Home Blog Page 562

শৰীৰত ভিটামিন বি ১২ৰ অভাৱ নেকি? যদি শৰীৰত ৫টা লক্ষণে দেখা দিয়ে তেন্তে সাৱধান…

ভিটামিন বি ১২ৰ অভাৱৰ পৰিণতি অতি ভয়ানক। যদি আপুনি দৈনিক বি১২ সমৃদ্ধ খাদ্য গ্ৰহণ নকৰে, তেন্তে আপুনি সমস্যাত পৰিব পাৰে। শৰীৰত বি১২ৰ অভাৱত ষ্ট্ৰোক, হাৰ্ট এটেক, স্নায়ুতন্ত্ৰৰ বিসংগতি আদি সমস্যাৰ সৃষ্টি হয়, যাৰ ফলত এজন সুস্থ ব্যক্তিও বিচনাত পৰি থাকিবলগীয়া হ’ব পাৰে।

ৰাতি দেখা পোৱা বি১২ৰ অভাৱৰ ৫টা লক্ষণ-

সাধাৰণতে ভাগৰ লাগিলে শুবলৈ যাওঁতে শৰীৰৰ পেশীত বিষ অনুভৱ কৰে। কিন্তু যদি আপুনি দৈনিক ক্ৰেম্প আৰু পেশীৰ দুৰ্বলতা অনুভৱ কৰি আছে তেন্তে এয়া ভিটামিন বি ১২ৰ অভাৱৰ লক্ষণ হ’ব পাৰে।

যদি ৰাতি অত্যধিক পেটৰ অথবা হজম শক্তিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হয়, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব। গেষ্ট্ৰাইটিছৰ লক্ষণ যেনে বমি, ডায়েৰিয়া, গেছ, কোষ্ঠকাঠিন্য আচলতে বি১২ৰ অভাৱৰ ফল হ’ব পাৰে।

মূৰৰ বিষ এটা অতি সাধাৰণ সমস্যা। এই সমস্যা প্ৰতিদিনে হৈয়েই থাকে। কিন্তু যদি দৈনিক ৰাতি মূৰৰ বিষ হৈ থাকে, তেন্তে ই ভিটামিন বি ১২ৰ লক্ষণো হ’ব পাৰে।

আজিকালি বেছিভাগ মানুহ অনিদ্ৰাৰ সমস্যাই অশান্তি দিছে। শৰীৰত বি১২ৰ অভাৱৰ বাবেও এচ হয়।

পশ্চিম কাৰ্বি আংলংঙৰ হামৰেন ৰংমান্দুত দুৰ্ঘটনা…

পশ্চিম কাৰ্বি আংলংঙৰ হামৰেন ৰংমান্দুত কনটেনাৰ ট্ৰাক দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা ড্ৰাইভাৰসহ হেন্দিমেন ৷

পথ যাত্ৰীৰ মাজত হাহাকৰ ৷ তথ্য অনুসৰি পথ চোৱা নিৰ্মাণৰ লেহেমীয়া গতি ফলত দুৰ্ঘটনাত নুই কৰিব নোৱাৰি ৷


হামৰেনৰ গড়কাপ্তানি বিভাগীয় বিষয়া গুৰুত্ব দিয়ালৈ অপেক্ষা চছেং সমষ্টি ৰাইজৰ ৷

উজনিত অনিৰ্দিষ্ট কাললৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ…

আজিৰে পৰা উজনিৰ লোকে নাপাব নগাঁৱৰ মাছ। অনিৰ্দিষ্ট কাললৈ মাছ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত নগাঁও মৎস্য ব্যৱসায়ী সন্থাৰ।

উজনিৰ পৰিৱৰ্তে এতিয়াৰে পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰিব মাছ।

উজনিৰ পৰা মিঞা হাটাও হুংকাৰৰ পাছতে এই সিদ্ধান্ত মৎস্য ব্যৱসায়ীৰ।

উত্তৰ-পূৱৰ প্ৰথম দলৰূপে ইণ্ডিয়ান অইল ডুৰাণ্ড কাপৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড

ছিলঙত হোৱা প্ৰথম ছেমিফাইনেলত পৰাস্ত ছিলং লাজং এফ চি অসমৰ পাৰ্থিৱ গগৈৰ গল

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইতিহাস গঢ়ি উত্তৰ-পূৱৰ প্ৰথম দলৰূপে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৩-০ গলৰ ব্যৱধানত আই লীগ খেলা স্থানীয় ক্লাব ছিলং লাজং এফ চিক পৰাস্ত কৰে৷

অপৰাজেয় জয়যাত্ৰাৰে আত্মবিশ্বাসী হৈ ছেমিফাইনেল খেলা নৰ্থ ইষ্ট ইউনাইটেডে বিপক্ষৰ ঘৰত বিৰোধী সমৰ্থকৰ কোলাহত খেলাৰ পাছতো দৃঢ়তা অক্ষুন্ন ৰাখি মেচৰ আৰম্ভনিৰ পৰাই ছিলং লাজং দলক চাপত ৰাখিবলৈ সক্ষম হয়৷ ১৩ মিনিটতে থৈ সিঙৰ গ’লেৰে মেচত ১-০ ৰ অগ্ৰগতি লয় নৰ্থ ইষ্ট ইউনাইটেডে৷ আনহাতে, ৩৩ মিনিটত আজাৰাই দলৰ হৈ দ্বিতীয়টো গল কৰি বিৰতিলৈ নৰ্থ ইষ্ট ইউনাইটেডক ২-০ ত আগুৱাই ৰাখে৷

দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হোৱাত ছিলং লাজং দলে আৰম্ভনিতে সংঘবদ্ধ আক্ৰমণ ৰছনা কৰে যদিও নৰ্থ ইষ্ট ইউনাইটেডে বিপক্ষক বল লৈ অহাত কোনো সুৰুঙা দিয়া নাছিল৷ বিপৰীতে লাজঙৰ ৰ’নী সিঙে অন্তিমক্ষণত ৰঙা কাৰ্ড পোৱাত দলে দহ জনৰে খেলে৷ আনহাতে, ইঞ্জুৰী টাইমত নৰ্থ ইষ্ট ইউনাইটেডৰ যুৱ তাৰকা অসম সন্তান পাৰ্থিৱ গগৈয়ে অনন্য গল কৰি দলৰ ৩-০ ৰ বিজয় নিশ্চিত কৰে৷

অহা ৩১ আগষ্টত কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হ’বলগা ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড মুখামুখি হ’ব বেংগালুৰু এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্টৰ মাজত কাইলৈ হ’বলগা দ্বিতীয় ছেমিফাইনেলৰ বিজয়ীৰ বিৰুদ্ধে৷ উল্লেখ্য যে মোহন বাগান আই এছ এলৰ লীগ চেম্পিয়ন হোৱাৰ লগতে ডুৰাণ্ড কাপৰ ডিফেণ্ডিং চেম্পিয়ন৷ আনহাতে, বেংগালুৰু এফ চিয়েও প্ৰতিযোগিতাৰ পূৰ্ব চেম্পিয়ন৷

ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

গোগামুখত মিঞাক আঁঠু কঢ়ালে  লাচিত সেনাই,গোগামুখ আৰক্ষীয়ে আটক কৰিলে লাচিত সেনাৰ সভাপতি-সম্পাদকক  

 

ক্ৰমান্বয়ে সমগ্ৰ অসমলৈ বিয়পি পৰিছে অসমৰ থলগিৰি জাতীয় দল-সগঠনৰ মিঞা খেদা আন্দোলন ৷ ধেমাজি জিলাৰ গোগামুখতো মিঞা খেদা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷

কালি নিশা বীৰ লাচিত সেনাৰ একাংশ সদস্যই গোগামুখৰ দুগৰাকী মিঞা ব্যৱসায়িক বিভিন্ন অপকৰ্মত লিপ্ত থকাৰ অভিযোগত ৰাজহুৱা স্থানত আঁঠু কঢ়াই উঠ-বহ কৰাই শাস্তি প্ৰদান কৰে ৷ ঘটনাৰ বিৱৰণি অনুসৰি কালি নিশা লাচিত সেনাৰ একাংশ সদস্যই গ্ৰাহক ৰাইজৰ অভিযোগৰ ভিত্তিত  দুগৰাকী মিঞা ব্যৱসায়িৰ দোকানত গৈ তেওঁলোকৰ ব্যৱসায় সম্পৰ্কত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে ৷

তেনে সময়তে মিঞা ব্যৱসায়ি দুজনে বীৰ লাচিত সেনাৰ সদস্যসকলক  অভদ্ৰ আচৰণ কৰে ৷ ব্যৱসায়ি দুজনৰ এনে অভদ্ৰ ব্যৱহাৰত অগ্নিশৰ্মা হৈ মিঞা ব্যৱসায়ি দুজনক ৰাজহুৱা স্থানত আঁঠু কঢ়াই উঠ-বহ কৰাই তেনে আচৰণ নকৰি3বলৈ সতৰ্ক কৰি দি উভতি যায় ৷

লাচিত সেনাৰ দ্বাৰা অপদস্থ হৈ মিঞা ব্যবসায়ি দুজনে গোগামুখ আৰক্ষী থানাৰ ওচৰ চাপে ৷ মিঞা ব্যৱসায়ি দুুুজনৰ অভিযোগৰ ভিত্তিত গোগামুখ আৰক্ষীয়ে মাজনিশা অভিযান চলাই বীৰ লাচিত সেনাৰ গোগামুুুখ আঞ্চলিকৰ সভাপতি আৰু সম্পাদকক আটzক কৰে ৷

এই বাতৰি যুগুত কৰা পৰলৈকে গোগামুখ আৰক্ষীয় লাচিত সেনাৰ সভাপতি আৰু সম্পাদকক থানাতে আবদ্ধ কৰি ৰাখিছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে ৷ গোগামুখবাসী ৰাইজে বীৰ লাচিত সেনাৰ সভাপতি আৰু সম্পাদকক বিনা চৰ্তত শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাইছে ৷

সাধাৰণ লোকে মনৰ মাজত কঢ়িয়াই লৈ ফুৰা কথা আৰু পৰিঘটনাসমূহ শব্দ আৰু অনুভূতিৰ মাজেৰে প্ৰকাশ কৰিবলৈ গল্পকাৰসকল সমৰ্থ  “ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী

ৰশ্মিকান্ত মালাকাৰৰ “মই এক নিৰ্বাক স্তম্ভ” শীৰ্ষক গল্পপুথি উন্মোচন 


“গল্পকাৰ, ঔপন্যাসিক অথবা লেখকসকল এইবাবেই ভাগ্যৱান যে সাধাৰণ লোকে মনৰ মাজত কঢ়িয়াই লৈ ফুৰা কথা আৰু পৰিঘটনাসমূহ শব্দ আৰু অনুভূতিৰ মাজেৰে প্ৰকাশ কৰিবলৈ তেওঁলোক সমৰ্থ হয় । সেয়া লাগে সামাজিক বা ব্যক্তিগত  যি পৰিঘটনাই নহওঁক ।

” যোৱা ২৫ আগষ্ট তাৰিখে গল্পকাৰ ৰশ্মিকান্ত মালাকাৰৰ “মই এক নিৰ্বাক স্তম্ভ” শীৰ্ষক গল্পপুথিখনি  উন্মোচন  কৰি এনেদৰে কয় ” অনুৰাধাৰ দেশ” ৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে । তেখেতে লগতে গল্পকাৰ ৰশ্মিকান্ত মালাকাৰৰ “মই এক নিৰ্বাক স্তম্ভ” গল্পপুথিখনি জীৱন আৰু অভিজ্ঞতাৰ পৰশেৰে উজ্জীৱিত হৈ উঠিছে বুলি মত প্ৰকাশ কৰে । 

অনুষ্ঠানত সভাপতিত্ব কৰি বিশিষ্ট লেখক তথা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে গল্পপুথিখনিত সন্নিৱিষ্ট গল্পসমূহত গ্ৰাম্যজীৱনৰ প্ৰভাৱ পৰাৰ লগতে বৰ্তমান সময়ত গ্ৰাম্যজীৱনত ব্যৱহাৰ কৰিবলৈ এৰা বহুতো সুৱলা শব্দৰ সমাৱেশ ঘটিছে বুলি কৈ গল্পপুথিখনিৰ এক সামগ্ৰিক বিশ্লেষণ আগবঢ়ায় ।

পাঞ্চজন্য প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানটিৰ আঁত ধৰে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰে আৰু সভাখনি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষাবিদ প্ৰসন্ন কুমাৰ দাস দেৱে ।

লেখকৰ ছয়মাইল স্থিত নিজা বাসভৱন ‘স্বৰ্ণলতা’ৰ প্ৰাঙ্গনত আনুষ্ঠিত উন্মোচনী সভাত প্ৰকাশক ধীৰাজ কুমাৰ লহকৰ,অৱসৰপ্ৰাপ্ত জ্যোষ্ঠ জিলা চেচন ন্যায়ধীশ বিজয়লক্ষ্মী বৰুৱা, অসমৰ অৱসৰ প্ৰাপ্ত মুখ্য বন-সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰ, ট্ৰেড ইউনিয়ণ নেতা, লেখক উদ্ধৱ কাকতি, গল্পকাৰ সত্যোন্দ্ৰ মালাকাৰকে  ধৰি কেইবাগৰাকীও লেখক-সাহিত্যিক, শিক্ষাবিদ আৰু  প্ৰশাসনীয় বিষয়াই বক্তব্য আগবঢ়ায় ।

সভাৰ আৰম্ভণিতে গল্পকাৰ ৰশ্মিকান্ত মালাকাৰে আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে অসীম বৰুৱাই বেহেলা বাদন আৰু যুৱপ্ৰজন্মৰ শিল্পী সংস্কৃতা মালাকাৰে এটি ভূপেন্দ্ৰ সংগীতেৰে সমবেত ৰাইজক আদৰণি জনায় ।

আই আই টি গুৱাহাটীত সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

আই আই টি গুৱাহাটীত সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক ড০ ৰমেন চৌধুৰীক “সংগীত সাধনাৰ বাবে সম্বৰ্দ্ধনা” জ্ঞাপন


আই আই টি গুৱাহাটীত কালি সৰগম সংগীত বিদ্যালয়ৰ ত্ৰয়োবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ড০ অৰূপ কুমাৰ শৰ্মাই।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিয়লি আই আই টি গুৱাহাটীৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বঁটা বিতৰণী সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানতে “সংগীত সাধনাৰ বাবে বিশিষ্ট সংগীত পৰিচালক ড০ ৰমেন চৌধুৰীক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। সম্বৰ্দ্ধনা জ্ঞাপন কৰে গুৱাহাটী আই আই টিৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জাহিয়ালে। সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্য, তবলা বাদন, চালি নৃত্য, গীটাৰ বাদন, ঝুমুৰ নৃত্য, ভোৰতাল নৃত্য, শাস্ত্ৰীয় সংগীত পৰিবেশন কৰি শিল্পী সকলে অনুষ্ঠানটো জীপাল কৰি তোলে ।

সাংস্কৃতিক সন্ধিয়াত ৰমেন চৌধুৰীৰ সামাজিক আৰু সাংস্কৃতিক জগতত আগবঢ়াই থৈ যোৱা বৰঙণিৰ ওপৰত পৰিবেশন কৰা আলখ্যই সকলোকে অভিভূত কৰি তোলে।গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানটোত,অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ কল্যাণ কলিতা, বিশিষ্ট অভিনেতা দীনেশ দাস, সংগীত নাটক অকাডেমীৰ জুৰীৰ সদস্য শাৰদী শইকীয়া, গুৱাহাটী আই আই টিৰ আন্তঃগাথঁনি, পৰিকল্পনা আৰু পৰিচালনাৰ মুখ্য প্ৰশাসক ড০ মানস কমল ভূঞা, বিশিষ্ট সাহিত্যিক আৰু নাট সমালোচক অতুল মজুমদাৰ উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে ।


অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উদযাপন সমিতিৰ মুখ্য সম্পাদক ড০ শুভ্ৰজিৎ বৰদলৈ আৰু সাধাৰণ সম্পাদক মুক্তিনাথ শৰ্মাই আৰু সৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্ৰ বৈশ্যই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন

২০২৪ বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগৰ অৱস্থিতি । জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগত আক্ৰান্ত এই লোকসকলৰ ভিতৰে ৩২ জন ৰোগীৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা হৈছে ।

চলিত বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগৰ অৱস্থিতি । জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আৰু ডেংগু ৰোগত আক্ৰান্ত এই লোকসকলৰ ভিতৰে ৩২ জন ৰোগীৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা হৈছে ।

জুন মাহত ১৬৬ জন আৰু জুলাই মাহত ১৮৭ জন লোকৰ দেহত ধৰা পৰিছিল মেলেৰিয়া । উল্লেখ কৰিব লাগিব যে, মেলেৰিয়াত আক্ৰান্ত হৈ জুন মাহত তিনিজন ৰোগীৰ মৃত্যু হয় ।

ইয়াৰ বিপৰীতে জুন মাহত ৰাজ্যৰ ৮০ জন লোকৰ দেহত ডেংগু ধৰা পৰাৰ বিপৰীতে জুলাই মাহত ২১৪ জন লোকৰ দেহত ডেংগু ধৰা পৰে। ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন

জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ ঊনত্ৰিংশৎ বৰ্ষৰ ষষ্ঠখন বৈঠক সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত যোৱা ২৫ আগষ্ঠত গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় l

আৰম্ভনিতে কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসক মৌমিতা দেৱনাথৰ লগত সংঘটিত হোৱা ঘটনাৰ বাবে মৌন প্ৰতিবাদ কৰি তেঁওৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰৰ প্ৰাৰ্থনা জনোৱা হয় ।

শাখাৰ সদস্যাসকলৰ দ্বাৰা পৰিৱেশন কৰা আৰম্ভণী সংগীতৰ পাছতে সম্পাদিকা গীতিকা দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে l বৈঠকত স্বাধীনতা দিৱস আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি বিভিন্ন জনে লিখনি পাঠ কৰে।

এই স্বৰচিত লেখা পাঠ অনুষ্ঠানত প্ৰৱন্ধ পাঠ কৰে মানসী শৰ্মা, গীতিকা দাস, বৈজয়িন্তী ৰাভা, ভাৰতী দাস, দিপালী মেধি, ড. মীনা দেৱী আৰু ৰেণু ডেকাই। বৰগীত পৰিবেশন কৰে গীতিকা শৰ্মা আৰু পুৰণি অসমীয়া গীত পৰিবেশন কৰে অঞ্জু শইকীয়া দত্তই ।

স্ব ৰচিত কবিতা পাঠ কৰে মণিমা গোস্বামী, অঞ্জনা ৰাণী ভট্টাচাৰ্য, মামনি শৰ্মা আৰু মামনি ভট্টাচাৰ্যই। উক্ত দিনটোত অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা হোৱা উপলক্ষত ইয়াৰ বিষয়ে বিস্তৃত বক্তব্য আগবঢ়াই অপৰ্ণা দেৱীয়ে। সভাত সদস্যাসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষাৰ পদ আৰু ঘোষা পাঠ কৰে। সভাপতিৰ মন্তব্যৰ পাছত শলাগৰ শৰাই আগবঢ়াই অঞ্জনা ৰাণী ভট্টাচাৰ্য্যই।

চৰকাৰে ব্যৰ্থতা ঢাকিবলৈ প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতি কৰিব বিচাৰিছে : গৌৰৱ গগৈ…

আমাৰ সংবিধানত সকলোৰে মুকলিকৈ কথা কোৱাৰ অধিকাৰ আছে। সেই অধিকাৰৰ ওপৰত চৰকাৰে বাধা দিব বিচাৰিছে।

চৰকাৰে ব্যৰ্থতা ঢাকিবলৈ প্ৰত্যেক ক্ষেত্ৰতে ৰাজনীতি কৰিব বিচাৰিছে’।

জাতীয় সংগঠনৰ নেতাক বণ্ডত স্বাক্ষৰ কৰা সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া।