰম্পৰাগত আবেদন পত্ৰৰ জৰিয়তে কৰা হ’ব, যাতে সীমিত ম’বাইল কভাৰেজ থকা এলেকাৰ বা যিসকলৰ ম’বাইল ফোন নাই তেওলোকেও অংশগ্ৰহণ কৰিব পাৰে।

উল্লেখ্য যে, বিগত ১৭ আগষ্টত বিজেপিয়ে সদস্যভৰ্তি অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

লগতে দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাজ্যিক, চহৰ, গাঁও, আৰু বুথ পৰ্যায়লৈ ব্যাপকভাৱে নিজৰ উপস্থিতি ব্যাপৰভাৱে সম্প্ৰসাৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।

লগতে পঢ়কঃ অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাক ৫ কোটি টকাৰ চেক প্ৰদান…

Published by: Munmi gogoi