Home Blog Page 559

বিনা প্ৰতিদ্বন্দিতাৰে আই চি চিৰ অধ্যক্ষ নিৰ্বাচিত হ’ল জয় শ্বাহ…

একমাত্ৰ হিচাপে মনোনয়ন পত্ৰ দাখিলৰ পিছত বি চি চি আইৰ ৩৫ বছৰীয়া সম্পাদক জয় শ্বাহ আই চি চিৰ ( আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ ) পৰৱৰ্তী অধ্যক্ষ হোৱাটো নিশ্চিত হ’ল ।

এই ক্ষেত্ৰত তেওঁ পঞ্চমগৰাকী ভাৰতীয় । শ্বাহে অৱশ্যে অহা ডিচেম্বৰতহে কাৰ্যভাৰ লোৱাৰ সম্ভাৱনা আছে ।

তেনেহলে বি চি চি আইৰ পৰৱৰ্তী সচিব কোন হ’ব ? এতিয়া তাৰেই কুচকাৱাজ আৰম্ভ হ’ব । সম্ভাব্য প্ৰাৰ্থী হিচাপে আন কেইবাগৰাকীৰ লগতে বি চি চি আইৰ যুটীয়া সম্পাদক দেৱজিত শইকীয়াৰ নামো ওলাইছে ।

সোণাপুৰত সন্দেহযুক্ত নাগৰিকৰ উচ্ছেদৰ প্ৰসংগ

২৭ আগষ্ট, সোণাপুৰ : সন্দেহজনক নাগৰিকৰ বাসগৃহত  অবৈধভাবে বিদ্যুৎ সংযোগ দিয়াৰ বিৰুদ্ধে আজি প্ৰতিবাদ উত্তাল হল সোণাপুৰ ।সোণাপুৰৰ নতুন বজাৰস্থিত বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত ডিমৰীয়াৰ বিভিন্ন দল-সংগঠনে অবৈধ বিদ্যুৎ সংযোগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে  ৷

উল্লেখ্য যে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবিলা, পাৰগোমা,বেলটিলা, সোণাপুৰ পথাৰ, কচুতলি আদি অঞ্চলত দীৰ্ঘ  দিন ধৰি সন্দেহজনক লোক প্ৰৱেশৰ লগতে চৰণীয়া পথাৰ, চৰকাৰী ভূমি আৰু জনজাতীয় আবেষ্টনী অঞ্চলত বসবাস কৰাৰ অভিযোগ পোৱা গৈছিল  ৷ তেনে চৰকাৰী ভূমিত বসবাস কৰা  সন্দেহজনক আৰু অবৈধ নাগৰিকৰ গৃহত বিদ্যুৎ বিভাগে কেনেকৈ আৰু কি হিচাপে বিদ্যুৎ সংযোগ দিলে তাক লৈ এতিয়া সমগ্ৰ ডিমৰীয়বাসীৰ দল সংগঠনৰ  মাজত ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷ তাৰোপৰি খিলঞ্জীয়াক বঞ্চিত কৰি অবৈধ ভূমি বেদখলকাৰীক চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস গৃহও দিয়া হৈছিল  ৷

এনেবোৰ কাৰ্য্যৰ বাবে   স্হানীয় ৰাইজ  আৰু দল সংগঠন মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ যাৰ বাবে আজি সোণাপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি  প্ৰতিবাদ সাব্যস্ত কৰে স্হানীয় দল সংগঠনৰ লগতে ৰাইজ  ৷মন কৰিবলগীয়া যে কেইদিনমান পূৰ্বে মৰিগাওঁ জিলাৰ নাঙেলী অঞ্চলৰ পৰা ঘৰ নিৰ্মাণৰ বহু সামগ্ৰী লৈ কেইবাখনো ট্ৰেক্টৰ নিশা এঘাৰ মান বজাত সোণাপুৰৰ কচুতলি অভিমুখে গৈ আছিল ৷ তেনে সময়তে বৰবিলাত সন্দেহজনক ভাবে  দুখন ট্ৰেক্টৰ নিশাই ৰাইজে জব্দ কৰি সোণাপুৰ থানাত গতাই দিয়ে ৷লগতে এই ঘটনাৰ সন্দৰ্ভত চাৰিজন লোকক সোধা পোচাৰ বাবে সোণাপুৰ থানালৈ লৈ অনা হয় ৷  এনে ঘটনাৰ পিছতে স্হানীয়  ৰাইজ আৰু দল সংগঠন অধিক সক্ৰিয় হৈ পৰে ৷  বিষয়টোৰ সন্দৰ্ভত অধিক তদন্ত কৰিবলৈ  সোণাপুৰ থানাত কেবাটাও দল সংগঠনে পৃথকে পৃথকে এজাহাৰো দাখিল কৰে ৷ এই বিষয়ে প্ৰশাসনো পলম নকৰি বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ কচুতলি অঞ্চলত চৰকাৰী ভূমি আৰু জনজাতীয় আবেষ্টনি অঞ্চলত বসবাস কৰা কেবাটাও পৰিয়ালক উচ্ছেদ কৰে ৷ কেবাটাও পৰিয়ালক দিয়া হৈছে চৰকাৰী বিনামূলীয়া ঘৰ আৰু বিদ্যুৎ সংযোগ ৷ মন কৰিবলগীয়া যে চৰকাৰী ভূমিত বসবাস কৰা লোকে কেনেকৈ পালে ঘৰ আৰু বিদ্যুৎ সংযোগ ৷ এই প্ৰশ্ৰ বিভিন্ন দল সংগঠনৰ ৷ এনে কাৰ্যত কোন কোন জড়িত হৈ আছে ,ইয়াকে লৈ এতিয়া সমগ্ৰ ডিমৰীয়াত তোলপাৰ লাগিছে ৷যাৰ বাবে আজি সোণাপুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে অবৈধ ভূমি দখল কৰি গৃহ নিৰ্মাণ কৰা লোকৰ গৃহৰ পৰা  বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে ৷

অন্যথা পৰৱৰ্তী সময়ত কাৰ্যালয়ৰ সন্মূখত তীব্ৰ আন্দোলন গঢি তুলিব বুলিও হুংকাৰ দিয়ে ৷অবৈধ বিদ্যুৎ সংযোগ প্ৰদানৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰা কেইবাজনো লোকৰ নাম বিদ্যুৎ বিভাগৰ বিষয়াক প্ৰতিবাদকাৰী সকলে প্ৰদান কৰে। অতিশীঘ্ৰে উক্ত কৰ্মচাৰীসকলক পদৰ পৰা অব্যাহতি প্ৰদান কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনাইছে ।ইফালে আজি বিয়লিৰ ভাগত পুণৰ সোণাপুৰত উপস্থিত হয় কামৰূপ (ম) জিলাৰ জিলা আয়ুক্ত সুমিত ছত্তৱান আৰু পূব কামৰূপ আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকা বেদখলস্থলী পৰিদৰ্শন কৰি অতিশীঘ্ৰে বেদখল উচ্ছেদৰ কথা ঘোষণা কৰে। ইতিমধ্যে প্ৰশাসনে অঞ্চলটোৰ চৰকাৰী ভূমি, চৰণীয়া পথাৰ আৰু জনজাতীয় আৱেষ্টনীত অবৈধভাবে বসবাস কৰি থকা লোকসকলক সেই স্থানৰ পৰা আতঁৰি যাবলৈ গাঁৱে গাঁৱে মাইক যোগে ঘোষণা কৰিছে ।

বৰপেটা মহাবিদ্যালয়ত অসম প্ৰকাশন পৰিষদৰ মহাবিদ্যালয় গ্ৰন্থমেলাৰ আৰম্ভণি

বৰপেটা, ২৭ আগষ্টঃ উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰলৈ গ্ৰন্থ-আন্দোলনৰ শুভবাৰ্তা কঢ়িয়াই নিয়াৰ উদ্দেশ্যে ৰাজ্যখনৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত গ্ৰন্থমেলা আয়োজন কৰাৰ সিদ্ধান্তক বাস্তৱায়িত কৰি অসম প্ৰকাশন পৰিষদে আজিৰে পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিছে বৰপেটা মহাবিদ্যালয়ত ৷ অহা ২৯ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া এই মহাবিদ্যালয় গ্ৰন্থমেলা আজি উদ্বোধন কৰা হয় ৷

বৰপেটা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বাৰীন্দ্ৰ ভূঞাই উদ্বোধনী ভাষণত কয় যে অসম প্ৰকাশন পৰিষদে এই কাৰ্যক্ৰমণিকাৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ন আৰু বৌদ্ধিক অনুশীলনৰ বাট মুকলি কৰিছে ৷ এয়া অসমৰ বিদ্যায়তনিক ক্ষেত্ৰৰ বাবে আশাৰ বতৰা ৷

অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়—“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপদেশ মৰ্মে আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলক গ্ৰন্থৰ জৰিয়তে এক যোগাত্মক তথা বৌদ্ধিক পৰিৱেশৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদৰ এয়া এক নতুন প্ৰয়াস। অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আয়োজন কৰিবলৈ লোৱা এলানি গ্ৰন্থমেলাৰ ভিতৰত প্ৰথমখন গ্ৰন্থমেলা বৰপেটা মহাবিদ্যালয়ত অৰম্ভ কৰা হৈছে ৷এই মহাবিদ্যালয় গ্ৰন্থমেলা সকলো গ্ৰন্থপ্ৰেমীৰ বাবে মুকলি থাকিব।”

গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি বিশিষ্ট সাহিত্য সমালোচক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ড° পৰী হিলৈদাৰীয়ে “গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা” আৰু বিশিষ্ট গল্পকাৰ-ঔপন্যাসিক মনালিছা শইকীয়াই “সাহিত্যত জীৱন” শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায় ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক-লেখক অক্ষয় কুমাৰ মিশ্ৰই “মহাবিদ্যালয় গ্ৰন্থমেলা” প্ৰকাশন পৰিষদৰ অভিনৱ সংযোজন বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ আহ্বান জনায় ৷ কবি-লেখক নৱজ্যোতি পাঠকে আঁত ধৰা সভাখনত উপস্থিত থাকি বৰপেটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰঞ্চি কুমাৰ দাসে অসম প্ৰকাশন পৰিষদৰ এই কাৰ্যসূচীৰ শলাগ লৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

সদনত অখিল গগৈৰ ভণ্ডামি প্ৰতিফলিত হ’ল- বিমল বড়া


গুৱাহাটী, ২৭আগষ্ট:’অখিল গগৈৰ ভণ্ডামি আজি সদনে প্ৰত্যক্ষ কৰে’-চলিত বিধান সভাৰ দিনটোৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত বিধান সভাৰ বাহিৰত সাংবাদিক সকলৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।


মন্ত্ৰী বড়াই কয় যে, আজি বিধান সভাত মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰি অসমৰ এখন বাস্তৱ ছবি ডাঙি ধৰাৰ প্ৰয়াস কৰাৰ সময়ত এজন ব্যক্তিৰ আচৰণ চাব লগীয়া আছিল, সময়ে সময়ে ৰূপ সলাই অসমৰ মানুহক বিভ্ৰান্ত কৰি অহা অখিল গগৈয়ে যেতিয়া উজনি অসমলৈ যায় জাতীয়তাবাদৰ মুখা পিন্ধি মানুহক বিভ্ৰান্ত কৰে। আৰু যেতিয়া নামনি লৈ আহে সংখ্যা গৰিষ্ঠ লোকসকলৰ হাতত হাত ধৰি বৈতৰণী পাৰ হোৱাৰ চেষ্টা কৰে।


‘মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাই সদনত যেতিয়া উজনি অসমত মিঞাৰ আগ্ৰাসন হবলৈ দিয়া নহব বুলি বক্তব্য প্ৰদান কৰিছিল, মুখ্যমন্ত্রীৰ ভাষণৰ প্ৰতিবাদ কৰিবলৈ কংগ্ৰেছ সদস্য সকল যেতিয়া অধ্যক্ষৰ ওচৰলৈ গৈছিল তেতিয়া অখিল গগৈৰ অৱস্থা চাবলৈ লগীয়া আছিল’ বুলি কৈ মন্ত্ৰী বড়াই উল্লেখ কৰে যে যোৱা নিৰ্বাচনত কংগ্ৰেছ কাৰ লগত আছিল সেয়া সকলৱে জানে।


উজনিত জাতীয়তাবাদ আৰু নামনিত মিঞাবাদ কৰা গগৈৰএক ডাঙৰ সত্য আজি বিধান সভাৰ মজিয়াত উন্মোচিত হোৱা বুলি ব্যক্ত কৰি উদ্যোগ মন্ত্ৰী বড়াই ৰাইজক এই ক্ষেত্রত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

৩৫সংখ্যক আঞ্চলিক যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

“প্ৰযুক্তি, উদ্যমিতা, সামাজিক পদক্ষেপৰ জৰিয়তে সুশাসন ব্যৱস্থাত যুৱপ্ৰজন্মৰ ভূমিকা সুদূৰপ্ৰসাৰী”: সৰ্বানন্দ সোণোৱাল

“যুৱশক্তি মহাশক্তি, দেশৰ ভৱিষ্যতৰ চালিকাশক্তি”: সোণোৱাল

দুলীয়াজানত অনুষ্ঠিত কেন্দ্ৰীয় বিদ্যালয় সংগঠন, তিনিচুকীয়া অঞ্চলৰ ৩৫সংখ্যক আঞ্চলিক যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

গণতান্ত্ৰিক প্ৰমূল্যবোধ জগাই তুলি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অৰিহণা যোগাবলৈ যুৱচামক আহ্বান সোণোৱালৰ

দুলীয়াজান, ২৭ আগষ্ট, ২০২৪: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুলীয়াজানত অনুষ্ঠিত কেন্দ্ৰীয় বিদ্যালয় সংগঠন, তিনিচুকীয়া অঞ্চলৰ ৩৫সংখ্যক আঞ্চলিক যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। যুৱশক্তিক মহাশক্তি, দেশৰ ভৱিষ্যতৰ চালিকাশক্তি বুলি অভিহিত কৰি সোণোৱালে কয়, “যুৱপ্ৰজন্মৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ জগাই তুলি ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰাৰ বাবে যুৱ সংসদৰ আয়োজন নিতান্তই শলাগনীয়।” যুৱ সংসদ প্ৰতিযোগিতাৰ অনুষ্ঠানত উপস্থিত থাকি যুৱবন্ধুসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে। এই অনুষ্ঠানত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে।

সৰ্বানন্দ সোণোৱালে এনে প্ৰতিযোগিতা আয়োজনৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, যিয়ে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিশালতাৰ বিষয়ে যুৱ মনক আলোকিত কৰি তুলিব পাৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “যুৱচামে নতুন দৃষ্টিভংগী, কৰ্মোদ্যম আৰু উদ্ভাৱনী চিন্তা-চেতনাৰে দেশলৈ অভূতপূৰ্ব ৰূপান্তৰ আনিছে। গণতন্ত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰি যুৱশক্তিয়ে এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত বৃহৎ পৰিৱৰ্তন আনিব পাৰে। গণতন্ত্ৰত যুৱপ্ৰজন্মই সক্ৰিয়ভাৱে জড়িত হোৱাটোৱে এক উন্নত ভৱিষ্যৎ সুৰক্ষিত কৰাত সহায় কৰে। তেওঁলোকে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে দেশৰ হিতৰ বাবে কাম কৰিবলৈ সদা-তৎপৰ। প্ৰযুক্তি, উদ্যমিতা, সামাজিক পদক্ষেপৰ জৰিয়তে সুশাসন ব্যৱস্থাত যুৱপ্ৰজন্মৰ ভূমিকা সুদূৰপ্ৰসাৰী। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ বিশালতা, স্বকীয়তা আৰু উদাৰতা সৰ্বজনবিদিত। ই আমাৰ বিশাল সাংস্কৃতিক, ভাষিক আৰু ধৰ্মীয় বৈচিত্ৰ্যক স্থান দি আহিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ তিনি বৃহৎ অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দৃঢ় সংকল্প স্থিৰ কৰিছে। এনে এক বৈচিত্ৰময় পৰিকাঠামোৰ মাজত যুৱশক্তিয়ে শক্তিশালী ভূমিকা পালন কৰি ভাৰতক বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিব লাগিব।”

লগতে সোণোৱালে কয়, “অসমৰ যুৱপ্ৰজন্মৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে ৰাজ্যকেইখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, ভাষা-কৃষ্টি আৰু পৰম্পৰাৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বিভিন্ন সম্প্ৰদায়ৰ মাজৰ ব্যৱধান দূৰ কৰি একতাৰ এনাজৰী সুদৃঢ় কৰাতো যুৱপ্ৰজন্মৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী। যুৱ নেতৃত্বাধীন ষ্টাৰ্টআপ্ আৰু উদ্ভাৱনে অসমৰ অৰ্থনীতি বৃদ্ধি কৰিব পাৰে, বিশেষকৈ কৃষি, পৰ্যটন আৰু তথ্য-প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত। সঠিক শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে যুৱচামে অসমক দক্ষতাৰ প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰ কৰিব পাৰে, বিনিয়োগ আকৰ্ষিত কৰিব পাৰে আৰু চাকৰিৰ সুযোগ সৃষ্টি কৰিব পাৰে।”

দীপক কুমাৰ বসুমতাৰীক জনসংযোগৰ অতিৰিক্ত সঞ্চালকলৈ পদোন্নতি

দিছপুৰ, ২৭ আগষ্টঃ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক দীপক কুমাৰ বসুমতাৰীক ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিছে৷ বসুমতাৰীয়ে আজি জনসংযোগৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক পদত যোগদান কৰে৷

১৯৯৩ চনত কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়াৰ চাকৰি লাভেৰে গোসাইগাঁৱত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে যোগদান কৰা বসুমতাৰীয়ে বঙাইগাঁও আৰু গোৱালপাৰা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ উপ-সঞ্চালক পদলৈ পদোন্নতি লাভ কৰাৰ পিছত তেখেতে জনসংযোগৰ কোকৰাঝাৰস্থিত আঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আঞ্চলিক বিষয়া তথা বিটিচিৰ পৰিষদীয় বিভাগীয় মুখ্য বিষয়া হিচাপে আৰু নতুন দিল্লীৰ অসম তথ্য কেন্দ্ৰত তথ্য বিষয়া হিচাপে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰে৷ ইয়াৰ পিছত ২০১৬ চনত যুটীয়া সঞ্চালক হিচাপে পদোন্নতি লাভ কৰি মুখ্য কাৰ্যালয়ত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি আছিল৷

“মৃত্যুৰ পিছত আমি কি এৰি যাম”, চামতাৰ অক্সফোৰ্ড একাডেমীত বিশিষ্ট শিক্ষাবিদ ড° ভবেন পাঠক…

“সমসাময়িক পৰিস্থিতিত আমাৰ বাবে এটা ডাঙৰ প্ৰশ্ন -আমি মৃত্যুৰ পিছত নৱাগতৰ বাবে কি এৰি যাম? অগাধ ধন সম্পত্তি নে জ্ঞান? আমাৰ আগৰ প্ৰজন্মই নদীৰ পানী খাইও নিৰোগী হৈ আছিল আৰু আজি মিনাৰেল ৱাটাৰ উন্নত চিকিৎসা পদ্ধতিৰ পিছটো কিন্তু মানুহক ৰোগে হেঁচা মাৰি ধৰিছে,আমি গছপুলি এটা ৰুবলৈ ইচ্ছা নকৰাটো এটা অসুভ লক্ষন,গছ নাথাকিলে আমি অক্সিজেন ক’ৰ পৰা পাম”, এই মন্তব্য বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক পাঁচখনকৈ শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাপক, ইংৰাজী ভাষাৰ বিদগ্ধ পণ্ডিত ড° ভবেন পাঠকৰ। উল্লেখযোগ্য যে নামনি অসমৰ আগশাৰীৰ পেৰামেডিকেল ইনষ্টিটিউত চামতাস্থিত “অক্সফোৰ্ড পেৰামেডিকেল”ত মুখ্য অতিথি হিচাপে ভাষন ৰাখি এই মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদজনে,তেওঁ লগতে কয় যে আৰ্থিক অভাব কেতিয়াও শিক্ষালাভৰ হেঙাৰ হ’ব নোৱাৰে কাৰন খেতিপথাৰত অতিপাত কষ্টৰ বাবে পথাৰতেই মোৰ দেউতাৰ মৃত্যু হোৱাৰ পাছত ঘৰখন আৰু নিজৰ জীৱনৰ স্বাৰ্থত সাধাৰন কেৰানী হিচাপে মই এক কণ্টকময় জীৱন আৰম্ভ কৰি আজি এই পৰ্য্যায় পাইছোঁ গতিকে নৱাগতসকল কেতিয়াও তোমালোক হতাশ নহবা।

চামতা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্থিত দিনযোৰা কাৰ্য্যসূচীৰ মুকলি সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এচিয়াৰ প্ৰথমগৰাকী ইলুচনিষ্টৰ স্বীকৃতিপ্ৰাপ্ত ইলুচনিষ্ট শুচিব্ৰত ৰয়।ভাষন প্ৰসংগত তেওঁ কয় “ৰাচিয়ান বিপ্লৱত লেনিনৰ যি ভূমিকা,সমগ্ৰ নলবাৰী জিলাৰ শৈক্ষিক জগতত ড°ভবেন পাঠকৰ যি ভূমিকা,জীৱনবোধৰ ক্ষেত্ৰত চাৰ্লি চেপলিনৰ যি ভূমিকা,আব্ৰাহম লিংকনৰ সেই বিখ্যাত পত্ৰখনৰ পৰা আমাৰ নৱাগতসকলে আমাৰ সমাজে শিকিবলগীয়া যথেষ্ট আছে”।নৱাগত তৰুনিয়ে এটা সুমধূৰ সমবেত সংগীতেৰে আৰম্ভ কৰা অনুস্থানটোৰ সভাপতিৰ আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কবি তথা সুবক্তা প্ৰবীন বৰ্মনে। আঁত ধৰে অধ্যক্ষ জোনালী মেধী আৰু জুপিতৰা প্ৰিয়মে,যুৱ প্ৰজন্মৰ প্ৰতিভা সম্পন্ন শিল্পী ভাস্কৰ তালুকদাৰৰ সুমধূৰ বাঁহীবাদনতে অনুস্থানটোক এক অন্যতম মাত্ৰা প্ৰদান কৰে।ইয়াৰ পিছত আমন্ত্ৰিত বক্তা তথা চামতা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলেন গোস্বামীৰ চিন্তাশীল মৰমিয়াল বক্তব্যই সকলোৰে দৃষ্টি আকৰ্ষন কৰে,অনুষ্ঠানত নৱজ্যোতি জাতীয় বিদ্যালয় চামতাৰ শিক্ষক তথা সাহিত্যসেৱী হেমন্ত বৰ্মনৰ তথ্যগধূৰ ধীৰ স্থিৰ কথাবোৰে নৱাগত তথা উপস্থিত সকলোকে আনন্দ দিয়ে।

প্ৰেৰনা পুথিভঁৰাল বিহামপুৰৰ স্বত্বাধিকাৰ দ্বীজেন্দ্ৰ নাৰায়ন শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে সাৱলীল বক্তব্য ৰাখে,জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰ্মনৰ নীতি কথা সমৃদ্ধ কথাখিনিয়ে সকলোৰে দৃষ্টি আকৰ্ষন কৰে,অনুস্থাননত শিক্ষক চিৰঞ্জীৱ বৰ্মনৰ ভাষনৰ পিছত জুপিতৰা প্ৰিয়ম,বিশাল ডেকা,বৰষা কাশ্যপৰ গীতৰ শৰাই।পৰম্পৰাগত আৰু আধুনিক নৃত্যৰে দৰ্শকৰ দৃষ্টি আকৰ্ষন কৰে চয়নিকা বৰ্মন,সীমা ডেকা,তৃষ্ণা দেৱী,মানসী চৌধুৰী,দিপাঙ্কৰ মালাকৰ,প্ৰিয়ংকা বৰ্মন,পৰশজ্যোতি বৰ্মন,হিমাশ্ৰী কলিতা,কংকনা পাঠক আৰু মধুস্মিতা তালুকদাৰে।আনহাতে অতি কম সময়ৰ ভিতৰত সমাজ সংস্কাৰমূলক বাৰ্তা দিব পৰা “দুখীয়াৰ দুখ” নামৰ এখন নাট মন্সস্থ হয়।চাজিদা বেগম আৰু আয়েছা বেগমৰ পৰিচালনাৰে নাটখনত দূৰ্দান্ত অভিনয় কৰে পৰেশ বৰ্মন,লিমি শৰ্মা, নৱনীতা বৰ্মন,হিৰামনি বৰ্মন, সুস্মিতা তালুকদাৰ আৰু বিশ্বজিত দাসে। অনুস্থানৰ আৰম্ভনীতে কলকতাৰ মৌমিতা কাণ্ডৰ আত্মাৰ সদগতি আৰু দোষীৰ কঠোৰতম শাষ্টিৰ লগতে অসমৰ ধিং কাণ্ডৰ দোষীৰ কঠোৰতম শাষ্টিৰ বাবে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয়।

অসমত অসমীয়াগিৰি চলিবইঃ অসমীয়া কাৰো বহতীয়া নহয়…

অসমত অসমীয়াগিৰি চলিবইঃ অসমীয়া কাৰো বহতীয়া নহয়

***ভূপেন মহন্ত

সৌ সিদিনা এগৰাকী খিলঞ্জীয়া অসমীয়া ছোৱালী তাতে আকৌ তেওঁ অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰতো আগৰণুৱা। সেইগৰাকী অসম জীয়াৰীক ৰাজপথত গুৰুলা-গুৰুলকৈ পিটিলে। আনকি তেওঁৰ শ্লীলতা হানিৰো অপচেষ্টা কৰি অন্তৰ্বাস পৰ্যন্ত ছিঙি পেলালে অসমতে থাকি, অসমৰে বায়ু-পানী সেৱন কৰি, ব্যৱসায়-বাণিজ্যৰে চহকী হোৱা এজাক অনা-অসমীয়া যুৱকে। এই কথাই স্বাভিমানী অসমীয়াৰ গাত বৰ বেয়াকৈ ছেবাই গ’ল। কোনো ৰাজস্থান, বিহাৰ বা বংগদেশত নহয় খোদ অসমতে, অসমৰ বৰঘৰতে নিগৃহীত হ’ব লগা হ’ল অসমীয়া। ইয়াতকৈ আৰু কি লজ্জাৰ কথা থাকিব পাৰে। সেয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিলে লাচিত বৰফুকনৰ দেশৰ উত্তৰসুৰী। স্তব্ধ হৈ পৰিল আহোম ৰাজত্বৰ গৌৰৱ শিৱসাগৰ। ক্ষোভত, খঙত প্ৰতিগৰাকী অসমীয়া জ্বলি উঠিল একো একোটা অগ্নি স্ফুলিংগ হৈ। ধ্বনিত হ’ল কোনো বহিৰাগত বণিয়া অসমত থাকিব নোৱাৰিব। তেওঁলোক অসম এৰি যাব লাগিব। কঁপি উঠিল বহিৰাগত বণিয়া, কঁপি উঠিল অসম চৰকাৰ। কাৰণ বহিৰাগতক ৰঙা দলিচা পাৰি অসমলৈ আগবঢ়াই অনাৰ ক্ষেত্ৰত ভূমিকা চৰকাৰৰে অধিক আছে। অসমীয়াৰ বীৰত্বৰ উমান পাই তামোল-পাণৰ বঁটা লৈ শৰণাপন্ন হ’ল বণিয়াৰ দল। ৰাজহুৱাভাৱে ক্ষমা খুজিলে অসমবাসীৰ ওচৰত হৈ যোৱা ঘটনাৰ বাবে। আৰু ইয়াৰ পিছতহে বহিৰাগত বণিয়াই অনুমতি পালে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ মুকলি কৰিবলৈ। ইয়াৰো ওপৰলৈ গৈ এজন অনা-অসমীয়া লোকে জাতীয়তাবাদী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে থানাত গোচৰ তৰাত পুনৰ ক্ষোভত ফাটি পৰিল অসমৰ দল-সংগঠন তথা জনতা। শেষত যেনিবা অসমীয়াৰ অসমীয়াগিৰি দেখি ভয়ত থানাৰ পৰা গোচৰ উঠাই ল’বলৈ বাধ্য হৈ পৰিল। এয়াই হ’ল অসমৰ অসমীয়াগিৰি। অসমীয়া মানুহ শান্তিপ্ৰিয়, অতিথিপৰায়ণ। সেইবুলি এই অতিথি পৰায়ণতাৰ সুযোগ লৈ কোনোবা বণিয়াই আমাৰ ইজ্জতক লৈ খেলা কৰিব এই কথা কেতিয়াও কোনো কাৰণতে হ’ব নোৱাৰে, হ’বলৈ নিদিয়ে। আৰু তাকে কৰি দেখুৱালে শিৱসাগৰীয়া ৰাইজে।


আমি বুজা হ’বৰ পৰাই দেখি আহিছোঁ যে অসমলৈ কেৱল ব্যৱসায় কৰাৰ ছলেৰে অসমৰ সম্পদ লুটি নিয়াৰ স্বাৰ্থতহে আহে বহিৰাগতসকল। তাৰ পৰিৱৰ্তে কি এনে উল্লেখযোগ্য কাম কৰিছে এইসকল বহিৰাগত বণিয়াই। কিয় আজিও এইসকল লোকৰ মাজৰ পৰা আজিলৈকে দ্বিতীয় এজন জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হোৱা নাই ? অসমৰ সামগ্ৰিক উন্নয়ন, সাহিত্য-সংস্কৃতিৰ উন্নয়নৰ কথা এওঁলোকে একো নাভাবে। ভাবে কেৱল শোষণ-লুণ্ঠনৰ কথা। আৰু ইয়াৰ প্ৰমাণ সৌ-সিদিনা শিৱসাগৰৰ ৰাজপথত আক্ৰমণৰ বলি হোৱা কণমানি ছোৱালীজনী। আনহাতে, কিন্তু তেওঁলোকে অসমৰ পৰা সদায়ে লুটিয়েই আছে নানা উপায়েৰে, ন ন কৌশলেৰে। ধৰ্যৰো এটা নিৰ্দিষ্ট সীমা থাকে, সেই সীমাৰেখা যদি কোনোবাই অতিক্ৰম কৰিবলৈ সাহস কৰে তেনেহ’লে অসমৰ অসমীয়াই অসমীয়াগিৰি দেখুৱাবলৈ বাধ্য হ’বই। হয়তো এইবোৰ দেখি-শুনিয়েই সিদিনা জাগি উঠিল অসমীয়া। আমাৰ লগত থাকি কোনোবাই তেওঁলোকৰ ব্যৱসায় চলাই আছে থাকক। কিন্তু সেই সুযোগতে যদি আকৌ অসমীয়া জীয়ৰী-বোৱাৰীৰ গাত হাত দিব, তেন্তে কাৰো ৰক্ষা নাই। শিৱসাগৰৰ পৰাই আৰু এটা কথা উত্থাপন হ’ল যে এতিয়াৰ পৰা অসমত কেৱল আমাৰ বজাৰ আমাৰ পথাৰ নীতিহে চলিব। অসমীয়াৰ এনে গৰ্জন সদায় অটুট থাকক। নহ’লে যে সকলোৰে লুণ্ঠনৰ থলী হৈ পৰিছে কেৱল অসম, অসমৰ মাটি, অসমৰ সম্পদ। তাকে কৰিবলৈ যাওঁতে আমি অসমৰ সকলো জাতি-জনগোষ্ঠী এক হৈ যুঁজিব লাগিব। নহ’লে আমি ভাগ ভাগ কৰিব বিচৰা জালখনত মূৰ সুমুৱালে আমাৰ সকলো শেষ হৈ যাব। হয়তো একাংশই সেইটোকে আজি বিচাৰি আছে। বহিৰাগত বণিয়াৰ আগ্ৰাসন আমিয়েই ৰুধিব পাৰিব লাগিব। গতিকে কেৱল চাকৰিৰ আশাত চৰকাৰৰ নেতা-পালি নেতাসকলৰ পদূলিয়ে পদূলিয়ে নিজৰ শিক্ষাৰ প্ৰমাণ-পত্ৰ হাতত লৈ ঘূৰি ফুৰিবলৈ এৰি খেতি-বাতি, অন্যান কাম যেনে বজাৰ দখল কৰিবলৈ বিভিন্ন পন্থা গ্ৰহণ কৰিব লাগিব। যেনেদৰে পঞ্জাবৰ জনসাধাৰণে আন্দোলনো কৰিছে কৃষি কাৰ্যতো অধিক উৎসাহেৰে মনোনিৱেশ কৰিছে। গতিকে তেওঁলোকে কেতিয়াও আনৰ ওচৰত হাত পাতিবলগীয়া নহয়, কেতিয়াও হাত নাপাতে। তেওঁলোকে সকলো কৰিব পাৰে। গতিকে তাত বহিৰাগতই দাদাগিৰি কৰিব নোৱাৰে। অকল পঞ্জাবৰ মানুহখিনিৰ হাততে থাকে বজাৰ, পথাৰ, অধিকাৰ সকলোঁ। অসমীয়ায়ো সেই শক্তিৰে আগবাঢ়িবই লাগিব। আমি সফল হ’মেই।


বহিৰাগত বণিয়াৰ অসমৰ ছোৱালীৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ জুই জ্বলি থকাৰ মাজতে আকৌ অনা অসমীয়া তথা বহিৰাগত বিদেশীৰ হাতত ভূ-লুণ্ঠিত হ’ল অসমৰ গৌৰৱ। পুনৰ জোকাৰি গ’ল অসমীয়াৰ মন-মগজু। স্বাভিমানী অসমীয়াৰ বুকুত আকৌ কুঠাৰ বহুৱালে যোৱা শুকুৰবাৰে সন্দেহযুক্ত বিদেশীয়ে । নগাঁও জিলাৰ ধিঙত এগৰাকী কিশোৰীক তিনি পাষণ্ড নৰপিশাচে সন্ধিয়া পৰত টিউচনৰ পৰা উভতি ঘৰলৈ অহাৰ সময়তে ধিং-বৰভেটি পথৰ এটুকুৰা নিৰ্জন ঠাইত মটৰচাইকেলত অহা তিনি পাষণ্ডই বলপূৰ্বকভাৱে ১৫ বছৰীয়া ছাত্ৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় পথৰ দাঁতিত। বৰ্তমান তেওঁ নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে আছে। এইখিনিতে কিশোৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিলোঁ। সুস্থ হৈ উঠি আকৌ স্কুললৈ যাওক, আনন্দ মনেৰে পঢ়া-শুনা কৰক। আৰু সেইখিনি সহযোগিতাৰ পৰা যেন কেতিয়াওঁ তেওঁ বঞ্চিত নহয়। আমি সকলোৱে তেওঁৰ মনৰ পৰা এই দুৰ্ভাগ্যজনক আৰু অবাঞ্ছিত ঘটনাৰ কথা পাহৰাই পেলাব লাগিব। সাহস যোগাব লাগিব। আমি বিচাৰো এই পাষণ্ড তিনিটাৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক। অৱশ্যে এজনে তাৰ কৰ্মফল ইতিমধ্যে ভোগ কৰিলে। এতিয়া বাকীকেইজনৰো কি শাস্তি হ’ব তাকে চাবলৈ আগ্ৰহান্বিত অসমৰ ৰাইজ।
কথা হ’ল এনেবোৰ ঘটনা কাৰোবাৰ অদৃশ্য হাতৰ নিৰ্দেশত ঘটি আছে নেকি বাৰু ? নহ’লে পদে পদে অনা অসমীয়া বহিৰাগত অথবা বিদেশী বাংলাদেশী বুলি অভিহিত এচাম লোকৰ হাতত প্ৰায়ে নিগৃহীত হৈ আছে কেৱল থলুৱা অসমীয়া জীয়াৰী-বোৱাৰী আনকি পুৰুষসকলো। অ, মানি লৈছো অপৰাধীৰ কোনো ধৰ্ম নাই। কিন্তু একেটা অপৰাধকে যেতিয়া এটা সম্প্ৰদায়ৰ লোকে কৰি থাকিব তেতিয়া সেই সম্প্ৰদায়টো আন সম্প্ৰদায়ৰ তুলনাত দোষী বুলি স্বীকৃত হ’বই। গতিকে এনে অপবাদৰ পৰা মুক্ত হ’বৰ বাবে সেই সম্প্ৰদায়টোৰেই দায়িত্ব বেছি। তেওঁলোকে এনেবোৰ ঘটনাৰ নিৰাময়ৰ উপায় চিন্তা কৰক। এইক্ষেত্ৰত আমিও সাৱধান হোৱা উচিত। এজনে দোষ কৰিলেই আমি সমগ্ৰ সম্প্ৰদায়টোকে দোষী সাব্যস্ত কৰো। এনে মানসিকতা পৰিহাৰ কৰি বা ধৰ্মীয় ৰহণ সানি সমস্যাৰ সমাধান কৰিব নোৱাৰি। চৰকাৰে যদি একে ৰাতিৰ ভিতৰতে কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰিব পাৰে, একে ৰাতিৰ ভিতৰতে যদি ভাৰতীয়া টকা সলনি কৰিব পাৰে, পুৰণি দোষ খুঁচৰি খুঁচৰি যদি বিৰোধী নেতাসকলক জে’লত ভৰাই থ’ব পাৰে, তেনেহ’লে বছৰ বছৰ ধৰি অসমত জুই হৈ জ্বলি থকা বাংলাদেশী বিদেশী সমস্যাটো সমাধান কৰিব নোৱৰাৰ কাৰণ কি থাকিব পাৰে ? অসমত বিদেশী নাগৰিকক বিতাড়ন কৰা আন্দোলনত ৮৫৫জন অসমীয়া সুঠাম যুৱকে প্ৰাণ আহুতি দিলে। কিন্তু আজিও এই সমস্যাৰ সমাধান নহ’ল। সমাধান কৰিবলৈ আগ্ৰহেই নেদেখুৱাই শাসকবৰ্গই। কাৰণ এনে সমস্যাসমূহ জীয়াই থাকিলে শাসকপক্ষৰেই লাভ। ইয়াকে লৈ ৰাজনীতি কৰি থাকিলে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ উজু। কিন্তু দুৰ্দশা যে সাধাৰণ লোকৰহে হয় সেয়া তেওঁলোকে অনুধাৱন নকৰে। ১৯৭৯ চনত মঙলদৈ সমষ্টিৰ লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া ভোটাৰ তালিকা প্ৰকাশ হ’ল তেতিয়াই ধৰা পৰিল অসমত যে অবৈধভাৱে প্ৰৱেশ কৰা লাখ লাখ বাংলাদেশী নাগৰিকৰে অসম ভৰি আছে। তেতিয়াই আৰম্ভ হৈ গ’ল বিদেশী খেদা আন্দোলন। ছবছৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এখন চুক্তি হ’ল আন্দোলনকাৰীসকলৰ। কিন্তু আজিলৈহে পিছে বিদেশী নাগৰিকৰ এজনো খেদা হ’লনে নাই সাধাৰণ ৰাইজে গমেই পোৱা নাই। অৰ্থাৎ বিদেশী সমস্যাটো অসমত জীয়াই ৰখা হৈছে নেকি ? নহ’লেনো নিৰ্বাচনী ভাষণত আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদেশী টালি-টোপোলা লৈ যাব লাগিব বুলি কোৱাৰ পিছতো এতিয়ালৈ মন-কাণেই দিয়া নাই এই জ্বলন্ত সমস্যাটোৰ সন্দৰ্ভত। কেইজন বিদেশী খেদিলে বাৰু ? গতিকে এনেবোৰ সমস্যা জীয়াই থাকিলে এচাম ৰাজনীতিকৰ বাবে মংগল। আজি যিসকলে মিঞা সমস্যাক লৈ হুলস্থূল কৰি আছে। যদি তেওঁলোক সঁচাকৈয়ে বিদেশী, সোনকালে তেওঁলোকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিব লাগে। তেতিয়া হয়তো ধিং কাণ্ডৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নঘটিব। লগতে অনাহকত বিদেশীৰ নামত নিৰ্দোষী লোকো নিৰ্যাতিত তথা লাঞ্ছিত হ’ব লগা নহ’ব আৰু অসমৰো এটা বৃহৎ সমস্যা সমাধান হ’ব। যদি তাকে কৰা নহয় তেতিয়া হ’লে আকৌ অসমীয়াই অসমীয়াগিৰি দেখুৱাব লাগিব নেকি ?


‘ধিঙৰ কু-কৰ্মকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে : সমুজ্জল কুমাৰ ভট্টাচাৰ্য…

‘ধিঙৰ ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। অসমত খিলঞ্জীয়াৰ অস্তিত্বক লৈ এতিয়া চিন্তিত হ’ব লগা পৰিৱেশৰ সৃষ্টি হৈছে।

অসম চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব লাগিব’।

ধিঙৰ ধৰ্ষণকাৰীৰ লগতে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈয়ো সৰৱ আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য।

“মিঞা বিদ্বেষ” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষাৰ ৰাজনীতিঃ ৰিপুণ বৰা…

বৰ্তমান অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাৰ বাবে সৃষ্টি হোৱা অৰাজকতা, জংঘলৰাজ তথা উগ্ৰ-সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচি জাতি-ধৰ্ম্মৰ নামত সমাজক যিদৰে বিভাজন কৰিব বিছাৰিছে এই সকলো বিষয়বস্তু সন্দৰ্ভত আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক সংবাদমেল সম্বোধন কৰে।
সংবাদমেল সম্বোধন কৰি বৰাই কয় যে, সমগ্ৰ অসমত বিশেষকৈ উজনি অসমত সন্দেহযুক্ত বিদেশীৰ নামত যি মিঞা সকলক খেদি পঠিওৱাৰ লগতে এক বিদ্বেষ সৃষ্টি হৈছে এই সকলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্দেশ্য প্ৰণোদিতভাৱে সৃষ্টি কৰিছে। বিগত সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে যি সমূহ উচতনি মূলক মন্তব্য আগবঢ়াই আহিছিল তাৰেই পৰিণতি “মিঞা বিদ্বেষ”। উদাহৰণস্বৰূপে, ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শাসনভাৰ গ্ৰহণ কৰিয়েই উচ্ছেদৰ নামত অসমত বুলডজাৰ চলাই উচ্ছেদক যি এক ধৰ্মীয় ৰহন সানিলে তাৰেই ফল “মিঞা বিদ্বেষ”। দ্বিতীয়তে, কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা ছয় মাহৰ ভিতৰত মিঞা চাফা কৰি দিয়াৰ মন্তব্য কৰি সাধাৰণ ৰাইজক উচতনি দিলে তাৰেই ফল আজিৰ এই অৰাজক অৱস্থা। তৃতীয়তে, হিন্দু-মুছলমানৰ মাজত মাটি কিনা-বেচাৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা যি অনুমোদন ল’ৱ লাগিব বুলি কৰা উদ্ভট মন্তব্য।

চতুৰ্থতে, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে মুছলমানৰ মালিকীস্বত্ব থকা এখন বিশ্ববিদ্যালয়ৰ বাবে হোৱা বুলি কৰা অদ্ভুত মন্তব্য। পঞ্চমতে, মুখ্যমন্ত্ৰীৰ এখন সংবাদমেলত এগৰাকী মুছলমান সম্প্ৰদায়ৰ সাংবাদিকে তেখেতৰ সমষ্টিত পাহাৰ খননক লৈ কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সাংবাদিকগৰাকীৰ ধৰ্মৰ নামত যি ব্যক্তিগত আক্ৰমণ কৰিলে তাৰেই ফল আজিৰ এই সামাজিক বৈষম্য। মুঠতে এই সকলোবোৰ মন্তব্যৰে পৰোক্ষ তথা প্ৰত্যক্ষভাবে অসমত মিঞা বিদ্বেষ সৃষ্টি কৰাত ইন্ধন যোগালে মুখ্যমন্ত্ৰীয়ে। অসমত মুছলমান লোকৰ সংখ্যা ৪০% বৃদ্ধিয়ে অসমতেই অসমীয়া মানুহ সংখ্যালঘু হ’ব বুলি কৰা মন্তব্য আনকি মুখ্যমন্ত্ৰীয়ে মানৱ সমাজক লজ্জিত কৰা ধৰ্ষণৰ দৰে ঘটনাকো যিদৰে সাম্প্ৰদায়িকতাৰ ৰং সানি হিন্দু-মুছলমান কৰিলে এই সকলোবোৰ উচতনি মূলক আচৰণৰ চৰম পৰিণতি আজিৰ এই ধৰ্মীয় উন্মাদনা। ধৰ্মীয় মেৰুকৰণ ড° হিমন্ত বিশ্ব শৰ্মাৰ গাদী ৰক্ষাৰ ৰাজনীতি।
উক্ত সংবাদমেলৰ যোগেদিয়েই বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসনৰ বাবে এই দেশৰ ৰাষ্ট্ৰপতিলৈ অনুৰোধ জনাই। বৰাই কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশাৱলী তথা ভাৰতৰ সংবিধানত উল্লেখ থকা অনুযায়ী কোনো এটা সম্প্ৰদায়ৰ ব্যক্তিয়ে অন্য কোনো সম্প্ৰদায়ৰ ব্যক্তিৰ বিৰুদ্ধে ঘৃণা সৃষ্টি কৰিব নোৱাৰে বা তেনেধৰণৰ মন্তব্য কৰিব নোৱাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এই সকলোবোৰ জলাঞ্জলি দি কেৱল মাত্ৰ গাদী ৰক্ষাৰ ৰাজনীতি কৰিলে। হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি NRC আনিলে কিন্তু কিয় তেতিয়াই এই সকল ব্যক্তিক বিদেশী বুলি চিনাক্ত নকৰিলে?

যদি বিদেশী আছেই তেন্তে কিয় তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ নকৰে? এতিয়া নগাঁৱৰ মৎস্যপালন কৰা সকলে উজনি অসমলৈ মৎস্য ৰপ্তানি নকৰাৰ হুংকাৰ দিছে, কাইলৈ যে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰপ্তানি বন্ধ নকৰিব তাৰ কি মানে আছে? নামনি অসমৰ প্ৰাক্তন আক্ৰাছু নেতাই হুংকাৰ দিছে উজনি অসমত খেদা মিঞাক নামনিত সোমাব নিদিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী থাকোতে হিন্দু-মুছলমানৰ মাজত বিভেদ আনি যি এক ৰক্তাক্ত পৰিবেশক সৃষ্টি কৰি শাসন দখল কৰিছিল তাৰ অনুৰূপ ধৰণৰ পৰিস্থিতি অসমতো সৃষ্টি কৰিব বিচাৰিছে। গতিকে সময় থাকোতেই কেন্দ্ৰীয় চৰকাৰ, অসমৰ দল-মত-ধৰ্ম নিৰ্বিশেষে সকলো সংগঠনলৈ আহ্বান জনাইছো যে, পৰিস্থিতি আৰু অৱনতি ঘটাৰ আগতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰি অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি অসম ৰক্ষা কৰে আৰু ৰাজ্যত শান্তি-শৃংখলাৰ বাতাৱৰণ পুনৰ উভতাই আনক।”