Home Blog Page 550

ৰাছিয়াৰ ‘গুপ্তচৰ’ তিমিৰ মৃত্যু ! অৱশেষত নৰৱে সাগৰত বেলুগা তিমিৰ মৃতদেহ উদ্ধাৰ…

ৰাছিয়ান 'গুপ্তচৰ'ৰ মৃত্যু
অৱশেষত নৰৱে সাগৰত বেলুগা তিমিৰ মৃতদেহ পোৱা গৈছে।

ৰাছিয়াৰ ‘গুপ্তচৰ’ তিমিৰ মৃত্যু

ৰাছিয়ান ‘গুপ্তচৰ’ বা এটা সাধাৰণ তিমি! ইয়াৰ বিষয়ে বহুত জল্পনা-কল্পনা আছিল। অৱশেষত নৰৱে সাগৰত বেলুগা তিমিৰ মৃতদেহ পোৱা গৈছে। এই তিমিটোৰ মৃত্যুক লৈ বহুতো অনুমান আৰম্ভ হৈছে। ১৪ ফুট দীঘল আৰু ১,২০০ কিলোগ্ৰাম ওজনৰ তিমিটো প্ৰথমবাৰৰ বাবে ২০১৯ চনত প্ৰকাশ কৰা হৈছিল। তিমিটোৰ ডিঙিত বেল্ট বান্ধি থোৱা বেল্টৰ দৰে কিবা এটা আছিল। বিভিন্ন সূত্ৰৰ দ্বাৰা এইটোও দাবী কৰা হৈছিল যে ইয়াত ছেইণ্ট পিটাৰ্ছবাৰ্গৰ এটা সঁজুলি স্থাপন কৰা হৈছিল। আৰু ইয়াৰ ফলত অনুমান কৰা হৈছিল ৰাছিয়াই তিমিটো সাগৰত চোৰাংচোৱা হিচাপে কৰিবলৈ ব্যৱহাৰ কৰিছিল নেকি? অৱশ্যে ৰাছিয়াৰ পৰা কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

কেৱল সেয়াই নহয়, ভ্লাদিমিৰ পুটিনৰ দেশখনে তিমিৰ বিষয়ে এটা বাক্যও ব্যয় কৰা নাই। ফলস্বৰূপে, জল্পনা-কল্পনা বৃদ্ধি পাইছে। বেলুগা তিমিৰ নাম হৈছে ‘হালদিমিৰ’, নৰৱেৰ ‘হল’ আৰু ৰাছিয়াৰ ‘ভ্লাদিমিৰ’ শব্দকেইটা একত্ৰিত কৰা। বেলুগা তিমি সাধাৰণতে আৰ্কটিক অঞ্চলৰ দূৰ সাগৰত পোৱা যায়। কিন্তু হালদিমিৰে মানুহৰ ওচৰত থাকিবলৈ ভাল পাইছিল।যোৱা বছৰ হালদিমিৰক অছলোৰ এটা ফিয়ৰ্ডত দেখা গৈছিল।

নৰৱেৰ প্ৰশাসনে নাগৰিকসকলক হালদিমিৰৰ ওচৰলৈ নাযাবলৈ আহ্বান জনাইছিল। নৰৱেৰ মীন বিভাগৰ সঞ্চালকজনে সন্দেহ কৰিছে যে অছলো ফিয়ৰ্ডত মানুহৰ চলাচলৰ বাবে কোনোবাই হালদিমিৰৰ কিছু ক্ষতি কৰিব পাৰে। অৱশ্যে, হালদিমিৰৰ মৃত্যু কেনেকৈ হৈছিল সেয়া স্পষ্ট নহয়। ৰাছিয়ান ‘গুপ্তচৰ’ হিচাপে, এই তিমিটো ইতিমধ্যে দীৰ্ঘদিন ধৰি আলোচনাৰ কেন্দ্ৰত আছিল, হঠাতে বহুলোকে তিমিটোৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে।

লগতে পঢ়ক :মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা ,চিঠি , কবিতা আৰু গল্প লিখা প্রতিযোগিতা…

চাপৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত চাৰিচকীয়া মালবাহী বাহনৰ হেণ্ডিমেন শিৱ জ্যোতি সিংহ…

নিহত শিৱ জ্যোতি সিংহ
নিহত শিৱ জ্যোতি সিংহ

চাপৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় চাৰিচকীয়া মালবাহী বাহনৰ হেণ্ডিমেন শিৱ জ্যোতি সিংহ ।চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । মালবাহী চাৰিচকীয়া বাহন আৰু ধুবুৰী অভিমুখে অহা GNRC হস্পিতালৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় হয় মালবাহী চাৰিচকীয়া বাহনখনৰ হেণ্ডিমেন জন আৰু গুৰুতৰভাৱে আহত হয় চালকজন লগতে ৰোগী কঢ়িয়াই অনা বাহনখনৰ বহু কেইজন ৰোগী আঘাতপ্ৰাপ্ত হয় । নিহত হেণ্ডিমেন জন চাপৰৰ খৰিদাগোসাই গাঁৱৰ শিৱজ্যোতি সিংহ বুলি জানিব পৰা গৈছে ।

আনফালে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বাহনখনে তীব্ৰ বেগত আহি মালবাহী বাহনখনক খুন্দিয়াই কাষতে থকা ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলত খুন্দিয়ায় । ফলত ৰিলায়েন্স ট্ৰেণ্ডচ শ্বপিং মোলৰ বিস্তৰ ক্ষয় ক্ষতি হয় । ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনথানালৈ লৈ যায় ।

লগতে পঢ়ক :মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা ,চিঠি , কবিতা আৰু গল্প লিখা

মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা ,চিঠি , কবিতা আৰু গল্প লিখা প্রতিযোগিতা…

মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা লিখা,চিঠি লিখা, কবিতা আৰু গল্প প্রতিযোগিতা
মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা লিখা,চিঠি লিখা, কবিতা আৰু গল্প প্রতিযোগিতা

মহাৰজত জয়ন্তী উপলক্ষে ৰাজ্যিক ভিত্তিত ৰচনা লিখা,চিঠি লিখা, কবিতা আৰু গল্প প্রতিযোগিতা
ধেমাজি: ধেমাজি জিলাৰ এখন অগ্রণী শিক্ষানুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিদ্যালয় স্থাপনৰ ৭৫ বছৰ হোৱা উপলক্ষত ২০২৪ বর্ষটো মহাৰজত জয়ন্তী হিচাপে উদযাপন কৰিব। সেই অনুসৰি অহা ৩১ অক্টোবৰ ২০২৪ তাৰিখৰ পৰা ১৬ ডিচেম্বৰ ২০২৪ তাৰিখলৈ কেইবাটাও কার্যসূচী ৰূপায়ণ কৰিব।তাৰে ভিতৰত অহা ১৫ আৰু ১৬ নৱেম্বৰ তাৰিখে দুদিনীয়া কার্যসূচীৰে সাহিত্য উৎসৱ অনুষ্ঠিত কৰা হব। মহাৰজত জয়ন্তীৰ বিভিন্ন কার্যসূচীৰ ভিতৰত সদৌ অসম ভিত্তিক দুটাকৈ শাখাত ছাত্র ছাত্রী সকলৰ মাজত “ৰচনা লিখা,কবিতা লিখা আৰু গল্প লিখা প্রতিযোগিতা” অনুষ্ঠিত হব।তদুপৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ মাজত” সদৌ অসমভিত্তিক চিঠি লিখা প্রতিযোগিতা”ও অনুষ্ঠিত হ’ব। এই চিঠি লিখা প্রতিযোগিতাটি বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্রাক্তন ছাত্র-ছাত্রী সকলৰ মাজতো অনুষ্ঠিত হ’ব।


মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাহিত্য আৰু আলোচনাচক্র উপ-সমিতিৰ সভাপতি দিগন্ত কুমাৰ কাকতি (৮৪৮৬০২৫২৬৬) আৰু সম্পাদক নয়নদীপ দত্ত(৬০০০৭৮৩১৬১) ই এক প্রেছ বিজ্ঞপ্তিযোগে জনাই যে ষষ্ঠ শ্রেণীৰ অষ্টম শ্রেণী লৈ ‘ক শাখা’ আৰু নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ‘খ শাখা’ হিচাপে অনুষ্ঠিত হব লগা ৰচনা প্রতিযোগিতাৰ বিষয় হ’ল “ মোৰ সপোনৰ বিদ্যালয়খন”। অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে লিখিব পৰা ৰচনা সমূহ ১৫০০ শব্দৰ ভিতৰত হ’ব লাগিব।তদুপৰি একে কেইটা শাখাতে “স্ব ৰচিত কবিতা” আৰু “গল্প প্রতিযোগিতা”ও অনুষ্ঠিত হব। ছাত্র ছাত্রী সকলে নিজ নিজ বিদ্যালয় প্রধানৰ স্বাক্ষৰ সম্বলিত একোখন প্রমান পত্র নতুবা পৰিচয় পত্রৰ প্রত্যায়িত নকল সৈতে অহা ৩১ অক্টোৱৰ ২০২৪ তাৰিখৰ ভিতৰত পোৱাকৈ বগা কাগজৰ এপিঠিত স্পষ্ট হাতৰ আখৰেৰে নতুবা ডি টি পি কৰি ডাকযোগে অথবা পি ডি এফ কৰি মেইলযোগেও( nayandeepdutta95@gmail.com) পঠাব পাৰিব। ইয়াৰ উপৰি চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রী সকলৰ মাজত “শিক্ষকতা জীৱনৰ মধুৰতম সময়” শীর্ষক আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্রাক্তন ছাত্র-ছাত্রী সকলৰ মাজত “ ছাত্র জীৱনৰ মধুৰতম সময়” বিষয়ৰ সদৌ অসম ভিত্তিক চিঠি লিখা প্রতিযোগিতা অনুষ্ঠিত হব। এই চিঠিসমূহো ইংৰাজী নাইবা অসমীয়া ভাষাত একোখন ইনলেণ্ড কার্ডত যিমান লিখিব পাৰি সিমান সংখ্যাৰ শব্দৰে (প্ৰায় ৫০০)লিখিব পাৰিব।প্রতিযোগীসকলে নিজৰ বিদ্যালয়ত কর্মৰত যিকোনো প্রমাণ( নিযুক্তি পত্র বা পৰিচয়পত্রৰ প্রতিলিপি) আৰু প্রাক্তন ছাত্র- ছাত্রীসকলে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উর্ত্তীণৰ প্রমাণ পত্রৰ প্রতিলিপি লগত গাঁঠি দিব লাগিব।


প্রতিযোগিতালৈ পঠিওৱা ৰচনা,গল্প, কবিতা বা চিঠিৰ খামৰ ওপৰত “……প্রতিযোগিতালৈ বুলি লিখি ডাকযোগে সভাপতি/সম্পাদক,আলোচনা চক্র আৰু সাহিত্য উৎসৱ উপসমিতি, মহাৰজত জয়ন্তী উদযাপন সমিতি,মাৰফৎ: অধ্যক্ষা,ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰপাটৰীয়া,ধেমাজি -৭৮৭০৫৭(অসম) নাইবা nayandeepdutta95@gmail.com ই মেইলযোগে অহা ৩১ অক্টোবৰ ২০২৪ বা তাৰ আগতে পোৱাকৈ প্রেৰণ কৰিব পাৰিব। ইয়াৰোপৰি নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ মাত্র এটা শাখাত “ধেমাজি জিলা ভিত্তিক বিদ্যালয় সমূহৰ মাজত কুইজ প্রতিযোগিতা” পতা হব।অহা ১৫ নৱেম্বৰ ২০২৪ তাৰিখে পুৱা ১১ বজাত অনুষ্ঠিত হব লগা কুইজ প্রতিযোগিতাখনত প্রতিখন বিদ্যালয়ৰ সব্বোর্চ্চ ৩ জন ছাত্র ছাত্রীয়ে নিজ বিদ্যালয় প্রধানৰ প্রমাণপত্র সহ একোটা দল হৈ অংশগ্রহন কৰিব পাৰিব।ৰচনা,গল্প, কবিতা, চিঠিলিখা আৰু কুইজ প্রতিযোগিতাৰ প্রথম ,দ্বিতীয় আৰু তৃতীয় স্থানপ্রাপ্ত বিজয়ীসকলক নগদ ধন ক্রমে ৩০০০ টকা,২০০০ টকা আৰু ১৫০০ টকাৰ লগতে প্রমাণপত্র আৰু গ্রন্থৰ টোপোলাৰে পুৰস্কৃত কৰা হব। এই প্রতিযোগিতাবোৰৰ বাহিৰেও ১৫ আৰু ১৬ নৱেম্বৰত হব লগা সাহিত্য উৎসৱত বিখ্যাত সাহিত্যিকৰে অন্তৰঙ্গ অনুষ্ঠান ,কবি সন্মিলন আদিও অনুষ্ঠিত হব।:এই অনুষ্ঠানতে প্রতিযোগিতা সমূ্হৰ ফলাফল ঘোষণা কৰাৰ লগতে পুৰস্কাৰসমূহো প্রদান কৰা হব।। উক্ত সকলোবোৰ অনুষ্ঠানতে সমুহ সাহিত্যপ্রেমী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আলোচনা চক্র আৰু সাহিত্য উপসমিতিৰ সভাপতি আৰু সম্পাদকে আশা কৰিছে।

লগতে পঢ়ক :ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষক নিতুল বৰগোহাঁইৰ অপকৰ্মৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী…

ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষক নিতুল বৰগোহাঁইৰ অপকৰ্মৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী…

প্ৰধান শিক্ষকৰ যৌন আতিশয্যৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী

ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষকৰ যৌন আতিশয্যৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। দক্ষিণ যোৰকটা নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ।

অভিযুক্ত প্ৰধান শিক্ষকজন নিতুল বৰগোহাঁই। মাছখোৱা আৰক্ষী চকীত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ।

দীৰ্ঘদিনে প্ৰধান শিক্ষকজনে ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ। ধনৰ প্ৰলোভনেৰে ঘটনাক গাপ দিয়াৰ চেষ্টা অভিযুক্ত প্ৰধান শিক্ষকৰ।

লগতে পঢ়ক : ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ ! নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি…

ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ ! নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি…

নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি
নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি

ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ। নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি।

বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়া হ’ল শিক্ষকসকলৰ চাকৰি।

২ ছেপ্টেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠান।

লগতে পঢ়ক মুষলধাৰ বৰষুণ ! কৃত্ৰিম বানপানীৰ কবলত পুনৰ গুৱাহাটী মহানগৰ…

মুষলধাৰ বৰষুণ ! কৃত্ৰিম বানপানীৰ কবলত পুনৰ গুৱাহাটী মহানগৰ…

কৃত্ৰিম বানপানী আৰু যান-জঁট গুৱাহাটী চহৰৰ চিৰন্তন সমস্যা। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চহৰৰ ৰাইজে কিমান দিন অপেক্ষা কৰিব লাগিব সেয়া কোৱা টান। দেওবাৰে পুৱাৰ পৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চল পানীত ডুব যায়। কেইবাটাও অঞ্চলত আনকি ঘৰৰ ভিতৰলৈও পানী সোমাই পৰে।

এই কৃত্ৰিম বানপানীৰ বাবে আজি যান-জঁটৰ বাবে মানুহৰ জীৱন স্তব্ধ হৈ পৰিছে। অঞ্চলৰ এক আঁঠু পানীয়ে যাতায়াত ব্যঘাত ঘটায়। এয়া কোনো নতুন নহয়। বাৰিষাৰ সময়ত কৃত্ৰিম বানপানীৰ প্ৰভাৱত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়।

লগতে চহৰৰ বিভিন্ন নলা জাবৰেৰে ভৰি পৰাৰ ফলত পানীৰ নিষ্কাশনত ভয়াৱহ ব্যাঘাত জন্মে। ফলত বৰষুণৰ ফলত এই পানী জমা হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। 

NEUFC is the champion of Durand Cup 2024. Mohun Bagan lost to NorthEast United FC in the final.ডুৰাণ্ড কাপ ২০২৪ৰ চেম্পিয়ন NEUFC। কলকাতাত অনুষ্ঠিত ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেডে পৰাস্ত কৰিলে মোহন বাগান দলক। পেনাল্টি শ্বটু আউটত জয়েৰে প্ৰথমবাৰলৈ খিতাপ দখল।

Durand Cup 2024

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে টাইব্ৰেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে বিগতবৰ্ষৰ চেম্পিয়ন তথা আই এছ এলৰ লীগৰ খিতাপ দখল কৰা শক্তিশালী মোহন বাগান ছুপাৰ জায়েণ্টক৷ নিৰ্ধাৰিত সময়ত খেলখন ২-২ গলত সমাপ্ত হৈছিল তথা খেলৰ প্ৰথমাৰ্ধত মোহন বাগান ২-০ ত আগুৱাই আছিল৷

Durand Cup 2024

কিন্তু ইতিহাস গঢ়ি উত্তৰ-পূৱৰ প্ৰথম দলৰূপে ঐতিহাসিক ডুৰাণ্ড কাপৰ ফাইনেল খেলা নৰ্থ ইষ্ট ইউনাইটেডে দৃঢ়তা অক্ষুন্ন ৰাখি চমকপ্ৰদ খেলেৰে প্ৰত্যাৱৰ্তন কৰে আৰু মোহন বাগানক নিজৰ ঘৰতে অনুৰাগীৰ সন্মুখত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ জয়ৰ অনন্য গৌৰৱ অৰ্জন কৰে৷ উল্লেখ্য যে দলে আটাইকেইখন মেচতে জয়লাভ কৰি খিতাপ দখল কৰাৰ অনবদ্য সফলতা অৰ্জন কৰিছে৷

Durand Cup 2024

২-২ গলত ৯০ মিনিটৰ খেল সমাপ্ত হোৱাৰ পাছত টাইব্ৰেকাৰ আৰম্ভ হয়৷ প্ৰথম দুটা পেনাল্টিত ব্যৱধান হয় ২-২৷ কিন্তু মোহন বাগানৰ [লিষ্টন] তৃতীয়টো শ্বট প্ৰতিৰোধ কৰে নৰ্থ ইষ্ট গলৰক্ষক গুৰমীট সিঙে৷ আনহাতে, অসমৰ পাৰ্থিৱ গগৈয়ে দলৰ হৈ তৃতীয়টো শ্বট গল কৰি নৰ্থ ইষ্টক ৩-২ ৰ অগ্ৰগতি দিয়ে৷ ইয়াৰ পৰাই আৰম্ভ হয় নৰ্থ ইষ্ট ইউনাইটেডৰ অগ্ৰগতি, জয়ৰ পথ আৰু খিতাপৰ গৌৰৱ৷

Durand Cup 2024

চতুৰ্থ শ্বট উভয় দলে গলৰ ৰূপ দিয়াত ব্যৱধান হয় ৪-৩৷ কিন্তু মোহন বাগানৰ [শুভাশিষ] পঞ্চম শ্বট পুনৰ ৰক্ষা কৰে গুৰমীটে৷ লগে লগে ইতিহাস গঢ়ে ছল্টলেক ষ্টেডিয়ামত৷ ১৭ বাৰ ডুৰাণ্ড কাপ জয়ৰে অভিলেখ গঢ়া মোহন বাগানক পৰাস্ত কৰি খিতাপ জয় কৰে নৰ্থ ইষ্ট ইউনাইটেডে৷

Durand Cup 2024

অৱশ্যে আজিৰ মেচতো চেম্পিয়নৰ দৰেই খেলত প্ৰত্যাশিত আৰম্ভনি কৰিছিল মোহন বাগানে৷ দলে আক্ৰমনৰ ৰণনীতি আৰম্ভনিৰ পৰাই লৈ খেলৰ এঘাৰ মিনিটত পেনাল্টি লাভ কৰি মেচত ১-০ ৰ অগ্ৰগতি লয়৷ ঘৰুৱা দলটোৰ হৈ প্ৰথমটো গল কৰে কামিংছে৷ এই গ’লে মোহন বাগানৰ আত্মবিশ্বাস বৃদ্ধি কৰে৷ বিৰতিৰ পূৰ্বেই দলে অগ্ৰগতি ২-০ কৰিবলৈ সক্ষম হয়৷ ৪৫ মিনিটত দলৰ হৈ গল কৰে ছাহালে৷

Durand Cup 2024

কিন্তু প্ৰথমাৰ্ধত চাপৰ সন্মুখীন হোৱা নৰ্থ ইষ্ট ইউনাইটেডে দ্বিতীয়াৰ্ধত সম্পূৰ্ণৰূপে বিপৰীত শৈলীৰ খেল খেলে৷ বিপক্ষৰ গলবক্সত আৰম্ভনিৰ পৰাই চাপ সৃষ্টি কৰে প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ ফাইনেল খেল গুৱাহাটীৰ আই এছ এল দলটোৱে৷ ৫৫ মিনিটত আজাৰাই গল কৰি নৰ্থ ইষ্ট ইউনাইটেডক খেললৈ প্ৰত্যাৱৰ্তন কৰায়৷ ব্যৱধান ২-১ হোৱাৰ তিনি মিনিট পাছতে নৰ্থ ইষ্ট দলৰ হৈ দ্বিতীয়টো গল কৰে ৫৮ মিনিটত গুইলেৰ্মোই৷ ইয়াৰ পাছতে মেচত উত্তেজনা বৃদ্ধি পাই যদিও ২-২ ব্যৱধানত ৯০ মিনিটৰ খেল সমাপ্ত হয়৷

On the occasion of National Sports Day, an exciting traditional boat race event was inaugurated at Morigaon by Smt.Nandita Gorlosa, Minister of Sports and Youth Welfare, Government of Assam.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱত ৰোমাঞ্চকৰ পৰম্পৰাগত নাও খেল অনুষ্ঠান ,অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছা

On the occasion of National Sports Day, an exciting traditional boat race event was inaugurated at Morigaon by Smt.Nandita Gorlosa, Minister of Sports and Youth Welfare, Government of Assam.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱত ৰোমাঞ্চকৰ পৰম্পৰাগত নাও খেল অনুষ্ঠান ,অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছা
On the occasion of National Sports Day, an exciting traditional boat race event was inaugurated at Morigaon by Smt.Nandita Gorlosa, Minister of Sports and Youth Welfare, Government of Assam.ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱত ৰোমাঞ্চকৰ পৰম্পৰাগত নাও খেল অনুষ্ঠান ,অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছা

#Minister of Sports and Youth Welfare, Government of Assam#Nandita Gorlosa#national sport#

Minister Nandita Gorlosa

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে মৰিগাঁৱত ৰোমাঞ্চকৰ পৰম্পৰাগত নাও খেল অনুষ্ঠান ,অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছাই

Minister Nandita Gorlosa

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত মৰিগাঁৱৰ চাৰণ বিলত এক মন্ত্ৰমুগ্ধ পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌশৰ জামিল হিলালি ,
জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত পল্লভী কাছাৰীকে ধৰি ক্ৰীড়া বিভাগৰ
সন্মানীয় জ্যেষ্ঠ তথা বিশিষ্ট বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠানটো উদ্বোধন কৰে মাননীয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰীমতী নন্দিতা গোৰ্লোছা ডাঙৰীয়ানীয়ে।


Minister Nandita Gorlosa

মন্ত্ৰী মহোদয় নন্দিতা গৰ্লোছা ডাঙৰীয়ানীয়ে জিলাখনত জল ক্ৰীড়াৰ বিকাশৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰি কয় যে, জল ক্ৰীড়াৰ প্ৰসাৰৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হব আৰু আমাৰ যুৱক-যুৱতীসকলক এই ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সুযোগ প্ৰদান কৰিব বুলিও আশ্বাস দিয়ে। খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰেৰণা যোগাবলৈ পৰ্তুগালৰ পৰা অহা এখন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক পৰ্যায়ৰ কে -2 নেলো নাও এখন চাৰণ বিলক অৰ্পন কৰা হয়।মন্ত্ৰী মহোদয়ে আজিৰ পৃথিৱীত কয়াকিং আৰু কেনইঙৰ বিশাল পৰিসৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি খেলুৱৈসকলক এই সুযোগসমূহৰ সুবিধা ল’বলৈ উৎসাহিত কৰে।

Minister Nandita Gorlosa

জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়াই মন্ত্ৰী মহোদয়ৰ কথা সংগতি ৰাখি জল ক্ৰীড়াৰ প্ৰসাৰৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে। ইয়াৰ দ্বাৰা কেৱল ক্ৰীড়া উন্নয়নেই নহয়, ই অঞ্চলটোৰ পৰ্যটনৰ দিশটো অৰিহণা যোগাব বুলিও মত প্ৰকাশ কৰে।জিলা আয়ুক্তগৰাকীয়ে জিলা প্ৰশাসনে ক্ৰীড়া বিভাগক তেওঁলোকৰ পদক্ষেপত সদায় সহায় আগবঢ়াব বুলি আশ্বাস দি কয়, “তেওঁলোকৰ অনুষ্ঠান আৰু উদযাপনৰ সফলতা নিশ্চিত কৰিবলৈ আমি সকলো প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে।

Minister Nandita Gorlosa

এই অনুষ্ঠানত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ল’ৰা-ছোৱালীৰ মাজত ৰছী টনা, কাবাডী, ভলীবল আৰু অন্যান্য বিভিন্ন পৰম্পৰাগত খেলসমহ অনুষ্ঠিত কৰা হৈছিল। যুৱ প্ৰজন্মক উৎসাহিত কৰা মনসাৰে মন্ত্ৰী মহোদয় নন্দিতা গোৰ্লোছা আৰু অতিৰিক্ত জিলা আয়ুক্ত পল্লভী কাছাৰী ডাঙৰীয়ানীয়ে ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ কৰি এক উজ্জ্বল আদৰ্শ দাঙি ধৰে।দিনটোৰ মূখ্য আকৰ্ষণীয় দিশ আছিল পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা, য’ত তিনিটা দল বিজয়ী হিচাপে ওলাই আহিছিল:

Minister Nandita Gorlosa

http://ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ” উঠি অহা চামৰ মাজত ভাৰোত্তোলনক জনপ্রিয় কৰি তোলাৰ লগতে প্ৰতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়”: সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ” উঠি অহা চামৰ মাজত ভাৰোত্তোলনক জনপ্রিয় কৰি তোলাৰ লগতে প্ৰতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্রতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়”: সৰ্বানন্দ সোণোৱাল

Union Minister Sarbananda Sonowal participates in 52nd Assam State Weightlifting Championship in Dibrugarh
ডিব্ৰুগড়ত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ অংশগ্রহণ"

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু প্ৰতিযোগীসকলক উৎসাহিত কৰে। ডিব্ৰুগড় জিলা ভাৰোত্তোলন সন্থাৰ সৌজন্যত, ডিব্ৰুগড় জিলা শৰীৰ চৰ্চা সন্থা আৰু অসমী সংঘৰ সহযোগত অসম ভাৰোত্তোলন সন্থাৰ তত্বাৱধানত ডিব্ৰুগড়ৰ মিলন নগৰস্থিত
বহুমুখী ইন্দোৰ ক্ৰীড়া প্ৰেক্ষাগৃহত চাৰিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় খেলৰ বাবে ৰাজ্যিক দলটি নির্বাচন কৰা হ’ব।

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “ভাৰোত্তোলন ~ ক্রীড়াক্ষেত্ৰৰ এক অবিচ্ছেদ্য অংগ। ভাৰোত্তোলনৰ যোগেদি আমাৰ খেলুৱৈসকলৰ প্ৰতিভা দেশে-বিদেশে জনাজাত হৈছে। উঠি অহা চামৰ মাজত এই খেলবিধক জনপ্ৰিয় কৰি তোলাৰ লগতে প্রতিভাবান নতুন নতুন খেলুৱৈ জন্ম দিয়াৰ মানসেৰে তৃণমূল পৰ্যায়ৰ পৰাই ভাৰোত্তোলন প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো অত্যন্ত প্রয়োজনীয়। ডিব্রুগড় জিলা ভাৰোত্তোলন সন্থাৰ উদ্যোগত ২৯, ৩০, ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ বহুমুখী ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৫২সংখ্যক অসম ৰাজ্যিক ভাৰোত্তোলন প্রতিযোগিতাই খেলুৱৈসকলক উজ্জীৱিত কৰাৰ লগতে প্ৰতিভা প্ৰদৰ্শনৰ এখন উপযুক্ত মঞ্চ প্ৰদান কৰিছে। সমগ্ৰ প্ৰতিযোগিতাখনিৰ সর্বাংগীণ সফলতা কামনা কৰি উদ্যোক্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু প্ৰতিযোগীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

“মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদর্শনমর্মে আমি ক্রীড়ামন্ত্রী হৈ থকাৰ কালছোৱাত টার্গেট অলিম্পিক প’ডিয়াম স্কীম গ্রহণ কৰা হৈছিল, যিয়ে অলিম্পিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাক লক্ষ্য কৰি বিভিন্ন খেলৰ লগতে ভাৰোত্তোলনতো আমাৰ দেশৰ খেলুৱৈসকলক তৃণমূল পৰ্যায়ৰ পৰাই প্ৰশিক্ষণ দি বিশ্বমানৰ কৰি তোলাত গুৰুত্ব দিছিল। টকিঅ’ অলিম্পিক ২০২০ত মণিপুৰৰ মীৰাবাই চানুৱে দেশৰ হৈ প্ৰথমটো পদক ৰূপ অৰ্জন কৰিছিল এই ভাৰোত্তোলনতে, আনকি এইবাৰো তেখেতে দুর্দান্ত প্রদর্শন আগবঢ়াই একেবাৰে অন্তিম পৰ্যায়ত চতুৰ্থ স্থান দখল কৰি অলপৰ বাবেহে ব্ৰঞ্জৰ পদক জয়ৰ পৰা থমকি ৰয়। ভাৰোত্তোলনৰ বিশ্ব পৰ্যায়ত সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও খেলুৱৈৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে এই খেলত বিশেষকৈ গুৰুত্ব দিবলৈ ক্রীড়া উদ্যোক্তা তথা খেলুৱৈসকলক আহ্বান জনালোঁ। এই দিশত চৰকাৰে যাৱতীয় সকলো সহায়-সহযোগিতা আগবঢ়াই যাব।” – সোণোৱালে লগতে কয়।

Sarbananda Sonowal participates State Weightlifting Championship in Dibrugarh

সোণোৱালে লগতে কয়, “ক্রীড়া, সংস্কৃতি আৰু শিক্ষা- এই তিনি ক্ষেত্রক বিদ্যালয় পৰ্যায়ৰ পৰাই সমান্তৰালকৈ গুৰুত্ব দিব লাগে, তেহে একোটা প্ৰজন্মৰ সৰ্বাংগীণ উত্তৰণ আৰু মানসিক-শাৰীৰিক উৎকৰ্ষ সাধন হয়।”অনুষ্ঠানত লগতে উপস্থিত থাকে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, উদযাপন সমিতিৰ সভাপতি দীপুৰঞ্জন মাক্ৰাৰী, ডিব্ৰুগড় পৌৰসভাৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত
প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল

আৰু পঢ়ক

http://মিঞা গানৰ গায়ক আলতাফ হুছেইনক আটক…

মিঞা গানৰ গায়ক আলতাফ হুছেইনক আটক…

দুদিনপূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল বিতৰ্কিত গানটো৷ অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলি গাইছিল মিঞা গান৷
মিঞা গানৰ গায়ক আলতাফ হুছেইনক আটক

মিঞা গানৰ গায়ক আলতাফ হুছেইনক আটক৷

দুদিনপূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল বিতৰ্কিত গানটো৷

অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলি গাইছিল মিঞা গান৷

লগতে পঢ়ক : গুৱাহাটী পৌৰ নিগমত কৰ্মৰত চাফাই কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ মুকলি…