Home Blog Page 55

Himanta Biswa Sarma: অসমীয়া লোকক ৰঙাচকু দেখুওৱাসকলক উচ্ছেদ কৰিছোঁঃ মুখ্যমন্ত্ৰী

অসমীয়া লোকক ৰঙাচকু দেখুওৱাসকলক উচ্ছেদ কৰিছোঁঃ মুখ্যমন্ত্ৰী
অসমীয়া লোকক ৰঙাচকু দেখুওৱাসকলক উচ্ছেদ কৰিছোঁঃ মুখ্যমন্ত্ৰী

আজি কলিয়াবৰত আয়োজিত (Himanta Biswa Sarma) জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ ভাষাৰে সাংসদ গৌৰৱ গগৈক কটাক্ষ কৰে। ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, আজিৰ অসমীয়াই কোনো পাকিস্তানৰ এজেণ্টৰ ওচৰত আত্মসমৰ্পণ নকৰে। অসম আত্মসম্মানৰ সৈতে জীয়াই থাকিব জানে। লগতে মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ জনতাই এতিয়া কেৱল ৰাজনীতি নহয়, উন্নয়ন আৰু ভৱিষ্যতৰ সপোন দেখিছে। অসমে এতিয়া আকাশ চোৱাৰ সপোন দেখিছে আৰু আকাশ চুবই, বুলি মন্তব্য কৰি তেওঁ উন্নয়ন, শিক্ষা, স্বাস্থ্য আৰু অৰ্থনৈতিক অগ্ৰগতিত ৰাজ্যখন আগবঢ়াই নিয়াৰ অংগীকাৰ পুনৰ দোহাৰে। উল্লেখ্য যে, গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীয়ে কয়, একাংশ নেতাই অসমৰ স্বাৰ্থৰ পৰিবৰ্তে বাহিৰৰ এজেণ্ডা আগবঢ়াই লৈ ফুৰে। কিন্তু অসমৰ ৰাইজে সেই ধৰণৰ ৰাজনীতি কেতিয়াও গ্ৰহণ নকৰে। অসমীয়াই দেশবিৰোধী শক্তিৰ লগত কোনো আপোচ নকৰে। বৰ্তমান চৰকাৰে অসমক উন্নয়নৰ নতুন দিশলৈ লৈ গৈছে আৰু এই যাত্ৰাক কোনেও বাধা দিব নোৱাৰে। অসমৰ যুৱ সমাজে এতিয়া আত্মবিশ্বাসেৰে আগবঢ়াই যোৱাটো মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে উল্লেখ কৰে। এই জনসভাত মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। কংগ্ৰেছ নেতৃত্বই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্ভাৱনা থকাৰ বিপৰীতে, বিজেপিৰ সমৰ্থকে মুখ্যমন্ত্ৰীৰ বক্তব্যক শক্তিশালী আৰু সময়োপযোগী বুলি উল্লেখ কৰিছে।

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গনেশ্বৰ চহৰীয়াৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গনেশ্বৰ চহৰীয়াৰ দেহাৱসান
বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গনেশ্বৰ চহৰীয়াৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, তথা কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড° গনেশ্বৰ চহৰীয়াৰ দেহাৱসান।

গুৱাহাটীৰ GNRC চিকিৎসালয়য়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

এক দূৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল শিক্ষাবিদগৰাকী।

মাত্ৰ ৬৬ বছৰ বয়সতে জীৱন নাটৰ সামৰণি পৰে সাহিত্যিকগৰাকীৰ।

অসমীয়া সাহিত্যৰ কাণ্ডাৰী গৰাকীয়ে সাহিত্যৰ ভঁড়ালত প্ৰায় কুৰিখন গ্ৰন্থ ৰচনা কৰি সমৃদ্ধ কৰিছিল ।

অসম সাহিত্য সভাৰ সংবিধান সমিতিৰ প্ৰথম গৰাকী আহ্বায়কো আছিল ড° গনেশ্বৰ চহৰীয়া।

তেখেতৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধা নিবেদন কৰে কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্যালয় প্ৰাংগণত।

অসম বাৰ্তাজীবি সংঘ, কামৰূপ জিলা সাংবাদিক সন্থা, কামৰূপ জিলা সদৰ সাংবাদিক সন্থা, জ্ঞান বিজ্ঞান সমিতি,অসম, জন শিক্ষণ সংস্থান, কামৰূপ, ৰাজ্যিক সম্পদ কেন্দ্ৰ, অসম কামৰূপ জিলা সাহিত্য সভা, দৰং জিলা সাহিত্য সভা আদিয়ে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Bagurumba Dwhou: সৰুসজাইত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগুৰুম্বা নৃত্য

সৰুসজাইত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগুৰুম্বা নৃত্য
সৰুসজাইত প্ৰধানমন্ত্ৰীৰ সন্মুখত বাগুৰুম্বা নৃত্য

দুদিনীয়া (Bagurumba Dwhou) ভ্ৰমণসূচীৰে শনিবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বৰঝাত অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদী পোনে পোনে সৰুসজাইস্থিত ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ যায়। ইপিনে ,প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক উষ্ণ আদৰণি জনোৱা হয়।

ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত সৃষ্টি হয় এক অভূতপূৰ্ব ঐতিহাসিক দৃশ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় দহ হাজাৰ শিল্পীয়ে একেলগে বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগুৰুম্বা পৰিৱেশন কৰি এক নতুন ইতিহাসৰ সূচনা কৰে। একে সময়তে ইমান বৃহৎ পৰিসৰত বাগুৰুম্বা নৃত্য পৰিৱেশন অসম তথা ভাৰতবৰ্ষৰ লোকসংস্কৃতিৰ ক্ষেত্ৰত এক গৌৰৱময় অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব বুলি সংস্কৃতি সচেতন মহলে অভিমত ব্যক্ত কৰিছে।

খাম, ছেৰজা, চিফুং, জথা আৰু জাপশ্ৰিঙৰ সুমধুৰ তালে তালে শিল্পীসকলে অপূৰ্ব শৈল্পিক ভঙ্গিমাৰে বাগুৰুম্বা নৃত্য উপস্থাপন কৰে। প্ৰকৃতিৰ সৈতে গভীৰ সংযোগ থকা এই নৃত্যৰ প্ৰতিটো ছন্দত ফুটি উঠে বড়ো জনগোষ্ঠীৰ জীৱনদৰ্শন, বসন্তকালীন উৎসৱৰ আনন্দ আৰু সামূহিক ঐক্যৰ এক সজীৱ প্ৰতিচ্ছবি। বৰ্ণিল পৰম্পৰাগত পোছাক, সুশৃঙ্খল পদচালনা আৰু তাল-লয়ৰ নিখুঁত সমন্বয়ে সমগ্ৰ ক্ৰীড়া প্ৰকল্পখনক এক মনোমুগ্ধকৰ সাংস্কৃতিক মঞ্চত ৰূপান্তৰিত কৰে।
উল্লেখযোগ্য যে, বড়ো জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ বাগুৰুম্বাক বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে অসমে বিহু আৰু ঝুমুৰ নৃত্যৰ জৰিয়তে বিশ্ব অভিলেখ গঢ়ি তুলিবলৈ সক্ষম হৈছিল আৰু অসমীয়াৰ লোকসংস্কৃতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ স্বীকৃতি লাভ কৰিছিল। সেই সাফল্যৰ ধাৰাবাহিকতাত এইবাৰ বাগুৰুম্বা নৃত্যকো বৃহৎ পৰিসৰত উপস্থাপন কৰি ৰাজ্যখনৰ সমৃদ্ধ জনজাতীয় সংস্কৃতিক বিশ্ব মানচিত্ৰত অধিক উজ্জ্বলভাৱে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলোৱা হৈছে।

বাগুৰুম্বা দাওহক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ আৰু আগ্ৰহ পৰিলক্ষিত হোৱাৰ প্ৰেক্ষিততেই যোৱা কালি ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজন কৰা হয় চূড়ান্ত আখৰা। এই চূড়ান্ত আখৰাৰ সময়ত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে শিল্পীসকলক উৎসাহিত কৰাৰ লগতে এই সাংস্কৃতিক আয়োজনক অসমীয়াৰ গৌৰৱ, ঐতিহ্য আৰু জনজাতীয় ঐক্যৰ এক স্মৰণীয় নিদৰ্শন বুলি আখ্যা দিয়ে।

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই বিশাল সাংস্কৃতিক কাৰ্যসূচী কেৱল এটা নৃত্য পৰিৱেশনতেই সীমাবদ্ধ নাছিল, বৰঞ্চ ই আছিল অসমে নিজৰ জনজাতীয় ঐতিহ্য, সংস্কৃতি আৰু সাংস্কৃতিক সৌভাগ্য দেশ-বিদেশৰ আগত প্ৰদৰ্শন কৰাৰ এক শক্তিশালী মঞ্চ। ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাৰ জৰিয়তে বড়ো সংস্কৃতিৰ প্ৰতি দেশ-বিদেশত নতুনকৈ আগ্ৰহ সৃষ্টি হ’ব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।

Narendra Modi: চল্লিশ বছৰৰ অন্তত কলিয়াবৰলৈ দেশৰ প্ৰধানমন্ত্ৰী

Narendra Modi: চল্লিশ বছৰৰ অন্তত কলিয়াবৰলৈ দেশৰ প্ৰধানমন্ত্ৰী
Narendra Modi: চল্লিশ বছৰৰ অন্তত কলিয়াবৰলৈ দেশৰ প্ৰধানমন্ত্ৰী

কলিয়াবৰৰ (Narendra Modi) মৌচন্দা পথাৰত এতিয়া যুদ্ধকালীন ক্ষিপ্ৰতা৷ ৰাজ্যৰ মন্ত্ৰী-বিষয়াৰ পৰা মিত্ৰজোঁটৰ অগপ-বিজেপি দলৰ নেতা-কৰ্মীৰ দিবা-নৈশ ব্যস্ততা কলিয়াবৰত৷ এই ব্যস্তাৰ মাজতে উপস্থিত হয় বিজেপিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ সাধাৰণ সম্পাদক, বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুসহ বিজেপি নেতৃত্ব আৰু মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা৷ সভাস্থলীতে দুই দলীয় কাৰ্যকৰ্তাৰ এক সভা অনুষ্ঠিত হয়৷ সভাত দেশৰ প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ সন্দৰ্ভত দুয়োদলৰ নেতা-কৰ্মীৰে আলোচনা সম্পন্ন হয়৷ আলোচনাৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয়– চল্লিশ বছৰৰ অন্তত কলিয়াবৰলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মেটমৰা উপহাৰ লৈ কলিয়াবৰলৈ আহিব৷

আমি অধীৰ আগ্ৰহেৰে প্ৰধানমন্ত্ৰীৰ আগমনলৈ বাট চাই আছোঁ৷ কলিয়াবৰবাসী ৰাইজৰ যি আতিথ্যপৰায়ণতা আছে, আৰু আমাৰ ইয়াত যিখন ইয়াত বিশাল সভা হ’ব, সেই সভাত এক লাখ ত্ৰিশ হাজাৰৰৰো অধিক লোক উপস্থিত হ’ব বুলি আশা কৰিছোঁ৷ তাৰ কাৰণে আমি অগপ-বিজেপি দুয়োটা মিত্ৰদলে পূৰ্ণ প্ৰস্তুতি চলাইছোঁ৷ আজি কাৰ্যকৰ্তাসকলৰ মাজত প্ৰস্তুতি সম্পৰ্কে বৈঠকত মিলিত হৈছোঁ৷ কাৰ্যকৰ্তাসকলে দিন-ৰাতি একাকাৰ কৰি সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে চেষ্টা চলাই আছে৷ প্ৰধানমন্ত্ৰীয়ে প্ৰায় সাত হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষ কাজিৰঙা এলিভেটেড্‌ কৰিড’ৰৰ শিলান্যাস কৰিব৷ ১৭ জানুৱাৰীত গুৱাহাটীৰ বাৰ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিবলগীয়া বাগুৰুম্বা নৃত্যানুষ্ঠানতো প্ৰধানমন্ত্ৰী উপস্থিত থাকিব৷ বিহু, ঝুমুইৰ এতিয়া বাগুৰুম্বা, কাইলৈ হয়তো মিছিং বা আন জনগোষ্ঠীৰ নৃত্যও হ’ব৷ গতিকে, অসমৰ চৰকাৰখনে বা দেশৰ চৰকাৰখনে কেৱল দলং, হস্পিতাল, ৰাষ্টা-ঘাট নিৰ্মাণ কৰিছে এনে নহয়, অসমৰ কৃষ্টি-সংস্কৃতিকো জগতসভালৈ নিয়াৰ প্ৰয়াস কৰিছে৷ এনে কিছু অদ্ভুত কাম, যিবোৰ আমাৰ মনতে আছিলে, সেই সকলোবোৰ এই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কৰি দেখুৱাইছে৷ আনহাতে, আজি কলিয়াবৰৰ মৌচন্দা পথাৰৰ প্ৰধানমন্ত্ৰী আগমনৰ কামৰ অগ্ৰগতিৰ পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মন্ত্ৰী কেশৱ মহন্ত৷


১৮ জানুৱাৰীত কলিয়াবৰ মৌচন্দা পথাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰায় ৭০০০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া কাজিৰঙাৰ এলিভেটেড্‌ কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই উপলক্ষে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ এক বিশাল জনসভা৷ প্ৰায় ডেৰ লাখ লোক উপস্থিত থাকিবলগীয়া প্ৰধানমন্ত্ৰীৰ জনসভাৰ স্থলী প্ৰস্তুতিৰ বাবে এতিয়া দিনে-নিশেই ব্যাপক তৎপৰতা চলিছে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ মৌচন্দা পথাৰত৷ সভাস্থলী নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে বিভিন্ন চৰকাৰী বিভাগ৷ শনিবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী পীয়ূষ হাজৰিকাই সভাস্থলী পৰিদৰ্শন কৰে৷ অহা ১৮ জানুৱাৰী তাৰিখে ভোগালী বিহুৰ সময়তে এক মহৎ উদ্দেশ্য লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী কলিয়াবৰত পদাৰ্পণ কৰিব৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৬৯৯৭ কোটি টকা ব্যয় সাপেক্ষ ৩৪.প্ত কিলোমিটাৰ দৈৰ্ঘ্যৰ এক এলিভেটেড কৰিড’ৰৰ এই অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিব৷ এই কৰিড’ৰে কলিয়াবৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক আকৰ্ষণীয় পৰিৱৰ্তন হ’ব৷ এই পৰিৱৰ্তনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা আৰু যাতায়াত সূচল কৰিব বুলি সকলোৰে আশা৷ এই সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– প্ৰধানমন্ত্ৰী দুদিন পাছতেই এই মৌচন্দা পথাৰলৈ আহিব৷ কাম তীব্ৰ গতিত আগ বাঢ়িছে৷ কলিয়াবৰৰ ৰাইজৰ শলাগ লৈছোঁ৷ সকলোৱে আমাক সহায় কৰিছে৷ যথেষ্ট দিযহা-পৰমৰ্শ দিছে৷ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আপানলোকৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিছোঁ৷ ডেৰ লাখতকৈও অধিক লোক অহা ১৮ তাৰিখৰ সভাত উপস্থিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে উপস্থিত ৰাইজক সম্বোধন কৰিছোঁ৷ আমাৰ এই অঞ্চলৰ ৰাইজে প্ৰধানমন্ত্ৰীক সম্ভাষণ জনাব, কৃতজ্ঞতা জ্ঞাপন কৰিব৷

Munmi Borah: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজলিল তেল ডিপোত কৰ্মৰত মুনমী বৰা

তেল ডিপোত কৰ্মৰত মুনমী বৰা
তেল ডিপোত কৰ্মৰত মুনমী বৰা

মনত (Munmi Borah) উদ্যম আৰু সাহস থাকিলে সফলতাৰ বাট চমু হৈ পৰে সেই কথা প্ৰমাণ কৰি দেখুৱালে তেল ডিপোত কৰ্মৰত প্ৰতিভাৱান খেলুৱৈ গৰাকী। ডিব্ৰুগড় জিলাৰ খোৱাঙৰ স্বৰ্ণ তেল ডিপোত কৰ্মৰত হৈ আছে মুনমী বৰা খেলুৱৈ গৰাকীয়ে। তেল ডিপোত কাম কৰি উপাৰ্জনৰ বাট মুকলি কৰা মুনমী বৰাই উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত।

শেহতীয়াকৈ যোৱা ২৯ৰ পৰা ৩১ ডিচেম্বৰলৈ তামিলনাডুৰ আমেট বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা “11 Senior National lagori Sports Championships” ত অসম দলক প্ৰতিনিধিত্ব কৰি লাভ কৰিলে সোণৰ পদক।

সাপেখাতী লখিমীপামৰ মিনেশ্বৰ বৰা আৰু প্ৰতিভা বৰাৰ কন্যা মুনমী বৰাই নিজৰ উপাৰ্জনৰ বাবে খোৱাঙৰ স্বৰ্ণ তেল ডিপোত কৰ্মৰত হৈ আছে যদিও নিজক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে। মুনমী বৰাৰ সৈতে অসম দলত চৰাইদেউ, বাক্সা, কামৰূপ, তামোলপুৰ, গুৱাহাটী আৰু বজালী জিলাৰ খেলুৱৈ অসম দলৰ হৈ অংশগ্ৰহণ কৰিছিল বুলি জানিবলৈ দিছে মুনমী বৰাই। স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা খেলুৱৈ গৰাকীৰ সফলতাত উৎফুল্লিত স্বৰ্ণ তেল তেল ডিপোৰ আন কৰ্মচাৰী আৰু সতীৰ্থ সকল । খেলুৱৈ গৰাকীৰ এই সফলতাৰ পাছতেই তেওঁ কৰ্মস্থানতে চেলেং আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰিলে সমাজকৰ্মী পৰাগ দত্তই।

Vande bharat sleeper trains: আজি মুকলি হ’ব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল

আজি মুকলি হ’ব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল
আজি মুকলি হ’ব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল

আজি মুকলি হ’ব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল।(Vande bharat sleeper trains)

হাওৰাত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এই ৰে’লসেৱা।

মালদা টাউন ৰে’ল ষ্টেচনৰ পৰা ফ্লেগঅফ কৰিব প্রধামন্ত্ৰীয়ে।

হাওৰা-কামাখ্যাৰ মাজত চলিব এই ৰে’লখন।

সপ্তাহত ৬ দিন হাওৰা-কামাখ্যাৰ মাজত চলিব ৰে’লখন।

Zubeen Garg Death Case: আজি আদালতত নিৰ্ণয় হ’ব অমৃতপ্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায়

আজি আদালতত নিৰ্ণয় হ'ব অমৃতপ্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায়
আজি আদালতত নিৰ্ণয় হ'ব অমৃতপ্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায়

আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ চতুৰ্থটো শুনানি ।(Zubeen Garg Death Case)

শুনানি কালত ভার্চুৱেলীয়ে অভিযুক্তক আদালতত হাজিৰৰ সম্ভাৱনা।

বাক্সাৰ নিকাচি কাৰাগাৰত আছে মুখ্য অভিযুক্ত শ্যামকানু, সিদ্ধার্থ ।

আনহাতে হাফলং উপ কাৰাগাৰত আছে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্ত ।

আজি আদালতত নিৰ্ণয় হ’ব অমৃতপ্ৰভা আৰু নন্দেশ্বৰ বৰাৰ জামিনৰ শুনানিৰ ৰায়।

হালোগাঁৱৰ ধৰ্মপৰায়ণ মহিলা নীহাৰিকা দাসৰ দেহাৱসান

হালোগাঁৱৰ ধৰ্মপৰায়ণ মহিলা নীহাৰিকা দাস'ৰ দেহাৱসান
হালোগাঁৱৰ ধৰ্মপৰায়ণ মহিলা নীহাৰিকা দাস'ৰ দেহাৱসান

কামৰূপ জিলাৰ অন্তৰ্গত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ হালোগাঁৱৰ ধৰ্মপৰায়ণ মহিলা নীহাৰিকা দাস আৰু ইহ সংসাৰত নাই। শুক্ৰবাৰে দিনৰ ১২.১৫ মিনিটত ইহলীয়া সম্বৰণ কৰে নীহাৰিকা দাসে।

৯৮ বছৰ বয়সত ইহলীয়া সম্বৰণ কৰে নীহাৰিকা দাসে। আনহাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম প্ৰান্তৰ ক্ষেত্ৰীয় বৌদ্ধিক প্ৰমুখ তীৰ্থংকৰ দাস কলিতা (শংকৰ দাস),উত্তৰ কামৰূপ জিলা বিজেপিৰ উপসভাপতি বিপুল দাসৰ পৰম পূজনীয়া মাতৃ নীহাৰিকা দাসৰ মৃত্যুত অঞ্চলজুৰি এক শোকৰ ছাঁ বিৰাজ কৰে।

তেখেতৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Accident: চাপৰ টিলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

Accident: চাপৰ টিলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
Accident: চাপৰ টিলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ টিলাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।(Accident)

দুখনকৈ বাইকৰ মাজত মুখামুখী সংঘৰ্ষ, ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুগৰাকী বাইক আৰোহী।

চাপৰৰ টিলাপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে।

আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ চাপৰ হস্পিতালত লৈ প্ৰেৰণ কৰে।

আঘাতপ্ৰাপ্ত লোক দুজন বিলাসীপাৰাৰ কাঠালদি ৩য় খণ্ড গাঁৱৰ বুলি জানিব পৰা গৈছে।

আঘাতপ্ৰাপ্ত লোক দুজন ক্ৰমে ইমান উদ্দিন মণ্ডল আৰু নুৰুল ইছলাম।

ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত কৰা বাইক দুখনৰ খনৰ নম্বৰ AS-17P7150 আৰু আন এখন বাইকৰ নম্বৰ As-16F75 বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত চাপৰ ছালকোছা আৰক্ষী উপস্তিত হৈ দুৰ্ঘটনা সংঘটিত হোৱা বাইক দুখন ছথানা লৈ লৈ যায়।

Narendra Modi: কাইলৈ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী

শনিবাৰে গুৱাহাটীত (Narendra Modi) উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

সন্ধিয়া ৫.২০ত বিমান বন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীগৰাকীক বিশাল ৰেলীৰে আদৰি আনিব ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাই।

৬ বজাত অংশগ্রহণ কৰিব সৰুসজাইৰ বাগুৰুম্বা নৃত্য অনুষ্ঠানত।

নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত থাকিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।

দেওবাৰে ৯.৩০ত খানাপাৰাৰ পৰা কলিয়াবৰলৈ যাব ১১ বজাত অংশগ্রহণ কৰিব ৰাজহুৱা সভাত।

১২.১৫ত গুৱাহাটী বিমান বন্দৰলৈ আহিব প্রধানমন্ত্রী ১ বজাত পুনৰ দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ১৩খনকৈ নতুন ৰে’ল সেৱা ইয়াৰ ভিতৰত অন্যতম ভাৰতৰ প্ৰথম শ্লীপাৰ বন্দে ভাৰত ৰে’ল।

কামাখ্যাৰ পৰা পশ্চিমবংগলৈ চলিব এই ৰে’ল।

১৮ জানুৱাৰীত মুকলি কৰিব দুখনকৈ ৰে’ল।

এয়া হ’ব অসমৰ প্ৰথম দুখন অমৃত ভাৰত ৰে’ল- প্রথমখন চলিব ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌ বন্তি নগৰলৈ।

দ্বিতীয়খন চলিব কামাখ্যাৰ পৰা লোকনাথ ৰে’ল ষ্টেচনলৈ।