Home Blog Page 555

কোন দিশে মুখ কৰি খাদ্য খাব লাগে? ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ কোন দিশে খাদ্য খাব…

খাদ্য খোৱাৰ আছে বহু নিয়ম। খাদ্য খোৱাৰ সময়ত কিছুমান নিয়ম মানি চলিব লাগে। এই সমূহ নিয়ম মানি চলিলে আপুনি অগাধ সম্পত্তি অধিকাৰী হ'ব পাৰিব।
খাদ্য খোৱাৰ সঠিক দিশ

দৈনন্দিন বাৰ্তা ডিজিটেলঃ এষাৰ কথা আছে যে আপুনি যি খাদ্য খাওক, সেই খাদ্য আপোনাৰ মনটোৱেও খাব লাগে। গতিকে খাদ্য প্ৰস্তুত আৰু খোৱা সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম মানি চলিব লাগে। যাতে জীৱনত সুখ আৰু সমৃদ্ধি থাকে। বাস্তু শাস্ত্ৰ মতে সদায় সঠিক দিশৰ ফালে মুখ কৰি খাদ্য খোৱা উচিত, অন্যথা ভুল দিশত বহি বা ভুল দিশত মুখ কৰি খাদ্য গ্ৰহণ কৰিলে জীৱনত বিপদৰ সৃষ্টি হয়।

বাস্তু শাস্ত্ৰৰ মতে পূব বা উত্তৰ-পূব দিশলৈ মুখ কৰি খাদ্য খোৱাটো অতি শুভ। এই দিশৰ ফালে মুখ কৰি খাদ্য খালে মাতৃ লক্ষ্মী সন্তুষ্ট হয়। ধন-সম্পত্তি বাঢ়ি গৈ থাকে। খাদ্য খোৱাৰ বাবেও পশ্চিম দিশটো অশুভ বুলি গণ্য কৰা হয়। পশ্চিম দিশৰ সন্মুখত খাদ্য খোৱাটোৱে ঋণ বৃদ্ধি কৰে, কিন্তু যিসকল যুৱক-যুৱতীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে পশ্চিম দিশৰ সন্মুখত খাদ্য খোৱাটো ভাল। দক্ষিণ দিশত খাদ্য খোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতি হয়। দক্ষিণ দিশক খাদ্য খোৱাৰ বাবে আটাইতকৈ অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাবে ৰোগ বিয়পি পৰে আৰু আয়ুস কমি যায়। জীৱনত নেতিবাচকতা বৃদ্ধি পায়।

বাস্তু শাস্ত্ৰৰ মতে কেতিয়াও বিচনাত বহি খাদ্য নাখাব। বিচনাত বহি খাদ্য খালে মাতৃ লক্ষ্মীৰ খং উঠে, লগতে ঋণ আৰু দৰিদ্ৰতা বাঢ়ি যায়। কেতিয়াও ভঙা বাচনত খাদ্য নাখাব আৰু ঘৰত নাৰাখিব। ভঙা বাচন ঘৰত ৰখাটো অশুভ।ভুলতেও খাদ্য বা শস্য অপচয় নকৰিব। সদায় যিমান খাদ্য খাব পাৰে সিমানহে খাদ্য ল’ব। খাদ্য নষ্ট কৰিলে মাতৃ মাতৃ লক্ষ্মীক খং উঠে আৰু দৰিদ্ৰতাই প্ৰাধান্য পায়।

লগতে পঢ়কঃ গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন চুৰি বাহন

Forest guard found dead in Orang: প্ৰায় আঢ়ৈ ঘণ্টা ধৰি বাঘৰ মুখত ধনমণি ডেকা…

Forest guard found dead in Orang National Park in Assam tiger attack suspected
প্ৰায় আঢ়ৈ ঘণ্টা ধৰি বাঘৰ মুখত ধনমণি

দৈনন্দিন বাৰ্তা,২৯ আগষ্ট: বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। ৰাইফল হাতত লৈ গৈ থকা অৱস্থাত সতীৰ্থৰ সন্মুখৰ পৰাই প্ৰকাণ্ড বাঘে এজন গৃহৰক্ষী জোৱানক থপিয়াই লৈ গ’ল ঘন জংঘললৈ। জানিব পৰা মতে বুধবাৰে সন্ধিয়াৰ ভাগত উদ্যান খনৰ বিলপাৰ বন শিবিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ধনমণি ডেকা আৰু হাতীৰ মাউত শ্বাহাজুল হকৰ সৈতে হাতী লৰাবলৈ পাছনৈৰ পাৰে পাৰে কাহিবাৰী বন শিবিৰলৈ গৈছিল আবেলি প্ৰায় ৫:৩০ বজাত। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰি থপিয়াই ধনমণি ডেকাক জংঘললৈ যোৱাৰ সময়তে ধনমণিয়ে চিঞৰি মাতিছিল সতীৰ্থ শ্বাহাজুল হকক। সেই সময়তে শ্বাহাজুল হকে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। ধনমণিক কিছু নিলগত চোচৰাই লৈ যোৱাৰ পিছতে ধনমণিৰ হাতৰ পৰা পিছলি পৰে ৰাইফল। পিছত সতীৰ্থ হাতীৰ মাউত শ্বাহাজুল হকে বাৰ বাৰ গুলি ফুটুৱাৰ পিছতো বাঘে এৰি দিয়া নাছিল ধনমণিক।

তৎক্ষণাত সেই খবৰ বিয়পি পৰে সমগ্ৰ উদ্যানত৷ তাৰ পিছতেই উদ্যান খনত চলে ধনমণিক বিচাৰি তীব্ৰ উদ্ধাৰ অভিযান। অভিযানত প্ৰায় ১০ টা হাতীৰ জৰিয়তে ৫০ গৰাকী বনকৰ্মীৰ দলে চলাই অভিযান। প্ৰায় আঢ়ৈ ঘণ্টাৰ শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ হয় সৎ, আদৰ্শবান তথা সদায় সকলো কামত আগ-ভাগ লোৱা ব্যক্তি ধনমণি ডেকাৰ মৃতদেহ। ধনমনি ডেকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অভিজ্ঞ বনকৰ্মচাৰী। ধনমনি ডেকা গৃহৰক্ষী জোৱান হিচাপে ওৰাঙত একেৰাহে ১৫ বছৰ মান সেৱা আগবঢ়াই আহিছিল।


ধনমনি ৩২ বছৰীয়া চফল ডেকা। ঘৰ ছিপাঝাৰৰ হাতীমৰা নগাঁৱত। দীৰ্ঘ কাল সেৱা আগবঢ়ায় অহা সূত্ৰে সকলো কামতে অভিজ্ঞ আৰু পাৰদৰ্শী। ধনমনিয়ে কেইমাহ মানৰ আগতে বিয়া কৰাইছিল ৷ এনে ঘটনা অতি বিৰল। ওৰাঙত সম্ভৱতঃ ২০০৬ চন মানত এনে ধৰণৰ এটা ঘটনা ঘটিছিল। সম্প্ৰতি সমগ্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰিছে শোকৰ ছাঁ।

লগতে পঢ়ক: ছিপাঝাৰৰ ভেৰুৱাত মিণ্টু শৰ্মা নামৰ যুৱকজনক ডকাইতৰ আক্ৰমণ…

বিদ্যালয়ৰ পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল চাপৰৰ এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক…

এইবাৰ চাপৰত ৰঙা ঘৰৰ আলহী হ’ল এখন চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক । বিদ্যালয়ৰ পুঁজিৰ ধন আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহী হ’ল চাপৰ-শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত ২২৫৪ নং সন্তোষপুৰ এল.পি.স্কুলৰ প্ৰধান শিক্ষক তুলিৰাম দাস(৪০)

উল্লেখযোগ্য যে বিদ্যালয়ৰ মধ্যাহ্ন ভোজন,আন্ত:গাঁথনি আৰু গৃহ মেৰামতিৰ তথ্য অনুসৰি প্ৰায় ২.৫ লাখ টকা আত্মসাৎ কৰি পলাই আছিল প্ৰধান শিক্ষকগৰাকী ।

ইয়াৰ উপৰিও আৰু কেইবা লক্ষাধিক টকা আত্মসাত কৰাৰ অভিযোগ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে অৱশেষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীৰ

এজাহাৰৰ ভিত্তিত শালকোছা আৰক্ষীয়ে বিহপুৰীয়া আৰক্ষীৰ সহযোগত লক্ষ্মীপুৰৰ ৰূপতোলীৰ পৰা আটক কৰিবলৈ সক্ষম হয় প্ৰধান শিক্ষক গৰাকীক

পদবী সলনি হ’লেও দল সলনি নহয়ঃ ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি!

অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি। ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তুতি চলিছে বুলি খবৰ ওলাইছে। কংগ্ৰেছৰ বিধায়ক ২১ জন। খবৰ অনুসৰি প্ৰায় ১৮- ১৯ গৰাকী বিধায়কে ভূপেন বৰাৰ বিৰুদ্ধে থিয় দিছে!

আনহাতে শেহতীয়াকৈ লোকসভা নিৰ্বাচনতো কংগ্ৰছে ভাল ফলাফল দেখুৱাইছে। গতিকে ভূপেন বৰাৰ ঠাইত অন্য এজনক সভাপতি পাতিব মন। সূত্ৰ অনুসৰি এই গোটেই বিষয়টো নেতৃত্ব দিছে এজন কংগ্ৰেছী সাংসদে। আনহাতে এই বিযয়ৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় পদবী সলনি হ’লেও দল সলনি নহয়।

গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন চুৰি বাহন…

গুৱাহাটী মহানগৰীত আজৱ ঘটনা! ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন বাহন চুৰি। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত লোককেইজন পৰেশ দলে, ৰাকেশ গোৱালা, ৰাতুল কাকতি।

তিনিওৰে পৰা জব্দ কৰা হৈছে ঘটনাত জড়িত থকা বহু তথ্য-প্ৰমাণ। পৰেশ দলেই প্ৰায় ৪ লাখ টকাত বিক্ৰী কৰিছিল বাহনসমূহ।

বাৰে বাৰে প্ৰস্ৰাৱৰ সংক্ৰমণত ভুগিছে নেকি? পুৰুষতকৈ মহিলাৰ এই সংক্ৰমণৰ সম্ভাৱনা বেছি…

প্ৰস্ৰাৱৰ সংক্ৰমণৰ সমস্যা পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত দেখা যায় যদিও মহিলাসকলে এই সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি। বেছিভাগ মহিলাই প্ৰস্ৰাৱৰ সংক্ৰমণত অসুবিধা পায়, এনে পৰিস্থিতিত আজি আমি আপোনালোকক কিছু প্ৰতিকাৰ আৰু ফলাফলৰ বিষয়ে ক’ম, যিয়ে আপোনাক সকাহ দিব। ইয়াৰ পৰা সকাহ পাবলৈ বহুতে ঔষধ খায়। কিন্তু ঔষধৰ অত্যধিক সেৱন স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক।

ফল-মূল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। এইবোৰ আমাৰ খাদ্য তালিকাত নিতৌ অন্তৰ্ভুক্ত কৰি আমি ৰোগৰ পৰা আঁতৰি থাকিব পাৰো। তেনেকুৱা এবিধ ফল হৈছে তৰমুজ। গ্ৰীষ্মকালত সৰ্বাধিক বিক্ৰী হোৱা তৰমুজ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। তৰমুজত ৯২% পানী থাকে, যিয়ে আমাৰ শৰীৰৰ পানীৰ অভাৱ পূৰণ কৰে। তৰমুজক মহিলাৰ বাবে ঔষধ হিচাপে গণ্য কৰা হৈছে। আপোনালোকক কওঁ যে মহিলাৰ প্ৰস্ৰাৱৰ সংক্ৰমণ এটা সাধাৰণ সমস্যা।

গ্ৰীষ্মকালত এই সমস্যা আৰু অধিক বৃদ্ধি পায়। ইয়াৰ বাবে প্ৰস্ৰাৱত বেক্টেৰিয়া হোৱাৰ সম্ভাৱনাও দেখা যায়। এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গৰমৰ দিনত দৈনিক তৰমুজ খাব লাগে। তৰমুজে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে আৰু প্ৰস্ৰাৱৰ সংক্ৰমণ ৰোধ কৰে। তৰমুজ খালে প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰাৰ পৰাও সকাহ পোৱা যায়।

NCRB ৰ তথ্য মতে ভাৰতত শিক্ষাৰ্থীৰ চৰমপন্থা গ্ৰহণৰ হাৰ বছৰি ২% বৃদ্ধি…

উদ্বেগজনক! চৰমপন্থা গ্ৰহণ কৰা কৃষকৰ তুলনাত বৰ্তমান ভাৰতত চৰমপন্থা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যা অধিক। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু মধ্য প্ৰদেশত ইয়াৰ হাৰ সৰ্বাধিক ।

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ (NCRB)ৰ তথ্য মতে, ভাৰতত শিক্ষাৰ্থীৰ চৰমপন্থা গ্ৰহণৰ হাৰ বছৰি ২% বৃদ্ধি।

বিগত ১০ বছৰত ০-২৪ বছৰীয়া লোকৰ জনসংখ্যা ৫৮২ নিযুতৰ পৰা ৫৮১ নিযুতলৈ হ্ৰাস, চৰমপন্থা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৩,০৪৪ জনলৈ বৃদ্ধি ।

কলেষ্টেৰলৰ পৰা মুক্তি পাবলৈ কোনবিধ তেল ব্যৱহাৰ কৰিব…

ভাৰতীয় পাকঘৰত তিলৰ তেল ব্যৱহাৰ কৰা হয়। ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি চালাড ড্ৰেছিংলৈকে এই তেল ব্যৱহাৰ কৰা হয়। মূলতঃ এই তেল সোৱাদ আৰু সুগন্ধিৰ বাবে জনাজাত। এই তেলৰ ঔষধি গুণৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। তিল তেলত চেচমল আৰু চেচামিনল নামৰ দুটা এন্টিঅক্সিডেন্ট থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হয়। বিশেষকৈ যদি আপোনাৰ এল ডি এল কলেষ্টেৰল বৃদ্ধি পায় তেন্তে আপুনি আপোনাৰ খাদ্যত তিলৰ তেল অন্তৰ্ভুক্ত কৰিব লাগিব।

এক গৱেষণাৰ মতে তিল তেল হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। ই প্ৰাকৃতিকভাৱে কলেষ্টেৰল হ্ৰাস কৰাৰ কাম কৰে। তিল তেলৰ সুফল পাবলৈ দৈনিক ইয়াৰ ৩-৪ চামুচ সেৱন কৰিব লাগিব।

তিল তেলৰ পৰাও কি কি সুফল পোৱা যায়-

  • তিল তেলত এন্টিঅক্সিডেন্ট, ভিটামিন ই আৰু চেচামোলিন আদি পুষ্টিকৰ উপাদান থাকে। এই উপাদানসমূহে ছালত আৰ্দ্ৰতা প্ৰদান কৰে, বয়সৰ লক্ষণ কমায় আৰু ছালখনক সুস্থ কৰি ৰাখে।
  • তিল তেলত থকা জিংক আৰু চেচামোলিনৰ দৰে উপাদানে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ অন্যান্য সমস্যা দূৰ কৰাত ই সহায়ক হ’ব পাৰে।
  • শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শক্তিৰ মাত্ৰা বজাই ৰখাত তিল তেল সহায়ক।

ডায়েবেটিছ ৰোগীৰ বাবেও এই তেল অতি উপকাৰী।

‘২০২৬ত বিপদ হ’ব বুলি গম পাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে’ : সাংসদ সুস্মিতা দেৱ…

‘২০২৬ত বিপদ হ’ব বুলি গম পাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে’।

মিঞা খেদা প্ৰসংগক লৈ মুখ খুলিছে সাংসদ সুস্মিতা দেৱে।

শিৱসাগৰত মাৰোৱাৰী সমাজে ক্ষমা খোজা ঘটনাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত সুস্মিতা দেৱৰ।

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল তামুলপুৰৰ ছাত্ৰ সন্থাৰ সদস্য নিৰঞ্জন মেধীৰ…

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল তামুলপুৰৰ লাউপাৰা শাখা ছাত্ৰ সন্থাৰ এগৰাকী সদস্যৰ।

সমনীয়াৰ লগত বৰনদীত গা ধুবলৈ মৃত্যু মুখত পৰে সদস্য গৰাকী।

মৃত যুৱক গৰাকীৰ নাম নিৰঞ্জন মেধী (১৯)।

মৃত যুৱকজন তামুলপুৰ জিলাৰ লাউপাৰাৰ।

লাউপাৰা শাখা ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য আছিল মৃত নিৰঞ্জন মেধী।

লাউপাৰাৰ শান্তো মেধীৰ পুত্ৰ নিৰঞ্জন মেধী তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল।