Home Blog Page 560

টিংখঙত কংগ্ৰেছ, বিজেপি ত্যাগ কৰি আপত যোগদান! ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা ডাঃ ভবেন চৌধুৰীৰ…

টিংখঙত দীৰ্ঘদিনৰ পৰা বিজেপিৰ সৈতে জড়িত সমষ্টি আৰু গাঁও পঞ্চায়ত পৰ্যায়ৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে আজি আম আদমী পাৰ্টিত যোগদান কৰে। টিংখং বিধান সভা সমষ্টিৰ ৰাজগড়স্থিত ভূঞা বিবাহ ভবনত অনুষ্ঠিত যোগদান সভাত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, দলৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰ আৰু ডিব্ৰুগড় জিলা আপৰ নেতা শম্ভু তাঁতীৰ উপস্থিতিত আপত যোগদান কৰে পিঠাগুটি গাঁও পঞ্চায়তৰ বিজেপি সভাপতি জিতেন তাঁতী, কান্ত মুৰ্মু, বিনোদ ঘিছিঙৰ লগতে বিজেপিৰ পৰা পদত্যাগ কৰি অহা বহুকেইগৰাকী কৰ্মকৰ্তা। আনহাতে, কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগৰ প্ৰাক্তন নেতা নিকোলাচ টপ্ন’ৰ লগতে পাপু ওৰাঙেও আজি কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান কৰে। আম আদমি পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে এইসকল নেতা কৰ্মীয়ে। দিল্লী আৰু পঞ্জাৱৰ দৰে অসমতো আপে কামৰ ৰাজনীতি আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰে। আপৰ ৰাজ্যিক সভাপতি ডাঃ চৌধুৰীয়ে দলত যোগদান কৰা নৱাগত সকলক আদৰণি জনায় কয়, ” মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত আৰু ভগৱন্ত মানৰ নেতৃত্বত পঞ্জাবত আম আদমী পাৰ্টিৰ চৰকাৰ আছে। তেওঁলোকে জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত বহু কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে। অসমতো আমি আম আদমী পাৰ্টিৰ কামৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছোঁ।

আগন্তুক দিনত আমি আপক কংগ্ৰেছ আৰু বিজেপিৰ শক্তিশালী বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ম। অহা পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিম। ” তদুপৰি, ৰাজ্যখনৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ডাঃ চৌধুৰীয়ে। তেওঁ কয়,” চৰকাৰৰ গৃ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অথচ চৌদিশে সংঘটিত হত্যা, হিংসা, বলাৎকাৰৰ দৰে ঘটনাবোৰ তেওঁ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে। “দলৰ নেতা মনোজ ধানোৱাৰেও বিজেপি চৰকাৰৰ দুৰ্নীতি- ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়। ধানোৱাৰে ৰাজ্যখনত দুৰ্নীতি মুক্ত প্ৰশাসন, জনগোষ্ঠী সমূহৰ মাজত শান্তি আৰু ভাতৃত্ব তথা সামাজিক উন্নয়নৰ স্বাৰ্থত আম আদমী পাৰ্টিক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

ৰঙিয়াৰ বিশিষ্ট সমাজসেৱক ৰাজীৱ খানক সম্বৰ্ধনা জনাই সদৌ অসম কবি মঞ্চই…

ৰঙিয়াৰ বিশিষ্ট সমাজসেৱক ৰাজীৱ খানক সম্বৰ্ধনা জনাই সদৌ অসম কবি মঞ্চই। সদৌ অসম কবি মঞ্চৰ জন্ম লগ্নৰে পৰা বিভিন্ন দিশত সহযোগিতা আগবঢ়াই অহা ৰাজীৱ খানক যোৱা ২২ আগষ্ট তাৰিখে তেখেতৰ কাৰ্যালয়ত

সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনাই। উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে যোৱা ১০ আগষ্টত অনুষ্ঠিত সদৌ অসম কবি মঞ্চৰ বঁ‌টা প্ৰদান আৰু

সম্বৰ্ধনা অনুষ্ঠানত ৰাজীৱ খান উপস্থিত থাকিব নোৱাৰাত সদৌ অসম কবি মঞ্চই এই পদক্ষেপ গ্ৰহণ কৰে।

প্ৰিয়ংকাৰ ৰেকৰ্ড ভংগ শ্ৰদ্ধা কাপুৰৰ! বলীউডৰ শীৰ্ষ পাঁচগৰাকী অভিনেত্ৰীৰ তালিকাত শ্ৰদ্ধাৰ নাম…

‘ষ্ট্ৰী ২’ৰ পিছতে শ্ৰদ্ধা কাপুৰেও পিছ পেলাইছে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক। অভিনয়ৰ ক্ষেত্ৰত তেওঁ যে সকলোতকৈ কম নহয়, সেই কথা তেওঁ প্ৰমাণ কৰিছে। ছবিখনৰ সফলতাৰ লগে লগে শ্ৰদ্ধাই বলীউডৰ শীৰ্ষ পাঁচগৰাকী অভিনেত্ৰীৰ তালিকাত নিজৰ নাম সংযোগ কৰিছে। সকলোৰে মুখত মাথোঁ ‘ষ্ট্ৰী ২’ৰ নায়িকা শ্ৰদ্ধাৰ নাম। বৰ্তমানো এই ছবিখনে সুন্দৰভাৱে উপাৰ্জন কৰিছে।

চলচ্চিত্ৰ জগতৰ সৰ্বকালৰ শীৰ্ষ অভিনেত্ৰীসকলৰ কথা ক’বলৈ গ’লে তেওঁলোকৰ ভিতৰত আছে দীপিকা পাডুকন, কেটৰিনা কাইফ, কৰীনা কাপুৰ খান, আলিয়া ভাট, প্ৰিয়ংকা চোপ্ৰা জোনাছ, আনহাতে শেহতীয়াকৈ শ্ৰদ্ধা কাপুৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই শীৰ্ষ অভিনেত্ৰীসকলৰ পিছত শ্ৰদ্ধা পঞ্চম শক্তিশালী নায়িকা। ‘ষ্ট্ৰী ২’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা শ্ৰদ্ধাই নিজৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ হিট ছবি উপহাৰ দিছে। এই ছবিখনৰ সংগ্ৰহ আছিল ১৬০৩.৮৭ কোটি টকা।


চিৰদিনৰ বাবে চশমাৰ পৰা আঁতৰি থাকিব বিচাৰিলে আপুনি এই সমূহ ফল-মূল আৰু শাক-পাচলি গ্ৰহণ কৰক…

যদি আপোনাৰ চকুৰ দৃষ্টিশক্তি কমি আহিছে তেন্তে আপুনিও আপোনাৰ খাদ্যত কিছুমান বিশেষ শাক-পাচলি আৰু ফল-মূল খাব লাগিব। তাৰ ভিতৰত চকুৰ স্বাস্থ্যৰ বাবে গাজৰ অন্যতম পাচলি। গাজৰত বিটা-কেৰটিন নামৰ যৌগ থাকে, যিটো আমাৰ শৰীৰে ভিটামিন এলৈ ৰূপান্তৰিত কৰে। চকুৰ বাবে ভিটামিন এ অতি প্ৰয়োজনীয়। দৈনিক গাজৰ খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়।

পালেং শাক এবিধ শাক, য’ত লুটিন আৰু জিএক্সান্থিন নামৰ এন্টিঅক্সিডেন্ট থাকে। এই এন্টিঅক্সিডেন্টবোৰে চকুক ক্ষতিকাৰক UV ৰশ্মি আৰু নীলা পোহৰৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰিও চকুৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় পালেঙত ভিটামিন চি, ভিটামিন ই, বিটা-কেৰটিন আদিও পোৱা যায়।


ব্ৰকলিত লুটিন, জিএক্সান্থিন, ভিটামিন চি থাকে, যিবোৰ চকুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই উপাদানসমূহে চকুক ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু চকুৰ ছানি পৰা আৰু চকুৰ অন্যান্য সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰে।

মিঠা আলু চকুৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য বিটা-কেৰটিনৰ উত্তম উৎস। ইয়াৰ উপৰিও ইয়াত ভিটামিন ইও থাকে, যিয়ে চকুৰ স্নায়ু সুস্থ কৰি ৰাখে আৰু বয়সৰ লগে লগে অহা দৃষ্টিশক্তিৰ সমস্যা কমায়।

চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী ভিটামিন চিৰ সমৃদ্ধ উৎস আমলখি। নিয়মিতভাৱে আমলা খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় আৰু চকুৰ লগত জড়িত সমস্যাৰ সম্ভাৱনা কম হয়। আমলখি কেঁচাকৈ খাব পাৰিলে বেছি ভাল।

কমলা, নেমু ঋতুভিত্তিক ফলৰ দৰে ছাইট্ৰাছ ফলত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে চকুৰ ৰক্তবাহী নলী সুস্থ কৰি ৰখাত সহায় কৰে। ভিটামিন চি ছানি পৰাৰ সম্ভাৱনা কমোৱাতো সহায়ক। সতেজতাৰ লগতে এই ফলবোৰ চকুৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী।

মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ ! আদানিৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ আপৰ…

মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

আদানিৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ আপৰ

এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি মঙলদৈত এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আম আদমী পাৰ্টিয়ে। হাতে হাতে বেনাৰ, পতাকা লৈ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, আদানিৰ লাভৰ বাবে স্মাৰ্ট মিটাৰ নচলিব, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগান দি প্ৰায় ডেৰ শতাধিক দলীয় কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হয় আপৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ ।

তেওঁ কয়, ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানিৰ স্বাৰ্থত আদানি কোম্পানীৰ স্মাৰ্ট মিটাৰ লগাবলৈ ঠিকা দিছে অসম চৰকাৰে। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যি সময়ত মোদী, অমিত শ্বাহ, গৌতম আদানিয়ে নিজৰ ৰাজ্য গুজৰাটত প্ৰিপেইড স্মাৰ্ট মিটাৰ সংস্থাপন কৰা নাই, সেই সময়ত অসমত মাথোঁ সাধাৰণ ৰাইজৰ ওপৰত লুণ্ঠন চলাবলৈ এই অন্যায় ব্যৱস্থা জাপি দিছে। ৰাইজে বিজেপিৰ এই অন্যায়ৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহক। ” প্ৰতিবাদী কাৰ্য্যসূচীৰ নেতৃত্ব দিয়ে দৰং জিলা আম আদমী পাৰ্টিৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাই।

দলৰ আহ্বায়ক হাজৰিকাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থৰ চিন্তা কৰিবলৈ এৰি ৰাজ্যখনৰ দৰিদ্ৰ ৰাইজৰ স্বাৰ্থত জনকল্যাণকামী আঁচনি প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীত আপৰ আন এগৰাকী নেতা নীলমণি শইকীয়াই প্ৰিপেইড স্মাৰ্ট মিটাৰে সৃষ্টি কৰা সমস্যা সন্দৰ্ভত বক্তব্য দাঙি ধৰে। তেওঁ দিল্লী আৰু পঞ্জাৱৰ আপৰ চৰকাৰৰ দৰে অসমতো কমেও ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। প্ৰতিবাদস্থলীৰ পৰাই আপৰ নেতৃবৃন্দই মঙলদৈৰ চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰ্ট মিটাৰ অবিলম্বে প্ৰত্যাহাৰৰ দাবীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

ৰীমা দাসৰ ‘ভিলেজ_ৰকষ্টাৰ্ছ ২’ ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ Jiseok Competition শাখাত বাছনি হোৱা একমাত্ৰ ভাৰতীয় চিনেমা

ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা পৰিচালনা আৰু প্ৰযোজনা কৰা ছিকুৱেল ‘ভিলেইজ ৰকষ্টাৰ্ছ ২’ সমাগত ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত ‘ৱৰ্ল্ড প্ৰিমিয়াৰ’ৰ বাবে সাজু হৈছে। Jiseok Competition শাখাত আঠখন চিনেমাৰ মাজত নিৰ্বাচিত হোৱা এইখন হৈছে একমাত্ৰ ভাৰতীয় চিনেমা।
Jiseok এছিয়াৰ চলচিত্ৰ নিৰ্মাতাৰ তিনি বা ততোধিক চিনেমাৰ প্ৰতিযোগিতা শাখা। দুখন শ্ৰেষ্ঠ চিনেমাক Kim Jiseok বঁটা প্ৰদান কৰা হয়। এছিয়াৰ চিনেমাৰ উৎকৰ্ষ আৰু সমৰ্থনৰ বাবে জীৱন উচৰ্গা কৰা প্ৰগ্ৰাম ডাইৰেক্টৰ প্ৰয়াত Kim Jiseok ৰ স্মৃতিত এই বঁটা প্ৰৱৰ্তন কৰা হৈছিল। উল্লেখ্য যে, ২০১৭ৰ টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত প্ৰিমিয়াৰৰ পাছত ৰীমা দাসৰ বঁটা প্ৰাপ্ত চিনেমা Village Rockstars য়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু ২০১৮ চনত শ্ৰেষ্ঠ চিনেমা হিচাপে ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰা এই চিনেমাখনত আছিল ২০১৯ চনৰ একাডেমি এৱাৰ্ডছলৈ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি।

Village Rockstars 2 ৰ এই বাছনিত আনন্দিত হৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা নিৰ্মাতা ৰীমা দাসে কয়, ” ভিলেইজ ৰকষ্টাৰ্ছ-এ মোৰ অন্তৰত সদায় এক বিশেষ ঠাই অধিকাৰ কৰি আহিছে আৰু ই লাভ কৰা স্বীকৃতি আৰু মৰম মোৰ বাবে প্ৰেৰণাদায়ক। বুছানত Village Rockstars 2 ৰ প্ৰিমিয়াৰ হ’বলৈ যোৱাটোৱে মোক শিহৰিত কৰিছে। ই এখন ছিকুৱেল যদিও এই চিনেমাখন নিজস্বতা আছে, ধুনুৰ সম্পৰ্ক তেওঁৰ মাতৃ, প্ৰকৃতি মাতৃ আছে সংগীতৰ সৈতে ইয়াত অন্বেষণ কৰা হৈছে। মই এই চিনেমাখন সেই সকল সপোন দেখা যুৱ প্ৰতিভাৰ হাতত অৰ্পণ কৰিছোঁ, যিসকলে সীমিত সম্পদৰ মাজতো তাক আহৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ভিলেইজ ৰকষ্টাৰ্ছক আদৰি লোৱাৰ দৰে এই চিনেমাখনো দৰ্শকে আদৰি ল’ব বুলি মই আশাবাদী। ৰীমা দাস, দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক চলচিত্ৰ নিৰ্মাতা, যি খিলঞ্জীয়া আৰু বাস্তৱধৰ্মী চিনেমা নিৰ্মাণ কৰে, যাৰ মাজেৰে সম্পৰ্কৰ জটিলতা, উদ্দেশ্য, যুগ কাল আৰু প্ৰকৃতিৰ মাজৰ জীৱনৰ সন্ধান কৰা হৈছে। ২০২৪ত তেওঁ একাডেমি এৱাৰ্ডছৰ এগৰাকী সদস্য হয়। টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ‘Share Her Journey’ শীৰ্ষক লিংগ সমতা অভিযানৰ তেওঁ এগৰাকী অন্যতম ব্ৰেণ্ড এম্বেছেদৰ। GQ India ই ২০১৮ চনৰ Most Influential Young Indian আখ্যা দিছিল ৰীমা দাসক।


তেওঁৰ চিনেমা ‘ভিলেইজ ৰকষ্টাৰ্ছ ‘(২০১৭), ‘বুলবুল কেন ছিং, (২০১৮) আৰু ‘তৰা’জ হাজবেণ্ড’ (২০২২)
টৰ’ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল (TIFF)ত প্ৰিমিয়াৰ হৈছিল। এই চিনেমা কেইখন সামগ্ৰিকভাৱে সমগ্ৰ পৃথিৱীৰ ১৫০ৰো অধিক ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱাৰ উপৰিও ৭৫টাতকৈ অধিক বঁটা লাভ কৰিছে। তেওঁৰ প্ৰকল্পসমূহৰ বাবে ৰীমা দাসে লেখক, পৰিচালক, প্ৰযোজক, চিনেমেটোগ্ৰাফাৰ আৰু এডিটৰ আদি ভিন্ন ভূমিকাত অৱতীৰ্ণ হৈছে।

২০২৫ত গুৱাহাটীত স্থাপন হ’ব দ্বিতীয়খন মেডিকেল কলেজ :সদনত এই তথ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ…

২০২৫ত গুৱাহাটীত স্থাপন হ’ব দ্বিতীয়খন মেডিকেল কলেজ। নতুন কলেজখনৰ নাম হ’ব প্ৰাগজ্যোতিষ মেডিকেল কলেজ।

বঙাইগাঁও, চৰাইদেউতো স্থাপন হ’ব নতুন মেডিকেল কলেজ। হাইলাকান্দি, গোৱালপাৰা, মাজুলীতো পৰ্যায়ক্ৰমে হ’ব মেডিকেল কলেজ।

পৰ্যায়ক্ৰমে হোজাই, ডিমা হাছাওতো স্থাপন হ’ব মেডিকেল কলেজ। সদনত এই তথ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত নন্দোৎসৱ পালন…

বৰপেটা সত্ৰত পালিত উৎসৱ-পাৰ্বণ সমুহৰ ভিতৰত নন্দোৎসৱ অন্যতম৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ৷ নন্দোৎসৱক বৰপেটাত স্থানীয়ভাৱে ‘পেকযাত্ৰা’ বুলিহে কোৱা হয়৷ নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ টুপৰ চোতালত শিশুসকলে বোকাখেলি আনন্দত আপ্লুত হৈ পৰে৷ নন্দোৎসৱ উপলক্ষে সত্ৰত পূৰ্বাপৰ ৰীতি অনুযায়ী পুৱাৰ গীত, ভটিমা গাই বন্তি প্ৰজ্বলনৰ লগতে নাম-প্ৰসঙ্গত চৰণ, যুগল, পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয়৷ নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দেৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে নাচ গান কৰে৷

ইপিনে ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পিচত হোৱা আনন্দ উল্লাসৰ অনুকৰণত বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত বোকাভাওণা হৈছে ৷ গায়ন বায়ন আৰু নাম প্ৰসঙ্গত বহু ভকতেহ অংশগ্ৰহন কৰাৰ লগতে সত্ৰীয়া ৰীতি পৰম্পৰাৰে গায়ন বায়নে শিশুলীলা পাঠ কৰি নন্দোৎসৱ পালন কৰে ৷ ইপিনে বৰপেটা সত্ৰৰ গুৰুআসনৰ পিছ পিনে দৈব্যজ্ঞই শ্ৰীকৃষ্ণৰ জন্মৰ গণনা সম্পন্ন কৰে৷ ইয়াৰ পিছতে বৰপেটা সত্ৰৰ গায়ন- বায়ন প্ৰমুখ্যে ভকত সকলে নাম গাই বৰপেটা সত্ৰৰ গুৰুআসনৰ চাৰি পিনে ৫ পাক ঘুৰি সত্ৰৰ পশ্চিম দুৱাৰেদি বাহিৰলৈ আহি সত্ৰৰ মুল কীৰ্ত্তন ঘৰৰ চাৰিওফালে সাত পাক ঘুৰি মঠৰ চোতালত নামৰ সামৰণি পৰে৷ ইয়াৰ লগে লগে বৰপেটা সত্ৰত পালিত নন্দোৎসৱৰ সামৰণি পৰে৷

এইবাৰ মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত নাৰ্ছিঙৰ ছাত্ৰীক নিৰ্যাতন…

কলকাতাৰ পাছত এইবাৰ মহাৰাষ্ট্ৰ! ইটোৰ পাছত সিটো ধৰ্ষণ কাণ্ডই জোকাৰিছে সমগ্ৰ দেশ। এইবাৰ মহাৰাষ্ট্ৰৰ ৰত্নাগিৰিত নাৰ্ছিঙৰ ছাত্ৰীক যৌন উৎপীড়ন।

কলেজৰ পৰা অটোৰিক্সাত ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই ঘটনা। সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ভুক্তভোগী ছাত্ৰীগৰাকী।

দোষীক ফাঁচীৰ দাবীত উত্তাল মহাৰাষ্ট্ৰ। অটো চালকক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত।

বাংলাদেশৰ হিন্দু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে! জো বাইডেনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মোদীৰ…

জনপ্ৰতিবাদৰ বাবে ৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ আহে হাছিনা। ইয়াৰ পিছত বাংলাদেশত হিন্দুকে ধৰি সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ আৰু ধৰ্মীয় স্থান ভাঙি পেলোৱাৰ বহু অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা ফোন বাৰ্তালাপৰ অন্তত তেওঁলোকৰ কথোপকথনৰ বিষয়ে এক্স হেণ্ডেলত লিখিছে, ‘আমি বাংলাদেশৰ পৰিস্থিতিৰ ওপৰতো আলোচনা কৰিলোঁ আৰু স্বাভাৱিক অৱস্থা ক্ষিপ্ৰতাৰে পুনৰ ঘূৰাই অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলোঁ। বাংলাদেশত সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

আনহাতে ১৫ আগষ্টত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাত দেশবাসীক দিয়া ভাষণত এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে মোদীয়ে। তেওঁ কয়, ‘বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষাক লৈ চিন্তিত ১৪ বিলিয়ন ভাৰতীয় হিন্দু। ভাৰত সদায় বাংলাদেশৰ শুভাকাংক্ষী। ভাৰতে বিচাৰে বাংলাদেশৰ প্ৰগতি। আমি আশা কৰোঁ বাংলাদেশৰ পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হ’ব। ভাৰতীয়ই বাংলাদেশত হিন্দুকে ধৰি সকলো সংখ্যালঘুৰ বাবে নিৰাপত্তা বিচাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সোমবাৰে বাইডেনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপতো ইউক্ৰেইনৰ সন্দৰ্ভতে আলোচনা কৰে।