Home Blog Page 564

কংগ্ৰেছী সাংসদ বসন্তৰাও চাৱনৰ হায়দৰাবাদ চিকিৎসালয়ত দেহাৱসান…

কংগ্ৰেছী সাংসদ বসন্তৰাও চাৱনৰ দেহাৱসান।

হায়দৰাবাদ চিকিৎসালয়ত দেহাৱসান ৬৯ বছৰীয়া কংগ্ৰেছ নেতাজনৰ।

দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে মৃত্যু নন্দদৰ সাংসদ বসন্তৰাও চাৱনৰ।

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন ।

ৰবিবাৰে দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন খনি পলাশবাৰী সমষ্টিৰ খটিয়ামাৰী গাঁৱত দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ সভাপতি তিলক চন্দ্ৰ গোস্বামী ৰ বাসগৃহত সুকলমে সম্পন্ন হৈ যায়।

ৰাতিপুৱা ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ , বন্তি প্ৰজ্বলন, স্বৰচিত কবিতা পাঠ,আলোচনা চক্ৰ আদি অনুষ্ঠিত হৈ যোবাৰ পিছত অধিৱেশনৰ মঞ্চ মুকলি কৰে দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ সদস্যা মোহিনী বালা‌ দাসৰ।

উক্ত সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰে সাহিত্য মঞ্চৰ উপ সভাপতি ড: নগেন কলিতা,বিশিষ্ট অতিথি ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে সমাজ কৰ্মী তথা ৰাজনৈতিক নেতা পংকজ লোচন গোস্বামীয়ে।

এই বাৰ্ষিক অধিৱেশনতে তিনিজনকৈ বিশিষ্ট সাহিত্যিক ক্ৰমে ,জিৰা হৰেশ্বৰ ৰাভাৰ প্ৰৱন্ধ সংকলন ” চাম্ফালী কৈলাশী আৰু পাণ্টান মৌজাৰ শ্ৰী শ্ৰী বুঢ়া গোসাঁইৰ থান” , কৈলাশ নাথ শৰ্মাৰ ” সাহিত্যৰ সোৱাদ” ৪ৰ্থ খণ্ড , বিমল দাসৰ কবিতা সংকলন” স্মৃতিৰ স্বাদ” আনুস্থানিক ভাবে উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থ কেইখন উন্মোচন কৰে ৰাভা হাচংস্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ প্ৰাক্তন সভাপতি ৰূপেন্দ্ৰ কুমাৰ কলিতা আৰু গণ উত্তোৰণৰ মুখ্য সম্পাদক ভৱেশ বৈশ্য ই।

আনহাৰে স্মৰণিকা উন্মোচন কৰে নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ড: ৰনেন্দ্ৰ কুমাৰ দাসে ।

সভাত সাহিত্য মঞ্চৰ সদস্যাৰ দ্বাৰা পৰিৱেশিত গীতমাতে সভাৰ সৌষ্ঠব বৃদ্ধি কৰে।

অসমৰ সাম্প্ৰতিক সমাজ ব্যৱস্থা আৰু সনাতন সমাজঃসংবাদ মেল

অসমৰ সাম্প্ৰতিক সমাজ ব্যৱস্থা আৰু সনাতন সমাজঃসংবাদ মেল
অসমৰ সাম্প্ৰতিক সমাজ ব্যৱস্থা আৰু সনাতন সমাজঃসংবাদ মেল

কুটুম্ব সুৰক্ষা পৰিষদ, অখিল অসম কলৱাৰ সমাজ, পূৰ্বোত্তৰ হিন্দুস্তানী সন্মিলন আৰু উত্তৰ প্ৰদেশ পূৰ্বোত্তৰ বিকাশ সংঘৰ এটি প্ৰতিনিধি গোটে আজি গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাবত যৌথভাবে এখনি সংবাদ মেল আয়োজন কৰি অসমৰ সাম্প্ৰতিক সমাজ ব্যৱস্থাত চলি থকা জটিলতা, সামাজিক সামঞ্জস্যহীনতা, নাৰী সুৰক্ষাহীনতা আদি বিষয়ত উদ্বেগ প্ৰকাশ কৰে।

শেহতীয়াকৈ, শিৱসাগৰ জিলাত এগৰাকী কিশোৰীৰ ওপৰত তিনিজন যুৱকে কৰা আক্ৰমণক তেওঁলোকে তিব্ৰ ভাষাৰে গৰিহণা দি তাৰ পৰৱৰ্তী পৰ্যায়ত সমাজৰ বয়ো-জ্যেষ্ঠ কিছু লোকক সামাজিক ভাৱে আঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰোৱাৰ দৰে অমানৱীয় আচৰণৰো তীব্ৰ নিন্দা কৰে প্ৰতিনিধি দলটোৱে। তেওঁলোকে কয় যে অসমৰ দৰে এখনি সভ্য আৰু শান্তিপ্ৰিয় সমাজৰ বাবে এনে ঘটনাবোৰে অশুভ সংকেত কঢ়িয়াই আনিব।

আজিৰ সংবাদ মেল খনত উপস্থিত থাকি অসমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংগঠন কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা সত্য ৰঞ্জন বৰাই সনাতন ধৰ্ম আৰু দৰ্শনৰ দ্বাৰা পৰিচালিত আৰু লালিত পালিত এখন সভ্য দেশ ভাৰতত এনে ধৰণৰ আচৰণ খুবেই বেদনাদায়ক বুলি অভিহিত কৰে। সাৰ্বভৌম ভাৰতৰ সকলো ঠাইতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো লোকে জীয়াই থকাৰ সমান অধিকাৰ আছে; আৰু তেনে এখন দেশত এইধৰণৰ কৰ্ম-কাণ্ড‌ই ভাৰতীয় চিন্তাৰ মূল ভেটিত খহনীয়া আনিব পাৰে বুলি উল্লেখ কৰে। আজিৰ অসমত যিখিনি সময়ত নাৰী সুৰক্ষা এক অনিশ্চয়তাৰ দিশে ঢাল খাইছে, তেনে সময়ত সমাজৰ সকলো শ্ৰেণীৰ সকলো লোকে সংঘবদ্ধ ভাৱে সমাজ বিনষ্ট কাৰী ব্যক্তি আৰু শক্তিবোৰৰ বিৰুদ্ধেহে যুজিব লাগে বুলি স্পষ্ট কৰি দিয়ে।

আজিৰ যৌথ সংবাদমেল খনত উপস্থিত থাকি অখিল অসম কলৱাৰ সমাজৰ অধ্যক্ষ সন্তোষ জায়সৱাল, অখিল অসম কলৱাৰ সমাজৰ যুৱ সমাজৰ অধ্যক্ষ শিৱাজী জায়সৱাল, উত্তৰ প্ৰদেশ পূৰ্বোত্তৰ বিকাশ সংঘৰ সচিব ৰাধেশ্যাম তিৱাৰি আৰু পূৰ্বোত্তৰ হিন্দুস্তানী সন্মিলনৰ সচিব শ্ৰী এছ পি ৰায়-এ সংঘবদ্ধ ভাবে অসম আৰু অসমীয়া সমাজৰ হকে তেওঁলোকে কৰিবলগীয়া সকলোখিনি তেখেতসকলৰ সাধ্যানুসৰি বিগত দিনবোৰতো কৰি আহিছে আৰু অনাগত দিনবোৰতো নিষ্ঠা আৰু সততাৰে কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

তেওঁলোকে কয় যে অসমৰ মাটি-পানী-বায়ুৰ দ্বাৰা গঠিত হোৱা তেওঁলোকৰ শৰীৰ-মন-আত্মা সদায় অসমৰ প্ৰতি সমৰ্পিত আৰু দায়বদ্ধ। গতিকে, অনাগত দিনত অসম আৰু অসমীয়া সভ্যতা-সংস্কৃতিৰ উন্নয়নৰ হেতু তেওঁলোকে সেই দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিব; মাথো অসমৰ অনান্য সকলো শ্ৰেণীৰ লোকৰ সহায়-সহযোগিতা তেওঁলোকে কামনা কৰে। যিকোনো বিষয়ত যদি কিবাকাৰণত ভুল বুজাবুজি হয়; তেনেহলে তেখেত সকলে তেনে সমূহ ভুল বুজাবুজি আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ সদায় প্ৰস্তুত হৈ থাকিব বুলিও আজিৰ সংবাদ মেলত উল্লেখ কৰে। তেওঁলোকে লগতে ইয়াকো জনায় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কেৱল অসমৰে নহয়; সমগ্ৰ ভাৰতীয় সমাজৰ বাবে গৌৰব আৰু স্বাভিমানৰ বিষয়। সেয়েহে, তেখেতসকলে শংকৰদেৱৰ চিন্তা-দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ সাধ্যানুসৰি সকলোখিনি কাম কৰি যাব আৰু সেই ধাৰা আগুৱাই নিবলৈ এইবেলি কুটুম্ব সুৰক্ষা পৰিষদে উত্তৰ প্ৰদেশৰ অযোধ্যাত আয়োজন কৰা ‘সূত্ৰধাৰ’ শীৰ্ষক ‘ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন’ত তেওঁলোকে তেওঁলোকৰ অংশগ্ৰহণ আৰু সহায়-সহযোগিতা নিশ্চিত কৰে; আৰু অনাগত দিনতো কুটুম্ব সুৰক্ষা পৰিষদৰ লগতে অসমৰ সকলো ধৰণৰ যোগ্য সমাজ সচেতন অনুষ্ঠানৰ লগত সহযোগী হ’ব বুলি ঘোষণা কৰে।

কুটুম্ব সুৰক্ষা পৰিষদৰ অযোধ্যাত হ’বলগীয়া ‘সূত্ৰধাৰ২০২৪’ অনুষ্ঠানৰ ব্যৱস্থাপনাৰ লগতে হিন্দী ভাষাত প্ৰকাশ পাবলগীয়া আলোচনী খনৰ সম্পাদক বিবেক কুমাৰ মিশ্ৰ‌ই আঁত ধৰা সংবাদ মেল খনত কুটুম্ব সুৰক্ষা পৰিষদৰ সত্যজিৎ দেউৰী, প্ৰণব শৰ্মা, বলেন দাস, পংকজ কলিতা, যতীন্দ্ৰ ভৰালীকে আদি কৰি উল্লেখিত সংগঠন কেইটাৰ কেইবাগৰাকীও সদস্য উপস্থিত থাকে।

ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল

১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত কাইলৈ উত্তৰ-পূৱৰ দুই দল ছিলং লাজং এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি মুখামুখি হ’ব৷ ছিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত বিয়লি ৫.৩০ বজাত এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে ডুৰাণ্ড কাপৰ বিগত বৰ্ষৰ ৰানাৰ্ছআপ তথা ইণ্ডিয়ান ছুপাৰ লীগৰ কলকাতাৰ দল ইষ্ট বেংগল এফ চিক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি চমক সৃষ্টিৰে ছেমিফাইনেলত প্ৰৱেশ কৰিছিল ছিলং লাজং এফ চিয়ে৷ আনহাতে, আই এছ এলৰ গুৱাহাটীৰ দল নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ২-০ গলৰ ব্যৱধানত ভাৰতীয় সেনাৰ ফুটবল দলক হৰুৱাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ অগ্ৰসৰ হয়৷

কাইলৈৰ মেচক লৈ আজি শ্বিলং লাজং এফ চিৰ মুখ্য প্ৰশিক্ষক জোচে হেভিয়াই কয় ‘এই খেলখন দলৰ লগতে ক্লাবৰ অনুৰাগী আৰু মেঘালয়ৰ জনতাৰ বাবে এখন বিশাল মেচ৷ আমি মেচখনৰ বাবে ভালদৰে প্ৰস্তুত আৰু অতি শক্তিশালী বিৰোধীৰ বিৰুদ্ধে আমি আমাৰ সম্পূৰ্ণ সামৰ্থৰে খেলিম৷ স্বাভাৱিকতে খেলখনৰ বাবে আমি উৎসাহিত আৰু আমি আমাৰ নিষ্ঠাবান অনুৰাগীৰ সন্মুখত আমাৰ নিজস্ব শৈলীৰ ফুটবল খেলিম৷ নৰ্থ ইষ্ট ইউনাইটেড এটা ভাল দল আৰু তেওঁলোকৰ বিৰুদ্ধে আমাৰ এখন ৰোমাঞ্চকৰ মেচ হ’ব৷’

ইফালে, আজি সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখ্য প্ৰশিক্ষক জুয়ান পেড্ৰ’ বেনালিয়ে কয় যে, ‘উৎসাহিত ফুটবল অনুৰাগীৰ সন্মুখত ইমান ডাঙৰ প্ৰতিযোগিতাৰ ছেমিফাইনেলত খেলাটো আমাৰ বাবে এক ডাঙৰ অভিজ্ঞতা৷ কাইলৈ ছিলঙৰ ষ্টেডিয়াম ভৰি থাকিব৷ আমাৰো সমৰ্থক গেলেৰীত থাকিব৷ আমি এনে ভৰ্তি ষ্টেডিয়ামৰ সন্মুখত খেলি ভাল পাওঁ৷ খেলুৱৈসকলক তেওঁলোকৰ আত্মাক উত্তোলন কৰাত সহায় কৰে আৰু খেলৰ পৰা ইতিবাচক ফলাফল লাভ কৰিবলৈ মুক্তভাৱে খেলিবলৈ সহায় কৰে৷’

ইফালে, কাইলৈ হাইভল্টেজ মেচৰ সকলো টিকট ইতিমধ্যে সমাপ্ত হৈছে৷ উল্লেখ্য যে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ সকলো মেচ চনী স্প’ৰ্টছ নেটৱৰ্কত লাইভ সম্প্ৰচাৰৰ লগতে চ’নীলিভ অ’টিটি প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে৷

উল্লেখ্য যে ১৮৮৮ চনত ছিমলাত ডুৰাণ্ড কাপৰ উদ্বোধনী বৰ্ষৰ খেল আৰম্ভ হয় আৰু তাৰ পিছত ১৯৪০ চনত নতুন দিল্লীলৈ স্থানান্তৰিত হয়৷ ২০১৬ চনলৈকে প্ৰতিযোগিতাখন দেশৰ ৰাজধানীতে অনুষ্ঠিত হোৱাৰ পাছত ২০১৯ চনত ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই প্ৰতিযোগিতাখন দেশৰ পূব অংশলৈ স্থানান্তৰিত হয় আৰু ভাৰতীয় ফুটবলৰ মক্কা কলকাতাত খেল আয়োজন কৰা হয়৷ ডুৰাণ্ড কাপক আৰু অধিক অনন্য কৰি তোলা বিষয়টো হ’ল বিজয়ীসকলে তিনিটা ট্ৰফী পায় ডুৰাণ্ড কাপ আৰু শিমলা ট্ৰফী দিয়াৰ লগতে আৰু এটা স্থায়ীৰূপত চেম্পিয়ন দলটোৱে ৰখাৰ বাবে প্ৰেচিডেণ্ট’ছ কাপ দিয়া হয়৷

এচ এল এ চি’ৰ উদ্যোগত একত্ৰিত হ’ল অসমৰ ক্ৰীড়া সংগঠন , লক্ষ্য অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণ,সফলতা

মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত আগ্ৰহ আৰু নিৰ্দেশত অসমৰ ক্ৰীড়া খণ্ডক আগুৱাই নিয়াৰ উদ্দেশ্য
অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত প্ৰথম বাৰৰ
বাবে আজি ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থাৰ সভাপতি ,সাধাৰণ সম্পাদক সকলক লৈ বিশেষ বৈঠক অনুষ্ঠিত হয়।

গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত সভাত অংশগ্ৰহণ কৰা প্ৰায় আটাইবোৰ প্ৰতিনিধিয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণৰ দিশত উদ্যোক্তা এচ এল এ চি’ৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগলৈ বহু কেইটা যোগাত্মক আৰু সুদুৰ প্ৰসাৰী পৰামৰ্শ আগবঢ়ায়। তাৰ ভিতৰত অসম চৰকাৰৰ ক্ৰীড়া নীতিৰ পৰিবৰ্ধন, কাৰ্যকৰীকৰণ বিষয়টো উল্লেখযোগ্য আছিল।


ৰাজ্যৰ ক্ৰীড়া বিভাগৰ পৃষ্ঠপোষকতাত জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰতিভাৰ সন্ধান, উপযুক্ত প্ৰশিক্ষণ ব্যৱস্থা, জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰতিযোগিতা আয়োজন, ৰাষ্ট্ৰীয় পৰ্যায়লৈ দল গঠন তথা প্ৰেৰণ ইত্যাদি দিশত আৰ্থিক সাহায্য প্ৰদানৰ আৰ্জি, ক্ৰীড়া মন্ত্ৰী গাৰ্লোচাৰ জৰিয়তে ৰাজ্য চৰকাৰক অলিম্পিকত পদক জয়ৰ সম্ভাৱনা থকা ইভেন্ট সমুহক বিশেষ গুৰুত্ব প্ৰদানৰ আহ্বান ।

দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইন’ডৰ ষ্টেডিয়ামত অনুষ্ঠিত গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি সহিতে ৰাজ্যিক আৰু জিলা ক্ৰীড়া সন্থা সামৰি প্ৰায় তিনি শতাধিক ক্ৰীড়া সংগঠক উপস্থিত আছিল।

ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰী তথা অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ অধ্যক্ষ নন্দিতা গাৰ্লোচাৰ সঞ্চালনাত অনুষ্ঠিত এই বৈঠকত অসম বিধানসভাৰ উপাধ্যক্ষ বা: নোমল মমিন,
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম এথলেটিক সন্হাৰ সভাপতি জয়ন্ত মল্ল বৰুৱা, অসম ফুটবলৰ সম্পাদক তথা সাংসদ জয়ন্ত বসুমতাৰী ,

গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, সাধাৰণ সম্পাদক ভৱ কলিতা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, লখিমপুৰ জিলাৰ ক্ৰীড়া সন্থাৰ সভাপতি মানৱ ডেকা, , অসম হকী সন্হাৰ সাধাৰণ সম্পাদক তপন দাস, অসম টাইকোৱান ডোৰ হিৰণ্য শইকীয়া, অসম টাইকোৱান ডোৰ সভাপতি তথা বিধায়ক বলিন চেতিয়া, অসম বক্সিংৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা, অসম কাবাডীৰ সাধাৰণ সম্পাদক অলোক ত্ৰিপাঠি, বিশিষ্ট ক্ৰীড়া সংগঠক ৰিতুবৰণ শৰ্মা, অশোক ভড়ালী, অৰুণ জ্যোতি মৰাণ , গুৰু জ্যোতি দাস , ওমৰ ৰচিদ, বাণী ব্ৰত দাস, কাৰ্ফিউ ৰয়, কল্যাণ গগৈ, ভাস্কৰ জ্যোতি দাসকে প্ৰমুখ্যে কৰি বিভিন্ন ক্ৰীড়াৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ আঁত ধৰে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আজমলক লাগে : ‘ নতুন দিল্লীত এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ…

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আজমলক লাগে। আজমলবিহীন অসমে মুখ্যমন্ত্ৰীক বিপদত পেলাইছে।

ছয় জনগোষ্ঠী আৰু শিক্ষকৰ আন্দোলনক আঁতৰাই থ’ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে।

বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকলৈকে কাকো ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰীয়ে।’ নতুন দিল্লীত এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

গোৱালপাৰাত দুটাকৈ জঘন্য ঘটনা ! দুই কিশোৰীক কু-কৰ্ম ৭৫ বছৰীয়া সুশীল নাথ, ৫৫ বছৰীয়া চিত্ৰ ৰায়ৰ…

গোৱালপাৰাত দুটাকৈ জঘন্য ঘটনা। দুই কিশোৰীক যৌন নিৰ্যাতন দুই পাষণ্ডৰ।

৭৫ বছৰীয়া সুশীল নাথ, ৫৫ বছৰীয়া চিত্ৰ ৰায়ৰ কু-কৰ্ম।

ঘটনাৰ পাছতে সুশীল নাথক গ্ৰেপ্তাৰ আৰক্ষীৰ। বৰ্তমানো গ্ৰেপ্তাৰ কৰিব পৰা নাই চিত্ৰ ৰায়ক।

মুকালমুৱাৰ বাকৰিকুছিত শোকৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা…

মুকালমুৱাৰ বাকৰিকুছিত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা। এখন ই ৰিক্সা আৰু এখন চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। পথ দুৰ্ঘটনাটোত ই ৰিক্সা খনৰ এগৰাকী যাত্রা থিতাতে নিহত হয়।

নিহত মহিলা গৰাকীৰ নাম ৰেজিনা বেগম। নিহত ৰেজিনা বেগমক মুকালমুৱা অসামৰিক চিকিৎসাত ভৰ্তি কৰোৱায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । মৃত ৰেজিনা বেগমৰ ঘৰ মুকালমুৱাৰ নাৰায়ণপুৰত বুলি জানিব পৰা গৈছে।


দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহন খনৰ নম্বৰ AS 01 ET 7822 । ঘটনা স্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

জি এছ ৰোডৰ ৰুক্মিণীগাঁৱত উৰণীয়া সেঁতু নিৰ্মাণ সন্দৰ্ভত স্থানীয় ৰাইজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

অঞ্চলবাসীৰ অহা – যোৱা পথৰ সা – সুবিধা অক্ষুণ্ণ ৰখাৰ আহ্বান ;
জি এছ ৰোডৰ ৰুক্মিণীগাঁওত উৰণীয়া সেঁতু নিৰ্মাণ সন্দৰ্ভত স্থানীয় ৰাইজৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

সাধাৰণ এজাক বৰষুণৰ ফলতে পথৰ ওপৰত এককাল পৰ্যন্ত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা জি এছ ৰোডৰ ৰুক্মিণীগাঁওৰ অংশখিনীত অবশেষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তেওঁৰে অধীনত থকা লোক নিৰ্মাণ পথ বিভাগে এখন উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি ইয়াৰ বাবে লোক নিৰ্মাণ পথ বিভাগে প্ৰাৰম্ভিক কাম – কাজ আৰম্ভ কৰাও পৰিলক্ষিত হৈছে। ইফালে হঠাতে কোনো ধৰণৰ আগতীয়া জাননী বা তৎপৰতা অবিহনে উৰণীয়া সেঁতু নিৰ্মাণৰ কাম -;কাজ আৰম্ভ হোৱাৰ পাছত স্বাভাবিকতে ৰুক্মিণীগাঁও অঞ্চলৰ ৰাইজৰ মাজত তেওঁলোকৰ যাতায়াত ব্যৱস্থা পূৰ্বৰ দৰে অক্ষুণ্ণ থাকিব নে নাই তাক লৈ হাঁহাকাৰ অবস্থাৰ সৃষ্টি হৈছে । আনকি উৰণীয়া সেঁতুখন নিৰ্মাণ হলেও যাতে অঞ্চলটোৰ ৰাইজে আগৰ দৰে অহা – যোৱা

কৰিব পাৰে বা যাতায়াত ব্যৱস্থা ব্যাহত নহয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ ২১ আগষ্টত ৰাইজৰ সমূহীয়া স্বাক্ষৰযুক্ত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। স্মাৰক পত্ৰখনত অঞ্চলটোৰ ৰাইজে উৰণীয়া সেঁতু নিৰ্মাণৰ সিদ্ধান্তক আদৰণি জনাইছে । কিন্তু স্মাৰক পত্ৰত প্ৰস্তাৱিত উৰণীয়া সেতুঁখনে বৃহত্তৰ ৰুক্মিণীগাঁও অঞ্চলবাসীৰ বাবে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে তাৰ এক সম্যক বৰ্ণনা দাঙি ধৰি ইয়াৰ সমাধানৰ ব্যৱস্থাও একেলগে কৰিবলৈ দাবী জনোৱা হৈছে । স্মাৰক পত্ৰত ৰাইজে উল্লেখ কৰা অনুসৰি ৰুক্মিণীগাঁও অঞ্চলখিনীত উৰণীয়া সেতুঁৰ তলৰ ভাগত যান – বাহন চলাচল কৰিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা বিভাগীয় প্ৰাককলন অথবা নক্সাত উল্লেখ নাই। প্ৰকৃত অৰ্থত উৰণীয়া সেতুঁখন সম্পূৰ্ণ হোৱাৰ পাছত যদি ৰুক্মিণীগাঁও অঞ্চলবাসীয়ে সেই সুবিধাকণ নাপায় তেনেহলে অঞ্চলবাসী ৰাইজে দৈনন্দিন কাৰ্য্যবোৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হব। তাৰোপৰি বহু লোকৰ বসতিস্থান ৰুক্মিণীগাঁও অঞ্চলটো প্ৰত্যক্ষভাৱে বৃহত্তৰ বেলতলা অঞ্চলৰ লগত সংযোগী। ৰুক্মিণীগাঁওৰ লগতে বেলতলা অঞ্চলৰো বহু লোকে দৈনিক ৰুক্মিণীগাঁও অঞ্চলৰ মাজেৰে যোৱা উক্ত পথটো ব্যৱহাৰ কৰে।

তেনেস্থলত উৰণীয়া সেতুঁৰ তলৰচোৱাত গণেশগুৰি দিশেৰে অহা অথবা ৰুক্মিণীগাঁও পথটোৰে ছয়মাইল খানাপাৰালৈ যোৱা বাটচোৱা যান – বাহন চলাচলৰ বাবে বন্ধ কৰি দিলে বৃহত্তৰ অঞ্চলবাসীৰ বাবে চিৰদিনলৈ এক ডাঙৰ অসুবিধা ৰৈ যাব। তাৎক্ষনিকভাবে জৰুৰীকালীন সেৱাসমূহৰ পৰাও বৃহত্তৰ অঞ্চলবাসী ৰাইজ বঞ্চিত হোৱাৰ উপক্ৰম হব। অঞ্চলবাসী ৰাইজৰ এই সৰল দাবীটো প্ৰত্যাখান নকৰি এক উচিত সিদ্ধান্ত গ্ৰহণ কৰি সমুহ ৰাইজৰ হকে সু ব্যৱস্হা কৰি দিব বুলি প্ৰতিগৰাকী বাসিন্দাই আশাবাদী । আমাৰ এই সৰল আবেদন বিভাগীয় কৰ্তৃপক্ষয়ো পুনৰ বিবেচনা কৰি চাব । এই কথাখিনীকে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত অঞ্চলটোৰ ৰাইজে উল্লেখ কৰিছে। ইতিমধ্যে স্মাৰক পত্ৰৰ প্ৰতিলিপি অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী, জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী , দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক , অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ মুখ্য অভিযন্তা আৰু কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তলৈকেও প্ৰেৰণ কৰা হৈছে বুলি ৰাইজে জানিবলৈ দিছে।

ডিফুত পূজাৰীৰ কামনাৰ বলি হল নাবালিকা কণ্যা

ডিফু আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি  পোহৰলৈ আহিছে ধৰ্ষণ কাণ্ডৰ দৰে  এক জঘণ্য কাণ্ড!  কলকাতা আৰু ধিঙৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ কথা মাৰ নাযাওতে  ডিফুত সংঘটিত হল আন এক নাবালিকা ধৰ্ষণ কাণ্ড ৷এইবাৰ পূজাৰীৰ কামনাৰ বলি হল এগৰাকী দহ বছৰীয়া নাবালিকা কণ্যাৰ ৷ডিফুৰ বিৰলাত সংঘটিত হৈছে এই ঘটনা ৷ডিফুৰ আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি যোৱা ২২ আগষ্ট বৃহস্পতিবাৰে শেষ নিশা নাবালিকা গৰাকীৰ সৈতে সংঘটিত ধৰ্ষণ কাণ্ড৷হামৰেণৰ পৰা ডিফুৰ বিৰলাৰ ভুক্তভোগীৰ বাসগৃহত পূজা কাৰ্য সম্পন্ন  কৰিবলৈ আহিছিল ৪০  বছৰীয়া লম্পট পূজাৰী খনছিং ৰংহাঙ ৷

বৃহস্পতিবাৰে নিশা ২ মান বজাত নাবালিকা গৰাকীক শোৱাপাটীৰ পৰা উঠাই নি ঘৰৰ ভিতৰতে সংঘটিত কৰিছিল ধৰ্ষণ

কালি নাবালিকা গৰাকীয়ে বিদ্যালয়ৰ পৰা ঘূৰি আহি পেটৰ বিষত ৰব নোৱাৰি পিতৃ- মাতৃক অৱগত কৰিছিল পূজাৰীৰ কু কৰ্মৰ কথা

ইতিমধ্য কু কাণ্ড সংঘটিত কৰি লম্পট পূজাৰী ভুক্ত ভোগীৰ ঘৰৰ পৰা ওলাই গৈছিল যদিও পূজাৰী গৰাকীক ধৰি আনিবলৈ সক্ষম হয় ৷

লম্পট পূজাৰীক উত্তম মাধ্যম সোধাই ডিফু আৰক্ষীক চমজাই দিয়ে ভুক্ত ভোগীৰ পৰিয়ালে ৷

বৰ্তমান ধৰ্ষণকাৰী পূজাৰী ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে৷

এই সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ডিফু থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷

ইয়াৰোপৰি ডিফু থানাৰ দিন পঞ্জীত ২৫/২০২৪ নম্বৰত  দৰজ দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷