শাখা সভাসমুহৰ কৰ্মকৰ্তাইহে প্ৰকৃততে সাহিত্য সভাক গণমুখীকৰণত আগভাগ লৈ আহিছেঃ হেমন্ত কলিতা
দুখন কাব্যগ্ৰন্থ আৰু তিনিমহীয়া পত্ৰিকা উন্মোচন
অসমৰ গাঁৱে ভুৱে চহৰে নগৰে থকা শাখা সভা সমুহেহে প্ৰকৃতাৰ্থত অসম সাহিত্য সভাক গণমুখীকৰণত আগভাগ লৈ আহিছে ৷ শাখাসমুহৰ নেতৃত্ব তথা কৰ্মকৰ্তাসমুহে পালন কৰি অহা বিভিন্ন কাৰ্যসূচীসমুহে স্থানীয় সুপ্ত প্ৰতিভাসমুহ বিকাশত কৰা তথা লেখক লেখিকা সকলক উৎসাহ জগোৱাৰ লগতে সাহিত্যানুৰাগীসকলক উজ্বীৱীত কৰি আহিছে ৷ এই মন্তব্য অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক তথা কবি হেমন্ত কলিতাৰ ৷ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত অসম সাহিত্য সভাৰ এটি উল্লেখযোগ্য শাখা মঠঘৰীয়া স্বৰ্ণ শাখা সাহিত্য সভাৰ এই মাহৰ মাহিলী বৈঠকত মুখ্য অতিথি তথা পৰ্য্যালোচক হিচাবে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্য সংগঠক হেমন্ত কলিতাই কয় যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাহিত্য সংস্কৃতিৰ উৎকৰ্ষ সাধনাৰ্থে অহৰহ কাম কৰি থকা সাহিত্য সভাৰ মজিয়াত এচামে কৰি থকা কুকৰ্মই সভাক মাজে মাজে বিতৰ্কৰ মাজলৈ টানে যদিও এইবেলি সভাৰ কেন্দ্ৰীয় নেতৃত্ব তথা তৃণমূল পৰ্য্যায়লৈ সকলো কৰ্মীয়ে নিজৰ গাঠিৰ ধন ভাঙি, জীৱনৰ মূল্যবান সময় জাতি আৰু ভাষা জননীৰ নামত উচৰ্গিত কৰি আহিছে ৷ ফলত সাহিত্য সভাৰ হেৰাব ধৰা গৰিমা
জনমানসত আকৌ উজ্বীৱীত কৰাৰ নিমিত্তে দিন ৰাতি কাম কৰি আছে সভাৰ নেতৃত্বই ৷ তেনেধৰণে কাম কৰি প্ৰতি মাহে সাহিত্য বৈঠক আৰু তিনি মাহৰ মুৰে মুৰে পত্ৰিকা প্ৰকাশ কৰি এক বিশেষ দৃষ্টান্তৰে অসম সাহিত্য সভাৰ এক উল্লেখনীয় শাখা সভা হিচাবে মঠঘৰীয়া শাখা সাহিত্য সভাখনিৰ কাৰ্য্যপ্ৰণালীক ভূয়সী প্ৰশংসা কৰে সাহিত্যকৰ্মী হেমন্ত কলিতাই ৷ বৈঠকৰ আৰম্ভণিত মুখ্য অতিথি কলিতাক ফুলাম গামোচা আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনাই সভাৰ কৰ্মকৰ্ত্তাসকলে ৷ কলিতাইয়ো শাখাসভাটিলৈ অসম সাহিত্য সভা সংবাদৰ কপি আৰু স্বৰচিত কবিতাপুথি ‘বহুদিনেই হ’ল’ ৰ লগতে তেখেতৰ সম্পাদিত গ্ৰন্থৰ টোপোলা এটি আগবঢ়াই ৷ যোৱা ২৫ আগষ্ট তাৰিখে শাখাটিৰ সভাপতি মথুৰা ডেকাৰ সভাপতিত্ব কৰা আৰু সম্পাদিকা পিংকুমণি কলিতাই আঁত ধৰা অনুস্থিত মাহটোৰ সাহিত্য বৈঠকত অৱসৰপ্ৰাপ্ত সৈনিক তথা জেষ্ঠ্য সভ্য মোহন চক্ৰৱৰ্তীৰ কাব্যগ্ৰন্থ প্ৰৱাহ আৰু অৱসৰপ্ৰাপ্ত বেংক বিষয়া দীনেশ চন্দ্ৰ বৰ্মনৰ দ্বিতীয়খন কাব্যগ্ৰন্থ সহযাত্ৰী উন্মোচন কৰা হয় ৷ অনুষ্ঠানত শাখাটিৰ দ্বাৰা তিনি মাহৰ মুৰে মুৰে প্ৰকাশিত পত্ৰিকা সম্পাদক অনিল হালৈৰ সম্পাদনাত প্ৰকাশ কৰা সাহিত্য সুৱাস নামৰ পত্ৰিকাখনো উন্মোচন কৰা হয় ৷ সাহিত্য বৈঠক আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত মুখ্য অতিথি তথা পৰ্য্যালোচক হেমন্ত কলিতাক সহযোগ কৰে শাখাটিৰ উপ সভাপতি মুকুল চন্দ্ৰ গোস্বামী , প্ৰাক্তন সভাপতিদ্বয় মনোজ বৰ্মন আৰু হৰগোবিন্দ মহন্তই ৷
জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ((আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়। কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে।
এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। পুৰণি পুথিৰ বৰ্ণনা আৰু জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি কৃষ্ণৰ জন্মৰ তাৰিখ হৈছে[ খ্ৰীষ্টপূৰ্ব ৩২২৮ চনৰ ১৮ জুলাই আৰু তেওঁৰ মৃত্যুৰ দিন খ্ৰীষ্টপূৰ্ব ৩১০২ চনৰ ১৮ ফেব্ৰুৱাৰী।
কৃষ্ণ মথুৰাৰ যাদৱ সকলৰ বৃষ্ণি ফৈদৰ লোক আছিল। শ্ৰী কৃষ্ণৰ জন্ম দিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা ৰাগ গাই আনন্দত মতলীয়া হয় আৰু ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।