Home Blog Page 553

সানেকুছিত মীন বিপ্লৱৰ পাছত সেউজ বিপ্লৱেৰে নৱ প্ৰজন্মক উদগণি যোগাইছে নৌ সেনাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া কমলেশ চন্দ্ৰ চৌধুৰীয়ে

Green Revolution
সেউজ বিপ্লৱৰে নৱ প্ৰজন্মক উদগণি যোগাইছে কমলেশ চন্দ্ৰ চৌধুৰীয়ে

কামৰ যে সৰু-বৰ নাই আৰু একাগ্ৰতা থাকিলে এজন সুস্থ সবল মানুহে সকলো ধৰণৰ কাম কৰি সফলতা লাভ কৰাৰ লগতে সমাজ এখনকো আগবঢ়াই লৈ যাব পাৰে তাৰে এক উদাহৰণ হল বৰ্তমান গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ পাঁচ নম্বৰ উপ পথ নিবাসী কমলেশ চন্দ্ৰ চৌধুৰী। ভাৰতীয় নৌ সেনাৰ চতুৰ্থ শীৰ্ষ পদবী হিচাপে পৰিচিত ‘কমডৰ’ পদৰ পৰা প্ৰায় ডেৰ দশক পূৰ্বে অৱসৰ গ্ৰহণ কৰা কমলেশ চন্দ্ৰ চৌধুৰীয়ে নিজৰ পৈত্ৰিক গাঁও নলবাৰী জিলাৰ সানেকুছি গাঁৱত মীন বিপ্লৱৰ পাছত সেউজ বিপ্লৱ গঢ়াৰ কামত ব্ৰতী হৈ আছে। ১৯৭৪ চনত এক্টিং চাব লেফটেনেন্ট হিচাপে ভাৰতীয় নৌ সেনাত কমিচনড বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা চৌধুৰীয়ে নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰ বলত কেবাটাও পদোন্নতি লাভ কৰি প্ৰায় ৩৫ বছৰ সেৱা আগবঢ়াই ২০০৯ চনৰ জানুৱাৰী মাহত কমডৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

তাৰ পাছত সেইটো বছৰৰ শেহৰ ফালে অসম চৰকাৰৰ সৈনিক কল্যাণ সঞ্চালক হিচাপে যোগদান কৰি ২০১৭ চনত অৱসৰ গ্ৰহণ কৰে। আনহাতে অসমৰ বাহিৰত ৩৫ বছৰ আৰু সৈনিক কল্যাণ সঞ্চালক হিচাপে আঠ বছৰ সেৱা আগবঢ়োৱাৰ মাজতো নিজৰ প্ৰয়াত পিতৃ ৰমেশ চন্দ্ৰ চৌধুৰীৰ জন্মগাঁও নলবাৰীৰ সানেকুছিক পাহৰি যোৱা নাছিল চৌধুৰীয়ে। যাৰ বাবে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ সানেকুছি গাঁৱৰ পৈত্রিক ভূমিত বিভিন্ন ঋতুকালীন কৃষি – কৰ্মৰে সেউজ বিপ্লৱ আৰু পুখুৰীত মাছ পুহি মীন বিপ্লৱ গঢ়াৰ কামত নিজকে আত্মনিয়োগ কৰিছিল চৌধুৰীয়ে। তেওঁ মীন বিপ্লৱত সফলতা লাভ কৰা দেখি বানে গৰকা বৃহত্তৰ সানেকুছি গাঁৱত ২০১৫ চনৰ পৰা এতিয়ালৈকে তেওঁৰ আদৰ্শ অনুকৰণ কৰি ২৩ জন লোকে পুখুৰী খান্দি মাছ পুহি সফলতা অৰ্জন কৰিছে। ইফালে মীন পালন আৰু সৰিয়হ খেতিত সফলতা লাভ কৰা কমলেশ চন্দ্ৰ চৌধুৰীয়ে যোৱা শাওণ মাহত দুবিঘাতকৈ অধিক মাটিত সুকীয়াকৈ অসমৰ পৰম্পৰাগত জহা চাউলৰ বাবে শালি ধানৰ কঠীয়া ৰোপণ কৰিছে। বৰ্তমান ৰোপণ কৰা কঠীয়া সমুহ লহপহকৈ বাঢ়ি আহিছে। এই সন্দৰ্ভত কমলেশ চন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিয়া মতে ভাৰতীয় নৌ সেনাত থকাৰ সময়ত বিশ্বৰ ৩৫ খনতকৈ অধিক দেশ ভ্ৰমণ কৰাৰ সময়ত কিছুমানত দেখি অহা কৃষি-কর্ম, মীনপালন আদিৰ অভিজ্ঞতাৰে সানেকুছিত অৱসৰ গ্ৰহণৰ পাছৰে পৰা কৃষি আৰু মীন বিপ্লৱ গঢ়াৰ কামত নিজকে জড়িত কৰিছে। মূল লক্ষ্য হৈছে তেঁওক দেখি যাতে অঞ্চলটোৰ আগ্ৰহী লোক আৰু উঠি অহা প্ৰজন্মই বানে গৰকা অঞ্চলটোত কৃষি আৰু মীন পালনৰ দ্বাৰা আত্মনিৰ্ভৰশীল হব পাৰে। বৰ্তমান সাত বিঘাৰো অধিক মাটিত গঢ়ি তোলা ফার্ম হাউছখনৰ লগতে গঢ়ি তাৰ বাহিৰত থকা প্ৰায় বাৰ বিঘা মাটিত যোৱা শীত কালত সৰিয়হৰ খেতি কৰি সফলতা অৰ্জন কৰিছিল। যাৰ বাবে আজিলৈকে তেওঁ মিঠাতেল কিনি খাবলগীয়া হোৱা নাই। তেওঁক দেখি বৃহত্তৰ সানেকুছিকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ বহু কৃষকে সৰিয়হ খেতি কৰি সফলতা লাভ কৰা বিষয়টোৱে তেওঁক আনন্দিত কৰিছে।

অঞ্চলবাসীৰ অনুপ্ৰেৰণা হৈ পৰা চৌধুৰীয়ে প্ৰতি সপ্তাহত কমেও দুদিন সানেকুছিত নিজৰ ফার্ম হাউছত থাকি বিজ্ঞান সন্মত পদ্ধতিৰে কৃষি আৰু মীন পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰি তাৰ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই আহিছে। এইক্ষেত্রত তেওঁক সহধর্মিনী মৃণালিনী চৌধুৰী, দুই বিবাহিতা জীয়ৰী ক্ৰমে সুস্মিতা চৌধুৰী আগৰৱালা আৰু মৃদুস্মিতা চৌধুৰীয়ে সদায় অনুপ্ৰেৰণা যোগাই আহিছে। যাৰ বাবে জীৱনৰ ৭২ টা বসন্ত অতিক্রম কৰাৰ পাছতো নিজকে এজন চফল ডেকাৰ দৰে গণ্য কৰি নতুন উদ্যমৰে কাম কৰাৰ বাবে উৎসাহ লাভ কৰি আহিছে। উল্লেখযোগ্য যে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে তেঁওৰ ভাৰতীয় নৌ সেনাত সুখ্যাতিৰে ৩৫ টা বছৰ সেৱা আগবঢ়োৱা অভিজ্ঞতাৰ ভিত্তিত প্ৰায় পাঁচ বছৰ পূৰ্বে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টাৰ দৰে গুৰুত্বপূর্ণ পদত নিযুক্তি দি ব্ৰহ্মপুত্ৰ নদীৰ জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়নৰ দিশটো তদাৰক কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। যিটো দায়িত্ব তেঁও চৰকাৰৰ পৰা এটকাও নোলোৱাকৈ পালন কৰি আহিছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসম চৰকাৰে চোৰাং চিকাৰী প্ৰতিহিত কৰাৰ বাবে আগবঢ়োৱা ২০ খন দ্ৰুতবেগী ইঞ্জিনযুক্ত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত নাওঁ পৰিচালনা কৰাৰ ক্ষেত্ৰটো তাত গৈ উদ্যান কৰ্তৃপক্ষক দিহা পৰামৰ্শ আগবঢ়াইছিল বুলি কমলেশ চন্দ্ৰ চৌধুৰীয়ে জানিবলৈ দিছে।

লগতে পঢ়কঃ অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

Arvind Kejriwal: অৰবিন্দ কেজৰিৱালৰ কাষ চাপিছে বিজেপি নেতা!

Arvind Kejriwal
কাউন্সিলাৰ ৰাম চন্দৰ আপত যোগদান

বৃহস্পতিবাৰে দিল্লী পূৰ্ণিগামৰ ২৮ নং ৱাৰ্ডৰ এগৰাকী কাউন্সিলাই নিজৰ ‘ভুল’ শুধৰাবলৈ পুনৰ পুৰণি দল আম আদমী পাৰ্টিলৈ উভতি আহে। পুনৰ দল সলনিৰ কাৰণ ব্যাখ্যা কৰি কাউন্সিলাৰ ৰাম চন্দৰে দাবী কৰে যে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁক সপোনত আপৰ নেতৃত্বক সাক্ষাৎ কৰিবলৈ নিৰ্দেশ দিছিল। সপোনত কেজৰিৱালৰ গালি-গালাজ শুনি ৰামে পুৰণি দলটোত যোগদান কৰাৰ পুনৰ সিদ্ধান্ত ল’লে।

বৃহস্পতিবাৰে আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ হাতত ধৰি পুনৰ আপত যোগদান কৰে ৰামে। তেওঁ কয় যে বিজেপিত যোগদানৰ সিদ্ধান্ত ‘ভুল’। একে সময়তে তেওঁ লগতে কয় যে এতিয়াৰ পৰা তেওঁ কেতিয়াও কাৰো কথাত বিভ্ৰান্ত নহয়। পুনৰ আপত যোগদান কৰাৰ পিছত ‘কাউন্সিলাৰগৰাকীয়ে কয়, ‘মই মোৰ পৰিয়ালৰ ওচৰলৈ পুনৰ উভতি আহিলোঁ।

লগতে পঢ়কঃ অচিনাক্ত বাহনে খুন্দিয়াই থৈ গ’ল দৰঙৰ দুগৰাকী মহিলাক

Road Accident: অচিনাক্ত বাহনে খুন্দিয়াই থৈ গ’ল দৰঙৰ দুগৰাকী মহিলাক…

road accident
অচিনাক্ত বাহনে খুন্দিয়াই থৈ গ'ল দৰঙৰ দুগৰাকী মহিলাক

মৃত্যুদূতত পৰিণত হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। অচিনাক্ত বাহনৰ খুন্দাত নিহত দুই মহিলা। দৰঙৰ পিপৰা দোকানৰ সমীপৰ শাকতোলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰথ দুৰ্ঘটনা সংঘটিত হৈছে৷ প্ৰাত:ভ্ৰমনলৈ অহা দুগৰাকী মহিলাক অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়৷ এগৰাকী মহিলা থিতাতে নিহত আন এগৰাকীক সংকটজনক অৱস্থাত মঙলদৈ অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ৷


দুৰ্ঘটনাটোত থিতাতে নিহত হয় ৰিনা বৰুৱা আৰু চিকিৎসালয়ত মৃত্যু হয় জাহ্নু বৰুৱা নামৰ মহিলাগৰাকী। নিহত মহিলা দুগৰাকী পটালচিং পাৰাৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ মনত ৰাখিব! বংগ জ্বলিলে অসম, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীও জ্বলি যাবঃ মমতা বেনাৰ্জী…

CM Mamata Banerjee: মনত ৰাখিব! বংগ জ্বলিলে অসম, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীও জ্বলি যাবঃ মমতা বেনাৰ্জী…

CM Mamata Banerjee
পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আপত্তিজনক বক্তব্য

দৈনন্দিন বাৰ্তা ডিজিটেলঃ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিস্ফোৰক বক্তব্যক লৈ ৰাজনীতিত উত্তপ্ত। বিজেপিৰ বহু মুখ্যমন্ত্রী আৰু নেতাই অহৰহ মুখ্যমন্ত্রী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰিছে৷ বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছৱালে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰত্যাহ্বান জনাই কয় যে বিহাৰত জুই জ্বলাই দেখুৱাক। দিলীপে কয় যে বিহাৰত মমতা বেনাৰ্জীয়ে জুইশলাৰ বাকচো জ্বলাব নোৱাৰে। দেশ জ্বলোৱাৰ কথা পাহৰি যাওক।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ আপত্তিজনক বক্তব্য সন্দৰ্ভত পাটনাৰ গান্ধী মৈদান থানাত লিখিত অভিযোগ দাখিল কৰা হৈছে। বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক মুখপাত্ৰ কৃষ্ণ সিং কল্লুৱে কয় যে মমতা বেনাৰ্জীয়ে পশ্চিম বংগৰ এখন ৰাজহুৱা মঞ্চৰ পৰা এই বক্তব্য দিছিল যে যদি বংগ জ্বলি যায় তেন্তে দিল্লী, অসম, বিহাৰ দেশত জ্বলিব, এইটো অতি ভুল ধাৰণা। আইনগতভাৱে সাংবিধানিক পদত অধিষ্ঠিত হৈ থকাৰ সময়তে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰি সমগ্ৰ দেশৰ সাধাৰণ জনতাৰ আৱেগক আঘাত হানিছে। তেওঁৰ এই বক্তব্যই দেশৰ অপ্ৰীতিকৰ ঘটনাক আমন্ত্ৰণ জনাইছে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কঠোৰতম ধাৰা আৰোপ কৰাৰ দাবী উত্থাপন হৈছে।

CM Mamata Banerjee

আনহাতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা সমাজ কৰ্মী বিনীত জিন্দলে দিল্লীত মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। বিনীত জিন্দালে কয় যে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কালি টিএমচিৰ ছাত্ৰ সংগঠনৰ ৰাইজক সম্বোধন কৰি মানুহক উচটনি দিয়া আৰু উচটনি দিয়াৰ কথা কয়। ভাষণৰ সময়ত তেওঁ কয় যে যদি বংগ জ্বলি যায় তেন্তে দেশৰ আন ৰাজ্যসমূহো জ্বলিব, দিল্লীও জ্বলিব। তেওঁ কিছুমান ৰাজ্যৰ নামো লৈছিল। মমতা বেনাৰ্জীৰ সেই ভাষণ আৰু বক্তব্য শুনাৰ পিছত তেওঁৰ উদ্দেশ্য ঠিক যেন নালাগে। মই বিশ্বাস কৰোঁ যে সাংবিধানিক আৰু আইনগতভাৱে এনেবোৰ কথা আইনী অপৰাধ। আজি মই এই সন্দৰ্ভত দিল্লী আৰক্ষী আয়ুক্তৰ ওচৰত এজাহাৰ দাখিল কৰিছো।

শেহতীয়াকৈ কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী মহিলা চিকিৎসকৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছে। চিকিৎসালয়ৰ পি জি মেডিকেলৰ ছাত্ৰী হিচাপে বুকুৰ চিকিৎসা বিভাগত হাউচ ষ্টাফ হিচাপেও কাম কৰি আছিল। চিকিৎসালয়ৰ জৰুৰীকালীন ভৱনৰ চতুৰ্থ মহলাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে চিকিৎসালয়ৰ কৰ্মচাৰীয়ে। এই বিষয়ত ব্যাপক প্ৰতিবাদৰ অন্তত কালি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক অনুষ্ঠানত ভাষণ দি এক বিতৰ্কিত বক্তব্য দিছিল। তেওঁ কৈছে যে “মনত ৰাখিব, বংগ জ্বলিলে অসম, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু দিল্লীও জ্বলি যাব।”

Money Remedies: আজি সন্ধিয়া গোপনে কৰক এই কাম! দেৱী লক্ষ্মীয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব…

Money Remedies
টকাৰ প্ৰতিকাৰ

সুখী জীৱনৰ বাবে আৰ্থিক অৱস্থাৰ শক্তি অতি প্ৰয়োজনীয়। সেইবাবেই সকলোৱে ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকে। শুকুৰবাৰে দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ বাবে সৰ্বোত্তম দিন বুলি গণ্য কৰা হয় কাৰণ এই দিনটো লক্ষ্মী দেৱীৰ প্ৰতি উৎসৰ্গা কৰা হয়। আৰ্থিক সংকটৰ পৰা সকাহ পাবলৈ শুকুৰবাৰে লক্ষ্মী দেৱীক পূজা কৰক আৰু লগতে কিছু যাদুকৰী প্ৰতিকাৰো কৰক। জানি লওখ শুকুৰবাৰৰ কিছুমান নিয়মৰ বিষয়ে-

Money Remedies

যদি আপুনি সোনকালে ধনী হ’ব বিচাৰে তেন্তে শুকুৰবাৰে মাজনিশা অষ্ট লক্ষ্মী (দেৱী লক্ষ্মীৰ আঠটা ৰূপ)ক পূজা কৰক। লগতে কনকধৰা স্তোত্ৰ আবৃত্তি কৰক। পূজাৰ সময়ত দেৱী লক্ষ্মীক গোলাপ ফুল আগবঢ়াওক। এই পূজা ৰাতি শান্তি আৰু নিসংগতাত কৰিলে অধিক ফলদায়ক হয়। গতিকে পূজাৰ সময়ত যাতে কোনেও বাধা নিদিয়াকৈ পৰিয়ালৰ লোকক আগতীয়াকৈ অৱগত কৰক।

লগতে পঢ়কঃ তিয়হে শৰীৰৰ পানীৰ সমস্যা দূৰ কৰে, কিন্তু বেছিকৈ খালে শৰীৰত হ’ব সমস্যা

cucumber side effects: তিয়হে শৰীৰৰ পানীৰ সমস্যা দূৰ কৰে, কিন্তু বেছিকৈ খালে শৰীৰত হ’ব সমস্যা…

side effects of eating cucumber
তিয়হ খোৱাৰ পাৰ্শ্বক্ৰিয়া

দৈনন্দিন বাৰ্তা ডিজিটেলঃ আমাৰ স্বাস্থ্যৰ বাবে তিয়হ খোৱাটো অতি উপকাৰী, কিন্তু যদি তিয়হ অত্যধিকভাৱে খোৱা হয় তেন্তে শৰীৰৰ ক্ষতি হোৱাটো নিশ্চিত। এই ঋতুত প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই তিয়হ খাবলৈ পৰামৰ্শ দিয়ে, ই শৰীৰক জলসিঞ্চিত কৰি ৰাখে আৰু পাচনত কোনো সমস্যাৰ সৃষ্টি নকৰে। কিন্তু আপুনি জানেনে যে তিয়হ আমাৰ স্বাস্থ্যৰ বাবে যিমানেই উপকাৰী নহওক কিয়, অতিৰিক্তভাৱে খালে শৰীৰত সমস্যা হোৱাৰ সম্ভাৱনা।


অত্যধিক শসা খালে শৰীৰত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত হাইপাৰকেলেমিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তিয়হত Cucurbitacin উপাদান পোৱা যায় যাৰ ফলত বহু লোকৰ বদহজম হ’ব পাৰে। যিসকল লোকৰ ইতিমধ্যে পাচনতন্ত্ৰৰ সমস্যা আছে তেওঁলোকে বেছিকৈ তিয়হ খালে পেট ফুলাৰ সমস্যা হ’ব পাৰে। তিয়হত প্ৰাকৃতিক পানী থাকে আৰু ই শৰীৰত প্ৰচুৰ পৰিমাণে পানী যোগান ধৰে। আনহাতে গৰ্ভৱতী মহিলাইও জোখতকৈ অধিক তিয়হ খাব নালাগে।

লগতে পঢ়কঃ মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাল্টিস্পেচিয়েলিটী স্বাস্থ্য পৰীক্ষা শিবিৰ

Health Check-up Camp:মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাল্টিস্পেচিয়েলিটী স্বাস্থ্য পৰীক্ষা শিবিৰ…

health check-up camp
স্বাস্থ্য পৰীক্ষা শিবিৰ

দৈনন্দিন বাৰ্তা ডিজিটেলঃ ওদালগুৰি জিলা ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ উদ্যোগত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ RBSKৰ সহযোগত বৃহস্পতিবাৰে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাল্টিস্পেচিয়েলিটী স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিশু আৰু কিশোৰ কিশোৰীসকলৰ বাবে বিশেষভাৱে আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিবিৰটোত শিশু ৰোগ বিশেষজ্ঞ, নাক, কাণ বিশেষজ্ঞ আদিৰ লগতে মুঠ ১০ গৰাকীকৈ ডাক্তৰে ৰোগী পৰীক্ষা কৰে। এই শিবিৰটোত পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ওষধ বিতৰণ কৰা হয়। ইয়াৰ লগতে ১৫ বছৰৰ পৰা ১৮ বছৰৰ কিশোৰী সকলকো Sanitary Napkin Distribution কৰা হয়৷ এই স্বাস্থ্য শিবিৰটো উদ্ধোধন কৰে বিদ্যালয়ৰ অধ্যক্ষ সৰ্বানন্দ শৰ্মাই।

উদ্বোধনী অনুষ্ঠানত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ জ্যোতি কুমাৰ নাথ, ডা. চন্দন সাহা, ডা. হিৰণ্য গয়াৰী, ডা. খগেন নাথ,ডাঃ দিপাঞ্জলী বৰা, ডাঃসৌৰব বৰ্মন,ডাঃ নবনীতা হাজৰিকা, ডাঃ বিপি ৰাভা,ডাঃ হেমন্ত কুমাৰ চৌধুৰী,ফিজিঅ থেৰাপিষ্ট জ্যোতিষ্মান কলিতা, অপথেলমিক এচিচটেণ্ট যতীন বায়ন, RBSK কো অৰ্ডিনেটৰ মনোজ বসুমতাৰী, DEIC Manager অলকেশ শৰ্মা, ওদালগুৰি জিলাৰ 108ৰ EME ইকবাল হুচেইন জিলা পৰ্যায়ৰ বিষয়াৰ লগতে ওৰাং প্ৰাথমিক স্বাস্থ্য খণ্ডৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ ভাৰ্জিল শৰ্মা,ডাটা মেনেজাৰ ৰাজদীপ বৰা, ব্লক কো অৰ্ডিনেটৰ জুমিশ্ৰী শৰ্মা, স্বাস্থ্য কৰ্মী তৈয়বুৰ ৰহমান, ইনামুল হক জাভেদ, প্ৰনতি বসুমতাৰী, ৰঞ্জনা দাস ৰাভা, অৰ্চনা ডেকা, লগতে ব্লক পৰ্যায়ৰ বিষয়ববীয়া সকল উপস্থিত থাকে। উল্লেখযোগ্য যে ১০৮ মৃত্যুঞ্জয় বাহনে শিবিৰলৈ ছাত্ৰ ছাত্ৰীসকলক অনাৰ ক্ষেত্ৰত সেৱা আগবঢ়ায়।

লগতে পঢ়কঃ Malaria disease: ওদালগুৰি জিলাত মেলেৰিয়া ৰোগ সন্দৰ্ভত আই চি এম আৰ দলৰ গৱেষণা…

Malaria disease: ওদালগুৰি জিলাত মেলেৰিয়া ৰোগ সন্দৰ্ভত আই চি এম আৰ দলৰ গৱেষণা…

ICMR team's research on malaria
মেলেৰিয়া ৰোগ সন্দৰ্ভত আই চি এম আৰ দলৰ গৱেষণা

দৈনন্দিন বাৰ্তা ডিজিটেলঃ ওদালগুৰি জিলাত চলিত বৰ্ষত উদ্বেকজনক ভাৱে বৃদ্ধি পাইছে মেলেৰিয়া ৰোগীৰ সংখ্যা। ২০২০ বৰ্ষৰ পাছত এই বছৰতে সৰ্বাধিক ব্যক্তি মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ দলনিবস্তি অঞ্চলতে ৬৫ গৰাকী ব্যক্তি মেলেৰিয়াত আক্ৰান্ত হৈছে। মেলেৰিয়া ৰোগ বৃদ্ধিৰ প্ৰকৃত কাৰণ সমূহ কি তথা ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা সন্দৰ্ভত বিতং ভাৱে গৱেষণা কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাত বুধবাৰে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ ICMR ৰ এটি দলে ওদালগুৰি জিলাত উপস্থিত হয়। জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ যুটীয়া সঞ্চালকে ৬ আগষ্ট তাৰিখে আই চি এম আৰ লৈ গৱেষণাৰ বাবে দল প্ৰেৰণ কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই অনুৰোধ ৰক্ষা কৰি বুধবাৰে গৱেষণাৰ বাবে দিল্লীৰ পৰা এই দলটো উপস্থিত হয়।

ICMR team’s research on malaria

দিল্লীৰ পৰা অহা এই দলটোত আছে ডা.অভিনৱ যোশী, ডা. কুলদীপ সিং আৰু ডা. ৱাচিম আক্ৰাম মালিয়া। দলটোৱে বৃহস্পতিবাৰে দলনিবস্তি, ধনশিৰি চাহ বাগিচাৰ ৭ আৰু ৬ নং লাইন, লালপানি আদি অঞ্চল পৰিদৰ্শন কৰি ৰোগীসকলৰ সৈতে সাক্ষাৎ কৰি ৰোগীসকলে নিয়মিত ৰূপত ঔষধ সেৱন কৰিছে নে নাই আদিৰ বুজ লয়। দলটোৱে এই অঞ্চলত মেলেৰিয়া ৰোগ বৃদ্ধিৰ প্ৰকৃত কাৰণ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা সন্দৰ্ভত গৱেষণা কৰি প্ৰতিবেদন দাখিল কৰিব। পৰৱৰ্তী সময়ত এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে দলটোৱে বৃহস্পতিবাৰে সন্ধিয়া অতিৰিক্ত জিলা আয়ুক্ত চৰফ্ৰাজ হ’কৰ সৈতে এই বিষয়ত এক আলোচনাতো মিলিত হয়।

লগতে পঢ়কঃ Vigen India: নাজিৰাত ভিগেন ইণ্ডিয়াৰ ২৬ সংখ্যক বৰ্ষপূৰ্তিৰ অনুষ্ঠানত উপস্থিত দক্ষিণ কোৰিয়াৰ চুং চি ঝা…

Vigen India: নাজিৰাত ভিগেন ইণ্ডিয়াৰ ২৬ সংখ্যক বৰ্ষপূৰ্তিৰ অনুষ্ঠানত উপস্থিত দক্ষিণ কোৰিয়াৰ চুং চি ঝা…

26th anniversary celebrations of Vigen India in Nazira
ভিগেন ইণ্ডিয়াৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠান

দৈনন্দিন বাৰ্তা ডিজিটেলঃ ভিগেন ইণ্ডিয়াই অতিক্ৰম কৰিলে গৌৰৱোউজ্জ্বল ২৬ টা বসন্ত। এই ২৬ সংখ্যক বৰ্ষপুতিৰ দিনটোত ভিগেন ইণ্ডিয়াই নাজিৰাস্থিত শ্ৰী শ্ৰী গোৱৰধনধাৰী গো-শালা প্ৰেক্ষাগৃহত আয়োজন কৰিলে ২৬ সংখ্য বৰ্ষপূৰ্তি অনুষ্ঠান। আয়োজিত অনুষ্ঠানটিত ভিগেন ইণ্ডিয়াৰ প্ৰতিস্থাপক তথা সঞ্চালিকা, দক্ষিণ কোৰিয়াৰ বাসিন্দা চুং চি ঝা উপস্থিত থাকে।

26th anniversary celebrations of Vigen India in Nazira

দিন যোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা উক্ত অনুষ্ঠানটিত নাজিৰা, যোৰহাট, শিৱসাগৰ, সোণাৰিৰ লগতে আন বহু প্ৰান্তৰ শতাধিক ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোত দক্ষিণ কোৰিয়াৰৰ সঞ্চালিকা ক চুং-চি-ঝা ৰ লগতে অনুষ্ঠানটোত ভিগেন ইণ্ডিয়াৰ কেইবাগৰাকী বিষয়া ক্ৰমে CEO Mr. Sungon Park, Vigen India M.D Rebo Boruah, Vigen India R.D Anup Dihingia, Vigen India M.M Miss Porishmita Gogoi কে প্ৰমুখ্য কৰি বহুকেইজন গণমান্য ব্যক্তি উপস্থিত থাকে।

The MoU was signed under the chairmanship of Chief Minister Dr. Himanta Biswa Sharma মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ অধ্যক্ষতাত বুজাবুজি চুক্তি স্বাক্ষৰ

অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ অধ্যক্ষতাত বিশ্বদৰবাৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ও গুৰুজনাৰ মহানত্তম সৃষ্টি নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ ও প্ৰসাৰৰ হেতু অসম চৰকাৰ আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ মাজত বিশ্ববিদ্যালয়খনত শ্ৰীমন্ত শংকৰদেৱৰ অধ্যক্ষ প্ৰতিষ্ঠা কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

উক্ত অনুষ্ঠানৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰীযে এই অংশীদাৰিত্বই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ ভক্তি আন্দোলনৰ অধ্যয়ন আৰু গৱেষণাক অসমৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰাই নহয় ভক্তি আন্দোলনৰ ওপৰত ডক্টৰেট আৰু ডক্টৰেট ডিগ্ৰীৰ পিছৰ গৱেষণাও বহু পৰিমাণে সমৃদ্ধ কৰিব বুলি মতপোষণ কৰে৷

তাৰোপৰি মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমূলীয়া শিক্ষা বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰাৰ প্ৰচেষ্টাত বিশ্ববিদ্যালয়খনে সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে, যাৰ ফলত সাংস্কৃতিক জাতীয়তাবাদৰ মনোভাৱক আগুৱাই লৈ যাৱলৈ আহ্বান জঁনাই৷