Home Blog Page 55

Baksa Protest: বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, উত্তেজিত জনতাই জ্ব*লাই দিছে বাহন

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, উত্তেজিত জনতাই জ্বলাই দিছে বাহন। নিক্ষেপ কৰিছে শিলগুটি।(Baksa Protest)

বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত এতিয়া উত্তপ্ত পৰিস্থিতি।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা। কেইবাখনো বাহনত অগ্নিসংযোগ উত্তেজিত জনতাৰ।

কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ বাহন ভাঙি লণ্ডভণ্ড।


জুবিন গাৰ্গে ন্যায় পাবই লাগিব-বাক্সা জিলা কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ দাবী মাত্ৰ এটাই।

Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক

Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক
Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক

জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সা।(Baksa News)

আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি।

ৰাজপথলৈ ওলাই আহিছে হেজাৰ-হেজাৰ লোক।

শ্যামকানু-সিদ্ধাৰ্থক কাৰাগাৰলৈ নিয়া পথত উত্তপ্ত পৰিস্থিতি।

অভিযুক্তক ফাঁচীৰ দাবী স্থানীয় লোকৰ।

বাক্সাৰ কাৰাগাৰৰ বাহিৰত এতিয়া হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ।

আৰক্ষীৰ সৈতে বাক্সা কাৰাগাৰত উপস্থিত ৫ অভিযুক্ত।

জেলৰ বাহিৰত জুবিন অনুৰাগীৰ ক্ষোভ।

Singapore PM: অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত…

অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত
অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰিলে ফেচবুক পে’জ।(Singapore PM)

অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত।

বন্ধ কৰি দিয়া হ’ল প্ৰধানমন্ত্ৰী লৰেঞ্চ ব্ৰঙৰ ফেচবুক পেজ।

#JusticeForZubeenGarg লিখি ডিজিটেল আন্দোলন কৰিছিল জুবিন অনুৰাগীয়ে।

সকলোৱে প্ৰধানমন্ত্ৰীগৰাকীৰ ফেচবুক পেজত গৈ লিখিছিল #JusticeForZubeenGarg।

জুবিন গাৰ্গৰ মৃত্যুৱে জোকাৰিছে ছিংগাপুৰ।

অৱশেষত ফেচবুক পে’জ বন্ধ কৰিবলৈ বাধ্য হ’ল ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে।

Shyamkanu-Siddharth: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক

Shyamkanu-Siddharth: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক
Shyamkanu-Siddharth: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক

বাক্সা জিলাৰ কাৰাগাৰৰ আলহী হ’ল শ্যামকানু-সিদ্ধাৰ্থ।(Shyamkanu-Siddharth)

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গৰ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক প্ৰেৰণ ন্যায়িক জিম্মালৈ।

তেওঁলোকৰ হৈ আদালতত থিয় নহ’ল এজনো অধিবক্তা

নিৰাপত্তাজনিত কাৰণত বাক্সা কাৰাগাৰত ৰখা হ’ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ পাঁচ অভিযুক্তক।

এতিয়ালৈ বাক্সা কাৰাগাৰত নাই কোনো অন্য কয়দী।

aadhyashree upadhyay: আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিবঃ আধ্যাশ্ৰী উপাধ্যায়

আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিবঃ আধ্যাশ্ৰী উপাধ্যায়
আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিবঃ আধ্যাশ্ৰী উপাধ্যায়

কালি বিয়লি (aadhyashree upadhyay) গৃহভূমিত SONY টিভিৰ জনপ্ৰিয় অনুষ্ঠান ছুপাৰ ডান্সাৰৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি আধ্যাশ্ৰীক। হাতত ট্ৰফী লৈ বিমানবন্দৰৰ বাহিৰলৈ ওলাই আহিল আধ্যাশ্ৰী। বিমানবন্দৰতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনালে শ্ৰদ্ধাঞ্জলি।

জুবিনৰ বিষয়ে আধ্যাশ্ৰীয়ে ক’লে-‘জুবিন মামাৰ আৰ্শীবাদ লৈ মুম্বাইলৈ গৈছিলো’ ‘মই জয়ী হৈ আহিম বুলি কৈছিলো’ ‘এতিয়া ট্রফী দেখুৱাবলৈ জুবিন মামা নাই’ ‘মই সোণাপুৰলৈ গৈ জুবিন মামাক ট্ৰফী দেখুৱাম’ ‘জুবিন মামা মোৰ বাবে ভগৱান’ ‘I WANT JUSTICE FOR ZUBEEN GARG’

চিলাপথাৰৰ কন্যা আধ্যাশ্ৰীৰ সফলতাত গৌৰৱান্বিত অসমবাসী। বৰঝাৰ বিমানবন্দৰৰ পৰা সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ ৰাওনা নৃত্যশিল্পীগৰাকী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত SUPER DANCER CHAPTER 5ৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায় উপস্থিত হৈ চকুলো টুকি সমাধিস্থলীতে সেৱা লয় আধ্যাশ্ৰীয়ে।

গৰিমা শইকীয়া গাৰ্গক লগ কৰি আধ্যাশ্ৰী উপাধ্যায়ে ক’লে আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিব, আপুনি শক্তিশালী হৈ থাকিব।

Siddharth-shyamkanu: CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত

Siddharth-shyamkanu: CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত
Siddharth-shyamkanu: CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত

CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত।(Siddharth-shyamkanu)


CJM আদালতত হাজিৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ।


CJM আদালতত আজি হাজিৰ কৰোৱা হৈছে শ্যামকানু-সিদ্ধাৰ্থৰ লগতে আনকেইজন অভিযুক্তক।

আয় বহিৰ্ভূত সম্পত্তিৰ পাহাৰ গঢ়িছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই।

ইয়াৰ বাবে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।


শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক লৈ যোৱা হৈছে CJM আদালতলৈ।

‘জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব’ । pijush hazarika

pijush hazarika । ‘জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব’‘দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব’ । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ গুৰুত্বপূৰ্ণ মন্তব্য

জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷- অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ৷

মন্ত্ৰীগৰাকীয়ে তদন্ত প্ৰক্ৰিয়া লেহমীয়া হ’ব নোৱাৰে বুলি দৃঢ়তাৰে উল্লেখ কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ দিনটোত প্ৰায় ৪-৫ বাৰ কথা পাতে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক সকলো জনায় বুলি কয়৷ তেওঁ কয় যে তদন্ত প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে৷ এনেকুৱা ডাঙৰ ঘটনাৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ সময় লাগে৷

তদন্ত প্ৰক্ৰিয়া ১৫-২০ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়৷ জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷

হিন্দু ধৰ্মাৱলম্বী লোকৰ ওচৰত অৱশেষত ক্ষমা খুজিলে মৌলানা হাফিজ আলা উদ্দিনে। Hinduism

Hinduism । হিন্দু ধৰ্মাৱলম্বী লোকৰ ওচৰত অৱশেষত ক্ষমা খুজিলে হোজাইৰ মৌলানা হাফিজ আলা উদ্দিনে৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যথেষ্ট ভালপোৱাৰ কাৰণে তথা শিল্পীগৰাকীৰ অকাল মৃত্যুত ব্যথিত হৈ মৌলানা হাফিজ আলা উদ্দিনে এইবেলি দেৱালী নাপাতিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছিল বুলি মন্তব্য কৰে৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে মৌলনাগৰাকীয়ে আগন্তুক দেৱালী উদযাপন নকৰিবলৈ অসমবাসীক আহ্বান জনাইছিল৷ এক ভিডিঅ’ত ‘সঁচাকৈ যদি আমি জুবিন অনুৰাগী, জুবিনৰ মৃত্যুত যদি আমি সঁচাকৈ ব্যথিত, তেন্তে দেৱালী বৰ্জন কৰক’ বুলি অসমৰ ৰাইজক দেৱালী উদযাপন নকৰিবলৈ আহ্বান জনাইছিল৷ দল-সংগঠনৰ অসমত দেৱালী নাপাতিবলৈ জনোৱা আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই মৌলানাগৰাকীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ মুখ্যমন্ত্ৰীকো কাতৰ আহ্বান জনাইছিল৷ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে দেৱালী উদযাপন নকৰিবলৈ অসমবাসীক মৌলানাগৰাকীৰ আহ্বান জনাইছিল৷ ইয়াৰ পিছতে বিষয়টোক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাত মৌলনাগৰাকীয়ে অসমবাসীৰ ওচৰত ক্ষমা-ভিক্ষা বিচাৰে৷ আজি এক ভিডিঅ’ বাৰ্তাযোগে তেওঁ কয় যে মই এজন জুবিনৰ অনুৰাগী আৰু অসমীয়া হিচাপে দেৱালী উদযাপন নকৰিবলৈ আহ্বান জনাইছিলো৷ কোনোবা ধৰ্মক টাৰ্গেট কৰা বা কাৰোবাৰ মনত আঘাত দিয়াৰ তেওঁৰ উদ্দেশ্য মুঠেই নাছিল বুলি মৌলনাগৰাকীয়ে উল্লেখ কৰে৷ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত যদি ঈদো থাকিলেহেঁতেন, তেন্তে তেওঁ আনন্দ-উলালহেৰে ঈদো পালন নকৰিলহেঁতেন বুলি কয়৷ জুবিনৰ মৃত্যুত বহুত দুখ লগাৰ বাবে তেওঁ ৰাইজক দেৱালী নাপাতিবলৈ আহ্বান জনাইছিল, দেৱালী বন্ধ কৰাৰ কথা কোৱা নাছিল বুলি স্পষ্ট কৰি দিয়ে৷ দেৱালীত ফটকা ফুটাই আনন্দ উল্লাস কৰাৰহে তেওঁ বিৰোধ কৰিছিল৷ যিটো নেকি অসমৰ বিভিন্ন দল-সংগঠনেও বিৰোধ কৰিছে৷ সেই দল-সংগঠনৰ আহ্বানক সমৰ্থন জনাই তেওঁ সেই কথাখিনি কোৱা বুলি উল্লেখ কৰে৷ তেওঁৰ এই কথাত যদি হিন্দু ধৰ্মাৱলম্বী কোনো লোকে দুখ পাইছে, মনত আঘাত পাইছে তাৰ বাবে তেওঁ ক্ষমা বিচাৰিছে৷ কোনেও যাতে তেওঁৰ এই কথাখিনিক ধৰ্মীয় দিশত টানি লৈ নাযায় তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়৷ জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থতহে তেওঁ সেই কথাখিনি কোৱা বুলি উল্লেখ কৰে৷

সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ সমাধিস্থলৰ সন্মুখত বিশৃংখল পৰিস্থিতি

অসমীয়াৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ কমাৰকুছিস্থিত সমাধিস্থলৰ সন্মুখত একাংশ লোকে সৃষ্টি কৰিছে বিশৃংখল পৰিস্থিতি৷ গণশিল্পীগৰাকীৰ সমাধিস্থলৰ সন্মুখত সৃষ্টি হোৱা পৰিস্থিতিকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে কমাৰকুছি ৰাজহুৱা শ্মশান পৰিচালনা কমিটীয়ে। শ্মশান পৰিচালনা কমিটীৰ সভাপতি দেবেন চন্দ্ৰ দাস আৰু সম্পাদক হৰেশ্বৰ তুমুঙে ডিমৰীয়া সমজিলা আয়ুক্তক এই সন্দৰ্ভত এখন স্মাৰকপত্র প্ৰদান কৰিছে৷

স্মাৰকপত্রত উল্লেখ কৰা মতে, জুবিন গাৰ্গৰ সমাধিস্থলৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে কিছুমান দোকান আৰু সৰু-সুৰা দোকান-ঘৰ স্থাপন কৰা হৈছে। এই দোকানসমূহত কিছু অচিনাকি ব্যক্তিয়ে নিশাৰ ভাগত অবৈধভাৱে সুৰা আদি নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰি অহা বুলি অভিযোগ উত্থাপন কৰা হৈছে। ইয়াৰ ফলত সমাধিস্থলৰ সন্মুখত বিশৃংখল পৰিস্থিতি উদ্ভৱ হোৱাৰ লগতে তীব্ৰ যান-জঁট সৃষ্টি হৈছে।
শ্মশান কমিটীয়ে জনায় যে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে দোকান স্থাপন কৰাটো আইনবিৰুদ্ধ হোৱাৰ উপৰি জুবিন গাৰ্গৰ সমাধিস্থলৰ পৱিত্ৰ পৰিৱেশৰ পৰিপন্থী। যোৱা নিশা সুৰাপান কৰা লোকে সমাধিস্থলত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত এক দুৰ্ঘটনাও সংঘটিত হয়।
এনে পৰিস্থিতিৰ প্ৰেক্ষাপটত কমাৰকুছি ৰাজহুৱা শ্মশান পৰিচালনা কমিটীৰ সভাপতি দেবেন চন্দ্ৰ দাস আৰু সম্পাদক হৰেশ্বৰ তুমুঙে ডিমৰীয়া সমজিলা আয়ুক্তক শীঘ্ৰে এই অবৈধ দোকানসমূহ উচ্ছেদৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷

Dhanteras 2025: ধনতেৰাছত ঘৰুৱা কাম শুভ নে অশুভ? নিয়ম জানি লওক, নহ’লে এটা ভুলে আপোনাৰ দীপাৱলী অশুভ কৰিব !

ধনতেৰাছত ঘৰুৱা কাম শুভ নে অশুভ? নিয়ম জানি লওক, নহ’লে এটা ভুলে আপোনাৰ দীপাৱলী অশুভ কৰিব !
ধনতেৰাছত ঘৰুৱা কাম শুভ নে অশুভ? নিয়ম জানি লওক, নহ’লে এটা ভুলে আপোনাৰ দীপাৱলী অশুভ কৰিব !

হিন্দু ধৰ্মত ধনতেৰাছৰ যথেষ্ট তাৎপৰ্য আছে। (Dhanteras 2025) ধনতেৰাছৰ দিনটোত ধনৰ দেৱতা কুবেৰ আৰু ভগৱান ধনবন্তৰীক পূজা কৰা হয়, যাৰ ফলত ধন-সম্পত্তিৰ আশীৰ্বাদ আৰু সুস্বাস্থ্যৰ আশীৰ্বাদ পোৱা যায়। এইবাৰ ১৮ অক্টোবৰত ধনতেৰাছ আৰু ২০ অক্টোবৰত দীপাৱলী। এই দিনটোত মানুহে নতুন সামগ্ৰী, যেনে সোণ-ৰূপৰ গহনা, মাটি, গাড়ী ক্ৰয় কৰে। কিন্তু ধনতেৰাছৰ দিনা ঘৰুৱা কাম কৰিব পাৰি নে তাক বিভ্ৰান্তিৰ সৃষ্টি হয়। ধনতেৰাছত নতুন ঘৰত প্ৰৱেশ কৰাটো শুভ নে অশুভ সেই বিষয়ে জানো আহক-

বাস্তু শাস্ত্ৰৰ মতে ধনতেৰাছৰ দিনা নতুন ঘৰত প্ৰৱেশ কৰাটো অশুভ বুলি গণ্য কৰা হয় কাৰণ ধনতেৰাছৰ সময়ত বাস্তু শাস্ত্ৰ নিদ্ৰাহীন অৱস্থাত থাকে। এই সময়ছোৱাত ঘৰত প্ৰৱেশ কৰিলে বাস্তুৰ দোষ আহিব পাৰে, নেতিবাচক শক্তি, দুৰ্ভাগ্য, আৰ্থিক কষ্টো আহিব পাৰে। আনহাতে বিবাহ, বাগ্দান বা গৃহ প্ৰৱেশৰ দৰে কোনো শুভ অনুষ্ঠান কৰা নহয়।

বিশ্বাস অনুসৰি ধনতেৰাছৰ দিনা গৃহ প্ৰৱেশ অনুষ্ঠানত প্ৰৱেশ কৰিলে পৰিয়ালটোৰ বাবে দুৰ্ভাগ্যৰ সৃষ্টি হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ লগতে এই দিনটোত ঘৰত ঋণাত্মক শক্তিও প্ৰৱেশ কৰিব পাৰে।

ধনতেৰাছৰ নতুন ঘৰত থাকিলে পৰিয়ালটোৰ মূল সদস্যজনে সদায় আৰ্থিক অসুবিধাৰ সন্মুখীন হ’ব লাগিব। কোনোবা আৰ্থিক সমস্যা গোটেই জীৱন থাকিব পাৰে।

ধনতেৰাছৰ দিনা কি কাম কৰিব-
ধনেৰাছত নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব।
ধনেৰাছত কিনিব পাৰিব সোণ-ৰূপৰ গহনা।
ধনতেৰাছত গাড়ী বা মাটি কিনিব পাৰে।