Home Blog Page 554

The MoU was signed under the chairmanship of Chief Minister Dr. Himanta Biswa Sharma মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ অধ্যক্ষতাত বুজাবুজি চুক্তি স্বাক্ষৰ

অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ অধ্যক্ষতাত বিশ্বদৰবাৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ও গুৰুজনাৰ মহানত্তম সৃষ্টি নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ ও প্ৰসাৰৰ হেতু অসম চৰকাৰ আৰু বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ মাজত বিশ্ববিদ্যালয়খনত শ্ৰীমন্ত শংকৰদেৱৰ অধ্যক্ষ প্ৰতিষ্ঠা কৰিবলৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

উক্ত অনুষ্ঠানৰ ভাষণপ্ৰসংগত মুখ্যমন্ত্ৰীযে এই অংশীদাৰিত্বই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ ভক্তি আন্দোলনৰ অধ্যয়ন আৰু গৱেষণাক অসমৰ বাহিৰলৈ সম্প্ৰসাৰিত কৰাই নহয় ভক্তি আন্দোলনৰ ওপৰত ডক্টৰেট আৰু ডক্টৰেট ডিগ্ৰীৰ পিছৰ গৱেষণাও বহু পৰিমাণে সমৃদ্ধ কৰিব বুলি মতপোষণ কৰে৷

তাৰোপৰি মুখ্যমন্ত্ৰীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমূলীয়া শিক্ষা বিশ্ববাসীৰ সৈতে ভাগ-বতৰা কৰাৰ প্ৰচেষ্টাত বিশ্ববিদ্যালয়খনে সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে, যাৰ ফলত সাংস্কৃতিক জাতীয়তাবাদৰ মনোভাৱক আগুৱাই লৈ যাৱলৈ আহ্বান জঁনাই৷

Muslim Marriage and Divorce Compulsory Registration Bill, 2024″অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪” কি আছে এই বিধেয়কত

Muslim Marriage and Divorce Compulsory Registration Bill, 2024
Muslim Marriage and Divorce Compulsory Registration Bill, 2024

Muslim Marriage and Divorce Compulsory Registration Bill, 2024″অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বাধ্যতামূলক পঞ্জীয়ন বিধেয়ক, ২০২৪” কি আছে এই বিধেয়কত

এতিয়াৰ পৰা চৰকাৰীভাৱে বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব আৰু ছোৱালীৰ বাবে ১৮ বছৰ তথা ল’ৰাৰ বাবে ২১ বছৰৰ বিবাহৰ আইনী বয়স উলংঘন কৰিব নোৱাৰিব।

এই আইনে কিশোৰী গৰ্ভধাৰণৰ বিৰুদ্ধে এক কঠোৰ প্ৰতিৰোধক হিচাপে কাম কৰিব

এই আইনে কন্যা সন্তানৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰাত বিশেষ ভূমিকা গ্রহণ কৰিব।

Attack journalist ধুবুৰীত সাংবাদিক ছেলিম সেখ আৰু সাহিল সেখক আক্ৰমণ 

Journalists Salim Sheikh and Sahil Sheikh attacked in Dhubri
ধুবুৰীত সাংবাদিক ছেলিম সেখ আৰু সাহিল সেখক আক্ৰমণ

ধুবুৰীত সাংবাদিক ছেলিম সেখ আৰু সাহিল সেখক আক্ৰমণ।

ছেণ্ডিকেট বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ।

Dhuburi journalist

ছেণ্ডিকেট বাহিনীৰ বিৰুদ্ধে বাতৰি কৰাৰ বাবে বিকিৰ নেতৃত্বত এটি দলে সাংবাদিক ছেলিম সেখ তথা ছাহিল সেখক দলবদ্ধভাৱে আক্ৰমণ কৰে।

আক্ৰমণত গুৰতৰভাৱে আহত হয় সাংবাদিক ছেলিম সেখ ।

কিছুদিন পুৰ্বে বিকিৰ এখন নিষিদ্ধ বয়লাৰ ভৰ্তি বাহন ধুবুৰী আৰক্ষীয়ে জব্দ কৰিছিল ৷ সেই বাতৰি সাংবাদিকজনে কৰাৰ বাবে দলবদ্ধ আক্ৰমণৰ সন্মুখিন হ’ল সাংবাদিকজনে ৷

ধুবুৰী সদৰ আৰক্ষী থানাত বিকি আৰু আন কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷

ইপিনে দেশী জনগোষ্ঠীয় যুৱ মঞ্চৰ লগতে ঘটনা সন্দৰ্ভত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ সভাপতি আফজালুৰ ৰহমানৰ প্ৰতিক্ৰিয়া।

আনপিনে এই ঘটনাক কেন্দ্ৰ কৰি সদৌ অসম সাংবাদিক মঞ্চ,কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী Journalist Association’য়ে ধুবুৰী আৰক্ষী অধিক্ষকক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংবিধানিক পদমৰ্যাদা অৱমাননা কৰাৰ অভিযোগ!https://www.dainandinbartagroup.in/wp-admin/post.php?post=124689&action=edit

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাংবিধানিক পদমৰ্যাদা অৱমাননা কৰাৰ অভিযোগ!

হিমন্ত বিশ্বক অপসাৰণৰ দাবী জনাই ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ বিৰোধী ঐক্য মঞ্চৰ

সাংবিধানিক পদমৰ্যাদাক অৱমাননা কৰাৰ অভিযোগত ড০ হিমন্ত বিশ্ব শৰ্মাক শীঘ্ৰে মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব লাগে। এই দাবীৰে আজি দেশৰ ৰাষ্ট্ৰপতিলৈ ৰাজ্যপালৰ জৰিয়তে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে বিৰোধী ঐক্য মঞ্চ, অসমে।

বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটি প্ৰতিনিধি দলে আজি ৰাজভৱনলৈ যায়। ৰাজভৱনত ৰাজ্যপালৰ হৈ উক্ত স্মাৰকপত্ৰ গ্ৰহণ কৰে তেওঁৰ কাৰ্যালয় সচিব মীনাক্ষী সুন্দৰমে। এই প্ৰতিনিধি দলটোত আছিল সাংসদ ৰকিবুল হুছেইন, পিএলপিৰ দলৰ চৰণ ডেকা, চিপিএমৰ ইছফাকুৰ ৰহমান, ৰাইজৰ দলৰ ৰাছেল হুছেইন, তৃণমূল কংগ্ৰেছৰ অৰূপ ভূঞা, কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাকে ধৰি কেবাগৰাকী জ্যেষ্ঠ নেতা।

প্ৰতিনিধি দলটোৰ সৈতে যোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজপত্ৰিত বিষয়াগৰাকীক অৱগত কৰে যে মুখ্যমন্ত্ৰী হিচাপে সাংবিধানিক পদ মৰ্যাদাত থকা বিশ্বাসযোগ্যতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেৰুৱাই পেলাইছে আৰু সেয়ে এই বিষয়টো ৰাজ্যপালৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিক অৱগত কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে।

অসমত যাতে কোনো কাৰণতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নঘটে আৰু মণিপুৰৰ দৰে পৰিস্থিতি হ’বলৈ নাপায় তাৰবাবে সময় থাকোতেই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰিবলৈকো স্মাৰকপত্ৰৰ যোগেদি দাবী জনাইছে বিৰোধী ঐক্য মঞ্চই।

স্মাৰক পত্ৰত বিৰোধী ঐক্য মঞ্চই দিনদিয়েক পূৰ্বে গুৱাহাটীত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে পগলা কুকুৰ বুলি কৰা মন্তব্যৰ কথাও উল্লেখ কৰে। সাংবিধানিক পদত থকা এজন মানুহে কেতিয়াও নিজকে পগলা কুকুৰ বুলি কৈ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা হানি কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁ সাংবিধানিক পদত থকা সকলো যোগ্যতা হেৰুৱাই পেলাইছে বুলিও স্মাৰক পত্ৰত উল্লেখ কৰিছে বিৰোধী ঐক্য মঞ্চই।

লগতে বিধানসভাৰ বাহিৰে-ভিতৰে বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি অহা ভীষণ সাম্প্ৰদায়িক মন্তব্যসমূহৰ কথাও স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে। স্মাৰকপত্ৰখনত ক’ত কেতিয়া কেনেকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰসংগত সাম্প্ৰদায়িক সংঘৰ্ঘৰ উদগনি যোগাব পৰা মন্তব্য কৰিছে সেয়াও স্পষ্টকৈ উল্লেখ কৰি দিছে বিৰোধী ঐক্য মঞ্চই।

আইন-শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্বত থাকিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আইন-শৃংখলা ভংগ কৰিবলৈ ন্যস্ত স্বাৰ্থজনিত মহলক প্ৰৰোচিত কৰাৰ কথাও স্মাৰক পত্ৰখনত উল্লেখ কৰিছে। একেদৰে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বতে কিদৰে অবাধ হাৰত দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে সেয়াও উল্লেখ কৰিছে। এনে এগৰাকী সংবিধান বিৰোধী ব্যক্তি মুখ্যমন্ত্ৰীৰ দৰে পদত থকাৰ যোগ্য নহয় বুলি উল্লেখ কৰি ৰাজ্যখনত শান্তি-সম্প্ৰীতি অব্যাহত ৰখাৰ স্বাৰ্থত শীঘ্ৰেই অপসাৰণৰ ব্যৱস্থা কৰিবলৈ স্মাৰকপত্ৰযোগে আহ্বান জনাইছে বিৰোধী ঐক্য মঞ্চই।

ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুশীলন বা প্ৰদৰ্শনৰ সম্পৰ্কে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিশেষ সামাজিক মাধ্যম পোষ্ট ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ অনুশীলন বা প্ৰদৰ্শনৰ সময়ত শেহতীয়াকৈ কেইবাটাও অঘটন ঘটিছে। কৰবাত ৰেম্পত মটৰ চাইকেল চলাওতে অভিনেতা বাগৰি পৰিছে, কৰবাত বিপজ্জনক ভাৱে নাচিবলৈ গৈ অভিনেত্ৰী তললৈ সৰি পৰিছে। এখন মঞ্চত দেখিলো অভিনেতাই এনিমেল চিনেমাৰ ৰণবীৰ কাপুৰক নকল কৰি এটা ৫০০কেজিৰ বিশালাকাৰ মভেবল মেচিন গান লৈ দপদপাই আছে।


এসময়ত ভবেন্দ্ৰ নাথ শইকিয়া, মুনীন বৰুৱা, হেমন্ত দত্ত, অৰুণ শৰ্মা আদিৰ সংবেদনশীল নাটক লৈ দৰ্শকক আপ্লুত কৰি ৰখা ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত কেতিয়ানো এনে ষ্টান্ট সংস্কৃতি সোমালহি গমেই নাপালো। এবাৰ মোৰ এটা গল্প লৈ এখন আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰে নাটক কৰিলে।চাই আহি দুই এজনে কলে- ভালেই লাগিল। নাটকৰ প্ৰথম দৃশ্যতে বোমা ব্লাষ্ট হৈ পুলিচৰ জীপ এখন বহু ওপৰলৈ উৰি গৈছে।মই আচৰিত হলো, মোৰ গল্পটোত এইটো দৃশ্য কেনেকৈ খাপ খাব? ভ্ৰাম্যমাণ থিয়েটাৰখনৰ কৰ্তৃপক্ষই মোক কেইবাবাৰো অনুৰোধ কৰাতো মই মোৰ গল্প আধাৰিত নাটক খন চাবলৈ নগলো।কিবা ভাল নালাগিল।


যতীন বৰা, শ্যামন্তিকা,প্ৰস্তূতি পৰাশৰ আদি গুণী অভিনেতা। তেওঁলোকৰ দ্বাৰা এনে বিপজ্জনক ষ্টান্ট বা গিমিক নকৰালেও মানুহে ভাল নাটক চাবলৈ আহিব। আজিও মই ভাবো অসমত বহু ভাল নবীন নাট্যকাৰ আছে, যি নতুন চিন্তাৰে নতুন কন্টেন্টেৰে মঞ্চ কপাঁই দিব পাৰিব।বলীউড আৰু দক্ষিণী চিনেমা অক্ষম অনুকৰণেৰে দৰ্শকক আৰু কিমান দূৰ ধৰি ৰাখিব, যদি দৰ্শকে চায়ো আৰু কিমান দূৰলৈ যাব থিয়েটাৰ কৰ্তৃপক্ষ? দক্ষিণী চিনেমা বা বলীউডৰ ষ্টান্টৰ লগত কিমান দূৰলৈ ফেৰ মাৰিব ?


মানুহে নাটক চাবলৈ গৈ চাৰ্কাছ কিয় চাব? এনে বিজতৰীয়া শৈলীৰ নাটকেৰে নাট্যপ্ৰেমীৰ ৰুচিবোধকে উপলুঙা কৰা হোৱা নাই জানো??

কেতিয়া হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা?

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয়বৰ্গৰ পৰীক্ষা

আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা

তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৫ ছেপ্টেম্বৰত

২৯ ছেপ্টেম্বৰত আগবেলা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু পিছবেলা অনুষ্ঠিত হ’ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা

ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চৰ হাতে-লুটে গ্ৰেপ্তাৰ লাট মণ্ডল যোখেশ্বৰ মৰাণক…

arrest circle officer
ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চে হাতে-লুটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল এজনক

ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চে হাতে-লুটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল এজনক । লাট-মণ্ডল জনৰ নাম যোখেশ্বৰ মৰাণ বুলি জানিব পৰা গৈছে । বৰ্তমানো চি এম ভিজিলেঞ্চে যোখেশ্বৰ মৰাণক সুধা-পোছা অব্যাহত ৰখাৰ লগতে তেওঁৰ ঘৰটো জেৰা আৰু তালাচি চলাই থকাৰ খবৰ পোৱা হৈছে ।

উল্লেখযোগ্য যে আগন্তুক অক্টোবৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিব লগীয়া আছিল । ডুম-ডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বহু খেলি মেলিৰ আঁৰত তেওঁ থকা বুলিও জানিব পৰা গৈছে।

এজন প্ৰশিক্ষণ প্ৰাপ্ত এছ কে (চুপাৰভাইজৰ কাননগু)কাৰ্যালয়ত থকাৰ চৰ্তেও প্ৰশিক্ষণ প্ৰাপ্ত জনৰ বিপৰীতে ধৃত লাট মণ্ডল যোখেশ্বৰ মৰাণে এছ কেৰ দায়িত্বত থকাটো এক ৰহস্যৰ সম্ভেত সৃষ্টি কৰিছে । চি এম ভিজিলেঞ্চে সকলো তালাছি আৰু জেৰা সম্পূৰ্ণ কৰাৰ পাছত হে জানিব পৰা যাব ধৃত মণ্ডল জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়কঃ https://www.dainandinbartagroup.in/north-easts-so-called-rich-utibber-is-again-caught-in-the-web-of-fraud-fir-lodged-at-police-station/নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল ! থানাত এজাহাৰ দাখিল…

শ্বাহৰুখ খানৰ চুবুৰীয়া হ’ব দীপিকা-ৰণবীৰ! অতি সোনকালে ১০০ কোটি টকাৰ অট্টালিকাত দেখা যাব দীপিকা-ৰণবীৰক…

Deepika-Ranveer New Flat
শ্বাহৰুখ খানৰ নেইবাৰ হ'ব দীপিকা-ৰণবীৰ

বলীউডৰ অন্যতম প্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে অতি সোনকালে প্ৰথম সন্তানক আদৰিবলৈ ওলাইছে। চলিত বৰ্ষৰ আৰম্ভণিতে দুয়োজনে প্ৰথম সন্তানৰ ভাল খবৰ অনুৰাগীক দিছিল, ছেপ্টেম্বৰ মাহতে হয়তো দুয়ো পিতৃ-মাতৃ হ’ব। প্ৰথম সন্তানক লৈ দীপিকা আৰু ৰণবীৰৰ অনুৰাগীসকল অতিশয় উৎসাহিত। ইফালে প্ৰথম সন্তানক আদৰণি জনোৱাৰ লগতে দীপিকা-ৰণবীৰেও নতুন ঘৰলৈ স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে। বিশেষ কথাটো হ’ল এই দম্পতী শ্বাহৰুখ খানৰ প্ৰতিবেশী হ’বলৈ সাজু হৈছে। খবৰ অনুসৰি তেওঁলোক ফ্লেটতো প্ৰায় ১০০ কোটি টকাৰ। বান্দ্ৰাৰ বেণ্ডষ্টেণ্ড এলেকাত সাগৰমুখী চাৰি মহলীয়া অট্টালিকাটোৰ ভিতৰৰ ঠাই ১১,২৬৬ বৰ্গফুট। ইয়াৰ উপৰিও এই ফ্লেটটোত ১৩৩০ বৰ্গফুটৰ টেৰেচৰ স্থানো থাকিব।

Deepika-Ranveer New Flat

কেৱল এয়াই নহয়, অট্টালিকাটোৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে, দেখাত যথেষ্ট বিলাসী যেন লাগিছে। ভিডিঅ’টোত দেখা গৈছে যে অট্টালিকাটোৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। এনে পৰিস্থিতিত দম্পতীহালে নতুন ঘৰত প্ৰথম সন্তানক আদৰি ল’ব পাৰে বুলি ক’লেও ভুল নহ’ব।

লগতে পঢ়কঃ পদবী সলনি হ’লেও দল সলনি নহয়ঃ ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি!

নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল ! থানাত এজাহাৰ দাখিল…

rich youtuber frauds
পুনৰ প্ৰৱঞ্চনাৰ জালত ইউটিবাৰ

নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল,থানাত এজাহাৰ দাখিল।

আৰক্ষীৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ

তৎকালীন ভাৱে আৰক্ষী বিষয়া বদলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান

এসময়ৰ তথাকথিত উত্তৰ পুৰ্ৱাঞ্চলৰ ধনী ইউটিবাৰ নামে খ্যাত তথা পকচো আইনৰ অধীনত জেল ফেৰৎ ইউটিউবাৰ মুস্তাফিজুৰ ৰহমানৰ অপৰাধৰ তালিকা খন সৰ্বজনবিদিত। নাৰী কেলেংকাৰীৰ পৰা আৰম্ভ কৰি শিশুক যৌন নিৰ্যাতন চলোৱা, গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে গাঁওবাসীৰ বাসগৃহত সোমাই মাৰপিট কৰাৰে পৰা বহু অপৰাধ জনীত কামত জড়িত থকাৰ বহুকেইটা গোচৰত অভিযুক্ত ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান। ইতিমধ্যে মুস্তাফিজুৰৰ বিৰুদ্ধে গোৱালপাৰা আদালতত বিচাৰধীন প্ৰক্ৰিয়াত চলি আছে বহুকেইটা গোচৰ।

এইবাৰ আন এক অপৰাধ জনীত কামত লিপ্ত হৈ পৰিছে এইগৰাকী তথাকথিত ইউটিউবাৰ। জানিব পৰা মতে গোৱালপাৰাৰ জ্যোতিৰময় জে গুৰুং নামৰ এটা ইউটিউব চেনেলত গোৱালপাৰাৰ কেতবোৰ খিলঞ্জীয়া যুৱকে বিভিন্ন ধৰণৰ সংগীত- নৃত্যৰ ভিডিঅ’ আপলোড কৰি ইউটিউব চেনেলটোৰ যোগেদি স্বাৱলম্বীৰ এক পথ বাচি লৈছিল । কিন্ত বিশেষ কাৰণত জ্যেতিৰ্ময় জে গুৰুং চেনেলটো ইউটিউবৰ পৰা বিলীন হৈ গৈছিল আৰু এই চেনেলটো পুনৰুদ্ধাৰ কৰিবৰ বাবে যুৱক কেইজনে লম্পট ইউটিউবাৰ মুস্তাফিজুৰৰ সহায় বিচাৰিছিল।

চেনেল পুনৰুদ্ধাৰৰ নামত যুৱক কেইজনৰ পৰা প্ৰৱঞ্চক ইউটিউবাৰ মুস্তাফিজুৰে ছয়চল্লিশ হাজাৰ টকাও লৈছিল। উল্লেখ্য যে পৰৱৰ্তী সময়ত প্ৰৱঞ্চক মুস্তাফিজুৰে জ্যোতিৰ্ময় জে নামৰ চেনেলটো পুনৰুদ্ধাৰ কৰে যদিও চেনেলটোৰ পূৰ্বৰ নাম সলনি কৰি ৰুবিনা মিউজিক কোম্পানী নাম দি চেনেলটো ঘুৰাই দিবলৈ অমান্তি হয় আৰু পুৰ্বৰ স্বত্বাধিকাৰী জ্যোতিৰ্ময় সূত্ৰধৰক ধন দাবী দিয়াৰো অভিযোগ উত্থাপিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত মুস্তাফিজুৰৰ বিৰুদ্ধে জ্যেতিৰ্ময়ৰ সুত্ৰধৰৰ আৰু চেনেলটোত জড়িত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱক সমুহৰ লগতে সদৌ অসম সুত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্মীকান্ত সূত্ৰধৰে গোৱালপাৰা সদৰ থানাত উপস্থিত হৈ এখন এজাহাৰ দাখিল কৰে।

লগতে পঢ়কঃWe Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ…

We Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ…

We Want Justice
We Want Justice

গামৰিণ মাকাট হত্যাকাণ্ড উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবীত মাৰ্ঘেৰিটাত তিনিদিনীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। We Want Justice ধ্বনিয়ে মুখৰিত মাৰ্ঘেৰিটাৰ আকাশ-বতাহ। লেখাপানী চেণ্টপল স্কুলৰ ছাত্ৰ গামৰিণ মাকাট হত্যাকাণ্ডক লৈ বৰ্তমানেও উত্তাল হৈ আছে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চল। যোৱা ১ আগষ্টত লেখাপানী উদয়পূৰৰ চেণ্টপল স্কুলৰ আৱাসিক চৌহদত এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল গামৰিণ মাকাট মৃতদেহ। উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল অসম অৰুণাচল সীমান্তঞ্চল জাগুন।

মৃত ছাত্ৰ গামৰিণ মাকাটৰ পৰীয়ালে ছাত্ৰজন হত্যাকাণ্ড বুলি হোৱা বুলি বিদ্যালয়খনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰছিল। স্থানীয় দল সংগঠনে এই ঘটনাৰ উচিত তদন্ত বিচাৰি বিভিন্ন সময়ত সাব্যস্ত কৰি আহিছে উত্তাল প্ৰতিবাদ।প্ৰায় এক মাহ দিন উকলি যোৱা পিছতো পৰিয়ালৰ লোকে গামৰিণ মাকাটৰ হত্যাকাণ্ড ন্যায় নোপোৱা প্ৰতিবাদত আজিৰে পৰা পুনৰ চিংফৌ জাতীয় পৰিষদ আৰু সদৌ চিংফৌ ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটাত তিনিদিনীয়াকৈ গ্ৰহণ কৰা হৈছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূচীলৈ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন তথা ৰাইজে পুৰ্ণ সমথৰ্ন আগবঢ়াইছে।

লগতে পঢ়কঃ কোন দিশে মুখ কৰি খাদ্য খাব লাগে? ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ কোন দিশে খাদ্য খাব…