মিঞা গানৰ গায়ক আলতাফ হুছেইনক আটক৷

দুদিনপূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল বিতৰ্কিত গানটো৷

অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলি গাইছিল মিঞা গান৷
লগতে পঢ়ক : গুৱাহাটী পৌৰ নিগমত কৰ্মৰত চাফাই কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ মুকলি…
মিঞা গানৰ গায়ক আলতাফ হুছেইনক আটক৷

দুদিনপূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল বিতৰ্কিত গানটো৷

অসম কাৰো পৈতৃক সম্পত্তি নহয় বুলি গাইছিল মিঞা গান৷
লগতে পঢ়ক : গুৱাহাটী পৌৰ নিগমত কৰ্মৰত চাফাই কৰ্মচাৰীৰ যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ মুকলি…
গুৱাহাটী পৌৰ নিগমৰ মেৰুদণ্ড স্বৰূপ আৰু মহানগৰীখনক পৰিষ্কাৰ – পৰিস্কৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা নিগমৰ চাফাই কৰ্মচাৰী সকলৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে নিগম কৰ্তৃপক্ষই অশোক লিলেণ্ড কোম্পানীৰ দুখন বাছ ক্ৰয় কৰিছে। আজি নিগমৰ যানশালা কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত মাংগলিক কাৰ্যৰ মাজেৰে বাছ দুখন মুকলি কৰে নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নিগমৰ যানশালা বিভাগৰ কাৰ্যবাহী অভিযন্তা পংকজ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰসংগত মেয়ৰ মৃগেন শৰণীয়াই কয় বাছ দুখনে

গুৱাহাটী পৌৰ নিগমৰ অধীনত বিভিন্ন স্থানত চাফাই কাৰ্যত নিয়োজিত হৈ থকা চাফাই কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে সময় আৰু ধন উভয়ে ৰাহি কৰিব বুলি আশা কৰা হৈছে । অনুষ্ঠানত নিগমৰ ৫ নম্বৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাকে ধৰি কেবাজনো বিষয়া – অভিযন্তা , পাৰিষদ অসীম শইকীয়া উপস্থিত আছিল। উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে প্ৰদূষণ মুক্ত ভাৰত অভিযান (NCAP) আঁচনিৰ অধীনত কিছুদিন পূর্বে ৩

খন পানী ছটিওৱা বাহন (water sprinkler vehicle) ক্ৰয় কৰিছিল। বৰ্তমান, গুৱাহাটী চহৰৰ পথৰ পৰিষ্কাৰ ব্যবস্থা অধিক কার্যক্ষম আৰু পৰিবেশসুলভ কৰিবলৈ আৰু ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰা হৈছে। এতিয়া মুঠ ছয়খন পানী ছটিওৱা বাহনে চহৰৰ বিভিন্ন পথত ধূলিৰ উপদ্ৰৱ কিছু হলেও নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। ফলত নাগৰিক সকলে অলপ হলেও সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে।

ধুবুৰীত জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ উদ্যোগত নাৰী নিৰ্য্যাতন, ধর্ষণ, হত্যা আৰু নেচাজাতীয় দ্ৰব্যৰ প্ৰতিবাদত বিক্ষোভ সমদল উলিয়ায়।

Dhubri Women’s protest
হত্যা আৰু ধৰ্ষণ বন্ধ কৰক, হত্যাকাৰীৰ উচিত বিচাৰ চাই, মদ ড্ৰাগছ বন্ধ কৰক আদি শ্লোগানেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।বর্তমান সমগ্র দেশতে ধর্ষণ আৰু হত্যা ভয়ানক বৃদ্ধি পাইছে। শেহতীয়াকৈ কলিকতাৰ আৰ, জি. কৰ হাসপতালত ডাঃ ক নৃশংসভারে ধৰ্ষণ কৰি হত্যা কৰাক লৈ আজি এই প্ৰতিভা সাব্যস্ত কৰা পৰিলক্ষিত হয়।
Dhubri Women’s protest
ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ সভানেত্ৰীয়ে কয় যে ধর্ষণ আৰু হত্যাকাৰীৰ শাস্তিৰ অভাবত ধৰ্ষণকাৰীৰ সাহস দিনে দিনে বৃদ্ধি পাই আছে। তেওঁ লগতে কয় যে আমাৰ সমস্যাৰ আন এটি কাৰণ হ’ল, মদ-ড্রান্স আদি নিছাযুক্ত দ্ৰব্যৰ বেহা ৰমৰমাকৈ চলি আছে।
Dhubri Women’s protest
পথে ঘাটে মদ, টেবলেট আদি বেচা-কিনা চলি আছে আৰু সেই নিছাযুক্ত দ্রব্য খাই যুবক সকলে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি কৰি আছে। নাবালিকৰ পৰা বৃদ্ধাৰ ওপৰত অত্যাচাৰ কৰতেও দ্বিধাবোধ কৰা নাই। স্কুল, কলেজ আনকি চাকৰিৰ ক্ষেত্ৰতো মহিলাৰ সুৰক্ষা নোহোৱা হৈছে।
Dhubri Women’s protest
মুঠতে বর্তমান আমি এক আতংকিত জীবন যাপন কৰিছো। সেয়েহে এনে জটিল পৰিস্থিতিত চৰকাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আজি ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা শ্বিলং চহৰকে কাষৰীয়া অঞ্চলত মহাপুৰুষ দুজনাৰ আদৰ্শ – কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে । আনকি শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামী লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ৭৫ বছৰত ভৰি দিয়া উপলক্ষে এইবেলি মহাৰজত জয়ন্তী বৰ্ষ পালন কৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই । আনহাতে কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এইবেলিও ২৪ আগষ্টত মহাপুৰুষ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাব তিথি পালন কৰে । তেনেদৰে অহা ৪ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি আৰু অহা ১২ অক্টোবৰত আবিৰ্ভাৱ মহোৎসৱ উদযাপনৰ আয়োজন কৰিছে ।

কৃষ্টি কেন্দ্ৰৰ সভাপতি শোণিত কুমাৰ ফুকন আৰু সাধাৰণ সম্পাদক হৰেন্দ্ৰ তালুকদাৰে জানিবলৈ দিয়া মতে অহা ৪ ছেপ্তেম্বৰত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । তেনেদৰে অহা ৬ ছেপ্টেম্বৰত দিনযোৰা কাৰ্যসূচীৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হব। ১৬ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । তেনেদৰে অহা ১২ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ উদযাপন কৰা হব । আনহাতে কাৰ্যসূচী সমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ ডঃ পৰাগ নাথক সভাপতি , যুগল শৰ্মাক সম্পাদক আৰু বিকাশ বৰাক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি জ্যোতি মজুমদাৰক সভানেত্ৰী , কেশৱ চন্দ্ৰ শইকীয়াক সম্পাদক আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন

কৰা হৈছে । উদ্যোক্তা সকলে আটাইকেইদিনৰ কাৰ্যসূচীতে শ্বিলংবাসী অসমীয়া সমাজ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । উল্লেখযোগ্য যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ আৰু লাবানস্থিত লাবান অসমীয়া নামঘৰতো ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মহীয়া নাম । অৰ্থাৎ প্ৰায় চাৰি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত তিনিটাকৈ নামঘৰ চৌহদ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থকা দৃশ্যই তাত থকা অসমীয়া লোকসকলক বাৰুকৈয়ে উৎসাহিত আৰু গৰ্বিত কৰি আহিছে বুলি বৰ্ণালী হাজৰিকা , মুনমালা শৰ্মা , সঞ্জিমা চলিহা ওজা, দ্বিজেন মহন্ত , অভিযন্তা মনেশ্বৰ কলিতাকে ধৰি শ্বিলং নিবাসী একাংশ অসমীয়া লোকে জানিবলৈ দিছে । উল্লেযোগ্য যে শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ আমন্ত্ৰণ ক্ৰমে – গুৱাহাটীৰ পশ্চিম গুৱাহাটীৰ খানামুখৰ প্ৰখ্যাত মহিলা নামতি দল হিচাপে পৰিচিত জ্ঞানমালিনী বিকশিত মহিলা দলে ২০১৮ আৰু ২০২২ চনত তাত গৈ নাম পৰিবেশন কৰি শ্বিলংবাসী অসমীয়া সমাজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।
ৰঙিয়াত শিক্ষাৰ নামত চৰম পৰ্যায়ত ব্যক্তিগত শিক্ষানুষ্ঠান। ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলত একাদশ শ্ৰেণীত নামভৰ্তি কৰোৱা প্ৰায় 400 ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালী শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষৰ। আজি পৰ্য্যন্ত কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰায় 400 গৰাকী শিক্ষাৰ্থীক দৰ্পণ পৰ্টেলত নামভৰ্তি কৰোৱা নাই কৰ্তিপক্ষয়। ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দৰ্পণ ৱেবত শিক্ষাৰ্থীৰ নামভৰ্তিৰ সময়সীমা শেষ হৈছে। উল্লেখযোগ্য যে ইউক্লিড চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ নাই কোনো শিক্ষা বিভাগৰ চৰকাৰী অনুজ্ঞাপত্ৰ।

সংবাদ মাধ্যমৰ আগত চৰকাৰী অনুমতি অনতিপলমে লাভ কৰিব বুলি দায় সৰা মন্তব্য অনুষ্ঠান খনৰ অধ্যক্ষৰ। আনফালে এক সবিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অনুমতি পোৱাৰ বাবে উপযুক্ত নথি পত্ৰও নাই উক্ত শিক্ষানুষ্ঠান খনৰ। আনহাতে কোনো চৰকাৰী শিক্ষানুষ্ঠানৰ অধীনত অন্তৰ্ভুক্ত কৰিব নোৱাৰিব ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক, এই ক্ষেত্ৰতো নিষেধাজ্ঞা আছে উচ্চতাৰ মাধ্যমিক শিক্ষা সংসদৰ।

ছাত্ৰ ছাত্ৰী অথা অভিভাৱক সকলক আন্ধাৰত ৰাখি এনেদৰেই এইখন অনুষ্ঠানে চলাই গৈছে ব্যৱসায়। এতিয়া প্ৰশ্ন হয় ,কাৰ ভুলৰ বাবে এটাকৈ বৰ্ষ বিনষ্ট কৰিব ছাত্ৰ ছাত্ৰীয়ে ? কামৰূপ জিলা ছাত্ৰ সন্থাই এইক্ষেত্ৰত জিলা শিক্ষা বিষয়াৰ হস্তক্ষেপ কামনা কৰিছে। অভিভাৱক সকলকো নিজ ছাত্ৰ ছাত্ৰীয়ে নাম লোৱা শিক্ষানুষ্ঠান খনৰ বিষয়ে জনাটো প্ৰযোজন। যদিহে কোনো এগৰাকী ছাত্ৰ ছাত্ৰী নিজৰ শৈক্ষিক ভৱিষ্যত নষ্ট কৰিবলগী়য়া হয় তেন্তে কামৰূপ জিলা ছাত্ৰ সন্থাই ব্যবস্থা গ্ৰহণ কৰিব।
লগতে পঢ়ক : দেশত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ চৰমপন্থাৰ হাৰ…
দেশত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ আত্মহত্যাৰ হাৰ
ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ মতে, শিক্ষাৰ্থীৰ আত্মহত্যাৰ হাৰ দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰক অতিক্ৰম কৰিছে। বাৰ্ষিক আইচি৩ সন্মিলন আৰু এক্সপো ২০২৪ ত মুকলি কৰা হৈছিল এক প্ৰতিবেদন। “সামগ্ৰিকভাৱে আত্মহত্যা প্ৰতি বছৰে ২% হাৰত বৃদ্ধি পাইছে। কিন্তু যোৱা দুটা দশকত শিক্ষাৰ্থীৰ আত্মহত্যাৰ হাৰ ৪ শতাংশ হাৰত বৃদ্ধি পাইছে। যিটো অতি উদ্বেগজনক। ২০২২ চনত হোৱা সকলো আত্মহত্যাৰ ভিতৰত, ৫৩ শতাংশ শিক্ষাৰ্থী আছিল।

যদিও ২০২১ ৰ পৰা ২০২২ চনৰ ভিতৰত ছাত্ৰৰ আত্মহত্যা ৬ শতাংশ হ্ৰাস পাইছে, ছাত্ৰীৰ আত্মহত্যা ৭ শতাংশ বৃদ্ধি পাইছে। যোৱা এক দশকত, যেতিয়া ০-ৰ পৰা ২৪ বছৰীয়া লোকৰ জনসংখ্যা হ্ৰাস পাইছে, ছাত্ৰৰ আত্মহত্যা ৬০০০ ৰ পৰা ১৩,০০০ তকৈ ওপৰলৈ বৃদ্ধি হৈছে। যদিও অভিযান্ত্ৰিক আৰু চিকিৎসা প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ বাবে

বিখ্যাত ৰাজস্থানৰ কোটাত প্ৰতি বছৰে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ বাবে শিৰোনাম দখল কৰে, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু মধ্য প্ৰদেশ সৰ্বাধিক সংখ্যক আত্মহত্যাৰ সৈতে তালিকাৰ শীৰ্ষত আছে। দক্ষিণ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহো ইয়াৰ ব্যতিক্ৰম নহয়। অৱশ্যে, ৰাজস্থান সেই তালিকাত দশম স্থানত আছে। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ মতে, যোৱা দশকত ছাত্ৰীৰ আত্মহত্যাৰ হাৰ হৈছে ৬১ শতাংশ, আনহাতে ছাত্ৰৰ আত্মহত্যাৰ হাৰ ৫০ শতাংশ।
লগতে পঢ়ক :গোলাঘাটৰ নিশামণি বৰাৰ ”INDIA BOOK OF RECODS” ত নাম সন্নিবিষ্ট…
অসমৰ গোলাঘাট সৰুপথাৰৰ নগাজৰী দ চুক গাৱৰ নিশামনি বৰাৰ INDIA BOOK OF RECODS ত নাম সন্নিবিষ্ট

নিশামণি বৰা এগৰাকী পালতলা খেলুৱৈ (WINDSURFING) ।

WINDSURFING প্ৰতিযোগিতাৰ মহিলা শাখাৰ সৰ্বাধিক পদক জয়ৰ লগতে WINDSURFING প্ৰতিযোগিতাত(২০২৩ আৰু ২০২৪ )বৰ্ষত দুটাকৈ সোণৰ আৰু এটা ব্ৰঞ্জৰ পদক জয় লাভ কৰাত INDIA BOOK OF RECORDS ত নাম সন্নিবিষ্ট ৷
লগতে পঢ়ক :অসম-অৰুণাচল সীমান্তত অবৈধ অস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ…
অসম-অৰুণাচল সীমান্তত অবৈধ অস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।

তিনিচুকীয়া আৰক্ষীয়ে উদ্ধাৰ কৰে বিস্ফোৰক সামগ্ৰীখিনি। বিস্ফোৰকখিনি কোনো নিষিদ্ধ সংগঠনৰ বুলি সন্দেহ আৰক্ষীৰ।

সামাজিক মাধ্যমযোগে এই কথা জনালে DGP জি পি সিঙে।
লগতে পঢ়ক : https://www.dainandinbartagroup.in/following-in-his-fathers-footsteps-sumit-dravid-son-of-rahul-dravid-in-the-cricket-worldপিতৃৰ পদাংক অনুসৰণ কৰি ক্রিকেট জগতত ৰাহুল দ্রাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়…
পিতৃৰ পদাংক অনুসৰণ কৰি পুত্ৰ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধৰ শৃংখলাত দেখা যাব ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়ক।

শেহতীয়াকৈ মহাৰাজা কে এছ চি এ মহাৰা টি-২০ ট্ৰফীত ভাল প্ৰদৰ্শন দেখুৱাইছিল সমিতে।
লগতে পঢ়ক : ধুবুৰীৰ তামাৰহাটত কিশোৰীক অপহৰণ কৰি বিৱাহপাশত আৱদ্ধ কৰাৰ চেষ্টা আব্দুল আজিজৰ…
ধুবুৰীৰ তামাৰহাটত কিশোৰীক অপহৰণ। অপহৰণ কৰি বিৱাহপাশত আৱদ্ধ কৰাৰ চেষ্টা যুৱকৰ। আব্দুল আজিজ নামৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ।

শাতসেওৰা গাঁৱৰ বাসিন্দা হবিবৰ ৰহমানৰ পুত্ৰ আব্দুল আজিজ। বিদ্যালয়লৈ যোৱাৰ পথত কিশোৰীগৰাকীক অপহৰণৰ চেষ্টা যুৱকজনৰ।

কিশোৰীগৰাকীক লৈ যোৱাৰ সময়ত সন্দেহ ওপজে একাংশৰ।
লগতে পঢ়ক : বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত অগ্নিদগ্ধ হৈ বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু…